Home Blog Page 727

গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ, বিষয়া, অভিযন্তাক লৈ শান্তিপুৰ- কুমাৰপাৰাৰ বান পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই…

ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বেছিভাগ নৈ-উপনৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাত ৰাজ্যৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। ইফালে দুদিন পূৰ্বে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পানীয়ে বিপদসীমা অতিক্ৰম কৰাত পাণ্ডু, শান্তিপুৰ, কুমাৰপাৰাকে ধৰি গুৱাহাটীৰ বহু অঞ্চল বানপানী আৰু আবদ্ধ বানপানীৰ কৱলত পৰিছে।বিশেষকৈ ব্ৰহ্মপুত্ৰ নদী সংযোগী শান্তিপুৰত থকা ভৰলু নৈৰ শ্লুইচগেটখন বন্ধ কৰি দিয়াত কুমাৰপাৰা আৰু শান্তিপুৰৰ কেবাটাও পথ, আৱাসিক এলেকা পানীৰ তলত থকাত ৰাইজ ভীষণ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে।বিশেষকৈ সদাব্যস্ত জি এল আগৰৱালা পথসহ কেবাটাও পথ জলমগ্ন হোৱাত যাতায়াতৰ ক্ষেত্ৰত বিগত দুটা দিন ধৰি নাগৰিকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ইয়াৰ মাজতে বুধবাৰে দিনৰ ভাগত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জি এল আগৰৱালা পথকে ধৰি শান্তিপুৰ , কুমাৰপাৰা অঞ্চলৰ কেবাটাও পথ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়।

পৰিদৰ্শন কালত বিধায়ক কলিতাৰ সৈতে উপস্থিত আছিল গুৱাহাটী পৌৰ নিগমৰ ১৩ আৰু ১৪ নম্বৰ ৱাৰ্ডৰ পাৰিষদ ক্ৰমে-মঞ্জু বৰা আৰু পূৰবী তালুকদাৰ, প্ৰাক্তন পাৰিষদ ভূপেন ঠাকুৰীয়া, নিগমৰ প্ৰশাসক তুলসী ৰঞ্জন কলিতা, কাৰ্যবাহী অভিযন্তা দীপক তালুকদাৰকে ধৰি কেবাজনো বিষয়া-অভিযন্তা।পৰিদৰ্শন কালত বিধায়ক কলিতাই পৌৰ নিগমৰ অভিযন্তাক জি এল আগৰৱালা পথকে ধৰি বাকী কেইটা পথত আবদ্ধ পানী নিষ্কাষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। সম্প্ৰতি পৌৰ নিগমৰ ফালৰ পৰা চাৰিটা পাম্প ব্যৱহাৰ কৰি আবদ্ধ পানী নিষ্কাষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ ফলত সন্ধিয়া পৰ্যন্ত শান্তিপুৰ আৰু কুমাৰপাৰাত আবদ্ধ পানী কিছু ওলাই গৈছে যদিও নতুনকৈ পুনৰ বৰষুণ হলে আৰু ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ তললৈ নামি নগলে বান পৰিস্থিতি অপৰিবৰ্তিত হৈ থকাৰ আশংকা আছে। তেনেদৰে পৰিদৰ্শন কালত বিধায়ক কলিতাই কুমাৰপাৰাত কৃত্ৰিম বানৰ ফলত আবদ্ধ হৈ থকা কেবাটাও পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকৰ দুখ-দুৰ্দশাৰ বুজ লয়।

একেদৰে শান্তিপুৰস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয় চৌহদৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে বিধায়ক কলিতাই। মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ মহন্তৰ সৈতেও মিলিত হৈ কিদৰে মহাবিদ্যালয় চৌহদৰ আবদ্ধ পানী নিষ্কাষণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ আলোচনা কৰে।আলোচনাকালত উপস্থিত থকা পৌৰ নিগমৰ পাৰিষদ, অভিযন্তা, বিষয়া সকলে এইক্ষেত্ৰত নিগমৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হব বুলি সদৰি কৰে। উল্লেখ্য যে ভৰলু নৈত থকা শ্লুইচগেটখনৰে জলসম্পদ বিভাগৰ ফালৰ পৰা দিনে-নিশাই উচ্চক্ষমতা সম্পন্ন পাম্পৰে পানী নিষ্কাষণ কৰি থকা হৈছে। তেনেদৰে শান্তিপুৰ আৰু কুমাৰপাৰাত পৌৰ নিগমৰ ফালৰ পৰা পাঁচটা পাম্পৰে পানী নিষ্কাষণ কৰি থকা হৈছে।

যোগিঘোপাৰ পৰা বৰপেটা টাউন আৰু হাজো হৈ আমিনগাঁওলৈ নতুন ৰে’ল লাইন স্থাপনৰ দাবীৰে ৰে’লমন্ত্ৰীক স্মাৰকপত্ৰ অগপৰ দুই সাংসদৰ

গুৱাহাটী, ৩ জুলাইঃ অসম গণ পৰিষদৰ লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আজি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ বৈষ্ণৱক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ দাখিল কৰে। অসমত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই স্মাৰক পত্ৰখন দিয়ে সাংসদদ্বয়ে।

বৰপেটাবাসীৰ দীৰ্ঘদিনীয়া আশা পুৰণ কৰিবৰ বাবে স্মাৰকপত্ৰখনৰ এটা প্ৰাথমিক দাবী হ’ল- যোগিঘোপাৰ পৰা বৰপেটা টাউন আৰু হাজো হৈ আমিনগাঁওলৈ এটা নতুন ৰে’ল লাইন স্থাপন কৰা। এই প্ৰস্তাৱিত ৰে’ল লাইনৰ লক্ষ্য হৈছে পৰিবহন আন্তঃগাঁথনি উন্নত কৰি অসমত যাতায়ত ব্যৱস্থাৰ উত্তৰণ ঘটোৱা আৰু অৰ্থনৈতিক বিকাশ তৰান্বিত কৰা।

স্মাৰকপত্ৰখন গ্ৰহণ কৰি অশ্বিনী কুমাৰ বৈষ্ণৱে দীৰ্ঘদিন ধৰি প্ৰতীক্ষিত এই প্ৰকল্পটো শীঘ্ৰেই আৰম্ভ হ’ব আৰু ইয়াৰ কাৰ্যকৰীকৰণ ত্বৰান্বিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।

কংগ্ৰেছ ত্যাগ কৰি আপত যোগদান ৰমেন বৰঠাকুৰৰ

গুৱাহাটী, জুলাই – দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ সৈতে জড়িত হৈ দলটোক নেতৃত্ব প্ৰদান কৰা ৰমেন বৰঠাকুৰে অৱশেষত কংগ্ৰেছ ত্যাগ কৰি আম আদমী পাৰ্টিত যোগদান কৰিলে। আজি নতুন দিল্লীত আপৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী আৰু উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত আপত যোগদান কৰে।

প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীক দললৈ আদৰণি জনাই আতিশীয়ে কয়-“ৰমেন বৰঠাকুৰে সুদীৰ্ঘ ২৩ বছৰ ধৰি কংগ্ৰেছৰ সৈতে জড়িত হৈ দলটোক নেতৃত্ব দিছিল। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ হিচাপে দায়িত্ব পালন কৰা বৰঠাকুৰে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত জালুকবাৰী সমষ্টিত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

আমি তেওঁক আপলৈ আদৰণি জনাবলৈ পাই সুখী হৈছোঁ। ” আতিশীয়ে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এটা ৱাৰ্ডত আপৰ প্ৰাৰ্থীৰ বিজয়ৰ উপৰি তিনিচুকীয়া আৰু লখিমপুৰ পৌৰ সভাৰ নিৰ্বাচনতো আপৰ প্ৰাৰ্থীয়ে জনসাধাৰণৰ সমৰ্থন লাভ কৰাৰ প্ৰসংগ উল্লেখ কৰে। বিগত লোকসভাৰ নিৰ্বাচনত ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিত আপৰ প্ৰাৰ্থীয়ে দলৰ ভেটি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এই সময়তে ৰমেন বৰঠাকুৰৰ যোগদানে আপৰ ভেটি সুদৃঢ় কৰিব বুলি আতিশীয়ে আশা প্ৰকাশ কৰে।

সংবাদমেলত দলটোৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয়, “ৰমেন বৰঠাকুৰৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাই অসমত আপক উপকৃত কৰিব। ৰাজ্যখনৰ জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত বৰঠাকুৰে বিভিন্ন আন্দোলনৰ সৈতে জড়িত হৈছিল। বিগত দিনবোৰত তেওঁ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু অপশাসনৰ বিৰুদ্ধে সদা জাগ্ৰত প্ৰহৰীৰ দৰে ভূমিকা পালন কৰি আহিছে। এতিয়াৰ পৰা আমি একেলগে আপক আগবঢ়াই লৈ যোৱাৰ বাবে কাম কৰিম।” সংবাদমেলত আতিশীয়ে দলীয় টুপী আৰু ৰাজেশ শৰ্মাই দলীয় পতাকাৰে নৱাগত নেতাগৰাকীক আদৰণি জনায়। বৃহস্পতিবাৰে গুৱাহাটীত আপৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ নেতা-কৰ্মী সকলে ৰমেন বৰঠাকুৰক আদৰণি জনাব।দিল্লীৰ সংবাদমেলত বৰঠাকুৰক আদৰিলে আপৰ নেত্ৰী আতিশীয়ে

ৰঙিয়াৰ তুলসীবাৰীত ২২ বছৰীয়া যুৱকৰ মৃত্যুত শোক

ৰঙিয়া,৩ জুলাইঃ ৰঙিয়াৰ তুলসীবাৰীত এগৰাকী যুৱকৰ মৃত্যু হয়। ২২ বছৰীয়া যুৱক গৰাকী তুলসীবাৰীৰ সৌৰভ কলিতা। প্ৰায় ৬ মাহ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মঙলবাৰে গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত যুৱক গৰাকীৰ মৃত্যু হয়। ইফালে এই মৃত্যুৰ খবৰ বিয়পি পৰাৰ সমগ্ৰ অঞ্চলজুৰি শোকান্বিত হৈ পৰে। উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৰণী খণ্ডৰ শাৰীৰিক প্ৰমূখ হিচাপে সৌৰভ কলিতা দায়িত্বত আছিল।

আনহাতে প্ৰতিভাৱান যুৱক গৰাকীৰ মৃত্যুত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কামৰূপ জিলা, ৰঙিয়া নগৰৰ লগতে তৰণী হৰিমন্দিৰ ,আৰিমত্ত ভবন প্ৰমুখ্যে বিভিন্ন অনুষ্ঠান তথা ব্যাক্তিয়ে শোক প্ৰকাশ কৰে। কবিতা আদি লিখিবলৈ আৰম্ভ কৰা যুৱক গৰাকীয়ে ৰঙিয়া মহাবিদ্যালয়ত স্নাতক শিক্ষাগ্ৰহণ কৰি আছিল। মৃত্যুৰ সময়ত যুৱক গৰাকীয়ে পিতৃ- মাতৃ আৰু ভাতৃসহ ভালেসংখ্যক আত্মীয় স্বজনক এৰি থৈ যায়।

কংগ্ৰেছ ত্যাগ কৰি আপত যোগদান ৰমেন বৰঠাকুৰৰ

গুৱাহাটী, ৩ জুলাই: : দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ সৈতে জড়িত হৈ দলটোক নেতৃত্ব প্ৰদান কৰা ৰমেন বৰঠাকুৰে অৱশেষত কংগ্ৰেছ ত্যাগ কৰি আম আদমী পাৰ্টিত যোগদান কৰিলে। আজি নতুন দিল্লীত আপৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী আৰু উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত আপত যোগদান কৰে। প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীক দললৈ আদৰণি জনাই আতিশীয়ে কয়-“ৰমেন বৰঠাকুৰে সুদীৰ্ঘ ২৩ বছৰ ধৰি কংগ্ৰেছৰ সৈতে জড়িত হৈ দলটোক নেতৃত্ব দিছিল। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ হিচাপে দায়িত্ব পালন কৰা বৰঠাকুৰে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত জালুকবাৰী সমষ্টিত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। আজি আমি তেওঁক আপলৈ আদৰণি জনাবলৈ পাই সুখী হৈছোঁ। “ আতিশীয়ে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এটা ৱাৰ্ডত আপৰ প্ৰাৰ্থীৰ বিজয়ৰ উপৰি তিনিচুকীয়া আৰু লখিমপুৰ পৌৰ সভাৰ নিৰ্বাচনতো আপৰ প্ৰাৰ্থীয়ে জনসাধাৰণৰ সমৰ্থন লাভ কৰাৰ প্ৰসংগ উল্লেখ কৰে।

বিগত লোকসভাৰ নিৰ্বাচনত ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিত আপৰ প্ৰাৰ্থীয়ে দলৰ ভেটি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এই সময়তে ৰমেন বৰঠাকুৰৰ যোগদানে আপৰ ভেটি সুদৃঢ় কৰিব বুলি আতিশীয়ে আশা প্ৰকাশ কৰে। সংবাদমেলত দলটোৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয়, “ৰমেন বৰঠাকুৰৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাই অসমত আপক উপকৃত কৰিব। ৰাজ্যখনৰ জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত বৰঠাকুৰে বিভিন্ন আন্দোলনৰ সৈতে জড়িত হৈছিল। বিগত দিনবোৰত তেওঁ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু অপশাসনৰ বিৰুদ্ধে সদা জাগ্ৰত প্ৰহৰীৰ দৰে ভূমিকা পালন কৰি আহিছে। এতিয়াৰ পৰা আমি একেলগে আপক আগবঢ়াই লৈ যোৱাৰ বাবে কাম কৰিম।” সংবাদমেলত আতিশীয়ে দলীয় টুপী আৰু ৰাজেশ শৰ্মাই দলীয় পতাকাৰে নৱাগত নেতাগৰাকীক আদৰণি জনায়। বৃহস্পতিবাৰে গুৱাহাটীত আপৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ নেতা-কৰ্মী সকলে ৰমেন বৰঠাকুৰক আদৰণি জনাব।

নতুন ফৌজদাৰী আইনে সাধাৰণ নাগৰিকক বহু সকাহ দিব : আৰক্ষী আয়ুক্ত দিগন্ত বৰা

গুৱাহাটী , ৩ জুলাই : দেশৰ আন ৰাজ্যৰ লগতে অসমতো পহিলা জুলাইৰ পৰা কাৰ্যকৰী হৈছে নতুনকৈ বলবৎ হোৱা ‘নতুন অপৰাধ আইন ২০২৩’ । আনহাতে এই নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে গুৱাহাটীৰ জালুকবাৰী থানা আৰু পাণ্ডু নদী আৰক্ষীৰ যৌথ উদ্যোগত পহিলা জুলাইৰ দিনা নিশা মালিগাঁও বৰিপাৰাস্থিত কৰ্মস্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয় । জালুকবাৰী থানাৰ কেন্দ্ৰীয় নাগৰিক কমিটিৰ সভাপতি দ্বিজেন লহকৰৰ সভাপতিত্বত থানা এলেকাৰ ৱাৰ্ড সমূহৰ চাৰি শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰীতুজ্যোতি নাথে। সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ভাষণ প্ৰসংগত ‘নতুন অপৰাধ আইন ২০২৩’ৰ অধীনত নতুনকৈ বলবৎ হোৱা তিনিখন ফৌজদাৰী আইন ক্রমে, ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ সন্দর্ভত বিতংভাৱে বাখ্যা দাঙি ধৰি এই নতুন ফৌজদাৰী আইনৰ দ্বাৰা সাধাৰণ ৰাইজ বা নাগৰিক কিদৰে উপকৃত হব তাক ফহিয়াই কয় । বিশেষকৈ এই নতুন আইন প্ৰবৰ্তনৰ ফলত বহু ক্ষেত্ৰত নাগৰিকে থানালৈ নহাকৈয়ে ঘৰৰ পৰাই বহু সেৱা লাভ কৰিব বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰি কৰি এইক্ষেত্ৰত আৰক্ষীক সহযোগিতা আগবঢ়াবলৈ ৰাইজক আহ্বান জনায়।

সভাত গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত প্ৰতীক থুবে, গুৱাহাটী পশ্চিম বংগৰ জিলাৰ উপ আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱা, অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত দেৱৰ্ষি চৌধুৰী, যান – বাহন শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত মৃন্ময় গোস্বামী, জালুকবাৰী সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত সোমালিনী ভাছদৰ্শিনীকে ধৰি কেবাজনো আৰক্ষী বিষয়াই চমু ভাষণত পহিলা জুলাইৰ পৰা বলবৎ হোৱা তিনিওখন ফৌজদাৰী আইনৰ জৰিয়তে সাধাৰণ ৰাইজ কেনেদৰে উপকৃত হ’ব সেই বিষয়ে অৱগত কৰে। সভাত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মূখ্য ৱাৰ্ডেন নিমাই চন্দ্ৰ দাস, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন ডেপুটী মেয়ৰ কমল দে, জালুকবাৰী থানাৰ কেন্দ্ৰীয় নাগৰিক কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন্দ্ৰ নাথ সোণোৱাল, মহিলা সমাজসেৱিকা নিয়তি দে’কে ধৰি থানা এলেকাৰ গুৱাহাটী পৌৰ নিগমৰ কেবাজনো পাৰিষদ , গাঁওৰক্ষী বাহিনী সমূহৰ প্ৰতিনিধি , নাগৰিক কমিটি সমূহৰ প্ৰতিনিধি, বিভিন্ন সামাজিক সংস্থাৰ প্ৰতিনিধিকে ধৰি অঞ্চলটোৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত আছিল ।

আম আদমি পাৰ্টীত যোগদান কংগ্ৰেছৰ জেষ্ঠ নেতা ৰমেন বৰঠাকুৰৰ…

আম আদমি পাৰ্টীত যোগদান কংগ্ৰেছৰ জেষ্ঠ নেতা ৰমেন বৰঠাকুৰৰ।

আজি দিল্লীত আপৰ দিল্লীৰ মন্ত্ৰী তথা আপৰ জেষ্ঠ নেত্ৰী আতিষী মাৰ্লিন, উত্তৰ পূৱৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত আম আদমি পাৰ্টীত যোগদান কৰে কংগ্ৰেছৰ জেষ্ঠ নেতাগৰাকীয়ে।

জালুকবাৰীত ড্ৰাগছসহ আটক ১

গুৱাহাটী, ৩ জুলাই : মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গোপন সূত্ৰৰ পম খেদি উত্তৰ জালুকবাৰীত অভিযান চলাই ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে । ধৃত সৰবৰাহকাৰীটোক গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত লংকেশ্বৰ নম: সুদ্ৰপাৰাৰ কমল দাস (৩১) বুলি চিনাক্ত কৰা হৈছে । আৰক্ষী সুত্ৰে জানিব পৰামতে কমল দাসে এখন মটৰ চাইকেলত মহানগৰীৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহ কৰিবলৈ যোৱা বুলি গোপন সূত্ৰে জানিব পাৰি দিনৰ ১০ মান বজাত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ লোকে আজাৰাৰ পৰা তেঁওক অনুসৰণ কৰি উত্তৰ জালুকবাৰী আটক কৰিবলৈ সক্ষম হয়।

তালাচী চলোৱাত তেওঁৰ পৰা অলপ ড্ৰাগছ জব্দ কৰে যদিও কমলক লৈ আনি তাৰ নিজ গৃহত তালাচী চলোৱাত কৌশলৰে ঘৰৰ মুধচত ৰখা অৱস্থাত ২০ টা চাবোনৰ বাকচত প্ৰায় ২৫০গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা ড্ৰাগছখিনীৰ মূল্য প্ৰায় ১৫ লাখ টকা হব। আৰক্ষীয়ে তেওঁৰ পৰা ম’বাইল ফোন আৰু ড্ৰাগছ সৰবৰাহত ব্যৱহৃত সামগ্ৰী জব্দ কৰিছে ।

তথাকথিত ডাঙৰ দলতকৈ বহুত বেছি আক্ৰমণাত্মক প্ৰতি-আক্ৰমণ খেল! অষ্ট্ৰিয়াক পৰাভূত কৰি ইউৰোৰ অন্তিম আঠত তুৰস্ক…

অষ্ট্ৰিয়া আৰু তুৰ্কী খেলখন প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত তথাকথিত ডাঙৰ দলবোৰতকৈ বহুত বেছি আক্ৰমণাত্মক প্ৰতি-আক্ৰমণ। তুৰ্কীয়ে খেলখনত ৫৭ ছেকেণ্ডত আগবাঢ়ি গৈছিল। তেওঁলোকে দ্বিতীয়াৰ্ধত ব্যৱধান বৃদ্ধি কৰিছিল। দুয়োটা গ’ল ডিফেণ্ডাৰ মেৰী ডেমিৰালে কৰিছিল। কিন্তু অষ্ট্ৰিয়াই যুঁজখন এৰি দিয়া নাছিল। তেওঁলোকে এটা গ’ল দিছিল। কিন্তু অষ্ট্ৰিয়াই দ্বিতীয়টো গ’ল কৰিব নোৱাৰিলে। তুৰ্কীৰ নিৰাশাজনক প্ৰতিৰক্ষাই গ’লটো হ’বলৈ নিদিলে। এক উত্তেজনাপূৰ্ণ খেলৰ 90 মিনিটৰ শেষত অষ্ট্ৰিয়া পৰাজিত হয়। ইউৰোৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা তুৰ্কী হৈছে অষ্টম আৰু অন্তিম দল। দলটোৱে অন্তিম আঠত নেডাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। তুৰ্কীয়ে খেলখনত অষ্ট্ৰিয়াক ৫৭ ছেকেণ্ডত গ’ল দিয়ে। অষ্ট্ৰিয়াৰ ৰক্ষকসকলে এটা নিৰাপদ স্থান বিচাৰি বলৈ চেষ্টা কৰিছিল। তুৰ্কীয়ে বাউমগাৰ্টনাৰ আৰু পছৰ ভুল বুজাবুজিৰ সুযোগ লৈছিল।

গ’লৰক্ষক পেণ্টজে কেনেবাকৈ বলটো আউট কৰিবলৈ সক্ষম হৈছিল, কিন্তু মেৰী ডেমিৰালে ৰিটাৰ্ণ বলটো গ’ল কৰি তুৰ্কীক আগুৱাই নিয়ে। তেওঁ ইউৰো ইতিহাসৰ দ্বিতীয় দ্ৰুততম গ’লটো কৰিছিল। পৰৱৰ্তী মিনিটত অষ্ট্ৰিয়াই সমতা সুযোগ লাভ কৰে। বাউমগাৰ্টনাৰে বলটো ভৰিত ৰাখিব নোৱাৰিলে। বলটো পোষ্টৰ বাহিৰলৈ যায়। যদিও কাগজত খুব ডাঙৰ দল নহয় দুয়োটা দলে আক্ৰমণাত্মক ফুটবল খেলি আছিল। অষ্ট্ৰিয়াই থ্ৰু বলৰ ওপৰত অধিক নিৰ্ভৰ কৰিছিল। তুৰ্কীয়ে ছাইড লাইনৰ পৰা আক্ৰমণ কৰি আছিল। দুয়োটা দলে কেইবাবাৰো বিপক্ষ বক্সত প্ৰৱেশ কৰিছিল কিন্তু গ’ল কৰিব নোৱাৰিলে। কিন্তু প্ৰথমাৰ্ধত মুকলি ফুটবল আছিল। দুয়োটা দলে গ’ল কৰিবলৈ চেষ্টা কৰিছিল। প্ৰথমাৰ্ধৰ শেষত চাবিটজাৰে এটা ভাল সুযোগ পাইছিল। তেওঁ স্কৰ কৰিব নোৱাৰিলে। তুৰ্কী বিৰতিলৈকে ১-০ত আগবাঢ়ি গৈছিল৷ দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে অষ্ট্ৰিয়াৰ প্ৰশিক্ষকে কেইটামান পৰিৱৰ্তন কৰিছিল। ফলস্বৰূপে দলটোৰ খেলৰ শৈলী সলনি হ’ল। থ্ৰু বলৰ পৰিৱৰ্তে অষ্ট্ৰিয়াই কাষত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। ৫১ মিনিটত সমতা পুনৰুদ্ধাৰ কৰাৰ এটা সহজ সুযোগ পাইছিল। তেওঁ গ’লৰক্ষকজনক অকলে পাইছিল আৰু তেওঁক আঘাত কৰিছিল। পৰৱৰ্তী মিনিটত লাইমাৰে একক দক্ষতাৰে বক্সত প্ৰৱেশ কৰে। তেওঁৰ বাওঁ ভৰিৰ শ্বটটো পোষ্টৰ বাহিৰলৈ যায়। পৰৱৰ্তী মিনিটত অষ্ট্ৰিয়াই আন এটা সুযোগ নষ্ট কৰিলে। এইবাৰ পশে বক্সত প্ৰৱেশ কৰিছিল আৰু শ্বটটো মাৰিছিল। কিন্তু বলটো ডিফেণ্ডাৰৰ পৰা বাহিৰলৈ যায়। এটাৰ পিছত এটা আক্ৰমণত তুৰ্কীৰ প্ৰতিৰক্ষা সম্পূৰ্ণ চাপত পৰিছিল। অষ্ট্ৰিয়াই ইমান সুযোগ পোৱা স্বত্বেও গ’ল কৰিব নোৱাৰিলে। তুৰ্কীয়ে ১০ মিনিটৰ পিছত খেললৈ উভতি আহিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে ৫৯ তম মিনিটত কৰ্ণাৰ কিক লাভ কৰে। ডেমিৰালে সেই কৰ্ণাৰৰ পৰা পুনৰ গ’ল কৰে। তেওঁ দুজন ডিফেণ্ডাৰৰ মাজৰ পৰা গ’ল কৰিছিল। তুৰ্কীয়ে দেখুৱাইছিল যে যদি ছেট-পিচ ব্যৱহাৰ কৰা হয় তেন্তে চাপত কেনেদৰে খেললৈ উভতি আহিব লাগে। অষ্ট্ৰিয়াই দুটা গ’লত পিছ পৰাৰ পিছত সম্পূৰ্ণ মুকলি ফুটবল খেলিবলৈ আৰম্ভ কৰে। তেওঁলোক হতাশ হোৱা নাছিল। দ্বিতীয়াৰ্ধৰ আৰম্ভণিৰ পৰাই খেলি থকা ফুটবলখনে খেলি থাকিল। আক্ৰমণকাৰী ফুটবলে সহায় কৰে। মাইকেল গ্ৰেগৰীয়ে ৬৬ মিনিটত এটা গ’ল কৰিছিল। তেওঁ কৰ্ণাৰৰ পৰা সতীৰ্থৰ হেডেৰে গ’লটো কৰিছিল। দুই মিনিটৰ পিছত গ্ৰেগৰী বক্সত এটা অসুৰক্ষিত স্থানৰ পৰা পুনৰ আগবাঢ়িল। কিন্তু এই ক্ষেত্ৰত, বলটো পোনপটীয়াকৈ গ’লৰক্ষকৰ ওচৰলৈ যায়। প্ৰায় গোটেই দ্বিতীয়াৰ্ধটো তুৰ্কী বক্সৰ বাহিৰত খেলা হৈছিল।

তুৰ্কীৰ সকলোৱে প্ৰতিৰক্ষাৰ বাবে নামি গৈছিল। ফলস্বৰূপে, অষ্ট্ৰিয়াৰ বলৰ সিংহৰ অংশ আছিল। চাবিৎজাৰসকলে দুয়োটা মূৰত বাৰে বাৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আছিল। কিন্তু তুৰ্কীৰ নিৰাশাজনক প্ৰতিৰক্ষাই গ’ল হ’বলৈ নিদিলে। অষ্ট্ৰিয়াই বক্সৰ বাহিৰৰ পৰা গ’ল কৰিব নোৱাৰিলে। সময় যোৱাৰ লগে লগে অষ্ট্ৰিয়াৰ ফুটবল খেলুৱৈসকলে সংগ্ৰাম কৰি আছিল। তেওঁলোকে সকলোবোৰ কৰি আছিল, কিন্তু তেওঁলোকে গ’ল কৰিব নোৱাৰিলে। খেলৰ শেষ মুহূৰ্তত বাউমগাৰ্টনাৰৰ হেডটোৱে কেনেবাকৈ সন্মান ৰক্ষা কৰে। অন্যথা, খেলখন অতিৰিক্ত সময়লৈ যাব। অৱশেষত অষ্ট্ৰিয়া ১-২ ব্যৱধানত পৰাজিত হয়। তুৰ্কী ইউৰোৰ অন্তিম আঠত উপনীত হয়।

ৰঙিয়া মহাবিদ্যালয়ত অনলাইন সৃজনীমূলক লেখনী প্রতিযোগিতাৰ আয়োজন

ৰঙিয়া,৩ জুলাই ঃ বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ৰঙিয়া মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ উদ্যোগত আৰু আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কোষ ৰঙিয়া মহাবিদ্যালয়ৰ সহযোগত অনলাইন সৃজনীমূলক লেখনী প্রতিযোগিতা গ্রন্থাগাৰিক দিৱস উপলক্ষে আয়োজন কৰা হৈছে। ছাত্র – ছাত্ৰীৰ শৈক্ষিক দিশটোৰ উৎকৰ্ষ সাধনৰ লগত সংগতি ৰাখি কবিতা, আৰু চুটিগল্পৰ আয়োজন কৰা হৈছে। কেৱল বৰ্তমান ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলেহে অংশ গ্রহণ কৰিব পাৰিব। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনায় ।