Home Blog Page 70

গুৱাহাটী আৰক্ষী আয়ুক্তৰ স্থায়ী ভৱন, স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা আৰু ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ শুভ উদ্বোধন

গুৱাহাটী আৰক্ষী আয়ুক্তৰ স্থায়ী ভৱন, স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা আৰু ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ শুভ উদ্বোধন
গুৱাহাটী আৰক্ষী আয়ুক্তৰ স্থায়ী ভৱন, স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা আৰু ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ শুভ উদ্বোধন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে গুৱাহাটীত আৰক্ষী আধুনিকীকৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে গুৱাহাটী আৰক্ষী আয়ুক্তৰ স্থায়ী ভৱন, স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা (ICSS) আৰু ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ আনুষ্ঠানিক উদ্বোধন কৰে।

মুঠ ১১১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন স্থায়ী কাৰ্যালয় ভৱনটো খানাপাৰা অঞ্চলত অৱস্থিত। ১০ মহলীয়া এই ভৱনত গুৱাহাটী আৰক্ষীৰ সকলো শাখা একেটা ছাতাৰ তলত কাৰ্যনিৰ্বাহ কৰিব পাৰিব। ভৱনটোত ৪০০ জন বিষয়াৰ বহাৰ সুবিধাৰ লগতে আধুনিক পুথিভঁৰাল আৰু আৰ্কাইভ স্থাপন কৰা হৈছে।

এই অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহে একে সময়তে ২০০০ চিচিটিভি কেমেৰাৰে সজ্জিত স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা (Integrated Command and Control System – ICCC) মুকলি কৰে। ১৮১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই অত্যাধুনিক ব্যৱস্থাটোৰ জৰিয়তে গুৱাহাটীৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে। ইয়াত ৬০ টা নাগৰিক সুৰক্ষা আৰু সতৰ্কতামূলক ব্যৱস্থা সংযোজন কৰা হৈছে, যিয়ে অপৰাধ নিয়ন্ত্ৰণ আৰু তৎক্ষণাৎ প্ৰতিক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ইয়াৰ উপৰিও গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি মোতায়েন কৰিবলগীয়া ৩৯ খন ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ ফ্লেগ অফ কৰে। এই বাহনসমূহে ঘটনাস্থলীতেই বৈজ্ঞানিক অনুসন্ধান সম্পন্ন কৰি অপৰাধ তদন্ত অধিক গতিশীল আৰু স্বচ্ছ কৰি তুলিব।

একেলগে গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যিক অপৰাধ অনুসন্ধান বিভাগৰ উদ্যোগত নতুন ন্যায় সংহিতাসমূহ সম্পৰ্কে এখন বিশেষ প্ৰদৰ্শনীও উদ্বোধন কৰা হয়। এই প্ৰদৰ্শনীত নতুন আইনসমূহৰ মূল বৈশিষ্ট্য, প্ৰয়োগ পদ্ধতি আৰু নাগৰিক অধিকাৰসমূহ সম্পৰ্কে জনসাধাৰণক অৱগত কৰা হয়।

উল্লেখযোগ্য যে, নতুন ভৱনটোত পৰিৱেশ-অনুকূল ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত বৰষুণৰ পানী সংৰক্ষণ ব্যৱস্থা, নলা পৰিশোধন ব্যৱস্থা আৰু ৪২.৩ কিলোৱাট ক্ষমতাৰ সৌৰ শক্তি উৎপাদন ব্যৱস্থা স্থাপন কৰা হৈছে।

এই সকলো প্ৰকল্পৰ জৰিয়তে অসম আৰক্ষীক অধিক আধুনিক, দক্ষ আৰু প্ৰযুক্তিনিৰ্ভৰ কৰি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে বুলি মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ, শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰসহ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ।

গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ, শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰসহ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ।
গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ, শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰসহ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অসম ভ্ৰমণকালীনভাৱে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ ‘জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ’ আনুষ্ঠানিকভাৱে মুকলি কৰে। গুৱাহাটীৰ খানাপাৰা অঞ্চলত ৪৫ বিঘা (১৪.৮৫ একৰ) ভূমিত নিৰ্মিত এই প্ৰেক্ষাগৃহটো ২৯১ কোটি টকা ব্যয় সাপেক্ষে গঢ়ি তোলা হৈছে।

৫ হাজাৰ দৰ্শক একেলগে বহিব পৰা এই আধুনিক প্ৰেক্ষাগৃহটোক উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এক নতুন মাইলফলক হিচাপে অভিহিত কৰা হৈছে। মূল প্ৰেক্ষাগৃহৰ উপৰিও ইয়াত আধুনিক কনভেনচন চেণ্টাৰ, পাঁচটা ভিআইপি ছুইট, ৪৫০ খন বাহন ৰখাব পৰা বহুস্তৰীয় পাৰ্কিং ব্যৱস্থা, অত্যাধুনিক দৃশ্য-শ্ৰব্য প্ৰযুক্তি আৰু ডিজিটেল আন্তঃগাঁথনি স্থাপন কৰা হৈছে। এই প্ৰকল্পটো সম্পূৰ্ণৰূপে সেউজ শক্তিনির্ভৰ, যাৰ বাবে ছাদত সৌৰ পেনেল স্থাপন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জন্মগত হৃদৰোগত আক্রান্ত হৈ সুস্থ হোৱা ১,০০০ জন শিশুক বিশেষভাৱে সন্মান জনায়। ইয়াৰ লগতে তেওঁ গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয় ভৱন আৰু ২০০০ টা চিচিটিভি কেমেৰা সংযুক্ত আধুনিক নিৰীক্ষণ ব্যৱস্থাৰো শুভ উদ্বোধন কৰে। আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যিক অপৰাধ তদন্ত বিভাগে আয়োজন কৰা নতুন অপৰাধ আইন বিষয়ক প্ৰদৰ্শনীটোও শ্বাহে মুকলি কৰে।

ইয়াৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত নিৰ্মিত ‘শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰায় ২২৭ কোটি টকা ব্যয়েৰে নিৰ্মিত এই আধ্যাত্মিক আৰু সাংস্কৃতিক ক্ষেত্ৰটো অসমৰ ধৰ্মীয় ঐতিহ্য সংৰক্ষণ আৰু বিশ্বদৰবাৰত অসমীয়া সংস্কৃতিক প্ৰতিষ্ঠা কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে শ্বাহে। উদ্বোধনী ভাষণত তেওঁ কয় যে, এই ধৰণৰ প্ৰকল্পে অসমক আধ্যাত্মিক, সাংস্কৃতিক আৰু পৰ্যটনৰ ক্ষেত্ৰত নতুন উচ্চতালৈ লৈ যাব।

সমগ্ৰ কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে অসমক সংস্কৃতি, পৰ্যটন আৰু উন্নয়নৰ নতুন দিশলৈ আগুৱাই নিবলৈ দৃঢ় প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে।

Tara Sutaria: প্ৰেমিকৰ সন্মুখতে প্ৰেমিকাক চুম্বন অন্য যুৱকৰ !

প্ৰেমিকৰ সন্মুখতে প্ৰেমিকাক চুম্বন অন্য যুৱকৰ !
প্ৰেমিকৰ সন্মুখতে প্ৰেমিকাক চুম্বন অন্য যুৱকৰ !

শেহতীয়াকৈ (Tara Sutaria) কণ্ঠশিল্পী এ পি ধিলনৰ কনচাৰ্টত দেখা গ’ল বলীউডৰ অভিনেত্ৰী তাৰা সূতাৰিয়াক। এই অনুষ্ঠানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে, য’ত দেখা গৈছে যে এ পিয়ে তাৰাক চুম্বন কৰা। দৰ্শকৰ মাজত উপস্থিত থকা তাৰাৰ প্ৰেমিক তথা অভিনেতা বীৰ পাহাৰিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইয়াৰ ফলত তাৰা আৰু বীৰৰ বিচ্ছেদৰ উৰাবাতৰিৰ সৃষ্টি হৈছিল যদিও অভিনেত্ৰীগৰাকীয়ে এতিয়া নিজৰ মৌনতা ভংগ কৰিছে।

তাৰা সুতাৰিয়াই এ পি ধিলনৰ কনচাৰ্টৰ ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কণ্ঠশিল্পীগৰাকীৰ সৈতে মঞ্চত নাচি থকা দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, “অতি উৎসাহ আৰু গৌৰৱেৰে আমি সকলোৱে ইয়াত আছো। এ পি ধিলন এজন প্ৰিয়। কি আচৰিত নিশা! মুম্বাই, আমাৰ গীতটোৰ প্ৰতি থকা সকলো মৰমৰ বাবে ধন্যবাদ আৰু আমি একেলগে আৰু অধিক সংগীত আৰু স্মৃতি সৃষ্টি কৰিবলৈ আশা কৰিছো।”

তাৰা সুতাৰিয়াই আৰু লিখিছে, “মিছা কথাই আমাক একো কৰিব নোৱাৰে আৰু নকৰেও! শেষত প্ৰেম আৰু সত্যই প্ৰাধান্য পায়।” তাৰাৰ সেই পোষ্টত বীৰ পাহাদিয়াইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ মন্তব্যত লিখিছে, “মোৰ ৰিয়েকচন ভিডিঅ’টো এতিয়াৰ নহয়, আন এটা গীতৰ শ্বুট কৰা সময়ৰ ভিডিঅ”

মন কৰিবলগীয়া যে তাৰা সুতাৰিয়া আৰু বীৰে চলিত বৰ্ষৰ আগষ্ট মাহত তেওঁলোকৰ সম্পৰ্কক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে দুয়োৰে সম্পৰ্ক নিশ্চিত কৰে। তদুপৰি শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত বীৰে তাৰাৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে কয় যে, “মই আনন্দিত যে আমি প্ৰথম লগ পোৱাৰ পৰাই আমাৰ প্ৰেমক মুকলিকৈ স্বীকাৰ কৰিছো।”

২৫ বছৰ সম্পূৰ্ণ কৰিলে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমখন ইয়েৰবুক ‘শৰাইঘাট অসম ইয়াৰবুক’ এ

২৫ বছৰ সম্পূৰ্ণ কৰিলে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমখন ইয়েৰবুক ‘শৰাইঘাট অসম ইয়াৰবুক’ এ
২৫ বছৰ সম্পূৰ্ণ কৰিলে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমখন ইয়েৰবুক ‘শৰাইঘাট অসম ইয়াৰবুক’ এ


ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকা, চাকৰি প্ৰাৰ্থীকে ধৰি সমাজৰ আন সকলো স্তৰৰ পঢ়ুৱৈৰ কথা মনত ৰাখি প্ৰস্তুত কৰা অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম ইয়েৰবুক ‘শৰাইঘাট অসম ইয়াৰবুক’এ এইবেলি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে । ২০০২ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা শৰাইঘাট অসম ইয়াৰবুক-২০২৬ গ্ৰন্থখনৰ এইবেলি তথ্যৰ মেটমৰা সম্ভাৰেৰে ২৫ সংখ্যক বৰ্ষৰ সংস্কৰণ প্ৰকাশ পাইছে।


শৰাইঘাট অসম ইয়াৰবুক-২০২৬ গ্ৰন্থখন প্ৰকাশ কৰিছে পাণবজাৰ, গুৱাহাটীৰ আৰজি পাব্লিকেশ্বনছে আৰু গ্ৰন্থখন সম্পাদনা কৰিছে জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰই।ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি সমাজৰ সকলো স্তৰৰ লোকৰ বাবে প্ৰয়োজনীয় বিবেচিত হোৱা ১২৩২ পৃষ্ঠাৰ শৰাইঘাট অসম ইয়াৰবুক-২০২৬ত অসম, ভাৰত আৰু বিশ্বৰ হাজাৰ হাজাৰ অতি প্ৰয়োজনীয় তথ্য সন্নিবিষ্ট কৰা হৈছে।


অসম, ভাৰত, বিশ্বৰ ইতিহাস, সংস্কৃতি, আৰু সাম্প্ৰতিক পৰিস্থিতিৰ এক দলিলৰ ৰূপত প্ৰকাশ কৰা হৈছে গ্ৰন্থখন। ইউপিএছচি, এপিএছচিৰ দৰে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আৰু অন্যান্য ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও গ্ৰন্থখন উপযোগী বুলি বিবেচিত হৈছে।গ্ৰন্থখনত কৃষি, উদ্যোগ, শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি, কেৰিয়াৰ, চলচ্চিত্ৰ, নাটক আৰু বিভিন্ন খণ্ডৰ শেহতীয়া তথ্য অন্তৰ্ভুক্ত কৰা হৈছে। শৰাইঘাট অসম ইয়াৰবুক-২০২৬ গ্ৰন্থখনে ৰাজ্যখনৰ বৈচিত্ৰ্যময় পৰম্পৰা, শিল্পকলা, উৎসৱ, আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ কথা তথ্য সহকাৰে প্ৰকাশ কৰিছে।ইয়াত জনসংখ্যা, সাক্ষৰতাৰ হাৰ, দৰিদ্ৰতা নিৰাময়ৰ ব্যৱস্থা, আয়ৰ বিতৰণ আৰু মানৱ উন্নয়নৰ সূচকাংক আদি দিশসমূহ সামৰি লোৱা হৈছে।গ্ৰন্থখনত অসমৰ প্ৰগতি, ঐতিহ্য, সাম্প্ৰতিক পৰিস্থিতিৰ সাৰমৰ্ম সন্নিবিষ্ট কৰা হৈছে। গৱেষক, ছাত্ৰ-ছাত্ৰী, অসমৰ প্ৰতি আগ্ৰহী যিকোনো ব্যক্তিৰ বাবে গ্ৰন্থখন উপযোগী হব বুলি গ্ৰন্থখনৰ সম্পাদক দুলাল মিশ্ৰ তথা প্ৰকাশক ৰাকেশ গোস্বামীয়ে জনাইছে। উল্লেখ্য ‘শৰাইঘাট অসম ইয়াৰবুক-২০২৬’ত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনাই বিশেষ শিতান এটাও ৰখা হৈছে। ইতিমধ্যে গ্ৰন্থখনক অসমৰ বিদ্বৎ সমাজে আদৰি লোৱা পৰিলক্ষিত হৈছে।

বৰক্ষেত্ৰীৰ লাৰকুছিত সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বিশাল আয়োজন

বৰক্ষেত্ৰীৰ লাৰকুছিত সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বিশাল আয়োজন
বৰক্ষেত্ৰীৰ লাৰকুছিত সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বিশাল আয়োজন

বৰক্ষেত্ৰীৰ ৰামপুৰ- লাৰকুছিৰ কুৰুৱাট্টাৰী বড়ো চুপা সমন্বয় ক্ষেত্রত ২৯ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰী ২০২৬ ইংৰাজী বৰ্ষলৈ সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বিশাল আয়োজন চলিছে।

উছমান আহমেদৰ(মেণ্টৰ) তত্বাৱধানত সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আয়োজন কৰিছে। সৰবৰহী যুৱক আনোৱাৰ হুছেইন(বৰা)ক পৰিচালনা সমিতিৰ সভাপতি, জাহিদুল ইছলামক কাৰ্য্যকৰী সভাপতি, ফাৰুক হুছেইন, ৰফিকুল ইছলাম আৰু একাব্বৰ আহমেদক পৰিচালনা কমিটিৰ যুটীয়া সম্পাদক, আলতাফ হুছেইন(বৰাক) তদাৰক কমিটিৰ সম্পাদক, শ্বাহৰুখ হুছেইন আৰু ছোৰহাব আলী, আবুবক্কৰ ছিদ্দিকক উপদেষ্টা হিচাপে লৈ গঠিত সমিতিয়ে জনোৱা অনুসৰি, ২৯ ডিচেম্বৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা স্বচ্ছ অভিযান,পতাকা উত্তোলনৰ পিছতে বৃক্ষৰোপণ কৰে ১৯ নং হৰিপুৰ জিলা পৰিষদৰ সদস্য হাইদৰ আলী আহমেদে। সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্ধোধন কৰে ডা:চাহনুৰ আলী আৰু হাইদৰ আলী আহমেদে।


আবেলি ৫ বজাত অসমৰ হিয়াৰ আমঠু, হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ সমূহীয়া শ্ৰদ্ধাঞ্জলিৰ লগতে আত্মাৰ চিৰশান্তি কামনাৰে বন্তি প্ৰজ্বলন কৰিব। সন্ধিয়া ৭ বজাত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ প্ৰিয়ংকা কলিতাৰ গীতৰ শৰাইৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্ত পৰিব। উল্লেখ্য যে প্ৰতি বছৰে এই গ্ৰন্থ আৰু বাণিজ্য মেলাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে ৫ ৰ পৰা ৬ হেজাৰ লোকে আহি ভীৰ কৰে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ উদ্বোধন, উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ উদ্বোধন, উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।
বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ উদ্বোধন, উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

অসম চৰকাৰৰ উদ্যোগত নিৰ্মিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰতিকূল বতৰৰ বাবে কিছু পলমকৈ গুৱাহাটীত উপস্থিত হোৱাৰ পিছত সেনা হেলিকপ্টাৰৰ জৰিয়তে তেওঁ পোনে পোনে বটদ্ৰৱাত উপস্থিত হয়।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানক এক বিশ্বমানৰ আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে এই বৃহৎ প্ৰকল্পটো বাস্তৱায়ন কৰিছে। প্ৰায় ১৬২ বিঘা বেদখলমুক্ত ভূমিত প্ৰায় ২১৭ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই ঐতিহাসিক প্ৰকল্প।

এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক আদৰ্শ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰ কৰা লগতে দেশ-বিদেশৰ দৰ্শনাৰ্থীসকলৰ বাবে এক আধুনিক আধ্যাত্মিক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা।

প্ৰকল্পটোৰ অন্তৰ্ভুক্ত উল্লেখযোগ্য আকৰ্ষণসমূহৰ ভিতৰত আছে—
বিশ্বৰ আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা কলাত্মক উপাদানেৰে সজ্জিত অতিথিশালা, পৰম্পৰাগত অসমীয়া বাদ্য-তালৰ আৰ্হিত নিৰ্মিত শিল্পকেন্দ্ৰ, খোলৰ আকাৰত নিৰ্মিত গৱেষণা কেন্দ্ৰ, নাওৰ আদলত নিৰ্মিত দক্ষতা উন্নয়ন কেন্দ্ৰ আৰু পৰম্পৰাগত জাপিৰ আৰ্হিত নিৰ্মিত এটা আধুনিক থিয়েটাৰ।

এই প্ৰকল্পৰ জৰিয়তে অসমে আধ্যাত্মিক, সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্ৰত এক নতুন মাইলফলক স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে।

Molai Forest 2.0: কোনে মোলাই কাঠনিত জুই লগালে ?

কোনে মোলাই কাঠনিত জুই লগালে ?
কোনে মোলাই কাঠনিত জুই লগালে ?

অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত অগ্নিসংযোগ দুৰ্বৃত্তৰ।(Molai Forest 2.0)

সেউজ অৰণ্য জ্বলাই ধ্বংস একাংশ দুৰ্বৃত্তৰ।(Jadav Payeng)

ব্ৰহ্মপুত্ৰৰ চাপৰিৰ নতুনকৈ সংযোগ কৰা মোলাই কাঠনি ২.০ত অগ্নিসংযোগ দুৰ্বৃত্তৰ।

দুষ্কৃতিকাৰীয়ে শেষ কৰি পেলালে ১০০ হেক্টৰৰ অৰণ্য।

দুৰ্বৃত্তৰ এনে কাণ্ডত স্তম্ভিত প্ৰকৃতিপ্ৰেমীগৰাকী।

ধ্বংস হৈ যায় প্ৰায় ৫ৰ পৰা ৬ হাজাৰ নতুনকৈ ৰোপণ কৰা গছপুলি।

অৰণ্য মানৱ যাদৱ পায়েঙৰ ‘মোলাই কাঠনি’ত দুষ্কৃতিকাৰীৰ চকু।

দুষ্কৃতিকাৰীয়ে শেষ কৰি পেলালে ১০০ হেক্টৰৰ অৰণ্য। ধ্বংস হৈ যায় প্ৰায় ৫ৰ পৰা ৬ হাজাৰ নতুনকৈ ৰোপণ কৰা গছপুলি।

Sarbananda Sonowal: সৰ্বানন্দ সোনোৱালে উন্মোচন কৰিলে ভূপেন দা কা সুৰিলা চফৰ

সৰ্বানন্দ সোনোৱালে উন্মোচন কৰিলে ভূপেন দা কা সুৰিলা চফৰ
সৰ্বানন্দ সোনোৱালে উন্মোচন কৰিলে ভূপেন দা কা সুৰিলা চফৰ

অসম আৰু ভাৰতবৰ্ষৰ (Sarbananda Sonowal) সাংস্কৃতিক জগতৰ অমৰ নক্ষত্ৰ, ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিশীল কৰ্মৰাজিক সামৰি প্ৰাতঃ খবৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক আজহাৰ আলমে লিখা গ্ৰন্থ *‘ভূপেন দা কা সুৰিলা চফৰ“ (ভূপেনদাৰ সুৰীয়া যাত্ৰা) দেওবাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে উন্মোচন কৰে। গুৱাহাটীৰ জ্যোতিকুচিৰ কাৰ্বী পথস্থিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাসগৃহত আয়োজিত সংক্ষিপ্ত কিন্তু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজহাৰ আলমৰ এই দ্বিতীয় গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা প্ৰকাশিত ১৮৪ পৃষ্ঠাৰ এই গ্ৰন্থখনত ড° ভূপেন হাজৰিকাৰ জীৱন, সৃষ্টিশীল প্ৰতিভা আৰু অমলিন সাংস্কৃতিক অৱদানৰ বিভিন্ন দিশ সুস্পষ্টভাৱে উপস্থাপন কৰা হৈছে।

এই উপলক্ষে মন্ত্ৰী সৰ্বানন্দ সোনোৱালে গ্ৰন্থখনৰ সাহিত্যিক মান আৰু সাংস্কৃতিক গুৰুত্বৰ প্ৰশংসা কৰি কয় যে ড° ভূপেন হাজৰিকা কেৱল অসমৰে কণ্ঠ নহয়, তেওঁ আছিল সমগ্ৰ ভাৰতীয় আত্মাৰ প্ৰতিধ্বনি।
তেওঁ কয়—
“ভূপেন দাদাৰ সংগীত মানৱিক সংবেদনশীলতা, সামাজিক দায়বদ্ধতা আৰু জাতীয় ঐক্যৰ গভীৰ চেতনাৰ পৰা উদ্ভৱ হৈছিল। হিন্দী ভাষাত ৰচিত এই গ্ৰন্থখন উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য ৰাষ্ট্ৰীয় স্তৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এক শক্তিশালী সেঁতু হিচাপে কাম কৰিব।”
সোনোৱালে আৰু কয় যে এইধৰণৰ সাহিত্যিক প্ৰয়াসসমূহে সাংস্কৃতিক সংলাপ অধিক সমৃদ্ধ কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ বাকী অংশৰ মাজত মানসিক আৰু বৌদ্ধিক সংযোগ শক্তিশালী কৰে। তেওঁ আশা প্ৰকাশ কৰে যে এই গ্ৰন্থখনে বিশেষকৈ যুৱ প্ৰজন্মক ড° হাজৰিকাৰ চিন্তা, মূল্যবোধ আৰু চিৰকালীন শিল্পদৰ্শনৰ সৈতে পৰিচিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অনুষ্ঠানটোৰ পৰিচালনা কৰে জ্যেষ্ঠ সাংবাদিক শৈলেন কলিতাই। আৰম্ভণিত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ সম্পাদক ড° ক্ষিৰদা কুমাৰ শইকীয়াই কয় যে ড° ভূপেন হাজৰিকাৰ জন্ম শতাব্দী বৰ্ষত এই গ্ৰন্থখন প্ৰকাশ কৰিব পাৰি সমিতিয়ে গৌৰৱ আৰু আত্মতৃপ্তি অনুভৱ কৰিছে। তেওঁ লগতে কয় যে লেখকে অতি যত্ন আৰু সংবেদনশীলতাৰে এই মহান শিল্পীৰ জীৱনক শব্দৰূপ দিছে।


গ্ৰন্থৰ লেখক আজহাৰ আলমে নিজৰ বক্তব্যত কয় যে ‘ভূপেন দা কা সুৰিলা চফৰ’ তেওঁৰ দ্বিতীয় সাহিত্যিক কৃতি। এই গ্ৰন্থখনৰ জৰিয়তে তেওঁ ড° হাজৰিকাৰ জন্মৰ পৰা আৰম্ভ কৰি এজন ৰাষ্ট্ৰীয় তথা বৈশ্বিক সাংস্কৃতিক প্ৰতীকৰূপে গঢ় লৈ উঠাৰ যাত্ৰাক বিস্তৃতভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। তেওঁ আশা প্ৰকাশ কৰে যে পাঠকসমাজে এই গ্ৰন্থখন আদৰৰে গ্ৰহণ কৰিব আৰু ভূপেন দাদাৰ অমৰ উত্তৰাধিকাৰ নতুন প্ৰজন্মলৈ আগবঢ়াব। অনুষ্ঠানটোত সমিতিৰ দায়িত্বপ্ৰাপ্ত সাহিত্য সম্পাদক ৰামনাথ প্ৰসাদ, সমিতিৰ অন্যান্য বিষয়ববীয়া, সাংবাদিক আৰু সাহিত্যনুৰাগী উপস্থিত আছিল।

Akhil Gogoi: গৃহমন্ত্ৰী অমৃত শ্বাহক অসমলৈ আহি হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবলৈ আহ্বান অখিল গগৈৰ

অমৃত শ্বাহক অসমলৈ আহি হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবলৈ আহ্বান অখিল গগৈৰ
অমৃত শ্বাহক অসমলৈ আহি হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবলৈ আহ্বান অখিল গগৈৰ

ৰাইজৰ দলৰ (Akhil Gogoi) ধেমাজি বিধান সভাৰ সমষ্টি সমিতিৰ উদ্যোগত দেওবাৰে ধেমাজি নগৰৰ হোটেল স্ৱৱাগত সভাগৃহত এখন কৰ্মী সভা আৰু যোগদান অনুষ্ঠান অনুষ্ঠিত হয়। ৰাইজৰ দল অসমৰ উপ সভাপতি বাবুল সোণোৱালে উদ্দেশ্য ব্যাখা কৰা সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত ভালে সংখ্যক লোকে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

ইয়াৰ পিছতে স্বভাৱসূলভ ভাষণেৰে আগন্তুক নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহবান জনায়৷
ইয়াৰ পিছতে ছয় জনগোষ্ঠী জনজাতিকৰণ ,অসমলৈ অমৃত শ্বাহ আগমনক লৈ আৰু গেৰুকামুখৰ nhpc বান্ধক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে ৷

ছয় জনগোষ্ঠীক জনজাতিকৰনৰ সম্পৰ্কত তেওঁ কয় -“ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰিলে প্ৰবঞ্চনা কৰিলে আনফালেদি মিচিঙকে ধৰি জনজাতিসকলক প্ৰৱঞ্চনা কৰিলে ।

একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ অসম আগমনক লৈ সৰৱ হৈ অসমলৈ আহি হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবলৈ সকীয়নি দিয়ে ৷ লগতে কয় ২০২৬ত আকৌ ধৰ্মীয় ৰাজনীতি কৰিব ৷

Batadrava Project: আজি বটদ্ৰৱাৰ অভিলাষী প্ৰকল্প মুকলি হ’বঃ গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প

অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি মুকলি হ’ব বটদ্ৰৱাৰ অভিলাষী প্ৰকল্প।(Batadrava Project)

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প।

কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰিবলৈ সাজু বটদ্ৰৱাবাসী।

প্ৰকল্পস্থলীত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী।

মুকলি অনুষ্ঠানত অংশ ল’ব প্ৰায় ১৫০ গৰাকী সত্ৰাধিকাৰে।

সমাৱেশ ঘটিব ভিন্ন প্ৰান্তৰ ৬০ হাজাৰ ভকত-বৈষ্ণৱৰ।

২২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই সুবিশাল প্ৰকল্প।

বৰঝাৰ বিমান বন্দৰত ৰাজ্যিক বিজেপিৰ নেতৃত্বই গৃহমন্ত্ৰী অমিত শ্বাহক জনাব আদৰণি।

বটদ্ৰৱা প্ৰকল্পৰ শুভ উদ্বোধন পিছতে উদ্বোধন কৰিব খানাপাৰাৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ আৰু মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়।