Home Blog Page 721

কামৰূপ আৰু দৰং জিলাৰ কেইবাস্থানতো বান আৰু খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

দিছপুৰ, ২২ জুন: অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি কামৰূপ আৰু দৰং জিলাৰ কেইবাটাই অঞ্চল ভ্ৰমণ কৰি বান আৰু খহনীয়াত ক্ষতিগ্ৰস্ত স্থানৰ বুজ লয় | দৰং জিলাৰ শাকতোলা নৈৰ সোঁ দিশত মথাউৰি ছিগি বৃহত্তৰ অঞ্চল এটাত বানৰ সৃষ্টি কৰি জনসাধাৰণক সমস্যাত পেলাইছিল | আজি জলসম্পদ মন্ত্ৰীগৰাকীয়ে উক্ত স্থান পৰিদৰ্শন কৰি জলসম্পদ বিভাগে যুদ্ধকালীন ক্ষীপ্ৰতাৰে মথাউৰিৰ ছিগা অংশ মেৰামতি কৰি থকাৰ প্ৰত্যক্ষ বুজ লয় | উল্লেখযোগ্য যে বিগত ১৯ জুনৰ পুৱতি নিশা শাকতোলাৰ মথাউৰি ছিগি বানৰ সৃষ্টি কৰিছিল | জলসম্পদ মন্ত্ৰীগৰাকীৰ নিৰ্দেশমৰ্মে বিভাগীয় অভিযন্তাই এই ছিগা অংশ শীঘ্ৰে বন্ধ কৰি বান নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱাৰ বাবে কাম কৰে | বিভাগীয় তৎপৰতাত মাথো তিনিটা দিনৰ ভিতৰতে মথাউৰিৰ ছিগা অংশ পুনৰ নিৰ্মাণ হৈ উঠিছে | জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি পৰিদৰ্শনৰ সময়ত জিলা আয়ুক্তক বানত ক্ষতিগ্ৰস্তসকলক সাহায্য প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালি নকৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে |

ইয়াৰ পূৰ্বে জলসম্পদ মন্ত্ৰীগৰাকীয়ে সাংসদ দিলীপ শইকীয়া আৰু বিধায়কদ্বয় পৰমানন্দ ৰাজবংশী আৰু দিগন্ত কলিতাৰ সৈতে জিলাখনৰ কাহিতলীত ডিমলা নৈৰ বানৰ ফলত ক্ষতিগ্ৰস্ত জলসিঞ্চন বিভাগৰ ৰিং বান্ধটো পৰিদৰ্শন কৰে | জলসিঞ্চন বিভাগৰ অধীনত নিৰ্মিত এই বান্ধটোৰ ছিগা অংশৰে পানী সোমাই কাষৰীয়া অঞ্চলত ব্যাপক ক্ষতিৰ সৃষ্টি কৰিছে | মন্ত্ৰী পীযুষ হাজৰীকাই এই অঞ্চল ভ্ৰমণ কৰি ছিগা বান্ধৰ পুনৰ নিৰ্মাণৰ কাম জলসম্পদ বিভাগে অহা কাইলৈৰ পৰা হাতত ল’ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে | মন্ত্ৰীগৰাকীয়ে কয় যে যদিও জলসিঞ্চন বিভাগৰ বান্ধ ছিগিছে তথাপিও এয়া ৰাজ্য চৰকাৰৰে একোটা বিভাগ আৰু বান নিয়ন্ত্ৰণৰ স্বাৰ্থত জলসম্পদ বিভাগে বাৰিষাৰ সময়ত আন বিভাগৰ ক্ষতিগ্ৰস্ত মথাউৰিও নিজা উদ্যোগত পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছে |

পৰিদৰ্শনৰ সময়ত জলসম্পদ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাতত কয় যে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে অসমৰ বান নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে | আগতে বছৰি প্ৰায় ৪০ টা মান স্থানত মথাউৰি ছিগাৰ বিপৰীতে এতিয়া এই সংখ্যা ১৫ তকৈ তলত ৰাখিবলৈ জলসম্পদ বিভাগ এক প্ৰকাৰে সফল হৈছে | আনহাতে মথাউৰি ছিগাৰ লগে লগে বিভাগে আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত কম সময়ৰ ভিতৰতে মথাউৰি পুনৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে | ইতিপূৰ্বে বৰাক উপত্যকাৰ ৬ টা স্থানত মথাউৰি ছিগাৰ প্ৰায় ১৫ টা দিনৰ ভিতৰতে পুনৰ নিৰ্মাণ সম্ভৱ হোৱাৰ বিপৰীতে দৰঙৰ শাকতোলাত মাথো তিনিটা দিনৰ ভিতৰতে মথাউৰি পুনৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে | অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বান নিয়ন্ত্ৰণক যথেষ্ট গুৰুত্ব দিছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে তেখেতৰ নেতৃত্বতে ৰাজ্য চৰকাৰে অহা বৰ্ষত প্ৰায় ১৫০ কিল’মিটাৰ দৈৰ্ঘ্যৰ উন্মুক্ত অংশত নতুনকৈ মথাউৰি নিৰ্মাণ কৰিব |

পুৱাৰ ভাগত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই কামৰূপ জিলাৰ কলাজল আৰু হালধাত উপস্থিত হৈ অঞ্চল দুটাত বানৰ বুজ লয় | কমলপুৰ বিধানসভা সমষ্টিৰ কলাজলত কলাজল নৈৰ বাঢ়নী পানীয়ে কাষৰীয়া অঞ্চল প্লাৱিত কৰি তুলিছে | কাৰীকৰি কিছু অসুবিধাৰ বাবে এই স্থানত মথাউৰি নিৰ্মাণত সমস্যা হোৱা বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে কয় অহা মংগলবাৰে বিশেষজ্ঞ আৰু বিভাগীয় অভিযন্তাৰ সৈতে তেওঁ এই বিষয়ে আলোচনাত মিলিত হৈ কলাজলৰ বান সমস্যা সমাধানৰ ব্যৱস্থা কৰাৰ বাবে প্ৰয়াস কৰিব | আনহাতে দৰং আৰু কামৰূপ জিলাৰ সীমামূৰীয়া অঞ্চল হালধাত উপস্থিত হৈ জলসম্পদ মন্ত্ৰীগৰাকীয়ে বৰনদীৰ উন্মুক্ত অংশৰে সৃষ্টি কৰা বানৰ বুজ লয় | এই অংশত বান প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে শীঘ্ৰেই প্ৰতিৰোধমূলক ব্যৱস্থা হাতত ল’ব বুলি মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে |

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনায় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে৷উল্লেখ্য যে ২০২৪ শিক্ষা বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত

কৰে ৬৫ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে

দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত কৰা সম্বৰ্ধনা সভাত ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনো বিদ্যালৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ’য়৷ইয়াৰ পিছতে দিনৰ দুই বজাৰ পৰা উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় মন্ত্ৰী অশোক সিংহলে৷ঢেকীয়াজুলি শৈক্ষিক সমিতিৰ সভাপতি সুশেন বৈশ্যই বন্তি প্ৰজ্জ্বলন কৰি শুভাৰম্ভণি কৰা আজিৰ সম্বৰ্ধনা সভাৰ আতধৰে ঢেকীয়াজুলি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰূপজ্যোতি পতংগীয়াই৷আজিৰ সম্বৰ্ধনা সভাখনিত ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক জন শইকীয়া,ঢেকীয়াজুলি পৌৰসভাৰ পৌৰপতি সুস্মিতা দাস,উপ পৌৰপতি তুলিকা শইকীয়া,ভাৰতীয় জনতা যুৱ মৰ্চাৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক ইন্দুভূষণ নাথৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে৷আজিৰ সম্বৰ্ধনা সভাত এক সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে সম্বৰ্ধনা জনায় ৷

ধিঙত গীত-মাত, কথা-কবিতাৰে প্ৰগতিৰ মইনাৰ কলাগুৰু আৰু শেৱালি কবিক স্মৰণ

নগাঁও জিলাৰ অতিকৈ পুৰণি ১৯৪৫ চনত স্থাপিত হোৱা ধিং আঠগাঁৱৰ প্ৰগতি পুথিভঁৰাল আৰু নাট্য সমিতিৰ শিশু অনুষ্ঠান প্ৰগতি মইনা পাৰিজাতৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস আৰু শেৱালি কবি ৰত্নকান্ত বৰকাকতিৰ জন্মজয়ন্তী উদযাপন কৰা হয়। গীত-মাত কথা-কবিতাৰে কলাগুৰু আৰু শেৱালি কবিজনাক স্মৰণ কৰা উক্ত অনুষ্ঠানটোত কণ কণ মইনাসকলে জীপাল কৰি তোলে ধিং আঠগাঁৱৰ প্ৰগতি পুথিভঁৰালৰ প্ৰেক্ষাগৃহ । পুৱা প্ৰগতি মইনা পাৰিজাতৰ সভানেত্ৰী ইৰা বৰাই আনুষ্ঠানিক ভাৱে অনুষ্ঠানৰ শুভাৰম্ভণি কৰাৰ পাছতে কলাগুৰু আৰু শেৱালি কবিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ক্ৰমে ধিং শতদল শাখা সাহিত্য সভাৰ সভাপতি মমতা নায়ক আৰু ধিং পৌৰসভাৰ প্ৰাক্তন পৌৰপতি প্ৰীতি ভড়ালীয়ে ।

সভানেত্ৰী ইৰা বৰাৰ সভাপতিত্বত তথা প্ৰগতি মইনা পাৰিজাতৰ সম্পাদিকা মল্লিকা শৰ্মাই আঁতধৰা মুকলি সভাত বিষ্ণু প্ৰসাদ ৰাভা আৰু শেৱালি কবি ৰত্নকান্ত কান্ত বৰকাকতিৰ জীৱন- দৰ্শন আৰু সাহিত্য কৰ্মৰাজিৰ ওপৰত বক্তৃতা প্ৰদান কৰে ধিং ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কৃষ্ণা হাজৰিকাই । প্ৰগতি পুথিভঁৰাল আৰু নাট্য সমিতিৰ উপদেষ্টা কুমাৰ হেমেন শইকীয়া, উপ-সভাপতি প্ৰসন্ন বৰা, ধিং শতদল শাখা সাহিত্য সভাৰ সম্পাদক মুকুল কলিতা উপস্থিত থকা উক্ত সভাত প্ৰগতি পুথিভঁৰাল আৰু নাট্য সমিতিৰ সম্পাদক তথা নগাঁও জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক মৃগাংক বৰাই প্ৰগতি পুথিভঁৰালৰ জন্ম ইতিহাস আৰু সাম্প্ৰতিক সময়ত যুৱ সমাজৰ মাজত গঢ়ি উঠা নেতিবাচক চিন্তাধাৰাৰ বিপৰীতে উঠি অহা মইনাসকলক সমাজৰ সঠিক পথ আৰু সামাজিক দায়িত্ববোধৰ লগতে শিশুসকলৰ মাজত লুকাই থকা সৃজনীমূলক কলা-কৌশলক পূৰ্ণাংগ ৰূপে বিকশিত কৰাৰ লক্ষ্যৰে প্ৰগতি মইনা গঠন কৰা হৈছে বুলি নিজৰ বক্তব্যত উল্লেখ কৰে । উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শতাধিক মইনাই অংশগ্ৰহণ কৰি কলাগুৰুৰ গীত পৰিৱেশন, কবিতা আবৃত্তি, নৃত্য প্ৰদৰ্শন, বক্তৃতা প্ৰদান কৰাৰ উপৰি শেৱালি কবি জনাৰ কবিতা আবৃত্তি আৰু কবিজনাৰ ওপৰত বক্তৃতা প্ৰদান কৰে মইনাসকলে । ইপিনে শিশুসকলক জড়িত কৰি অনুষ্ঠিত কৰা এনে ব্যতিক্ৰমী অনুষ্ঠানৰ বাবে ধিঙৰ বৌদ্ধিক মহলে ভূয়সী ‌প্ৰশংসা কৰিছে প্ৰগতি মইনা পাৰিজাতৰ উদ্যোক্তাসকলক ।

বিষাক্ত পাৰ্থেনিয়াম বৰবিহে ছানি ধৰিছে দেৰগাঁও…

প্ৰাণনাশক পৰ্থেনিয়ামৰ কৱলত দেৰগাঁও চহৰ।দেৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পাৰ্থেনিয়ামে লৈছে ভয়ংকৰ ৰূপ ।
শান্তিপুৰৰ পৰা দাধৰালৈকে দুয়োকাষে ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা অপতৃণ পাৰ্থেনিয়ামে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে গুৰুতৰ ভাবুকি।

সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা অতি বিষাক্ত অপতৃণ পাৰ্থেনিয়ামে জীৱ-জন্তুৰ পৰা মানৱ স্বাস্থ্যলৈকে অতি ভয়ংকৰ বিপদ মাতি আনিছে। উদ্ভিদ বিজ্ঞানত বিষাক্ত হিচাপে চিহ্নিত এই পাৰ্থেনিয়ামৰ সংস্পৰ্শলৈ আহিলেই কোনো ব্যক্তি আক্ৰান্ত হ’ব পাৰে জ্বৰ, চৰ্দি, কাহ, হাঁপানী, এলাৰ্জি আদি ৰোগৰ লগতে হাওঁফাওঁৰ গুৰুতৰ ৰোগত।

শীঘ্ৰে ভয়ংকৰভাৱে বিষাক্ত অপতৃণসমূহ চিকুণাই নিদিলে ফুলবোৰ শুকুৱাৰ ফলত গুৰুতৰ ৰোগত অঞ্চলবাসী আক্ৰান্ত হোৱাৰ আশংকা চৌদিশে। এই অপতৃণসমূহ শীঘ্ৰে আঁতৰাবলৈ সংশ্লিষ্ট বিভাগৰ লগতে গোলাঘাট জিলা প্ৰশাসনক আহ্বান জনাইছে সচেতন জনতাই।

পেৰিচ অলিম্পিকলৈ লাভলীনা বৰগোঁহাই…

পেৰিচ অলিম্পিকলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰিলে লাভলীনা বৰগোঁহাইয়ে।বহু খেলুৱৈয়ে ইতিমধ্যে প্ৰচেষ্টা কৰিছিল যদিও সকলোকে পিছ পেলাই পেৰিচ অলিম্পিকলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰিলে লাভলীনা বৰগোঁহাইয়ে।

অম্লান বৰগোঁহাই,হিমা দাস,শিৱ থাপা, সকলোৱে যথেষ্ট প্ৰচেষ্টা কৰিছিল অলিম্পিক গেমচৰ বাবে।কিন্ত মাত্ৰ এজন খেলুৱৈয়ে হে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ’ল সেই গৰাকী হৈছে লাভলীনা বৰগোঁহাই.

শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান…

শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনায় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে৷উল্লেখ্য যে ২০২৪ শিক্ষা বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে ৬৫ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে৷

আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত কৰা সম্বৰ্ধনা সভাত ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনো বিদ্যালৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ’য়৷ইয়াৰ পিছতে দিনৰ দুই বজাৰ পৰা উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় মন্ত্ৰী অশোক সিংহলে৷ঢেকীয়াজুলি শৈক্ষিক সমিতিৰ সভাপতি সুশেন বৈশ্যই বন্তি প্ৰজ্জ্বলন কৰি শুভাৰম্ভণি কৰা আজিৰ সম্বৰ্ধনা সভাৰ আতধৰে ঢেকীয়াজুলি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰূপজ্যোতি পতংগীয়াই৷আজিৰ সম্বৰ্ধনা সভাখনিত ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক জন শইকীয়া,ঢেকীয়াজুলি পৌৰসভাৰ পৌৰপতি সুস্মিতা দাস,উপ পৌৰপতি তুলিকা শইকীয়া,ভাৰতীয় জনতা যুৱ মৰ্চাৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক ইন্দুভূষণ নাথৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে৷আজিৰ সম্বৰ্ধনা সভাত এক সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে সম্বৰ্ধনা জনায়৷

USTMত গৱেষণাত তথ্য বিশ্লেষণৰ বাবে এছ পি এছ এছৰ প্ৰয়োগৰ প্ৰশিক্ষণ শীৰ্ষক সপ্তাহজোৰা কাৰ্যসূচী…

বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ এন কে চি অডিটৰিয়ামত বৃহস্পতিবাৰে “গৱেষণাত তথ্য বিশ্লেষণৰ বাবে এছ পি এছ এছৰ প্ৰয়োগৰ প্ৰশিক্ষণ” শীৰ্ষক এক সপ্তাহজোৰা অনুষদ উন্নয়ন কাৰ্যসূচী (এফ ডি পি) উদ্বোধন কৰা হয় (USTM)। ইউএছটিএমৰ আইকিউএচি চেল এণ্ড ৰিচাৰ্চ ডিভিজনৰ সহযোগত পিকিউএইচ স্কুল অৱ এডুকেশ্যনে আয়োজন কৰা এই এফডিপি ২৬ জুনলৈকে চলিব এই প্ৰগ্ৰেমটো। উদ্বোধনী অধিবেশনত অন্যান্যসকলৰ উপৰিও চ্যান্সেলৰ শ্ৰী মাহবুবুল হক, অধ্যাপক ড° এছ এম খান, আৰু ইউ এছ টি এমৰ পি কিউ এইচ স্কুল অৱ এডুকেশ্যনৰ ডীন অধ্যাপক গায়ত্ৰী গোস্বামীয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত দুখন গ্ৰন্থ মুকলি কৰা হয়। “ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান” শীৰ্ষক গ্ৰন্থখনৰ লেখক হৈছে পিকিউএইচএছইৰ সহকাৰী অধ্যাপক ড০ জুলফিকাৰ উল্লাহ ছিদ্দিকীয়ে। আনখন গ্ৰন্থ “স্কুল চাইক’লজিৰ প্ৰেকটিচত প্ৰযুক্তি” শীৰ্ষক গ্ৰন্থখনৰ ৰচনা কৰিছে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ অধ্যাপক ড০ পঞ্চ ৰামালিংগম, সহযোগী অধ্যাপিকা ইউ এছ টি এম ড০ জেৰিনা বেগম আৰু ইউ এছ টি এমৰ সহকাৰী অধ্যাপিকা পুনিতা বৰপূজাৰী দেওৰীয়ে।

এফ ডি পিৰ সহকাৰী অধ্যাপিকা তথা সমন্বয়ক পুনিতা বৰপূজাৰী দেওৰীয়ে অধ্যাপক সদস্য আৰু গৱেষণা পণ্ডিতসকলৰ মাজত গৱেষণা ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি এফ ডি পিৰ উদ্দেশ্য আৰু গাঁথনি উপস্থাপন কৰি অনুষ্ঠানটোৰ সুৰ নিৰ্ধাৰণ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৯০ জন অধ্যাপক আৰু গৱেষণা পণ্ডিতে হাইব্ৰিড মোডত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আনুষ্ঠানিক ভংগীমাত গণ্যমান্য ব্যক্তিসকলে পৰম্পৰাগত দীপ জ্বলাই দিলে। অধ্যাপক গায়ত্ৰী গোস্বামীয়ে এক সমৃদ্ধিশালী শিক্ষণ অভিজ্ঞতাৰ মঞ্চ তৈয়াৰ কৰি আদৰণি ভাষণ প্ৰদান কৰে।

অসমৰ প্ৰসিদ্ধ কণ্ঠশিল্পী দ্বীপেন বৰুৱালৈ ‘ৰঙালী’ৰ মঞ্চত জীৱনজোৰা সাধনা বঁটা…

সন্ধিয়া ৰঙালীৰ অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰে অসমৰ মাননীয় ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই। তেখেতে ভাষণ প্ৰসংগত ৰঙালীয়ে উদ্যমীতা আৰু পৰ্যটনৰ সমল সৃষ্টি আৰু প্ৰতিভা বিকাশৰ জৰিয়তে সৃষ্টিশীলতাৰ এক বৃহৎ মঞ্চ সৃষ্টি কৰাৰ বাবে উদ্যোক্তা শ্যামকানু মহন্তক ধন্যবাদ জনায়। লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগিতাৰ কথাও উল্লেখ কৰে।

গোলাব চান্দ কাটাৰিয়া ডাঙৰীয়াই আৰু বহু বেছি পৰ্যটকৰ আগমণৰ বাবে ৰঙালীক দেশৰ বিভিন্ন অঞ্চলত জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা হাতত ল’ব লাগে বুলিও কয়। তদুপৰি ৰাজ্যপাল কাটাৰিয়াই আয়োজকসকলৰ প্ৰশংসা কৰি ৰঙালীৰ অষ্টম সংস্কৰণত “জীৱনজোৰা সাধনা বঁটা” এক অভিনৱ সংযোজন বুলি মন্তব্য কৰে।

আজি সন্ধিয়াৰ মুখ্য অনুষ্ঠান ৰঙালী মিউজিক এৱাৰ্ডত অসমৰ মাননীয় ৰাজ্যপাল কাটাৰিয়া ডাঙৰীয়াই অসমৰ স্বনামধন্য কন্ঠশিল্পী দ্বীপেন বৰুৱাদেৱক ‘জীৱনজোৰা সাধনা বঁটা’প্ৰদান কৰে। এই বঁটাত তেখেতলৈ এখন এড়ী কাপোৰ, ১ লাখ ৫১ হাজাৰ টকাৰ চেক আৰু ৰঙালীৰ চিহ্ন সম্বলিত এটা স্মাৰক আগবঢ়োৱা হয়। গুৱাহাটীৰ বিখ্যাত বৰুৱা পৰিয়ালত ১৯৪৫ চনত জন্মগ্ৰহণ কৰা দ্বীপেন বৰুৱাৰ সংগীত যাত্ৰাৰ আৰম্ভণি হৈছিল ১৯৬৮ চনত। জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত ডক্তৰ বেজবৰুৱা ছবিৰ জৰিয়তে তেওঁ সংগীত জগতত প্ৰৱেশ কৰিছিল।

ছবিখনৰ সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই। এই ছবিখনৰ ‘কি নাম দি মাতিম’, ‘জিলিকি জিলিকা তৰা আকাশৰে’, ‘মইনা কোন বিধাতাই স্ৰজিলে’,’ফুল ফুল ফুল’, শীৰ্ষক চাৰিটা গীতত কন্ঠদান কৰি ইতিহাস সৃষ্টি কৰিলে।

কেৱল ৭০-৯০ৰ দশকতেই নহয় দ্বীপেন বৰুৱাৰ গীত মানেই আজিও নতুন শ্ৰোতাৰ মনত শিহৰণ। বঁটা গ্ৰহণ কৰি বৰুৱাদেৱে ৰঙালীৰ আয়োজনত আনন্দ প্ৰকাশ কৰি জীৱনজোৰা বঁটাৰ বাবে বাছনি কৰাৰ বাবে ৰঙালীৰ উদ্যোক্তা আৰু বিশেষকৈ তেখেতৰ ভাতৃপ্ৰতীম শ্যামকানু মহন্তক ধন্যবাদ জ্ঞাপন কৰে। দ্বীপেন বৰুৱাদেৱে লগতে এনে ধৰণৰ সমাজমুখী অনুষ্ঠানসমূহ ভৱিষ্যতেও সুকলমে সম্পন্ন হৈ থাকিবলৈ ৰঙালীক শুভেচ্ছা জনায়।

ৰঙালী মিউজিক এৱাৰ্ডৰ অন্যান্য প্ৰতিযোগিতামূলক শিতানসমূহত আগানৰ গানৰ বাবে ঠেঙাল জ্যোতি স্বপ্নক শ্ৰেষ্ঠ গীতিকাৰ, শিতানৰে গাৰুৰ বাবে ৰাণা বুঢ়াগোঁহাইক শ্ৰেষ্ঠ সংগীত পৰিচালক, অধিকাৰৰ বাবে তন্ময় শইকীয়াক উদীয়মান গায়ক, বহুদিন হ’লৰ বাবে জোনাকী মনক শ্ৰেষ্ঠ গায়ক (পুৰুষ), বাউলী ফাগুনৰ বাবে শতাব্দী খাটনিয়াৰক শ্ৰেষ্ঠ গায়ক (মহিলা), ক’লা বগাৰ বাবে মিনিমিক শ্ৰেষ্ঠ ৰেপাৰৰ বঁটা দিয়া হয়। আনহাতে বৰ্ষশ্ৰেষ্ঠ জনপ্ৰিয় গীতৰ শিতানত ৰাইজৰ ভোটত শ্ৰেষ্ঠ বিবেচিত হয় প্ৰাণদ্বীপৰ যুদ্ধ।

ৰঙালী মিউজিক এৱাৰ্ডৰ বিচাৰকৰ ৰূপত আছিল অসমৰ গৌৰৱ গীতিকাৰ, সংগীত পৰিচালক ইবছন লাল বৰুৱা আৰু প্ৰসিদ্ধ সংগীত পৰিচালক তথা সুৰকাৰ যতীন শৰ্মা ডাঙৰীয়া।

ৰঙালী সন্দৰ্ভত মুখ্য আয়োজক শ্যামকানু মহন্তই উল্লেখ কৰে যে কাইলৈ অৰ্থাৎ ২২ জুনৰ সন্ধিয়া বলিউডৰ বিখ্যাত শিল্পী এনিমেল খ্যাত ৰাঘৱ চৈতন্য আৰু দেওবাৰে জুবিন গাৰ্গৰ লগতে থাকিব ভাৰতৰ শ্ৰেষ্ঠ ৰক বেণ্ড নালায়কৰ প্ৰদৰ্শন। লগতে আছে পুষ্পাখ্যাত প্ৰসিদ্ধ গায়ক আৰু সংগীত পৰিচালক দেৱী শ্ৰী প্ৰসাদ।

তেখেতে মন্তব্য কৰে যে সমগ্ৰ প্ৰচেষ্টাটোত অসমৰ বহু জাতি জনগোষ্ঠী জড়িত হৈছে আৰু এই কথাটোত আমি আনন্দিত। লগতে বিভিন্ন জাতীয় সংগঠন, ছাত্ৰ সংগঠন, উন্নয়ন পৰিষদ, অসম চৰকাৰ আৰু বিশেষকৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা বহুখিনি সহযোগিতা পোৱাৰ কথাও মহন্তই উল্লেখ কৰে। ৰঙালীক এক জাগৰণত পৰিণত কৰাৰ বাবে শ্যামকানু মহন্তই ৰাইজক ধন্যবাদ জনায়।

ৰঙালীৰ আন এক উল্লেখযোগ্য বাৰ্তা ইয়াৰ লোক মঞ্চত চুতীয়া, বড়ো, ৰাভা, কাৰ্বি, সোণোৱাল কছাৰী, চাহ জনগোষ্ঠীকে ধৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে ৰহনীয়া সংস্কৃতিৰ প্ৰদৰ্শন। পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ তাঁতশাল, চুতীয়া জনগোষ্ঠীৰ এলেং ঘৰ, ৰাতি বিহু, গছ বিহু আদিৰে সমৃদ্ধ এই প্ৰদৰ্শনীয়ে অলেখ দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই প্ৰদৰ্শনী অহা ২৩ মে’ অৰ্থাৎ অনুষ্ঠানৰ অন্তিম দিনলৈকে অনুষ্ঠিত হ’ব। জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ পয়োভৰৰ লগতে ইয়াত অনুষ্ঠিত হৈছে ক্ষুদ্ৰ ব্যৱসায়ী সকলক অনুপ্ৰেৰণা জগাব পৰাকৈ ভকেল ফৰ লকেল প্ৰদৰ্শনী। লগতে আছে আৰ্ট, হিপ হপ আৰু অসংখ্য অনুষ্ঠানৰ সমাহাৰ। সুকলমে পাৰ হৈ যোৱা ৰঙালীৰ প্ৰথম দিনটোত বতৰে প্ৰতিকুলতাৰ সৃষ্টি কৰিছিল যদিও এই প্ৰতিকুলতাক নেওচি ৰঙালী ৰঙীন হৈ উজলি উঠিল।

বহিঃৰাজ্যত অকাল মৃত্যুক সাৱটি ল’লে অসমৰ দুই যুৱকে…

অন্ধ্ৰপ্ৰদেশত অকাল মৃত্যুক সাৱটি ল’লে অসমৰ দুই যুৱক।

বহি:ৰাজ্যত পথ দুৰ্ঘটনাত পতিত হৈ নিহত হয় অসমৰ যুৱক।

মৃতদেহ ঘৰ পোৱাৰ লগে কান্দোনত ভাঙি পৰে পৰিয়ালৰলোক।

উক্ত ঘটনাত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে চাপৰৰ খেৰডুবি আৰু ধীৰঘাট অঞ্চল।

পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যে বহিঃৰাজ্যলৈ ট্ৰাক চলাই যোৱা ধুবুৰী জিলাৰ চাপৰৰ খেৰডুবিৰ আসাদ আলী আৰু ধীৰঘাটৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ নুৰ ইছলাম নামৰ যুৱক দুজন উভতি নাহিল নিজ ঘৰলৈ। যুৱক দুজনৰ বিপৰীতে আজি আহি পালে যুৱকদ্বয়ৰ নশ্বৰ দেহ। ফলত সমগ্ৰ চাপৰতে এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। উল্লেখযোগ্য যে যোৱা ১৯ জুন ৰাতিপুৱা প্ৰায় চাৰি মান বজাত বহি:ৰাজ্য অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকামকুলাৰ জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত পথ দুৰ্ঘটনাত কৰ্মৰত ভাবে ট্ৰাক চালক যুৱক দুজন থিতাতে নিহত হয়।

অসমৰ প্ৰসিদ্ধ কণ্ঠশিল্পী দ্বীপেন বৰুৱালৈ জীৱনজোৰা সাধনা বঁটা…