Home Blog Page 69

zubeen garg: কেইটামান মুহূৰ্ত বাকীঃ অন্তিম বাৰৰ বাবে জুবিনক চাবলৈ ৰাজপথৰ দুয়োকাষে অনুৰাগী

অন্তিম বাৰৰ বাবে জুবিনক চাবলৈ ৰাজপথৰ দুয়োকাষে অনুৰাগী
অন্তিম বাৰৰ বাবে জুবিনক চাবলৈ ৰাজপথৰ দুয়োকাষে অনুৰাগী

জুবিন গাৰ্গ অবিহনে আজি যেন অসমীয়া জাতি অভিভাৱকহীন। (zubeen garg) জাতিৰ অভিভাৱকজনক এবাৰ চাবলৈ ৰাজপথৰ দুয়োকাষে মাথোঁ অনুৰাগী। এই জনমলৈ অন্তিম বিদায় জনাবলৈ ওলাই আহিল লক্ষ লক্ষ অনুৰাগী।


আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী। পণ্ডিতৰ মন্ত্ৰোচাৰণেৰে পৰম্পৰাগত নীতিৰে শেষ বিদায় দিব প্ৰাণৰ শিল্পীকগৰাকীক।সহস্রাধিক লোকৰ সমাগম হোৱাৰ সম্ভাৱনা। জনসমুদ্ৰৰ মাজেৰে অজান দেশলৈ যাত্ৰা প্ৰিয় শিল্পীগৰাকী।সৰুসজাইৰ পৰা সোণাপুৰ অভিমুখে প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম যাত্ৰা।

জুবিনৰ নশ্বৰদেহৰ সৈতে একেলগে গৰিমা গাৰ্গৰ যাত্ৰা। লগতে আছে পামী বৰঠাকুৰ, ৰাহুল গৌতম শৰ্মা, অৰুণ গাৰ্গ, মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাও গৈছে জুবিন গাৰ্গৰ সৈতে।


Zubeen Garg: GMCHত মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পুনৰ সৰুসজাই অভিমুখে লৈ যোৱা হৈছে জুবিন গাৰ্গৰ নশ্বৰদেহ

জুবিন গাৰ্গক মুখাগ্নি কৰিব ভগ্নী পামী বৰঠাকুৰে।
জুবিন গাৰ্গক মুখাগ্নি কৰিব ভগ্নী পামী বৰঠাকুৰে।

(Zubeen Garg)GMCHত মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পুনৰ সৰুসজাই অভিমুখে লৈ যোৱা হৈছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নশ্বৰদেহ ।

৫ জনীয়া এটা কমিটীয়ে সম্পন্ন কৰিলে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা।

আনহাতে জুবিন গাৰ্গক মুখাগ্নি কৰিব ভগ্নী পামী বৰঠাকুৰে।

পামী বৰঠাকুৰক সংগ দিব অৰুণ গাৰ্গ আৰু ৰাহুল গৌতম শৰ্মাই।

Zubeen Garg: বহুত মানুহ আহিছেঃ লাখ লাখ অুৰাগীয়ে আহি অন্তিম বিদায় জনাইছে মৌন জুবিনদাক

লাখ লাখ অুৰাগীয়ে আহি অন্তিম বিদায় জনাইছে মৌন জুবিনদাক
লাখ লাখ অুৰাগীয়ে আহি অন্তিম বিদায় জনাইছে মৌন জুবিনদাক

বহুত মানুহ আহিছে। (Zubeen Garg) লাখ লাখ অুৰাগীয়ে আহি অন্তিম বিদায় জনাইছে মৌন জুবিনদাক প্ৰিয় শিল্পীগৰাকীক ফুল-চকুলোৰে চিৰবিদায় জনালে গুণমুগ্ধই।

সংগীত কিংবদন্তি জুবিন গাৰ্গৰ মৰ্ত্যৰ মৃতদেহ গৃহ ৰাজ্যত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে দেওবাৰে আনুষ্ঠানিকভাৱে সংগ্ৰহ কৰা হয় শিল্পীগৰাকীৰ পদচিহ্ন।


বিশেষ সূত্ৰই ইংগিত দিছে যে চৰকাৰে এই ভৰিৰ ছাপ স্মৃতিসৌধত সংৰক্ষণ কৰাৰ কথা চিন্তা কৰিছে, য’ত অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।

উল্লেখ্য ছিংগাপুৰত সাগৰৰ বুকুত এখন য়টত প্ৰমোদ ভ্ৰমণলৈ গৈ সাঁতুৰিবলৈ জীৱন হেৰুওৱা জুবিন গাৰ্গৰ নশ্বৰ দেহ দেওবাৰে অসমলৈ উভতি অনা হয় ।

ছিংগাপুৰৰ পৰা বিমানযোগে নশ্বৰদেহ দিল্লীলৈ অনা হয় ৷ দেওবাৰে পুৱতি নিশা দিল্লীৰ পৰা বিশেষ বিমানযোগে মাতৃভূমি অসমলৈ অনা হয় জুবিন গাৰ্গক ।

Zubeen Garg: যোৰহাটবাসীৰ হৈ চৰকাৰৰ ওচৰত ৫টা দাবী সাংসদ গৌৰৱ গগৈৰ

যোৰহাটবাসীৰ হৈ চৰকাৰৰ ওচৰত ৫টা দাবী সাংসদ গৌৰৱ গগৈৰ
যোৰহাটবাসীৰ হৈ চৰকাৰৰ ওচৰত ৫টা দাবী সাংসদ গৌৰৱ গগৈৰ

যোৰহাটবাসীৰ হৈ চৰকাৰৰ (Zubeen Garg) ওচৰত ৫টা দাবী সাংসদ গৌৰৱ গগৈৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকস্তদ্ধ সকলো। তাৰ মাজতে জুবিন গাৰ্গৰ অন্তেষ্ট্যিক্ৰিয়া সন্দৰ্ভতো চৰ্চা চলি আছিল। জুবিন গাৰ্গৰ অন্তেষ্ট্যিক্ৰিয়া সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত কয় যে –

মই কালিয়েই কৈছিলো যে জুবিন দাৰ অন্তেষ্ট্যিক্ৰিয়া পৰিয়ালৰ সিদ্ধান্তমতেই হ’ব লাগে আৰু পৰিয়ালৰ সিদ্ধান্তক আমি পূৰ্ণ সমৰ্থন জনাম। ইয়াৰোপৰি মই কালি এইবুলিও কৈছিলো যে জুবিন দাৰ প্ৰতি থকা আমি যোৰহাটবাসী ৰাইজৰ অসীম মৰম, আবেগ আৰু ইচ্ছাকো সন্মান জনাব লাগিব।

যিহেতু জুবিনদাৰ পৰিয়ালৰ ইচ্ছা অনুসৰিয়েই চৰকাৰে সোণাপুৰত তেখেতৰ অন্তেষ্ট্যিক্ৰিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, সেয়েহে যোৰহাটৰ স্থানীয় সাংসদ হিচাপে মোৰ চৰকাৰৰ প্ৰতি কেইটিমান আহ্বান আছে –

চৰকাৰে জুবিনদাৰ যোৰহাটৰ তামূলীচিগাৰ পিতৃগৃহটো সংৰক্ষণ কৰি তাত জুবিনদাৰ সকলো স্মৃতি বিজড়িত সামগ্ৰী আৰু সৃষ্টিৰাজি সংৰক্ষণ কৰি এটি সংগ্ৰহালয় স্থাপন কৰিব লাগে।

যোৰহাটত জুবিনদাৰ নামত এখন সংগীত প্ৰতিষ্ঠান স্থাপন কৰিব লাগে।

জুবিনদাৰ স্মৃতিত সংগীতৰ জগতখনৰ নতুন প্ৰতিভাক ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত এক বঁটা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।

স্থানীয় সাংসদ হিচাপে যোৰহাটৰ ৰাইজৰ সৈতে আলোচনা কৰি এক ৰাজহুৱা স্থানত আমি জুবিন দাৰ এটি ভব্য প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম।

জীৱন কালত ব্ৰহ্মপুত্ৰৰ পাৰত থাকি ভাল পোৱাৰ কথা কোৱা জুবিন দাৰ গুৱাহাটীৰ পানবজাৰ-কাছাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা পাৰ্কখনত এক বৃহৎ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগে। ব্ৰহ্মপুত্ৰৰ পাৰত থকা জুবিনদাৰ ইচ্ছাৰ প্ৰতি ইও আমাৰ তৰফৰ পৰা এটি বিশেষ শ্ৰদ্ধা নিবেদন হ’ব।

Zubeen Garg: আজিও লোকে লোকাৰণ্য সৰুসজাই…

Zubeen Garg: আজিও লোকে লোকাৰণ্য সৰুসজাই...
Zubeen Garg: আজিও লোকে লোকাৰণ্য সৰুসজাই...

জুবিনক শেষবাৰলৈ চোৱাৰ হেঁপাহ প্ৰতিজন অসমীয়াৰ। (Zubeen Garg)

জুবিন বিহীন আজি চতুৰ্থটো দিন।

আজিও সৰুসজাইত অনুৰাগীৰ ভিৰ।

সৰুসজাইত দ্বিতীয়টো দিনতও লোকে লোকাৰণ্য।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীয়ে ভিৰ কৰিছে গুৱাহাটী মহানগৰ।

আজি পুৱাৰে পৰা অগণন গুণমুগ্ধৰ ভিৰ সৰুসজাইত।

Zubeen Garg: সৰুসজাইত অন্তিম শয়নত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ, কাষত পাপন…

সৰুসজাইত অন্তিম শয়নত হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ
সৰুসজাইত অন্তিম শয়নত হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ

অসমীয়াৰ হিয়াৰ আমঠু (Zubeen Garg) জুবিন গাৰ্গৰ শেষ শ্রদ্ধা জনাবলৈ অংগৰাগ পাপন মহন্ত কালি গুৱাহাটিত উপস্থিত হয়।

জুবিনৰ মৃত্যুত শোক প্ৰকাশ অংগৰাগ পাপন মহন্তৰ।

পাপনে কয়, “অসমৰ এই ক্ষতি আজি সমগ্ৰ পৃথিৱীয়ে দেখিছে”।

“জুবিনৰ দৰে ব্যক্তি হৈ জন্ম ল’বলৈ ধন্য হ’ব লাগিব”।

“জুবিনৰ অন্তিম যাত্ৰাত হোৱা জনসমুদ্ৰ বিশ্বৰ ভিতৰতে বিৰল”।

“বিশ্বত কোনো শিল্পীয়ে এনে মৰম পোৱা নাই”।

“জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি পাপনৰ আৱেগিক মন্তব্য”।

Zubeen Garg: মৰমৰ জুবিনক আজি গোটেই নিশা আৰু কাইলৈ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অনুৰাগীয়ে

মৰমৰ জুবিনক আজি গোটেই নিশা আৰু কাইলৈ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অনুৰাগীয়ে
মৰমৰ জুবিনক আজি গোটেই নিশা আৰু কাইলৈ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অনুৰাগীয়ে

মৰমৰ জুবিনক আজি গোটেই (Zubeen Garg) নিশা আৰু কাইলৈ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অনুৰাগীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে জনাই যে আমাৰ মৰমৰ জুবিনক শেষবাৰৰ বাবে চাবলৈ বহুতেই ইচ্ছা প্ৰকাশ কৰিছে৷ আৰু এয়া স্বাভাৱিক৷ আমি সকলোৰে সেই আৱেগ-অনুভূতিক গভীৰভাৱে অনুধাৱন কৰিব পাৰিছোঁ৷ সেয়েহে আজি গোটেই নিশা সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম খোলা থাকিব, যাতে আমাৰ হিয়াৰ আমঠু জুবিনক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰে। কাইলৈও একেই উদ্দেশ্যৰে জুবিনৰ পাৰ্থিৱ শৰীৰ সৰুসজাইতে ৰখা হ’ব।


আনহাতে জুবিনৰ অন্তিম যাত্ৰাত প্রায় ১০ লাখ অনুৰাগী। জুবিনৰ অন্তিম যাত্ৰাৰ সমদল বিশ্বৰ চতুৰ্থ সর্বোচ্চ বৃহৎ সমদল। প্রথম সমদল আছিল মাইকেল জেকচন, দ্বিতীয় আছিল ৰজা পোপ ফ্রেঞ্চিচ। তৃতীয় আছিল ৰাণী এলিজাবেথ ২ আৰু চতুর্থ আমাৰ মৰমৰ জুবিন গাৰ্গ।

Shyamkanu Mahanta: যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত!

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত!
যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত!

শীঘ্ৰেই আহি আছে ডাঙৰ খবৰ।(Shyamkanu Mahanta)

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত!


দিল্লীত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা শ্যমকানু মহন্তক।

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰে জড়িত হৈ পৰিছিল শ্যামকানুৰ নাম।

Zubeen Garg: অসমে এটি সম্পদ হেৰুৱালেঃ শিতল শৰীৰে নীৰৱ আগমনত স্তদ্ধ অসমীয়া

শিতল শৰীৰে নীৰৱ আগমনত স্তদ্ধ অসমীয়া
শিতল শৰীৰে নীৰৱ আগমনত স্তদ্ধ অসমীয়া

এক বুজাব নোৱাৰা শোকে হেঁচা মাৰি ধৰিছে ৰাজ্যবাসী। প্ৰাণৰ শিল্পীগৰাকী আৰু নাই।

আজি পুৱাৰ ভাগত অসম পালেহি প্ৰিয়শিল্পীগৰাকীৰ নশ্বৰ দেহ। দুদিন ধৰি ওৰে নিশা উজাগৰে কটালে ৰাজ্যবাসী।

আজি অসমবাসীৰ মৰমৰ জুবিনৰ কাষত অগণন অনুৰাগী।

লাখ লাখ জুবিন ভক্তই লৈ গৈছে জুবিন গাৰ্গৰ নিজ বাসগৃহলৈ।

বৰঝাৰ বিমানবন্দৰৰ পৰা কাহিলিপাৰা বাসগৃহলৈ অনা হৈছে জুবিনৰ নিথৰ দেহ।


জুবিন গাৰ্গৰ নশ্বৰদেহৰ কাষত কান্দোনত ভাঙি পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ।

Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুঃ শ্যামকানু মহন্তৰ বিৰুদ্ধে এফআইআৰ

জুবিন গাৰ্গৰ মৃত্যুঃ শ্যামকানু মহন্তৰ বিৰুদ্ধে এফআইআৰ
জুবিন গাৰ্গৰ মৃত্যুঃ শ্যামকানু মহন্তৰ বিৰুদ্ধে এফআইআৰ

কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ (Zubeen Garg) অকাল মৃত্যুৰ পিছত শ্যামকানু মহন্তৰ ওপৰত জাঙুৰ খাই উঠিছে বহু গুণমুগ্ধ। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পিছতে এজন ব্যক্তিয়ে শ্যামকানু মহন্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। উল্লেখ্য শ্যামকানু মহন্তই জুবিনক ছিংগাপুৰলৈ নিয়া বুলি চৰ্চা হৈছে। বৃহস্পতিবাৰে মৰিগাঁও থানাত এই অভিযোগ দাখিল কৰে অধিবক্তা ৰাতুল বৰাই। মৰিগাঁৱৰ পিছতে লাহোৱাল আৰু শিৱসাগৰত অভিযোগ দাখিল কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই এফআইআৰত মহন্তৰ বিৰুদ্ধে গাফিলতি আৰু অপ-ব্যৱস্থাপনাৰ অভিযোগ উত্থাপন কৰা হৈছে। তেওঁলোকৰ ভুলৰ ফলতে ছিংগাপুৰত বিখ্যাত শিল্পীগৰাকীয়ে প্ৰাণ হেৰুৱালে বুলি অভিযোগ কৰা হৈছে। অভিযোগ অনুসৰি জুবিনক পৰ্যাপ্ত চিকিৎসা সম্পৰ্কীয় পৰীক্ষা, সুৰক্ষা ব্যৱস্থা, অথবা তত্বাৱধান অবিহনে স্কুবা ডাইভিঙলৈ যাবলৈ দিয়া হৈছিল। এজাহাৰত পৰিস্থিতিৰ পুংখানুপুংখ তদন্তৰ দাবী উত্থাপন কৰা হৈছে। আৰক্ষীয়ে নিশ্চিত কৰিছে যে অভিযোগ পঞ্জীয়ন কৰা হৈছে আৰু প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰা হৈছে।