Home Blog Page 69

হিন্দু পৰিয়ালক কমেও দুটা সন্তান জন্ম দিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান ।

হিন্দু পৰিয়ালক কমেও দুটা সন্তান জন্ম দিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান ।
হিন্দু পৰিয়ালক কমেও দুটা সন্তান জন্ম দিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান ।

ৰাজ্যৰ জনসংখ্যাগত গঠন আৰু সামাজিক ভাৰসাম্যক লৈ উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হিন্দু পৰিয়ালসমূহক কমেও দুটা সন্তান জন্ম দিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে, যিবোৰ অঞ্চলত হিন্দু সম্প্ৰদায় ইতিমধ্যে সংখ্যালঘু হৈছে অথবা সংখ্যালঘু হোৱাৰ দিশে আগবাঢ়িছে, সেইবোৰ অঞ্চলত পৰিয়াল এটাতেই সীমাবদ্ধ হৈ নথকাকৈ অধিক সন্তান জন্ম দিয়াটো প্ৰয়োজনীয় হৈ পৰিছে।

সংবাদ মাধ্যমৰ সৈতে কথা পাতোঁতে মুখ্যমন্ত্ৰীয়ে কয়, “যিবোৰ অঞ্চলত হিন্দু সম্প্ৰদায় সংখ্যালঘু হৈছে বা হোৱাৰ উপক্ৰম হৈছে, সেইবোৰ অঞ্চলত পৰিয়াল এটা সন্তান জন্ম দি ৰৈ যাব নালাগে। হিন্দু পৰিয়ালসমূহে কমেও দুটা সন্তান জন্ম দিব লাগে, সম্ভৱ হ’লে তিনিটা সন্তান জন্ম দিয়াৰ লক্ষ্য ৰাখিব লাগে।”

তেওঁ লগতে কয় যে ৰাজ্যখনৰ জনসংখ্যাগত গঠনক লৈ চৰকাৰ উদ্বিগ্ন। মুখ্যমন্ত্ৰীৰ মতে, বিভিন্ন সম্প্ৰদায়ৰ মাজত জন্মৰ হাৰৰ বৈষম্য স্পষ্টভাৱে দেখা গৈছে। “কেইবাটাও ক্ষেত্ৰত মুছলমান সম্প্ৰদায়ৰ মাজত জন্মৰ হাৰ তুলনামূলকভাৱে অধিক, আনফালে হিন্দু সমাজত এই হাৰ ক্ৰমে হ্ৰাস পাইছে। এই ধৰণৰ জনসংখ্যাগত পাৰ্থক্য অব্যাহত থাকিলে ভৱিষ্যতে সামাজিক ভাৰসাম্যত প্ৰভাৱ পৰিব পাৰে,” বুলি তেওঁ উল্লেখ কৰে।

ড° শৰ্মাই লগতে স্পষ্ট কৰি কয় যে চৰকাৰৰ আহ্বান কোনো বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়, বৰঞ্চ সামগ্ৰিক সামাজিক ভাৰসাম্য ৰক্ষাৰ লক্ষ্যৰে। তেওঁ কয়, “আমি মুছলমান পৰিয়ালসমূহকো কওঁ যে অত্যধিক ডাঙৰ পৰিয়াল নকৰিব। ৭-৮টা সন্তান জন্ম নিদিব, অলপ কমকৈ দিয়ক। একেদৰে হিন্দু পৰিয়ালসমূহকো কওঁ—আপোনালোকে অলপ বেছি সন্তান জন্ম দিয়ক। নহ’লে আগলৈ গৈ ঘৰখন চোৱাচিতা কৰিবলৈ মানুহেই নাথাকিব।”

চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক মন্তব্য জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গৰ ।Zubeen Garg 

চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক মন্তব্য জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গৰ ।
চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক মন্তব্য জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গৰ ।

Zubeen Garg গৰিমাই নজনাকৈ জুবিনক লৈ কি পৰিকল্পনা কৰিছিল সিদ্ধাৰ্থে? চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক মন্তব্য জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গৰ । এই পোষ্টটোত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে ছিংগাপুৰত উপস্থিত থকা সকলো লোকক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে গৰিমাই। জুবিন সম্পৰ্কে বহু কথা চাৰ্জশ্বীট পঢ়াৰ পিছতহে গৰিমাই জানিব পৰা বুলিও উল্লেখ কৰিছে।

জুবিন নাই বুলি আজিও আমি মানি ল’ব পৰা নাই – কিন্তু এনেকুৱা এটা অকল্পনীয় আৰু দুৰ্ভাগ্যজনক ঘটনা ঘটি গ’ল যাৰ পৰিণতিত কেৱল আমাৰ ঘৰখনেই থান বান হৈ দুৰ্ভাগ্যৰ এটা দিনতে ৰৈ যোৱা নাই,, গোটেই অসমখনৰেই আত্মা যেন স্থবিৰ হৈ ৰৈ গ’ল এটা প্ৰচণ্ড আঘাটত । তাতকৈও প্ৰচণ্ড আঘাটটো হৈছে জুবিন গাৰ্গৰ সতে জড়িত হৈ পৰিল বুকু ফাটি যোৱা অসহনীয় এক শব্দ “হত্যা”!

এক দীঘলীয়া তদন্ত প্ৰক্ৰিয়া চলিল আৰু অৱশেষত সকলোৰে প্ৰতীক্ষিত চাৰ্জশ্বীট দাখিল হ’ল যোৱা ১২ ডিচেম্বৰত । বৃহৎ এক চাৰ্জশ্বীট – ৰাজ্যত ৰেকৰ্ড হ’ল । এই চাৰ্জশ্বীট লৈ বহু আলোচনা চলি আছে – বহু মন্তব্য সপক্ষে/বিপক্ষে। আমি পৰিয়ালৰ লোকেও আবেদন কৰি পঢ়িব বিচাৰিছিলোঁ আৰু কেইবাদিনৰ অপেক্ষাৰ অন্তত এটা কপি আমি পাইছিলোঁ । অসুস্থতাৰ মাজতে পঢ়িবলৈ চেষ্টা কৰিছোঁ। অসহনীয় কথাবোৰ বাৰে বাৰে সহ্য কৰি পঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ। আইনৰ বিষয়ত সপক্ষে বা বিপক্ষে মন্তব্য দিয়াৰ জ্ঞান আমাৰ একেবাৰে সীমিত। তথাপি এই মূহুৰ্তত মনলৈ অহা দুটামান কথা ক’ব বিচাৰিছোঁ । অনুগ্ৰহ কৰি কথাবোৰৰ নিগেটিভ সমালোচনা নকৰি পাৰিলে সঠিক দিশত আলোচনা হওক !

১)চাৰ্জশ্বীট পঢ়ি আমি জানিব পাৰিছো যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থা লৈ কেইবাদিন আগৰেপৰা খেলি – মেলি আৰু কিবা অভিসন্ধি চলি আছিল । শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা SSD ত ৰুমবুকিংৰ যি লিষ্ট পোৱা হৈছে, তাত উল্লেখ আছে যে প্ৰথমে জুবিনৰ থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰুৱাৰ সৈতে এটা কোঠাত । পিছত ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মিলি বেলেগ ব্যৱস্থা কৰে। উল্লেখ আছে, প্ৰথমে কেৱল জুবিনৰ বাবেহে হোটেল পেন পেচিফিকত শ্যামকানু মহন্তৰ ৰুমৰ কাষতে আন এটা ৰুমত জুবিনৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল । কিন্তু পিছত আকৌ তিনিটা ৰুম বুক কৰি টীমৰ সকলোৰে থকাৰ ব্যৱস্থা কৰা হয় । আনহাতে সিদ্ধাৰ্থৰ ষ্টেটমেণ্টত কৈছে যে প্ৰথমে জুবিনৰ টীমৰ বাবে ঠিক কৰা হৈছিল হোটেল “The Village” ত কিন্তু ছিংগাপুৰ গৈ পোৱাৰ পিছত শ্যামকানু মহন্তই তাক ফোনতে থকাৰ ব্যৱস্থা হোটেল পেন পেচিফিকতহে কৰা হৈছে বুলি জনায় ।

যি জন ব্যক্তিক এটা ইমান ডাঙৰ ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাবে নিমন্ত্ৰণ কৰিছিল, আৰু যি জন ব্যক্তি যাব নোৱাৰিলে শ্যামকানু মহন্তই আত্মহত্যা কৰিব বুলিও ভাবুকি দিছিল, ( কেইবাজনৰো সাক্ষ্য প্ৰমাণ অনুসৰি) সেইজন ব্যক্তিৰ থকাৰ ব্যৱস্থা লৈ সিদ্ধান্তৰ ইমান খেলি মেলি কিয়? আৰু জুবিন গাৰ্গৰ ৰুম কোনোবা অনুজ বৰুৱাৰ সৈতে ? কিয়? এই ক্ষেত্ৰত মেনেজাৰ হিচাবে সিদ্ধাৰ্থৰ আৰু আয়োজক হিচাবে শ্যামকানু মহন্তৰ মূল দ্বায়িত্ব আছিল জুবিনৰ বাবে সন্মান সহকাৰে থকাৰ ব্যৱস্থা কৰাৰ । এই সকলোবোৰ অসমৰ পৰা ওলোৱাৰ আগতেই সিদ্ধান্ত হ’ব লাগিছিল ।

২)জুবিন গাৰ্গে অসমতেই হওঁক, দেশৰ আন কোনো ঠাইতেই হওঁক অথবা বিদেশতো কেতিয়াও হোটেলৰ ৰুম বা হোটেলৰ ৰেজিষ্টাৰ কাৰ নামত কেনেকৈ বুক কৰা হৈছে কেতিয়াও check নকৰে । সদায় তেওঁৰ মেনেজাৰ অথবা আয়োজকেই check in ৰ কামবোৰ কৰে । গতিকে হোটেলৰ ৰুম কাৰ নামত বুক কৰা হৈছিল বা ৰেজিষ্টাৰত কাৰ নাম আছিল সেই বিষয়ে নিঃসন্দেহে জুবিনে জনা নাছিল । এই কথাবোৰত নিশ্চয় কু অভিসন্ধিয়ে আছিল। হোটেলৰ এটা ৰুমৰ বুকিং লৈ ইমান ঘটনা ! ইমানবোৰ খেলি – মেলি ! ইয়াৰ অন্তৰালত যে বেয়া কিবা মনোভাৱ আছিল , কিবা অভিসন্ধি আছিল সেই কথাবোৰ স্পষ্ট হৈ আছে । সেই অভিসন্ধিমূলক কথাবোৰ আদালতৰ মজিয়াত নিকপকপীয়াকৈ প্ৰমাণসহ প্ৰতিষ্ঠা হওক ।

