Home Blog Page 693

মাৰ্ঘেৰিটাত বান পৰিস্থিতিৰ বুজ লয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি তিনিচুকীয়া জিলা ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বান প্ৰভাবিত কেবাটাও অঞ্চল পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিবিৰত থকা লোকক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লয়।

নিজ মাকুম প্ৰাথমিক বিদ্যালয়, মাৰ্ঘেৰিটা টাউন প্ৰাথমিক বিদ্যালয়, গোপীনাথ বৰদলৈ প্ৰাথমিক বিদ্যালয়, আলুবাৰী, মনমৌমুখ প্ৰাথমিক বিদ্যালয়, টিৰাপমুখ প্ৰাথমিক বিদ্যালয়, নামফাই প্ৰাথমিক বিদ্যালয় আদিত থকা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ।

বান দুৰ্গতসকলক সাহায্য প্ৰদানত কোনো কাৰণতে হীন-দেৰী যাতে নহয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। জিলা প্ৰশাসনৰ সকলো বিষয়াকে এই জটিল সময়চোৱাত নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিবলৈ তেওঁ আহ্বান জনায়।

যদি হাৰ্ট দুৰ্বল হয় তেন্তে মনটোও দুৰ্বল! বৰ্তমান ডিমেনচিয়াৰ সম্ভাৱনা দুগুণ বৃদ্ধি পাইছে…

স্মৃতিশক্তি দুৰ্বল বা ডিমেনচিয়া আজিৰ সময়ত এটা ডাঙৰ সমস্যা হৈ পৰিছে। ধূমপান, কম শিক্ষা আদি ইয়াৰ বাবে দায়ী বুলি গণ্য কৰা হৈছিল। কিন্তু শেহতীয়াকৈ এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে স্মৃতিশক্তি দুৰ্বল হোৱা, কথা পাহৰি যোৱা, সিদ্ধান্ত লোৱাত অসুবিধা হোৱা এইবোৰ যেন বয়স বৃদ্ধিৰ কিছুমান সাধাৰণ লক্ষণ। কিন্তু, আপুনি জানেনে যে এই লক্ষণসমূহৰ বাবে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যও দায়ী হ’ব পাৰে!

বিশ্বজুৰি অনুমান কৰা হৈছে যে বৰ্তমান প্ৰায় ৫ কোটি লোকে ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈ আছে। ডিমেনচিয়া মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হৈয়েই আছে, বিশেষকৈ বয়সস্থ প্ৰাপ্তবয়স্কসকলক ই আক্ৰান্ত কৰে।ডিমেনচিয়াৰ বৈশিষ্ট্য সাধাৰণতে জ্ঞানমূলক ক্ষমতা হ্ৰাস পায়, যিয়ে দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰে। ধূমপান, ব্যায়ামৰ অভাৱ আৰু খাদ্যৰ অভাৱ আদি জীৱনশৈলীয়ে মগজুৰ স্বাস্থ্যত প্ৰভাৱ পেলাই। আন আন বিপদজনক কাৰকসমূহৰ ভিতৰত হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ যেনে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ আদি উল্লেখযোগ্য। মেদবহুলতা আৰু ডায়েবেটিছৰ হাৰ বৃদ্ধি পাইছে, যাৰ ফলত ডিমেনচিয়াৰ সম্ভাৱনা বৃদ্ধি পাইছে। পৰ্যালোচনা কৰা বেছিভাগ অধ্যয়নতে উচ্চ ৰক্তচাপ প্ৰধান বিপদজনক কাৰক হিচাপে আত্মপ্ৰকাশ কৰিছিল যদিও সময়ৰ লগে লগে উচ্চ ৰক্তচাপৰ নিয়ন্ত্ৰণো উন্নত হৈছে।

মাজ নিশা দূৰ্গতৰ কাষত মন্ত্ৰীঃ শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী বিমল বড়াৰ…

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়া মুষলধাৰ বৰষুণৰ ফলত কেবাখনোজিলাত  নৈ সমূহৰ বাঢ়নীপানীয়ে ভয়াবহ বাণৰ  সৃষ্টি কৰাৰ ফলত ৰাইজৰ লগতে পশু ধনৰ যথেষ্ট পৰিমাণে ক্ষতি সাধন হৈছে। মুখ্যমন্ত্ৰী ড০হিমন্তবিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে সোমবাৰে উদ্যোগ, বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰমন্ত্ৰী বিমল বড়াই শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰশাসনৰ নিৰ্দেশ দিয়ে। উদ্যোগ মন্ত্ৰী বড়াই জিলা জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, চক্ৰ বিষয়া চিন্ময় স্মৃতাকে ধৰি জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ সৈতে দিচাংমুখৰ আলিচিগাত বান পৰিস্থিতি বুজ লোৱাৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা বিতৰণ কৰা বান সাহায্য পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰে। ইয়াৰ পাছতে মন্ত্রী গৰাকীয়ে জিলাখনৰ লিগিৰিবাৰী, অফলা, জগৰাহাবি, মামলমাৰী, গুৱাল গাওঁ(সৰাগুৰি),চৰাই পৰা আদি অঞ্চল ভ্ৰমণ কৰি শিৱসাগৰ নগৰৰ ক্ৰমে ১,৯আৰু ১০ নং ৱাৰ্ডৰ বাণ পৰিস্থিতিৰ বুজ লয়।

ইপিনে ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ অন্তৰ্গত কলৌলোৱা দেউৰী গাঁৱত বাঢ়নী পানীয়ে মথাউৰিৰ কিছু ক্ষতি কৰাৰ খৱৰ পোৱাৰ লগে- লগে কালি মাজ নিশাই স্হানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াই সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষয় ক্ষতিৰ তাৎক্ষণিকভাৱে সমাধান কৰাৰ প্ৰয়াস কৰে।লগতে সম্ভাব্য পৰিস্থিতিৰ প্ৰতি  ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈও আহ্বান জনায়। পৰ্যবেক্ষণ কালত মন্ত্ৰী গৰাকীৰ সৈতে বিভিন্ন দলীয় কৰ্মকৰ্তা বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত আছিল।ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে সমষ্টিটোৰ ন-খাট গাওঁ পঞ্চায়তৰ অন্তৰ্গত শলগুৰিত উপস্থিত হৈ স্হানীয় লোক, দলীয় কৰ্মকৰ্তা আৰু বিষয়া কৰ্মচাৰীৰ সৈতে  বুঢ়ীদিহিঙৰ পানীয়ে যাতে জনসাধাৰণক বিপদাপন্ন কৰিব নোৱাৰে তাৰ বাবেতাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে।নেৰানেপেৰা বৰষুণৰ ফলত বুঢ়ীদিহিঙৰ পানী যথেষ্ট পৰিমাণে উফন্দি উঠাৰ বাবে ৰাইজ শংকিত হৈছে। এই পৰিস্থিতিত ৰাইজক শংকিত নহ’বলৈও মন্ত্ৰীবড়াই আহ্বান জনায়।সাম্প্ৰতিক বান পৰিস্থিতিত সমষ্টিৰ কেইবাটাও ঠাইৰ লগতে ধমন গাওঁ পঞ্চায়তৰ অন্তৰ্গত চেঁচা বিল গাৱঁত যথেষ্ট লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উক্ত স্থানত দলীয় কৰ্মকৰ্তা আৰুবিষয়া কৰ্মচাৰী সকলৰ সৈতে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অনাগত সময়ত গ্ৰহণকৰিবলগীয়া পদক্ষেপ সমূহ পৰ্যবেক্ষণ কৰ।পৰিদৰ্শন কালত দুৰ্যোগ ব্যবস্থাপনা, জলসম্পদ, লোকনিৰ্মাণ আদি বিভাগৰ বিষয়া কৰ্মচাৰী সকলো উপস্থিত আছিল।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ..

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পূৰ্বে আজি সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে ধন্যবাদৰ প্ৰস্তাৱৰ সময়ত সভাপতিৰ ভাষণত কয় যে উত্তৰ প্ৰদেশৰ লোকসভাৰ ৮০খন আসন আটাইকেইখন আসন লাভ কৰিলেও তেওঁ ইভিএমক বিশ্বাস নকৰে। তেওঁ আৰু কয় যে INDIA মিত্ৰতাই ক্ষমতাৰ কথা আহিলে ইভিএমবোৰ নাইকিয়া কৰিব। ইফালে, মঙলবাৰে ৰাহুল গান্ধীয়ে লোকসভাৰ অভিলেখৰ পৰা তেওঁৰ ভাষণৰ কেইবাটাও অংশ বাতিল কৰা সন্দৰ্ভত অধ্যক্ষ ওম বিৰলালৈ প্ৰেৰণ কৰা এখন পত্ৰত শোক আৰু হতাশা প্ৰকাশ কৰে।

২০২৪ চনৰ ১ জুলাইত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদৰ প্ৰস্তাৱৰ আলোচনাৰ সময়ত গান্ধীয়ে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত তীব্ৰ আক্ৰমণ চলোৱাৰ এদিন পিছতে এই পত্ৰখন লিখিছিল। বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনত জনসাধাৰণে আমাক বাছি লৈছে | ৰাষ্ট্ৰপতি মুৰ্মুৱে ‘বিকক্ষিত ভাৰতৰ ‘ৰ বাবে আমাৰ সংকল্পৰ ওপৰত স্পষ্ট কৰি দিছে বুলি ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

শিক্ষা ব্যৱস্থাতে যদি ঘূণে ধৰে তেনে দেশ কোঙা যে হ’ব নিশ্চিত…

বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে তোলপাৰ লাগিছে শিক্ষা ব্যৱস্থা আৰু পৰীক্ষা ব্যৱস্থাক লৈ। শিক্ষা ব্যৱস্থাতো যে ইমান কেলেংকাৰি হ’ব পাৰে ভাবিলেই আচৰিত হ’ব লাগে। চৰকাৰৰ বিভিন্ন কেলেংকাৰিৰ খবৰেৰে এতিয়াতো বাতৰি কাকতৰ পৃষ্ঠা নিতৌ ভৰিয়েই থাকে। ইয়াৰ পিছতো আকৌ পৰীক্ষা কেলেংকাৰি, শিক্ষাৰ বিভিন্ন এপক লৈ নানা বিসংগতি-কেলেংকাৰি। আঁচলতে হৈছে কি ? কোন দিশে ধাৱমান আমাৰ শিক্ষা ব্যৱস্থা। শিক্ষা ব্যৱস্থাত বাৰু পণ্য হৈ পৰিল নেকি আমাৰ দেশৰ শিক্ষাৰ্থীসকল। যিখন দেশত সকলোতে কেৱল দুৰ্নীতি-কেলেংকাৰিয়ে ভৰি পৰিছে, সেইখন দেশত শৈক্ষিক ক্ষেত্ৰখনত দুৰ্নীতি নাই বুলি কোৱা নাইবা শুনাটোহে আচৰিত হ’বলগীয়া হৈছে বৰ্তমান সময়ত। যিটো সময়ত শিক্ষাৰ পুৰণি পদ্ধতি সলনি কৰি নতুন পদ্ধতিৰে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতৰ উত্তৰাধিকাৰী সজাব বিচৰা হৈছে, সেইটোত সময়তে জীৱনৰ উত্তৰণৰ দিশে ধাৱমান হ’বলৈ যিটো পৰীক্ষাতে ছাত্ৰ-ছাত্ৰীসকল অৱতীৰ্ণ হৈছে সেইটো পৰীক্ষাতে হতাশ হ’বলগীয়া হৈছে কেৱল বিসংগতি, খেলিমেলি আৰু দুৰ্নীতিৰ গ্ৰাসত পৰি। এই ছাত্ৰ-ছাত্ৰীসকলক লৈ হেতালি খেলাৰ অধিকাৰ শিক্ষা বিভাগটোৱে ক’ত পালে ? ছাত্ৰ-ছাত্ৰীসকলৰ যি ক্ষতি হয় কৰ্তৃপক্ষৰ ভুলৰ বাবে ইয়াৰ ফল ভোগ কৰিবলগীয়া হয় কেৱল শিক্ষাৰ্থীসকলে। ইয়াৰ লগে লগে সমানে দুঃচিন্তাত পৰিব লগা হয় অভিভাৱকসকল। এই ভেঁকো-ভাওনাৰ শেষ কেতিয়া। বোধগম্য হ’বনে আমাৰ শিক্ষা বিভাগৰ বৰমূৰীয়া স্বৰ্গদেউ তথা ডা-ডাঙৰীয়াসকলৰ। তেওঁলোকৰ এই পুতৌ লগা অৱস্থাটোৰ বাবে আমি তেৰাসৱক কি বুলি বিভূষিত কৰিলে সঁচা অৰ্থত শুৱাব ভাবিয়েই পোৱা নাই। হায় শিক্ষা বিভাগ। মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক স্কুটী, বিনামূলীয়া নামভৰ্তি আদিতেই সকলো শেষ নেকি ? তাৰ পিছত আৰু একোৱেই নাইনে কৰণীয়  শিক্ষা বিভাগৰ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক বিদালয়ৰ পৰীক্ষাতে হওক সকলোতে কেৱল কেলেংকাৰিৰ খবৰ। প্ৰশ্নকাকত ফাদিল হোৱাতো যেন এনে পৰীক্ষাবোৰত এক নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে। এটা পৰীক্ষা বিয়াগোম শিক্ষা বিভাগটোৱে আজিলৈ নিয়াৰিকৈ বা নিখুঁতভাৱে পাতিব পৰা নাই। কেতিয়াবা প্ৰশ্নকাকত আগতীয়াকৈয়ে ওলাই গৈ একাংশ ছাত্ৰ-ছাত্ৰীৰ হাতত পৰিছ। যাৰ ফলত মেধাৱী শিক্ষাৰ্থীসকলে ইমান কষ্ট কৰি পঢ়ি পৰীক্ষাত বহাৰ অৰ্থইবা কি থাকিব। যিয়ে মেধা ছাত্ৰ-ছাত্ৰীসকল মানসিকভাৱে ভাগি পৰে। তেওঁলোকৰ উৎসাহত যতি পৰে। এতিয়া যেন শিক্ষাক এক ব্যৱসায়লৈ ৰূপান্তৰ কৰিব বিচৰাহে হৈছে। বৰ্তমানৰ শিক্ষা ব্যৱস্থাই যেন পাহৰাই পেলাইছে শিক্ষাৰ সৈতে মূলতে জড়িত হৈ থাকে শিক্ষাৰ্থী আৰু তেওঁলোকৰ ভৱিষ্যৎ।

ইয়াৰ উপৰি শিক্ষক নিযুক্তি, টিউটৰ, টে’ট আদি নানানটা ভাগত শিক্ষকক ভাগ ভাগ কৰা,  শিক্ষা সেতু এপ আদিত দেখা দিয়া বিসংগতি আদিৰ সমস্যাতো আছেই। এনেবোৰ সমস্যাৰ মাজত আজি সমগ্ৰ শিক্ষক সমাজ। তাৰ মাজতে পৰীক্ষা কেলেংকাৰিয়ে জলা-কলা খুৱাইছে শিক্ষাৰ্থী-অভিভাৱকক। পৰিস্থিতি এনে পৰ্যায় পাইছে যে এতিয়া শিক্ষাৰ্থীসকলক যেন গ্ৰাহকত পৰিণত কৰিছে। ছাত্ৰক গ্ৰাহকত পৰিণত কৰিলে সমস্যাই জটিল ৰূপ ধৰে। চক্ৰেটিছে কেতিয়াবাই বুজি পাইছিল এই কথা আৰু সেয়ে তেওঁ কৈছিল- শিক্ষক আৰু ছাত্ৰৰ সৈতে ব্যৱসায়ৰ দৰে সম্পৰ্ক কৰিলে জ্ঞানৰ ব্যৱসায়ীৰহে সৃষ্টি হয়। সেয়ে শিক্ষাক উৎপাদনৰ কাৰখানা হিচাপে যদি ভাবি লোৱা হয় তেনেহ’লে শিক্ষাত এনেবোৰ নানা বিসংগতি থাকিবই। ইয়াক কেতিয়াও দূৰ কৰিব পৰা নাযাব।এইবাৰ সমগ্ৰ দেশখনকে জোকাৰি গৈছে নীট-নেটৰ পৰীক্ষাত কেলেংকাৰি। নীট (ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষা) সমগ্ৰ দেশতে স্নাতক আৰু স্নাতকোত্তৰ সিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা। কিন্তু এই সৰ্বভাৰতীয় পৰীক্ষাতেই হ’ল বৃহৎ কেলেংকাৰি। ফলত এতিয়া দেশজুৰি হুলস্থূল। নীট-ইউ জিৰ ফলাফল ওলোৱাৰ পিছতে এই পৰীক্ষা পৰিচালনা আৰু ফলাফলৰ সৈতে বহু কেলেংকাৰি বাতৰি প্ৰচাৰ হোৱাৰ উপৰি প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱাৰ বিভিন্ন তথ্য পোৱাৰ পিছতে পৰীক্ষা ফলাফল স্থগিত ৰখাৰ লগতে পুনৰ পৰীক্ষা পতাৰ দাবী উঠিল। বিমোৰত পৰিল মেধাসম্পন্ন শিক্ষাৰ্থীসকল। আচৰিত কথা যে উক্ত পৰীক্ষাৰ ফলাফল ১৪ জুনত ঘোষণাৰ দিন আছিল যদিও হঠাৎ ৪ জুনত যিটো দিনত ভাৰতৰ অষ্টাদশ লোকসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন আছিল আৰু তাকে লৈ সমগ্ৰ দেশ ব্যস্ত আছিল। সেই দিনটোতে নীটৰ ফলাফল ঘোষণা কৰা হ’ল। কিন্তু দেখা গ’ল এইবাৰ ফলাফলত একাংশ ছাত্ৰ-ছাত্ৰীয়ে নীটৰ মুঠ নম্বৰ ৭২০ৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰি প্ৰথম স্থান পাবলৈ সক্ষম হৈছিল। ইয়াৰ পৰাই সন্দেহৰ সূত্ৰপাত। এই প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীসকলৰ অধিকাংশই একেটা পৰীক্ষা কেন্দ্ৰতে পৰীক্ষা দিয়া কথাতোও ইতিমধ্যে প্ৰমাণ হৈছে। আনহাতে, উচ্চতম ন্যায়ালয়েও এইক্ষেত্ৰত কৈছে- পৰীক্ষাৰ পৱিত্ৰতা প্ৰভাৱিত হৈছে।

এতিয়া কথা হ’ল- যদি এনেদৰে প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই আহি একাংশ ছাত্ৰ-ছাত্ৰীৰ হাতত পৰে তেনেহ’লে তাতে আকৌ নীট পৰীক্ষাৰ দৰে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত। আমি সততে যিসকলক ভগৱান বুলি ভাবো সেইসকলেই হ’ল চিকিৎসক বা ডাক্তৰ। আৰু এই বিশ্বাসক আধাৰ কৰিয়েই আমি বিনা বাধাই বেমাৰ নিৰাময়ৰ বাবে কাষ চাপো ভগৱানসদৃশ ডাক্তৰৰ। গতিকে ডাক্তৰসকল মেধাসম্পন্ন হ’বই লাগিব। ইয়াত কোনো সন্দেহ নাই। কিন্তু সেই মেধাৰ ওপৰতো খেলা কৰি একাংশই দুৰ্নীতি কৰি যদি ডাক্তৰ হ’বলৈ যায় তেনে দেশখনত চিকিৎসা পদ্ধতিয়ে কেনে ৰূপ ল’ব পাৰে সেয়া ভাবিলে হতাশ হ’বলগীয়া হয়। একাংশৰ ধন আছে বুলিয়েই বা প্ৰতিপত্তি আছে বুলিয়েই যদি বক্ৰ পথেৰে গৈ ডাক্তৰ হ’বলৈ হয় তেনে নিম্ন, নিম্ন-মধ্যবিত্ত ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব। তেওঁলোক আজি হতাশ হৈ পৰিছে । কাৰণ ইমান কষ্ট কৰিও যদি পৰীক্ষা দি তেওঁলোক নিৰ্বাচিত  নহয় কোনোবাই এনেয়ে থাকি ফাদিল হোৱা প্ৰশ্নকাকতেৰে পৰীক্ষা দি পাছ কৰি ডাক্তৰ হ’ব। কি এক দিশলৈ গতি কৰিছে আমাৰ শিক্ষা বিভাগ ভাবিলেই শংকা ওপজে। দেশৰ বৰমূৰীয়াসকলে দেশক বিশ্বগুৰুৰ আসনত বহুৱাম বুলি কৈ থাকিলেই দেশ বিশ্বগুৰু হ’ব পাৰিবনে। আন বিভাগবোৰৰ কথা বাদেই দিলো, খোদ শিক্ষা বিভাগতে যদি এনেদৰে ঘূণে ধৰে তেনে ভাৰতবৰ্ষ বিশ্বগুৰু হ’ব কথাষাৰ শ্ল’গানতে যে আবদ্ধ থাকিব সেইটো এশ শতাংশই নিশ্চিত। এই পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতিয়েই দেশবাসীৰ আস্থা হেৰাই গৈছে। আনহাতে, মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলো হতাশ হৈ পৰিছে। লগে লগে শংকিত হৈ পৰিছে অভিভাৱকসকলো এই কথা ভাবি- যে এইখন দেশত মেধাৰ সমীকৰণ আৰু সমতা স্থাপনৰ নামত কেৱল অবাধ অন্যায় আৰু বৈষম্যৰহে সৃষ্টি হৈছে। যদি শিক্ষা ব্যৱস্থাতে ঘূণে ধৰে তেনে দেশ কোঙা হ’বই ই নিশ্চিত।

লেখকঃ ভূপেন মহন্ত

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ১০৯ কোটি টকাতকৈ অধিক টকাৰ ৰাজহ সংগ্ৰহ..

গুৱাহাটী, ২ জুলাই : কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে চলিত ২০২৪-২৫ বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩০ জুনলৈ প্ৰথম তিনিমাহত ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ১০৯ কোটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে চলিত বিত্তীয় বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩০ জুনলৈকে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ১০৯,১৯,৮৭,৮১৩ কোটি টকা। ইয়াৰ পূৰ্বে বিগত ২০২৩-২৪ বর্ষৰ প্ৰথম তিনি মাহত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৮৯,৫৪,৭৯,১১২ কোটি টকা। অৰ্থাৎ বিগত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহতকৈ এইবেলি প্ৰায় ১৯.৬৫ কৌটি টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে। ৰাজহ বৃদ্ধিৰ পৰিমাণ হল ২২ শতাংশ। বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে সদৰি কৰা ৰাজহ সংগ্ৰহৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত ৰাইজ, যানবাহনৰ গৰাকীৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিগত বৰ্ষৰ পৰা অনাদায়ী বাহনৰ পৰা কৰ আদায়ৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে বিশেষ অভিযান আৰম্ভ কৰা হৈছিল।

সেই অনুসৰি বেছিভাগ বাহনৰ গৰাকীয়ে ইতিবাচক সঁহাৰি জনোৱাত পৰিবহণ বিভাগৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায়। অৱশ্যে এতিয়াও এক বুজন সংখ্যক লোকে বিভাগক বকেয়া কৰ আদায় দিয়া নাই। আনকি বাহনৰ গৰাকী সকলৰ সুবিধাৰ বাবে জিলা পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সময়ে সময়ে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। এই সভা সমূহত বাহনৰ গৰাকীৰ লগতে সাধাৰণ ৰাইজ , বাহন ব্যৱহাৰকাৰী , বাহন ব্যৱসায়ৰ লগত জড়িত সকলোৱে ইতিবাচক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। বৰ্ত্তমান পৰিবহণ বিভাগৰ অধিকাংশ সেৱা অনলাইন মাধ্যমৰে সম্পন্ন হোৱাত ৰাইজে কাৰ্যালয়লৈ নহাকৈয়ে বাহনৰ কাম সমূহ সম্পন্ন কৰিবলৈ সুবিধা লাভ কৰিছে। ইয়াৰ ফলত বাহনৰ লগত জড়িত সকলোৰে মূল্যবান সময় ৰাহি হৈছে।

NEET-UG প্ৰশ্নকাকত খেলিমেলিৰ অভিযোগ! আবেদন পৰীক্ষা কৰিবলৈ সন্মত সৰ্বোচ্চ ন্যায়ালয়…

উচ্চতম ন্যায়ালয়ে সোমবাৰে NEET-UG, 2024-ত অ’ এম আৰ শ্বীট খেলিমেলি কৰাৰ অভিযোগত কৰা আবেদন দুসপ্তাহৰ পিচত পৰীক্ষা কৰিবলৈ সন্মত হৈছে। ন্যায়াধীশ চি টি ৰবিকুমাৰ আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে আবেদনকাৰীৰ অধিবক্তাক কয় যে পৰীক্ষা (পুনৰ পৰীক্ষা) ২৩ জুনত শেষ হৈছে। আনহাতে, অধিবক্তাই দাবী কৰে যে চিকিৎসা প্ৰৱেশ পৰীক্ষা দিয়া তেওঁৰ মক্কেলৰ অ’ এম আৰ শ্বীট সলনি কৰা হৈছিল। বিচাৰপীঠে অধিবক্তাক কয় যে তেওঁৰ মক্কেলে ২৩ জুনত অনুষ্ঠিত পুনৰ পৰীক্ষাত উপস্থিত হ’বলৈ অনুমতি বিচাৰিছিল।ইফালে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ অধিবক্তাই আদালতক দুসপ্তাহৰ পিচত শুনানিৰ বাবে আবেদনৰ তালিকা প্ৰস্তুত কৰিবলৈ অনুৰোধ জনায়।


আদালতৰ সন্মুখত যুক্তি দিয়া হৈছিল যে অনিয়মৰ অভিযোগ উত্থাপন কৰা আৰু NEET-UG বাতিল কৰিবলৈ বিচৰা আন কেইবাখনো আবেদন শীৰ্ষ আদালতত বিচাৰাধীন হৈ আছে। আৰম্ভণিতে বিচাৰপীঠে কৈছিল যে আদালতে অহা সপ্তাহত শুনানিৰ বাবে আবেদনৰ তালিকা প্ৰস্তুত কৰিব। তাত হয়তো তেওঁৰ আবেদনো থাকিব পাৰে । তাৰ পিচত শীৰ্ষ ন্যায়ালয়ে বিষয়টো দুসপ্তাহৰ পিচত শুনানিৰ বাবে নিৰ্ধাৰণ কৰে। উল্লেখ্য, বিগত সপ্তাহত শীৰ্ষ ন্যায়ালয়ে এখন পৃথক আবেদনৰ শুনানিৰ সময়ত এন টি এক এইটো অৱগত কৰিবলৈ কৈছিল যে NEET-UG, 2024-ত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলক প্ৰদান কৰা অ’ এম আৰ শ্বীট সম্পৰ্কীয় অভিযোগ উত্থাপন কৰাৰ কোনো সময়সীমা আছে নেকি।


পৰীক্ষা সম্পৰ্কীয় আন অমীমাংসিত আবেদনসমূহ ৮ জুলাইত শুনানিৰ বাবে গ্ৰহণ কৰিব। ৫ মে’ত অনুষ্ঠিত NEET-UG, ২০২৪ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন অনিয়মৰ অভিযোগত বিতৰ্কৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ চি বি আই তদন্তৰ নিৰ্দেশ দিছে আৰু এন টি এৰ সঞ্চালক প্ৰধানকো অপসাৰণ কৰিছে।

কেনিয়াত প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ; সংঘৰ্ষত নিহত ৩৯ জন প্ৰতিবাদকাৰী…

চৰকাৰৰ কৰ বৃদ্ধিৰ সিদ্ধান্তক লৈ কেনিয়াত ৰাইজে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে । দেশখনত সাধাৰণ ৰাইজৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সংবাদ মাধ্যমৰ সূত্ৰৰ মতে নতুন কৰ বৃদ্ধিৰ বিৰুদ্ধে কেনিয়াত শেহতীয়াকৈ চৰকাৰ বিৰোধী প্ৰতিবাদত প্ৰায় ৩৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। সাধাৰণ ৰাইজ আৰু সংগঠনসমূহে কেনিয়াত এক নতুন পৰ্যায়ৰ প্ৰতিবাদৰ বাবে সাজু হৈছে । কেনিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (কেএনচিএইচআৰ) সোমবাৰে এই বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছে । চৰকাৰে নিহতৰ সংখ্যা প্ৰকাশ কৰিছিল যদিও এই সংখ্যা তাৰ দুগুণ। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে উল্লেখ কৰিছে যে দেশজুৰি হোৱা প্ৰতিবাদৰ ফলত ৩৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩৬১ গৰাকী লোক আহত হৈছে। ইফালে ৩২ টা পৃথক গোচৰ ৰুজু কৰা হৈছে আৰু ৬২৭ গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে চৰকাৰে বিতৰ্কিত কৰ আইনখন গৃহীত কৰাৰ পিচতে প্ৰতিবাদ অধিক তীব্ৰতৰ হৈ পৰিছে। প্ৰতিবাদকাৰীসকলৰ ভিতৰত বেছি সংখ্যকে যুৱ আছিল। আইন গৃহীত কৰাৰ লগে লগে শান্তিপূৰ্ণ কৰ বিৰোধী সমদলবোৰ অধিক হিংসাত্মক হৈ পৰে।


পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় নাইৰোবিৰ সংসদ চৌহদ ভাঙি লণ্ড ভণ্ড কৰে আৰু কোনো কোনো অংশত অগ্নি সংযোগ কৰে। প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰ লগে লগে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয়।লক্ষণীয়ভাৱে, ২০২২ চনৰ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ চৰকাৰে সন্মুখীন হোৱা আটাইতকৈ গুৰুতৰ সংকট হিচাপে ইয়াক দেখা গৈছে। ৰুটোৱে দেওবাৰে টেলিভিছনত দিয়া এক সাক্ষাৎকাৰত কৈছিল যে প্ৰতিবাদত ১৯ গৰাকী লোকৰ মৃত্যু হৈছে। অৱশ্যে তেওঁ জোৰ দি কৈছিল যে এই সন্দৰ্ভত তদন্ত কৰা হ’ব। ইফালে মানৱ অধিকাৰ আয়োগে এই পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ব্যৱহৃত বল অত্যধিক আৰু অসামঞ্জস্যপূৰ্ণ আছিল। অৱশ্যে সংসদ ভৱন আৰু অন্যান্য চৰকাৰী ভৱনকে ধৰি কিছুমান গুৰুত্বপূৰ্ণ স্থানত চলোৱা আক্ৰমণৰ বাবে প্ৰতিবাদকাৰীসকলকো আয়োগে সমালোচনা কৰে। ইয়াৰ মাজতে ভাৰতে কেনিয়াত থকা নাগৰিকসকলৰ বাবে এক পৰামৰ্শ জাৰী কৰিছে। কিয়নো কৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ হিংসাত্মক হৈ পৰিছে, যাৰ ফলত আফ্ৰিকাৰ দেশখনত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। কেনিয়াৰ ভাৰতীয় দূতাবাসে পূৰ্বে তাত থকা ভাৰতীয় নাগৰিকসকলক অত্যধিক সাৱধানতা অৱলম্বন কৰিবলৈ, অপ্ৰয়োজনীয় ভ্ৰমণ বাতিল কৰিবলৈ আৰু পৰিস্থিতি শান্ত নোহোৱালৈকে প্ৰতিবাদ আৰু হিংসাৰ দ্বাৰা প্ৰভাৱিত এলেকাবোৰ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে।

বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান…

ধনশ্ৰী, পাঁচ নৈ আৰু ব্ৰহ্মপুত্ৰ নদীত পানী বৃদ্ধি হোৱাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৭০ % অঞ্চল বানপানীয়ে বুৰাই পেলাইছে৷ব্ৰহ্মপুত্ৰ নৈ, ধনশ্ৰী নৈৰ লগতে পাছনৈৰ বাঢ়নি পানী উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত জীৱজন্তৰ প্ৰতি ভাবুকী আহিছে যদিও ইতিমধ্যে বহু জীৱজন্ত ওখ নিৰাপদ স্থানত আশ্ৰয় লৈছে৷ বানপানীৰ মাজতো বনকৰ্মীসকলে অতি কষ্টেৰে পহৰা দি থাকিব লগীয়া হৈছে৷ উদ্যানখনৰ ৫০ টা কেম্প ৰ ভিতৰত ২০ টা কেম্প জলমগ্ন হৈ পৰিছে৷ উদ্যানখনৰ খয়ৰাচালি, বালিকেম্পত সাতফুট পৰা পোন্ধৰ ফুটলৈ পানী উঠিছে৷

এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো উদ্যানখনৰ বনকৰ্মীসকলে এশিঙীয়া গঁড়কে ধৰি অন্যান্য জীৱজন্ত সমূহ চোৰাংচিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ নাঁৱেৰে কৰ্তব্য পালন কৰিব লগীয়া হৈছে৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনপালক প্ৰানজীৎ ডেকাৰ পৰা জানিব পৰা যায় যে কালিৰে পৰা ধনশ্ৰী নৈখনৰ পানী হঠাৎ বৃদ্ধি হোৱাত উদ্যানখনৰ পূৱ প্ৰান্তৰ কেইবাটাও কেম্পত ভয়ানক ভাৱে পানী বৃদ্ধি পাইছে৷ উদ্যানখনৰ প্ৰায় ২০ টা কেম্প বানৰ কৱলত পৰিছে৷ফলস্বৰূপে চলা চল কৰিব পৰা বহু বাট পথ,গছ-গছনি বিনষ্ট আৰু,জীৱ জন্তুৰ খাদ্য সংকট আদিৰ শংকা কৰা হৈছে।

বৰ্ষাকালত এই ৫ টা ফল স্বাস্থ্যৰ বাবে অতি উপকাৰী…

বাৰিষাৰ সময়ত এই ৫টা ফল খাব পাৰে, যি ফল স্বাস্থ্যৰ বাবে উপকাৰী। এই পাঁচটা ফল হৈছেঃ

বাৰিষাত আপেল খালে আপুনি ৰোগৰ পৰা আঁতৰি থাকিব পাৰিব। আপেলত খাদ্য আঁহ থাকে, যিয়ে খাদ্য হজম কৰাত সহায় কৰে আৰু শক্তিও প্ৰদান কৰে।

ডালিম স্বাস্থ্যৰ বাবে অতি উপকাৰী।বাৰিষাত ডালিম খালে ৰোগ প্ৰতিৰোধ ক্ষমতাও মজবুত হয়।

বাৰিষা অমিতা স্বাস্থ্যৰ বাবে উপকাৰী। অমিতাত ভিটামিন এ, ভিটামিন চি আৰু পেপেইন নামৰ এনজাইম থাকে।

বৰষুণৰ সময়ত খাদ্যত লিচু অন্তৰ্ভুক্ত কৰিব লাগে। লিচুৰ খাদ্য হজমৰ লগে লগে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

বাৰিষাত প্লাম খোৱাটোও উপকাৰী।প্লামত ভাল পৰিমাণৰ ভিটামিন চি, খনিজ পদাৰ্থ, ভিটামিন আৰু আঁহ থাকে, ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।