Home Blog Page 707

প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ত প্ৰদৰ্শিত হাৰ্গিলা সংৰক্ষণ মটিফৰ সৈতে অসমীয়া মেখেলা চাদৰ….

হাৰ্গিলা সংৰক্ষণ মটিফৰ সৈতে অসমীয়া মেখেলা চাদৰ

অসমৰ হাৰ্গিলা সংৰক্ষণৰ বাৰ্তা প্ৰচাৰৰ বাবে প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ত অসমীয়া মেখেলা-চাদৰ প্ৰদৰ্শন কৰাটো অসমৰ বাবে নিশ্চয়কৈ গৌৰৱৰ বিষয়। হাৰ্গিলা মটিফৰ সৈতে সংযুক্ত আৰু ইউএনইপিৰ ৱৰ্ল্ড চেম্পিয়ন ডাঃ পূৰ্ণিমা দেৱী বৰ্মনে ডিজাইন কৰা টিল ৰঙৰ মেখেলা ছাদৰ বোৱা হৈছিল হাৰ্গিলা সেনাবাহিনীৰ মহিলা সদস্যসকলৰ দ্বাৰা ৷ হুইটলী গোল্ড এৱাৰ্ড বিজয়ী তথা ইউএনইপি “চেম্পিয়ন অৱ দ্য আৰ্থ” ড° পূৰ্ণিমা দেৱী বৰ্মনৰ সৈতে যোগাযোগ কৰে নেচাৰেল হিষ্ট্ৰী মিউজিয়ামৰ জেছ চিম্পছনে, হাৰ্গিলা হেডড্ৰেছৰ সমান্তৰালভাৱে হাৰ্গিলা মেখেলা-চাদৰ প্ৰদৰ্শন কৰিবলৈ। ইয়াৰ দ্বাৰা লণ্ডন আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে বস্ত্ৰশিল্পৰ জৰিয়তে অসমত ঘটি থকা অনন্য সংৰক্ষণৰ প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰে আৰু হাৰ্গিলাৰ সংৰক্ষণ সফলতাৰ কাহিনীৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে।প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ে এই সাজ-পোছাকক সংৰক্ষণৰ আৰ্হি হিচাপে এক উজ্জ্বল নিদৰ্শন ডাঙি ধৰিছে আৰু ড° বৰ্মনে কেনেদৰে হাৰ্গিলা সেনা গঠন কৰিছিল আৰু হাৰ্গিলাক বিলুপ্তিৰ সীমাৰ পৰা উদ্ধাৰ কৰিবলৈ সম্প্ৰদায় সংৰক্ষণ আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সেয়া এই মডেলটোৰ ডিছপ্লেৰ ওচৰত বুজাই দিয়া হৈছে।

এইটো সঁচাকৈয়ে সংৰক্ষণৰ ক্ষেত্ৰত সমাাাজত এক মাইলৰ খুঁটি হিচাপে কাম কৰিব। উল্লেখযোগ্য যে যোৱা বছৰ লণ্ডনৰ ডিজাইন মিউজিয়ামত মেখেলা -চাদৰৰ আন এটা ছেট প্ৰদৰ্শন কৰা হৈছিল। এই মোবাইল প্ৰদৰ্শনীখন এতিয়া আমষ্টাৰডাম নেদাৰলেণ্ডৰ ৱৰ্ল্ড মিউজিয়ামলৈ স্থানান্তৰ কৰা হৈছে, য’ত একেধৰণৰ মেখেলা-চাদৰ প্ৰদৰ্শন কৰা হৈছে। ড° পূৰ্ণিমা দেৱী বৰ্মনে নিজৰ সন্তুষ্টি প্ৰকাশ কৰি কৰি কয়, “এইটোৱে মোলৈ আশাৰ সঞ্চাৰ কৰিছে, এইটো দেখি যে বিশ্বজুৰি বিশেষকৈ এনে সুনামধন্য সংগ্ৰহালয়ৰ পৰা মানুহে কেনেকৈ আমাৰ কামৰ জৰিয়তে সজাগতা সৃষ্টি আৰু আনক অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰিছে। এইটোও উদ্যোগীকৰণৰ কাহিনী, কেনেকৈ প্ৰদৰ্শন কৰা হৈছে।” আমাৰ স্থানীয় উদ্ভিদ আৰু প্ৰাণীৰ পৰা অনুপ্ৰাণিত হৈ আমাৰ সম্প্ৰদায়সমূহে বস্ত্ৰৰ ডিজাইন প্ৰস্তুত কৰিব পাৰে ই আমাৰ পৰম্পৰা, সংস্কৃতি, আৰু অসমীয়া মহিলাসকলৰ প্ৰতিভাক প্ৰতিফলিত কৰে, বিশেষকৈ আমাৰ শিপিনীসকলৰ এইটোৱেই হৈছে এনে এক আহিলা।”


