সামাজিক মাধ্যমত তথা পঢ়ুৱৈ সমাজত চৰ্চিত এখন গ্ৰন্থ। (Nobin Buragohain) “আহোম বুৰঞ্জী-কোষ” নামৰ গ্ৰন্থখনি ১২ বছৰৰ কষ্টৰ অন্তত লেখক নবীন বুঢ়াগোঁহাইয়ে পঢ়ুবৈ সমাজলৈ এৰি দিছে।
আজি ঐতিহাসিক তলাতল ঘৰৰ প্ৰাঙ্গনত গ্ৰন্থখনি “জা ছিং ফা” অনুষ্ঠানেৰে পূৰ্বপুৰুষলৈ উছৰ্গা গ্ৰন্থখনিৰ ৰচনা কালত ৰৈ যোৱা ভুল ক্ৰটিসমূহ যে দুখ নধৰে তাৰ বাবে এই ব্যতিক্ৰমী মাংগলিক পৰ্ব সম্পন্ন কৰে।
সমগ্ৰ বিশ্বতে শিশু (Children Obesity) আৰু কিশোৰ-কিশোৰীৰ মেদবহুলতাৰ সমস্যা বৃদ্ধি পাইছে। এতিয়া ৰাষ্ট্ৰসংঘইও এই সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ইউনিচেফে এক নতুন প্ৰতিবেদনত এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে।
জাংক ফুডৰ ব্যৱহাৰে শিশু আৰু কিশোৰ-কিশোৰীক মেদবহুলতাৰ দিশে ঠেলি দিছে। যাৰ ফলত পাঁচ বছৰৰ পৰা ১৯ বছৰ বয়সৰ শিশু/কিশোৰ-কিশোৰী মেদবহুলতাৰ বলি হৈ পৰিছে। ইউনিচেফে এক নতুন প্ৰতিবেদনত এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে। এই ভয়ংকৰ প্ৰতিবেদনত ইউনিচেফে অনুমান কৰিছে যে ২০২৫ চনত এই বয়সৰ প্ৰায় ১০ টা শিশুৰ ভিতৰত এজনে কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব, যাৰ কাৰণ হৈছে আল্ট্ৰা প্ৰচেছড জাংক ফুডৰ সহজ উপলব্ধতা।
মেদবহুলতাই শিশুৰ বৃদ্ধিত প্ৰভাৱ পেলাইছে-
“যি সময়ত শিশুৰ বৃদ্ধি আৰু মানসিক স্বাস্থ্যত পুষ্টিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে, সেই সময়ত আল্ট্ৰা প্ৰচেছড জাংক ফুডে ফল-মূল, শাক-পাচলি আৰু প্ৰটিনৰ ঠাই লৈছে।”
মেদবহুলতাৰ প্ৰধান কাৰণ-
ইউনিচেফে স্পষ্টভাৱে উল্লেখ কৰিছে যে ইয়াৰ মূল কাৰণ কেৱল ভুল খাদ্যই নহয়, লাভৰ বাবে গ্ৰহণ কৰা অনৈতিক ব্যৱসায়িক পদ্ধতিও। ইউনিচেফে কয় যে দোষ শিশু বা তেওঁলোকৰ পৰিয়ালৰ নহয়, বৰঞ্চ “শিশু ডাঙৰ হোৱা পৰিৱেশ সুৰক্ষিত কৰাত সমাজে ব্যৰ্থ হোৱা”।
উন্নত দেশত অতিৰিক্ত ওজনৰ শিশুৰ হাৰ- ঐতিহাসিকভাৱে অধিক উন্নত দেশত অতিৰিক্ত ওজনৰ শিশুৰ হাৰ যথেষ্ট বেছি। কিছুমান দেশৰ বাবে এই পৰিস্থিতি দুগুণ। এইবোৰ দেশত পুষ্টিহীনতা আৰু মেদবহুলতা দুয়োটা ৰোগত ভুগি আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ (Narendra Modi) গুৱাহাটীত ভাৰত ৰত্ন ডঃভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে। ইয়াতসমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি এটা উল্লেখযোগ্য দিন আৰু এই মুহূৰ্তটো সঁচাকৈয়ে অমূল্য। তেখেতে কয় যেইয়াত প্ৰত্যক্ষ কৰা পৰিবেশন, উৎসাহতথা পৰ্য্যবেক্ষণ কৰা সমন্বয়ৰ মনোভাৱে সঁচাকৈয়ে আৱেগিক কৰি তুলিছে। তেখেতে ভূপেন দাৰ গীতৰ ছন্দত আলোকপাত কৰে যি ছন্দ সমগ্ৰ অনুষ্ঠানটিতে অনুৰণিতহৈছে। ভূপেন হাজৰিকাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ মনত প্ৰতিধ্বনিত হোৱাহাজৰিকাৰ গীতৰ কেইটামান শব্দ উল্লেখ কৰে। তেখেতে কয় যে ভূপেনদাৰ সংগীতৰ ঢৌবোৰ সকলোতে, অন্তহীনভাৱে বৈ যোৱাটো অন্তৰেৰে কামনা কৰিছে।
