Home Blog Page 765

দেৰগাঁৱৰ দাধৰাত নিশা ভয়ংকৰ অগ্নিকাণ্ড…

Blazing fire flame black and white for background and abstract

দেৰগাঁৱৰ দাধৰাত নিশা ভয়ংকৰ অগ্নিকাণ্ড৷ পুতুল বৰা নামৰ এজন ব্যক্তিৰ এখন গেলামালৰ দোকান জ্বলি ছাৰখাৰ।
কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জ্বলি ভস্মীভূত ৷

Blazing fire flame black and white for background and abstract


দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দাধৰা শ্ৰীশ্ৰী বিষ্ণু মন্দিৰৰ সমীপত নিশা এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জ্বলি ভস্মীভূত ৷

Blazing fire flame black and white for background and abstract

ৰাইজ তথা অগ্নিনিৰ্বাহক বাহিনীৰ অপ্ৰাণ প্ৰচেষ্টাত কথমপি ৰক্ষা পৰে ঘন বসতিপূণ অঞ্চলটো। অগ্নিনিৰ্বাপক বাহিনীয়ে অধিক তৎপৰতাৰে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

গোলকগঞ্জত নিষিদ্ধ ব্ৰয়লাৰ কঢ়িওৱা বাহন সহআটক তিনিজনক আটক…

গোলকগঞ্জৰ আগমনি আৰক্ষীয়ে সন্ধিয়া অভিযান পশ্চিমবংগৰ পৰা আমদানি কৰা নিষিদ্ধ ব্ৰয়লাৰ কঢ়িওৱা বাহন সহ তিনিজনক আটক কৰে। আটকাধীন ক্ৰমে গোলকগঞ্জ থানাৰ দীঘলটাৰী গাঁৱৰ এক্ৰামূল হুছেইন, ছফিকুল ইছলাম আৰু এমদাদুল হুছেইন।

ৰাজ্য চৰকাৰে বহি ৰাজ্যৰ ব্ৰয়লাৰৰ আমদানিত নিষেধাজ্ঞা জাৰি কৰা সত্বেও প্ৰতিনিয়ত আমদানি হয় ব্ৰয়লাৰ। আৰক্ষী পশুপালন বিভাগক মেনেজ কৰি অসাধু চক্ৰ‌ই নিশা পিক‌আপ ভেনেৰে অসমত আমদানি কৰে ব্ৰয়লাৰ। আজি হটাতে আগমনি আৰক্ষীয়ে থানাৰ সন্মূখৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্ৰয়লাৰ কঢ়িওৱা পিক্‌আপ ভেন এখন আটক কৰে।

বাহন খনৰ নম্বৰ WB 63A 1211। বাহন খনৰ কোনো নথি পত্ৰ নথকাৰ লগতে ব্ৰয়লাৰবোৰৰো নাই কোনো নথি পত্ৰ। পশ্চিমবংগৰ পৰা সন্দেহজনক বাহন খনেৰে অবৈধ ভাবে ধুবুৰীৰ ছিৰাজুলৰ তাত ব্ৰয়লাৰবোৰ প্ৰেৰণ কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাং গৰুৰ ব্যৱসায়…

অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাং গৰুৰ ব্যৱসায়। নিতৌ ন ন কৌশল অৱলম্বন কৰি এটা চক্ৰই সৰবৰাহ কৰিছে চোৰাং গৰু ।গোলকগঞ্জৰ হালাকুৰাত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ। পুৱতি নিশা হালাকুৰা আৰক্ষী তালাচী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুপ জ্যোতি

ৰায়ৰ নেতৃত্বত চলা অভিযানত জব্দ কৰে ট্ৰাক ভৰ্তি গৰু । ৪৩ টাকৈ চোৰাং গৰু সহ ৫ জন সৰবৰাহকাৰীক আটক হালাকুৰা আৰক্ষী। চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা বৰপেটা অভিমুখে আছিল গৰু ভৰ্তি ট্ৰাক খন।

জব্দ কৰা ট্ৰাক খনৰ নম্বৰ হৈছে AS 28 AC 1494 । হালাকুৰা আৰক্ষীয়ে ৫ চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰি সোধ পোচ অব্যাহত ৰাখিছে।

ধুবুৰীৰ ব্যাক্তিগত ইংৰাজী স্কুলৰ শিক্ষকৰ ঘৃণনীয় কাৰ্য, সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক যৌন নিৰ্যাতন

