Home Blog Page 696

মেধাৰ ভিত্তিত স্কুটী লাভ কৰা শিক্ষাৰ্থীকলৈ পৰিবহণৰ ব্যতিক্ৰমী পদক্ষেপ..

গুৱাহাটী,১ জুলাই ঃ উচ্চতৰ মাধ্যমিকত মেধাৰ ভিত্তিত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আচনিৰ অধীনত কামৰূপ মহানগৰ জিলাৰ পৰা স্কুটি লাভ কৰা ২,৯০৭গৰাকী শিক্ষাৰ্থীক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ দিয়ে পৰিবহণ বিভাগে। কাইলৈ প্ৰথম দিনটোত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ইতিমধ্যে মহানগৰীৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে যোগদান নিশ্চিত কৰা বুলি উল্লেখ কৰি পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে মেধাৱী শিক্ষাৰ্থীসকলৰ দ্বাৰা অনাগত দিনত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত বাহন চালনাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ গঢ়ি তোলাটোৱে প্ৰশিক্ষণৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰে।

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় চৌহদত ৰাতিপুৱা ১১বজাত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বৰেণ্য ব্যক্তিৰ উপস্থিতিত প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰা হ’ব। শিক্ষাৰ্থীসকলক এই প্ৰশিক্ষণ গ্ৰহণৰ ক্ষেত্ৰত অভিভাৱক সকলক পাৰ্যমানে সহযোগিতা আগবঢ়াবলৈ তেওঁ আহ্বান জনায়। উল্লেখ্য যে, প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধনৰ পিছতে আগন্তুক ৩১জুলাইলৈকে প্ৰতিটো খোলা দিনতে মহানগৰ জিলাখনৰ ১০০গৰাকীকৈ শিক্ষাৰ্থী, সৰ্বমুঠ ২,৯০৭ গৰাকীক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। বাহন চালনাৰ অনুজ্ঞাপত্ৰ এখন নিজে কেনেকৈ উলিয়াব পাৰি সেই সন্দৰ্ভতো প্ৰশিক্ষণত জ্ঞান প্ৰদান কৰা হ’ব।

বাৰ্বাডোছত ঘূৰ্ণীবতাহৰ আশংকাত বন্ধ বিমানবন্দৰ, যাত্ৰীৰ হাহাকাৰ! আৱদ্ধ ভাৰতীয় ক্ৰিকেট দল…

টি-২০ বিশ্বকাপৰ ফাইনেলৰ পিচতে ৱেষ্ট ইণ্ডিজত বতৰৰ পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে। বাৰ্বাডোছত ঘূৰ্ণীবতাহ বেৰিলৰ প্ৰভাৱ দেখা গৈছে। নেচনেল হাৰিকেন চেণ্টাৰে দেওবাৰে সন্ধিয়া আগজাননী দিছে যে দক্ষিণ-পূব কেৰিবিয়ানৰ ৱিণ্ডৱাৰ্ড দ্বীপপুঞ্জত ঘূৰ্ণীবতাহ বেৰিল বিপদজনক হোৱাৰ আশংকা আছে। বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে আটলাণ্টিক ঋতুৰ প্ৰথমটো ধুমুহাই সোমবাৰে ৱিণ্ডৱাৰ্ড দ্বীপপুঞ্জত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ।ইফালে পৰৱৰ্তী জাননী নোপোৱালৈকে বিমানবন্দৰত সকলো বিমানৰ চলাচল বন্ধ ৰখা হৈছে। আনহাতে টি-২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলটো দ্বীপটোতে আছে। কিন্তু প্ৰতিকূল বতৰৰ বাবে দ্বীপটোৰ পৰা বিমানৰ চলাচল বন্ধ হৈ থকাত দলটো, অনুৰাগীসকল, বিচিচিআইৰ বিষয়া আৰু সংবাদ মাধ্যমৰ লোকসকল দ্বীপটোত আৱদ্ধ হৈ আছে। লক্ষণীয়ভাৱে প্ৰত্যাশিত জৰুৰীকালীন সতৰ্কতা জাৰি কৰা হৈছে।


সূত্ৰৰ মতে, বিচিচিআইয়ে দিল্লীলৈ পোনপটীয়া বিমানৰ ব্যৱস্থা কৰিবলৈ প্ৰচেষ্টা চলাই আছে। দ্বীপটোলৈ এখন চাৰ্টাৰ বিমানৰ বাবে বিচিচিআইয়ে চেষ্টা চলাই আছে যাতে দলটোক সুৰক্ষিতভাৱে স্বদেশলৈ আনিব পৰা যায়। কিন্তু বিমানবন্দৰটো বন্ধ থকাৰ বাবে কোনো বিমানে ২৪ ঘণ্টা বা তাতকৈ অধিক সময়ৰ বাবে অৱতৰণ কৰিব নোৱাৰিব। অৱশ্যে এখন চাৰ্টাৰ বিমান আমেৰিকাৰ পৰা উৰা মাৰিব লাগিব যি হৈছে প্ৰায় ৫ ঘণ্টাৰ দূৰত্ব । অৱশ্যে সাগৰীয় ঘূৰ্ণীবতাহৰ সৈতে ঘণ্টাত ১০০ মাইললৈকে বতাহৰ গতি আৰু পৰৱৰ্তী ১৫ ঘণ্টাৰ বাবে প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ বাবে কোনো বিমানে কেৰিবিয়ান দ্বীপটোলৈ যাব নোৱাৰে । ইয়াৰ অৰ্থ হৈছে যদি বতৰে সহায় কৰে তেনেহ’লে বিজয়ী ভাৰতীয় দলটোৱে ১ জুলাইৰ নিশালৈ দ্বীপটো এৰিব পাৰিব। বিচিচিআইৰ সচিব জয় শ্বাহকে ধৰি বিচিচিআইৰ শীৰ্ষ বিষয়াসকলো সুৰক্ষিত ভ্ৰমণৰ অপেক্ষাত দ্বীপটোতে আছে। দক্ষিণ আফ্ৰিকাৰ দলটোৱে অৱশ্যে বিমানবন্দৰ বন্ধ কৰাৰ পূৰ্বে পুৱাই স্বদেশলৈ উৰা মাৰিছে। ইফালে, ক্ৰিকেট অনুৰাগীসকলো উদ্বিগ্ন হৈ পৰিছে । তেওঁলোকৰ বিমান বাতিল কৰা আৰু ৫ জুলাইলৈকে বিমান সংস্থাসমূহৰ কোনো আসন নোহোৱাৰ বাবে বিচলিত হৈছে।


আনহাতে হোটেলবোৰ উপকূলত থকাৰ বাবে প্ৰতিকূল বতৰৰ ভয়ত কোঠা সংৰক্ষণৰ ব্যৱস্থা কৰা নাই। এয়াৰ কানাডা, আমেৰিকান এয়াৰলাইনছ, কেৰিবিয়ান এয়াৰলাইনছ, ভাৰ্জিন আটলাণ্টিক আৰু জেটব্লুৰ অন্তিম খন বিমানে স্থানীয় সময় অনুসৰি আবেলি ৩.৩০ বজাত দ্বীপটো এৰিছে। বাকী বিমানবোৰ ঘূৰ্ণীবতাহৰ আশংকাত যাত্ৰা কৰিব পৰা নাই।

