Home Blog Page 67

Himanta Biswa Sarma: বিদেশী ঘোষিত হ’লেই এসপ্তাহৰ ভিতৰতে বহিষ্কাৰ

বিদেশী ঘোষিত হ’লেই এসপ্তাহৰ ভিতৰতে বহিষ্কাৰ
বিদেশী ঘোষিত হ’লেই এসপ্তাহৰ ভিতৰতে বহিষ্কাৰ

বিদেশী ন্যায়াধিকৰণে কাকো (Himanta Biswa Sarma) বিদেশী বুলি ঘোষণা কৰাৰ পাছত সৰ্বাধিক এসপ্তাহৰ ভিতৰতে সংশ্লিষ্ট ব্যক্তিক নিজ দেশলৈ প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰা হ’ব বুলি বৃহস্পতিবাৰে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অবৈধ বিদেশীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো ধৰণৰ শিথিলতা নেদেখুৱাই কঠোৰ আৰু প্ৰত্যক্ষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু ইতিমধ্যে ২ হাজাৰ অবৈধ বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাটো চৰকাৰৰ দৃঢ় সংকল্প। সেইহেতু এতিয়াৰ পৰা বিদেশী ন্যায়াধিকৰণে যিকোনো ব্যক্তিক বিদেশী বুলি ঘোষণা কৰাৰ লগে লগে সংশ্লিষ্ট জিলা প্ৰশাসনে বিলম্ব নকৰি বহিষ্কাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। এই সন্দৰ্ভত তেওঁ পূৰ্বে ২৫ ডিচেম্বৰত কৰা মন্তব্য স্মৰণ কৰাই দিয়ে যে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কোনো আপোচ নকৰাকৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে। আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত অপৰাধমূলক ঘটনাৰ সংখ্যা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে আৰু একে সময়তে দোষী সাব্যস্তকৰণৰ হাৰো বৃদ্ধি পাইছে। তেওঁ জানিবলৈ দিয়ে যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ মূল্যায়ন অনুসৰি নতুন ফৌজদাৰী আইনসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসমে দেশৰ সকলো ৰাজ্যৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, ২০২১ চনত ৰাজ্যত ১ লাখ ৩৩ হাজাৰ গোচৰ পঞ্জীয়ন হৈছিল যদিও ২০২৫ চনত এই সংখ্যা হ্ৰাস পাই ৪৩ হাজাৰ ৭৪৮ লৈ নামি আহিছে। লগতে আদালতত অভিযোগনামা দাখিলৰ হাৰ ৮১ শতাংশলৈ উন্নীত হোৱাৰ লগতে দোষী সাব্যস্তকৰণৰ হাৰো ৬ শতাংশৰ পৰা বৃদ্ধি পাই ২৬.৩৮ শতাংশত উপনীত হৈছে। ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে অহা জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। তাৰ পাছতেই ফেব্ৰুৱাৰী মাহত প্ৰস্তাৱিত গেলেফু ৰে’লপথ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হ’ব।


মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিগত পাঁচ বছৰত ৰাজ্যখনত আন্তঃগাঁথনি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি সাধিত হৈছে। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত চাৰিখন নতুন দলং নিৰ্মাণৰ কাম চলি আছে আৰু অহা ফেব্ৰুৱাৰী মাহত গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী নতুন দলংখন ৰাইজৰ বাবে মুকলি কৰা হ’ব। তেওঁ লগতে জানিবলৈ দিয়ে যে প্ৰায় ৬ হাজাৰ ৯৫৭ কোটি টকা ব্যয়ে নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্পই ৰাজ্যখনৰ পথ যোগাযোগ ব্যৱস্থাত এক নতুন দিশ প্ৰদান কৰিব। গহপুৰৰ পৰা নুমলীগড়লৈ সংযোগ স্থাপনৰ লক্ষ্যৰে পানীৰ তলৰে সুৰংগ পথ আৰু ৰে’লপথ নিৰ্মাণৰ এক বৃহৎ প্ৰস্তাৱিত আঁচনিৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰায় ২২ হাজাৰ কোটি টকা ব্যয়ৰ এই প্ৰকল্পটো ইতিমধ্যে বিত্ত মন্ত্ৰালয়ৰ অনুমোদন লাভ কৰিছে আৰু অহা ফেব্ৰুৱাৰী মাহতেই গেলেফু ৰে’ললাইন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে গুৱাহাটী বিমানবন্দৰৰ সমীপত প্ৰস্তাৱিত এলিভেটেড কৰিড’ৰৰ লগতে ৬৮ একৰ ভূমিত এখন আধুনিক এৰ’চিটি গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত এছিয়ান ডেভেলপমেণ্ট বেংকৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ উপৰিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বৰ্তমানৰ কাঠামো সম্পূৰ্ণৰূপে ভাঙি ২ হাজাৰ ২০০ কোটি টকা ব্যয়ে এখন নতুন আধুনিক চিকিৎসালয় নিৰ্মাণ কৰা হ’ব। লগতে ১২০ মেগাৱাট ক্ষমতাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পো শীঘ্ৰেই উদ্বোধন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।


ৰাজ্যৰ অৰ্থনৈতিক অগ্ৰগতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ২০২০ চনৰ পৰা ২০২৫ চনলৈকে অসম দেশৰ ভিতৰত সৰ্বাধিক দ্ৰুতগতিত বিকাশ কৰা ৰাজ্য হিচাপে স্বীকৃত হৈছে। তেওঁ কয় যে য’ত ৰাষ্ট্ৰীয় গড় বৃদ্ধিৰ হাৰ আছিল ২৯ শতাংশ, তাত অসমৰ বিকাশৰ হাৰ ৪৫ শতাংশ। বৰ্তমান মূল্যৰ আধাৰত ৰাজ্যখনৰ স্থুল ৰাজ্যিক ঘৰুৱা উৎপাদন ২০২১–২২ বৰ্ষৰ ৪.১০ লাখ কোটি টকাৰ পৰা ২০২৫–২৬ বৰ্ষৰ ভিতৰত ৭.৪১ লাখ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ জনমূৰি আয় ৫৪ শতাংশ বৃদ্ধি পাই বৰ্তমান ১.৫৯ লাখ টকাত উপনীত হৈছে আৰু একে সময়তে ৰাজ্যৰ ৰাজহ আয়ো ৫৩ শতাংশ বৃদ্ধি পাইছে। ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিসমূহ ৰাজ্যক ‘অষ্টলক্ষ্মী’ নামে অভিহিত কৰিছে, সেইসমূহৰ ভিতৰত অসম আজি কেৱল এই উপাধিত সীমাবদ্ধ নহয়; বৰঞ্চ দেশৰ ভিতৰত দ্ৰুত বিকাশমান ৰাজ্যসমূহৰ অগ্ৰশাৰীত সুদৃঢ়ভাৱে ঠাই ল’বলৈ সক্ষম হৈছে। শেহতীয়া বছৰসমূহত ৰাজ্যখনত যি বিকাশৰ গতি দেখা গৈছে, তাৰ মূল আধাৰ হৈছে পথ-যোগাযোগ আৰু যাতায়াত ব্যৱস্থাত সাধিত আমূল পৰিৱর্তন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ বহুতো প্ৰকল্প আৰু অভিলাষী আঁচনি ৰূপায়ণ কৰি অসমৰ আন্তঃগাঁথনি উন্নয়নত নতুন দিশ প্ৰদান কৰিছে। বিশেষকৈ পথ যোগাযোগ ব্যৱস্থাৰ বিস্তাৰে ৰাজ্যখনৰ অৰ্থনৈতিক গতি বৃদ্ধি, শিল্প-বাণিজ্যৰ প্ৰসাৰ আৰু সাধাৰণ জনতাৰ জীৱনধাৰা উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।


ৰাজ্যখনত জলপথ, স্থলপথ আৰু আকাশপথ—এই তিনিও ক্ষেত্ৰতে একেলগে উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আধুনিক পথ, দলং, বাইপাছ আৰু দ্ৰুতপথ নিৰ্মাণৰ ফলত কেৱল মহানগৰ কেন্দ্ৰতেই নহয়, গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলসমূহৰ লগতো ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ সংযোগ অধিক দৃঢ় হৈছে। বিগত পাঁচ বছৰত গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ নিৰ্মাণ আৰু সম্প্ৰসাৰণৰ কাম যিদৰে আগবাঢ়িছে, সেয়া অসমক দেশৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ স্থান প্ৰদান কৰিছে। এই বিকাশ যাত্ৰাৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু বহুল আলোচিত প্ৰকল্প হৈছে গুৱাহাটীৰ ৰিং ৰোড। মহানগৰীৰ যানজঁট হ্ৰাস, দীঘলীয়া পথযাত্ৰা সৰলীকৰণ আৰু আঞ্চলিক সংযোগ অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে এই বৃহৎ প্ৰকল্প হাতত লোৱা হৈছে। চলিত বৰ্ষৰ ১৪ ছেপ্টেম্বৰত প্ৰায় ৫ হাজাৰ ৭২৯ কোটি টকা ব্যয়ে নিৰ্মাণ হ’বলগীয়া গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰে। ইতিমধ্যে প্ৰকল্পৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কাম আৰম্ভ হৈছে। পৰিকল্পনা অনুসৰি, ২০২৭ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া প্ৰায় ১২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাই শিলচৰ–সৌৰাষ্ট্ৰীয় ইষ্ট–ৱেষ্ট কৰিড’ৰৰ সৈতে সংযোগ স্থাপন কৰিব। ইয়াৰ ফলত অসম দেশৰ অন্যান্য অংশৰ সৈতে অধিক দ্ৰুত আৰু অবিৰত পথযোগাযোগৰ আওতাত আহিব। এই সংযোগে কেৱল যাতায়াত ক্ষেত্ৰতেই নহয়, বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।
ৰিং ৰোডৰ পথ-ৰেখা অনুসৰি, এই পথ কমলপুৰৰ পৰা আৰম্ভ হৈ বাইহাটা চাৰিআলি, পানীখাইতী আৰু চন্দ্ৰপুৰ অতিক্ৰম কৰি আমচাং অভয়াৰণ্যৰ কাষেৰে সোণাপুৰৰ কাপালকাটালৈ বিস্তৃত হ’ব।

ইয়াৰ পাছত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৰাবাট আৰু গুৱাহাটী বাইপাছ অতিক্ৰম কৰি পুনৰ কমলপুৰত এই বৃত্তাকাৰ পথছোৱা সম্পূৰ্ণ হ’ব। এই ব্যৱস্থাই মহানগৰৰ ভিতৰত প্ৰৱেশ নকৰাকৈয়ে দীঘলীয়া পথৰ যানবাহন চলাচলৰ সুবিধা প্ৰদান কৰিব। প্ৰকল্পৰ অন্তৰ্গত কমলপুৰৰ পৰা বাইহাটা চাৰিআলি, কুৰুৱা, দেৰগাঁও, কৰৰা, মান্দাকাটা আৰু চুটিকাঘুৰিলৈ চাৰিলেনযুক্ত আধুনিক পথ নিৰ্মাণ কৰা হ’ব। ইয়াৰ লগতে কুৰুৱাৰ পৰা নাৰেঙ্গী সংযোগস্থললৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰায় তিন কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয়লেনযুক্ত এখন আধুনিক দলং নিৰ্মাণ কৰা হ’ব। এই দলঙে গুৱাহাটীৰ যানজঁট হ্ৰাস কৰাৰ লগতে উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত যাতায়াত অধিক সুৰক্ষিত আৰু সলসলীয়া কৰি তুলিব। ইয়াৰ উপৰিও ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাট–গুৱাহাটী বাইপাছ অংশৰ বৰ্তমানৰ চাৰিলেনযুক্ত পথটো ছয়লেনলৈ উন্নীত কৰাৰ ব্যৱস্থা লোৱা হৈছে। ইয়াৰ ফলত মহানগৰৰ বাহিৰেৰে চলাচল কৰা গধুৰ যানবাহনৰ চাপ হ্ৰাস পাব আৰু দৈনন্দিন যাত্ৰীৰ যাতায়াত অধিক সুবিধাজনক হ’ব। গুৱাহাটী ৰিং ৰোড সম্পূৰ্ণ হ’লে মহানগৰৰ ভিতৰত প্ৰৱেশ নকৰাকৈয়ে পশ্চিমবংগ, বিহাৰ, নাগালেণ্ড আৰু ত্ৰিপুৰালৈ সোজা পথযোগাযোগ সম্ভৱ হ’ব। লগতে শিলচৰ, শিলং, যোৰহাট, তেজপুৰ, যোগীঘোপা আৰু বৰপেটাৰ লগতো গুৱাহাটীৰ সংযোগ অধিক সুদৃঢ় হ’ব।

Doboka Eviction: মধ্য অসমত আজি বছৰৰ প্ৰথমটো উচ্ছেদ

Doboka Eviction: মধ্য অসমত আজি বছৰৰ প্ৰথমটো উচ্ছেদ
Doboka Eviction: মধ্য অসমত আজি বছৰৰ প্ৰথমটো উচ্ছেদ

মধ্য অসমত আজি বছৰৰ প্ৰথমটো উচ্ছেদ।(Doboka Eviction)

পুৱাই উপস্থিত বুলড’জাৰ, আৰক্ষী-বাহিনী।

প্ৰচণ্ড শীতৰ মাজতে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ।

নৱবৰ্ষৰ দ্বীতিয়টো দিনত ডবকাত সৰ্ববৃহৎ উচ্ছেদ অভিযান।

৬ হাজাৰতকৈ অধিক ভূমিত প্ৰশাসনে চলাইছে উচ্ছেদ।

উচ্ছেদৰ পূৰ্বে আঁতৰি যায় অধিকাংশ লোক।

ডবকাৰ মৌডংগা সংৰক্ষিত বনাঞ্চলত ১২৫০ টাকৈ অধিক পৰিয়ালত উচ্ছেদ।

মছজিদ-মাদ্ৰাছাকে ধৰি ভাঙিছে ঘৰ-দোৱাৰ।

ডবকাৰ মৌডংগা সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান।

৬ হাজাৰ বিঘা ভূমি কৰিব বেদখল মুক্ত।

১২৫০ টা পৰিয়ালে অবৈধ ভাৱে গাঁৱ পাতি সাজিছিল ঘৰ-দুৱাৰ, তামুলবাৰী
ইতিমধ্যে ঘৰ-দুৱাৰ ভাঙি স্থান এৰিছে।

Udashin Bhakats: ৰাজ্যৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনি

ৰাজ্যৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনি
ৰাজ্যৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনি

ৰাজ্যৰ উদাসীন (Udashin Bhakats) ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনি।

দিছপুৰৰ লোকসেৱা ভৱনত আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান।

অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

উদাসীন ভকতসকলক প্ৰদান কৰিব মাহিলি ১,৫০০ টকাকৈ।

সত্ৰৰ উদাসীন ভকতলৈ আৰ্থিক অনুদান বিশেষ আঁচনিৰ শুভাৰম্ভ ।

সৰ্বমুঠ ৬২০ গৰাকীক প্ৰদান কৰা হ’ব এই আঁচনিৰ ধন।

প্ৰতিগৰাকী উদাসীন ভকতক ১৫০০টকাকৈ ধন প্রদান মুখ্যমন্ত্ৰীৰ।

কামৰূপ ১৪, লখিমপুৰ ২২, মাজুলী ৪৭৪, নগাঁও ৭, নলবাৰী ৬, শিৱসাগৰ ৫, শোণিতপুৰ ৩, ওদালগুৰি ৩গৰাকী
সৰ্বমুঠ ৬২০গৰাকীক প্ৰদান কৰা হ’ব এই আঁচনিৰ ধন।

অনুকৰণীয় ৰে’ল সেৱাৰ ৩৪ বছৰঃ সমীৰণ ডেকাৰ অনুপ্ৰেৰণামূলক যাত্ৰা

অনুকৰণীয় ৰে’ল সেৱাৰ ৩৪ বছৰঃ সমীৰণ ডেকাৰ অনুপ্ৰেৰণামূলক যাত্ৰা
অনুকৰণীয় ৰে’ল সেৱাৰ ৩৪ বছৰঃ সমীৰণ ডেকাৰ অনুপ্ৰেৰণামূলক যাত্ৰা

উত্তৰ-পূব সীমান্ত ৰে’লৱে (এন.এফ.আৰ.)-ৰ এচিছটেন্ট ক্যাটাৰিং অফিচাৰ/মুখ্য কাৰ্যালয় (গেজেটেড) সমীৰণ ডেকাই দীঘলীয়া আৰু নিষ্ঠাৱান সেৱাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰি ২০২৫ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। ৰে’লৱেৰ সৈতে তেওঁৰ ৩৪ বছৰ ৭ মাহ আৰু ৪ দিনীয়া কৰ্মজীৱন অনুকৰণীয় দায়বদ্ধতা, অখণ্ডতা আৰু শৃঙ্খলাৰ বাবে স্মৰণীয় হৈ ৰ’ব।

১৯৯১ চনৰ ২৭ মে’ত ৰে’লৱেত যোগদান কৰা সমীৰণ ডেকাই সমগ্ৰ গেজেটেড কৰ্মকালত কোনো অর্জিত ছুটি বা চিকিৎসাজনিত ছুটি গ্ৰহণ নকৰাকৈ অবিৰত সেৱা আগবঢ়োৱাৰ বিৰল কৃতিত্ব অৰ্জন কৰে। এই ব্যতিক্ৰমী দৃষ্টান্তই তেওঁৰ কৰ্তব্যনিষ্ঠা আৰু পেছাদাৰী মনোভাৱক বিশেষভাৱে উজ্জ্বল কৰি তোলে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাণিজ্যিক বিভাগত দায়িত্ব পালন কৰা কালছোৱাত ডেকাই সংস্থাটোৰ নীতি-নিয়ম অনুসৰি নিষ্ঠাৰ সৈতে দায়িত্ব সম্পন্ন কৰি সংগঠনটোৰ কাৰ্য্যক্ষমতা আৰু সুনাম বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। সহকৰ্মীসকলৰ মাজতো তেওঁ সততা, শালীনতা আৰু অনুশাসনৰ বাবে সন্মানিত আছিল।

সমীৰণ ডেকাৰ এই দীঘলীয়া সেৱাযাত্ৰাই কেৱল ৰে’লৱে কৰ্মচাৰীসকলকেই নহয়, ভৱিষ্যৎ প্ৰজন্মকো কৰ্তব্যনিষ্ঠা আৰু দায়বদ্ধতাৰ পথত আগবঢ়িবলৈ অনুপ্ৰেৰণা যোগাব বুলি বিশ্বাস কৰা হৈছে।

বিদেশী ঘোষিত হোৱাৰ এসপ্তাহৰ ভিতৰতেই প্ৰত্যাৱৰ্তন, আইন-শৃংখলা আৰু অৰ্থনীতিত অসমৰ অভূতপূৰ্ব অগ্ৰগতি: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিদেশী ঘোষিত হোৱাৰ এসপ্তাহৰ ভিতৰতেই প্ৰত্যাৱৰ্তন, আইন-শৃংখলা আৰু অৰ্থনীতিত অসমৰ অভূতপূৰ্ব অগ্ৰগতি: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
বিদেশী ঘোষিত হোৱাৰ এসপ্তাহৰ ভিতৰতেই প্ৰত্যাৱৰ্তন, আইন-শৃংখলা আৰু অৰ্থনীতিত অসমৰ অভূতপূৰ্ব অগ্ৰগতি: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


বিদেশী ন্যায়াধিকৰণে কোনো ব্যক্তিক বিদেশী ঘোষণা কৰাৰ মাত্ৰ এসপ্তাহৰ ভিতৰতে তেওঁক দেশৰ বাহিৰলৈ প্ৰত্যাৱৰ্তন কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে সংবাদমাধ্যমৰ সৈতে কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো ধৰণৰ আপোচ নকৰাৰ নীতি গ্ৰহণ কৰিছে আৰু ইতিমধ্যে ২০০০জন অবৈধ বিদেশীক চিনাক্ত কৰি ওভতাই পঠোৱা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয়,
“বিদেশী ন্যায়াধিকৰণে কাৰোবাক বিদেশী ঘোষণা কৰাৰ পাছতেই এসপ্তাহৰ ভিতৰত তেওঁক ওভতাই পঠোৱাৰ ব্যৱস্থা কৰা হ’ব। ৰাজ্য চৰকাৰে অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ অব্যাহত ৰাখিছে।”

তেওঁ লগতে উল্লেখ কৰে যে ২৫ ডিচেম্বৰতেই ৰাজ্য চৰকাৰে জিলা প্ৰশাসনসমূহক য’তেই প্ৰয়োজন তাতেই তৎক্ষণাৎ বহিষ্কাৰৰ আদেশ জাৰি কৰিবলৈ নিৰ্দেশ দিছে।

আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসমত অপৰাধৰ সংখ্যা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। তেওঁৰ ভাষ্য অনুসাৰে, “২০২১ চনত ৰাজ্যত ১.৩৩ লাখ গোচৰ পঞ্জীয়ন হৈছিল, বৰ্তমান এই সংখ্যা হ্ৰাস পাই ৪৩,৭৪৮ লৈ নামি আহিছে। চাৰ্জশ্বিট দাখিলৰ হাৰ ৮১ শতাংশ বৃদ্ধি পাইছে আৰু দোষী সাব্যস্ত হোৱাৰ হাৰ ৬ শতাংশৰ পৰা বৃদ্ধি পাই ২৬.৩৮ শতাংশ হৈছে।”
তেওঁ লগতে কয় যে গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি নতুন অপৰাধ আইন ৰূপায়ণৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত প্ৰথম স্থানত আছে।

উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে জনায় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানুৱাৰী মাহত ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ লগতে ফেব্ৰুৱাৰী মাহত প্ৰস্তাৱিত গেলেফু ৰে’লপথ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হ’ব।

তেওঁ জনায়, গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখনো ফেব্ৰুৱাৰী মাহতেই উদ্বোধন কৰা হ’ব। ইয়াৰ উপৰিও গহপুৰৰ পৰা নুমলীগড়লৈ পানীৰ তলৰে সুৰংগপথ আৰু ৰে’লপথ নিৰ্মাণৰ বাবে প্ৰায় ২২ হাজাৰ কোটি টকাৰ প্ৰকল্পত বিত্ত মন্ত্ৰালয়ে অনুমোদন জনাইছে।

মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী বিমানবন্দৰৰ সমীপত ৬৮ একৰ ভূমিত এৰ’চিটি নিৰ্মাণ কৰা হ’ব আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ সৈতে বুজাবুজি চুক্তিৰ জৰিয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্থানত ২২০০ কোটি টকা ব্যয়ৰে এখন আধুনিক চিকিৎসালয় নিৰ্মাণ কৰা হ’ব। লগতে ১২০ মেগাৱাট ক্ষমতাসম্পন্ন কপিলী জলবিদ্যুৎ প্ৰকল্পো শীঘ্ৰেই উদ্বোধন কৰা হ’ব বুলি তেওঁ কয়।

অৰ্থনৈতিক ক্ষেত্ৰত অসমে উল্লেখযোগ্য অগ্ৰগতি সাধন কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২০-২৫ সময়ছোৱাত অসমক দেশৰ আটাইতকৈ দ্ৰুতগতিত বিকাশ কৰা ৰাজ্য হিচাপে স্বীকৃতি দিছে। এই সময়ছোৱাত অসমৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৪৫ শতাংশ, য’ত ৰাষ্ট্ৰীয় গড় আছিল ২৯ শতাংশ।
তেওঁ কয়, “২০২১-২২ বিত্তীয় বৰ্ষত অসমৰ জি এছ ডি পি আছিল ৪.১০ লাখ কোটি টকা, যি ২০২৫-২৬ত বৃদ্ধি পাই ৭.৪১ লাখ কোটি টকালৈ পৌঁছাব বুলি অনুমান কৰা হৈছে। জনমূৰি আয়ো ৫৪ শতাংশ বৃদ্ধি পাই ১.৫৯ লাখ টকালৈ উন্নীত হৈছে।”

উল্লেখযোগ্য যে ২৮ ডিচেম্বৰত ৰাজ্যিক বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নেতৃত্বৰ বাবে অভিনন্দন জনাইছিল। দলটোৰ মতে, ৰিজাৰ্ভ বেংকৰ নতুন মূল্যায়ন অনুসৰি অসমৰ অৰ্থনীতি যোৱা পাঁচ বছৰত দেশৰ ভিতৰত আটাইতকৈ দ্ৰুতগতিত বিকাশ লাভ কৰিছে।

Himanta Biswa Sarma: অসমত স্থাপন কৰিব মোবাইল নিৰ্মাণ কাৰখানা

অসমত স্থাপন কৰিব মোবাইল নিৰ্মাণ কাৰখানা
অসমত স্থাপন কৰিব মোবাইল নিৰ্মাণ কাৰখানা

অতি সোনকালে (Himanta Biswa Sarma) অসমত উপলব্ধ হ’ব– ম’বাইল ফোন নিৰ্মাণ ইউনিট৷

এয়া হ’ব অসমৰ ঔদ্যোগিক খণ্ডত আন এক বৃহৎ বিনিয়োগ।

আগশাৰীৰ ব্ৰেণ্ডে অসমত স্থাপন কৰিব মোবাইল নিৰ্মাণ কাৰখানা।

২৭ হাজাৰ কোটি টকীয়া টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পিছত ৰাজ্যত স্থাপন হব মোবাইল নিৰ্মাণ কাৰখানা।

Koliyabar News: ডি এছ গ্লবেল ফাৰ্ম এণ্ড ত্ৰেডাৰ্চত ব্লেক বেঙ্গল, আছাম হিল গ’ট, বাৰবাৰী, চিৰহিৰ লগতে চাউথ আফ্ৰিকান ব’য়েৰ গ’টৰ প্ৰজাতিৰ ছাগলী

ডি এছ গ্লবেল ফাৰ্ম এণ্ড ত্ৰেডাৰ্চত ব্লেক বেঙ্গল, আছাম হিল গ'ট, বাৰবাৰী, চিৰহিৰ লগতে চাউথ আফ্ৰিকান ব'য়েৰ গ'টৰ প্ৰজাতিৰ ছাগলী
ডি এছ গ্লবেল ফাৰ্ম এণ্ড ত্ৰেডাৰ্চত ব্লেক বেঙ্গল, আছাম হিল গ'ট, বাৰবাৰী, চিৰহিৰ লগতে চাউথ আফ্ৰিকান ব'য়েৰ গ'টৰ প্ৰজাতিৰ ছাগলী

কলিয়াবৰৰ দেৱজিত (Koliyabar News) শৰ্মাৰ ডি এছ গ্লবেল ফাৰ্ম এণ্ড ত্ৰেডাৰ্চ। উন্নত জাতৰ ব্লেক বেঙ্গল, আছাম হিল গ’ট, বাৰবাৰী, চিৰহিৰ লগতে চাউথ আফ্ৰিকান ব’য়েৰ গ’টৰ প্ৰজাতিৰে ছাগলী প্ৰজনন পাম খুলি থলুৱা ছাগলী পালকৰ বাবে কৰিছে প্ৰশিক্ষণৰ ব্যৱস্থা।

২০০০ চনৰ পৰাই শৰ্মাই ছাগলী পালন আৰম্ভ কৰিছিল। স্নাতকোত্তৰ ডিগ্ৰী লৈ কৰ্মসূত্ৰে দিল্লীৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত আছিল তেওঁ। যিহেতু পশুপালনৰ প্ৰতি সৰুৰে পৰা দেৱজিতৰ আগ্ৰহ আছিল, সেয়ে বিভিন্ন ঠাইৰ ছাগলীৰ পামবোৰ পৰিদৰ্শন কৰিছিল। সেই ঠাইবিলাকত সুন্দৰভাৱে ছাগলী পালন কৰা দেখি দেৱজিতেও তেনে এখন পাম খোলাৰ বিষয়ে চিন্তা-চৰ্চা কৰিলে।

অসমত ছাগলী পালনৰ বাবে উন্নত জাতৰ ছাগলী ব্লেক বেঙ্গল, আছাম হিল গ’টৰ জৰিয়তে প্ৰথমে দেৱজিতে ব্যৱসায় আৰম্ভ কৰিছিল। পিছলৈ এই চিন্তাত নতুন সংযোজন ঘটাই আন উন্নত জাতৰ ছাগলী আনে।
ছাগলী পালনৰ ক্ষেত্ৰত চৰকাৰী বহু আঁচনি আছে। কিন্তু দেৱজিত শৰ্মাই এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী সহায় নোহোৱাকৈয়ে নিজা প্ৰচেষ্টাৰে পামখন আগবঢ়াই নিছে।

শৰ্মাই কয় – ছাগলী পালন দেখাত সহজ হ’লেও, তাতো জানিবলগীয়া বহু কথা থাকে। এইবোৰ জানি-বুজিহে কৰিলে লাভত আহে। যিবোৰ প্ৰশিক্ষণৰ জৰিয়তে ময়ো আয়ত্ব কৰিছোঁ। মথুৰাত থকা কেন্দ্ৰীয় ছাগলী গৱেষণা প্ৰতিষ্ঠান (Central Institute of Research on Goat)ত নিজাববীয়াকৈ প্ৰশিক্ষণ লৈছোঁ। বৰ্ণিহাটলেও গৈছোঁ আন চৰকাৰী প্ৰশিক্ষণো গ্ৰহণ কৰিছোঁ। ভাৰতৰ বিভিন্ন ঠাইৰ ছাগলী পামবিলাকো পৰিদৰ্শন কৰি ব্যৱহাৰিক প্ৰশিক্ষণ ল’বলৈও সক্ষম হৈছোঁ। ইয়াৰ পৰা লাভ কৰা অভিজ্ঞতাই মোৰ পামখন পৰিচালনাত যথেষ্ট সহায় কৰিছে।

শৰ্মাই নতুন বছৰৰ বাবে পৰিকল্পনাৰ বিষয়ে কয় – ২০২৬ বৰ্ষৰ পৰা মোৰ এই ছাগলী পামতে প্ৰশিক্ষণ আৰম্ভ কৰিম। চৰকাৰৰ লগতো যোগাযোগ কৰা হৈছে। এই প্ৰশিক্ষণত অভিজ্ঞ সমল ব্যক্তি, পশু চিকিৎসকো থাকিব। সাধাৰণতে প্ৰশিক্ষণবোৰ তাত্বিক দিশৰ হয়। কিন্তু ইয়াতে তাত্বিকৰ লগতে ব্যৱহাৰিকো হ’ব। প্ৰশিক্ষাৰ্থীসকলে নিজেই তাত্বিক লগতে ব্যৱহাৰিক দিশত অভিজ্ঞতা ল’ব পাৰিব। প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পাৰিব। ইয়াৰ উপৰি, অসমৰ বাহিৰৰো প্ৰশিক্ষাৰ্থী মোৰ ইয়ালৈ শিক্ষামূলক পৰিদৰ্শন (Exposure Visit)ৰ বাবে আহি থাকে। ইয়াত আহি তেওঁলোকে ছাগলীৰ জাত, খাদ্য প্ৰণালী, থকা-মেলা বা প্ৰৱন্ধন বিষয়ত প্ৰশিক্ষণ লৈ যায়হি।

Babu Asoni Scheme: ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে আৰম্ভ হ’ব বাবু আঁচনি

ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে আৰম্ভ হ'ব বাবু আঁচনি
ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে আৰম্ভ হ'ব বাবু আঁচনি

ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে আৰম্ভ হ’ব বাবু আঁচনি।(Babu Asoni Scheme)

‘বাবু আঁচনি’ৰ অধীনত স্নাতকোত্তৰ পঢ়ি থকা ল’ৰা শিক্ষাৰ্থীয়ে পাব।

পোষ্ট গ্ৰেজুৱেট শিক্ষাৰ্থীলৈ মাহিলী ২হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।

গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী ১০০০ টকাকৈ সুবিধা।

৪ লাখ টকাৰ উপাৰ্জন কম হ’লেহে লাভ কৰিব এই সুবিধা।

ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

ফেব্ৰুৱাৰীৰ পৰা ‘বাবু আঁচনি’ৰ অধীনত স্নাতকোত্তৰ পঢ়ি থকা ল’ৰা শিক্ষাৰ্থীয়ে প্ৰতিমাহে ২,০০০ টকা আৰু স্নাতক শিক্ষাৰ্থীয়ে প্ৰতিমাহে লাভ কৰিব ১,০০০ টকাকৈ

Mousumi Alifa: সকলোকে ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জনালে অভিনেত্ৰী মৌচুমী আলিফাই

সকলোকে ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জনালে অভিনেত্ৰী মৌচুমী আলিফাই
সকলোকে ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জনালে অভিনেত্ৰী মৌচুমী আলিফাই

সকলোকে ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জনালে অভিনেত্ৰী মৌচুমী আলিফাই৷(Mousumi Alifa)

“ৰৈ ৰৈ বিনালে”ত মুখ্য চৰিত্ৰত অভিনয়ৰে জনপ্ৰিয়তা বুটলা মৌচুমী ৩১ ডিচেম্বৰৰ নিশা তেজপুৰত উপস্হিত এটি বিশেষ অনুষ্ঠানত৷

তেজপুৰত উপস্থিত হৈ অভিনেত্ৰী গৰাকীয়ে দাবী কৰিলে জুবিনদাৰ ন্যায়প্ৰাপ্তি৷

জুবিনদাৰ ন্যায়ক লৈ যথেষ্ট আশাবাদী বুলি উল্লেখ কৰি মৌচুমী আলিফাই কয় যে — জুবিনদাই সদায় কৈ অহা যোগাত্মক কথাৰেই আমি সকলোৱে নতুন বছৰটোত আগুৱাব লাগিব৷

যদিওবা জুবিনদাবিহীন এটা বছৰত আমি ভৰি দিছো৷

Arunodoi: ৰাজ্যৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা

ৰাজ্যৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা
ৰাজ্যৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা

নৱবৰ্ষৰ প্রথম দিনটোত অনুষ্ঠিত হ’ল মুখ্যমন্ত্ৰীৰ ‘নতুন দিনৰ আলাপ’।(Arunodoi)

অৰুণোদয় হিতাধিকাৰীৰ বাবে নৱবৰ্ষৰ ডাঙৰ ঘোষণা।

নতুন বছৰত মুখ্যমন্ত্ৰীৰ উপহাৰ।

এই অনুষ্ঠানতে ৰাজ্যৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা।

‘অৰুণোদয়’ লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ৮ হাজাৰ টকা।

চাৰি মাহৰ ধন একেলগে লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অৰুণোদয় পোৱা মহিলাসকলে ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে একেলগে ৮ হাজাৰ টকা লাভ কৰিব।’’

এই ঘোষণাক ব’হাগ বিহুৰ আগতীয়া উপহাৰ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।