Home Blog Page 68

জুবিনৰ লৰালি কালৰ বন্ধু ৰজনীহঁতৰ কথাৰে…

Zubeen's childhood friends
জুবিনৰ লৰালি কালৰ বন্ধু ৰজনীহঁতৰ কথাৰে...

মুনিন্দ্ৰ, হেমচন্দ্ৰ, চন্দন, ৰজনীহঁত আছিল জুবিনৰ ল’ৰালিৰ বন্ধু। ৰজনী দুখীয়া ঘৰৰ অতি মেধাৱী ল’ৰা।
ৰজনীহঁতৰ ঘৰৰ লগত জুবিনৰ খোৱা-লোৱা,উঠা-বহা । মাক দেউতাকৰ মৰম চেনেহে কণমানি জুবিনক বৰকৈ আপ্লুত কৰিছিল । এটা সময়ত জুবিনে মেট্ৰিক পাছ কৰি কলেজত পঢ়িবলৈ বাহিৰলৈ গ’ল । ৰজনীয়েও পলিটেকনিক পঢ়িবলৈ গুৱাহাটীলৈ আহিল ।
কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত অন্তিম বছৰতে ৰজনী ৰাজবংশী নামৰ মেধাৱী ল’ৰাজনে পলিটেকনিকৰ কোঠাতেই সন্দেহজনকভাৱে মৃত্যুক আঁকোৱালি ল’ব লগা হয় ।
এসময়ত ৰজনীৰ স্মৃতিও তামুলপুৰবাসীৰ মনৰ পৰা লাহে লাহে হেৰাই যোৱাৰ উপক্ৰম হ’ল ।
কিন্তু জুবিন গাৰ্গ নামৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীজনে সেয়া হ’বলৈ নিদিলে। ৰজনীৰ মাকৰ আধা শুকুৱা ঘাঁ টুকুৰা বহু বছৰৰ মূৰত আকৌ খজুৱাই বহলাই দিলে জুবিনে।
কথাটো এনেধৰণৰ –


তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল জুবিন গাৰ্গ ।উল্লেখ্য যে, উক্ত অনুষ্ঠানত গীত পৰিৱেশনৰ বাবদ জুবিনে এটকাও মাননি লোৱা নাছিল। এয়া তেওঁ পঢ়ি যোৱা স্কুল খনৰ প্ৰতি অকৃত্ৰিম ভালপোৱাৰ নিদৰ্শন। সেই দিনটোতে তেওঁ শৈশৱৰ স্মৃতি ৰোমন্থন কৰি অতীতৰ বন্ধুবোৰ বিচাৰি ঘৰে ঘৰে গ’ল । ক’বলৈ গ’লে এক প্ৰকাৰৰ মহামিলনৰ থলী হৈ পৰিল। সেই সন্ধিয়াতে প্ৰতিকূল পথ অতিক্ৰম কৰি ৰজনীৰ পৰিয়ালক লগ কৰাৰ বাবে দক্ষিণ পুনিয়া গাঁৱত হাজিৰ হ’ল জুবিন ।অইনৰ ঘৰে ঘৰে কাম কৰি জীৱিকা নিৰ্বাহ কৰা ৰজনীৰ মাকক সেৱা কৰি তেতিয়াৰ পৰা সেইকামটো বন্ধ কৰিবলৈ দিলে। ৰজনীৰ ভায়েকক চাহ দোকানত কাম কৰাতো বন্ধ কৰি নিজে লৈ যোৱাৰ সিদ্ধান্ত ল’লে। মুঠৰোপৰত ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব জুবিনে নিজে মূৰ পাতি ল’লে।
ৰজনীৰ পৰিৱৰ্তে জুবিনকে পুত্ৰ হিচাপে ল’বলৈ ৰজনীৰ মাকক অনুৰোধ জনালে।”…এয়াই জুবিন গাৰ্গ নামৰ মহান শিল্পীগৰাকীৰ মহানুভৱতা । যাৰ বুকুত ঠাই পায় হাজাৰ মানুহৰ সুখ দুখ আৰু সপোন। আৰ্তজনৰ কান্দোন অসহ্যকৰ জুবিনৰ বাবে।

