Home Blog Page 714

মগজুৰ স্বাস্থ্যৰ বাবে উপকাৰী এই ৫টা মাছ! এই ৫টা মাছ খালে নহয় গুৰুতৰ ৰোগ…

মগজু হৈছে শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। এনে পৰিস্থিতিত মগজু সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে আপুনি এই ৫ টা মাছ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। বিজ্ঞানীসকলে কয় যে মাছ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা এক উত্তম খাদ্য, বিশেষকৈ চৰ্বিযুক্ত মাছ। এই মাছবোৰত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে মগজুৰ কাম-কাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মগজু ভালে ৰাখিবলৈ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই সমূহ মাছঃ

মাগুৰ মাছঃ

মাগুৰ মাছত ওমেগা-৩ ইপিএ আৰু ডিএইচএ বেছি থাকে। ১০০ গ্ৰাম মাগুৰ মাছত ৮৯৮ ইপিএ আৰু ১৪০০ ডিএইচএ থাকে। ইয়াৰ ফলত মগজুৰ সকলো অংশই নিজৰ কাৰ্য্য সম্পাদন কৰাত সহায় লাভ কৰে।

চালমন

ছালমনত ওমেগা-৩ ফেটি এচিডৰ লগতে ভিটামিন ডি, ভিটামিন ই আৰু কেইবাটাও বি ভিটামিনৰ উত্তম উৎস। এইখিনি খালে মগজুৱে সঠিকভাৱে কাম কৰাত সহায় কৰে।

চাৰ্ডিন

চাৰ্ডিন হৈছে সৰু মাছ য’ত ওমেগা-৩ ফেটি এচিডৰ পৰিমাণ বেছি। চাৰ্ডিনত প্ৰচুৰ পৰিমাণে এন্টি-ইনফ্লেমেটৰী, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম আৰু জিংক থাকে যাৰ বাবে ই মগজুৰ লগতে হৃদযন্ত্ৰৰ বাবেও উপকাৰী।

টুনা

টুনা আন এক জনপ্ৰিয় মাছ যিয়ে ওমেগা-৩ ফেটি এচিডৰ ভাল উৎস। কিন্তু মন কৰিবলগীয়া যে কিছুমান প্ৰকাৰৰ টুনাত পাৰাৰ পৰিমাণ বেছি হ’ব পাৰে।

বিজ্ঞানীসকলে সপ্তাহত কমেও দুবাৰকৈ চৰ্বিযুক্ত মাছ খোৱাৰ পৰামৰ্শ দিছে।

আজি লোকসভাৰ অধ্যক্ষ নিৰ্বাচন, পুৱা ১১ বজাত অনুষ্ঠিত হ’ব ভোটদান পৰ্ব…

আজি লোকসভাৰ অধ্যক্ষ নিৰ্বাচন।

পুৱা ১১ বজাত অনুষ্ঠিত হ’ব ভোটদান পৰ্ব।

অধ্যক্ষ পদক লৈ সমুখ সমৰত NDA-I.N.D.I.A.।

ওম বিৰলাৰ সন্মুখত কে সুৰেশৰ প্ৰত্যাহ্বান।

লোকসভাত ভংগ হ’ল ৭২ বছৰীয়া পৰম্পৰা।

প্ৰথমবাৰৰ বাবে অধ্যক্ষ পদত হ’ব নিৰ্বাচন।

৫৪৩ সাংসদ বিশিষ্ট লোকসভাত বিজয়ৰ বাবে প্ৰয়োজন ২৭২ টা ভোট।

পিআইবি, গুৱাহাটীৰ উদ্যোগত তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত সংবাদমাধ্যমৰ কৰ্মশালা সম্পন্ন, তিনিখন নতুন ফৌজদাৰী আইন কাৰ্য্যকৰী কৰিবলৈ সাজু হৈ আছে অসম আৰক্ষীঃ ডিজিপি

তিনি নতুন ফৌজদাৰী আইনসম্পৰ্কে সংবাদ মাধ্যমক সজাগ কৰি তোলাৰলক্ষ্যৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰ্মেচনব্যুৰ’, গুৱাহাটীয়ে অসম আৰক্ষীৰ সহযোগত আজি ইয়াত গুৱাহাটীৰ সংবাদ মাধ্যমৰ লোকসকলৰবাবে এখনিমিডিয়া কৰ্মশালা অনুষ্ঠিত কৰে। এই কৰ্মশালাৰ জৰিয়তে সাংবাদিকসকলক তিনি নতুন ফৌজদাৰী আইন ক্ৰমেভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম সম্পৰ্কে সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে। উল্লেখ্য যে আইন তিনিখন ২০২৪ ৰ ১ জুলাইৰ পৰা কাৰ্য্যকৰী হ’ব। এই কৰ্মশালাত অসমৰআৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে মুখ্য অতিথি হিচাপে শোভা-বৰ্ধন কৰে। সংবাদ মাধ্যমক সম্বোধনেৰে তেওঁ কয় যেনতুন আইনকেইখনৰ ৰূপায়ণ এক উল্লেখযোগ্য মুহূৰ্ত আৰু আইনকেইখন কাৰ্য্যকৰীকৰণৰ বাবেঅসম আৰক্ষী সম্পূৰ্ণৰূপে সাজু। ইতিমধ্যে অসম আৰক্ষীৰ প্ৰায় ২০০ গৰাকী বিষয়াই ক্ৰিমিনেল ফৰেনছিক বিজ্ঞানৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে নতুন আইনসমূহৰ প্ৰযোজ্যতা তথা অপৰাধ আৰু ইয়াৰে জড়িত গোচৰসমূহৰ সৈতে মোকাবিলাকৰণৰ সময়ত বিষয়াসকলে কেনেদৰে নিৰীক্ষণ কৰিব লাগে, সেই সম্পৰ্কেতেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰাহৈছে।

কেইমাহমানৰ ভিতৰতে ৫০০ৰো অধিক বিষয়াক প্ৰশিক্ষণ প্ৰদানকৰা হ’ব। শ্ৰী সিঙে আৰু কয় যে এই ফৌজদাৰী আইনসমূহ পৰিৱৰ্তিত সময়ৰ প্ৰয়োজনীয়তা অনুসৰি আপডেট কৰা হৈছে। ইয়াত মুখ্যবক্তা হিচাপে চিআইডি-অসমৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই ফৌজদাৰী আইনসমূহৰ সংস্কাৰ সাধন আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে গভীৰ বিশ্লেষণ আগবঢ়ায়। গুপ্তাই নতুন ফৌজদাৰী আইন সন্দৰ্ভতপ্ৰেজেনটেচন আগবঢ়াইএই তিনি আইনৰ সাল-সলনি সম্পৰ্কে আলোকপাত কৰে। উক্ত কৰ্মশালাত ভাষণ প্ৰদানেৰে শ্ৰী গুপ্তাই কয় যে ফৌজদাৰী আইনকেইখনতব্যাপক সাল-সলনিঘটোৱা হৈছে। এতিয়া মহিলা আৰু শিশুকেপ্ৰমুখ্য কৰি ভুক্তভোগীৰ অধিকাৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। ন্যায়িক ব্যৱস্থাত অধিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে আৰু সামান্য অপৰাধৰ শাস্তি হিচাপে সমাজ সেৱাৰ প্ৰৱৰ্তন কৰা হৈছে বুলিও তেওঁ লগতে কয়। তেওঁ আৰু কয় যে এই তিনি আইনে শাস্তিতকৈ ন্যায় প্ৰদানত গুৰুত্ব আৰোপ কৰিব আৰু ইয়াৰ লক্ষ্য হৈছে ক্ষীপ্ৰ ন্যায় প্ৰদান।শ্ৰী গুপ্তাই উল্লেখ কৰে যে এই আইনসমূহে ন্যায় প্ৰক্ৰিয়াক চাপ-মুক্ত কৰি তুলিব। ইয়াত ডিজিটেল প্ৰমাণক‘ফিজিকেল’ প্ৰমাণৰ সমতুল্য কৰা হৈছে। তেওঁ আৰু কয় যে এতিয়া ভিডিঅ’ৰ ক্লাউড ষ্ট’ৰেজক এক প্ৰাথমিক প্ৰমাণ হিচাপে গণ্য কৰা হ’ব।ইয়াত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰউত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্ৰধান কে. সতীশ নাম্বুদিৰিপাদে আদৰণি ভাষণ প্ৰদানেৰেফৌজদাৰী ন্যায় ব্যৱস্থাৰ দৰ্শন আৰু দৃষ্টিভংগী কিদৰে সলনি হৈছে আৰু এতিয়া জনসাধাৰণৰ অৰ্থে ফৌজদাৰী ন্যায় ব্যৱস্থা কিদৰে অধিক সুলভ হৈ উঠিব, সেই বিষয়ে আলোচনা কৰে। তেওঁ চৌপাশে ঘটি থকা পৰিঘটনাসমূহ বুজিবলৈ আৰু বিবেচনা কৰিবলৈ সামগ্ৰিকভাৱে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সাংবাদিকসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে আলোকপাত কৰে।

তেওঁ সকলো অংশীদাৰৰ সৈতে চৰকাৰে গ্ৰহণ কৰা যথাযথ পৰামৰ্শমূলক প্ৰক্ৰিয়া সম্পৰ্কে ব্যক্ত কৰে।উল্লেখযোগ্য যে এনে মিডিয়া কৰ্মশালাৰ উপৰিও আইন আৰু ন্যায় মন্ত্ৰালয়ে ১৮ আৰু ১৯ মে’ত গুৱাহাটীত এখনিকৰ্মশালা অনুষ্ঠিত কৰিছিল।ভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰা এই কৰ্মশালাত মত-বিনিময়কাৰ্য্যসূচী আৰু নতুন আইনসমূহৰ ব্যৱহাৰিক প্ৰয়োগ সম্পৰ্কে স্পষ্টীকৰণ শিতান অনুষ্ঠিত হয়। পিআইবিৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰীমতী জেন নামচুৱে প্ৰশ্নোত্তৰ শিতানৰ আঁত ধৰে।এই কৰ্মশালাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, অসম আৰক্ষীৰ বিষয়া-বৰ্গ আৰু বিভিন্ন বিশিষ্ট সংবাদ গোষ্ঠীৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

খোল খালে শক্তিপীঠ কামাখ্যাৰ দুৱাৰ, মাৰ আশিস ল’বলৈ ভক্ত, সাধু-সন্ন্যাসীৰ ভিৰ…

নিবৃত্তিৰ লগে লগে খোল খালে শক্তিপীঠ কামাখ্যাৰ দুৱাৰ।

মঙলবাৰে নিশা ৯ বাজি ৫ মিনিটত হয় অম্বুবাচীৰ নিবৃত্তি।

আজি খোল খালে শক্তিপীঠ কামাখ্যাৰ দুৱাৰ।

মা কামাখ্যাত ভক্ত, সাধু-সন্ন্যাসীৰ ভিৰ।

কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই।

জল্পনা-কল্পনাৰ মাজতে অৱশেষত ইণ্ডিয়া এলায়েন্সে ৰাহুল গান্ধীক লোকসভাত বিৰোধী নেতা হিচাপে নিৰ্বাচিত কৰিলে।

সকলো জল্পনা-কল্পনাৰ মাজতে অৱশেষত ইণ্ডিয়া এলায়েন্সে ৰাহুল গান্ধীক লোকসভাত বিৰোধী নেতা হিচাপে নিৰ্বাচিত কৰিলে। লোকসভাৰ অধ্যক্ষ নিৰ্বাচনৰ মাত্ৰ এদিন পূৰ্বে ভাৰত মিত্ৰজোঁটৰ বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এনেদৰে আগন্তুক পাঁচ বছৰৰ বাবে সংসদত ৰাহুল গান্ধী বনাম প্ৰধানমন্ত্ৰী মোদীৰ দবাবোৰ্ড বিছাৰিছে। শেহতীয়া নিৰ্বাচনৰ ফলাফলৰ পিছত কংগ্ৰেছৰ মনোবল উচ্চ। এনে পৰিস্থিতিত ৰাহুল গান্ধীৰ লোকসভাত বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাটোও তেওঁৰ ৰাজনৈতিক জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ইতিমধ্যে এই সময় সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

বিৰোধী দলনেতা হ’বলৈ মুঠ ১০ শতাংশ আসন লাভ কৰিব লাগে। অর্থাৎ ৫৫ জন সাংসদৰ প্ৰয়োজন হয়া ২০১৪ চনৰ লোকসভা নির্বাচন আৰু ২০১৯ ৰ লোকসভা নির্বাচনত সেই সংখ্যা চুব পৰা নাছিল কংগ্ৰেছ দলো এইবাৰ কংগ্ৰেছৰ উত্থান হৈছে। কংগ্ৰেছৰ হাতলৈ আহিছে ৯৯ জন সাংসদ। লগত আছে ইণ্ডিয়া জোঁটা

সেয়ে এইবাৰ বিৰোধী দলনেতা পদত ৰাহুলক বহুৱাইছে কংগ্ৰেছে। বিগত ৯ জুনত কংগ্রেছ কর্মকর্তাসকলে বৈঠক অনুষ্ঠিত কৰি ৰাহুলক বিৰোধী দলপতি পাতো এই প্ৰস্তাৱ কাহানিবাই গ্ৰহণ কৰা হৈছিল যদিও ৰাহুলে মানি নোলোৱাৰ বাবেই ঘোষণা কৰিব পৰা নাছিল ইণ্ডিয়া জোঁটো স্পিকাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক কে ছি বেণুগোপালে আনুষ্ঠানিক ভাৱে কয়, ‘ৰাহুলেই বিৰোধী দলনেতা হ’বা প্রায় ৩ দশক সক্রিয় ৰাজনীতিত আছে কংগ্ৰেছ ৰাজপুত্ৰা ইয়াৰ পূৰ্বে দলৰ সভাপতিও হৈছে।

প্ৰিয়া কুমাৰী চাহুৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কি স্থান লাভ কৰিলে !

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ সদ্য ঘোষিত স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰিয়া কুমাৰী চাহুয়ে বিশেষ সফলতা লাভ কৰিছে । উল্লেখযোগ্য যে ,২০২৪ বৰ্ষৰ  ডিব্ৰুগড় বিশ্ববিদ্যালয় অধীনৰ স্নাতক চূড়ান্ত পৰীক্ষাত চিলাপথাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী প্ৰিয়া কুমাৰী চাহুয়ে বিশ্ববিদ্যালয়ৰ ভিতৰতে  প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

কুলামুৱা নিৱাসী মনোজ চাহু আৰু গীতা চাহুৰ তৃতীয় কন্যা প্ৰিয়াই 88.60 শতাংশ (8.76)নম্বৰ সহ বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম স্হান লাভ কৰি প্ৰিয়া কুমাৰীয়ে নিজৰ পৰিয়াল-আত্মীয়ৰ লগতে ৰাজনীতি বিজ্ঞান বিভাগ, চিলাপথাৰ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালক উৎফুল্লিত কৰি তুলিছে।

ইফালে ছাত্ৰী গৰাকীৰ এই সফলতাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লক্ষীনাথ পেগু, পৰিচালনা সমিতিৰ সভাপতি তথা চিলাপথাৰ মহাবিদ্যালয়ৰ  ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা নবীন চন্দ্ৰ কাৰ্দং , ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপিকা মধুস্মিতা দেৱী, বিভাগীয় অধ্যাপিকা দেৱীনা পামেগাম পেগু,মনিকা দলে আদিয়ে অভিনন্দন জনোৱাৰ লগতে এই ধাৰা অটুট ৰাখি আগবাঢ়ি যাবলৈ ছাত্ৰীগৰাকীক পৰামৰ্শ আগবঢ়ায়। ইফালে সমগ্ৰ চিলাপথাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰী গৰাকীৰ এই সাফল্যত বিভিন্ন দল-সংগঠন, বিশিষ্ট ব্যক্তি আদিয়ে অভিনন্দন জ্ঞাপন কৰিছে ।

কোকৰাঝাৰত দিন দুপৰতে চিলনী চোৰে থপিয়াই নিলে জীৱন বীমা নিগমৰ ৩৪ লাখ টকা

কোকৰাঝাৰ ২০ জুন :- কোকৰাঝাৰত অৱনতি ঘটিছে আইন শৃংখলাজনিত পৰিস্থিতিৰ। যোৱা ৭২ ঘণ্টাত দুটাকৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ লগতে আজি সদৰ চহৰৰ মাজমজিয়াৰ পৰা চিলনী চোৰে ৩৪ লাখ টকা কাঢ়ি নিয়া ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


উল্লেখ্য যে আজি১১ মান বজাত জীৱন বীমা নিগমৰ গ্ৰাহকৰ সংগ্ৰহিত ধন ৩৪ লাখ টকা ভেণ্ডৰে সংগ্ৰহ কৰি কোকৰাঝাৰৰ এক্সিছ বেংকত জমা দিবলৈ আহিছিল। চি চি ফুটেজত প্ৰত্যক্ষ কৰা অনুসৰি কিনকিনীয়া বৰষুণ থকাৰ বাবে ভেণ্ডৰৰ কৰ্মচাৰীয়ে টকাৰ বেগ আৰু ছাতি লৈ এক্সিছ বেংকৰ কাষত গাড়ীৰ পৰা নামি পৰে । গাড়ীৰ পৰা নামি টকাৰ বেগ লৈ এক্সিছ বেংকলৈ যাওঁতেই মটৰচাইকেলত অহা হেলমেট পৰিহিত দুই দুৰ্ষ্কৃতিকাৰীয়ে থাপ মাৰি টকাৰ বেগ লৈ তীব্ৰ বেগে উধাও হয় । উক্ত বেগত ৩৪ লাখ টকা আছিল বুলি জানিব পৰা গৈছে ।


উল্লেখ্য যে অতি অসাৱধানতাৰ বাবে চিলনী চোৰে ৩৪ লাখকৈ টকা লুটিবলৈ সক্ষম হয় বুলি চৰ্চিত হৈছে। গাড়ীৰ ভিতৰত নিৰাপত্তাৰক্ষী আছিল যদিও গাড়ীৰ পৰা নমা নাছিল বুলি অভিযোগ উঠিছে । চি চি ফুটেজত অকল এগৰাকী ব্যাক্তিয়ে বৰষুণৰ মাজত ছাতি লৈ টকাৰ বেগ লৈ খোজকাঢ়ি থকা দেখা গৈছে।এক্সিছ বেংকৰ প্ৰায় সন্মুখৰ পৰাই টকাৰ বেগ কাঢ়ি দুই চিলনী চোৰ উধাও হোৱাৰ পিছত হাহাকাৰ লাগে যদিও জীৱন বীমা নিগমে যদিও এই সন্দৰ্ভত কোনো ধৰণৰ তথ্য সংবাদমাধ্যমৰ আগত সদৰি কৰা নাই । ইপিনে আৰক্ষীয়ে টকা কঢ়িয়াই নিয়া গাড়ীৰ চালক আৰু ভেণ্ডৰৰ কৰ্মচাৰীক সোধপোছৰ বাবে আটক কৰিছে আৰু পলাতক দুই মুল দুৰ্ষ্কৃতিকাৰী সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।


ইপিনে দিন দুপৰতে কোকৰাঝাৰ সদৰ চহৰৰ জে ডি পথৰ দৰে ব্যস্ত পথৰ পৰা দুৰ্ষ্কৃতিকাৰীয়ে টকাৰ বেগ কাঢ়ি নিয়াক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ।

কোন হ’ব বিজেপিৰ সভাপতি !

ডিচেম্বৰত নিযুক্ত হ’ব বিজেপিৰ নতুন অধ্যক্ষঃ আগষ্টৰ পৰাই আৰম্ভ হ’ব প্ৰক্ৰিয়া
দলীয় সূত্ৰ অনুসৰি অহা ১ আগষ্টৰ পৰা সভাপতি পদৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ বাবে প্ৰথমে সদস্যভৰ্তি অভিযান চলোৱা হ’ব আৰু ১৫ ছেপ্টেম্বৰলৈকে এই অভিযান অব্যাহত থাকিব। ইয়াৰ পিছত ১৬ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সক্ৰিয় সদস্যভৰ্তি অভিযান চলাব বিজেপিয়ে।

ডিচেম্বৰত নিযুক্ত হ’ব বিজেপিৰ নতুন অধ্যক্ষঃ আগষ্টৰ পৰাই আৰম্ভ হ’ব প্ৰক্ৰিয়া, কোন হ’ব বিজেপিৰ সভাপতি !
চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি। ইয়াৰ বাবে অহা ১ আগষ্টৰ পৰাই আৰম্ভ হ’ব নিৰ্বাচনী প্ৰক্ৰিয়া। ইফালে ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ পূৰ্বে ব্যাপক সদস্যভৰ্তি অভিযান চলোৱা হ’ব বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে জিলা আৰু ৰাজ্যিক ইউনিটসমূহো শক্তিশালী কৰি তোলাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। উল্লেখ্য যে ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ কাৰ্যকাল ইতিমধ্যে অন্ত পৰিছে। অৱশ্যে শেহতীয়াকৈ তেওঁৰ কাৰ্যকাল ২০২৪ চনৰ জুন মাহলৈকে বৃদ্ধি কৰা হৈছে। লক্ষণীয়ভাৱে নতুন কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটতো স্থান দিয়া হৈছে নড্ডাক।

এনে পৰিস্থিতিত বিজেপিয়ে নতুন সভাপতিৰ সন্ধান চলাইছে। এই উপলক্ষে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে দলটোৱে। দলীয় সূত্ৰ অনুসৰি অহা ১ আগষ্টৰ পৰা সভাপতি পদৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ বাবে প্ৰথমে সদস্যভৰ্তি অভিযান চলোৱা হ’ব আৰু ১৫ ছেপ্টেম্বৰলৈকে এই অভিযান অব্যাহত থাকিব।

ইয়াৰ পিছত ১৬ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সক্ৰিয় সদস্যভৰ্তি অভিযান চলাব বিজেপিয়ে। সক্ৰিয় সদস্যপদ অভিযানৰ পৰীক্ষণ ১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈকে কৰা হ’ব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। ইফালে ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ বিজেপিয়ে মণ্ডল সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে ১৬ নৱেম্বৰৰ পৰা ৪০ নৱেম্বৰলৈ জিলা সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। বিজেপিৰ সূত্ৰ অনুসৰি মণ্ডল সভাপতি আৰু জিলা সভাপতি নিৰ্বাচনৰ পিছতহে ৰাজ্যিক সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। বিজেপি মণ্ডল সভাপতি আৰু জিলা সভাপতি নিৰ্বাচনৰ পিছত ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাজ্যিক সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া।

সূত্ৰ অনুসৰি ৫০ শতাংশ ৰাজ্যত ৰাজ্যিক সভাপতিৰ নিৰ্বাচন সম্পূৰ্ণ হ’লেহে ৰাষ্ট্ৰীয় সভাপতি আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হ’ব। তেতিয়ালৈকে জে পি নড্ডাই সভাপতি হিচাপে দায়িত্ব পালন কৰি থাকিব বুলি ইতিপূৰ্বে দলীয় এক সূত্ৰই প্ৰকাশ কৰিছিল। চাৰি বছৰতকৈ অধিক সময় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে দায়িত্বত আছে নড্ডা।

নড্ডাৰ কাৰ্যকাল জানুৱাৰী মাহতে শেষ হৈছিল যদিও লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তেওঁৰ কাৰ্যকাল পুনৰ ছমাহৰ বাবে বৃদ্ধি কৰা হৈছিল। সেই অনুসৰি চলিত মাহৰ শেষৰ ফালে জে পি নড্ডাৰ কাৰ্যকাল শেষ হ’ব লাগিছিল। কিন্তু নতুন সভাপতি নিযুক্তি নোহোৱা পৰ্যন্ত তেওঁ এতিয়া কেন্দ্ৰীয় মন্ত্ৰালয়ৰ লগতে দলৰ কাম-কাজ চোৱাচিতা কৰি থাকিব।

উল্লেখ্য যে জে পি নড্ডাৰ উপৰিও ভূপেন্দ্ৰ যাদৱ, শিৱৰাজ সিং চৌহান, ধৰ্মেন্দ্ৰ প্ৰধানকে ধৰি আন বহু জ্যেষ্ঠ নেতায়ো মোদী নেতৃত্বাধীন নতুন চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। এনে পৰিস্থিতিত দলটোৱে এতিয়া নতুন মুখ এখনত বিজেপিৰ অধ্যক্ষ পদত নিয়োগ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী মোদীৰ নতুন মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত নোহোৱা একাংশ প্ৰাক্তন মন্ত্ৰীকো দলত গুৰুত্বপূৰ্ণ ভূমিকা দিয়াৰ সম্ভাৱনা আছে।

গেৰুকামুখত ভয়ংকৰ ভূমিস্খলনঃ এন এইচ পি চিৰ শক্তিগৃহত পাহাৰ খহি হোৰাহোৰে সোমাইছে বোকা পানী

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ২৫ জুনঃ পুনৰ ভূমিস্খলনত বিধ্বস্ত হৈছে এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা  ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা বুলি দম্ভালী মৰা এন এইচ পি চিৰ দৰ্প চূৰ্ণ কৰি পুনৰ সোৱণশিৰি নদীয়ে আজি প্ৰকল্পটোৰ শক্তিগৃহত চলালে ধ্বংসলীলা  ৷ 

পুনৰ খহি পৰিল ভংগুৰ গেৰুকামুখ পাহাৰ ৷ খহি পৰিল প্ৰকল্পটোৰ শক্তিগৃহৰ বাবে নিৰ্মাণ কৰা সুৰক্ষা বান্ধ ৷  এন এইচ পি চিৰ তথাকথিত শক্তিশালী নিৰ্মাণ শৈলীক উপহাস কৰি নিজৰ স্বাভিমান  আৰু শক্তিক পুনৰ প্ৰমাণ কৰিলে সোৱণশিৰি নদীয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি আজি এসপ্তাহৰ পৰা অৰুণাচল প্ৰদেশৰ পাহাৰ আৰু ইযাৰ দাঁতিকাষৰীয়া অঞ্চলত মজলীয়া ধৰণৰ বৰষুণ দি আছিল ৷ ফলত সোৱণশিৰি নদীপৃষ্ঠ  ফেনেফুটুকাৰে উপন্দি উঠিছিল ৷ আজি পুৱাৰ পৰা নদীখনে ভয়ানক ধৰণে  নদীখনৰ প্ৰকল্পস্থলীৰ সোঁৱে-বাঁৱে থকা দুয়োপাৰৰ পাহাৰত প্ৰচণ্ড হেঁচাৰ সৃষ্টি কৰিছিল আৰু  ভূমিস্খলন হ’বলৈ আৰম্ভ হৈছিল  ৷  আজি দুপৰীয়া ভূমিস্খলনে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ 

ভূমিস্খলনে  প্ৰকল্লটোৰ সোঁপাৰৰ পাহাৰত থকা শক্তিগৃহৰ সুৰক্ষা বান্ধ খহাই নিয়ে আৰু লগে লগে শক্তিগৃহলৈ বোকাময় পানী হোৰাহোৰে  সোমাবলৈ ধৰে ৷ এন এইচ পি চিয়ে ভূমিস্খলন প্ৰতিৰোধকৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও  এই বাতৰি লিখা পৰ্যন্ত প্ৰতিৰোধ কৰিব পৰা নাই ৷ ভূমিস্খলনৰ   ঘটনাটো সংঘটিত হৈছে  সোৱণশিৰি নদীৰ সোঁপাৰৰ গেৰুকামুখ  পাহাৰৰ মূল বান্ধৰ এক-দুই মিটাৰ  নিলগৰ নামনিত আৰু ঠিক প্ৰকল্পটোৰ শক্তিগৃহৰ  ওপৰত ভয়ংকৰভাৱে ফাট মেলি থকা পাহাৰত ৷

ভূমিস্খলনৰ ফলত প্ৰকল্পটোৰ শক্তিগৃহৰ ব্যাপকভাৱে ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷ ভূমিস্খলনে এন এইচ পি চিৰ বিষয়া-কৰ্মচাৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ যিকোনো মূহুৰ্তত মূল বান্ধত অনাকাংক্ষিত পৰিস্থিতিৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে এন এইচ পি চিৰ বিষয়া-কৰ্মচাৰীশকল ৷  উল্লেখনীয় যে, ইয়াৰ পূৰ্বেও সোৱণশিৰি নদীৰ ৰুদ্ৰ ৰূপত এন এইচ পি চিৰ দ্বাৰা নিৰ্মিত  নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বহুবাৰ বিধ্বস্ত হৈছিল ৷ যিটোৰভাৱে এন এইচ পি চিয়ে প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ গৈ এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া হৈ আহিছে ৷ গেৰুকামুখ পাহাৰত ভূমিস্খলনৰ ঘটনাই সোৱণশিৰি পৰীয়া জনসাধাৰণকো আতংকিত কৰি তুলিছে ৷

ধনীলোকৰ ওপৰত অত্যধিক কৰ আৰোপৰ পক্ষত বিশ্বৰ ৬৮শতাংশ লোক! সমীক্ষাত অংশগ্ৰহণ কৰা ১৭ খন জি-২০ দেশৰ…

জি-২০ৰ ১৭ খন দেশত কৰা এক সমীক্ষাত প্ৰকাশ পাইছে যে অৰ্থনীতি আৰু জীৱন শৈলীৰ বৃহৎ পৰিৱৰ্তনৰ বাবে ধন আগবঢ়োৱাৰ মাধ্যম হিচাপে ধনীলোক সকলে নিজৰ সম্পত্তিৰ ওপৰত অধিককৰ আদায় দিয়া নীতি প্ৰস্তাৱটোক গৰিষ্ঠ সংখ্যক প্ৰাপ্ত বয়স্কই (৬৮শতাংশ) সমৰ্থন কৰে।এক বিবৃতি অনুসৰি জলবায়ু পৰিৱৰ্তন আৰু প্ৰকৃতি সুৰক্ষাৰ বিষয়ে চিন্তা কৰাৰ সময়ত সমীক্ষাত অংশগ্ৰহণ কৰা ১৮ খন জি-২০ দেশৰ ৭১ শতাংশ লোকে বিশ্বাস কৰে যে কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ তৎক্ষণাত অহা দশকৰ ভিতৰত বৃহৎ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন।Earth4All আৰুগ্ল’ বেলকমনছ এলায়েন্সৰ নিৰ্দেশত কৰা এই সমীক্ষাত জি-২০ৰ ১৮ খন দেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ সমৰ্থনৰ সন্ধান কৰা হৈছে।অধিক কাৰ্বনকৰ, আয়ৰ ওপৰত অধিক প্ৰগতিশীল কৰ আৰু অৰ্থনীতি আৰু জীৱনশৈলীৰ ডাঙৰ পৰিৱৰ্তনৰ আৰু পুঁজিৰ বাবে বৃহৎ ব্যৱসায়ীসকলৰ বাবে অধিক কৰ হাৰেও সমীক্ষাত অংশগ্ৰহণ কৰা ১৭ খন জি-২০ দেশৰ সংখ্যা গৰিষ্ঠতাৰ পৰা সমৰ্থন লাভ কৰে।

বিবৃতিটোত আৰু কোৱা হৈছে যে জনসাধাৰণে ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ বিচাৰে।সমীক্ষাত অংশগ্ৰহণ কৰা ১৭ খন জি-২০ দেশৰ প্ৰতি তিনিজন লোকৰ ভিতৰত দুজনে (৬৮শতাংশ) এই কথাত একমত হৈছিল যে অৰ্থনীতিৰ কাম-কাজৰ ধৰণত কেৱল লাভ আৰু সম্পদ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়াতকৈ মানুহ আৰু প্ৰকৃতিৰ স্বাস্থ্য আৰু মংগলক অগ্ৰাধিকাৰ দিয়া উচিত। ইপছ’ছে (Ipsos) কৰা সমীক্ষা অনুসৰি ৭০ শতাংশই ধনীলোকৰ ওপৰত আয়কৰ অধিক হাৰ দিয়াৰ সমৰ্থন কৰে আৰু ৬৯ শতাংশই বৃহৎ ব্যৱসায়ৰ ওপৰত অধিক কৰ হাৰ দিয়াৰ পক্ষপাতী। ধনীলোকৰ ওপৰত সম্পদ কৰ লোৱাৰ সমৰ্থন ইণ্ডোনেছিয়া (৮৬%), তুৰস্ক (৭৮%), গ্ৰেট ব্ৰিটেইন (৭৭%) আৰু ভাৰত (৭৪%)ত সৰ্বাধিক আছিল।চৌদি আৰব (৫৪%), আৰু আৰ্জেণ্টিনা (৫৪%)ত সমৰ্থন আটাইতকৈ কম আছিল।

আমেৰিকা, ফ্ৰান্স আৰু জাৰ্মানীত সমীক্ষাত অংশগ্ৰহণ কৰা প্ৰতি তিনিজনৰ ভিতৰত প্ৰায় দুজনে ধনীলোকৰ ওপৰত সম্পদকৰ লোৱাৰ সমৰ্থন কৰে (ক্ৰমে৬৭%, ৬৭% আৰু৬৮%)।জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক সুৰক্ষাৰ বিষয়ে সমীক্ষাত অংশগ্ৰহণ কৰা ১৮ খন জি-২০দেশৰ ৭১% নাগৰিকে বিশ্বাস কৰে যে বিশ্বই তৎক্ষণাত, এটা দশকৰ ভিতৰত বিদ্যুৎ, পৰিবহণ, খাদ্য, উদ্যোগ আৰু অট্টালিকাৰ পৰা কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন।”এই বিশ্বাস জৰীপ কৰা মেক্সিকান সকল ৯১%, দক্ষিণ আফ্ৰিকাৰ৮৩% আৰু ব্ৰাজিলৰ৮১%লৈ বৃদ্ধি পাইছে। এই বিশ্বাস আটাইতকৈ কম–কিন্তু এতিয়াও উত্তৰ দাতাৰ আধাতকৈও অধিক–চৌদি আৰব (৫২%), জাপান (৫৩%), আমেৰিকা (৬২%) আৰু ইটালী (৬২%),”বিবৃতিটোত প্ৰকাশ পাইছে।

২০২৪ চনৰ জুলাই মাহত ব্ৰাজিলত আমেৰিকা, চীন, ভাৰতকে ধৰি জি-২০দেশৰ বিত্তমন্ত্ৰী সকলৰ বৈঠক অনুষ্ঠিতহ’ব।প্ৰথমবাৰৰ বাবে এই ৰাষ্ট্ৰসমূহে অৰ্থনৈতিক আৰু পৰিৱেশগত প্ৰত্যাহ্বান সমূহৰ সৈতে মোকাবিলা কৰাৰ কৌশলৰ ওপৰত আলোচনা কৰাৰ সময়তে সম্পদকৰ কাৰ্যসূচীত আছে।আৰ্থ৪অল পদক্ষেপৰ সহ-নেতা ওৱেনগাফনী য়ে কয়, “ৰাজনীতিবিদ সকললৈ দিয়া বাৰ্তা ইয়াতকৈ স্পষ্ট হ’ব নোৱাৰে।বিশ্বৰ বৃহত্তম অৰ্থনীতি সমূহৰ আমি জৰীপ কৰা বিপুল সংখ্যক লোকে বিশ্বাসক ৰে যে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা আৰু প্ৰাকৃতিক সুৰক্ষাৰ বাবে এই দশকত বৃহৎ তাৎক্ষণিক ব্যৱস্থাৰ প্ৰয়োজন।”