ড° বৰ্মনে কয় যে “মই আৰম্ভ কৰিছিলো এই সৰু পদক্ষেপ, যিয়ে এতিয়া সকলোৰে হৃদয় চুই গৈছে। আমাৰ সকলো যুৱক-যুৱতীক সংৰক্ষণৰ বাবে এটা সৰু পদক্ষেপৰ পৰা আৰম্ভ কৰিবলৈ আহ্বান জনাইছো, যিটো এদিন ডাঙৰ কিবা এটা হ’ব পাৰে। প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ৰ সকলো দলৰ সদস্যক ধন্যবাদ জনাইছো, বিশেষকৈ শ্ৰীমতী জেছ চিম্পছন, আমাৰ সম্প্ৰদায়ৰ মহিলা, আৰু মোৰ ৰাজ্য অসমৰ সকলোকে মোক অনুপ্ৰাণিত কৰাৰ বাবে আমাৰ সুন্দৰ ৰাজ্য অসমত ইমান চহকী জৈৱ বৈচিত্ৰ্য আৰু সংস্কৃতি আছে, যাৰ ফলত এই হাৰ্গিলা মটিফ মেখেলা সদৰবোৰ গঢ় লৈ উঠিছে।”

দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত ৰাজ্যিক পৰ্যায়ত ৰচনা প্ৰতিযোগিতা…

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সৌজন্যত অহা ২৮ জুলাইত দেশভক্ত তৰুণৰাম ফুকনদেৱৰ সোঁৱৰণত গুৱাহাটীত কেন্দ্ৰীয়ভাবে আয়োজন কৰা ‘দেশভক্তি দিৱস’ৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ৰাজ্যিক পৰ্যায়ত এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। তিনিটা শাখাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনি ‘ক’ শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, ‘খ’ শাখাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰু ‘গ’ শাখাত স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰিব পাৰিব। ‘ক’ শাখাৰ প্ৰতিযোগীৰ বাবে ৰচনাৰ বিষয় হৈছে- তৰুণৰাম ফুকন: জীৱন আৰু কৃতিত্ব,’খ’ শাখাৰ প্ৰতিযোগীৰ বাবে ৰচনাৰ বিষয় হৈছে- *ভাৰতৰ স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ ভূমিকা, আৰু ‘গ’ শাখাৰ স্নাতক পৰ্যায়ৰ প্ৰতিযোগীৰ বাবে ৰচনাৰ বিষয় হৈছে- অসমীয়া সাহিত্যলৈ তৰুণৰাম ফুকনৰ অৱদান। ‘ক’ শাখাৰ বাবে লিখনি সৰ্বোচ্চ ৮০০ শব্দৰ ভিতৰত, ‘খ’ শাখাৰ বাবে লিখনি সৰ্বোচ্চ ১০০০ শব্দৰ ভিতৰত আৰু ‘গ’ শাখাৰ বাবে লিখনি সৰ্বোচ্চ ১২০০ শব্দৰ ভিতৰত হ’ব লাগিব। ৰচনা লিখাৰ ভাষাৰ মাধ্যম হৈছে- অসমীয়া, ইংৰাজী, হিন্দী, বাংলা আৰু বড়ো ভাষা। বিভিন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ লিখিত শ্ৰেষ্ঠ ৰচনা সমূহ নিজৰ নিজৰ বিদ্যালয়, মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ যোগেদি জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব। ৰচনা সমূহ জমা দিয়াৰ শেষ তাৰিখ ৩০জুন,২০২৪।

প্ৰতিযোগী সকলে ব্যক্তিগতভাবে জমা দিব খোজা ৰচনা সমুহ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰা নহ’ব। প্ৰতিটো শাখাতে বিজয়ী সকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰৰ নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। প্ৰতিযোগিতাৰ বিজয়ী সকলক প্ৰথম পুৰস্কাৰ-৫০,০০০টকা, দ্বিতীয় পুৰস্কাৰ -৩০,০০০টকা,তৃতীয় পুৰস্কাৰ-২০,০০০টকাৰ নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব। তাৰোপৰি প্ৰতিটো ভাষাৰ বাবে প্ৰতিটো শাখাত ১০,০০০টকাৰ বিশেষ পুৰস্কাৰো প্ৰদান কৰা হ’ব। বিজয়ী প্ৰতিযোগী সকলক গুৱাহাটীত কেন্দ্ৰীয়ভাবে আয়োজন কৰা ‘দেশভক্তি দিৱস’ৰ অনুষ্ঠানত সম্বৰ্ধনা জনোৱাৰ লগতে পুৰস্কাৰো বিতৰণ কৰা হ’ব। প্ৰতিযোগিতাখনিলৈ আগ্ৰহী ছাত্র-ছাত্ৰী সকলৰ সহযোগিতা কামনা কৰা হৈছে।

কৃত্ৰিম বানপানীৰ কবলত দিল্লীবাসী…

দিল্লী-এনচিআৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত তাপমাত্ৰা ব্যাপক হ্ৰাস পাইছে। বৰষুণে গৰমৰ পৰা দিল্লীবাসীক সকাহ দিছে যদিও দিল্লীবাসীৰ বাবেও বহু সমস্যাও সৃষ্টি কৰিছে।

ধাৰাসাৰ বৰষুণৰ বাবে দিল্লীৰ বাট-পথ পানীত ডুব যোৱা দেখা গৈছে। বহু ঠাইত যান- যঁটৰ সমস্যাই দেখা দিছে। ইয়াৰ বাবে মানুহৰ জীৱন প্ৰণালীতো প্ৰভাৱ পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আজি দিল্লীত গোটেই দিনটো বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

বৰ্তমান দিল্লীৰ আকাশ ডাৱৰে আৱৰি ধৰিছে। বৰষুণৰ ফলত আৰ্দ্ৰতাৰ পৰা সকাহ দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি কিছুদিনলৈ বতৰ এনেদৰে থাকিব পাৰে।

পূৰ্বে কোৱা হৈছিল যে জুলাই মাহৰ আৰম্ভণিতে বাৰিষা প্ৰৱেশ কৰিব। কিন্তু তাৰ আগতেও দিল্লীত আৰম্ভ হৈছে বৰষুণ- বজ্ৰপাত। দিল্লী-এনচিআৰত পুৱাৰ তাপমাত্ৰা ২৭ ডিগ্ৰী চেলছিয়াছ। সন্ধিয়ালৈকে বতৰ এনেদৰে থাকিব বুলি আশা কৰা হৈছে।

অৰ্থাৎ কেতিয়াবা প্ৰবল আৰু কেতিয়াবা সাধাৰণ বৰষুণ হ’ব পাৰে। ইয়াৰ লগতে আজি ঘণ্টাত ১৩ কিলোমিটাৰ বেগেৰে বতাহ বলিব আৰু আৰ্দ্ৰতা ৯০ শতাংশ হ’ব।

বৰ্তমানৰ প্ৰেক্ষাপটত পৰিৱেশ সজাগতাৰ গুৰুত্ব

সমুজ্জ্বল ডেকা, ৰঙিয়া

আজিৰ পৃথিৱীত পৰিৱেশ সজাগতা অতি গুৰুত্বপূৰ্ণ, আৰু ইয়াৰ গুৰুত্বক অতিৰঞ্জিত কৰিব নোৱাৰি। বৰ্তমানৰ প্ৰেক্ষাপটত পৰিৱেশ সজাগতা অতি প্ৰয়োজনীয় হোৱাৰ কিছুমান মূল কাৰণ ইয়াত উল্লেখ কৰা হ’ল:

১) জলবায়ু পৰিৱৰ্তনঃ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনে গ্ৰহটোত বিধ্বংসী প্ৰভাৱ পেলাইছে, আৰু এই সমস্যাসমূহ বুজিবলৈ আৰু সমাধান কৰিবলৈ পৰিৱেশ সজাগতা অতি প্ৰয়োজনীয়।

২) প্ৰাকৃতিক সম্পদ সংৰক্ষণ: পৰিৱেশ সজাগতাই প্ৰাকৃতিক সম্পদ, যেনে পানী, শক্তি, আৰু ভূমিৰ সংৰক্ষণক প্ৰসাৰিত কৰে, যিবোৰ বহনক্ষম উন্নয়নৰ বাবে অপৰিহাৰ্য।

৩) প্ৰদূষণ প্ৰতিৰোধ: ব্যক্তি আৰু সংস্থাক বহনক্ষম পদ্ধতি গ্ৰহণ আৰু আৱৰ্জনা হ্ৰাস কৰিবলৈ উৎসাহিত কৰি পৰিৱেশ সজাগতাই প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰে।

৪) জৈৱ বৈচিত্ৰ্য সুৰক্ষা: জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে পৰিৱেশ সজাগতা অতি গুৰুত্বপূৰ্ণ, কিয়নো ই এটা সুস্থ গ্ৰহৰ বাবে অপৰিহাৰ্য পৰিৱেশ তন্ত্ৰ আৰু প্ৰজাতিসমূহ সংৰক্ষণ কৰাত সহায় কৰে।

৫) স্বাস্থ্য আৰু মংগলঃ পৰিৱেশ সচেতনতা মানুহৰ স্বাস্থ্য আৰু মংগলৰ সৈতে জড়িত, কিয়নো ৰোগ প্ৰতিৰোধ আৰু সুস্থ জীৱন-যাপনৰ বাবে পৰিষ্কাৰ পৰিবেশ অতি প্ৰয়োজনীয়।

৬) বহনক্ষম উন্নয়নঃ বহনক্ষম উন্নয়ন সাধনৰ বাবে পৰিৱেশ সজাগতা অতি প্ৰয়োজনীয়, কিয়নো ই পৰিৱেশ সুৰক্ষাৰ লগতে অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ ঘটায়।

৭) পৰিৱেশ নৈতিকতা: পৰিৱেশ সজাগতাই পৰিৱেশ নৈতিকতাক লালন-পালন কৰে, যিবোৰ পৰিৱেশৰ প্ৰতি দায়িত্বশীল আচৰণৰ প্ৰসাৰিত কৰাৰ বাবে অতি প্ৰয়োজনীয়।

৮) সম্প্ৰদায়ৰ সংযোগ: পৰিৱেশ সজাগতাই পৰিৱেশৰ সিদ্ধান্ত গ্ৰহণত সম্প্ৰদায়ৰ সংযোগ আৰু অংশগ্ৰহণক উৎসাহিত কৰে, যিটো পৰিৱেশ গণতন্ত্ৰক প্ৰসাৰিত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

৯) অৰ্থনৈতিক লাভ: পৰিৱেশ সজাগতাৰ অৰ্থনৈতিক লাভ হ’ব পাৰে, যেনে আৱৰ্জনা হ্ৰাস আৰু শক্তিৰ কাৰ্যক্ষমতাৰ ফলত খৰচৰ ৰাহি।

১০) আন্তঃপ্ৰজন্মৰ ন্যায়: আন্তঃপ্ৰজন্মৰ ন্যায়ৰ প্ৰসাৰৰ বাবে পৰিৱেশ সজাগতা অতি প্ৰয়োজনীয়, কিয়নো ইয়াৰ দ্বাৰা ভৱিষ্যত প্ৰজন্মই যাতে এটা সুস্থ আৰু সমৃদ্ধিশালী গ্ৰহৰ উত্তৰাধিকাৰী হয়।

সামৰণিত ক’ব পাৰি যে বৰ্তমানৰ প্ৰেক্ষাপটত পৰিৱেশ সজাগতা অতি প্ৰয়োজনীয়, আৰু ইয়াৰ গুৰুত্বক অতিৰঞ্জিত কৰিব নোৱাৰি। পৰিৱেশৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে, বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰাৰ বাবে, আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ আৰু সমৃদ্ধিশালী গ্ৰহ নিশ্চিত কৰাৰ বাবে ই অতি প্ৰয়োজনীয়।

স্তন কেন্সাৰত আক্ৰান্ত অভিনেত্ৰী হিনা খান! কৰ্কটৰ তৃতীয় স্তৰত আক্ৰান্তৰ কথা প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে…

স্তন কেন্সাৰ ৰোগত আক্ৰান্ত হিনা খান

স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনা খান৷

ইনষ্টাগ্ৰামত কৰ্কটৰ তৃতীয় স্তৰত আক্ৰান্তৰ কথা প্ৰকাশ কৰি সাহসেৰে আগবাঢ়িব বুলিও অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

টেলিভিছন তাৰকা হিনা খানে শুকুৰবাৰে প্ৰকাশ কৰে যে তেওঁৰ ষ্টেজ থ্ৰী স্তন কেন্সাৰ ধৰা পৰিছে আৰু তেওঁৰ চিকিৎসা চলি আছে। তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ৩৬ বছৰীয়া হিনা খানে এটা দীঘলীয়া টোকা শ্বেয়াৰ কৰিছে য’ত তেওঁ কয় যে তেওঁ “এই ৰোগ দূৰ কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ আৰু প্ৰতিশ্ৰুতিবদ্ধ”।

জুৱা বনাম সামাজিক দায়বদ্ধতা

বনশ্রী শৰ্মা

সমাজ এখনৰ প্ৰকৃত উন্নয়ন তেতিয়াহে সম্ভৱ হ’ব যেতিয়া সমাজৰ প্ৰতিজন লোকে নিজৰ দায়িত্ব বুজি নৈতিকতাক আগস্থান দিব। নৈতিকতাৰ স্খলন হ’লে আৰ্থিক অথবা অন্যান্য উন্নয়নেও কিন্তু সমাজৰ প্ৰকৃত উন্নয়ন কৰিব নোৱাৰে। শেহতীয়াকৈ অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডো জোৱান এগৰাকীক নিলম্বন কৰা হৈছে কাৰণ তেওঁ সামাজিক মাধ্যমত অনলাইন জুৱাৰ প্ৰচাৰ চলাইছিল, এতিয়া কথা হ’ল যে সেইগৰাকী জোৱানে সামাজিক মাধ্যমত কিন্তু “কুঁহি” নামেৰে যথেষ্ট বিখ্যাত আৰু তেওঁ প্ৰায়েই জীৱন সম্পর্কে খুউব ভাল ভাল কথা কোৱা দেখা যায়। যিগৰাকী মহিলাই জীৱন সম্পর্কে মানুহক ইমানবোৰ প্ৰেৰণামূলক কথা কয়, লগতে তেওঁ এগৰাকী আৰক্ষী জোৱানো সেইগৰাকী জোৱানৰ সমাজখনৰ প্ৰতি একো দায়বদ্ধতা নাই নে? নাই নেকি তেওঁৰ কোনো ধৰণৰ নৈতিক দায়িত্ব? যিটো কামৰ বাবে তেওঁ ৰাইজক বাধা দিব লাগিছিল, সজাগ কৰিব লাগিছিল, সেই কামৰ বাবেই তেওঁ যদি এইদৰে ৰাইজক প্ৰৰোচিতহে কৰে তেতিয়াহ’লে তেওঁ নিজৰ বৃত্তিটোক অপমান কৰাৰ লগতে সামাজিক মাধ্যমত যিবোৰ প্ৰেৰণামূলক কথা কয় সেইবোৰ এক ভেকোভাওনা বুলিয়েই ক’ব লাগিব। আটাইতকৈ আচৰিত কথাটো এইটো যে তেওঁ নিলম্বিত হোৱাৰ পিছতো নিজৰ ভুল উপলব্ধি কৰাৰ পৰিৱৰ্তে তেওঁক ভুল বুলি কোৱাসকলক উদ্দেশ্যি সামাজিক মাধ্যমত ক্ষোভহে উজাৰিছে।
এইবাৰ আহিছো এগৰাকী শিক্ষকৰ কথালৈ, তেৱোঁ সামাজিক মাধ্যমত যথেষ্ট বিখ্যাত আৰু পেচাত এগৰাকী শিক্ষক। আমি দেখিছিলো আমাৰ ছাৰ-বাইদেউ সকলে শিক্ষকতাক কেৱল তেওঁলোকৰ পেচা হিচাপে নলৈ জীৱনৰ ব্ৰত হিচাপে লৈছিল আৰু সদায় নৈতিকতাৰ, মূল্যবোধৰ , সামাজিক দায়বদ্ধতাৰ শিক্ষা দিছিল। তেনেস্থলত এইগৰাকী শিক্ষকে কিদৰে সামাজিক মাধ্যমত অনলাইন জুৱাৰ প্ৰচাৰ চলাব পাৰে? অন্য নহ’লেও নিজৰ বৃত্তিটোলৈওনো সন্মান নাই নে? অপমান কৰা নাই নে তেওঁ শিক্ষকতাক? শিক্ষকেইটো সমাজৰ ভেটি গঢ়ে , শিক্ষকেইটো সমাজত প্ৰথমে এন্ধাৰ বিনাশী চাকি জ্বলায়… কিয় তেওঁৰ মনত এবাৰো এই কথা নাহিল যে তেওঁ এগৰাকী শিক্ষক, সমাজখনৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আছে।
এওঁলোকৰ উপৰিও আৰু বহুকেইগৰাকী ইউটিউবাৰ, ব্লগাৰ, নামৰ শিল্পীয়েও অনলাইন জুৱাৰ প্ৰচাৰ চলোৱাৰ কথা সচেতন মহলৰ দৃষ্টিগোচৰ হৈছে। জুৱা কিমান ডাঙৰ ব্যাধি এই কথা সকলোৱে জানে তথাপিও এইসকল লোকে ইয়াৰ প্ৰচাৰ চলাই আছে। কোনোৱে যদি ভাল কন্টেন্ট প্ৰস্তুত কৰে তাত কাৰো একো আপত্তি নাথাকে কিন্তু এইদৰে জুৱাৰ প্ৰচাৰ চলাই সমাজখনক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া সকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাটো বৰ্তমান সময়ত খুবেই প্ৰয়োজন। কাৰণ এখন সমাজৰ উন্নয়নৰ বাবে আৰ্থিক উন্নয়ন, বৌদ্ধিক উন্নয়নৰ লগতে সামাজিক দায়বদ্ধতাও অত্যন্ত প্ৰয়োজন।

