Home Blog Page 74

AASU: কাৰ্বি আংলঙৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ আছুৰ দাবী পত্ৰ

কাৰ্বি আংলঙৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ আছুৰ দাবী পত্ৰ
কাৰ্বি আংলঙৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ আছুৰ দাবী পত্ৰ

পশ্চিম কাৰ্বি (AASU) আংলং জিলাত বিগত কিছুদিন ধৰি চলি থকা হিংসাত্মক পৰিস্থিতি সন্দর্ভত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰীলৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰিছে। দাবী পত্ৰখনত ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে পশ্চিম কাৰ্বি আংলং জিলাত বিগত কিছুদিন ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিত উদ্বিগ্নতা প্রকাশ কৰি কয় কাৰ্বি আংলঙৰ সমস্যা সমগ্ৰ অসমৰ সমস্যা, অসমৰ জাতীয় জীৱনৰ সমস্যা। বিগত দশকসমূহত কার্বি আংলং জিলাত অখিলঞ্জীয়া লোকৰ অবাধ আৰু অবৈধ বসতিয়ে জিলাখনৰ কাৰ্বি জনজাতি প্রমুখ্যে সকলো খিলঞ্জীয়া লোকলৈ ভাবুকি কঢ়িয়াই আনিছে।

খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰলৈ ভাবুকি অহাৰ সমান্তৰালভাৱে নিজৰ জন্মভূমিতেই খিলঞ্জীয়া লোকসকল সংখ্যালঘু হোৱাৰ শংকাই গ্রাস কৰিছে। সেয়েহে স্থানীয় খিলঞ্জীয়া জনসাধাৰণে গণতান্ত্রিক আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে। শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতিয়ে হিংসাত্মক ৰূপ লৈছে। দুগৰাকীকৈ ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে। আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমাধানৰ বিকল্প নাই। আন্দোলনকাৰীৰ ওপৰত দমন নীতিৰ প্রয়োগ গ্রহণযোগ্য নহয়। এটা কথা স্পষ্ট-কার্বি আংলং জিলাত বসবাস কৰা কাৰ্বি জনজাতি আৰু অন্যান্য খিলঞ্জীয়া জনসাধাৰণৰ স্বার্থ সুৰক্ষিত হ’বই লাগিব। একাংশ অখিলঞ্জীয়া লোকে কার্বি আংলঙতে ‘কার্বি গ’ বেক’ শ্ল’গান দিছে, কার্বিসকলক ‘চাইনীজ’ বুলি বর্ণবাদী মন্তব্যৰে গালি-গালাজ কৰিছে আৰু আক্ৰমণ কৰিবলৈ উদ্যত হৈছে। অসমৰ ভূমিত খিলঞ্জীয়া জনসাধাৰণৰ প্রতি অখিলঞ্জীয়া অপশক্তিৰ এনে আচৰণ অসহনীয়। অখিলঞ্জীয়াৰ দপদপনি নচলিব।

এনে অপশক্তিয়ে শাস্তি পাবই লাগিব। বিষয়টোত ছাত্র সন্থাই মুখ্যমন্ত্রীব তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছে। কাৰ্বি আংলঙত শান্তি-শৃংখলা ঘুৰাই আনিবৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আৰু আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ স্থায়ী সমাধান কৰিবলৈ দাবী জনাইছে।

অশান্ত পশ্চিম কাৰ্বি আংলং: ৰেপিড এক্সন ফ’ৰ্চ মোতায়েন, হোজাই–কাৰ্বি আংলং সীমান্তত ব্যাপক প্ৰতিবাদ

অশান্ত পশ্চিম কাৰ্বি আংলং: ৰেপিড এক্সন ফ’ৰ্চ মোতায়েন, হোজাই–কাৰ্বি আংলং সীমান্তত ব্যাপক প্ৰতিবাদ
অশান্ত পশ্চিম কাৰ্বি আংলং: ৰেপিড এক্সন ফ’ৰ্চ মোতায়েন, হোজাই–কাৰ্বি আংলং সীমান্তত ব্যাপক প্ৰতিবাদ


২৪ ডিচেম্বৰ, বুধবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি বজাৰ এলেকাত সংঘটিত হিংসাত্মক ঘটনাত এজন যুৱকক জীৱিত অৱস্থাত জ্বলাই দিয়াৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। এই হৃদয়বিদাৰক ঘটনাৰ প্ৰতিক্ৰিয়াত হোজাই–কাৰ্বি আংলং সীমান্তত বিশেষকৈ অ-কাৰ্বি লোকসকলৰ মাজত ব্যাপক প্ৰতিবাদ আৰম্ভ হয়, যাৰ ফলত সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পায়।

ভূমি সম্পৰ্কীয় প্ৰতিবাদক লৈ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলত যোৱা দুদিন ধৰি অশান্তিপূৰ্ণ পৰিস্থিতি অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিশেষ সংঘাত নিৰ্মূলকাৰী বাহিনী ৰেপিড একচন ফ’ৰ্চ (RAF) মোতায়েন কৰা হৈছে। বুধবাৰে বিয়লি আৰ এ এফৰ ডেপুটি কমাণ্ডেণ্ট টি এন সিঙে জনোৱা মতে, আইন-শৃংখলা বজাই ৰাখিবলৈ খেৰণি আৰু কাষৰীয়া অঞ্চলসমূহৰ কৌশলগত স্থানত ২০০ৰো অধিক আৰ এ এফ জোৱান নিয়োগ কৰা হৈছে। তেওঁ কয় যে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও যিকোনো অপ্ৰত্যাশিত ঘটনা ৰোধ কৰিবলৈ বাহিনী সষ্টম হৈ আছে।