Zubeen Garg: অনুৰাগীৰ কান্দোনত গছৰ পাত সৰিল কমাৰকুছিত…

অনুৰাগীৰ কান্দোনত গছৰ পাত সৰিল কমাৰকুছিত
অনুৰাগীৰ কান্দোনত গছৰ পাত সৰিল কমাৰকুছিত

অনুৰাগীৰ কান্দোনত গছৰ (Zubeen Garg) পাত সৰিল কমাৰকুছিত৷ অসমবাসীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই আজি মৰ্মাহত৷ ভোক-পিয়াহ কাটি কৰি অহৰ্নিশে সৰুসজাইত কটাই আজি দিনৰ ভাগত সোণাপুৰৰ কমাৰকুছিত প্ৰাণৰ শিল্পীগৰাকীক চিৰ বিদায় জনালে লাখ লাখ গুণমুগ্ধই৷ চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰণ কৰি অনুৰাগীয়ে চকুলোৰে বিদায় জনালে প্ৰিয় শিল্পীগৰাকীক৷ ডিমৰীয়া কলেজে আগবঢ়োৱা চন্দন গছৰ কাঠেৰে শিল্পীগৰাকীৰ অন্তে্যষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ পঞ্চভূতত বিলীন হ’ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ৷ উল্লেখ্য, ৰাজ্যবাসীৰ হৃদয় চূৰ্ণ-বিচূৰ্ণ কৰি ছিংগাপুৰত চিৰদিনৰ বাবে চকু মুদিছিল অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গে৷ অৱশেষত আজি তেওঁ অজান দেশলৈ গুচি গ’ল, য’ৰ পৰা তেওঁ আৰু কেতিয়াও উভতি নাহে৷ আজিৰে পৰা অসমবাসীৰ প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গৰ নতুন ঠিকনা হ’ল কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ পাণবাৰী মৌজাৰ কমাৰকুছি গাঁৱৰ হাতীমূৰা টিলা৷ মঙলবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ শিল্পীগৰাকীক পিন্ধাই দিয়া হয় তেওঁৰ প্ৰিয় ড্ৰেগন সাজযোৰ৷ শেষকৃত্যস্থলীত ভাৰত চৰকাৰৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ আনহাতে, পৰিয়ালৰ লোকৰ উপৰি আছুকে ধৰি বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে৷ অসম আৰক্ষীৰ তৰফৰ পৰাও শেষ শ্ৰদ্ধা নিবেদন কৰা হয় ৷

লোকাৰণ্য হৈ পৰা শেষকৃত্যস্থলীত কৰা হয় বেদ পাঠ৷ চৌদিশে কেৱল মানুহ আৰু মানুহ৷ জনসমুদ্ৰত পৰিণত হয় সমগ্ৰ সোণাপুৰ অঞ্চল৷ নিশাৰে পৰাই সোণাপুৰলৈ জনতাৰ সোঁত বৈছিল৷ লাখ লাখ লোকৰ উপস্থিতিত আজি শিল্পীগৰাকী অগ্নি দেৱতাৰ কোলাত শুই অজান দেশলৈ গুচি গ’ল৷ পৰিয়ালৰ লোকে ধৰ্মীয় ৰীতি-নীতিৰ পৰ্ব সমাপ্ত কৰাৰ পিছতে চিতাৰ কাষলৈ অনা হয় জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ৷ লগে লগে আকাশে-বতাহে উচ্ছাৰিত ‘জয় জুবিনদা’, ‘জুবিনদা অমৰ হওক’ ৷ অন্তিম শয্যাত উঠাৰ পূৰ্বে পুত্ৰক শেষ বিদায় জনায় পিতৃ কপিল বৰঠাকুৰে৷ শেষ বিদায় দি শ্ৰদ্ধা নিবেদন কৰে পত্নী গৰিমা গাৰ্গে৷ ডবা, শংখ, ঘণ্টাৰ ধবনিৰ মাজতে চন্দন কাঠেৰে সজোৱা চিতাত জুবিন গাৰ্গৰ নশ্বৰ দেহ তুলি দিয়া হয়৷ চিতাত তুলি দিয়াৰ পিছতে ধৰ্মীয় ৰীতিৰে মুখাগ্নি কৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে৷ মুখাগ্নি কৰাত সংগ দিয়ে জুবিন গাৰ্গৰ অতিকৈ মৰমৰ ৰাহুল গৌতম শৰ্মা, অৰুণ গাৰ্গ আৰু ৰিতু প্ৰয়াগ গাৰ্গে ৷ মুখাগ্নিৰ সময়তে অসম আৰক্ষীয়ে টোপধবনিৰে শিল্পীগৰাকীলৈ সন্মান প্ৰদৰ্শন কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিতাত তুলি দিয়ে চন্দন কাঠ৷ চিতাৰ কাষতে বহি প্ৰিয় মানুহজনক শেষ বিদায় দিয়ে পত্নী গৰিমা গাৰ্গে৷ চিতাত উঠাই দিয়াৰ পিছত ১২.২২ বজাত মুখাগ্নি কৰা হয়৷ লগে লগে গুঞ্জৰিত হয় টোপধবনি ৷ ২১ জাঁই গুলী ফুটাই ৰাষ্ট্ৰীয় মৰ্যাদাৰে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ সকলোৱে হাতযোৰ কৰি মহান শিল্পীগৰাকীৰ প্ৰতি অন্তিম শ্ৰদ্ধা নিবেদন কৰে৷ আকাশে-বতাহে গুঞ্জৰিত হয় বেদৰ শ্লোক৷ লগতে গুঞ্জৰিত হয় ‘মায়াবিনী ৰাতিৰ বুকুত’ শীৰ্ষক শিল্পীগৰাকীৰ কালজয়ী গীতটো৷ যিটো গীত শিল্পীগৰাকীয়ে নিজৰ মৃত্যুত গোৱাটো বিচাৰিছিল৷ অন্তিম যাত্ৰাৰ সময়ত উপস্থিত অগণন জুবিনপ্ৰেমীয়ে একেলগে গালে গীতটো৷ পত্নী গৰিমা গাৰ্গেও কান্দি কান্দি গালে প্ৰিয়জনে বিচৰা গীতটো৷ এক বুজাব নোৱৰা আৱেগিক পৰিৱেশ৷

যাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি ৷ এক বাক্‌ৰুদ্ধ পৰিৱেশ৷ চন্দন কাঠৰ আৱেশত দপদপাই জ্বলি উঠা জুইকুৰাৰ মাজত বিলীন হৈ পৰিল শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ৷ জুবিন গাৰ্গৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈ পৰাৰ লগে লগে অৱসান ঘটিল এটা বৰ্ণিল যুগৰ৷ যিটো যুগৰ নেতৃত্ব দিছিল কেৱল জুবিন গাৰ্গে৷ আজি সমগ্ৰ ৰাজ্য মৰ্মাহত৷ শুকুৰবাৰে বিয়লিৰে পৰাই শোক সাগৰত ডুব গৈ আছে সমগ্ৰ ৰাজ্য৷ সিদিনাই আহিছিল অসমবাসীৰ বাবে অত্যন্ত বেয়া খবৰটো৷ জুবিন গাৰ্গ নাই বুলি সুদূৰ ছিংগাপুৰৰ পৰা আহিছিল খবৰটো৷ নৰ্থ-ইষ্ট ফেষ্টিভেলৰ বাবে বুধবাৰে হাঁহিমুখে কাহিলিপাৰাৰ ঘৰখনৰ পৰা ছিংগাপুৰ অভিমুখে ওলাই গৈছিল জুবিন গাৰ্গ৷ কিন্তু সাগৰত সাঁতুৰিব গৈ ঘূৰি নাহিল শিল্পীগৰাকী৷ অসুস্থ হৈ পৰা শিল্পীগৰাকীয়ে ছিংগাপুৰতে শেষ নিশ্বাস ত্যাগ কৰে৷ সেই খবৰটো পোৱা মাত্ৰকে শোকস্তব্ধ হৈ পৰে সমগ্ৰ ৰাজ্যবাসী৷ ইয়াৰ পিছত শনিবাৰে নিশা ছিংগাপুৰৰ পৰা শিল্পীগৰাকীৰ নশ্বৰ দেহ দিল্লীলৈ অনা হয় আৰু তাৰ পিছত দিল্লীৰ পৰা নশ্বৰ দেহ দেওবাৰে পুৱা প্ৰায় জ্জ বজাত গুৱাহাটী আহি পায়৷ দেওবাৰে গুৱাহাটী বিমানবন্দৰৰ পৰা বিশাল সমদলেৰে শিল্পীগৰাকীৰ নশ্বৰ দেহ কাহিলিপাৰাৰ বাসগৃহলৈ অনা হয়৷ সেই সমদল আছিল অসমৰ ইতিহাসৰ এক বিৰল সমদল৷ জুবিন গাৰ্গৰ প্ৰতি থকা মানুহৰ প্ৰেম-ভালপোৱাই ৰাজপথক জনসমুদ্ৰৰ ৰূপ দিছিল৷ সেই সমদলত আছিল কেৱল মানুহ আৰু মানুহ ৷ জুবিনৰ মৃত্যুৰ লগে লগে এটা যুগৰ অন্ত পৰিল৷ যাৰ বাবে আজি সকলো শোক সাগৰত বুৰ গৈছে৷ বিমান বন্দৰৰ পৰা কাহিলিপাৰাৰ ঘৰখনলৈ নশ্বৰ দেহ আনোতে প্ৰায় ছঘণ্টা সময় লাগিছিল৷

ঘৰত কিছু সময় ৰখাৰ পিছত দেওবাৰে দিনৰ প্ৰায় ২.৪৫ বজাত সৰুসজাইলৈ নিয়া হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ৷ য’ত আয়োজন কৰা হৈছিল ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ৷ প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধা নিবেদনৰ বাবে ৰখা হৈছিল সৰুসজাইৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত৷ দেওবাৰে বিয়লি প্ৰায় ৩ বজাৰ পৰা সোমবাৰে নিশা ১২ বজালৈ লাখ লাখ লোকে শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে৷ ৰ’দ-বৰষুণ নেওচি অগণন লোকে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ শ্ৰদ্ধা জনাবলৈ ওলাই আহে আবাল-বৃদ্ধ-বণিতা৷ ইফালে মঙলবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত জি এম চি এইচত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়৷ তাৰ পিছত পুনৰ সৰুসজাইলৈ নিয়া হয় নশ্বৰ দেহ৷ সৰুসজাইৰ পৰা পুষ্পসজ্জিত বাহনত সমদল কৰি জুবিন গাৰ্গৰ নশ্বৰ দেহ সোণাপুৰলৈ লৈ যোৱা হয়৷ সমগ্ৰ পথছোৱাৰ চৌদিশে কেৱল মানুহ আৰু মানুহ৷ সোণাপুৰৰ কমাৰকুছি গাঁৱৰ হাতীমূৰা টিলালৈ অনাৰ পিছত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ পঞ্চভূতত বিলীন হৈ পৰে মৰমৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ৷ ৰাজ্যবাসীক কন্দুৱাই গুচি গ’ল অজানা দেশলৈ৷ আজি সমগ্ৰ ৰাজ্য নিস্তব্ধ আৰু নিতাল৷ শিল্পীগৰাকীৰ অন্তে্যষ্টিক্ৰিয়াৰ পোনপটীয়া সম্প্ৰচাৰ বিভিন্ন মাধ্যমযোগে ৰাজ্যবাসীয়ে প্ৰত্যক্ষ কৰি অশ্ৰুসিক্ত নয়নেৰে শিল্পীগৰাকীক অন্তিম বিদায় দিয়ে৷ আপোন শিল্পীগৰাকীক অন্তিম বিদায় দি আজি শোকস্তব্ধ ৰাজ্য৷

Zubeen Garg: ‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত’

‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত’
‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত’

মনে নসহে, কিন্তু প্ৰকৃতিৰ বিধান, (Zubeen Garg) বিদায় দিবই লাগিব৷ মঙলবাৰে সোণাপুৰৰ কমাৰকুছিত লাখ লাখ গুণমুদ্ধই শেষ বিদায় জনালে প্ৰাণৰ শিল্পীগৰাকীক৷ চকুলোৰে তিতি গ’ল সোণাপুৰৰ ৰাজপথ৷ জুবিনে কৈছিল- ‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত’ হয়, আজি তেওঁ সকলো পাৰ্থিৱ বিষয়ৰ পৰা মুক্ত৷ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৱে সৰুসজাইত জুবিন গাৰ্গলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে৷

কেৱল সেয়াই নহয়, জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠানতো দেখা গ’ল জনগোষ্ঠীয় ঐক্যৰ চানেকি৷ প্ৰাণৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি দিবলৈ কোনোবাই যদি লৈ আহিছিল ফুলৰ তোৰা, ফুলৰ মালা আকৌ কোনোবাই লৈ আহিছিল স্বজাতিৰ স্বাভিমানস্বৰূপ গামোচাখন৷ সৰুসজাইলৈ অহা ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ অনুৰাগীসকলে তেওঁলোকৰ জাতীয় বস্ত্ৰৰে জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

এই কথাই প্ৰমাণ কৰিলে তেওঁ অসমৰ প্ৰতিটো জনগোষ্ঠীৰে প্ৰিয় শিল্পী আছিল৷ লক্ষণীয়ভাৱে অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলিস্বৰূপে জুবিন গাৰ্গলৈ আগবঢ়োৱা জাতীয় বস্ত্ৰবোৰৰ মাজত অসমীয়া গামোচা, বড়ো আৰণাই, মিচিং ডোমেত, দেউৰী গামোচা, ৰাভা পাঁজাৰ আদি সকলোৰে সমাহাৰ ঘটিছিল৷ একপ্ৰকাৰ জাতি-জনগোষ্ঠীৰ সম্প্ৰীতিৰ চানেকি হৈছিল অন্তিম শয়নৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি থলী৷

Siddharth Sharma: কাৰ টকাৰে মেনেজাৰ সিদ্ধাৰ্থৰ সম্পত্তিৰ পাহাৰ !

Siddharth Sharma: কাৰ টকাৰে মেনেজাৰ সিদ্ধাৰ্থৰ সম্পত্তিৰ পাহাৰ !
Siddharth Sharma: কাৰ টকাৰে মেনেজাৰ সিদ্ধাৰ্থৰ সম্পত্তিৰ পাহাৰ !

সামাজিক মাধ্যমত চৰ্চাত আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ পাহাৰ-(Siddharth Sharma)

গুৱাহাটীৰ লখৰাত কেইবা কোটি টকীয়া হোটেল Royal Heritage !

ছয়গাওঁত কেইবা কোটি টকীয়া পানীৰ কোম্পানী !

গুৱাহাটীৰ বেলতলাত কেইবা কোটি টকীয়া প্রকাণ্ড বিলাসী ফ্লেট !

গুৱাহাটীৰ দাতাল পাৰাত কেইবা কোটি টকীয়া প্রকাণ্ড বিলাসী ফ্লেট !

গুৱাহাটীৰ Zoo Road ত Music Management Office !

২০২৩ চনৰ পৰা Music Management ৰ প্ৰধান পৰিচালক !

এতিয়া প্ৰশ্ন হয় কাৰ টকাৰে মেনেজাৰ সিদ্ধাৰ্থৰ সম্পত্তিৰ পাহাৰ?

এই সকলোৰ প্ৰশ্ন লাগে এতিয়া জুবিন প্ৰেমীকক।

বৰ্তমান সামাজিক মাধ্যমত তোলপাৰ লাগি আছে সিদ্ধাৰ্থৰ সম্পত্তিৰ পাহাৰক লৈ।

Shyamkanu Mahanta: অৱশেষত শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰিলে অসম চৰকাৰে

অৱশেষত শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰিলে অসম চৰকাৰে
অৱশেষত শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰিলে অসম চৰকাৰে

শ্যামকানু মহন্তক অসমত ব্লেকলিষ্টেড।(Shyamkanu Mahanta)

শ্যামকানু মহন্তৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সকলো অনুষ্ঠান অসমত বন্ধ ঘোষণা

ৰাজ্য চৰকাৰে কোনো অনুদান নিদিয়ে।

কেন্দ্ৰীয় চৰকাৰকো নিদিবলৈ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

জুবিন গাৰ্গৰ মৃত্যুৰে শ্যামকানু মহন্তৰ নাম সাঙোৰ খোৱাৰ পিছতে কঠোৰ মুখ্যমন্ত্ৰী।

অৱশেষত শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰিলে অসম চৰকাৰে।

Tezpur University: মৰণোত্তৰভাৱে জুবিন গাৰ্গলৈ ডক্টৰেট ডিগ্ৰী আগবঢ়াব তেজপুৰ বিশ্ববিদ্যালয়ে

মৰণোত্তৰভাৱে জুবিন গাৰ্গলৈ ডক্টৰেট ডিগ্ৰী আগবঢ়াব তেজপুৰ বিশ্ববিদ্যালয়ে
মৰণোত্তৰভাৱে জুবিন গাৰ্গলৈ ডক্টৰেট ডিগ্ৰী আগবঢ়াব তেজপুৰ বিশ্ববিদ্যালয়ে

ছাত্ৰ সমাজৰ প্ৰতিবাদত সেও মানিলে তেজপুৰ বিশ্ববিদ্যালয়ে। (Tezpur University)

মৰণোত্তৰভাৱে জুবিন গাৰ্গলৈ ডক্টৰেট ডিগ্ৰী আগবঢ়াব তেজপুৰ বিশ্ববিদ্যালয়ে।

বিশ্ববিদ্যালয় চৌহদত নিৰ্মাণ কৰা হ’ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি।

শিক্ষার্থীলৈও জুবিন গাৰ্গৰ নামত বৃত্তি আগবঢ়োৱাৰ সিদ্ধান্ত।

শিক্ষাৰ্থীসকলৰ দাবী মানি এই সিদ্ধান্ত বিশ্ববিদ্যালয় কর্তৃপক্ষৰ।

Zubeen Garg: জনতাৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ দৃশ্য চাই থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ সৰবৰহী মহিলাৰ মৃত্যু

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ দৃশ্য চাই থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ সৰবৰহী মহিলাৰ মৃত্যু
জনতাৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ দৃশ্য চাই থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ সৰবৰহী মহিলাৰ মৃত্যু

জনতাৰ শিল্পী, যুৱ প্ৰজন্মৰ (Zubeen Garg) হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ খবৰে ৰাজ্যবাসীক শোকস্তব্ধ কৰি তোলাৰ সময়তে আজি মহান শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কাৰ্য চলি থকাৰ দৃশ্য দূৰদৰ্শত চাই থকা অৱস্থাত নাজিৰাত এগৰাকী প্ৰায় ৫৪ বছৰীয়া সৰবৰহী মহিলা হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে । নাজিৰা চাৰিআলিৰ সমীপৰ হনুমান ক্লথ ষ্টক্সৰৰ স্বত্বাধিকাৰী নাৰায়ণ আগৰৱালাৰ সহধৰ্মিনী সুনীতা আগৰৱালাই নাজিৰাৰ বাপুজী পথৰ নিজা বাসগৃহত অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া কাৰ্য দূৰদৰ্শনত চাই থকাৰ সময়তে প্ৰায় ১১-২৫ বজাত হৃদৰোগত আক্ৰান্ত হৈ লগে লগে পৰ লোক ঘটে ।

মৃত্যুৰ সময়ত সুনীতা আগৰৱালাই স্বামীৰ লগতে এজন পুত্ৰ আৰু দুগৰাকী কন্যা সহ ইহসংসাৰত এৰিথৈ গৈছে । মহিলাগৰাকীৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।সুনীতা আগৰৱালাৰ অকাল মৃত্যুত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্রী ডঃ হেমপ্ৰভা শইকীয়া , নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়া, নাজিৰা মাৰোৱাৰী মহিলা সমিতি , মাৰোৱাৰী যুৱ সমাজ , শ্ৰী শ্ৰী গোৱৰধনধাৰী গো-শালা পৰিচালনা আৰু উন্নয়ন সমিতি আদিকে ধৰি বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

Zubeen Garg: গ’ল গৈ জুবিনঃ স্বামীৰ বিদায় বেলাত কাষতে পত্নীয়ে গালে মায়াবিনী ৰাতিৰ বুকুত…

স্বামীৰ বিদায় বেলাত কাষতে পত্নীয়ে গালে মায়াবিনী ৰাতিৰ বুকুত…
স্বামীৰ বিদায় বেলাত কাষতে পত্নীয়ে গালে মায়াবিনী ৰাতিৰ বুকুত…

নিৰৱে-নিতালে (Zubeen Garg) চিৰদিনলৈ শুই পৰিল আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। আজি পঞ্চভূতত বিলীন হ’ল গণ শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিৰ নিৰিবিলি প্ৰকৃতিৰ মাজত চিৰদিনৰ বাবে শুই পৰিল আমাৰ জুবিনদা। জুবিনৰ চিতাৰ কাষত অজস্ৰ অনুৰাগীয়ে গালে মায়াবিনী ৰাতি…। স্বামীৰ বিদায় বেলাত কান্দি কান্দি পত্নী গৰিমা শইকীয়াও গাৰ্গেও গালে মায়াবিনী ৰাতিৰ বুকুত…।

সঁচাই বিশ্বই দেখিলে, অসমে কি হেৰুৱালে। লাখ, লাখ অনুৰাগীক এৰি গুচি গ’ল হিয়াৰ আমঠু জুবিন গাৰ্গ। কোনে, কাক সান্তনা দিব। আজি অসম ভাষাহীন। অসম আজি কান্দি কান্দি ভাগৰি পৰিছে।

এটা যুগৰ অৱসান ঘটিল। জুবিন নামৰ সম্পদটি হেৰুৱালে অসমে। ক’ব লাগিব যে বৃদ্ধৰ পৰা শিশুলৈকে আজি সকলো শোকত ভাগি পৰিছে।

Zubeen Garg: হে মহান শিল্পী তোমাক বিদায়…

Zubeen Garg: হে মহান শিল্পী তোমাক বিদায়…
Zubeen Garg: হে মহান শিল্পী তোমাক বিদায়…

চন্দন কাঠৰ চিতাত জুবিনৰ নশ্বৰ দেহ।Zubeen Garg

ধৰ্মীয় ৰীতি নীতি, পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে শেষকৃত্য মহান শিল্পীগৰাকীৰ।


অসম আজি বাকৰুদ্ধ, উচুপি উঠিছে আজি অসমবাসী।

মন্ত্ৰোচ্চাৰণৰ ধ্বনি ভাঁহি উঠিছে আকাশ-বতাহত।

কোনেও চাব নিবিচাৰা হৃদয়বিদাৰক এই দৃশ্য।

ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিনৰ শেষকৃত্য।

zubeen garg: কেইটামান মুহূৰ্ত বাকীঃ অন্তিম বাৰৰ বাবে জুবিনক চাবলৈ ৰাজপথৰ দুয়োকাষে অনুৰাগী

অন্তিম বাৰৰ বাবে জুবিনক চাবলৈ ৰাজপথৰ দুয়োকাষে অনুৰাগী
অন্তিম বাৰৰ বাবে জুবিনক চাবলৈ ৰাজপথৰ দুয়োকাষে অনুৰাগী

জুবিন গাৰ্গ অবিহনে আজি যেন অসমীয়া জাতি অভিভাৱকহীন। (zubeen garg) জাতিৰ অভিভাৱকজনক এবাৰ চাবলৈ ৰাজপথৰ দুয়োকাষে মাথোঁ অনুৰাগী। এই জনমলৈ অন্তিম বিদায় জনাবলৈ ওলাই আহিল লক্ষ লক্ষ অনুৰাগী।


আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী। পণ্ডিতৰ মন্ত্ৰোচাৰণেৰে পৰম্পৰাগত নীতিৰে শেষ বিদায় দিব প্ৰাণৰ শিল্পীকগৰাকীক।সহস্রাধিক লোকৰ সমাগম হোৱাৰ সম্ভাৱনা। জনসমুদ্ৰৰ মাজেৰে অজান দেশলৈ যাত্ৰা প্ৰিয় শিল্পীগৰাকী।সৰুসজাইৰ পৰা সোণাপুৰ অভিমুখে প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম যাত্ৰা।

জুবিনৰ নশ্বৰদেহৰ সৈতে একেলগে গৰিমা গাৰ্গৰ যাত্ৰা। লগতে আছে পামী বৰঠাকুৰ, ৰাহুল গৌতম শৰ্মা, অৰুণ গাৰ্গ, মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাও গৈছে জুবিন গাৰ্গৰ সৈতে।