Home Blog Page 760

ডায়েবেটিছ হ’লে খেজুৰ নাখাব! ডায়েবেটিছ ৰোগীয়ে খাব পাৰে খেজুৰৰ গুটি! কেনেকৈ খাব…

খেজুৰত চেনিৰ পৰিমাণ বেছি।ডায়েবেটিছ ৰোগীয়ে খেজুৰ খাব নালাগে।কিন্তু খেজুৰৰ গুটিত কিছুমান উপাদান থাকে, যিয়ে তেজত থকা গ্লুক’জক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে! ইয়াৰ উপৰিও খেজুৰৰ গুটিত আঁহ থাকে, যিয়ে পাচনতন্ত্ৰৰ বিকাৰ নিৰাময়তো সহায় কৰে। খেজুৰৰ গুটিত থকা এন্টিঅক্সিডেন্টে শৰীৰত থকা ফ্ৰী ৰেডিকেলৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ফলত কোষবোৰ সহজে ধ্বংস নহয়। কিন্তু খেজুৰৰ গুটি কেনেকৈ খাব জানেন-

খেজুৰ খোৱাৰ পিছত গুটিবোৰ ভালদৰে ধুব লাগে। খেজুৰৰ কোনো অংশ গুটিৰ ওপৰত নাৰাখিব। গুটিবোৰ কেইদিনমান ৰ’দত থৈ শুকুৱাব লাগে। কেৰাহীত গুটিখিনি দি অলপ সময় লৰাই থাকিব। কেৰাহীখন লৰাই লোৱাৰ পিছত স্বাভাৱিক উষ্ণতালৈ অহালৈকে অপেক্ষা কৰক। তাৰ পিছত খেজুৰ গুটিখিনি মিক্সাৰত পিহি লওক। খেজুৰৰ গুটি থেতেলিয়াই বায়ু সোমাব নোৱাৰা কাঁচৰ পাত্ৰত ৰাখিব। এইবাৰ তাৰ আধা চামুচ লৈ কুহুমীয়া পানীত মিহলাই খাব। প্ৰতিদিনে এই অভ্যাস বজাই ৰাখিলে ইয়াৰ সুফল লাভ কৰিব।

আজি T20 বিশ্বকাপৰ SUPER-8ত বাংলাদেশৰ মুখামুখি হ’ব ভাৰত…

আজি T20 বিশ্বকাপৰ SUPER-8ত বাংলাদেশৰ মুখামুখি হ’ব ভাৰত৷

ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন৷

মেচৰ বাবে অণ্টিগুৱালৈ বিমানেৰে যাত্ৰা টীম ইণ্ডিয়াৰ।

আশাভংগ! জামিন লাভৰ এদিন পিছতে কেজৰিৱালৰ জামিনত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ…

২৪ ঘণ্টাৰ ভিতৰতে আশাভংগ হ’ল আপৰ। সেয়ে কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত কালি কেজৰিৱালক দিল্লীৰ এখন আদালতে চৰ্ত সাপেক্ষ জামিন প্ৰদান কৰিছিল যদিও আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই প্ৰৱৰ্তন সঞ্চালকালয়ে শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইডিৰ আবেদনৰ ভিত্ততে আজি দিল্লী উচ্চ ন্যায়ালয়ে আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালক দিয়া জামিন স্থগিত ৰাখে।

উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে আদালতে এই বিষয়ত পৰৱৰ্তী শুনানি গ্ৰহণ নকৰালৈকে জামিন আদেশ অকাৰ্যকৰী হৈ থাকিব। আদালতে কয় “আমি এতিয়াও চূড়ান্ত সিদ্ধান্ত জাৰি কৰা নাই , সেয়ে জামিনৰ আদেশ অকাৰ্যকৰী হৈ থাকিব। ইডিয়ে তেওঁলোকৰ যুক্তি সম্পূৰ্ণৰূপে দাখিল কৰিব পাৰে,”। উল্লেখ্য দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰাৰ এদিন পিছত শুকুৰবাৰে প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে (ইডি) দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপি কেজৰিৱালৰ জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনায় ।

শুকুৰবাৰে আম আদমি পাৰ্টীৰ নেতাগৰাকীৰ মুক্তিৰ কথা আছিল যদিও জামিনৰ নিৰ্দেশ স্থগিত ৰখাত তেওঁ কাৰাগাৰতে থাকিব লাগিব। ২০ জুনত হোৱা শুনানিৰ সময়ত কেজৰিৱালৰ অধিবক্তাই যুক্তি দিছিল যে তেওঁৰ বিৰুদ্ধে ইডিৰ গোচৰটো কেৱল কেতবোৰ ব্যক্তিৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি ৰুজু কৰা হৈছে।দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ তদন্তৰ সৈতে জড়িত থকাৰ অভিযোগত ২১ মাৰ্চত ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতে তেওঁক ১ লাখ টকাৰ বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ কৰিছিল।কিন্ত সেই জামিন আজি স্থগিত ৰখা হয়।

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা,দৰ্শনাৰ্থীৰ বাবে কি নীতি-নিৰ্দেশনা প্ৰশাসনৰ?

অম্বুবাচীৰ প্ৰবৃত্তিৰ সময় হৈছে – ২২জুন (৭ আহাৰ) শনিবাৰে পুৱা ৮:৪৩ মিনিট।

সেই অনুসৰি নিবৃত্তিৰ সময়- ২৫জুন (১০ আহাৰ) মঙ্গলবাৰে নিশা ৯:০৭ মিনিটত নিবৃত্তি অৰ্থাৎ এইবছৰৰ মহা অম্বুবাচী মেলাৰ সামৰণি পৰিব।

ইপিনে, অম্বুবাচী মেলাক লৈ মহানগৰীৰ আৰক্ষী-প্ৰশাসন সাজু হৈছে। অম্বুবাচী মেলাৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি, শনিবাৰে নিশাৰে পৰা ২৭ জুনলৈ কোনো VIP দৰ্শন নাথাকিব। সকলোৱে সাধাৰণ দৰ্শনাৰ্থীৰ দৰে মন্দিৰ পৰিভ্ৰমণ কৰিব লাগিব।

আনহাতে, কামাখ্যা মন্দিৰলৈ যোৱা মূল পথেৰে জৰুৰীকালীন সেৱাৰ বাহিৰে আন কোনো ধৰণৰ বাহন ওপৰলৈ যাব নোৱাৰিব। কেৱল পাণ্ডুৰ ফালৰ পৰা বিকল্প পথেৰে বাহন যাব পাৰিব। অৱশ্যে পাণ্ডুৰ ফালৰ পথটোৰেও বিশেষ বাহনৰ ক্ষেত্ৰতহে অনুমতি থাকিব।

কোনো ব্যক্তি কামাখ্যাৰ মূল তোৰণ থকা পথেৰে আৰু পাণ্ডুৰ পিনে থকা বিকল্প পথেৰে নিশা ৯ বজাৰ পাছত কোনো ব্যক্তি ওপৰলৈ উঠি যাব নোৱাৰিব। কেৱল নামিবহে পাৰিব।

পুনৰ বিতৰ্কত এয়াৰ ইণ্ডিয়া, খাদ্যৰ মাজত ওলাল ব্লেড…

এয়াৰ ইণ্ডিয়া পুনৰ বাতৰিৰ শিৰোনামত। এয়াৰ ইণ্ডিয়াৰ এখন বিমানত যাত্ৰীৰ খাদ্যত উদ্ধাৰ চোকা ব্লেড। যাত্ৰীজনে সেই অভিজ্ঞতা তেওঁৰ এক্স হেণ্ডেলত প্ৰকাশ কৰিছে। অৱশ্যে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব বুলি এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই অৱগত কৰিছে।

যোৱা ৯ জুনত বাংগালুৰুৰ পৰা ছান ফ্ৰান্সিস্কো অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত সংঘটিত হৈছিল এই ঘটনা। জনা যায় যে সাংবাদিক মেথুৰেছ পল নামৰ ব্যক্তি গৰাকী সেই বিমানত গৈ আছিল।

এয়াৰ ইণ্ডিয়াৰ বিমানত থকা আলু আৰু ডুমুৰৰ ট্ৰেত ব্লেড পোৱা বুলি অভিযোগ কৰি তেওঁৰ এক্স হেণ্ডেলত খাদ্য আৰু খাদ্যৰ ভিতৰত পোৱা ব্লেডৰ ছবি পোষ্ট কৰে।

তেওঁ লিখিছে, “দুই-তিনি চেকেণ্ড খাদ্য খোৱাৰ পিছত মই কথাটো উপলব্ধি কৰিলোঁ। মই গম পালোঁ যে বস্তুটো কি। সৌভাগ্যক্ৰমে মোৰ কোনো ক্ষতি হোৱা নাছিল।”

মেথুৰেছ পলে এইটোও লিখিছে, “যিকোনো বিমানত ব্লেড থকাটো বিপদজনক। দ্বিতীয়তে, ই মোৰ জিভা কাটিব পাৰিলেহেঁতেন। তৃতীয়তে, যদি কোনো শিশুৱে এই খাদ্য খায় তেন্তে কি হ’ব?”

তেওঁ দাবী কৰে যে এই ঘটনাৰ কিছুদিনৰ ভিতৰতে এয়াৰ ইণ্ডিয়াই তেওঁক ক্ষতিপূৰণ হিচাপে বিশ্বৰ যিকোনো ঠাইলৈ বিনামূলীয়া বিজনেছ ক্লাছ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল। অৱশ্যে তেওঁ সেই সুবিধা অস্বীকাৰ কৰে।

মুম্বাইত মোদীয়ে ছমাহ পূৰ্বে উদ্বোধন কৰা ১৮ হাজাৰ কোটিটকীয়া অটল সেতুত মেলিলে বৃহৎ ফাঁট !

মুম্বাইত অটল সেতুত ফাঁট মেলিছে। ছমাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা মুম্বাইৰ অটল বিহাৰী বাজপেয়ী সেৱাৰী-নব সেৱা অটল সেতুত বৃহৎ ফাট মেলাৰ কথাই বহুতকে চিন্তিত কৰি তুলিছে। দেশৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং হিচাপে জানুৱাৰী মাহত উদ্বোধন কৰা হৈছিল এই সেতু খন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই দলংখন উদ্বোধন কৰিছিল। জানুৱাৰী মাহত অটল বিহাৰী বাজপেয়ী সেৱৰী-নব সেৱা অটল সেতু অৰ্থাৎ মহাৰাষ্ট্ৰ ট্ৰেন্স হাৰ্বাৰ লিংক সেতু ধুমধামেৰে উদ্বোধন কৰা হৈছিল যদিও ১৮ হাজাৰ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা সেতু খনত যে নিৰ্মাণৰ সময়তে বিজুতি আছিল সেই কথা এতিয়া প্ৰমাণ হৈছে।
উদ্বোধনৰ প্ৰায় ছমাহ পাছতে সেই সেতুখনত দীঘলীয়া ফাট এটা দেখা গ’ল! মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলেই কয় যে সমগ্ৰ ৰাজ্যতে এনেধৰণৰ বহু দুৰ্নীতি হৈছে।দুৰ্নীতিৰ বহু উদাহৰণ আমি সংসদত দেখুৱাম।

তেওঁ আৰু অভিযোগ কৰে যে চৰকাৰে দেখুৱাইছে যে তেওঁলোকে ৰাইজৰ বাবে কাম কৰিছে, কিন্তু আপুনি ইয়াত কেৱত দুৰ্নীতিহে দেখা পাব। এনেকৈ দুৰ্বল দলং নিৰ্মাণ কৰি মানুহৰ জীৱন বিপন্ন কৰাৰ অধিকাৰ কোনে দিলে? এই দুৰ্নীতিগ্ৰস্ত চৰকাৰখন কেনেকৈ আঁতৰাব পাৰি ৰাইজে পৰিকল্পনা কৰা উচিত। তথ্য অনুসৰি আনুমানিক ১৭,৮৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল এই সেতু খন । সেতু খনত নবি মুম্বাইৰ দিশে ফাট এটা দেখা গৈছে। প্ৰায় ২১.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সেতুখনৰ ৬টা লেন আছে। সেতু খনৰ সাগৰত নিৰ্মিত হৈছে ১৬.৫ কিলোমিটাৰ আৰু স্থলভাগত প্ৰায় ৫.৫ কিলোমিটাৰ । দেশৰ ভিতৰতে আটাইতকৈ দীঘল সেতু এয়া । ই মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু নভি মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে সংযোগ স্থাপন কৰিছে। এই সেতু খনে মুম্বাইৰ পৰা পুনে, গোৱা আৰু দক্ষিণ ভাৰতলৈ যাতায়তৰ সময়ো হ্ৰাস কৰিছে।

আগবাঢ়িও পৰাস্ত শ্লোভাকিয়া, দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে ২-১ গ’লত জয়ী যুদ্ধবিধ্বস্ত ইউক্ৰেইন…

ইউৰোত গ্ৰুপ ‘ই’ৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে। প্ৰথমখন মেচত বেলজিয়ামক পৰাস্ত কৰি চমক দিছিল শ্লোভাকিয়াই। কিন্তু শুকুৰবাৰে তেওঁলোকে প্ৰথমে গ’ল কৰি আগবাঢ়ি যোৱাৰ পিছতো ইউক্ৰেইনৰ হাতত পৰাস্ত হয়।


ইপিনে, প্ৰথমখন খেলত ৰোমানিয়াৰ হাতত পৰাস্ত হয় ইউক্ৰেইন। সেই আঘাত চম্ভালি প্ৰত্যাৱৰ্তনেৰে যুঁজলৈ উভতি আহিল যুদ্ধবিধ্বস্ত দেশখন। ০-১ গ’লত পিছ পৰি থকাৰ পাছতো ইউক্ৰেইনে ২-১ গ’লত জয়ী হৈ সন্তুষ্টিৰে খেলপথাৰ এৰিলে।

জাৰ্মানীৰ ডাচেলডৰ্ফ ষ্টেডিয়ামত ফেভাৰিট হিচাপে খেলপথাৰত প্ৰৱেশ কৰে শ্লোভাকিয়াই। আৰু ইউক্ৰেইনক পৰাস্ত কৰিলেই শেষৰ ষোল্লটা স্থানত নিজৰ স্থান নিশ্চিত কৰিব পাৰিলেহেঁতেন। কিন্তু ভৱা কথা নহ’ল সিদ্ধি। আনহাতে, ইউক্ৰেইনৰ বাবে এই মেচখন আছিল বৰ্তি থকাৰ যুঁজ। এই মেচখনত পৰাজয়ে তেওঁলোকক ইউৰোৰ পৰা কাৰ্যতঃ বাহিৰ কৰি দিলেহেঁতেন।

২০২৪ চনৰ বাজেটঃ ৩০% কৰৰ হাৰৰ পৰা ৰক্ষা পৰিবনে মধ্যবিত্ত শ্ৰেণী? বিত্তমন্ত্ৰী সীতাৰমণেৰে মত বিনিময় পিএইচডি চেম্বাৰ অৱ কমাৰ্চৰ…

মোদীৰ তৃতীয় কাৰ্যকালৰ চৰকাৰৰ বাজেট এইবেলি সোনকালে উত্থাপন কৰাৰ সম্ভাৱনা আছে। এনে সময়তে পিএইচডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে ২০২৪-২৫ চনৰ বাজেটৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মত বিনিময় কৰিছে, য’ত উদ্যোগ সংস্থাটোৱে সাধাৰণ মানুহৰ বাবে ব্যক্তিগত কৰ কেনে হ’ব পাৰে সেই বিষয়ে উমান লোৱাৰ চেষ্টা কৰিছে।

৩০% কৰ হাৰৰ পৰা মধ্যবিত্ত শ্ৰেণী ৰক্ষা পৰিবনে?

কেইবাটাও পৰামৰ্শৰ ভিতৰত পি এইচ ডি চি চি আইয়ে এফ এমক ৩০ শতাংশ কৰ হাৰৰ পৰা মধ্যবিত্ত শ্ৰেণীক ৰক্ষা কৰিবলৈ আহ্বান জনাইছে।

পি এইচ ডি চি চি আইৰ সভাপতি সঞ্জীৱ আগৰৱালাই কয় যে মধ্যবিত্ত শ্ৰেণীক ৩০ শতাংশ কৰ হাৰৰ পৰা ৰক্ষা কৰিব লাগিব আৰু এই হাৰ কেৱল ৪০ লাখ টকাৰ ওপৰত কৰ যোগ্য আয় থকাসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব লাগিব।

তেওঁ লগতে কয় যে জিডিপিত উৎপাদনৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে বৰ্তমানৰ কোম্পানীসমূহৰ বাবে কৰ্পৰেট কৰ হাৰ ২২ শতাংশ আৰু ২০১৯ চনৰ ১ অক্টোবৰৰ পিছত নিগমিত নতুন উৎপাদন কোম্পানীসমূহৰ বাবে ১৫ শতাংশ কৰ্পৰেট কৰ হাৰত যথাৰ্থ অৱস্থা বজাই ৰাখিব লাগে। নতুন কৰ ব্যৱস্থা অনুসৰি ব্যক্তিগত কৰদাতাৰ বাবে আয়কৰ হাৰ এনেধৰণৰ হৈ আছে-নতুন কৰ -৩ লাখ টকা পৰ্যন্ত কৰ দিব নালাগে, ৩ লাখ টকা- ৬ লাখ টকা ৫%,৬ লাখ টকা- ৯ লাখ টকা ১০%,৯ লাখ টকা- ১২ লাখ টকা ১৫%,১২ লাখ টকা- ১৫ লাখ টকা ২০%,১৫ লাখ টকাৰ ওপৰত ৩০%। চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছিল। সীতাৰমণে সেই সময়ত আয় কৰৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নকৰাৰ কথা ঘোষণা কৰিছিল।

উদ্যোগ সংস্থাটোৱে সীতাৰমণক কেইবাটাও সংস্কাৰ সাধনৰ পৰামৰ্শ আগবঢ়াইছে-

১) ২০৩০ চনৰ ভিতৰত জিডিপিত উৎপাদনৰ অংশীদাৰিত্ব ২৫% লৈ বৃদ্ধিৰ বাবে অধিক সংস্কাৰ।

২) অধিক শ্ৰম জড়িত খণ্ড সংযোজন কৰি ১৪টা খণ্ডৰ বাহিৰলৈ পিএলআই আঁচনি সম্প্ৰসাৰণ কৰা।

৩) এনপিএৰ বাবে এমএছএমইৰ শ্ৰেণী বিভাজনৰ নীতিৰ পৰিৱৰ্তন ৯০ দিনৰ সীমাৰ পৰা ১৮০ দিনলৈ বৃদ্ধি কৰা।

৪) মধ্যবিত্ত শ্ৰেণীৰ বাবে প্ৰত্যক্ষ কৰ যুক্তিসংগত কৰি তোলা।


৫) অত্যাধুনিক আন্তঃগাঁথনি থকা টায়াৰ ২ আৰু ৩ চহৰ আৰু ৰাজহুৱা উপযোগিতাৰ পৰ্যাপ্ত সুবিধা থকা স্মাৰ্ট গাঁৱত অধিক গুৰুত্ব দিয়া।

৬) মুদ্ৰাস্ফীতিৰ চাপ কমোৱাৰ বাবে যোগান শৃংখল শক্তিশালী কৰা আদি।

নীটৰ লগতে ইউজিচি নেটৰো প্ৰশ্নকাকত ফাদিল হৈছিল, প্ৰশ্নকাকত বিক্ৰী হৈছিল ৬ লাখ টকাত! চিবিআইয়ে জনালে এই তথ্য…

মূৰৰ পৰাই গেলিছে দেশৰ শিক্ষা ব্যৱস্থাঃ নীট ইউজি ২০২৪ৰ প্ৰশ্ন কাকতেই কেৱল ফাদিল হোৱা নাছিল।গৱেষণাৰ বাবে প্ৰাৰ্থী নিৰ্বাচিত কৰিবলৈ অনুষ্ঠিত কৰা নেটৰো প্ৰশ্নকাকত পৰীক্ষাৰ দুদিন পূৰ্বে ফাদিল হৈছিল। ইউজিচি নেটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ কিছু সময়ৰ পিছতে ডাৰ্ক ৱেবত ৬ লাখ টকাত বিক্ৰী কৰা হৈছিল সেই প্ৰশ্নকাকত। চিবিআইৰ সূত্রই এই কথা প্রকাশ কৰিছে৷ অৱশ্যে প্ৰশ্নকাকত ক’ৰ পৰা ফাদিল হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ সূত্ৰই জনোৱা মতে এই ক্ষেত্ৰত মেটৰ প্ৰস্তুতি চলোৱা কোচিং চেণ্টাৰৰ ভূমিকা সম্পৰ্কে তদন্ত কৰা হৈছে। যোৱা মঙলবাৰে (১৮ জুন) প্ৰায় ৯ লাখ ছাত্ৰ-ছাত্ৰীয়ে নেট পৰীক্ষা দিছিল। কিন্তু প্ৰশ্নকাকত ফাদিলৰ বিষয়টো পোবৰলৈ অহাৰ পিছতে পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰা হৈছিল। অনুমান কৰা হৈছে যে পৰীক্ষাৰ আগদিনা অৰ্থাৎ সোমবাৰে ডাৰ্ক ৱেবত নেটৰ প্ৰশ্নকাকত ফাদিল হৈছিল।

কিন্তু প্ৰাৰম্ভিক তদন্তৰ অন্তত চিবিআইৰ সূত্ৰই জনোৱা মতে সোমবাৰে নহয়, পৰীক্ষাৰ প্ৰশ্নকাকতখন প্ৰকৃততে দেওবাৰে ফাদিল হৈছিল আৰু ডাৰ্ক ৱেবত ৬ লাখ টকাত বিক্ৰী হৈছিল। উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰালয়ৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে চিবিআইয়ে নেট গোচৰত এফআইআৰ দাখিল কৰিছে।যোৱা মঙলবাৰে ৮৮টা বিষয়ত নেট পৰীক্ষা অনুষ্ঠিত হৈছিল।কিন্তু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ইণ্ডিয়ান চাইবাৰ ক্ৰাইম ক’অৰ্ডিনেচন চেণ্টাৰৰ নেশ্যনেল চাইবাৰ ক্ৰাইম থ্ৰেট এনালাইটিক্স ইউনিটৰ কিছু তথ্যৰ ভিত্তিত পৰীক্ষাৰ অনিয়মৰ বিষয়টো চৰ্চালৈ আহিছিল।ইয়াৰ পিছতে আয়োজক সংস্থা ‘ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা’ চমুকৈ এন টি এয়ে বুধবাৰে পৰীক্ষা বাতিল কৰিবলৈ মন্ত্ৰালয়লৈ বাৰ্তা প্ৰেৰণ কৰে।শিক্ষা মন্ত্ৰালয়ে এই অনিয়মৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে। ইতিমধ্যে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে।

লোকসভাৰ প্ৰ’ টেম অধ্যক্ষ নিযুক্তি বিজেপিৰ সাংসদ ভাৰত্ৰুহৰী মাহতাবক, কংগ্ৰেছৰ অসন্তুষ্টি প্ৰকাশ…

মোদী মমন্ত্ৰীসভাৰ তৃতীয়টো কাৰ্যকাল আৰম্ভ হৈছে। ২৪ জুনৰ পৰা হ’লগীয়া লোকসভাৰ প্ৰথম অধিৱেশনতে লোকসভাৰ অধ্যক্ষ নিৰ্বাচন কৰা হ’ব। লোকসভাৰ এগৰাকী নতুন অধ্যক্ষ নিযুক্তি নিদিয়ালৈকে কটকৰ সাতটা কাৰ্যকালৰ সাংসদ ভৰত্ৰুহাৰী মাহতাবক লোকসভাৰ প্ৰ’ টেম অধ্যক্ষ হিচাবে নিযুক্তি দিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰে। কিন্তু লোকসভাৰ প্ৰ’ টেম অধ্যক্ষ নিযুক্তিকলৈ অসন্তুষ্টি ব্যক্ত কৰিছে বিৰোধী কংগ্ৰেছে। কংগ্ৰেছে অভিযোগ কৰে যে নৰেন্দ্ৰ মোদী চৰকাৰে কংগ্ৰেছৰ জ্যেষ্ঠ সদস্য তথা আঠটা কাৰ্যকালৰ সাংসদ কোডিকুন্নিল সুৰেশক সন্মান প্ৰদান কৰিব লাগিছিল। কাৰণ লোকসভাৰ প্ৰ’টেম অধ্যক্ষ সাধাৰণতে লোকসভাৰ সৰ্বাধিক কালৰ সাংসদগৰাকীক প্ৰদান কৰাটো এক পৰম্পৰা। ইপিনে লোকসভাৰ প্ৰ’ টেম অধ্যক্ষ নিযুক্তি সন্দৰ্ভত ৰিজিজুৱে কয় “অধ্যক্ষৰ দায়িত্ব পালন কৰিবলৈ সংবিধানৰ ৯৫(১) অনুচ্ছেদৰ অধীনত লোকসভাৰ সদস্য ভাৰত্ৰুহৰী মাহতাবক প্ৰ’টেম অধ্যক্ষ হিচাপে নিযুক্তি দি ৰাষ্ট্ৰপতি আনন্দিত হৈছে।

লোকসভাৰ নৱনিৰ্বাচিত সদস্যসকলে প্ৰ’টেম অধ্যক্ষৰ সন্মুখত শপত গ্ৰহণ কৰিব।’’ৰিজিজুৱে লগতে কয় যে মাহতাবক সহায় কৰিব ডি এম কে নেতা সুৰেশ, টি.আৰ. বালু, তৃণমূল কংগ্ৰেছ নেতা সুদীপ বন্দ্যোপাধ্যায় আৰু বিজেপি নেতা ৰাধা মোহন সিং তথা ফাগন সিং কুলাষ্টে। কটক লোকসভাৰ আসনৰ পৰা বিজেপিয়ে ভাৰত্ৰুহৰী মাহতাবক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল।এক্সৰ এটা পোষ্টত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে নিয়ম অনুসৰি সৰ্বাধিক কাৰ্যকাল সম্পন্ন কৰা সাংসদগৰাকীক সাংসদসকলে শপত গ্ৰহণ কৰাৰ পূৰ্বে প্ৰথম দুদিনৰ বাবে প্ৰ’ টেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। ১৮ সংখ্যক লোকসভাৰ জ্যেষ্ঠ সাংসদ হৈছে কোডিকুন্নিল সুৰেশ (কংগ্ৰেছ) আৰু বীৰেন্দ্ৰ কুমাৰ (বিজেপি), দুয়োগৰাকীয়ে এতিয়া তেওঁলোকৰ অষ্টম কাৰ্যকালৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছে। পিছৰগৰাকী এতিয়া কেন্দ্ৰীয় মন্ত্ৰী, সেয়েহে আশা কৰা হৈছিল যে কোডিকুন্নিল সুৰেশক প্ৰ’টেম অধ্যক্ষ হিচাবে নিযুক্তি দিয়া হ’ব। ইয়াৰ পৰিৱৰ্তে ৭টা কাৰ্যকালৰ সাংসদ ভাৰত্ৰুহৰী মাহতাবক প্ৰ’টেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

৬টা কাৰ্যকাল বিজু জনতা দলৰ সাংসদ আছিল আৰু এতিয়া বিজেপিৰ সাংসদ।’ ৰমেশ ডাঙৰীয়াই কয়।কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে.চি. ভেনুগোপালেও চৰকাৰৰ এে সিদ্ধান্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উল্লেখ্য ২৪ জুনত ১৮ সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশন আৰম্ভ হ’ব, ২৫ জুনলৈকে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ/দৃঢ়তা গ্ৰহণ কৰিব।২৬ জুনত অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।