পেছাদাৰী গ্ৰেজিং ৰিজাৰ্ভ আৰু ভিলেজ গ্ৰেজিং ৰিজাৰ্ভৰ মাটিৰ পৰা কথিত বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবীত কাৰ্বি জনজাতীয় সংগঠনৰ একাংশই চলোৱা প্ৰতিবাদৰ মাজতেই এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে। আন্দোলনৰ সময়ত খেৰণি আৰু কাষৰীয়া এলেকাত কেইবাখনো দোকান, বাসগৃহ আৰু অন্যান্য প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। লগতে ডংকামোকামত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পূৰ্বপুৰুষৰ বাসগৃহো লক্ষ্য কৰি লোৱা বুলি তথ্য পোৱা গৈছে।

পৰিস্থিতিৰ অৱনতি ঘটাত জিলা প্ৰশাসনে নিষেধাজ্ঞামূলক আদেশ জাৰি কৰাৰ লগতে সমগ্ৰ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত মোবাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়ে। স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ লক্ষ্যৰে আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ অতিৰিক্ত দল ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হয়। চৰকাৰী সূত্ৰ অনুসৰি, বিগত দুদিন ধৰি সংঘটিত সংঘৰ্ষত কমেও দুজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছে, যদিও বৰ্তমানলৈ নতুন কোনো হিংসাত্মক ঘটনাৰ খবৰ পোৱা নাই।

হোজাই–কাৰ্বি আংলং সীমান্তত উত্তাল প্ৰতিবাদ

হিংসাত্মক ঘটনাৰ খবৰ পোৱাৰ লগে লগে হোজাই–কাৰ্বি আংলং সীমান্তৱৰ্তী লংকাৰ ফৰেষ্ট বজাৰ এলেকাত শ শ স্থানীয় বাসিন্দাই ৰাজপথলৈ ওলাই আহি মৃতকৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। বিক্ষোভকাৰীসকলে প্লেকাৰ্ড লৈ শ্ল’গান দি পৰিস্থিতি অধিক উত্তেজনাময় কৰি তোলে। প্ৰতিবাদৰ ফলত অঞ্চলটোত দোকান-পোহাৰ বন্ধ হৈ পৰাৰ লগতে যান-বাহনৰ চলাচল আংশিকভাৱে ব্যাহত হয়।

প্ৰতিবাদৰ সময়ত বিক্ষোভকাৰীয়ে ৰানাইমা কাৰ্বি আংলং প্ৰৱেশ টেক্স গেট ভাঙি পেলোৱাৰ ঘটনাই স্পৰ্শকাতৰ আন্তঃজিলা সীমান্তত উদ্বেগ আৰু অধিক বৃদ্ধি কৰে। উল্লেখ্য যে, পশ্চিম কাৰ্বি আংলঙৰ সংৰক্ষিত চৰণীয়া ভূমিৰ পৰা অজনজাতীয় বসতিপ্ৰধান লোকক উচ্ছেদ কৰাৰ দাবীৰ সৈতে জড়িত সংঘৰ্ষৰ মাজতেই এই অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়। মঙলবাৰে খেৰণি বজাৰত সংঘটিত এই ঘটনাত সুৰজ দে নামৰ এজন বিশেষভাৱে সক্ষম লোক সময়মতে পলায়ন কৰিব নোৱাৰাত জ্বলি মৃত্যুমুখত পৰে বুলি জানিব পৰা গৈছে।

বুধবাৰে পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী ফৰেষ্ট বজাৰ এলেকাত বাংলাভাষী সম্প্ৰদায়ৰ হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰি ভুক্তভোগীৰ ন্যায়, বাসিন্দাসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ আশ্বাসৰ দাবী জনায়।

ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু ভূমি সম্পৰ্কীয় বিবাদসমূহ আলোচনা আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সমাধান কৰিব লাগিব বুলি পুনৰ উল্লেখ কৰে। ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে অহা ২৬ ডিচেম্বৰত চৰকাৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু প্ৰতিবাদকাৰীসকলৰ প্ৰতিনিধিৰ সৈতে ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰি সমস্যাৰ স্থায়ী সমাধান আৰু অঞ্চলটোত শান্তি স্থাপন কৰাৰ চেষ্টা কৰা হ’ব।

Tea and stress: অত্যাধিক চাহ-খোৱাটো মানসিক চাপৰ নিৰৱ সংকেত হ’ব পাৰে

অত্যাধিক চাহ-খোৱাটো মানসিক চাপৰ নিৰৱ সংকেত হ'ব পাৰে
অত্যাধিক চাহ-খোৱাটো মানসিক চাপৰ নিৰৱ সংকেত হ'ব পাৰে

ভাৰতৰ বহু (Tea and stress) লোকে দিনটোৰ আৰম্ভণিৰে পৰা চাহ খাই ভাল পায়। দিনটোত বহুবাৰ চাহ খালে বহু লোকৰ মন ভালে থাকে। কিন্তু আপুনি জানেনে যে বেছি চাহ খোৱাটো মানসিক চাপৰ নিৰৱ সংকেত হ’ব পাৰে?

ব্যস্ততাৰ জীৱনত চাহৰ প্ৰয়োজনীয়তা বহুত বেছি হৈ পৰিছে। বহুতৰে চাহৰ প্ৰতি হেপাহ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে। অফিচত কামৰ চাপ বাঢ়িলেও বহুতে বহুবাৰ চাহৰ খায়। লাহে লাহে চাহ মানুহৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে। কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে যে অত্যধিক চাহ খোৱাটো কেৱল অভ্যাসে নহয় বৰঞ্চ মানসিক চাপৰ নিৰৱ সংকেতও হ’ব পাৰে? সঘনাই চাহ খোৱাটো প্ৰায়ে শৰীৰৰ প্ৰয়োজন নহয় মনৰ চাহিদা আৰু এই কথা অতি কম সংখ্যক লোকেহে বুজি পায়।

চাহ আৰু মানসিক চাপ-
আমাৰ ব্যস্ততাপূৰ্ণ জীৱনশৈলীত মানসিক চাপ এটা সাধাৰণ শব্দ হৈ পৰিছে। কৰ্মৰ চাপ, সম্পৰ্কৰ জটিলতা, ভৱিষ্যতৰ চিন্তাৰ মাজত মানুহে নিজৰ মনটো ভালে ৰাখিবলৈ চাহ খায়। চাহ খালে মনৰ শান্তি পোৱা যায়। এই কাৰণেই চাহক মানসিক চাপৰ বাবে এক প্ৰকাৰৰ থেৰাপী যেন লাগে।

চাহত কেফেইন আৰু এল-থিয়ানিন নামৰ দুটা এমিনো এচিড থাকে যিয়ে মনক শান্ত কৰাৰ কাম কৰে।

কিন্তু বেছিকৈ চাহ খোৱাৰ ফলত শৰীৰত প্ৰভাৱ পৰাই নহয়, টোপনি নোহোৱা, অস্থিৰতা, এচিডিটি, হৃদস্পন্দন বৃদ্ধি আদি বিপজ্জনক পৰিণতিও হ’ব পাৰে। এই সকলোবোৰ লক্ষণে শৰীৰ আৰু মন দুয়োটা ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে। কিন্তু মানুহে সেইবোৰক আওকাণ কৰি আৰু চাহ একাপ খায়। যদি আপুনিও বাৰে বাৰে চাহ খাই সান্ত্বনা লয়, তেন্তে হয়তো আপোনাৰ মনটোৱে আন কিবা এটা কৈছে যিটো শুনাটো অতি প্ৰয়োজনীয়।

Karbi Anglong violence: ‘কাৰ্বি আংলংতে কাৰ্বি সকলক “কাৰ্বি চাইনিজ গ’ বেক” শ্লোগান শুনিবলৈ পোৱাটো দুৰ্ভাগ্যজনক’

'কাৰ্বি আংলংতে কাৰ্বি সকলক "কাৰ্বি চাইনিজ গ' বেক" শ্লোগান শুনিবলৈ পোৱাটো দুৰ্ভাগ্যজনক'
'কাৰ্বি আংলংতে কাৰ্বি সকলক "কাৰ্বি চাইনিজ গ' বেক" শ্লোগান শুনিবলৈ পোৱাটো দুৰ্ভাগ্যজনক'

কাৰ্বি আংলঙৰ (Karbi Anglong violence) ঘটনাক লৈ সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিলে অভিনেতা ৰাজীৱ ক্ৰ’ৰে। সামাজিক মাধ্যমত অভিনেতা ৰাজীৱ ক্ৰ’ৰে খেৰণীৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘খেৰণিত কি ঘটি আছে সকলোৱে গম পাইছে। আগতে গম পোৱা নাছিল যদিও, এতিয়া পাইছে। বেদখলকাৰী সকলৰ পৰা PGR /VGR ভূমি উদ্ধাৰৰ বাবে বহু দিনৰ পৰা আন্দোলন চলি আহিছে। নিজৰ ভূমিৰ বাবে, নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে দুজন লোকে অকালতে মৃত্যু বৰণ কৰিলে। জাতি মাটিৰ বাবে শ্বহীদ হল। তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কাৰ্বি আংলং আৰু অসম চৰকাৰক অনুৰোধ জনাইছো, আপোনালোকে অতি শীঘ্ৰে শান্তিপূৰ্ণভাৱে ৰাইজৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিবলৈ চেষ্টা কৰক। কাৰ্বি আংলংতে কাৰ্বি সকলক “কাৰ্বি চাইনিজ গ বেক” শ্লোগান শুনিবলৈ পোৱাটো দুৰ্ভাগ্যজনক। পুলিচৰ সন্মুখত দুজন কাৰ্বি যুৱকক গুৰিয়াই কোবাই আহত কৰাটো দুৰ্ভোগ জনক। অসমত বহুতো দল সংগঠন আছে। বহুতো গুণী জ্ঞানী বিশিষ্ট লোক সকল আছে।কিন্তু দুই এজন বা দুই এটা সংগঠনৰ বাহিৰে এই বিষয় লৈ মাত মতা নাই কিয়?এইয়া অকল কাৰ্বি সকলৰ বা কাৰ্বি আংলংৰ সমস্যা নেকি? আমি কাৰ্বি সকল অসমীয়া নহয় নেকি? কাৰ্বি আংলং খন অসমৰ নহয় নেকি?এইয়া অসম আৰু অসমীয়াৰ সমস্যা।আমি কাৰ্বি সকল বাহিৰৰ নহয়। আমিও অসমৰ। আমিও অসমীয়া। ২৬/১২/২০২৫ ত চৰকাৰ আৰু প্ৰতিবাদকাৰী সকলৰ মাজত আলোচনা হোৱাৰ কথা। শান্তিপূৰ্ণ আলোচনা আৰু সুফল পাম বুলি আমি আশা কৰিলো। কাৰ্দম’

Mahendra Hazarika: ২৬ত নিৰ্বাচন খেলিবলৈ সাজু গণশিল্পী মহেন্দ্ৰ হাজৰিকা

২৬ত নিৰ্বাচন খেলিবলৈ সাজু গণশিল্পী মহেন্দ্ৰ হাজৰিকা
২৬ত নিৰ্বাচন খেলিবলৈ সাজু গণশিল্পী মহেন্দ্ৰ হাজৰিকা

