Home Blog Page 689

অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণাৰ দাবী আপৰ…

“ৰাজ্যৰ ২৯ খন জিলাৰ লাখ লাখ জনসাধাৰণে অভূতপূৰ্ব বানত ককবকাই আছে। চৰকাৰী তথ্য অনুসৰি ৮৪ টা ৰাজহচক্ৰৰ ২২০৫ খন গাওঁ পানীৰ তলত আছে।  ৪৪ টা মথাউৰি, ৯২২ টা পথ বিধ্বস্ত হৈছে। ৰাজ্য চৰকাৰে বানত বিপৰ্যস্ত লোক সকলৰ বাবে এতিয়ালৈকে পৰ্যাপ্ত সাহায্য আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই। এনে অৱস্থাত আমি সীমাৱদ্ধতাৰ মাজতো আম আদমী পাৰ্টিৰ পক্ষৰ পৰা বিভিন্ন জিলাত বান সাহায্য আগবঢ়াইছোঁ। বৰ্তমানলৈকে আমি ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, মাজুলী, দৰং আদি জিলা সমূহত কিছু পৰিমাণে খাদ্য সামগ্ৰী, খোৱা পানী আদি বিতৰণ কৰিছোঁ। কাইলৈ কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত আপৰ স্বেচ্ছাসেৱক সকলে বান সাহায্য বিতৰণ কৰিব।

“আজি গণেশগুৰিস্থিত আপ অসমৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৰাজ্যিক আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে বান পীড়িত ৰাইজলৈ দলৰ ফালৰ পৰা আগবঢ়োৱা সাহায্য অভিযান সন্দৰ্ভত অৱগত কৰে। আনহাতে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনায় আপৰ নেতাগৰাকীয়ে । তেওঁ কয়, ” ৰাজ্যখনৰ সম্পদ যদি ৰাষ্ট্ৰই নিজৰ বুলি বিবেচনা কৰে তেন্তে ৰাজ্যৰ বান, গৰাখহনীয়াৰ সমস্যাক  ৰাষ্ট্ৰীয় সমস্যাৰূপে গণ্য কৰিব লাগিব। কেন্দ্ৰই অসমক মাহী আইৰ দৃষ্টিৰে চোৱাৰ নীতি পৰিহাৰ কৰিব লাগিব।” সংবাদমেলত কংগ্ৰেছ ত্যাগ কৰি নতুনকৈ আপত যোগদান কৰা  ৰমেন বৰঠাকুৰেও বক্তব্য দাঙি ধৰে। ৰাজ্যখনৰ বান সমস্যাৰ উপৰিও অন্যান্য জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ স্বাৰ্থত বৰঠাকুৰে আপত যোগদান কৰা বুলি প্ৰকাশ কৰে। তেওঁ কয়,” ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে আপৰ শীৰ্ষ নেতৃত্বই অসমৰ দলীয় নেতৃত্বলৈ সাজু হোৱাৰ নিৰ্দেশ দিছে। সেইবাবে দলৰ সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত ১৮ বছৰ বয়সৰ পৰা ৯০ বছৰ বয়সীয়া সকলো স্তৰৰ লোককে আপত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ।”

সংবাদমেলত আপ অসমৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই বান বিধ্বস্ত অঞ্চলৰ লোকৰ বাবে পৰ্যাপ্তভাৱে খাদ্য সামগ্ৰী আৰু ঔষধ যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়। তদুপৰি মহিলা সকলৰ বাবে ছেনিটেৰী নেপকিনৰ ব্যৱস্থা কৰিবলৈও আপৰ নেত্ৰী গৰাকীয়ে অনুৰোধ জনায়। আপৰ নেতৃত্বত ৰাজ্যজুৰি বান সাহায্য অভিযানত সকলোৰে সহযোগিতা কামনা কৰে অনুৰূপা ডেকাৰজাই।

মাৰ্ঘেৰিটাৰ পৰা নিৰুদ্দেশ দুই কিশোৰ…

মাৰ্ঘেৰিটাৰ পৰা দুই কিশোৰ নিৰুদ্দেশ।মাৰ্ঘেৰিটাৰ আগবন্ধা পৰা দুই কিশোৰ নিৰুদ্দেশ হয়। নিজ গৃহৰ পৰাই নিৰুদ্দেশ হয় দুই কিশোৰ।নিৰুদ্দেশ হোৱা দুই কিশোৰ মাৰ্ঘেৰিটাৰ আগবন্ধা গাঁৱৰ ক্ৰমে মহেশ কৰ্মী আৰু সনম দৰা।

