Home Blog Page 76

India-China: ‘চীন আমাৰ শত্ৰু নহয়, অংশীদাৰহে’ ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ ইতিবাচক বাৰ্তা

‘চীন আমাৰ শত্ৰু নহয়, অংশীদাৰহে’
‘চীন আমাৰ শত্ৰু নহয়, অংশীদাৰহে’

শত্ৰু নহয়, অংশীদাৰ। (India-China) ভাৰত আৰু চীনৰ সাম্প্ৰতিক দ্বিপাক্ষিক পৰিস্থিতিৰ বিষয়ে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে এইদৰে বৰ্ণনা কৰে। এছচিঅ শীৰ্ষ সন্মিলনৰ পূৰ্বে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ বৈঠক। দুয়োজনে সেই বৈঠকৰ পৰাই এক আন্তৰিকতাৰ বাৰ্তা প্ৰেৰণ কৰে। তাৰ পাছত সাংবাদিকসকলৰ সন্মুখত মিশ্ৰীৰ কণ্ঠত প্ৰতিধ্বনিত হ’ল ভাৰত-চীনৰ বন্ধুত্বৰ সুৰ।

কাজানত অনুষ্ঠিত মোডী-জিনপিং বৈঠকৰ পিছত ভাৰত-চীনৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত হোৱা বুলি সোঁৱৰাই দিয়ে বৈদেশিক সচিবগৰাকীয়ে। সংবাদমেলত ভাষণ দি তেওঁ কয়, “দুয়োখন দেশত ২.৮ বিলিয়ন লোকৰ বাসস্থান। ভাৰত আৰু চীনৰ মাজত যদি সুস্থিৰ সম্প্ৰীতি থাকে, তেন্তে ই দুয়োখন দেশৰ জনসাধাৰণৰ বাবে উপকাৰী, আৰু ভাৰত আৰু চীনৰ ৰাষ্ট্ৰপতিসকলে এই কথা বুজি পাইছে। তেওঁলোকে এইটোও বুজি পাইছে যে মতানৈক্য থাকিলেও ইয়াক সংঘাতলৈ বৃদ্ধি কৰা উচিত নহয়। বৰঞ্চ ভাৰত আৰু চীনে ‘এছিয়ান’ গঢ়াৰ অংশীদাৰ হ’ব লাগে।’


সীমান্তত উত্তেজনা লাঘৱ কৰাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত ফলপ্ৰসূ আলোচনা হোৱা বুলিও মিশ্ৰীয়ে কয়। জিনপিঙে সৈন্য প্ৰত্যাহাৰ সন্দৰ্ভত চাৰি দফীয়া প্ৰস্তাৱ আগবঢ়াইছিল, যাৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে ইতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও দ্বিপাক্ষিক বাণিজ্য, সন্ত্ৰাসবাদ বিৰোধী, সীমান্তৱৰ্তী অঞ্চলৰ নদীৰ ক্ষেত্ৰত সহযোগিতাৰ ক্ষেত্ৰত ভাৰসাম্য বজাই ৰখাৰ ওপৰত দুয়োখন দেশৰ মাজত আলোচনা হয়। মোদী আৰু জিনপিঙৰ মতে ভাৰত আৰু চীনৰ অৰ্থনীতিয়ে বিশ্ব বাণিজ্যত স্থিতিশীলতা আনিব পাৰে।

চীনৰ ৰাষ্ট্ৰপতিৰ পিছত মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিবলৈ ওলাইছে। সংবাদমেলত মিশ্ৰীয়ে কয় যে সোমবাৰে ভ্লাদিমিৰ পুটিনৰ সৈতে মোদীৰ বৈঠক আছে। সেই আলোচনাৰ অন্তত ভাৰতলৈ উভতি আহিব প্ৰধানমন্ত্ৰী। অৱশ্যে পুটিনৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে মোদীয়ে এছচিঅ’ শীৰ্ষ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনত ভাষণ দিব। এছ চি অ’ৰ অধীনত আঞ্চলিক সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতে কেনেদৰে উদ্যোগ লৈছে তাক পূৰ্ণাংগ বৈঠকত মোদীয়ে আলোকপাত কৰিব।

The Calm Nature: নিৰ্বাক প্রকৃতিঃ পৰিৱেশ সজাগতাৰ বাবে মাইম আৰু বৃক্ষ ৰোপণ

The Calm Nature: নিৰ্বাক প্রকৃতিঃ পৰিৱেশ সজাগতাৰ বাবে মাইম আৰু বৃক্ষ ৰোপণ
The Calm Nature: নিৰ্বাক প্রকৃতিঃ পৰিৱেশ সজাগতাৰ বাবে মাইম আৰু বৃক্ষ ৰোপণ

নিৰ্বাক গোষ্ঠীয়ে (The Calm Nature) আজি আমচং টি এইষ্টেট মডেল স্কুল, বামুনখাট, ডিগাৰু তেওঁৰ বিশেষ উদ্যোগ “নিৰ্বাক প্রকৃতি” শীৰ্ষক এক বিশেষ অনুষ্ঠান সফলভাৱে আয়োজন কৰে। এই অনুষ্ঠানটো আমচং ৱাইল্ডলাইফ ৰেঞ্জ, বোন্দা (গুৱাহাটী ৱাইল্ডলাইফ ডিভিছন)ৰ সহযোগত অনুষ্ঠিত হয়।

নিৰ্বাক গোষ্ঠীৰ নিৰ্বাক প্ৰকৃতি শীৰ্ষক এই প্ৰকল্পত অধীনত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক পাঁচদিনীয়া বিনামূলীয়াকৈ মুকাভিনয় কৰ্মশালা আয়োজন কৰা হয়। কৰ্মশালাৰ অন্তত আজি “প্ৰকৃতি সংৰক্ষণ কৰক, জীৱন সংৰক্ষণ কৰক” শীৰ্ষকত শিক্ষাৰ্থীসকলে মনোগ্ৰাহী মুকাভিনয় প্ৰদৰ্শন কৰি পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব প্ৰতিফলিত কৰে। এই মূকাভিন়য়ৰ প্ৰশিক্ষণ প্ৰদান কৰে যুৱ মুকাভিনয় শিল্পী মিনাংক ডেকাৰ লগতে নিৰ্বাক গোষ্ঠীৰ সদস্য সকলে।

কাৰ্যসূচীৰ অন্তত বিদ্যালয় পৰিসৰত বৃক্ষ ৰোপণ কর্মসূচী অনুষ্ঠিত হয়, য’ত শিক্ষাৰ্থীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত উপস্থিত আছিল বিদ্যালয়ৰ অধ্যক্ষ উপেন গোস্বামী আৰু ৰেঞ্জাৰ পৰিনিতা সিং, ধ্ৰুবজ্যোতি শর্মা, আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মথুৰামোহন নাথ যিয়ে শিক্ষাৰ্থীসকলক প্ৰশংসা কৰি প্ৰকৃতি সংৰক্ষণৰ কামত আগবাঢ়ি যাবলৈ উৎসাহিত কৰে।

অনুষ্ঠানত টিম নিৰ্বাকৰ সঞ্চালক মিনাংক ডেকাই কয় যে — “নিৰ্বাক প্রকৃতি কেৱল সচেতনতা সৃষ্টিৰ বাবে নহয়, বৰং কাৰ্যত পৰিণত কৰাৰ এক প্ৰচেষ্টা। Mime for the Earth, Silence for Change.”

নিৰ্বাক প্রকৃতিয়ে পুনৰ প্ৰমাণ দিলে যে শিল্প আৰু কাৰ্য একেলগে আগবাঢ়িলে পৰিৱেশ সংৰক্ষণৰ অভিযান অধিক ফলপ্ৰসূ হব পাৰে।

India-China: হাতী-ড্ৰেগনৰ সম্পৰ্ক মজবুত হ’বঃ মোদীৰ সৈতে এঘণ্টাৰ বৈঠকৰ অন্তত জিনপিঙৰ বাৰ্তা

মোদী-জিনপিং
মোদী-জিনপিং

দ্ৰুতগতিত পৰিৱৰ্তিত বিশ্ব India-China কূটনীতিৰ এক নতুন মাইলৰ খুঁটি স্বৰেপে দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হয় চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং। দীৰ্ঘ ৭ বছৰৰ অন্তত চীন ভ্ৰমণৰ বাবে দেওবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৫০ মিনিটৰ বৈঠকৰ অন্তত জিনপিঙৰ বাৰ্তা আছিল, ‘বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত বন্ধুত্বৰ গুৰুত্ব সৰ্বোচ্চ।’ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক আগ্ৰাসনৰ মাজতে জিনপিঙৰ হাতী আৰু অজগৰৰ মাজত বন্ধুত্বৰ এই বাৰ্তাটোক কূটনৈতিক মহলে তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে। মোদী আৰু ঝিৰ এই বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালো উপস্থিত আছিল।


আজিৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাই চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “যোৱা বছৰ কাজানত আমাৰ সফল বৈঠকৰ পিছত আপোনাক পুনৰ লগ পাই আনন্দিত হৈছো। চীনে এছচিঅ’ শীৰ্ষ সন্মিলনৰ বাবে আপোনাক আদৰণি জনাইছে।” ইয়াৰ সমান্তৰালকৈ এই বৈঠকক ঐতিহাসিক আখ্যা দি জিনপিঙে কয় যে এই পৃথিৱীখন সম্প্ৰতি বৃহৎ পৰিৱৰ্তন ঘটিছে। আমি পাহৰি যোৱা উচিত নহয় যে আমাৰ সভ্যতাই আটাইতকৈ পুৰণি। আৰু বৃহৎ জনসংখ্যাৰ বাবে আমি গ্ল’বেল চাউথৰ এক গুৰুত্বপূৰ্ণ অংশ। গতিকে সাম্প্ৰতিক পৰিস্থিতিত বন্ধু-বান্ধৱী আৰু ভাল ওচৰ-চুবুৰীয়া হিচাপে আমাৰ কৰ্তব্য পালন কৰাটো অতি প্ৰয়োজনীয়।ইয়াৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “যোৱা বছৰ কাজানত আমি অতি ফলপ্ৰসূ আলোচনা কৰিছিলো যিয়ে আমাৰ সম্পৰ্কক ইতিবাচক দিশত আগুৱাই লৈ গৈছে। সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰৰ পিছত শান্তি আৰু স্থিতিশীলতাৰ পৰিৱেশৰ সৃষ্টি হৈছে।” মোদীয়ে লগতে কয়, ‘সীমান্ত বিষয়ত আমাৰ বিশেষ প্ৰতিনিধিৰ মাজত এক চুক্তি হৈছে।কৈলাশ মানসৰোৱৰ যাত্ৰা পুনৰ আৰম্ভ হৈছে।দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান যাত্ৰাও আৰম্ভ কৰা হৈছে।আমাৰ সহযোগিতাৰ সৈতে দুয়োখন দেশৰ ২৮ কোটি জনসাধাৰণৰ স্বাৰ্থ জড়িত হৈ আছে।ইয়াৰ ফলত সমগ্ৰ মানৱতাৰ কল্যাণৰ পথ প্ৰশস্ত হ’ব পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সংবেদনশীলতা।”

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাত বছৰৰ মূৰত ড্ৰেগনৰ ভূমিত ভৰি দিছে । মোদী জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সম্ভাৱ্য বৈঠকক কেন্দ্ৰ কৰি চীনৰ এই বন্দৰ চহৰখনত উত্তেজনা বৃদ্ধি পাইছিল । ট্ৰাম্পৰ শুল্ক বোমাৰ মাজত এই নতুন বন্ধুত্বই আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক মহলত পাৰা বৃদ্ধি কৰিছে। মন কৰিবলগীয়া যে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুল্কক লৈ যুদ্ধ চলাবলৈ আৰম্ভ কৰিছে। ৰাছিয়াৰ তেলৰ অজুহাতত তেওঁ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। ইউক্ৰেইন যুদ্ধৰ বাবে ৰাছিয়াকো অহৰহ ভাবুকি দিয়া হৈছে। আনকি এককালীন শুল্ক যুদ্ধৰ পিছত চীনে আপুৰুগীয়া খনিজ পদাৰ্থ ৰপ্তানি নকৰিলে চীনৰ ওপৰত ২০০ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰো দিছে ট্ৰাম্পে। এছিয়াৰ দেশসমূহে ট্ৰাম্পৰ স্বেচ্ছাচাৰী নিষেধাজ্ঞা আৰু শুল্ক হুইমৰ বাবে বিতৃষ্ণা প্ৰকাশ কৰিছে। বাণিজ্যৰ ক্ষেত্ৰত আমেৰিকাৰ আধিপত্যক প্ৰত্যাহ্বান জনোৱাত গ্ল’বেল চাউথে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ মাজতে মোদী আৰু জিনপিঙৰ বন্ধুত্বৰ এই বাৰ্তাই আমেৰিকাৰ মনত উদ্বেগৰ ঢৌ তুলিছে। ইপিনে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হোটেলত সাংস্কৃতিক কৰ্মীৰ এটা দলে ভাৰতীয় শাস্ত্ৰীয় সংগীতআৰু নৃত্যৰে উষ্ম আদৰণি জনায় । এছ চি অ’ শিখৰ সন্মিলনত মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন তথা অন্য কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

Thyroid: থাইৰইয়ড আৰু ইয়াৰ চিকিৎসা…

Thyroid: থাইৰইয়ড আৰু ইয়াৰ চিকিৎসা...
Thyroid: থাইৰইয়ড আৰু ইয়াৰ চিকিৎসা...

আজিৰ সময়ত থাইৰয়ডৰ (Thyroid) অসুখ এক প্ৰকাৰ তেনেই সাধাৰণ ৰোগত পৰিণত হৈছে৷ কাৰণ প্ৰতি দহজন মানুহৰ ভিতৰত দুজনেই ইয়াৰ দ্বাৰা আক্ৰান্ত৷ অৱশ্যে প্ৰায়ভাগ মানুহ এই সমস্যাৰ বিষয়ে কিছু সজাগ হ’বলৈ আৰম্ভ কৰিছে যদিও অজ্ঞাতে বহু ল’ৰা-ছোৱালীয়ো এই ৰোগৰ চিকাৰ হ’ব লগা হয়৷ ফলত তেওঁলোকৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশত বাধাগ্ৰস্থ হয়৷ সেয়ে সঠিক সময়ত চিকিৎসা নকৰিলে ই পিছলৈ মানুহক বিপদত পেলাব পাৰে৷ আচলতে থাইৰয়ড এক প্ৰকাৰৰ অন্তঃক্ষৰা গ্ৰন্থি যি ডিঙিৰ সন্মুখৰ ফালে স্বৰযন্ত্ৰ [লেৰিংক্স] ৰ তলৰ অংশ আৰু শ্বাসনলী [ট্ৰেকিয়া] ওপৰৰ ফালে অৱস্থিত৷ আনহাতে, ক্ষুদ্ৰ অংশৰে দুকাষৰ দুডোখৰ বহল অংশক সংলগ্ন কৰা পখিলা সদৃশ আকৃতিৰ এই গ্ৰন্থি আকাৰত তেনেই সৰু৷ একেদৰে পাখিৰ দৰে দুকাষৰ অংশ দুটাৰ দৈৰ্ঘ্য প্ৰায় চ্ছ্ৰ ছেঃমিঃ আৰু বহলে ৰ-২ ছেঃমিঃৰ এই গ্ৰন্থিটোৱে কেইবাবিধো হৰমন ক্ষৰণ কৰে৷ তাৰ ভিতৰত টি-৩, টি-চ্ছ্ৰ অন্যতম৷


দৰাচলতে, থাইৰয়ড গ্ৰন্থিৰ পৰা হ’ব পৰা সমস্যাবিলাক দুই ধৰণে বিভক্ত কৰা যায়৷ ইয়াৰে গ্ৰন্থিটোৱে যদি বেছি পৰিমাণৰ হৰমন নিঃসৰণ কৰে, তেনেহ’লে তাক চিকিৎসা বিজ্ঞানৰ ভাষাত হাইপাৰ থাইৰয়ডিজম বুলি কোৱা হয় আৰু শৰীৰত দেখা দিয়া উপসৰ্গবোৰ এনে ধৰণৰ–
– সামন্য পৰিশ্ৰমত ভাগৰি যোৱা৷
– যিকোনো সময়ত অসহ্য মূৰৰ বিষ হোৱা৷
– আহাৰ যিমানেই নাখালেও ওজন কমি যোৱা৷
– হৃদযন্ত্ৰৰ গতি বৃদ্ধি আৰু মহিলাৰ ঋতুচক্ৰ অনিয়মীয়া৷
– কোনো কথাত মনোযোগ দিব অথবা স্থিৰতা হ্ৰাস৷
– অনিদ্ৰা আৰু অনাহকত হাত বা শৰীৰ কঁপিব ধৰা ইত্যাদি৷


সেইধৰণে, এই গ্ৰন্থিটোৱে কোনো কাৰণত থাইৰয়ড হৰমণৰ নিঃসৰণ কমকৈ কৰিলে এনে অৱস্থাক হাইপোথাইৰয়ডিজম বুলি কোৱা হয়৷ যিয়ে শৰীৰৰ মেটাবলিজিম [বিপাকীয় ক্ৰিয়া] বাধাপ্ৰাপ্ত কৰি স্থান পোৱা উপসৰ্গবোৰ হৈছে –
– সামন্য শীতল পৰিৱেশত ঠাণ্ডা অনুভৱ কৰা৷
– কণ্ঠস্বৰ পৰিৱৰ্তন আৰু কাণেৰে কম শুনা৷
– ছাল আৰু নখ শুকান হোৱা৷
– পেশী আৰু হাড়ৰ সন্ধিত বিষ৷
– দেহত এলাৰ্জি, খজুৱতি তথা ঘামচি বেছিকৈ হোৱা৷
– খিংখিঙীয়া স্বভাৱ আৰু স্মৃতিভ্ৰম হৈ পৰা৷


প্ৰকৃততে, থাইৰয়ডৰ অসুখ বিভিন্ন কাৰণত হ’লেও বিভিন্ন পৰীক্ষণৰ নিৰীক্ষণৰ দ্বাৰা বিচাৰ কৰিলে ইয়াৰ অন্তঃনিহিত কাৰক সমূহ হ’ল –
– আয়োডিনৰ অভাৱ৷
– দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা৷
– জন্মগত ত্ৰুটি৷
– সেইদৰে গ্ৰন্থিৰ আকাৰ পৰিৱৰ্তন বা নিৰ্গত হোৱা হৰমণত পৰিবৰ্তন৷


ৰোগ নিৰ্ণয় আৰু চিকিৎসা ঃ
বৰ্তমান সমাজত থাইৰয়ডৰ ৰোগ ঠিক নহয় বুলি ভ্ৰান্ত ধাৰণা আছে যদিও সাধাৰণ লক্ষণবোৰ দেখা মাত্ৰকে এজন অভিজ্ঞ চিকিৎসৰ দ্বাৰা পৰীক্ষণ কৰি চিনাক্ত কৰিব পাৰে৷ সেই সূত্ৰে, চিকিৎসা কম¹য়ে দিয়া ৰক্ত পৰীক্ষণত যদি টি এছ এইচৰ পৰিমাণ ৬তকৈ বেছি থাকে তেন্তে ব্যক্তিজনক হাইপোথাইৰয়ড বুলি জানিব পাৰিলেও ব্যক্তি ভেদে ইয়াৰ তাৰতম্য হয়৷ একেদৰে হাইপাৰ থাইৰয়ডৰ ক্ষেত্ৰতো আনুশংগিক ৰোগৰ দ্বাৰা মহিলা সকল বেছিকৈ আক্ৰান্ত হয়৷ ইয়াৰ বাহিৰেও অন্যান্য কাৰণবোৰ ঠিৰাং কৰাৰ বাবে এণ্টিবডি, এণ্টি টি.পি.অ, ৰেডিঅ’ আইচোটোপ, ইমেজিং আŒট্ৰাচাউণ্ড, FNAC আদি কৰি হৰমণ গঠনৰ প্ৰক্ৰিয়াৰ গতি [হাইপাৰ] কমাবলৈ এণ্টি থাইৰয়ড দৰৱ [কাৰ বিমাজল, মেথিমাজল], বিটা ব্লকাৰ ঔষধ প্ৰয়োগ কৰা হয়৷ এইক্ষেত্ৰত হাইপোথাইৰয়ডৰ বাবে বাহিৰৰ পৰা থাইৰয়ড হৰমণ যোগান ধৰিবলৈ থাইৰোনৰ্ম, এলট্ৰস্কিন ঔষধ সমান্তৰালকৈ দিয়া গ’লেও খোৱা বোৱাত সাৱধানতা অৱলম্বন কৰাতোও প্ৰয়োজনীয়৷ যাৰ বাবে হাইপোথাইৰিজিমৰ কাৰণে ভিটামিন, এণ্টি অক্সিডেণ্ট [হালধি, আদা, জামু আৰু পুষ্টিকৰ] খাদ্য খাব লাগে৷ একেধৰণে হাইপাৰ থাইৰয়ড অৱস্থাত বন্ধাকৱি, ফুলকবি, ব্ৰুকলি, বীন, মটৰ, ছয়াবিনৰ সহায় লৈ কেতিয়াবা আয়ডিনযুক্ত টেবুল ছল্ট বা আয়ডিন সমৃদ্ধ খাদ্য ল’লে যিকোনো ব্যক্তিয়ে সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰিবলৈ সক্ষম হয়৷

লেখকঃ ডাঃ দ্বীপজ্যোতি শৰ্মা
ফোন নং – ৬০০০৩৪২৩৫৩

My Abacus: গণনাৰ পৰা জীৱনৰ শৃংখলালৈঃ সংস্কৃতত কোৱা হৈছে—“विद्यया अमृतमश्नुते”

সংস্কৃতত কোৱা হৈছে—“विद्यया अमृतमश्नुते”
সংস্কৃতত কোৱা হৈছে—“विद्यया अमृतमश्नुते”


সংস্কৃতত কোৱা হৈছে—“विद्यया अमृतमश्नुते।” অৰ্থাৎ—বিদ্যাৰ (My Abacus) জৰিয়তে মানুহে অমৃত লাভ কৰে৷ এই ধাৰণাই যুগে যুগে মানুহৰ মনক উদ্ভাসিত কৰি আহিছে। শিক্ষা মাথোঁ তথ্যৰ আহৰণ নহয়, শিক্ষা হৈছে আত্ম-উন্মোচন, জ্ঞানৰ গহীনতালৈ যাত্ৰা। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ—শিক্ষা মানেই কেৱল একাডেমিক সাফল্যৰ সঁজুলি নহয়; ই হৈছে এক জীৱন দৰ্শন, যাৰ দ্বাৰা আমি আমাৰ ভিতৰৰ আত্মাক, চিন্তাক আৰু কৰ্মক এক নতুন দিশত গঢ়ি তুলোঁ। মই যি শিকো, তাক নিজৰ ভিতৰত ৰাখি থোৱা নহয়, বৰং তাক সমাজত ওভোটাই দিয়াটো হৈছে মোৰ এক নৈতিক দায়িত্ব। এই দৰ্শনৰে মই আগবাঢ়িছোঁ Sanjib Baishya দাদাৰ সৈতে, তেওঁ My Abacus – Sorbhog-ৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক। তেওঁ শিক্ষাৰ প্ৰতি এটা গুৰুত্বপূৰ্ণ দৃষ্টিভংগী লৈ আগবাঢ়িছে—য’ত শিক্ষা হৈছে আত্মবিকাশৰ এক প্ৰক্ৰিয়া, য’ত গণিত, যুক্তি আৰু আত্মবিশ্বাস একে সুৰত বাজে। আমাৰ এই যাত্ৰা—এটি সৰু প্ৰয়াস—কিন্তু গভীৰ অৰ্থে গঢ়ি তোলা এটি বীজ, যি সময়ৰ লগে লগে এটি মহীৰুহ ৰূপে সমাজত দীপ্তিময় হ’ব।


My Abacus – Sorbhog: এটি অন্তৰ্দৃষ্টিসম্পন্ন শিক্ষামঞ্চ৷ ইয়াকলৈ সমাজত ভিন্ন সময়ত বহু ধৰণৰ প্ৰশ্ন উঠে, বিশেষকৈ যেতিয়া এটা শিক্ষাকেন্দ্ৰ নতুন দৃষ্টিভংগীৰে কাম কৰি থাকে— My abacus sorbhog ত শিকায় কি? কোনে শিকায় ? বা Abacus অংক শিক্ষাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলৰ কি লাভ হ’ব ? এই সকলো প্ৰশ্নৰ উত্তৰ এক গভীৰ সত্যত নিহিত আছে—
My Abacus Sorbhog মাথোঁ অংকৰ পাঠদান কেন্দ্ৰ নহয়; ই হৈছে এটি মানৱিয়তা, এটি আত্মিকতা আৰু এটি দায়িত্ববোধৰ সংহতি। ইয়াত গণিত মাথোঁ এটি বাহ্যিক উপাদান। প্ৰকৃত শিক্ষা হয় অন্তৰ-জগতৰ বিকাশত। Abacus পদ্ধতিত শিক্ষাৰ্থীসকলে মাথোঁ দ্রুত গণনাৰ কৌশল শিকি থকাত সীমাবদ্ধ নহয়; তেওঁলোকে শিকে ধৈৰ্য, মনসংযোগ আৰু চিন্তনক্ষমতা। ইয়াত গণনাৰ দৰ্শনৰ সৈতে আত্মবিশ্বাসৰ দৰ্শন আৰু গণিতৰ যুক্তিৰ সৈতে নেতৃত্বগুণৰ বিকাশ একত্ৰ হয়।
Abacus পদ্ধতিটো যেনে এক সংখ্যাগত শৃংখলা, তেনে জীৱনৰো এক শৃংখলাৰ প্ৰতীক। “গণনা শুদ্ধ হ’লে, চিন্তা শুদ্ধ হয়; চিন্তা শুদ্ধ হ’লে কৰ্ম শুদ্ধ হয়; আৰু কৰ্ম শুদ্ধ হ’লে জীৱনো সুশৃংখল হয়”—এয়াই হৈছে আমাৰ শিক্ষা-দৰ্শনৰ মূল আধাৰ।


My Abacus-ৰ পাঠদান পদ্ধতি গঢ়ি তোলা হৈছে সকলোৰে সহযোগিতাৰে। ইয়াত শিক্ষাৰ্থীসকলে ইজনে সিজনক বুজাই দিয়ে, সহায় কৰে—এইটো মাথোঁ শিক্ষাৰ পদ্ধতি নহয়; ই হৈছে জীৱনৰ প্ৰশিক্ষণ। জীৱনত একেলগে আগবাঢ়ি যোৱাৰ এক যাত্ৰা, য’ত নেতৃত্ব মানেই অগ্ৰগামী নহয়, নেতৃত্ব মানেই হ’ল পিছ পৰি থকা সহযাত্ৰীক আগলৈ নিয়াত সহায় কৰা। আমাৰ দৃষ্টিত, প্ৰতিটো শিশুৰ ভিতৰত থাকে এক অনন্য দীপ্তি—এটি বিশেষ ক্ষমতা, যি হয়তো সমাজৰ চাপত, অনুপ্ৰেৰণাৰ অভাৱত, অথবা আত্মবিশ্বাসৰ ঘাটত অলক্ষিতে থমকি যায়। সেয়েহে, My Abacus Sorbhog-ত আমি সেই দীপ্তিটোক উজাগৰ কৰো, আগবঢ়াও আৰু তেওঁৰ ভিতৰৰ নেতা হিচাপে তেওঁক গঢ়ি তোলাৰ চেষ্টা কৰো। আমাৰ পথ সদায় সুগম নহয়। আমি জানো—যি কোনো সজাগ প্ৰচেষ্টাৰ দৰে, ইয়াতো ভুল হ’ব পাৰে। হয়তো চিন্তা-চেতনাত ক্ৰুটি থাকিব পাৰে। কিন্তু আমি সদায় আত্মসমালোচনাৰ বাবে আগ্ৰহী। আমি ভুলৰ স্বীকাৰোক্তি কৰো আৰু সেই ভুলৰ পৰা শিকো—কাৰণ শিক্ষা মানেই হ’ল আজীৱন শিকি থাকিব পৰা এক অদম্য প্ৰয়াস।
My Abacus Sorbhog মাথোঁ এটি সংস্থা নহয়—এইটো হৈছে এক দায়িত্বশীল পৰিয়াল। ইয়াত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকলে একে পংক্তিত বহি, একেটি লক্ষ্য লৈ আগবাঢ়ি যায়—শিক্ষাৰ জৰিয়তে মানৱতাৰ এক দীপ্তিময় পৰিচয় গঢ়ি তোলে।


My Abacus Sorbhog-ৰ পৰিয়ালৰ পৰা আমি সকলো সদাশয় ৰাইজ, উৎসাহী অভিভাৱক/ অভিভাৱিকা আৰু জ্ঞানৰ সন্ধানত থকাৰ শিক্ষাৰ্থীসকলক আন্তৰিক স্বাগতম জনাইছোঁ। আপোনালোকৰ অকণমান সময়, এটি অন্তৰ্নিহিত পৰামৰ্শ, অথবা এটি সহানুভূতিক উক্তিয়ে আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাটোক এটি বৃহৎ শিক্ষা কেন্দ্ৰত পৰিণত কৰিব পাৰে বুলি আমি গভীৰ বিশ্বাস ৰাখোঁ।
আমাৰ লক্ষ্য— শিক্ষাৰ জৰিয়তে আত্মবিশ্বাসী, নৈতিকতাৰ ভিত্তিত দৃঢ়, চিন্তাশীল আৰু সুশৃংখল এটি নতুন প্ৰজন্ম গঢ়ি তোলা; যিটো মাথোঁ নিজৰ বাবে নহয়, সমাজৰ বাবে, দেশৰ বাবে আৰু মানৱতাৰ বাবে এক আলোকবাহী পথিক হ’ব।

লেখকঃ আকাশ সাহা

Lawn Balls: লন বল বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ নয়নমণি শইকীয়া আৰু পুতুল সোণোৱালৰ

নয়নমণি শইকীয়া আৰু পুতুল সোণোৱালৰ
নয়নমণি শইকীয়া আৰু পুতুল সোণোৱালৰ

ইংৰাজী ২৬ আগষ্ট (Lawn Balls) পৰা ৩১ আগষ্টলৈকে দিল্লীত অনুষ্ঠিত হোৱা ভাৰতীয় লন বল দলৰ বাচনিত শিবিৰত অসমৰ অৰ্জুন নয়নমনি শইকীয়া আৰু পুতুল সোনোৱালে অহা ইংৰাজী ৪ নবেম্বৰৰ পৰা ৮ নবেম্বৰ ২০২৫ লৈকে মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া প্ৰথম বিশ্ব কাপ লন বল প্ৰতিযোগিতাত ভাৰতীয় দলত স্থান লাভ কৰি প্ৰথম ভাৰতীয় বিশ্ব কাপ খেলুৱৈত নিজৰ নাম অন্তৰ্ভূক্ত কৰাবলৈ সক্ষম হৈছে।

ভাৰতীয় দলত স্থান লাভ কৰা আন দুজন খেলুৱৈ ঝাৰখণ্ডৰ দীনেশ কুমাৰ আৰু ৰূপা ৰানী তিকী। অসম লন বল সন্থাই আটাইকেগৰাকী খেলুৱৈকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰিছে।

Dr Ajit Baruah: বিশিষ্ট সাহিত্যিক, নিৱন্ধকাৰ ডা: অজিত বৰুৱাক নাগৰিক মহীয়ান বঁটা ২০২৫ প্ৰদান

Dr Ajit Baruah
Dr Ajit Baruah

আজি গোলাঘাট নাগৰিক (Dr Ajit Baruah)মঞ্চই বিশিষ্ট সাহিত্যিক, নিৱন্ধকাৰ ডা: অজিত বৰুৱাক প্ৰদান কৰে নাগৰিক মহীয়ান বঁটা-২০২৫। এই বঁটা গ্ৰহণ কৰি ডা: অজিত বৰুৱাই কয় “এই বঁটা মোৰ পিতৃয়েহে পাব লাগিছিল”। এই বঁটা মই পিতৃৰ নামত উৎসৰ্গা কৰিলো”। স্বাধীনতা আন্দোলনৰ সেনানী বিপ্লৱী বীৰ শংকৰ চন্দ্ৰ বৰুৱাৰ সুযোগ্য পুত্ৰ ডাঃ অজিত বৰুৱাক আজি গোলাঘাট নাগৰিক মঞ্চই প্ৰদান কৰা নাগৰিক মহীয়ান বঁটা-২০২৫গ্ৰহণ কৰি তেওঁ আৱেগিক হৈ পিতৃক স্মৰণ কৰে।

তেওঁ লগতে কয় “আত্মসন্তুষ্টি সকলোৰে ভিন্ন, চিকিৎসা বৃত্তি যদিও মোৰ বাবে এক আত্মসন্তুষ্টি, তাতোকৈ গোলাঘাটৰ এজন মই দূৰন্ত প্ৰেমিক। মোডীৰ স্বচ্ছ ভাৰতৰ আগতেই মই স্বচ্ছ গোলাঘাটৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলো। সামাজিক জীৱনেই মোৰ সাৰ্থক জীৱন।” গোলাঘাট পৌৰসভাৰ তিনিবাৰৰ পৌৰপতি তথা বিশিষ্ট সমাজ সেৱক, সাহিত্যিক আৰু বিশিষ্ট নিৱন্ধকাৰ ডা: অজিত বৰুৱাৰ মন্তব্য এয়া। ১৯৯৫ চনত জন্ম লাভ কৰা গোলাঘাট নাগৰিক মঞ্চৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা মূল পতাকা মঞ্চৰ সভাপতি ৱাজিদুৰ ৰহমানে উত্তোলন কৰাৰ লগে লগে ডবা, শঙ্খ, তালৰ শব্দ আৰু আয়তি উৰুলিত এক ওখল-মাখল পৰিৱেশত নগৰখনৰ মুঠ ৩০ গৰাকী জ্যেষ্ঠ নাগৰিকে পতাকা উত্তোলন কৰে।

এই কাৰ্যসূচীৰ পাছতে নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক ৰোহিত গগৈয়ে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে। ইয়াৰ পাছতে অনুষ্ঠিত বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে গোলাঘাট নাগৰিক মঞ্চৰ সভাপতি ৱাজিদুৰ ৰহমানে। সভাৰ আদৰণি ভাষণ ৰোহিত গগৈয়ে প্ৰদান কৰাৰ পাছতে নাগৰিক মঞ্চৰ ইতিবৃত্ত সম্পৰ্কে বক্তব্য ৰাখে মঞ্চৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ শইকীয়াই। বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ, বিশিষ্ট বোলছবি পৰিচালক দীনেশ গগৈ, প্ৰবীণ সাংবাদিক দ্বীপেন দত্ত, বিশিষ্ট পুথি প্ৰকাশক ক্ষীৰোদ কুমাৰ গোশ্বামী আৰু গোলাঘাট উন্নয়ন প্ৰাধীকৰণৰ সভাপতি সঞ্জীৱ কুমাৰ দাস।

এই অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ অমৰেন্দ্ৰ নাথ দত্ত , বিশিষ্ট শিক্ষাবিদ ড° অপূর্ব কুমাৰ শইকীয়া আৰু বিশিষ্ট সমাজ সেৱিকা শান্তি সন্দিকৈক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰে । অৱশ্যে সম্বৰ্ধিত বিশিষ্ট সমাজ কর্মী শান্তি সন্দিকৈ শাৰিৰীক অসৃস্থতাৰ বাবে সভাত উপস্থিত থাকিব নোৱৰাত তেঁওৰ বাসভৱনত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সম্বৰ্ধিত দুয়ো গৰাকী বিশিষ্ট ব্যক্তিয়ে চমু বক্তব্য প্ৰদান কৰে । সভাৰ আৰম্ভণিতে শিক্ষয়িত্ৰী কবিতা শৰ্মাই বৰগীত পৰিৱেশনেৰে সভা শুভাৰম্ভ কৰা হয়।

Narendra Modi: ৫০ হাজাৰ ভাৰতীয় যুৱক-যুৱতীক জাপানলৈ প্ৰেৰণৰ পদক্ষেপ

৫০ হাজাৰ ভাৰতীয় যুৱক-যুৱতীক জাপানলৈ প্ৰেৰণৰ পদক্ষেপ
৫০ হাজাৰ ভাৰতীয় যুৱক-যুৱতীক জাপানলৈ প্ৰেৰণৰ পদক্ষেপ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi)জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী শ্বিগেৰু ইছিবাৰ সৈতে মিয়াগি প্ৰিফেকচাৰৰ অন্তৰ্গত চেণ্ডাইলৈ যাত্ৰা কৰে। চেণ্ডাইত দুয়োগৰাকী নেতাই অৰ্ধপৰিবাহী খণ্ডৰ আগশাৰীৰ জাপানী কোম্পানী টকিঅ’ ইলেক্ট্ৰন মিয়াগি লিমিটেড (টি ই এল মিয়াগি) পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত প্ৰধানমন্ত্ৰী মোদীক বিশ্ব অৰ্ধপৰিবাহী মূল্য শৃংখলত টকিঅ’ ইলেক্ট্ৰন মিয়াগি লিমিটেডৰ ভূমিকা, ইয়াৰ উন্নত উৎপাদন ক্ষমতা তথা ভাৰতৰ সৈতে বৰ্তমান চলি থকা আৰু ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰা সহযোগিতাৰ বিষয়ে অৱগত কৰা হয়।

প্ৰকল্পটো ভ্ৰমণৰ জৰিয়তে নেতাদ্বয়ে অৰ্ধপৰিবাহী যোগান শৃংখল, নিৰ্মাণ আৰু পৰীক্ষণৰ ক্ষেত্ৰত সহযোগিতা গঢ়ি তোলাৰ বাবে দুয়োখন দেশৰ মাজত থকা সুযোগসমূহৰ অন্বেষণ কৰে।প্ৰধানমন্ত্ৰী মোদীৰ এই চেণ্ডাই ভ্ৰমণে ভাৰতৰ ক্ৰমবৰ্ধমান অৰ্ধপৰিবাহী উৎপাদন পৰিৱেশ তন্ত্ৰ আৰু উন্নত অৰ্ধপৰিবাহী সঁজুলি তথা প্ৰযুক্তিৰ ক্ষেত্ৰত জাপানৰ শক্তিৰ মাজত পৰিপূৰকতাৰ দিশটোক আলোকপাত কৰিছে।

জাপান–ভাৰত অৰ্ধপৰিবাহী যোগান শৃংখল অংশীদাৰিত্বৰ সহযোগিতাৰ লগতে ভাৰত–জাপান ঔদ্যোগিক প্ৰতিযোগিতামূলক অংশীদাৰিত্ব তথা অৰ্থনৈতিক সুৰক্ষা সম্পৰ্কীয় আলোচনাৰ অধীনত চলি থকা অংশীদাৰিত্বৰ বিষয়ত দুয়োপক্ষই সংশ্লিষ্ট খণ্ডত সহযোগিতা আৰু অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ সুদৃঢ় কৰে।প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী ইছিবাৰ এই যৌথ ভ্ৰমণে ভাৰত তথা জাপানৰ শক্তিশালী, স্থিতিস্থাপক আৰু বিশ্বাসযোগ্য অৰ্ধপৰিবাহী যোগান শৃংখল গঢ়ি তোলাৰ দৃষ্টিভংগীক আলোকপাত কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ইছিবাক এই ভ্ৰমণত সংগ দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু কৌশলগত ক্ষেত্ৰত জাপানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ ভাৰতৰ প্ৰস্তুতিৰ কথা পুনৰবাৰ দৃঢ়তাৰে প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰী ইছিবাই চেণ্ডাইত প্ৰধানমন্ত্ৰী মোদীৰ সন্মানত দুপৰীয়াৰ ভোজৰো আয়োজন । ইয়াত মিয়াগি প্ৰিফেকচাৰৰ গৱৰ্ণৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।উল্লেখ্য জাপানৰ সহযোগত ভাৰতে কমেও ৫০ হাজাৰ যুৱক-যুৱতীক দক্ষতাৰে সমৃদ্ধ কৰি জাপানলৈ পঠিয়াব।

Vrindavani Vastra: অসমলৈ ওভতাই অনা হ’ব বৃন্দাবনী বস্ত্র, ক’লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

অসমলৈ ওভতাই অনা হ'ব বৃন্দাবনী বস্ত্র
অসমলৈ ওভতাই অনা হ'ব বৃন্দাবনী বস্ত্র

অসমলৈ ওভতাই অনা হব বৃন্দাবনী বস্ত্র। (Vrindavani Vastra) হয়, গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ বাট প্ৰশস্ত হৈছে । সকলো ঠিকে থাকিলে ২০২৭ চনত ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব বৃটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্র । এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই ভাল খবৰটো দিয়ে মুখ্যমন্ত্রীয়ে । মুখ্যমন্ত্রীয়ে কয়, “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি বৃন্দাবনী বস্ত্র মহাৰাজ নৰনাৰায়ণৰ অনুৰোধক্ৰমে নিৰ্মাণ কৰিছিল আৰু কালক্ৰমত সেই বৃন্দবনী বস্ত্রখন অসমৰ পৰা তিব্বেত হৈ লণ্ডন, ফ্ৰান্স আদি বিভিন্ন স্থানলৈ যায় । বৃন্দাবনী বস্ত্রখন অসমৰ মানুহে চাব পৰাৰ বাবে বহুতো প্ৰয়াস আৰু প্ৰচেষ্টা চলোৱা হৈছে ।’’‘‘বিশেষকৈ ইউৰোপৰ তিনিটা মিউজিয়ামত থকা বৃন্দাবনী বস্ত্রৰ কোনখন আচল তাক লৈয়ো বিভিন্ন সময়ত বিভিন্ন আলোচনা হৈছে । এই বিষয়ে বৃটিছ মিউজিয়ামৰ কিউৰেটৰ ৰিচাৰ্ড ব্লাটনে লিখা গ্ৰন্থত বৃন্দাবনী বস্ত্রৰ বিষয়ে বহু কথা উল্লেখ কৰিছে । তেওঁ অসমলৈয়ো আহিছিল । আজি যদি আমি বৃন্দাবনী বস্ত্রখন চাব বিচাৰো তেন্তে বৃটিছ মিউজিয়ামলৈ মেইল দি আগতিয়াকৈ এপইণ্টমেণ্ট ল’ব লাগে । তেওঁলোকে নিৰ্দিষ্ট কৰি দিয়া দিনতহে গৈ আমি চাব পাৰো । কাৰণ এতিয়া বৃটিছ মিউজিয়ামে কাপোৰখনৰ বয়স বাঢ়ি যোৱাৰ বাবে সাধাৰণ প্ৰদৰ্শন বন্ধ কৰি বিশেষভাৱে আছুতীয়াকৈ ৰাখি থৈছে । যাতে বাহিৰৰ সংস্পৰ্শলৈ নাহে ।’’ তেওঁ কয় ৷‘‘ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্রখন মই নিজে চাইছো । আনহাতে বিধানসভাৰ অধ্যক্ষ হৈ থাকোতে ৰণজিৎ কুমাৰ দাসে ফ্ৰান্সৰ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্রখন চাই আহিছিল । দুয়োখনৰ মাজত কোনখন আচল তাৰ পাৰ্থক্যটো ধৰিব নোৱাৰি । এই বিষয়ে বহুখিনি চৰ্চাৰ প্ৰয়োজন আছে ।” শৰ্মাই কয় ৷বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ প্ৰয়াস সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, “বৃটিছ মিউজিয়াম আৰু ফ্ৰান্সৰ লগতে বৃন্দাবনী বস্ত্র য’তেই থকাৰ খবৰ পাইছিলো তাতেই যোগাযোগ কৰিছিলো । আমাৰ চেষ্টা আছিল যে বৃন্দাবনী বস্ত্র অসমৰ মানুহে চাব পাৰে । কাৰো সঁহাৰি পোৱা নাছিলো যদিও চেষ্টা অব্যাহত আছিল । শেহতীয়াকৈ বৃটিছ মিউজিয়ামে আমালৈ পত্র দিছে । পত্রযোগে চৰ্ত সাপেক্ষে ২০২৭ চনত অসমলৈ বৃন্দাবনী বস্ত্ৰ ১৮ মাহৰ বাবে দিবলৈ সন্মত হৈছে বৃটিছ মিউজিয়াম ।”মুখ্যমন্ত্রীয়ে লগতে কয়, “ব্ৰিটিছ মিউজিয়াম আৰু অসম চৰকাৰৰ মাজত সম্পৰ্ক স্থাপন কৰি দিয়াৰ ক্ষেত্রত পদক্ষেপ গ্ৰহণ কৰিছিল জে এছ ডব্লিউ কোম্পানীটোৱে । তেওঁলোকে আমাক কেইটামান কথা কৈছে । ডিজিটেল অভিজ্ঞতাৰ বাবে তেওঁলোকে এই বছৰে আমাক বৃন্দাবনী বস্ত্রখন দেখুৱাব বিচাৰিছে ।’’‘‘বৃন্দাবনী বস্ত্রখন বৃটিছ মিউজিয়ামৰ পৰা লাইভ চাব পৰা যাব । ডিজিটেলী আমি লাইভ চাব পাৰিম । তেওঁলোকে আমাক অসমত এটা নতুন মিউজিয়াম নিৰ্মাণ কৰাৰ কথা কৈছে । যিটো বৃটিছ মিউজিয়ামে বিচৰা ধৰণৰ মানদণ্ডৰ হ’ব লাগিব । গুৱাহাটী মিউজিয়াম আৰু কলাক্ষেত্রৰ মিউজিয়াম তেওঁলোকে চাই সেইটো পৰ্যায়ৰ নহয় বুলি কৈছে ।’’ তেওঁ কয় ৷

‘‘বৃন্দাবনী বস্ত্র ৰাখিব পৰাকৈ সেই মানদণ্ডৰ মিউজিয়াম নিৰ্মাণ কৰিলেহে ২০২৭ চনত ১৮ মাহৰ বাবে বৃন্দাবনী বস্ত্র অসমলৈ আনিব পৰা যাব । এবাৰ বৃটিছ মিউজিয়ামৰ বৃন্দাবনী বস্ত্র সফলভাৱে প্ৰদৰ্শন কৰিব পাৰিলে আন মিউজিয়ামত থকা বৃন্দাবনী বস্ত্র অসমলৈ অনাত অসুবিধা নহ’ব ।” শৰ্মাই কয় ৷

নতুন উৎকৃষ্ট মানৰ মিউজিয়াম নিৰ্মাণৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, “চি এছ আৰৰ অধীনত জে এছ ডব্লিউ কোম্পানীয়ে অসমত নিৰ্মাণ কৰিব সেই মিউজিয়াম ।

Pijush Hazarika: কিয় কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিল মন্ত্ৰী পীয়ূষ হাজৰিকাই ? সামাজিক মাধ্যমত প্ৰকাশ কৰিলে প্ৰকৃত সত্য…

Pijush Hazarika
Pijush Hazarika

এটা সময়ত অসমত কংগ্ৰেছৰ প্ৰভাৱশালী (Pijush Hazarika) নেতা হিচাবে পৰিচিত মন্ত্ৰী পিযুষ হাজৰিকাৰ কিয় কংগ্ৰেছৰ প্ৰতি মোহভংগ ঘটিছিল? কিয় তেওঁ কংগ্ৰেছ ত্যাগ কৰিছিল। এই সকলো কথাৰ প্ৰকৃত কাৰণ আজি মন্ত্ৰী হাজৰিকাই সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে ৰাইজক অৱগত কৰে। সামাজিক মাধ্যমৰ পোষ্টটোত মন্ত্ৰী পিযুষ হাজৰিকাই লিখিছে-বৰ্তমান কংগ্ৰেছ দলৰ মুধাফুটা নেতাসকলে হয়তো এটা কথা পাহৰিলে— এটা সময় আহিছিল, যেতিয়া বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি শ্ৰী মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই অসমলৈ আহি এজন এজনকৈ সেই সময়ৰ ৭৮ জন কংগ্ৰেছী বিধায়কৰ পৰা মুখ্যমন্ত্ৰী কোন হোৱাটো উচিত, সেই সন্দৰ্ভত মতামত গ্ৰহণ কৰিছিল। ইয়াৰে ৫৪ জন বিধায়কে ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল। সেই সময়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি সমৰ্থন জনাইছিল মাত্ৰ ১২ জনে আৰু বাকীকেইগৰাকী আছিল নিৰপেক্ষ।


কিন্তু ইমানখিনি সমৰ্থন লাভ কৰাৰ পাছতো ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী নাপাতিলে কংগ্ৰেছ দলে। মাথোঁ ১২ গৰাকী বিধায়কৰ সমৰ্থনত সেই সময়ৰ মুখ্যমন্ত্ৰীগৰাকীক পদত বাহাল ৰখাৰ প্ৰতিবাদস্বৰূপে আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে ৫৪ গৰাকী বিধায়কৰ সমৰ্থন থকা আমাৰ নেতা ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৰা অপমানৰ প্ৰতিবাদত আমি কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিলোঁ। বৰ্তমানৰ কংগ্ৰেছৰ বিয়াগোম নেতাসকলে এয়া জনা উচিত।অৱশ্যে আজি আমি গৌৰৱেৰে কওঁ যে বাংলাদেশীক সমৰ্থন কৰা, অবৈধ অনুপ্ৰৱেশকাৰী, বেদখলকাৰীৰ প্ৰিয়ভাজন কংগ্ৰেছ দলটোৰ আমি সদস্য নহয়। নিজৰ দলৰ মাজতে গণতান্ত্ৰিক প্ৰমূল্যবোধক প্ৰতি মুহুৰ্ততে নস্যাৎ কৰি থকা, একেটা ৰাজপৰিয়ালৰ নেতৃত্বতে দশক দশক ধৰি চলি থকা কংগ্ৰেছ দলটোৱে পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক ব্যৱস্থাটোক উপহাস কৰাৰ বাহিৰে আন একোকে কৰিব নোৱাৰে!অসমৰ বৰ্তমানৰ কংগ্ৰেছী নেতাসকলক আমি সগৌৰৱেৰে জনাওঁ যে বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ হকে আমি অহৰহ কাম কৰি আছোঁ, কৰি যাম।