মহাবিদ্যালয়ৰ নামভৰ্তি মাচুল বৃদ্ধিৰ বিৰুদ্ধে সৰৱ আপ

গুৱাহাটী, ১জুলাই : “বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যখনত ধাৰাবাহিক ভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ,অত্যাচাৰ,বলাৎকাৰ আদিৰ ঘটনাই চৰম পৰ্যায় পাইছে। বিগত আঠ মাহত প্ৰায় ছয়শ নাৰী নিৰ্যাতন আৰু বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। এনে বৰ্ধিত অপৰাধমূলক ঘটনা অসমৰ সমাজ জীৱনৰ বাবে অতি চিন্তনীয় বিষয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ গৃহ বিভাগ তথা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে। পূৰ্বে সংঘটিত ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধে প্ৰশাসনে ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এনেধৰণৰ অবাঞ্চিত ঘটনাবোৰ ব্যাপক হাৰত বৃদ্ধি পাইছে।” আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই ৰাজ্যত সংঘটিত মহিলাৰ বিৰুদ্ধে অপৰাধ সন্দৰ্ভত এইদৰে মত ব্যক্ত কৰে। বলাৎকাৰৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আপৰ নেত্ৰী গৰাকীয়ে কয়,” এটা সমীক্ষা অনুসৰি অসমত দৈনিক কমেও ৩ টাকৈ বলাৎকাৰৰ ঘটনা সংঘটিত হয়। কিছুদিন পূৰ্বে কোকৰাঝাৰত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ পিছত যুৱতী গৰাকীৰ সহোদৰক নৃশংসভাৱে হত্যা কৰা হৈছিল। কেইদিনমান পূৰ্বেও ৰাজ্যখনত পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে। ৰাজ্যৰ প্ৰশাসন কঠোৰ নোহোৱা বাবেই বাৰম্বাৰ এনে ঘটনা সংঘটিত হ’বলৈ পাইছে। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটী বাচাওঁ, বেটী পঢ়াওঁ শ্লোগান দিছে সেই সময়তে অসমত বলাৎকাৰৰ বলি হোৱা মহিলা বা যুৱতী সকলে ন্যায় লাভৰ পৰাও বঞ্চিত হৈছে। আমি আম আদমী পাৰ্টিয়ে পঞ্জীয়নভূক্ত ধৰ্ষণৰ গোচৰ সমূহ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে নিষ্পত্তি কৰি দোষীৰ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাওঁ।”

আনহাতে ৰাজ্যৰ কেইবাখনো জিলা পুনৰ বানপানীৰ কবলত পৰিছে। বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে এককালীন সাহায্য আৰু বিধ্বংসী বানত ঘৰ-ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱা সকলৰ আবাসনৰ ব্যৱস্থাৰ বাবে আপৰ নেত্ৰী গৰাকীয়ে দাবী উত্থাপন কৰে। ইপিনে চৰকাৰে মহাবিদ্যালয় সমূহত স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ মাচুল বৃদ্ধিৰ বিৰোধিতা কৰে আম আদমী পাৰ্টিয়ে। হঠাতে শিক্ষা বিভাগে অত্যাধিক মাচুলৰ বোজা জাপি দিয়াৰ তীব্ৰ বিৰোধিতা কৰি আপৰ নেত্ৰী অনুৰূপা ডেকাৰজাই কয়, “চৰকাৰে ছাত্ৰ – ছাত্ৰী বা অভিভাৱক সকলৰ সক্ষমতাৰ কথা চিন্তা নকৰি কলা, বাণিজ্য শাখাৰ নামভৰ্তিৰ মাচুল ৪,০৬০ টকাৰ পৰা ৭,১৮০ টকালৈ বৃদ্ধি কৰিছে। বিজ্ঞান শাখাৰ মাচুলো ৪,৯৬০ টকাৰ পৰা ৭,৪৮০ টকালৈ বৃদ্ধি কৰিছে। এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আমি চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি আহ্বান জনাইছোঁ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকৰ মণিপুৰ যাত্ৰা..

গুৱাহাটী ,১জুলাই : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা ছাত্র ছাত্রীৰ এটা 20 জনীয় দল আজি মণিপুৰলৈ ৰাওনা হৈছে। ‘উত্তৰ পূৱ ৰাষ্ট্ৰীয় সেৱা আঁচনি উৎসৱ ‘ ত যোগদান কৰিবলৈ যোৱা পাঁচখন কলেজৰ মুঠ বিশ গৰাকী ছাত্র ছাত্রীৰ এই দলটিক নেতৃত্ব দিছে লক্ষীপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ প্ৰগাম অফিচাৰ ইমৰান মজিদে। ৰাষ্ট্ৰীয় সেৱা আঁচনি ৰ উত্তৰ পূৱ মাণ্ডলিক সঞ্চালকালয়ে মণিপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠানটিৰ আয়োজন কৰিছে । সুৰেন দাস মহাবিদ্যালয় , হাজো ,শৰাইঘাট মহাবিদ্যালয়, চাংসাৰি,শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়, ধিং মহাবিদ্যালয় আৰু লক্ষীপূৰ মহাবিদ্যালয়, গোৱালপাৰাৰ ছাত্র ছাত্রী সকলে মণিপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। অংশগ্রহণ কাৰী ছাত্র ছাত্রী সকল হ’ল: নিপু কলিতা, চাজিদ আলী,অংকিতা ডেকা, বন্দনা কলিতা, জিন্টু শৰ্মা, ৰাকেশ আলী, অনামিকা দাস, নিহা নাথ,অবিনাশ দেৱান, মৃগাংক কলিতা, সুস্মিতা দাস, ময়ূৰাক্ষী মহন্ত, সুসন শীল, পম্পি হাজং, সৰিতা হাজং, প্ৰণৱ বড়ো, বিশাল চক্ৰৱৰ্তী ,সুমিত শইকীয়া, ৰুঞ্জুমণি বড়ো আৰু দিক্ষীতা ডেকা ।


ছাত্র ছাত্রী সকলে বিভিন্ন প্ৰতিযোগিতাতো ভাগ লব। দলটিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক (ডঃ)
প্ৰতাপজ্যোতি সন্দিকৈ, পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ আৰু ছাত্র কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে অন্তৰভৰা শুভেচ্ছা জ্ঞাপন কৰিছে।

তিনিবছৰ ধৰি নিৰামিষ খাদ্য গ্ৰহণ কৰি আহিছে বিৰাট কোহলীয়ে! চিকেন-মাটন ত্যাগ কৰাৰ ৫টা অনন্য উপকাৰ…

নিজকে ফিট কৰি ৰাখিবলৈ বিৰাট কোহলীয়ে চিকেন-মাটন নহয় নিৰামিষ খাদ্য গ্ৰহণ কৰে। ক্ৰিকেটাৰগৰাকীয়ে প্ৰায় ৩ বছৰে নন-ভেজ খোৱা নাই। এজন খেলুৱৈয়ে নিজৰ খেলত ভাল প্ৰদৰ্শন কৰিবলৈ প্ৰচণ্ড ষ্টেমিনা আৰু ফিটনেছৰ প্ৰয়োজন। যাৰ বাবে তেওঁলোকৰ বাবে প্ৰটিনৰ বাবে পৰিপূৰক খাদ্যৰ লগতে কুকুৰা আৰু ছাগলী মাংস খোৱাটো প্ৰয়োজনীয় হৈ পৰে।

কিন্তু আপুনি জানি আচৰিত হ’ব যে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ২০২৪ চনৰ টি-২০ত বিস্ফোৰক প্ৰদৰ্শনৰ পিছত অৱসৰ লোৱা বিৰাট কোহলীয়ে ৩ বছৰ ধৰি সম্পূৰ্ণ নিৰামিষ খাদ্য গ্ৰহণ কৰি আহিছে।যদি আপুনি অনুভৱ কৰে যে আপুনি ফিট হৈ থাকিবলৈ নন-ভেজ খাদ্যৰ প্ৰয়োজন, তেন্তে ইয়াত আপুনি নিৰামিষ খাদ্যৰ উপকাৰিতাৰ বিষয়ে জানিব লাগিব-

নিৰামিষ খাদ্যত সাধাৰণতে সংপৃক্ত চৰ্বি আৰু কলেষ্টেৰল কম থাকে, যিবোৰ হৃদৰোগৰ প্ৰধান বিপদজনক কাৰক। বৰঞ্চ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট থাকে। এই পুষ্টিকৰ উপাদানসমূহে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, কলেষ্টেৰল হ্ৰাস কৰে আৰু ধমনীত প্লেক জমা হোৱাত বাধা দিয়ে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।

আমিষ খাদ্যৰ তুলনাত নিৰামিষ খাদ্যত সাধাৰণতে কম কেলৰি আৰু কম চৰ্বি থাকে। ফল-মূল, শাক-পাচলি, দাইল আৰু গোটা শস্যৰে সমৃদ্ধ নিৰামিষ খাদ্যই আপোনাক অধিক সময়ৰ বাবে তৃপ্ত কৰি ৰাখে আৰু অস্বাস্থ্যকৰ খাদ্যৰ প্ৰতি লোভ কমায়। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণত সহায় হয় আৰু মেদবহুলতাৰ সম্ভাৱনা হ্ৰাস পায়।

নিৰামিষ খাদ্য গ্ৰহণ কৰিলে কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে, যেনে কলৰেক্টাল কেন্সাৰ।

ভগৱানৰ বাঁহী চুৰ কৰিলে টীয়কৰ ৰাধাকৃষ্ণ মন্দিৰৰ পৰা…

টীয়কত সংঘটিত এক ঘটনাই ভাবিবলৈ বাধ্য কৰাইছে কোন দিশে গতি কৰিছে মানৱ সমাজ! দেওবাৰে নিশা টীয়ক নগৰৰ মাজমজিয়াস্থিত শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ মাৰোৱাৰী ঠাকুৰ বাৰীৰ মূল মূৰ্তি ৰাধাকৃষ্ণ মূৰ্তি কৃষ্ণ মূৰ্তিৰ পৰা ৰূপৰ বাঁহীটোৰ লগতে দানপাত্ৰৰ পৰা নগদ ধন চুৰি হোৱা ঘটনাই সমগ্ৰ মানৱ সমাজৰ উশৃংখলতাক প্ৰকাশ কৰিছে, লজ্জিত কৰিছে সকলোকে। জানিব পৰা মতে পুৱা মন্দিৰৰ পূজাৰীয়ে পূজা কৰিবলৈ মন্দিৰলৈ আহোতে কৃষ্ণৰ হাতত বাঁহীটো নেদেখি সকলোকে খবৰ দিয়ে।

ৰাইজ গোট খাই সমগ্ৰ পৰিবেশ অধ্যয়ন কৰি পাছফালৰ দৰ্জা ভাঙি মন্দিৰত প্ৰৱেশ কৰি এই চুৰি কাৰ্য সংঘটিত কৰিছে বুলি অনুমান কৰিছে। ইপিনে মন্দিৰৰ ষ্ট’ৰ ৰোমৰ তলা ভঙাৰ লগতে নিচেই কাষতে মন্দিৰৰ ভিতৰত গাঞ্জা প্ৰত্যক্ষ কৰিছে ৰাইজে।ভাঙৰ ৰাগিতে হয়তো এনে দুঃসাহস সংঘটিত কৰিছে বুলিও একাংশই মত প্ৰকাশ কৰিছে ৰাইজে।উল্লেখ্যযোগ্য যে স্বয়ং কৃষ্ণৰ মূৰ্তিৰ পৰা বাঁহী চোৰ হোৱা কাৰ্যত এতিয়া সমগ্ৰ টীয়কবাসী মৰ্মাহত হোৱাৰ লগতে এয়া মানৱ জাতিৰ বাবে অতি লজ্জাজনক ঘটনা বুলি অভিহিত কৰি উচিত ব্যৱস্থা বিচাৰি টীয়ক আৰক্ষীৰ কাষ চাপিছে মন্দিৰ পৰিচালনা সমিতি।

ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা লৈ ফোন প্ৰধানমন্ত্ৰী মোদীৰ…

আজি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা লৈ ফোন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই কথা সামাজিক মাধ্যমযোগে জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই ভয়াৱহ সংকটত সকলো প্ৰকাৰে ৰাজ্যবাসীক সহায় কৰাৰ আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ৷

দেৰগাঁৱত অঘটন! টুলুঙা নাৱৰ পৰা বাঢ়নী পানীত পৰি সন্ধানহীন বিশ্ব ভূঞা…

দেৰগাঁৱৰ গঁড়মৰা চকীয়ালত অঘটন। টুলুঙা নাৱৰ পৰা বাঢ়নী পানীত পৰি সন্ধানহীন বিশ্ব ভূঞা নামৰ এজন যুৱক।

ঘটনাস্থলীত বৰ্তমানেও উপস্থিত হোৱা নাই SDRF বাহিনীৰ দল। যুৱকজনক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে স্থানীয় ৰাইজে। চাৰি যুৱকে টুলুঙা নাৱেৰে যাত্ৰা কৰোঁতেই এই অঘটন।

আজিৰে পৰা দেশত বলৱৎ তিনিখন নতুন আইন! নাথাকিব পুৰনি IPC, CRPC আৰু IEA…

আজিৰে পৰা দেশত কাৰ্যকৰী তিনিখনকৈ নতুন ফৌজদাৰী আইন। তিনিখন নতুন ফৌজদাৰী আইন ক্ৰমে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম আজিৰে পৰা দেশত প্ৰযোজ্য হ’ব। কেন্দ্ৰীয় আইন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) অৰ্জুন ৰাম মেঘৱালে ঘোষণা কৰা অনুসৰি ২০২৪ চনৰ ১ জুলাইৰ পৰা নতুন ফৌজদাৰী আইন—ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় সুৰক্ষা সংহিতা, আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম—কাৰ্য্যকৰী কৰা হ’ব।এই আইনসমূহ ব্যাপকভাৱে সংশোধন কৰা হৈছে। আইনসমূহত শাস্তি আৰু জৰিমানৰো কেতবোৰ নতুন বিধান ৰখা হৈছে। বিজেপি সাংসদ ব্ৰিজলালৰ নেতৃত্বত গঠিত সংসদীয় সমিতিয়ে কৈছে যে গৃহ মন্ত্ৰালয়ে প্ৰস্তুত কৰা তিনিখন নতুন আইনৰ নাম হিন্দীত দিয়া হ’ব। কিন্তু সেই নাম ইংৰাজী লিপিত লিখা হ’ব।

গতিকে সেই নামবোৰ অসাংবিধানিক বুলি গণ্য কৰিব পৰা নাযাব। কেন্দ্ৰই ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ১২৪(ক) সংশোধন কৰাৰ সিদ্ধান্ত লৈছে। লোকসভাত তিনিখন আইন – ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া বিধি (চিআৰপিচি) আৰু ভাৰতীয় প্ৰমাণ আইন সলনি কৰাৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল। চিআৰপিচিৰ নাম সলনি হৈ হ’ব নাগৰিক সুৰক্ষা সংহিতা, এভিডেন্স এক্টৰ নাম সলনি হৈ হ’ব ভাৰতীয় সাক্ষ্য আইন। আইন তিনি খনৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত মেঘৱালে কয় “আইপিচি, চিআৰপিচি, আৰু ভাৰতীয় প্ৰমাণ আইন সলনি হৈছে। যথাযথ পৰামৰ্শৰ অন্তত উপযুক্ত প্ৰক্ৰিয়া অনুসৰণ কৰি তথা ভাৰতীয় আইন আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত আইনকেইখন সলনি কৰা হৈছে।’মেঘৱালে লগতে প্ৰকাশ কৰা মতে নতুন আইন তিনিখনৰ বাবে সকলো ৰাজ্যতে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।তেওঁ লগতে কয়, “আমাৰ ন্যায়িক একাডেমী, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়সমূহেও একেটা কামৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছে। সকলো একেলগে চলি আছে আৰু ১ জুলাইৰ পৰা অপৰাধমূলক ন্যায় ব্যৱস্থাৰ বাবে গুৰুত্বপূৰ্ণ এই তিনিওখন আইন দেশত কাৰ্যকৰী হ’ব।” ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত সাধাৰণ অপৰাধমূলক আইন অনুসৰি আৰক্ষীৰ জিম্মা ১৫ দিনৰ পৰা ৯০ দিনলৈ বৃদ্ধি কৰা হৈছে, অপৰাধৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি এই আইন খনত ৩৫৮টা ধাৰা থাকিব (আই পি চিত ৫১১টা ধাৰা আছিল)। আইনখনত মুঠ ২০টা নতুন অপৰাধ সংযোজন কৰা হৈছে আৰু ইয়াৰে ৩৩টা অপৰাধৰ কাৰাদণ্ডৰ সময় বৃদ্ধি কৰা হৈছে।

