Home Blog Page 708

মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ এখন ফেৰী

মাজুলীৰ পৰা নিমাতী অভিমুখে গৈ থকা অৱস্থাত এখন ফেৰী আৱদ্ধ হৈ পৰে । ঘটনাৰ বিৱৰণী অনুসৰি
ইঞ্জিনৰ বিজুতিৰ বাবেই নদীৰ মাজত আৱদ্ধ হৈ পৰে ফেৰীখন ।

ফেৰীখনত ৫০ৰো অধিক যাত্ৰী থকা বুলি জানিব পৰা যায় । উল্লেখ্য যে যান্ত্ৰিক বিজুতিৰ ফলত ফেৰীখন আৱদ্ধ হৈ পৰাত যাত্ৰীসকল আতংকিত হৈ পৰে । ইতিমধ্যে ফেৰীখন উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলৰ অভিযান আৰম্ভ কৰিছে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱত উপস্থিত থাকিব ৰাষ্ট্ৰপতি মুৰ্মু

গুৱাহাটী মহানগৰী জিলা শাখাৰ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ আতিথ্যত অনুষ্ঠিত হ’ব । অহা ১৯ আৰু ২০ অক্টোবৰত অনুষ্ঠিত হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ | আৱিৰ্ভাৱ মহোৎসৱত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু উপস্থিত থকাৰ বাবে সন্মতি প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে ।‌

ইফালে ৰাষ্ট্ৰপতি মুৰ্মুক অনুষ্ঠানত উপস্থিত থকাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাসহ এটা প্ৰতিনিধি দলে আমন্ত্ৰন জনায় ।

JIOৰ পিছতে বৃদ্ধি পালে ৰিচাৰ্জৰ মূল্য AIRTELৰ…

JIOৰ আৰু AIRTELৰ ৰিচাৰ্জৰ দাম বৃদ্ধি

৩ জুলাই পৰা বৃদ্ধি পাব মোবাইল ৰিচাৰ্জৰ মূল্য। Jioৰ কোনটো প্লেনত কিমান বৃদ্ধি তালিকা চাওকঃ

JIOৰ পাছতেই AIRTELৰ ৰিচাৰ্জৰ মূল্যও বৃদ্ধি পালে।

এইবাৰ AIRTELৰ প্ৰতিটো প্লেনৰ নিৰিখ বৃদ্ধি৷

৩ জুলাইৰ পৰা AIRTELৰ পেকসমূহৰ মূল্যও বৃদ্ধি পাব৷

অনুৰাগীয়ে একেবাৰেই টেনচন লোৱাৰ প্ৰয়োজন নাই! কাৰণ কৰণ আৰু তেজস্বী একেলগে আছে, নাই হোৱা বিচ্ছেদ!

বিগ বছ ১৫ত তেজস্বী প্ৰকাশ আৰু কৰণ কুন্দ্ৰাৰ মৰমলগা ৰোমান্টিক ৰসায়ন বিজ্ঞান দৰ্শকে অতি ভাল পাইছিল। ৰিয়েলিটি শ্ব’ৰ অন্ত পৰাৰ ৩ বছৰৰ পাছতো তেজস্বী আৰু কৰণ কুণ্ড্ৰাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে আৰু ছ’চিয়েল মিডিয়াত প্ৰায়ে ইজনে সিজনৰ সৈতে ফটো শ্বেয়াৰ কৰে। কিন্তু কিছুদিনৰ পৰা তেজস্বী আৰু কৰণ কুন্দ্ৰাৰ সম্পৰ্কত ফাঁট মেলা বুলি উৰাবাতৰি বিয়পি পৰিছিল। অৱশ্যে অনুৰাগীয়ে একেবাৰেই টেনচন লোৱাৰ প্ৰয়োজন নাই, কাৰণ কৰণ আৰু তেজস্বী একেলগে আছে আৰু কৰণ কুণ্ড্ৰাইও এই ব্ৰেকআপৰ উৰাবাতৰিক লৈ নিজৰ মৌনতাও ভংগ কৰিছে।


শেহতীয়াকৈ তেজাস্বী প্ৰকাশৰ সৈতে ব্ৰেকআপৰ উৰাবাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কৰণে। ব্ৰেকআপ আৰু বিচ্ছেদৰ কথা অস্বীকাৰ কৰি অভিনেতাজনে কয়- ‘এই কল্পনা শক্তি শিখৰত উপনীত হৈছে।’ ব্ৰেকআপৰ উৰাবাতৰিৰ ওপৰত কৰণ কুণ্ড্ৰাৰ প্ৰতিক্ৰিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

ব্ৰেকআপৰ উৰাবাতৰিৰ মাজতে কালি তেজস্বী প্ৰকাশ আৰু কৰণ কুন্দ্ৰই লণ্ডনৰ ছুটীৰ ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰে। ফটোকেইখনত লণ্ডনৰ সৌন্দৰ্য্যৰ মাজতে তেজস্বী আৰু কৰণে ইজনে সিজনৰ লগত ৰোমান্টিক হৈ থকা দেখা গৈছে।

বুকাৰ বঁটা বিজয়ী প্রসিদ্ধ লেখিকা অৰুন্ধতী ৰয়লৈ “পেন পিনটাৰ” বঁটা

প্রসিদ্ধ লেখিকা অৰুন্ধতী ৰয়লৈ ২০২৪ বৰ্ষৰ “পেন পিনটাৰ” বঁটা আগবঢ়োৱা হৈছে । এই খবৰে প্ৰতিগৰাকী লোকে উৎফুল্লিত কৰে । উল্লেখ্য যে ন’বেল বঁটা বিজয়ী নাট্যকাৰ হেৰল্ড পিনটাৰৰ স্মৰণত ২০০৯ চনৰ পৰা প্রদান কৰি আহিছে এই বঁটা । চলিত বর্ষৰ বাবে বুকাৰ বিজয়ী ভাৰতীয় লেখিকা অৰুন্ধতী ৰয়লৈ প্রসিদ্ধ লেখিকা অৰুন্ধতী ৰয়লৈ “পেন পিনটাৰ” বঁটাটো ইংলিছ পেনে আগবঢ়াইছে ৷

প্ৰসিদ্ধ লেখিকা গৰাকীলৈ আগবঢ়োৱা এই বঁটাৰ জুৰীয়ে উল্লেখ কৰি কয় লেখিকা ৰয়ৰ শক্তিশালী কণ্ঠক ৰুদ্ধ কৰিব নোৱাৰি ৷ ‘দ্য গড অৱ স্মল থিংছ’ উপন্যাসেৰে বিশ্ব সাহিত্যত ব্যতিক্রমী ৰচনাশৈলী আৰু বিষয়বস্তুৰে প্রতিষ্ঠা কৰা অৰুন্ধতী ৰয়ৰ বলিষ্ঠ কণ্ঠক ৰোধ কৰিব নোৱাৰি ৷ তেওঁৰ প্রতিটো লেখাতে সমাজৰ বলিষ্ঠ কণ্ঠ হিচাপে প্রতিফলিত হয় ৷


পূর্বে এই বঁটা লাভ কৰিছিল মাইকেল ৰ’জেন, মার্গাৰেট এটউড, মেল’ৰি ব্লেকমেন, ছলমান ৰুশ্বডি, টম ষ্ট’পার্ড আৰু কেৰল এণ্ড ডাফিয়ে ৷ এইবেলি বঁটা প্রদানৰ জুৰীত আছে ইংলিছ পেনৰ অধ্যক্ষ ৰুথ বর্থৱিক, অভিনেতা খালিদ আব্দুলা আৰু লেখক ৰ’জাৰ ৰবীনছন । বঁটা প্ৰদান অনুষ্ঠানত প্ৰসিদ্ধ লেখিকা ৰয়ে এক বক্তৃতা প্ৰদান কৰিব । ইফালে এই বঁটাটো ব্রিটিছ লাইব্রেৰীত অহা ১০ অক্টোবৰত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্রদান কৰিব ।

T20 বিশ্বকাপৰ ফাইনেল কাইলৈ, খিতাপৰ যুঁজত নামিব ভাৰত আৰু দক্ষিণ আফ্ৰিকা…

T20 বিশ্বকাপৰ ফাইনেল হ’ব কাইলৈ।

খিতাপৰ যুঁজত নামিব ভাৰত আৰু দক্ষিণ আফ্ৰিকা।

খেলখনক লৈ অতি আশাবাদী ক্ৰিকেটপ্ৰেমী।

আনহাতে কালি অনুষ্ঠিত খেলখনৰ প্লেয়াৰ অৱ দ্য মেচ খিতাপ অৰ্জন অক্ষৰ পেটেলৰ৷

অক্ষৰ পেটেলে লাভ কৰে তিনিটাকৈ উইকেট৷

উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত বিশিষ্ট শিল্পী বিমান বৰুৱাক ২০২৪ বৰ্ষৰ ভিতালী দাস সোঁৱৰণী বঁটা প্ৰদান, মানুহৰ মন মগজুত ক্ৰীড়া কৰা কৰা অনুষ্ঠান হৈছে সংগীতঃ ড০ পীতাম্বৰ দেৱ গোস্বামী

মানুহৰ মন মগজুত ক্ৰীড়া কৰা অনুষ্ঠান যদি আছে সেয়া হৈছে সংগীত। যি সংগীত শুনাৰ লগে লগে মানুহৰ বিবেকে বিচাৰ আৰম্ভ কৰে। হদয়ৰ অনুভূতিৰ দুৱাৰ খুলি দিব পাৰে। তেতিয়াই মানুহে প্ৰেমৰ সন্ধান লাভ কৰে। কিন্তু ল’ৰা আৰু ছোৱালীৰ মাজত হোৱা প্ৰেমেই এক মাত্ৰ প্ৰেম হ’ব নোৱাৰে। মানুহ, প্ৰাণী, সমাজ,দেশ,জাতিৰ মাজত থকা প্ৰেমই হৈছে প্ৰকৃত প্ৰেম। গুৱাহাটী প্ৰেছ ক্লাবত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত আৰু কৃষ্ণা সংগীত বিদ্যালয়ৰ সহযোগত কণ্ঠশিল্পী ভিতালী দাস সোঁৱৰণী তৃতীয় বাৰ্ষিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠানত‌ গীতিকাৰ -সুৰকাৰ-কন্ঠশিল্পী বিমান বৰুৱাক ভিতালী দাস সোঁৱৰণী বঁটা প্ৰদান কৰি দিয়া ভাষণত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীয়ে এইদৰে কয়।


বিশিষ্ট সাংবাদিক বিপুল শৰ্মাই আঁতধৰা আৰু উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাত ভাষণ দি সত্ৰাধিকাৰ গৰাকীয়ে লগতে কয় যে সংগীতে মানুহৰ জড়তা ভঙ্গ কৰি আমাক স্বাভাৱিক ভাৱে আনন্দ দিয়ে। গীত নৃত্য আৰু বাদ্যৰ সমাহাৰৰ এই সংগীতে যে কেৱল মানুহকেই আনন্দ দিয়ে এনে নহয় সংগীতে বনৰীয়া জীৱ-জন্তুৰ পৰা হিংস্ৰ সৰ্পকো আনন্দ দিয়ে। আনকি কান্দি থকা শিশুৱেও সংগীত শুনিলে কন্দন পাহৰি যায়। সংগীতৰ এই নান্দনিক ক্ষেত্ৰ খনত অতি কম দিনৰ ভিতৰতে খলকনি তুলিছিল আমাৰ সকলোৰে মৰমৰ সুকণ্ঠি গায়িকা ভিতালী দাস। ভিতালী দাসৰ দৰে এগৰাকী শিল্পী আমাৰ মাজৰ পৰা ইমান কম বয়সতে আঁতৰি যোৱাত দুখ প্ৰকাশ কৰি এই গৰাকী শিল্পীক জীয়াই ৰখাৰ বাবে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই যি মহৎ প্ৰচেষ্টা হাতত লৈছে তাক ভূয়সী প্ৰশংসা কৰে সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীয়ে। সত্ৰাধিকাৰ গৰাকীয়ে লগতে ভিতালী দাসৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ বাবে উত্তৰ গুৱাহাটী আউনীআটী শাখা সত্ৰত স্থাপন হ’বলগীয়া ফিজিকেল ইউনিভাৰ্ছিটিৰ এটি কক্ষ ভিতালী দাসৰ নামত ৰাখিব বুলিও সভাত ব্যক্ত কৰে।

বিশিষ্ট গীতিকাৰ,-সুৰকাৰ-কন্ঠশিল্পী বিমান বৰুৱাৰ ওপৰত মন্তব্য কৰি সত্ৰাধিকাৰ গৰাকীয়ে কয় বিমান বৰুৱা এনে এগৰাকী শিল্পী যিগৰাকী শিল্পীয়ে বনগীত , বিহুগীত, টোকাৰী গীত,আই নাম, দিহানাম সকলোতে দখল থকা এগৰাকী প্ৰকৃত শিল্পী। এই গৰাকী শিল্পীক ভিতালী দাস সোঁৱৰণী বঁটাৰ বাবে বিভূষিত হোৱাত বিমান বৰুৱাক অভিনন্দন জ্ঞাপন কৰে। উত্তৰ গুৱাহাটী কৃষ্ণা সংগীত বিদ্যালয়ৰ অধ্যক্ষা প্ৰাণজিতা কৃষ্ণা তামুলী আৰু তেওঁৰ সঙ্গীবৃন্দৰ দ্বাৰা পৰিচালিত সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই ভিতালী দাসৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আবেগিক হৈ পৰে। সংগীতৰ ক্ষেত্ৰ খনত ভিতালী দাসৰ লগত হোৱা মধুৰ সম্পৰ্কৰ কথা দোহাৰি শৰ্মাই ভিতালী দাস বিহু গীতৰ এগৰাকী অদ্বিতীয় শিল্পী আছিল বুলি কয়। প্ৰায় ৫০০০ হাজাৰ গীত পৰিৱেশন কৰি অসমৰ ৰাইজৰ বিপুল জনপ্ৰিয়তা অৰ্জন কৰি আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা এই এগৰাকী শিল্পীক জীয়াই ৰখাৰ যি মহৎ প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাক ভূয়সী প্ৰশংসা কৰে। শৰ্মাই উত্তৰ গুৱাহাটী সাংবাদিক সন্থাক ভিতালী দাসৰ গীতৰ এটি কৰ্মশালা অনুষ্ঠিত কৰি তাৰ ওপৰত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ভিতালী দাসৰ গীতৰ সংকলন এটি প্ৰকাশ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় এইক্ষেত্ৰত তেওঁ নিজেও সহায় কৰিব বুলিও সভাত কয়। বঁটা গ্ৰহণ কৰি উত্তৰ গুৱাহাটী সাংবাদিক সন্থাক ধন্যবাদ জ্ঞাপন কৰে বিশিষ্ট গীতিকাৰ -সুৰকাৰ-কন্ঠশিল্পী বিমান বৰুৱাই। সভাত ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপৰ লগতে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি, উত্তৰ গুৱাহাটী স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি ড০ বন্তি বড়া দত্তৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। আজিৰ এই অনুষ্ঠানত আমাৰ অসম কাকতৰ সহকাৰী সম্পাদক মন্টু শ‌ইকীয়াৰ লগতে বিশিষ্ট সমাজকৰ্মী জয়ন্ত বৰুৱা, বিশিষ্ট সমাজকৰ্মী লক্ষেশ্বৰ বৰুৱা, ভিতালী দাসৰ স্বামী ভূপেন দাস,কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকাৰ উপৰিও কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত কেইবাজনো বিশিষ্ট শিল্পীক উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ তৰফৰপৰা পৰা সম্বৰ্ধনা জনোৱা হয়। ভিতালী দাস সোঁৱৰণী বঁটাত আছে এখন ফুলাম গামোছা, এখন চেলেং চাদৰ, এখন শৰাই এটা জাপি আৰু এখন প্ৰশস্তি পত্ৰ।

পুৱাৰ এজাক ধাৰাসাৰ বৰষুণত স্বস্তিৰ নিশ্বাস দিল্লীবাসীৰ

শুকুৰবাৰে পুৱাই আহিল এজাক ধাৰাসাৰ বৰষুণত দিল্লীৰ তৰু-তৃণকে ধৰি দিল্লীবাসীয়ে স্বস্তিৰ নিশ্বাস পায় । তাৰমাজতো গৰমৰ পৰা পৰিত্ৰাণ পালেও দিল্লীৰ কোনো কোনো অঞ্চলত হোৱা কৃত্ৰিম বানে জুৰুলা কৰিছে । যাৰ ফলত অফিছ-কাছাৰী তথা স্কুল-কলেজলৈ যাওঁতে বানপানীৰ বাবে সমস্যাত ভূগিবলগাও হৈছে ।

কৃত্ৰিম বানপানীৰ বাবে দিল্লী, নয়ডা আৰু গুৰুগ্ৰামত এতিয়াও যাত্ৰীসকল ৰাস্তাতে আৱদ্ধ হৈ পৰাৰো বাতৰি পোৱা গৈছে । উল্লেখ্য যে ধাৰাসাৰ বৰষুণৰ ফলত দিল্লী বিমান বন্দৰৰ ১নং টাৰ্মিনেলত পানী জমা হৈছে । ইয়াৰ বাবেও যাত্ৰীসকল তীব্ৰ যান-জঁটৰ সন্মুখীন হয় ।

সলনি হ’ল সোণাক্ষী সিনহাৰ ইনষ্টাগ্ৰামৰ প্ৰ’ফাইলঃ কি আছে বিশেষ ফটোখনত…

সোনাক্ষী সিনহা আৰু জাহীৰ ইকবাল ২৩ জুনত বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ অভ্যৰ্থনা অনুষ্ঠানত ছলমান খান, অদিতি ৰাও হাইদাৰী, সিদ্ধাৰ্থ, ৰেখাকে ধৰি বহুতো বলীউডৰ চেলিব্ৰিটি উপস্থিত থাকে। এতিয়া লাহে লাহে নৱবিবাহিত দম্পতী সোনাক্ষী সিনহা আৰু জহীৰ ইকবালৰ বিয়াৰ অভ্যৰ্থনাৰ বহু ফটো, ভিডিঅ’ ইণ্টাৰনেটত প্ৰকাশ পাইছে। এই ফটো, ভিডিঅ’ সমূহ নেটজগতত যথেষ্ট চৰ্চাতও আছে।

সোনাক্ষী সিনহা আৰু জাহীৰ ইকবালে নিজৰ নতুন যাত্ৰা উপলক্ষে ইনষ্টাগ্ৰামৰ ডিপি সলনি কৰে। ইয়াৰ পূৰ্বে সোণাক্ষী সিনহাৰ ইনষ্টাগ্ৰাম প্ৰফাইল পিকচাৰ হীৰামণ্ডি: দ্য ডাইমণ্ড বাজাৰ ছিৰিজৰ পোষ্টাৰ আছিল, আনহাতে জাহীৰ ইকবালে ডিছপ্লে হিচাপে তেওঁৰ এখন সুন্দৰ ছবি ৰাখিছিল। কিন্তু এতিয়া দুয়োৱে সলনি কৰিছে তেওঁলোকৰ ডিপি।তেওঁলোকৰ ইনষ্টাগ্ৰামৰ প্ৰ’ফাইল পটো দেখি ৰঙা শাৰী পিন্ধা সোণাক্ষীয়ে মিঠা হাঁহিৰে সজোৱা দুয়োকে ইজনে সিজনক গভীৰ প্ৰেমত পৰা যেন লাগিছে।

ৰঙিয়াত পৰিত্যক্ত অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ৰঙিয়াত পৰিত্যক্ত অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় । ঘটনাৰ বিৱৰণী অনুসৰি পুৱতি নিশা ৰঙিয়াৰ সমীপৰ শিঙিমাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় । শিঙিমাৰীৰ এখন ধাননি পথাৰত উদ্ধাৰ হৈছে মৃতদেহটি। ডিঙি আৰু মুখমণ্ডলত সম্পূৰ্ণৰূপে স্পষ্ট আছে আঘাতৰ চিন । লগতে নিহত লোকজনৰ পেন্টৰ পকেটৰ পৰা উদ্ধাৰ হৈছে নলবাৰী জিলাৰ পাইকাৰকুছি স্থিত প্ৰণিতা ৰেষ্টুৰেন্টৰ এখন ভিজিটিং কাৰ্ড ।

পিছত ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো ৰঙিয়া আৰক্ষী থানালৈ লৈ আনে । বৰ্তমানলৈ কোনো ধৰণৰ পৰিচয় উদ্ধাৰ নিহত লোকজনৰ পৰিচয় লাভ কৰা নাই । সম্প্ৰতি ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।