Home Blog Page 705

ছাগলীৰ মাংস, বৰালি মাছ খুৱাই মুখ্যমন্ত্ৰীৰ ৰোষত পৰিল নলবাৰী প্ৰশাসন!মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী বিমল বৰাই নলবাৰীৰ কেবিনেটত কি কি খাদ্য সম্ভাৰৰ গ্ৰহণ কৰিলে ?

ছাগলীৰ মাংস, বৰালি মাছ খুৱাই মুখ্যমন্ত্ৰীৰ ৰোষত পৰিল নলবাৰী প্ৰশাসন!
কালি অনুষ্ঠিত হৈ যোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ দুপৰীয়াৰ আহাৰত প্ৰায় ১৬ বিধ ব্যঞ্জন আছিল। দুপৰীয়াৰ খাদ্য সম্ভাৰৰ তালিকা আছিল- প্লেইন ৰাইচ, জিৰা ৰাইচ, পোলাও, ছাগলীৰ মাংস, কাৱৈ – মাগুৰ মাছৰ বিশষ আঞ্জা, মিছা মাছ ভাজি, আদা দিয়া সৰু মাছ আদি।

বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। কিন্তু চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ সলনি চৰ্চাত আছে খাদ্য- সম্ভাৰৰ কথাহে। কিয়নো মাছে- মঙহে নানাবিধ খাদ্য যোগান ধৰা হৈছিল বিধায়ক- মন্ত্ৰীসকলক। বৰালি মাছৰ পৰা আৰম্ভ কৰি খাহীৰ মাংসলৈ, কি নাছিল খাদ্যৰ তালিতাক। কিন্তু এই খাদ্য যোগান ধৰি এতিয়া মুখ্যমন্ত্ৰীৰ ৰোষত পৰিছে নলবাৰী জিলা প্ৰশাসন। বিশাল খাদ্য সম্ভাৰ যোগান ধৰাৰ এতিয়া উত্তৰ দিব লাগিব জিলা প্ৰশাসনে

নলবাৰী আয়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰি লিখিছে যে- ২৭/০৬/২০২৪ তাৰিখে নলবাৰীত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সময়ত সাধাৰণ নিৰামিষ আহাৰৰ ব্যৱস্থা কৰিবলৈ বাৰে বাৰে নিৰ্দেশ দিয়া হৈছিল। কিন্তু ইয়াৰ পিছতো আপোনালোকে সেই অনুসৰি নিৰ্দেশনা মানি চলা নাই। বৰঞ্চ দুপৰীয়াৰ আহাৰত অত্যধিক বস্তুৰে খাদ্য পৰিবেশন কৰে। আপোনালোকে কৰা এনে কাৰ্যৰ বাবে মই চৰম অসন্তুষ্টি প্ৰকাশ কৰিছো। এতিয়াৰ পৰা এনে নিৰ্দেশনা নিখুঁতভাৱে পালন কৰিব লাগে।

অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই খাদ্য সম্ভাৰৰ পৰা কেৱল নিৰামিষ খাদ্য গ্ৰহণ কৰাৰ বিপৰীতে মন্ত্ৰী বিমল বৰাই গ্ৰহণ কৰে দৈ, ৰুটি।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে তেওঁৰ চৰকাৰে প্ৰত্যোক জিলাতে অনুষ্ঠিত কৰিব কেবিনেট বৈঠক। সেই অনুসৰি জিলাই জিলাই কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

নীল আকাশ আৰু নিলাভ নিতৰ কণ্ঠৰ অজয় ফুকন সংগীত পৰিচালনাৰ”মই হেনো প্ৰেমতেপঢ়িছোঁ

ৰজগঁড় মা ষ্টুডিঅ ত আনুষ্ঠানিক ভাৱে মুক্তি দিয়ে।

নীল আকাশ আৰু নিলাভ নিতৰ কণ্ঠৰ অজয় ফুকন সংগীত পৰিচালনাৰ”মই হেনো প্ৰেমতে
পঢ়িছোঁ”আৰু অভিজিত ভট্টচাৰ্যৰ “মেডাম মেনকাৰ” শ্ৰব্য আৰু ভিডিঅ’ উন্মোচনী কৰে।

