Home Blog Page 692

ছিক্কিমৰ জি’ৰ পইন্টত বৰফৰ আবেলি…

জীৱনৰ বেছিভাগ সময় নতুন ঠাইবোৰ ঘুৰি ফুৰি নতুন নতুন অভিজ্ঞতা বুটলি লোৱা, এটা নতুন দিনৰ  নতুন সূৰ্যৰ নৱীন পুৱাৰ সোৱাদ লোৱা,  নতুন কথা শিকাৰ সৰুৰে পৰা মনত এটা দুৰ্বাৰ হেঁপাহ। এই দুৰ্বাৰ হেঁপাহ বোৰ পুৰণ কৰাৰ স্বাৰ্থতে মোৰ প্ৰিয় বন্ধু চন্দনৰ সৈতে এদিন ছিক্কিম চোৱাৰ হেঁপাহৰ কথা কওতেই তেওঁ লগে লগে হয়ভৰ দি দিন বাৰ ঠিক কৰিলে। তেতিয়াৰ সেই দিনটো আছিল কাতি মাহৰ মাজভাগ। অসমত তেতিয়া শীতৰ প্ৰভাৱ পৰি আছিল যদিও ইমান বেছিও নাছিল!  শীতৰ উম বুকুত লৈয়ে ছিক্কিমলৈ বন্ধু চন্দন মই আৰু আমাৰ লগত আন দুজন বন্ধুৰে আমাৰ যাত্রা আৰম্ভ হ’ল। নিউ জলপাইগুড়ি ষ্টেশনত ট্ৰেইনৰ পৰা নামি আগতীয়াকৈ বুক কৰি থোৱা আমি আটায়ে  জীপখনত বহি ল’লো । তাৰ পাছত দুয়োফালে অপূর্ব সুন্দৰ সেউজীয়াই আঁৱৰি ৰখা পৰ্বতমালাৰ মাজেৰে  একাঁ-বেকা সৰ্পিল গতিৰ পথটোৰে আমাৰ গাড়ীখন আগবাঢ়ি গৈ থাকিল। কিছু সময় পাছত লাহে লাহে পৃথিৱীলৈ গধূলি নামি অহাৰ লগে লগে ক’ৰপৰা এজাক ঘন কুঁৱলিয়ে খেদি আহি আমাৰ বাট ভেটি ধৰিলে আমি উমানেই নাপালোঁ! আমাৰ গাড়ীৰ গতি কমি আহিল। গাড়ীৰ আগৰ হেডলাইট জ্বলাই হৰ্ণ বজায় আগবাঢ়ি থাকিল, আৰু এটা সময়ত গৈ আমাক এটা নিৰ্দিষ্ট স্থানত নমাই দিলে।

                          কোন কাহানিও গৈ নোপোৱা এখন অচিনাকি ঠাইত গৈ এটা সুন্দৰ পৰিৱেশৰ আহল-বহল পৰিসৰৰ কোঠাটোত আহোম স্বৰ্গদেউৰ দিনৰ খ্যাত মিস্ত্রীৰ দ্বাৰা তৈয়াৰ কৰি উলিওৱা কাঠৰ বিছনাখনৰ ওপৰত কপাহী মখমলৰ গাডীৰে সজাই থোৱা আছে ডাঙৰ বিছনাখন। মই কোঠাটোত সোমায়ে বিছনাখনত জপিয়াই পৰিলো। আহ: কি আৰামদায়ক।  গোটেই দিনটোৰ দুঃখ ভাগৰ সকলো দূৰ কৰিবলৈ মনৰ আনন্দত পৰম তৃপ্তিত দীঘল দি পৰিলোঁ বিছনাখনত।  ভাবিছিলো! প্রথমতে ভালকৈ দুই তিনি ঘন্টা শুই লম, তাৰ পাছত শুই উঠি খোৱা বোৱা কৰিম। কিন্তু মই ভবা মতে একো নহ’ল, আমি যিখন হোটেলত ৰুম বুক কৰিছিলো, তাত হেনো আঠ বজাৰ পাছত  খাবলৈ একো পোৱা নাযায়; খোৱা বোৱা কৰিলে আঠ বজাৰ আদতেই খোৱা টেবুলত বহিব লাগিব। সেয়ে কিছু আনন্দ আৰু কিছু বিষাদ বুকুত লৈয়ে বহি পৰিলো।

এটা সুন্দৰ শীতৰ ৰাতিপুৱা। চৌপাশে ঘন কুঁৱলিৰ চাদৰে ঢাকি ধৰিছে ছিক্কিমৰ পাহাৰীয়া অঞ্চলটোক। কুঁৱলিৰ চাদৰখন বহুত বেছি ডাঠ হোৱা হেতুকে ওচৰত থকা কোনো এটা বস্তুকে ভালকৈ মনিব পৰা নগৈছিল। এই মিঠা ডাঠ ঘন কুঁৱলিৰ আঁৱৰণ ফালি আমি গৈ উপস্থিত হৈছিলোঁ ছিক্কিমৰ আটাইতকৈ অপৰূপ সৌন্দর্যৰে ভৰা জি’ৰ পইন্টত। সমতল ভূমিৰ পৰা প্ৰায় চৈধ্য হাজাৰ ফুট উচ্চতাত অৱস্থিত জি’ৰ পইন্ট। আগে পাছে সৌৱে বাওৱে  কেৱল বৰফ আৰু বৰফ। শূন্যতাতো ওলমি আছে বৰফ যেন লগা টুকুৰা টুকুৰ ডাঠ কুঁৱলি। ঠায়ে ঠায়ে  সৰু সৰু আকাৰৰ হালধীয়া ফুলৰ বেড্। সেই ফুলৰ একেবাৰে নিচেই কাষতো আছে বৰফৰ দম। এনেতে মুৰ তুলি আকাশলৈ চোৱাত চকুত পৰিল চৰাইৰ দৰে জাক পাতি উৰি যোৱা বৰফ বোৰলৈ ! আচৰিত হ’লো; আৰু লগে লগে মই মোৰ কাষত থকা আন এজন বন্ধুক? ____ সেয়া বৰফ নহয় জানো; __”ক’ত “? 

মই পুনৰ আঙুলিয়াই দি ক’লো, সেইবোৰ আকাশত…? 

মানুহজনে মোৰ মুখলৈ চাই কৈ উঠিল! নহয়! সেইবোৰ বৰফ নহয়, সেয়া হৈছে ডাঠ কুঁৱলি; লগাত বৰফ যেনেই লাগে যদিও আচলতে বৰফ নহয় বুজিছা…! 

মই কিছু সময়লৈ মৌন হৈ পশ্চিম আকাশলৈ উৰি যোৱা কুঁৱলি বোৰলৈয়ে চাই থাকিলো। মোৰ মনটোৱে এটা সময়ো নষ্ট নকৰি সেই উৰি যোৱা কুঁৱলিৰ পাছে পাছে উৰি গ’ল। ইচ্ছা হৈছিল, তাৰ পিঠিত বহি গোটেই ছিক্কিমৰ অপৰূপ সৌন্দর্যবোৰ উপভোগ কৰিব। কিন্তু তেনেকুৱা একো নহ’ল, হঠাৎ মোৰ কাষত থিয় হৈ থকা বন্ধু এজনে মাত লগোৱাত মনটোৱে বেজাৰ কৰি উঠিলে আৰু মৌন হৈ গহীন ভাবত ৰ’ল। তাকে দেখি বন্ধু জনে ক’লে, ব’লা, ব’লা ইয়াৰ পৰা যাও; ইয়াত আৰু অলপ সময় থাকিলে আমিও বৰফ হৈ যাম। বন্ধু জনৰ মুখত এনেহেন আচৰিত কথা শুনি মই সুধিলোঁ,__ আমি কিয় বৰফ হৈ যাম?

__ কিয়? তুমি ইয়াৰ 0° শূন্য  ডিগ্রী ছেলছিয়াছ অনুভৱ কৰা নাই নেকি? বন্ধু জনে চকু দুটা ডাঙৰ কৰি চাই কৈছিল মোক। 

__ বন্ধু জনৰ কথাত মই কৈছিলোঁ, ‘ ঠাণ্ডা অনুভৱ কৰিছোঁ হয় ঠিকেই। কিন্তু  আপুনি কোৱাৰ দৰে মই ইমান ঠাণ্ডা অনুভৱ  কৰা নাই। 

__ কি? বন্ধু জনে মোৰ কথাত আচৰিত হৈ উঠিছিল। 

__ হয়। 

আচৰিত মানিছোঁ তোমাক! 0°ছেলছিয়াছ কৰিব পৰাতো কম ডাঙৰ কথা নে? ইয়াৰ স্থানীয় লোক সকলেও সহ্য কৰিব নোৱাৰি গাত  দুই তিনিযোৰ ঊণৰ বস্ত্ৰ পৰিধান কৰে, আৰু তুমি…..? বন্ধু জনে কথাখিনি কৈ ৰৈ নাথাকিল, মোক এৰি থৈ কিছু দূৰ আগুৱাই যোৱাত ময়ো সেই জি’ৰ পইন্টত 0° জি’ৰ ডিগ্রী ছেলছিয়াছ ৰ ঠাণ্ডাক তাতেই থৈ আমি আমাৰ গন্তব্য স্থানত উভতিলো। অপৰূপ সৌন্দর্যৰে ভৰা ছিক্কিমৰ জি’ৰ পইন্টৰ বৰফ, আৰু তাৰ মনোমহা প্ৰাকৃতিৰ দৃশ্যক দুচকুত আঁকি ৰাওনা হ’লো হানতেড্ হাউচ্ আৰু ড্ৰেগন হাউচ্ লৈ।ড্ৰেগন হাউচ্! প্রথমে নামটো শুনিয়েই মনত বিৰাট ভয় লাগিছিল। গাড়ীৰ ভিতৰত বহি  খিৰিকিৰে মুখখন বাহিৰলৈ উলিয়াই দি লক্ষ্য কৰি গৈছিলো ড্ৰেগন হাউচ্ লৈ যোৱা পৰিৱেশটো। পথটোৰে বহুদূৰ বাট অতিক্রম কৰিলো, কিন্তু বাটত ক’তো এটা জীৱ আৰু এজন মানুহ আমাৰ চকুত নপৰিল। তেতিয়া আৰু মনত বেছিহে ভয় সোমাইছিল! আধামান বাট যোৱাৰ পাছত আমাৰ গাড়ীখন অলপ ৰৈ দিলে। আমিও নামি দিলো। গাড়ীৰ পৰা নামি ইফালে সিফালে ভালকৈ চালো যদিও একো এটা চকুত নপৰিল।  দিনৰ ভাগতে শূন্যতাই পিয়াপি দি ফুৰিছিল নিদ্রা দেৱীৰ কোলাত শুই পৰা পৰিৱেশটোৱে   ভয় আৰু এটা সন্দেহক জগাই ৰাখিছিল। সঁচাকৈ, ঠাইডোখৰত প্ৰৱেশ কৰিলেই মনটোৱে আপুনা আপুনি ভয় আৰু শংকাত কঁপি উঠে। সিঁয়ৰি উঠে গাৰ নোমবোৰ। এনে লাগে আমাৰ পাছফালে যেন কোনোবা এটা থিয় হৈ আছে, আৰু আমি ঘুৰি চালে তাক দেখা নাপাও। কেতিয়াবা এনেও লাগে, যেতিয়া আমাৰ চকুহালে গছৰ ফাকেৰে দূৰলৈ লক্ষ্য কৰে, মনত ভাব হয় তাৰপৰা যেন এতিয়াই ড্ৰেগনটো ওলাই আহিব আৰু আমাৰ ওপৰত আক্ৰমণ কৰিব।

       এনেতে আমাৰ আটাইকেইজন বন্ধুৱে দৌৰা দৌৰিকৈ আহি গাড়ীত বহিলে। তেওঁলোকৰ লগত ময়ো বহিলো হয়, কিন্তু কথাটোহে নুবুজিলো; হঠাৎ এনেকৈ তেওঁলোকে কিয় আঁতুৰ লগাইছে, মই কিবা এটা সুধিম, তেনেতে বন্ধু এজনে কৈ উঠিল, __” ইয়াত এনেকৈ মৰিবলৈ ইচ্ছা নাই! এই বিশাল প্ৰান্তৰলৈ কেৱল শূন্যতাই ঘেৰি ধৰিছে। এতিয়ালৈ এই ৰাস্তাত এজনো মানুহ নেদেখিলো। মানুহতো দূৰৰে কথা, আনকি অন্য জীৱ এটাও চকুত নপৰিল আমাৰ, মৰোঁ যদিও হানতেড্ হাউচ্ ত মৰিমগৈ ইয়াত নহয়। তাত এজন হ’লেও মানুহ দেখা পাম নিশ্চয়! সেয়ে তালৈ ব’লা… বুলি কৈ চালকজনক গাড়ী চলাবলৈ চালকজনক নিৰ্দেশ দিলে। কিছু সময় পাছত আমি হানতেড্ হাউচ্ ত উপস্থিত হ’লো। গাড়ীৰ পৰা নামিয়েই দেখিলো, হানতেড্ হাউচ্ ৰ কাষতে থকা এডোখৰ ঠাইত কেইবাজনো মানুহ একগোট হৈ দূৰণিৰ পাহাৰখনলৈ ধ্যানমগ্ন হৈ কিবা এটা চাই আছে; আমিও পোনে পোনে তালৈ গৈ তেওঁলোকে নো কি চাই আছে, তাকে লক্ষ্য কৰিলোঁ। তেওঁলোকৰ কাষত গৈ গম পালো যে  বহু বছৰ আগতে  এটা চিমেন্ট বালিৰে তৈয়াৰ কৰি উলিওৱা বিশাল আকাৰৰ ড্ৰেগনৰ মূৰ্তি। ময়ো দেখি প্রথমে বহুত ভয় খাইছিলোঁ, পাছত ভয়ে ভয়ে সজাই থোৱা ড্ৰেগনৰ মূৰ্তি টোৰ কাষত গৈ মই এবাৰ থিয় হোৱাতহে মনৰ পৰা কিছু ভয় শংকা দুৰ হৈছিল। 

লেখকঃ মুন ৰাজবংশী

ডিব্ৰুগড়ত পানীত নামি কৃত্ৰিম বানৰ সমস্যা বুজ ল’লে দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে… 

কৃত্ৰিম বানপানীৰ কবলত ঐতিহাসিক ডিব্ৰুগড় চহৰ।বিগত পাঁচটা দিন  ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে ঐতিহাসিক চহৰখনৰ পৌৰ নিগমৰ ২২ টা ৱাৰ্ডত কৃত্ৰিম বানপানীয়ে ভয়াবহ ৰূপ লাভ কৰা লগতে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে। দ্বিতীয়খন পৌৰ নিগম হিচাপে ডিব্ৰুগড়ক স্বীকৃতি দিয়াৰ পাছতে পাঁচটা  দিনেই পানীৰ তলত ডিব্ৰুগড় চহৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ঠায়ে ঠায়ে এতিয়া পানীৰ তলত। আনকি দুটা দিনে ডিব্ৰুগড় পৌৰ নিগমৰ কাৰ্যালয়ৰ ভিতৰত একাঁঠু পৰ্যন্ত পানী। কেৱল সেইয়াই নহয়, ডিব্ৰুগড়ৰ বিভিন্ন বিভাগীয় চৰকাৰী কাৰ্যালয়ৰ ভিতৰত সোমাল কৃত্ৰিম পানী। বিভিন্ন বিদ্যালয়, সামাজিক বনানীকৰণ বন সংমণ্ডলৰ কাৰ্যালয়, ডিব্ৰুগড় আদালতৰ কাৰ্যালয়ৰ চৌহদ, পুলিচ ৰিজাৰ্ভ, জনস্বাস্থ‍্য কাৰিকৰী বিভাগকে ধৰি ডিব্ৰুগড়ৰ মূল পথ সমূহত একাঁঠু পৰ্যন্ত পানী।

ডিব্ৰুগড় চহৰত সৃষ্টি হোৱা এই অভাৱনীয় পৰিস্থিতিক লৈ অসহায় ডিব্ৰুগড় পৌৰ নিগম আৰু জিলা প্ৰশাসন । ইয়াৰ  মাজতে কালি ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ সন্দৰ্ভত বুজ লোৱাৰ বাবে উপস্থিত হয় দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন। থানা চাৰিআলিৰ মানকটা পথৰ কৃত্ৰিম বানত বুৰ যোৱা মানকটা পথৰ আঁঠুৰ ওপৰত পানীত নামি কৃত্ৰিম বানৰ সমস্যা সন্দৰ্ভত বুজ ল’লে ৰাজ্য চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে। ডিব্ৰুগড়ৰ কৃত্ৰিম বানপানীৰ সমস্যা স্থায়ী সমাধানৰ কৰা আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে। ডিব্ৰুগড়ৰ সকলো নলা সু-পৰিকল্পিত ভাৱে নিৰ্মাণ কৰা হ’ব বুলি জনাই দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে । মন্ত্ৰী গৰাকীৰ সৈতে ডিব্ৰুগড় চহৰত কৃত্ৰিম বান পৰিস্থিতি পৰিদৰ্শন কৰিলে জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু আৰক্ষী অধীক্ষক আৰ কে ৰেড্ডীয়ে।ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ সমস্যা বুজ ল’বলৈ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াক লৈ গঠন কৰা হৈছে ৬ টা জ’ন। তেওঁলোকৰ মূল্যায়নৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী সময়ত প্ৰশাসনে কৃত্ৰিম বানৰ সমস্যা সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিব। অন্যহাতে চহৰৰ কৃত্ৰিম বানৰ ভয়াৱহ পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনে ২ টাকৈ আশ্ৰয় শিৱিৰ স্থাপন কৰিব।

বানপানীৰে মোকাবিলা কৰিব পৰাকৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। কৃত্ৰিম বানত আৱদ্ধ ৰোগীয়া ব্যক্তি সকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাৰো ব্যৱস্থা কৰিছে। আনহাতে কৃত্ৰিম বানৰ বাবে ডিব্ৰুগড়ত বন্ধ ঘোষণা কৰিছে শিক্ষানুষ্ঠানসমূহ। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে। জিলাখনৰ বান পৰিস্থিতিৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে সকলো ধৰণৰ যাৱতীয় কামকাজ কৰি থকাৰ কথাও উল্লেখ কৰিছে।

ৰাজ্যত বান বিভীষিকা! মৰিগাঁৱৰ ভূৰাগাঁৱবাসীৰ অৱস্থা এয়া…

ৰাজ্যত বান পৰিস্থিতি বেয়ালৈ গতি কৰিছে।

ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱৰ ভূৰাগাঁৱতো বানৰ সংহাৰ।

বহু লোকৰ মৃত্যুও হৈছে বানত পৰি।

আজিৰে পৰা দাম বাঢ়িল ম’বাইল ৰিচাৰ্জৰ! কোনটো প্লেনত কিমান নিৰিখ…

আজিৰে পৰা দাম বাঢ়িল ম’বাইল ৰিচাৰ্জৰ।

বৃদ্ধি পালে JIO, AIRTEL, VODAFONEৰ প্ৰতিটো প্লেনৰ নিৰিখ।

Jioৰ গ্ৰাহকে পূৰ্বতকৈ কিমান টকা বেছি ভৰিব লাগিব জানি লওক-

১৫৫ টকাৰ প্লেনৰ দাম বৃদ্ধি কৰি ১৮৯ টকা কৰা হৈছে।

jioৰ ২০৯ টকাৰ প্লেনৰ দাম বৃদ্ধি কৰি ২৪৯ টকা কৰা হৈছে।

২৩৯ টকাৰ প্লেনৰ দাম বৃদ্ধি কৰি ২৯৯ টকা কৰা হৈছে।

২৯৯ টকাৰ প্লানৰ দাম ৩৪৯ টকা কৰা হৈছে।

৩৪৯ টকাৰ প্লেনৰ দাম বৃদ্ধি কৰি কৰা হৈছে ৩৯৯ টকা।

এই সকলো প্লেনৰ ভেলিডিটি হৈছে ২৮ দিনৰ।

দিল্লীত অসমৰ ছয় জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ দাবী সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু টাইপাৰ…

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু টাই আহোম যুৱ পৰিষদ(টাইপা)ৰ এটা সজাতি দলে ২৮,২৯ জুন তাৰিখে নতুন দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হৈ মটক জনগোষ্ঠীৰ লগতে অসমৰ ছয় জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰিবলৈ দাবী জনাই।

লগতে বিভিন্ন বিষয়ৰ ওপৰত এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় বন্দৰ, জাহাজ, জল পৰিবহন আৰু আয়ুষ মন্ত্ৰী সবৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক বৈদেশীক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা,সাংসদ দিলীপ শইকীয়া, কামাখ্যা প্ৰসাদ তাছা, প্ৰদান বৰুৱা, ফণী ভূষণ চৌধুৰী, বিজুলি কলিতা মেধি, ৰঞ্জীত দত্তক।

যোৱা ২ তাৰিখে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামক সাক্ষাৎ কৰি এক আলোচনাত মিলীত হোৱাৰ লগতে জনজাতিকৰণকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত এক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

জীৱনত সফল হ’ব বিচাৰিলে এই মানুহবোৰৰ পৰা আঁতৰি থাকিব! নহ’লে আপোনাৰ কঠোৰ পৰিশ্ৰমও অসাৰ হৈ পৰিব…

সফলতা লাভৰ বাবে সকলোৱে কঠোৰ পৰিশ্ৰম কৰে কিন্তু কেতিয়াবা এজন ব্যক্তিৰ নিজৰ ভুলে তেওঁক বাধা দিয়ে। তেনে এক ভুলৰ কথা চাণক্য নীতিত উল্লেখ কৰা হৈছে। আচাৰ্য চাণক্যৰ নীতি শাস্ত্ৰত কৈছে যে বহু সময়ত আমাৰ চৌপাশৰ মানুহে আমাক আগুৱাই যাবলৈ নিদিয়ে। এনে পৰিস্থিতিত আমি সেইসকল লোকৰ পৰা দূৰত্ব বজাই ৰখা উচিত যিসকল আমাৰ প্ৰগতিৰ ক্ষেত্ৰত বাধা হৈ পৰে। এনে পৰিস্থিতিত এই লোকসকলক চিনাক্ত কৰি দূৰত্ব বজাই ৰাখক। তেতিয়াহে আপুনি জীৱনত আগবাঢ়ি যাব পাৰিব।

মূৰ্খ মানুহৰ সংগ নল’ব।তেওঁলোকে কেৱল নিজৰ জীৱনটো নষ্ট কৰাই নহয়, তেওঁলোকৰ লগত থকাসকলকো ধ্বংস কৰে। মূৰ্খ মানুহে কেতিয়াও শিক্ষণত বিশ্বাস নকৰে। নিৰাশাবাদী, এলেহুৱা আৰু নেতিবাচক মনৰ মানুহৰ সংগীয়ে আপোনাক জীৱনৰ প্ৰতি হতাশাৰে ভৰাই তুলিব। এনে লোকে নিজেই নিজৰ অভাৱ-দুখৰ বাবে কান্দি থাকে আৰু আপোনাৰ মনতো একেধৰণৰ অভ্যাস গঢ়ি তুলিব।নেতিবাচক চিন্তাধাৰাৰ লোকে জীৱনত আগবাঢ়ি যাবলৈও চেষ্টা নকৰে, প্ৰত্যাহ্বানৰ সন্মুখীনও নহয়। স্পষ্টভাৱে এনে পৰিস্থিতিত তেওঁলোকে নিজৰ হাতেৰে নিজৰ অগ্ৰগতি বন্ধ কৰি দিয়ে।এই সমূহ মানুহৰ পৰা আঁতৰি থাকিলেহে জীৱনত সফলতা লাভ কৰিব পাৰিব।

ডিব্ৰুগড়ত বানে জুৰুলা কৰা আৰ্তজনৰ কাষৰত লুৰীণজ্যোতি গগৈ…

বানে জুৰুলা কৰা ৮৮ নং ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ পাঁচআলি, লোহাৰপট্টিৰ বানপীড়িত ৰাইজক বন্যাক্ৰান্ত ৰাইজক আহাৰ যোগান লুৰীণজ্যোতি গগৈৰ।

ইয়াৰউপৰিও কিঞ্চিত বান সাহায্য প্ৰদান লুৰীণজ্যোতি গগৈৰ৷

ৰাতি শুব নোৱাৰে! এই ৪টা ভিটামিনৰ অভাৱ শৰীৰত…

টোপনি নোহোৱাৰ কাৰণ কেৱল আপোনাৰ চৌপাশে ঘটি থকা ঘটনাবোৰেই নহয়। আচলতে আপোনাৰ কিছুমান ভিটামিনৰ অভাৱো হ’ব পাৰে। সম্পূৰ্ণ স্বাস্থ্যৰ বাবে ভাল টোপনি অতি প্ৰয়োজনীয়। কোৱা হয় যে টোপনি নোহোৱাৰ কাৰণ হ’ব পাৰে মানসিক চাপ, হতাশা। কিন্তু আপুনি জানেনে যে কিছুমান ভিটামিনৰ অভাৱেও আপোনাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে।

বহু গৱেষণাৰ পৰা ভিটামিন ডি আৰু টোপনিৰ গুণাগুণৰ মাজত সম্পৰ্ক পোৱা গৈছে। শৰীৰত ভিটামিন ডিৰ অভাৱৰ লগত টোপনিৰ মানদণ্ড বেয়া হয়। কিন্তু অত্যধিক পৰিমাণৰ ভিটামিন ডি গ্ৰহণ কৰিলেও টোপনিৰ অসুবিধা হ’ব পাৰে কাৰণ ইয়াৰ ফলত টোপনি নিয়ন্ত্ৰণ কৰা হৰম’নৰ মাত্ৰা হ্ৰাস পায়। আনহাতে ভিটামিন বি ১২ৰ মাত্ৰা কম হ’লে হতাশাৰ সম্ভাৱনা থাকে, যাৰ ফলত অনিদ্ৰাও হ’ব পাৰে। ভিটামিন চিয়েও টোপনিৰ সময় আৰু গুণগত মানত প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত শৰীৰত ভিটামিন চিৰ অভাৱত জিৰণি লোৱা টোপনি কম হয়।ভিটামিন ই হৈছে এক ফলপ্ৰসূ এন্টিঅক্সিডেন্ট যিয়ে আপোনাৰ শৰীৰৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে আৰু টোপনিৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাত সহায় কৰে। এনে পৰিস্থিতিত যদি আপোনাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ই নাথাকে তেন্তে আপুনি অনিদ্ৰাৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

যদি আপোনাৰ টোপনিৰ সমস্যা আছে তেন্তে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লওক। লগতে ভাল টোপনিৰ বাবে দৈনিক ব্যায়াম কৰক, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক আৰু শোৱাৰ সময় নিৰ্ধাৰণ কৰক।

ৰাজ্যৰ ভিন্ন বান এলেকাত উপস্থিত হৈ বান পৰিস্থিতি পৰ্যৱেক্ষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

ৰাজ্যৰ ভিন্ন বান এলেকাত উপস্থিত হৈ বান পৰিস্থিতি পৰ্যৱেক্ষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰউপৰিও কলিয়াবৰৰ হাতীমুৰাৰ মথাউৰিৰ ছিঙা অংশত নিশা উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে জলসম্পদ বিভাগৰ বিষয়া, মন্ত্ৰী কেশৱ মহন্ত, নগাঁৱৰ জিলা আয়ুক্তৰে আলোচনাটো মিলিত হয়।

মথাউৰিৰ ছিঙা অংশ পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে মথাউৰি চিঙাটো এক দুৰ্ঘটনা। কামত কৰবাত কিবা গাফিলতি আছে নেকি ইয়াৰ তদন্ত হ’ব। কলং পুনৰ বোৱতী হ’বনে নাই সেয়া বিশেষজ্ঞৰে আলোচনা কৰা হ’ব । আনহাতে স্থানীয় বিধায়ক কেশৱ মহন্তই কয় – কাইলৈৰ পৰা বানাক্ৰান্তই পাব বানসাহাৰ্য।৩২ খন ৰাজহ গাঁৱত এজন এজন বিষয়াৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে ব্যৱস্থা।আজিও বান সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন

গুৱাহাটীঃ অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ উদ্যোগত আৰু মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মধুমেহ আৰু ৰক্তচাপ পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।

উক্ত শিবিৰত মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ অভিজ্ঞ চিকিৎসক বিদ্যুত বিকাশ চৌধুৰী আৰু চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায়৷ ইয়াৰ লগতে চকু পৰীক্ষা কৰে চাইট ফাৰ্ষ্ট চকু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বিজুলী গোস্বামীয়ে৷ অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ হৈ উপস্থিত থাকে উপাধ্যক্ষ জগদীশ শৰ্মা, সঞ্চালক প্ৰেমকান্ত চৌধুৰী, প্ৰশাসনিক কাৰ্যবাহ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য৷ ভট্টাচাৰ্যই জনায় যে সমবায় সমিতিৰ দ্বাৰা প্ৰদান কৰা সেৱা য’ত ৫০০ টকা ভৰ্তি মাচুলত আজীৱন ৪০ শতাংশ যিকোনো পৰীক্ষাত ৰেহাইৰ সুবিধা সাংবাদিকসকলে গ্ৰহণ কৰিব পাৰে৷ উল্লেখযোগ্য যে আজি ৭৫গৰাকী সাংবাদিকে এই শিবিৰত চকু আৰু স্বাস্থ্য পৰীক্ষা কৰায়৷