Home Blog Page 756

সাৱধানঃ প্ৰদূষিত বায়ুও ডায়েবেটিছ ৰোগৰ অন্যতম কাৰণ…

অস্বাস্থ্যকৰ জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ উপৰিও প্ৰদূষিত বায়ুেও মধুমেহ ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে। এই কথা পোহৰলৈ আহিছে এক নতুন অধ্যয়নত। দুৰ্বল জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ অভাৱক প্ৰায়ে ডায়েবেটিছৰ কাৰণ বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে যে প্ৰদূষিত বায়ুেও ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে। শেহতীয়াকৈ ভাৰতীয় বিজ্ঞানীসকলে এক অধ্যয়নত এই কথা জানিব পাৰিছে যে বায়ু প্ৰদূষণে মধুমেহ ৰোগৰ সম্ভাৱনা ২৫% বৃদ্ধি কৰিব পাৰে। ‘জাৰ্নেল অৱ ক্লিনিকেল এণ্ড’ক্ৰাইন’লজি এণ্ড মেটাবলিজম’ত প্ৰকাশিত এই গৱেষণা ভাৰতৰ ১০খন চহৰৰ ৫০ হাজাৰৰো অধিক লোকৰ ওপৰত কৰা হৈছে। এই অধ্যয়নত দেখা গৈছে যে যিসকল লোকে দীৰ্ঘদিন ধৰি প্ৰদূষিত বায়ুত বাস কৰে, তেওঁলোকৰ টাইপ ২ ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ২৫% বেছি।


বিজ্ঞানীসকলৰ মতে বায়ু প্ৰদূষণত উপস্থিত থকা ক্ষতিকাৰক কণিকাবোৰে ইনচুলিন উৎপাদন কৰা অগ্নাশয়ৰ ক্ষতি কৰিব পাৰে। ইনচুলিন হৈছে এনে এবিধ হৰম’ন যিয়ে শৰীৰত তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গৱেষকসকলে কয় যে আমাৰ অধ্যয়নে দেখুৱাইছে যে বায়ু প্ৰদূষণ ডায়েবেটিছৰ আশংকাৰ এক গুৰুত্বপূৰ্ণ কাৰক হ’ব পাৰে। বিশেষকৈ ভাৰতৰ দৰে দেশত য’ত বায়ু প্ৰদূষণৰ মাত্ৰা অতি বেছি।

গৱেষকসকলে আৰু কয় যে এই অধ্যয়নৰ ফলাফলে বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ লগতে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰাৰ বাবে নীতি নিৰ্ধাৰণ কৰাত সহায় কৰিব। এই অধ্যয়নে ডায়েবেটিছৰ বিপদৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিব পাৰে আৰু মানুহক বায়ু প্ৰদূষণৰ পৰা নিজৰ স্বাস্থ্য ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিব পাৰে।

ক্ৰিয়েটিভ গেলেক্সী নাট্য দলৰ গুৱাহাটী তেল শোধনাগাৰৰ সহযোগত গুৱাহাটীৰ বিভিন্ন স্থানত “গছ থাকিলে মানুহ থাকিব” শীৰ্ষক বাটৰ নাট পৰিৱেশন…

বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৫ জুন তাৰিখে অসমৰ অগ্ৰণী সামাজিক সাংস্কৃতিক প্ৰতিষ্ঠান, “ক্ৰিয়েটিভ গেলেক্সী নাট্য দলে” , গুৱাহাটী তেল শোধনাগাৰৰ সহযোগত গুৱাহাটীৰ বিভিন্ন স্থানত “গছ থাকিলে মানুহ থাকিব” শীৰ্ষক বাটৰ নাট এখন পৰিবেশন কৰে।

গছ পুলি ৰোপণ, পলিথিন প্লাষ্টিক বৰ্জন, আৰু ভূমি পুনৰোদ্ধাৰ আদি আছিল নাটকখনৰ মূল বিষয়বস্তু। ইয়াত অভিনয় কৰা সকল হৈছে অজন্তা হাজৰিকা, ধ্ৰুৱ কলিতা, উৎপল পাঠক, দীনেশ তালুকদাৰ, বিনোদ দাস, আৰু খলিন জ্যোতি বড়া। নাট পৰিচালনা – ক্ৰিয়েটিভ গেলেক্সী।

যোৰাবাট অঞ্চলত অবৈধ ভাবে চলি থকা পাহাৰ খননস্থলীত যোৰাবাট শাখা ছাত্ৰ সন্থাৰ অভিনৱ প্ৰতিবাদ…

বিশ্ব পৰিবেশ দিৱস উপলক্ষে বুধবাৰে যোৰাবাট শাখা ছাত্ৰ সন্থাই যোৰাবাট অঞ্চলৰ অবৈধ পাহাৰ খনন স্থলীত গছপুলি ৰোপণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে অসম মেঘালয়ৰ সীমান্তবৰ্তী এলেকাৰ যোৰাবাটৰ পৰা বৰ্ণিহাট অঞ্চলৰ একাংশ পাহাৰত অসাধু ব্যৱসায়ীৰ দ্বাৰা অবাধ হাৰত খনন কৰি প্ৰাকৃতিক পাৰিপাৰ্শ্বিক পৰিবেশ ধংশ কাৰ্য চলি আহিছে। যাৰ বাবে যোৰাবাটৰ সাধাৰণ ৰাইজৰ লগতে যোৰাবাট শাখা ছাত্র সন্থা ক্ষোভিত হৈ পৰিছে। ছাত্র সন্থাৰ অভিযোগ অসাধু ব্যৱসায়ীয়ে বন বিষয়াক মেনেজ কৰি যোৰাবাটৰ পৰা বৰ্ণিহাটলৈ সকলো পাহাৰত খনন কাৰ্য চলাই গৈছে। খনন হোৱা মাটি সমূহ চালান অবিহনে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই কৃষি ভূমি আৰু চিমেণ্ট উদ্যোগত পেলাই থকা হৈছে।

স্থানীয় ৰাইজে বিৰোধিতা কৰিলেও চৰকাৰক ৰাজহ ফাকি দি কৌটি কৌটি টকাৰ মাটিৰ ব্যৱসায় চলাই আহিছে। এজাক বৰষুণ দিলেই খনন কৰা মাটি সমুহ পানীৰ লগত নামি আহি পানী পৰিবাহী নলাসমূহ ভৰ্তি কৰি দিয়ে যাৰ ফলত উত্তৰ পূবৰ দুৱাৰমঙখ যোৰাবাটত এক ককাল পৰ্যন্ত বানপানী হয়। যাৰবাবে আজি যোৰাবাট শাখা ছাত্ৰ সন্থাই বিশ্ব পৰিবেশ দিৱসটিৰ লগত সংগতি ৰাখি অবৈধ পাহাৰ খনন স্থলীত গছপুলি ৰোপণ কৰাৰ লগতে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তিত প্ৰতিবাদৰ শ্লোগান কিছুমান লিখি প্ৰতিবাদ সাব্যস্ত কৰে।

আমবাৰীত ফণীভূষণ চৌধুৰীক উষ্ম আদৰণি অগপৰ

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা মিত্ৰজোঁট তথা অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত উষ্ম আদৰণি জনোৱা হয়। ফণীভূষণ চৌধুৰী আমবাৰী কাৰ্য্যালয়ত উপস্থিত হোৱাৰ লগে লগে দলীয় কৰ্মীসকলে ফটকা ফুটাই আনন্দ উল্লাস প্ৰকাশ কৰে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা আহি সমবেত হোৱা সহস্ৰাধিক দলীয় বিষয়ববীয়া আৰু সদস্যৰ উপস্থিতিত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত দলটোৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই সভাপতিত্ব কৰে। অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ লগতে প্ৰতিখন জিলা সমিতি, বিধান সভা সমষ্টি সমিতি আৰু ভাতৃ-ভগ্নী সংগঠন সমূহে বিপুল ভাৱে নৱ-নিৰ্বাচিত সাংসদ গৰাকীক সম্বৰ্ধনা জনায়।

নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয় যে, এই বিজয় মিত্ৰজোঁট তথা আঞ্চলিকতাবাদী শক্তি অসম গণ পৰিষদ দলৰ বিজয়। এই বিজয়ৰ জৰিয়তে আঞ্চলিতাবাদৰ লগতে অসম গণ পৰিষদ দলটোক শক্তিশালী কৰাৰ বাবে দায়বদ্ধশীল কৰি তুলিলে বুলি উল্লেখ কৰি জীৱনৰ শেষ দিনটোলৈ অসম গণ পৰিষদ দলক সেৱা আগবঢ়াই যাব বুলি স্পষ্ট ভাৱে উল্লেখ কৰে। চৌধুৰীয়ে লগতে কয় যে, বৰপেটা লোকসভা সমষ্টিবাসী ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে সমগ্ৰ অসমতে দলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নিজৰে নিয়োজিত কৰিব বুলি মতপোষণ কৰি সাংসদ গৰাকীৰ কাম কাজৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। চৌধুৰীয়ে সহযোগিতাৰ বাবে মিত্ৰজোঁটৰ লগতে অসম গণ পৰিষদ দলৰ সকলো বিষয়ববীয়া আৰু সদস্যক কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, ফণীভূষণ চৌধুৰীৰ জয়লাভে দলটোক নতুন মাত্ৰা দিয়াৰ লগতে লোকসভাত দলটোৰ শূণ্যতা নাইকিয়া কৰিলে। মিত্ৰজোঁটৰ আটাইকেইটা দলৰে পৰিকল্পিত আৰু ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফল বুলি উল্লেখ কৰি সকলো দলীয় সদস্যৰ লগতে মিত্ৰজোঁটৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু সদস্যকো ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানৰ আতঁ ধৰে দলটোৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মনোজ শইকীয়াই। অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক,সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য,ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডা০ কমলাকান্ত কলিতা, ভূপেন ৰায়, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, সত্যব্ৰত কলিতা, আক্ৰাম হুছেইন, তোলন কোৱঁৰ, সুনীল ডেকা, সুনীল ৰাজকোঁৱঁৰ, ড০ তপন দাস, মণিমাধৱ মহন্ত,ধৰ্মেশ্বৰ ৰায় ,জ্যোতিমণি মৰাণ, উপসভাপতি কুমাৰ দীপক দাস, ড০ জয়নাথ শৰ্মা, জ্যোতিষ দাস, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, প্ৰেম শৰ্মা আদিৰ লগতে আটাইকেইটা ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ লগতে আলোক প্ৰভঞ্জনৰ উদ্যোগত বৃহত্তৰ উত্তৰ গুৱাহাটীত গছপুলি বিতৰণ

সমগ্ৰ বিশ্বতে পৰিবেশ প্ৰদুষণৰ বাবে আজিৰ দিনটোত বিশেষ গুৰুত্ব প্ৰদান কৰি বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। বিশ্বৰ পৰিবেশ বিশেষ কৈ গ্লোবেল ৰাৰ্মিংৰ প্ৰভাৱৰ পৰা মুক্ত হ’বলৈ সমগ্ৰ বিশ্বতে আজি বিভিন্ন কাৰ্যসূচী পালন কৰাৰ লগতে ৰাইজক সজাগ আৰু সচেতন কৰি তোলা হয়। আজি সমগ্ৰ উত্তৰ গুৱাহাটীত জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ লগতে আলোক প্ৰভঞ্জনৰ উদ্যোগত প্ৰায় দুশৰো অধিক মূল্যবান গছ পুলি ভ্ৰাম্যমাণ ভাৱে বিতৰণ কৰা হয়। জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ সভাপতি কুমুদ নাথ আৰু উপ-সভাপতি অমিতাভ বৰুৱাৰ উপস্থিতিত আজি বিশ্ব পৰিবেশ দিৱসৰ দিনটোত এই গছপুলি সমূহ বিতৰণ কৰা হয়।

গছ পুলি বিতৰণ কৰি সভাপতি কুমুদ নাথে উল্লেখ কৰে যে গছক বাদ আমি কোনো জীৱকুলেই জীয়াই থকাটো সম্ভৱ নহয়।লগতে উল্লেখ কৰে প্লাষ্টিক মুক্ত পৰিবেশ আমি সৃষ্টি কৰিব‌ই লাগিব এই ক্ষেত্ৰত ৰাইজ সজাগ আৰু সচেতন হোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। আজি আমি অনাগত ভৱিষ্যতৰ কথা চিন্তা কৰি এই পদক্ষেপ হাতত লৈছো।আজি ক্ৰমান্বয়ে সমগ্ৰ বিশ্বৰ লগতে অসমতো বিশেষ কৈ গৰমৰ উত্তাপ বাঢ়িবলৈ লৈছে। প্ৰকৃতিৰ এই ভাৰসাম্যৰ অভাৱৰ সৃষ্টি হোৱাৰ মূল কাৰণটোই হৈছে আমি পাহাৰ ,গছ গছণি ধ্বংস কৰিছো। সকলোৱে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি পৰিবেশ প্ৰদুষণ মুক্ত এখন বিশ্ব সৃষ্টি কৰাত আগবাঢ়ি আহি ভৱিষ্যতে জীৱকুলৰ সুৰক্ষা প্ৰতি দায়বদ্ধ হোৱা উচিত।আজিৰ এই কাৰ্যসূচীত ৰূপজ্যোতি পাঠক আৰু সুমণ শৰ্মাও উপস্থিত থাকে।

নবীন শৰ্মা স্মৃতিচ’ৰাৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন…

নবীন শৰ্মা স্মৃতিচ’ৰাৰ উদ্যোগ তথা নিউ গুৱাহাটী আদৰ্শ উচ্চমাধ্যমিক বিদ্যালয়ৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস-২০২৪ উদযাপন কৰা হয়। নবীন শৰ্মা স্মৃতিচ’ৰাৰ সাধাৰণ সম্পাদক ভাস্কৰ কৌশিকে আঁত ধৰা অনুষ্ঠানটিৰ শুভ আৰম্ভণি কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী বিনয় শৰ্মাই। অধ্যাপক ডঃ প্ৰদীপ শৰ্মাই পৰিৱেশ দিৱসৰ তাৎপৰ্য তথা গুৰুত্বৰ বিষয়ে তত্ত্বমূলক বক্তৃতা উপস্হাপন কৰে। ডঃ চয়নিকা শৰ্মাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিবেশ সম্পৰ্কীয় প্ৰশ্নোত্তৰ প্ৰতিযোগিতা পৰিচালনা কৰে।

শলাগৰ শৰাই আগবঢ়া শ্ৰী নগেন শৰ্মাই। প্ৰথম পুৰস্কাৰ ভুমিজ্যোতি নাথ আৰু যুৱৰাজ বেজবৰুৱা আৰু দ্বিতীয় পুৰস্কাৰ দীপিকা কলিতা আৰু মেঘাৰাণী তালুকদাৰে লাভ কৰে। বিজয়ী আৰু বিজিত দলক কিতাপ আৰু মানপত্ৰৰ লগতে ফুলৰ পুলি পুৰস্কাৰ ৰূপে প্ৰদান কৰা হয়।

চাই বিকাশ বিদ্যা নিকেটনৰ বিশ্ব পৰিবেশ দিৱস উদযাপন…

বিশ্ব পৰিবেশ দিৱস উপলক্ষে গুৱাহাটীৰ চাই বিকাশ বিদ্যা নিকেটনে গছপুলি ৰোপণৰ লগতে মূকাভিনয়ৰে এক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্য্যসূচী অনুযায়ী বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে গুৱাহাটীৰ ISBT ৰ চৌহদত “গছ থাকিলেহে মানুহ থাকিব” শীৰ্ষক এক মূকাভিনয় পৰিবেশন কৰে।

এই মূকাভিনয় পৰিবেশনে ৰাইজৰ শলাগ লাভ কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানত ISBT, গুৱাহাটীৰ Divisional Superintendent Monishi Nahar Deka, বিদ্যালয়খনৰ পৰিচালন সঞ্চালক শ্ৰী নিবাস ৰেদ্দী, একাডেমিক ডীন ড° মনোজ কুমাৰ চৌধুৰীৰ লগতে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়ত্ৰী সকল উপস্থিত থাকে। এই সজাগতামূলক অনুষ্ঠানৰ অন্তত ISBT চৌহদত গছপুলি ৰোপণ কৰা হয়।

ঢেকীয়াজুলি শংকৰ আজান মহাবিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন…

ঢেকীয়াজুলি শংকৰ আজান মহাবিদ্যালয়ৰ আজি চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷উল্লেখ্য যে ২০২০ চনৰ ৫ জুন তাৰিখে সমাজকৰ্মী আইজুল ইছলামৰ প্ৰচেষ্টাত আৰু একাংশ সমাজসচেতন ব্যক্তিৰ সহযোগত কৰুণা মহামাৰীৰ সময়তে শ্বহীদ নগৰী ঢেকীয়াজুলিত বিভিন্ন প্ৰত্যাহ্বান নেওচি প্ৰতিষ্ঠা লাভ কৰিছিল শংকৰ আজান মহাবিদ্যালয়ে৷ জন্মলগ্নৰে পৰা ঢেকীয়াজুলি শংকৰ আজান বিদ্যালয়খনে মানৱসম্পদ গঢ়িবৰ বাবে অঞ্চলটোত এক শৈক্ষিক সংগ্ৰাম চলাই আহিছে৷ ২০২০ চনৰ ৫ জুন তাৰিখে প্ৰতিষ্ঠা লাভকৰা শংকৰ আজান মহাবিদ্যালয়খনিত আজি দিনজোৰা কাৰ্যসূচীৰে আজি উদ্‌যাপন কৰিলে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস৷ ৰাতিপুৱা বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হ’ল মুকলি সভা৷

শংকৰ আজান মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিশ্বজিৎ পালে সভাপতিত্ব কৰা আজিৰ মুকলি সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে শংকৰ আজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক আইজুল ইছলামে৷শংকৰ আজান মহাবিদ্যালয়ৰ আজিৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ কাৰ্যসূচীত মুখ্য অতিথি হিছাপে উপস্থিত থাকি শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় অৱসৰপ্ৰাপ্ত শিক্ষক বিধু ভূষণ ৰায়ে৷আজিৰ অনুষ্ঠানটিত উত্তৰ পুৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আজমল হুছেইন,শংকৰ আজান মহাবিদ্যালয়ৰ অধ্যক্ষা ববীতা বৰাৰ লগতে অধ্যাপক-অধ্যাপিকা সকলৰ উপৰিও দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷

ধুবুৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক উষ্ম আদৰণি…

অসমত অভিলেখ সংখ্যক ভোটত জয়ী ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইন। ধুবুৰীত ১০,১২,৪৭৬ ভোট সংখ্যাৰ ব্যৱধানেৰে বিজয় ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন। এআইইউডিএফ দলৰ দুৰ্গ ধুবুৰী লোকসভা সমষ্টিটোৰ তিনি বাৰৰ সাংসদ বদৰুদ্দিন আজমলক শোচনীয় ভাৱে পৰাজয় কৰি কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। আজি ধুবুৰীৰ ৰাজীৱ ভৱনত হাজাৰ হাজৰ কংগ্ৰেছ কৰ্মী সকলে উপস্থিত হৈ ৰকিবুল হুছেইনক উষ্ম আদৰণি জনায়।

ধুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আগতে ধুবুৰী লোকসভা সমষ্টিৰ সকলো ভোটাৰ আৰু কংগ্ৰেছ কৰ্মী সকলোক ধন্যবাদ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। সাংবাদিকৰ প্ৰশ্ন উত্তৰত ৰকিবুল হুছেইনে কয় যে মই মুখ্যমন্ত্ৰীৰ জালত নপৰো, তেওঁ মোৰ জালত পৰিব। মুখ্যমন্ত্ৰীৰ আসনখন সন্মানীয় আসন, সেই আসনত বহি অশোভনীয় কথা বতৰা কোৱাটো উচিত নহয়। আগন্তুক পঞ্চায়ত আৰু বিধান সভা নিৰ্বাচনত কেনেকৈ জয়ী হব পাৰে তাৰে আলোচলা কৰা হয় বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে।

বন্ধন বেংকৰ পৃষ্ঠপোষকতাত ছয়গাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন…

বন্ধন বেংকৰ পৃষ্ঠপোষকতাত ছয়গাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন৷ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ৷ গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে ছয়গাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন সৰ্বভাৰতীয় বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকৰ৷ অসম বিজ্ঞান সমিতি, ছয়গাঁও শাখাৰ উদ্যোগত আৰু বন্ধন বেংকৰ ছয়গাঁও শাখাৰ পৃষ্ঠপোষকতাত ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়ৰ সহযোগত ছয়গাওঁ চৰকাৰী মজলীয়া বিদ্যালয় প্ৰাংগনত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস৷

সেই উপলক্ষে বিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰে বন্ধন বেংকৰ মঙলদৈ ক্লাষ্টাৰ হেড অনুপজ্যোতি শৰ্ম আৰু সমাজসেৱক তথা ছয়গাঁও নাগৰিক সমাজৰ উপ সভাপতি পিয়াৰ আলীয়ে৷ আনহাতে বন্ধন বেংকৰ কাৰ্যালয়ৰ সন্মুখত গছপুলি ৰোপণ কৰে বন্ধন বেংকৰ ছয়গাঁও শাখাৰ শাখা প্ৰবন্ধক অংকুৰ চৌধুৰীয়ে৷ ইয়াৰ পিছতে বিদ্যালয় প্ৰাংগনত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷য’ত ছয়গাঁৱৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ শেষত উভয় প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে কিতাপৰ টোপোলাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়।