Home Blog Page 674

কোপা আমেৰিকাৰ ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনাৰ…

কোপা আমেৰিকাৰ ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনাৰ। কানাডাক ২-০ গ’লত পৰাস্ত আৰ্জেণ্টিনাৰ।

মঙলবাৰে নিউ জাৰ্ছিৰ ইষ্ট ৰাদাৰফোৰ্ডৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কোপা আমেৰিকা ২০২৪ৰ ছেমিফাইনেলত আৰ্জেণ্টিনাই কানাডাক ২-০ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনত বেক টু বেক ফাইনেলত প্ৰৱেশ কৰে।

বৈদ্যুতিক বাহনত মোদীক এপাক ফুৰালে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে; ৰাছিয়া ভ্ৰমণ সমাপ্ত কৰাৰ পিচত মোদীয়ে অষ্ট্ৰিয়ালৈ ৰাওনা হ’ব…

দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে। মস্কোৰ সমীপৰ নভো-ওগাৰিয়েভ’ত থকা ৰাষ্ট্ৰপতিৰ বাসভৱনত দুয়োগৰাকী নেতা এক অনানুষ্ঠানিক বৈঠকত মিলিত হয় ।ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত প্ৰধানমন্ত্ৰী মোদী আৰু ভ্লাদিমিৰ পুটিনৰ বৈঠকৰ মুহূৰ্ত দেখুওৱা হৈছে। সোমবাৰে পোষ্ট কৰা এই ক্লিপটোত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতিৰ বাসভৱনত উপস্থিত হোৱাৰ লগে লগে দুয়োগৰাকী নেতাই ইজনে সিজনক আলিংগন কৰা দেখা গৈছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক্সত কয় যে এই আলোচনাত পৰম্পৰাগতভাৱে বন্ধুত্বপূৰ্ণ ৰাছিয়া-ভাৰত সম্পৰ্কৰ অধিক বিকাশৰ সম্ভাৱনাৰ লগতে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়সমূহো সামৰি লোৱা হ’ব৷

একেদৰে প্ৰধানমন্ত্ৰী মোদীয়েও এক্সৰ এটা পোষ্টত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক তেওঁক আতিথ্য দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু লগতে কয় যে তেওঁ তেওঁলোকৰ আলোচনাৰ বাবে অপেক্ষা কৰি আছে। যাৰ ফলত ভাৰত-ৰাছিয়াৰ বন্ধুত্ব শক্তিশালী হ’ব।ইফালে পুটিনে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ বাসগৃহ নভো-ওগাৰিয়েভ’ৰ চাৰিওফালে বৈদ্যুতিক বাহনেৰে যাত্ৰা কৰিবলৈ লৈ গৈছিল। ভাৰতত থকা ৰাছিয়াৰ দূতাবাসে দুয়োগৰাকী নেতাৰ এই যাত্ৰাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে।ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰোভে ভিনুক’ভ’-২ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। লক্ষণীয়ভাৱে, প্ৰধানমন্ত্ৰী মোদী আৰু পুটিনে যোৱা ১০ বছৰত ১৬ বাৰ সাক্ষাৎ কৰিছে। ২০২২ চনত উজবেকিস্তানৰ সমৰকান্দত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) সন্মিলনৰ সময়তদুয়োগৰাকী নেতাৰ মাজত অন্তিমখন ব্যক্তিগত বৈঠক অনুষ্ঠিত হৈছিল। ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান ‘অৰ্ডাৰ অফ দ্য হ’লী এপ’ছল এণ্ড্ৰিউ দ্য ফাৰ্ষ্ট’ প্ৰদান কৰে।২০২২ চনত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিচত এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম ৰাছিয়া ভ্ৰমণ৷ ৰাছিয়া ভ্ৰমণ সমাপ্ত কৰাৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে
অষ্ট্ৰিয়ালৈ ৰাওনা হ’ব৷

