Home Blog Page 714

ৰাজ্যৰ প্ৰতিজন কাৰ্যবাহী অভিযন্তাৰ পৰা বান-খহনীয়াৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ মন্ত্ৰী পীযুষ হাজৰীকাৰ

দিছপুৰ, ৮ জুলাই: অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ত বিভাগীয় মুখ্য অভিযন্তাৰ উপস্থিতিত ৰাজ্যখনৰ প্ৰতিটো বিভাগীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ পৰা টেলিফোনযোগে ৰাজ্যৰ সাম্প্ৰতিক বান-খহনীয়া পৰিস্থিতিৰ বুজ লয় | বিভাগে বিভিন্ন জিলাত কৰি থকা জৰুৰীকালীন বান-খহনীয়াৰোধৰ কামসমূহৰ খতিয়ান লৈ মন্ত্ৰী হাজৰীকাই সকলো অভিযন্তাক নিৰন্তৰ কামত লাগি থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰে |

শেহতীয়া বানে ৰাজ্যখনৰ কেইবাটাও স্থানত জলসম্পদ বিভাগ আৰু আন বিভাগৰ অধীনত থকা মথাউৰি ছিঙাৰ লগতে ক্ষতিগ্ৰস্ত কৰিছিল | মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাৰ পৰা মথাউৰি পুনৰনিৰ্মাণ আৰু মেৰামতিৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে যিমান সম্ভৱ সোনকালে ছিগা অংশসমূহ মেৰামতি সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে | আনহাতে নৈৰ পানী হ্ৰাস হোৱাৰ লগে লগে বৃদ্ধি পোৱা খহনীয়া ৰোধৰ বাবেও বিভাগক সম্পূৰ্ণ সষ্টম হৈ থাকি কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে |

সাধাৰণ জনতাই খহনীয়াৰ সমস্যাৰ পৰা সকাহ পাবৰ বাবে সম্ভৱপৰ সকলো কাম কৰিবলৈ বিভাগীয় অভিযন্তাক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে | এই ক্ষেত্ৰত জৰুৰীকালীনভাৱে প্ৰয়োজন হোৱা পৰ্কুপাইন, বালিৰ বেগ, জিঅ’ বেগ আদি পৰ্যাপ্ত পৰিমাণে মজুত ৰখাৰ ক্ষেত্ৰতো জলসম্পদ মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে আৰু প্ৰয়োজন অনুসৰি সকলো জিলাতে এই সামগ্ৰীসমূহ মজুত ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰে |

উল্লেখ্য যে জলসম্পদ বিভাগৰ অভিযন্তা-কৰ্মচাৰীসকলে বিগত সময়ত দিনে ৰাতিয়ে কাম কৰি বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ কামত ব্যস্ত হৈ আছে | মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তা-কৰ্মচাৰীসকলৰ এই প্ৰয়াসৰ শলাগ লৈ সকলোকে সাধাৰণ জনগণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ কথা মনত ৰাখি সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায় | আনহাতে আজিয়ে মন্ত্ৰী হাজৰীকাই বিভাগীয় মুখ্য অভিযন্তা আৰু বিভাগীয় অভিযন্তাসকলৰ সৈতে আলোচনাৰ অন্তত প্ৰাথমিকতা অনুসৰি ৰাজ্যখনত এই বৰ্ষত নিৰ্মাণ হ’ব লগা মুঠ ২০৬ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰিৰ অনুমোদন জনায় | নতুনকৈ নিৰ্মাণ হ’ব লগা মথাউৰিসমূহৰ কামসমূহো যাতে ভালদৰে হয় তাৰ প্ৰতি সষ্টম হৈ থাকি কাম কৰিবলৈও জলসম্পদ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে | মন্ত্ৰীগৰাকীয়ে লগতে মুখ্য অভিযন্তাক যি সমূহ নৈৰ বান নিয়ন্ত্ৰণৰ সমাধান উলিয়াবলৈ আই আই টি ক অধ্যয়নৰ বাবে দায়িত্ব দিয়া হৈছে সেয়া সময়মতে সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে |

কল্যাণী মহিলা মঞ্চ, নগাঁও কলামন্দিৰৰ উদ্যোগত ফৌজদাৰীপট্টিত বঁটা প্ৰদান অনুষ্ঠান

নগাঁও, ৮ জুলাই : উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতা লাভ কৰা ফৌজদাৰী পট্টিৰ কৃতি শিক্ষাৰ্থীসকলক কালি কল্যাণী মহিলা মঞ্চ, নগাঁও কলামন্দিৰৰ উদ্যোগত ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জনোৱা হয়। এই উদ্দেশ্যে বিয়লি ফৌজদাৰীপট্টিৰ কলা মন্দিৰত আয়োজিত এই বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই ।

বৰাই ভাষণত শৈক্ষিক ক্ষেত্ৰত নগঞা জনসাধাৰণৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে ৷ অনুষ্ঠানত অংশলৈ লেখক, সাংবাদিক গুৰমাইল সিং, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী ড° ত্ৰিৱেণী শইকীয়া আৰু মিনু শইকীয়াই শিক্ষাৰ্থীসকলৰ উপযোগীকৈ সাৰুৱা বক্তব্য আগবঢ়াই ৷ উক্ত অনুষ্ঠানত, ললিত দত্তৰ পৰিয়ালে প্ৰয়াত ৰুমা দত্তৰ সোঁৱৰণীত শৈক্ষিক বঁটা আৰু মিনু শইকীয়াৰ পৰিয়ালে প্ৰয়াত অৰ্পন শইকীয়াৰ সোঁৱৰণীত তিনিটাকৈ বঁটা আগবঢ়ায ৷ এই বঁটাত আছে নগদ ধন আৰু মানপত্ৰ ।

ড° ৰুৱা ফুকনে আঁতধৰা এই অনুষ্ঠানত নিলাক্ষী চেতিয়াই কবিতা পাঠ কৰাৰ লগতে কণমানি নিশিগন্ধাই বিহু নৃত্য, গৌৰৱ তামুলীৰ বাঁহী বাদন আৰু নমনজিত সিঙে পীযানু বাদন পৰিৱেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ অনুষ্ঠানটোত লখিমী বৰা, ডলী বৰা, ললিত দত্ত, তিলেশ্বৰ বৰা, ৰাণু বৰাৰ লগতে ফৌজদাৰী পট্টিৰ ভালেসংখ্যক গন্য মান্য ব্যক্তি উপস্থিত থাকে ৷

৪১ বছৰৰ পিচত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়া ভ্ৰমণ কৰিবঃ ৰাছিয়াৰ পিচত অষ্ট্ৰিয়ালৈ যাব প্ৰধানমন্ত্ৰী মোদী…

৮ জুলাইৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিব।এই ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰিব।ৰাছিয়া ভ্ৰমণৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে ৯জুলাইত অষ্ট্ৰিয়া ভ্ৰমণ কৰিব।তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদী হ’ব প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী যিয়ে ৪১ বছৰৰ অন্তত অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰিয়াৰ চেন্সেলৰৰ আমন্ত্ৰণ ৰক্ষা কৰি এই দুদিনীয়া ভ্ৰমণ কৰিব।এয়া প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ হ’ব। বৈদেশিক সচিব বিনয় কোৱা ট্ৰাই কয় যে এই সময়ছোৱাত তেওঁ অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰিব।

তেওঁ দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা কৰিব। এই সন্দৰ্ভত দুয়োখন দেশৰ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতেও তেওঁ বৈঠকত মিলিত হ’ব। একে সময়তে প্ৰধানমন্ত্ৰী মোদীৰ অষ্ট্ৰিয়া ভ্ৰমণ সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ সচিব তথা ৰাষ্ট্ৰদূত পৱন কাপুৰে কয় যে অষ্ট্ৰিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক যথেষ্ট শক্তিশালী হৈ আছে। এইবাৰ ভাৰতৰ মনোযোগ উদ্ভাৱন আৰু প্ৰযুক্তিৰ ওপৰত অধিক হ’ব। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭১ আৰু ১৯৮৩ চনত অষ্ট্ৰিয়া ভ্ৰমণ কৰিছিল। একে সময়তে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱেও ১৯৫৫ চনত দেশখন ভ্ৰমণ কৰিছিল।১৯৯৯ চনৰ নৱেম্বৰ মাহত, তদানীন্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনে অষ্ট্ৰিয়ালৈ তেওঁৰ প্ৰথম ৰাজ্যিক ভ্ৰমণ কৰে আৰু তাৰ পিচত ২০১১ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলেও দেশখন ভ্ৰমণ কৰিছিল।

মণিপুৰত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীঃ মেইটেই সাহায্য শিবিৰ পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় ৰাহুল গান্ধীৰ…

সোমবাৰে অসমত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷শিলচৰত উপস্থিত হোৱাৰ পাচতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ লগতে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰামইব’ বিসিং আৰু মণিপুৰৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘ চন্দ্ৰই আদৰণি জনায় ৰাহুল গান্ধীক৷চলিত বানত ৰাজ্যবাসীয়ে সন্মুখীন হোৱা দুৰ্যোগপূৰ্ণ অৱস্থাৰ লগতে ক্ষয়-ক্ষতি সম্বন্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেনবৰা সমন্বিতে কেবাগৰাকীও নেতাই ৰাহুল গান্ধীক এক প্ৰতিবেদন দাখিল কৰে৷ পুৱা ৯.১৫ বজাত শিলচৰ কুম্ভীৰ গ্ৰাম বিমান বন্দৰৰ পৰা পোনেপোনে লক্ষীপুৰৰ ফুলেৰতল আশ্ৰয় শিবিৰপ ৰিদৰ্শন কৰিবলৈ যায় ৰাহুল গান্ধী৷ তাৰপৰা পুনৰ মণিপুৰ ৰজিৰিবাম জিলা অভিমুখে ৰাওনা হয় ৰাহুল।

জিৰিবামত গৈ যোৱা জুন মাহত হোৱা হিংসাত্মক ঘটনাৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় আৰু আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰি মত বিনিময় কৰে লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে। ইয়াৰ পিচত কংগ্ৰেছ নেতাগৰাকী পুনৰ শিলচৰ বিমান বন্দৰলৈ উভতি অহাৰ কথা৷ শিলচৰৰ পৰা বিশেষ বিমান যোগে বিয়লি ৩.৩০ বজাত ইম্ফলত উপস্থিত হৈ চূড়াচান্দপুৰ আৰু টুইবং আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে।

ৰঙিয়াত শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰা…

ৰঙিয়া, ৮ জুলাই ঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াৰ সীতাৰাতো উদযাপন কৰা হয় শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰা। স্থানীয় বুঢ়া গোসাই থানস্থিত শ্ৰীশ্ৰী জগন্নাথ মন্দিৰৰ পৰা উলিওৱা হয় ৰথযাত্ৰা। ৰথযাত্ৰা মহোৎসৱত কেইবা সহস্ৰাধিক ভক্ত প্ৰাণ ৰাইজে অংশগ্ৰহন কৰে।

ইফালে ধৰ্মীয় পৰম্পৰা অক্ষুন্ন ৰাখি অনুষ্ঠিত কৰা ৰথযাত্ৰা ৰঙিয়া চহৰৰে পৰিভ্ৰমণ কৰাৰ পিছত ৰাধা -কৃষ্ণ মন্দিৰলৈ অনা হয়। পুৰীৰ পৰা অহা পুৰোহিতৰ দ্বাৰা পূজা অৰ্চনা কৰাৰ পিছত পুনৰ জগন্নাথ মন্দিৰলৈ ওভটনি যাত্ৰা কৰা হয়। ৰথযাত্ৰাত বিভিন্ন স্থানৰ পৰা ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। আনহাতে উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ভবেশ কলিতাইও কাৰ্যসূচীত উপস্থিত থাকে।

দাঁতত প্ৰভাৱ পেলায় ৰাহু-কেতু গ্ৰহেও! ৰাশি অনুযায়ী টুথব্ৰাছৰ ৰং বাছি লওক…

আমাৰ দাঁতবোৰো আমাৰ চেহেৰা, ৰং আৰু শৰীৰৰ আকৃতিৰ দৰেই গুৰুত্বপূৰ্ণ যাতে ধুনীয়া আৰু আকৰ্ষণীয় দেখা যায়। যদি আপোনাৰ ৰাহু, কেতু আৰু মংগল গ্ৰহৰ দৰে নিষ্ঠুৰ গ্ৰহক আপোনাৰ ৰাশিফলৰ দ্বিতীয় স্থানত ৰখা হয়, তেন্তে আপুনি দাঁত সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হোৱাটো নিশ্চিত, আনহাতে সূৰ্য্য শক্তিশালী হ’লে আপোনাৰ দাঁত ভাল হয়। দাঁতৰ যত্ন লোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু অতি প্ৰয়োজনীয় অংশটো হ’ল টুথব্ৰাছ।ৰাশি অনুযায়ী কোন মানুহে কোন ৰঙৰ টুথব্ৰাছ ব্যৱহাৰ কৰিব লাগে জানি লোক…

মেষ ৰাশি – এই ৰাশিৰ লোকে কেৱল ৰূপালী ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিব লাগে।

বৃষ ৰাশি- বৃষ ৰাশিৰ লোকে সেউজীয়া ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিবলগীয়া হয়।

মিথুন ৰাশি- মিথুন ৰাশিৰ লোকে বগা ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিবলগীয়া হয়।

সিংহ ৰাশি- সিংহ ৰাশিৰ লোকে সেউজীয়া ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিব লাগে।

কন্যা ৰাশি- এই ৰাশিৰ লোকে ভাল মানৰ ব্ৰাছ ব্যৱহাৰ কৰিব লগা হয়। গতিকে আপোনাৰ ব্ৰাছৰ ৰং ৰূপালী হ’ব লাগে।

তুলা ৰাশি- তুলা ৰাশিৰ লোকে ৰঙা ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিব লাগে।

বৃশ্চিক ৰাশি- এই ৰাশিৰ লোকে পাতল হালধীয়া বা সৰিয়হ ৰঙৰ টুথব্ৰাছ ব্যৱহাৰ কৰিব পাৰে।

ধনু- ক’লা আৰু নীলা ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিলে আপোনাৰ দাঁতৰ বাবে ভাল হ’ব।

মকৰ ৰাশি- মকৰ ৰাশিৰ লোকে পাতল নীলা বা ক’লা ৰঙৰ ব্ৰাছ ব্যৱহাৰ কৰিব পাৰে।

কুম্ভ ৰাশি- এই ৰাশিৰ লোকে হালধীয়া ৰঙৰ টুথব্ৰাছ ব্যৱহাৰ কৰাটো ভাল।

মীন ৰাশি- মীন ৰাশিৰ লোকে ৰঙা ৰঙৰ ব্ৰাছেৰে দাঁত পৰিষ্কাৰ কৰিব লাগে।

বিশ্বৰ ৬বিধ ব্যয়বহুল খাদ্যঃ যাৰ মূল্য সোণৰ সমান…

বিশ্বত বহু ব্যয়বহুল সুস্বাদু খাদ্য আছে। বহু সুস্বাদু ব্যঞ্জন বিশ্বৰ বিভিন্ন প্ৰান্তত তৈয়াৰ কৰা হয়। বিশ্বৰ ব্যয়বহুল খাদ্যৰ সোৱাদ লোৱাটো সকলোৰে সামৰ্থ নহয়। আহকচোন জানি লওঁ, পৃথিৱীৰ ৬বিধ বিলাসী আৰু অতি দামী খাদ্য…

থাইলেণ্ডৰ “The Golden Shell” ৰেষ্টুৰেণ্টত উপলব্ধ এই ভজা ভাত ৰজাৰ খাদ্যৰ দৰে। ইয়াত লবষ্টাৰ, কেঁকোৰা, কাঠফুলা লগতে খাব পৰা সোণ ব্যৱহাৰ কৰা হয়।

ভিয়েটনামৰ “Gainesville L’Epee” হোটেলত উপলব্ধ এই কফি অতি বিলাসী। এই কফিত সোণৰ আৱৰণ দিয়া হয়। এক কাপৰ দাম প্ৰায় এক লাখ টকা।

ইটালীৰ “ৰেনাটো ভায়োলা” ৰেষ্টুৰেণ্টত উপলব্ধ এবিধ পিজ্জা আটাইতকৈ দামী। এই পিজ্জাত ২৪ কেৰেট সোণৰ তৰপ দিয়া হয়। ইয়াৰ মূল্য প্ৰায় ২.৫ লাখ টকা।

জাপানৰ মিয়াজাকি চহৰত পোৱা বিৰল ৱাগ্যু গো-মাংসক বিশ্বৰ আটাইতকৈ সুস্বাদু আৰু ব্যয়বহুল গো-মাংস বুলি গণ্য কৰা হয়। ইয়াৰ দাম প্ৰায় ৪ লাখ টকা।

নিউয়ৰ্ক চহৰৰ “Serendipity 3” ৰেষ্টুৰেণ্টত উপলব্ধ এটা আইচক্ৰীমৰ দাম প্ৰায় ২০.৭৫ লাখ টকা।

আস্থা ভোটত জয়ী হেমন্ত ছোৰেনঃ পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব হেমন্ত ছোৰেনে…

আস্থা ভোটত জয়ী হয় হেমন্ত ছোৰেন।

৪৫ গৰাকী বিধায়কৰ সমৰ্থনত ঝাৰখণ্ড বিধানসভাত আস্থা ভোট লাভ কৰে হেমন্ত সোৰেনে।

৪ জুলাইত পুনৰ ঝাৰখণ্ড মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব হেমন্ত ছোৰেনে।

মানী লণ্ডাৰিং গোচৰত EDয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰাকক্ষণত এৰিছিল মুখ্যমন্ত্ৰীৰ পদ।

জামিনত কাৰামুক্ত হোৱাৰ পাছতে পুনৰ মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল ছোৰেনে।

ইণ্ডো-ভূটান কুং-ফু-উছু চেম্পিয়নশ্বিপ ২০২৪ত স্বৰ্ণ পদক অৰ্জন অসম সন্তান বীৰজন বসুমতাৰীৰ…

চিৰাং জিলাৰ বিজনী পানবাৰীৰ মানশ্ৰী গাঁৱৰ কুং-ফু-উছু খেলুৱৈ বীৰজন বসুমতাৰীয়ে ২০২৪ চনৰ ২১ জুনৰ পৰা ২৩ জুনলৈ ভূটানৰ ফুয়েন্টছলিঙত অনুষ্ঠিত হোৱা INDO-BHUTAN KUNG-FU-WUSHU CHAMPIONSHIP 2024 ত সোণৰ পদক লাভ কৰে।

তেওঁৰ এই বিজয়ে অঞ্চলটোলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে আৰু অসম আৰু বিটিআৰ অঞ্চলৰ সমৰ কলাৰ ক্ৰমবৰ্ধমান প্ৰতিভাক উজ্জ্বল কৰি তুলিছে।

ঝাৰখণ্ড বিধানসভাত আস্থা ভোট বিচাৰিব মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে…

যোৱা সপ্তাহত শপত গ্ৰহণ কৰা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে সোমবাৰে ৰাজ্য বিধানসভাত আস্থা ভোট বিচাৰিব। জেএমএম আৰু বিৰোধীয়ে বিশেষ বিধানসভাৰ অধিৱেশনৰ বাবে কৌশল ৰচনা কৰিবলৈ পৃথক পৃথক বৈঠক অনুষ্ঠিত কৰে। আস্থা ভোটদানৰ পিছত হেমন্ত ছ’ৰেন কেবিনেট সম্প্ৰসাৰণ কৰিব বুলি কংগ্ৰেছ নেতা তথা বিধায়ক প্ৰদীপ যাদৱে সংবাদ মাধ্যমক জনায়।

৮১জনীয়া ঝাৰখণ্ড বিধানসভাত বৰ্তমান ৪৫জন বিধায়ক —জেএমএমৰ ২৭ জন,কংগ্ৰেছৰ ১৭ জন আৰু আৰজেডিৰ ১ জন বিধায়ক থকাৰ বাবে জেএমএম মিত্ৰজোঁটে আস্থা ভোট লাভ কৰাৰ সম্ভাৱনা আছে। ইফালে, বিজেপিৰ মুঠ ২৪ জন বিধায়ক। লোকসভা নিৰ্বাচনৰ পিছত ঝাৰখণ্ড বিধানসভাৰ বিধায়কৰ সংখ্যা হ্ৰাস পালে। ৮১ জনীয়া ঝাৰখণ্ড বিধানসভাৰ বৰ্তমান শক্তি ৭৬। সদনৰ মুঠ শক্তিও ৩৮ লৈ হ্ৰাস পাইছে। বিধানসভা নিৰ্বাচনৰ কেইবামাহো পূৰ্বে চম্পাই ছ’ৰেনে পদৰ পৰা পদত্যাগ কৰাৰ এদিন পিছতে ৪ জুলাইত ছ’ৰেনে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।