Home Blog Page 67

বি চি চি আইৰ নতুন অধ্যক্ষ হিচাবে নিৰ্বাচিত মিঠুন মানহাছ, সচিব পদত অসমৰ দেৱজিৎ শইকীয়াই থাকিল বাহাল

BCCI new comitee

দেশৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। বি চি চি আইৰ নতুন অধ্যক্ষ হিচাবে নিৰ্বাচিত হৈছে মিঠুন মানহাছ। প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ বাৰ্ষিক সাধাৰণ সভাত নিৰ্বাচিত হয় বি চি চি আইৰ নতুন অধ্যক্ষ । বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভাত দেশৰ ক্ৰিকেট বোৰ্ডৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় দিল্লী দলৰ প্ৰাক্তন অধিনায়ক মিঠুন মানহাছ ।

আনহাতে, এ জি এমত গ্ৰহণ কৰা হয় আন কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেই অনুসৰি বি চি চি আইৰ সচিব পদত দেৱজিৎ শইকীয়া

আৰু আই পি এল গৱৰ্নিং কাউন্সিলৰ অধ্যক্ষ পদত অৰুণ ধুমল পৰৱৰ্তী কাৰ্যকালৰ বাবে বাহাল থাকিব ।

ইয়াৰ উপৰি কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ মুৰব্বী তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰঘুৰাম ভাটে কোষাধ্যক্ষ নিৰ্বাচিত হয় ।

৪৫ বছৰীয়া মানহাছে বোৰ্ডৰ ৩৭ সংখ্যক সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব । যোৱা মাহত ৭০ বছৰ সম্পূৰ্ণ কৰাৰ পিছত পদত্যাগ কৰা বি চি চি আইৰ অধ্যক্ষ ৰজাৰ বিনিৰ উত্তৰসুৰী হিচাপে তেওঁক নিৰ্বাচিত কৰা হয় । ১৯৯৭-৯৮ চনৰ পৰা ২০১৬-১৭ চনৰ ভিতৰত ১৫৭ খন প্ৰথম শ্ৰেণী, ১৩০ খন লিষ্ট এ আৰু ৫৫ খন আই পি এল মেচত অংশগ্ৰহণ কৰা প্ৰাক্তন অল ৰাউণ্ডাৰগৰাকীয়ে চলিত মাহৰ আৰম্ভণিতে নতুন দিল্লীত বোৰ্ডৰ শক্তি নিৰ্ধাৰক সমিতিৰ এক অনানুষ্ঠানিক বৈঠকত তেওঁ সৰ্বসন্মত প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰিছিল ।মানহাছে লিষ্ট এৰ মেচত ৪,১২৬ ৰাণ সংগ্ৰহ কৰাৰ উপৰি ২৭ টা শতকেৰে তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৯,৭১৪ ৰাণৰ এক আকৰ্ষণীয় ৰেকৰ্ড গঢ়ি তুলিছে ।আন এক উল্লেখযোগ্য পৰিৱৰ্তনত বি চি চি আয়ে প্ৰভতেজ ভাটিয়াক কোষাধ্যক্ষৰ পৰা ৰোহণ গাউন্স দেশাইৰ স্থানত যুটীয়া সচিবলৈ উন্নীত কৰিছে । আনহাতে, দিলীপ ভেংছৰকাৰৰ স্থানত সৌৰাষ্ট্ৰ ক্ৰিকেট সন্থাৰ সভাপতি জয়দেৱ শ্বাহক দেশৰ শীৰ্ষ ক্ৰিকেট নিয়ন্ত্ৰণ সংস্থাটোৰ সদস্য হিচাপে মনোনীত কৰে ।ইফালে নীতু ডেভিদৰ স্থানত মহিলা বাছনি পেনেলৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় অমিতা শৰ্মাক । ১১৬ খন এদিনীয়া খেলত অংশগ্ৰহণ কৰা ভাৰতৰ প্ৰাক্তন বেগী বলাৰগৰাকীৰ সৈতে থাকিব শ্যামা দে’, জয়া শৰ্মা আৰু শ্রৱন্তী নাইডু । ভাৰত আৰু শ্ৰীলংকাত ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্বকাপৰ পিছতে তেওঁলোকৰ কাৰ্যকাল আৰম্ভ হ’ব ।

দুৰ্গাপূজাৰ ষষ্ঠীৰ দিনটোতেই মুক্তি পাইছিল জুবিনৰ প্ৰথম এলবাম “অনামিকা”

১৯৯২ চনৰ ১ অক্টোবৰ। দুৰ্গা পূজাৰ মহাষষ্ঠীৰ দিন আছিল সেইটো। ষষ্ঠীৰ শুভক্ষণতেই অসমবাসীৰ মাজলৈ আহিছিল এখন নতুন অসমীয়া কেছেট। নাম ‘অনামিকা’। সুৰ আৰু সংগীতেৰে সজাইছিল সেইসময়ৰ নৱাগত কণ্ঠশিল্পী জুবিন গাৰ্গে।

‘অনামিকা’ মুক্তি পোৱাৰ পাছতেই অসমজুৰি সৃষ্টি হৈছিল সাংগীতিক চাঞ্চল্য। অসমীয়া সংগীতলৈ নামি আহিছিল নতুন সুবাস। জুবিন হৈ পৰে হাৰ্টথ্ৰ’ৱ জুবিনদা, জাতিৰ প্ৰাণস্পন্দন ।

আজি দুৰ্গা পূজাৰ ষষ্ঠী। ১৯৯২ চনৰ ষষ্ঠীৰ দিনটোতেই অসমীয়া মনবোৰক উজ্জীৱিত কৰিছিল এটা নতুন কণ্ঠই। ‘হাঁহিলে তুমি মুকুতামণি সৰে’, ‘প্ৰীতিৰ সুবাসে’, ‘মনৰ নিজানত’, ‘গানে কি আনে’, ‘পথে পথে জোনাকে’, ‘শুনা শুনা’, ‘হিয়া দহে বুকু ভাগে’, ‘কিয় জানো আজি মন’ সেই আঠটা গীতে ঘৰ সাজিছিল অসমীয়াৰ বুকুত।

Siddarth Sharma: ‘ভাৰতীয় জনতা যুৱ মৰ্চাৰ সৈতে সিদ্ধাৰ্থ শৰ্মাৰ সৈতে কোনো সম্পৰ্ক নাই’

'ভাৰতীয় জনতা যুৱ মৰ্চাৰ সৈতে সিদ্ধাৰ্থ শৰ্মাৰ সৈতে কোনো সম্পৰ্ক নাই'
'ভাৰতীয় জনতা যুৱ মৰ্চাৰ সৈতে সিদ্ধাৰ্থ শৰ্মাৰ সৈতে কোনো সম্পৰ্ক নাই'

ভাৰতীয় জনতা যুৱ মৰ্চাৰ সৈতে সিদ্ধাৰ্থ শৰ্মাৰ সৈতে কোনো সম্পৰ্ক নাই বুলি মন্তব্য ৰাকেশ দাসৰ।(Siddarth Sharma)

‘সিদ্ধার্থ শর্মাক বিজেপিৰ পৰা বহিষ্কাৰ কৰাৰ কথা আহি নপৰে’।

‘দায়িত্বত থাকোতেই যুৱ মৰ্চাৰ কোনো কাৰ্যসূচীত অংশ লোৱা নাছিল সিদ্ধার্থই’।

বৰ্তমান বিজেপিৰ প্ৰাথমিক সদস্য বা কোনো কার্যকর্তাত সিদ্ধার্থ জড়িত নহয় বুলি মন্তব্য ৰাকেশ দাসৰ।

Marmita Mitra: জুবিনক মনে-প্ৰাণে ভালপোৱা মৰ্মিতাই কৰিলে এই কাম…

জুবিনক মনে-প্ৰাণে ভালপোৱা মৰ্মিতাই কৰিলে এই কাম...
জুবিনক মনে-প্ৰাণে ভালপোৱা মৰ্মিতাই কৰিলে এই কাম...

জুবিন গাৰ্গৰ নামত টেটু বনালে মৰ্মিতা মিত্ৰই।(Marmita Mitra)

জুবিন গাৰ্গৰ নামত TATTO বনালে গায়িকা মৰ্মিতা মিত্ৰই।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি ১০টা দিন।

জুবিনক মনে-প্ৰাণে ভালপোৱা মৰ্মিতাই জুবিন গাৰ্গৰ মৃত্যুৰ দহ দিনত মায়াবিনীৰ টেটু বনালে।

টেটু বনাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো।

Zubeen Garg: প্ৰধানমন্ত্ৰী মোদীয়ে অসমীয়াতে জুবিন গাৰ্গক স্মৰণ কৰিলে…

প্ৰধানমন্ত্ৰী মোদীয়ে অসমীয়াতে জুবিন গাৰ্গক স্মৰণ মোদীৰ
প্ৰধানমন্ত্ৰী মোদীয়ে অসমীয়াতে জুবিন গাৰ্গক স্মৰণ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২৬ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত জুবিনৰ প্ৰশংসা।(Zubeen Garg)

মন কী বাতত জুবিন গাৰ্গক সোঁৱৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

মন কী বাতত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাকো সোঁৱৰণ প্ৰধানমন্ত্ৰীগৰাকীৰ।

অসমীয়াতে জুবিন গাৰ্গক স্মৰণ প্ৰধানমন্ত্ৰী মোদীৰ।


Durga Puja 2025: আজি ষষ্ঠী, বেল বৰণেৰে বেদীত স্থাপন কৰা হ’ব দেৱী দুর্গাক

আজি ষষ্ঠী, বেল বৰণেৰে বেদীত স্থাপন কৰা হ'ব দেৱী দুর্গাক
আজি ষষ্ঠী, বেল বৰণেৰে বেদীত স্থাপন কৰা হ'ব দেৱী দুর্গাক

আজি ষষ্ঠী। (Durga Puja 2025)

আজি বেল বৰণেৰে বেদীত স্থাপন কৰা হ’ব দেৱী দুর্গাক।

জুবিনবিহীন অসমত এইবাৰৰ পূজাক লৈ নাই কোনো উছাহ-উদ্দীপনা, নাই কোনো মাদকতা৷

বজাৰে সমাৰতো পূৰ্বৰ দৰে নাই গ্ৰাহকৰ ভিৰ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ হ’লেও নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপসমূহ।

জুবিনবিহীন অসম কোনেও মানি ল’ব পৰা নাই।


Zubeen Garg: আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ১০ দিন…

Zubeen Garg: আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ১০ দিন
Zubeen Garg: আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ১০ দিন

জুবিন গাৰ্গৰ কাহিলিপাৰাৰ ঘৰত নিতৌ গুণমুগ্ধৰ ভিৰ। (Zubeen Garg)

অজস্ৰজনে শোকসন্তপ্ত পৰিয়ালটোক যাঁচিছে সমবেদনা।

নাম-কীৰ্তনেৰে জুবিনৰ আত্মাৰ সদগতি কামনা।

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি ১০ দিন।

বৈদিক নীতি-নিয়মেৰে পালন দহা পৰ্ব।

১ অক্টোবৰত যোৰহাটত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ।


একত্ৰিত হ’ব বিপিএফ আৰু ইউ পি পি এল !

BTC update

বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰমোদ বড়োৰ ভাষ্য সলনি হৈছে। নিৰ্বাচনী প্ৰচাৰত হাগ্ৰামা মহিলাৰী আৰু বি পি এফক সমালোচনা কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে বিটিচিৰ ৪০ খন আসনেই এন ডি এৰ দখললৈ গৈছে। যিহেতু হাগ্ৰামাই এন ডি এক সমৰ্থন কৰে সেয়ে হাগ্ৰামাৰ বিজয় মানেই বিজেপিৰো বিজয়। 

ইফালে প্ৰমোদ বড়োৱে নিৰ্বাচনী ফলাফল প্ৰকাশ হোৱাৰ পাছতে হাগ্ৰামা আৰু তেওঁৰ দলৰ সন্দৰ্ভত সুৰ সলনি কৰিছে। তেওঁ উল্লেখ কৰিছে- যদি আমাক বিপিএফ দলে বিচাৰে তেন্তে আমাৰ দলৰ মাজত আলোচনা কৰি সিদ্ধান্ত লম। 

উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বৰে পৰা বিটিচিত বিপিএফ আৰু ইউ পি পি এলক একত্ৰিত কৰাৰ বাবে এক পৰিস্থিতি সৃষ্টি কৰিবলৈ বহু চেষ্টা চলোৱা হৈছিল। উদ্যোগ লৈছিল এবছুৱে। বড়োভূমিৰ উন্নয়ন আৰু আত্ম নিয়ন্ত্ৰণ নিজৰ হাতত ৰখাৰ বাবেই এই উদ্যোগ লৈছিল এবছুৱে।  

নিৰ্বাচনৰ পূৰ্বে বিপিএফ আৰু ইউ পি পি এল একত্ৰিত নহ’ল যদিও নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত এতিয়া বিপিএফে বিচাৰিলে ইউ পি পি এল বিপিএফৰ লগত থাকিব নে নাই সেয়া আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে প্ৰমোদ বড়োৱে ।  

Zubeen Garg: MILৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হ’ব হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ জীৱনী

MILৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হ'ব হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ জীৱনী
MILৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হ'ব হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ জীৱনী

MIL পাঠ্যক্ৰমত জুবিনৰ জীৱনী।(Zubeen Garg)

জুবিন গাৰ্গৰ জীৱনী সন্নিৱিষ্ট হ’ব MIL পাঠ্যক্রমত।

বিদ্যালয় শিক্ষা পৰিষদে আৰম্ভ কৰিছে পৰিকল্পনা।

অসম বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষৰ গুৰুত্বপূৰ্ণ মন্তব্য।

Nazira News: এখন থানাত টকাৰ উজানঃ টকা গণি গণি ভাগৰিছে আৰক্ষী

এখন থানাত টকাৰ উজানঃ টকা গণি গণি ভাগৰিছে আৰক্ষী
এখন থানাত টকাৰ উজানঃ টকা গণি গণি ভাগৰিছে আৰক্ষী

এখন থানাত টকাৰ উজান।(Nazira News)


টকা গণি গণি ভাগৰিছে আৰক্ষী।


নাজিৰাৰ শিমলুগুৰি থানাত চোৰৰ পৰা উদ্ধাৰ ১৪.৭৩ লাখ টকা।

শুকুৰবাৰে বিকাশ কুমাৰ নামৰ ব্যৱসায়ীজনৰ ঘৰৰ পৰা চুৰি হৈছিল ৪০ লাখ টকা।

অবৈধ ড্ৰাগছ আৰু মদৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে বিকাশ কুমাৰৰ বিৰুদ্ধে।

আৰক্ষীয়ে আটক কৰা বিকাশ কুমাৰৰ গাড়ী চালক বিটু গগৈৰ মন্তব্যত সম্পূৰ্ণ তথ্য পোহৰলৈ আহিছে।

লগতে নগালেণ্ডলৈ অবৈধ ভাৱে মদ আৰু ড্ৰাগছ সৰবৰাহ কৰি আহিছে।