শাওণ মেলা প্ৰস্তুতি সন্দৰ্ভত কামৰূপ(ম) জিলা প্ৰশাসনৰ বৈঠক…

কামৰূপ(ম ) জিলা আয়ুক্তৰ সভাকক্ষত আজি জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞাৰ সভাপতিত্বত শাওণ মেলা (বল বম) সুকলমে উদযাপন সন্দৰ্ভত এখন বৈঠক অনুস্থিত হয়। মহকুমা দণ্ডাধীশ কংকন শৰ্মা, মহানগৰ আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ উপ-আয়ুক্ত ধ্ৰুৱ বৰা, যানবাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা,স্বাস্হ্য সেৱাৰ যুটীয়া সঞ্চালক,আবকাৰী পৰিদৰ্শক, ৰাজহ চক্ৰ বিষয়া, অতিৰিক্ত জিলা আয়ুক্তকে ধৰি বিভিন্ন বিভাগৰ বিষয়া, বশিষ্ঠ মন্দিৰৰ সভাপতি-সম্পাদক, শুক্লেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আদি উপস্থিত থাকে। বৈঠকত শাওণ মেলা সুচাৰুৰূপে পালন কৰাৰ বিষয়ে মহকুমা দণ্ডাধীশ কংকন শৰ্মাই অৱগত কৰে।

তদুপৰি মন্দিৰত স্বেচ্ছাসেৱক নিয়োগ, এ পি ডি চি এলক মন্দিৰৰ দাঁতিকাষৰীয়া ঠাইসমূহত স্ট্ৰীট লাইটৰ উপযুক্ত ব্যৱহাৰ, পাৰ্কিংৰ যথাযথ ব্যৱস্থাৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ লগতে ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পামহীৰ ভীমশংকৰ মন্দিৰতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰা হয়। আনহাতে ভক্তসকলৰ অসুবিধা নহ’বৰ বাবে স্বাস্থ্য সেৱা যুটীয়া সঞ্চালকে দিছপুৰ সচিবালয়,কমাৰ্চ কলেজ আৰু এছ বি দেওৰা কলেজৰ তিনিওটা স্থানত মেডিকেল কেম্পৰ ব্যৱস্থা কৰিব। জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে পৱিত্ৰ শাওণ মেলা শান্তিপূৰ্ণ আৰু সুশৃ্ংখলিতভাৱে পালন কৰাৰ বাবে সকলোৰে পৰা সহযোগিতা কামনা কৰ। বৈঠকত মন্দিৰ কমিটিৰ বিষয়ববীয়াসকলে তেওঁলোকৰ সমস্যাসমুহৰ বিষয়েও অৱগত কৰে।

সেউজ শাখা সাহিত্য সভা গোটানগৰৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন…

৭ জুলাই দেওবাৰে গোটানগৰস্থিত বনস্থলী একাডেমী প্ৰাঙ্গণত অসম সাহিত্য সভাৰ অন্তৰ্গত সেউজ শাখা সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিৱেশনখনি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অধিৱেশনস্থলীত ৰাতিপুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সেউজ শাখা সাহিত্য সভাৰ সভাপতি অধীৰ চন্দ্ৰ দাস দেৱে আৰু শাখাৰ সকলো সদস্যৰ কণ্ঠেৰে নিগৰিত অসমৰ জাতীয় সংগীতৰ লহৰত অঞ্চলটো মুখৰিত হৈ পৰে। স্মৃতি তৰ্পণ কৰে চাৰু লতা পাটোৱাৰীয়ে আৰু মুকলি সভাত বন্তি প্ৰজ্বলন কৰে কামৰূপ মহানগৰ জিলা উপ সভাপতি হৰেশ্বৰ ডেকাই। অসম সাহিত্য সভাৰ আৰম্ভণি গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰে শুভাৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰা শাখা সভাপতি অধীৰ চন্দ্ৰ দাসে আদৰণি ভাষণ ৰাখি সাহিত্যানুৰাগী ৰাইজক আপ্লুত কৰে।

এই অধিৱেশনত মুখ্য অতিথিৰ আসন অলংকৃত কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক বিশিষ্ট সাহিত্যিক ড° জগদীশ পাটগিৰি আৰু কামৰূপ মহানগৰ জিলা সভাপতি শ্ৰীযুতা সবিতা দেৱীয়ে। ড° জগদীশ পাটগিৰিয়ে শাখা খনৰ উন্নতিৰ হকে কৰিব লগা বহু মূল্যবান পৰামৰ্শ দাঙি ধৰাৰ লগতে শাখাৰ উদ্যোক্তা সকলক ভূয়সী প্ৰশংসা কৰে। আনহাতে মুকলি সভাত বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে শাখাৰ সম্পাদক বৰ্ণালী ডেকা বৰঠাকুৰে। উল্লেখ্য যে অসম তথা ভাৰতবৰ্ষৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক আচাৰ্য ড° দেৱেন চন্দ্ৰ দাসে সেউজ শাখা সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক মুখপত্ৰ ‘সেউজ দৰ্পণ’ উন্মোচন কৰি ৰসাল ভাষণেৰে শাখাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সভাত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ আৰু অসম বাৰ্তা কাকতৰ মুখ্য সম্পাদক শ্ৰদ্ধাৰ লীলাধৰ হাজৰিকাৰ উপৰিও বিশিষ্ট সাহিত্যিক হৰেশ্বৰ ডেকা, অভিনেতা সৈত্যেন শৰ্মা, অসম সাহিত্য সভাৰ জিলা প্ৰতিনিধি মদন মেধি, হেমন্ত কুমাৰ দাস, দিলীপ কুমাৰ পাটগিৰি, মহেশ ৰাজবংশী, আৰু কল্পনা কুমাৰী দাসে আদি বহুজনে অংশগ্ৰহণ কৰে।

আনহাতে বাৰ্ষিক অধিবেশন খনিত উপ-সভাপতি কুশল কুমাৰ, সাংগঠনিক সম্পাদক নৱৰূপ মজুমদাৰ, কোষাধ্যক্ষ নগেন্দ্ৰ নাথ বৰ্মন, সহ-সম্পাদকদ্বয় ৰিংকু মনি দাস, টুটু মনি নাথ, পত্ৰিকা সম্পাদক মৌচুমী ভৰালী শৰ্মা, সাংস্কৃতিক সম্পাদক চাৰ্য্য ঠাকুৰীয়াৰ উপৰিও শতাধিক শুভাকাংশী সহযোগিতা আৰু বদান্যতা আছিল অপৰিসীম। কুশল কুমাৰৰ পৰিচালনাত সভাত কেইবাগৰাকীও স্থানীয় উদীয়মান শিল্পী গীত -মাত পৰিবেশন কৰাৰ লগতে আৰু বহু কেইজন কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। সভাৰ শেষত সকলোকে শলাগৰ শৰাই আগবঢ়াই নৱৰূপ মজুমদাৰে। শেষত জাতীয় সংগীত পৰিবেশনেৰে সভা ভঙ্গ হয়।

পাঞ্জাবাৰীত অসমীয়া পৰম্পৰাগত ৰন্ধনশৈলী বিষয়ক কৰ্মশালা আৰু আলোচনা চক্ৰ সম্পন্ন

গুৱাহাটী ,৯ জুলাই: পৰম্পৰাগত খাদ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে উত্তৰ পূৰ্বাঞ্চল আৰু অসমীয়া পৰম্পৰাগত ৰন্ধন শৈলীৰ এখন কৰ্মশালা আৰু তথ্য জ্ঞান ভিত্তিক আলোচনা চক্ৰ ৭ জুলাইত গুৱাহাটীৰ পাঞ্জাবাৰীত অনুষ্ঠিত হৈ যায় । কৰ্মশালা আৰু আলোচনা চক্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক অংশগ্ৰহণকাৰিয়ে যোগদান কৰে ।

প্ৰশিক্ষক হিচাপে আছিল মিতালী কলিতা আৰু মৃদুস্মিতা দত্ত দুৱৰা । আলোচনাচক্ৰ খনত উপস্থিত আছিল সাহিত্যিক ইছমাইল হুছেইন , দৈনিক অসম কাকতৰ বাৰ্তা সম্পাদক ৰঞ্জিত হাজৰিকা , অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ বিষয়ক পৰামৰ্শদাতা ৰাতুল দাস আৰু প্রিয় বন্ধু অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক অৰ্চনা বৰঠাকুৰ । আনহাতে অনুষ্ঠানটোত চৈয়দা চমিনা আৰফিন চিষ্টি , কাবেৰী গগৈ ডেকা আৰু ৰুমী দেৱান উপ দে উপস্থিত আছিল ।

সুদীৰ্ঘ ১০ মাহৰ পিছত লাডাখত উদ্ধাৰ হ’ল অসমৰ সেনা জোৱান  গৌতম ৰাজবংশীৰ মৃতদেহ

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ ৯ জুলাইঃ সূদীৰ্ঘ ১০ মাহৰ মূৰত উদ্ধাৰ হৈছে ভাৰতীয়া সৈন্য বাহিনীৰ জোৱান তথা অসম সন্তান  গৌতম ৰাজবংশীৰ মৃতদেহ ৷ ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত কাৰপুনপুলিৰ নিৱাসী গৌতম ৰাজবংশীয়ে ভাৰতীয় সৈন্য বাহিনীত চাকৰি লাভ কৰি কেন্দ্ৰীয় শাসিত ৰাজ্য লাডাখত প্ৰশিক্ষণ লৈ আছিল ৷

