Home Blog Page 703

লাডাখত অঘটনঃ নদী পাৰ হওঁতে টেংকসহ উটি গ’ল ভাৰতীয় সেনা জোৱান, ৫ জন জোৱানৰ মৃত্যু…

নদী পাৰ হওঁতে টেংকসহ উটি গ’ল ভাৰতীয় সেনা জোৱান

লাডাখত অঘটন। লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নদী পাৰ হওঁতে পানীৰ সোঁতে উটুৱাই নিলে পাঁচজন জোৱানক। টি-৭২ টেংকৰ সৈতে জোৱান কেইজন পানীত উটি যায়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে উটি যোৱা আটাইকেইজন জোৱানৰে মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত ৪ জন জোৱান আৰু এজন কনিষ্ঠ কমিচনেড অফিচাৰ আছে। শুকুৰবাৰে গভীৰ নিশা লাডাখৰ নেওমা-চুশাল অঞ্চলৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নদী পাৰ হৈ আছিল পাঁচজন জোৱানে। টি-৭২ টেংকত আছিল তেওঁলোক। হঠাৎ নদীত বান আহে আৰু সকলোকে উটুৱাই লৈ যৈায়। নিমিষতে চেংকসহ জোৱানকেইজন অদৃশ্য হৈ পৰে। লগে লগে তেওঁলোকৰ সন্ধান আৰম্ভ হ’ল। অৱশেষত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্স হেণ্ডেলত লিখিছে, “লাডাখৰ নদী পাৰ হৈ থকাৰ সময়তে হোৱা দুৰ্ভাগ্যজনক দুৰ্ঘটনাত পাঁচজন সাহসী ভাৰতীয় সৈনিকে প্ৰাণ হেৰুৱাইছে। ঘটনাটোত মই গভীৰভাৱে ব্যথিত। আমাৰ বীৰ জোৱানসকলৰ জাতিৰ বাবে কৰা সেৱা আমি কেতিয়াও পাহৰিব নোৱাৰো। শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জনালো। এই কঠিন সময়ত দেশ তেওঁলোকৰ সৈতে আছে। এজন কনিষ্ঠ কমিচনড অফিচাৰকে ধৰি ৫ জন জোৱান কঢ়িয়াই নিয়া সেনাবাহিনীৰ এখন টেংক বানত উটি যায়। ফলত সকলোৰে মৃত্যু হ’ল।”

১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়ত সম্প্ৰীতি ভোজন কাৰ্যসূচী

বেজেৰা,২৯ জুনঃ ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়ত আজি সম্প্ৰীতি ভোজনৰ লগতে বিদ্যাঞ্জলী অনুষ্ঠান আৰু হেকাথন কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তৰুণ কুমাৰ ডেকাৰ সভাপতিত্ব হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই কয় যে আমাৰ অসমীয়া সমাজত সামূহিক ঐতিহ্যৰ এক পৰাম্পৰা আছে। ইয়ে আমাৰ আমাৰ সামাজিক বান্ধোন কটকটীয়া কৰি ৰাখে। কিন্তু অতি সম্প্ৰতি আধুনিকতাৰ পৰশ পাই এই ঐতিহ্যৰ ক্ৰমাৎ অৱক্ষয় হ’বলৈ ধৰিছে। এনে সন্ধিক্ষণত বিদ্যালয় বিলাকত আৰম্ভ কৰিবলৈ লোৱা সম্প্ৰীতি ভোজনৰ লেখিয়া কাৰ্যসূচীয়ে এক আশাৰ বতৰা কঢ়িয়াই আনিছে। তেও আৰু কয় যে বিদ্যালয় বিলাকত চৰকাৰে আৰম্ভ কৰা হেকাথন কাৰ্যসূচীয়ে শিক্ষাৰ্থীৰ উদ্ভাৱনী শক্তি বৃদ্ধিৰ লগতে সমস্যা সমাধানৰ বাবে সুবিবেচিত চিন্তাৰ বিকাশৰ এক পৰিৱেশ সৃষ্টি হৈছে। তাৰ বাবে চৰকাৰ ধন্যবাদৰ পাত্ৰ বুলি তেওঁ মন্তব্য কৰে। বৈশ্যই বিদ্যাঞ্জলী কাৰ্যসূচীত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়। অনুষ্ঠানত ভাষণ দি বেজেৰা অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ ৰজনী তালুকদাৰে শিক্ষাৰ্থীসকলক অধ্যয়নত আন্তৰিকতাৰে ব্ৰতী হবলৈ আহ্বান জনায়। অনুষ্ঠানত বিদ্যাঞ্জলী কাৰ্যসূচীৰ অধীনত বিদ্যালয়খনলৈ কেইগৰাকীমান ব্যক্তিয়ে চিলিং ফেন দান দিয়ে।

মায়ঙৰ বেজালিৰে জনপ্ৰিয় হোৱা যুৱককজন…

কোন কেতিয়া জনপ্ৰিয় হয়,কাক কেতিয়া জনসাধাৰণে বুকুৰ মাজত আকোৱালি লয় তাক কোনেও হঠাতে ক’ব নোৱাৰে।হঠাতে কোনোবা এজন ব্যক্তি আমাৰ মাজত জনপ্ৰিয় হৈ পৰে আৰু হঠাতে কোনোবা এজন আমাৰ বুকুৰ মাজৰ পৰা দূৰত অৱস্থান কৰে।হঠাতে জনপ্ৰিয় হোৱা এজন যুৱকৰ বিষয়ে এই লেখাটোত ক’ব বিচাৰিছো।২০০১ চনৰ ছেপ্তেম্বৰ মাহৰ ১৭ তাৰিখে যোৰহাটৰ চিনামৰাত জন্ম লাভ কৰা যুৱকজনে হঠাতে অসমবাসীৰ পৰা অলেখ মৰম বুটলিবলৈ সক্ষম হৈছে।আচৰিৰ হৈছে চাগে,কাৰ বিষয়েনো ক’ব বিচাৰিছো।হয়,মায়ঙৰ বেজালি শীৰ্ষক গীতেৰে অসমত জনপ্ৰিয় হৈ পৰা বিশ্বজিৎ সোনোৱালৰ বিষয়ে ক’ব বিচাৰিছো।বিশ্বজিতৰ দেউতাকৰ প্ৰকৃত ঘৰ বৰহোলাত।মনেশ্ব সোনোৱাল আৰু হেমদা সোনোৱালৰ কনিষ্ঠ পুত্ৰ বিশ্বজিতে কান্ধত ঢোলটো লৈয়ে জগত জিনিব বিচাৰে।বিশ্বজিৎ সোনোৱালৰ জ্যেষ্ঠ ভাতৃৰ নাম দীপাংকৰ সোনোৱাল।বিশ্বজিতৰ শৈক্ষিক অৰ্হতা বুলি ক’লে সি ব্যক্তিগত কাৰণত স্নাতক শিক্ষা আধাতে সামৰি থ’লে।গানৰ আনুষ্ঠানিক শিক্ষা নথকা বিশ্বজিতে গান শুনি শুনিয়ে সুৱলা কণ্ঠেৰে গাবলৈ শিকিছে।তেনেদৰেই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে।

আচলতে বিশ্বজিৎ সোনোৱাল এজন ভাল বিহুৱা।এজন ভাল বিহুৱা হিচাপে বিশ্বজিতক সকলোৱে জানে।বিশ্বজিতে সৰুৰে পৰাই বিহু কৰি আহিছে।দদাইক দীপাংকৰ সোনোৱালেও বৰ ভাল ঢোল বজাইছিল।সৰুৰে পৰাই দদাইকক ঢোল বজোৱা দেখি-দেখিয়ে বিশ্বজিতো ঢোল বজাবলৈ শিকিছিল।এনেদৰেই বিশ্বজিতে বিহুৰ প্ৰতি আকৰ্ষিত হৈছিল।বিহুৰ প্ৰতি বিশ্বজিতৰ এটা আৱেগ জড়িত হৈ আছে বুলি আমাক এক সাক্ষাৎকাৰ যোগেদি জানিবলৈ দিয়ে।বিহুৰ উপৰিও ভাওনা,দিহানামতো বিশ্বজিতে ভাল প্ৰদৰ্শন কৰে।বিহুৰ সৈতে জড়িত সকলো বাদ্য যেনে-ঢোল,পেঁপা,বাঁহী ইত্যাদি বৰ সুন্দৰকৈ বজায়।বিশ্বজিতে পঢ়ি থকা দিনবোৰত বিহুগীত,আধুনীক গীত,জ্যোতি সংগীত,ৰাভা সংগীত,ভূপেন্দ্ৰ সংগীত আদিত সদায়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।বিশ্বজিতে ৫ টা বছৰ বিদ্যালয়ৰ শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।বিশেষ ভৱিষ্যৎ পৰিকল্পনা নথকা বিশ্বজিতে অসমীয়া সংস্কৃতিৰ সৈতে জড়িত হৈয়ে আগবাঢ়ি যাব বিচাৰে।মায়ঙৰ বেজালি গীতেৰে জনপ্ৰিয় হৈ পৰা বিশ্বজিতৰ এই গীতটোৰ কথা আৰু সুৰ-মানস জ্যোতি শইকীয়া আৰু পুলিন মহনৰ।বিশ্বজিতৰ সৈতে এই গানটোত কণ্ঠদান কৰিছিল পাৰ্থ নেওঁগ আৰু পূবালি ফুকনে।অন্যহাতে দ্বীপ গগৈ,বিশাল গগৈ,মানস বৰা,অচ্যুৎ শইকীয়া,ৰাহুল ৰঞ্জন বৰা,পূৰ্ব গগৈয়ো এই গীতটোৰ সৈতে জড়িত আছিল।বিহু ভালপোৱা,অসমীয়া সংস্কৃতিক ভালপোৱা সোনোৱাল জনগোষ্ঠীৰ প্ৰতিভাৱান যুৱক বিশ্বজিতে এদিন সমগ্ৰ অসমবাসীৰ হৃদয় জিনাৰ আশাৰে এই চুটি লেখাটো সমাপ্ত কৰিলোঁ।

লেখকঃ অশ্বিনী কছাৰী

আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসৰ উপস্থিতিত মুকালমুৱাত আইন সজাগতা সভা…

মুকালমুৱাস্থিত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত এখন আইন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাখনত নলবাৰী জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে উপস্থিত থাকি ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ অধিনিয়ম এই তিনিখন আইন সম্পৰ্কে অবগত কৰে। সজাগতা সভাখনত ওনলাইন মাধ্যমত দুষ্টলোকে সংঘটিত কৰা বিভিন্ন অপৰাধ সন্দৰ্ভত গুৰুত্ব দিয়া হ’ব বুলি কয় আৰক্ষী অধীক্ষ সুপ্ৰিয়া দাসে।

আজিৰ সজাগতা সভাখনত উপস্থিত থাকে মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমনি নাথ সহ আৰক্ষী বিষয়া সকল, গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক চৈয়দ নজৰুল ইছলাম, নলবাৰী জিলাৰ কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া, ভাংনামাৰী আৰু শিয়ালমাৰী আৰক্ষী থানাৰ বিষয়া সকলৰ লগতে মুকালমুৱা আৰক্ষী থানাৰ নাগৰিক সমিতিৰ বিষয়ৱবীয়া, সদস্য সকল, একাংশ গাঁও প্ৰধান।

ৰাণীত ধানৰ বীজ আৰু কৃষিকৰ্মৰ সামগ্ৰী বিতৰণ

আজাৰা,২৯ জুন: কৃষক সকলক অৰ্থনৈতিক ভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ভালেমান আচনি ৰূপায়ণ কৰি আহিছে৷ উক্ত উল্লেখযোগ্য আঁচনি সমূহৰ ভিতৰত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান, প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচনি, প্ৰধানমন্ত্ৰী কৃষি সিচাই যোজনা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, উদ্যান শস্যৰ বিভিন্ন যোজনা৷ উল্লিখিত আচনি সমূহ কৃষকৰ মাজলৈ নি কৃষি তথা শস্য উৎপাদন বৃদ্ধি বাবে ভালেমান ব্যৱস্থা কামৰূপ জিলা কৃষি বিভাগৰ দ্বাৰা হাতত লোৱা পৰিলক্ষিত হয়৷

সেই উদ্দেশ্যে কৃষি সামগ্ৰী বিতৰণ অনুষ্ঠানৰ জৰিয়তে বিভিন্ন শস্যৰ বীজৰ লগতে আন আন কৃষি সামগ্ৰী সমূহ সময়ে সময়ে বিতৰন কৰি আহিছে৷ এই উপলক্ষে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ৰাণীত ২৮ জুনত ৰাণী কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কৃষক ৰাইজৰ উপস্থিতিত বিভিন্ন শস্যৰ বীজ , বিভিন্ন উন্নত মানৰ ধানৰ বীজ আৰু সেউজ গৃহ সা সজুলী বিতৰণ কৰা হয়৷ বিতৰণ কাৰ্যসূচীত ৰাণী কৃষি উন্নয়ন বিষয়া কাৰ্যালয়ৰ কৃষি সম্প্ৰসাৰণ সহায়ক অচ্যুত বৰ্মনকে ধৰি আন কৰ্মচাৰী সকলে সহযোগিতা আগবঢ়ায়।

ৰাজধানী চহৰ দিল্লীত পানীত ডুবি এতিয়ালৈ ৮জনৰ মৃত্যু

৮৮ বছৰীয়া ৰেকৰ্ড ভংগ কৰি হোৱা বৰষুণৰ ফলত এতিয়া বানপানীৰ কবলত ককবকাই থাকিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজধানী চহৰ দিল্লী | ঘটনাৰ বিৱৰণী অনুসৰি প্ৰবল বৃষ্টিপাতৰ বাবে হোৱা কেইবাটাও দুৰ্ঘটনাত ইতিমধ্যে ৮ জনকৈ লোকৰ মৃত্যু হয়। প্ৰচণ্ড বৃষ্টিপাতৰ ফলত আনন্দ বিহাৰত এখন দেৱাল ভাঙি ৩ জনকৈ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰিছে। বিয়লি নতুন দিল্লীৰ উছমান অঞ্চলত পানীত ডুবি ১০ বছৰীয়া দুই শিশুৰ লগতে ছালিমাৰ বাগ অঞ্চলত পানী ভৰ্তি ‘আণ্ডাৰপাছ’ৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ৩ ব্যক্তিৰ মৃত্যু হৈছে।

আণ্ডাৰপাছত পানীৰ মাজতে আবদ্ধ হৈ পৰ বাছখনৰ ভিতৰত যাত্ৰীসকলক স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰীয়ে সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰৱল বৰষুণৰ বাবেই বিস্তৃৰ্ণ অঞ্চলত বিদ্যুৎ সংযোগ,খোৱা পানীৰ যোগান বন্ধ হৈ পৰিছে। বহু স্থানত গছ বাগৰি পৰাৰ ফলত বহু বাহন ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা যায় ।

কোটি কোটি টকা উপাৰ্জন ‘কল্কি ২৮৯৮ খ্ৰীষ্টাব্দ’ৰ! ‘বাহুবলী ২’ আৰু ‘আৰ আৰ আৰ’ৰ পিছত স্থান লাভ কৰিছে ছবিখনে…

৬০০ কোটি টকাৰ বাজেটত নিৰ্মিত ‘কল্কি ২৮৯৮ খ্ৰীষ্টাব্দ’ৰ ছবিখন বৰ্তমান দেশৰ সৰ্বাধিক ব্যয়বহুল ছবি। বৃহস্পতিবাৰে ছবিগৃহত মুক্তি পালে বছৰৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘কল্কি ২৮৯৮ খ্ৰীষ্টাব্দ’।খবৰ অনুসৰি নাগ অশ্বিনৰ পৰিচালিত ছবিখনে প্ৰথম দিনাই বিশ্বজুৰি ১৯১.৫ কোটি টকা সংগ্ৰহ কৰিছে। তেলেগু সংস্কৰণটোৱেই আজিলৈকে সৰ্বাধিক উপাৰ্জন কৰিছে। বক্স অফিচত ৬৪.৫ কোটি টকা সংগ্ৰহ। এই ছবিখনে এই পৰ্যন্ত হিন্দী ভাষাত ২৭.৫ কোটি, তামিল ভাষাত ৪ কোটি, মালয়ালম ভাষাত ২.২ কোটি আৰু কানাড়া ভাষাত ৩০ লাখ টকা সংগ্ৰহ কৰিছে।

ইয়াৰ পূৰ্বে শ্বাহৰুখ খানৰ অভিনীত ছবি ‘জৱান’ই বক্স অফিচত দৃষ্টি আকৰ্ষণ কৰিছিল। এই ছবিখনৰ প্ৰথম দিনাৰ বক্স অফিচ সংগ্ৰহ আছিল ৭৫ কোটি টকা। যশ অভিনীত ছবি ‘কে জি এফ চেপ্টাৰ ২’ৰ বক্স অফিচ সংগ্ৰহৰ প্ৰথম দিনাই ১৫৯ কোটি টকা। সেই সকলোবোৰ অভিলেখ ‘কলকী ২৮৯৮ খ্ৰীষ্টাব্দ’ই ভংগ কৰিছিল।

বক্স অফিচত প্ৰথম দিনাই ব্যৱসায়ৰ ক্ষেত্ৰত ‘কাল্কি ২৮৯৮ খ্ৰীষ্টাব্দ’ই ‘বাহুবলী ২’ আৰু ‘আৰ আৰ আৰ’ৰ পিছত স্থান লাভ কৰিছে। প্ৰভাসৰ বাহুবলী ২ ৰ প্ৰথম দিনৰ বক্স অফিচ সংগ্ৰহ ২১৭ কোটি টকা। ‘আৰ আৰ আৰ’ৰ প্ৰথম দিনাই বক্স অফিচত ২২৩ কোটি টকা উপাৰ্জন কৰে।

বক্স অফিচত প্ৰথম দিনৰ ব্যৱসায়ৰ ক্ষেত্ৰত এতিয়াও তৃতীয় স্থানত আছে ‘কলকি ২৮৯৮ খ্ৰীষ্টাব্দ’। নাগ অশ্বিনৰ পৰিচালিত এই ছবিখনত অভিনয় কৰিছে প্ৰভাস, অমিতাভ বচ্চন, দীপিকা পাডুকন, কমল হাছান, দিশ পাটানি আদিয়ে।

মৰমৰ সন্তানটিক বিচাৰি নাপাই কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ…

ধুবুৰী ধুবীৰ চৰৰ পৰা ১৮ জুনত জাহান আলীৰ সন্তান আজিজুল হক নামৰ ১৭ বছৰীয়া এজন নাবালক নিৰুদ্দেশ। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰি ফুৰিছে যদিও আজিলৈকে আজিজুল হকৰ কোনো সন্ধান উলিয়াব পৰা নাই। অতি মৰমৰ সন্তানটিক বিচাৰি নাপাই কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ।

এই সন্দৰ্ভত পৰিয়ালৰ লোকে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে আৰক্ষীয়ে কোনো সংসূত্ৰ উলিয়াব পৰা নাই বুলি জানিব পৰা গৈছে। সেয়ে কোনো সদাশয় ব্যক্তিয়ে যদি এই নাবালকক দেখা পায় তেন্তে 8011035133/ 7896791107 এই দুটা নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে বিনম্ৰ অনুৰোধ জনায়।

লাডাখৰ নৈত টেংক ডুবি ৫ জোৱান নিহত

শনিবাৰে লাডাখত ভাৰতীয় সেনাৰ টেংকত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি লাডাখৰ দৌলত বেগ ওল্ডিত ভাৰতীয় সেনাই টেংক অনুশীলন চলাই আছিল। তেনে সময়ছোৱাতে লাডাখৰ সেনাৰ টেংক টি-৭২ শ্বায়োক নদীৰ মাজত আবদ্ধ হৈ পৰে। তাৰফলত আবদ্ধ হৈ পৰা টেংকখনত পানী সোমাই যোৱাত কেইবাগৰাকীও ভাৰতীয় সেনা ভিতৰতে থাকি যায়। ইয়াৰ পিছতে শনিবাৰে টেংকখনত থকা সেনাৰ বিষয়াসহ ৫ জনকৈ সেনা জোৱানৰ মৃত্যুমুখত পৰে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত হয়।

নিশা ১ বজাত লেহৰ পৰা ১৪৮ কিলোমিটাৰ আঁতৰত সংঘটিত হোৱাৰ ঘটনাৰ পাছত শনিবাৰে পুৱা পৰ্যন্ত উদ্ধাৰ অভিযান চলে। উদ্ধাৰকাৰী অভিযান দলটোৱে শেষত সেনা জোৱান, বিষয়াৰ মৃতদেহ উদ্ধাৰ কৰে বুলি সেনাৰ শীৰ্ষতম মহল সূত্ৰই উল্লেখ কৰে। পূৰ্বেও বিগত বছৰত লেহ জিলাত এখন সেনাৰ ট্ৰাক পথৰ পৰা দ খাঁৱৈত বাগৰি পৰি এগৰাকী জেচিঅ’সহ ৯ গৰাকী সেনা জোৱান নিহত হৈছিল।

কেন্সাৰৰ তৃতীয় পৰ্যায়ত অভিনেত্ৰী হিনা খান! বলিউদৰ বহু অভিনেত্ৰী এই মাৰাত্মক ৰোগৰ যুঁজত জয়ী হৈছে…

স্তন কেন্সাৰত আক্ৰান্ত অভিনেত্ৰী হিনা খান! শুকুৰবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে নিজেই জনাই তেওঁৰ বেমাৰৰ বিষয়ে। অভিনেত্ৰীগৰাকী স্তন কেন্সাৰৰ তৃতীয় পৰ্যায় এতিয়া চলি আছে। হিনাই কয় যে চিকিৎসা আৰম্ভ হৈছে।বৰ্তমান সময়ত কৰ্কট ৰোগ মহামাৰীলৈ পৰিণত হৈছে। ইয়াৰউপৰিও বলিউদৰ বহু অভিনেত্ৰী যুঁজি আছে এই মাৰাত্মক ৰোগত।কিছুদিন পূৰ্বে অভিনেত্ৰী মহিমা চৌধুৰীয়ে কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়াৰ কথা প্ৰকাশ কৰিছিল। স্তন কেন্সাৰৰো ৰোগ ধৰা পৰিছিল। বিখ্যাত অভিনেত্ৰীগৰাকীয়ে এসময়ত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ইটোৰ পিছত সিটোকৈ চিনেমাৰ প্ৰস্তাৱ নাকচ কৰিছিল। কিন্তু তেওঁ নিজৰ যুঁজখন বন্ধ নকৰিলে। এফালে নিয়মীয়া চিকিৎসা আৰু আনফালে মানসিক শক্তি ব্যৱহাৰ কৰি তেওঁ এই মাৰাত্মক ৰোগৰ বিৰুদ্ধে নিজকে জয় কৰিছিল।

অভিনেত্ৰী সোণালী বেন্দ্ৰে ২০১৮ চনত কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ কৰিছিল। তেওঁ মেটাষ্টেটিক কেন্সাৰত আক্ৰান্ত আছিল। অৱশ্যে তেওঁ নিজেই এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিভিন্ন অভিজ্ঞতা ছ’চিয়েল মিডিয়াত দাঙি ধৰে। কেন্সাৰ চিকিৎসাৰ বাবে নিউয়ৰ্কলৈ গৈছিল সোণালী।

অভিনেত্ৰী কিৰণ খেৰৰ এক প্ৰকাৰৰ তেজৰ কৰ্কট ৰোগ ধৰা পৰিছিল। এই কেন্সাৰ প্লাজমা কোষলৈ বিয়পে। অভিনেত্ৰীগৰাকীৰ স্বামী তথা অভিনেতা অনুপম খেৰে এই বিৰল কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ কৰিছিল। এই কেন্সাৰ শৰীৰৰ একাধিক হাড়ত থকা প্লাজমা কোষৰ জৰিয়তে বিয়পে। জটিল ৰোগত আক্ৰান্ত হৈও কিৰণে কাম বন্ধ নকৰিলে।

অভিনেতা আয়ুষমান খুৰানাৰ পত্নী তথা পৰিচালক তাহিৰা কাশ্যপ ২০১৮ চনত স্তন কেন্সাৰত আক্ৰান্ত হৈছিল। তেওঁ ছ’চিয়েল মিডিয়াত যুঁজৰ বিভিন্ন অভিজ্ঞতাক আলোকপাত কৰিছে। তাহিৰাই অস্ত্ৰোপচাৰ আৰু কেমোথেৰাপিৰ পিছত নিজৰ এখন ছবিও শ্বেয়াৰ কৰে। অভিনেত্ৰীগৰাকীৰ এই পদক্ষেপে বহু কৰ্কট ৰোগীক সাহস দিলে।

বৰ্তমান হিনাও যুঁজি আছে এই মাৰাত্মক ৰোগৰ বিৰুদ্ধে।