                                                        

প্ৰতি জিলাত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনী

ইলোৰা বিজ্ঞান মঞ্চৰ ২০ সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনী প্ৰতিখন জিলাতে অনুষ্ঠিত হব । উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীল প্রতিভা তথা বৈজ্ঞানিক উদ্ভাৱনী শক্তি বিকাশৰ লক্ষ্যৰে চলিত মাহৰ পৰাই ৰাজ্যৰ প্ৰতিখন জিলাত পর্যায়ক্রমে অনুষ্ঠিত কৰা হৈছে এই প্রদর্শনী । এক সংবাদমেলত বিষয়ববীয়াই প্রদর্শনীৰ বিভিন্ন দিশ সন্দৰ্ভত জিলা পৰ্যায়ৰ প্রদর্শনীসমূহৰ পৰা উৎকৃষ্ট মানৰ সৃষ্টিশীল আর্হিসমূহ বাচনি কৰি সেই আৰ্হি অহা ৬ আৰু ৭ জুলাইত আই আই টি, গুৱাহাটীৰ কনফাৰেন্স কেন্দ্ৰত প্ৰদৰ্শন কৰা হ’ব বুলি জনায় ।

আই আই টি, গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেবেন্দ্র জালিহালে উদ্বোধন কৰিবলগীয়া ৰাজ্যিক স্তৰৰ বিজ্ঞান আৰ্হিৰ প্রদর্শনী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্রবন্ধক সহদেৱন ৰাধাকৃষ্ণন । ইতিমধ্যে শোণিতপুৰ, বিশ্বনাথ, দৰং, বঙাইগাঁও, ধেমাজি, গোলাঘাট, লখিমপুৰ, শিৱসাগৰ, বৰপেটা আদি জিলাত মঞ্চৰ শাখাসমূহৰ উদ্যোগত বিজ্ঞান আৰ্হিৰ জিলাভিত্তিক প্রদর্শনী অনুষ্ঠিত হৈছে । ইফালে চৰাইদেউ, ডিব্ৰুগড়, গোৱালপাৰা, কামৰূপ (মহানগৰ), মৰিগাঁও, নগাঁও, নলবাৰী, তিনিচুকীয়া আদি জিলাত অহা ২৮, ২৯, ৩০ জুন আৰু ২ জুলাইত প্রদর্শনী অনুষ্ঠিত হ’ব । প্রদর্শনীৰ যাৱতীয় কাম-কাজ আগুৱাই নিবলৈ ইতিমধ্যে এখন সমিতি গঠন কৰা হয় ।

আই আই টি, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া প্ৰদৰ্শনীৰ লগতে দুদিনীয়া কাৰ্যসূচীত ছাত্র- ছাত্রীসকলক লৈ কর্মশালা আৰু বিজ্ঞানীসকলৰ লগত মত বিনিময়ৰ কাৰ্যসূচী লোৱা হৈছে । নির্বাচিত ছাত্ৰ-ছাত্ৰীসকলৰ অহা-যোৱা, থকা- খোৱা আৰু যাৱতীয় খৰচসমূহ বহন কৰাৰ বাবে মঞ্চই ব্যৱস্থা গ্রহণ কৰিছে । আজিৰ সংবাদমেলত প্ৰস্তুতি সমিতিৰ হৈ ড° জয়ন্তী চুতীয়া, ড° পৱন চহৰীয়া, ড° কালীপ্রসাদ শর্মা আৰু কমলেশ গুপ্ত উপস্থিত থাকে ।

চৰাই-চিৰিকটি, জীৱ-জন্তুৱেই তেওঁৰ জীৱন! চৰাই-চিৰিকটি ৰক্ষাত নীৰৱে সংগ্ৰাম চলাই গৈছে এজন যুৱকে…

যি সময়ত বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটিক একাংশ অসাধু লোকে অত্যাচাৰ তথা জাল-ফান্দ পাতি ধৰি খাইছে, মাৰি পেলাইছে তেনে সময়ত ছিপাঝাৰৰ এগৰাকী যুৱকে বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটি ৰক্ষাত নীৰৱে চলাই গৈছে সংগ্ৰাম তথা সজাগতাৰ।ছিপাঝাৰৰ পশ্চিম চুবাৰ সঞ্জীৱ নাথ  নামৰ স্নাতক ডিগ্ৰীধাৰী যুৱক গৰাকীয়ে তিনি-চাৰি বছৰ ধৰি বনৰীয়া জীৱ জন্তু, চৰাই চিৰিকটি ৰক্ষাত বিশেষভাৱে কাম কৰি আহিছে।

প্ৰকৃতিৰ প্ৰতি অগাধ ভাল পোৱা যুৱক গৰীকীয়ে বনৰীয়া চৰাই-চিৰিকটিৰ সুৰক্ষাৰ বাবে নিজৰ লগতে ওচৰ চুবুৰীয়াৰ ঘৰত, গছ-বাঁহ, ঝাৰণিত থকাৰ বাবে বাহ সাজি দিয়াই নহয়, নিজৰ পকেটৰ টকাৰে কিনি নি খাদ্যও যোগান ধৰি আহিছে। তদুপৰি ঠায়ে ঠায়ে বন্য প্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বেনাৰ-পোষ্টাৰ আঁৰি দি ৰাইজৰ মাজত সজাগতা সৃষ্টি  কৰি আহিছে। যাৰ পিছত সুৰক্ষিত অৱস্থাত বনৰীয়া চৰাই-চিৰিকটিৰে ঠাহ খাই পৰে গাঁওখনত। ইতিমধ্য বন্য প্ৰাণী সংৰক্ষণ বিভাগৰ লগত যোগাযোগ কৰি অধিক জানি লৈ নীৰৱে চলাই গৈছে বনৰীয়া জীৱ জন্তু তথা প্ৰকৃতি ৰক্ষাৰ সংগ্ৰাম। যুৱক গৰাকীৰ কৰ্মক জ্যেষ্ঠ নাগৰিক,বিশিষ্ট সমাজকৰ্মী যোগেন্দ্ৰ শৰ্মাকে ধৰি অঞ্চলটোৰ বহুলোকে শুভেচ্ছা জনাইছে।

বাস্তৱ দৃষ্টিভংগীত মানুহৰ জীৱনৰ মূল্য কিমান ?

আচিক আহমেদ

আপুনি কেতিয়াবা ভাবিছেনে বাস্তৱ দৃষ্টিভংগীত মানুহৰ জীৱনৰ মূল্য কিমান ? সফলতা আৰু ধন অবিহনে জীৱনত কোনেও কাৰো আপোন হ’বলৈ নিবিচাৰে কিয়‌ ? সকলোৱে সফল ব্যক্তিৰ হাতখন বিচাৰে কিন্তু সংগ্ৰাম কৰি থকা অৱস্থাত লগত কোনেও দিব নিবিচাৰে, পৃথিৱীত মানুহে সকলো মানুহক সমানেই গণ্য কৰা বুলি প্ৰায়েই কয় কিন্তু অপ্ৰিয় হ’লেও সত্য বাস্তৱত কোনোও সমানে গণ্য নকৰে বৰঞ্চ মানুহ ভেদে আচৰন ব্যৱহাৰ বেলেগ বেলেগ কৰে , মানুহে মানুহক স্তৰ ,ক্ষমতা ধন সম্পত্তিৰ ফালৰ পৰাহে গুৰুত্ব দিয়ে । সাধাৰণ নতুবা নিম্ন খাপৰ অসহায়হীন ব্যক্তিক কোনোও সহজে হৃদয়ত স্থান দিব নিবিচাৰে ,তেওঁলোকৰ যেন কতোৱে মূল্য নাই , হেজাৰ কান্দিলেও পৃথিৱীত আৱেগৰ কোনো দাম নাই য’ত মানুহে সদায় মানুহতকৈ সফলতা, ক্ষমতা ধন সম্পত্তি আদিৰহে মূল্য বেছি দিয়ে । পৃথিৱীত ১০ টাৰ পৰা উপদেশ বিচাৰিলে ১০ টা কথা পাব কিন্তু সেই দহজনক পৰা সহায় বিচাৰিলে ১০টা সহায় নাপায়, কেতিয়াবা মন কৰিছেনে সংগ্ৰাম কৰি থকা অৱস্থাত মানুহক লগত কোনেও দিব নিবিচাৰে আৰু বহু মানুহে মূল্যও দিব নিবিচাৰে কিন্তু এজন সফল মানুহ নতুবা ধন সম্পত্তি আৰু ক্ষমতা থকা নাইবা ভাল চাকৰি থকা মানুহৰ লগত সকলোৱেই লগ দিয়াই নহয় বৰঞ্চ য’তে ত’তে স্থান দিয়ে যদিও স্বাভাৱিকতে সাম্প্ৰতিক সময়ত মানুহবোৰ ব্যস্ত হৈ গৈছে ,যদিও সেই ক্ষমতাশালী,ধন সম্পত্তি নাইবা ভাল চাকৰি থকা ব্যক্তিৰ বাহিৰে আনক সহজেই লগাতকৈ‌ বেছি ব্যস্ততাৰ অজুহাত দেখুৱাই নিজকে লুকুৱাই ৰাখি দায়বদ্ধতাৰ‌ পৰা আঁতৰি থাকিব বিচাৰে । বহু সময়ত মানুহক ফোন কৰি নাপালেও অন্ততঃ উভতাই ফোন কৰিবলৈ যেন অকনো মানসিকতা নাই । প্ৰকৃততে নিজক লৈ ইমান ব্যস্ত যে আনক গুৰুত্বপূৰ্ণ নাইবা প্ৰয়োজনীয় বুলি অনুভৱ নকৰি মনত অহংকাৰ ৰাখি থয়। বৰ্তমান সময়ত প্ৰায়েই দেখা যায় একাংশ মানুহে নিজকে বহুত কিবা কানি বুলি ভাবি নাইবা দেখুৱাবলৈ ধৰে যদিও আনক মানুহ বুলি গণ্য নকৰে ,আনকি কোনো ধৰণৰ খাতিৰ কৰিব নিবিচাৰি মূল্য নিদি এটিটিউড দেখুৱাই একপ্ৰকাৰ ই’গ কেন্দ্ৰীক ব্যক্তি হোৱা পৰিলক্ষিত হয়৷ মনত ৰাখিব কোনো সম্পৰ্ক নাইবা মানুহৰ মাজত আটাইতকৈ প্ৰয়োজন মূল্য দিয়াতো হে । সেইবাবেই জীৱনত এবাৰ অকলশৰীয়া হৈ পৰিলে গম পোৱা যায় কোন কাৰ কিমান আপোন ? কোৱা হয়— ‘যাৰ বুকুত মৰমৰ কাঁইটৰ শৰে বিন্ধাইছে তেওঁহে জানে মৰমৰ মূল্য কিমান ‘ তেনেদৰে বুজা জনে মৰমৰ মূল্য এনেও বুজিব,সেইজনক বুজাবলৈ প্ৰয়োজন নাই অনুভৱ দেখিয়েই অনুমান কৰিব পাৰিব , কিন্তু নুবুজা জনক বুজাই কি লাভ ? হেজাৰ ভালপোৱা মৰমৰ দি বুজাবলৈ যত্ন কৰিলেও তেওঁ জানোঁ মৰমৰ মূল্য বুজিব ? জীৱনত বহুতো কথাই ঠেকি ঠেকি শিক্ষা যায় যেন বিপদৰ সময়ৰ আৰু প্ৰয়োজন সময়ত লগত দিব নিবিচাৰে সকলোৱেই লেই লেই চেই চেই কৰে কিন্তু সুখৰ সময়ত লগত দিয়া মানুহৰো অভাৱ নাই ।একাংশ মানুহ যেন ভিতৰি ভিতৰি সহি পৰি গলেও তথাপিতো জীৱনত কিছুমানে অহংকাৰ এৰি নিদি তেওলোকক সহযোগ কৰিব নিবিচাৰে ।সেইবাবেই জীৱনত হয়তো লগত ধন সম্পত্তি, চাকৰি নাথাকিলে নিজতকৈ কোনো আপোন নাই আৰু লগ দিয়া মানুহেও নাই আৰু তেওঁৰ সমান অসহায় ব্যক্তি পৃথিৱীত আন ক’তোৱে নাই কিন্তু যাৰ ওচৰত সফলতা ধন সম্পত্তি সকলো আছে তেওঁৰ বাবে সকলোৱেই আপোন । এই দুনীয়াত টকাৰ লোভ কাৰ নাই? টকাৰ পিছতেই সকলোৱে দৌৰি আছে, টকা থাকিলে তেওঁ শ্ৰেষ্ঠই নহয় তেওঁক লগ দিয়া মানুহৰো অভাৱ নাই তেওঁৰ স্থান য’তে ত’তে কিন্তু যাৰ লগত টকা নাই তাৰ লগত একোৱে নাই, টকা থাকিলে সকলোৱেই আপোন আৰু বহু খাতিৰ সন্মান কৰে, টকাৰে সুখ কিনিব নোৱাৰি তথাপিও প্ৰত্যেক সুখৰ আঁৰত থকা মুখ্য কাৰনেই হৈছে টকা ধনৰ বলৰে সকলো নিয়ন্ত্ৰণ কৰি ল’ব পাৰে ‌। ভাল ঘৰ ,ভাল ছোৱালী ,ভাল চাকৰি সকলোৱেই বিচাৰে কিন্তু সকলোৰে ভাগ্যত নাথাকে যদিও যাৰ ওচৰত টকা আছে তেওঁৰ বাবে সহজেই বিভিন্ন সা সুবিধা তথা মানুহবোৰ উপলদ্ধ হৈ থাকে, মানুহে তেওঁৰ পাছে পাছে মৌ মাখিৰ দৰে উঠি ফুৰে , ঠিক তেনেকৈ বৰ্তমান সমাজখন নিজৰ লাভৰ পাছতেই দৌৰি থকা স্বাৰ্থলোভী আৰু সুবিধাবাদী নিজৰ উদ্দেশ্য পূৰন নোহোৱালৈ মুখত মিঠা হৈ থাকে কিন্তু উদ্দেশ্য পূৰনৰ পাছত সকলোৱে এৰা দিয়ে ।সেইবাবেই আজিৰ সমাজখন অলপ বেলেগ ধৰনৰ য’ত মানুহ বৰ ভয়ংকৰ, টকাৰ বাবে যিকনো কাৰ্য কৰে সেইবাবেই ইতিমধ্যে কৈ আহিছো যে মানুহ বৰ ভয়ংকৰ যাক চিনা বৰ টান মুখত মিঠা হ’লেও সুবিধাবাদী আৰু বিশ্বাস ঘাতকতা মানুহৰ স্বভাৱিক প্ৰবৃত্তি য’ত মুখত এটা আৰু পেটত এটা কথা ।সাম্প্ৰতিক সময়ত বৰ্তমানৰ সমাজখনে জীয়াই থাকোতেই আজিৰ ল’ৰা ছোৱালীক হত্যা কৰি মানুহ বুলি গন্য নকৰে কিয়নো সমাজে সেইজনক আগশাৰীত ৰাখে আৰু যোগ্য বুলি ভাৱে যিজনে চৰকাৰী চাকৰীয়াল আৰু যাৰ স্তৰ উচ্চ , প্ৰকৃততে উচ্চ শিক্ষিত হ’লেওঁ জীৱনত ধন আৰু চাকৰি নাথাকিলে জীৱনটো মূল্যহীন হৈ পৰে । ল’ৰা যিমানেই ভাল নহওঁক কিয় ! উপাৰ্জন নকৰিলে তাৰ ক’তো মূল্য নাই ,সেইবাবেই জীৱনত সুখী হ’ব যত আদৰ নাই তালৈ নাযাব ,যি শুনিব নিবিচাৰে সেই জনক নুবুজাব ,কেৱল প্ৰয়োজনৰ বাহিৰে আন কোনো কথা উপযাচি ক’বলৈ গৈ বেছিকৈ বৰ্ণনা নকৰিব অন্যথা বহুতৰে ইচ্ছা নাথাকে আৰু বিৰক্ত পায় নিজৰ মূল্য কমি যায় আৰু মানুহৰ প্ৰতি আকৰ্ষণ কমি যায় । ঠিক তেনেদৰেই যি জনে আপোনাক ত্যাগ কৰিব তেওঁক বিদায় দিয়ক আৰু সদায় নিজৰ বাবেই জীয়াই থাকক ,নিজক ভাল পাবলৈ শিকক , ধন উপাৰ্জন কৰিবলৈ যত্ন কৰক আৰু সফলতা , ধন ,ভাল স্থান অৱিহনে মানুহক আপোন ভাবিবলৈ নাযাব অন্যথা গুৰুত্ব নাপায় বেছিকৈ ভাগি পৰিৱ তাৰ পৰিৱৰ্তে যিয়ে আপোনাক যেনকৈ প্ৰাধান্য আৰু গুৰুত্ব দিছে তেনেকৈ তেওঁকো গুৰুত্ব প্ৰাধান্য দিয়াৰ লগতে সদায় নিজক লৈ ব্যস্ত হওঁক ,নিজৰ কৰ্মক ভাল পাওক দেখিব জীৱনত বৰ সুখী হৈ পৰিব ।

জামিন লাভ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ…

জামিন লাভ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ

জামিন লাভ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ৷

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে ছোৰেনৰ জামিন৷

ভূমি কেলেংকাৰি গোচৰত অভিযুক্ত হৈছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী৷

মানী লণ্ডাৰিং আইনৰ অধীনত EDয়ে গোচৰ ৰুজু কৰিছিল ছোৰেনৰ বিৰুদ্ধে৷

ভূমি কেলেংকাৰীৰ গোচৰত জড়িত বুলি অভিযোগ উত্থাপন কৰা ছ’ৰেনক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ ছমাহৰ পাছত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে।

মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কেইমিনিটমানৰ পিছতে ৩১ জানুৱাৰীত ৰাঁচীৰাজ ভৱনৰ পৰা গ্ৰেপ্তাৰ হৈছিল তেওঁক।