প্ৰশিক্ষণৰ সময়তে গৌতম ৰাজবংশী লাডাখৰ উচ্চ শৃংগৰ পাহাৰত আবদ্ধ হৈ পৰিছিল ৷ ভাৰতীয় সৈন্য বাহিনীয়ে লাডাখ আৰক্ষীৰ সহযোগত নিৰুদিৰ্ষ্ট গৌতমক উদ্ধাৰৰ বাবে অবিৰাম গতিত অভিযান চলাইছিল ৷ কেইবামাহো অভিযান চলোৱাৰ পাছতো ভাৰতীয় সৈন্যবাহিনীয়ে গৌতমক উদ্ধাৰ কৰিব পৰা নাছিল ৷  ভাৰতীয় সেনাবাহিনীয়ে গৌতমৰ উদ্ধাৰৰ আশা এক প্ৰকাৰ এৰি দিছিল ৷ কিন্তু কালি সোমবাৰে ভাৰতীয় সেনাবাহিনীৰ এটা দলে নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈ লাডাখৰ পাহাৰত গৌতমৰ মৃতদেহ উদ্ধাৰ কৰে ৷

গৌতম ৰাজবংশীৰ মৃতদেহ উদ্ধাৰৰ খবৰ পাই পৰিয়ালৰ মাজত শোকাকুল পৰিবেশৰ সৃষ্টি হোৱাৰ বিপৰীতে সমগ্ৰ গোগামুখত গভীৰ শোকৰ ছাঁ পৰিছে ৷ ধেমাজি জিলা আছুৰ উপসভাপতি ঋতুপৰ্ণ কোঁছ, গোগামুখ আঞ্চলিকৰ সভাপতি প্ৰবাল চাংমাই, সম্পাদক নবীন বৰা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি বলোৰাম টাইদ, সম্পাদক পাপুল দাস, সদৌ টাই আহোম ছাত্ৰ সন্হাৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সম্পাদক খগেন কোঁৱৰে গৌতম ৰাজবংশীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

মৰিগাঁও জিলা দবাত ৰিপন সৰকাৰৰ চেম্পিয়ন

মৰিগাঁও , ৯ জুলাই : মৰিগাঁও জিলা মুকলি দবা প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ৰিপুন সৰকাৰে । গত আৰু ৯ জুলাইত মৰিগাঁও মজলীয়া বিদ্যালয়ত মৰিগাঁও জিলা দবা সন্থাৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত জিলা বাচনি দবা প্ৰতিযোখনৰ ৬ খেলত ৫ পইণ্ট লাভ কৰি চলিত বৰ্ষৰ চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় ।

আনহাতে পূৰ্বৰ চেম্পিয়ন কমল ডেকা আৰু পীয়ূষ প্ৰিতম্ মচৰঙে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে সমসংখ্যক ৫ পইণ্টৰে । উল্লেখ্য যে তিনিও গৰাকী দবাৰুৱে সমানে ৫ পইণ্টকৈ অৰ্জন কৰে যদিও উন্নত টাইব্ৰেক পদ্ধতিয়ে প্ৰথম , দ্বিতীয় আৰু তৃতীয় স্থান নিৰ্ধাৰণ কৰা হয় । আনহাতে ৪.৫ পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ চতুৰ্থ স্থান লাভ কৰে উত্তম কুমাৰ বিশ্বাসে ।

বিজয়ী আৰু বিজিত খেলুৱাই সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয় । মৰিগাঁও জিলা দবা সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই সভাপতিত্ব কৰা পুৰস্কাৰ বিতৰণী সভাখনত উপস্হিত থাকে বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া , লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া বিকাশ ছেত্ৰী , যুটীয়া স্বাস্হ্য সঞ্চালক ড০ অৰুণ কুমাৰ নাথ , মৰিগাঁও দবা একাডেমি সঞ্চালিকা সংঘমিত্ৰা নাথ মজুমদাৰ , মৰিগাঁও মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপন ভূঞা , জ্যেষ্ঠ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাকে ধৰি বহুকেইগৰাকী মান্য ব্যক্তি । প্ৰতিযোগিতাখন পৰিচালনা কৰিছিল আন্ত:ৰাষ্ট্ৰীয় আৰ্বিটাৰ এম অৰুণ সিঙে । উল্লেখ্য যে প্ৰতিযোগিতা খনৰ প্ৰথম চাৰি নম্বৰ স্থান প্ৰাপ্ত খেলুৱৈ কেইগৰাকীয়ে ১৬ -২০ জুলাইত নগাঁৱত অনুষ্ঠিত হ’ব লগা ৪৭ সংখ্যক সদৌ অসম আন্ত:জিলা দবা প্ৰতিযোগিতাত মৰিগাঁও জিলা প্ৰতিনিধিত্ব কৰিব ।

