Home Blog Page 76

Sangeet Stuti 2025: শিল্পগ্ৰামত সম্পন্ন সংগীত সত্ৰৰ সংগীত স্তুতি ২০২৫

শিল্পগ্ৰামত সম্পন্ন সংগীত সত্ৰৰ সংগীত স্তুতি ২০২৫
শিল্পগ্ৰামত সম্পন্ন সংগীত সত্ৰৰ সংগীত স্তুতি ২০২৫

সংগীত সত্ৰ (Sangeet Stuti 2025) গুৱাহাটীৰ উদ্যোগত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু উত্তৰ পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত আজি ২০ডিচেম্বৰৰ সন্ধিয়া ৫:৩০বজাত গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰাম প্ৰেক্ষাগৃহত আয়োজন কৰা হয় সংগীত স্তুতি২০২৫৷ উল্লেখযোগ্য যে সংগীত সত্ৰই বিগত কেইবাবছৰো ধৰি নৃত্য-গীত বাদ্যৰ এই মহোৎসৱ ভাৰতৰ বিভিন্ন ৰাজ্যৰ ভিন্ন অঞ্চলত সফলতাৰে অনুষ্ঠিত কৰি আহিছে৷ এইবাৰ গুৱাহাটীৰ শিল্পগ্ৰামত ২০ডিচেম্বৰ শনিবাৰৰ সন্ধিয়া কমিউনিটি কালচাৰেল প্ৰগেমৰ অধীনত সংগীত সত্ৰই আয়োজন কৰা নৃত্য-গীত-বাদ্যৰ ভ্ৰাম্যমাণ এই উৎসৱৰ আৰম্ভণিতে পদ্মভূষণ সন্মান প্ৰাপক নৃত্যাচাৰ্য যতীন গোস্বামী, সংগীত নাটক অকাডেমীৰ টেগৰ সন্মান প্ৰাপ্ত বৰ্ষীয়ান শিল্পী হৰিচৰণ শইকীয়া, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা আৰু উত্তৰ পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ড° প্ৰসন্ন গগৈ উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰাৰ লগতে সাৰুৱা বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত বিশিষ্ট কথক নৃত্যশিল্পী গুৰু বিপুল দাস সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷

শাস্ত্ৰীয় নৃত্য-বাদ্য-সংগীতৰ শিল্পী সকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰে গুৱাহাটীৰ সংগীত সত্ৰই ২০১৭চনৰে পৰা আয়োজন কৰা এই মহোৎসৱ সংগীত স্তুতি ২০২৫ত দিল্লীৰ বিশিষ্ট শিল্পী নয়নিকা ঘোষ চৌধুৰী আমন্ত্ৰিত শিল্পী হিচাপে উপস্থিত থাকি কথক নৃত্য পৰিৱেশন কৰে৷ ভিন্ন ঠাইৰ বহুকেইগৰাকী শিল্পীৰ লগতে গন্ধৰ্ব কলা কেন্দ্ৰ,বসুন্ধৰা কলা নিকেতন আৰু সংগীত সত্ৰৰ শিক্ষাৰ্থীসকলে আমন্ত্ৰণমূলকভাৱে খোলবাদন,ভোৰতাল নৃত্য,সত্ৰীয়া নৃত্য আদিকে ধৰি কেইবাটিও সাংস্কৃতিক কাৰ্যক্ৰম পৰিৱেশন কৰি উপস্থিত দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়৷


সংগীত স্তুতিৰ এই অনুষ্ঠানটি ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সংগীত সত্ৰৰ সভাপতি স্বপ্ননীল বৰুৱা আৰু সংগীত নাটক অকাডেমী বঁটা প্ৰাপক শিল্পী তথা সংগীত সত্ৰৰ সাধাৰণ সম্পাদক , গুৰু ৰঞ্জুমণি শইকীয়া,সংগীত সত্ৰ বিদ্যালয়ৰ অধ্যক্ষ গুৰু ৰিঞ্জুমণি শইকীয়াৰ তত্ত্বাৱধানত সংগীত সত্ৰৰ লগত জড়িত সকলোৰে সহযোগিতাত সফলতাৰে সম্পন্ন হয়৷অনুষ্ঠানত কলা-সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে ভালেসংখ্যক কলামোদী দৰ্শক উপস্থিত থাকে৷

Horoscope 2026: ২০২৫ক বিদাই দি ২০২৬ক আদৰিবলৈ মাজত মাত্ৰ কেইটামান দিন। আপোনাৰ ২০২৬ চনটো কেনে যাব?

২০২৫ক বিদাই দি ২০২৬ক আদৰিবলৈ মাজত মাত্ৰ কেইটামান দিন। আপোনাৰ ২০২৬ চনটো কেনে যাব?
২০২৫ক বিদাই দি ২০২৬ক আদৰিবলৈ মাজত মাত্ৰ কেইটামান দিন। আপোনাৰ ২০২৬ চনটো কেনে যাব?

২০২৫ক বিদাই দি (Horoscope 2026) ২০২৬ক আদৰিবলৈ মাজত মাত্ৰ কেইটামান দিন। নতুন বছৰৰ আৰম্ভণিৰ পূৰ্বে জানক আপোনাৰ নতুন বৰ্ষটো কেনে যাব। ১২ ৰাশিৰ ৰাশিফলৰ বিষয়ে জানক-

মেষ ৰাশিঃ ২০২৬ চনটো মেষ ৰাশিৰ বাবে নতুন সম্ভাৱনাৰ বছৰ হ’ব। কিন্তু, কিছু প্ৰত্যাহ্বানো থাকিব। ২০২৬ বৰ্ষটোৱে আপোনাৰ জীৱনলৈ নতুন দায়িত্ব, সুযোগ আৰু পৰিৱৰ্তন আনিব।

বৃষ ৰাশিঃ ২০২৬ বৰ্ষটো বৃষ ৰাশিৰ লোকৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰাখিব লাগিব। বছৰৰ আৰম্ভণিৰ অংশত আৰ্থিক লাভৰ সম্ভাৱনা ।

মিথুন ৰাশিঃ ২০২৬ চনটো মিথুন ৰাশিৰ বাবে নতুন সুযোগ আৰু নতুন দায়িত্বৰ বছৰ হ’ব। বছৰৰ আৰম্ভণিতে আপোনাৰ আয় আৰু সামাজিক যোগাযোগ বৃদ্ধি পাব।

সিংহ ৰাশিফঃ ২০২৬ চনটো আত্মবিশ্বাসেৰে ভৰপূৰ হ’ব। বছৰৰ আৰম্ভণিতে আপুনি আপোনাৰ কেৰিয়াৰত গুৰুত্ব দিব, যিয়ে আপোনাৰ দুহাতত সফলতা তুলিব। আপোনালোকৰ সম্পৰ্কত গুৰুত্ব আৰু দায়বদ্ধতাৰ বাঢ়িব এই বছৰত। আপুনি নম্ৰতা আৰু দৃঢ়তাৰে আগবাঢ়িব লাগিব জীৱন যুদ্ধত।

কৰ্কট ৰাশিঃ ২০২৬ বৰ্ষটো কৰ্কট ৰাশিৰ বাবে পৰিৱৰ্তনৰ বছৰ হ’ব। ২০২৬ বৰ্ষই কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ বাবে নতুন প্ৰত্যাহ্বান, সুযোগ, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ উপযুক্ত সময়।

কন্যা ৰাশিঃ ২০২৬ চনটো পৰিৱৰ্তন আৰু দায়িত্ব লাভৰ বছৰ হ’ব। ২০২৬ বৰ্ষই আপোনাৰ জীৱনলৈ এটা নতুন দিশ দিব।

তুলা ৰাশিঃ ২০২৬ বৰ্ষই তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব। এই বছৰে তুলা ৰাশিৰ জাতক-জাতিকাৰ সম্পৰ্ক, কেৰিয়াৰ আৰু ব্যক্তিগত সম্পৰ্কত ভাৰসাম্য ৰক্ষা কৰিব।

বৃশ্চিক ৰাশিঃ ২০২৬ চনটো বৃশ্চিক ৰাশিৰ বাবে পৰিৱৰ্তন, সুযোগৰ বছৰ হ’ব। এই বছৰে নতুন প্ৰত্যাহ্বান আৰু দায়িত্ব আনিব। এই বছৰত বৃশ্চিক ৰাশিৰ বুজাবুজি আৰু সাহস এই বছৰ শক্তিশালী হ’ব।

ধনু ৰাশিঃ ২০২৬ চনটোত কিছুমান গ্ৰহৰ গতিবিধিয়ে ধনু ৰাশিৰ জাতক-জাতিকাৰ জীৱনত বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাব। ২০২৬ বৰ্ষত আপোনাৰ ইচ্ছা আৰু দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ লগতে দূৰদৰ্শিতাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়।

মকৰ ৰাশিঃ ২০২৬ বৰ্ষত মকৰ ৰাশিৰ বাবে দায়িত্ব, ধৈৰ্য সকলো বাঢ়িব। ২০২৬ বৰ্ষটোৱে আপোনাৰ জীৱনলৈ নতুন প্ৰত্যাহ্বান, সুযোগ, অভিজ্ঞতা আনিব। আপোনাৰ ধৈৰ্যৰে আগবাঢ়িব লাগিব।

কুম্ভ ৰাশিঃ ২০২৬ বৰ্ষটো কুম্ভ ৰাশিৰ বাবে আত্মবিশ্বাস, আৰু অগ্ৰগতিৰে ভৰা বছৰ হ’ব। আপোনাৰ জীৱনত বহুতো সুযোগৰ আহিব যিয়ে আপোনাক আপোনাৰ লক্ষ্যত উপনীত কৰাব।

মীন ৰাশিঃ ২০২৬ চনটো মীন ৰাশিৰ বাবে পৰিৱৰ্তন আৰু নতুন সুযোগৰ বছৰ হ’ব। এই বছৰে তেওঁলোকৰ জীৱনলৈ নতুন দৃষ্টিভংগী, অভিজ্ঞতা আৰু সুযোগ আনিব।

PM Narendra Modi: অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দ্বিতীয়টো দিন

অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দ্বিতীয়টো দিন
অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দ্বিতীয়টো দিন

অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ (PM Narendra Modi) মোদীৰ আজি দ্বিতীয়টো দিনৰ কাৰ্যসূচী। আজি বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

আজি লুইতৰ বুকুত IWTৰ ‘চৰাইদেউ’ জাহাজত প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা’অনুষ্ঠান। অনুষ্ঠানত ৰাজ্যৰ ২৫ গৰাকী শিক্ষাৰ্থীৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

আজি নামৰূপত নতুন সাৰ কাৰখানাৰ ভূমি পূজনৰ লগতে আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীক আদৰিবলৈ কেনেদৰে সাজু হৈছে নামৰূপবাসী।


Narendra modi: ৰোডশ্ব’ত প্ৰধানমন্ত্ৰীৰ সৈতে একেখন বাহনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰোডশ্ব'ত প্ৰধানমন্ত্ৰীৰ সৈতে একেখন বাহনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ৰোডশ্ব'ত প্ৰধানমন্ত্ৰীৰ সৈতে একেখন বাহনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰোডশ্ব’ত প্ৰধানমন্ত্ৰীৰ সৈতে একেখন বাহনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।(Narendra modi)

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেখন বাহনতে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

সততে দুৰ্লভ এনে দৃশ্য দেখা গ’ল গুৱাহাটীত।

প্ৰথমবাৰলৈ এগৰাকী প্ৰধানমন্ত্ৰীয়ে এইদৰে মুখ্যমন্ত্ৰীক নিজৰ গাড়ীত উঠাই ৰোড শ্ব’ত অংশগ্ৰহণ কৰা দেখা গ’ল অসমত।

Men ear piercing: কাণ ফুটোৱাটো পুৰুষৰ বাবে শুভ নে অশুভ ?

কাণ ফুটোৱাটো পুৰুষৰ বাবে শুভ নে অশুভ ?
কাণ ফুটোৱাটো পুৰুষৰ বাবে শুভ নে অশুভ ?

কাণ ফুটোৱা আৰু (Men ear piercing) কাণফুলিৰ গুৰুত্ব আজিৰ বস্তুবাদী জগতখনত জনপ্ৰিয় হৈ পৰিছে। কিন্তু সনাতন ধৰ্ম আৰু জ্যোতিষ শাস্ত্ৰত এই পৰম্পৰা কেৱল ষ্টাইলৰ বাবে নহয়, শাৰীৰিক আৰু মানসিক বিকাশৰ বাবেও অপৰিহাৰ্য বুলি বিবেচিত হৈছে। হিন্দু ধৰ্মৰ ১৬টা ৰীতি-নীতিৰ ভিতৰত অন্যতম “কৰ্ণবেধ সংস্কাৰ” পুৰুষৰ বাবে বিশেষ তাৎপৰ্য বহন কৰে। প্ৰাচীন কালত প্ৰায় প্ৰতিজন মানুহেই কাণ ফুটোৱা অনুষ্ঠান সম্পন্ন কৰিছিল। কিন্তু পৰিৱর্তিত সময়ৰ লগে লগে এই পৰম্পৰা সলনি হৈছে, কেৱল নাৰীৰ মাজতহে এই পৰম্পৰা দেখা গৈছে। বৰ্তমান সময়ত বেছিভাগ পুৰুষেই কাণ ফুটাই, কাণ ফুটোৱাটো কেৱল চখ নে সৌভাগ্যৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ শুভ আৰু অশুভ শংকা কি কি? জানো আহক-

জ্যোতিষৰ মতে মানৱ শৰীৰৰ কিছু অংশ বিভিন্ন গ্ৰহৰ লগত জড়িত। কাণৰ তলৰ অংশ মূলতঃ কেতুৰ দ্বাৰা প্ৰভাৱিত হয়। কাণ ফুটোৱালে ৰাহু আৰু কেতুৰ নেতিবাচক প্ৰভাৱ কমি যায় আৰু ব্যক্তিৰ জীৱনৰ অভাৱনীয় বাধা দূৰ হয় বুলি বিশ্বাস কৰা হয়। তদুপৰি কাণত সোণ পিন্ধিলে মানুহৰ ৰাশিফলত বৃহস্পতি আৰু সূৰ্য্য শক্তিশালী হয়। ইয়াৰ ফলত আত্মবিশ্বাস, সামাজিক সন্মান, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পায়।

পুৰুষে সদায় সোণ বা ৰূপক অগ্ৰাধিকাৰ দিব লাগে। কৃত্ৰিম বা সস্তীয়া ধাতু পৰিধান কৰিলে ছালৰ বিকাৰ আৰু বিৰূপ গ্ৰহৰ প্ৰভাৱ পৰিব পাৰে। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা দুয়োখন কাণ ফুটোৱাটো পুৰুষৰ বাবে অধিক শুভ বুলি গণ্য কৰা হয়, যাৰ ফলত সমগ্ৰ শৰীৰত শক্তিৰ সম প্ৰবাহ নিশ্চিত হয়।

বিৰাট কোহলীৰ পৰা আৰম্ভ কৰি ৰণবীৰ কাপুৰৰ দৰে ডাঙৰ তাৰকালৈকে আজিৰ প্ৰজন্মই এই পৰম্পৰাক আঁকোৱালি লৈছে। তেওঁলোকে হয়তো ষ্টাইলৰ বাবে কাণ ফুটাইছে, তথাপিও তেওঁলোকে অজানিতে ইয়াৰ জ্যোতিষ আৰু স্বাস্থ্যজনিত উপকাৰো লাভ কৰে।

Narendra Modi: বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি প্ৰধানমন্ত্ৰী
বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি প্ৰধানমন্ত্ৰী

বৰঝাৰ বিমানবন্দৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। (Narendra Modi)

বিমানবন্দৰত অৱতৰণ প্ৰধানমন্ত্ৰীগৰাকী।

বিমানবন্দৰত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

গুৱাহাটী বিমানবন্দৰৰ সন্মুখত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিশাল প্ৰতিমূৰ্তি উদ্ধোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

লগতে মুকলি কৰে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল।


Imran Khan: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীক ১৭ বছৰৰ কাৰাদণ্ড

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীক ১৭ বছৰৰ কাৰাদণ্ড
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীক ১৭ বছৰৰ কাৰাদণ্ড

পাকিস্তানৰ(Imran Khan) ৰাজনীতি সন্দৰ্ভত ডাঙৰ খবৰ। তোছাখানা-দ্বিতীয় গোচৰত আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু তেওঁৰ পত্নী বুশৰা বিবিক দোষী সাব্যস্ত কৰি কাৰাদণ্ড বিহিছে। শনিবাৰে ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত অৱস্থিত বিশেষ আদালতে এই ৰায়দান কৰে। আদালতে তেওঁলোকৰ ওপৰত এক কোটি টকাকৈ জৰিমনাও বিহিছিল। এই সিদ্ধান্তৰ পিছতে পাকিস্তানৰ ৰাজনীতি পুনৰ অশান্ত হৈ পৰিছে।

পত্নীসহ ইমৰান খানক ১৭ বছৰ কাৰাদণ্ড বিহা হৈছে। পাকিস্তানৰ এখন আদালতৰ এই ৰায়দান তোষাখানা গোচৰত দুয়োকে ১৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে। বৰ্তমান কাৰাগাৰতে আছে পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খান।

আদালতে বিভিন্ন ধাৰাত শাস্তি নিৰ্ধাৰণ কৰিছিল, যিবোৰ একেলগে মিলিলে মুঠ ১৭ বছৰ হ’ব। ইমৰাণ খান আৰু বুশৰা বিবিক পাকিস্তান দণ্ডবিধিৰ ৪০৯ ধাৰাত ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। আন আন ধাৰাতো দোষী সাব্যস্ত কৰা হয়। শুনানিৰ সময়ত আদালতত এফ আই এৰ বিষয়াসকল উপস্থিত থকাৰ বিপৰীতে ইমৰাণ খানৰ অধিবক্তাই তেওঁৰ গোচৰ দাখিল কৰে।


Darrang News: স্বামীক বিচাৰি এগৰাকী পত্নীৰ হিয়াভগা কান্দোন

স্বামীক বিচাৰি এগৰাকী পত্নীৰ হিয়াভগা কান্দোন
স্বামীক বিচাৰি এগৰাকী পত্নীৰ হিয়াভগা কান্দোন

স্বামীক বিচাৰি এগৰাকী (Darrang News) পত্নীৰ হিয়াভৰা কান্দোন। স্বামীক বিচাৰি হাবাথুৰি খাই ফুৰিছে এগৰাকী পত্নীয়ে। ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল। বৰ্তমানলৈ পৰিয়ালে কোনো শুং সূত্ৰ পোৱা নাই স্বামী ছাইদুৰ ৰহমানৰ। দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত খাটনীয়াপাৰা গাওঁৰ ৰেজিনা বেগমৰ স্বামী ছাইদুৰ ৰহমানে যোৱা বৃষ্পতিবাৰৰ পৰা দিনৰ ০২:০০ বজাত পত্নীৰ ঘৰৰ পৰা নিজ ঘৰলৈ যাব বুলি ওলাই যায়।

কিন্তু আবেলি পত্নীৰ ঘৰলৈ উভতি নহাত বহু চিন্তাত পৰে পৰিয়ালৰ লোকে। বৰ্তমানলৈ পৰিয়ালৰলোকে কোনো শুং সূত্ৰ নাপালে স্বামী ছাইদুৰ ৰহমানৰ। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰি নাপাই উপায়ন্তৰ হৈ ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। যদিহে কোনো সদাশয় ব্যক্তিয়ে স্বামী ছাইদুৰ ৰহমানক দেখা পাই অতি সোনকালে নিকটৱৰ্তী থানা অথবা 7099934828, 6002944677 নাইবা 9365339227 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে সমূহ অসমবাসীক কাতৰ অনুৰোধ জনায় ।

CM Nitish Kumar: মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত

নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত
নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত

সিদ্ধান্ত সলনি নুছৰত পাৰবীনৰ।(CM Nitish Kumar)

চাকৰিত যোগদান কৰিব নুছৰতে।

নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত।

বিহাৰৰ চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী নীতিশে খুলি দিছিল নুছৰতৰ হিজাব।

মুছলমান যুৱতীৰ হিজাব খুলি দেশজুৰি বিতৰ্ক সৃষ্টি কৰিছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

অপমানৰ বাবে বিহাৰ চৰকাৰৰ অধীনত কাম নকৰাৰ লৈছিল সিদ্ধান্ত নুছৰতে।

অৱশেষত সিদ্ধান্ত সলনি কৰিলে নুছৰত পাৰবীনে।

Train Accident: কামৰূপ-যমুনামুখৰ মাজৰ চানজুৰাইত ভয়ংকৰ দুৰ্ঘটনাত পতিত ৰাজধানী এক্সপ্ৰেছ

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় ৭টাকৈ হাতীৰ
ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় ৭টাকৈ হাতীৰ

ৰাজ্য কঁপাই যোৱা ৰে’ল দুৰ্ঘটনা।(Train Accident )

কামৰূপ-যমুনামুখৰ মাজৰ চানজুৰাইত ভয়ংকৰ দুৰ্ঘটনাত পতিত ৰাজধানী এক্সপ্ৰেছ।(Rajdhani Express)

ৰাজধানী এক্সপ্ৰেছৰ ৫টাকৈ ডবা লাইনচ্যুত।

কথমপি ৰক্ষা পৰে হাজাৰ হাজাৰ যাত্ৰীৰ প্ৰাণ।

দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় ৭টাকৈ হাতীৰ।

বাতিল কৰা হয় কেইবাখনো ৰে’ল।

ৰাজধানী এক্সপ্ৰেছ, জনশতাব্দী, হাফলং ভিস্তাদ’ম, ৰঙিয়া-তিনিচুকীয়া, মৰিয়নি-গুৱাহাটী, লামডিং-গুৱাহাটী, গুৱাহাটী-বদৰপুৰ ৰে’ল বাতিল।

আবদ্ধ যাত্রীসকলক উদ্ধাৰৰ বাবে ৩টাকৈ হেল্পলাইন নম্বৰ মুকলি ৰে’ল বিভাগৰ।

হেল্পলাইন নম্বৰকেইটা 0361-2731621,0361-2731622, 0361-2731623।