২৬ত নিৰ্বাচন খেলিবলৈ সাজু গণশিল্পী মহেন্দ্ৰ হাজৰিকা।(Mahendra Hazarika)

ৰাজনীতিৰ পথাৰত খোজ পেলাব গণশিল্পী মহেন্দ্ৰ হাজৰিকাই।

নিৰ্দলীয় হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন হাজৰিকাৰ।

আগন্তুক ২৬ৰ নিৰ্বাচনত ভোটযুদ্ধত নামিব মহেন্দ্ৰ হাজৰিকা।

কোনো দলৰ পৰা নিৰ্বাচন নেখেলে।

নিৰ্দলীয়ভাৱেহে নিৰ্বাচন খেলিব বিশিষ্ট গণশিল্পীগৰাকীয়ে।

বিহালী সমষ্টিত নিৰ্দলীয় হৈ নিৰ্বাচন খেলিব গণশিল্পী মহেন্দ্ৰ হাজৰিকাই।

Hajo Kobi Sanmilon: সদৌ অসম কবি সম্মিলনৰ অন্তৰ্গত কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত তীৰ্থ নগৰী হাজোত ‘হাজো কবি সন্মিলন’ গঠন

সদৌ অসম কবি সম্মিলনৰ অন্তৰ্গত কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত তীৰ্থ নগৰী হাজোত 'হাজো কবি সন্মিলন' গঠন
সদৌ অসম কবি সম্মিলনৰ অন্তৰ্গত কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত তীৰ্থ নগৰী হাজোত 'হাজো কবি সন্মিলন' গঠন

বিশিষ্ট কবি তথা (Hajo Kobi Sanmilon) কামৰূপ জিলা কবি সন্মিলনৰ উপ সভাপতি মনোৰঞ্জন ডেকাৰ তত্ত্বাবধানত আৰু কিচিম দাসৰ লগতে বিবেকা নন্দ দাসৰ আহ্বানত কামৰূপ জিলাৰ তীৰ্থ নগৰী হাজোত ইংৰাজী ২১-১২-২০২৫ তাৰিখে সদৌ অসম কবি সম্মিলনৰ অন্তৰ্গত কামৰূপ জিলা কবি সন্মিলনৰ উদ্যোগত ‘হাজো কবি সম্মিলন’ গঠনৰ লগতে কবিতা পাঠৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। সভাৰ আৰম্ভণিতে অসমবাসীৰ হিয়াৰ আমঠু,গণশিল্পী, যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰৱ খ্যাত সদ্যপ্ৰয়াত জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই কন্ঠশিল্পী সোনেশ্বৰ দাসে প্ৰিয় শিল্পী গৰাকীৰ এটি গীত পৰিবেশন কৰে। হাজোস্থিত মুক্তি যুজাৰু সম্ভুৰাম মেধি কমপ্লেক্সৰ চন্দ্ৰমা সভাগৃহত দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সমাজসেৱক, অসম চৰকাৰৰ প্ৰাক্তন বন বিষয়া তথা কবি মধুৰাম দাসে।

সভাত উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি তথা নাৰেংগী মহাবিদ্যালয়ৰ অধ্যাপিকা ড° লখিমী গগৈ, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা বিশিষ্ট কবি মৃণাল কুমাৰ বৰা,কামৰূপ জিলা কবি সন্মিলনৰ সভাপতি জগন্নাথ কলিতা, কামৰূপ জিলা কবি সন্মিলনৰ উপ সভাপতি ভবেশ ডেকা আৰু মনোৰঞ্জন ডেকা, কামৰূপ জিলা কবি সন্মিলনৰ সম্পাদক অচ্যুৎ কলিতা, সদৌ অসম কবি সন্মিলনৰ যুৱ শাখাৰ উপ সমিতিৰ ৰাজ্যিক সমন্বয়ক পঞ্চমী সৰকাৰ, কামৰূপ জিলা কবি সন্মিলনৰ কোষাধ্যক্ষ শুক্লেশ্বৰ মালী, কামৰূপ জিলা কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সদস্য জোন জোনালী ডেকা, বিশিষ্ট সমাজসেৱক তথা কবি নীলকান্ত দাস, প্ৰমুখ্যে বৃহত্তৰ হাজো অঞ্চলৰ বিশিষ্ট কবি, লেখক ও ভালেমান স্থানীয় গণ্যমান্য লোক। অনুষ্ঠানটোত সভাৰ উদ্দেশ্য বাখ্যা কৰে কবি কিচিম দাসে। তেখেতে উদ্দেশ্য বাখ্যাত ‘হাজো আঞ্চলিক কবি সমাজ’ক আনুষ্ঠানিকভাৱে সদৌ অসম কবি সন্মিলনৰ এটি শাখা হিচাপে অন্তৰ্ভুক্ত কৰাবৰ বাবে আহ্বান জনায়।

উক্ত আহ্বানৰ প্ৰতি সঁ‌হাৰি জনাই সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি ড° লখিমী গগৈ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰা আৰু কামৰূপ জিলা কবি সন্মিলনৰ সভাপতি আৰু সম্পাদক ক্ৰমে জগন্নাথ কলিতা আৰু অচ্যুৎ কলিতাই সদৌ অসমৰ কবি সন্মিলনৰ সাংগঠনিক দিশৰ বিষয়ে বিতংভাৱে অৱগত কৰে। সভাত সকলোৰে সৰ্বসন্মতি ক্ৰমে বিশিষ্ট কবি কিচিম দাসক সভাপতি, বিবেকা নন্দ দাসক সম্পাদক, যতিন দাস আৰু ড° পংকজ নমঃ শূদ্ৰক উপ সভাপতি, উমেশ উদ্ধৱ আৰু দ্বিপেন মালাকাৰক সহকাৰী সম্পাদক, সোনেশ্বৰ দাস(সোনৰাম)ক কোষাধ্যক্ষ, অনামিকা কলিতা আৰু বিনীতা দাসক প্ৰচাৰ সম্পাদক, ৰিজুমণি ভূঞাক সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ ভৰালীক পত্ৰিকা সম্পাদক, আৰু কাৰ্যনিৰ্বাহক সদস্য-সদস্যা হিচাপে ক্ৰমে স্বৰ্ণলতা মালাকাৰ, তিলক চন্দ্ৰ দাস, দেৱ কুমাৰ ডেকা, গজেন বৈশ্য, গজেন দাস, আছগৰ আলী,মণিমা দাস, ভূপেন চন্দ্ৰ দাস আৰু দিজুমণি তালুকদাৰকলৈ হাজো কবি সন্মিলনখনি পূৰ্ণাংগৰূপত গঠন কৰা হয়। উপৰোক্ত ব্যক্তি সকলৰ উপৰিও সভাত উপস্থিত থকা অনান্য ব্যক্তি সকলক হাজো কবি সন্মিলনৰ সাধাৰণ সদস্য হিচাপে মনোনীত কৰা হয়।

উপদেষ্টা হিচাপে মনোনীত কৰা বিশিষ্ট ব্যক্তি সকল হ’ল মনোৰঞ্জন ডেকা, মধুৰাম দাস, দেৱেশ্বৰ কলিতা আৰু নীলকান্ত দাস। উক্ত অনুষ্ঠানটিত দুকুৰি জনতকৈও অধিক কবিয়ে স্ব-ৰচিত কবিতা পাঠ ও গীতেৰে অনুষ্ঠানটো জীপাল কৰি তোলে। উল্লেখ্য যে উক্ত সভাতেই ‘কবিতাৰ মধুকোষ’ নামৰ কবিতা সংকলনখন উন্মোচন কৰে বিশিষ্ট লেখক নীলকান্ত দাসে। সভাত সভাপতিৰ ভাষনৰ পিছতেই শলাগৰ শৰাই আগবঢ়াই নৱ নিৰ্বাচিত সভাপতি কিচিম দাসে। অনুষ্ঠানৰ শেষত সদৌটিকে কাব্যমন্ত্ৰ পাঠ কৰোৱায় সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰাই।

Majuli News: উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস পালন

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস পালন
উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস পালন

অসম সাহিত্য(Majuli News) সভাৰ অন্তৰ্গত মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যক্ৰমণিকাৰে দৰিয়াস্থিত চৰকাৰী পেঞ্চনাৰ ভৱনৰ প্ৰাংগনত অনুষ্ঠিত হয়। প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি অনুপ্ৰভা দেৱীয়ে। পতাকা উত্তোলন কৰি তেওঁ কয় যে আমাৰ এখনেই পতাকা আছে যাৰ তলত আমি সকলো জাতি-জনগোষ্ঠী সমভাৱে একত্ৰিত হৈ অসমীয়া ভাষা-সাহিত্যৰ সেৱাৰ নিৰন্তৰ সাধনাৰ শক্তি আহৰণ কৰিব পাৰোঁ, সেইখনেই হৈছে আমাৰ অসম সাহিত্য সভাৰ পবিত্ৰ পতাকা। দ্বিতীয় কাৰ্যসূচী অনুসৰি পুৱা ৮.৩০ বজাত স্মৃতি তৰ্পণ আৰু প্ৰতিষ্ঠাপক সম্পাদক স্বৰ্গীয় অমৰেন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ক্ৰমে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ জ্যেষ্ঠ আজীৱন সভ্য দধি বৰুৱা আৰু মাজুলী জিলা সাহিত্য সভাৰ ধনভৰালী প্ৰণৱজিৎ মিশ্ৰই।

মুখ্য স্মৃতি তৰ্পক দধি বৰুৱাই শাখা সাহিত্য সভাখনৰ প্ৰতিষ্ঠাতাসকলক সুঁৱৰি কয় যে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাই এগছি অক্ষয় বন্তিৰ দৰেই সাহিত্যৰ জগতখন আলোকিত কৰিব লাগিব। ইয়াৰ পিছতে শাখা সাহিত্য সভাৰ সভাপতি অনুপ্ৰভা দেৱীৰ সঞ্চালনাত শব্দ-শিল্পৰ মনোজ্ঞ অনুষ্ঠান ‘প্ৰভাত সন্মিলন’ৰ উদ্বোধন কৰে বিশিষ্ট সত্ৰীয়া শিল্পী মুহিকান্ত বৰা বৰবায়নে। উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক বিজয় শইকীয়াই আঁত ধৰা সন্মিলনখনত অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথে অংশগ্ৰহণ কৰি কয় যে সাহিত্য সভাক সৰ্বজনপ্ৰিয় কৰাৰ দায়িত্ব সভাৰ প্ৰতিজন হিতৈষী, আজীৱন, সাধাৰণ সভ্যই গ্ৰহণ কৰিব লাগিব। সমাজৰ সৰ্বস্তৰৰ জণগনক অসম সাহিত্য সভামুখী কৰাৰ মূল মাধ্যমেই হৈছে বিশ্বৰ ভিন্ন-ভিন্ন প্ৰান্তত সাহিত্য-সংগঠকসকলৰ প্ৰচুৰ কষ্ট আৰু সাধনাৰে প্ৰতিষ্ঠিত শাখা সাহিত্য সভাসমূহ ; সেইদৰে বৰ্তমান সময়ত মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাই সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছে ।

