Home Blog Page 699

‘কা আন্দোলন অসত্যৰ ওপৰত আধাৰিত আছিল’- হিমন্ত বিশ্ব শৰ্মা

‘কা আন্দোলন অসত্যৰ ওপৰত আধাৰিত আছিল’- হিমন্ত বিশ্ব শৰ্মা
এই পৰ্যন্ত ৮ জন লোকেহে নাগৰিকত্বৰ বাবে কৰিছে আবেদন
অসমত হোৱা ‘কা’ আন্দোলন অসত্যৰ ওপৰত আধাৰিত আছিল।নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অসমত ২০ লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি চলোৱা প্ৰচাৰ অসত্য বুলি প্ৰমাণিত হৈছে।
এতিয়া ‘কা’ আন্দোলনৰ কোনো প্ৰয়োজনীয়তা, প্ৰাসংগিকতা নাই। নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।


সোমবাৰে দিছপুৰৰ জনতা ভৱনত এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী
ড০ হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইনৰ অধাৰত মাত্ৰ ৮ জন লোকে অসমত নাগৰিকত্বৰ বাবে আবেদন কৰিছে বুলি দাবী কৰি কয় যে এই ৮ জনৰ আকৌ মাত্ৰ দুজনেহে সাক্ষাতকাৰৰ বাবে উপস্থিত হৈছে। এই তথ্য উল্লেখ কৰিয়েই তেওঁ ‘কা’ আন্দোলনক সমালোচনাৰ লক্ষ্য কৰি লয়।


উল্লেখ্য যে, বিৰোধী ৰাজনৈতিক দল, ছাত্ৰ তথা জাতীয়, জনজাতিয় সংগঠনৰ ব্যাপক আন্দোলনৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী আইন।

মাজুলীত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত মেগা স্বাস্থ্য শিবিৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, গড়মূৰ,১৫ জুলাই: মাজুলী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত উজনি মাজুলীৰ ৰতনপুৰ লাহন আয়ুষ্মান আৰোগ্য মন্দিৰ,ন-পমুৱা আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু ভ্ৰাম্যমাণ স্বাস্থ্য গোট (মাজুলী)ৰ সহযোগত মাজুলীৰ ৰতনপুৰ অঞ্চলৰ ১১৪ নং নিকিনিখোৱা প্ৰাথমিক বিদ্যালয়ত মেগা স্বাস্থ্য কেম্প সম্পন্ন কৰে।

মাজুলী জিলাৰ বিভিন্ন ভিতৰুৱা অঞ্চল সমূৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা এই মেগা স্বাস্থ্য শিবিৰত ১২০ ৰো অধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।৩৫ বছৰৰ ওপৰৰ ৰোগীৰ প্ৰথমে ৰক্তচাপ আৰু মধুমেহ ৰোগ পৰীক্ষা কৰি দেখা দিয়া লক্ষণ অনুসৰি ৰোগী সকলক বিভাগীয় অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা প্ৰদান কৰাৰ উপৰিও ৰোগী সকলৰ পৰা মেলেৰিয়া ৰোগৰ পৰীক্ষণৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰা হয়।

পূৰ্ণগতিত চলি আছে ৰাজ্যৰ ছিগা মথাউৰিৰ মেৰামতিৰ কাম

পূৰ্ণগতিত চলি আছে ৰাজ্যৰ ছিগা মথাউৰিৰ মেৰামতিৰ কাম, অত্যাধুনিক প্ৰযুক্তিৰে মাজুলীত সম্পূৰ্ণ কৰা হৈছে যুগুনিধাৰী (আলিমুৰ) মথাউৰিৰ কাম । ৰাজ্যৰ বান-খহনীয়া নিয়ন্ত্ৰণৰ বাবে আমি আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিছোঃ মন্ত্ৰী পীযুষ হাজৰীকা

ৰাজ্যৰ ছিগা মথাউৰিৰ মেৰামতিৰ কামসমূহ পূৰ্ণগতিত চলি আছে। ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে ৰাজ্যৰ ছিগা মথাউৰিসমূহ ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ কাম অব্যাহত ৰাখিছে। মাজুলীতো বিভাগটোৰ অধীনত ছিগা মথাউৰিৰ কাম দ্ৰুত গতিত সম্পূৰ্ণ কৰা হৈছে।

মাজুলীত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিগি নিয়া যুগুনিধাৰী (আলিমুৰ) মথাউৰিটোৰ দ অংশ অত্যাধুনিক প্ৰযুক্তিৰে জিঅ’ বেগত মাটি ভৰাই সম্পূৰ্ণ কৰা হৈছে। মথাউৰিটোৰ দুয়োটা মূৰ ছিগাৰ ১৫ দিনৰ ভিতৰত সংযোগ কৰা হৈছে। জলসম্পদ বিভাগে দিনে-নিশাই ক্ষিপ্ৰতাৰে কাম কৰি এই ছিগা অংশটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ কাম অব্যাহত ৰাখিছে। অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে এই তথ্য। জলসম্পদ বিভাগৰ অধীনত ৰাজ্যৰ ছিগা মথাউৰিৰ মেৰামতিৰ কামসমূহ পূৰ্ণগতিত চলি থকাৰ কথা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ বান-খহনীয়া নিয়ন্ত্ৰণৰ বাবে মন্ত্ৰীগৰাকীয়ে আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে ৰাজ্যৰ বান-খহনীয়া নিয়ন্ত্ৰণৰ বাবে আমি আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰি কাম অব্যাহত ৰাখিছো।

মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন সম্পন্ন…

প্ৰধান শিক্ষক অনুপ্ৰভা দেৱীক বিশেষ সন্মান প্ৰদান

মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৭৮ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনখন কমলাবাৰীস্থ মাজুলী মিলন সংঘৰ প্ৰেক্ষাগৃহত ১৩ আৰু ১৪ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে সফলতাৰে সম্পন্ন হয়। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি ক্ৰমে গছপুলি ৰোপণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণানন্দ কলিতাই, মূল পতাকা উত্তোলন কৰে মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰশান্ত বৰাই আৰু অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ভূৱন ৰাজখোৱাই। সন্মিলনীৰ প্ৰাক্তন সভাপতি সুনীল হাজৰিকাই স্মৃতি তৰ্পণ কৰাৰ পিছতে মাজুলীৰ বিভিন্ন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কুইজ-চিত্ৰাংকন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে ৰাজ্যিক বঁটা প্ৰাপ্ত শিক্ষয়িত্ৰী তথা সন্মিলনীৰ প্ৰাক্তন বিষয়ববীয়া সুভদ্ৰা বৰা শইকীয়াই।
দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি প্ৰথমে মাজুলী জিলাৰ বহু সংখ্যক শিক্ষক-শিক্ষয়িত্ৰী প্ৰতিনিধিৰ অংশগ্ৰহণত ‘বিষয় বাচনি সভা’ অনুষ্ঠিত কৰা হয়।

মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক বাবুল শইকীয়া আৰু প্ৰচাৰ সম্পাদক ৰাজীৱ কমল শইকীয়াই আঁত ধৰা আৰু কেন্দ্ৰীয় সমিতিৰ পৰা পৰ্যবেক্ষক ৰূপে উপস্থিত থকা জ্যোতি প্ৰসাদ বৰুৱাৰ পৰ্যবেক্ষণত বিজিত হাজৰিকাক সভাপতি (বিনা প্ৰতিদ্বন্দিতাৰে), ৰাজু ৰাজখোৱাক (মহিলা) উপ-সভাপতি, বাবুল শইকীয়াক সম্পাদক (বিনা প্ৰতিদ্বন্দিতাৰে), দেৱাশীষ মিশ্ৰক সহকাৰী সম্পাদক, জ্যোতিপ্ৰকাশ হাজৰিকাক কাৰ্যালয় সম্পাদক, দিলীপ গাম, অমৰজ্যোতি সাতোলা, ৰাজীৱ কমল শইকীয়াক (বিনা প্ৰতিদ্বন্দিতাৰে) ৰাজ্যিক সদস্য, মণিষা দত্তক ৰাজ্যিক সদস্যা, ৰঞ্জুমণি দাসক ৰাজ্যিক মহিলা প্ৰতিনিধি, পবিত্ৰ ফুকনক কোষাধ্যক্ষ, পবিত্ৰ মেধি আৰু পৰেশ বৰাক হিচাব পৰীক্ষক ৰূপে নিৰ্বাচিত কৰি এখন শক্তিশালী নতুন সমিতি গঠন কৰা হয়। ইয়াৰ পিছতে দ্বিতীয় কাৰ্যসূচী অনুসৰি মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰশান্ত বৰাৰ পৌৰহিত্বত অনুষ্ঠিত হোৱা ‘মুকলি সভা’ৰ শুভ উদ্বোধন কৰে জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি নৱকান্ত নাথে।

মুকলি সভাত অংশগ্ৰহণ কৰা বিভিন্ন শিক্ষক সংগঠনৰ প্ৰতিনিধি, অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী আৰু সন্মিলনীৰ প্ৰাক্তন বিষয়ববীয়াক সম্বৰ্দ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে এই আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ একাধিক বঁটা লাভ কৰি মাজুলী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৌষ্ঠৱ বৰ্দ্ধনত সবল ভূমিকা গ্ৰহণ কৰা খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনুপ্ৰভা দেৱীক শৰাই-সঁফুৰা, গামোচা আৰু সম্বৰ্দ্ধনা পত্ৰৰে উদযাপন সমিতিৰ সভাপতি ভুৱন ৰাজখোৱা, সম্পাদকদ্বয় জ্যোতিপ্ৰকাশ হাজৰিকা আৰু দেৱজিৎ শইকীয়াই বিশেষ সন্মান প্ৰদান কৰে। উক্ত সভাৰ আৰম্ভণিতে অনুপ্ৰভা দেৱী, মণীষা দত্ত, ইমন দত্ত, পলি হাজৰিকা, পিংকী ভৰালী, গীতাশ্ৰী কলিতা, ৰীতা বৰা, ৰশ্মি ৰেখা হাজৰিকা, ৰঞ্জুমণি দাস, ৰাজু ৰাজখোৱা, পূৰ্ণিমা শইকীয়া, প্ৰিয়ংকা নেওগ, মাইনু ভৰালী, জাহ্নু মিশ্ৰ, ভাগ্যশ্ৰী ভূঞা প্ৰমুখ্যে দহগৰাকীৰো অধিক সন্মিলনীৰ শিক্ষয়িত্ৰী-শিল্পী আৰু ইন্দ্ৰজিৎ বিশ্বাসৰ বাদ্য-যন্ত্ৰ সংগতকাৰী দলে পৰিৱেশন কৰা সমৱেত সংগীতে সভাখনক অনন্য মাত্ৰা প্ৰদান কৰে ।।

ষষ্ঠ উত্তৰ পূৰ্বাঞ্চল পেনচাক ছিলাট চেম্পিয়নশ্বিপৰ সফল সামৰণি ! চাৰি শতাধিক পদকেৰে শ্ৰেষ্ঠ দল অসম…

ষষ্ঠ উত্তৰ পূৰ্বাঞ্চল পেনচাক ছিলাট চেম্পিয়নশ্বিপৰ সফল সামৰণি: চাৰি শতাধিক পদকেৰে শ্ৰেষ্ঠ দল অসম

ষষ্ঠ উত্তৰ পূৰ্বাঞ্চল পেনচাক ছিলাট চেম্পিয়নশ্বিপত আয়োজক অসমে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিছে । গুৱাহাটী সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত ১২ জুলাইৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ১৪ জুলাই, দেওবাৰে সফল সামৰণি পৰে । মিজোৰামৰ বাহিৰে ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমে ১১৮ টা সোণ, ১২১ টা ৰূপ, ১৬৫ টা ব্ৰঞ্জেৰে মুঠ ৪০৪ টা পদক অৰ্জন কৰি শ্ৰেষ্ঠ বিজেতাৰ দলত পৰিণত হয়।

নাগালেণ্ড দলে ২৮ টা সোণ, ১৬ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জসহ ৬০ টা পদকেৰে দ্বিতীয় স্থানত ৰয় । মণিপুৰে ৩৫ টা, অৰুণাচল প্ৰদেশে ২৬ টা, মেঘালয়ে ১০, ত্ৰিপুৰাই ৮ আৰু ছিকিমে ৩ টা পদক জয় কৰে ।‌ অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত প্ৰতিযোগিতাখনিৰ সামৰণি অনুষ্ঠানত আই আই টি গুৱাহাটীৰ অধ্যাপক অনুপ কুমাৰ দাস,

উত্তৰ পূৰ্বাঞ্চল পেনচাক ছিলাট ফেডাৰেচনৰ সভাপতি খেভিচে চেমা, সম্পাদক কিপা টাকাৰ, টেকনিকেল ডাইৰেক্টৰ শ্যাম কুমাৰ সিং, অসম পেনচাক ছিলাট সন্থাৰ উপদেষ্টা উদয় বৰগোহাঁই, অসম ক্ৰীড়া প্ৰাধিকৰণৰ বিষয়া তথা অসম পেনচাক ছিলাট সন্থাৰ উপদেষ্টা বকুল কলিতা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ হিমাশ্ৰী পাঠককে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে । বঁটা বিতৰণী অনুষ্ঠানৰ আঁত ধৰে ৰাজ্যিক সন্থাৰ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিৎ দলে আৰু যুটীয়া সম্পাদক গগন বড়োৱে ।*

যোৰহাট জিলা সমিতিৰ মানৱ দৰদী কাৰ্য ! শতাধিক বানাক্ৰান্তক খাদ্য সামগ্ৰী প্ৰদান…

আজি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অন্তৰ্গত যোৰহাট জিলা সমিতিৰ এটি সজাতী দলে নিমাতী সমীপৱৰ্তি বানাক্ৰান্ত অঞ্চল ডাইনী গাঁও , চাৰিগাঁও চাপৰি , পুৰণি গোহাঁই গাওঁ আৰু হাতীগড় মৌজাৰ বালিচাপৰি বাৰপাইক আৰু ন- নৈ অঞ্চলৰ শতাধিক পৰিয়ালক খাদ্য সমগ্ৰী বিতৰণ কৰে । সমাজকৰ্মী জগন্নাথ অগ্নি বৰাৰ পদক্ষেপত সন্থাতোৰ উপসভাপতি দীগন্ত প্ৰদীপ নেওগ , জিলা সম্পাদক কৃঞ্চ প্ৰসাদ শৰ্মাই বানাক্ৰান্ত ৰাইজক বিপদৰ সময়ত

এশাৰী মাত দিয়াৰ লগতে প্ৰায় ৭০০ টকা পৰিমানৰ সামান্য খাদ্যৰ টোপোলা আগবঢ়োৱাৰ কথা অৱগত কৰে । এই ক্ষেত্ৰত স্থানীয় গাঁও প্ৰধান অচিন্ত দত্ত আৰু অতুল দত্তই সহযোগিতা কৰা বান সাহায্য প্ৰদান কাৰ্যসূচীত সৰ্ব ভাৰতীয় চাহ সংস্থাৰ সম্পাদক অচ্যুত প্ৰশাদ গগৈ, সদৌ অসম খুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় সদস্য দুৰ্লভ বৰা,

মৃণাল বৰদলৈ, যোৰহাট জিলা সমিতিৰ সহ সম্পাদক ৰঞ্জিত বৰা ,সাংগঠনিক সম্পাদক ভূপেন গগৈ, উজ্বল শইকীয়া , সদস্য ভাইজিত গগৈ , মহেশ গগৈ , পল্লৱ চলিহা , পূৰ্ণ শইকীয়া, মহেন্দ্ৰ বুঢ়াগোহাঁই , দ্বিজেন বৰপাত্ৰ , শৈল্যেন দোলাকাষৰীয়া , কামাখ্যা সাধনীদাৰ , পূৰ্ণ সহযোগ কৰে ।

মৰিয়নিৰ পৰা কৃষ্ণ প্ৰশাদ শৰ্মাৰ প্ৰতিবেদন

উদ্ধৱ ঠাকৰে ‘বিশ্বাসঘাতকতাৰ ভুক্তভোগী’ : শংকৰাচাৰ্য…

জ্যোতিৰ্মঠৰ শংকৰাচাৰ্য স্বামী অবিমুক্তিানন্দ সৰস্বতীয়ে দেওবাৰে মুম্বাইত থকা তেওঁৰ বাসগৃহ মাতোশ্ৰীত শিৱসেনাৰ ইউবিটি নেতা উদ্ধৱ ঠাকৰেক সাক্ষাৎ কৰে৷ বৈঠকৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি শংকৰাচাৰ্যই ঠাকৰেৰ সৈতে একাত্মতা প্ৰকাশ কৰে, যি শিৱসেনাৰ জ্যেষ্ঠ নেতা একনাথশিন্দে দলত উলম্ব বিভাজন ৰখাৰ পিছত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল৷” আমি সকলোৱে সনাতন ধৰ্মৰ অনুগামী। আমাৰ ওচৰত ‘পাপ’ আৰু ‘পুণ্য’ৰ এটা সংজ্ঞা আছে। বিশ্বাসঘাট’ক আটাইতকৈ ডাঙৰ পাপ বুলি কোৱা হয়, উদ্ধৱ ঠাকৰেৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছে,” স্বামী অবিমুক্তিেশ্বৰানন্দে কয়।

“মই উদ্ধৱ ঠাকৰে কৈছিলো যে তেওঁ সন্মুখীন হ’ব লগা বিশ্বাসঘাতকতাৰ বাবে আমি সকলোৱে দুখ পাইছিলো।তেওঁ পুনৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী নোহোৱালৈকে আমাৰ বেদনা নাযাব,” তেওঁ লগতে কয়।২০২২ চনৰ জুন মাহত ঠাকৰেৰ পদত্যাগৰ পিছত,একনাথ চিন্দে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে হাত মিলাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত, ভাৰতৰ নিৰ্বাচন আয়োগে শিন্দে গোটক প্ৰকৃত শিৱসেনা হিচাপে স্বীকৃতি দিছিল।

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ যোগ কৰ্মশালা আৰু মাহেকীয়া বৈঠক…

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত ১০ জুলাইৰ পৰা ১৩ জুলাইলৈ এখন চাৰিদিনীয়া যোগ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখনত শাখাৰ সদস্যা সকলৰ লগতে জালুকবাৰীৰ স্থানীয় কেইবাগৰাকী মহিলাই যোগদান কৰে। মানসী শৰ্মা আৰু অপৰ্ণা দেৱীৰ পৰিচালনাত সেই যোগ শিক্ষা অনুষ্ঠিত হয় l লগতে জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ পঞ্চমখন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত যোৱা ১৪ জুলাই গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় l

শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা আৰম্ভণি সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে l স্বৰচিত লেখা পাঠ অনুষ্ঠানত ভ্ৰমণ কাহিনী পাঠ কৰে বৈজয়িন্তী ৰাভা আৰু ডঃ অপৰ্ণা গোস্বামীয়ে, প্ৰবন্ধ পাঠ কৰে ভাৰতী চমুৱা আৰু ডঃ মীনা দেৱীয়ে l অঞ্জু দত্ত শইকীয়াই স্বৰচিত গল্প পাঠ কৰে l ৰুণুমী নাথ আৰু অঞ্জনা ৰাণী ভট্টাচাৰ্যই পাঠ কৰে স্বৰচিত কবিতা l

বৈঠকত ডঃ মাকনি দাসে জ্যোতি সংগীত, ৰুণুমী নাথে ৰাভা সংগীত আৰু অনিমা নাথ আৰু বীনাপানি দেৱীয়ে লোক গীত পৰিবেশন কৰে। ৰীতা হাজৰিকাই ভাগৱত পাঠৰ মাহাত্ম্য সন্দৰ্ভত ভাষণ প্ৰদান কৰে l উল্লেখযোগ্য যে সভাত অপৰ্ণা দেৱীয়ে যোগ সম্পৰ্কে বিস্তৃত বাখ্যা দাঙি ধৰে। অপৰ্ণা দেৱী আৰু গীতিকা দাসে কৌতুক পৰিবেশন কৰে। প্ৰজ্ঞা গোস্বামীৰ সভানেত্ৰীৰ মন্তব্যৰ পাছতে অসম সংগীতেৰে সমাপ্ত পৰা সভাৰ শলাগৰ শৰাই আগবঢ়াই অঞ্জনা ৰাণী ভট্টাচাৰ্যই l

আইএএছ বিষয়া পূজা খেদকাৰে এমবিবিএছৰ বাবে অ’বিচি কোটা ব্যৱহাৰ কৰিছিল..

ক্ষমতাৰ অপব্যৱহাৰ আৰু নিযুক্তিৰ নিয়ম উলংঘনৰ অভিযোগত প্ৰশিক্ষাৰ্থী আইএএছ বিষয়া পূজা খেদকাৰক লৈ হোৱা বিতৰ্কৰ মাজতে, নতুন প্ৰতিবেদনঅনুসৰি তেওঁ অ’বিচি নন-ক্ৰীমি লেয়াৰ কোটা ব্যৱহাৰ কৰি এমবিবিএছৰ বাবে নামভৰ্তি সুৰক্ষিত কৰিছিল। খবৰ অনুসৰি খেদকাৰে ভাঞ্জাৰী সম্প্ৰদায়ৰ বাবে সংৰক্ষিত অ’বিচি যাযাবৰ ট্ৰাইব-৩ শ্ৰেণীৰ অধীনত এমবিবিএছৰ বাবে পুনেৰ কাশীবাই নাভালে চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰাইছিল বুলি বিষয়টোৰ সৈতে পৰিচিত লোকসকলৰ উদ্ধৃতি দি প্ৰতিবেদন দিছিল।

প্ৰতিবেদন অনুসৰি, পূজা খেদকাৰৰ দেউতাক মহাৰাষ্ট্ৰত এজন সেৱাআগবঢ়োৱা আমোলা আছিল যেতিয়া তেওঁ অ’বিচি নন-ক্ৰীমি লেয়াৰ শ্ৰেণীৰ অধীনত নামভৰ্তি কৰিছিল।খেদকাৰে ব্যক্তিগত মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি লাভ কৰিছিল আৰু কমন এণ্ট্ৰেঞ্চ টেষ্ট নম্বৰ বিবেচনা কৰা হোৱা নাছিল৷

অৱশ্যে, কাশীবাই নাভালে চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক অৰবিন্দ ভোৰে কৈছিল যে খেদকাৰে ২০০৭ চনত চিইটিৰ জৰিয়তে নামভৰ্তি কৰিছিল৷ ভোৰে লগতে দাবী কৰিছিল যে বিতৰ্কিত আইএএছ বিষয়াই এখন চিকিৎসা ফিটনেছ প্ৰমাণপত্ৰ দাখিল কৰিছিল য’ত কোনো অক্ষমতাৰ কথা উল্লেখ কৰা নাছিল৷

ফকিৰগঞ্জ থানাৰ উপ-পৰিদৰ্শক ফজিয়েল হকক উৎকোচ লোৱাৰ সময়ত হাতে-লোটে আটক…

CM ভিজিলেন্সৰ জালত ফকিৰগঞ্জ থানাৰ উপ-পৰিদৰ্শক। উৎকোচ লোৱাৰ সময়ত হাতে-লোটে আটক উপ-পৰিদৰ্শক ফজিয়েল হকক।

গোচৰ মীমাংসাৰ নামত ভুক্তভোগীৰ পৰা দাবী কৰিছিল ৩০ হাজাৰ টকা।

৮ হাজাৰ টকা উৎকোচ লৈ থাকোঁতেই গ্ৰেপ্তাৰ বিষয়াজন।