১২ জুনৰ পৰা আজিলৈকে কোনো সুংসূত্ৰ নাই নিৰুদিষ্ট দুই কিশোৰৰ।পৰিয়ালৰ লোকে ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীৰ প্ৰশাসনক দুই কিশোৰৰ নিৰুদ্দেশ সন্দৰ্ভত এজেহাৰ দাখিল কৰিছে। নিৰুদিষ্ট দুই কিশোৰৰ পৰিয়াল দুটাই দুই কিশোৰক লৈ চিন্তিত হৈ পৰিছে।কোনো সদাশয় লোকে কিশোৰদ্বয়ক দেখা পালে বা কিবা সুংসূত্ৰ পালে কাষৰ আৰক্ষী থানাত জনাবলৈ অনুৰোধ কৰিছে।

মৰিগাঁও জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ; বানপীড়িতৰ সৈতে মত বিনিময়…

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি মৰিগাঁৱত উপস্থিত হৈ জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লয়। তেওঁ পুৱাৰ ভাগতেই মৰিগাঁও আৱৰ্ত ভৱনত জিলা আয়ুক্ত তথা জিলা প্ৰশাসনৰ আন বিষয়াসকলৰ সৈতে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। পৰ্যালোচনাকালত মন্ত্ৰীগৰাকীক জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ বৰ্তমানৰ বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে অৱগত কৰায়। মন্ত্ৰী শ্ৰী বৰাই মৰিগাঁও জিলাতো বানপানীৰ জোৰা মৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত দিয়া নিৰ্দেশসমূহ পালন কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। তেওঁ বিশেষভাৱে অহা ১৫ আগষ্টৰ পূৰ্বে বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে যাতে জনসাধাৰণে সহায়-সাহায্যসমূহ লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে।

পৰ্যালোচনা কালত মন্ত্ৰীগৰাকীয়ে জিলাখনত বানপীড়িত লোকসকলে সঠিকভাৱে বান সাহায্য লাভ কৰিছেনে নাই এই সন্দৰ্ভত বিতংভাৱে বুজ লয়। তেওঁ বানপীড়িত লোকসকলক সময়মতে সাহায্য প্ৰদানত কোনোধৰণৰ হেমাহি নকৰিবলৈও নিৰ্দেশ দিয়ে। লগতে সংশ্লিষ্ট প্ৰতিটো বিভাগক এই সময়ছোৱাত সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে যাতে বান ক্ষতিগ্ৰস্ত লোকসকল কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। তেওঁ লগতে কৃষিভূমিত হোৱা ক্ষয়-ক্ষতি, পশুখাদ্য যোগান আৰু পশু চিকিৎসা আদিৰো পৰ্যালোচনা কৰে। পিছত তেওঁ সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ বৰডুবাটোপৰ ৰথখোলাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মথাউৰিৰ ওপৰতে আশ্ৰয় লৈ থকা বান ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ বানপীড়িত লোকসকলৰ সাহায্য, খোৱাপানী, অনাময়, চিকিৎসা আদিৰ সঠিক ব্যৱস্থা, পশুধনৰ ঔষধ, টীকাকৰণ, চিকিৎসা আদিৰ সবিশেষ বুজ লয়। তেওঁ বানপীড়িত লোকসকলক চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে।

উল্লেখ্য যে মৰিগাঁও জিলাত সাম্প্ৰতিক বানত ভূৰাগাঁও, লাহৰীঘাট আৰু মায়ং ৰাজহ চক্ৰৰ ১৯৪ খন গাঁও প্লাৱিত হৈছে। তিনিওটা ৰাজহ চক্ৰৰ ৫৫ হাজাৰৰো অধিক লোক আৰু প্ৰায় ৬৬ হাজাৰ পশুধন বানত ক্ষতিগ্ৰস্ত হৈছে। সাম্প্ৰতিক বানত প্ৰায় ১৩ হাজাৰ হেক্টৰ কৃষিভূমি জলমগ্ন হৈছে। ভূৰাগাঁও ৰাজহ চক্ৰত ১০ টা আৰু লাহৰীঘাট ৰাজহ চক্ৰত দুটা মুঠ ১২ টা সাহায্য কেন্দ্ৰ স্থাপন কৰি সাহায্য প্ৰদান কৰি থকা হৈছে। এছ ডি আৰ এফ, আৰক্ষী, প্ৰশাসন আৰু স্থানীয় লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰ অভিযানৰ বাবে ৩৭ খন নাও ব্যৱহাৰ কৰা হৈছে আৰু ৭ টা চিকিৎসা দলে অহৰহ সেৱা আগবঢ়াই আছে।

T20 বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ খেলুৱৈক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ…

প্ৰধানমন্ত্ৰী দিল্লীস্থিত বাসগৃহত T20 বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ খেলুৱৈক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ।

অধিনায়ক ৰোহিত শৰ্মাসহ দলটোক সাক্ষাৎ কৰি টীম ইণ্ডিয়াৰ খেলুৱৈক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

ৰাহুল দ্ৰাবিড়ক প্ৰধানমন্ত্ৰীৰ সৈতে এইদৰে দেখা গ’ল।

হাজোৰ কলিতাকুছিত M/S LifeCure Drug Distributors নামেৰে এখন Drug Distributors মুকলি…

হাজোবাসীৰ বাবে এটি সুখবৰ।কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ কলিতাকুছিত হাজো অঞ্চলৰ উদ্যমী ব্যক্তি তথা স্বত্বধিকাৰী আহমেদ হুছেইনৰ তত্ত্বৱধানাত M/S LifeCure Drug Distributors” নামেৰে এখনি Drug Distributors মুকলি কৰা হয়।যাৰ দ্বাৰা অঞ্চলটোৰ লোকসকলৰ চিকিৎসাসেৱাৰ লগতে প্ৰয়োজনীয় ঔষধপাতি সমূহ বৃহত্তৰ হাজো অঞ্চলৰ নিকটৱৰ্তী ঔষধৰ দোকান অৰ্থাৎ ফামাৰ্চীসমূহত সুলভ মূল্যত যোগান ধৰাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে স্বত্বধিকাৰী আহমেদ হুছেইনে।

আজি M/S LifeCure Drug Distributors খনিৰ মূখ্যদ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’য়। মুকলি কৰে হাজো মৰ্ডান ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পৰিচালনা সমিতিৰ সভাপতি বনমালি কলিতাই।লগতে আজিৰ অনুষ্ঠানত চৈয়দ আছিক হুছেইন, চৈয়দ ইজাজ হুছেইন, দেৱান আব্দুল হামিদকে প্ৰমূখ্যে অঞ্চলটোৰ প্ৰায়সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।

মুকেশ আম্বানীৰ প্ৰিয় খাদ্য কল পিঠা! কল পিঠা কিমান স্বাস্থ্যকৰ জানেনে…

বাৰাণসী ভ্ৰমণৰ সময়ত নীতা আম্বানীয়ে কৈছিল তেওঁলোকে ঘৰতে ৰন্ধা খাদ্য পছন্দ কৰে। মুকেশ এজন অতি স্বাস্থ্য সচেতন ব্যক্তি। সপ্তাহত এবাৰহে তেওঁ বাহিৰত খায়। মুকেশ আম্বানিৰ প্ৰিয় খাদ্য পাংকি। যাক আমি কল পিঠা বুলিও ক’ব পাৰোঁ।যিহেতু কল পাতত কল পিঠাৰ দৰেই বনোৱা হয়।


পাংকি হৈছে গুজৰাটী শব্দ। মূলতঃ চাউলৰ গুড়ি নিমখ, হালধি, ধনীয়া পাত, বেকিং চোডা, দৈ আৰু পানীৰ লগত মিহলাই পাতল মিশ্ৰণ তৈয়াৰ কৰা হয়। ইয়াৰ পিছত মিশ্ৰণটো ঘূৰণীয়াকৈ কাটি লোৱা কলৰ পাত এটাত মেলি দি আন এটা কলৰ পাতেৰে ঢাকি দিয়া হয়। তাৰ পিছত তাৱাত অলপ তেল দি ভালদৰে ভাজিলে পাংকি তৈয়াৰ হ’ব। বিভিন্ন চাটনিৰ সৈতে পৰিবেশন কৰিব পাৰে।

এই পাংকি কলৰ পাতৰ ৰেপাৰত ৰন্ধা হয়। পাংকিত পোনপটীয়াকৈ তেল দিয়া নহয়, কলৰ পাতত তেল কমকৈ প্ৰয়োগ কৰা হয়। ইয়াৰ উপৰিও কলৰ পাতত ৰন্ধা-বঢ়া কৰিলেও এই খাদ্যত ভাল পৰিমাণৰ এন্টিঅক্সিডেন্ট থাকে। পাংকি চাউলৰ আটাৰে তৈয়াৰ কৰা হয়, গতিকে ই সম্পূৰ্ণ গ্লুটেনমুক্ত খাদ্য। এই খাদ্যসমূহৰ কেলৰি কম হোৱাৰ লগতে গ্লাইচেমিক ইনডেক্সো কম। পাংকি বনোৱাতো দৈ ব্যৱহাৰ কৰা হয়। গতিকে এই খাদ্য পেটৰ বাবেও অতি উপকাৰী। মুঠতে যিসকলে ওজন কমাব বিচাৰে তেওঁলোকেও পাংকি খাব পাৰে।

গৃহভূমিত উপস্থিত হোৱাৰ পিছত পৰিয়ালৰ সৈতে এনেদৰে দেখা গ’ল বিৰাট কোহলীক…

দিল্লীৰ এখন হোটেলত পৰিয়ালৰ সৈতে বিৰাট কোহলী।


টি-২০ বিশ্বকাপৰ ফাইনেলত বিৰাট কোহলীৰ পৰিয়ালৰ কোনো এজনো তেওঁৰ লগত নাছিল। তেওঁ বাৰ্বাডোছৰ পৰা অকলে দিল্লীলৈ উভতি আহিছিল। দিল্লীৰ এখন হোটেলত বিৰাটক লগ কৰিবলৈ তেওঁৰ ককায়েক আহিছিল। ককায়েকৰ পৰিয়ালটোও তেওঁৰ লগত আছিল। বিৰাটৰ ঘৰ হৈছে দিল্লীত।

হাতত ট্ৰফী লৈ নাচিলে ঋষভ পন্তে! ১৬ ঘণ্টা বিমানত কি দৰে সময় কটালে ভাৰতীয় দলটোৱে! পোহৰলৈ আহিছে এটা বিশেষ ভিডিঅ’…

বাৰ্বাডোছৰ পৰা দিল্লীৰ দূৰত্ব কম নহয়। ১৩৪৫৮ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ ১৬ ঘণ্টা সময় লাগিছিল। ভাৰতীয় ক্ৰিকেটাৰসকলে এই সময়ছোৱা বিভিন্ন ধৰণে উপভোগ কৰিছিল। তেওঁলোকৰ সেই সময়ৰ এটা বিশেষ ভিডিঅ’টো বিচিচিআইয়ে পোষ্ট কৰিছিল।

বিমানখনৰ ভিতৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল বিশ্বকাপৰ ট্ৰফী। ফটো এখনৰ বাবে সকলোকে পোজ দিয়াৰ দেখা গ’ল। প্ৰথমে হাতত ট্ৰফী লৈ নাচিলে ঋষভ পন্ত।

ইয়াৰ পিছত যশপ্ৰীত বুমৰাই নিজৰ সন্তানক কোলাত লৈ ট্ৰফী দেখুৱাবলৈ আৰম্ভ কৰিলে।অক্ষৰ পেটেল আৰু মহম্মদ ছিৰাজ, যুজবেন্দ্ৰ চাহাল আৰ্শদীপ সিং, ৰোহিত, বিৰাটক দেখা গ’ল ট্ৰফীৰ সৈতে সময় কটোৱা।

বেয়া কেতুৱে মানসিক ৰোগ, পেটৰ সমস্যা, বিবাদ সৃষ্টি কৰে! যদি আপোনাৰ ৰাশিফলত কেতুৰ প্ৰভাৱ বেয়া, এই নিয়ম মানক…

ৰাহু আৰু কেতুৰ নাম শুনিলেই মানসিক চাপ অনুভৱ হ’বলৈ আৰম্ভ কৰে। ৰাহু আৰু কেতু দুয়োৰে স্বভাৱ ইটোৱে সিটোৰ সম্পূৰ্ণ বিপৰীত। দুয়োটা ছাঁয়া গ্ৰহ ৰাহু আৰু কেতুৰ প্ৰভাৱ বেলেগ বেলেগ। কেতু গ্ৰহৰ কি প্ৰভাৱ, কেতুৰ ক্ৰোধ কেনেকৈ বাচিব পাৰি। কেতু ৰহস্যময় শক্তিৰ কাৰক, ইয়াৰ গোপন শক্তি আছে বুলি ধৰা হয়। ইয়াৰ প্ৰভাৱত অহা মানুহ অৰ্থাৎ যাৰ কেতু নেতিবাচক, তেওঁলোকে অতি সোনকালে কাৰো আগত নিজৰ দুখ প্ৰকাশ নকৰে আৰু নিজৰ ভিতৰতে মগ্ন হৈ থাকে। তেওঁলোকৰ আন এটা বিশেষ কথা হ’ল যে যদি তেওঁলোকে কিবা এটা গভীৰভাৱে অৰ্থাৎ তেওঁলোকৰ মনত লয়, তেন্তে তেওঁলোকে একেটা কথাকে ভাবি থাকে আৰু চিন্তা কৰি থাকোঁতে হঠাতে এদিন তেওঁলোকৰ ভিতৰৰ সকলো ধূলি ওলাই যায়। আনকি পুৰণি কথাবোৰ মনত ৰাখি পৰিৱেশ বিনষ্ট কৰিবলৈও চেষ্টা কৰে।


কেতু মহাৰাজে যেতিয়া শৰীৰত প্ৰভাৱ পেলায় তেতিয়া বহু ধৰণৰ ৰোগ হ’বলৈ আৰম্ভ কৰে। ৰোগ সন্দৰ্ভত যথেষ্ট মানসিক চাপৰ সৃষ্টি কৰে। পেটত এটা সমস্যাৰ সৃষ্টি হয় যাৰ বাবে মনটোৱে সকলো সময়তে নিজৰ ৰোগৰ বিষয়ে অত্যধিক চিন্তা কৰি থাকে। কেতু যিকোনো সাধাৰণ কথাকে জটিল কৰি তুলিবলৈ সক্ষম। যদি কেতুৰ লগত জড়িত সময় চলি আছে তেন্তে কাৰো লগত তৰ্ক কৰা উচিত নহয়। কোনো কাৰণ নোহোৱাকৈ অশান্তিৰ সৃষ্টি কৰিবলৈ সময় নালাগে। সন্তান জন্ম দিয়াৰ আকাংক্ষা থকাসকলৰ বাবে কেতুৱে ভাল খবৰ কঢ়িয়াই আনে।ৰাশিফলত কেতুৰ বেয়া অৱস্থাত ওপৰত উল্লেখ কৰা লক্ষণবোৰ দেখা দিবলৈ আৰম্ভ কৰে, এনে পৰিস্থিতিত ইয়াৰ কু-প্ৰভাৱ কম কৰিবলৈ গণপতিৰ আশ্ৰয় ল’ব লাগে। গণপতিক পূজা কৰি কেতু মহাৰাজ সন্তুষ্ট হয়। চতুৰ্থী তিথিত ভগৱান গণেশক পূজা কৰিব।

অতিথিৰ সৈতে হ’বলগীয়া বোৱাৰী ৰাধিকাক চিনাকি কৰাই দিলে নীতা আম্বানীয়ে! বোৱাৰীয়ে ভৰি চুই সেৱা ল’লে…

ব্যৱসায়ী মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে তেওঁলোকৰ সৰু পুত্ৰ অনন্তৰ বিবাহৰ বাবে অতি সুখী আম্বানী পৰিয়াল। বিয়াৰ পূৰ্বৰ অনুষ্ঠান আৰম্ভ হৈছে আৰু এই অনুষ্ঠানত নীতা আম্বানীক অতি সুখী দেখা গৈছে। ৩ জুলাই বুধবাৰে মুম্বাইৰ এন্টিলিয়াত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ মামেৰু অনুষ্ঠান অনুষ্ঠিত হয়। এই সময়ত নীতা আম্বানীয়ে তেওঁৰ হ’বলগীয়া বোৱাৰী ৰাধিকা মাৰ্চেণ্টক সকলো অতিথিৰ আগত চিনাকি কৰাই দিয়ে।চেলিব্ৰিটি পাপাৰাজীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত নীতা আম্বানীয়ে তেওঁৰ কনিষ্ঠ বোৱাৰী ৰাধিকা মাৰ্চেণ্টক অতিথিসকলৰ আগত চিনাকি কৰাই দিয়া দেখা গৈছে। ভিডিঅ’টোত আপুনি দেখিব যে ৰাধিকা মাৰ্চেণ্টে অতিথিসকলৰ ভৰি চুই আশীৰ্বাদ লৈছে আৰু নীতা আম্বানীক হাঁহি থকা দেখা গৈছে।


মামেৰু অনুষ্ঠানৰ বাবে ৰাধিকা মাৰ্চেণ্টে পিন্ধিছিল অতি ধুনীয়া গোলাপী আৰু কমলা ৰঙৰ লেহেংগা, আনহাতে নীতা আম্বানীয়েও পৰম্পৰাগত গুজৰাটী শাৰী পৰিধান কৰা দেখা গৈছিল। শাহুৱেক আৰু বোৱাৰী দুয়োকে বৰ ধুনীয়া দেখা গৈছিল। ৰাধিকা মাৰ্চেণ্টে অতিথিসকলৰ ভৰি স্পৰ্শ কৰা ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত অনুৰাগীসকলে প্ৰশংসা কৰিছে। ৰাধিকা মাৰ্চেণ্টৰ এই ভিডিঅ’ই অনুৰাগীৰ মন জয় কৰিছে।

১২ জুলাইত মুম্বাইত বিবাহপাশত আবদ্ধ হ’ব অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ।