Home Blog Page 710

নিউ গুৱাহাটীত পথৰ দাঁতিৰ নলাৰ পৰা হৰিণা উদ্ধাৰ বনকৰ্মীৰ

গুৱাহাটী ,২৭ জুন : নিউ গুৱাহাটীত আজি পুৱা পথৰ দাতিৰ পানী পৰিবাহী নলাৰ পৰা বনকৰ্মীৰ দলে এটা হৰিণা উদ্ধাৰ কৰে। জানিব পৰা মতে পুৱা ৯ মান বজাত নিউ গুৱাহাটীত অসম জাতীয় বিদ্যালয়ৰ সমীপত পথৰ দাঁতিত থকা পানী পৰিবাহী নলাটোত এটা হৰিণা সাঁতুৰি ওপৰলৈ উঠিবলৈ আপ্ৰাণ চেষ্টা কৰি থকা প্ৰত্যক্ষ কৰে একাংশ লোকে। তাৰ পাছত কোনো লোকে এই সন্দৰ্ভত বন বিভাগৰ গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাক ফোন যোগে অৱগত কৰে। বন বিষয়া প্ৰাঞ্জল বৰুৱাই লগে লগে নাৰেঙ্গী খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়া অসীম দাসক ততালিকে ঘটনাস্থলীলৈ গৈ হৰিণাটো উদ্ধাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। তেনেদৰে বৰুৱাই অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষকো বিষয়টো অৱগত কৰে । তাৰ পাছত নাৰেঙ্গী খণ্ড বন বিষয়া কাৰ্যালয় আৰু ৰাজ্যিক চিৰিয়াখানাৰ এটা দলে পুৱা ৯.৩০ বজাৰ পৰা হৰিণাটো উদ্ধাৰ কৰিবলৈ জাল আৰু অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰি চেষ্টা চলায় প্ৰায় এঘণ্টাৰ অন্ততঃ হৰিণাটো নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পাছত হৰিণাটো ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হয়। গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিয়া মতে পুৱাৰ ভাগত খাদ্যৰ সন্ধানত আহি পানী পৰিবাহী নলাটোত পৰি যোৱা বুলি সন্দেহ কৰা হৈছে। কিয়নো নিউ গুৱাহাটীৰ কাষৰীয়া পাহাৰ কেইখনত হৰিণাৰ বসতি আছে।

ৰৱীন্দ্ৰনাথৰ পৰিৱেশ ভাৱনা

মীনাক্ষী ৰায় ডাকুৱা

                           

     বিশ্বায়নৰ যুগত পৰিৱেশ সমস্যা এক জলন্ত সমস্যা। উনবিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত বিশ্বকবি ৰৱীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্যচৰ্চা । শিল্প, দৰ্শনতো তেওঁৰ অবাধ বিচৰণ আছিল। কিন্তু কেনেকুৱা আছিল ৰৱীন্দ্ৰনাথৰ পৰিৱেশ ভাৱনা  ? 
     পৰিৱেশ বিষয়ক সমস্যা আৰু এই বিষয়ে আলোচনা বৰ্তমান সময়ত নানাবিধ কাৰণত অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে । বৈজ্ঞানিক গৱেষণাৰ ফলত জানিব পৰা গৈছে যে, মাত্ৰাতিৰিক্ত কাৰ্বন নিঃসৰণৰ কাৰণে বিশ্ব জুৰি পৰিৱেশ মানুহ আৰু প্ৰাণীৰ বসবাসৰ অনুপযোগী হৈ পৰিছে । নষ্ট হৈ গৈছে পৰিৱেশৰ ভাৰসাম্যতা । ইয়াৰ কাৰণ হিচাবে মানুহৰ অৰাজকতা, অসচেতনতা আৰু লোভেই সৰ্বতোপ্ৰকাৰে দায়ী । সাম্প্ৰতিক গৱেষণাৰ এই গুৰুত্বপূৰ্ণ বিষয়টো অৰ্থাৎ পৰিৱেশ ভাৱনা বিষয়টো ৰৱীন্দ্ৰনাথৰ চিন্তাত বহু আগতেই—শতিকাৰো পূৰ্বেই লক্ষ্য কৰা গৈছে । ৰৱীন্দ্ৰসাহিত্যৰ এক বিৰাট অংশ জুৰি আছিল পৰিৱেশ বিষয়ক ভাৱনা । তেওঁৰ পৰিৱেশ ভাৱনাৰ দাৰ্শনিক চিন্তাধাৰা তেওঁৰ ৰচিত বিভিন্ন গল্প, কবিতা, উপন্যাস, চুটিগল্প আৰু প্ৰৱন্ধৰ উপজীৱ্য আছিল । য'ত তেওঁ কেৱল পৰিৱেশক কাব্যিকভাৱে বা উপমা দিয়েই প্ৰকাশ কৰা নাই বৰঞ্চ পৰিৱেশ বিষয়ক সমস্যাকো নানাভাৱে তুলি ধৰিছে । প্ৰকৃতিৰ চিৰন্তন ৰূপ আৰু তাৰ সৈতে প্ৰকৃতিৰ ন্যায়পৰায়ণতাৰ ধাৰণা প্ৰতিষ্ঠা কৰাতো তেওঁ লিখিছে । এইবাবেই বিশ্বকবি ৰৱীন্দ্ৰনাথ ঠাকুৰক এজন পৰিৱেশবাদী দাৰ্শনিক বুলি ক'ব পৰা যায় । তেওঁ যে পৰিৱেশ ভাৱনাত নিজকে সম্পৃক্ত কৰি তুলিছিল তাৰেই প্ৰকাশ ঘটিছিল শান্তিনিকেতনক লৈ কৰা তেওঁৰ কৰ্মকাণ্ডত । মানৱসম্পদৰ যথাৰ্থ বিকাশ সম্পৰ্কে ৰৱীন্দ্ৰনাথৰ দৰ্শন আছিল মানৱশিশুৰ শৈশৱৰ পৰাই যথাৰ্থ শিক্ষাৰ  প্ৰয়োজন আছে । তেওঁৰ কথাত, '........ দীর্ঘকাল থেকে শিক্ষা সম্বন্ধে আমার মনের মধ্যে যে মতটি সক্রিয় ছিল মোটের উপর সেটি হচ্ছে এই যে, শিক্ষা হবে প্রতিদিনের জীবনযাত্রার নিকট অঙ্গ, চলবে তার সঙ্গে একতালে, এক সুরে, সেটা ক্লাস নামধারী খাঁচার জিনিস হবে না আর যে বিশ্বপ্রকৃতির প্রতিনিয়ত প্রত্যক্ষ ও অপ্রত্যক্ষভাবে আমাদের দেহে মনে শিক্ষাবিস্তার করে সেও এর সঙ্গে হবে মিলিত ।' বিশ্বভাৰতীক কেন্দ্র কৰি পৰিৱেশবান্ধৱ শিক্ষাপদ্ধতি গঢ়ি তুলিছিল তেওঁ । শান্তিনিকেতনত তেওঁৰ পৰিৱেশবাদী চিন্তাৰ সুস্পষ্ট প্ৰতিফলন দেখিবলৈ পোৱা যায় । য'ত তেওঁ গছ, মানুহ আৰু প্ৰকৃতিৰ মাজত পঢ়া-শুনাৰ প্ৰেমময় পৰিৱেশ তৈয়াৰী কৰাৰ চেষ্টা কৰিছিল । চাৰিওফালে সেউজীয়া বেষ্টনীৰ দ্বাৰা শান্তিনিকেতন আৱৰা । পৃথিৱীজুৰি মানুহৰ সৈতে প্ৰকৃতিৰ সম্পৰ্কৰ বিৰল উদাহৰণ তেওঁ শান্তিনিকেতনৰ মাধ্যমত সৃষ্টি কৰিছিল । শান্তিনিকেতনত ছাত্ৰ-ছাত্ৰীসকলৰ ক্লাচবিলাক হৈছিল গছৰ ছাঁত, যি আচলতে ছাত্ৰ-ছাত্ৰীসকলৰ পৰিৱেশৰ লগত যোগাযোগটো বেছিকৈ বঢ়োৱাৰ স্বাৰ্থতে এইটোৱেই আটাইতকৈ সুচিন্তিত কাম, যিয়ে তেওঁলোকৰ অৱচেতনভাৱেই পৰিৱেশক ভালপাবলৈ শিকায় । ৰৱীন্দ্ৰনাথৰ শান্তিনিকেতনত বৰ্তমানে বহু শিক্ষাৰ্থীয়ে তেওঁলোকৰ গৱেষণা কাৰ্যক্ৰম পৰিচালনা কৰি আছে আৰু কৃষি বিষয়ক নানান তত্ব সংগ্ৰহ কৰি সমৃদ্ধ হৈ আছে ।
     ৰৱীন্দ্ৰনাথ ঠাকুৰৰ স্বদেশ ভাৱনাৰ বৃহৎ এক অংশ জুৰি আছিল পৰিৱেশ-সচেনতা । দূষণমুক্ত পৰিৱেশ সংক্ৰান্ত চিন্তাভাৱনাত তেওঁ আছিল নিজৰ কালৰপৰা বিস্ময়কৰভাৱে অগ্ৰগামী । বিশ্বমানৱতাৰ এই মহান কবি পৰিৱেশ বোলোতে বিশ্বমানৱতাৰ পৰিৱেশেই বুজিছিল, তথাপিও তেওঁৰ স্বদেশেই আছিল ইয়াৰ কেন্দ্ৰত । তেওঁৰ বাংলাদেশ আছিল নগৰবাংলা নহয়, গ্ৰামবাংলা—সেউজীয়া গছ-গছনিৰে ভৰা, চৰাইৰ কাকলিৰে নদীমাতৃক বাংলাদেশ । সেইবাবে ৰৱীন্দ্ৰনাথৰ মৃত্যুদিৱস ২২ শাওণক তেওঁৰ আশ্ৰম শান্তিনিকেতনত বৃক্ষৰোপণ দিৱস হিচাবে পালন কৰা হয় ।
     ১৯২৫ চনৰ ২৫ বহাগত কবিৰ জন্মোৎসৱ পালন কৰা হয় শান্তিনিকেতনত । জন্মোৎসৱৰ অঙ্গ হিচাবে উত্তৰায়ণৰ উত্তৰ-পশ্চিম সীমাত "পঞ্চবটী" অৰ্থাৎ আঁহত, বেল, বট, আমলখি আৰু অশোক গছৰ পুলি ৰোপণৰ মাজেৰে বৃক্ষৰোপণ উৎসৱৰ সূচনা কৰে । বৃক্ষৰোপণ উপলক্ষে সিদিনা কবিৰ সদ্যৰচিত গান "মরুবিজয়ের কেতন উড়াও শূন্যে" গোৱা হয়, যি আছিল আচলতে বৃক্ষৰোপণৰ মাধ্যমত সেউজীয়া বেষ্টনী বৃদ্ধিত তেওঁৰ উদাত্ত আহ্বান । গোটেই বিশ্বত এই বৃক্ষৰোপণ উৎসৱ এক অনন্য উদ্যোগ হিচাবে স্বীকৃত । সম্ভৱতঃ গোটেই বিশ্বত পৰিৱেশগত গণচেতনাৰ এইটোৱেই প্ৰথম কোনো সচেতন আন্দোলন । ইয়াৰ তিনিবছৰ পিছত ১৯২৮ চনৰ ১৪ জুলাইত শান্তিনিকেতনত আনুষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ হয় বৰ্ষামঙ্গল বা বৰ্ষাঋতু-উৎসৱত । ইয়াৰ আগতেও কবিয়ে কেবাবাৰো বৃক্ষৰোপণ কৰিছিল, অৱশ্যে বিদেশৰ মাটিত । ১৯২৬ চনতঝ চিকিৎসকৰ পৰামৰ্শত হাঙ্গেৰিৰ বালাতন হ্ৰদৰ তীৰত এটি স্বাস্থ্যকেন্দ্ৰত বিশ্ৰামৰ বাবে আশ্ৰয় লৈছিল ৰৱীন্দ্ৰনাথ । তাতেই তেওঁ ৮ নভেম্বৰত "Lindentree"ৰ পুলি ৰোপণ কৰে । সেই বৃক্ষৰোপণ উপলক্ষে কবিয়ে লিখিছিল—

হে তরু, এ ধরাতলে রহিব না যবে
সেদিন বসন্তে নব পল্লবে পল্লবে
তোমার মর্মরধ্বনি পথিকেরে কবে
‘ভালোবেসেছিল কবি বেঁচেছিল যবে’ ।

আজিৰ পৰিৱেশ আন্দোলনৰ পথিকৃতৰ ভূমিকাত ৰৱীন্দ্ৰনাথৰেই নাম ল’ব পাৰি, যাক তেওঁ শান্তিনিকেতনত আৰম্ভ কৰিছিল ১৯২৫ চনত পঞ্চবটী প্ৰতিষ্ঠাৰ মাধ্যমেৰে আৰু জোৰদাৰ কৰিছিল ১৯২৮ চনত বৰ্ষাঋতু-উৎসৱ উদযাপনৰ মাজেৰে । ৰৱীন্দ্ৰনাথ প্ৰৱৰ্তিত সেই বৃক্ষৰোপণ প্ৰথাৰ উদ্দেশ্য আছিল শিক্ষাশ্ৰম শান্তিনিকেতন আৰু শ্ৰীনিকেতন এলেকাৰ অনুসৰণত বৃক্ষৰোপণ উৎসৱ যেন গোটেই দেশজুৰি প্ৰচলিত হয় আৰু তেওঁৰ প্ৰিয় স্বদেশৰ পৰিৱেশ যেন কেতিয়াও কলুষিত নহয় ।
প্ৰতীচ্যৰ পৰিৱেশ সচেতনতাৰ বহু আগতেই প্ৰাচ্যৰ মনীষী ৰৱীন্দ্ৰনাথ ঠাকুৰৰ দূষণমুক্ত পৰিৱেশ সংৰক্ষণৰ চিন্তা আৰু তাৰ কাৰ্যকৰী ব্যৱস্থা তেওঁৰ নিৰন্তৰ স্বদেশ-ভাৱনাৰেই মহত্বম প্ৰকাশ, যি সকলো মানুহৰ স্বদেশ-ভাৱনাৰ আদৰ্শ হ’ব পাৰে ।

ভাৰতত ইলেকট্রিক বাহন আৰু সেউজ পৰিৱেশ

ড° বুলজিৎ বুঢ়াগোহাঁই

   পৰিবহণ আধুনিক জীৱনৰ এক মৌলিক প্ৰয়োজনীয়তা যদিও পৰম্পৰাগত আভ্যন্তৰীণ দহন ইঞ্জিনটো (Internal Combustion Engine) দ্ৰুতগতিত পুৰণি হৈ পৰিছে। বিশ্বজুৰি অটোমোটিভ উদ্যোগটোৱে এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰি আছে, ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। বহনক্ষমতা আৰু কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব বৃদ্ধি পোৱাৰ লগে লগে জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ অৱক্ষয়ৰ বিৰুদ্ধে যুঁজিবলৈ পেট্ৰ’ল বা ডিজেল বাহনৰ ঠাইত ইলেকট্রিক বাহন (Electric Vehicle ,EV) এক আশাব্যঞ্জক সমাধান হিচাপে আত্মপ্ৰকাশ কৰিছে। তীব্ৰ বায়ু প্ৰদূষণ আৰু শক্তিৰ দ্ৰুতগতিত বৃদ্ধি পোৱা চাহিদাৰ সৈতে যুঁজি থকা ভাৰতৰ বাবে বৈদ্যুতিক গতিশীলতাৰ দিশত এই পৰিৱৰ্তন অতি গুৰুত্বপূৰ্ণ। ইলেকট্রিক বাহন (Electric Vehicle) গ্ৰহণ কৰাটো কেৱল প্ৰযুক্তিগত উন্নতি হিচাপেই নহয়, সেউজ পৰিৱেশ সৃষ্টিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপেও দেখা যায়।



     ভাৰতৰ বৈদ্যুতিক বাহনৰ বজাৰখন প্ৰাৰম্ভিক পৰ্যায়ত আছে যদিও ই কিন্তু দ্ৰুতগতিত বৃদ্ধি পাইছে। নীতি, উদগনি আৰু আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে ইলেকট্রিক বাহন (Electric Vehicle) গ্ৰহণৰ বাবে চৰকাৰে জোৰ দিয়াৰ ফলত এই বৃদ্ধিৰ অনুঘটক হিচাপে কাম কৰিছে।

চৰকাৰী পদক্ষেপসমূহ হ’ল-

     ফেম ইণ্ডিয়া আঁচনি (FAME India Scheme) হৈছে এক আধাৰশিলা নীতি। ই ইলেকট্রিক বাহন ক্ৰয়ৰ বাবে বিত্তীয় উদগনি প্ৰদান কৰে আৰু চাৰ্জিং আন্তঃগাঁথনিৰ বিকাশত সহায় কৰে।

     National Electric Mobility Mission Plan ২০২০ৰ লক্ষ্য হৈছে দেশত হাইব্ৰিড আৰু ইলেকট্রিক বাহনৰ প্ৰচাৰ কৰি ৰাষ্ট্ৰীয় ইন্ধন সুৰক্ষা অৰ্জন কৰা।

       ইলেকট্রিক বাহনৰ ওপৰত সামগ্ৰী আৰু সেৱা কৰ (GST) ৫% লৈ হ্ৰাস কৰা হৈছে, যিটো আভ্যন্তৰীণ দহন ইঞ্জিন (Internal Combustion Engine)ৰ বাহনৰ ২৮%তকৈ যথেষ্ট কম।

       ভাৰতীয় ইলেকট্রিক (Electric Vehicle) বজাৰখন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। টাটা মটৰ্চ, মহিন্দ্ৰা ইলেক্ট্ৰিক, আৰু টেছলাৰ দৰে আন্তৰ্জাতিক মুখ্য অটোমোটিভ নিৰ্মাতাসকলে ভাৰতীয় বজাৰত আগ্ৰহ দেখুৱাইছে, বিভিন্ন খণ্ডত বিভিন্ন মডেল মুকলি কৰিছে।



    ইলেকট্রিক বাহন (Electric Vehicle)  গ্ৰহণৰ বাবে চৰকাৰে   চাৰ্জিং ষ্টেচন স্থাপন কৰাটো অতি গুৰুত্বপূৰ্ণ । ব্যক্তিগত আৰু ষ্টাৰ্টআপেও চাৰ্জিং আন্তঃগাঁথনিৰ স্থানত প্ৰৱেশ কৰিছে, উদ্ভাৱনীমূলক সমাধান আগবঢ়াইছে আৰু নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছে।



 সেউজ পৰিৱেশৰ বাবে ইলেকট্রিক বাহনৰ সুবিধা আছে।  ইলেকট্রিক  বাহনলৈ পৰিৱৰ্তনে অসংখ্য পৰিৱেশগত সুবিধা প্ৰদান কৰে, যিবোৰ ভাৰতৰ দৰে দেশৰ বাবে বিশেষভাৱে প্ৰাসংগিকতা আছে। 

বায়ু প্ৰদূষণ হ্ৰাস:ভাৰতে বায়ুৰ গুণাগুণৰ গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে, বহু চহৰে ধাৰাবাহিকভাৱে বিশ্বজুৰি আটাইতকৈ প্ৰদূষিত চহৰৰ ভিতৰত স্থান লাভ কৰিছে। ইভিসমূহে শূন্য টেইলপাইপ নিৰ্গমন উৎপন্ন কৰে, যাৰ ফলত নাইট্ৰজেন অক্সাইড (NOx), Particulate Matter(PM)), আৰু Volatile Organic Compounds (VOC) আদি প্ৰদূষক যথেষ্ট হ্ৰাস পায়।

কম সেউজ গৃহ গেছ(Green House Gas)ৰ নিৰ্গমন:ইলেকট্রিক বাহন (Electric Vehicle)ৰ দ্বাৰা সেউজ গৃহ গেছ (Green House Gas)ৰ নিৰ্গমন বহু পৰিমাণে হ্ৰাস কৰাৰ সম্ভাৱনা আছে। এই হ্ৰাসৰ পৰিসৰ বাহন চাৰ্জ কৰিবলৈ ব্যৱহাৰ কৰা বিদ্যুতৰ মিশ্ৰণৰ ওপৰত নিৰ্ভৰ কৰে যদিও ইলেকট্রিক বাহন (Electric Vehicle)ৰ সামগ্ৰিক জীৱনচক্ৰৰ নিৰ্গমন গতানুগতিক বাহনৰ তুলনাত কম। নবীকৰণযোগ্য শক্তিৰ উৎসৰ দিশত ঠেলি দিয়াটোৱে এই সুবিধা আৰু অধিক বৃদ্ধি কৰে।

শব্দ প্ৰদূষণ হ্ৰাস:আভ্যন্তৰীণ দহন ইঞ্জিনৰ (Internal Combustion Engine)বাহনতকৈ ইলেকট্রিক বাহন অধিক নিস্তব্ধ, বিশেষকৈ চহৰ অঞ্চলত শব্দ প্ৰদূষণ কম কৰাত অৰিহণা যোগায়।

শক্তি দক্ষতা: ইলেকট্রিক বাহন (Electric Vehicle)সমূহ গেছলিন বা ডিজেল সমকক্ষতকৈ অধিক শক্তি-দক্ষ। ইহঁতে গ্ৰীডৰ পৰা ৭৭% তকৈ অধিক বৈদ্যুতিক শক্তি চকাক শক্তি প্ৰদান কৰিবলৈ ৰূপান্তৰিত কৰে, আনহাতে গতানুগতিক গেছলিন বাহনে গেছলিনত জমা হোৱা শক্তিৰ প্ৰায় ১২%–৩০%হে ৰূপান্তৰিত কৰে।

 উল্লেখযোগ্য অগ্ৰগতিৰ পিছতো ভাৰতত  ইলেকট্রিক বাহন (Electric Vehicle) গ্ৰহণ ত্বৰান্বিত কৰিবলৈ কেইবাটাও প্ৰত্যাহ্বানৰ সমাধানৰ প্ৰয়োজন আছে । যেনে –

উচ্চ প্ৰাৰম্ভিক খৰচ: গতানুগতিক বাহনৰ তুলনাত ইলেকট্রিক বাহনৰ আগধন খৰচ বেছি। চৰকাৰী ৰাজসাহায্যই সহায় কৰিলেও উচ্চ খৰচ ব্যাপকভাৱে গ্ৰহণৰ বাবে বাধা হৈয়েই আছে।

সীমিত চাৰ্জিং আন্তঃগাঁথনি:যদিও চাৰ্জিং আন্তঃগাঁথনি সম্প্ৰসাৰণৰ প্ৰচেষ্টা চলি আছে, তথাপিও বিশেষকৈ গ্ৰাম্য অঞ্চলত ই অপৰ্যাপ্ত। এটা শক্তিশালী আৰু ব্যাপক নেটৱৰ্ক নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ।

পৰিসৰৰ উদ্বেগ: ইলেকট্রিক বাহন (Electric Vehicle)ৰ ড্ৰাইভিং পৰিসৰৰ বিষয়ে চিন্তাই সাম্ভাব্য ক্ৰেতাসকলক বাধা দিয়ে। । এই সমস্যা দূৰ কৰিবলৈ বেটাৰী প্ৰযুক্তিৰ উন্নতি আৰু দ্ৰুত চাৰ্জিং বিকল্পৰ উপলব্ধতা অতি প্ৰয়োজনীয়।

বেটাৰী উৎপাদন আৰু পুনঃব্যৱহাৰ:বেটাৰীৰ উৎপাদন আৰু নিষ্কাশনে পৰিৱেশৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। বেটাৰী নিৰ্মাণ আৰু পুনঃব্যৱহাৰৰ বাবে বহনক্ষম পদ্ধতি বিকশিত কৰাটো অতি প্ৰয়োজনীয়।

     ইলেকট্রিক বাহনে ভাৰতৰ বাবে পৰিৱেশগত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লগতে সেউজীয়া, অধিক বহনক্ষম ভৱিষ্যতৰ দিশত আগবাঢ়ি যোৱাৰ এক পৰিৱৰ্তনশীল সুযোগ দাঙি ধৰিছে। যাত্ৰাটো প্ৰত্যাহ্বানৰে ভৰি থকাৰ সময়তে চৰকাৰ, উদ্যোগ, আৰু গ্ৰাহকৰ সংহত প্ৰচেষ্টাই এই বাধাসমূহ অতিক্ৰম কৰিব পাৰে। বৈদ্যুতিক গতিশীলতাৰ দিশলৈ এই পৰিৱৰ্তনে কেৱল বায়ুৰ গুণাগুণ উন্নত কৰাৰ লগতে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিয়াই নহয়, ভাৰতক বিশ্ব সেউজ আন্দোলনত আগশাৰীৰ স্থানত স্থান দিছে। দেশখনে এই খণ্ডত উদ্ভাৱন আৰু বিনিয়োগ অব্যাহত ৰখাৰ লগে লগে স্বচ্ছ, সেউজ, আৰু বহনক্ষম পৰিৱেশৰ দৃষ্টিভংগী ক্ৰমান্বয়ে লাভজনক হৈ পৰিছে।

মানুহ কিয় সলনি হয় ?

আচিক আহমেদ

মানুহ সলনি হ’বলৈ কেতিয়া বাধ্য হয় আপুনি কেতিয়াবা ভাবিছেনে? মানুহ সলনি হয় বুলি ক’লে হয়তো ভুল হ’ব, আচলতে মানুহক সলনি নহয় মানুহক পৰিস্থিতি আৰু সমাজে সলনি কৰে ।‌ বিভিন্ন সময়ত দেখা যায় মানুহে কেতিয়াবা অহংকাৰীও হৈ পৰে কিন্তু ইয়াৰ আৰত থকা ৰহস্য কি জানেনে ? ক’তো যন্ত্ৰণাৰ অশেষ ভুগি যেতিয়া বিপদৰ সময়ৰ নাইবা প্ৰয়োজনীয় সময়ত লগত কাৰোৱেই নাপায় আৰু সেইজনে এদিন হয়তো পৰিস্থিতি সৈতে অকলে যুদ্ধ অৱশেষত নিজৰ লক্ষ্যত উপনীত হোৱাৰ পাচতেই তেওৰ পূৰ্বৰ কথা মনত পৰি অহংকাৰী হ’বলৈ বাধ্য হয় । মানুহৰ সৈতে থকা সম্পৰ্কৰ প্ৰকৃত মুখা প্ৰাত্ৰ বোৰ চিনাকি পোৱাৰ পাছৰ কেনে কেনেকুৱা সলনি হ’বলৈ বাধ্য হয় । আজিৰ মানুহে প্ৰয়োজনত মিঠা মাত দিয়ে কিন্তু প্ৰয়োজন শেষ হ’লেই কথাৰ সুৰ সলনি হৈ যায় এয়াই আজিৰ মানুহৰ চৰিত্ৰ । আমাৰ মানৱ জীৱনত যেতিয়া আমাক কাৰোবাক সহায়ৰ প্ৰয়োজন হয় সেই সময়ত কেতিয়াবা আমি বিচাৰি বিচাৰিও কাৰোৱে পৰা একোৱে সহায় নাপাও আমাৰ বাবে যেন কাৰোৱে অকনো সময় নাথাকে । অৱশেষত আমি অকলশৰীয়া হৈ পৰে বিভিন্ন জনৰ পৰা অৱেহলাই নহয় বৰঞ্চ ব্যস্ততাৰ অজুহাতৰ কথা শুনাটো স্বাভাৱিক কিন্তু হেজাৰ ব্যস্ততাৰ মাজতো এজন সফল ব্যক্তিৰ বাবে সকলোৰে সময় থাকে কিয়নো তেওৰ মূল্য বেছি ঠিক তেনেদৰে সংগ্ৰামৰ সময়ত হয়তো আমাৰ সিমান মূল্যও নাথাকে আৰু আমাৰ বাবে সময়ও দিব নিবিচাৰে ,যেতিয়া বিপদে আগুৰি লয়‌ যেন চাৰিফালৰ পৰা অসহায়হীন । বেয়া হলে যেন নাইবা দুখ পালে চাৰিফালৰ পৰা বেয়াই পৰিস্থিতি হৈ থাকে বহু সময়ত প্ৰয়োজন হোৱা সত্বেও সহায় সহযোগিতা নাপায় আমি অকলশৰীয়া হৈ পৰো ।জীৱনত নানা অজুহাত আনৰ অৱহেলা প্ৰয়োজনীয় সময়ত নোপোৱা সহায় আদিয়ে মনতে ভাঙি চকুলো টুকিব লগা হয় আৰু তেতিয়াই মানুহৰ কোনো অস্থাই নোহোৱা হৈ যায় কেৱল নিজকে চিনাত ব্যস্ত পৰো আনকি বহু সময়ত আমি সলনি হ’বলৈ বাধ্য হৈ পৰো । ঠিক তেনেদৰে অভাৱত পৰি কেতিয়াবা স্বভাৱ নষ্ট হোৱাই নহয় বৰঞ্চ অভাৱৰ পৰা আৱিস্কাৰৰ সৃষ্টি হোৱা দেখা যায় , যিয়ে নহওঁক মানুহ সলনি হ’লে সকলোৱে ক’ব বিচাৰে মানুহজন সলনি হৈছে কিন্তু সলনি কিয় হ’ব লগা হৈছে তাক বুজিবলৈ যত্ন নকৰে । এনেদৰেই দুচকুত অজস্ৰ সপোন,মনত বহু প্ৰত্যাশা আৰু কাঁইটেৰে ভৰা এক দীঘলীয়া যাত্ৰাৰ, সন্মুখত বহু প্ৰত্যাহ্বান ৰ সৈতে যুজি যুজি একদম অকলশৰীয়া হে পৰে আৰু তেতিয়া মানুহৰ প্ৰতি অনিহা জন্মে কেৱল নিজকে চিনি দৌৰাত ব্যস্ত হৈ পৰে আৰু লগে লগেই মানুহৰ প্ৰতি থকা দৃষ্টিভংগী সলনি হৈ অহংকাৰী নাইবা গহীন বেচি থকা আনৰ নমতা আদিৰ দৰেই আমি আচৰন কৰিবলৈ লও ,বৰ্তমান সমাজত সংগ্ৰামৰ নাইবা পঢ়ি থকা সময়ত আজিৰ যুগত প্ৰায়েই ৯০ শতাংশ মিছলীয়া সহানুভূতি দেখুৱাই মুখত মিঠা হৈ মিলি থাকে কিন্ত কামৰ সময়ত বৰ অজুহাত দেখুৱাই নাইবা মিছা মাতে , তেনেদৰে সংগ্ৰামৰ সময়ত মুখত মিঠা হৈ মিলি থাকিলেও মনে প্ৰানে কোনোৱে কাৰো উন্নতি কামনা নকৰে বহু সময়ত কাৰোবাৰ পৰা কিবা বিচাৰিলেও সহায় কৰিবলৈ নাইবা প্ৰয়োজনীয় হোৱা সময়ত কামত অহা চিনাকি মানুহ থাকিলেও চিনাকি নাই বুলি মিচা মাতি নিজকে দায়বদ্ধতাৰ পৰা আঁতৰি থাকে । কামত অহা মানুহবোৰক আনে সহজে লগ কৰি দিব নিবিচাৰে আনকি চিনাকি থকা বুলি গম পালেও অজুহাত দেখুৱাই মিছা মাতে কিয়নো মুখত বৰ মিঠা যদিও মনতে ডাহ জেদৰে পৰিপূৰ্ণ কৰি ৰাখি উন্নতিৰ কামনা নকৰে ,ঠিক তেনেকৈ একাংশ শিক্ষকে টকাৰ বাবে পঢুৱাই নহয় উচ্চ খাপৰ বোৰক বেছি আহস্থান দি সময় দিব বিচাৰে যদিও সাধাৰণ নাইবা নিম্ন খাপৰ শিক্ষাৰ্থীৰ আগবাঢ়ি অহাত সময় দিবলৈ নাইবা সহযোগ আগবঢ়াবলৈ টান পাই উন্নতিৰ বাটৰ প্ৰতিবন্ধকতাৰ হেঙাৰ স্বৰূপ হৈ পৰে ।
জীৱনত এটা কথা মনত ৰাখিব যে যিজনে আপোনাক সময় ,গুৰুত্ব আৰু মূল্য দিব তেওঁহে আপোনাৰ জীৱন গঢ়িব ,জীৱন বাটত বহুতো মানুহ আহিব যাব তাত কোনোবাই মুখ মিঠা হৈ মিলি থাকিব অজুহাত দেখুৱাই অভিনয় কৰি থাকিব ,যিমানেই দিন যায় সিমানেই মানুহ চিনিব । প্ৰকৃততে মানুহে সময় তেঁওকেই দিয়ে যাক দিব বিচাৰে কিন্তু মানুহে সময় নাপাও আদি অজুহাত কিয়নো ইচ্ছা নাথাকিলে অজুহাতেই যথেষ্ট ,ইচ্ছা থকা জনৰ হেজাৰ ব্যস্ততাৰ মাজতো অন্তত কিছু দেৰি হ’লেও যেনেকৈ নহওঁক কিয় ! আপোনাৰ বাবে সময় উলিয়াবই । সেইবাবেই আঁচলতে সমাজখনেই নিষ্ঠুৰ য’ত আগবাঢ়ি যোৱাত বাধা দিয়ে ,নিজৰ লাভৰ বাবে আনকো বেয়া কৰে, সেইদৰে যাৰ মনত অহংকাৰ থাকে তেওঁ কেতিয়াও নিজৰ ভুল দেখা নাপায় আৰু আনৰ ভাল ভাল গুন সহজে দেখা নাপায় , সেইবাবেই সময়ৰ গতিত অভিজ্ঞতা লৈ থাকক, সময় পৰিস্থিতি সদায় একে নাথাকে,আপুনি হয়তো আজি আকাশত উৰিছে কালিলৈ আপোনাক কঢ়িয়াই নিবলৈ মাটিত কাৰোবাৰ প্ৰয়োজন হ’ব সেইবাবেই মানুহক ভাল পাবলৈ শিকক,সদায় নম্ৰ হওক আৰু বেয়া সময়ত মানুহৰ কাষত থিয় হওঁক । চাবলৈ গ’লে জীৱনত ভাল পথত কষ্ট সদায় বেছি অসৎ পথত আৰাম বেছি তেনেদৰে কম পঢ়া মানুহ ধনী বেছি বেয়া মানুহ সফল বেছি কিয়নো ভাল পথত চলাটো বৰ কষ্টকৰ আৰু জটিল ,ভাল মানুহে বদনামী হোৱাই নহয় প্ৰতিটো খনতে পদে পদে সমস্যাৰ সন্মুখীন হব লগা হয়, ভাল হ’বলৈ বহু সময় প্ৰয়োজন কিন্তু নামিবলৈ অকনো সময় নালাগে । আচলতে সময়ে সময়ে ভাল মানুহৰ লগত ধৈৰ্য্যৰ পৰীক্ষা এনেদৰেই চোৱা হয়‌ ,আঁচলতে জীৱনটো কাৰো বাবে কেতিয়াও সহজ নহয় । কিছু আগ্ৰাহ্য কিছু সহ্য ধৈৰ্য আৰু কষ্ট কৰি আৰু উপযুক্ত সময়ত কিছু সিদ্ধান্ত লৈ সহজ কৰি ল’বলগীয়াও হয় ।সেইবাবে নিজক এনেদৰেই গঢ়ক যিয়ে আপোনাক অৱহেলা কৰিছে ,যি অসন্মান কৰি ,যিয়ে মূল্য নিদি সময় গুৰুত্ব দিয়া নাই ,যিয়ে আপোনাক অযোগ্য বুলি ভাৱি এৰি গৈছে তেওঁ যাতে এদিন আপত্তি কৰে আৰু মানসিক ভাৱে অনুসূচনা কৰে । মানুহ প্ৰানীটো ক’তোৱে সন্তুষ্ট নাথাকে বেছিকৈ কথা ক’লে ক’ব পাগল কমকৈ কথা ক’লে ক’ব অহংকাৰী আৰু প্ৰয়োজনত ফোন কৰিলে ক’ব স্বাৰ্থপৰ , সঁচাকৈয়ে বৰ অদ্ভুত মানুহ প্ৰাণীটো ‌। পৃথিৱীত মানুহ বোলা প্ৰাণীটো বৰ ভয়ংকৰ মুখত এটা পেটত এটা সকলোৱে নিজৰ স্বাৰ্থৰ বাবে সফল ব্যক্তি লাগে তেওঁৰ বাবে সময় যথেষ্ট কিন্তু আনক সহজে সহযোগিতা আগবঢ়াব নিবিচাৰে বা সময় দিবলৈ টান পায় সেইবাবেই অকমান আগবঢ়াই নিব নেকি? নাইবা অকমান আগুৱাই যোৱাত সহায় কৰিব নেকি আদি বাক্যৰে আৱেগিক কৰি তুলিলেও কাণ্ডক জ্ঞান দৰে তালৈ আওকান কৰি নাইবা চাইয়ো প্ৰতিক্ৰিয়া নকৰি আনকি কেতিয়াবা অজুহাতৰে মিছা মাতি নিজৰ মাজতেই সীমাবদ্ধ ‌ ।‌ পৃথিৱীত সহায় বোলা বস্তু সহজে নাপায় আজিৰ মানুহেই টকা পইচাৰ লগতে তাতকৈ বেছি নিজৰ মতলবক বেছি প্ৰাধন্য দিয়ে ।দেখা যায় বহু সময়ত মানুহে মানুহক মনৰ পৰা সহায় কৰিব নিবিচাৰে যদিও খাতিৰ ৰক্ষাৰ স্বাৰ্থত নাইবা বেয়া পাব বুলি বাধ্যত পৰি কৰিবলগীয়া হয় ।‌ জীৱনত আমি যিটো আশা কৰো সেইটো কেতিয়াবা নাপাও তাৰ পৰিৱৰ্তে কেতিয়াবা আশা নকৰা মানুহ জনকেই জীৱনত প্ৰয়োজন হয় ।‌ এই দুনীয়াত ১০ জনৰ পৰা ১০ কথা পাব কিন্তু সহায় বিচাৰিলে কেতিয়াও ১০ সহায় পোৱা যায় । মুখত এটা সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহৰে ভৰপুৰ মানুহক একমাত্ৰ কামৰ সময়তে আচল পৰিচয় ফুটি উঠে যে কাৰ মনত কি আছে কোনে আগবাঢ়ি অহাটো বিচাৰি নিবিচাৰে কিয়নো মুখত মিলি থাকিবলৈ সকলোৱে মিঠা কিন্তু কামত খাটিলে একোৱেই কৰিব নিবিচাৰে । প্ৰয়োজনীয় সময়ত যেন কাৰোৱে পৰা একো সহায় পোৱা নাযায় ,কোনোৱে কাকো খাতিৰ কৰিব নিবিচাৰে, আচলতে জোৰ কৰি একোৱে বস্তু ল’ব নোৱাৰি কৰিব নিবিচাৰা জনেই এনেও নকৰে মনৰ ইচ্ছা নাথাকিলে অজুহাতে যথেষ্ট । বৰ্তমান ব্যস্ততাৰ অজুহাত ,সময় নোপোৱা আদি শব্দ স্বাভাৱিক কিন্তু উচ্চখাপৰ মানুহৰ বাবে সকলোৱে সময় উপলব্ধ । ঠিক সেইদৰে প্ৰায় ভাগ উচ্চ খাপৰ মানুহে আনক হেয় জ্ঞান কৰে ,ইহঁতৰ অহংকাৰত বাহাদুৰিও নাটে আনে ফোন মেচেচ বেছি কৰিলে বেয়া পায় আনে কামত সহায় বিচাৰিলেও অকনো ভাবিব নিবিচাৰে,গহীন ভাৱেই অন্য ধৰনৰ । মনত ৰাখিব কেৱল নিজক চিনাত ব্যস্ত য’ত মানুহে আনৰ বাবে হ’ব নিবিচাৰে প্ৰয়োজন হোৱা সময়তো মানুহে সহায় সহযোগিতা আগবঢ়াব নিবিচাৰে মনত অহংকাৰ ৰাখি থয় । ল’ৰাবোৰে বাহ্যিক কৰ্মৰ লগতে ভৰষ পোষণৰ দায়িত্ব আদিকে বৰ ব্যস্ত বুলি দেখুৱাই আনক সহায় সহযোগিতাৰ পৰা আঁতৰি থাকে, অৱশ্যে ব্যস্ততা স্বাভাৱিক কিন্তু লগাতকৈ বেছি ব্যস্ততাৰ অজুহাতেৰে আতৰি থকা নহয় বৰঞ্চ ইমানেই নিজৰ মাজতেই সীমাবদ্ধ যে আনৰ বাবে অকনো সময় নাই । ঠিক তেনেদৰে নাৰীৰ পৰা সহায় বিচাৰিলে বহু সময়ত ইচ্ছা নকৰে যদিও মুখত বৰ মিঠা হৈ মিলি থাকে আনক সহজে প্ৰয়োজন সময়ত খাতিৰ নাইবা যত্ন কৰিব নিবিচাৰে ।‌চাবলৈ গ’লে নাৰীৰ মনত এক ৰানী সুলভ প্ৰৱনতা জাগি উঠে যে সকলোৱে সিহঁতৰ পাছক সকসোৱে দৌৰে বুলি ভাবি মনতে ভিতৰি অহংকাৰ ৰাখি ইগকেন্দ্ৰিক স্বৰূপে আনক অৱহেলা নাইবা সহযোগ কৰিব নিবিচাৰে লেবেল দিবলৈ লয় । আঁচলতে পৃথিৱীখন দিনক দিনে বৰ নিসংগ হৈ পৰিছে যিমানেই যান্ত্ৰিকতাৰ গভীৰতালৈ সোমাইছে সিমানেই নিংগ হৈচে যেন মানুহ থাকিও নিসংগ ।প্ৰকৃততে বৰ্তমানৰ এই পৃথিৱীত মানুহবোৰ বস্তুৰ দৰে আৱেগবিহীন আৰু কঠোৰ স্বৰূপ হৈ পৰাই নহয় বৰঞ্চ মনত অহংসদৃশ আৰু ইগো স্বৰূপ হৈ পৰিছে যে আনক খাতিৰ নাইবা যত্ন কৰিব নিবিচাৰে ‌। মানুহে বৰ্তমান সময়ত নিজৰ মূল্য বঢ়াবলৈ গৈ নিজকে বহু ব্যস্ত দেখুৱাবলৈ লয় ,ব্যস্ততাৰ অজুহাতেৰে নিজকে নিজে কামৰ পৰা আতৰি থাকিব বিচাৰে ।তেনেদৰে আত্ম সন্মানৰ নামত ইগো বৃদ্ধি কৰি মনবোৰ অহং সদৃশ হৈ পৰিছে ,বাঢ়িছে যান্ত্ৰিকতাৰ কমিছে সহজ সৰলতা ,মনবোৰ সৰু হৈ পৰিছে । সেইবাবেই জীৱনত অকলে যুজক নিজৰ ভৰষা নিজেই হৈ চলক । মনত ৰাখিব মানুহে যেতিয়া কতো যন্ত্ৰণাৰ অশেষ ভুগি ,প্ৰয়োজনীয় সময়ত আনৰ সহাযোগিতা নাপায় , মানুহৰ ৰাজনীতি মিছলীয়া প্ৰতিশ্ৰুতি,প্ৰতৰনা,ঠগ প্ৰৱঞ্চনা বিশ্বাসঘাতক আদিৰ বলি হৈ ঠেকা ঠেকা খাই খাই সলনি হবলৈ বাধ্য হৈ পৰে ।‌ সকলোৱে নিজৰ স্বাৰ্থত আৰু লাভকেই চিনি পায় এই নিসংগ পৃথিৱীত কিন্তু আনৰ বাবে অকনো সহাৰি দেখুৱাবলৈ মানসিকতা নাইকীয়া হৈছে যেন খাতিৰেই নকৰে । প্ৰয়োজনীয় সময়ত যেতিয়া নিসংগ হৈ পৰে কাৰোৱে সহযোগ নাপায় বহুতো ঘাত প্ৰতিঘাত ,সহযোগিতা বিচাৰি গলেও আনে অৱহেলা নাইবা একো কৰিব নিবিচাৰে, আশা নিৰাশাৰ মাজতে সকলোৱে হাত এৰি দিয়ে কোনোৱে সমৰ্থন দিব নিবিচাৰে ,বুজিবলৈ কেনো নাথাকে তেতিয়া ঠেকি ঠেকি বহুতো জলা যন্ত্ৰণাৰ মাজত নিসংগ হৈ চলিবলৈ লয় তেতিয়া মানুহৰ প্ৰতি আনিহা জন্মাই নহয় মানুহ সলনি হৈ কেতিয়াবা অহংকাৰী হ’বলৈ বাধ্য হয় ,আনে সলনি হোৱা বুলি কয় কিন্তু কোনবোৰ কাৰনত সলনি লগা হৈছে তালৈ চকু নফুৰাই । ঠিক তেনেকৈ মানুহে ক’তো দুখ যন্ত্ৰণাৰ সহ্য কৰি কঠিন হৈ পৰিবলৈ বাধ্য হয় , দুখ সহি সহি অন্তৰ ইমানেই ডাঠ হৈ পৰে যেন কাৰোৱেই প্ৰতি বিশ্বাস নাথাকে আৰু অনিহা জন্মিবলৈ আৰম্ভ কৰে আৰু তেতিয়া সেই দুখ স্মৃতিৰ মানুহ জন সম্পূৰ্ণকৈ সলনি হোৱাই নহয় কেতিয়াবা আস্থাই নাইকীয়া হৈ অধিক উত্তেজিত হৈ পৰে । মানুহে মানুহৰ মূল নুবজে যেন আমি প্ৰয়োজনীয় সময়ত আনৰ সহযোগ নাপায় কেৱল কেৱল প্ৰতৰনা আৰু অৱহেলিত হৈ দুৰ্ভগীয়া হৈ পৰো তেতিয়া আমি নিসংগ যেন এই পৃথিৱীত কোনোৱে নাই, সেইবাবেই ড° ভূপেন হাজৰিকা কৈছিল—”মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে ভাবিব কোননো কোৱা !”

