Home Blog Page 704

অকাস্মাতে মহাকাশত ভাগি টুকুৰা-টুকুৰ ৰাছিয়াৰ নিৰীক্ষণ উপগ্ৰহ..

মহাকাশত ৰাছিয়াৰ এটা নিৰীক্ষণ উপগ্ৰহ ৰেছাৰ্ছ পি- ১ হঠাতে ভাগি টুকুৰা-টুকুৰ হৈ পৰে। উপগ্ৰহটো ভাগি চাৰিওফালে সিচঁৰিত হৈ পৰাৰ পিছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। চাৰিওফালে ভাগি সিচঁৰিত হৈ পৰা উপগ্ৰহটো প্ৰায় ১০০ টুকুৰা হোৱা বুলি অনুমান কৰে বুলি মহাকাশ বিজ্ঞানীয়ে নিশ্চিত কৰিছে ।

সম্প্ৰতি এদল মহাকাশ বিজ্ঞানীয়ে গৱেষণা চলাই থকাৰ কথা আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত হয় । উল্লেখ্য যে ২০২২ চনতে ৰাছিয়াই উক্ত উপগ্ৰহটোক অৱশ্যে মৃত বুলি ঘোষণা কৰিছিল ।

হাতীগাঁৱত এছটিএফৰ হাতত ২ ড্ৰাগছ সৰবৰাহকাৰী

গুৱাহাটী মহানগৰীৰ হাতী গাৱঁত শনিবাৰে এছটিএফে ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । ধৃত সৰবৰাহকাৰী দুটা আলিপুৰদুৱাৰৰ লিটনজিত দাস আৰু ডিমাপুৰৰ ছানী আচাৰ্যী বুলি আৰক্ষী সূত্ৰই উল্লেখ কৰে । । ঘটনাৰ বিৱৰণী অনুসৰি গুৱাহাটী মহানগৰীৰ হাতীগাওঁস্থিত শেৱালি পথ আৰু সুৰয পথত এছ টি এফে চলোৱা এক অভিযান চলায় । অভিযানৰ সময়ত হাতী গাঁৱৰ দিশে গৈ থকা অৱস্থাত এখন স্কুটীসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে এছ টি এফে চলোৱা অভিযানত স্কুটীখনত সৰবৰাহকাৰীৰ এটা চাধা টেমাৰ পৰা সন্দেহযুক্ত ১৭.৩ গ্ৰাম হেৰ’ইন,চিগাৰেটৰ পেপাৰ, বিভিন্ন ৰঙী ৰেপিং ৰবৰ, মোবাইল আৰু স্কুটী জব্দ কৰে । সম্প্ৰতি এছটিএফৰ দলে সৰবৰাহকাৰী দুটাক হাতী গাওঁ থানালৈ আনি অধিক তথ্যৰ বাবে সোধ পোছ অব্যাহত ৰাখিছে ।

ছাল, চুলি আৰু পেট সুস্থ কৰি ৰাখিবলৈ উত্তম খাদ্য হৈছে পিষ্টাচিয়া…

সুস্বাস্থ্যৰ বাবে আমাৰ বয়োজ্যেষ্ঠসকলে প্ৰায়ে শুকান ফল খাই, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। তেনে এটা শুকান ফল হ’ল পিষ্টা যি অতি সোৱাদযুক্ত।আমাৰ সামগ্ৰিক সৌন্দৰ্য্য ছাল আৰু চুলিৰ ভিত্তিত নিৰ্ধাৰিত হয়, সেয়েহে পিষ্টাচিয়া খাব লাগে। ইয়াত অধিক পৰিমাণৰ ভিটামিন ই থাকে যিটো চুলি আৰু ছালৰ বাবে এক গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। ইয়াৰ ফলত ছালখন কোমল আৰু চিকচিকিয়া হয় আৰু লগতে চুলিও শক্তিশালী কৰে।

লগতে পেটৰ লগত জড়িত সমস্যা থকা লোকসকলে পিষ্টাচিয়া খাব লাগে কাৰণ ই হজম শক্তি উন্নত কৰে, যাৰ ফলত গেছ, বদহজম, কোষ্ঠকাঠিন্য বা এচিডিটিৰ দৰে সমস্যা ৰোধ হয়।

আজিকালি বহুতে ওজন বৃদ্ধিৰ বাবে অসুবিধা পায়, এনে লোকৰ বাবে পিষ্টাচিয়া ঔষধতকৈ কম নহয়।

ভাৰতত ডায়েবেটিছ ৰোগীৰ সংখ্যা অতি বেছি, সেয়েহে নিয়মিতভাৱে পিষ্টাচিয়া খাব লাগে কাৰণ ইয়াৰ কেলৰি কম আৰু গ্লাইচেমিক ইনডেক্স কম, যিয়ে তেজৰ চেনিৰ মাত্ৰা বজাই ৰখাত সহায় কৰে।

আজিৰে পৰা দুমাহৰ বাবে চলিব অমৰনাথ যাত্ৰা..

প্ৰতিবছৰে লাখ লাখ ভক্তই অমৰনাথলৈ যোৱা ভক্তৰ বাবে আজিৰে পৰা দুমাহলৈ অমৰনাথ যাত্ৰা চলি থাকিব।লোকবিশ্বাস অনুসৰি অমৰনাথ যাত্ৰা মহাদেৱৰ ভক্তসকলৰ বাবে অতি বিশেষ বুলি চৰ্চিত । উল্লেখ্য যে
অমৰনাথ ধামক শিৱৰ আটাইতকৈ পবিত্ৰ আৰু অলৌকিক স্থান বুলি গণ্য কৰা বৰফনীৰ শিৱ লিংগটো প্ৰতিবছৰে স্বয়ংক্ৰিয়ভাৱে সৃষ্টি হয়। প্ৰবাদ অনুসৰি অমৰনাথৰ গুহাতেই ভোলেনাথে পাৰ্বতীক অমৰ হোৱাৰ বাবে ৰহস্য কৈছিল। যাৰ ফলশ্ৰুতিত ভোলানাথ বাবাই একান্তভাৱে দেৱীক গোপন কথা কৈছিল কিয়নো এই কথা আন কোনোবাই যদি অমৰত্বৰ কাহিনী শুনিলেহেঁতেন তেন্তে তেৱোঁ অমৰ হৈ পৰিলহেঁতেন। ইয়াত থকা গুহাটোত থকা সৰু বৰফৰ শিৱলিংগটো প্ৰতিদিনে অলপ বাঢ়ি যায় আৰু ইয়াৰ উচ্চতা ২ গজতকৈও অধিক হয়।


লোক বিশ্বাস মতে যেতিয়া ভোলানাথে দেৱীক অমৰত্বৰ কাহিনী বৰ্ণনা কৰি থাকোঁতে দুটা কপৌ উপস্থিত থকাৰ বাবে কপৌযোৰো অমৰ হৈ পৰে । ভক্তসকলে সেয়া যাওঁতে দেখা বুলি উল্লেখ কৰে। অমৰ কাহিনীৰ সাক্ষী হোৱাৰ বাবে গুহাটোক অমৰনাথ গুহা বুলি কয় । উল্লেখ্য যে এই যাত্ৰা ১৯ ​​আগষ্ট শাৱন পূৰ্ণিমা অৰ্থাৎ ৰাখীবন্ধন পৰ্যন্ত চলি থাকিব বুলি জানিব পৰা যায় ।

গড়ভাঙা সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু

গুৱাহাটী ,২৯জুন : গুৱাহাটীৰ লখৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগৰ অসম – মেঘালয় সীমান্তৰ গড়ভাঙা সংৰক্ষিত বনাঞ্চলৰ মেগজিন নামৰ অঞ্চলটোত আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বন বিভাগৰ দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া বীৰতি ইংতিপীযে জানিবলৈ দিয়া মতে প্ৰায় ৫০ বছৰ উৰ্ধৰ , পিন্ধনত লংপেণ্ট – চোলা পৰিহিত অলপ কলা বৰণৰ লোকজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই। অৱশ্যে তেওঁক পুৱা প্ৰাত : ভ্ৰমণ কৰিব যোৱা লোক বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত বন বিষয়া বীৰতি ইংতিপীযে জানিবলৈ দিয়া মতে আন দিনাৰ দৰে শুকুৰবাৰেও পুৱা প্ৰায় ৫ মান বজাত কাৰ্যালয়ৰ এটা বনকৰ্মীৰ দল তহল দিয়াৰ বাবে অৰণ্যৰ ভিতৰলৈ গৈছিল। তহল দিয়াৰ সময়তে কাৰ্যালয়ৰ পৰা প্ৰায় এক – ডেৰ কিলোমিটাৰমান নিলগত থকা মেগজিন নামৰ অঞ্চলটোত ৫.৩০ মান বজাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকক মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে বনকৰ্মীৰ দলটোৱে। আনকি কিছু দূৰত এটা হাতীও দেখা পাইছিল বনকৰ্মীৰ দলটোৱে । তাৰ পাছত বনকৰ্মীৰ দলটোৱে তেওঁক অৱগত কৰাৰ লগতে গড়চুক আৰক্ষী থানাকো খবৰ দিয়ে।

পাছত বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰীযে কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনকো বিষয়টো অৱগত কৰে। তাৰ পাছত ঘটনাস্থলীত আঞ্চলিক বন বিষয়া আৰু জিলা প্ৰশাসনৰ দণ্ডাধীশৰ উপস্থিতিত গড়চুক আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত মৃতদেহটো ৭২ ঘণ্টাৰ চিনাক্তকৰণৰ বাবে মৰ্গত ৰখা হৈছে বুলি আৰক্ষী আৰু বন বিভাগৰ সূত্ৰত প্ৰকাশ। উল্লেখ্য যে ইয়াৰ পূৰ্বেও গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত কেবাজনো লোকে নিহত হৈছিল। আনকি গড়ভাঙা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকক নিয়ন্ত্ৰণ কৰাৰ বাবে দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ উপৰিও কাৰ্যালয়ৰ অন্তৰ্গত বশিষ্ঠ খণ্ড বন বিষয়া আৰু মইনাখোৰোং খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ দলে নিয়মীয়াকৈ তহল দি আহিছে।

ৰাণীত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ

আজাৰা : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম – মেঘালয় সীমান্তৰ বৃহত্তৰ ৰাণী অঞ্চলৰ খেতি পথাৰ সমূহত কৃষক সকলে শালিধানৰ খেতি আৰম্ভ হোৱাৰ সময়তে বনৰীয়া হাতীৰ উপদ্রব আৰম্ভ হোৱাত চকুৰে সৰিয়হ ফুল দেখিব লগীয়া হৈছে । বিশেষকৈ বৃহত্তৰ ৰাণী অঞ্চলৰ নিৰলপুৰ , বিক্ৰমপুৰ , পাজিবিন্ধা , নালাপাৰা , বেলগুৰি , চেচা , মৈৰাপুৰ , মানিকপুৰ , পুৰাণ শুকুৰবেৰীয়া আদি অঞ্চলৰ কৃষক সকলে শালিধানৰ কঠিয়া সিঁচা কাম আৰম্ভ কৰিছিল । কিন্তু বিগত প্ৰায় দুই সপ্তাহ ধৰি নিশাৰ ভাগত পোৱালীসহ অহা এটা প্ৰায় ৩০ ৰ পৰা ৪০ জনীয়া বনৰীয়া হাতীৰ জাকে কঠীয়া গছকি , ফেনেকী নষ্ট কৰি পেলাইছে । এই সন্দৰ্ভত ৰাণী মৈৰাপুৰ আঞ্চলিক বনৰীয়া হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ নাথ , সম্পাদক বিনয় দাস , বিক্ৰমপুৰৰ উদীয়মান যুৱ কৃষক জোন ৰাভা , আদৰ্শ কৃষক ৰজনী দাসকে ধৰি একাংশ কৃষকে জানিবলৈ দিয়া মতে অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত পোৱালীসহ নামি অহা প্ৰায় ৩০ ৰ পৰা ৪০ জনীয়া বনৰীয়া হাতীৰ জাক এটাই উক্ত অঞ্চলত সন্ধিয়া আন্ধাৰ হোৱাৰ পাছত প্ৰৱেশ কৰি প্ৰায় ১০০ বিঘা মান মাটিৰ সিঁচা শালিধানৰ কঠিয়া খাই আৰু গছকি নষ্ট কৰি পেলাইছে । তদুপৰি বনৰীয়া হাতীৰ জাকটোৱে স্থানীয় গৃহস্থৰ ঘৰ-বাৰীত সোমাই কুঁহিয়াৰ-কল-কঁঠাল আদি খাই তহিলং কৰিছে । উল্লেখনীয় যে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ইতিপূৰ্বে সংশ্লিষ্ট বন বিভাগে উক্ত অঞ্চল বিশেষত ‘সৌৰশক্তি চালিত ফেঞ্চিং” বহুৱাইছিল । কিন্তু যাৱতীয় প্ৰতিপালনৰ অভাৱত সেই ফেন্সিং সমুহ বেয়া হৈ পৰে । ইফালে হাতীৰ জাকটোৱে পথাৰৰ মাজত একাংশ কৃষকে জিৰণি লোৱাৰ লগতে কৃষি কাৰ্যত ব্যৱহৃত সা – সামগ্ৰী ৰখাৰ বাবে নিৰ্মাণ কৰা চালিঘৰো ভাঙি পেলোৱাত কৃষক সকল শংকিত হৈ পৰিছে । ইয়াৰ মাজতে ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ মাহিন্দ্ৰী সংৰক্ষিত বনাঞ্চলৰ এলিফেণ্ট কৰিডৰ হিচাপে পৰিচিত প্ৰায় ২৭ হেক্টৰ মাটি এটা দুষ্টচক্ৰই কৌশলৰে বেদখল কৰাত আৰু অৰণ্যত হাতীৰ খাদ্য কমি অহাত বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত জনাঞ্চলত ওলাই আহিবলৈ বাধ্য হৈছে বুলি ৰাণীৰ একাংশ প্ৰকৃতিপ্ৰেমী লোকে জানিবলৈ দিছে। আনকি কোনো দুষ্ট চক্ৰৰ প্ৰৰোচনাত পৰি ৰাণীৰ বনাঞ্চল সমূহৰ ওচৰত বাস কৰা কিছু লোকে অৰণ্য ধ্বংসকাৰ্যত জড়িত হোৱা বিষয়টোৱেও হাতী – মানুহৰ সংঘাট সৃষ্টিত অৰিহণা যোগোৱা বুলি অভিযোগ উত্থাপিত হৈছে।

জলমগ্ন দেশৰ ৰাজধানী দিল্লী! হাহাকাৰ অৱস্থাত দিল্লীবাসী…

ধাৰাসাৰ বৰষুণৰ পিছতে জলমগ্ন হৈ পৰে দেশৰ ৰাজধানী দিল্লী।

স্তব্ধ হৈ পৰে সাধাৰণ জনজীৱন।

আনহাতে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত চাদ খহি এজনৰ মৃত্যু হয় আৰু আহত হয় ৬জনকৈ লোক।

মৃতকৰ পৰিয়ালক ২০ লাখ টকা আৰু আঘাতপ্ৰাপ্তক ৩ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা।

বাট-পথ, ঘৰ দুৱাৰ জলমগ্ন হৈ পৰাত দিল্লীবাসীৰ মাজত হাহাকাৰ সৃষ্টি।

আগন্তুক দুদিনলৈ দিল্লীত বৰষুণৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

আজি শনিবাৰে ঘন ডাৱৰীয়া হ’ব। মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ হ’ব পাৰে।

বৰষুণৰ সমান্তৰালকৈ ধুমুহাৰ সতৰ্কবাণীও জাৰি কৰা হৈছে।

আজি T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল, মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা…

আজি T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল৷

ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা৷

বাৰ্বাডোজত নিশা ৮ বজাত অনুষ্ঠিত হ’ব ফাইনেল মেচখন৷

খেলখনক লৈ অতি আশাবাদী ক্ৰিকেটপ্ৰেমী।

পাকঘৰৰ এটা সৰু ভুলে আপোনাৰ স্বাস্থ্য ক্ষতি কৰিব! ঘৰতে শাক-পাচলি কটাৰ সময়ত সাৱধানতা অৱলম্বন কৰক…

বৰ্তমান সময়ত প্ৰতিজন ব্যক্তিয়ে স্বাস্থ্য ক্ষেত্ৰত অধিক সচেতন হৈ আহিছে, লগতে খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিছে।আমি সুস্থ হৈ থাকিবলৈ নিয়মিতভাৱে ব্যায়াম কৰোঁ। কিন্তু আপুনি জানেনে যে আপোনাৰ পাকঘৰত থকা এটা সৰু বস্তুৱে আপোনাৰ স্বাস্থ্যৰ ক্ৰমান্বয়ে ক্ষতি কৰিব পাৰে!

শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে আমি প্ৰায়ে শাক-পাচলি আৰু ফল-মূল কাটিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ চপিং বৰ্ড আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। প্লাষ্টিক চপিং বৰ্ড সাধাৰণতে পলিইথাইলিন বা পলিপ্ৰ’পাইলিন আদি প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা হয়। আমি যেতিয়া এই ফলকবোৰত কটাৰীৰে বস্তু কাটি লওঁ তেতিয়া মাইক্ৰ’প্লাষ্টিক নামৰ সৰু সৰু প্লাষ্টিকৰ টুকুৰাবোৰ ওলাই আহি আমাৰ খাদ্যৰ লগত মিহলি হৈ পৰে।


মাইক্ৰ’প্লাষ্টিক আমাৰ শৰীৰত প্ৰৱেশ কৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অধ্যয়নত দেখা গৈছে যে মাইক্ৰ’প্লাষ্টিকে পাচনতন্ত্ৰৰ ক্ষতি কৰিব পাৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰিব পাৰে আনকি কৰ্কট ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে।

প্লাষ্টিকৰ চপিং বৰ্ডৰ বিপদৰ পৰা কেনেকৈ হাত সাৰিব পাৰি-

প্লাষ্টিক চপিং বৰ্ড সময়ৰ লগে লগে বেয়া হৈ যায় আৰু অধিক মাইক্ৰ’প্লাষ্টিক মুক্ত কৰিবলৈ আৰম্ভ কৰে। সেয়ে কেইমাহমানৰ মূৰে মূৰে চপিং বৰ্ডখন সলনি কৰিব লাগে।


আপোনাৰ চপিং বৰ্ডখন গৰম পানী আৰু চাবোনেৰে ধুব। ভিনেগাৰ আৰু পানীৰ মিশ্ৰণো ব্যৱহাৰ কৰিব পাৰে।


শাক-পাচলি আৰু ফল-মূল কাটিলে ভালদৰে ধুই ক্ষতিগ্ৰস্ত বা নষ্ট হোৱা অংশ আঁতৰাই পেলাওক।

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ঘোষণা কৰিলে UGC-NET পৰীক্ষাৰ নতুন সময়সূচী…

UGC-NET পৰীক্ষাৰ নতুন সময়সূচী

NTA য়ে ঘোষণা কৰিলে UGC-NET পৰীক্ষাৰ নতুন সময়সূচী৷

অহা ১০ জুলাইত NCET আৰু ২৫-২৭ জুলাইলৈ Joint CSIR UGC NET পৰীক্ষা অনুষ্ঠিত হ’ব৷

২১ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰৰ ভিতৰত পুনৰ অনুষ্ঠিত হ’ব ইউজিচি-নেট জুন ২০২৪ চক্ৰ।

শুকুৰবাৰে নিশা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই বাতিল আৰু পিছুৱাই দিয়া পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰে।