Home Blog Page 743

জনজাতীয় স্বায়ত্তশাসিত পৰিষদবোৰে ৰাজহ সংগ্ৰহত ব্যৰ্থ হৈছেঃ মন্ত্ৰী ডাঃ পেগুঃ গোগামুখত কোটি টকীয়া ভৱনৰ উদ্বোধন

অসম চৰকাৰে সকলো জাতি-জনজাতিৰ উন্নয়ৰ নিৰন্তৰভাৱে কাম কৰি গৈছে ৷ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অক্লান্ত পৰিশ্ৰম আৰু কাম কৰাৰ তীব্ৰ স্পৃহাৰ বাবে আজি অসমৰ উন্নয়ন অসমৰ প্ৰতিটো শ্ৰেণীৰ নাগৰিকে উপভোগ কৰিবলৈ পাইছে ৷ মিচিং স্বায়ত্তশাসিত পৰিষদ হৈছে অসম চৰকাৰৰে এটা অংশ ৷ ইয়াতো উন্নয়নমূলক কাম যথেষ্ট হৈছে ৷ কিন্তু নিজাববীয়াকৈ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত পৰিষদখন ব্যৰ্থ হৈছে ৷ আনকি অসমৰ কোনো এখন স্বায়ত্তশাসিত পৰিষদে ৰাজহ সংগ্ৰহৰ সফলতা লাভ কৰা নাই ৷ এই মন্তব্য অসম চৰকাৰৰ ভৈয়াম জনজাতি, অন্যান্য পিছপৰা দপ্তৰ তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ ধেমাজি জিলাৰ গোগামুখ চিলিমপুৰস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ  কাৰ্যবাহী সদস্যসকলৰ নৱ নিৰ্মিত ভৱনটি উদ্বোধন কৰি তেওঁ এইদৰে কয় ৷ তেওঁ কয়- অসম চৰকাৰে ইতিমধ্যে এক শকত পৰিমাণৰ ধন মিচিং পৰিষদলৈ মুকলি কৰি দিছে ৷

চৰকাৰৰ শিক্ষা বিভাগৰ পৰা ১৩ কোটি টকাৰ বিশেষ পূঁজি শিক্ষা উন্নয়নৰ বাবে সুকীয়াকৈ পৰিষদক দিয়া হৈছে ৷ কিন্তু পৰিষদে এই ধন খৰচ কৰোঁতে সাৱধান হ’ব লাগিব যাতে উটি যাবলগীয়া বা বাতিল কৰিবলগীয়া বিদ্যালয়ত এই ধন  খৰচ কৰা নহয় ৷  তেওঁ লগতে কয়- অসম চৰকাৰে প্ৰতিটো বুধবাৰে কেবিনেট বহায় ৷ সঘনাই কেবিনেট বহিলে কামৰ গতি তৰান্বিত হৈ আৰু কামবোৰ শৃংখলাবদ্ধ হয় ৷ মিচিং স্বায়ত্তশাসিত পৰিষদেও তেওঁলোকৰ কামবোৰ তৰান্বিত কৰিবলৈ সঘনাই আলোচনাত বহিবলৈ তেওঁ আহ্বান জনায় ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই কয়- কাৰ্যবাহী সদস্য ভৱনটো মূলতঃ পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ বাবে নিৰ্মাণ কৰা হৈছে ৷ দূৰ- দূৰণিৰ পৰা পৰিষদৰ কাৰ্যালয়লৈ অহা কাৰ্যবাহী সদস্যসকলে তেওঁলোকৰ কামৰ গতি দ্ৰুত কৰাৰ লগতে গোগামুখত থাকিয়ে যাতে ৰাইজক সেৱা কৰিব পাৰে তাৰ বাবে কাৰ্যবাহী সদস্যৰ ভৱনটো নিৰ্মাণ কৰা বুলি তেওঁ দোহাৰে ৷  তেওঁ পৰিষদৰ ৰাজহ সংগ্ৰহ সন্দৰ্ভত  মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দিয়া বক্তব্য সন্দৰ্ভত কয়- তেওঁ মন্ত্ৰী পেগুৱে আমাক ৰাজহ সংগ্ৰহত অধিক গুৰুত্ব দিবলৈ কোৱাৰ লগতে ৰাজহ সংগ্ৰহ কৰিব পৰা কামত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিছে ৷  কিন্তু আমি কাৰ্যভাৰ হাতত লোৱাৰ পৰাই ৰাজহ সংগ্ৰহ কৰি আহিছোঁ ৷ বিগত বৰ্ষত আমি পৰিষদৰ এলেকাৰ পৰা ৮৬ লাখ টকা ৰাজহ সংগ্ৰহ কৰাৰ বিপৰীতে চলিত বৰ্ষত ১ কোটি ৭৬ লাখ টকা ৰাজহ সংগ্ৰহ কৰাটো নিশ্চিত হৈছে বুলিও তেওঁ দোহৰে ৷  উল্লেখনীয় যে, গোগামুখ চিলিমপুৰস্থিত পৰিষদৰ কাৰ্যবাহী সদস্য ভৱনটি যঁজা আকৃতিৰে তিনিমহলীয়াকৈ পৰিষদৰ পূঁজিৰে নিৰ্মাণ কৰা হৈছে ৷ ৩ কোটি ২৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটিৰ নিৰ্মাণৰ দায়িত্বত আছিল পৰিষদৰ অভিযন্তা লুইত পাংগিং আৰু ঠিকাদাৰ দিলীপ পেগু ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত  থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু প্ৰমূখ্যে পৰিষদৰ কাৰ্যবাহী, সাধাৰণ সদস্যসকলে ৷

T20 বিশ্বকাপৰ বাবে নিৰ্মাণ কৰা নিউয়ৰ্কৰ নাছাউ কাউণ্টি ইণ্টাৰনেচনেল ষ্টেডিয়াম ভাঙি পেলোৱা হ’ব…

T20 বিশ্বকাপৰ বাবে নিৰ্মাণ কৰা নিউয়ৰ্কৰ নাছাউ কাউণ্টি ইণ্টাৰনেচনেল ষ্টেডিয়াম ভাঙি পেলোৱা হ’ব।

১০৬ দিনত নিৰ্মাণ কৰা ষ্টেডিয়ামখন ভাঙিবলৈ সময় লাগিব ৬ সপ্তাহ।

নাছাউ কাউণ্টি ইণ্টাৰনেচনেল ষ্টেডিয়াখনত অনুষ্ঠিত হয় ৮খন মেচ।

৩০ মিলিয়ন মাৰ্কিন ডলাৰ ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল নিউয়ৰ্কৰ নাছাউ কাউণ্টী ইণ্টাৰনেচনেল ষ্টেডিয়ামখন।

জাহিৰ ইকবালৰ সৈতে সোনাক্ষীৰ বিয়া! বিয়াৰ অডিঅ’ নিমন্ত্ৰণী পত্ৰ ভাইৰেল, বিয়াত কোন কোন তাৰকা উপস্থিত থাকিব…

সোনাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহৰ খবৰৰ মাজতে ছ’চিয়েল মিডিয়াত ফাদিল হৈছে দম্পতীহালৰ বিশেষ দিনটোৰ অডিঅ’ নিমন্ত্ৰণী পত্ৰ। ২৩ জুনত দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে। ‘হিৰমণ্ডি’ৰ পিছত সোনাক্ষী সিনহা এতিয়া ব্যক্তিগত জীৱনৰ শিৰোনামৰ অংশ হৈ পৰিছে। বিগত কেইবাদিনো ধৰি অভিনেত্ৰীগৰাকীৰ বিবাহৰ খবৰ ওলাই আছে। ইফালে সোনাক্ষী সিনহাই বিবাহৰ সম্পৰ্কে আনুষ্ঠানিকভাৱে একো প্ৰকাশ কৰা নাই।

সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহৰ খবৰৰ মাজতে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ৰেডিটত ভাইৰেল হৈ পৰিছে এটা পোষ্ট। এইটো এটা অডিঅ’ বিয়াৰ নিমন্ত্ৰণী পত্ৰ, য’ত এটা QR ক’ড আছে। QR ক’ড স্কেন কৰাৰ লগে লগে সোণাক্ষী আৰু জাহিৰৰ কণ্ঠত এটা বাৰ্তা আহি পৰে।

অৱশ্যে স্পষ্টকৈ কওঁ যে এতিয়ালৈকে সোণাক্ষী আৰু জাহিৰে বিবাহৰ খবৰত কোনো ধৰণৰ বক্তব্য দিয়া নাই।

ঢেকীয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত নিচামুক্ত ভাৰত গঢ়াৰ সংকল্পৰে বাটৰ নাট প্ৰদৰ্শন…

ঢেকীয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত নিচামুক্ত ভাৰত গঢ়াৰ সংকল্পৰে বৃহস্পতিবাৰে দিনৰ ১২ বজাত ঢেকীয়াজুলি নগৰত বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে উলিয়ালে সজাগতা সমদল৷উল্লেখ্য যে বৰ্তমান সময়ত ড্ৰাগছৰ লগতে প্ৰতিটো নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হৈছে একাংশ যুৱ সমাজ৷

সেয়েহে যুৱ সমাজক এনে অসামাজিক ব্যাধিৰ পৰা আতৰাই আনি এগৰাকী সুনাগৰিক হিচাপে গঢ় দিয়াৰ লগতে এখনি সুস্থিৰ সমাজ গঢ়িবলৈ  সজাগতাৰ উদ্দেশ্য আজি ঢেকীয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে উলিয়ালে সজাগতা সমদল৷আজি বাটৰ নাট প্ৰদৰ্শনৰ লগতে সজাগতা সমদলত নেতৃত্ব দিয়ে ঢেকীয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া নিবেদিতা চৌধুৰীয়ে৷

কৰ্ম সংগ্ৰামৰ এক জীয়া কাহিনী! বিপুল বৰাৰ আত্মপ্ৰত্যয় বহুতৰ বাবে অনুপ্ৰেৰণা…

বুকুত কৰ্মসংস্কৃতিৰ মহামন্ত্ৰৰে জীৱন জিনি সমাজৰ ভোটাতৰা হোৱা বহু ব্যক্তিৰ ভিতৰত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ২ নং উত্তৰকাঠনিৰ বিপুল বৰা সম্প্ৰতি এটি চৰ্চাৰ নাম।প্ৰয়াত শিশুৰাম বৰা আৰু চেনেহী বৰাৰ পুত্ৰ কৃষি বিল্পৱৰ লগতে সাংস্কৃতিক ক্ষেত্ৰৰো অভিজাত যাত্ৰী বিপুলে শৈক্ষিক জীৱন ঘৰৰ কাষৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি ঢলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ কৰ্মসংস্কৃতিৰ বিশাল ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰে। ৩০-৪০বিঘাৰো অধিক মাটি তেওঁ আৰু সহধৰ্মিনী ইটালীৰ বৰাৰ নিজেই ধানৰ লগতে বিভিন্ন বতৰৰ খেতিৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে সমাজৰ দুই এককো সংস্থাপন দি ৰাইজক প্ৰাকৃতিকভাৱে উৎপাদিত উৎপাদন যোগান ধৰি নিৰন্তৰ সেৱাৰে জননীৰ পূজা অব্যাহত ৰাখিছে।

পান তামোলৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে ২০০৪ চনৰ পৰা আৰম্ভ কৰে পান তামোলৰ খেতি। থলুৱা ব্যক্তি, ব্যৱসায়ীক তামোল পান যোগান ধৰাৰ লগতে চুবুৰীয়া জিলা বিশ্বনাথৰ পৰা মধ্য অসমৰ নগাঁৱলৈ তেখেতৰ উৎপাদন ৰপ্তানি হয়। নৃত্য গীত ভাওনা আদিত দখল থকা চহা শিল্পী বিপুলৰ আছে এক সাংস্কৃতিক চিনাকি। গাঁৱৰ ভাওনা সবাহৰ উপৰিও বিভিন্ন ঠাইত অভিনয়ৰ জৰিয়তে নিজৰ অনন্য কুশল প্ৰদৰ্শন কৰি লাভ কৰিছে বিপুল জনপ্ৰিয়তা। ১০০ ৰো অধিক ভাওনাত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জনৰ ,খোল,ঢোল বাদন ,নাগৰা বাদনৰ লগতে সাংস্কৃতিক ক্ষেত্ৰত বিভিন্ন প্ৰতিভা ৰাজীৰে চিনাকি আপোন শিল্পীলৈ উত্তৰণ হোৱা বিপুলৰ আছে নিজা আদৰ্শ আৰু সমাজৰ প্ৰতি গভীৰ দায়িত্ববোধ। সাংস্কৃতিক যাত্ৰাত নিজে সীমাৱদ্ধ নাথাকি আন দহজনকো আগবঢ়াই উলিয়াই অনা , নবীনসকলক অভিনয় জ্ঞানেৰে পুষ্ট কৰি সঁজাই পৰাই জগতমুখী কৰাৰ ক্ষেত্ৰটো সদায় অগ্ৰগণ্য ভূমিকা পালন কৰি আহিছে। শেহতীয়াকৈ তেখেতে ঢলপুৰৰ পেটুৱা গোসাঁনী থানৰ কাষত আৰম্ভ কৰিছে এক নিজা ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰতিষ্ঠান। কৃষি বিপ্লৱী, ভাওনা শিল্পী, ক্ষুদ্ৰ ব্যৱসায়ী বিপুল বৰাই আহ্বান জনাইছে যে -কর্ম সংস্থাপনৰ বাবে বাহিৰলৈ নগৈ নিজ ঘৰতে থাকি কাম কৰক নিজৰ লগতে আন দহজনকো সংস্থাপন দিব পাৰিব । মাথো কিবা এটা কৰিবলৈ মন থাকিব লাগিব আৰু সাহস কৰিব লাগিব । বিপুল বৰা ব্যক্তি জন এতিয়া স্বাৱলম্বী হোৱাৰ লগতে বিপুল বৰাৰ আত্মপ্ৰত্যয় বহুতৰ বাবে অনুপ্ৰেৰণা়,বহুজনৰ বাবে আদর্শ হৈ পৰিছে।

প্ৰলোভন মিথ্যাচাৰ ৰাজমহল…

সমগ্ৰ ভাৰতৰ দৃষ্টি আকৰ্ষণ কৰা অষ্টাদশ লোক সভাৰ নিৰ্বাচনৰ যোৰহাট লোকসভা সমষ্টিৰ ফলাফলে অসমৰ শাসক গোষ্ঠীৰ মাজত তীব্ৰ বাদানুবাদৰ সৃষ্টি কৰিছে। দৰাচলতে যোৰহাট লোকসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ কথা নৰজিল। তেওঁৰ দম্ভ অহংকাৰৰ পতন হ’ল যোৰহাটত। কেৱল সিমানেই নহয় এক প্ৰকাৰ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ খনেই পৰাস্ত হ’ল মুখ্যমন্ত্ৰীয়ে তাচ্ছিল্য কৰা সৰু ল’ৰাটোৰ হাতত। অসমৰ ভিতৰত সৰ্বাধিক ভোটত যোৰহাট লোকসভা সমষ্টিত ভাজপাৰ তপন কুমাৰ গগৈ জিকিব বুলি বীৰদৰ্পে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই। তিতাবৰ যোৰহাট সঘনে আহি নানাধৰণৰ কূট কৌশল ৰচনা কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ,অজন্তা নেওগ,মন্ত্ৰী পিয়ুষ হাজৰীকা বাহৰ পাতিছিল। তদুপৰি প্ৰায় সকলো মন্ত্ৰী ,ভাজপাৰ বিধায়ক সকল ,ভাজপাৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা আৰু অগপৰ মন্ত্ৰী আৰু নেতা সকলে দিনে নিশাই যোৰহাট লোক সভা সমষ্টিত কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈক পৰাভূত কৰিবলৈ সকলো প্ৰকাৰে প্ৰাণপণে চেষ্টা কৰিছিল। ভাজপাৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক ৰথৰ আগত লৈ যোৰহাট সমষ্টিৰ অলিয়ে গলিয়ে নিৰ্বাচনত জনসাধাৰণক আকৃষ্ট কৰিবলৈ ধনবল জনবল প্ৰলোভন মিথ্যাচাৰ আৰু ৰাজমহলৰ গ্যেৰাণ্টিৰে ওপচাই দিছিল। ৰাজকীয় কোৰ্পৰেট ষ্টাইলত নিৰ্বাচনী প্ৰচাৰ চলাই একপ্ৰকাৰ যোৰহাট লোক সভা সমষ্টিৰ ৰাইজক সন্ত্ৰাসিত কৰিছিল। ৰঙা লাইটৰ পোহৰত ,চাইৰেণৰ শব্দৰ কোলাহলে যোৰহাট লোক সভা সমষ্টিত ভোটাৰ সকলক আকৃষ্ট কৰিব নোৱাৰিলে।তপন কুমাৰ গগৈক ভোট নিদিলে চৰকাৰী হিতাধিকাৰীৰ সুবিধা বন্ধ কৰাৰ ভাবুকি আৰু অৰুণোদয় আঁচনিৰ ভুৱা ফৰ্ম বিতৰণৰ মায়াজালেও কামত নাহিল ভাজপাৰ। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল অসমৰ ভিতৰত যোৰহাট সমষ্টিৰ তপন কুমাৰ গগৈ সৰ্বাধিক ভোটত লোকসভালৈ নিৰ্বাচিত হব।

মন্ত্ৰী পীয়ূষ হাজৰীকাই কৈছিল তপন কুমাৰ গগৈ নিজিকিলে তেওঁ ৰাজনীতিৰ পৰাই পদত্যাগ কৰিব। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আকৌ উপলুঙাৰ ৰজা। তেওঁৰ মতে এই নিৰ্বাচনতহে গৌৰব গগৈয়ে শিকিব ৰাজনীতি কি বস্তু। আগতে পিতৃৰ নামতহে নিৰ্বাচনত অৱৰ্তীৰ্ণ হৈছিল। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য আছিল শিশু সুলভ।বাওঁহাতেহে লিখি দিয়ে গৌৰব গগৈৰ পৰাজয়ৰ বাৰ্তা। বিধায়ক দিগন্ত কলিতা, অমিয় কুমাৰ ভূঞা, মন্ত্ৰী অজন্তা নেওগে তিতাবৰতে বাহৰ পাতি আছিল। তিতাবৰ সমষ্টিৰ বিধায়ক কংগ্ৰেছৰ ভাস্কৰ জ্যোতি বৰুৱাক বিভ্ৰান্ত কৰিবলৈ মুখ্যমন্ত্ৰীকে ধৰি সকলোৱেই চেষ্টা কৰিছিল। আনকি তিতাবৰত প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ কো তুচ্ছ তাচ্ছিল্য কৰিবলৈ এৰা নাছিল। সকলোৱেই ভাজপাৰ নেতা মন্ত্ৰীয়ে ঘোষণা কৰিছিল যে তপন কুমাৰ গগৈ আঢ়ৈ তিনি লাখ ভোটৰ ব্যৱধানত জিকিব। কাজেই ভাজপাৰ কৰ্মী সকলে আত্ম সন্তুষ্টিলৈ থাকিল। এনেই জিকিব, কষ্ট কৰিব দৰকাৰ নাই। তাতকৈও ডাঙৰ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যে ২০২৬ চনত অসম বিধান সভাৰ নিৰ্বাচনত তেওঁ যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচনত অৱৰ্তীৰ্ণ হব।তাকো প্ৰচাৰ কৰিলে যোৰহাটৰ হৃদপিণ্ডত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত নিউজ লাইভৰ এটা নিৰ্বাচনী অনুষ্ঠানত। ই হিতে বিপৰীত হে হ’ল।যোৰহাট নগৰৰ নৱনিৰ্মিত উৰণীয়া সেতুৰ চমক,যোৰহাট ত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হতুৱাই উন্মোচন কৰিও হাৰ মানিলে যোৰহাট লোক সভা সমষ্টিৰ ভোটাৰ সকলৰ ওচৰত। দুৰ্ভাগ্যজনক কথা যে মাজুলিত সামান্য ভোটৰ ব্যৱধানত গৌৰব গগৈ পিছপৰাৰ বাদে বাকী ৯ টা বিধান সভা সমষ্টিৰ ভোটাৰে বিপুল ভোটৰ ব্যৱধানত গৌৰব গগৈক জিকালে।তিতাবৰ সমষ্টিৰ ৰাইজে সৰ্বাধিক প্ৰায় ৪০ হাজাৰ ভোটৰ ব্যৱধানত ভাজপাক প্ৰত্যাখ্যান কৰিলে।যোৰহাট বিধান সভা সমষ্টিত ভাজপাৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী থকাৰ পাছতো বিপুল ভোটৰ ব্যৱধানত গৌৰব গগৈক জিকালে। যাৰ ফলত হিতেন্দ্ৰ নাথ গোস্বাময়ে কবলৈ বাধ্য হৈছে যে তেওঁৰ সমষ্টিৰ ৰাইজে গৌৰব গগৈক ব্যক্তি হিচাপেহে ভোটদান কৰিছে, কংগ্ৰেছক নাইদিয়া। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ঘোষণা কৰিলে যে বিজেপিৰ নিজৰ ভুলৰ কাৰণেই,দৰ্প অহংকাৰৰ কাৰণেই তপন কুমাৰ গগৈৰ পৰাজয় হ’ল যোৰহাটত।

তেওঁৰ মন্তব্য আৰু গৌৰব গগৈক অভিনন্দন জনোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ ৰোষত পৰিছে মৃণাল কুমাৰ শইকীয়াই। ৰঞ্জিত দাসে বোলে আগতেই গম পাইছিল যোৰহাটত গৌৰব গগৈ জিকিব বুলি।মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথাত ৰাজনৈতিক পৰিপক্কতাৰ অভাব পৰিলক্ষিত হ’ল।ইফালে মন্ত্ৰী পিয়ুষ হাজৰীকাই তপন কুমাৰ গগৈৰ পৰাজয় হলে ৰাজনৈতিক জীৱন ত্যাগ কৰিম বুলি যোৰহাটতে চেলবেলাইছিল। অগপৰ লগত সংঘাত হৈছেই ভোটৰ অংক কেন্দ্ৰ কৰি। যোৰহাট লোক সভা সমষ্টিত কংগ্ৰেছৰ গৌৰব গগৈৰ জয়লাভে কেৱল যোৰহাট লোক সভাৰ সমষ্টিৰ ভাজপাৰ বা অগপৰ মাজত খৰিয়াল সৃষ্টি হোৱা নহয় , সমগ্ৰ অসমতে ইয়াৰ প্ৰভাৱ পৰিছে। খুমটাই সমষ্টিৰ ভাজপাৰ বিধায়ক মৃণাল শইকীয়াই গৌৰব গগৈক অভিনন্দন দিয়া আৰু ভাজপাৰ নেতা সকলে নিৰ্বাচনত যোৰহাট সমষ্টিত গ্ৰহণ কৰা কাৰ্যকলাপত অসন্তুষ্টিৰ প্ৰসংগত নিজা মতামত ব্যক্ত কৰিছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই, ৰাজ্যিক সভাপতি ভবেশ কলিতা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিষোদগাৰ প্ৰকাশ কৰিছে।আনকি মৃণাল শইকীয়া ভাজপাত আৰু কিমান দিন থাকিব বুলিও প্ৰশ্ন উত্থাপন কৰিছেখোদ মুখ্যমন্ত্ৰীয়ে।প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাই, প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বৰ্তমান ভাজপাৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত দাস এই সকলোৱেই বৰ্তমান অসম বিজেপিৰ নেতৃত্বৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এবাৰ টিভিত ওলালেই এহেজাৰ ভোট বিজেপিৰ হানি হয় বুলি বিধায়ক মৃণাল শইকীয়াই ইতিমধ্যেই প্ৰচাৰ কৰিছে।আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত অসমৰ ফলাফলো হিন্দু মুছলমান খেল খেলিবলৈ এৰা নাই। ধুবুৰী লোক সভাত কংগ্ৰেছৰ ৰকিবুল হুছেইন প্ৰায় দহ লাখ ভোটৰ ব্যৱধানত বদৰুদ্দিন আজমলক পৰাভূত কৰি নিৰ্বাচিত হোৱাৰ অন্তৰালত সংখ্যালঘু ভূতে লম্ভিছে মুখ্যমন্ত্ৰীক। ধুবৰী নগাঁও সমষ্টিত কংগ্ৰেছ জিকা মানে উত্তৰ অসম মধ্য অসম নামনি অসমৰ ৰাজনীতিত অশনি সংকেত ঘনীভূত বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য বৰ তাৎপৰ্যপূৰ্ণ। কিন্তু যোৰহাট লোক সভাৰ নিৰ্বাচন আৰু গৌৰব গগৈৰ জয়লাভত আনন্দিত মুখ্যমন্ত্ৰী ।তেওঁ কৈছে অন্তত: আমাৰ খিলঞ্জীয়াৰ জয়লাভ। ই এক ধৰণৰ মৌলবাদী ৰাজনীতি। কেৱল সংখ্যালঘুৰ সমষ্টিতহে কংগ্ৰেছৰ ভোটাৰ আছে বুলি প্ৰচাৰত সিদ্ধহস্ত ভাজপাৰ নেতা সকলৰ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মুখত উজনিৰ যোৰহাট লোক সভা সমষ্টিত কংগ্ৰেছৰ গৌৰব গগৈৰ জয়লাভে ওলট পালট কৰি দিলে ভাজপাৰ তথা মুখ্যমন্ত্ৰীৰ সপোন। তাৎপৰ্যপূৰ্ণ ভাবে তপন কুমাৰ গগৈৰ পৰাজয় নহয় যোৰহাটত, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পৰাজয় যোৰহাটত। তপন কুমাৰ গগৈৰ সোণাৰী বিধান সভাৰ ৰাইজেও প্ৰত্যাখ্যান কৰিলে তপন কুমাৰ গগৈক। মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাতুলামিৰ অন্ত পৰিল। প্ৰতি বিধান সভা সমষ্টিৰ হিচাপ দিব খোজা নাই, কাৰণ সকলোৱেই গম পালে যোৰহাট লোক সভা সমষ্টিত মাজুলিৰ বাদে বাকী ৯টা বিধান সভা সমষ্টিতে বিপুল ভোটৰ ব্যৱধানত গৌৰব গগৈক নিৰ্বাচিত কৰিলে।আগন্তুক অসম বিধান সভাৰ নিৰ্বাচন, ২০২৬ ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট সমষ্টিৰ পৰা প্ৰতিদন্দিতাত অৱৰ্তীৰ্ণ নহওঁ বুলিয়েই এক প্ৰকাৰ ঘোষণা দিলে নিৰ্বাচনী ফলাফলৰ প্ৰতিক্ৰিয়াৰ মাজতে। অসম চৰকাৰৰ কাৰণে আৰু এটা অশনি সংকেত যে ভাৰতৰ কেন্দ্ৰত এইবাৰ ভাজপাৰ চৰকাৰ নাই, এন ডি এৰ চৰকাৰ।

লেখকঃ বিমান শইকীয়া

গ্ৰীষ্ম প্ৰৱাহৰ বাবে বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশত জাৰি কৰিছে ৰেড এলাৰ্ট…

ভাৰতৰ বহু ৰাজ্যত বাৰিষাৰ বৰষুণ সৃষ্টি যদিও এতিয়াও দেশৰ পূব আৰু উত্তৰ-পশ্চিম অঞ্চলত গৰমে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

গ্ৰীষ্ম প্ৰৱাহৰ বাবে বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশত জাৰি ৰেড এলাৰ্ট।

ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ।

১৩-১৬ জুন পৰ্যন্ত উত্তৰ-পূবত প্ৰৱল বৃষ্টিপাতৰ আশংকা।

নাৰায়ণপুৰৰ অগ্ৰণী শিক্ষালয় একৰিট একাডেমীৰ নৱাগত আদৰণি সভা…

নাৰায়ণপুৰৰ নগৰৰৰ মাজমজিয়াত অৱস্থিত একৰিট একাডেমীৰ নৱাগত আদৰণি সভাখন অনুষ্ঠিত কৰা হয়। নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে নৱাগত আদৰণি সভাৰ আয়োজন কৰা হয়। মঙলবাৰে অনুষ্ঠিত কৰা নৱাগত আদৰণি সভাখন বিগত বছৰ সমূহৰ দৰে এইবছৰো সফলভাৱে অনুষ্ঠিত হয়।পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে একাডেমীৰ পৰিচালন সঞ্চালক মুকুন্দ্ৰ মুৰাৰী চেতিয়াই। নৱাগত ছাত্ৰ-ছাত্ৰীৰ আদৰণি অনুষ্ঠানৰ পিছতেই দুপৰীয়াৰ ভাগত মুকলি সভা অনুষ্ঠিত হয়। একাডেমীৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষক বিৰেন চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে পৰিচালন সঞ্চালক মুকুন্দ্ৰ মুৰাৰী চেতিয়াই।সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড°লিমপন বৰা, সহযোগী অধ্যাপক তথা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক পৰশ গোস্বামী, নিমন্ত্ৰীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাঘনোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল চন্দ্ৰ ভূঞা,নাৰায়ণপুৰৰ পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া গৌৰৱ দত্ত,বিশিষ্ট কবি, সাংবাদিক ৰূপম বৰা,সংযুক্ত খেলা সংঘৰ সভাপতি সুজিত দাস, সমাজসেৱক তথা বিশিষ্ট ব্যৱসায়ী মৃণাল বৰাৰ লগতে ভালেসংখ্যক অভিভাৱক শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল।

অতুল চন্দ্ৰ ভূঞাই কয়- ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ লগতে মানৱ সম্পদলৈ ৰূপান্তৰ হোৱাৰ পথ সম্পৰ্কে বক্তব্য ৰাখে,নাৰায়ণপুৰৰ পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া গৌৰৱ দত্তই ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে নতুন শিক্ষা নীতি আৰু অন্যান্য শৈক্ষিক দিন সম্পৰ্কে বিষয়ে বিষদভাৱে বক্তব্য আগবঢ়ায়। ষ্টেণ্ড কৰাজনেই সুনাগৰিক নহয় তৃতীয় বিভাগৰো ছাত্ৰজনো সমাজৰ এলাগী নহয় এই বক্তব্য বিশিষ্ট কবি, সাংবাদিক ৰূপম বৰাৰ।আনহাতে শিক্ষক গোটৰ সম্পাদক ৰাজীৱ গগৈ, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰজন্ম পৰাশৰ লগতে ছাত্ৰ একতা সভাৰ তৰফৰ নৱাগত আদৰণি সভাখন সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলোৰে শলাগ লয়।একৰিট একাডেমীৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত চিনাকী পৰ্বৰ লগতে অন্তৰংগ আলাপ অনুষ্ঠিত হয়।পৰৱৰ্তী তৃতীয় শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ ন-পুৰনি ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠানটোত একক অভিনয়, কবিতা আবৃত্তি, সংলাপ,নৃত্য গীত পৰিৱেশন আদিৰে নিজৰ প্ৰতিভা সমূহ প্ৰৰ্দশন কৰি একাডেমীৰ পৰিবেশ জীপাল কৰি তুলে।

কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত চিআৰপিএফৰ জোৱান…

পুনৰ কঁপি উঠিল কাশ্মীৰ। কিছুদিন পূৰ্বে সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১০গৰাকী তীৰ্থযাত্ৰী নিহত হোৱাৰ পিছত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত কঁপি উঠিল কাশ্মীৰ। কাশ্মীৰৰ কাঠুৱা জিলাৰ হিৰানগৰ অঞ্চলৰ ছাইদা গাঁৱত জেহাদীয়ে আক্ৰমণ কৰে। খবৰ অনুসৰি এই ঘটনাত তিনিজন অসামৰিক লোক আহত হৈছে। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তদুপৰি এজন সন্ত্ৰাসবাদীক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছে। ইপিনে সন্ত্ৰাসবাদীৰ আক্ৰমণত চিআৰপিএফৰ এজন জোৱান নিহত হোৱাৰ খবৰ আহিছে। কাঠুৱাত সংঘটিত এনকাউণ্টাৰৰ সময়ত চিআৰপিএফৰ জোৱানজন নিহত হয়। জম্মু জ’নৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আনন্দ জৈনে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ তদাৰক কৰি আছে। সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ যুটীয়া বাহিনীয়ে সমগ্ৰ অঞ্চলটোত কম্বিং অপাৰেছন আৰম্ভ কৰিছে। কাশ্মীৰৰ ডোডা জিলাতো যোৱা নিশা সেনাৰ এটা শিবিৰত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত ছজন সেনা জোৱান আহত হয়। ডোডাৰ চাট্টাৰগালাত সংঘটিত হৈছে এই ঘটনা।

মন কৰিবলগীয়া যে যোৱা দেওবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তাৰ পিছতে কাশ্মীৰ ৰয়ছীত তীৰ্থযাত্ৰীৰ এখন বাছত জেহাদীয়ে আক্ৰমণ কৰে। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে এই আক্ৰমণৰ জড়িয়তে শপতগ্ৰহণৰ সময়ক লক্ষ্য কৰি ভাৰতলৈ জেহাদৰ বাৰ্তা প্ৰেৰণ কৰে বুলি বহুতে ধাৰণা কৰিছে। ঘটনাৰ পিছদিনা লস্কৰ-ই-তৈবাৰ ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’-এ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।

ভাৰতত চিনাক্ত প্ৰথমগৰাকী বাৰ্ড ফ্লুত আক্ৰান্ত ৰোগী, পশ্চিমবংগৰ ৪ বছৰীয়া শিশুৰ দেহত বাৰ্ড ফ্লু…

পশ্চিমবংগৰ এটি ৪ বছৰীয়া কন্যা শিশুৰ দেহত ধৰা পৰিছে বাৰ্ড ফ্লু। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি পশ্চিমবংগৰ এটি চাৰি বছৰীয়া শিশুৰ H9N2 ভাইৰাছৰ সংক্ৰমণ ঘটি শিশুটি বাৰ্ড ফ্লুত আক্ৰা্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছে। ভাৰতত মানৱ দেহলৈ বাৰ্ড ফ্লু সংক্ৰমণৰ শেহতীয়াকৈ ২০১৯ চনৰ পিছত এয়াই প্ৰথম ঘটনা ।শিশুটিক আইচিইউত ভৰ্তি কৰোৱা হৈছে। বাৰ্ড ফ্লুত আক্ৰান্ত হ’লে গুৰুতৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা, উচ্চ জ্বৰ আৰু পেটৰ বিষ আদি লক্ষণে দেখা দিয়ে। আক্ৰান্ত শিশুটি ঘৰত হাঁহ-কুকুৰাৰ সংস্পৰ্শলৈ আহিছিল। ভাৰতইয়াৰ পূৰ্বে ২০১৯ চনত প্ৰথমটো বাৰ্ডফ্লু সংক্ৰমণৰ ঘটনা ধৰা পৰা বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে। কোভিডতকৈও মাৰাত্মক ৰোগ H5N1 অৰ্থাৎ বাৰ্ড ফ্লু মহামাৰীৰ সংক্ৰমণৰ আশংকা কৰিছে বহু বিজ্ঞানীয়ে। H5N1ৰ এই নতুন মহামাৰীৰ সংক্ৰমণে বিশেষভাৱে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে। বিজ্ঞানীসকলে দাবী কৰিছে যে H5N1 ভাইৰাছে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ বিশ্বজুৰি সৃষ্টি হ’ব পাৰে আন এক ভয়ংকৰ মহামাৰী।

বাৰ্ড ফ্লুৰ সংক্ৰমণ ক’ৰ’না মহামাৰীতকৈ অধিক বিপজ্জনক বুলি প্ৰমাণিত হৈছে। বিজ্ঞানীসকলৰ মতে বাৰ্ড ফ্লু মহামাৰী দ্ৰুতগতিত বিয়পি পৰাৰ সম্ভাৱনা অব্যাহত আছে। বিশেষজ্ঞসকলে কয় যেকোভিড সংকটতকৈ H5N1 ভাইৰাছ অধিক বিধ্বংসী হ’ব পাৰে। হোৱাইট হাউছেও এই ভাইৰাছে সৃষ্টি কৰিব পৰা অৱস্থাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে। শেহতীয়াকৈ আমেৰিকাত গৰু, মেকুৰী আৰু মানুহকে ধৰি বিভিন্ন স্তন্যপায়ী প্ৰাণীৰ দেহত H5N1 সংক্ৰমণ ধৰা পৰিছে। দেখা গৈছে যে জীৱ-জন্তুতকৈ মানুহে অধিক সহজ আৰু ক্ষিপ্ৰতাৰে এই ভাইৰাছত আক্ৰান্ত হ’ব পাৰে। এনে আশংকা সেয়ে বিশ্ববাসীৰ বাবে এক বৃহৎ চিন্তাৰ বিষয় হৈ পৰিছে। এতিয়ালৈকে আমেৰিকাৰ ছখন প্ৰদেশত H5N1 ৰোগী চিনাক্ত কৰা হৈছে। প্ৰখ্যাত বাৰ্ড ফ্লু গৱেষক ডাঃ সুৰেশ কুচিপুডীয়ে সকীয়াই দিছে যে ‘কোভিডতকৈ ১০০ গুণ অধিক বিপজ্জনক ’ হ’ব পাৰে বাৰ্ড ফ্লু মহামাৰী। কেৱল সেয়াই নহয়, এই মহামাৰীয়ে আক্ৰান্ত লোকৰ ভিতৰত আধা সংখ্যকৰে মৃত্যুৰ কাৰণ হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০০৩ চনৰ পৰা H5N1 ভাইৰাছত আক্ৰান্ত হোৱা প্ৰতি ১০০ জন ৰোগীৰ ভিতৰত ৫২ জন ৰোগীৰ মৃত্যু হৈছে। এইদৰে H5N1 ৰ মৃত্যুৰ হাৰ ৫০ শতাংশতকৈও অধিক। যদি ইয়াক ক’ৰ’না ভাইৰাছৰ সৈতে তুলনা কৰা হয় তেন্তে মহামাৰীৰ আৰম্ভণিতে ইয়াৰ মৃত্যুৰ হাৰ কিছু ঠাইত ২০ শতাংশ আছিল, যিটো পিছলৈ মাত্ৰ ০.১ শতাংশলৈ হ্ৰাস পাইছিল। এই পৰ্যন্ত মাত্ৰ ৮৮৭ গৰাকী লোক বাৰ্ড ফ্লুত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে, ইয়াৰে ৪৬২ জনৰ মৃত্যু হৈছে।ভাইৰাছবিধৰ বিৰুদ্ধে ভেকছিন আৰু প্ৰতিৰোধমূলক ব্যৱস্থা বিকশিত কৰাৰ প্ৰচেষ্টা চলি আছে। আমেৰিকা যুক্তৰাজ্যই ইতিমধ্যে ভেকছিনৰ উপাদানবোৰ পৰীক্ষা কৰি আছে।