Home Blog Page 667

গোগামুখত মিচিং স্বায়ত্তশাসিত পৰিষদৰ বান-গৰাখহনীয়া অঞ্চল পৰিদৰ্শন ! কাঞ্চন গছেৰে গৰাখহনীয়া সমস্যা সমাধানৰ পোষকতা…

অৰুণাচল প্ৰদেশ আৰু উত্তৰ অসমত হৈ থকা ভয়াবহ আৰু গৰাখহনীয়াই  স্থানীয় ৰাইজৰ স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত কৰি ৰাখিছে।  বিশেষকৈ  ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰিখনৰো অধিক গাঁও বানপানীৰ লগতে গৰাখহনীয়াত বিপৰ্যস্ত হৈছে ৷ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওসমূহৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদে এলানি আঁচনি গ্ৰহণ কৰিছে ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই কালি আৰু আজি বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে ৷ মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াই  গোগামুখ ৰাজহ অন্তৰ্গত গেৰমে শান্তিকপুৰ,  ভেকেলি, ১ নং কৃষ্ণপুৰ, দুই নং কৃষ্ণপুৰ আৰু আৰু ধৰ্মপুৰৰ বান আৰু গৰাখহনীয়াগ্ৰস্ত জনসাধাৰণৰ লগত মত-বিনিময় কৰে ৷

জনসা৷ধাৰণৰ লগত আলোচনা কৰাৰ অন্তত গেৰমে নদীৰ প্ৰায় এক কিলোমিটাৰ অংশ পাৰ্কিউপাইন, বল্ডাৰ আদিৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ লগতে ইয়াৰ সমান্তৰালভাৱে কাঞ্চন গছ বা ফুল জবা গছ ৰোপন কৰিও খহনীয়া প্ৰতিৰোধ কৰিব লাগিব বুলি দোহাৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ  মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ৷ তেওঁ কয়- পৰিষদৰ ফালৰ পৰা বিভিন্ন গৰাখহনীয়াগ্ৰস্ত অঞ্চলত পাৰ্কিউপাইনৰ ব্যৱস্থা কৰাৰ উপৰিও উক্ত অঞ্চলবোৰত কাঞ্চন গছৰ লগতে কম সময়তে ডাঙৰ হোৱা গছ ৰোপন কৰা হৈছে আৰু উক্ত অঞ্চলসমূহত বানৰ লগতে গৰাখহনীয়া স্থায়ীভাৱে সমাধান হৈছে ৷

গেৰমে নদীৰ ওপৰটো এনেধৰণৰ ব্যৱস্থাপনা কৰি নদীখনৰ পৰা জনসাধাৰণে সন্মুখীন হৈ অহা সমস্যাৰ সমাধান হ’ব বুলি তেওঁ ৰাইজৰ আগত দোহাৰে ৷ উল্লেখনীয় যে, খৰস্ৰোতা পাহাৰীয়া নৈ গেৰমে নদীয়ে বাৰিষা উত্তাল ৰূপ ধাৰণ কৰি বহুকেইখন গাঁৱৰ ৰাইজক প্ৰতিবছৰে জ্বলা-কলা খোৱাই আহিছে ৷ মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়া ভেকেলি, গেৰমে শান্তিপুৰ, ধৰ্মপুৰ, ১ নং কৃষ্ণপুৰ আৰু ২ নং কৃষ্ণপুৰ আদিৰ বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি ৰাইজক বান আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ আশ্বাস দিয়ে ৷  বান আৰু গৰাখহনীয়া পৰিদৰ্শন কালত মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াক সহযোগ কৰে টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, কাৰ্যকৰী সদস্য সঞ্জীৱ মিলি,  পৰিষদৰ মিংমাং পৰিষদীয় সমষ্টি সমিতিৰ আহ্বায়ক ভূপেন পেগুৱে ৷ 

এছিয়ান গেমছ-পেৰালিম্পিকলৈ খেলুৱৈ সাজু কৰাৰ লক্ষ্য অসম পেৰালিম্পিক সন্থাৰ…

এছিয়ান গেমছ-পেৰালিম্পিকলৈ খেলুৱৈ সাজু কৰাৰ লক্ষ্য অসম পেৰালিম্পিক সন্থাৰ

অসমৰ ছগৰাকী পেৰা সাঁতোৰবিদক এবছৰলৈ প্ৰশিক্ষণ দিয়াত সহায় কৰিব এছ বি আয়ে

অসম পেৰালিম্পিক সন্থাই ২০২৬ চনৰ পেৰা এছিয়ান গেমছ আৰু ২০২৮ চনৰ পেৰালিম্পিক গেমছলৈ ৰাজ্যৰ খেলুৱৈক সাজু কৰাৰ লক্ষ্যৰে ইতিমধ্যে প্ৰথম পৰ্যায়ৰ প্ৰস্তুতি শিবিৰ আৰম্ভ কৰাৰ পদক্ষেপ হাতত লৈছে৷ উল্লেখ্য যে যোৱা বছৰ চীনত অনুষ্ঠিত হৈ যোৱা পেৰা এছিয়ান গেমছত অসমৰ আনোৱাৰ শিকদাৰে ভাৰতীয় সাঁতোৰ দলক প্ৰতিনিধিত্ব কৰিছিল৷ আনোৱাৰে ইটালীত বিশ্ব পেৰা চেম্পিয়নশ্বিপতো দেশক প্ৰতিনিধিত্ব কৰিছে৷

অসমৰ পেৰা সাঁতোৰবিদৰ ধাৰাবাহিক ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক সফলতাৰ বাবে ৰাজ্যিক সন্থাটোৱে ছগৰাকী খেলুৱৈক জাপানত হ’বলগা পেৰা এছিয়ান গেমছ তথা আমেৰিকাত হ’বলগা পেৰালিম্পিকলৈ সাজু কৰাৰ লক্ষ্যৰে উন্নত প্ৰশিক্ষণ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ আনহাতে, সন্থাক এই প্ৰস্তুতিত সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে ষ্টেট বেংক অব ইণ্ডিয়া [এছ বি আই]৷ শুকুৰবাৰে অসম পেৰালিম্পিক সন্থা আৰু এছ বি আইৰ মাজত এই বিষয়ে এখন চুক্তিও সম্পন্ন হৈছে৷

চুক্তি অনুসৰি ৰাজ্যৰ নিৰ্বাচিত ছগৰাকী পেৰা সাঁতোৰবিদক এবছৰৰ বাবে [২০২৪-২৫ চন] অনুশীলনৰ সকলো ব্যয় এছ বি আয়ে দিব৷ নিৰ্বাচিত পেৰা সাঁতোৰ ছগৰাকী হ’ল ধুনু টাও, আনোৱাৰ শিকদাৰ, কৃষ্ণ দাস, য়েছমিনা খাতুন, সাজিদা বেগম আৰু প্ৰীতি দাস৷ অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে এছ বি আইৰ এই সহযোগিতাৰ বাবে বেংক প্ৰতিষ্ঠানটোক ধন্যবাদ জনাইছে৷ এয়া অসমৰ ক্ৰীড়াজগতৰ বাবে সুখবৰ বুলি ব্যক্ত কৰি দে এই পদক্ষেপে ৰাজ্যৰ পেৰা এথলীটক উৎসাহ আৰু প্ৰেৰণা যোগাব বুলি কয় ৷

অসম পেৰালিম্পিক সন্থাৰ কাৰ্যালয়ত হোৱা চুক্তি সম্পাদন অনুষ্ঠানত এছ বি আইৰ স্থানীয় মুখ্য কাৰ্যালয়ৰ এজিএম সুজিত দে আৰু মেনেজাৰ [এম চি এণ্ড চি এছ আৰ] পৱন কুমাৰ বাৰ্মা উপস্থিত থকাৰ বিপৰীতে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দেসহ উপ সভাপতি হিমা ওজাহ দাস আৰু কোষাধ্যক্ষ খগেন কলিতা উপস্থিত আছিল৷

ধুবুৰী সমষ্টিৰ ধৰ্মশালা গাওঁ পঞ্চায়তত বান সাহায্য নিদিয়াৰ বাবে উত্তপ্ত পৰিস্থিতি…

ধুবুৰী সমষ্টিৰ ধৰ্মশালা গাওঁ পঞ্চায়তত বান সাহায্য নিদিয়াৰ বাবে উত্তপ্ত পৰিস্থিতি।
লাট মণ্ডল হজৰত আলীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ


ধুবুৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ধৰ্মশালা গাওঁ পঞ্চায়তত বান সাহায্য নিদিয়াৰ বাবে লাট মণ্ডল হজৰত আলীৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ। চৰকাৰী নিয়ম মতে বান পানীৰ সময়ত ভুমি বিভাগৰ দ্বায়িত্বত থকা লাট মণ্ডল সকলে নিজৰ নিজৰ এলেকাৰ বান পৰিস্থিতিৰ চাৰ্ভে ৰিপ’ৰ্ট চক্ৰ বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগে। কিন্তু ধৰ্মশালা গাওঁ পঞ্চায়তৰ কেইবাখনো গাওঁ বানৰ কবলত সম্পূৰ্ণ ৰূপে ডুব গৈছে। দুখীয়া ৰাইজে বানৰ কবলত পৰি বিভিন্ন ধৰণৰ হাৰাশাস্থি ভোগ কৰি দিন কটাই আছে। আনপিনে ধৰ্মশালা গাওঁ পঞ্চায়তৰ দ্বায়িত্বত থকা লাট মণ্ডল হজৰত আলীক ৰাইজে বিচাৰি নাপায়।

মণ্ডল গৰাকী নিজৰ দ্বায়িত্ব পালন নকৰি আত্মগোপন কৰি আছে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে প্ৰতিবাদী ক্ষুব্ধ ৰাইজে। যোৱা কালি ধুবুৰী ৰাজহ চক্ৰ বিষয়া গৰাকী আহিছিল যদিও ৰাস্তায় ৰাস্তায় ঘুৰি ফুৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। অকল গাছপাৰা গাওঁ পঞ্চায়তত বান পানী হোৱা নাই ,ধৰ্মশালা গাওঁ পঞ্চায়তৰ গাওঁ সমূহ বানত ক্ষতিগ্ৰস্থ হৈছে । ধৰ্মশালা গাওঁ পঞ্চায়তৰ কছুৱাৰ খাস দ্বিতীয় খণ্ড, ধৰ্মশালা তৃতীয় খণ্ড ইত্যাদি গাওঁৰ ক্ষতিগ্ৰস্থ হোৱা ৰাইজৰ মাজত এদিনো উপস্থিত হোৱা নাই লাট মণ্ডল হজৰত আলীয়ে ।

মানুহে নাওঁৰে ,কলৰ ভুৰাৰে অহা যোৱা কৰি আছে। লাট মণ্ডল হজৰত আলীয়ে ঘৰতে বহি বানপানী হোৱা নাই বুলি চাৰ্ভে ৰিপৰ্ট দিয়াৰ বাবে ৰাইজে বান সাহায্যৰ পৰা বঞ্চিত হৈছে বুলি ৰাইজৰ অভিযোগ। অঞ্চলটোত যদি বান পানী হোৱা নাই তেন্তে গৰুৰ খাদ্য কিয় দিলে। ৰাইজে বান সাহায্যৰ পৰা বঞ্চিত হোৱাৰ একমাত্ৰ দায়বদ্ধ হৈছে ভুমি বিভাগৰ লাট মণ্ডল হজৰত আলী আৰু ধৰ্মশালা গাওঁ পঞ্চায়তৰ সচিব বুলি ৰাইজে অভিযোগ উত্থাপণ কৰি আজি ধৰ্মশালা গাওঁ পঞ্চায়ত কাৰ্যালয়ত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সোণাপুৰৰ জিলা চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰীৰ বহি:বিভাগ বৰ্জনেৰে কৰ্মবিৰতি প্ৰতিবাদত প্ৰায় অচল চিকিৎসা সেৱা…

আজি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সোণাপুৰৰ স্থিত জিলা চিকিৎসালয় খনৰ চিকিৎসক কৰ্মচাৰী সকলে বহি:বিভাগ বৰ্জনৰে কৰ্মবিৰতি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । পূৱাৰে পৰা দিনযোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত বহু ৰোগীৰ লগতে ৰোগীৰ লগত অহা আত্মীয় স্বজনে হাৰাশাস্তিৰ মুখামুখি হব লগত পৰে । উল্লেখযোগ্য যে যোৱা ১২জুন তাৰিখে সোণাপুৰ জিলা চিকিৎসালয়ত এগৰাকী মহিলাৰ গৰ্ভস্থ সন্তানৰ মৃত্যুক কেন্দ্ৰকৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । গৰ্ভৱতী মহিলাৰ আত্মীয়ৰ অভিযোগ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে গৰ্ভস্থ সন্তানটি গৰ্ভতে মৃত্যু হয় । যাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ চৌহদ গৰ্ভৱতী মহিলাৰ আত্মীয় স্বজনৰ লগতে স্থানীয় দল সংগঠনৰ সদস্যসকলে কৰা ধৰ্ণা প্ৰতিবাদত উত্তপ্ত হৈ পৰে ।

আনহাতে চিকিৎসালয়খনৰ চিকিৎসক কৰ্মচাৰী সকলেও অভিযোগ কৰে যে অচিনাকি উত্তেজিত কিছুলোকে চিকিৎসায়লখনৰ কৰ্মচাৰী চিকিৎসকক শাৰীৰিক অপদষ্ট কৰাৰ লগতে চিকিৎসালয়খনৰ কিছু আচবাবৰ ক্ষয় ক্ষতি সাধন কৰে । যাৰ প্ৰতিবাদ স্বৰূপে আজি সোণাপুৰ জিলা চিকিৎসালয়খনৰ চিকিৎসক কৰ্মচাৰী সকলে কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে । একমাত্ৰ জৰুৰী চিকিৎসা সেৱাৰ বাহিৰে অন্য ৰোগীক চিকিৎসা প্ৰদান কৰাৰ পৰা বিৰত থাকে । হঠাৎ চিকিৎসালয়খনৰ চিকিৎসক কৰ্মচাৰীসকলে কৰ্মবিৰতি লোৱা প্ৰতিবাদী কাৰ্যসূচীয়ে বহু দূৰ দূৰণিৰ পৰা চিকিৎসাৰ বাবে আহা ৰোগীসকলক অলায় আথনিৰ সৃষ্টি কৰে । প্ৰতিবাদী চিকিৎসক কৰ্মচাৰী সকলে এখন সংবাদ মেলৰ সম্বোধন কৰি চিকিৎসক কৰ্মচাৰী সকলৰ নিৰাপত্তা সুনিশ্চিত কৰা তথা উত্তপ্ত পৰিবেশ সৃষ্টি কৰি চিকিৎসক কৰ্মচাৰীক শাৰীৰিক অপদষ্ট কৰা লোকসকলৰ বিৰুদ্ধে আইনী কঠোৰ ব্যৱস্থা লোৱাৰ দাৱী জনাই ।

এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন জিলা চিকিৎসা কেন্দ্ৰ হিচাপে চিকিৎসলয়খনত যিধৰণে উন্নত চিকিৎসা সেৱাৰ আন্ত: গাঠনি তৈয়াৰ হব লাগিছিল সেয়া দেখিবলৈ পোৱা নাযায়। যাৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজনীয় চিকিৎসাৰ সু-ব্যৱস্থা নাপালে ৰোগীৰ আত্মীয় স্বজনে মাজে সময়ে অপ্ৰীতিকৰ পৰিবেশ পৰিস্থিতি সৃষ্টিৰে ক্ষোভৰ বহি:প্ৰকাশ ঘটায় । নামত ২০০ খন বেদৰ চিকিৎসালয়খত বৰ্তমান ১৫০খন বেদ আছে । উপযুক্ত চিকিৎসকৰ অভাৱ ৩৪ গৰাকী চিকিৎসক আছে যদিও সেয়া ৰোগীৰ অনুপাতে পৰ্যপ্ত নহয় । চালৰ চিকিৎসক নাই । এজন শিশু ,এজন ই এন টি , এজন চকুৰ , এজন আল্টাচাউণ্ড চিকিৎসকৰ দ্বাৰাই জিলা চিকিৎসালয়খনৰ চিকিৎসা চলি আছে । তেনেক্ষেত্ৰত সোণাপুৰ ডিমৰীয়া অঞ্চলকে ধৰি নগাঁও মৰিগাঁও জিলাৰ উপৰিও সীমামুৰীয়া মেঘালয়ৰ পৰা অহাও বহু সংখ্যাক ৰোগীৰ ভৰষা চিকিৎসালয়খনত সময়ত উপযুক্ত চিকিৎসা নোপোৱাটো তেনেই সাধাৰণ কথা । যোৱা এই দুদিনৰ ঘটনাক লৈ ডিমৰীয়া অঞ্চলৰ ৰাইজৰ অসম চৰকাৰলৈ দাৱী জিলা চিকিৎসালয়খনৰ উন্নত আন্তগাঠনি তৈয়াৰ কৰি অভাব হৈ থকা চিকিৎসক কৰ্মচাৰী তথা চিকিৎসাৰ প্ৰয়োজনীয় সা- সজুলি যোগান ধৰা । প্ৰয়োজনীয় চিকিৎসক তথা চিকিৎসাৰ অভাব যাতে কোনো ৰোগীৰ মৃত্যু হৈ পুনৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি নহয় ।

তিতাবৰৰ বৰহোলাৰ বেকাজান অঞ্চলত ভয়ংকৰ ঘূৰ্ণি বতাহত কেইবাটাও পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতি…

তিতাবৰৰ বৰহোলাৰ বেকাজান অঞ্চলত ভয়ংকৰ ঘূৰ্ণি বতাহ : ঘূৰ্ণি বতাহত নামঘৰৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতি । তিতাবৰৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী বেকাজানৰ বিজয় নগৰ অঞ্চলত হঠাৎ অহা এজাক

ঘূৰ্ণি বতাহে নামঘৰ আদি ৰাজহুৱা অনুষ্ঠানৰ লগতে বহু পৰিয়ালৰ ঘৰ আৰু শস্য নষ্ট কৰে। শুক্ৰবাৰে আবেলি প্ৰায় ৪.৪৫ বজাত অহা এই ঘূৰ্ণী বতাহ প্ৰায় আধা ঘণ্টা সময় ধৰি

অঞ্চলটো তচনচ কৰি যোৱাৰ পিছত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত হাঁহাকাৰ সৃষ্টি হয়।

ইউ পি এছ চি ২০২৫ৰ বাবে ছুপাৰ-২০ বেচ্চ ঘোষণা চাণক্য আই এ এছ একাডেমীৰ…

ইউ পি এছ চি ২০২৫ৰ বাবে ছুপাৰ-২০ বেচ্চ ঘোষণা চাণক্য আই এ এছ একাডেমীৰ

ইউ পি এছ চি ২০২৫ৰ বাবে প্ৰিমিয়াম বেচ্চ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে চাণক্য আই এ এছ একাডেমীৰ গুৱাহাটী কেন্দ্ৰই। ইউ পি এছ চি ২০২৫ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে একাডেমীখনে ছুপাৰ-২০ নামেৰে এক বিশেষ বেচ মুকলি কৰিছে। উল্লেখ্য যে, এই ছুপাৰ-২০ বেচত শিক্ষক-শিক্ষাৰ্থীৰ অনুপাত হ’ব ১:২০, যিয়ে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে ব্যক্তিগত নিৰ্দেশনা নিশ্চিত কৰি তুলিব। ৮ মহীয়া এই পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীসকলে ইউ পি এছ চি পৰীক্ষাৰ তিনিওটা পৰ্যায় অৰ্থাৎ প্ৰিলিমছ, মেইনছ আৰু সাক্ষাৎকাৰৰ বাবে বিস্তৃত প্ৰশিক্ষণ আৰু নিৰ্দেশনা লাভ কৰিব। এই গোটত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে হাইব্ৰিড পাঠ্যক্ৰমৰ সুবিধা লাভ কৰিব য’ত অফলাইন, অনলাইন আৰু ৰেকৰ্ডিং ক্লাছ অন্তৰ্ভুক্ত কৰা হৈছে।


ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে ২৪ ঘণ্টাই খোলা থকা আৰু সম্পূৰ্ণৰূপে সুসজ্জিত পুথিভঁৰালৰ সুবিধাও লাভ কৰিব। তদুপৰি নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে চাণক্য আই এ এছ একাডেমীৰ পূৰ্বৰ সফল প্ৰাৰ্থীৰ পৰা একচেটিয়া নিৰ্দেশনা লাভ কৰিব, য’ত মূল পৰীক্ষাত উত্তৰ লিখাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব। ছুপাৰ ২০ পাঠ্যক্ৰমৰ সাৰাংশ দাঙি ধৰি উত্তৰ-পূৱ ভাৰতৰ চাণক্য আই এ এছ একাডেমীৰ পৰিচালন সহযোগী কুৰংগ নয়নী চেতিয়াই কয় যে ইউ পি এছ চি ২০২৫ৰ বাবে ছুপাৰ ২০ বেচ্চ হৈছে প্ৰথম প্ৰয়াসতে পৰীক্ষাত সাফল্য অৰ্জন কৰিব বিচৰা

ছাত্ৰ-ছাত্ৰীৰ এটি কেন্দ্ৰীভূত গোট! নামভৰ্তি কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীক ব্যক্তিগতভাৱে সকলো ধৰণে পথ নিৰ্দেশনা প্ৰদান কৰা হ’ব। লগতে, ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ স্থিতিশীল, বৰ্তমান আৰু ব্যক্তিত্বৰ দিশৰ ওপৰতো নিৰ্দেশনা প্ৰদান কৰা হ’ব ! চাণক্য আই এ এছ একাডেমীয়ে ঘোষণা কৰা মতে, ২০২৪ চনৰ ২০ আগষ্টৰ পৰা এই ২০ জনীয়া বিশেষ গোট আৰম্ভ হ’ব। এই গোটত আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটী কেন্দ্ৰৰ চাণক্য আই এ এছ একাডেমীত অনুষ্ঠিত হ’বলগীয়া অৰ্হতা পৰীক্ষাত যোগ্যতা অৰ্জন কৰিব লাগিব।
সবিশেষ জানিবলৈ ছাত্ৰ-ছাত্ৰীসকলে ৬০০১৮০৮৩০৬ নম্বৰত যোগাযোগ কৰিব পাৰে।

বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ উপন্যাসৰ ভিত্তিত ৱেব ছিৰিজ নিৰ্মাণ ! OTT প্লেটফৰ্ম REEL DRAMA ত উপলব্ধ হ’ব ক্ষুধা…

বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ উপন্যাসৰ ভিত্তিত ৱেব ছিৰিজ নিৰ্মাণ। মূল উপন্যাস ‘ক্ষুধাতুৰ শগুণ’ৰ আধাৰত নিৰ্মাণ “ক্ষুধা”।

সৰ্বমুঠ ৮ টা খণ্ডৰে নিৰ্মিত ৱেব ছিৰিজ খনে মুক্তি লাভ কৰিব ১৪ জুলাইত। ৱেব ছিৰিজ খনত অভিনয় কৰিছে ৰবি শৰ্মা, সিদ্ধাৰ্থ মুখাৰ্জী, প্ৰীতম দত্তকে ধৰি বহু জেষ্ঠ কণিষ্ঠ অভিনেতা অভিনেত্ৰীয়ে।

OTT প্লেটফৰ্ম REEL DRAMA ত উপলব্ধ হ’ব ক্ষুধা।

মহানগৰীত মালিগাঁৱৰ পৰা উদ্ধাৰ ডিমাপুৰৰ যুৱতী…

মহানগৰীত উদ্ধাৰ ডিমাপুৰৰ যুৱতী। মালিগাঁৱৰ পৰা উদ্ধাৰ কৰা যুৱতী গৰাকী ডিমাপুৰৰ পুৰণা বজাৰৰ আলি থামা বুলি জানিব পৰা গৈছে।

সম্প্ৰতি সাতগাঁওৰ প্ৰজেক্ট smile নামৰ ৰিহেব চেণ্টাৰত ৰখা হৈছে যুৱতী গৰাকীক।

যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে যদি যোগাযোগ কৰিব বিচাৰিলে 8638461585 নম্বৰত যোগাযোগৰ আহ্বান।

অসম লোকসেৱা আয়োগৰ আৰ্হিত নহয় ADREৰ পৰীক্ষা…

অসম লোকসেৱা আয়োগৰ আৰ্হিত নহয় ADREৰ পৰীক্ষা।

প্ৰাৰম্ভিক পৰীক্ষাৰ পৰিৱৰ্তে হ’ব মূল আৰু মৌখিক পৰীক্ষাহে।

সামাজিক মাধ্যমযোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

বিদ্যালয়ত মোবাইলত কেণ্ডি ক্ৰাছ খেলাৰ বাবে শিক্ষকক নিলম্বন…

ফোনত কেণ্ডি ক্ৰাছ খেলা আৰু কৰ্তব্যৰ সময়ত ডিভাইচত কথা পতাৰ বাবে নিলম্বিত কৰা হৈছিল। উত্তৰ প্ৰদেশৰ সম্ভাল জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক।ঘটনাটো পোহৰলৈ আহিছিল যেতিয়া জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ পানচিয়া যাদৃচ্ছিক পৰীক্ষাৰ বাবে বিদ্যালয়লৈ গৈছিল, আৰু প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈকে শিক্ষাৰ্থীৰ প্ৰতিলিপিত বহুতো ভুল পাইছিল। পিছত, শিক্ষকজনৰ ফোনৰ এটা বিশেষত্ব, যিয়ে এপ্লিকেচনবোৰৰ বাবে সমৰ্পিত ঘণ্টাবোৰ ট্ৰেক কৰিছিল, প্ৰকাশ কৰিছিল যে তেওঁ স্কুলৰ সময়ত কেণ্ডি ক্ৰাছ খেলি প্ৰায় দুঘণ্টা অতিবাহিত কৰিছিল।” শিক্ষকসকলে শিক্ষাৰ্থীসকলৰ হোমৱৰ্ক পৰীক্ষা কৰাৰ ওপৰত গুৰুত্ব দিব লাগে, আৰু নিশ্চিত কৰিব লাগে যে তেওঁলোকে মানদণ্ডৰ শিক্ষা লাভ কৰ লগতে, মোবাইল ফোন ব্যৱহাৰ কৰাটো কোনো সমস্যা নহয়, কিন্তু বিদ্যালয়ৰ সময়ত ব্যক্তিগত কাৰণত সেইবোৰ ব্যৱহাৰ কৰাটো সঠিক নহয়,”ৰাজেন্দ্ৰ পানচিয়াই কয়।

জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ পানচিয়াই ছয়জন শিক্ষাৰ্থীৰ প্ৰতিলিপিৰ ছয় পৃষ্ঠা পৰীক্ষা কৰিছিল, আৰু 95 টা ভুল দেখিছিল, আৰু নটা প্ৰথম পৃষ্ঠাত আছিল। তেওঁ এই বিষয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু সহকাৰী শিক্ষক প্ৰিয়ম গোৱেলৰ ফোনটো পৰীক্ষা কৰিছিল। শিক্ষকজনৰ ফোনত থকা ডিজিটেল কল্যাণ সুবিধাই তেতিয়া প্ৰকাশ কৰিছিল যে গোৱেলে স্কুলৰ সময়ত প্ৰতিদিনে ডেৰ ঘণ্টা কেণ্ডি ক্ৰাছ খেলিছিল।স্কুলৰ চাৰে পাঁচ ঘণ্টাৰ ভিতৰত প্ৰিয়ম গোৱেলে কেণ্ডি ক্ৰাছ খেলি প্ৰায় দুঘণ্টা অতিবাহিত কৰিছিল, 26 মিনিট ফোনত কথা পাতিছিল, আৰু প্ৰায় 30 মিনিটৰ বাবে ছ’চিয়েল মিডিয়া এপ ব্যৱহাৰ কৰিছিল।