ইয়াত অংশগ্ৰহণ কৰা সকলো শিল্পীকে প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। আজিৰ পৰিবেশন কাৰ্য্যই ব্যতিক্ৰমী প্ৰস্তুতিক প্ৰতিফলিত কৰিলে বুলি উল্লেখেৰে তেখেতে কয় যে অসমৰ মনোভাৱ এনেকুৱা যে ইয়াৰ প্ৰতিটো অনুষ্ঠানেই নতুন অভিলেখ গঢ়ি তোলে। তেখেতে সকলো শিল্পীকে অভিনন্দন জনায় আৰু প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মাত্ৰ কেইদিনমান পূৰ্বে অৰ্থাৎ ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম বাৰ্ষিকী পালন কৰা হৈছিল। তেখেতে কয় যে সেইদিনা ভূপেন দালৈ সন্মান জনাই এটি সমৰ্পিত প্ৰবন্ধত নিজৰ আৱেগ প্ৰকাশ কৰিছিল। তেখেতে কয় যে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত এইদৰে অংশগ্ৰহণ কৰিবলৈ পোৱাটো তেখেতৰ বাবে সৌভাগ্যৰ কথা। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভূপেন দাক সকলোৱে মৰমেৰে “সুধা কণ্ঠ” বুলি অভিহিত কৰে। তেখেতে কয় যে ভাৰতৰ আৱেগক কণ্ঠেৰেমূৰ্ত কৰি তোলা, সংগীতক সংবেদনশীলতাৰে সংযোগ কৰা, স্বকীয় গীতৰ জৰিয়তে ভাৰতৰ সপোনক সংৰক্ষণ কৰা আৰু মাতৃ গংগাৰ জৰিয়তে ভাৰত মাতাৰ মমতা বর্ণনা কৰা সেইগৰাকীসুধা কণ্ঠৰে এয়া জন্ম শতবাৰ্ষিকী।ভূপেনদাৰ অমৰ সৃষ্টিৰাজিয়ে ভাৰতক সংযোগ আৰু ভাৰতীয় প্ৰজন্মসমূহক আলোড়িত কৰিছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে যদিও ভূপেন দা এতিয়া কায়িকভাৱে আমাৰ মাজত নাই, তথাপিও তেওঁৰ গীত আৰু কণ্ঠ ভাৰতৰ উন্নয়ন যাত্ৰাৰ সাক্ষী হৈ ৰৈছে আৰু ইয়াক শক্তিশালী কৰি তুলিছে। তেখেতে দৃঢ়তাৰে কয় যে চৰকাৰে গৌৰৱেৰেভূপেন দাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছে। ভূপেন হাজৰিকা ডাঙৰীয়াৰ গীত, বাৰ্তা, জীৱন গাথাক প্ৰতিঘৰ গৃহস্থীলৈকে লৈ যোৱা হৈছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ জীৱনীখনিউন্মোচন কৰা হৈছে বুলি তেখেতে জনায়। এই উপলক্ষে ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে মোদীয়ে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অসমবাসীৰ লগতে প্ৰতিজন ভাৰতীয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।“ভূপেন হাজৰিকাই সংগীতৰ সেৱাত ওৰেটো জীৱন উৎসৰ্গা কৰিছিল”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে সংগীত আধ্যাত্মিক অনুশীলনৰ এক প্ৰকাৰ হৈ পৰা মাত্ৰেকেগীতে আত্মাক স্পৰ্শ কৰেআৰু সংগীত সংকল্প হৈ পৰা মাত্ৰেকেগীত এটি সমাজখনক পথ-প্ৰদৰ্শনৰ মাধ্যমত পৰিণত হয়। তেখেতে কয় যে এনে বৈশিষ্ট্যৰাজিয়েই ভূপেন দাৰ সংগীতক ইমান বিশেষ কৰি তুলিছে। ভূপেন দাৰ গীতত জীয়াই থকাৰ আদৰ্শ আৰু তেওঁৰ অভিজ্ঞতাৰাজি প্ৰতিফলিত হোৱাৰকথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভূপেন দাৰ সংগীতত ভাৰত মাতাৰ প্ৰতি থকা গভীৰ প্ৰেম “এক ভাৰত, শ্ৰেষ্ঠ ভাৰত”-ৰ ধাৰণাটোৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাৰ পৰাই উদ্ভৱ হৈছে। তেখেতে কয় যে ভূপেন দাৰ জন্ম উত্তৰ-পূবত হৈছিলআৰু ব্ৰহ্মপুত্ৰৰ বিশাল ঢৌৱে তেওঁক সংগীতৰআদিপাঠ শিকাইছিল। ভূপেনদাই পৰৱৰ্তীসময়ত স্নাতক শিক্ষা লাভৰ বাবে কাশীলৈ যোৱাৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ হোৱা ভূপেনদাৰ সাংগীতিক যাত্ৰা গংগাৰ প্ৰবাহিত ছন্দৰ জৰিয়তে আয়ত্তলৈ ৰূপান্তৰিত হৈছিল। তেখেতে উল্লেখ কৰে যে কাশীৰ গতিশীলতাই তেওঁৰ জীৱনত এক অবিৰত প্ৰবাহৰ সঞ্চাৰ কৰিছিল। ভূপেন দাক ভাৰত ভ্ৰমণকাৰীতথা আনকি পিএইচডি-ৰ বাবে যুক্তৰাষ্ট্ৰলৈ যোৱা এগৰাকীপৰিব্ৰাজক বুলি অভিহিতকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জীৱনৰ প্ৰতিটো পৰ্য্যায়তে ভূপেন দা প্ৰকৃত পুত্ৰ হিচাপে অসমৰ মাটিৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ আছিল।তেখেতে লগতে কয় যে এই কাৰণেই ভূপেন দা ভাৰতলৈ উভতি আহি চলচ্চিত্ৰৰ জৰিয়তে সাধাৰণ জনতাৰ কণ্ঠ হৈ পৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভূপেনদাই সাধাৰণ জীৱনৰ যন্ত্ৰণাক কণ্ঠৰেপ্ৰকাশ কৰিছিলআৰু সেই কণ্ঠয়েই এতিয়াও ৰাষ্ট্ৰখনক আলোড়িত কৰি ৰাখিছে। ভূপেন দাৰ এটি গীতৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ অৰ্থ হৈছে- যদি মানুহেইপৰস্পৰে-পৰস্পৰৰহৰ্ষ-বিষাদ, দুখ-কষ্টৰ কথা নাভাবে—তেন্তে এই পৃথিৱীত আনৰ কথা চিন্তা কৰিবই বাকোনে? এই কথা কিমান গভীৰভাৱে প্ৰেৰণাদায়ক, সেই সম্পৰ্কে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে চিন্তা কৰিবলৈ আহ্বান জনায়। মোদীয়ে উল্লেখ কৰে যে এই ধাৰণায়েই আজি ভাৰতক দৰিদ্ৰ লোক, উপান্ত শ্ৰেণী, দলিতআৰু জনজাতীয় সমাজসমূহৰ জীৱন-যাত্ৰাৰঅগ্ৰগতি সাধনৰ প্ৰচেষ্টাক পথ-প্ৰদৰ্শন কৰি আহিছে।ভূপেন দাক ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ এগৰাকী মহান ধ্বজাবাহক বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে কয় যে দশক-দশক পূৰ্বে যেতিয়া উত্তৰ-পূৰ্বাঞ্চল অৱহেলাৰ সন্মুখীন হৈছিল আৰু হিংসা তথা বিচ্ছিন্নতাবাদে অঞ্চলটোক আৱৰি ধৰিছিল, তেতিয়াই ভূপেন দাই ভাৰতৰ ঐক্যৰগীত গাইছিল। তেখেতে উল্লেখ কৰে যে ভূপেন দাই এখনি সমৃদ্ধিশালী উত্তৰ-পূবৰ সপোন দেখিছিল আৰু অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা গীতত প্ৰতিফলিত হৈছিল। অসমৰ বাবে ভূপেন দাৰ গীতৰ কেইটামান শাৰীৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমিএই গীতটি গুণগুণোৱা মাত্ৰেকে আমাৰ মন অসমৰ বৈচিত্ৰ্য, শক্তি আৰু সম্ভাৱনাক লৈ গৌৰৱেৰে ভৰি পৰে।অৰুণাচল প্ৰদেশৰ প্ৰতিও ভূপেন দাৰ সমানেইস্নেহআছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ কথা উল্লেখ থকা ভূপেন দাৰ গীতৰ কেইটামানশাৰীৰ কথা ব্যক্ত কৰে।
তেখেতে কয় যে হৃদয়ত দেশপ্ৰেমৰ মনোভাৱ সম্পন্নএটি কণ্ঠ কেতিয়াও নিৰ্বাপিত নহয়। তেখেতে দৃঢ়তাৰে কয় যে চৰকাৰে উত্তৰ-পূর্বাঞ্চলৰ বাবে ভূপেন দাৰ সপোনক বাস্তৱায়িত কৰিবলৈ দিনে-নিশাই কাম কৰি আছে। মোদীয়ে উল্লেখ কৰে যে ভূপেন দালৈ ভাৰতৰত্ন সন্মান আগবঢ়াই চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ আকাংক্ষা আৰু গৌৰৱক সন্মান জনাইছে তথা অঞ্চলটোক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ অঞ্চল হিচাপে গঢ়ি তুলিছে। তেখেতে অৱগত কৰে যে অসম আৰু অৰুণাচল প্ৰদেশ সংযোগীদেশৰ ভিতৰতে সুদীৰ্ঘ দলংখনিক ভূপেন হাজৰিকা সেতু নামেৰে নামকৰণ কৰা হৈছে। উন্নয়নৰ প্ৰতিটো ক্ষেত্ৰতে নতুন অভিলেখ গঢ়ি তোলাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত আগবাঢ়িছে বুলি কয়। তেখেতে কয় যে এই কৃতিত্বসমূহ হৈছে ভূপেন দালৈ ৰাষ্ট্ৰৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি।“ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলে সদায় উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়েঅঞ্চলটোৰ চহকী ইতিহাস, ইয়াৰ উৎসৱ আৰু উদযাপন, ইয়াৰ কলা আৰু সংস্কৃতি, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ঐশ্বৰিক আভাত আলোকপাত কৰে।
তেখেতে এই সকলোবোৰৰ সমান্তৰালকৈ ভাৰত মাতাৰ সন্মান আৰু সুৰক্ষাৰ বাবে অঞ্চলটোৰ জনসাধাৰণে স্বীকাৰ কৰা ত্যাগৰ গাথাকপ্ৰশংসনীয় বুলি কয়। মোদীয়ে কয় যে এই অৱদানসমূহৰ অবিহনে আমি আমাৰ মহান ভাৰতখনিৰ কল্পনা কৰিব নোৱাৰোঁ। তেখেতে উত্তৰ-পূবক দেশৰ বাবে নতুন কিৰণ আৰু নতুন প্ৰত্যুষৰঅঞ্চল বুলি অভিহিত কৰে। তেখেতে উল্লেখ কৰে যে ৰাষ্ট্ৰখনৰ প্ৰথম সূৰ্য্যোদয় এই অঞ্চলতে হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন দাৰ গীতৰ কেইটামান শাৰী উল্লেখ কৰে, যিয়ে তেওঁৰ গীতত এই কথাকেই প্ৰতিফলিত কৰিছিল। তেখেতে দৃঢ়তাৰে কয় যে আমি অসমৰ ইতিহাসক উদযাপন কৰিলেহে ভাৰতৰ ইতিহাস সম্পূৰ্ণ হ’ব—তেতিয়াহে ভাৰতৰ আনন্দ সম্পূৰ্ণ হ’ব আৰু আমি এই উত্তৰাধিকাৰক সামৰি লৈ গৌৰৱেৰে আগবাঢ়িব লাগিব।আমি যোগাযোগ ব্যৱস্থাৰ কথা ক’লে জনসাধাৰণৰসততে ৰেল, পথ বা বিমান সংযোগৰ কথা মনলৈ আহে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰীয় ঐক্যৰ বাবে সংযোগৰ আন এটা ৰূপ সমানেই অপৰিহাৰ্য্য— সেয়া হৈছে সাংস্কৃতিক সংযোগ। বিগত ১১ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সাধনৰ সমান্তৰালকৈ দেশখনতসাংস্কৃতিক সংযোগত উল্লেখযোগ্য গুৰুত্ব আৰোপ কৰা হৈছে বুলি তেখেতেইয়াক এক নিৰন্তৰ অভিযান বুলি অভিহিত কৰে। তেখেতে উল্লেখ কৰে যে আজিৰ অনুষ্ঠানে এই অভিযানৰ আভাস দাঙিধৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হৈছিল। তেখেতে কয় যে স্বাধীনতা সংগ্ৰামৰ সময়ত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ একাধিক বীৰ সংগ্ৰামীয়ে সৰ্বস্ব ত্যাগ স্বীকাৰ কৰিছিল। তেখেতে আৰু কয় যে আজাদী কা অমৃত মহোৎসৱৰ সময়ছোৱাত চৰকাৰে উত্তৰ-পূবৰ এইসকল স্বাধীনতা সংগ্ৰামীৰ উত্তৰাধিকাৰ আৰু ইতিহাসক পুনৰুজ্জীৱিত কৰি তুলিছিল। শ্ৰী মোদীয়ে কয় যে আজি সমগ্ৰ ৰাষ্ট্ৰ অসমৰ ইতিহাস আৰু ইয়াৰ অৱদানৰ সৈতে পৰিচিত হৈ পৰিছে। শেহতীয়াকৈ দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ আয়োজন কৰা হৈছিল বুলি উল্লেখেৰে মোদীয়ে দৃঢ়তাৰে কয় যে সেই অনুষ্ঠানতো অসমৰ শক্তি আৰু সামৰ্থ্য বিশিষ্টভাৱে প্ৰদৰ্শিত হৈছিল।যিকোনো পৰিস্থিতি নিৰ্বিশেষে অসমে ৰাষ্ট্ৰৰ গৌৰৱক সদায় মূৰ্ত কৰি আহিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভূপেন দাৰ গীততো এই মনোভাৱৰেই প্ৰতিফলনঘটিছিল। তেখেতে কয় কয় যে ১৯৬২-ৰ যুদ্ধৰ সময়ত অসম প্ৰত্যক্ষভাৱে সংঘাতৰ সাক্ষী হৈ পৰিছিল আৰু সেই সময়তে ভূপেনদাই তেওঁৰ সংগীতৰ জৰিয়তে ৰাষ্ট্ৰৰ সংকল্পক দৃঢ় কৰিছিল। মোদীয়ে সেই সময়ত ভূপেন দাই লিখা এটি গীতৰ কলিআওৰাই, যিটো গীতে ভাৰতৰ জনসাধাৰণৰ মাজত নতুন শক্তিৰ সঞ্চাৰ কৰিছিল।ভাৰতৰ জনসাধাৰণৰ মনোভাৱ আৰু সংকল্প দৃঢ় আৰু অদম্য হৈ আছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অপাৰেচন সিন্দূৰৰ সময়তো এই মনোভাৱ স্পষ্টকৈ দেখা গৈছিল।
তেখেতে কয় যে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ উদ্দেশ্যৰ প্ৰতি নিৰ্ণায়ক সঁহাৰি জনাইছিলআৰু ৰাষ্ট্ৰখনৰসামৰ্থ্যৰ কথা সমগ্ৰ বিশ্বতে প্ৰতিধ্বনিত হৈছিল। ৰাষ্ট্ৰৰপ্ৰতিটো শত্ৰুৰে যে নিস্তাৰ নাই, সেই কথা ভাৰতে প্ৰদৰ্শন কৰিছে বুলি দৃঢ়তাৰে উল্লেখেৰে শ্ৰী মোদীয়ে কয়, “নৱ্য ভাৰতে কেতিয়াও ইয়াৰ নিৰাপত্তা বা মৰ্য্যাদাক লৈ আপোচ নকৰে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ সংস্কৃতিৰ প্ৰতিটো মাত্ৰা উল্লেখযোগ্য আৰু অসাধাৰণ বুলি কয়। তেখেতে উল্লেখ কৰে যে অসমৰ সংস্কৃতি, মৰ্য্যাদা, গৌৰৱো অসীম সম্ভাৱনাৰ উৎস। তেখেতে অসমৰ পৰম্পৰাগত সাজ-পোছাক, খাদ্যাভাস, পৰ্যটনআৰু ইয়াত উৎপাদিত সামগ্ৰীক চহকী ঐতিহ্য আৰু সুযোগৰ ক্ষেত্ৰ হিচাপে উল্লেখ কৰে। এই উপাদানসমূহক কেৱল ভাৰতৰ ভিতৰতে নহয়, বৰঞ্চসমগ্ৰ বিশ্বতে স্বীকৃতি প্ৰদানৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে গৌৰৱেৰে উল্লেখ কৰে যে তেখেতে ব্যক্তিগতভাৱে অসমৰ গামোচাৰ ব্ৰেণ্ডিঙৰ প্ৰচাৰ কৰি আহিছে। তেখেতে লগতে কয় যে অসমৰ প্ৰতিটো সামগ্ৰীকে বিশ্বৰ প্ৰতিটো প্ৰান্তলৈকৈ লৈ যাব লাগিব।