Home Blog Page 694

চাকৰি অথবা বিয়াৰ প্ৰলোভন দি মহিলা-যুৱতীৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলেই হ’ব ১০ বছৰৰ কাৰাবাস…

অধিক কঠোৰ হ’ল ভাৰতীয় ন্যায় ব্যৱস্থা। ১ জুলাইৰ পৰা দেশত কাৰ্যকৰী হ’ল তিনিখনকৈ নতুন ফৌজদাৰী আইন। তিনিখন নতুন ফৌজদাৰী আইন ক্ৰমে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম কালিৰে পৰা দেশত প্ৰযোজ্য হৈছে। ইতিমধ্যে ৰুজু হৈছে প্ৰথমটো গোচৰ। কেন্দ্ৰীয় আইন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) অৰ্জুন ৰাম মেঘৱালে ঘোষণা কৰিছিল যে ২০২৪ চনৰ ১ জুলাইৰ পৰা নতুন ফৌজদাৰী আইন—ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় সুৰক্ষা সংহিতা, আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম—কাৰ্য্যকৰী কৰা হৈছে। এই আইনসমূহ ব্যাপকভাৱে সংশোধন কৰা হৈছে। আইনসমূহত শাস্তি আৰু জৰিমানৰো কেতবোৰ নতুন বিধান ৰখা হৈছে।


ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ত বহু নতুন অপৰাধ সন্নিবিষ্ট কৰা হৈছে। উদাহৰণস্বৰূপে, ৬৯ নং ধাৰাত ‘প্ৰৱঞ্চনামূলক’ যৌন সম্পৰ্কৰ ক্ষেত্ৰত শাস্তিৰ ব্যৱস্থা ৰখা হৈছে। এই ধাৰাত কোৱা হৈছে, “যিকোনো ব্যক্তিয়ে কোনো মহিলাৰ সৈতে ‘প্ৰৱঞ্চনামূলক উপায়েৰে’ বা বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি (সেয়া পূৰণ কৰাৰ কোনো উদ্দেশ্য নোহোৱাকৈ) শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে, দহ বছৰলৈকে কাৰাবাস আৰু জৰিমনা হ’ব’ ‘প্ৰৱঞ্চনামূলক উপায়’ৰ ভিতৰত নিয়োগ বা পদোন্নতিৰ মিছা প্ৰতিশ্ৰুতি, যিকোনো ধৰণে হেঁচা প্ৰয়োগ কৰা বা প্ৰকৃত পৰিচয় লুকুৱাই বিবাহ কৰোৱাটোও অন্তৰ্ভুক্ত কৰা হৈছে। এই ধাৰাই এতিয়া বিবাহিতা মহিলাৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰাসকলক নাকী লগাবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। তদুপৰি চাকৰি দিয়াৰ প্ৰলোভন, পদোন্নতিৰ প্ৰলোভন আৰু বিয়া কৰোৱাৰ প্ৰলোভনেৰে মহিলা-যুৱতীৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাসকলৰো ১০ বছৰৰ কাৰাবাস নিশ্চিত হৈ পৰিল।

বুধবাৰে বিশ্বকাপ ট্ৰফীৰ সৈতে ভাৰতত উপস্থিত হ’ব টীম ইণ্ডিয়া…

বুধবাৰে বিশ্বকাপ ট্ৰফীৰ সৈতে ভাৰতত উপস্থিত হ’ব টীম ইণ্ডিয়া।

প্ৰতিকূল বতৰৰ মাজতেই বাৰ্বাডোছ ত্যাগ কৰিব টীম ইণ্ডিয়াই।

বুধবাৰে দিল্লীত অৱতৰণ কৰিব খেলুৱৈসকল।

বিগত দুদিন ধৰি বাৰ্বাডোছৰ হোটেলত আৱদ্ধ হৈ আছে খেলুৱৈসকল।

অৱশেষত কাইলৈ গৃহভূমিত উপস্থিত হ’ব টীম ইণ্ডিয়া।

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত ১০৯ কোটিৰো অধিক ৰাজহ সংগ্ৰহ…

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে চলিত ২০২৪-২৫ বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩০ জুনলৈ প্ৰথম তিনিমাহত ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ১০৯ কোটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে চলিত বিত্তীয় বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩০ জুনলৈকে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ১০৯,১৯,৮৭,৮১৩ কোটি টকা। ইয়াৰ পূৰ্বে বিগত ২০২৩-২৪ বর্ষৰ প্ৰথম তিনি মাহত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৮৯,৫৪,৭৯,১১২ কোটি টকা।

অৰ্থাৎ বিগত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহতকৈ এইবেলি প্ৰায় ১৯.৬৫ কৌটি টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে। ৰাজহ বৃদ্ধিৰ পৰিমাণ হল ২২ শতাংশ। বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে সদৰি কৰা ৰাজহ সংগ্ৰহৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত ৰাইজ, যান-বাহনৰ গৰাকীৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিগত বৰ্ষৰ পৰা অনাদায়ী বাহনৰ পৰা কৰ আদায়ৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে বিশেষ অভিযান আৰম্ভ কৰা হৈছিল। সেই অনুসৰি বেছিভাগ বাহনৰ গৰাকীয়ে ইতিবাচক সঁহাৰি জনোৱাত পৰিবহণ বিভাগৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায়। অৱশ্যে এতিয়াও এক বুজন সংখ্যক লোকে বিভাগক বকেয়া কৰ আদায় দিয়া নাই। আনকি বাহনৰ গৰাকী সকলৰ সুবিধাৰ বাবে জিলা পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সময়ে সময়ে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে।

এই সভা সমূহত বাহনৰ গৰাকীৰ লগতে সাধাৰণ ৰাইজ, বাহন ব্যৱহাৰকাৰী, বাহন ব্যৱসায়ৰ লগত জড়িত সকলোৱে ইতিবাচক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। বৰ্ত্তমান পৰিবহণ বিভাগৰ অধিকাংশ সেৱা অনলাইন মাধ্যমৰে সম্পন্ন হোৱাত ৰাইজে কাৰ্যালয়লৈ নহাকৈয়ে বাহনৰ কাম সমূহ সম্পন্ন কৰিবলৈ সুবিধা লাভ কৰিছে। ইয়াৰ ফলত বাহনৰ লগত জড়িত সকলোৰে মূল্যবান সময় ৰাহি হৈছে।

মাৰ্ঘেৰিটাত সদৌ অসম ভোজপুৰী পৰিষদৰ কাৰ্যালয়ৰ শিল্যানাস…

অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰক ঘোষণাৰ দাবী কেন্দ্ৰীয় সভাপতি কৈলাশ গুপ্তাৰ।অসমত বসবাস কৰি অহা ভোজপুৰী সকলৰ অন্যতম শক্তিশালী অনুষ্ঠান সদৌ অসম ভোজপুৰী পৰিষদৰ এটি স্থায়ী কাৰ্যালয় নিৰ্মাণৰ প্ৰস্ততি। মাৰ্ঘেৰিটাৰ বালুখাদত সোমবাৰে আনুষ্ঠানিকভাৱে সম্পন্ন হয় ভূমি পূজন আৰু আধাৰশিলা উদ্বোধন কাৰ্যসূচী।

সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি কৈলাশ গুপ্তা মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি আনন্দ কুমাৰ শৰ্মা তথা তিনিচুকীয়া জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে যুটীয়া ভাৱে আধাৰশিলাৰ আৱৰণ আঁতৰাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। শুভ অনুষ্ঠানটোত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাজেন্দ্ৰ প্ৰসাদ ৰায় মাৰ্ঘেৰিটা আঞ্চলিকৰ  লগতে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

ধন, সমৃদ্ধি আৰু সন্মান প্ৰদান কৰা গ্ৰহটোক শক্তিশালী কৰিব বিচাৰেনে? এই কাম কৰক…

সূৰ্য্যৰ শক্তিশালী অৱস্থানে মানুহক সন্মান আৰু সমৃদ্ধি প্ৰদান কৰাই নহয় আত্মবিশ্বাস, সুস্বাস্থ্য, শক্তিশালী শক্তি আৰু সাহস বৃদ্ধি কৰে। পিতৃৰ লগত ভাল সম্পৰ্ক ৰখা, চৰকাৰী পদ পোৱা ইত্যাদি সকলো কথাই ৰাশিফলত সূৰ্য্যৰ উচ্চ স্থানৰ ইংগিত দিয়ে। ইয়াৰ বিপৰীতে দুৰ্বল সূৰ্য্যৰ বাবে ব্যক্তিজনে মানহানি, প্ৰত্যাহ্বান, বেয়া সংগী আদি অপমানজনক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। সূৰ্য্যই গ্ৰহবোৰৰ ৰজা, সেয়েহে তেওঁক সুখী আৰু শক্তিশালী কৰিবলৈ সদায় কিছু ব্যৱস্থা গ্ৰহণ কৰা উচিত।

সূৰ্য্যক শক্তিশালী কৰিবলৈ ৰঙা পৰুৱাক খুৱাব লাগিব। যদি ৰাশিফলত সূৰ্য্যদেৱ দুৰ্বল হয় তেন্তে আটাত অলপ চেনি বা গুড় মিহলাই পৰুৱাক খুৱালে আপোনাৰ বাবে অতি উপকাৰী হ’ব।পৰুৱাক আটা খুৱাওঁতে এই কথাটো মনত ৰাখিব লাগিব যে য’তেই চেনি বা গুৰ মিহলি আটা ৰাখিব লাগে তাতেই নিৰাপদ স্থানত হ’ব লাগে অৰ্থাৎ মানুহে ভৰি দিব নালাগিব আৰু সেই ঠাইৰে কোনো বাহন পাৰ হ’ব নালাগে। আনহাতে যদিও দানৰ কোনো নিৰ্দিষ্ট দিন নাই, তথাপিও আপোনাৰ সামৰ্থ্য আৰু ইচ্ছা অনুসৰি যিকোনো সময়তে দান কৰিব পাৰে, কিন্তু ৰাশিফলত সূৰ্য্যক শক্তিশালী কৰিবলৈ দেওবাৰ বা সূৰ্য্য সংক্ৰান্তিৰ দিনত গুড়, তাম, মচুৰ দাইল দান কৰিব লাগে। সূৰ্যগ্ৰহণৰ দিনা গা ধোৱা আৰু দান কৰাটোও ভাল বুলি গণ্য কৰা হয়।

টাটা সামাজিক বিজ্ঞান সংস্থানৰ বিৰুদ্ধে দেশজুৰি প্ৰতিক্ৰিয়া, অধ্যাপক-কৰ্মচাৰীৰ চাকৰি বাতিলৰ সিদ্ধান্ত স্থগিত…

টাটা এডুকেশ্যন ট্ৰাষ্টৰ পুঁজিৰ অভাৱত টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্স তথা টাটা সামাজিক বিজ্ঞান সংস্থানে ইয়াৰ চাৰিটা কেম্পাছৰ ৫৫ গৰাকী অধ্যাপক আৰু ৬০ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ইয়াকে লৈ চাৰিওটা কেম্পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ সেই চাৰিটা কেম্পাছ হৈছে মুম্বাই, হাইদৰাবাদ, তুলজাপুৰ আৰু গুৱাহাটী৷বিভিন্ন মাধ্যমত বিষয়টোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিচত টাটা এডুকেশ্যন ট্ৰাষ্টে সিদ্ধান্ত সলনি কৰে৷ ট্ৰাষ্টে ধন মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচতে টাটা ইনষ্টিটিউট অব ছ’চিয়েল ছায়েন্সে চাকৰিৰ পৰা বৰ্খাস্ত কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰে। টাটা এডুকেশ্যন ট্ৰাষ্টৰ হোৱা আলোচনাৰ পিচতে সমস্যাটোৰ সমাধানৰ বাবে প্ৰয়োজনীয় অৰ্থ আশ্বাস দিয়ে টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সে৷


জানিব পৰা মতে টাটা সামাজিক বিজ্ঞান সংস্থানৰ মুম্বাই চৌহদৰ পৰা ২০ গৰাকী, হায়দৰাবাদ চৌহদৰ পৰা ১৫ গৰাকী, গুৱাহাটী চৌহদৰ পৰা ১৪ গৰাকী আৰু তুলজাপুৰৰ পৰা ৬ গৰাকী অধ্যাপকক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ উল্লেখ্য যে গুৱাহাটীৰ জালুকবাৰীস্থ টাটা সামাজিক বিজ্ঞান সংস্থানৰ আধাতকৈ অধিক অধ্যাপক আৰু প্ৰায়সংখ্যক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল৷ কোনো পূৰ্বৰ জাননী অবিহনে বৰ্খাস্ত কৰাক লৈ অধ্যাপক আৰু কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
উল্লেখ্য যে টাটা সামাজিক বিজ্ঞান সংস্থানে শুকুৰবাৰে প্ৰতিষ্ঠানটোৰ ১১৫ গৰাকী শিক্ষক-কৰ্মচাৰীক জনায় যে ২০২৪ চনৰ ৩০ জুনৰ পিচত তেওঁলোকৰ চুক্তিৰ সময়সীমা বৃদ্ধি কৰা নহ’ব৷ ইয়াৰ ভিতৰৰ ৫৫ গৰাকী শিক্ষক আৰু ৬০ গৰাকী ন’ন টিচিং ষ্টাফ। উল্লেখ্য যে দশক ধৰি প্ৰতিষ্ঠানটোৰ অংশ হৈ থকাসকলো বৰ্খাস্তৰ এই তালিকাত আছে।


লক্ষ্যণীয় বিষয় যে প্ৰতিষ্ঠানটোত কৰ্মসংস্থাপন পোৱা সকলোৱে সংস্থানটোৰ সৈতে চুক্তিবদ্ধ হৈ কাম কৰি আছিল৷ মন কৰিবলগীয়া যে এই শিক্ষক-কৰ্মচাৰীসকলৰ দৰমহা আগতে টাটা এডুকেশ্যন ট্ৰাষ্টৰ পৰাই আহিছিল আৰু সেই পুঁজি হ্ৰাস পোৱাৰ বাবে সংস্থানটোৱে এনে পদক্ষেপ গ্ৰহণ কৰিছিল। টাটা এডুকেশ্যন ট্ৰাষ্টৰ পৰা নৱীকৰণ কৰা অনুদানৰ অভাৱক বৰ্খাস্তৰ কাৰণ হিচাপে উল্লেখ কৰা হয়।
আনহাতে প্ৰতিষ্ঠানটোৰ বাকী শিক্ষক-কৰ্মচাৰীসকল বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউ জি চি) দৰমহাত স্থায়ী অধ্যাপক হিচাপে নিয়োজিত হৈ আছে। নাম প্ৰকাশত অনিচ্ছুক টাটা সামাজিক বিজ্ঞান সংস্থান গুৱাহাটীৰ বৰ্খাস্ত হোৱা এগৰাকী অধ্যাপকে কয় যে মে’ মাহত তেওঁলোকৰ চুক্তি শেষ হৈছিল যদিও চলিত মাহৰ আৰম্ভণিতে টাটা ট্ৰাষ্টৰ পৰা ই-মেইল আহিছিল আৰু য’ত পুঁজি নবীকৰণ নোহোৱালৈকে প্ৰতিষ্ঠানটোৰ কাম অব্যাহত ৰাখিবলৈ অনুৰোধ জনোৱা হৈছিল। তেওঁ কয় যে সেই মেইলৰ পৰা তেওঁলোকে চুক্তিখন নবীকৰণ কৰা হ’ব বুলি আশা কৰিছিল। তেওঁ লগতে কয় যে সিদিনা তেওঁলোকৰ বেছিভাগেই অনলাইন এডমিশ্যনত ব্যস্ত আছিল আৰু সন্ধিয়া চাকৰি বাতিলৰ পত্ৰখন লাভ কৰিছিল। তেওঁ কয় যে তেওঁ প্ৰতিষ্ঠানটোত ১১ বছৰ কাম কৰিছে আৰু চুক্তি অনুসৰি এমাহৰ জাননীৰ সময় নিদিয়াকৈ বৰ্খাস্ত কৰা হৈছিল।


কৰ্মচাৰীগৰাকীয়ে কয় যে জুন মাহৰ দৰমহা দাবী কৰিবলৈ তেওঁলোকক মাত্ৰ দুদিনৰ সময় দিয়া হয়। ইফালে বিষয়টো সন্দৰ্ভত টাটা সামাজিক বিজ্ঞান সংস্থানৰ শিক্ষক সন্থাই পৰিস্থিতিটোৰ বিষয়ে আলোচনা মিলিত হৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। উল্লেখ্য যে টাটা সামাজিক বিজ্ঞান সংস্থানে গুৱাহাটীৰ বহুসংখ্যক শিক্ষক-কৰ্মচাৰীক চাটাই কৰাত প্ৰতিষ্ঠানটোত অচলাৱস্থাই দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল। সামজিক মাধ্যমত প্ৰশ্ন উত্থাপিত হৈছিল- ‘‘টাটাৰ অযোধ্যাত মন্দিৰ কমপ্লেক্স সাজিবলৈ টকা আছে, কিন্তু শিক্ষাৰ ক্ষেত্ৰত খৰছ কৰিবলৈ নাই। কি আচৰিত ! JNU, DUৰ পিচত আন এখন শিক্ষানুষ্ঠানৰ ধ্বংস। আছেইনো কেইখন আমাৰ !’’ এনেদৰে এতিয়া বিষয়টো সন্দৰ্ভত বিভিন্নজনে সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।যাৰ বাবে চাকৰি বাতিলৰ সিদ্ধান্ত স্থগিত ৰাখিবলৈ বাধ্য হয়।

কঁঠাল খোৱাৰ বতৰ! ৭টা ৰোগৰ ঔষধ হৈছে কঁঠাল…

কঁঠাল এবিধ সুস্বাদু আৰু পুষ্টিকৰ ফল, কঁঠালে আপোনাৰ স্বাস্থ্যক বাবে বহু উপকাৰ প্ৰদান কৰে। কঁঠালক আঞ্জা বনাইও খোৱা হয়। কেৱল সুস্বাদু সোৱাদৰ বাবেই নহয়, কঁঠাল বহুতো স্বাস্থ্য উপকাৰীতাৰে সমৃদ্ধ। ইয়াত অধিক পৰিমাণৰ আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যাৰ বাবে ই স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট খাদ্য।

কঁঠাল খোৱাৰ উপকাৰীতাৰ বিষয়ে জানো আহক-

কঁঠালত অধিক পৰিমাণৰ আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ সুচাৰুৰূপে চলোৱাত সহায় কৰে। কঁঠালে কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে।কঁঠালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, কঁঠাল ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰ উত্তম উৎস, যিয়ে ৰোগ প্ৰতিৰোধৰ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। কঁঠালে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে, কঁঠালত পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে খনিজ পদাৰ্থ থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। কঁঠালে কেন্সাৰ প্ৰতিৰোধ কৰে, কঁঠালত থকা এন্টিঅক্সিডেন্টে কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে। কঁঠালে ওজন হ্ৰাস কৰাত সহায় কৰে।কঁঠালত কম কেলৰি আৰু অধিক আঁহ থাকে। ওজন কমাবলৈ আৰু সুস্থ ওজন বজাই ৰখাত ই সহায়ক হ’ব পাৰে।কঁঠাল তৰকাৰী, চালাড আৰু জলপান, আচাৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰিব পাৰি। কঁঠালৰ গুটিও খাব পাৰি।

সতীৰ্থৰ সৈতে জিম্বাৱৱেলৈ ৰাওনা অসম সন্তান ৰিয়ান পৰাগ…

জিম্বাৱৱেলৈ যাত্ৰা টীম ইণ্ডিয়াৰ।

সতীৰ্থৰ সৈতে ৰাওনা অসম সন্তান তথা ক্ৰিকেটাৰ ৰিয়ান পৰাগ।

৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব ৫খনকৈ T20 মেচ।

ভাৰতীয় স্থলসেনাৰ নতুন মুৰব্বী উপেন্দ্ৰ দ্বিবেদী, ৩০ সংখ্যক সেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ…

ভাৰতীয় সেনাৰ বৰ্তমানৰ চীফ অৱ আৰ্মি ষ্টাফ জেনেৰেল মনোজ পাণ্ডেই সেৱাৰ পৰা অৱসৰ লোৱাৰ পিচত দেওবাৰে জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ৩০ সংখ্যক চীফ অৱ আৰ্মি ষ্টাফৰ দায়িত্ব গ্ৰহণ কৰে। চীন আৰু পাকিস্তানৰ সৈতে সীমান্তত ব্যাপক অভিযানৰ অভিজ্ঞতা থকা জেনেৰেল দ্বিবেদীয়ে সেনাবাহিনীৰ ভাইচ চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । ১৯ ফেব্ৰুৱাৰীত সেনাবাহিনীৰ ভাইচ চীফ হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে জেনেৰেল দ্বিবেদীয়ে ২০২২-২০২৪ চনলৈকে উত্তৰ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। যি সময়ত ভাৰতে চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি)কে ধৰি বিভিন্ন নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, সেই সময়ত তেওঁ ১.৩ মিলিয়ন সেনাৰ দায়িত্ব লয়।


সেনা মুৰব্বী হিচাপে তেওঁ থিয়েটাৰ কমাণ্ড প্ৰৱৰ্তনৰ ক্ষেত্ৰত কেন্দ্ৰৰ অভিলাষী পৰিকল্পনাৰ ওপৰতো নৌসেনা আৰু ভাৰতীয় বায়ুসেনাৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব। ৰেৱাৰ সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ জেনেৰেল দ্বিবেদীয়ে ১৯৮৪ চনৰ ১৫ ডিচেম্বৰত ভাৰতীয় সেনাৰ ১৮ জম্মু-কাশ্মীৰ ৰাইফলছত কমিচন লাভ কৰে। পিচত তেওঁ ইউনিটক কমাণ্ড কৰে। প্ৰায় ৪০ বছৰীয়া দীৰ্ঘ আৰু বিশিষ্ট কেৰিয়াৰত তেওঁ বিভিন্ন ধৰণৰ কমাণ্ড, ষ্টাফ, নিৰ্দেশনামূলক আৰু বিদেশী নিযুক্তিত কাৰ্যনিৰ্বাহ কৰিছে । জেনেৰেল দ্বিবেদীৰ কমাণ্ড নিযুক্তিৰ ভিতৰত আছে কমাণ্ড অৱ ৰেজিমেণ্ট (১৮ জম্মু-কাশ্মীৰ ৰাইফল), ব্ৰিগেড (২৬ ছেক্টৰ আছাম ৰাইফলছ), ইন্সপেক্টৰ জেনেৰেল, আছাম ৰাইফলছ (পূব) আৰু ৯ কৰ্পছ। তেওঁ পৰম বিশিষ্ট সেৱা পদক, আতি বিশিষ্ট সেৱা পদক আৰু তিনিখন জিঅ’চি-ইন-চি প্ৰশংসা কাৰ্ড লাভ কৰিছে।


উত্তৰ সেনাৰ অধিনায়ক হিচাপে জেনেৰেল দ্বিবেদীয়ে উত্তৰ আৰু পশ্চিম সীমান্তত স্থায়ী অভিযানৰ পৰিকল্পনা আৰু নিষ্পাদনৰ বাবে কৌশলগত নিৰ্দেশনা আৰু কাৰ্যকৰী তদাৰকী প্ৰদান কৰাৰ উপৰিও জম্মু-কাশ্মীৰত গতিশীল সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ নেতৃত্ব দিছিল বুলি বিষয়াসকলে জনায়।এই সময়ছোৱাত বিষয়াগৰাকীয়ে চীনৰ সৈতে চলি থকা আলোচনাত সক্ৰিয়ভাৱে জড়িত হৈ আছিল বুলি তেওঁলোকে কয়। ভাৰতীয় সেনাৰ সৰ্ববৃহৎ সেনাবাহিনী কমাণ্ডৰ আধুনিকীকৰণ আৰু সজ্জিতকৰণৰ কামতো তেওঁ জড়িত আছিল, য’ত তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ অংশ হিচাপে থলুৱা সঁজুলি প্ৰৱৰ্তন কাৰ্যৰ পৰিচালনা কৰিছিল।

চচলত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন…

চচল শতদল শাখা সাহিত্য সভাৰ উদ্যোগত ৰৱীন্দ্ৰ নাথ দাস সভাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু আনুসাংগিক বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতাৰে উৰ্ত্তীণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়৷ চচল শতদল শাখা সাহিত্য সভাৰ সভাপতি তথা সাহিত্যিক থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে পশু চিকিৎসা বিভাগৰ গৱেষণা সঞ্চালক শিক্ষাবিদ ড° প্ৰবোধ বৰা আৰু বিশিষ্ট অতিথি হিচাপে ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শিক্ষাবিদ ৰামৰচন ভৰালী উপস্থিত থাকে৷ দুয়োগৰাকী শিক্ষাবিদে কৃতি ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে বহু কেইটা উল্লেখনীয় দিশ বিশ্লেষণ কৰি ভৱিষ্যতে যাতে এজন সফল ব্যক্তি হিচাপে সমাজত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হয় এই ক্ষেত্ৰত বহু কেইটা উল্লেখনীয় দিশ বিশ্লেষণ কৰি ছাত্ৰ-ছাত্ৰীসকলক মোহাচ্ছন্ন কৰি তুলে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা অলিস্মিতা মজুমদাৰ, অভিলাষা বৰ্মন, দিব্যান জ্যোতি বৰা, ভাৰ্গৱ শৰ্মা, নয়নমণি হালৈ, ঋষভ বৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব লাভ কৰা শতাব্দী টেৰণপি, কৃষ্টি কংকনা তালুকদাৰ, ৰীধিকা ভৰদ্বাজ, অংশুমান কাকতি, হীৰকজ্যোতি কাকতি, জুমন চন্দ্ৰ বৰ্মন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰা কৰ্ষিকা মহন্ত, এচিয়াই ইনষ্টিটিউটত অৱ টেকনলজিৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা উদ্বীপ্ত হাজৰিকা, চেইন্ট জেভিয়াৰ্ছ বিশ্ববিদ্যালয় ভুৱনেশ্বৰৰ পৰা সোণৰ পদকেৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা খ্যাতি কাশ্যপ আৰু নেপালত অনুষ্ঠিত দশম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপৰ কৃতি খেলুৱৈ কণমানি নিৰ্ভয় ভৰদ্বাজক ফুলাম গামোচা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে বিশেষ অভিনন্দন জ্ঞাপন কৰা হয়৷

বিশিষ্ট অনাতাঁৰ শিল্পী প্ৰণতি বৰুৱাৰ সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অভিনন্দন অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰী যথাক্ৰমে ঋষভ বৰা আৰু কৃষ্টি কংকনা তালুকদাৰৰ সুমধুৰ সংগীতে উপস্থিত সকলোকে আপ্লুত কৰে। শাখা সভাৰ সম্পাদক ড° কমল চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত মহানগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি হৰেশ্বৰ ডেকা, শাখা সভাৰ প্ৰাক্তন সভাপতি লোহিত হাজৰিকা আৰু প্ৰাক্তন উপায়ুক্ত ভুপেন্দ্ৰ চন্দ্ৰ দাসৰ লগতে শাখা সভাৰ কৰ্মকৰ্তা, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাৰ সহিতে শতাধিক ব্যক্তি উপস্থিত থাকে বুলি শাখা সভাৰ প্ৰচাৰ সম্পাদক ধনঞ্জয় তালুকদাৰে জানিবলৈ দিয়ে৷