ধুবুৰীত ব্যাক্তিগত ইংলিছ স্কুলত অঘটন। নতুন কৈ নাম ভৰ্তি কৰা সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক যৌন অপকৰ্মৰ চেষ্টা চলালে এজন শিক্ষকে। গোচৰ ৰুজু কৰাৰ পাছতেই এতিয়া পলাতক বিদ্যালয় খনৰ শিক্ষক জন।শিক্ষাৰ মন্দিৰ অপবিত্ৰ কৰাৰ ভয়ংকৰ ঘটনা পোহৰ লৈ আহিছে ধুবুৰীত। ধুবুৰী, ঝগৰাপাৰত প্ৰথম খণ্ডত অৱস্থিত ব্যাক্তিগত স্কুলখনৰ কৰ্মৰত এজন হিন্দী শিক্ষকে এজন ১৩ বছৰীয়া ছাত্ৰৰ লগত কৰিলে অপকৰ্ম। জাহাংগীৰ আলম নামৰ এজন হিন্দী শিক্ষকে সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনক মাতি লৈ প্ৰসাৱগাৰত লৈ গৈ অপকৰ্ম কৰাৰ লগতে শাৰীৰিক ভাবে অপদস্ত কৰে।


এই ঘটনা কান্দি কান্দি নিজৰ অভিভাৱকক অৱগত কৰাৰ পাছতেই অভিভাৱকে ধুবুৰীৰ সদৰ থানাত ৰুজু কৰিছে গোচৰ।বিদ্যালয় কতৃপক্ষই ইতিমধ্যে শিক্ষক জনক বিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰাৰ পাছতেই এতিয়া পলাতক অৱস্থাত আছে নৰপিশাচ ৰূপী শিক্ষক জাহাংগীৰ আলম।এতিয়া এই শিক্ষকক বিচাৰি অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে।আনহাতে ভুক্তভোগী ছাত্ৰ জনে এতিয়া মানসিক ভাৱে ভাঙি পৰাৰ লগতে বিদ্যালয় লৈ যোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিছে।দুৰ্ভাগ্যজনক এই ঘটনাৰ পাছতেই এতিয়া বিদ্যালয় কতৃপক্ষ আৰু ছাত্ৰ জনৰ অভিভাৱকে শিক্ষক জনৰ শাস্তিৰ দাবী কৰিছে।


অভিযোগ মতে দু বছৰ পূৰ্বে ধুবুৰীৰ পূৰ্বৰ এজন স্কুল পৰিদৰ্শক স্কুল খনত
শিক্ষাৰ নামত হৈ থকা বিভিন্ন জালিয়াতিৰ অনুসন্ধান কৰিবলৈ স্কুল খনত ৰিকজনাইজ’ৰ পৰা আৰম্ভ কৰি CBSC কোৰ্সৰ কোনো তথ্য বিচাৰি নেপাই শ্বোকজ কৰিছিল।কেইবাদিনো স্কুল খন বন্ধ থকাৰ পিছত জিলা প্ৰশাসনৰ শিক্ষা বিভাগক কেৰেপ নকৰি স্কুল কতৃপক্ষই চলাই থকাত ৰহস্যৰ সৃষ্টি হৈছে।
ৰাইজে যৌন প্ৰশিক্ষক ৰুপি শিক্ষক জনক উপযুক্ত শাস্তিৰ দাবী জনাইছে।

এন জি ডি আৰ এছৰ ৰূপায়ন অধ্যয়ন কৰিবলৈ অসমত গুজৰাটৰ চৰকাৰী প্ৰতিনিধি

ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালী চমুকৈ এন জি ডি আৰ এছৰ অসমত ৰূপায়ন সন্দৰ্ভত অধ্যয়ন কৰিবলৈ গুজৰাট চৰকাৰৰ পঞ্জীকৰণ বিভাগৰ ছজনীয়া বিষয়াৰ এটি দল যোৱা ২৬ মে’ত ৰাজ্যখনত উপস্থিত হয়। গুজৰাট চৰকাৰৰ এই ছজনীয়া চৰকাৰী বিষয়াৰ দলটোত আছিল আৰ ডি ভট্ট, বি এছ বাৰাড, সন্দীপ ছাৱানী , মহেন্দ্ৰ চৌধুৰী , সতীশ কলাথিয়া আৰু হাৰ্দিক পেটেল।

গুজৰাট চৰকাৰৰ ছজনীয়া বিষয়াৰ প্ৰতিনিধি দলটোৱে যোৱা ২৯ মে’ত অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাক সৌজন্যমূলক সাক্ষাৎ কৰি অসমৰ সৈতে সম্পৰ্ক ৰাখি গুজৰাটত ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীও উপস্থিত আছিল। ইয়াৰ পূৰ্বে গুজৰাটৰ ছজনীয়া চৰকাৰী বিষয়াৰ দলটোৱে ক্ৰমে কামৰূপ মহানগৰ আৰু আমিনগাঁওস্থিত কামৰূপৰ উপ-পঞ্জীয়ন কাৰ্যালয়ৰ লগতে জ্যেষ্ঠ উপ-পঞ্জীয়নৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালীৰ কাম-কাজ প্ৰত্যক্ষভাৱে তদাৰক কৰে। তদুপৰি অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগ আৰু এন আই চি ৰ পৰা গুজৰাট চৰকাৰৰ বিষয়াৰ দলটোক অসমত এন জি ডি আৰ এছ ৰূপায়ন সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন প্ৰদৰ্শন কৰা হয়। ইপিনে, পাঁচ দিনীয়া চৰকাৰী অধ্যয়ন সামৰি সংশ্লিষ্ট ছজনীয়া বিষয়াৰ দলটোৱে আজি অসম এৰি গুজৰাট অভিমুখে ৰাওনা হয়। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে চলিত বৰ্ষৰ যোৱা ১৪ ফ্ৰেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভূমি সম্পদ বিভাগৰ তদানীন্তন সচিব নীতিন খাড়েৰ উপস্থিতত অসমত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় জেনেৰিক দস্তাবেজ পঞ্জীকৰণ প্ৰণালী ৰূপায়নৰ শুভাৰম্ভ কৰা হৈছিল।

উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র – ছাত্রীক আটাছু , তাই আহোম মহিলা পৰিষদৰ সম্বৰ্ধনা

সৰুপথাৰত হাইস্কুল শিক্ষান্ত , উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র – ছাত্রীক আটাছু , তাই আহোম মহিলা পৰিষদৰ সম্বৰ্ধনা , উপস্থিত বিধায়ক বিশ্বজিৎ ফুকন, সৰুপথাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় দুই শতাধিক ছাত্র – ছাত্রীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷


সৰুপথাৰ দক্ষিণ গোলাঘাট খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত কৰা সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন , নিদিষ্ট বক্তা হিচাপে অধ্যাপক ড° প্ৰণৱ ঢেকিয়াল ফুকনৰ লগতে গোলাঘাট দক্ষিণ খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তমসা দাস , গোলাঘাট জিলা সাংবাদিক সংস্হাৰ কাৰ্যকৰী সভাপতি দ্বীপেন কুমাৰ বৰা ,চুতীয়া ছাত্ৰ সন্হাৰ ধনশিৰি সমিতিৰ সভাপতি অভিজিৎ চুতীয়াৰ ওপৰিউ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্হিত থাকে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ধনশিৰি মহকুমা চাৰি গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷ বিশিষ্ট সাহিত্যিক , লোক সংস্কৃতিৰ সাধক , অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰাক্তন উপ সঞ্চালক ধৰ্মেশ্বৰ দুৱৰা , সাংস্কৃতিক কৰ্মী নয়নমনী ৰাজখোৱা , ক্ৰিয়া সংগঠক শান্তনো গগৈ, লোক শিল্পী অজয় বৰাকো সম্বৰ্ধনা জনোৱা হয় ৷

দেশৰ ভিতৰতে সৰ্বাধিক বনাঞ্চল ধ্বংস হৈছে অসমত

ৰাজ্যত অবাধ বন ধ্বংসৰ বিৰুদ্ধে সৰৱ আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজা “শেহতীয়া ভাৱে দেশৰ আন প্ৰান্তৰ লগতে অসমতো অস্বাভাৱিক তাপমাত্ৰা বৃদ্ধি আৰু গ্ৰীষ্ম প্ৰৱাহৰ নেতিবাচক প্ৰভাৱ পৰিছে। এই সময়ছোৱাত হিটষ্ট্ৰোকত আক্ৰান্ত হৈ ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও লোকে প্ৰাণ হেৰুৱাইছে। গ্ৰীষ্ম প্ৰৱাহৰ লগতে তাপমাত্ৰা বৃদ্ধিয়ে এনে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে ৰাজ্যখনত আন্তঃগাঁথনি নিৰ্মানৰ নামত হকে বিহকে বনাঞ্চল ধ্বংস কৰা হৈছে । চৰকাৰে উৰণ সেতু নিৰ্মাণ অথবা ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ বাবে দিনে – নিশাই হাজাৰ হাজাৰ গছ কাটি পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰিছে। ” এই অভিযোগ আম আদমী পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ । বৃহস্পতিবাৰে গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে এই সন্দৰ্ভত বিষেদগাৰ প্ৰকাশ কৰি কয়, ” ইতিমধ্যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ চমুকৈ এন জি টিয়ে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় তথা ভাৰতৰ জৰীপ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক দেশত অবাধে চলি থকা বনাঞ্চল ধ্বংস সম্পৰ্কে প্ৰশ্ন কৰিছে। উল্লেখ্য যে গ্ল’বেল ফৰেষ্ট ৱাট্চৰ তথ্য অনুসৰি ২০০০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত বনাঞ্চল ধ্বংসৰ ফলত ভাৰতে ২৩.৩ লাখ হেক্টৰ সেউজভূমি হেৰুৱাইছে। যাৰ পৰিমাণ হৈছে ভাৰতৰ মুঠ সেউজভূমিৰ ৬ শতাংশ।
একে সময়তে দেশৰ ৪.১৪ লাখ হেক্টৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চল হেৰুৱাইছে। গুৰুত্বপূৰ্ণ কথা যে
২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ধ্বংস হোৱা বনাঞ্চলৰ ৬০% বনাঞ্চল ধ্বংস হৈছে দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ ৫ খন ৰাজ্যত।


অতি পৰিতাপৰ বিষয় যে দেশৰ ভিতৰত সৰ্বাধিক বনাঞ্চল ধ্বংস কৰা হৈছে অসমত।” সংবাদমেলত আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই তথ্য সহকাৰে কয়, ” অসমত যোৱা ২২ বছৰত ৩ লাখ ২৪ হাজাৰ হেক্টৰ বনাঞ্চল ধ্বংস হৈছে। চুবুৰীয়া মিজোৰামত ৩ লাখ ১২ হাজাৰ হেক্টৰ, অৰুণাচল প্ৰদেশত ২ লাখ ৬২ হাজাৰ হেক্টৰ, নাগালেণ্ডত ২ লাখ ৫৯ হাজাৰ হেক্টৰ আৰু মণিপুৰত ২ লাখ ৪০ হাজাৰ হেক্টৰ ভূমিত বনাঞ্চল ধ্বংস কৰা হৈছে । সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ুৰ ওপৰত ইয়াৰ ভয়ংকৰ প্ৰভাৱ পৰিছে।” আনহাতে অসমত বনাঞ্চল বৃদ্ধিৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ উদ্যোগত অমৃত বৃক্ষ আঁচনি সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি মত ব্যক্ত কৰে আপৰ নেত্ৰী গৰাকীয়ে। বিজেপি চৰকাৰে মাথোঁ চৰকাৰী পুঁজিৰ শৰাধ কৰি এক কোটি বৃক্ষ ৰোপণৰ নামত ভেল্কিবাজি কৰাৰ অভিযোগ উত্থাপন কৰে আম আদমী পাৰ্টিৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই। সংবাদমেলত দলৰ আন এগৰাকী মুখপাত্ৰ পুনম গগৈও উপস্থিত থাকে।

১ জুনৰ পৰাই সলনি হ’ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্সৰ বহু নিয়ম…

ড্ৰাইভিং লাইচেন্সৰ সৈতে জড়িত নিয়ম, আধাৰ কাৰ্ডৰ নিয়মো ১ জুনৰ পৰাই সলনি হ’ব, একেদৰে এল পি জি চিলিণ্ডাৰৰ দামো সংশোধন কৰা হ’ব। ১ জুনৰ দিনাই দেশত অনুষ্ঠিত হ’ব সাত পৰ্যায়ত চলি থকা লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। এই দিনটোতে বহু নিয়মৰ পৰিৱৰ্তন হ’ব, যাৰ প্ৰভাৱ আপোনাৰ জীৱনত পৰিব। এল পি জি চিলিণ্ডাৰৰ দাম, আধাৰ কাৰ্ডৰ নিয়ম আৰু ড্ৰাইভিং লাইচেন্সৰ সৈতে জড়িত পৰিৱৰ্তন জুন মাহত দেখা যাব। একে সময়তে আৰ বি আইয়ে প্ৰকাশ কৰা বেংকৰ ছুটীৰ তালিকা অনুসৰি জুন মাহত ১০ দিনৰ বাবে বেংক বন্ধ থাকিব। ইয়াৰ ভিতৰত দেওবাৰ আৰু দ্বিতীয় তথা চতুৰ্থ শনিবাৰ কেইটাও থাকিব। শেহতীয়াকৈ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা কৰিছে। ২০২৪ চনৰ ১ জুনৰ পৰা আৰ টি অ’ৰ সলনি ব্যক্তিগত ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰত ড্ৰাইভিং টেষ্ট দিব পাৰিব। এই কেন্দ্ৰসমূহে অনুজ্ঞাপত্ৰৰ যোগ্যতাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে প্ৰমাণপত্ৰ প্ৰদানৰ বাবে অনুমোদিত হ’ব।থ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ভাৰতত ড্ৰাইভিং লাইচেঞ্চ লাভ কৰাৰ বাবে নতুন নিয়ম ঘোষণা কৰিছে।

এতিয়া ১ জুন ২০২৪-ৰ পৰা মানুহে চৰকাৰী আঞ্চলিক পৰিবহন কাৰ্যালয়ৰ (আৰটিঅ’) সলনি ব্যক্তিগত ড্ৰাইভিং বিদ্যালয়ত তেওঁলোকৰ ড্ৰাইভিং পৰীক্ষা দিব পাৰিব। এই ব্যক্তিগত বিদ্যালয়সমূহক ড্ৰাইভিং লাইচেঞ্চৰ বাবে প্ৰয়োজনীয় পৰীক্ষা দিবলৈ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ অনুমতি দিয়া হ’ব। ১ জুন ২০২৪-ৰ পৰা এই নিয়ম প্ৰযোজ্য হ’ব। চৰকাৰে লগতে ৯ লাখ খন পুৰণি চৰকাৰী বাহন পথৰ পৰা আঁতৰাই প্ৰদূষণ হ্ৰাস কৰাৰো সিদ্ধান্ত লৈছে। নতুন নিয়ম অনুসৰি যদি কোনো নাবালকে গাড়ী চলাই ধৰা পৰে তেন্তে তেওঁৰ অভিভাৱকে ২৫,০০০ টকাৰ জৰিমনা পৰিশোধ কৰিব লাগিব । লগতে বাহনৰ গৰাকীৰ পঞ্জীয়ন বাতিল কৰা হ’ব আৰু নাবালকজনে ২৫ বছৰ বয়সলৈকে অনুজ্ঞাপত্ৰ নাপাব। নতুন নিয়ম অনুসৰি ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত কমেও ১ একৰ মাটি থাকিব লাগে। যদি তেনে কেন্দ্ৰই চাৰিচকীয়া বাহনৰ বাবে প্ৰশিক্ষণ দিয়ে, তেন্তে দুই একৰ মাটিৰ থাকিব লাগিব। ড্ৰাইভিং স্কুলবোৰত সঠিক পৰীক্ষাৰ সুবিধা থাকিব লাগিব। প্ৰশিক্ষকসকলৰ বায়োমেট্ৰিক আৰু আইটি প্ৰণালীৰ জ্ঞান থকাৰ লগতে কমেও পাঁচ বছৰৰ ড্ৰাইভিং অভিজ্ঞতাৰ ডিপ্লোমা থাকিব লাগিব।একে সময়তে দ্ৰুতবেগী গাড়ীৰ জৰিমনা ১০০০ৰ পৰা ২০০০ ₹ৰ ভিতৰত হ’ব। কিন্তু যদি কোনো নাবালক গাড়ী চলাই ধৰা পৰে তেন্তে তেওঁ ২৫ হাজাৰ ডাঙৰ জৰিমনা ভৰিব লাগিব।