এই অনুষ্ঠানত উপস্থিত থাকে।প্ৰস্তুতি পৰাশৰ,
অভিজিত ভট্টাচার্য, জেফি বক্সী,নৃত্য নিৰ্দেশক উদয় শংকৰ,অজয় ফুকন আদি শিল্পী কলা কুশলী সকল

গহপুৰ ভোলাগুৰি চাহ বাগিচাত স্থাপন হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শন ভোলাগুৰি চাহ বাগিচা

গহপুৰ ভোলাগুৰি চাহ বাগিচাত স্থাপন হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শন ভোলাগুৰি চাহ বাগিচা

গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । চাহ বাগিছা খনত ৬০০ বিঘা ভূমিত নিৰ্মাণ হ’ব লগীয়া শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকীয়ে৷

গহপুৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল শ্বহীদ কনকলতা বৰুৱা নামত এখন বিশ্ববিদ্যালয়ৰ স্থাপন কৰা কিন্তু সকলো থিক থাক থাকিলে কিছুদিনৰ ভিতৰতে অসম চৰকাৰে বিশ্ববিদ্যালয় খনৰ নিৰ্মাণ কাৰ্যৰ শুভৰাম্ভণি কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ই প্ৰকাশ কৰে আজি গহপুৰত। ইফালে বিশ্ববিদ্যালয়ৰ খন স্থাপনৰ ক্ষেত্ৰত কিছু চৰকাৰী ভূমিত বাগিচা খনৰ প্ৰায় ২০০ টা পৰিয়াল দীৰ্ঘদিন ধৰি বসবাস কৰি থকা কথা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে সেই ২০০ টা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে স্থানীয়শ্ৰমিক সংগঠন আছা আটছা লগতে শ্ৰমিক সলকৰ সৈতে ও আলোচনা কৰি সমস্যা সমূহ সমাধানৰ চেষ্টা কৰা হ’ব বুলি কয় ।

এই সন্দৰ্ভত আজি প্ৰথম স্থানীয় দল সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী গৰাকীয়ে আলোচনা কৰা লগতে আন এখন আলোচনা সভা অনুষ্ঠিত কৰি সকলোৰে সহমত হ’লে সকলো ঠিকে থাকিলে চলিত বৰ্ষৰ অহা ডিচেম্বৰ মাহৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব পৰা যাব বুলি কয়।

উল্লেখ্য যে বিদ্যালয়খনৰ বাবে ইতিপূৰ্বে ৫০০ কোটি টকা আবন্টন দিয়া আছে । এই বিশ্ববিদ্যালয় খনে উত্তৰ অসমৰ শৈক্ষিক দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে। আজি এই পৰিদৰ্শন সময়ত নৱ নিৰ্বাচিত শোণিতপুৰ লোক সভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী অশোক সিংহল, শিক্ষা মন্ত্ৰী ড০ ৰনোজ পেগু লগতে বিধায়ক উৎপল বৰা উপস্থিত থাকে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ’জল জীৱন মিছনৰ, খানাপাৰাত আয়োজন কৰা বিশেষ সভাত অংশগ্ৰহণ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ’জল জীৱন মিছনৰ বহনক্ষমতা’ৰ ওপৰত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু অসম জল জীৱন মিছনে(JJM) অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়, খানাপাৰাত আয়োজন কৰা এক ’কনভাৰ্জেঞ্চ কৰ্মশালা’ত উপস্থিত হৈ সকলোকে সম্বোধন কৰে।

উল্লেখযোগ্যযে, জিলা পৰিষদৰ CEO, DRDA-ৰ প্ৰকল্প পৰিচালক আৰু জিলাসমূহৰ JJM-ৰ নোডেল অফিছাৰ সকলে অংশগ্ৰহণ কৰা এই কৰ্মশালাত জল জীৱন মিছনৰ বহনক্ষম সম্প্ৰসাৰণৰ বাবে কৰিবলগীয়া সঠিক পৰিকল্পনাৰ লগতে অন্যান্য বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰা হয়৷

আজিৰ অনুষ্ঠানত জল জীৱন মিছন অসম আৰু বাংগালুৰুত অৱস্থিত ৰাজহুৱা দাতব্য ন্যাস ’অৰ্ঘ্যম’ৰ মাজত ২ বছৰৰ বাবে এক অবিত্তীয় বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷ এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে অসমত জল জীৱন মিছন ৰূপায়ণত ডিজিটেল আন্তঃগাঁথনি আৰু কৃত্ৰিম বুদ্ধিমত্তা(AI)-ৰ প্ৰয়োগেৰে ৰাজ্যখনৰ প্ৰতিটো গ্ৰাম্য পৰিয়াললৈ কাৰ্যকৰী টেপ সংযোগ (FHTC) সুনিশ্চিত কৰি সুৰক্ষিত খোৱা পানীৰ যোগানৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।

নলবাৰীৰ পেপছি ইণ্ডিয়া প্ৰকল্প পৰিদৰ্শন উদ্যোগ মন্ত্ৰী বিমল বড়াৰ


গুৱাহাটী, ২৭জুন:ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বড়াই আজি নলবাৰী জিলাৰ বানেকুছিত ৭৭৮ কোটি টকা বিনিয়োগেৰে নিৰ্মীয়মান বহু প্ৰত্যাশিত পেপছিকো (PepsiCo)প্ৰকল্পত উপস্থিত হৈ প্ৰকল্পটো পৰিদৰ্শন কৰে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ সহজ আৰু উন্নত বাণিজ্যিক তথা উদ্যোগ নীতিৰ বাবে জিলাখনত স্হাপিত বৃহৎ উদ্যোগটোৱে জিলাখনৰ শিল্প উদ্যোগ ক্ষেত্র খনত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি উদ্যোগ মন্ত্ৰী বড়াই পৰিদৰ্শন কালত মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে পেপছিৰ এই উদ্যোগটোৱে যথেষ্ট সংখ্যক প্রত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে কৃষিখণ্ডও বিশেষভাৱে উপকৃত কৰিব।বিভিন্ন খাদ্য সামগ্রী উৎপাদিত হ’ব লগা এই সেউজ পথাৰ প্ৰকল্পটোৰ কাম ৩০শতাংশ অগ্ৰগতি লাভ কৰিছে। এই প্ৰকল্পটোত উৎপাদিত হ’ব লগা চিপছৰ বাবে প্ৰয়োজনীয় আলু উৎপাদনৰ বাবে বহুজাতিক কোম্পানীটোৱে স্হানীয় কৃষক সকলক সহায় আগবঢ়াব।

নলবাৰীত অনুস্হিত মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ পাছতে বানেকুছিৰ প্ৰকল্প স্থলীত উপস্থিত হোৱা মন্ত্রী গৰাকীয়ে পেপছিকোৰ বিষয়া সকলৰে প্ৰকল্পটোৰ অগ্ৰগতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকতো মিলিত হয়। আজিৰ এই পৰ্যালোচনাত নিৰ্মাণ কাৰ্য্যৰ স্থিতি বুজ লোৱাৰ লগতে, যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত উদ্যোগ বিভাগৰ তৰফৰ পৰা সহায় আগবঢ়োৱা হ’ব বুলিও পেপছিকোৰ বিষয়াসকলক তেওঁআশ্বাস প্ৰদান কৰে।

নগাঁও লেখিকা সমাৰোহ সমিতিৰ অনন্য পদক্ষেপ

দৈনন্দিন বাৰ্তাৰ সেৱা, বঢ়মপুৰ, ২৭ জুন : নগাঁও লেখিকা সমাৰোহ সমিতিৰ এটা সজাতি দলে ২৬ জুনৰ বিয়লি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ ১২৭ খন গ্ৰন্থ আগবঢ়ায় । সদস্যাসকলে নিজে লিখা আৰু সম্পাদনা কৰা গ্ৰন্থৰ উপৰিও আন প্ৰতিষ্ঠিত লেখকৰ কিছু গ্ৰন্থও ক্ৰয় কৰি মহাবিদ্যালয়খনলৈ গৈ প্ৰদান কৰে। নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: মিহিৰ কুমাৰ গোস্বামীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগাঁও লেখিকা সমাৰোহ সমিতিৰ ফালৰ পৰা আগবঢ়োৱা হয় গ্ৰন্থখিনি। লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা আভা বৰা, বীণা শৰ্মা, দীপা বৰুৱা, শাখাৰ সভানেত্ৰী ড০ থুনু কলিতা, সম্পাদিকা প্ৰিয়ম্বদা শইকীয়া বৰা, ঊৰ্মিলা বৰুৱা, অপৰা ফুকন, ড০ স্বপ্না নেওগ বৰা, ড০ অঞ্জনা গোস্বামী, সন্ধ্যা বৰুৱা, প্ৰিয়ম্বদা কাকতী বৰা, বুলু বৰুৱা প্ৰমুখ্যে সদস্যাসকলে মহাবিদ্যালয়খনিৰ অধ্যক্ষ আৰু গ্ৰন্থাগাৰিক প্ৰিয়ানুজ বৰাৰ হাতত গ্ৰন্থসমূহ অৰ্পণ কৰে ।

চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে এক নতুন সাকাৰাত্মক চিন্তাধাৰাৰে নগঞা ৰাইজৰ পৰা গ্ৰন্থ সংগ্ৰহ কৰি জনসাধাৰণৰ সেৱাৰ বাবে গ্ৰন্থাগাৰত এনে এটা শাখা ৰখাৰ চিন্তা-চৰ্চা কৰিছে। তেখেতৰ এনে অনন্য প্ৰচেষ্টাৰ প্ৰতি সহাঁৰি জনাই নগাঁও শাখা লেখিকা সমাৰোহ সমিতিয়ে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে অধ্যক্ষগৰাকীয়ে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু গ্ৰন্থসমূহ সুন্দৰকৈ গ্ৰন্থাগাৰত ৰখোৱাৰ ব্যৱস্থা কৰে। নগাঁও লেখিকা সমাৰোহ সমিতিৰ সদস্যাসকলেও ভবিষ্যতে প্ৰয়োজনসাপেক্ষে পুনৰ সহযোগিতা আগবঢোৱাৰ কথা অৱগত কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ত ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰী: প্ৰতিক্ৰিয়া উপাচাৰ্যৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই মাৰ্কশ্বিটৰ কোটিটকীয়া কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে। শেহতীয়াকৈ কম্পিউটাৰাইজ ব্যৱস্থাৰে জড়িত থকা একাংশই মাৰ্কশ্বিট জালিয়াতিৰ কাণ্ড সংঘটিত কৰে বুলি অভিযোগ আনে শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াই । অভিযোগ অনুসৰি কেছ ফৰ মাৰ্কচ কেলেংকাৰীৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰে বিভিন্ন বিভাগৰ ভালেসংখ্যক লোক জড়িত থকাৰ কথা কোৱাৰ উপৰিও দুষ্ট কৰ্মৰ কু-কাণ্ডৰে জড়িত এজনক গ্ৰেপ্তাৰ কৰা হৈছে। এনেধৰণৰ ৬টা ঘটনা পূৰ্বেও ফাদিল হয় । উক্ত সমগ্ৰ ঘটনাৱলী সন্দৰ্ভত অসম আৰক্ষী আৰু চি আই ডিয়ে যুটীয়াভাৱে তদন্ত চলাই আছে। ঘটনা সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়েও ‘আই ইউ এম এছ’ৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ সকলো তথ্য আৰু নম্বৰ তালিকা ছআপলোড কৰে । তদুপৰি যিটো সংস্থাক তদাৰক কৰিবলৈ দিয়া হৈছিল সেই নিৰ্দিষ্ট সংস্থাটোৰে ২০২২চনতে চুক্তিৰ ম্যাদ উকলি গৈছে বুলি লগতে উপাচাৰ্য গৰাকীয়ে অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বৰপেটাৰ গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ মাৰ্কশ্বিট জালিয়তিৰ তথ্য পোহৰলৈ অহাত এই সমগ্ৰ ঘটনা চৰ্চালৈ আহিছে। ইয়াৰ পাছতেই বিশ্ববিদ্যালয়খনত মাৰ্কশ্বিট কেলেংকাৰীৰ ঘটনা সংঘটিত হোৱা বুলি শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত সাংবাদিকৰ আগত ব্যক্ত কৰে ।

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায়সংখ্যক মহাবিদ্যালয়তে এনে দালাল চক্ৰ থকাৰ অভিযোগ প্ৰকাশ কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিমানজিত ডেকাই। সাধাৰণ সম্পাদক গৰাকীয়ে কেলেংকাৰীত বিশ্ববিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থীও জড়িত থকাৰ লগতে বিশেষকৈ বেক উঠোৱাৰ নামত প্ৰতিটো বিষয়ত ১৬হাজাৰ টকা ঘোচ লোৱাৰো গুৰুতৰ অভিযোগ তোলে ছাত্ৰ একতা সভাই।

নিৰ্বাচনৰ পূৰ্বে প্ৰথমটো যুক্তি-তৰ্কৰ বাবে মুখামুখি বাইডেন আৰু ট্ৰাম্প!জুলাই-আগষ্টত ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক সন্মিলন অনুষ্ঠিত হ’ব…

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন সমাগত। তাৰ প্ৰাকক্ষণত প্ৰথমটো যুক্তি-তৰ্ক কাৰ্যসূচীত মুখামুখি ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।এই যুক্তি-তৰ্কৰ জৰিয়তে ৮১বছৰীয়া ডেম’ক্ৰেটিক নেতা বাইডেনে ভোটাৰ সকলক আশ্বস্ত কৰাৰ চেষ্টা কৰে যে কেনেদৰে তীব্ৰ প্ৰত্যাহ্বানৰ মাজেৰে দেশখনক তেওঁ আগুৱাই লৈ গৈছে আৰু নৱেম্বৰত ভোটাৰ সকলে যোগ্য প্ৰাৰ্থী হিচাপে তেওঁকে নিৰ্বাচিত কৰিব বুলিও তেওঁ আশাবাদী।

ইফালে ৭৮বছৰীয়া ট্ৰাম্পে নিউয়ৰ্কত তেওঁৰ বিৰুদ্ধে থকা অপৰাধমূলক ঘটনাবোৰ মিছা বুলি প্ৰমাণ কৰাৰ চেষ্টা কৰে। লগতে লাখ লাখ লোকক বুজাই দিয়ে যে তেওঁ অ’ভাল কাৰ্যালয়লৈ ঘূৰি অহাৰ বাবে উপযুক্ত।ট্ৰাম্প আৰু বাইডেনে কঠোৰ পৰিস্থিতিৰ সন্মুখীন হোৱাও দেখা গৈছে।তাৰ ভিতৰত আছে দলীয় ৰাজনৈতিক হুলস্থুল, অসন্তুষ্ট জনসাধাৰণ।যুক্তি-তৰ্কৰ সময়ত চিএনএনয়ে কেইবাটাও নিয়ম বান্ধি দিছিল।সেই নিয়মবোৰ পালন কৰিবলৈ সন্মত হৈছিল দুয়োগৰাকী নেতা।সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখুওৱা হৈছে যে কেনেকৈ ৮১ বছৰীয়া বাইডেন আৰু ৭৮ বছৰীয়া ট্ৰাম্পক তেওঁলোকৰ যুক্তি-তৰ্কৰ সময়ত সহায় কৰিবলৈ ‘উচ্চ-প্ৰযুক্তিৰ’ মাইক্ৰ’ফোন স্থাপন কৰা হৈছে। পূৰ্বৰ এনে যুক্তি-তৰ্কতকৈ ব্যতিক্ৰম আছিল কিয়নো কোনো লাইভ ষ্টুডিঅ’ৰ দৰ্শক নাছিল।