৮৩টা অপৰাধত জৰিমনাৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে ২৩টা অপৰাধত বাধ্যতামূলক নূন্যতম শাস্তি প্ৰৱৰ্তন কৰা হৈছে। ছটা অপৰাধৰ বাবে সামূহিক সেৱাৰ শাস্তি প্ৰৱৰ্তন কৰা হৈছে আৰু বিধেয়কখনৰ পৰা ১৯টা ধাৰা বাতিল বা আঁতৰাই দিয়া হৈছে। বিধেয়কখনত মুঠ ১৭৭টা বিধান সলনি কৰা হৈছে আৰু ইয়াত ৯টা নতুন ধাৰাৰ লগতে ৩৯টা নতুন উপ-ধাৰা সংযোজন কৰা হৈছে। খচৰা আইনখনত ৪৪টা নতুন বিধান আৰু স্পষ্টীকৰণ সংযোজন কৰা হৈছিল। ৩৫টা ধাৰাত সময়সীমা সংযোজন কৰা হৈছে আৰু ৩৫টা স্থানত অডিঅ’-ভিডিঅ’ৰ ব্যৱস্থা সংযোজন কৰা হৈছে। আইন খনৰ পৰা মুঠ ১৪টা ধাৰা বাতিল কৰা হৈছে। ভাৰতীয় সাক্ষ্য অধিনিয়মত ১৭০টা বিধান থাকিব (পূৰ্বৰ ১৬৭টা বিধানৰ পৰিৱৰ্তে) আৰু ইয়াত মুঠ ২৪টা বিধান সলনি কৰা হৈছে। আইন খনত দুটা নতুন বিধান আৰু ছটা উপ-বিধান সংযোজন কৰা হৈছে আৰু ছটা বিধান বাতিল বা বাদ দিয়া হৈছে। ভাৰতীয় ন্যা সংহিতা ঔপনিৱেশিক যুগৰ আইনসমূহৰ একেবাৰে বিপৰীত হ’ব।

নাগাদেৰাত যোৰহাট জিলা দিৱস উদযাপন…

আজি যোৰহাট জিলা দিৱস উপলক্ষে বলিমৰা ৰাজহ এলাকাধিন নাগাদেৰা হনুমান মন্দিৰৰ প্ৰেক্ষাগৃহত কণ কণ মইনা সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

গাঁওপ্ৰধান বিতুল লাহন, গাঁওৰক্ষী বাহিনীৰ সভাপতি কৃষ্ণ প্রশাদ শৰ্মাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি এই চিত্ৰাংকন প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হয়।

বিচাৰক হিচাবে কাকজন চাহ বাগিচা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক মহম্মদ সিফিজোৰ ৰহমানৰ লগতে লিপিকা শৰ্মাই অংশ উপস্থিত থাকে। প্ৰথম মহম্মদ এছলম আহমেদ, দ্বিতীয় ৰিয়ানোজ ৰাজুৱাৰ, আৰু তৃতীয় স্থান পাবলৈ সক্ষম হয় দীপিকা শৰ্মাই। অনুষ্ঠানত নাগাদেৰা হনুমান মন্দিৰৰ সভাপতি ভোগেশ্বৰ গিৰিৰ লগতে গাঁৱখনৰ মহিলা সকল উপস্থিত থাকি আজিৰ এই অনুষ্ঠানত সাফল্য মণ্ডিত কৰাৰ বাবে গাঁওৰক্ষী বাহিনীৰ সভাপতি কৃষ্ণ প্ৰশাদ শৰ্মাই সিকলোকে ধন্যবাদ জ্ঞাপন কৰে লগতে প্ৰত্যেক দেওবাৰৰ দিনা এই গাঁৱৰ কণ কণ শিশুসকলক চিত্ৰাংকন শিকাবৰ বাবে এজন শিক্ষকৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষনা কৰি সকলোৰে সহযোগিতাৰ বাবে অনুৰোধ জনায়।