“ভূপেন দাই ওৰেটো জীৱন ৰাষ্ট্ৰৰ লক্ষ্যৰ প্ৰতি উৎসৰ্গাকৰিছিল” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যেভূপেন দাৰ জন্ম শতবাৰ্ষিকী বৰ্ষ উপলক্ষে আমি দেশৰ আত্ম-নিৰ্ভৰতা অক্ষুণ্ণ ৰখাৰ সংকল্প গ্ৰহণ কৰিব লাগিব। তেখেতে অসমৰ ভ্ৰাতৃ-ভগ্নীসকলক “ভকেল ফৰ লোকেল” অভিযানৰ একো-একোগৰাকী অগ্ৰদূত হ’বলৈ আহ্বান জনায়। থলুৱা সামগ্ৰীৰাজিৰ প্ৰতি গৌৰৱ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে কেৱল স্থানীয় সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰিবলৈ আহ্বান জনায়। তেখেতে উল্লেখ কৰে যে আমি এই অভিযানসমূহক যিমানেই ত্বৰান্বিত কৰিম, সিমান সোনকালেই এখনি উন্নত ভাৰতৰ সপোন পৰিপূৰণ হ’ব।ভূপেন দাই মাত্ৰ ১৩ বছৰ বয়সতেই গীত ৰচনা কৰিছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই গীতটোতে ভূপেন দাই নিজকে ফিৰিঙতি হিচাপে গণ্য কৰি এখনি নতুন ভাৰত গঢ়াৰ সংকল্প গ্ৰহণ কৰিছিল।
তেখেতে প্ৰতিগৰাকী নিপীড়িত আৰু বঞ্চিত ব্যক্তিয়ে নিজৰ প্ৰাপ্য পুনৰ লাভ কৰাএখনিৰাষ্ট্ৰৰ কল্পনা কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভূপেনদাই তেতিয়া দেখা এখনি নতুন ভাৰতৰ সপোনটো এতিয়া ৰাষ্ট্ৰখনৰ সামূহিক সংকল্প হৈ পৰিছে। তেখেতে সকলোকে এই অংগীকাৰেৰে নিজকে সংপৃক্ত কৰিবলৈ আহ্বান জনায়। এয়া হৈছে ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ লক্ষ্যক প্ৰতিটো প্ৰচেষ্টা আৰু প্ৰতিটো সংকল্পৰ কেন্দ্ৰবিন্দু কৰি ৰখাৰ সময় বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই অভিযানতো ভূপেন দাৰ গীত আৰু তেওঁৰ জীৱনে প্ৰেৰণাযোগাইছে। এই সংকল্পসমূহে ভূপেন হাজৰিকা ডাঙৰীয়াৰ সপোন পূৰণ কৰিব বুলি উল্লেখেৰে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে পুনৰবাৰ সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।এই কাৰ্য্যসূচীত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলেঅংশগ্ৰহণ কৰে।
হিন্দু ধৰ্মৰ অন্যতম ধৰ্মীয় উৎসৱ জন্মাষ্টমী। (janmashtami) কৃষ্ণ জন্মাষ্টমীক কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়। জন্মাষ্টমী হৈছে ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মোৎসৱ। ‘জন্মাষ্টমী’ শব্দটো “জন্ম” আৰু “অষ্টমী” শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল”অষ্টম দিনত জন্ম”। কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। হিন্দু পঞ্জিকাৰ মতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়। এই দিনটোত কৃষ্ণক আৰাধনা কৰি দেশবাদী আনন্দত আপোন পাহৰা হৈ থাকে। মথুৰা, বৃন্দাবন আদিৰ লগতে বহু ঠাইত কৃষ্ণৰ জন্ম উপস্থাপন কৰি নাটক, ভাওনা আদি কৰা হয়। হিন্দু ধৰ্মত ইয়াৰ বিশেষ মান্যতা আছে। এই উৎসৱ অধৰ্মৰ ওপৰত ধৰ্মৰ জয়ৰ উৎসৱ। দ্বাপৰ যুগত যেতিয়া পৃথিৱীত কংসৰ অত্যাচাৰ বৃদ্ধি পাইছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল জনসাধাৰণক নিজৰ অত্যাচাৰৰ পৰা মুক্ত কৰি অৰ্থাৎ অধৰ্মক পৰাস্ত কৰি ধৰ্মৰ প্ৰতিষ্ঠা কৰিবলৈ। মাতৃ দৈৱকীৰ গৰ্ভত অৱস্থান কৰি যশোদাৰ উকা আঁচল পুৰাবলৈ এই দিনটোতে ধৰালৈ আগমণ ঘটিছিল শিশু কৃষ্ণৰ৷
হিন্দুশাস্ত্ৰ মতে, দৈৱকীৰ ককাকয়েক কংসই নিজৰ আত্মীয় সকলক বন্দী কৰি মথুৰাৰ ৰাজ সিংহাসনত আৰোহণ কৰিছিল৷ কংসই আকাশবাণীযোগে জানিব পাৰিছিল যে তেওঁৰ ভগ্নী দৈৱকীৰ গৰ্ভত ধাৰণ কৰা অষ্টম সন্তানৰ হাততে লিখা আছে তেওঁৰ মৃত্যু৷ তাৰ পাছতে নিজ ভগ্নী দৈৱকী আৰু তেওঁৰ স্বামী বসুদেৱক কাৰাৰুদ্ধ কৰি কংসই এটি এটিকৈ হত্যা কৰিছিল দৈৱকীৰ সন্তান সমূহক৷ তেনেদৰেই কংসৰ আতিশয্যৰ মাজতে দৈৱকীয়ে গৰ্ভত ধাৰণ কৰে কৃষ্ণ৷ কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। পুৰণি পুথিৰ বৰ্ণনা আৰু জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি কৃষ্ণৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব ৩২২৮ চনত। কৃষ্ণৰ জীৱনত আহিবলগীয়া সংকটৰ প্ৰতি লক্ষ্য ৰাখি পিতৃ বসুদেৱে জন্মৰ নিশাই তেওঁক থ’লেগৈ গকুলত৷ তাৰ পাচৰ পৰাই গকুলৰ প্ৰধান নন্দ-যশোদাৰ কোলাতে লালন পালন হৈছিল শিশু কৃষ্ণ।
তাৰ পাছৰে পৰা মাখন চুৰিৰ দুষ্টামি, কালীয় দমন, গোবৰ্ধন পৰ্বতক নিজ আঙুলিত লৈ সমগ্ৰ বৃন্দাৱনকে ৰক্ষা কৰালৈ শিশু কৃষ্ণৰ বহু অলৌকিক কাৰ্যকলাপ আদিৰ আখ্যান বৰ্তমানেও আমাৰ সমাজত বহুলভাৱে প্ৰচলিত।এই দিনা ভক্তসকলে উপবাস পালন কৰে, শ্ৰীকৃষ্ণৰ পূজা-আৰাধনা কৰে আৰু তেওঁৰ জন্মৰ নিৰ্দিষ্ট সময়ত উপবাস ভংগ কৰে। ভগতৰ প্ৰভু নাৰায়ণৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাল্যকালৰ পৰা আদি কৰি ধৰ্মৰ প্ৰতিষ্ঠা কৰাৰলৈকে সকলোবোৰ চৰিত্ৰই উপস্থাপন কৰি বিভিন্ন ঠাইত বিভিন্ন পদ্ধতিৰে জন্মাষ্টমী পালন কৰা হয়। মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত নাটকীয় উপস্থাপন ৰ দিনা ৰাসলীলা কৰা হয়। ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড নাটকীয় পদ্ধতিৰে উপস্থাপন কৰা হয়। তাৰ বিপৰীতে বিভিন্ন ঠাইত জন্মাষ্টমী উপলক্ষে দহি-হান্দিৰ আয়োজন কৰা হয়। দহি-হান্দিৰ প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য’ত কেইবাজনো ল’ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয়। আনহাতে, কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ পালন কৰা হয়।