৪০ বছৰ অতিক্ৰম কৰা লোকৰ আঁঠুৰ বিষৰ সমস্যাৰ বাবে অত্যাধুনিক চিকিৎসা পদ্ধিত…

আজিৰ জীৱন শৈলীৰ বাবে বৃদ্ধ লোকসকলৰ লগতে ৪০ বছৰ অতিক্ৰম কৰা লোকসকলৰ আঁঠুৰ বিষৰ সমস্যাত ভূগিবলৈ ধৰিছে।সৰ্বোদয়া চিকিৎসালয় ৰজইণ্ট ৰিপ্লেচমেণ্ট বিভাগৰ সঞ্চালক ডাঃ সুজয় ভট্টাচাৰ্জীয়ে আঁঠুৰ বিষত আক্ৰান্ত ৰোগীৰ বাবে উন্নত ফলাফল নিশ্চিত কৰা অত্যাধুনিক চিকিৎসাৰ অগ্ৰগতি ৰবটিক জইণ্ট ৰিপ্লেচমেণ্টৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে। ২৪,০০০ৰো অধিক জইণ্ট ৰিপ্লেচমেণ্টৰ সৈতে জড়িত থাকি লাভ কৰা ভট্টাচাৰ্জীৰ এই প্ৰযুক্তিৰ অভিজ্ঞতা অতুলনীয়। ৰবটৰ জৰিয়তে জইণ্ট ৰিপ্লেচমেণ্ট মেথড(যুটীয়াপ্ৰতিস্থাপনপদ্ধতি)ৰ জৰিয়তে লাভ কৰা ফলাফলৰ ক্ষেত্ৰত সৰ্বাধিক শুদ্ধতা প্ৰদান কৰে, ইয়াৰ লগতে ৰবটৰ দ্বাৰা জইণ্ট ৰিপ্লেচমেণ্টৰ অন্যান্য সুবিধা আছে যে নেলিগামেণ্টবা পেশী ৰক্ষা কৰি দ্ৰুত আৰোগ্য৷সৰ্বোদয়ৰ ৰবটিক জইণ্ট ৰিপ্লেচমেণ্ট বিভাগে লিগামেণ্ট বা পেশী ৰক্ষা কৰি দ্ৰুত আৰোগ্য লাভৰ সুবিধা প্ৰদান কৰে।এই নূন্যতম ছিদ্ৰ পদ্ধতিয়ে আঁঠুৰ প্ৰয়োজনীয় অংশটোহে সলনি কৰে, যাৰ ফলত লিগামেণ্ট ৰক্ষা পৰে।ইয়াৰ ফলত ৰোগীয়ে আঁঠু সলনি কৰাৰ অস্ত্ৰোপচাৰ কৰা যেন অনুভৱ নকৰাকৈয়ে সোনকালে আৰোগ্য লাভ কৰিব পাৰে। আনহাতে  সঠিক ভাৱে স্থাপনেৰে সংৰোপণৰ দীৰ্ঘায়ু৷দ্ৰুত ৰূপ প্ৰতিৰোধ কৰিবলৈ গাঁঠি সলনি কৰাৰ বাবে পোন (ষ্ট্ৰেইট) ফ্ৰেমত সঠিক ভাৱে সংৰোপণৰ প্ৰয়োজন।

ৰবটেৰে হাড় কাটিলে নিখুঁত ভাৱে হাড়কা টিব পৰা যায়, যাৰ ফলত দীৰ্ঘসময়ৰ বাবে আঁঠুৰ সলনি বিষমুক্ত আঁঠুৰ ব্যৱস্থা সহায়ক হয়।এই নিখুঁত বা সম্পূৰ্ণতা আন কোনো কৌশলৰে তুলনাত নহয়, যাৰ ফলত ইমপ্লাণ্টৰ দীৰ্ঘজীৱন নিশ্চিতহয়।ইয়াৰ লগতে গাঁঠি সলনি (জইণ্টৰিপ্লেচমেণ্ট)ৰ অস্ত্ৰোপচাৰৰ ২ঘণ্টাৰ পিছত খোজ কাঢ়িব পাৰে৷ গাঁঠি সলনি কৰাৰ অস্ত্ৰোপচাৰৰ পিছত ৰোগীয়ে নূন্যতম ছিদ্ৰ, কম ৰক্তক্ষৰণ আৰু সঠিক ইমপ্লাণ্টৰ জৰিয়তে দুঘণ্টাৰ পিছতে খোজ কাঢ়িব পাৰে।ইয়াৰ ফলত বিষ কম হয়, চিকিৎসালয়ত থকাৰ সময় হ্ৰাস পায় আৰু ফিজিঅ’থেৰাপিৰ প্ৰয়োজনীয়তা নোহোৱা হয়, যাৰ ফলত ৰোগীয়ে অস্ত্ৰোপচাৰৰ পিছত ঘৰলৈ উভতি যাব পাৰে। তদুপৰি আছে অধিক নিৰাপদ প্ৰযুক্তি৷ অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত থকাৰ বাবে ৰবটিক অস্ত্ৰোপচাৰ আনপদ্ধতিত কৈ সুৰক্ষিত কৌশল, কিয়নো ই প্ৰক্ৰিয়াৰ পূৰ্বে আৰু সময়তো সম্পূৰ্ণ ৰূপে স্বয়ংক্ৰিয় ভাৱে হয়।অস্ত্ৰোপচাৰৰ পূৰ্বে ৰবটৰ কাৰ্যক্ষমতা নিৰ্ণয় কৰা হয় আৰু নিৰ্দেশনা সমূহ অন্তৰ্ভুক্ত কৰা হয়, যাৰ ফলত প্ৰক্ৰিয়াটোৰ সময়তো সুৰক্ষা নিশ্চিত হৈ পৰে।

নৌ সেনাৰ বিষয়া অনিল কুমাৰ চীনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু। বিষয়াগৰাকীৰ মৃতদেহ ১৫দিন চীনতে আছে…

নৌ সেনাৰ বিষয়া অনিল কুমাৰ চীনত মৃত্যু

প্ৰায় ১৪ দিন পূৰ্বে ভাৰতৰ মাৰ্চেণ্ট নেভি বিষয়া অনিল কুমাৰৰ চীনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।বিষয়াগৰাকীৰ মৃতদেহ এতিয়াও চীনতে আছে।এনে পৰিস্থিতিত বিষয়াগৰাকীৰ বৃদ্ধ মাতৃ, পত্নী তথা পৰিয়ালৰ লোকসকল হতবাক হৈ পৰিছে।ইফালে আগ্ৰাৰ সাংসদত থকা  কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰফেচাৰ এছপি সিং বাঘেলে ভুক্তভোগীৰ পৰিয়ালক সহায়ৰ বাবে বুধবাৰে দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনা কৰে।

আনহাতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছে।মাৰ্চেণ্ট নেভি বিষয়া অনিল কুমাৰৰ নশ্বৰ দেহ সোনকালেই ভাৰতলৈ অনা হ’ব বুলি কোৱা হৈছে।একেদৰে বিষয়াগৰাকীৰ মৃতদেহ ঘৰলৈ অনাৰ বাবে বিষয়াগৰাকীৰ পৰিয়ালেও প্ৰধানমন্ত্ৰী মোদী আৰু বৈদেশিকমন্ত্ৰীক এক্সৰ জৰিয়তে বিশেষ অনুৰোধ জনাইছে। চীনৰ প্ৰৱাসী ভাৰতীয় সকলেও একেধৰণৰ প্ৰচেষ্টা চলাই আছে।উল্লেখ্য যে শ্বাহ গঞ্জ আৰক্ষী থানাৰ চাণক্য পুৰীৰ সাইধামৰে চিডেন্সিৰ বাসিন্দা ৪৯ বছৰীয়া অনিল কুমাৰ মাৰ্চেণ্ট নেভিৰ মুখ্য অভিযন্তা আছিল।