৩)শ্যামকানু মহন্তৰ ভাষ্য মতে, জুবিনক মতা নাছিল, জুবিন নিজেই গৈছিল। অথচ, বহু আগৰেপৰাই জুবিনৰ ফটোৰে পোষ্টাৰ বনাই প্ৰচাৰ কৰি আছিল। আৰু সেই কথাই জুবিনক নেৰা নেপেৰাকৈ কৈছিল যে “ইতিমধ্যে প্ৰচাৰ কৰা হ’লেই, এতিয়া নগ’লে বহুত ডাঙৰ কথা হ’ব” । এজন শিল্পীক আমন্ত্ৰণ জনালে যি লিখিত এগ্ৰিমেণ্ট হ’ব লাগে,তেনে কোনো agreement আমি এতিয়া জানিবলৈ পোৱা মতে এই ফেষ্টিভেলৰ বাবে কৰা হোৱা নাছিল ।‌ মেনেজাৰ হিচাবে সিদ্ধাৰ্থ আৰু আয়োজক হিচাবে শ্যামকানু মহন্তৰ সম্পূৰ্ণ দ্বায়িত্ব আছিল জুবিনৰ সুৰক্ষা আৰু সিদ্ধাৰ্থে বিশেষ ভাৱে নিশ্চিত কৰিব লাগিছিল মেডিকেল কেয়াৰৰ । জুবিন গাৰ্গ যি কোনো এজন সাধাৰণ ব্যক্তি নহয় .. তেওঁৰ বাবে যি ব্যৱস্থা হ’ব লাগিছিল , একোৱেই কৰা নহ’ল আয়োজকৰ তৰফৰ পৰা । এই ক্ষেত্ৰত সিদ্ধাৰ্থৰ একোৱেই মাত নাছিল কিয় ? শ্যামকানু মহন্তৰ লগত এনে কি বেলেগ বুজা বুজি আছে যে সামান্যতম safety আৰু চিকিউৰিটিৰ কথাও নপতাকৈ জুবিনক লৈ যোৱা হ’ল.. কিয় ? মাননী কি নিৰ্ধাৰণ কৰা হৈছিল অথবা সা – সুবিধাৰ কি কথা হৈছিল সেয়া কেৱল সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তইহে জানিছিল ।

৪) আৰু এটা কথা চাৰ্জশ্বীট পঢ়িহে আমি জানিবলৈ পালো জুবিন গাৰ্গৰ ” One Last Tour” বুলি কিবা ১০ খন চিটিৰ টুৰ এটা সিদ্ধাৰ্থে প্লেন কৰিছিল য’ত জুবিনে লাইভ শ্ব’ৰ পৰা অৱসৰ ল’ব বুলি ঘোষণা হ’ব । এই কথাবোৰ আমি কেতিয়াও শুনা নাছিলো,নাজানিছিলো । আনকি তেওঁৰ বেণ্ড, পৰিয়ালৰ লোক বা বন্ধু কোনও নাজানে । জুবিনে অৱসৰ এতিয়াই ল’ব কিয়.. আমি নালাগে তেওঁ নিজেও তেনেকুৱা কথা কেতিয়াও ভবা নাছিল । মই গোটেই জীৱন তেওঁৰ নতুন নতুন কামৰ পৰিকল্পনা আৰু সপোনহে দেখিছো! চাৰ্জশ্বীট পঢ়ি জানিব পাৰিছো, সিদ্ধাৰ্থই বহু কমিটিৰ পৰা এইবছৰ “জুবিন দাই এইবাৰ শেষবাৰৰ বাবে অনুষ্ঠান কৰিব” বুলি কৈ মাননীও বঢ়াই লৈছিল । যি মাননীৰ পৰিমাণ সম্পূৰ্ণ ৰূপে ৰেকৰ্ডত লিখা নাছিল। এনে ক্ষেত্ৰত প্ৰশ্ন উঠে শ্যামকানু মহন্তৰ সতে লিখিত চুক্তি নোহোৱাৰ কাৰণ কি ?

৫)৭৫ মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে তেওঁক পেলাই থোৱা হৈছিল আৰু চাৰ্জশ্বীটত উল্লেখ আছে যে,ওচৰতে St Jones আৰু Lazarus island ৰ বাবে AED আৰু medical assistance আছিল, এটা সংযোগী বাটো আছিল অথচ ইমান দেৰিলৈকে কিয় ৰৈ থকা হ’ল ? ছিংগাপুৰৰ আবাসীকেইজনে সেই কথা নাজানিছিল নেকি ? Yacht ত থকা কোনোৱেই কিয় নাভাবিলে যে য’ত safety board এখন আঁৰি লিখি থোৱা আছিল ” swimming at your own risk- no divers available বুলি । যি কোনো আয়োজনৰ বাবে safety measures ৰ কথা চিন্তা কৰাটো মুখ্য! আমি হেৰুৱাইছো, গোটেই অসমে হেৰুৱাইছে এক সত্বা আৰু তেওঁলোক এতিয়াও ইমান নীৰৱ ! Yacht খনতো safety বা medical assistance ৰ বাবে একোৱেই নাছিল ! এটা দীঘলীয়া বাট লৈ দীৰ্ঘ সময়ৰ বাবে তেওঁক কোনো চিকিৎসা নোহোৱাকৈ পেলাই ৰখা হ’ল — যি জন মানুহে বাটে ঘাটে আঘাট পাই পৰি থকা মানুহেই নহয় জীৱ – জন্তু, চৰাই – চিৰিকটিকো চিকিৎসাৰ বাবে তুলি নি সুস্থ কৰি তোলে — লাগিলে নিজৰ professional loss অথবা পলম হোৱা বুলি বিতৰ্কই নহওঁক কিয় ? তেনে এজন ব্যক্তিক ইমান অনাদৰ কৰা হ’ল !

আমাৰ দৃষ্টিত এই yacht খনত থকা প্ৰতিজন মানুহেই এই অভাৱনীয় ঘটনাটোৰ বাবে দোষী আৰু সকলো বিচাৰৰ আওঁতালৈ আহক, কথা সিমানেই।

৬)আমি video বোৰৰ জৰিয়তে দেখিছোঁ জুবিনক কিমান neglect কৰা হৈছিল । Seizure থকা মানুহ এজনক নিচাগ্ৰস্ত কৰি ইমান দীঘলীয়া সময়ৰ বাবে সাগৰৰ মাজত লাইফজেকেট নোহোৱাকৈ সাঁতুৰিবলৈ উচটনি দিলে তাকো unattended – সেইটো সম্পূৰ্ণ crime! পানীত তেওঁৰ vomiting হৈছে, নাকেৰে মুখেৰে খোৱা বস্তু আৰু ফেন ওলাইছে – এই সকলোবোৰ gastricৰহে লক্ষণ বুলি এৰি দিব কেনেকৈ পাৰিলে ? ভাগৰুৱা হৈ সাতুৰি থকা দেখিও সিদ্ধাৰ্থৰ হাত জোকাৰি “যাব দে” ইংগিত , কোনো এজনে অৱশ মানুহজনক বাধা দিয়াৰ চেষ্টা নকৰি আনন্দত মচগুল হৈ থকা .. কিমান অসহনীয় এইবোৰ ! পানীত ডুবি যোৱাৰ পিছত yacht লৈ উঠাই আনোতে তেওঁৰ দাঁতে দাঁতে লাগিছে আৰু tong এডাল মুখত সুমুৱাই দিব লগা হৈছে বুলিও প্ৰবাসী অসমীয়া কেইজনে নিজৰ ষ্টেটমেণ্টত কৈছে । তাৰ পিছতো তেওঁলোকে ইমান অৱহেলাৰে তেওঁক পেলাই থলে , Untrained মানুহে cpr দিছে, তেওঁৰ ribs ভাঙিছে । মুৰতো আঘাট আছিল তেওঁৰ । কেনেকৈ ক’ত সেই আঘাট পাইছিল ? হাওফাও ত পানী জমা হৈ আছিল । ছিংগাপুৰৰ এজনে কৈছে, yacht ত উঠোৱাৰ পিছত জুবিনৰ পেটটো হেঁচি দিওঁতে সাগৰৰ পানী বহুত ওলাইছিল । .. বহুত বহুত কষ্ট পালে তেওঁ । এই কথাবোৰ ভাবিবলৈও ভয় লাগে, বুকু কঁপি যায় ! এই কষ্টবোৰ আমি জীয়াই থকা প্ৰতি মুহূৰ্ত্তত অসহায় হৈ কঢ়িয়াই ফুৰিব লাগিব। আমাক এই সকলোবিলাক কথাৰ উত্তৰ লাগে।

এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ .. যাৰ বাবে আমি আমাৰ মানুহজনক হেৰুৱালোঁ । আমাৰ ঘৰখন, অসমখন থান বান হৈ গ’ল । ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি খুব ধৈৰ্য্য আৰু সংযমেৰে আমি অপেক্ষা কৰিছোঁ, এই অসুৰ বোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক ।

২০০০ চনৰ পৰাই মৃত্যুৰ তাণ্ডৱ চলা আমাৰ ঘৰখন সময়ৰ সোঁতত মাথো অলপ থানথিত লাগিছিলহে, তাকো এই অসুৰ বিলাকৰ সহ্য নহ’ল! মৃত্যৰ ধুমুহাত বিধ্বস্ত আমাৰ ঘৰখন, ডেকা পুত্ৰক হেৰুওৱা এজন অসহায় পিতৃ, নিজৰ সাহস আৰু শক্তি হৈ থকা ককায়েকক হেৰুওৱা এজনী ভগ্নী আৰু মই……. যাৰ বাবে জুবিনেই সকলো আছিল!

এতিয়া যিহেতু সকলো ন্যায় ব্যৱস্থাৰ অধীনত.. এই সময়ত আমি আশা কৰিছো SIT য়ে দাখিল কৰা চাৰ্জশ্বীটখন উপযুক্ত সাক্ষ্য, প্ৰমাণ আৰু তথ্যৰে যথেষ্ট সৱল আৰু পানী নসৰাকৈ ইতিমধ্যে দাখিল কৰিছে । চৰকাৰী আইনজ্ঞ সকলেও নিশ্চয় ইতিমধ্যে পঢ়ি সকলো চালি-জাৰি চাইছে । গতিকে এই মূহুৰ্ততো যদি তেওঁলোকে ভাৱে , এই সমস্ত মাৰাত্মক অপৰাধ কাণ্ডটোত অভিযুক্তকেইজনক আদালতত দোষী সাব্যস্ত কৰিবৰ বাবে যদি কিবা আৱশ্যক আছে, তেন্তে আমাৰ একান্ত অনুৰোধ SIT আৰু চৰকাৰী আইনজ্ঞ

সকলে আকৌ এবাৰ ৰিভিউ কৰি প্ৰয়োজনীয় আইনী পদক্ষেপখিনি যাতে কৰি লয় । (মাননীয় মূখ্যমন্ত্ৰী মহোদয়ে খুব সদ্ভাৱেৰে উল্লেখ কৰিছিল Fast track বিচাৰৰ কথা)

এতিয়া আমি একান্ত ভাবে বিচাৰিছো Fast Track, a special bench আদালত, য’ত daily basis ত কেৱল Zubeen Garg ৰ case ৰ শুনানি হওঁক,যাতে অতি সোনকালে জুবিন গাৰ্গে ন্যায় পায়!। নহ’লে ৩০০ তকৈ অধিক witness ৰ শুনানিত বহু বছৰ লাগিব, Justice delayed is Justice denied. চৰকাৰলৈ আৰু এটা বিশেষ অনুৰোধ যাতে এটা strong Public Prosecutor ৰ Team গঠন কৰি দিয়ে, য’ত জ্যেষ্ঠ অধিবক্তাও দুজনমান ( যাৰ ওপৰত ৰাইজৰ শ্ৰদ্ধা আৰু আস্থা আছে) থাকে as legal advisors আৰু টীমটো প্ৰয়োজনীয় man-power‌ তথা logistics সা – সুবিধাৰে সবল কৰি দিয়ে,তেতিয়াহে ন্যায় প্ৰতিষ্ঠা জোৰদাৰ হ’ব। অভিজ্ঞ SIT team আৰু Public Prosecutors ৰ Team লগ লাগি Charge sheet খন যাতে সবল ভাবে, কোনো এজনো অভিযুক্ত সাৰি যোৱাৰ সুৰুঙা নথকাকে ন্যায়ালয়ত উপস্থাপন কৰি সঠিক আৰু শুদ্ধ ন্যায় প্ৰতিষ্ঠা কৰে .. এতিয়া সমগ্ৰৰ সেয়াই অপেক্ষা । জুবিন গাৰ্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ’ব লগা হয়, তেন্তে আন জনগণৰ বাবে ন্যায় কি হʼব ?

ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আৰু Bar Council আৰু সমূহ ৰাইজৰ সহযোগ বিচাৰিছো আমাৰ এই ন্যায় যাত্ৰাত 🙏

দোষীয়ে কঠোৰতকৈ

কঠোৰতম শাস্তি পাওক এতিয়া তাৰ বাহিৰে আন কথা ভাবিব পৰাকৈ একো নাই আমাৰ !

#JusticeForZubeenGarg

Assam News: ২০২৫ বৰ্ষত অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি

Assam News: ২০২৫ বৰ্ষত অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি
Assam News: ২০২৫ বৰ্ষত অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি

২০২৫ বৰ্ষত (Assam News) অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি-

হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গঃ
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰ৷ এটা কালিকা লগা দিন৷ ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ বাবে জুবিন গাৰ্গ গৈছিল ছিংগাপুৰলৈ৷ ছিংগাপুৰত নিশা স্থানীয় একাংশ লোকৰ সৈতে আনন্দেৰে কটোৱা জুবিন গাৰ্গে পুৱাৰ ভাগতে ছিংগাপুৰ প্ৰণালী [Singapore strait]ৰ অন্তৰ্গত ছেইণ্ট জনছ দ্বীপলৈ গৈছিল৷ তাত তেওঁ সাগৰত সাঁতুৰিবলৈ গৈ এক দুৰ্ঘটনাত পতিত হয়৷ প্ৰথমে উদ্ধাৰকাৰীৰ দলে জুবিন গাৰ্গক পানীৰ পৰা তুলি আনি চিপিআৰ দিয়াৰ ব্যৱস্থা কৰে আৰু তেওঁক ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰে, ছিংগাপুৰ জেনেৰেল হাস্পতালৰ আইচিইউত ভৰ্তি কৰোৱা হয়, অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক৷ কিন্তু ইতিমধ্যে সকলো শেষ হৈ গৈছিল৷ ছিংগাপুৰ জেনেৰেল হাস্পতালৰ চিকিৎসকে জুবিন গাৰ্গক মৃত ঘোষণা কৰে৷ এই বাতৰি বিয়পি পৰাৰ পিছতে সৰগ ভাগি পৰে ৰাজ্যবাসীৰ মূৰত৷ লগে লগে স্বতঃস্ফুৰ্তভাৱে বন্ধ হৈ পৰে ৰাজ্যৰ সকলো প্ৰান্তৰ দোকান-পোহাৰ৷ এদিন, দুদিন, তিনিদিনলৈ এনেদৰে বন্ধ হৈ থাকে ৰাজ্যৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয় আদি৷ শোকত ভাগি পৰা জনতাই ৰাজপথৰ কাষে কাষে জুবিন গাৰ্গৰ প্ৰতিচ্চবি স্থাপন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সেয়া কেনে এক শোকৰ পৰিস্থিতি আছিল নেদেখাজনে হয়তো অনুভৱ কৰিব নোৱাৰিব৷ অসম চৰকাৰৰ তৎপৰতাত ছিংগাপুৰৰ পৰা প্ৰথমে দিল্লীলৈ আৰু তাৰ পিছত গুৱাহাটীলৈ অনা হৈছিল অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নশ্বৰ দেহ৷ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নিষ্প্ৰাণ দেহটো অনাৰ পিছতে কান্দোনৰ ৰোল উঠিছিল৷ আনকি বিমান বন্দৰৰ কৰ্মচাৰীসকলেও প্ৰটোকল ভংগ কৰি প্ৰাণৰ শিল্পীগৰাকীৰ কফিন অন্তিম বাৰৰ বাবে চুই চোৱাৰ মানসেৰে কফিনৰ কাষলৈ কান্দি কান্দি দৌৰি গৈছিল৷ কোনো নীতি-নিয়মে তেওঁলোকক বান্ধি ৰাখিব পৰা নাছিল৷ এটা কফিনৰ ভিতৰত চিৰনিদ্ৰাত মগ্ন হৈ অসমলৈ উভতি আহিছিল সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ নশ্বৰ দেহ৷


বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাঃ
ৰোগৰ সৈতে যুঁজি চিৰদিনৰ বাবে চকু মুদিলে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাই৷ লগে লগে স্তব্ধ হৈ পৰিল অসমৰ সংগীত জগতৰ এক ধাৰা৷ প্ৰখ্যাত বাঁহীবাদকগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে শোকস্তব্ধ হৈ পৰে ৰাজ্যবাসী৷ ৩ নৱেম্বৰৰ পুৱা চেন্নাইত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই৷ শিল্পীগৰাকীয়ে  পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ৷ দীৰ্ঘদিন ধৰি তেওঁ যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল৷ ২১ অক্টোবৰত উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ চিকিৎসাৰ নিয়া হৈছিল দীপক শৰ্মাক৷ চেন্নাইৰ ৰেলা হাস্পতালত মৃত্যু ঘটে বিশিষ্ট বাঁহীবাদকগৰাকীৰ৷ ৫৭ বছৰ বয়সত মৃত্যু ঘটে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট শিল্পীগৰাকী৷ গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা আছিল বাঁহীবাদকগৰাকী৷ বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰে৷ ৰাষ্ট্ৰীয় মাধ্যমত বহুকেইটা জনপ্ৰিয় চেনেলত সংগীতৰ কাম কৰিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাই৷ ২০১৩ চনলৈ ৩খন অসমীয়া চলচ্ছিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জিটিভিত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা কৰিছিল শিল্পীগৰাকীয়ে৷ জাতিংগা, লুইতক ভেটিব কোনে, জংকি পানৈত সংগীতৰ কাম কৰিছিল শিল্পীগৰাকীয়ে৷ ষ্টাৰ প্লাছযোগে সম্প্ৰচাৰিত কেলেইদোস্কোপৰ আৱহ সংগীতৰ মুখ্য বাঁহীবাদক আছিল দীপক শৰ্মা৷ ১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল বাঁহীবাদক দীপক শৰ্মাই৷ তেওঁৰ পিতৃ প্ৰয়াত প্ৰমোদ শৰ্মা৷ অসমৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা তেখেতে বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে৷ অসুস্থতাৰ মাজতে দীপক শৰ্মালৈ আগবঢ়োৱা হৈছিল ২০২৫ বৰ্ষৰ ‘জুবিন গাৰ্গ বঁটা’৷ চিকিৎসাৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হৈছিল তেওঁ৷ তাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীয়ে ২০২৫ চনৰ অক্টোবৰ মাহত তেওঁক প্ত লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছিল৷ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাঁহীৰ জৰিয়তে অসমৰ মাটিৰ সুবাস বিলাই দীপক শৰ্মাই আমাৰ সংগীতক নতুন পৰিচিতি দিছিল৷


‘নাগাৰা নামৰ’ সম্ৰাট ৰামচৰণ ভৰালীৰ মৃত্যুঃ
অসমে হেৰুৱালে নাগাৰা নামৰ বিশিষ্ট শিল্পী ৰামচৰণ ভৰালীক৷ ভৰালীয়ে ৬ নৱেম্বৰৰ নিশা ১২.২০ বজাত ইহলীয়া ত্যাগ কৰে৷ ‘নাগাৰা নামৰ সূৰ্য’ হিচাপে পৰিচিত শিল্পীগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰে৷
নলবাৰীৰ কুমাৰীকটাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে৷ নাগাৰা নামৰ এজন বিশিষ্ট পাঠক আছিল ৰামচৰণ ভৰালী৷ তেওঁ আনুমানিক ১৯৬৪ চনত নাগাৰা দলত যোগদান কৰিছিল আৰু মৃত্যুলৈকে এই শিল্পকৰ্মৰ সৈতে জড়িত হৈ আছিল৷ নাগাৰা নামক ৰাইজৰ মাজলৈ লৈ যোৱাত ৰামচৰণ ভৰালীৰ অৱদান অতুলনীয়৷ নাগাৰ নামৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁ “নাগাৰা নামৰ পাঠক” আৰু “নাগাৰা নামৰ সূৰ্য” বুলি জনা যায়৷ নাগাৰা নামৰ লগতে তেওঁ তালৰ এক অভুতপূৰ্ব কলা দেখুৱাইছিল৷ নাগাৰা নামলৈ আগবঢ়োৱা অৱদানৰ বাবে শিল্পীগৰাকীয়ে বহু সন্মানেৰেও সন্মানিত হৈছে৷ তেওঁৰ নামত আছে নাগাৰা নামৰ প্ৰায় ৮৫খন অডিঅ’ কেচেট, ৩০খন ভিডিঅ’ চিডি আৰু ছয়খন গ্ৰন্থ৷ ‘মোহন ভাইৰা স্মৃতি বঁটা’ প্ৰাপক এই শিল্পীগৰাকীয়ে অসমৰ নাগাৰা নামৰ ক্ষেত্ৰখন চহকী কৰি থৈ গৈছে৷
ভৰালীৰ মৃতু্য অসমৰ লোক কৃষ্টিৰ পথাৰখনৰ বাবে এক ডাঙৰ ক্ষতি বুলি ক’ব পাৰি৷ ভৰালীৰ নাগাৰ নামৰ এই যাত্ৰা বৰ সহজ নাছিল৷ এই দিশটোক কৰ্ম হিচাপে গঢ় দিয়াৰ পাছত তেওঁ দৰিদ্ৰতাৰ সন্মুখীন হ’বলগীয়াও হৈছিল৷ কিন্তু তাৰ পাছতো তেওঁ নাগাৰা নামৰ ক্ষেত্ৰখনলৈ অৱদান দি গৈছিল৷ হেৰাই যাব ধৰা এক সংস্কৃতি তেওঁৰ প্ৰৱেশৰ পাছত পুনৰ জী উঠাত সহায়ক হৈছিল৷ অসমৰ ৰাইজৰ মাজত ৰামচৰণ ভৰালীৰ নাগাৰ নামৰ বিশেষ জনপ্ৰিয়তা আছিল৷ কিন্তু শিল্পীগৰাকীৰ আকস্মিক মৃত্যুয়ে এতিয়া তেওঁৰ পৰিয়াল তথা অনুৰাগীসকলক শোকস্তব্ধ কৰি তোলে৷
ৰামচৰণ ভৰালীয়ে সৰুতে পিতৃ-মাতৃ আৰু ভগ্নীক হেৰুৱাইছিল৷ আৰ্থিক সমস্যাৰ বাবে তেওঁ দশম শ্ৰেণীতে পঢ়া এৰিছিল৷ ইয়াৰ পাছত তেওঁ বলোৱাৰ ‘প্ৰগতি সংঘ’ৰ যাত্ৰা পাৰ্টিৰ সৈতে এক সম্পৰ্ক গঢ়ি তুলিছিল৷ ১৯৫২ চনৰ পৰা ১৯৬৩ চনলৈ মুঠ ১১টা যাত্ৰা পাৰ্টিত তেওঁ অভিনয় কৰিছিল৷ তেওঁ ১৯৬৪ চনৰ নাগাৰ নামৰ দল এটা গঠন কৰিছিল৷ তেওঁ অসমৰ উপৰি অৰুণাচল প্ৰদেশ আৰু দিল্লীতো নাগাৰা নাম প্ৰদৰ্শন কৰিছে৷ ১৯৯১ চনৰ পৰা ২০১০ চনলৈ অসমৰ শ্ৰোতা-দৰ্শকলৈ তেওঁ অডিঅ’ কেছেট ৮৫খন আৰু ভিডিঅ’ কেছেট ৩০ খন উপহাৰ দিয়াৰ উপৰি ৬ খন নাগাৰা নামৰ কিতাপ উপহাৰ দিছে৷ তেওঁ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বহু সন্মান লাভ কৰিছে৷ ১৯৯৪ চনত এককালীন চৰকাৰী সাহায্য লাভ কৰাৰ উপৰি ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে নাগাৰা নামৰ শিল্পীয়ে চৰকাৰী স্বীকৃতি হিচাপে পেঞ্চন লাভ কৰিছিল৷ ভৰালীৰ নাগাৰা নামৰ কেচেটসমূহৰ ভিতৰত -লক্ষ্মীনাৰায়ণ, চিত্ৰকেতু আদি শ্ৰোতাৰ মাজত অতি জনপ্ৰিয়৷


নাট্যকাৰ চৈয়দ ছাদুল্লাঃ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে ৩ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰে যশস্বী সুৰকাৰ, কবি, অভিনেতা, ঘোষক, নাট্যকাৰ আৰু গীটাৰিষ্ট চৈয়দ ছাদুল্লাই৷ ‘এয়া আকাশবাণী ডিব্ৰুগড়’ বুলি কোৱা ৰেডিঅ’ৰ সেই চিনাকি কণ্ঠ চিৰদিনৰ বাবে হেৰাই গ’ল৷ যশস্বী সুৰকাৰ, কবি, অভিনেতা, ঘোষক, নাট্যকাৰ আৰু গীটাৰিষ্টগৰাকীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰ ৷ কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ তথা অনাতাঁৰ ঘোষক হিচাপে অতি জনপ্ৰিয় হৈ পৰা চৈয়দ ছাদুল্লাই জন্মগ্ৰহণ কৰিছিল ডিব্ৰুগড়ত ১৯৪৮ চনৰ ৰ ফেব্ৰুৱাৰীত৷
সৰুৰে পৰা গীটাৰত সুৰ তুলি ভালপোৱা শিল্পীগৰাকীয়ে বৰ্নাধ্য জীৱনকালত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে৷ ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা চৈয়দ ছাদুল্লাই সৰু কালছোৱাত শ্বিলঙত পঢ়া-শুনা কৰিছিল৷ কিন্তু তেওঁ সপ্তম শ্ৰেণীলৈ উন্নীত হওঁতে তেওঁলোক ডিব্ৰুগড়লৈ ঘূৰি আহে৷ স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ ডিব্ৰুগড়ৰ কানৈ কলেজত কলেজীয়া শিক্ষা আৰম্ভ কৰে৷ সেই সময়ৰ ৰাজ্যৰ জনপ্ৰিয় সাংস্কৃতিক দল কুইভাৰ্চৰ অন্যতম সদস্য আছিল চৈয়দ ছাদুল্লা৷
চৈয়দ ছাদুল্লাই কানৈ কলেজত অধ্যয়ন কৰা সময়তে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল ৷ বিশিষ্ট সাংস্কৃতিক কৰ্মী ভৱেশ গোস্বামী, নজিফুৰ ৰহমান, জিয়াউৰ ৰহমান, বিজু ফুকন, হেমন্ত দত্ত আদি ব্যক্তিসকলৰ সৈতে আৰম্ভ কৰিছিল সাংস্কৃতিক ক্ষেত্ৰখনৰ কাম৷ ১৯৬৫ চনত এই ব্যক্তিসকলৰ সৈতে চৈয়দ ছাদুল্লাই ৰাজ্যৰ জনপ্ৰিয় সাংস্কৃতিক দল কুইভাৰ্চ গঠন কৰিছিল ৷ এই সাংস্কৃতিক দলটোত গীটাৰ বজাইছিল চৈয়দ ছাদুল্লাই ৷ এই দলটোৰ জৰিয়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অত্যন্ত জনপ্ৰিয় হৈ উঠে চৈয়দ ছাদুল্লা ৷ তেতিয়া ড॰ ভূপেন হাজৰিকা, খগেন মহন্তকে আদি কৰি বহু স্বনামধন্য শিল্পীৰ সান্নিধ্য লাভ কৰিছিল তেওঁ ৷
কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰি ১৯৬৯ চনত চৈয়দ ছাদুল্লাই ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰৰ বিভাগীয় শিল্পীৰ পদত যোগদান কৰিছিল৷ চৈয়দ ছাদুল্লাই ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰত যোগদান কৰাৰ পাছত নতুনকৈ ৰাজ্যত আৰম্ভ হৈছিল ৰেডিঅ’ৰ প্ৰতি ৰাইজৰ আগ্ৰহ৷ চৈয়দ ছাদুল্লা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা ৷ তেওঁ দূৰদৰ্শন, নেশ্যনেল জিঅ’গ্ৰাফিক আৰু ডিস্ক’ভাৰী চেনেলৰ সৰ্বমুঠ ১০০ খনতকৈ অধিক ডকুমেণ্টৰীৰ ঘোষক আছিল৷ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এসময়ৰ প্ৰতি দেওবাৰে সন্ধিয়া চাৰে সাতটা বজাত পোন্ধৰ মিনিটৰ বাবে প্ৰচাৰিত মনোৰঞ্জনধৰ্মী ‘বৰ্ণালী’ অনুষ্ঠান সঞ্চালনা কৰি অনুষ্ঠানটো অধিক আকৰ্ষণীয় আৰু জনপ্ৰিয় কৰি তুলিছিল৷ আকাশবাণী ডিব্ৰুগড়ৰ পৰা প্ৰচাৰিত হোৱা কেইটিমান অনুষ্ঠান ডাকপখিলী, হেল্লো মন্দাকিনী আদিৰ আঁত ধৰি সকলো শ্ৰোতা-ৰাইজৰে এইসমূহ অনুষ্ঠান প্ৰিয় কৰি তুলিবলৈ সক্ষম হৈছিল৷ চৈয়দ ছাদুল্লা এগৰাকী কবি, লেখক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, সূত্ৰধাৰ, আবৃত্তিকাৰ, গায়ক, গীটাৰবাদক আৰু বলিষ্ঠ অভিনেতা আছিল৷ ১৯৭৫ চনৰে পৰাই তেখেতে আকাশবাণীৰ বাবে নাট লিখি প্ৰযোজনা আৰু পৰিচালনা কৰিছিল৷ বহুতো ধাৰাবাহিকৰ কাহিনী ৰচনা কৰি নিজেই অনাতাঁৰ আৰু মঞ্চৰ নাটকত অভিনয় কৰিছিল৷ তেখেতে ১৯৭৪ চনত প্ৰযোজনা পৰিচালনা আৰু অভিনয়ৰ বাবে ‘উৰুখা’ আৰু ‘বিচাৰ’ নামেৰে দুখন নাটকত আকাশবাণী বাৰ্ষিক বঁটা লাভ কৰিছিল৷ বৰ্ণাধ্য জীৱন পৰিক্ৰমাত বিভিন্ন বঁটা আৰু সন্মানেৰে সমৃদ্ধিশালী হৈছিল চৈয়দ ছাদুল্লা ৷ ২০২১ বৰ্ষত বিষ্ণু ৰাভা দিৱসত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আহমদ আলী বাঁশকান্দী বঁটাৰে সন্মানিত কৰিছিল তেখেতক৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই বঁটা প্ৰদান কৰিছিল৷ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাই চৈয়দ ছাদুল্লাক ‘আই অসমী’ বঁটা, আকাশবাণীৰ বাৰ্ষিক বঁটা প্ৰতিযোগীতাত সৰ্বভাৰতীয় ভিত্তিত কেইবাটিও বঁটা, ২০২৪ চনত শিল্পী সাধনা বঁটা, সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে ‘কণ্ঠশিৰোমণি’ বঁটা, শিৱসাগৰ জিলা সাহিত্য সভাই আগবঢ়োৱা জিকিৰ শিল্পী কেৰিমুদ্দিন আহমেদ সোঁৱৰণী শিল্পী বঁটা ২০২৫ আদিৰে সন্মানিত৷ ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ৷


শিল্পী ৰাজীৱ শদিয়াঃ
জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শেষ নিশ্বাস৷ গীত গাই থাকোতেই মঞ্চৰ পৰা তললৈ বাগৰি পৰিল জাতি-মাটিৰ গীত গাই ভালপোৱা এগৰাকী শিল্পী৷
১৩ জানুৱাৰীত চিৰদিনৰ বাবে হেৰাই গ’ল কণ্ঠশিল্পী ৰাজীৱ শদিয়া৷ তিনিচুকীয়া জিলাৰ তৰাণী বনাঞ্চলৰ কাষত দূৱাৰমৰা নৈৰ পাৰৰ ভিতৰুৱা ৰসবাৰী গাঁৱত আয়োজন কৰা হৈছে ‘ৰসবাৰী পৰ্যটন মেলা’ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল ৷ উক্ত অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া৷ নিশা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি আছিল জাতি আৰু মাটিৰ গীত গাই ভালপোৱা জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই৷ গীত পৰিবেশন কৰি থকাৰ সময়তে ঘটি গৈছিল এক অঘটন৷ গীত পৰিৱেশন কৰি থাকোতেই মঞ্চৰ পৰা বাগৰি পৰিল শিল্পী ৰাজীৱ শদিয়া৷ হঠাৎ অসুস্থ হৈ এইদৰে বাগৰি পৰে শিল্পীগৰাকী৷ তাৰ পাছত ততাতৈয়াকৈ ৰাজীৱ শদিয়াক ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷ কিন্তু ১৩ জানুৱাৰীৰ দুপৰীয়া তেওঁ শেষনিশ্বাস ত্যাগ কৰে৷ নিজস্ব এক গায়নশৈলীৰে অসমবাসীৰ মাজত এগৰাকী জনপ্ৰিয় শিল্পী আছিল ৰাজীৱ শদিয়া৷
ৰসবাৰী পৰ্যটন মেলাত দুটা গীত পৰিৱেশন কৰাৰ পাছতে অসুস্থ হৈ মঞ্চৰ তললৈ বাগৰি পৰিছিল শিল্পীগৰাকী৷ শিল্পীগৰাকীয়ে বুকু আৰু কাণত সোপা মাৰি ধৰা বুলি মন্তব্য কৰি নিমিষতে মঞ্চৰ তলত পৰি যায় ৷ তাৰ পাছতে মেলাত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ৷ চিকিৎসকৰ মতে, ৰাজীৱ শদিয়াৰ ৰক্ত চাপ অতি নিম্ন হৈ পৰাৰ লগতে তেওঁ হৃদৰোগতো আক্ৰান্ত হৈছিল ৷


‘সৰা পাতে পাতে ফাগুন নামে’ … বুলি গাবলৈ আৰু কেতিয়াও ঘূৰি নাহে গায়ত্ৰী হাজৰিকা
‘সৰা পাতে পাতে ফাগুন নামে’ এই গীতটিৰে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ শেষ নিশ্বাস ত্যাগ কৰে ৷ ১৬ মে’ৰ দিনৰ ২.১৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে৷ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ১২ মে’ ৰ পৰা চিকিৎসাধীন হৈ আছিল তেওঁ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫ বছৰ ৷
১৯৮০ চনত জন্মগ্ৰহণ কৰা বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল গুৱাহাটীৰ টি.চি.ছোৱালী হাইস্কুলৰ পৰা আৰু উচ্ছতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ সংগীত বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্ছ নম্বৰ লাভ কৰিছিল৷ পৰৱৰ্তী সময়ত কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে ভাতখাণ্ডে সংগীত বিদ্যাপীঠ, লক্ষ্ণৌৰ পৰা এম. মিউজ ডিগ্ৰী লাভ কৰে৷ ১১ বছৰ বয়সত প্ৰথম মঞ্চত গীত পৰিৱেশন কৰিছিল গায়ত্ৰী হাজৰিকাই৷ ১৯৯২ চনত গুৱাহাটী ৰেডিঅ’ চেণ্টাৰ আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত শিশুশিল্পী হিচাপে গীত পৰিৱেশন কৰিছিল তেওঁ ৷ গায়ত্ৰী হাজৰিকাই কণ্ঠদান কৰা জনপ্ৰিয় গীতসমূহৰ ভিতৰত হৈছে – আবেলিৰ হেঙুলী আকাশে, ইমান সেমেকা, জোনাক নাছিল বনত, তুমি অহাৰ বাতৰি পালে, তোমালৈ মোৰ মৰম, মন মোৰ উৰি ফুৰে, মাথোঁ এজাক বৰষুণ, যেতিয়া জোনাক নামিছিল, সৰা পাতে পাতে, সোণোৱালী সপোন আদি ৷ ইয়াৰোপৰি গায়ত্ৰী হাজৰিকাই মনোজ বৈশ্যৰ ‘ক্ৰোধ’, যতীন বৰাৰ ‘ৰত্নাকৰ’, জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’ৰ লগতে ভালেসংখ্যক অসমীয়া ছবিত কণ্ঠদান কৰিছে ৷ ২০২১ চনত ৰত্নাকৰ ছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটোৰ বাবে তেওঁ ‘প্ৰাগ চিনে এৱাৰ্ড’ত মহিলা শাখাত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটাও লাভ কৰিছিল৷ অসমীয়া ধাৰাবাহিক বৈদেহী, ৰ’দালী, দামিনী, মমতা, পৰিণীতা, আল্পনা আদিৰ শীৰ্ষ গীতত তেওঁ কণ্ঠ নিগৰাইছিল ৷ গায়ত্ৰী হাজৰিকাৰ একক কণ্ঠৰ শ্ৰব্য সংকলন দুটাৰ নাম হৈছে ‘মিঠা আৱেশেৰে’ [২০১৪] আৰু ‘সুৰৰ আৱেশেৰে’ [২০১৭]৷ শেহতীয়াকৈ ঝুলন কৃষ্ণ মহন্তই পৰিচালনা কৰা ছবি ‘সুন্দৰপুৰ কেঅছ’ ছবিখন প্ৰযোজনা কৰাৰ লগতে ছবিখনৰ গীততো কণ্ঠদান কৰিছিল গায়ত্ৰী হাজৰিকাই৷


ৰঙা বাছত দৌৰি থকা গঁড়ৰ প্ৰতীকৰ স্ৰষ্টা চৌকত আলী
অসম ৰাজ্যিক পৰিবহন নিগমৰ  বাছত থকা দৌৰি থকা গঁড়ৰ প্ৰতীকটো প্ৰায় সকলোৰে চিনাকী৷ সেই প্ৰতীকৰ স্ৰষ্টা হৈছে শিল্পী চৌকত আলী৷ চৌকত আলীৰ মৃত্যু ঘটে৷ ১০৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে৷ জ্জ্ব নৱেম্বৰৰ  পুৱাই শতায়ুগৰকা শিল্পীয়ে মৃত্যুৰ কোলাত শুই পৰে৷ ১৯২৩ চনৰ ২৪ নৱেম্বৰত গুৱাহাটীৰ আমবাৰীত জন্মগ্ৰহণ কৰিছিল চৌকত আলীয়ে৷ তেজপুৰৰ বাসিন্দা এইগৰাকী চৌকত আলীয়ে ১০৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ নিশা প্ৰায় আঢ়ৈ বজাত বাৰ্ধক্যজনিত কাৰণত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে৷ তেওঁ অসমৰ বাবে দি গৈছে এক যুগমীয়া অৱদান৷ বহুতেই হয়তো সেয়া দেখিছে, কিন্তু তাৰ আঁৰৰ কাহিনী নাজানে৷ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত অংকিত দুৰ্দান্ত গঁড়টো নি(য় আপুনিও দেখিছে৷ সেই গঁড়টো হৈছে অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰতীক চিহ্ন৷ এই প্ৰতীক চিহ্নৰ স্ৰষ্টা হৈছে চৌকত আলী৷ ১৯৭১ চনত তেতিয়াৰ আছাম ট্ৰান্সপৰ্ট আৰু বৰ্তমানৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত নতুনকৈ সংযোজন কৰা হৈছিল এটি এশিঙীয়া গঁড়ৰ ছবি৷ সেই ছবি অংকন কৰিছিল তেতিয়াৰ আছাম ট্ৰান্সপৰ্টৰ কৰ্মচাৰী চৌকত আলীয়ে৷ এই সৃষ্টিৰ বাবে পুৰস্কাৰ হিচাপে তেতিয়াৰ আছাম ট্ৰান্সপৰ্টৰ সঞ্চালক ভৱেন হাজৰিকাই ১০২ টকা আগবঢ়াইছিল চৌকত আলীক৷ কেৱল চিত্ৰশিল্পী হিচাপেই নহয়, এজন খেলুৱৈ, এজন অভিনয় শিল্পী হিচাপেও খ্যাতি অৰ্জন কৰিছিল তেওঁ৷ অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰতীকৰ উপৰি তেওঁ অংকন কৰিছিল আন বহু চিত্ৰ৷ কেবাখনো অসমীয়া ছবিতো অভিনয় কৰিছিল চৌকত আলীয়ে৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰো সান্নিধ্য লাভ কৰিছিল তেওঁ৷ ১৯৪৩ চনৰ পাছৰে পৰা তেওঁ মহাৰাণা ক্লাবৰ হৈ প্ৰায় ২০ বছৰ ধৰি খেলিছিল৷ তেওঁ মহাৰাণা ক্লাৱৰ হৈ গুৱাহাটীত হকী দলৰ অধিনায়কত্বও কৰিছিল৷ তাৰোপৰি ১৯৪৮ চনত গুৱাহাটীৰ ইয়ং ইউনিয়নৰ হৈ ফুটবল দলৰ গ’লকীপাৰো আছিল প্ৰয়াত আলী৷ সৰ্বভাৰতীয় পৰ্যায়ত খিতাপ দখল কৰিছিল এই দলটোৱে৷ চৌকত আলীৰ মৃত্যুত বিভিন্ন জনে  শোক প্ৰকাশ কৰে৷

Infiltrators: অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ পাঁচ বছৰ দিয়ক

Infiltrators: অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ পাঁচ বছৰ দিয়ক
Infiltrators: অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ পাঁচ বছৰ দিয়ক

কেন্দ্ৰীয় গৃহমন্ত্ৰী(Infiltrators) তথা সমবায় দ৫১১ মন্ত্ৰী অমিত শ্বাহে আজি অসমৰ নগাঁও জিলাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ পুনৰ উন্নয়ন প্ৰকল্প উদ্বোধন কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৈদেশিক পৰিক্ৰমা দ৫১১ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে বছৰ বছৰ ধৰি অনুপ্ৰৱেশকাৰীয়ে দখল কৰি থকাৰ পিছত নগাঁৱৰ বিশ্ববিখ্যাত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ জন্মস্থান আজি মুকলি কৰি সম্পূৰ্ণৰূপে পুনৰ উন্নয়ন কৰা হৈছে৷ তেওঁ কয় যে নগাঁৱৰ ভূমি–য’ত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ জন্ম হৈছিল আৰু য’ৰ পৰা তেওঁ কেৱল অসমতে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ধৰ্মীয় পৰম্পৰা হিচাপে নৱবৈষ্ণৱী বিশ্বাসৰ প্ৰচাৰ কৰিছিল– সেই ভূমি যিকোনো ব্যক্তিৰ বাবেই এক বৃহৎ তাৎপৰ্যপূৰ্ণ বিষয়৷ ভাৰতৰত্ন গোপীনাথ বৰদলৈক স্মৰণ কৰি শ্বাহে কয় যে তেওঁৰ অস্তিত্ব নাথাকিলে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ অংগ হৈ নাথাকিলহেঁতেন৷ গোপীনাথে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীক অসমক ভাৰতৰ ভিতৰতে ৰাখিবলৈ বাধ্য কৰাইছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বটদ্ৰৱা থানত মহাপুৰুষ শংকৰ দেৱজীৰ ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ও সৃষ্টি কৰা হৈছে৷ তেওঁ কয় যে য’ত মহাপুৰুষ শংকৰ দেৱজীৰ জন্ম হৈছিল তাত নৱবৈষ্ণৱ ধৰ্মৰ বাৰ্তা যুগ যুগ ধৰি গুঞ্জৰিত হৈ আহিছে৷ শ্বাহে উল্লেখ কৰে যে এই স্থান নিৰ্মাণৰ কাম তিনিটা পৰ্যায়ত কৰা হৈছে৷ ২২২ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে এই প্ৰকল্পটো ১৬২ বিঘা মাটিত উন্নয়ন কৰা হৈছে ৷ শ্বাহে কয় যে এই স্থানত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিটো পৰম্পৰাক নিষ্ঠাৰে জীৱন্ত কৰি তোলা হৈছে৷ শ্ৰীমদ্ভাগৱতৰ সকলো ধৰ্মীয় প্ৰতীক আৰু উপাদান নিখুঁতকৈ অধ্যয়ন কৰা হৈছে আৰু সেইবোৰক অতি নিখুঁত আৰু ভক্তিৰে পূৰ্ণ ৰূপ দিয়া হৈছে৷ অমিত শ্বাহে কয় যে বটদ্ৰৱা থান এতিয়া সাধাৰণ ঠাই নহয়; এতিয়া ই এক পৱিত্ৰ তীৰ্থস্থানত পৰিণত হৈছে, যিয়ে আমাক ৫০০ বছৰীয়া ঐতিহ্যৰ সৈতে সংযোগ কৰিছে৷ গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানো তেওঁৰ হাতেৰেই চ্ছ ডিচেম্বৰ ২০২০ তাৰিখে সম্পন্ন কৰা হৈছে আৰু সেয়া উদ্বোধন কৰাৰ সৌভাগ্যও তেওঁ লাভ কৰিছে৷

তেওঁ কয় যে শ্ৰীমন্ত শংকৰ দেৱে নৱবৈষ্ণৱীয় বিশ্বাস প্ৰতিষ্ঠা কৰি সমগ্ৰ উত্তৰ-পূব ভাৰতত ইয়াক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাৰ মহান কাম সম্পাদন কৰিছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে কয় যে শ্ৰীমন্ত শংকৰ দেৱে ভাগৱতত বৰ্ণিত পথ অনুসৰণ কৰি, গুণসম্পন্ন জীৱন যাপন কৰি, এই দেশক ধৰ্মৰ আধাৰত নিজৰ মাতৃভূমি হিচাপে গণ্য কৰি ঈশ্বৰক পূজা কৰাৰ বাৰ্তা প্ৰেৰণ কৰিছিল৷ তেওঁ কৈছিল যে এই পবিত্ৰ স্থান কেৱল পূজাস্থলী বা নামঘৰ নহয়; ই অসমীয়া সম্প্ৰীতি আৰু সদিচ্ছাৰ এক জীৱন্ত প্ৰতীক ৷ শ্বাহে কয় যে এই ঠাইখন অসমৰ ভাগ-বতৰা সংস্কৃতিক আগুৱাই নিয়াৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ লগতে সামূহিক ভক্তিৰ স্থান হিচাপেও কাম কৰিব৷ই নিঃসন্দেহে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱজীৰ ‘এক সাৰণ নাম ধৰ্ম’ পৰম্পৰাৰ প্ৰচাৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব৷ মহাপুৰুষ শংকৰ দেৱজীয়ে আমাক মানৱতা আৰু মাতৃভূমিৰ প্ৰতি প্ৰেম উভয়ৰে বাৰ্তা দিয়ে৷ তেওঁ ঘোষণা কৰিছিল যে এই যুগ ধন্য, মানৱ জীৱন নিজৰ মাজতে সহজাতভাৱে মহান আৰু ভাৰতৰ পবিত্ৰ ভূমিত জন্ম লোৱাটোৱেই আটাইতকৈ ডাঙৰ সৌভাগ্য৷ অমিত শ্বাহে কয় যে ৫০০ বছৰ পূৰ্বে শ্ৰীমন্ত শংকৰ দেৱে ভাৰতক থানবান কৰিব বিচৰাসকলক ‘এক ভাৰত’ ৰ বাৰ্তা দিছিল, যিটো বাৰ্তা আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগুৱাই লৈ গৈছে৷ তেওঁ কয় যে অনুপ্ৰৱেশকাৰীয়ে শংকৰ দেৱৰ পবিত্ৰ স্থান দখল কৰিছে– এয়া সঠিক হৈছেনে ?

তেওঁ এই পবিত্ৰ স্থানসমূহৰ পৰা অনুপ্ৰৱেশকাৰীক আঁতৰাই নামঘৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ কয় যে সমগ্ৰ অসমত এই অভিযান অব্যাহত আছে৷ ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত হৈছে ৰ.২৯ লাখ বিঘাতকৈও অধিক ভূমি৷ আনকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো অনুপ্ৰৱেশকাৰীয়ে বেদখল কৰিছিল যদিও অসম চৰকাৰে তেওঁলোকক উচ্ছেদ কৰিছে৷ তেওঁ লগতে কয় যে বিৰোধী দলসমূহে বছৰ বছৰ ধৰি এই অনুপ্ৰৱেশকাৰীসকলক সুৰক্ষা প্ৰদান কৰি আহিছে৷ বিৰোধী দলসমূহে অসমৰ সংস্কৃতিৰ কথা কোৱাৰ সময়তে ১৯৮৩ চনত তেওঁলোকে অবৈধ প্ৰব্ৰজনকাৰী আইন–আই এম ডি টি আইন– প্ৰণয়ন কৰিছিল, যিয়ে অনুপ্ৰৱেশকাৰীসকলক ইয়াত বসতি স্থাপনৰ বাবে এক আইনী পথ প্ৰদান কৰিছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আমাৰ সংকল্প হৈছে যে কেৱল অসমৰ পৰাই নহয়, সমগ্ৰ দেশৰ পৰা চিনাক্ত কৰি, বাছনি কৰি আমি অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰাৰ কাম কৰিম৷ তেওঁ লগতে কয় যে এই অনুপ্ৰৱেশকাৰীসকলৰ হেঁচাত অসমৰ সংস্কৃতি দমন কৰা হৈছিল যদিও মোদীজীৰ নেতৃত্বত ইয়াত হিমন্ত বিশ্ব শৰ্মাই অনুপ্ৰৱেশকাৰীৰ প্ৰভাৱৰ পৰা এই সংস্কৃতিক মুক্ত কৰিছে৷ আজি নামঘৰত মৃদং আৰু তালৰ শব্দৰ লগতে ভক্তিমূলক সংগীতৰ গুঞ্জন উঠিছে৷ অমিত শ্বাহে কয় যে বিৰোধীৰ চৰকাৰে ইমান বছৰে ক্ষমতাত আছিল, কিন্তু তেওঁলোকে অসম আন্দোলনৰ শ্বহীদসকলৰ বাবে একোৱেই কৰা নাছিল৷ কিন্তু বৰ্তমানৰ ৰাজ্য চৰকাৰে অসম আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিত এখন ভৱিষ্যৎ ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’ [শ্বহীদ স্মাৰক] নিৰ্মাণ কৰিছে৷তেওঁ উল্লেখ কৰে যে অসমৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে ৭০ বছৰৰ এনে অৱহেলাৰ কথা ৷ তেওঁ কয় যে মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু বিশেষকৈ অসমৰ উন্নয়নৰ বাবে ১১ প্ৰকাৰৰ উন্নয়নমূলক কাম-কাজ চলোৱা হৈছে৷ অসমত প্ৰথম পাঁচ বছৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰু এতিয়া পাঁচ বছৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত–যোৱা ১০ বছৰ অসমৰ উন্নয়নৰ বাবে এক সোণালী যুগ বুলি প্ৰমাণিত হ’ব৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে মুঠ ৮০ বাৰ উত্তৰ-পূৰ্বাঞ্চল আৰু ৩৬ বাৰ অসম ভ্ৰমণ কৰিছে৷ তেওঁ কয় যে উত্তৰ-পূব আৰু অসমত যদি কোনো ব্যক্তিয়ে ধাৰাবাহিকভাৱে নিজৰ উপস্থিতি চিহ্নিত কৰিছে, তেন্তে সেয়া হ’ল আমাৰ মোদী জী৷ তেওঁ লগতে কয় যে বিৰোধী দলে তেওঁলোকৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক অসমৰ পৰা ৰাজ্যসভালৈ পঠিয়াইছিল যদিও ১০ বছৰত তেওঁ মাত্ৰ জ্জ বাৰহে অসম ভ্ৰমণ কৰিছিল–যাৰ ভিতৰত দুবাৰ ভ্ৰমণ কেৱল ৰাজ্যসভাৰ মনোনয়ন পত্ৰ জমা দিয়াৰ বাবেহে কৰিছিল ৷তেওঁলোকৰ বাবে অসমৰ পুনৰ্গঠন, অসমৰ সংস্কৃতি, বিকাশ, শান্তি কেৱল ভাষণৰ বিষয় হৈয়েই থাকিল৷ শ্বাহে কয় যে বছৰ বছৰ ধৰি অসমত বিভিন্ন ধৰণৰ আন্দোলন চলি আহিছে, য’ত আমাৰ যুৱক-যুৱতীসকলে হাতত বন্দুক লৈ তেজৰ নদী বোৱাইছিল ৷ অৱশ্যে মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে ২০২০ চনত বড়ো চুক্তি, ২০২১ চনত কাৰ্বি চুক্তি, ২০২২ চনত আদিবাসী চুক্তি, ২০২৩ চনত ডি এন এল এ চুক্তি আৰু ২০২৩ চনত আলফা চুক্তিও স্বাক্ষৰ কৰে ৷ তেওঁ উল্লেখ কৰে যে এই ১১ বছৰত নৰেন্দ্ৰ মোদীয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শান্তিৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই চুক্তিসমূহ কেৱল কাগজতে আবদ্ধ হৈ থকা নাই– পাঁচোখন চুক্তিত অন্তৰ্ভুক্ত ৯২ শতাংশ বিষয় ইতিমধ্যে সমাধান হৈছে৷ আকৌ এবাৰ আমাৰ চৰকাৰ গঠন হ’লে আমি সকলো সমস্যাৰ ১০০ শতাংশ সমাধান নিশ্চিত কৰিম৷শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰৰ অধীনত সংস্কৃতিৰ প্ৰসাৰৰ বাবে বৃহৎ সংখ্যক পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তেওঁ কয় যে ১১ হাজাৰৰো অধিক শিল্পীয়ে একেলগে বিহু নৃত্য পৰিবেশন কৰে, যিটো বিহু নৃত্য কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্বই প্ৰত্য কৰিছে৷ ‘চৰাইদেউ মৈদাম’ক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰি সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকক অসমলৈ আকৰ্ষণ কৰাৰ প্ৰয়াস চলোৱা হৈছে৷তেওঁ কয় যে পূৰ্বে লাচিত বৰফুকন কেৱল অসমতে পৰিচিত আছিল যদিও প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক সমগ্ৰ দেশতে চিনাকি কৰাবলৈ পদক্ষেপ গ্ৰহণ কৰিছিল ৷ তেওঁ কয় যে আগতে লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী কেৱল অসমতে সীমাবদ্ধ আছিল; আমাৰ চৰকাৰে তেওঁৰ জীৱন কাহিনীক ২৩টা ভাষালৈ অনুবাদ কৰি সমগ্ৰ দেশ আৰু বিশ্বলৈ লৈ গৈছে৷ তেওঁ লগতে কয় যে মোদী চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰেও ‘গামোচা’ৰ বাবে জি আই টেগ নিশ্চিত কৰাৰ বাবে কাম কৰিছিল৷ তেওঁ আৰু কয় যে বৃন্দাবনত ভগৱান কৃষ্ণৰ শৈশৱৰ সকলো খণ্ড চিত্ৰিত কৰা আৰু এক প্ৰকাৰে শ্ৰীমন্ত শংকৰদেৱে আৰ্হি প্ৰস্তুত কৰা ষোড়শ শতিকাৰ ‘বৃন্দাবনী বস্ত্ৰ’ৰ প্ৰদৰ্শনী প্ৰধানমন্ত্ৰী মোদীয়ে আয়োজন কৰি সমগ্ৰ দেশতে জনপ্ৰিয় কৰিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আজি সমগ্ৰ বিশ্বই অসমৰ বগীবিল দলং চাবলৈ ভিৰ কৰে৷ অসমৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৮৫ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ কলিয়াবৰ-নুমলীগড় অংশটোক চাৰিলেনযুক্ত ঘাইপথলৈ ৰূপান্তৰিত কৰাৰ কাম আমি জ্জ,০০০ কোটি টকা ব্যয় কৰি সম্পূৰ্ণ কৰিছো৷ আমি ৩,৪০০ কোটি টকা ব্যয় কৰি শিলচৰ-চুৰাইবাৰী কৰিডৰত অনুমোদন জনাইছো৷ অসমৰ মেঘালয়ৰ পৰা পঞ্চগ্ৰামলৈ ১৬৬.৮০ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ পথটো ২২,৮৬৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণত অনুমোদন জনাইছে৷ ভাৰতৰ সৰ্ববৃহৎ ৰে’ল-তথা -ৰোড বগীবিল দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে ৬,০০০ কোটি টকা ব্যয়েৰে৷ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত চাৰিলেনযুক্ত ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছে প্ত,০০০ কোটি টকা ব্যয়েৰে৷ ২০১৭ চনত ২,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হৈছিল ধলা-শদিয়া দলং৷ উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত ৬৪৬ কোটি টকা ব্যয় সাপেক্ষে ১৯টা পথ আৰু দলঙৰ প্ৰকল্প আৰম্ভ কৰা হৈছে৷ ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন ছয় লেনযুক্ত দলং নিৰ্মাণৰ কাম চলি আছে৷ ৰে’লপথ, বিমানপথ আৰু কেইবাটাও জলপথৰ জৰিয়তেও অসমৰ সংযোগ সুদৃঢ় কৰা হৈছে৷তেওঁ আৰু কয় যে প্ৰায় জ্জ্ব,০০০ কোটি টকা ব্যয়ৰে ভাৰত চৰকাৰে জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত কাম হাতত লৈছে ৷ যাতে সমগ্ৰ দেশৰ যাত্ৰীসকলে জলপথেৰে অসমলৈ আহিব পাৰে৷ সম্পূৰ্ণ হৈছে ৮৪ ফুট উচ্ছতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি৷ ভাৰতৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত ক্ৰুজ জাহাজ ‘এম ভি গংগা বিলাস’-এ বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা সম্পূৰ্ণ কৰিছে৷ এইমছকে ধৰি কেইবাখনো চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে, নৱোদয় বিদ্যালয় মুকলি কৰা হৈছে৷ প্ৰায় ৰ,১২৩ কোটি টকা ব্যয়ৰে নিৰ্মিত অসমত ৭৫০খন বিছনাযুক্ত এইমছ উচৰ্গা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দ৫১১ মন্ত্ৰীগৰাকীয়ে কয় যে অসমত ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে টাটা অৰ্ধপৰিবাহী গোট স্থাপন কৰা হৈছে৷

ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেচন লিমিটেড [বিভিএফচিএল]ৰ চৌহদৰ ভিতৰত ১০,৬০১ কোটি টকা ব্যয়েৰে এটা নতুন এমোনিয়া-ইউৰিয়া কমে›’ নিৰ্মাণ কৰা হৈছে, যাৰ উৎপাদন ক্ষমতা বছৰি ১৩ লাখ মেট্ৰিক টন ইউৰিয়া৷ ইয়াৰ উপৰি বৃহৎ সংখ্যক ব্যক্তিগত উদ্যোগ অসমলৈ আহি আছে৷ তেওঁ কয় যে অসম এতিয়া আন্দোলনৰ পৰিৱৰ্তে উন্নয়নৰ ভূমিত পৰিণত হৈছে৷ দিল্লীত এটা সময়ত অসমক সমস্যাৰ সৃষ্টি কৰা ৰাজ্য বুলি গণ্য কৰা হৈছিল যদিও আজি অসম সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ইঞ্জিন হৈ দেশখনক উন্নয়নৰ পথত আগুৱাই লৈ গৈছে৷ প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰৰ দিনত আৰু অসমত তেওঁৰ দলৰ চৰকাৰৰ দহ বছৰীয়া কাৰ্যকালত এই ৰূপান্তৰ ঘটিছে বুলিও তেওঁ কয়৷ শ্বাহে কয় যে বিৰোধীয়ে অনুপ্ৰৱেশকাৰীক অসমত প্ৰৱেশ কৰিবলৈ অনুমতি দিছিল, ভোটবেংক সম্প্ৰসাৰণৰ বাবে অসমৰ সংস্কৃতিক ভেঙুচালি কৰিছিল, ৰাজ্যৰ মূল্যবোধ, সাহিত্য, পৰম্পৰা, আৰু সামগ্ৰিক সাংস্কৃতিক ঐতিহ্যৰ ক্ষতিসাধন কৰাৰ দৰে কাম কৰিছিল৷ শ্ৰী অমিত শ্বাহে অসমক অনুপ্ৰৱেশকাৰীৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰাটো তেওঁলোকৰ সংকল্প বুলি উল্লেখ কৰি ৰাজ্যবাসীক তেওঁৰ দলৰ চৰকাৰক আৰু এটা সুযোগ দিবলৈ আহ৩ান জনায়৷অনুপ্ৰৱেশকাৰীক ভোট বেংক হিচাপে চোৱাসকলে এই কাম কৰিব নোৱাৰে৷ শ্ৰী শ্বাহে কয় যে তেওঁৰ দলে অনুভৱ কৰিছে যে অনুপ্ৰৱেশকাৰীয়ে দেশৰ সুৰক্ষা আৰু অসমৰ সংস্কৃতিৰ প্ৰতি অতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে৷

Nagaon News: প্ৰচণ্ড শীতৰ মাজতে নগাঁৱৰ জামুগুৰি অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰাংগণত ৰঙীন সাজ পোছকত কণ কণ শিশু…

প্ৰচণ্ড শীতৰ মাজতে নগাঁৱৰ জামুগুৰি অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰাংগণত ৰঙীন সাজ পোছকত কণ কণ শিশু
প্ৰচণ্ড শীতৰ মাজতে নগাঁৱৰ জামুগুৰি অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰাংগণত ৰঙীন সাজ পোছকত কণ কণ শিশু

নগাঁও জিলাৰ(Nagaon News) জামুগুৰিস্থিত অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমী বিদ্যালয়ৰ ৯ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। এই উপলক্ষে বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে।


প্ৰচণ্ড শীতৰ মাজতে বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলক সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ উদ্দেশ্যেৰে ৰঙীন সাজ পোছকৰে বিদ্যালয় প্ৰাংগণত উপস্থিত হয়হি। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলনৰ পাছতে
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

গ্ৰামাঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান “গুড গাইডেন্স একাডেমী”প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে দিহানাম,বৰগীত, সমবেত সংগীত, আধুনিক গীত আৰু নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তোলে।

Himanta Biswa Sarma: মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্যঃ ফেব্ৰুৱাৰীৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহতে প্ৰাৰ্থী ঘোষণা কৰিব বিজেপিয়ে

ফেব্ৰুৱাৰীৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহতে প্ৰাৰ্থী ঘোষণা কৰিব বিজেপিয়ে
ফেব্ৰুৱাৰীৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহতে প্ৰাৰ্থী ঘোষণা কৰিব বিজেপিয়ে

২০২৫ বছৰটো আমাৰ বাবে বেদনা আৰু প্ৰাপ্তিৰ বছৰ।(Himanta Biswa Sarma)

২০২৫ বৰ্ষতে আমি জুবিন গাৰ্গৰ দৰে শিল্পীক হেৰুৱালো।

ইয়াৰ বাহিৰে মোৰ বাবে ২০২৫ বৰ্ষটো প্ৰাপ্তিৰো বছৰ।

এই বছৰতে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে চুক্তি স্বাক্ষৰিত হ’ল।

এয়া অসমীয়াৰ বাবে এক অনন্য প্ৰাপ্তি।

শংকৰ-আজানৰ সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰী।

অৰুণোদয় হিতাধিকাৰীক ১জানুৱাৰীত উপহাৰ দিব মুখ্যমন্ত্ৰীয়ে।

অসমক ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন নাই বুলি মন্তব্য।

ফেব্ৰুৱাৰীৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহতে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰিব।

BTADত ৫-৬টা সমষ্টিত প্ৰাৰ্থী দিব পৰা পৰিৱেশ আছে বিজেপিৰ।

কিন্তু মিত্ৰদলৰে আলোচনা কৰিহে সিদ্ধান্ত লোৱা হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য

Tripura student Anjel Chakma: জনজাতীয় মুখায়ৱেই কাল হ’ল এজন যুৱকৰ বাবেঃ উত্তৰাখণ্ডত প্ৰাণ হেৰুৱালে উত্তৰ-পূবৰ যুৱকে

উত্তৰাখণ্ডত প্ৰাণ হেৰুৱালে উত্তৰ-পূবৰ যুৱকে
উত্তৰাখণ্ডত প্ৰাণ হেৰুৱালে উত্তৰ-পূবৰ যুৱকে

জনজাতীয় মুখায়ৱেই কাল (Tripura student Anjel Chakma) হ’ল এজন যুৱকৰ বাবে৷ উত্তৰাখণ্ডৰ ডেৰাডুনত সংঘটিত হোৱা ঘটনাই বহু প্ৰশ্নৰ অৱকাশ আনিছে৷ প্ৰাপ্ত খবৰ অনুসৰি, ত্ৰিপুৰাৰ এজন যুৱকক উত্তৰাখণ্ডৰ ডেৰাডুনত একাংশ অভিযুক্তই প্ৰথমে চাইনিজ বুলি উপহাস কৰে, পিছত গালি-গালাজ কৰি ছুৰীৰে আক্ৰমণ কৰে৷ প্ৰায় ১৭ দিন ধৰি জীৱন মৃত্যুৰে যুঁজি অৱশেষত এঞ্জেল চাকমাই চ্ছ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে৷ ইয়াৰ পাছতে সমগ্ৰ দেশত ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷এই ঘটনা সংঘটিত হৈছিল ৯ ডিচেম্বৰত৷ এঞ্জেলৰ ভাতৃ মাইকেলে জনোৱা মতে সেইদিনা দুয়ো এখন দোকানলৈ গৈছিল৷ ডেৰাডুনৰ চেলাকুই অঞ্চলত বজাৰ কৰি থকাৰ মাজতে একাংশ যুৱকে তেওঁলোকক চাইনীজ বুলি উপহাস কৰে৷ তেতিয়া এঞ্জেলে তেওঁলোকক শান্তভাৱে বুজাবলৈ চেষ্টা কৰে, কিন্তু তেওঁলোকে এঞ্জেলক ছুৰীৰে আক্ৰমণ কৰে গুৰুতৰভাৱে আহত কৰি পলাই যায়৷মাইকেলে কয় যে, তেওঁলোকে আমাক চাইনীজ বুলি কৈ আছিল৷তেতিয়া এঞ্জেলে তেওঁলোকক এনেকৈ নকবলৈ আহহ্বান কৰে৷ এঞ্জেলে তেওঁলোকক নিজৰ পৰিচয় দি কয় যে, আমি ভাৰতীয়৷ এয়া প্ৰমাণ কৰিবলৈ আপোনালোকক কি প্ৰমাণ দিব লাগিব৷

কিন্তু তেতিয়াই অভিযুক্তই এঞ্জেলক ছুৰীৰে আক্ৰমণ কৰে৷ এই আক্ৰমণৰ সময়ত এঞ্জেলে ডিঙি আৰু হাড়ত গুৰুতৰভাৱে আঘাত পাইছিল৷ কিন্তু অৱশেষত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷এই ঘটনাৰ পাছতে সমগ্ৰ ত্ৰিপুৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি ঘটনা সন্দৰ্ভত ন্যায়ৰ আহ৩ান জনাইছে৷ বিভিন্ন দল-সংগঠনে এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷বৰ্তমানলৈ আৰক্ষীয়ে প্ত জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ কিন্তু মূল অভিযুক্ত যজ্ঞ অৱস্তী এতিয়াও পলাতক অৱস্থাত আছে৷ তেওঁ নেপালৰ বাসিন্দা, সন্দেহ কৰা হৈছে তেওঁ নেপাললৈ পলায়ন কৰিছে৷ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ২৫ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰি দুটালৈ দল মোতায়েন কৰা হৈছে৷ এঞ্জেলৰ মৃত্যুৰ পিছত আৰক্ষীয়ে এই গোচৰত অধিক কঠোৰ ধাৰা সংযোজন কৰিছে৷ বৰ্তমান এই গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ১০৩[ৰ] ধাৰা, অৰ্থাৎ হত্যা, আৰু ফৌজদাৰী প্ৰক্ৰিয়া আইন [চি আৰ পি চি]ৰ ধাৰা ৩[প্ত]ৰ অধীনত পঞ্জীয়ন কৰা হৈছে৷

Herowa Chanda: নৱবৰ্ষত ছবি গৃহলৈ আহি আছে ‘হেৰোৱা ছন্দ’

নৱবৰ্ষত ছবি গৃহলৈ আহি আছে ‘হেৰোৱা ছন্দ’
নৱবৰ্ষত ছবি গৃহলৈ আহি আছে ‘হেৰোৱা ছন্দ’

অসমীয়া ছবি জগতৰ বাবে সুখবৰ।(Herowa Chanda)

নৱবৰ্ষৰ প্ৰথমতে ছবি গৃহলৈ আহি আছে এখন নতুন ছবি।

২ জানুৱাৰীত মুক্তি পাব অসমীয়া ছবি ‘হেৰোৱা ছন্দ’।

ছবিখনৰ পৰিচালনা কৰিছে জাহ্নু বৰুৱাই।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ, জয় কাশ্যপে।

সোমবাৰে ফাঁচী বজাৰৰ কেলভিন গ’ল্ড চিনেমা হলত অনুষ্ঠিত হয় চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ শ্ব’।

পৰিচালক জাহ্নু বৰুৱাৰ লগতে প্ৰিমিয়াৰ শ্ব’ উপভোগ কৰে অভিনেতা ৰবি শৰ্মা, জয় কাশ্যপ, অমৃতা গগৈকে ধৰি বহুসংখ্যক অসমীয়া চলচ্চিত্ৰপ্ৰেমীয়ে

Khaleda Zia passes away: বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান
বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান।(Khaleda Zia passes away)

বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি)ৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী দেশনেত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান।(Bangladesh)

দীৰ্ঘদিনে অসুস্থতাৰ অন্তত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ খালেদা জিয়াৰ।

৮০ বছৰ বয়সত আজি পুৱা ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে নেতৃগৰাকীয়ে।

পুৱা ৬:০০ বজাত ফজৰৰ নামাজৰ কিছু সময়ৰ পাছতে মৃত্যু হয় নেত্ৰীগৰাকীৰ

আকৌ খেলিমেলি! গৌৰৱ গগৈৰ ‘১০০খন আসন’ ঘোষণাই জোকাৰিলে মিত্ৰতা সমীকৰণ

আকৌ খেলিমেলি! গৌৰৱ গগৈৰ ‘১০০খন আসন’ ঘোষণাই জোকাৰিলে মিত্ৰতা সমীকৰণ
আকৌ খেলিমেলি! গৌৰৱ গগৈৰ ‘১০০খন আসন’ ঘোষণাই জোকাৰিলে মিত্ৰতা সমীকৰণ

আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতিত পুনৰ তীব্ৰ আলোড়ন সৃষ্টি হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কংগ্ৰেছ দলে অকলে ১০০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰাৰ পিছতে বিৰোধী শিবিৰত আৰম্ভ হৈছে তীব্ৰ আলোচনা আৰু মতানৈক্য। বিশেষকৈ বিৰোধী ঐক্য গঠনৰ প্ৰচেষ্টাত এই ঘোষণাই নতুন জটিলতা সৃষ্টি কৰা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।

ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, “গৌৰৱ গগৈয়ে ১০০খন আসনৰ কথা ক’লেও এই বিষয়টো আলোচনা কৰি চূড়ান্ত কৰা হ’ব। তেওঁ এই মন্তব্যৰ জৰিয়তে বিৰোধী ঐক্যৰ বিষয়টো সম্পূৰ্ণ নাকচ কৰা নাই।” লুৰীণজ্যোতি গগৈয়ে স্পষ্ট কৰি দিয়ে যে বিৰোধী শক্তিৰ একতা অবিহনে বিজেপিক পৰাভূত কৰা সম্ভৱ নহয়।

তেওঁ কয়, “আমি আৰম্ভণিৰ পৰাই কৈ আহিছো যে মিত্ৰতা অবিহনে বিজেপিক প্ৰতিহত কৰিব নোৱাৰি। বিৰোধী ভোট বিভাজন হ’লে বিজেপিয়েই লাভবান হ’ব। সেয়েহে কোন দলে ক’ত শক্তিশালী, কোন অঞ্চলত কাৰ সংগঠন মজবুত, কোন প্ৰাৰ্থীৰ জয় সম্ভাৱনা বেছি—এই সকলো দিশ আলোচনা কৰি সিদ্ধান্ত ল’ব লাগিব।”

লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে আগন্তুক দিনত আলোচনাৰ জৰিয়তে সমষ্টি ভাগ-বতৰা সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। গৌৰৱ গগৈয়ে কোৱা ১০০খন আসনৰ ভিতৰত বিটিআৰৰ আসনসমূহ অন্তৰ্ভুক্ত হৈছে নে নহয়, সেয়াও স্পষ্ট হ’ব লাগিব বুলি মন্তব্য কৰে তেওঁ।

এইদৰে বিৰোধী ঐক্যৰ কথা আগবঢ়াই নিয়া সময়তে কংগ্ৰেছৰ আসনসংখ্যা ঘোষণা ৰাজনৈতিক মহলত নতুন বিতৰ্কৰ সূচনা কৰিছে। আগন্তুক দিনত আলোচনা-মীমাংসাৰ মাজেদিয়েই বিৰোধী শিবিৰৰ ৰণকৌশল নিৰ্ধাৰণ হ’ব বুলি ৰাজনৈতিক পৰ্যবেক্ষকৰ মত।