মাজুলী মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক বসন্ত বৰা, মাজুলী জিলা সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ আহ্বায়ক কৃষ্ণাৰাণী শইকীয়া বৰুৱা, ধনভৰালী প্ৰণৱজিৎ মিশ্ৰ, সমাজকৰ্মী দধি বৰুৱা, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উপসভাপতি কেশৱ বৰুৱা, সহকাৰী সম্পাদক জ্যোতি শইকীয়া প্ৰমুখ্যে বহুকেইজন সাহিত্য অনুৰাগীয়ে কথা-সুৰ-শব্দৰে অংশগ্ৰহণ কৰি মত-বিনিময় কৰা সভাখনৰ শেষত শলাগৰ শৰাই আগবঢ়াই শাখা সম্পাদক বিজয় শইকীয়াই। ইয়াৰ পিছতে শেষৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫ বজাত সামূহিক বন্তি প্রজ্বলন কৰা হ’ব।।

বাংলাদেশত হিন্দু হত্যাৰ বিৰুদ্ধে নতুন দিল্লীত হিন্দু সংগঠনৰ ব্যাপক প্ৰতিবাদ

বাংলাদেশত হিন্দু হত্যাৰ বিৰুদ্ধে নতুন দিল্লীত হিন্দু সংগঠনৰ ব্যাপক প্ৰতিবাদ
বাংলাদেশত হিন্দু হত্যাৰ বিৰুদ্ধে নতুন দিল্লীত হিন্দু সংগঠনৰ ব্যাপক প্ৰতিবাদ

বাংলাদেশত সংঘটিত হিন্দু যুৱক দীপু চন্দ্ৰ দাসৰ নৃশংস হত্যাৰ বিৰুদ্ধে মঙলবাৰে নতুন দিল্লীত বাংলাদেশ উচ্চায়ুক্তালয়ৰ বাহিৰত বিভিন্ন হিন্দু সংগঠনে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্ব হিন্দু পৰিষদ, বজৰং দল, সৰ্ব ভাৰতীয় হিন্দী-বাঙালী সংগঠনকে ধৰি একাধিক সংগঠনৰ কৰ্মকৰ্তাই প্ৰতিবাদত অংশগ্ৰহণ কৰে।

প্ৰতিবাদ চলি থকা সময়ত একাংশ প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীৰ বেৰিকেড ভাঙি বাংলাদেশ উচ্চায়ুক্তালয়ৰ দিশে আগুৱাই যোৱাৰ চেষ্টা কৰে। ইয়াৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ উঠে। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰে গঠিত বহুস্তৰীয় নিৰাপত্তা কৰ্ডনে প্ৰতিবাদকাৰীসকলক আগুৱাই যোৱাত বাধা প্ৰদান কৰে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ উচ্চায়ুক্তালয়ৰ আশে-পাশে অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয়।

দুৰ্গাবাই দেশমুখ দক্ষিণ কেম্পাছ মেট্ৰ’ ষ্টেচনৰ সমীপত অনুষ্ঠিত প্ৰতিবাদত অংশগ্ৰহণকাৰীসকলে “ভাৰত মাতা কি জয়”, “হিন্দু হত্যা বন্ধ কৰো”, “ইউনুছ চৰকাৰ হোছ মে আও” আদি শ্লোগানেৰে অঞ্চলটো উত্তাল কৰি তোলে। একাংশ প্ৰতিবাদকাৰীয়ে বাংলাদেশত হিন্দু সংখ্যালঘুসকলৰ ওপৰত চলি থকা হিংসাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে বাংলাদেশত সংখ্যালঘু হিন্দুসকল সুৰক্ষাহীন হৈ পৰিছে আৰু চৰকাৰী মদতত অথবা চৰকাৰৰ নিষ্ক্ৰিয়তাৰ ফলত এনে নৃশংস ঘটনা সংঘটিত হৈছে। তেওঁলোকে বাংলাদেশ চৰকাৰৰ পৰা দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে।

এই প্ৰতিবাদৰ মূল কাৰণ হৈছে বাংলাদেশৰ মৈমনসিঙত সংঘটিত ২৭ বছৰীয়া হিন্দু যুৱক দীপু চন্দ্ৰ দাসৰ হত্যাকাণ্ড। অভিযোগ অনুসৰি, নবী নিন্দাৰ অপপ্ৰচাৰৰ ভিত্তিত দাসক প্ৰথমে মাৰধৰ কৰা হয় আৰু পৰৱৰ্তী সময়ত ১৮ ডিচেম্বৰত তেওঁক গছত বান্ধি জীৱন্তে জ্বলাই হত্যা কৰা হয়। এই নৃশংস ঘটনাই কেৱল বাংলাদেশতেই নহয়, ভাৰতসহ আন্তৰ্জাতিক পৰ্যায়তো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

ইফালে, পশ্চিম বংগৰ কংগ্ৰেছ নেতা আশুতোষ চেটাৰ্জীয়ে এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে বিষয়টো গুৰুত্বসহকাৰে সম্বোধন কৰিব লাগে। তেওঁ কয়, “মানৱতা আক্ৰমণৰ সন্মুখীন হৈছে। বাংলাদেশত কেৱল হিন্দু নহয়, মুছলমানো নিহত হৈছে। এই বিষয়টো ধৰ্মৰ ভিত্তিত মেৰুকৰণ কৰা উচিত নহয়। কিন্তু বাংলাদেশত চলি থকা অত্যাচাৰক আমি গৰিহণা দিছো। বৈদেশিক মন্ত্ৰীয়ে এই বিষয়ত সঠিক ভূমিকা লোৱা উচিত।”

প্ৰতিবাদৰ পাছত উদ্ভৱ হোৱা নিৰাপত্তাজনিত আশংকাৰ পৰিপ্ৰেক্ষিতত বাংলাদেশে নতুন দিল্লী আৰু আগৰতলাত থকা দূতাবাস আৰু ভিছা সেৱা অস্থায়ীভাৱে বন্ধ কৰি দিয়ে। লগতে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতত থকা বাংলাদেশৰ কূটনৈতিক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাক তলব কৰে।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে ভাৰতত বাংলাদেশৰ কূটনৈতিক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক কাৰ্য আৰু ভাবুকিৰ ঘটনাই দুয়ো দেশৰ মাজৰ পাৰস্পৰিক সন্মান, শান্তি আৰু সহনশীলতাৰ মূল্যবোধ ক্ষতিগ্ৰস্ত কৰে। বিবৃতিটোত কূটনৈতিক কৰ্মী আৰু প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰক আহ্বান জনোৱা হৈছে।

ইয়াৰ বিপৰীতে, ভাৰতে অপৰ্যাপ্ত নিৰাপত্তাৰ অভিযোগ খাৰিজ কৰি কয় যে নতুন দিল্লীত হোৱা প্ৰতিবাদ চমু আছিল আৰু কোনো ধৰণৰ কূটনৈতিক প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা নাছিল। লগতে বাংলাদেশৰ সংবাদ মাধ্যমৰ একাংশই এই ঘটনাক লৈ বিভ্ৰান্তিকৰ অপপ্ৰচাৰ চলোৱা বুলি ভাৰতে অভিযোগ তোলে।

বাংলাদেশত সংঘটিত দীপু চন্দ্ৰ দাসৰ হত্যাকাণ্ডই সংখ্যালঘু হিন্দুসকলৰ সুৰক্ষাক লৈ পুনৰ আন্তৰ্জাতিক উদ্বেগ জগাই তুলিছে। এই নৃশংস ঘটনাৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কূটনৈতিক পৰ্যায়তো বিষয়টো গুৰুত্ব লাভ কৰিছে।

তুলিৰামৰ সাম্ৰাজ্যত ‘লংকাকাণ্ড’; প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে পিতৃগৃহ

তুলিৰামৰ সাম্ৰাজ্যত ‘লংকাকাণ্ড’; প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে পিতৃগৃহ
তুলিৰামৰ সাম্ৰাজ্যত ‘লংকাকাণ্ড’; প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে পিতৃগৃহ

পশ্চিম কাৰ্বি আংলঙত জাৰি BNS 163 ধাৰা, পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত


সোমবাৰে প্ৰতিবাদৰ নামত ভয়ংকৰ ৰূপ ধাৰণ কৰিলে পাহাৰীয়া কাৰ্বি ভূমিয়ে। পশ্চিম কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য (CEM) তুলিৰাম ৰংহাঙৰ ডংকামকামস্থিত পিতৃগৃহত উত্তেজিত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাৰ ফলত সমগ্ৰ অঞ্চলটো অগ্নিগৰ্ভা হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ সকলো থানা এলেকাত ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে।

জানিব পৰা মতে, কাৰ্বি আংলঙৰ কেইবাটাও সংগঠনে চৰকাৰৰ ভূমিনীতি অনুসৰি কাৰ্বি আংলঙৰ পৰা অনা-কাৰ্বি লোকক বহিষ্কাৰৰ দাবীত বিগত প্ৰায় এপষেক ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। দেওবাৰে এজন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰাক লৈ সোমবাৰে প্ৰতিবাদ অধিক উত্তাল হৈ উঠে।

সোমবাৰে উত্তেজিত প্ৰতিবাদকাৰীসকলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডংকামকামস্থিত পূৰ্বৰ বাসগৃহত প্ৰৱেশ কৰাৰ চেষ্টা কৰে। আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতেই পৰিস্থিতি তীব্ৰ ৰূপ লয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। ইয়াৰ সমান্তৰালকৈ উত্তেজিত প্ৰতিবাদকাৰীয়ে তুলিৰাম ৰংহাঙৰ পিতৃগৃহত অগ্নিসংযোগ কৰে।

বিগত এপষেক ধৰি চলি থকা প্ৰতিবাদৰ পৰিণতিত সোমবাৰে ডংকামকাম অঞ্চল সম্পূৰ্ণ উত্তাল হৈ পৰে। প্ৰতিবাদকাৰী সংগঠনসমূহৰ অভিযোগ মতে, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদে এই গুৰুত্বপূৰ্ণ দাবী সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলত তেওঁলোক অধিক ক্ষোভিত হৈ পৰিছিল। আলোচনাৰ পথ বন্ধ হোৱাৰ বাবেই অৱশেষত এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় বুলি সংগঠনসমূহে দাবী কৰে।

অগ্নিসংযোগৰ লগতে আৰক্ষীৰ লাঠিচালনা আৰু গুলীচালনাত পৰিস্থিতি অধিক জটিল হৈ পৰে। এই ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে যদিও সঠিক সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই। অৱশ্যে অগ্নিসংযোগ কৰা বাসগৃহটোত কোনো লোক হতাহত হোৱা নাই বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

ঘটনাৰ গুৰুত্ব বিবেচনা কৰি সোমবাৰে মাজ নিশাই ডংকামকামত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান (DGP) হাৰমিত সিং। ডিজিপিয়ে নিশাই স্থানীয় প্ৰতিবাদকাৰীৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়।