ৰাছিয়াৰ সেনাবাহিনীত নিযুক্তি প্ৰাপ্ত সকলো ভাৰতীয়ক মুকলি কৰিব ৰাছিয়াই! নৰেন্দ্ৰ মোদী-পুটিনৰ বৈঠকৰ পিচতে এই কথা নিশ্চিত…

ৰাছিয়াৰ সেনা বাহিনীত কৰ্মৰত সকলো ভাৰতীয় নাগৰিকক অব্যাহতি দিয়া হ’ব! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বৈঠকৰ পিচতে এই কথা নিশ্চিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ এয়া এক বৃহৎ সফলতা হিচাপেও চৰ্চিত হৈছে।জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বিষয়টো উত্থাপন কৰিছিল। ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষত নিযুক্তিপ্ৰাপ্ত দুই ভাৰতীয়ৰ মৃত্যুৰ পিচতে এই বিষয়টো ভাৰতে শক্তিশালীভাৱে উত্থাপন কৰিব বুলি আশা কৰা হৈছিল । সেই অনুসৰি ভাৰতৰ বাবে এয়া যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।উল্লেখ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ এক বিচক্ষণ কূটনৈতিক কৌশলৰ পৰিণতি বুলিও বিশ্বাস কৰা হৈছে।

কিয়নো তেওঁ ছাংহাই সহযোগিতা সংস্থা (এছচিঅ’) সন্মিলনৰ পূৰ্বে ৰাছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে বিষয়টো শক্তিশালীভাৱে উত্থাপন কৰিছিল। অৱশেষত ৰাছিয়াই ভাৰতীয় নাগৰিকসকলক সেনা বাহিনীৰ পৰা অব্যাহতি দিয়াত বাধ্য হোৱাত জয়শংকৰৰ ৰণনীতিক সকলোৱে প্ৰশংসা কৰিছে।ৰাছিয়াৰ যুদ্ধত ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতীয় নাগৰিকসকলক ৰাছিয়াৰ সেনাত যোগদান কৰিবলৈ প্ৰতাৰিত কৰা হৈছিল। জুনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা সংঘৰ্ষত ৰাছিয়াৰ সেনাই নিযুক্তি দিয়া দুগৰাকী ভাৰতীয় নাগৰিক নিহত হয় ।জয়শংকৰে সংবাদ মাধ্যমক কৈছিল যে কেইবাগৰাকী ভাৰতীয়ক ৰাছিয়াৰ সেনা বাহিনীত নিয়োগ কৰা হৈছিল।

সেই লোকসকল ভাৰতলৈ ঘূৰি আহিলে হে সকলো কথা স্পষ্ট হ’ব বুলি তেওঁ উল্লেখ কৰিছিল। কিন্তু পৰিস্থিতি যিয়েই নহওঁক ভাৰতীয় নাগৰিকে যুদ্ধক্ষেত্ৰত আন এখন দেশৰ সৈন্য বাহিনীত যোগদান কৰাটো গ্ৰহণযোগ্য নহয় বুলিও তেওঁ কৈছিল। এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে ভাৰতে বিষয়টোক লৈ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি আছে।বৈদেশিক মন্ত্ৰালয়ৰ মতে ৰাছিয়াৰ সেনা বাহিনীত সহায়ক কৰ্মচাৰী হিচাপে কাম কৰি থকা ভাৰতীয় নাগৰিকসকলৰ ভিতৰত প্ৰায় ১০ গৰাকী ভাৰতলৈ উভতি আহিছে৷ আনহাতে আন ২০ গৰাকী লোক এতিয়াও লাভজনক চাকৰিৰ প্ৰলোভনৰ বাবে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়ান সেনাৰ হৈ যুঁজ দিয়াত নিয়োজিত হৈ আছে।ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ আৰু ৰাষ্ট্ৰপতি পুটিনৰ সৈতে হোৱা বৈঠকৰ পিচত সেনা বাহিনীত নিযুক্ত ভাৰতীয়সকলক অব্যাহতি দিয়াৰ সিদ্ধান্তই বিশেষ চৰ্চা লাভ কৰিছে।

গোগামুখ এন চি ডি মহাবিদ্যালয়লৈ আনন্দৰ খবৰঃ অধ্যক্ষ-অধ্যাপকলৈ আমেৰিকাৰ প্ৰখ্যাত মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ সোণৰ মেডেল… 

বৃহত্তৰ গোগামুখ আৰু গোগামুখ এন চি ডি মহাবিদ্যালয়লৈ আহিছে আনন্দৰ খবৰ৷ মহাবিদ্যালয়খনৰ  অধ্যক্ষ ড° সুৰজিৎ দলে আৰু অংকশাস্ত্ৰ বিভাগৰ সহযোগী অধ্যাপক সদানন্দ পেগুলৈ আমেৰিকাৰ প্ৰখ্যাত তথা ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় মেৰিলেণ্ড ষ্টেট্‌ ইউনিভাৰ্চিটিৰ  ফালৰ পৰা  সোণৰ পদক প্ৰদান কৰিছে৷

উক্ত পদক  মূলতঃ মহাবিদ্যালয়খনৰ প্ৰতি আগবঢ়োৱা সেৱামূলক কৰ্ম আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কৰা ত্যাগ স্বীকাৰৰ বাবে মেৰিলেণ্ড ষ্টেট্‌ ইউনিভাৰ্চিটিয়ে প্ৰদান কৰিব৷ সমাগত ১৪ জুলাই নতুন দিল্লীৰ  লডি পথস্থিত গুলমোহৰ ইণ্ডিয়ান হেবিটেত চেন্টাৰত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মেৰিলেণ্ড ষ্টেট্‌ ইউনিভাৰ্চিটিৰ বিষয়-ববীয়াৰ উপস্থিতিত প্ৰদান কৰা হ’ব৷

আমেৰিকাৰ মেৰিলেণ্ড ষ্টেট্‌ ইউনিভাৰ্চিটিয়ে ঝাৰখণ্ডস্থিত ইণ্ডিয়ান ৰিচাৰ্চ ফ’ৰামৰ সহযোগত সমগ্ৰ ভাৰত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ তথ্য সংগ্ৰহ কৰে আৰু উক্ত তথ্যৰ ভিত্তিত উক্ত বঁটাসমূহ প্ৰদান কৰে৷ উল্লেখনীয় যে, ধেমাজি জিলাৰ গোগামুখ লটাকস্থিত  এন চি ডি মহাবিদ্যালয়খন ২০০৫ চনত প্ৰতিষ্ঠা লাভ কৰিছিল৷ মহাবিদ্যালয়খনৰ চৌপাশ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ আৰু শৃংখলাবদ্ধতাৰ ফালৰ পৰা মহাবিদ্যালয়খন অন্যন্য৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দলে আৰু সহযোগী অধ্যাপক সদানন্দ পেগুৰ সোণৰ পদক লাভে এন চি ডি মহাবিদ্যালয়ৰ লগতে সমগ্ৰ গোগামুখত এক আনন্দৰ লহৰ তুলিছে৷

কাহিলীপাৰাৰ নিবাসী সমাজকৰ্মী ভৱেশ দাসৰ বিয়োগ…

মহানগৰীৰ শিলপুখুৰীৰ আৰু বৰ্তমান কাহিলীপাৰাৰ নিবাসী সমাজকৰ্মী আৰু অতি সৰবৰহী ব্যক্তি ভৱেশ দাসৰ সোমবাৰে সন্ধিয়া ৫.৩০ বজাত নিজ বাসভৱনত হৃদ ৰোগত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি ঘটে৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৯ বছৰ৷

বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত ভৱেশ দাসৰ মৃত্যু হোৱাৰ খৱৰে অঞ্চলটোত শোকৰ ছাঁ পেলায়৷ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু অসংখ্য আত্মীয় স্বজনক এৰি থৈ যায়৷ পৰিয়ালৰ সদস্যসকলৰ লগতে অসংখ্য গুণমুগ্ধৰ উপস্থিতিত ০৮ জুলাইত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