Home Blog Page 7

Putin India Visit: পুটিনৰ ভাৰত ভ্ৰমণক লৈ উদ্বিগ্ন পাকিস্তান…

Putin India Visit: পুটিনৰ ভাৰত ভ্ৰমণক লৈ উদ্বিগ্ন পাকিস্তান
Putin India Visit: পুটিনৰ ভাৰত ভ্ৰমণক লৈ উদ্বিগ্ন পাকিস্তান

ভাৰতলৈ (Putin India Visit) আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি৷ চাৰি বছৰৰ পিছত দিল্লীলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাদিমিৰ পুটিন৷ পুটিনৰ দুদিনীয়া ভ্ৰমণসূচীৰ সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে৷ পিছে পুটিনৰ এই ভ্ৰমণে এতিয়া টোপনি কাঢ়িছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ৷ ভাৰত- ৰাছিয়াৰ বন্ধুত্বই পাকিস্তানক এতিয়া চিন্তাত পেলাইছে৷ পুটিনৰ এই ভ্ৰমণে পাকিস্তানক চিন্তাত পেলোৱাৰ মূল কাৰণ হ’ল কেইখনমান চুক্তি৷ যদি সেইসমূহ চুক্তি স্বাক্ষৰ হয় তেন্তে এয়া পাকিস্তানৰ সেনা মুৰব্বী অসীম মুনিৰৰ বাবে এক মূৰৰ কামোৰণি হৈ পৰিব পাৰে৷ পাকিস্তানী সংবাদ মাধ্যমতো দেশখনৰ চিন্তা প্ৰায় স্পষ্ট হৈ পৰিছে৷

জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে পুটিনৰ ভ্ৰমণ কূটনৈতিক বুলি কয়৷ লগতে কয় যে, ই ভাৰত-ৰাছিয়াৰ সম্পৰ্ক উন্নত কৰিব৷ ইয়াৰোপৰি কৌশলগত অংশীদাৰিত্ব, প্ৰতিৰক্ষা, তেল, অস্ত্ৰ-শস্ত্ৰ আদিত আলোচনা হ’ব পাৰে বুলি কয়৷ আন এগৰাকী জ্যেষ্ঠ পাকিস্তানী সাংবাদিকে কয় যে, ভাৰতে এছ-৫০০ অধিগ্ৰহণ কৰিবলৈ বিচাৰিছে৷ ই এফ-৩৫ক অধিগ্ৰহণ কৰিবলৈ বিচাৰিছে৷ক্ষেপণাস্ত্ৰ আমদানি কৰা হৈছে৷ ইয়াৰোপৰি বিভিন্ন চুক্তি স্বাক্ষৰ কৰিব বিচাৰিছে৷ ভাৰতে বিচাৰে পাকিস্তান বৰ্তমান আফগানিস্তানত ব্যস্ত হৈ থাকক, ইয়াৰ মাজত কিন্তু তেওঁলোকে পাকিস্তান আক্ৰমণ কৰিব বিচাৰিছে৷এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ এক বক্তব্য ভাইৰেল হৈ পৰিছে৷ এটা টিভি চেনেলৰ সৈতে হোৱা কথা-বতৰাত এই পাকিস্তানী সাংবাদিকগৰাকীয়ে কৈছে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কূটনৈতিক৷

ই আফগানিস্তানক সহায় কৰিব৷ ইয়াৰোপৰি ভাৰতে কিবা ডাঙৰ পৰিকল্পনা কৰি আছে৷ ভাৰত-ৰাছিয়াৰ মাজত হ’বলগীয়া প্ৰতিৰক্ষা, তেল, অস্ত্ৰ-শস্ত্ৰ চুক্তি আদিক লৈ পাকিস্তান ইতিমধ্যে চিন্তিত৷ ইয়াৰোপৰি মোদী আৰু পুটিনৰ আলোচনাত পাকিস্তান, সন্ত্ৰাসবাদ, আফগানিস্তান, বেলুচিস্তানৰ কথা উত্থাপন হ’ব পাৰে বুলি দেশখনে ভয় খাইছে৷ কিয়নো বেলুচিস্তানে দীৰ্ঘদিন ধৰি পাকিস্তানৰ সৈতে সংঘৰ্ষ কৰি আহিছে৷ কোৱা হয়, বেলুচিস্তানত ভাৰতেও সহায় কৰি আহিছে৷ ইয়াৰোপৰি যদি পুটিনে তালিবানক সমৰ্থন কৰে তেন্তে ই পাকিস্তানৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিব৷ কিয়নো বৰ্তমান আফগানিস্তান আৰু বেলুচিস্তান পাকিস্তানৰ এক ডাঙৰ সংকট৷

Simu Das: বিশ্বজয় কৰি অসম পালেহি অসম কন্যা চিমু দাস

বিশ্বজয় কৰি অসম পালেহি অসম কন্যা চিমু দাস
বিশ্বজয় কৰি অসম পালেহি অসম কন্যা চিমু দাস

অসম পালেহি(Simu Das) বিশ্বজয়ী অসম কন্যা চিমু দাস। দৃষ্টিহীন মহিলা টি-20 বিশ্বকাপত চেম্পিয়ন ভাৰত। দৃষ্টিহীন মহিলা টি-20 বিশ্বকাপৰ ভাৰতীয় দলৰ সদস্য চিমু দাস। গৃহভূমিত উষ্ম আদৰণি চিমু দাসক। বৰঝাৰ বিমানবন্দৰত খেলুৱৈগৰাকীক জনোৱা হয় উষ্ম আদৰণি। বিশ্বকাপ জয়ী কৰা প্ৰথম গৰাকী অসমীয়া দিব্যাংগ মহিলা ক্ৰিকেটা চিমু দাস

শ্ৰীলংকাত অনুষ্ঠিত হৈছিল প্ৰথম দৃষ্টিহীন টি-টুৱেণ্টি ক্ৰিকেট বিশ্বকাপ। ক্ৰিকেট বিশ্বকাপৰ খিতাপ জয়ী ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য অসম জীয়ৰী চিমু দাস গৃহভূমিত উপস্থিত হোৱাৰ পিছতে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা উষ্ম আদৰণি তথা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰত্যাহ্বান নেওচি বিশ্বৰ প্ৰেক্ষাপটত জিলিকি উঠিছে অসম গৌৰৱ চিমু দাস।

IndiGo Flights Cancellation: দেশজুৰি বিমান যাত্ৰীৰ হাহাকাৰঃ বাতিল ৬০০ ইণ্ডিগ’ বিমান যাত্ৰা

বাতিল ৬০০ ইণ্ডিগ’ বিমান যাত্ৰা
বাতিল ৬০০ ইণ্ডিগ’ বিমান যাত্ৰা

দেশজুৰি বিমান( IndiGo Flights Cancellation) যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশ। দেশজুৰি ৬০০ INDIGO বিমানৰ যাত্ৰা বাতিল। গুৱাহাটী বিমান বন্দৰতো হাহাকাৰ INDIGO যাত্ৰীৰ মাজত।INDIGO কর্তৃপক্ষলৈ DGCAৰ চমন জাৰি।

দুটা দিনত ৬ শতাধিক বিমান সেৱা বাতিল বিমান পৰিবহণ সংস্থাটোৰ। দিল্লীৰ পৰা ১৫০খন, মুম্বাইৰ পৰা ১১৮ খন বিমান চলাচল বাতিল। হায়দৰাবাদৰ পৰা ৭৯খন, বাংগালুৰুৰ পৰা ৯৯খন বিমানৰ চলাচল বাতিল। বিমান কৰ্মীৰ অভাৱ, কাৰিকৰী সমস্যাৰ বাবে বাতিল। যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰিলে ইণ্ডিগ’ কর্তৃপক্ষই।

দেশজুৰি মহাবিপৰ্যয়ৰ সন্মুখীন হৈছে ইণ্ডিগ’ এয়াৰলাইনছ। দুটা দিনত ৬ শতাধিক বিমান সেৱা বাতিল বিমান পৰিবহণ সংস্থাটোৰ। বৃহস্পতিবাৰৰ দিনটোতে ৪ শতাধিক বিমানৰ চলাচল বাতিল। ব্যাহত সেৱাৰ বাবে যাত্ৰীসকলক ক্ষমা বিচাৰিলে ইণ্ডিগ’ কৰ্তৃপক্ষই।

Sattriya Nritya: সদৌ অসম ভিত্তিত অনলাইন সত্ৰীয়া নৃত্য প্ৰতিযোগিতা

সদৌ অসম ভিত্তিত অনলাইন সত্ৰীয়া নৃত্য প্ৰতিযোগিতা
সদৌ অসম ভিত্তিত অনলাইন সত্ৰীয়া নৃত্য প্ৰতিযোগিতা

অসম সত্ৰ (Sattriya Nritya) মহাসভাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত পৰিৱেশ্য কলাৰ প্ৰশিক্ষণ কেন্দ্ৰ নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমীৰ উদ্যোগত সদৌ অসম ভিত্তিত এখন অনলাইন সত্ৰীয়া নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰথম পুৰস্কাৰ ৫০০১ টকা, স্মাৰক, অঙ্গ বস্ত্ৰ, আৰু প্ৰমাণ-পত্ৰ, দ্বিতীয় পুৰস্কাৰ ৩০০১ টকা, স্মাৰক, অঙ্গ বস্ত্ৰ আৰু প্ৰমাণ-পত্ৰ, তৃতীয় পুৰস্কাৰ ২০০১ টকা স্মাৰক, অঙ্গ বস্ত্ৰ আৰু প্ৰমাণ-পত্ৰ ।

আনহাতে দুটা উদগণি বঁটা থাকিব । ইয়াৰ উপৰি অংশগ্ৰহণকাৰী সকলো প্ৰতিযোগীক একাডেমীৰ ফালৰ পৰা প্ৰমাণ-পত্ৰ আগবঢ়োৱা হ’ব । আঠ বছৰ বয়সৰ পৰা বিশ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মুকলি থকা প্ৰতিযোগিতা খনত প্ৰতিযোগীয়ে শুদ্ধ সত্ৰীয়া সাজপাৰত লৱণু চুৰি কৃষ্ণ নৃত্য, ঝুমুৰাৰ ৰামদানি, নাদুভঙ্গীৰ ৰামদানি আৰু শুদ্ধ চালি নাচৰ ৰামদানি পৰিবেশন কৰিব পাৰিব । পৰিবেশনৰ সময় পাঁচ মিনিট ধাৰ্য কৰা হৈছে । পঞ্জীয়ন মাচুল মাত্ৰ ৩০০ টকা । প্ৰতিযোগীয়ে Nrityasurya Pankaj Baruah Sattriya Academy- ৰ পেজত নৃত্য পৰিবেশনৰ ভিডিও আপলোড কৰিব লাগিব । উল্লেখ্য যে, পূৰ্বে মঞ্চত পৰিবেশন কৰা ভিডিও প্ৰতিযোগিতাৰ বাবে গ্ৰহণযোগ্য নহ’ব । সকলো প্ৰতিযোগীয়ে বয়সৰ প্ৰমাণ-পত্ৰৰ ফটো কপি আৰু পঞ্জীয়ন মাচুলৰ স্ক্ৰীনশ্বট ৮৭৬১৯৯৫৫৯৫ নম্বৰত হোৱাটচপ্‌ যোগে পঠোৱাটো বাধ্যতামূলক ।

বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত ৰূপে বিবেচিত হ’ব । যোগদানৰ অন্তিম সময় ২৩ ডিচেম্বৰ ৰাতি ১২ বজালৈ মুকলি থাকিব । অহা ২৫ ডিচেম্বৰত একাডেমীৰ পেজত পুৰস্কাৰ ঘোষণা কৰা হ’ব আৰু অহা ২৭ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমীৰ বাৰ্ষিক উৎসৱত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হ’ব বুলি সঞ্চালক পংকজ বৰুৱাই জনাইছে ।

অসম গ্ৰন্থমেলা,শিলচৰত আলোচনা সত্ৰ ,ঐতিহাসিক চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত ইয়াৰ প্ৰাসংগিকতা । Assam Book Fair 2025

অসম গ্ৰন্থমেলা,শিলচৰত আলোচনা সত্ৰ ,ঐতিহাসিক চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত ইয়াৰ প্ৰাসংগিকতা । Assam Book Fair 2025
অসম গ্ৰন্থমেলা,শিলচৰত আলোচনা সত্ৰ ,ঐতিহাসিক চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত ইয়াৰ প্ৰাসংগিকতা । Assam Book Fair 2025

Assam Book Fair 2025 । ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা দহদিনীয়া অসম গ্ৰন্থমেলা অব্যাহত আছে বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ শিলচৰত ৷ ইয়াৰ পুলিচ পেৰেড গ্ৰাউণ্ডত ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে আয়োজন কৰা অসম গ্ৰন্থমেলা, শিলচৰত আজি বিয়লি অনুষ্ঠিত হয় “ঐতিহাসিক চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত ইয়াৰ প্ৰাসংগিকতা” শীৰ্ষক এখন আলোচনা সত্ৰ ৷ এই আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট নাট্যশিল্পী শান্তনু পালে ৷ তেওঁ কয় যে ভাৰতীয় চলচ্চিত্ৰই ঐতিহাসিক বিষয়ক লৈয়ে বিকাশৰ পথত আগবাঢ়িছিল ৷ ইয়াৰ ধাৰাবাহিকতা এতিয়াও অব্যাহত আছে ৷ বলিউদৰ বাহিৰেও বিভিন্ন আঞ্চলিক ভাষাতো এই পৰম্পৰা আছে ৷ ঐতিহাসিক বিষয়ক লৈ চলচ্চিত্ৰ নিৰ্মাণত বহুত প্ৰত্যাহ্বান থাকে ৷ অৱশ্যে সমান্তৰালভাৱে সফল হোৱাৰ অৰ্থাৎ দৰ্শকে আদৰি লোৱাৰো প্ৰচুৰ সম্ভাৱনা থাকে ৷

এই অনুষ্ঠানত আলোচক হিচাপে অংশগ্ৰহণ কৰি অসম বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ অধ্যাপক ড° আলফৰিদ হুছেইনে কয় যে চলচ্চিত্ৰৰ পটভূমি নিৰ্বাচনত নিৰ্মাতা সকল সাৱধান হোৱা দৰকাৰ ৷ ঐতিহাসিক বিষয় উপস্থাপনত যাতে কোনো ভুল তথ্য সংযুক্ত নহয় সেইটো সচতনভাৱে নিৰ্ণয় কৰিব লাগিব ৷ কাৰণ চলচ্চিত্ৰ এক শক্তিশালী গণ মাধ্যম ৷ গতিকে সমাজত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ থাকে ৷ আন এগৰাকী আলোচক, বিশিষ্ট চলচ্চিত্ৰ সমালোচক সন্দীপ আচাৰ্যই দাদা চাহেব ফাল্কেৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক ভাৰতীয় চলচ্চিত্ৰলৈ উত্থান-পতন, সফলতা-বিফলতাৰ দিশবোৰৰ সাম্যক বিশ্লেষণ আগবঢ়ায় ৷ ইতিসাহক ভিত্তি কৰি নিৰ্মাণ হোৱা বিভিন্ন চলচ্চিত্ৰৰ বিপুল সফলতা আৰু ইয়াৰ ভিন্ন ত্ৰুটীৰ বিষয়ে তেওঁ আঙুলিয়াই দিয়ে

বিশেষকৈ ঐতিহাসিক পটভূমিত নিৰ্মিত চলচ্চিত্ৰ কেৱত বাণিজ্যিকভাৱে সফল হ’লেই কলা উত্তীৰ্ণ হোৱাটো নুবুজাই বুলি উল্লেখ কৰি তেওঁ কয়——“ এনে চলচ্চিত্ৰই প্ৰকৃত তথ্য দেখুৱাব পাৰিব লাগিব ৷” অন্য এগৰাকী আলোচক, অসম বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ গৱেষক স্বপ্ননীল সেনে ইতিহাসক বিষয় হিচাপে লৈ নতুন প্ৰজন্মই চলচ্চিত্ৰত প্ৰৱেশ কৰা বুলি সদৰী কৰে ৷ এয়া চলচ্চিত্ৰ উদ্যোগৰ ভৱিষ্যতৰ বাবে আশাপ্ৰদ বুলি কয় তেওঁ ৷ ইয়াৰ পাছতে অসম গ্ৰন্থমেলা, শিলচৰৰ আজি চতুৰ্থ দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৰয়েল কনভেন্ট হায়াৰ ছেকেণ্ডাৰী স্কুল, কাঞ্চকান্তি বিদ্যা মন্দিৰ আৰু ৰধামাধৱ কলেজে ৷

National Handicraft Week: গুৱাহাটীত উত্তৰ-পূবৰ শিল্পকলাৰ ঐতিহ্য উদযাপন কৰিব ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ ২০২৫-এ

National Handicraft Week: গুৱাহাটীত উত্তৰ-পূবৰ শিল্পকলাৰ ঐতিহ্য উদযাপন কৰিব ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ ২০২৫-এ
National Handicraft Week: গুৱাহাটীত উত্তৰ-পূবৰ শিল্পকলাৰ ঐতিহ্য উদযাপন কৰিব ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ ২০২৫-এ

ভাৰত চৰকাৰৰ(National Handicraft Week) বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটী উন্নয়ন আয়ুক্তৰ (হস্তশিল্প) উত্তৰ-পূব আঞ্চলিক কাৰ্যালয়ৰ কাৰ্যালয়ে অহা ৮ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ এক হস্তশিল্প সপ্তাহজোৰা উদযাপনৰ আয়োজন কৰাৰ প্ৰস্তুতি চলাইছে। ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ ২০২৫-এ উত্তৰ-পূবৰ সৃষ্টিশীলতাক চিনাকী কৰাই দিবলৈ সাজু হৈছে।

এই ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ ২০২৫ প্ৰদৰ্শনীত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনীসকলে অংশ ল’ব, য’ত বেত আৰু বাঁহৰ সামগ্ৰী, হস্ততাঁত, জনজাতীয় কলাকৃষ্টি আৰু প্ৰাকৃতিক বস্তুৰে নিৰ্মিত সৃষ্টিকে ধৰি বিভিন্ন ধৰণৰ হস্তনিৰ্মিত সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব। লাইভ প্ৰদৰ্শন, প্ৰদৰ্শনী, আলোচনা চক্ৰ আৰু ইন্টাৰেক্টিভ অধিৱেশনৰ জৰিয়তে দৰ্শকে শিল্পীসকলৰ সৈতে পোনপটীয়াকৈ জড়িত হ’ব পাৰিব আৰু অঞ্চলটোৰ শিল্প উদ্যোগসমূহৰ আধাৰত থকা দক্ষতা, ঐতিহ্য আৰু বহনক্ষম পদ্ধতিসমূহৰ বিষয়ে সাম্যক জ্ঞান লাভ কৰিব পাৰিব।

আয়োজকসকলে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে শিল্পীসকলৰ জীৱিকাৰ উন্নতিৰ লগতে হাতেৰে নিৰ্মিত সামগ্ৰীৰ প্ৰতি মানুহক উৎসাহিত কৰা। ব্যৱসায়িক সম্পৰ্ক শক্তিশালী কৰি আৰু স্থানীয় শিল্পকৰ্মৰ বাবে উত্তৰ-পূবৰ হস্তশিল্প খণ্ডৰ মান্যতা বৃদ্ধিত সহায় কৰিব বিচাৰে।

National Handicraft Week 2025: শিল্প গুৰু মণ্টু চন্দ্ৰ দাসে শুভাৰম্ভ কৰিব ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ ২০২৫

শিল্প গুৰু মণ্টু চন্দ্ৰ দাসে শুভাৰম্ভ কৰিব ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ ২০২৫
শিল্প গুৰু মণ্টু চন্দ্ৰ দাসে শুভাৰম্ভ কৰিব ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ ২০২৫

গুৱাহাটী মহানগৰীৰ দিছপুৰৰ PWD(National Handicraft Week 2025) কনফাৰেন্স আৰু ট্ৰেইনিং চেণ্টাৰত ৮ ডিচেম্বৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উপলক্ষে চলি আছে প্ৰস্তুতি। বস্ত্ৰ মন্ত্রালয়ৰ অধীনস্থ ডেভেলপমেণ্ট কমিচনাৰ (হেণ্ডিক্ৰাফ্টছ), উত্তৰ-পূৰ্বাঞ্চলীয় ৰিজিয়নেল অফিচ (nero)-এ এই অনুষ্ঠানটো আয়োজন কৰিছে, য’ত উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক আৰু শৈল্পিক ঐতিহ্যক বিশেষভাৱে প্ৰদৰ্শন কৰা হ’ব।

৮ ডিচেম্বৰত সপ্তাহযোৰা অনুষ্ঠানটোৰ আনুষ্ঠানিক উদ্বোধন হ’ব, য’ত খ্যাতনামা শিল্পগ্ৰু শ্ৰী মণ্টু চ. দাসে প্ৰদৰ্শনী লগতে ক্ৰাফ্ট ডেমনৰাস্ট্ৰেচন প্ৰগ্ৰাম (cdp)-ৰ উদঘাটন কৰি শিল্পী, অংশগ্ৰহণকাৰী আৰু অতিথিকসকলক সম্বোধন কৰিব। তেওঁ পৈতৃক হস্তশিল্প সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ সম্ভাৱনা।

উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ শিল্পীসকলে এই প্ৰদৰ্শনীত অংশ ল’ব, য’ত বাঁহৰ সামগ্ৰী, হস্ত নিৰ্মিত বস্ত্ৰ, আদিবাসী শিল্পকর্ম সামগ্ৰী আৰু আধুনিক হস্তশিল্প উদ্যোগসমূহ প্ৰদৰ্শিত হ’ব। অতিথিসকলে লাইভত চাব পাৰিব এই দৰ্শনী, আন্তঃক্ৰিয়া মূলক অধিবেশনত অংশগ্ৰহণ কৰিব আৰু দক্ষতা উন্নয়ন আৰু সংস্কৃতি চেতনাৰ ওপৰত ভিত্তি কৰা ছেমিনাৰত উপস্থিত থাকিব তেওঁলোক।

এই অনুষ্ঠানটোৱে শিল্পীসকলৰ জীৱিকাক গুৰুত্ব দিব, বিস্তৃত্ব বজাৰ প্ৰদান আৰু স্থানীয়ভাৱে উৎপাদিত হাতৰ কামৰ সামগ্রী ব্যৱহাৰ কৰিবলৈ অন্য লোকক উৎসাহিত কৰিবলৈ লক্ষ্য ৰাখিছে, ‘ভোকেল ফৰ লোকেল’ আৰু ‘মেইড ইন ইণ্ডিয়া’।

অনুষ্ঠানটো আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন, অঞ্চলটোৰ আগ্ৰহী শিল্পানুৰাগী, ছাত্ৰ-ছাত্ৰী, উদ্যোগপতি আৰু সাধাৰণ লোকৰ মাজত আশা-আকাংক্ষা বৃদ্ধি পাইছে।

Gaurav Gogoi: লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ প্ৰসংগ উত্থাপন গৌৰৱ গগৈৰ

লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ প্ৰসংগ উত্থাপন গৌৰৱ গগৈৰ
লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ প্ৰসংগ উত্থাপন গৌৰৱ গগৈৰ

লোকসভাত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন সাংসদ গৌৰৱ গগৈৰ।(Gaurav Gogoi)

ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ প্ৰসংগ উত্থাপন গৌৰৱ গগৈৰ।

যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ NH37ৰ জৰাজীৰ্ণ অৱস্থা।

পথৰ জৰাজীৰ্ণ অৱস্থাৰ কথা জনালে পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক জনালে গৌৰৱ গগৈয়ে।

গাডকাৰীয়ে অতি শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা উন্নত হ’ব বুলি দিলে প্রতিশ্রুতি।

৬ মাহৰ ভিতৰত হ’ব জাঁজী-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতি।

অতি শীঘ্ৰে চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কাম আৰম্ভৰো আশ্বাস।

সংসদৰ শীত কালীন অধিৱেশনত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভত প্ৰশ্ন কৰে সাংসদ গৌৰৱ গগৈয়ে।

অসমৰ বাট-পথসমূহৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে।

যোৰহাট আৰু ডিব্ৰুগড়ৰ মাজৰ দূৰত্ব যথেষ্ট বেছি আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বহু ঠাইত পথটোৰ অৱস্থা অতি বেয়া।

এই সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক অনুৰোধ জনাই গৌৰৱ গগৈয়ে।

Post Malone: অসমলৈ আহিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কণ্ঠশিল্পী পোষ্ট মেলন‌

অসমলৈ আহিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কণ্ঠশিল্পী পোষ্ট মেলন‌
অসমলৈ আহিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কণ্ঠশিল্পী পোষ্ট মেলন‌

সংগীতৰ (Post Malone) লহৰ তুলিবলৈ অসমলৈ আহিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কণ্ঠশিল্পী পোষ্ট মেলন‌।

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ব্যাপক জনসমাগমৰ আশংকা।

৮ ডিচেম্বৰত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ কনচাৰ্ট।

ৰাজ্যৰ পৰ্যটন বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে এই অনুষ্ঠান।

‘Book my show’ত টিকট প্ৰায় শেষ।

সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ’ব সংগীতানুষ্ঠান। 

Zubeen Garg: লণ্ডনত কনচাৰ্ট কৰি পোৱা ধন ক’ত দান কৰিছিল জুবিন গাৰ্গে ?

লণ্ডনত কনচাৰ্ট কৰি পোৱা ধন ক'ত দান কৰিছিল জুবিন গাৰ্গে ?
লণ্ডনত কনচাৰ্ট কৰি পোৱা ধন ক'ত দান কৰিছিল জুবিন গাৰ্গে ?

বেৰিষ্টাৰ (Zubeen Garg) হৈ প্ৰথমবাৰৰ বাবে অসমলৈ আহিল হাফিজ ইলিয়াছ হুছেইন আনছাৰী। বুধবাৰে গুৱাহাটী বিমানবন্দৰত পদাৰ্পন কৰাৰ পিছত তেওঁক অসংখ্য শুভাকাংশীয়ে সম্বৰ্দ্ধনা জনায়। এক সংগ্ৰামী ব্যক্তিত্বৰ নাম হৈছে ইলিয়াছ হুছেইন আনছাৰী। ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ অশেষ দুখ, কষ্ট, সংগ্ৰাম কৰি আজি তেওঁ এই সফলতা এই সন্মান লাভৰ অধিকাৰী হৈছে।

লণ্ডনৰ পৰা আহিয়েই পোনে পোনে নিজ বাসগৃহলৈ নগৈ জুবিন গাৰ্গৰ কাহিলীপাৰা ঘৰত উপস্থিত হয় ইলিয়াছ হুছেইন আনছাৰী। লণ্ডনত কনচাৰ্ট কৰি জুবিন গাৰ্গে লাভ কৰা ধন ক’ত ধন যে অনাথ শিশুক দান কৰিছিল সেয়াও জনালে ইলিয়াছে। জুবিন গাৰ্গৰ ন্যায়ক লৈয়ো মন্তব্য কৰে ইলিয়াছে। লগতে কয় ‘জুবিন গাৰ্গ কেৱল অসমৰে নহয়, সমগ্ৰ দেশৰ বাবে আছিল এক ৰত্ন’।