ইফালে, পশ্চিম কাৰ্বি আংলং জিলাত জাৰি কৰা ১৬৩ ধাৰা অনুসৰি পাঁচজনতকৈ অধিক লোক একেলগে সমবেত হ’ব নোৱাৰিব। কোনো ৰেলী, ধৰ্ণা বা সমাবেশ আয়োজনত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সামাজিক মাধ্যমতো আৰক্ষীয়ে কড়া দৃষ্টি ৰাখিছে। সামাজিক আৰু অন্যান্য মাধ্যমযোগে উচতনিমূলক বক্তব্য প্ৰচাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত নৱনিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয়,
“কাৰ্বি আংলঙত বহুদিনৰ পৰা এটা দাবী উঠি আছে যে যিসকল স্থায়ী লোক নহয়, তেওঁলোকক উচ্ছেদ কৰিব লাগে। কিন্তু এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন ৰায় আছে। ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি উচ্ছেদ চলোৱাটো সম্ভৱ নহয়। একাংশই তৎকালীন উচ্ছেদ বিচাৰি আমৰণ অনশন কৰিছিল। খেৰণিত আমৰণ অনশনত বহা কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই, স্বাস্থ্যজনিত কাৰণতহে চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হৈছিল। মন্ত্ৰী ৰণোজ পেগু আৰু DGP ঘটনাস্থলীত উপস্থিত আছে। ৰাতিৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব বুলি আমি আশাবাদী।”

এই প্ৰতিবেদন লিখা পৰ্যন্ত আৰক্ষী আৰু প্ৰশাসনে পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আনিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও অঞ্চলটোত এতিয়াও উত্তেজনা অব্যাহত থকা বুলি জানিব পৰা গৈছে।

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন: ৰঙিয়াৰ পৰা এজন যুৱক আটক ।

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন: ৰঙিয়াৰ পৰা এজন যুৱক আটক ।
বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন: ৰঙিয়াৰ পৰা এজন যুৱক আটক ।

বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক মাধ্যমত সমৰ্থন কৰা অভিযোগত অসম আৰক্ষীয়ে ৰঙিয়াৰ পৰা এজন যুৱকক আটক কৰিছে। জানিব পৰা মতে, অভিযুক্ত যুৱকজনে সামাজিক মাধ্যমত বিতৰ্কিত আৰু সংবেদনশীল পোষ্ট প্ৰচাৰ কৰিছিল, যাৰ পাছতে আৰক্ষীয়ে তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰে।

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত সংঘটিত নৃশংস ঘটনাসমূহে সমগ্ৰ বিশ্বক জোকাৰি গৈছে। মানৱতাক লজ্জিত কৰা এনে ঘটনাৰ পাছতো একাংশ লোকে ইয়াক সমৰ্থন কৰা দেখা গৈছে। শেহতীয়াকৈ এই ঘটনাক সমৰ্থন জনোৱা অভিযোগত ৰঙিয়াৰ পৰা এজন যুৱক আটক হোৱাই নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

অভিযুক্ত যুৱকজন ৰঙিয়াৰ ৩নং ৱাৰ্ডৰ বাসিন্দা মহম্মদ শ্বেইখ আখতাৰ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। তথ্য অনুসৰি, “BOLLO CHAIWALA” নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে বাংলাদেশৰ হিন্দু হত্যাকাণ্ড সন্দৰ্ভত এটা বিতৰ্কিত ভিডিঅ’ প্ৰচাৰ কৰা হৈছিল। ভিডিঅ’টো মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে।

ভাইৰেল হোৱা ভিডিঅ’টোত অভিযুক্ত যুৱকজনক বাংলাদেশত সংঘটিত হিন্দু হত্যাকাণ্ডৰ ভিডিঅ’ চাই প্ৰশংসাসূচক মন্তব্য কৰা দেখা গৈছিল। ভিডিঅ’টো যথেষ্ট সংবেদনশীল আছিল আৰু ইয়াৰ ফলত সমাজত অশান্তি সৃষ্টি হোৱাৰ আশংকা আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আইন-শৃংখলা পৰিস্থিতি অবনতি হোৱাৰ সম্ভাৱনা লক্ষ্য কৰি আৰক্ষীয়ে লগে লগে অভিযুক্ত যুৱকজনক আটক কৰি তদন্ত আৰম্ভ কৰে। বৰ্তমান আৰক্ষীয়ে সংশ্লিষ্ট ভিডিঅ’টো, সামাজিক মাধ্যমৰ একাউণ্টসমূহ আৰু আন দিশসমূহ পৰীক্ষা কৰি আছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে স্পষ্ট কৰিছে।

ইফালে, আৰক্ষীয়ে সাধাৰণ জনতাক সংযম অৱলম্বন কৰিবলৈ আহ্বান জনাইছে আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কোনো ধৰণৰ বিষয়বস্তু সামাজিক মাধ্যমত শ্বেয়াৰ বা প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বাংলাদেশত সংঘটিত এটা নৃশংস ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। সেই ঘটনাত এজন হিন্দু যুৱকক গছত বান্ধি জ্বলাই দিয়াৰ অভিযোগ উঠিছিল। এই ঘটনাই কেৱল বাংলাদেশতেই নহয়, ভাৰততো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। ভাৰত চৰকাৰেও ঘটনাটোৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছিল।

বিশ্লেষকসকলৰ মতে, বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ ঘটনা নতুন নহয় আৰু শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ পাছত এনে ঘটনা অধিক বৃদ্ধি পাইছে। এনে পৰিস্থিতিতো ভাৰতৰ ভিতৰত কিছুমান লোকে এইধৰণৰ নৃশংসতাক সমৰ্থন কৰা মানসিকতাই সমাজৰ বাবে গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে।