Home Blog Page 67

Guwahati bridge: গুৱাহাটীত আজি উদ্বোধনী হ’ব দুখনকৈ উৰণসেতু…

গুৱাহাটীত আজি উদ্বোধনী হ'ব দুখনকৈ উৰণসেতু
গুৱাহাটীত আজি উদ্বোধনী হ'ব দুখনকৈ উৰণসেতু

গুৱাহাটীত আজি উদ্বোধনী হ’ব দুখনকৈ উৰণসেতু।(Guwahati bridge)

পাণবজাৰ উৰণসেতু আৰু পানীখাইতী উৰণসেতু উদ্বোধনী কৰা হ’ব।

বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে মুকলি কৰিব উৰণসেতু দুখন।

বিয়লি ৪.৩০ বজাত ২৯০ মিঃ দৈৰ্ঘ্যৰ পাণবজাৰ উৰণসেতু উদ্বোধন কৰিব।

বিয়লি ৫.৩০ বজাত উদ্বোধন কৰিব জয়ন্ত হাজৰিকা উৰণসেতু।

৩০ ছেপ্টেম্বৰত গুৱাহাটীত ICC মহিলা বিশ্বকাপ, জুবিন ফেন ক্লাবলৈ ৫ হাজাৰ বিনামূলীয়া টিকট!

ICC WOMEN WORLD CUP
৩০ ছেপ্টেম্বৰত গুৱাহাটীত ICC মহিলা বিশ্বকাপ

৩০ ছেপ্টেম্বৰত গুৱাহাটীত ICC মহিলা বিশ্বকাপ। গুৱাহাটীৰ উদ্ধোধনী খেলত ভাৰত আৰু শ্ৰীলংকা মুখামুখি হ’ব।
টীম ইণ্ডিয়া আৰু শ্ৰীলংকাৰ খেলুৱৈসকল কাইলৈ গুৱাহাটীত আহি উপস্থিত হ’ব।

জুবিন ফেন ক্লাবলৈ ৫ হাজাৰ বিনামূলীয়া টিকট বিতৰণ কৰিব এচিএই।
খেলৰ আধা ঘণ্টা পূৰ্বে বৰ্ষাপাৰা ষ্টেডিয়ামত হ’ব শ্ৰেয়া ঘোষালৰ সংগীতানুষ্ঠান।

উদ্ধোধনী সমাৰোহ উছৰ্গা কৰা হ’ব জুবিন গাৰ্গৰ নামত।
জুবিন গাৰ্গৰ মৃত্যুৰ বিতৰ্কত জড়িত কোনো শিল্পীকে আমন্ত্ৰণ নজনায় এচিএই।

চলি আছে BTC নিৰ্বাচনৰ ভোটগণনা, আজি নিৰ্ণয় হ’ব ৩১৬জন প্ৰাৰ্থীৰ ভাগ্য । BTC

চলি আছে BTC নিৰ্বাচনৰ ভোটগণনা, আজি নিৰ্ণয় হ’ব ৩১৬জন প্ৰাৰ্থীৰ ভাগ্য । BTC
চলি আছে BTC নিৰ্বাচনৰ ভোটগণনা, আজি নিৰ্ণয় হ’ব ৩১৬জন প্ৰাৰ্থীৰ ভাগ্য । BTC

পুৱা ৮ বজাৰ পৰা বডোলেণ্ড টেৰিটোৰিয়েল কাউনচিল (BTC) নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৩১৬জন প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা কৰা এই নিৰ্বাচনত ৪০খন পৰিষদীয় আসনৰ ফলাফল আজি ঘোষণা হ’ব।

BTCৰ পাঁচখন জিলা সদৰ — কোকৰাঝাৰ, বকো, চিৰাং, উদালগুৰি আৰু তামুলপুৰত ভোটগণনা অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ গৰিষ্ঠ উৎসাহৰ মাজত হোৱা এই নিৰ্বাচনত ৭৭.৭৫ শতাংশৰো অধিক ভোটাৰ উপস্থিতি পৰিলক্ষিত হৈছিল।

🔸 শেহতীয়া ফলাফল আৰু অগ্ৰগতি

  • দেৱৰগাঁও সমষ্টিহাগ্ৰামা মহিলাৰীৰ অগ্ৰগতি লক্ষ্য কৰা গৈছে। যদিও চিৰাং দুৱাৰ সমষ্টিত তেওঁ পিছ পৰিছে।
  • পাঁচনৈ চেৰফাঙ, ধনশ্ৰী, আৰু ননৈ চেৰফাঙবিপিএফ প্ৰাৰ্থীসকলৰ অগ্ৰগতি দেখা গৈছে।
  • মুদৈবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী দিগন্ত বৰুৱাৰ অগ্ৰগতি।
  • পাঁচনৈ চেৰফাঙবিজেপি প্ৰাৰ্থী দীপক ম’ৰ অগ্ৰগতি।
  • ধনশ্ৰীফ্ৰেছ মুছাহাৰী (BPF) আগবাঢ়ি আছে।
  • ননৈ চেৰফাঙBPF প্ৰাৰ্থী পল তপ্ন অগ্ৰগামী।
  • কচুগাঁও সমষ্টিত BPFৰ ৰবিৰাম নাৰ্জাৰীৰ অগ্ৰগতি।
  • ছালাকাটিত BPFৰ দেৰহাছৎ মুছাহাৰীৰ অগ্ৰগতি দেখা গৈছে, যেতিয়া UPPLৰ লৰেঞ্চ ইছলাৰী পিছ পৰিছে।

🔹 অন্যান্য সমষ্টিসমূহৰ আপডেট

  • গয়বাৰীপ্ৰমোদ বড়োৰ অগ্ৰগতি দেখা গৈছে, যদিও দতমাত তেওঁ পিছ পৰিছে।
  • বাগানপাৰাৰেখা ৰাণী দাস বড়ো আগবাঢ়ি আছে, যেতিয়া চন্দন ব্ৰহ্ম পিছ পৰিছে কাজল গাঁওত।
  • ভৈৰৱকুণ্ডUPPLৰ গোবিন্দ বসুমতাৰী পিছ পৰিছে।
  • থুৰিবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ অগ্ৰগতি দেখা গৈছে।
  • প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰো একাধিক সমষ্টিত অগ্ৰগতি ধৰা পৰিছে।

Zubeen Garg: শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহৰ দাখিল শিল্পী সন্থাৰ

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহৰ দাখিল শিল্পী সন্থাৰ
শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহৰ দাখিল শিল্পী সন্থাৰ

শ্যামকানু মহন্ত (Zubeen Garg) আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহৰ দাখিল শিল্পী সন্থাৰ। সামাজিক মাধ্যমত অভিনেতা ৰবি শৰ্মাই জনাই যে সমগ্ৰ শিল্পী সন্থাৰ হৈ আমি চি আই ডিৰ কাৰ্যালয়ত একত্ৰিত হৈ শ্যামকানু মহন্ত আৰু প্ৰয়াত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহৰ দাখিল কৰোঁ। জুবিন গাৰ্গে ন্যায় নোপোৱালৈ আমি ক্ষান্ত হৈ নাথাকোঁ।

আনহাতে যতীন বৰাই সামাজিক মাধ্যমত উল্লেখ কৰে জুবিন গাৰ্গৰ প্ৰতি ন্যায় আৰু সঠিক তদন্তৰ দাবীৰে শিল্পী সমাজৰ হৈ CID কাৰ্যালয়ত এখনি এজাহাৰ দাখিল কৰা হ’ল। সঠিক তদন্ত হ’বই লাগিব। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। অসমবাসী ৰাইজৰ মনত থকা সন্দেহ আৰু আঘাতবোৰ আতৰ হ’বই লাগিব। অসমৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱালৈকে আমি স্তব্ধ নহও।

Zubeen Garg : শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মালৈ CIDৰ জাননী…

Zubeen Garg : শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মালৈ CIDৰ জাননী
Zubeen Garg : শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মালৈ CIDৰ জাননী

শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মালৈ CIDৰ জাননী।(Zubeen Garg)


১০দিনৰ ভিতৰত CIDৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ।


ছিংগাপুৰৰ ১১প্ৰৱাসী অসমীয়ালৈও জাননী।


ছিংগাপুৰৰ উচ্চাআয়ুক্তৰ সৈতে যোগাযোগ CIDৰ।


হাজিৰ নহ’লে জাৰি কৰিব লুকআউট নটিছ।

zubeen garg: ‘এজন ৰজাই কেতিয়াও সাম্রাজ্য এৰি নাযায়…’

zubeen garg: 'এজন ৰজাই কেতিয়াও সাম্রাজ্য এৰি নাযায়...'
zubeen garg: 'এজন ৰজাই কেতিয়াও সাম্রাজ্য এৰি নাযায়...'

ৰীতা চৌধুৰীৰ সৈতে (zubeen garg) হোৱা এক সাক্ষাৎকাৰত জুবিন গাৰ্গে কৈছিল- “মোক সকলোৱে সোধে, বম্বেত কিয় নাথাকে আপুনি? মই কওঁ, এজন ৰজাই কেতিয়াও সাম্রাজ্য এৰি নাযায়। তাত কোনো ৰজা নাই। লতা মংগেশকাৰ মৰি গ’ল, তেওঁলোকে কিবা কৰিলেনে? নাই কৰা। ৰাজেশ খান্না মৰিলে নিউজ এটা ওলাইছিল যে, মৃত্যু হ’ল। মই যদি মৰোঁ অসমত এসপ্তাহ বন্ধ হৈ থাকিব। মই এনেকৈ থাকিব বিচাৰোঁ।”

লগতে তেওঁ কৈছিল মোৰ কোনো আশ্রয় নাই। মই নিজে নিজৰ সৃষ্ট মানুহ। আনকি মোৰ ঘৰো নাই। মোৰ ৫টা ঘৰ আছে কিন্তু মই ষ্টুডিঅ’ত শুই থাকোঁ। পৃথিৱীৰ প্ৰায়বোৰ মানুহেই অকলশৰীয়া। কিন্তু মই শক্তিশালী।

ৰীতা চৌধুৰীৰ সৈতে হোৱা এই সাক্ষাৎকাৰটোত যেন এজন অনন্য জুবিন গাৰ্গক বিচাৰি পাইছে ৰাইজে।

পিছ পৰি আছে হাগ্ৰামা মহিলাৰী!

BTC election result
পিছ পৰি আছে হাগ্ৰামা মহিলাৰী

অব্যাহত আছে বিটিচি নিৰ্বাচনৰ ভোটগণণা । সবল স্থিতিত আছে বিপিএফ । তাৰমাজতেই আহিছে এটা বিশেষ খবৰ ।
দেৱৰগাঁও সমষ্টিত চতুৰ্থ ৰাউণ্ডতো পিছ পৰি আছে হাগ্ৰামা মহিলাৰী


দেৱৰগাঁও সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ ভোট গণনা সম্পন্ন।
চতুৰ্থ ৰাউণ্ডৰ অন্ততো পিছ পৰি আছে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী।
সমষ্টিটোত আগবাঢ়ি আছে ইউপিপিএলৰ খাম্ফা বৰগয়াৰী।


চতুৰ্থ ৰাউণ্ডলৈ খাম্ফা বৰগয়াৰী ৭৪১ টা ভোটত আগবাঢ়ি আছে ৷
তেওঁ লাভ কৰিছে- ১০৫৩০ টা ভোট।
হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিছে ৯৭৮৯ টা ভোট।

Shyamkanu Mahanta: বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity”

বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity"
বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity"

সামাজিক মাধ্যমত সৃজনী ভাস্ব মহন্তৰ বিস্ফোৰক অভিযোগ। (Shyamkanu Mahanta) জুবিন গাৰ্গক শ্যামকানু মহন্তই পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ। সামাজিক মাধ্যমত শ্যামকানু মহন্তৰ ভতিজী সৃজনী ভাস্ব মহন্তই লিখিছে, ‘জুবিনদা অসমৰ জাতীয় জীৱন আৰু প্ৰত্যেক অসমীয়াৰ ব্যক্তিগত জীৱনৰ বাবে কি আছিল, কি হৈ ৰ’ব চিৰদিন, তাৰ বিশালতাক কেইটামান শব্দত কেতিয়াও সামৰিব নোৱাৰি, শিৰাই-শিৰাই মাথোঁ অনুভৱহে কৰিব পাৰি। তেওঁৰ কৰ্ম আৰু জীৱনশৈলীৰে এগৰাকী সম্পূৰ্ণ মানুহ হোৱাৰ অৰ্থ আমাক সকলোকে বুজাই থৈ গ’ল। যোৱা এসপ্তাহ ধৰি মোলৈ ঢেৰ মেছেজ আহি আছে মোক শুধি যে মই কিয় একো এটা লিখা নাই, কোৱা নাই জুবিনদাৰ মৃত্যুকলৈ। আজিও একো নিলিখিলো হয়, কাৰণ সকলো মানুহে নিজ-নিজ ধৰণেৰে শোকৰ লগত মোকাবিলা কৰে। কিন্তু কিছুমান কথাৰ কাৰণে লিখিবলৈ বাধ্য হৈছো।
মোৰ কামক বা চিন্তাধাৰাক আপোনালোকে যেনেদৰে সমালোচনা কৰে, গালিও পাৰে মাজে-মাজে, মোৰ ভাল লাগে, নিজকে সৌভাগ্যশালী বুলি ভাবো। কিন্তু আজিৰ প্ৰেক্ষাপটত শ্যামকাণু মহন্ত ওৰফে ফেষ্টিভেল মহন্তৰ কৰ্মকাণ্ডৰ লগত বহুতে মোকো সাঙুৰি লোৱা দেখিবলৈ পাইছো। এইটোহে মোৰ বাবে গ্ৰহণযোগ্য নহয়। জন্মসূত্ৰে মই এটা পৰিয়ালৰ সদস্য। তেজৰ সম্পৰ্কৰ বাহিৰে ফেষ্টিভেল মহন্তৰ লগত মোৰ আন কোনো সম্পৰ্ক নাই। বহুত বছৰ ধৰি কোনো ধৰণৰ কথা-বতৰাও নাই উল্লিখিত ব্যক্তিজনৰ লগত। যিসকল লোকে মোক ব্যক্তিগতভাৱে চিনি পায়, তেওঁলোকে জানে আমাৰ মতাদৰ্শ আৰু জীৱন-যাপন কিমান পৃথক। তেওঁ মোৰ বিভিন্ন ৰাজনৈতিক আৰু সাংস্কৃতিক উক্তিৰ বিৰুদ্ধে কেইবাবাৰো সামাজিক মাধ্যমত স্পষ্টীকৰণ লিখি ঘোষণা কৰিছে যে তেওঁ আৰু তেওঁৰ আন ভাইকেইজনৰ লগত মোৰ কোনো সম্পৰ্ক নাই।
বহু বছৰৰ আগৰ কথা, এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিল। এজনে ক’লে, “জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয়, কিয়যে ইমান মদ খায়!” ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো – “বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)।” সেই একেটা মানুহে আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁৰ “ৰাজহাড়”, জুবিন তেওঁৰ “আত্মা”। ঘৃণা উপজে। জুবিনদাৰ জীৱনকলৈ খেলা কৰা প্ৰত্যেকটো প্ৰাণী জাহান্নামে যাওঁক। কঠোৰতম তদন্ত আৰু শাস্তি হওঁক।’

Sarat Saurav: জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত উদ্ভণ্ডালি কৰাৰ অভিযোগত যুৱকক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰৰ পূৰ্বে কি ক’লে চাওক…

Sarat Saurav: জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত উদ্ভণ্ডালি কৰাৰ অভিযোগত যুৱকক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰৰ পূৰ্বে কি ক'লে চাওক...
Sarat Saurav: জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত উদ্ভণ্ডালি কৰাৰ অভিযোগত যুৱকক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰৰ পূৰ্বে কি ক'লে চাওক...

জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত উদ্ভণ্ডালিৰ অভিযোগত দেৰগাঁৱৰ কোবালপাম গাঁৱৰ এজন যুৱকক গ্ৰেপ্তাৰ। (Sarat Saurav)

গোলাঘাট আৰু দেৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শৰৎ সৌৰভ নামৰ যুৱকজনক।

জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত উদ্ভণ্ডালিৰ অভিযোগত গ্ৰেপ্তাৰ যুৱকজনক।


জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা শ্যামকানু, সিদ্ধাৰ্থ, মিত্ৰালক গ্ৰেপ্তাৰ কৰিব লাগে বুলি প্ৰতিবাদ কৰি আইনী ৰোষত পৰিল দেৰগাঁৱৰ শৰৎ সৌৰভ।

গ্ৰেপ্তাৰৰ পূৰ্বে ফেচবুক লাইভ যোগে কি কৈছিল যুৱকজনে?

২৬ চেপ্তেম্বৰত মুক্তি পাব অসম জীয়ৰী অলংকৃতা বৰাই মূখ‍্য চৰিত্ৰত অভিনয় কৰা চলচিত্ৰ “তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম”

২৬ চেপ্তেম্বৰত মুক্তি পাব অসম জীয়ৰী অলংকৃতা বৰাই মূখ‍্য চৰিত্ৰত অভিনয় কৰা চলচিত্ৰ “তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম”

অসম জীয়ৰী অলংকৃতা বৰাই মূখ‍্য চৰিত্ৰত অভিনয় কৰা “তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম”(Tara and Akash- Love beyond realm) নামৰ হিন্দী ভাষাৰ চলচিত্ৰখন অহা ২৬ চেপ্তেম্বৰৰ পৰা ভাৰতবৰ্ষৰ সকলো “পি ভি আৰ আইনক্স PVR INOX” চিনেমাগৃহত একেলগে মুক্তি পাব।


ভাৰতীয় চিনেমাৰ লিজেণ্ড (Legends) আমোল পালেকাৰ, দিপ্তী নাভেল, বৈজেন্দ্ৰ কালাই অভিনয় কৰা পূৰ্ণদৈৰ্ঘ‍্যৰ চিনেমাখনৰ নায়ক জীতেশ ঠাকুৰৰ বিপৰীতে পূৰ্বৰ মিচ্ ডিভা ইউনিভাৰ্চৰ ফাইনেলিষ্ট অসমৰ অলংকৃতাই অতি মননশীল নায়িকাৰ চৰিত্ৰটিত বলিষ্ঠ অভিনয় কৰিছে।

শ্ৰীনিবাস এব্ৰলে পৰিচালনা কৰা চিনেমাখনৰ সংগীত বলীউডৰ বিখ‍্যাত সংগীতজ্ঞ চি. সত‍্যৰ।
ভাৰত চৰকাৰ (National Film Development Corporation NFDC) আৰু চুইজাৰলেণ্ড চৰকাৰৰ (Switzerland Tourism and Swiss Air) ৰৰ সহযোগীতাত মোম্বাইৰ WFE Films য়ে চিনেমাখন প্ৰযোজনা কৰিছে।


শাশ্বত প্ৰেম আৰু ভাৰতীয় দৰ্শনৰ প্ৰতিফলন ঘটা পৰিয়ালৰ সকলোৰে উপভোগ‍্য চিনেমাখনৰ ইতিমধ‍্যে কানাডাৰ Toronto International Film Festival(TIFF) আৰু গোৱাৰ International Film Festival of India (IFFI-Goa)ত ক্ৰমে World Premiere আৰু Asian Premiere হৈ গৈছে। মোম্বাইত অনুষ্ঠিত World Audio Visual Summit WAVE-25 ত ভাৰতৰ হৈ “তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম” প্ৰদৰ্শিত হৈছিল।


চিনেমাখনৰ মুক্তিৰ প্ৰাকমূহুৰ্তত ভাৰতৰ বিভিন্ন স্তৰৰ চিনেপ্ৰমী আৰু সংবাদজগতত বিশেষ চৰ্চা লাভ কৰিছে।
আশাকৰো, অসমৰ ৰাইজেও অসম জীয়ৰী অলংকৃতা অভিনীত চিনেমাখন আদৰি লব।