প্ৰকৃততে পাছত লাগি থাকিলে কুকুৰৰ দৰে পাচে পাচে ঘূৰি বুলি ভাবি গুৰুত্ব নিদিয়ে । চাবলৈ গ’লে যেতিয়া মানুহক গুৰুত্ব দি কামত খাটি থাকিলে দুৰ্বল বুলি ভাবি অৱহেলা কৰাই নহয় বৰঞ্চ সুযোগ বিচাৰি থাকে,তেনেদৰে যিজনক আমি প্ৰয়োজন অনুভৱ কৰো সেইজনে গুৰুত্ব নিদি অৱহেলিত কৰাই নহয় ব্যস্ততা দেখুৱাটো প্ৰায়েই স্বাভাৱিক কথা ,যি আনৰ অনুভৱ নুবুজি নিজৰ মতলবক বেছি প্ৰাধন্য দিয়ে ।‌ যিজনক বিশ্বাস আৰু ভৰষা কৰা যায় সেইজনৰ প্ৰতাৰণা, আৰু যিজনক আমাৰ প্ৰয়োজন তেওঁ আমাক ব্যস্ততা দেখুৱাবলৈ লোৱাটো আজিৰ সমাজত প্ৰায়েই পৰিলক্ষিত হোৱা দেখা যায় , যাৰ ফলত মানুহ সলনি হৈ পৰাটো স্বাভাৱিক ‌। লগাতকৈ মানুহক বেছি সময় দিয়াটো মুখাৰ্মিৰ কাম ‌ ,কিয়নো লগাতকৈ সময় নাইবা গুৰুত্ব দিলে সস্তীয়া বুলি ভাৱে প্ৰকৃততে সময় আৰু গুৰুত্ব সেইজনকে দিয়া উচিত যিজনে আপোনাৰ মনৰ অনুভৱ বুজি পায় আৰু আপোনাক সদায়েই সমৰ্থন কৰি যায় ।চাবলৈ গ’লে মানুহ এনেবোৰ পৰিস্থিতি সাপেক্ষেহে সলনি হ’বলৈ বাধ্য হৈ আনক যত্ন আৰু খাতিৰ কৰিব নিবিচাৰে । আঁচলতে প্ৰয়োজন হোৱা নাইবা বিপদৰ সময়ত মানুহক লগত পোৱা নাযায় কিন্তু ভাল সময়ত সকলোৱে লগত দিয়ে সেইবাবেই ভাল সময়ত নাইবা কিবা বিজয়ী হলে নিজৰ পাৰ্টি নিজেই কৰক আনক দি লাভ নাই যিহেতু সংগ্ৰাম নাইবা বেয়া সময়ত লগত কোনোৱে নাছিল ।সেইবাবেই জীৱনত আনক আশা ভৰষা কৰি নাথাকিব আনক মাধা মাৰি পাছতেই লাগি দৌৰি নুফুৰি সদায় পাৰা পৰ্যন্ত নিজেই সকলো কৰিবলৈ যত্ন কৰিব লাগে অন্যথা আনৰ পাছত দৌৰি ফুৰিলে দুৰ্বল বুলি ভাবি সুযোগ লোৱাই নহয় ব্যস্ততা দেখুৱাই সহযোগ কৰিব নিবিচাৰে ,গতিকে আনে আপোনাক যেনেকৈ সময়, প্ৰাধন্য আৰু গুৰুত্ব দিছে আনকো আপুনি তেনেকৈ গুৰুত্ব আৰু প্ৰাধান্য আৰু সময়ত দিয়ক জীৱনত অকলে যুজক আৰু অকলে চলিবলৈ শিকক নিজেই নিজৰ ভৰষা আনক ইমান যত্ন কৰি নাইবা গুৰুত্ব দি লাগি থকাৰ নাইবা খাতিৰ কৰি থকাৰ প্ৰয়োজন নাই তেনেদৰে বেছিকৈ সন্মান কৰিলেও কেতিয়াবা দুৰ্বল বুলি ভাৱে ভাবি কুকুৰ মেকুৰীৰ দৰে আচৰন কৰে । গতিকে আজিৰ যুগত সন্মান দিলেও চাই চিতি দিব লাগে অন্যথা ভক্তি বেছি হ’লে বগা ঘোঁৰাও ৰঙা হয় ,যেন অতি ভক্তি কেতিয়াবা চোৰৰ লক্ষণ বুলি গণ্য কৰে ‌, প্ৰকৃততে জীৱনত কোনোবাই খাতিৰ নাইবা যত্ন নকৰিলে বাদ দিয়ক আপুনি ওলোটাকৈ তেওঁকো খাতিৰ আৰু যত্ন নকৰি নিজৰ মাজতেই গহীন গম্ভীৰ্যতা বৰ্তাই ৰাখক আনৰ পাছত অকনো দৌৰি নাথাকিব পাৰিলেই কথাই ন’কব আৰু আনকো ইমানো যত্ন কৰি নাথাকি নিজেই সকলো কৰিবলৈ যত্ন কৰক । দেখিব তেওক গুৰুত্ব নিদিলে অহংকাৰো টিকি নাথাকিব , সেইবাবেই জীৱনত মানুহে এনে বহুতো কাৰনত সলনি হৈ পৰিবলৈ বাধ্য হয় সেইবাবেই আনক ইমান যত্ন,গুৰুত্ব দি নাইবা খাতিৰ কৰি নাথাকিব আৰু আনৰ মতলবক প্ৰাধন্য দি ইমান কথা কৈ লাভ নাই তাৰ পৰিৱৰ্তে যিয়ে আপোনাৰ যেনেকুৱা আচৰন ব্যৱহাৰ কৰিছে আপুনিও তেনেকুৱাকৈ সময় প্ৰাধান্য আৰু গুৰুত্ব দিয়ক,বিশ্বাস সদায় নিজৰ ওচৰত ৰাখি নিজৰ ৰাস্তাত চলক আনৰ কথাত মতলব নাই, দেখিব সুখী হৈ পৰিব ।

এজন সুখী মানুহ

মুন ৰাজবংশী, নলবাৰী


এই সুন্দৰ আৰু বিচিত্র পৃথিৱীৰ এটা কোণৰ এখন সৰু গাঁওত বাস কৰা সুখ, আনন্দ, ধন সম্পত্তিৰে ভৰি পৰা চলিহাৰ পৰিয়ালটো। দিনটোৰ বেছিভাগ সময় ঘৰখনৰ বাবে টকা উপাৰ্জন কৰাতেই ব্যস্ত তেওঁ। দেৱব্ৰত চলিহাৰ ঘৰখনত কি নাই বুলি ভাবে আপুনি? আপুনি, মই, তেওঁ নেদেখা নোখোৱা বস্তুবোৰ এই চলিহাৰ পৰিয়ালটোত অতি সহজেই আপুনি বিচাৰি পাব। আপুনি হয়তো খাবলৈ নোপোৱা কিছুমান তেনেই সাধাৰণ বস্তুবোৰ খাবলৈ পোৱা যায়। আপোনাৰ, মোৰ ঘৰত নথকা, নেদেখা এনে কিছু বয় বস্তু তেওঁৰ ঘৰত দেখিবলৈ পাব। পাৰ্থক্য মাত্ৰ এটাই, সেয়া হৈছে, তেওঁ অলপতে সন্তুষ্ট হয় আৰু আমিবোৰে পোৱাৰ পাছতো সেইটোক বাৰে বাৰে পাবলৈ ইচ্ছা কৰোঁ। দেৱব্ৰত চলিহাৰ পৰিয়াল বুলিবলৈ ঘৰখনত মাত্র চাৰিজন সদস্যৰে পৰিপূৰ্ণ। দেৱব্ৰত চলিহা তেওঁৰ পত্নী সন্ধ্যা চলিহা, আৰু তেওঁলোকৰ দুটি সন্তান নিশান্ত পুত্র আৰু কন্যা পুৱতি । চলিহাৰ পৰিয়ালটো আছিল গাঁওখনৰ সকলোৰে প্ৰিয়। তাতোকৈ বেছি প্ৰিয় আছিল, চলিহাৰ পৰিয়ালৰ সন্তান দুটি নিশান্ত আৰু পুৱতি। কাৰণ নিশান্ত আৰু পুৱতিয়ে গাঁৱৰ সকলোৰে লগত মিলিজুলি থাকিছিল। ডাঙৰক সেৱা কৰি শ্ৰদ্ধা জনাইছিল আৰু সৰুক মৰমেৰে আঁকোৱালি লৈছিল। নিশান্ত আছিল ৰাতিৰ আকাশৰ শান্ত সমাহিত শীতল পূৰ্ণ জোনাকৰ জোনটোৰ দৰে আৰু পুৱতি আছিল পুৱাৰ উজ্জ্বল ৰঙা বেলিটোৰ দৰে ।
পুত্ৰ নিশান্ত আৰু পুৱতিয়ে নিজৰ পঢ়া শুনাৰ লগতে স্কুল কলেজৰ পৰা আহি ঘৰখনক উন্নতিৰ পথত আগবঢ়াই নিবলৈ সিহঁত দুটাই মাক বাপেকক যঠেষ্ট সহায় কৰি দিয়ে। দিন বাগৰি যোৱাৰ লগে লগে চলিহাৰ ব্যৱসায়তো লোকচান হ’বলৈ ধৰিলে। ব্যৱসায়টোক লৈ চলিহাৰ চিন্তা বৰ লাগিল! তেওঁ ভাবিবলৈ ধৰিলে! যদি এনেকৈ আৰু এসপ্তাহ ব্যৱসায়ত লোকচান খাব লাগে, তেতিয়াহ’লে তেওঁৰ বৰ বিপদ হ’ব। কিন্তু তেওঁ হঠাৎ এতিয়া এনে কি কৰিব পাৰে, য’ত আগৰ দৰে টকা উপাৰ্জন কৰিব পাৰিব… কথাটো চিন্তা কৰি কৰিয়েই তেওঁ ঘৰ পালেগৈ। ঘৰ পায় চলিহাই বাহিৰতে তেওঁৰ পত্নী সন্ধ্যাই আগতীয়াকৈ পানীৰ বাল্টিটোত ভৰাই থোৱা পানীৰে হাত ভৰি ধুই ঘৰৰ ভিতৰত সোমাই গৈ কোঠাটোৰ বিছনাখনত বহি ল’লে। কাষত তেওঁৰ পত্নীয়ে তেওঁক জিৰণি ল’বলৈ দি নিজে বিচনীৰে বিছি থাকিল। ভাগৰুৱা দেহা আৰু চিন্তাত মগ্ন হৈ থকা মুখখনলৈ চাই পত্নী সন্ধ্যাই সুধিলে __” কি হৈছে, আজি দেখো আপুনি একেবাৰে মন মাৰি আছে কথাতোনো কি…?
তেওঁৰ পত্নী সন্ধ্যাক এইখন ঘৰলৈ বিয়া কৰাই আনিবৰ দিন ধৰি আজিলৈ কোনো কথাই তেওঁ তেওঁক লুকুৱা নাই? তেওঁৰ মনৰ সকলো কথায় পত্নীৰ আগত শ্বেয়াৰ কৰি গৈছে; ভাল বেয়া, সুখ,দুখ সকলোবোৰ! কিন্তু, আজি ইমান দিনে লোকচান হৈ অহা ব্যৱসায়টোৰ কথা বাৰু কেনেকৈ নোকোৱাকৈ থাকে? চলিহাই মনত শক্তি যোগাই লৈ পত্নী সন্ধ্যাক সকলো কথা ভাঙি পাতি ক’লে, সন্ধ্যাই গিৰিয়েকৰ মনৰ অৱস্থা বুজিব পাৰি তেওঁ এটা বুদ্ধি দিলে,আৰু ক’লে…! শুনা! আমি যদি আমাৰ এই তিনিআলিৰ মুৰত এখন সৰু অথচ গেলামালৰ দোকানৰ লগতে তাৰ কাষতে মই গধুলি হ’লে তিনিআলিৰ মুৰত আড্ডা দিয়া লোকসকলৰ বাবে চাহ পকৰী বনাই দিওঁ তেতিয়া কেনে হ’ব বাৰু… ; আজিকালি মানুহে ঘৰৰ কাষতে কিছুমান বস্তু পালে টাউনলৈ আনিব নাযায়। গতিকে মই কোৱা কামতো যদি আপুনি সন্মতি দিয়ে, তেতিয়াহ’লে আমি অতি সোণকালে সফল হ’ব পাৰিম। পত্নীয়ে দিয়া দিহাটোক চলিহাই চিন্তা কৰি চোৱাত কথাটো বেয়া নহয় বুলি ক’লে হয়, কিন্তু তেওঁযে তেওঁৰ নিজৰ পত্নীয়ে বজাৰত গৈ চাহ বিক্রি কৰাটো পচন্দ নৰৰিলে। তেতিয়া সন্ধ্যাই মাত লগালে। শুনা! আজি যদি আপোনাৰ বিপদত মই সহযোগিতা নকৰোঁ তেতিয়া মই নিজেই কষ্ট পাম। কাৰণ আপুনি এটা কথা ভাবি চাইছেনে; আমি আমাৰ সন্তান দুটাক ভাল মানুহ কৰিবলৈ হ’লে দুয়োৰে সহযোগ লাগিব। কথাষাৰ কৈ সন্ধ্যাই পাকঘৰলৈ গৈ সুন্দৰ ৰঙা চাহ একাপ গিৰিয়েকৰ হাতত তুলি দি খোৱাৰ বাবে যোগাৰ কৰাত লাগিল। সিফালে তেওঁলোকৰ পুত্র নিশান্তই প্লাষ্টিকৰ এনে কিছু জীৱ জন্তু আদিৰ লগতে ঘৰ এখনৰ ড্ৰয়িং ৰুমত সজাবলৈ বস্তু তৈয়াৰ কৰি উলিয়াইছিল সেই বস্তুবোৰ নিশান্তই কলেজত যোৱাৰ সময়ত বেগত ভৰাই লৈ বজাৰত মেলি দিছিল। নিশান্তৰ নিপুন হাতৰ কৌশলত তৈয়াৰ হোৱা সকলোবোৰ বস্তু মানুহে পচন্দ কৰিছিল আৰু তাৰ পৰা কিনি নিছিল। লগতে নিশান্তৰ ভনীয়েক পুৱতিয়েও সৰু সৰু প্লাষ্টিকৰ বটলত নানা বিধৰ ৰং বিৰঙৰ ফুল লগাই সেইবোৰ তেওঁৰ নিজৰ কলেজৰ বন্ধু বান্ধৱীৰ লগতে কলেজৰ শিক্ষক সকলৰ ওচৰত কম বেছি পৰিমাণে বিক্রি কৰি যিকেইটা টকা পায়, সেইখিনি টকা মাক দেউতাকৰ হাতত তুলি দিয়ে। চলিহা আৰু তেওঁৰ পত্নী সন্ধ্যাই তেওঁলোকৰ পুত্র কন্যাৰ পঢ়া শুনাৰ লগতে সুন্দৰ সুন্দৰ বুদ্ধি মত্তাৰে কৰি যোৱা কামবোৰত সুখ পোৱাৰ উপৰিও গৌৰৱবোধ কৰিছিল। লাহে লাহে চলিহাৰ পৰিয়ালটো সুখ আনন্দৰে উপচি পৰিল। চলিহাৰ পৰিয়ালটো সেই সৰু গাঁওখনৰ লোকসকলৰ প্ৰিয়ভাজন।

নীট,নেট কেলেংকাৰীৰ প্ৰসংগই স্থান পালে লোকসভা অধিবেশনৰ ৰাষ্ট্ৰপতিৰ ভাষণত

বৃহস্পতিবাৰৰ দিনটোত অষ্টাদশ লোকসভাৰ বিশেষ অধিবেশনৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুয়োখন সদনকে সম্বোধন কৰি ভাষণ প্ৰদান কৰে । ভাষণত ৰাষ্ট্ৰপতি গৰাকীয়ে উল্লেখ কৰি কয় যে চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টা হৈছে দেশৰ যুৱ প্ৰজন্মক তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবলৈ এক উচিত সুযোগ প্ৰদান কৰা । চৰকাৰী নিযুক্তি অথবা পৰীক্ষা যিয়েই নহওঁক যিকোন কাৰণতে ইয়াত প্ৰতিবন্ধতা আহিব নালাগে । তদুপৰি বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি, পদক্ষেপ, জৰুৰীকালীন সময়কে ধৰি বিভিন্ন বিষয় সামৰি প্ৰদান কৰা এই ভাষণত স্থান পালে ।

তেওঁ পুনৰ কয় এইবোৰ পৰীক্ষা স্বচ্ছতা অতি গুৰুত্বপূৰ্ণ | দল বা ৰাজনীতিৰ উৰ্ধত থাকি সমগ্ৰ দেশতে দৃঢ় ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে । দেশৰ মেডিকেল প্ৰৱেশ পৰীক্ষা নীট-ইউ জিত ব্যাপক খেলিমেলি হোৱাৰ লগতে নেট পৰীক্ষাৰো প্ৰশ্ন কাকত ফাদিল হোৱাত নেচনেল টেষ্টিং এজেঞ্চিয়ে পৰীক্ষা বাতিল কৰিছে । শেহতীয়াকৈ প্ৰশ্ন কাকত ফাদিলৰ ঘটনা তদন্ত কৰিবলৈ আৰু দোষীক দৃষ্টান্তমূলক শাস্তি নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।

নীট কেলেংকাৰীক লৈ এতিয়াও দেশ উত্তাল হৈ পৰা সময়তে সংসদেও পৰীক্ষাত হোৱা খেলিমেলিৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিছে । ইয়াৰ উপৰিও চৰকাৰে পৰীক্ষাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ কাম কৰাৰ ধৰণ শুধৰণি কৰাৰ দিশত কাম কৰি আছে। ইফালে সংসদৰ অধিবেশন আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে বিৰোধীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ভূমিকাক সমালোচনা কৰি নীট কেলেংকাৰীৰ তদন্ত দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে ।

শিৱসাগৰৰ চাৰিগৰাকী ছাত্ৰই জেইই এডভান্সৰ সৰ্বভাৰতীয় পৰীক্ষাত স্থান লাভ

দৈনন্দিন বাৰ্তাৰ বিশেষ প্ৰতিনিধি, শিৱসাগৰ, ২৭ জুনঃ শিৱসাগৰৰ চাৰি জন ছাত্ৰ ৰচিলে ইতিহাস । বৌদ্ধিক নগৰী ৰূপে খ্যাত শিৱসাগৰত আজিও গঢ় লৈ নুঠিল উচ্চ শিক্ষাৰ আধুনিক প্ৰতিষ্ঠান অথবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উন্নত মানৰ কচিং চেন্টাৰ।কিন্তু তাৰ পাছতো চাৰিজন ছাত্ৰৰ কষ্ট,ত্যাগ আৰু একাগ্ৰতাই শিৱসাগৰক গৌৰাম্বিত কৰাই নহয় ৰচিলে এক ইতিহাস । আমি সকলোৱে জানো যে সৰ্বভাৰতীয় পৰ্যায়ত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ ভিতৰত সবাতোকৈ কঠিন পৰীক্ষা সমূহৰ ভিতৰত জে ই ই এডভান্স অন্যতম । লাখ লাখ ছাত্ৰ-ছাত্ৰী এই কঠিন পৰীক্ষাত অৱৰ্ত্তীণ হয় যদিও সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰীৰহে ভাগ্য উদয় হয়।২০২৪ শিক্ষা বৰ্ষৰ পৰীক্ষাত মুঠ এইবাৰ ১৫ লাখ ১৪ হাজাৰ ১১০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱৰ্তীণ হৈছিল ।ইতিমধ্যে পৰীক্ষাৰ ফলাফল ঘোষিত হৈছে আৰু সৰ্বভাৰতীয় এই কঠিন পৰীক্ষাত উন্নত শিক্ষাৰ আন্তঃগাঠনি নথকা শিৱসাগৰৰ চাৰিজনকৈ ছাত্ৰই জে ই ই এডভান্সৰ সৰ্বভাৰতীয় পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উৰ্ত্তীণ হৈ আই আই টিৰ দৰে উচ্চ শিক্ষা প্ৰতিষ্ঠানত ইঞ্জিনীয়াৰিং শিক্ষা গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে ।এইয়া শিৱসাগৰৰ শিক্ষা জগতৰ বুৰঞ্জীত নজিৰ বিহীন ঘটনা।কাৰণ আজিলৈকে একলগে চাৰিজনকৈ ছাত্ৰই সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত(জে ই ই)শিৱসাগৰৰ পৰা উৰ্ত্তীণ হোৱাৰ নজিৰ নাই ।

এনে ধৰণৰ সাফল্যই সমগ্ৰ শিৱসাগৰবাসীক গৌৰাম্বিত কৰাই নহয় নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক সৰ্ভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱৰ্ত্তীণ হবলৈ উৎসাহিত কৰে ।এইবাৰৰ জে ই ই এডভান্সত যি চাৰি জন ছাত্ৰই সাফল্য লাভ কৰিছে তেওলোক হল ক্ৰমে শিৱাংশু শৰ্ম্মা।শৰ্ম্মাৰ জে ই ই এডভান্সাত সৰ্বভাৰতীয় ৰেংক ৫৩৩৩ আৰু চি ই ই আসাম ষ্টেট ৰেংক ৫ । তেও ভিলাই আই আই টিত বি টেক কম্পিউটাৰ চাইস্নত ইঞ্জিনীয়াৰিং কৰাৰ সুযোগ লাভ কৰিছে । শিৱসাগৰবাসীক গৌৰাম্বিত কৰা আনজন ছাত্ৰ হৈছে চিৰাগ আগৰৱালা।জে ই ই এডভান্সৰ সৰ্বভাৰতীয় ৰেংক ৭০৫৮ আৰু চি ই ই আসাম ষ্টেট ৰেংক ৭ । তেও গান্ধীনগৰ আই আই টিত বি টেক মেকানিকেল ইঞ্জিনীয়াৰিং কৰাৰ সুযোগ লাভ কৰিছে।শিৱসাগৰৰ শিক্ষা জগতৰ বাবে নজিৰ সৃষ্টি কৰা তৃতীয় জন ছাত্ৰ হৈছে ৰক্তোপল বৰা । জে ই ই এডভান্সৰ সৰ্বভাৰতীয় ৰেংক ১২৬২৪ ।তেও পাটনা আই আই টিত বি টেক কেমিকেল ইঞ্জিনীয়াৰিং কৰাৰ সুযোগ লাভ কৰিছে ।শিৱসাগৰবাসীয়ে গৌৰৱ কৰিব পৰা চতুৰ্থ জন ছাত্ৰ হৈছে আনিদ এ দাস । জে ই ই এডভান্সৰ সৰ্বভাৰতীয় ৰেংক ১০৪৮। আই আই টিত বি টেক ইলেকট্ৰনিক আৰু কমিনিউকেচনত ইঞ্জিনীয়াৰিং কৰাৰ সুযোগ লাভ কৰিছে।স্বভাৱিকতে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই অনা আৰু শিৱসাগৰৰ শিক্ষা ক্ষেত্ৰ খনত এক ইতিহাস সৃষ্টি কৰা চাৰিও গৰাকী ছাত্ৰ সমগ্ৰ শিৱসাগৰবাসীৰ অভিনন্দনৰ পাত্ৰ ।অভিনন্দনৰ পাত্ৰ তেওলোকৰ অভিভাৱক সকলো।এই চাৰিগৰাকী ছাত্ৰৰ সাফল্যই শিৱসাগৰৰ শিক্ষা জগত খনত এক নতুন দিগন্তৰ সূচনা কৰিব ।

সঠিক মঞ্চায়নেৰে উজলিল ‘নিৰ্বাচন’ আৰু ‘বিদ্ৰোহী জনা’

– জ্যোতিপ্ৰসাদ বৰা

নগাঁও এনে এখন ঠাই । য’ত বছৰটোত অতি কমেও ডেৰ কুৰি নাট মঞ্চস্থ হয় ।কেৱল নগাঁও চহৰতে মাহটোত গড়ে প্ৰায় তিনিখনকৈ নাট উপভোগ কৰাৰ সুবিধা লাভ কৰে কলংপৰীয়াসকলে ।কি শীত কাল কি গ্ৰীষ্ম কাল ।নাট নিবেদনৰ খবৰভৰ্ত্তি প’ষ্টাৰেৰে ভৰি থাকে মধ্য অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ চহৰখন ।শুৱনি হৈ থাকে শক্তি(বিদ্যুত) আৰু দূৰ সংযোগ বিভাগৰ খুঁটাবোৰ । জয়শ্ৰী হল চাৰিআলি এনে খবৰৰ অন্যতম উৎস ।এই স্থানৰ বন্ধ হৈ পৰা তেল ডিপোটোৰ টিনৰ বেৰাত অহৰহ ভাঁহি থাকে নগঞা নাট্যকৰ্মীৰ উৎসাহ আৰু উদ্দীপনাবোৰ ।এনে ভাললগা পৰিবেশৰ মাজতেই গ্ৰীষ্মৰ তীব্ৰতাকো নেওচি চলিত সপ্তাহটোতে নগাঁও চহৰত মঞ্চস্থ হ’ল দুখনকৈ নাটক । ইয়াৰে প্ৰথমখন নাটক ২২ জুনৰ সন্ধিয়া নিবেদিত হয় নগাঁও নাট্যমন্দিৰত ।ওঠৰ বছৰীয়া নাট্যানুষ্ঠান ‘শিল্প কানন’ৰ উদ্যোগত শব্দযন্ত্ৰী লোহিত বৰাৰ সোঁৱৰণত মঞ্চস্থ হোৱা এই নাটখন হৈছে ‘বিদ্ৰোহী জনা’ ।গোলাপ চন্দ্ৰ বৰাৰ এই নাটখনৰ পৰিচালক আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰিচিত নাট্যশিল্পী দক্ষিণা শৰ্মা । পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে ৰাজকন্যা জনাগাভৰুৱে আৰম্ভ কৰা বিদ্ৰোহক শীৰ্ষস্থান প্ৰদান কৰি ৰচনা কৰা হৈছে এই নাটখন । লগতে লোকসাহিত্য আৰু লোকবিশ্বাসৰ পটভূমিত কিছু কল্পনাৰ বোল সানি আধুনিক চিন্তা-চেতনাক প্ৰাধান্য দি নাট্যকাৰে মৌলিকতাক সুন্দৰভাৱে ফুটাই তুলিছে । কেনেদৰে আজিও মহিলাসকল পুৰুষৰ হাতত লাঞ্ছিত হয় আৰু প্ৰতাৰণাৰ বলি হয় তাৰেই যথাযোগ্য নিদৰ্শন পূৰ্ণাংগ নাটখনি । গল্পকাৰ শিৱানন্দ কাকতিয়ে স্মৃতি তৰ্পণ আৰু নাট্যকাৰ সপোনটি বৰদলৈয়ে উদ্বোধন কৰা নাটখনিৰ অভিনয় শিল্পীসকলৰ অভিনয় আছিল চমকপ্ৰদ । মুঠ ১৬ টাকৈ চৰিত্ৰসম্পন্ন নাটখনিৰ সামগ্ৰিক ব্যৱস্থাপনাত আছিল প্ৰসন্ন কুমাৰ বেজবৰুৱা । নীৰ আবিদৰ মধু সংগীতৰ আলোড়নেৰে উপভোগ্য হৈ পৰা নাটখনৰ পোহৰ নিক্ষেপন কৰিছিল সুৰজ কুমাৰ শইকীয়াই । শোণিত কুমাৰ বৰাৰ মঞ্চসজ্জা আৰু গৌৰৱ কুমাৰ হাজৰিকাৰ নৃত্য নিৰ্দেশনাৰে প্ৰাণ সঞ্চাৰিত হোৱা নাটখনিৰ পৰিচালনাতো দক্ষিণা শৰ্মাই দক্ষতা আৰু পৰিপক্কতাৰ পৰিচয় নিখুঁত ৰূপত তুলি ধৰিছে । প্ৰকাশ বৰা,কৃষ্ণাংগ বৰা,জ্যোতিস্না গোঁহাই,সুস্মিতা শইকীয়া,নৱজ্যোতি গোস্বামী,নয়নমণি লস্কৰ,মৌচম বৰা,সঞ্জীৱ কুমাৰ বৰা,মেঘালী বৰা শইকীয়া হৈছে নাটখনৰ অভিনয় শিল্পী । ইয়াৰোপৰি কাহিনীৰ পটভূমি জনাগাভৰুৰ গীতেও নাটখনত বিশেষ গুৰুত্ব লাভ কৰিছে । এই প্ৰাচীন মালিতা(বেলাড) জনাগাভৰুৰ গীতক নাট্যমঞ্চত শুৱনি আৰু বিশুদ্ধ ৰূপত উপস্থাপন কৰা শিল্পীসকল হৈছে ক্ৰমে অজয় ৰাজবংশী,কৰৱী শৰ্মা,ইন্দ্ৰাণী বৰা,বাপধন মহন্ত,বাস্তৱ শৰ্মা,পাপৰি ৰাজখোৱা আৰু কৃপাশ্ৰী হাজৰিকা ।

এতিয়া আহোঁ ইয়াৰ পিছৰদিনাৰ দ্বিতীয়টো নাট্যানুষ্ঠানৰ প্ৰসংগলৈ । নগাঁও চহৰতে ২৩ জুনৰ সন্ধিয়া মঞ্চস্থ হয় ‘নিৰ্বাচন’ নামৰ অন্য এখন মননশীল নাট । নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এচ’ছিয়েশ্বনৰ উদ্যোগত জিলা পুথিভঁৰালত মিৰ্জাৰ ‘গুৱেৰ্ণিকা আৰ্টিষ্ট ফেক্টৰী’ৰ কলা-কুশলীসকলে নিবেদন কৰে এই নাটখন । কবি,গল্পকাৰ আশিক জামানৰ এটি বহুপঠিত গল্পৰ আধাৰত প্ৰস্তুত কৰা এই নাটখনৰ নাট্যকাৰ-পৰিচালক হৈছে কবি,গীতিকাৰ,চলচ্চিত্ৰ পৰিচালক হিমাংশু প্ৰসাদ দাস । ওঠৰটাকৈ চৰিত্ৰসম্পন্ন নাটখনৰ জৰিয়তে কলুষিত আৰু ঘৃণাৰ ৰাজনীতিৰ কদৰ্য ছবি অংকন কৰা হৈছে । ষাঠি মিনিটৰ নাটখনত মূল্যবোধৰ ৰাজনীতিৰ পৰিৱৰ্তে প্ৰলোভনৰ ৰাজনীতিকহে প্ৰাধান্য দি সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ এটি অবিকল ৰূপ প্ৰদান কৰিছে কাহিনীকাৰে । ব্যক্তিগত মুনাফা আদায়ৰ বাবে কেনেদৰে একাংশ লোকে নিজৰ বিচাৰ-বুদ্ধি আৰু সততাক জলাঞ্জলি দি দায়িত্ব আৰু কৰ্তব্যবোধৰ প্ৰতি পিঠি দিব পাৰে তাৰেই যেন বৰ্হিপ্ৰকাশ হিমাংশু প্ৰসাদ দাসৰ এই বাস্তৱধৰ্মী নাটখন । ডিম্পল কুমাৰ দাসৰ পোহৰ আৰু গৌৰৱ দাসৰ সংগীতেৰে উজলি উঠা নাটখনৰ অভিনেতা-অভিনেত্ৰীসকল হৈছে অপূৰ্ব বৰ্মন,ৰূপমজ্যোতি দাস,প্ৰদীপ দত্ত,পৰমানন্দ শইকীয়া,নৱনীতা গগৈ,ইন্দ্ৰজিৎ লালুং,ৰঞ্জন দত্ত,সৃষ্টি শৰ্মা,অৰ্জুন শৰ্মা,কিশোৰ আৰ্য্য,জুৰিস্মিতা দাস,নীহাৰিকা ভট্টাচাৰ্য,ডেমিডন কলিতা,অবিনাশ বৰ্মন,হৃদয়ন দেৱচৌধুৰী,ইৰফান আহমেদ,নাৰ্চিজুৰি নাথ আৰু ডিম্পী মহন্ত । হিমাংশু প্ৰসাদ দাসে পৰিচালনাৰ উপৰিও নিজেও এক বিশেষ চৰিত্ৰত অভিনয় কৰি এই নাটখনৰ বিষয়বস্তুক যথাৰ্থভাৱে উপস্থাপন কৰাইছে । যিয়ে দৰ্শকক কাহিনীৰ সৈতে একাত্ম কৰি নাট্যমূহুৰ্ত কেইটিৰ সহযাত্ৰী কৰি তোলে। এই দুই পৃথক নাট্যসন্ধিয়াক লৈ বহুদিনলৈকে আপোনপাহৰা হৈ থাকিব নগাঁওবাসী । কাৰণ হৈছে দুয়োখন নাটৰে কলা-কুশলীসকলৰ উৎকৃষ্ট পৰিবেশন শৈলী ।


    

পদ্মশ্ৰী সন্মান প্ৰাপক ইমৰান শ্বাহলৈ গড়গাঁও মহাবিদ্যালয়ৰ সম্বৰ্ধনা

দৈনন্দিন বাৰ্তাৰ বিশেষ প্ৰতিনিধি, শিৱসাগৰ, ২৭ জুন: অসম উপত্যকা সাহিত্য বঁটা প্ৰাপক, বিশিষ্ট সাহিত্য সাধক, পদ্মশ্ৰী সন্মান প্ৰাপক ইমৰান শ্বাহৰ শৈক্ষিক-বৌদ্ধিক তথা ভাষা-সাহিত্য-সমাজ আদি ক্ষেত্ৰলৈ অৱদানৰ প্ৰতি সন্মান জনাই গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকৰ এটি প্ৰতিনিধি দলে মহাবিদ্যালয় পৰিয়ালৰ হৈ তেখেতৰ শিৱসাগৰস্থিত বাসগৃহত সম্বৰ্ধনা জ্ঞাপন কৰে । তদুপৰি গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰতিষ্ঠাকালৰ অধ্যাপক হিচাপে অসমীয়া বিভাগৰ তৰফৰ পৰাও তেখেতলৈ সম্বৰ্ধনা জ্ঞাপন কৰে । উক্ত অনুষ্ঠানটিত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট নিবন্ধকাৰ, শিক্ষাবিদ ড° সব্যসাচী মহন্তৰ লগতে গড়গাঁও মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক প্ৰণৱ দুৱৰা, সম্পাদক তথা ভূতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক বনিকা বুঢ়াগোহাঁই,সহকাৰী সম্পাদক তথা ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° শ্যামলীমা শইকীয়া, মহিলা কোষৰ সমন্বয়ক তথা অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দেৱযানী বকলীয়াল, গোটৰ অন্যতম সদস্য তথা বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক অনিল তাঁতী, বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° বলোৰাম দাস আৰু ইংৰাজী বিভাগৰ অধ্যাপক ড° অঞ্জন কোঁৱৰ উপস্থিত থাকে ।মহাবিদ্যালয় পৰিয়ালৰ এই পদক্ষেপত সুখী অনুভৱ কৰা বুলি প্ৰকাশ কৰাৰ লগতে বিশিষ্ট সাহিত্যিকগৰাকীয়ে গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত কৰ্মৰত সময়ত মধুৰ স্মৃতি সোঁৱৰণ কৰে।

তদুপৰি পৰৱৰ্তী কৰ্মক্ষেত্ৰ শিৱসাগৰ কলেজ, জয়সাগৰৰ সতীৰ্থ শৰৎ মহন্ত, যোগেন চেতিয়া আদিৰ লগতে তেখেতে সান্নিধ্য লাভ কৰা হীৰেণ ভট্টাচাৰ্য, নীলমণি ফুকন, পৰাগ চলিহা, লীলা গগৈ আদি বিশিষ্ট ব্যক্তিসকলৰ সৈতে জড়িত কাহিনী, অভিজ্ঞতা আদি অধ্যাপকবৃন্দৰ আগত ব্যক্ত কৰে । ইমৰান শ্বাহে সাম্প্ৰতিক অসমৰ বিভিন্ন প্ৰসংগৰ লগতে পূৰ্বৰ শৈক্ষিক পৰিৱেশ, শিক্ষক-শিক্ষাৰ্থীৰ মনোবৃত্তিলৈ অহা পৰিবৰ্তন ইত্যাদি সন্দৰ্ভত অধ্যাপকবৃন্দৰ সৈতে ভাৱৰ আদান-প্ৰদান কৰে । সম্প্ৰতি মানুহৰ অধ্যয়ন বিমুখীতা প্ৰসংগত তেখেতে হতাশা প্ৰকাশ কৰে । বৰ্তমানলৈকে পাঁচ শতাধিক গল্প ৰচনাৰে অসমীয়া গল্প সাহিত্যৰ ক্ষেত্ৰখন সমৃদ্ধ কৰাৰ লগতে তিনিখন কবিতা সংকলন, এখন গীতৰ সংকলন, তিনিখন উপন্যাস, দুখন ৰম্য ৰচনা, এখনি প্ৰবন্ধ পুথি, এখন শিশু উপযোগী জীৱনী, তিনিখন অনূদিত উপন্যাস, কেইবাখনো মৌলিক আৰু অনূদিত নাটক, বাতৰিকাকত-আলোচনীৰ সম্পাদনা আৰু বাতৰিকাকতৰ বাবে অসমীয়া আৰু ইংৰাজীত বিভিন্ন স্তম্ভ লেখা আদিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা পদ্মশ্ৰী ইমৰান শ্বাহদেৱক অসমীয়া সমাজ-জীৱন, সাহিত্য-জীৱনৰ মহীৰূহ আখ্যৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই তেখেতৰ এই সাহিত্য চৰ্চাৰ ধাৰা অব্যাহত ৰখাৰ কামনা কৰে।

শ্ৰীমন্ত শঙ্কৰ মিশ্যনত আন্তৰ্জাতিক ড্ৰাগছৰ অবৈধ ব্যৱসায় বিৰোধী দিৱস উদযাপন

দৈনন্দিন বাৰ্তাৰ সেৱা, ফুলগুৰি, ২৭ জুন : উত্তৰ পূৰ্বাঞ্চল আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যন আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত মিশ্যনৰ লোকসেৱক হলধৰ ভূঞা সভাগৃহত কালি আন্তৰ্জাতিক ড্ৰাগছৰ অপ-ব্যৱহাৰ আৰু অবৈধ ব্যৱসায় বিৰোধী দিৱসটি উদযাপন কৰা হয় । সেই উপলক্ষে পুৱা স্বচ্ছ ভাৰত অভিযান আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইয়াৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা ৰেলী উলিওৱা হয় । ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰ মিশ্যনৰ সভাপতি প্ৰেমেশ্বৰ দাসৰ সভাপতিত্বত এখন সজাগতা সভা অনুষ্ঠিত হয় । মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই আঁঁতধৰা আৰু যুটীয়া সম্পাদক মুনীন্দ্ৰ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰে নগাঁও জিলা স্বাস্থ্য বিভাগৰ অবসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক তথা নিবন্ধকাৰ ডা: কৃষ্ণ কুমাৰ বৰাই ।উদ্বোধনী ভাষণত ডা: বৰাই ড্ৰাগছৰ বিভিন্ন অপকাৰিতাৰ বিষয়ে উল্লেখ কৰি কয় যে ড্ৰাগছৰ লগতে সুৰা সেৱনে সমাজত বিৰূপ প্ৰভাৱ পেলায়। আৰ্থিক ক্ষতিৰ লগতে পৰিয়ালত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে । মহামাৰী সদৃশ ড্ৰাগছৰ প্ৰচলন বন্ধ কৰাৰ একমাত্ৰ বিকল্প হৈছে সমাজৰ সকলো স্তৰৰ লোকৰ মাজত ব্যাপক সজাগতাৰ সৃষ্টি কৰা । সভাত নগাঁও জিলা স্বাস্থ্য বিভাগৰ মূখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা:বীনাপাণি নেওগে ড্ৰাগছ সেৱনৰ ফলত নৱপ্ৰজন্ম তথা এটা পৰিয়াললৈ কেনেকুৱা ভয়াবহ পৰিস্থিতি নামি আহে, সেই বিষয়ে উল্লেখ কৰি কয় যে সমাজৰ প্ৰতিজন দ্বায়িত্বশীল লোক ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে যুঁঁজত অৱতীৰ্ণ হ’ব লাগিব । তেওঁ লগতে কয় যে নৱপ্ৰজন্মৰ মাজত মানসিক চিন্তা চেতনা জাগ্ৰত কৰাটো অতীৱ প্ৰয়োজন ।

সভাত মিশ্যনৰ আন এগৰাকী যুটীয়া সম্পাদক প্ৰদীপ শইকীয়া , সমাজ কৰ্মী পূৰ্ণ চন্দ্ৰ বাৰিক ,শিক্ষাবিদ ধৰ্মেশ্বৰ গোস্বামী , ফজলুল হক মৰল , কলংপাৰৰ সম্পাদক ভবেন বৰা ,সাংবাদিক কনক হাজৰিকা ,সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহকাৰী সম্পাদক খগেন নাথ , মিশ্যনৰ সদস্য জিতেন শৰ্মা ,প্ৰফুল্ল চন্দ্ৰ হাজৰিকাকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে । সভাৰ আৰম্ভণিতে বীনাপ্ৰভা বৰাই লোকগীত পৰিবেশন কৰে। ইপিনে “প্ৰমাণ স্পষ্ট : প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক ” এই মন্ত্ৰক সৰোগত কৰি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী উদ্যোগত এই দিৱস উপলক্ষে নগাঁও চহৰত দ্ৰোণাচাৰ্য উচ্চ মাধ্যমিক আৰু কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলে ড্ৰাগছ বিৰোধী সজাগতা ৰেলী উলিয়াই । নগাঁও জিলা সত্ৰ ন্যায়াধীশ বিশ্বজিৎ চক্ৰৱৰ্তীয়ে এই ৰেলী শুভাৰম্ভ কৰে। ইয়াৰ পিছতে বিদ্যালয়খনত অনুষ্ঠিত সজাগতা সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মুনমী নেওগৰ লগতে আইন সেৱা প্ৰাধিকৰণৰ বিষয়া কৰ্মচাৰী ,শিক্ষক ছাত্ৰ -ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ।বক্তা সকলে শিক্ষাৰ্থী সকলক ড্ৰাগছৰ বিৰুদ্ধে সজাগ হবলৈ আহ্বান জনায়। জিলা আইন প্ৰাধিকৰণৰ উদ্যোগত আৰু গ্ৰাম বিকাশ পৰিষদৰ সহযোগত ৰাঙলুত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মুনমী নেওগ , গ্ৰাম বিকাশ পৰিষদৰ মূখ্য উপদেষ্টা চিৰাজউদ্দিন আহমেদ ,সাংবাদিক ঘনকান্ত বৰা আদি বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ নিৰাময় বিভাগৰ উদ্যোগত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভাকক্ষত অবৈধ ড্ৰাগছ ব্যৱসায় বিৰোধী দিৱস পালন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত সভাত চিকিৎসালয়খনৰ মানসিক ৰোগ নিৰাময় বিভাগৰ চিকিৎসক ডা :জিয়াউদ্দিন আহমেদ ,বিষয়া মনিমালা মহন্ত ,গীতামণি বৰুৱা ,অৱনিতা শইকীয়াৰ লগতে বিদ্যালয়খনৰ শিক্ষক,শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰে ।