Home Blog Page 68

Zubeen Garg: জুবিন গাৰ্গৰ স্মৰণসভাত মানৱিক শিল্পীৰ প্রতি শ্ৰদ্ধাঞ্জলি

Zubeen Garg: জুবিন গাৰ্গৰ স্মৰণসভাত মানৱিক শিল্পীৰ প্রতি শ্ৰদ্ধাঞ্জলি।
Zubeen Garg: জুবিন গাৰ্গৰ স্মৰণসভাত মানৱিক শিল্পীৰ প্রতি শ্ৰদ্ধাঞ্জলি।

গুৱাহাটী প্ৰেছ (Zubeen Garg)ক্লাব-ত মঙলবাৰে অনুষ্ঠিত স্মৰণ অনুষ্ঠানৰ আয়োজন কৰে দুটা সাহিত্য-সংস্কৃতিক আৰু সামাজিক সংগঠনে—দেশ ভাবনা (কলকাতা) আৰু কৃষ্টি পথাৰ অসম। অনুষ্ঠানজুৰি আছিল গভীৰ আবেগৰ পৰিবেশ। স্মৰণসভাত পুনৰ-পুনৰ উচ্চাৰিত হয় একেই দাবী—অসমৰ সংস্কৃতি, সংগীত আৰু মানৱিক চেতনাত অতুলনীয় অৱদান আগবঢ়োৱা এই শিল্পীক মৰণোত্তৰ ভাৰতৰত্ন সন্মান প্ৰদান কৰা হওক। অনুষ্ঠানৰ আৰম্ভণিতেই জুবিন গাৰ্গৰ বহুমুখী অৱদান স্মৰণ কৰা হয়। বক্তাসকলে কয়, তেওঁ কেৱল এজন জনপ্ৰিয় কণ্ঠশিল্পী নহয়; তেওঁ আছিল সমাজৰ প্ৰতি দায়বদ্ধ, মানৱিক চেতনাৰে ভৰা এজন সংবেদনশীল ব্যক্তি। সংগীতৰ লগতে সমাজচিন্তা, পৰিৱেশ সচেতনতা আৰু সাধাৰণ মানুহৰ অধিকাৰৰ ক্ষেত্ৰত তেওঁ লোৱা স্পষ্ট অৱস্থান আজিও বহু লোকৰ বাবে প্ৰেৰণা। তেওঁৰ গান যেনেকৈ হৃদয়ত গাঁথি গৈছে, তেনেকৈয়ে তেওঁৰ চিন্তাধাৰাই সমাজক নতুন দৃষ্টিৰে ভাবিবলৈ শিকাইছে।


এই স্মৰণসভাত সাহিত্য, সংস্কৃতি আৰু সমাজক্ষেত্ৰত অৱদানৰ স্বীকৃতি স্বৰূপে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিত্বক স্মাৰক সন্মাননা প্ৰদান কৰা হয়। সন্মানপ্ৰাপ্তসকলৰ ভিতৰত আছিল ৰাজীৱাক্ষ ৰক্ষিত, সুদীপ শৰ্মা চৌধুৰী, অৰুপ চক্রৱৰ্তী, মৃণাল চৰকাৰ, আজহাৰ আলম, অনুপমা ডেকা আৰু জ্যেষ্ঠ সমাজকৰ্মী আব্দুল জলিল। আয়োজকসকলে উল্লেখ কৰে যে সমাজ আৰু সংস্কৃতিৰ ধাৰাবাহিক বিকাশত এইসকল ব্যক্তিৰ অৱদান বিশেষ গুৰুত্বপূর্ণ। ইফালে, দীৰ্ঘদিন ধৰি সংগীত সাধনাত নিয়োজিত থকাৰ স্বীকৃতি স্বৰূপে কণ্ঠশিল্পী মিতুল বর্মন আৰু কণ্ঠশিল্পী বিজয় বিশ্বাসক বিশেষভাৱে পুৰস্কৃত কৰা হয়। কেৱল সেয়াই নহয়, এই দুয়োগৰাকী কণ্ঠশিল্পীয়ে অনুষ্ঠানত দুটা গান পৰিবেশন কৰি প্ৰয়াত শিল্পীৰ প্ৰতি গভীৰ সংগীতাঞ্জলি নিবেদন কৰে। তেওঁলোকৰ আবেগভৰা পৰিবেশনে সমগ্ৰ অনুষ্ঠানক অধিক গাম্ভীৰ্য আৰু আবেশেৰে ভৰাই তোলে।


আমন্ত্রিত অতিথি হিচাপে বক্তব্য ৰাখি আব্দুল জলিলে কয়, “জুবিন গাৰ্গ আছিল এজন মহামানৱ। তেওঁ অমৰ, অজেয়। তেওঁৰ কৰ্ম আৰু চিন্তাই চিৰকাল মানুহক পথ দেখাই যাব।” আনহাতে সাংবাদিক সুদীপ শৰ্মা চৌধুৰীয়ে কয়, “জুবিন গাৰ্গক পাহৰি যোৱা সম্ভৱ নহয়। তেওঁ কেৱল শিল্পী নহয়; প্ৰকৃতি, গছ-গছনি, জীৱ-জন্তু—সকলোৰ প্ৰতি তেওঁৰ গভীৰ ভালপোৱা আছিল। মানৱতাৰ এক অনন্য প্ৰতীক হিচাপে তেওঁ সদায় জনমানসত জীৱিত হৈ থাকিব।” স্মৰণসভাত শিশু শিল্পী সায়ন ৰায়ে সংগীত পৰিবেশনৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। ইয়াৰ উপৰিও কলকাতা, ত্ৰিপুৰা আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে গান আৰু কবিতাৰে জুবিন গাৰ্গক স্মৰণ কৰে। প্ৰখ্যাত শিল্পী প্ৰলয় ৰায়ৰ স্বৰলিপিত শিল্পীবৃন্দই পৰিবেশিত কৰা গান আৰু আবৃত্তিয়ে অনুষ্ঠানৰ সৌন্দৰ্য বহুগুণ বৃদ্ধি কৰে।


কলকাতা, ত্ৰিপুৰা আৰু অসমৰ শিল্পীৰ সমবেত অংশগ্ৰহণে এই স্মৰণসভা এক সৰ্বভাৰতীয় সাংস্কৃতিক মিলনক্ষেত্ৰলৈ ৰূপান্তৰিত হয়। কলকাতাৰ অ্যাকশন গ্ৰুপ এই অনুষ্ঠানৰ অন্যতম সহযোগী হিচাপে পাশে থাকে। অনুষ্ঠানত দেশ ভাবনাৰ পক্ষৰ পৰা দেব কিশোৰ চক্রৱৰ্তী আৰু কৃষ্টি পথাৰ অসমৰ পক্ষৰ পৰা মহানন্দ দত্ত চৰকাৰ উপস্থিত থাকে। তেওঁলোকে কয়, জুবিন গাৰ্গৰ আদৰ্শ, গান আৰু মানৱিক মূল্যবোধ আগন্তুক প্ৰজন্মৰ মাজলৈ লৈ যোৱাই এই স্মৰণসভাৰ মুখ্য লক্ষ্য। অনুষ্ঠানৰ অন্তত সৰ্বসম্মতভাৱে পুনৰ জোৰদাৰ দাবী উত্থাপন কৰা হয়—অসমৰ সাংস্কৃতিক আৰু মানৱিক চেতনাত অতুলনীয় অৱদান আগবঢ়োৱা জুবিন গাৰ্গক মৰণোত্তৰ ভাৰতৰত্ন সন্মান প্ৰদান কৰা হওক। গভীৰ নীৰৱতা আৰু শ্ৰদ্ধাৰ মাজেৰে স্মৰণসভাৰ সমাপ্তি ঘটে, লগতে ৰৈ যায় এক দৃঢ় সংকল্প—শিল্পীৰ সৃষ্টিক আৰু আদৰ্শক চিৰজীৱিত কৰি ৰাখাৰ অঙ্গীকাৰ।

Happy new year: নতুন চিন্তা, নতুন উত্তৰণ—লক্ষ্য আমাৰ গুৱাহাটী উন্নয়ন : মেয়ৰ মৃগেন শৰণীয়া

নতুন চিন্তা, নতুন উত্তৰণ—লক্ষ্য আমাৰ গুৱাহাটী উন্নয়ন : মেয়ৰ মৃগেন শৰণীয়া
নতুন চিন্তা, নতুন উত্তৰণ—লক্ষ্য আমাৰ গুৱাহাটী উন্নয়ন : মেয়ৰ মৃগেন শৰণীয়া

গুৱাহাটী পৌৰ(Happy new year) নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি উজানবজাৰস্থিত পৌৰ নিগমৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মেয়ৰে ২০২৫ বৰ্ষত গুৱাহাটী মহানগৰক অধিক পৰিষ্কাৰ, সুস্থ, সুসংগঠিত আৰু নাগৰিক-বান্ধৱ নগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপ আৰু সাফল্যসমূহ ৰাইজৰ বাবে ছপা আৰু বৈদ্যুতিক সংবাদ মাধ্যমৰ আগত দাঙি ধৰে । মেয়ৰ শৰণীয়াই উল্লেখ কৰে যে অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা, বায়ু গুণাগুণ উন্নয়ন, নগৰীয়া আন্তঃগাঁথনি, পানী যোগান, স্বাস্থ্য সেৱা, শাসন সংস্কাৰ আৰু কঠিন আৱৰ্জনা ব্যৱস্থাপনা আদি বিভিন্ন ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে তাৰ বাবে গুৱাহাটী বাসীক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ জানিবলৈ দিয়ে যে ২০২৫ চনত গুৱাহাটী মহানগৰ পৌৰ নিগমে স্বচ্ছ সুৰক্ষা ৰেংকিংত ৪০২তম স্থানৰ পৰা ৪৪তম স্থানলৈ উন্নীত হৈ ‘প্ৰতিশ্ৰুতিপূৰ্ণ স্বচ্ছ চহৰ’ হিচাপে স্বীকৃতি লাভ কৰিছে। ইয়াৰ লগতে গুৱাহাটী উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে। কঠিন আৱৰ্জনা ব্যৱস্থাপনা ক্ষেত্ৰত আৱৰ্জনা প্ৰক্ৰিয়াকৰণ ক্ষমতা ৪০৮.৫ টনলৈ বৃদ্ধি কৰা হৈছে। বৰাগাঁও ডাম্পছাইটত চলি থকা সংশোধনমূলক কামৰ জৰিয়তে প্ৰায় ১২ লাখ মেট্ৰিক টন লিগেচি আৱৰ্জনা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি হৈছে। আদাবাৰীস্থিত এমআৰএফত আজিলৈকে ৪৫৭ মেট্ৰিক টন প্লাষ্টিক আৱৰ্জনা উদ্ধাৰ কৰা হৈছে।

ছাফাই কৰ্মচাৰীৰ কল্যাণৰ বাবে আয়ুষ্মান ভাৰত (PM-JAY) স্বাস্থ্য কাৰ্ড বিতৰণ অব্যাহত ৰাখিছে গুৱাহাটী পৌৰ নিগমে। বায়ু গুণাগুণ উন্নয়ন (NCAP) ক্ষেত্ৰত স্বচ্ছ বায়ু সুৰক্ষা ৰেংকিংত ২০২৪–২৫ বৰ্ষত ৩৮তম স্থানৰ পৰা ২১তম স্থানলৈ উন্নীত হৈছে। যান্ত্ৰিক আৰু বিদ্যুৎচালিত বাহনৰ ব্যৱহাৰ বৃদ্ধি, ধূলি নিয়ন্ত্ৰণ অভিযান, গছপুলি ৰোপণ আৰু সচেতনতা কাৰ্যসূচীৰ জৰিয়তে বায়ুৰ মান উন্নত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। বিদ্যালয়সমূহত আইইচি কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শতাধিক যুৱক-যুৱতীৰ অংশগ্ৰহণেৰে বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। এই বৰ্ষত পৌৰ নিগমে ৪টা নতুন যান্ত্ৰিক পথ ঝাড়ু দিয়া মেচিন ক্ৰয় কৰিছে। নগৰীয়া আন্তঃগাঁথনি আৰু সৌন্দৰ্য্যবৰ্ধনৰ ক্ষেত্ৰত গণেশগুৰি জংচনৰ উন্নয়ন কাম সম্পূৰ্ণ কৰা হৈছে। ভিআইপি ৰোড (ছয়মাইল–পাথৰকুৱেৰী) সৌন্দৰ্য্যবৰ্ধনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। পথচাৰীকেন্দ্ৰিক নগৰ উন্নয়ন পৰিকল্পনাৰ অংশস্বৰূপে এ এচ ই বি ৰোড, ৰূপনগৰ ৰোড, কালী মন্দিৰ ৰোড আৰু ৰামকৃষ্ণ মিছন ৰোডত সৌন্দৰ্য্যবৰ্ধনৰ কাম সম্পন্ন কৰা হৈছে। স্মাৰ্ট চিটি আৰু লাইটিং উন্নয়নৰ অংশস্বৰূপে গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ GUCL-এ মহানগৰত ৩৪,২৫০টা CCMs ভিত্তিক ষ্ট্ৰীট লাইট স্থাপন কৰাৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত ১১৬টা হাই-মাষ্ট লাইট সংস্থাপন কৰিছে । পানী যোগান আঁচনিত নাগৰিকৰ সুবিধা বৃদ্ধিৰ লক্ষ্যৰে ৬,০১৭টা বিনামূলীয়া পানী সংযোগ আৰু ১,০৫৪টা ৰাজসাহায্যযুক্ত পানী সংযোগ প্ৰদান কৰা হৈছে। পথ, নলা আৰু সামাজিক আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত মুঠ ৬৯৩টা কাম সম্পূৰ্ণ কৰা হৈছে, যাৰ জৰিয়তে প্ৰায় ৭০ কিলোমিটাৰ পথ আৰু নলা উন্নয়ন কৰা হৈছে। ইয়াৰ লগতে সমগ্ৰ মহানগৰত ৬২টা ৰাজহুৱা প্ৰেক্ষাগৃহ, ৬৫টা শৌচাগাৰ আৰু ২৮টা শ্মশান/সমাধিস্থলী সম্পূৰ্ণ কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ কাম ২০২৬ চনৰ পৰা আৰম্ভ হ’ব বুলি মেয়ৰে জানিবলৈ দিয়ে। উন্নয়ণমূলক কামৰ কাৰণে ১৩২ কোটি টকা ধাৰ্য কৰা হৈছে ।

বিশেষকৈ মহানগৰবাসীয়ে ঘৰতে বৰষুণৰ পানী সংৰক্ষণ আৰু আৱৰ্জনা নিষ্কাকৰ্ষণৰ ব্যৱস্থা কৰিলে সম্পত্তি কৰৰ ১০শতাংশ ৰেহাই দিয়াৰ কথা উল্লেখ কৰে, লগতে মন্দিৰ, নামঘৰ ধৰ্মীয় অনুষ্ঠানত বিনামূলীয়া পানী যোগানৰ ব্যৱস্থা কৰা হব বুলি প্ৰকাশ কৰে । গুৱাহাটী মহানগৰৰ নগৰীয়া বানপানী প্ৰশমন আৰু নিয়ন্ত্ৰণৰ বাবে ৫৪৯ টা নলাৰ কাম হাতত লোৱা হৈছে। ৰুক্মিণীগাঁৱত শ্লুইচ গেট আৰু বৈদ্যুতিক পাম্প স্থাপন কৰা হৈছে। ২০২৬ চনত ডাঙৰ নদী নলা আৰু শতাধিক নলাৰ ডিচিল্টিং আৰু ৰক্ষণাবেক্ষণৰ কাম আৰম্ভ হ’ব বুলি মেয়ৰ শৰণীয়াই উল্লেখ কৰে। ফাঁচীবজাৰ, পূৰবী ডেইৰী আৰু আদাবাৰীত RTS–MRF সুবিধাসমূহৰ জৰিয়তে আৱৰ্জনা হ্ৰাস, পুনঃব্যৱহাৰ আৰু বৃত্তাকাৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে বৰাগাঁও ডাম্পছাইটত প্ৰায় ৮০ শতাংশ লিগেচি আৱৰ্জনা ইতিমধ্যে প্ৰক্ৰিয়াকৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। মহানগৰ নাগৰিকৰ সহযোগত গুৱাহাটীখনক অধিক পৰিষ্কাৰ, সুস্থ আৰু স্থায়ী নগৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে গুৱাহাটী পৌৰ নিগম আগবাঢ়ি যাব বুলি মেয়ৰ মৃগেন শৰণীয়াই সংবাদ মাধ্যমক অৱগত কৰে।

Ration Card: নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাল খবৰ লাখ লাখ পৰিয়াললৈ

নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাল খবৰ লাখ লাখ পৰিয়াললৈ
নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাল খবৰ লাখ লাখ পৰিয়াললৈ

নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাল খবৰ লাখ লাখ পৰিয়াললৈ।(Ration Card)

১০০ টকাতে চাউলৰ লগতে পাব দাইল, চেনী, নিমখ।

১ তাৰিখৰ পৰা ১০০ টকাতে পাব দাইল, চেনী আৰু নিমখ।

ৰেচনৰ দোকানীয়ে এটকাও ল’ব নোৱাৰিব অতিৰিক্ত।

খেলিমেলি পালেই ১৯৬৭ত দিয়ক অভিযোগ।

ৰাজ্যবাসীৰ বাবে বছৰৰ প্ৰথম দিনটোতে ভাল খবৰ।

চাউলৰ লগতে বিনামূল্যে লাভ কৰিব দাইল, চেনী আৰু নিমখ।

২০২৬ৰ জানুৱাৰীৰ পৰা ১কিলো মচুৰ দাইলৰ দাম হব ৬০টকা, এক কিলো চেনিৰ দাম হব ৩০টকা আৰু ১কিলো নিমখৰ দাম পূৰ্বৰ ১০টকাত লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে।

প্ৰতিমাহৰ ১ৰ পৰা ১০তাৰিখৰ ভিতৰত ৰেচন কাৰ্ড থকা পৰিয়ালে চাউলৰ লগতে সংগ্ৰহ কৰিব লাগিব এই সামগ্ৰী।

Happy new year 2026: সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা…

ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা...
ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা...

সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।(Happy new year 2026)

আজি নৱবৰ্ষৰ প্ৰথমটো দিন।

পুৱাৰে পৰা মঠ-মন্দিৰত ভক্তৰ ভিৰ।

নৱবৰ্ষ উদযাপনৰ বাবে ওলাই আহিছে ৰাজ্যবাসী।

দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাঁচিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নৱবৰ্ষৰ শুভেচ্ছা যাঁচিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

গুৱাহাটী গ্ৰন্থমেলাত পুৰুলিল প্ৰকাশনৰ গ্ৰন্থ উন্মোচন, বিতোপন দত্তৰ কাব্যগ্ৰন্থ “নাচি উঠক বসন্ত সময়” উন্মোচন । PURULEEL PRAKASHAN

গুৱাহাটী গ্ৰন্থমেলাত পুৰুলিল প্ৰকাশনৰ গ্ৰন্থ উন্মোচন, বিতোপন দত্তৰ কাব্যগ্ৰন্থ “নাচি উঠক বসন্ত সময়” উন্মোচন
গুৱাহাটী গ্ৰন্থমেলাত পুৰুলিল প্ৰকাশনৰ গ্ৰন্থ উন্মোচন, বিতোপন দত্তৰ কাব্যগ্ৰন্থ “নাচি উঠক বসন্ত সময়” উন্মোচন

PURULEEL PRAKASHAN । খানাপাৰাত অনুষ্ঠিত হৈ থকা অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাৰ বাকৰিত আজি উন্মোচন কৰা হয় বিতোপন দত্তৰ কাব্য সংকলন “নাচি উঠক বসন্ত সময়”। পুৰুলিল প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই।

প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰি প্ৰকাশক হিচাপে আত্মপ্ৰকাশ কৰা পুৰুলিল প্ৰকাশনৰ উক্ক অনুষ্ঠানত ‘দৈনন্দিন বাৰ্তা’ৰ মুখ্য সম্পাদক নৰেন হাজৰিকা, বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা তথা ডনবস্কো বিশ্ববিদ্যালখনৰ যান্ত্ৰিক অভিযন্তা বিভাগৰ মুৰব্বী অধ্যাপক ড০ বুলজিত বৰগোহাঁই, শিশু সাহিত্য অকাডেমী বঁটা প্ৰাপক যুগললোচন দাস, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামী, দ্যা ছেণ্টিনেল কাকতৰ ক্ৰীড়া সাংবাদিক ৰাজদ্বীপ দাস, লেখিকা তথা সাংবাদিক দৰ্শনা বৰুৱা উপস্থিত থাকে৷ তদুপৰি সাংবাদিক নিকুঞ্জ নাথ, দৈনিক অসমৰ সাংবাদিক শৈলেন কলিতা, অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক ৰঞ্জিত পাটগিৰি, ডি বি নিউজৰ সাংবাদিক গৌতম কুমাৰ কাকতিকে ধৰি বহুকেইগৰাকীয়ে অংশগ্ৰহণ কৰে৷ গ্ৰন্থখন উন্মোচন কৰি সাহিত্য সভাৰ সাধাৰণ সম্পাদক দেৱজিৎ বৰাই কয় যে, কবি বিতোপন দত্ত সক্ৰিয় সাংবাদিকতাৰ পৰা আঁতৰি শিক্ষকতাৰ দৰে এক বৃত্তিত জড়িত হৈ থাকিও সৃষ্টিৰ পথাৰত ব্যস্ত হৈ থকাটো সঁচাই আদৰণীয়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰতিভাৱান লেখকসকলে গুৱাহাটী গ্ৰন্থমেলাত গ্ৰন্থ উন্মোচন কৰাটোৱেই গ্ৰন্থমেলাৰ সফলতা বুলিব পাৰি।

আজি এখন কাব্য সংকলন প্ৰকাশেৰে আত্মপ্ৰকাশ কৰা সাংবাদিক ডিম্পুল চুতীয়াৰ পুৰুলিল প্ৰকাশনৰ এই যাত্ৰাই অসমীয়া সাহিত্যত বিশেষ মাত্ৰা লাভ কৰিব বুলি উল্লেখ কৰে কেৰিয়াৰ পৰামৰ্শদাতা ড০ বুলজিৎ বুঢ়াগোহাঁয়ে৷ অনুষ্ঠানত ‘দৈনন্দিন বাৰ্তা’ৰ মুখ্য সম্পাদক নৰেন হাজৰিকাই পুৰুলিন প্ৰকাশনৰ নতুন যাত্ৰাৰ সাক্ষী হ’বলৈ পাই আনন্দিত হোৱা বুলি উল্লেখ কৰাৰ লগতে বিতোপন দত্তৰ গ্ৰন্থখনে পাঠক সমাজৰ পৰা সমাদৰ লাভ কৰিব বুলি আশা কৰে। আনহাতে গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে কয় যে সক্ৰিয় সাংবাদিকতা ত্যাগ কৰি শিক্ষকতাৰ বৃত্তি বাচি লোৱা বিতোপন দত্তৰ গ্ৰন্থখনি উন্মোচন কৰি সুখী হৈছোঁ কাৰণ শিক্ষকতাৰ দৰে বৃত্তিত থাকি সৃষ্টিশীল জগতত বিচৰণ কৰাটো এক আশাৰ খবৰ, শিক্ষক সমাজৰ বাবেও গৌৰৱৰ বাৰ্তা। যিহেতু প্ৰকাশন প্ৰতিষ্ঠানটোৱে প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰিছে গতিকে এই মুহূৰ্তৰ সাক্ষী হোৱাটো পৰম গৌৰৱৰ বিষয়। তেখেতে বিতোপন দত্তৰ গ্ৰন্থখনি অসমৰ পাঠকে আন্তৰিকতাৰে আদৰি ল’ব বুলিও আশা প্ৰকাশ কৰে।

ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড…

ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড...
ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড...

নতুন বছৰ মানেই এক সময়ত আছিল শুভেচ্ছা, শুভকামনা আৰু মৰমৰ আদান–প্ৰদানৰ উৎসৱ। সেই সময়ত আপোনজনলৈ এখন গ্ৰিটিংছ কাৰ্ড পঠিওৱাটো আছিল এক বিশেষ আনন্দৰ বিষয়। কিন্তু সময়ৰ সোঁতত ডিজিটেল প্ৰযুক্তিৰ দ্ৰুত প্ৰসাৰে সেই চিৰচেনা সংস্কৃতিখন ক্ৰমে ম্লান হৈ পৰিছে। মোবাইল ফোন, হোৱাটছএপ, ফেচবুক আদিৰ যুগত গ্ৰিটিংছ কাৰ্ড যেন এতিয়া স্মৃতিলৈ ৰূপান্তৰিত হৈছে।

এক সময়ত নৱবৰ্ষ, জন্মদিন বা যিকোনো উৎসৱত গ্ৰিটিংছ কাৰ্ড ক্ৰয় কৰিবলৈ বজাৰত ভিৰ লাগিছিল। কিন্তু এতিয়া সেই দৃশ্য প্ৰায় নাইকিয়া। বিহাৰৰ গয়া চহৰৰ বাজাজা ৰোডত অৱস্থিত এখন সৰু দোকান এতিয়াও সেই অতীতক ধৰি ৰাখিবলৈ চেষ্টা কৰি আছে। ‘কাৰ্ড এণ্ড কাৰ্ডছ’ নামৰ এই দোকানখনৰ স্বত্বাধিকাৰী আলোক জৈনে এতিয়াও আশাত দিন কটায়—এদিন নিশ্চয় এই কাৰ্ডবোৰৰ দিন ঘূৰি আহিব।

আলোক জৈনে কয়, “আগতে নৱবৰ্ষ, জন্মদিন, বিবাহ বাৰ্ষিকী আদি উপলক্ষে মানুহে বাধ্যতামূলকভাৱে গ্ৰিটিংছ কাৰ্ড কিনিছিল। মানুহে প্ৰতিযোগিতাৰ দৰে আটাইতকৈ ধুনীয়া কাৰ্ডখন বিচাৰিছিল। কিন্তু এতিয়া ম’বাইল ফোনে সকলো সলনি কৰি দিলে।” তেওঁ জনালে, এই বছৰৰ শেষ সপ্তাহতো এখনো নৱবৰ্ষৰ কাৰ্ড বিক্ৰী নহ’ল, যিটো কেতিয়াবা ভাবিব নোৱাৰা কথা আছিল।

তেওঁ স্মৰণ কৰে, এসময়ত প্ৰতিজন গ্ৰাহকে অন্ততঃ দহখনকৈ কাৰ্ড ক্ৰয় কৰিছিল। পিতৃ-মাতৃ, আত্মীয়, বন্ধু-বান্ধৱী—সকলোৱে ডাকযোগে শুভেচ্ছা প্ৰেৰণ কৰিছিল। সেই সময়ত গয়া চহৰত ডজনাধিক গ্ৰিটিংছ কাৰ্ডৰ দোকান আছিল আৰু সকলো দোকানতে ভিৰ লেগেই আছিল। কিন্তু বৰ্তমান সময়ত সেই দোকানসমূহ প্ৰায় বন্ধ হোৱাৰ পথত।

আলোক জৈনে ক’বলৈ গৈ আবেগিক হৈ পৰে—“গ্ৰিটিংছ কাৰ্ডত এটা আৱেগ থাকে। মানুহে সেয়া সংৰক্ষণ কৰে, বছৰৰ পাছত বছৰ উলিয়াই চায়। কিন্তু ম’বাইলত অহা মেছেজ এটা কেই ছেকেণ্ডতে পঢ়ি মচি পেলোৱা হয়। তাত সেই অনুভৱ নাই।”

তেওঁ জনালে, এতিয়াও তেওঁৰ দোকানত বিভিন্ন ধৰণৰ গ্ৰিটিংছ কাৰ্ড উপলব্ধ আছে। মূল্য ৮০ টকাৰ পৰা ৫০০ টকা পৰ্যন্ত, কিছুমান বিশেষ ডিজাইনৰ কাৰ্ড ১০০০ টকালৈকে বিক্ৰী হয়। কেতিয়াবা কেতিয়াবা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে খ্ৰীষ্টমাছ বা বিশেষ উপলক্ষত কাৰ্ড ক্ৰয় কৰিবলৈ আহে, কিন্তু সংখ্যা অতি নগণ্য।

ইফালে গয়াৰ মুখ্য ডাকঘৰৰ জ্যেষ্ঠ ডাকমাষ্টাৰ ৰোহিত কুণ্ডনে কয়, “এটা সময় আছিল যেতিয়া নৱবৰ্ষৰ আগমুহূৰ্তত ডাকঘৰৰ বাকচসমূহ গ্ৰিটিংছ কাৰ্ডেৰে ভৰি পৰিছিল। ডাকঘৰীয়াসকলে দিনে দিনে শতাধিক চিঠি বিতৰণ কৰিছিল। এতিয়া সেই দৃশ্য অতীত।”

তেওঁ কয়, আগতে দেশ-বিদেশলৈ গ্ৰিটিংছ কাৰ্ড পঠিওৱাটো এটা সাধাৰণ চলন আছিল। আজিৰ ডিজিটেল যুগে সেই সংস্কৃতিক প্ৰায় নিঃশেষ কৰি পেলালে যদিও গ্ৰিটিংছ কাৰ্ডে যে এক সময়ত মানুহৰ মনত গভীৰ আবেগ সৃষ্টি কৰিছিল, সেয়া অস্বীকাৰ কৰিব নোৱাৰি।

ডিজিটেল যুগৰ সুবিধা থাকিলেও, কাগজৰ ওপৰত লিখা মৰম আৰু অনুভৱৰ উষ্ণতা এতিয়াও বহুজনৰ বাবে অতুলনীয়। হয়তো একদিন এই হেৰোৱা সংস্কৃতিয়ে পুনৰ ঘূৰি আহিব—এই আশাতেই আজিও কেইজনমান ব্যৱসায়ীয়ে নিজৰ দোকানত সাজি ৰাখিছে ৰঙীন গ্ৰিটিংছ কাৰ্ডৰ সম্ভাৰ।

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা
ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

কাৰ্বি আংলং জিলাত অমানৱীয় আৰু হৃদয়বিদাৰক এক হত্যাকাণ্ড সংঘটিত হৈছে। ডাইনী সন্দেহত গাঁওবাসীয়ে এটা দম্পতিক জীয়ন্তে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ভয়ংকৰ ঘটনাটো ৩০ ডিচেম্বৰৰ নিশা জিলাখনৰ হাওৰাঘাট আৰক্ষী চকীৰ অন্তৰ্গত ১ নং বেলোগুৰি মুণ্ডা গাঁৱত সংঘটিত হয়।

আৰক্ষী সূত্ৰে জনোৱা মতে, গাঁওখনৰ একাংশ লোকে ডাইনী চৰ্চাৰ সন্দেহত দম্পতিটোক লক্ষ্য কৰি প্ৰথমে আক্ৰমণ কৰে। অভিযোগ অনুসৰি, দুয়োকে ঘৰৰ ভিতৰত চোকা অস্ত্ৰৰে আঘাত কৰাৰ পিছত ঘৰত অগ্নিসংযোগ কৰা হয়। ফলত দম্পতিটো জীয়ন্তে জ্বলি মৃত্যু হয়।

নিহত দুগৰাকীৰ নাম গাৰ্ডি বিৰোৱা (৪৩) আৰু মীৰা বিৰোৱা (৩৩)। স্থানীয় লোকে অভিযোগ কৰে যে, অঞ্চলটোত কোনো অঘটন ঘটিলেই একাংশ লোক ডাইনী সন্দেহত নিৰীহ মানুহক লক্ষ্য কৰি লয়, যাৰ ফলত এনে ভয়ংকৰ ঘটনা সংঘটিত হয়।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এলেকাটোত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু জড়িতসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ অভিযান আৰম্ভ কৰা হৈছে।

এজন আৰক্ষী বিষয়াই কয়, “অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বাবে আজিও এনেধৰণৰ নৃশংস ঘটনা সংঘটিত হৈ আছে। সমাজত সজাগতা বৃদ্ধি নোহোৱা পৰ্যন্ত এই সমস্যা শেষ নহ’ব।” তেওঁ লগতে কয় যে, ঘটনাটোৰ সৈতে জড়িত সকলো অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ প্ৰাসংগিক ধাৰাৰ লগতে অসম ডাইনী হত্যা (নিষেধ, প্ৰতিৰোধ আৰু সুৰক্ষা) আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই নৃশংস ঘটনাই পুনৰ এবাৰ সমাজত অন্ধবিশ্বাসৰ ভয়াবহ পৰিণতি উন্মোচন কৰিছে। প্ৰশাসনৰ লগতে সচেতন মহলে এনে কাণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰু জনসচেতনতা বৃদ্ধিৰ দাবী জনাইছে।

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন
‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত কংগ্ৰেছৰ নেতৃত্বত গঠিত হ’বলগীয়া বিৰোধী মিত্ৰজোঁটত এতিয়াই মতভেদ স্পষ্ট হৈ উঠিছে। আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ ঘোষণা নোহোৱাকৈয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে “১০০ খনতকৈ অধিক আসনত কংগ্ৰেছ প্ৰতিদ্বন্দ্বিতা কৰিব” বুলি কৰা মন্তব্যই বিৰোধী শিবিৰত অসন্তুষ্টিৰ সৃষ্টি কৰিছে।

গৌৰৱ গগৈয়ে যোৱা ২৭ ডিচেম্বৰত তেজপুৰত আয়োজিত এক কাৰ্যসূচীত অংশ লৈ সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে ১০০ৰো অধিক আসনত প্ৰাৰ্থী প্ৰদান কৰিব আৰু বাকী আসনসমূহ মিত্ৰ দলসমূহৰ সৈতে আলোচনা কৰি নিৰ্ধাৰণ কৰা হ’ব। এই ঘোষণাৰ পাছতেই বিৰোধী শিবিৰৰ একাংশ দলৰ মাজত ক্ষোভৰ সৃষ্টি হয়।

বিৰোধী দলসমূহৰ মতে, মিত্ৰতা চূড়ান্ত নোহোৱাকৈ আৰু আসন ভাগ-বাটোৱাৰাৰ আলোচনাত বহাৰ আগতেই কংগ্ৰেছে একতৰফাভাৱে “১০০ আসন” ঘোষণা কৰাটো মিত্ৰতাৰ নীতিবিৰোধী। অসমত মুঠ ১২৬খন বিধানসভা আসন থাকোঁতে কংগ্ৰেছে যদি ১০০ৰো অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰে, তেন্তে বাকী দলসমূহৰ বাবে অত্যন্ত সীমিত আসনহে অৱশিষ্ট থাকিব বুলি তেওঁলোকে অভিযোগ কৰে।

বিশেষকৈ অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই, চিপিআই(এম), চিপিআই(এম-এল) আৰু এ পি এইচ এল চিৰ দৰে দলসমূহে এই ঘোষণাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয়, “আমাৰ বাবে আসনৰ সংখ্যা মুখ্য নহয়। মূল লক্ষ্য হ’ল বিজেপি আৰু আৰএছএছৰ শাসনৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়া। কিন্তু মিত্ৰতাৰ ক্ষেত্ৰত কাকো জাপি দিয়া উচিত নহয়।”

অখিল গগৈয়ে লগতে কয়, “গৌৰৱ গগৈয়ে আগতে কৈছিল কেমেৰাৰ সন্মুখত মিত্ৰতাৰ কথা নক’ব বুলি। কিন্তু হঠাতে তেওঁ নিজেই সেই নীতি ভাঙিলে। মিত্ৰতা মানে আলোচনা, বুজাবুজি আৰু বিশ্বাস।”

আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মন্তব্য কৰে যে গৌৰৱ গগৈয়ে ১০০ আসনৰ কথা ক’লেও এই বিষয়টো আলোচনা কৰিহে চূড়ান্ত হ’ব। তেওঁ কয়, “মিত্ৰতা নহ’লে বিজেপিক পৰাভূত কৰা অসম্ভৱ। সেয়েহে আসন বণ্টনৰ বিষয়টো আলোচনা কৰিয়েই ঠিক কৰিব লাগিব।”

লুৰীণজ্যোতি গগৈয়ে লগতে উল্লেখ কৰে যে বিটিআৰৰ ১৫ খন আসন এই ১০০ আসনৰ ভিতৰত ধৰা হৈছে নে নাই সেয়াও স্পষ্ট নহয়। কিয়নো বিটিআৰত বৰ্তমান ইউপিপিএল আৰু বিপিএফ শক্তিশালী আৰু দুয়ো দলেই এনডিএৰ অংশীদাৰ। সেয়ে এই বিষয়সমূহ আলোচনা অবিহনে নিৰ্ধাৰণ কৰা সম্ভৱ নহয় বুলিও তেওঁ কয়।

ইফালে, চিপিআই(এম)-এও কংগ্ৰেছৰ ঘোষণাত অসন্তোষ প্ৰকাশ কৰিছে। দলটোৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়, “আলোচনা আৰম্ভ হৈছে যদিও আসন বণ্টনৰ বিষয়ত এতিয়াও কোনো সিদ্ধান্ত হোৱা নাই। কেমেৰাৰ আগত নহয়, আলোচনাৰ টেবুলতেই এই বিষয়সমূহ নিষ্পত্তি হওক।”

মুঠতে, কংগ্ৰেছৰ ‘১০০ আসন’ ঘোষণাই বিৰোধী শিবিৰত ঐক্যৰ সংকেত দিয়াৰ সলনি বিভাজনৰ ইংগিতহে দিছে। আগন্তুক দিনত আলোচনা আৰু সমঝোতাৰ মাজেদি এই মিত্ৰতা কিদৰে আগবঢ়ে, সেয়াই হ’ব অসম ৰাজনীতিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা মুখ্য বিষয়।

প্ৰচণ্ড শীতৰ বাবে বন্ধ বিদ্যালয় ! শিক্ষামন্ত্ৰী ৰণোজ পেগুে আকৌ কি ঘোষণা কৰিলে

প্ৰচণ্ড শীতৰ বাবে বন্ধ বিদ্যালয় ! শিক্ষামন্ত্ৰী ৰণোজ পেগুে আকৌ কি ঘোষণা কৰিলে
প্ৰচণ্ড শীতৰ বাবে বন্ধ বিদ্যালয় ! শিক্ষামন্ত্ৰী ৰণোজ পেগুে আকৌ কি ঘোষণা কৰিলে

ৰাজ্যজুৰি অব্যাহত থকা প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। শীতৰ তীব্ৰতাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ দৈনন্দিন যাতায়াত কঠিন হৈ পৰাত এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিবলৈ দিয়ে শিক্ষা বিভাগে।

বিগত কেইবাদিন ধৰি অসমত বিশেষকৈ গুৱাহাটী মহানগৰসহ বিভিন্ন অঞ্চল ঘন কুঁৱলীৰ আৱৰণত পৰি আছে। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, গুৱাহাটী আৰু আশে-পাশে অঞ্চলত সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় একে থাকিলেও সৰ্বোচ্চ তাপমাত্ৰা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। আগন্তুক কেইদিনমানলৈ অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বহু ৰাজ্যত ঘন কুঁৱলী অব্যাহত থাকিব বুলি পূৰ্বাভাস দিয়া হৈছে।

এই পৰিস্থিতিত শীতৰ প্ৰকোপৰ পৰা শিক্ষাৰ্থীসকলক সুৰক্ষা দিবলৈ কামৰূপ মহানগৰ জিলাত ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ সকলো চৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। কামৰূপ মেট্ৰ’ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে। জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়া হৈছে। লগতে ব্যক্তিগত বিদ্যালয়সমূহকো ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ কথা চিন্তা কৰি একে ধৰণৰ ব্যৱস্থা ল’বলৈ আহ্বান জনোৱা হৈছে।

ইফালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পূৰ্বেই জানিবলৈ দিছিল যে, শীতৰ প্ৰকোপ অধিক হ’লে জিলা প্ৰশাসনে বিদ্যালয় বন্ধৰ সিদ্ধান্ত ল’ব পাৰিব। তেওঁ কয়, “কিছুমান জিলাত শীতৰ তীব্ৰতা বেছি, কিছুমানত তুলনামূলকভাৱে কম। সেই অনুসৰি জিলা আয়ুক্তসকলে পৰিস্থিতি মূল্যায়ন কৰি সিদ্ধান্ত ল’ব পাৰিব।”

শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যমযোগেও সকলো জিলা আয়ুক্তক নিজ নিজ জিলাৰ পৰিস্থিতি পৰ্যালোচনা কৰি প্ৰয়োজন অনুসাৰে বিদ্যালয় বন্ধ বা খোলা ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

খচৰা ভোটাৰ তালিকা প্ৰকাশ, ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি

খচৰা ভোটাৰ তালিকা প্ৰকাশ, ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি
খচৰা ভোটাৰ তালিকা প্ৰকাশ, ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি

ৰাজ্যত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। অসম ৰাজ্যিক মুখ্য নিৰ্বাচনী আয়ুক্ত অনুৰাগ গোৱেলে আজি এক সংবাদমেলত এই কথা সদৰী কৰে। বিশেষ পুনৰীক্ষণৰ পাছত ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে।

নতুন খচৰা তালিকা অনুসৰি এইবাৰ ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫২,০১,৬২৪ জন। পূৰ্বৰ তুলনাত ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ১,২৫,৭২,৫৮৩ জন পুৰুষ ভোটাৰ আৰু ১,২৬,২৮,৬৬২ গৰাকী মহিলা ভোটাৰ আছে। লগতে তৃতীয় লিংগৰ ভোটাৰ আছে ৩৭৯ জন। ভোটাৰ তালিকাত প্ৰতি ১,০০০ জন পুৰুষৰ বিপৰীতে ১,০০৪ গৰাকী মহিলা ভোটাৰ থকা বুলি জানিবলৈ দিয়ে নিৰ্বাচন আয়োগে।

ৰাজ্যজুৰি মুঠ ৩১,৪৮৬ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। মানকাচৰ বিধানসভা সমষ্টিত সৰ্বাধিক ৪০২টা ভোটকেন্দ্ৰ আছে, আনহাতে দোটমা সমষ্টিত সৰ্বনিম্ন ১৪৬টা ভোটকেন্দ্ৰ আছে। ভোটাৰৰ সংখ্যাৰ দিশৰ পৰা দেৰগাঁও সমষ্টি শীৰ্ষস্থানত আছে, য’ত মুঠ ভোটাৰ ৩,১৮,৩২৬ জন। আনফালে আমৰি সমষ্টিত সৰ্বনিম্ন ১,০০,৩১৯ জন ভোটাৰ আছে।

এই খচৰা তালিকাত ৬৩,৩১৪ জন চাৰ্ভিচ ভোটাৰ আৰু ২,০২,৪৩৩ জন নন-ৰেচিডেণ্ট (পিডব্লিউডি) ভোটাৰো অন্তৰ্ভুক্ত হৈছে। ১৮-১৯ বছৰ বয়সৰ নতুন ভোটাৰ ২,৪৫,০৮৪ জন আৰু ৮৫ বছৰৰ ওপৰৰ ভোটাৰৰ সংখ্যা ১,৩৬,৫৪৬ জন বুলি জানিবলৈ দিয়া হৈছে।

বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত ৰাজ্যজুৰি ৬০ হাজাৰৰো অধিক বি এল অ’য়ে কাম কৰিছে। ঘৰে ঘৰে গৈ কৰা পৰীক্ষণত ৬১,০৩,১০৩ টা পৰিয়াল আৱৰি লোৱা হয়। এই সময়ছোৱাত ৭.৮৬ লাখৰো অধিক নতুন ভোটাৰ সংযোজন কৰা হয় আৰু ৪.৪৭ লাখ নাম কৰ্তন কৰা হয়। ফলত প্ৰায় ৩.৩ লাখ ভোটাৰৰ নিকা বৃদ্ধি ঘটে। একে সময়তে ৪.৭৯ লাখ মৃত ভোটাৰ আৰু ৫.২৩ লাখ স্থানান্তৰিত ভোটাৰ চিনাক্ত কৰা হৈছে, যাৰ নাম দাবী আৰু আপত্তি সময়ছোৱাত বিবেচনা কৰা হ’ব।

ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ ৬ নম্বৰ প্ৰ-পত্ৰ ব্যৱহাৰ কৰিব লাগিব। নাম সংশোধনৰ বাবে ৮ নম্বৰ প্ৰ-পত্ৰ ব্যৱহাৰ কৰিব পাৰিব। ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত গাঁওসভাৰ জৰিয়তে খচৰা ভোটাৰ তালিকা সন্দৰ্ভত নাগৰিকক অৱগত কৰা হ’ব। পূৰ্ণাঙ্গ আৰু চূড়ান্ত ভোটাৰ তালিকা অহা ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাৱ ।