Home Blog Page 72

Bishwakarma Puja: আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা…

Bishwakarma Puja: আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা
Bishwakarma Puja: আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা৷ (Bishwakarma Puja)

ৰাজ্যৰ বিভিন্ন ঠাইত উলহ-মালহেৰে উদযাপন কৰা হৈছে বিশ্বকৰ্মা পূজা ৷

দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত পালন কৰা হৈছে পাচেতি মহোৎসৱ৷

পুৱাৰে পৰা খটৰা সত্ৰত যান বাহন সমূহ সুচীকৰণত ব্যস্ত আতৈসকল ৷

এই সুচীকৰণে দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পায় বুলি লোকবিশ্বাস ৷

চাৰিদিনীয়াকৈ পালন কৰা পাচেতি মহোৎসৱত প্ৰায় দুই লাখ ভক্তৰ সমাগম হ’ব ৷

লোকে লোকাৰণ্য হৈ পৰিব পাচেতি মহোৎসৱস্থলি ৷

Khunseng Kotoky: ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পুনৰ সুনাম কঢ়িয়াই আনিলে শিৱসাগৰৰ খুনচেং কটকীয়ে

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পুনৰ সুনাম কঢ়িয়াই আনিলে শিৱসাগৰৰ খুনচেং কটকীয়ে
ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পুনৰ সুনাম কঢ়িয়াই আনিলে শিৱসাগৰৰ খুনচেং কটকীয়ে

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত (Khunseng Kotoky)পুনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অবিভক্ত শিৱসাগৰ জিলাৰ এজন কিশোৰে। এইবাৰ সত্ৰীয়া নৃত্যত প্ৰথম স্থান দখল কৰি সমগ্ৰ অসমৰ লগতে গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰ বকতালৈ।

৬ পৰা ৯ ছেপ্টেম্বৰত উৰিষ্যাৰ পুৰিত অনুস্থিত হোৱা ভাৰতীয় থিয়েটাৰ অলিম্পিয়াডৰ ৩৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় নাট, নৃত্য আৰু সংগীত মহোৎসৱত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অবিভক্ত শিৱসাগৰ জিলাৰ বকতাৰ এজন কিশোৰে।

পাটসাঁকো বৰভূঞা গাঁৱৰ খুনচেং কটকী নামৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত ১৩ বছৰীয়া এইজন কিশোৰ। মাতৃ ৰস্মি বকল কটকী আৰু পিতৃ সুৰেশ কটকীৰ দ্বিতীয় পুত্ৰ খুনচেং। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহোৎসৱত উৎকল সংস্কৃতিক সংঘ, কটকৰ উদ্যোগত পুৰিৰ অন্নপুৰ্ণা থিয়েটাৰ হলত ৬ৰ পৰা ৯ ছেপ্তেম্বৰলৈ আয়োজিত ৰাষ্ট্ৰীয় সংগীত আৰু নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অবিভক্ত শিৱসাগৰ জিলাৰ পাটসাঁকো বৰভুঞা গাওঁৰ কিশোৰ খুনচেং কটকীয়ে সত্ৰীয়া নৃত্যত প্ৰথম পুৰস্কাৰ লাভ কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ আগন্তুক নেপালত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে খুনচেং কটকীয়ে।

PM Narendra Modi Birthday: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনঃ ৭৫ বছৰীয়া হ’ল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী

PM Narendra Modi Birthday
PM Narendra Modi Birthday

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন।(PM Narendra Modi Birthday)

৭৫ বছৰীয়া হ’ল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী।

৭৫ বছৰীয়া জন্মদিন উপলক্ষে ড’নাল্ড ট্ৰাম্পৰ ফোন মোদীলৈ।

এই কথা সামাজিক মাধ্যমযোগে সদৰি কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ভাৰত-আমেৰিকাৰ সম্পৰ্কক নতুন মাত্ৰা দিয়াৰ আশ্বাস মোদীৰ।

ইউক্ৰেইন সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ ক্ষেত্ৰত ট্ৰাম্পৰ পদক্ষেপক সমৰ্থন প্ৰধানমন্ত্ৰী মোদীৰ।

‘হিমন্ত বিশ্বশৰ্মাই পৃথিৱীৰ সকলোকে ফোন কৰিব পাৰিলেও ‘ ‘একমাত্ৰ মোক ফোন কৰিব নোৱাৰে’ ‘মই হিমন্ত বিশ্বৰ ফোন আহিলেও নধৰো’ -গৌৰৱ গগৈ ।Garuva Gogi

'হিমন্ত বিশ্বশৰ্মাই পৃথিৱীৰ সকলোকে ফোন কৰিব পাৰিলেও ' 'একমাত্ৰ মোক ফোন কৰিব নোৱাৰে' 'মই হিমন্ত বিশ্বৰ ফোন আহিলেও নধৰো' -গৌৰৱ গগৈ ।Garuva Gogi
'হিমন্ত বিশ্বশৰ্মাই পৃথিৱীৰ সকলোকে ফোন কৰিব পাৰিলেও ' 'একমাত্ৰ মোক ফোন কৰিব নোৱাৰে' 'মই হিমন্ত বিশ্বৰ ফোন আহিলেও নধৰো' -গৌৰৱ গগৈ ।Garuva Gogi

Garuva Gogi । ওদালগুৰি জিলাৰ ধনশ্রী পৰিষদীয় সমষ্টিত নির্বাচনী প্ৰচাৰ সভাত APCC ৰ সভাপতি গৌৰৱ গগৈ| পৰিষদীয় সমষ্টিটোৰ ইকৰাবাৰীত কংগ্ৰেছৰ বিশাল সভা | সমষ্টিটোৰ মনোনীত প্রার্থী ৰিলন মুছাহাৰীৰ হৈ প্রচাৰ চলায় গৌৰৱ গগৈয়ে | BTR নির্বাচনক লৈ নির্বাচনী ইস্তাহাৰ প্রকাশ কৰে APCC সভাপতি গৰাকীয়ে |

এইখন ইস্তাহাৰৰ সকলো কাম আগত ৰাখিয়েই এইবাৰ বহুবছৰৰ মূৰত হলেও শক্তিশালী ৰূপত কংগ্রেছ দলে BTR দখল কৰিবলৈ অগ্ৰহৰ হৈছে | AICC সম্পাদক পৃথ্বীৰাজ সাথে, ইস্তাহাৰ সমিতিৰ সভাপতি সাংসদ প্রদ্যুৎ বৰদলৈৰ উপস্থিতিত ইস্তাহাৰ মুকলি গৌৰৱ গগৈৰ |

আনহাতে, ভাষণ প্রসংগত গৌৰৱ গগৈৰ মুখত পুনৰা মুখ্যমন্ত্রীৰ মোবাইল ফোনৰ প্রসংগ | সভাপতি গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, BPF-UPPL মানে একেই | হিমন্ত বিশ্বই এটা ফোনেৰে হাগ্ৰামাক ফোন কৰে, এটা ফোনেৰে কৰে প্রমোদ বড়োক | পৃথিৱীৰ সকলোকে ফোন কৰিব পৰিলেও একমাত্র মোক ফোন কৰিব নোৱাৰে | মই হিমন্ত বিশ্বৰ ফোন আহিলেও নধৰো | মন্তব্য গৌৰৱ গগৈৰ

চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ । Thief

চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ । Thief
চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ । Thief

Thief । দিন দুপৰতে বিলাসী বাহন লৈ ছাগলী চুৰি কৰিবলৈ আহি আজি ৰহা থানাৰ অন্তৰ্গত বাৰপূজীয়াত ৰাইজৰ হাতত আটক হ’ল দুই যুৱক।

চোৰ দুটা নগাঁও বেবেজীয়াৰ অংকুৰ দাস আৰু ৰূপজ্যোতি বনিয়া৷ জানিব পৰা মতে চোৰ দুটাই পথৰ কাষত চৰি থকা ছাগলী বিলাসী বাহনখনত উঠাবলৈ লওঁতেই দূৰৰ পৰা প্ৰত্যক্ষ কৰি থকা স্থানীয় লোকে চোৰ দুটাক ধৰি আঠু কঢ়াই শোধালে উত্তম মধ্যম। ঘটনাটো সংঘটিত হৈছে ৰহাৰ বাৰপূজীয়া অমৰাৱতীত।

চোৰে ব্যৱহাৰ কৰা বিলাসী বাহনখনৰ নম্বৰ হৈছে এএচ ০২ এ কে ২৩০০ (AS 02 AK 2300) বাহনখনত এডভোকেটৰ ষ্টিকাৰ লগোৱা আছে৷ পিছত স্থানীয় লোকে ৰহা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োটাকে থানালৈ লৈ যায়।

কি কামৰ বাবে কিমান ৰেট ACS নূপুৰ বৰাৰ ?

currupted ACS Nupur Bora

Nupur Bora । চৰকাৰে দৰমহা দি পুহি ৰখা ডকাইত আছিল নূপুৰ বৰা। কেৱল ধন চিনি পোৱা এই গৰাকী ৰাজহ চক্ৰ বিষয়াক মুখ্যমন্ত্ৰীৰ বিশেষ দুৰ্নীতি নিবাৰক কোষে ১৫ ছেপ্তেম্বৰ ২০২৫ৰ নিশা ৮-০০ বজাত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে । সংবাদ মাধ্যমত ইতিমধ্যে নূপুৰ সন্দৰ্ভত বিভিন্ন খবৰ আৰু তথ্য প্ৰকাশ পাই আহিছে।
শেহতীয়া খবৰ অনুসৰি, প্ৰতিটো কামৰ বাবে নূপুৰ বৰাৰ আছিল নিৰ্ধাৰিত ৰেট ।
চিঠা নামজাৰি-প্রতিবিঘাত ৩০ ৰ পৰা ৪০ হাজাৰ টকা,উত্তৰাধিকাৰীৰ নামজাৰি-৭ ৰ পৰা ১০ হাজাৰ টকা প্রতিবিঘাত,মাটি বেচা-কিনাৰ অনুমতি- প্রতিবিঘাত ১৫ ৰ পৰা ৪০ হাজাৰ টকা,অট’মিউটেচনৰ বাবদ-৭ ৰ পৰা ১৫ হাজাৰ,
ৱাৰিচ সূত্রে নামজাৰি-প্রতিবিঘাত ৩০ ৰ পৰা ৪০ হাজাৰ টকা,
বাটোৱাৰৰ বাবদ -১৫ ৰ পৰা ২০ হাজাৰ টকা,
ম্যাদীকৰনৰ-২০ ৰ পৰা ২৫ হাজাৰ প্ৰতি বিঘাত,
নাম কর্তন বা নাম বাহাল ৰখা-১.৫ লাখৰ পৰা ২ লাখ টকা,
নাম শুধৰণি- ২০ ৰ পৰা ৩০ হাজাৰ টকা ।
যদি নূপুৰ বৰাৰ দৰে এগৰাকী প্ৰশাসনিক বিষয়াই কৰ্তব্য পালনৰ বাবদ এইদৰেই দৰ-দাম নিৰ্ধাৰণ কৰে, তেন্তে এনেকৈয়ে অসম দেশৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত অন্তৰ্ভূক্ত হ’বনে ? সেয়া এটা বৃহৎ প্ৰশ্নবোধক ।

ACS Nupur Bora: নুপূৰ বৰাৰ সম্পত্তিৰ পাহাৰঃ টকা, সোণ, হীৰাৰ গহনাৰে ভৰি আছিল ঘৰ!

নুপূৰ বৰাৰ সম্পত্তিৰ পাহাৰ
নুপূৰ বৰাৰ সম্পত্তিৰ পাহাৰ

অৱশেষত গ্ৰেপ্তাৰ হ’ল ACS নুপূৰ বৰা আৰু লাট মণ্ডল সুৰজিৎ ডেকা।

দুৰ্নীতিৰ সাম্ৰাজ্ঞী নুপূৰ বৰাৰ আছিল সম্পত্তিৰ পাহাৰ। (ACS Nupur Bora)

কোটি টকাই নহয়, সোণ,হীৰাৰ গহনাৰে ভৰি আছিল ঘৰ।

নূপুৰ বৰাৰ ১৪ ডাল সোণৰ চেইন উদ্ধাৰ।


২ ডাল হীৰাৰ নেকলেছ, হীৰাৰ আঙঠি ১৫টা উদ্ধাৰ।


হীৰাৰ ব্ৰেছলেট ৩ ডাল উদ্ধাৰ।

Drinking bed tea: ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ দৰে বেয়া অভ্যাস আপোনাৰো আছে নেকি? জানি লওক আপুনি কেনেকৈ নিজৰ স্বাস্থ্যৰ শত্ৰু হৈ পৰিছে

ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ দৰে বেয়া অভ্যাস আপোনাৰো আছে নেকি?
ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ দৰে বেয়া অভ্যাস আপোনাৰো আছে নেকি?

ৰাতিপুৱা চাহ খোৱাটো মানুহৰ অভ্যাসত (Drinking bed tea) পৰিণত হৈছে, কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰাতিপুৱা চাহ খোৱাটো সঠিক বুলি গণ্য কৰা উচিত নে? যদি আপুনিও এই কাম কৰে, তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন।

ভাৰতত প্ৰায় লোকেই ৰাতিপুৱা চাহ একাপ খাই আৰম্ভ কৰে দিনটো। টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে চাহৰ চুমুক দিয়াটো কেৱল অভ্যাসত পৰিণত হোৱাই নহয়, গোটেই দিনটোৰ বাবে বহু লোকৰ শক্তি আহৰণৰ এক উপায়ো হৈ পৰিছে। কিন্তু, এই অভ্যাসে লাহে লাহে আপোনাৰ শৰীৰো ক্ষতি কৰিছে।

ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ অসুবিধা-

আয়ুৰ্বেদৰ মতে ৰাতিপুৱা শৰীৰৰ বাট আৰু পিত্ত দোষ সক্ৰিয় হৈ পৰা সময়। এই সময়ত পেটটো খালী হৈ থাকে আৰু তাত পাচন স্বাভাৱিকতে প্ৰবল হৈ থাকে। এনে পৰিস্থিতিত যদি কেফেইন আৰু টেনিনেৰে ভৰা চাহ পোনপটীয়াকৈ খোৱা হয়, তেন্তে ই পাচনতন্ত্ৰত প্ৰভাৱ পেলায়। ইয়াৰ ফলত কেৱল এচিডিটি আৰু গেছৰ সমস্যাই নহয়, দীৰ্ঘদিন এনেদৰে হ’লে পেটৰ ভিতৰত ক্ষতি হ’ব পাৰে।

এচিডৰ মাত্ৰা বৃদ্ধি পাব-
একে সময়তে নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি খালী পেটত চাহ খালে শৰীৰত এচিডৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত গেষ্ট্ৰিক বিষ, জ্বলা-পোৰা আৰু বদহজমৰ সৃষ্টি হয়। চাহত থকা কেফেইনেও শৰীৰত মানসিক চাপ সৃষ্টিকাৰী হৰম’ন অৰ্থাৎ কৰ্টিছল বৃদ্ধি কৰে। এই হৰম’নটো বাৰে বাৰে আৰু অধিক পৰিমাণে সক্ৰিয় হ’লে মানসিক ভাৰসাম্যহীনতা, খিংখিঙীয়া আৰু অনিদ্ৰা আদি সমস্যাবোৰো হয়।

Sankar Gohain : দৈনন্দিন বার্তাৰ সম্পাদক শংকৰ গোহাঁইলৈ বিশিষ্ট বুৰঞ্জীবিদ সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা

দৈনন্দিন বার্তাৰ সম্পাদক শংকৰ গোহাঁইলৈ বিশিষ্ট বুৰঞ্জীবিদ সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা
দৈনন্দিন বার্তাৰ সম্পাদক শংকৰ গোহাঁইলৈ বিশিষ্ট বুৰঞ্জীবিদ সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ (Sankar Gohain) সপ্তম কেন্দ্ৰীয় দ্বি-বাৰ্ষিক ডিৰাক অধিৱেশন কাকপথাৰৰ ডিৰাক ৰাজহুৱা খেলপথাৰত ১২, ১৩ আৰু ১৪ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত ডিৰাক, কাকপথাৰ আঞ্চলিক সমিতি আৰু ডিৰাকবাসীৰ সহযোগত সদৌ অনুষ্ঠিত সপ্তম দ্বি-বাৰ্ষিক ডিৰাক অধিৱেশনৰ মুকলি সভাত মটক জনগোষ্ঠীলৈ অৱদান আগবঢ়োৱা দুই মহান ব্যক্তিৰ নামত বঁটা প্ৰদান কৰা হয়। ‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ মন্ত্রী বিমল বড়ালৈ আৰু বিশিষ্ট বুৰঞ্জীবিদ প্রয়াত ‘সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা’ দৈনন্দিন বার্তা কাকতৰ সম্পাদক শংকৰ গোহাঁইলৈ আগবঢ়োৱা হয়।

বঁটা প্ৰদানৰ পূৰ্বে মটক জনগোষ্ঠীৰ নাচনীসকলে পৰিৱেশন কৰা গছতলৰ বিহুৰ উদ্বোধন কৰে দৈনন্দিন বার্তাৰ সম্পাদক শংকৰ গোহাঁইয়ে। ইয়াৰ পাছতে মটক জনগোষ্ঠীৰ পৰম্পৰাগত হুঁচৰি মুকলিকৈ পৰিৱেশন কৰে। অমৃত ৰাজখোৱাৰ কথা, সুৰ আৰু সংগীত পৰিচালনাৰে “স্বাগতম স্বাগতম সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ” শীৰ্ষক গীতেৰে মুকলি সভাৰ শুভাৰম্ভ কৰা হয়। মুকলি সভাত মটক জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পাপু দত্ত, বীৰ লাচিত সেনা কেন্দ্ৰীয় সভাপতি ৰণ্টু পানীফুকন, টাই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, ডিমাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, টিএমপিকে কেন্দ্ৰীয় সভাপতি-সম্পাদক, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, মটক স্বায়ত্ত শাসিত পৰিষদৰ ডেভিড চেতিয়া, ধৰ্মপ্ৰসাদ কোঁৱৰ, দেৱৰ্ষি চেতিয়াসহ বহুকেইটা দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।

Bishwakarma: কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাঃ বিশ্বখনিকৰ পূজিবলৈ চলোৱা হৈছে প্ৰস্তুতি

Bishwakarma: কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাঃ
Bishwakarma: কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাঃ

কাইলৈ বিশ্ব (Bishwakarma) খনিকৰ বিশ্বকৰ্মা পূজা। সমগ্ৰ ৰাজ্যতে বিশ্বখনিকৰ পূজিবলৈ চলোৱা হৈছে প্ৰস্তুতি। প্ৰতিখন এতিয়া বজাৰত ভৰি পৰিছে পূজাৰ বিবিধ সা-সামগ্ৰী। সমান্তৰালকৈ তেজপুৰতো দিনে ৰাতিয়ে মূৰ্তি সজাত ব্যস্ত মৃত শিল্পীসকল।

তেজপুৰৰ চহৰৰ মাজমজিয়াৰ হাৰিপট্টীৰত বিগত বৰ্ষৰ দৰে এইবাৰো আটকধুনীয়াকৈ সজাই পৰাই তুলিছে দূৰ্গা প্ৰতিমাৰ লগতে বিশ্বকৰ্মা।

কাইলৈ ৰাজ্যত অনুষ্ঠিত হ’ব বিশ্বখনিকৰৰ বিশ্বকৰ্মা পূজা । চাৰিওদিশে কেৱল উখল-মাখল পৰিৱেশ।

গতিকে এই বিশ্বকৰ্মাৰ মূৰ্তি সমূহ সোনকালে নিৰ্মান কৰি বজাৰলৈ এৰি দিছে শিল্পীসকলে।