অসমতো এই দিনটোৰ বহু তাৎপৰ্য আছে৷ বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ মাজত বহু সমাদৃত এই দিন৷ কৃষ্ণ জন্মাষ্টমী উপলক্ষে অসমৰ ভিন্ন প্ৰান্তত থকা বৈষ্ণৱ ধৰ্মাৱলম্বী নামঘৰ বা গোসাঁইঘৰ সমূহ আজি মুখৰিত হৈ পৰিব কৃষ্ণৰ গুণানুকীৰ্তনেৰে৷ আকাশে বতাহে বিয়পি পৰিব হৰি নামৰ অমিয়া সুৰ…. তাৰে এটি কলি — কৃষ্ণ জন্ম হোৱা শুনি আহিলে নাৰদ্ মুনি অ চাৰি মুখে ব্ৰহ্মাই পঢ়ে বেদ হৰ বৃষভতে সতী আহে পুষ্পৰথে বসুমতী কৰে নাভিছে… জন্মাষ্টমী উপলক্ষে অসমৰ বিভিন্ন সত্ৰ, নামঘৰত অনুস্থিত হয় জন্মাষ্টমীৰ আয়োজন। এই নাম প্ৰসংগ পিছৰ দিনৰ ৰাতিপুৱালৈকে চলে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী শাস্ত্ৰীয়ভাৱে উদযাপিত হোৱাৰ বাহিৰেও নাটকীয় সমলযুক্ত বিভিন্ন আচৰণৰ সৈতেও পালন কৰা দেখা যায়। কোনো কোনো নামঘৰ বা গোসাঁই ঘৰত ভকত-ভকতনীসকলে শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালনৰ উদ্দেশ্যে ৰং-বিৰঙৰ কাপোৰেৰে শিশু কৃষ্ণৰ এটি পুতলা নিৰ্মাণ কৰে। হৰিৰ গুণানুকীৰ্তন,হৰি নামৰ অমিয়া সুৰ, প্ৰাৰ্থনাদি শেষ হোৱাৰ পিছত এজন পুৰুষ বা এজনী নাৰীয়ে দৈৱকীৰ ভাও লয়। তেওঁৰ যেন প্ৰসৱ বেদনা আৰম্ভ হৈছে। তাত উপস্থিত থকা পুৰুষ এগৰাকীয়ে ধাই বা চিকিৎসকৰ ভাও লৈ দৈৱকীৰ চিকিৎসাৰ বাবে আগবাঢ়ে। কিন্তু তেওঁৰ চিকিৎসাৰ কোনো কাম নহ’ল।কিন্তু তেওঁৰ অৰিহণা ফেৰা কল-তামোল-পাণ আদি ৰূপে নিবলৈও নাপাহৰিলে। তেওঁৰ দৰে আৰু দুজন চিকিৎসকে দৈৱকীৰ বিষ উপশম কৰিবলৈ চেষ্টা কৰিলে,যদিও কোনো সফল নহ’ল। মাজ নিশা আন এজন ভকতে ধাই বা চিকিৎসকৰ ভাও লৈ আগবাঢ়ি আহিল। তেওঁৰ উপস্থিতি আছিল ফলপ্ৰসূ-অৰ্থাৎ দৈৱকীয়ে বাল গোপাল বা ভগৱান শ্ৰীকৃষ্ণক জন্ম দিলে। সেই মূহুৰ্ততে পুৰোহিতজনে নামঘৰ বা গোসাঁইঘৰৰ মণিকূটৰ পৰা কৃষ্ণৰ পুতলাটি দুয়ো হাতত তুলি লৈ-কৃষ্ণ জন্মিলে ,কৃষ্ণ জন্মিলে বুলি চিঞৰি দিয়ে,লগে লগে আয়তীসকলে মংগল উৰুলি আৰু হৰিধ্বনিৰ লগতে নৃত্যভংগীও প্ৰদৰ্শন কৰে আৰু পুনৰ হৰি নামৰেৰে মুখৰিত কৰি তোলে এইদৰে…. কংসৰ কাৰাগাৰে হৰি ঘোৰ অন্ধকাৰে জন্ম লৈলা তুমি হৰি দৈৱকীৰ গৰ্ভতে অ….. বাসুদেৱে কোলে লৈয়া চলিলা বাটে তোমাক থৈয়া যোগমায়াক আনিলে যে কোলে এনেদৰে পুনৰ হৰি নামৰেৰে মুখৰিত কৰাৰ সময়তে তাত উপস্থিত থকা এজন পুৰুষে বসুদেৱৰ ভাও লৈ শিশু কৃষ্ণক নন্দ ৰজাৰ ঘৰত গৈ থৈ অহাৰ কাহিনীভাগ উপস্থাপন কৰে। শেষত সকলোৱে মঙ্গল উৰুলি আৰু জয়ধ্বনিৰে আকাশ কপাই তোলে আৰু ভগৱান শ্ৰীহৰিৰ চৰণত সেৱা লয়।
পূৰ্ব পুৰুষ সকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱযুগৰ পৰাই চলি আহিছে। এই উৎসৱৰ মুখ্য উদ্দেশ্য হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ উদযাপন কৰা। এই উৎসৱত শ্ৰীকৃষ্ণৰ জন্মৰ স্মৰণ কৰা হয় আৰু তেওঁৰ জীৱনৰ বিভিন্ন ঘটনা পালন কৰা হয়, যি আধ্যাত্মিকতা, প্ৰেম আৰু দয়াৰ প্ৰতীক। জন্মাষ্টমী এক সামাজিক-ধৰ্মীয় উৎসৱ যি শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা অনুপ্ৰাণিত হয় আৰু ভক্তসকলক আধ্যাত্মিক আনন্দ আৰু আশীৰ্বাদ প্ৰদান কৰে। বিশ্বাস অনুসৰি এই দিনটোত ভগৱান শ্ৰীকৃষ্ণক আৰধনা কৰিলে মনৰ ইচ্ছা পূৰণ হয়।