Home Blog Page 668

হাইতিত বৰ্ধিত দলগত হিংসা-অপৰাধমূলক কাৰ্যকলাপক গৰিহণা ৰাষ্ট্ৰসংঘৰ…

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সৰ্বসন্মতিক্ৰমে হাইতিত বৰ্ধিত দলগত হিংসা আৰু অপৰাধমূলক কাৰ্যকলাপক “কটকটীয়া ভাষাত” গৰিহণা দিয়া এক প্ৰস্তাৱত অনুমোদন জনাইছে যিয়ে দেশ আৰু অঞ্চলটোত শান্তি, স্থিৰতা আৰু নিৰাপত্তা হ্ৰাস কৰিছে। শুক্ৰবাৰৰ প্ৰস্তাৱটোৱে হাইতিলৈ প্ৰবাহিত অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ আৰু দলসমূহৰ দ্বাৰা বিস্তাৰিত আঞ্চলিক নিয়ন্ত্ৰণ আৰু যৌন আৰু লিংগ-আধাৰিত হিংসাকে ধৰি “সশস্ত্ৰ হিংসাৰ চৰম স্তৰৰ” সৈতে তেওঁলোকৰ সম্পৰ্কক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে, যাৰ ফলত দেশখনত নিৰাপত্তাৰ অৱনতি ঘটিছে।

পৰিষদে হাইতিত ৰাষ্ট্ৰসংঘৰ ৰাজনৈতিক অভিযানক বিআইএনইউএইচ বুলি জনাজাত ১৫ জুলাই, ২০২৫ লৈকে সম্প্ৰসাৰিত কৰে, যাৰ দ্বাৰা “মুক্ত আৰু নিৰপেক্ষ আইনী আৰু ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিশত হাইতিয়ান নেতৃত্বাধীন, হাইতিয়ান মালিকানাধীন ৰাজনৈতিক প্ৰক্ৰিয়া”ৰ অগ্ৰগতিক সমৰ্থন কৰাৰ আদেশ দিয়া হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইকুৱেডৰৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা এই প্ৰস্তাৱটোত হাইতিয়ান ৰাষ্ট্ৰীয় আৰক্ষীক পুনৰ নিৰাপত্তা স্থাপনত সহায় কৰিবলৈ কেনিয়াৰ নেতৃত্বত বহুজাতিক নিৰাপত্তা বাহিনীৰ প্ৰতি পৰিষদৰ সমৰ্থনৰ কথা দোহাৰে। ২০০ কেনিয়াৰ আৰক্ষীৰ প্ৰাৰম্ভিক দলটো ২৫ জুনত ৰাজধানী পোৰ্ট-অ-প্ৰিন্সত উপস্থিত হৈছিল।

গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীত যুৱকৰ ৰহস্যজনক মৃত্যু…


গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীত যুৱকৰ ৰহস্যজনক মৃত্যু
মৃত যুৱকজন মেহেৰ আলী


মেহেৰ আলীক পৰিকল্পিতভাৱে হত্যাৰ সন্দেহ পৰিয়ালৰ পৰি পৰিকল্পিতভাবে হত্য়াৰ সন্দেহ
ঘটনা সন্দৰ্ভত হাতীগাঁও থানাত এজাহাৰ দাখিল পৰিয়ালৰ


ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃতদেহ

বঙাইগাঁৱৰ চিকটাগাঁৱত আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযানত বিনোদ প্ৰধান নামৰ এজন অভিযুক্তক আটক…

বঙাইগাঁৱৰ চিকটাগাঁৱত আবকাৰী বিভাগৰ অভিযান। অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে চলায় অভিযান ।

ভূটানৰ পৰা সুৰা আনি কৰি আহিছিল বটলিং। আবকাৰী বিভাগৰ অভিযানত বিনোদ প্ৰধান নামৰ এজন অভিযুক্তক আটক।

উদ্ধাৰ নকল লেবেলৰ লগতে ভিন্ন ব্ৰেণ্ডৰ খালী বটল।

নগাঁও আৰু হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী হ’ব পীযূষ হাজৰিকা…

নগাঁও আৰু হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী হ’ব পীযূষ হাজৰিকা।

পূৰ্বে দুই জিলাৰ অভিভাৱক মন্ত্ৰী আছিল পৰিমল শুক্লবৈদ্য।

সাংসদ নিৰ্বাচিত হোৱা বাবেই মন্ত্ৰিত্ব এৰিছিল পৰিমল শুক্লবৈদ্যই।

২০৬০ৰ দশকত ভাৰতৰ জনসংখ্যা হ্ৰাস হোৱাৰ আগতে ১.৭ বিলিয়নলৈ থাকিব শীৰ্ষত…

২০৬০ ৰ দশকৰ আৰম্ভণিতে ভাৰতৰ জনসংখ্যা প্ৰায় ১.৭ বিলিয়ন হ’ব আৰু তাৰ পিছত ১২% হ্ৰাস পাব বুলি অনুমান কৰা হৈছে, কিন্তু সমগ্ৰ শতিকাজুৰি ভাৰত বিশ্বৰ আটাইতকৈ জনবহুল দেশ হৈ থাকিব,” ৰাষ্ট্ৰসংঘই কয়। ১১ জুলাইত প্ৰকাশত বিশ্ব জনসংখ্যা সম্ভাৱনা ২০২৪ ৰ প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বৰ জনসংখ্যা অহা ৫০-৬০ বছৰত বৃদ্ধি হৈ থাকিব বুলি আশা কৰা হৈছে, যি ২০৮০ ৰ দশকৰ মাজভাগত প্ৰায় ১০.৩ বিলিয়ন লোকৰ শীৰ্ষত উপনীত হ’ব, যি ২০২৪ চনত ৮.২ বিলিয়ন আছিল। শীৰ্ষত উপনীত হোৱাৰ পিছত, বিশ্বব্যাপী জনসংখ্যা ক্ৰমান্বয়ে হ্ৰাস হ’ব বুলি অনুমান কৰা হৈছে, শতিকাৰ শেষলৈ 10.2 বিলিয়ন লোকলৈ হ্ৰাস পাব।

ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগে প্ৰকাশ কৰা ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে, “সমগ্ৰ শতিকাজুৰি বিশ্বৰ সৰ্ববৃহৎ হৈ থকাৰ সম্ভাৱনা থকা ভাৰতৰ জনসংখ্যা ২০৬০ ৰ দশকৰ আৰম্ভণিতে প্ৰায় ১.৭ বিলিয়ন হাৰত শীৰ্ষত উপনীত হোৱাৰ পিছত ১২% হ্ৰাস পাব।” ২০২৪ চনত ভাৰতৰ জনসংখ্যা 1.45 বিলিয়ন হ’ব বুলি অনুমান কৰা হৈছে আৰু 2054 চনত ই সৰ্বাধিক 1.69 বিলিয়ন হ’ব। কিন্তু দেশখন এতিয়াও পৃথিৱীৰ আটাইতকৈ জনবহুল ৰাষ্ট্ৰ হৈ থাকিব।

ধেমাজিৰ চিমেন নদীত সন্ধানহীন ডিব্ৰুগড়ৰ ছাত্ৰ আজিতেজ হাজৰিকা…


ধেমাজিৰ চিমেন নদীত সন্ধানহীন ডিব্ৰুগড়ৰ ছাত্ৰ
সন্ধানহীন আজিতেজ হাজৰিকা নামৰ এজন ছাত্ৰ
আজিতেজ হাজৰিকা ডিব্ৰুগড় জ্ঞান-বিজ্ঞান বিদ্যালয়ৰ ছাত্ৰ


চিমেন নদীৰ পাৰত ফটো উঠিবলৈ গৈছিল ছাত্রজন
ফটো তুলিবলৈ যাওঁতে চিমেন নদীত পৰি যায় আজিতেজ


লিডু-মুৰ্কংচেলেক ৰে’লেৰে গৈছিল ৭ জনীয়া এটা দল
আজিতেজৰ সন্ধানত অভিযান SDRFA

পশ্চিম কাৰ্বি আংলঙত বান নিয়ন্ত্ৰণৰ ব্যৱস্থাপনা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ পৰ্যালোচনা

১২ জুলাই, টুম্প্ৰেং: অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি পশ্চিম কাৰ্বি আংলং জিলা ভ্ৰমণ কৰি টুম্প্ৰেঙত জিলাখনৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে ।

মন্ত্ৰীগৰাকীয়ে আজিৰ পৰ্যালোচনাত উল্লেখ কৰে যে এইবাৰ জিলাখনত বান-খহনীয়া প্ৰতিৰোধৰ বাবে বৈঠালাংছ’ সমষ্টিত বাৰিষাকাল শেষ হোৱাৰ লগে লগে ১৫ কিল’মিটাৰ নতুন মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব।

ইয়াৰে কপিলী নৈৰ পাৰত ১১ কিল’মিটাৰ আৰু বৰপানীৰ পাৰত ৪ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণ ক’ৰা হ’ব । এই মথাউৰি যাতে উন্নত আৰু শক্তিশালীভাৱে নিৰ্মাণ কৰি নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে ।

পৰ্যালোচনা কালতে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বান-খহনীয়াৰ অন্যান্য দিশসমূহৰ বিষয়েও বুজ লয় ।

নতুন পেঞ্চন নীতি বাতিলৰ দাবীত উত্তৰ-পূৱ সীমান্ত ৰে’লৰ সদৰ কাৰ্যালয়ৰ সন্মুখত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ প্ৰতিবাদ…

নতুন পেঞ্চন নীতি বাতিলৰ দাবীত উত্তৰ-পূৱ সীমান্ত ৰে’লৰ সদৰ কাৰ্যালয়ৰ সন্মুখত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ বিক্ষোভ
ৰে’লৱেৰ আন আন ঠাইতো প্ৰতিবাদ
১৫ জুলাইত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা

নতুন পেঞ্চন নীতি বাতিল কৰি সকলোৰে বাবে পুৰণি পেঞ্চন বাহাল ৰখাৰ দাবীত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে আজি সমগ্ৰ এন এফ ৰে’লৱেত ধৰ্ণা, বিক্ষোভ আদি কাৰ্যসূচী পালন কৰে । উল্লেখযোগ্য যে, অল ইণ্ডিয়া ৰে’লৱে মেনচ ফেডাৰেচনৰ (এ আই আৰ এফ) আহ্বান মৰ্মে নতুন পেঞ্চন নীতিৰ বিৰোধিতাৰে আজি সমগ্ৰ দেশতে ৰে’ল কৰ্মী সকলে ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰে । উত্তৰ-পূৱ সীমান্ত ৰে’লৰ সদৰ কাৰ্যালয় মালিগাৱঁতো ৰে’ল কৰ্মী সকলে এন পি এচ গো বেক, পেঞ্চন আমাৰ প্ৰাপ্য- পেঞ্চন আদায় দিবই লাগিব, কেন্দ্ৰীয় চৰকাৰ হায় হায় ধ্বনিৰে সদৰ কাৰ্যালয় কপাই তোলে । প্ৰতিবাদস্থলীত অনুষ্ঠিত এখন সভাত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় নেতা সকল উপস্থিত থাকি নতুন পেঞ্চন নীতিৰ তীব্ৰ বিৰোধিতা কৰি কয় যে, নতুন পেঞ্চন নীতি প্ৰৱৰ্তন কৰাৰ প্ৰস্তুতি চলোৱা দিনৰে পৰা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে ইয়াৰ বিৰোধিতা কৰাই নহয় সময়ে সময়ে বিভিন্ন আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে ।

কিন্তু কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত আজিকোপতি কোনো সহাৰি জনোৱা নাই । নতুন পেঞ্চন নীতিয়ে কেন্দ্ৰীয় চাকৰিয়ালৰ লগতে ৰাজ্যিক কৰ্মচাৰী, শিক্ষক সমাজৰ ভৱিস্যত অন্ধকাৰময় কৰি তুলিছে । যিসময়ত জনপ্ৰতিনিধি সকলক ৰাজকোষৰ পৰা পেঞ্চন দি আছে, একে সময়তে শ্ৰমিক-কৰ্মচাৰীৰ পেঞ্চন অনিশ্চিত শ্বেয়াৰ বজাৰলৈ ঠেলি দিছে । এনে বৈষম্য কোনো কাৰণতে শ্ৰমিক শ্ৰেণীয়ে মানি ন’লয়- মজদুৰ ইউনিয়নৰ নেতা সকলে স্পষ্ট ভাৱে কয় । তেওঁলোকে আৰু কয় যে, সুদীৰ্ঘকাল চাকৰি কৰি দেশৰ বাবে সেৱা আগবঢ়োৱা কৰ্মচাৰী সকলে অৱসৰৰ পাছত দৈনন্দিন খৰছৰ বাবে ভিক্ষাৰ জোলোঙা ল’বলৈ কেন্দ্ৰীয় চৰকাৰে বাধ্য কৰাইছে । কোনো কাৰণতে শ্ৰমিক কৰ্মচাৰীৰ এনে অসহায় অৱস্থা সহ্য নকৰো -নেতাসকলে দৃঢ়তাৰে কয়। তেওঁলোকে পুনৰ কয় যে আমি কেন্দ্ৰীয় চাকৰিয়ালৰ লগতে ৰাজ্যিক কৰ্মচাৰী, শিক্ষক সমাজৰো পেঞ্চনৰ বাবে দাবী জনাইছো ।

উল্লেখযোগ্য যে, আজি উত্তৰ-পূৱ সীমান্ত ৰে’লৰ তিনচুকীয়া, লামডিঙ, ৰঙিয়া, আলিপুৰদৱাৰ, কাটিহাৰ ডিভিজনৰ সকলো ঠাইতে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সদস্য সকলে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ধৰ্ণা, বিক্ষোভ আদি কাৰ্যসূচী পালন কৰে । ইফালে অল ইণ্ডিয়া ৰে’লৱে মেনচ ফেডাৰেচনে(এ আই আৰ এফ) ৪ জুলাই তাৰিখে আজিৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে এখন সভা আহ্বান কৰে । বিত্ত মন্ত্ৰণালয়ৰ পৰা এ আই আৰ এফৰ সাধাৰণ সম্পাদক তথা এনচি জেচিএমৰ সাধাৰণ সম্পাদক শিৱ গোপাল মিশ্ৰলৈ ১০ জুলাই তাৰিখে লিখা এখন চিঠিত পেঞ্চন সম্পৰ্কীয় এখন সভা অহা ১৫ জুলাইত অনুষ্ঠিত কৰাৰ বিষয়ে জানিবলৈ দিছে আৰু এন চি জেচিএমৰ প্ৰতিনিধিক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে । এ আই আৰ এফৰ সাধাৰণ সম্পাদক মিশ্ৰই ১৫ জুলাইত সভা আহ্বান কৰা বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাইছে লগতে তেওঁ এইবুলিও স্পষ্টভাৱে কয় যে সভাত পেঞ্চন সম্পৰ্কে কোনো ধৰণৰ আপোচ কৰা ন’হব । এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কিৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এটা বিবৃতিত ইউনিয়নৰ সভাপতি দিলীপ কুমাৰ চক্ৰৱৰ্তী আৰু সাধাৰণ সম্পাদক আশীষ বিশ্বাসে আজিৰ প্ৰতিবাদী কাৰ্যসূচী সফল কৰি তোলা বাবে ইউনিয়নৰ সমূহ সদস্যৰ লগতে ৰে’লকৰ্মী সকলক ধন্যবাদ জনোৱা হৈছে ।

মুছলমান হোৱাৰ বাবেই বৰ্তমান সময়ত অকলশৰীয়া হ’বলগীয়া হয় : কণ্ঠশিল্পী লাকী আলী…

‘মুছলমান হোৱাৰ বাবেই বৰ্তমান সময়ত অকলশৰীয়া হ’বলগীয়া হয়। মুছলমান হোৱাৰ বাবেই বিশ্বই আপোনাৰ সন্ত্ৰাসবাদী বুলি স্বীকৃতি দিব’।

কণ্ঠশিল্পী লাকী আলীয়ে Xত শ্বেয়াৰ কৰে এই বিশেষ পোষ্ট।

সম্প্ৰতি চৰ্চাত কণ্ঠশিল্পীগৰাকীয়ে মুছলমান সন্দৰ্ভত প্ৰকাশ কৰা এই মন্তব্য।

গামোছাত স্বাক্ষৰ কৰি লাভলিনালৈ শুভেচ্ছা অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ…

পেৰিছ অলিম্পিকত অসম কন্যাৰ সফলতাৰ কামনাৰে অসম বক্সিং সন্থাৰ আদৰণীয় পদক্ষেপ

অহা ২৬ জুলাইৰ পৰা অনুষ্ঠিত হবলগা পেৰিছ অলিম্পিকত একমাত্ৰ অসমীয়া খেলুৱৈ হিচাপে অংশ ল’ব মহিলা বক্সাৰ লাভলিনা বৰগোহায়ে৷ বিগত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰা লাভলিনাক শুভেচ্চা জনোৱাৰ বাবে অসম বক্সিং সন্থাই অভিনৱ পদক্ষেপ হাতত লৈছে৷ সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই জনোৱা অনুসৰি লাভলিনাক শুভেচ্চা জনোৱাৰ বাবে এখন বিশেষ গামোছাত ৰাজ্যৰ প্ৰবীন-নবীন খেলুৱৈ-সংগঠক তথা বিশিষ্ট ব্যক্তিয়ে শুভেচ্চামুলক স্বাক্ষৰ কৰিব আৰু এই গামোছাখন অসম কন্যাক পেৰিছৰ ভুমিত কলিতাই নিজ হাতে অৰ্পনো কৰিব ৷ ইতিমধ্যে কালি দিছপুৰত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গামোছাখনত প্ৰথমটো স্বাক্ষৰ কৰি অভিযানৰ আৰম্ভনি কৰিছে৷ শীঘ্ৰেই নেহৰু ষ্টেডিয়ামত অসম বক্সিং সন্থাই স্বাক্ষৰ অভিযান আৰম্ভ কৰিব৷ ইফালে, কালি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সম্প্ৰতি জাৰ্মানীত অনুশীলন কৰি থকা লাভলিনাৰ লগত ভিডিঅ’ ক’লযোগে প্ৰস্তুতিৰ বুজ লয় তথা শুভেচ্চাও জ্ঞাপন কৰে ৷

উল্লেখ্য যে বক্সিঙৰ জড়িয়তেই অলিম্পিকৰ মঞ্চত ধাৰাবহিকৰূপত অসমৰ গৌৰৱৰ স্থিতি বৰ্তি আছে৷ ২০১২ ৰ লণ্ডন আৰু ২০১৬ ৰ ৰিঅ’ অলিম্পিকত অসমৰ পুৰুষ বক্সাৰ শিৱ থাপাই দেশক প্ৰতিনিধিত্ব কৰাৰ পাছত ২০২০ ৰ টকিঅ’ অলিম্পিকত অসমৰ প্ৰথম মহিলা হিচাপে লাভলিনাই অংশ লৈছিল তথা অভিষেকতে পদক জয় কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গৌৰৱময় সফলতা ৰাজ্যবাসীক দিছিল ৷ অসমৰ প্ৰথম ক্ৰীড়াবিদৰূপে সন্মানীয় খেলৰত্ন লাভ কৰা লাভলিনা পেৰিছ অলিম্পিকতো দেশৰ অন্যতম পদক প্ৰত্যাশী এথলীট৷ ক্ৰমাগত চাৰিখন অলিম্পিকলৈ অসমৰ বক্সাৰ প্ৰেৰণ কৰি স্বাভাৱিকতে উৎফুল্লিত ভাৰতীয় বক্সিং ফেডাৰেছনৰো সচিব প্ৰধানৰ দয়িত্বত থকা হেমন্ত

কুমাৰ কলিতাই লগতে আশা ব্যক্ত কৰে যে এইবাৰ পেৰিছত লাভলিনাৰ লগতে ভাৰতৰ অন্য বক্সাৰেও পদক জয় কৰিব৷ স্মৰ্তব্য যে আসন্ন অলিম্পিকত লাভলিনাৰ লগতে ছগৰাকী ভাৰতীয় বক্সাৰে দেশক প্ৰতিনিধিত্ব কৰিব৷ বিশ্ব চেম্পিয়নশ্বিপত সোণ লাভ কৰা নিখাত জাৰিন, প্ৰীতি, কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অমিত পাংগল তথা জেচমিন আৰু নিশান্ত দেবে পেৰিছৰ বক্সিং ৰিঙত নামিব৷ ইতিমধ্যে ২০০৮ ত বীজেন্দৰ সিং, ২০১২ ত এম চি মেৰীকম আৰু ২০২০ ত লাভলিনাৰ জড়িয়তে ভাৰতীয় বক্সাৰে দেশক তিনিখন অলিম্পিক পদক দিবলৈ সক্ষম হৈছে৷ কালি মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ অনুষ্ঠানত সম্পাদক কলিতাৰ লগতে উপস্থিত থাকে অসম অলিম্পিকৰ দুই জ্যেষ্ঠ সদস্য কল্যান গগৈ, বানীব্ৰত দাস আৰু অসম বক্সিঙৰ যুটীয়া সম্পাদক অশোক বৰুৱা৷