ইয়াৰ উপৰিও বাহনৰ মালিকৰ পঞ্জীয়ন বাতিল কৰা হ’ব আৰু নাবালকজন ২৫ বছৰ সম্পূৰ্ণ নোহোৱালৈকে অনুজ্ঞাপত্ৰৰ বাবে অযোগ্য হৈ পৰিব। লগতে ১৪ জুনলৈকে আপুনি বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেট কৰিব পাৰিব। আপুনি নিজেই আধাৰ কাৰ্ড অনলাইন আপডেট কৰিব পাৰে তেন্তে সেয়া বিনামূসীয়াকৈ কৰিব পাৰিব। কিন্তু যদি আপুনি অফলাইন কৰিবলৈ বিচাৰে তেন্তে প্ৰতিটো আপডেটৰ বাবে আপুনি ৫০ টকা ভৰিব লাগিব। প্ৰতি মাহৰ ১ তাৰিখে এল পি জি চিলিণ্ডাৰৰ দাম সংশোধন কৰা হয়। ১ জুনতো তেল কোম্পানীসমূহে গেছ চিলিণ্ডাৰৰ নতুন মূল্য নিৰ্ধাৰণ কৰিব। মে’ মাহত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছিল আৰু জুন মাহত তেনে চিলিণ্ডাৰৰদাম পুনৰ মূল্য হ্ৰাস কৰিব পাৰে বুলি অনুমান কৰা হৈছে।

কালঘূৰ্ণী ৰেমাল কি? অসম, পশ্চিমবংগ আৰু বাংলাদেশত তাণ্ডৱ চলাইছে ৰেমাল ঘূৰ্ণীয়ে…

অসম, পশ্চিমবংগ আৰু বাংলাদেশত তাণ্ডৱ চলাইছে ৰেমাল ঘূৰ্ণীয়ে। এতিয়ালৈকে বহু লোকৰ মৃত্যু ঘটিছে। উভালি পৰিছে হাজাৰ হাজাৰ গছ, বিদযুতৰ খুঁটা আদি। বংলাদেশত ৰেমালৰ পিছৰে পৰা বিধ্বংসী বানৰ সৃষ্টি হৈছে। এই ঘূৰ্ণীৰ প্ৰভাৱত উত্তৰ পূৰ্বঞ্চলৰ কেইবাখনো ৰাজ্যত ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ৰেড এলাৰ্ট জাৰি কৰিছে। এইবাৰ ঘূৰ্ণীবতাহৰ নামটো দিছিল ওমানে । ২০০০ চনত ওমানৰ চুলতানে এই ঘূৰ্ণীৰ নাম ৰেমাল ৰাখিছিল। আৰবী ভাষাত ‘ৰেমাল’ মানে বালি। ওমানৰ চুলতানে ২০০০ চনৰ পৰা বংগ উপসাগৰ আৰু আৰব সাগৰৰ গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহৰ নাম নিৰ্ধাৰ কৰিবলৈ গৈ ঘূৰ্ণীৰ নাম ৰেমাল ৰাখিছিল।


ৰেমাল হৈছে এক বিধ্বংসী ঘূৰ্ণী বতাহ। এইবাৰ এই ঘূৰ্ণীবতাহৰ উৎপত্তিস্থল হৈছে বংগোপসাগৰ। বতৰ বিজ্ঞানী সকলে বংগোপসাগৰত পানীৰ উষ্ণতা সাধাৰণ গড়তকৈ বৃদ্ধি হোৱা অনুভৱ কৰিছিল। যি পানীয়ে ঘুৰ্ণী বতাহ সৃষ্টি কৰাৰ লগতে তীব্ৰতৰ হোৱাত সহায় কৰে। চাৰিদিন আগতেই বতৰ বিজ্ঞান বিভাগে এই ৰেমাল ঘূৰ্ণীবতাহ আৰম্ভ হোৱাৰ আগজাননী দিছিল। যি ঘূৰ্ণীৰ বতাহৰ পোনপটীয়া প্ৰভাৱ বাংলাদেশ আৰু পশ্চিমবঙ্গত পৰিব বুলি উল্লেখ কৰা হৈছিল। তদুপৰি ২০২৪ বৰ্ষৰ বৰ্ষাকালৰ প্ৰথমটো ঘূৰ্ণি বতাহ হিচাপে চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে এই ৰেমাল ঘূৰ্ণী বতাহৰ ব্যাপক প্ৰভাৱ উত্তৰ পূৰ্বাঞ্চলটো দেখা গৈছে। অসমৰ লগতে মেঘালয় , মিজোৰাম , মণিপুৰ আৰু, ত্ৰিপুৰাত বিপদৰ সংকেত জাৰী কৰিছে বতৰ বিজ্ঞান বিভাগে। ইতিমধ্যে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে।

ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰিছে, ঘৰ ভাঙিছে , বহু অঞ্চলত যাতায়ত ব্যাহত হৈ পৰিছে। তদুপৰি বহু অঞ্চলত ভূমিস্খলন হোৱাও পৰিলক্ষিত হৈছে। মৰিগাঁও, নগাঁও বৰপেটা , ঢেঁকীয়াজুলি , লামডিং , কাছাৰ আদি বিভিন্ন প্ৰান্তৰ পৰা ধুমুহাৰ প্ৰভাৱৰ খবৰ আহি পৰিছে। ইতিমধ্যে প্ৰতিকুল বতৰক কেন্দ্ৰ কৰি বন্ধ দিয়া হৈছে বিদ্যালয় প্ৰতিষ্ঠান। তদুপৰি মোবাইল সেৱাও বহু ক্ষেত্ৰত ব্যাহত হৈ পৰা দেখা গৈছে।

জুন মাহত উত্তৰ ভাৰতত কালান্তক ৰূপ ধাৰণ কৰিব গ্ৰীষ্ম প্ৰবাহেঃ প্ৰকাশ কৰিলে বতৰ বিজ্ঞান বিভাগে…

নতুন দিল্লীৰ তাপমাত্ৰা প্ৰায় ৫০ ডিগ্ৰী চেলচিয়াছ হৈছে। ৰাজধানী চহৰ খনত তাপমাত্ৰাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। এনে সময়তে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে মাহেকীয়া পূৰ্বাভাসত ভৱিষ্যদ্বাণী কৰিছে যে জুন মাহত সমগ্ৰ উত্তৰ ভাৰতত তীব্ৰ গ্ৰীষ্ম প্ৰবাহ হ’ব। জুন মাহত স্বাভাৱিকতকৈ অধিক সৰ্বোচ্চ উষ্ণতাই চুই যাব ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা-চণ্ডীগড়-দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বহু ৰাজ্য। মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশতো গ্ৰীষ্ম প্ৰবাহে কালান্তক ৰূপ ধাৰণ কৰিব। একেদৰে বংগ, অসমতো গৰমৰ তীব্ৰতা বৃদ্ধি পাব। সোমবাৰে ফালোডী (পশ্চিম ৰাজস্থান)ত সৰ্বোচ্চ সৰ্বোচ্চ উষ্ণতা ৪৯.৪ ডিগ্ৰী চেলছিয়াছ হৈছিল। ২০১৯ চনৰ ১ জুন তাৰিখৰ পিছত দেশৰ ভিতৰতে এয়া সৰ্বোচ্চ উষ্ণতা আছিল।

এতিয়া দিল্লীত ঠায়ে ঠায়ে তাপমাত্ৰা ৪৯.৯ ডিগ্ৰী হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে জুন মাহৰ পৰা ছেপ্টেম্বৰলৈকে সামগ্ৰিকভাৱে দেশজুৰি স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা বেছি। “দক্ষিণ-পশ্চিম বাৰিষাৰ ঋতুভিত্তিক (জুনৰ পৰা ছেপ্টেম্বৰলৈ) বৰষুণৰ সম্ভাৱনা মধ্য ভাৰত আৰু দক্ষিণ উপদ্বীপ ভাৰতৰ ওপৰত স্বাভাৱিকতকৈ অধিক, উত্তৰ-পশ্চিম ভাৰতৰ ওপৰত স্বাভাৱিক, আৰু উত্তৰ-পূব ভাৰতত স্বাভাৱিকতকৈ কম হোৱাৰ সম্ভাৱনা বেছি।’ উত্তৰ-পশ্চিম ভাৰতৰ উত্তৰ অংশ, উত্তৰ-পূব ভাৰতৰ বহু অঞ্চল আৰু মধ্য ভাৰতৰ পূব অংশ আৰু পূব ভাৰতৰ কাষৰীয়া অঞ্চলৰ বাহিৰে দেশৰ বেছিভাগ অঞ্চলতে বৰষুণৰ সম্ভাৱনা বেছি আছে। উত্তৰ-পূব ভাৰতত বৰশুণ কম হোৱাৰ লগতে গৰমৰ তীব্ৰতাও বৃদ্ধি পাব। বিজ্ঞানীসকলে আশংকা কৰি আহিছে যে তীব্ৰ গ্ৰীষ্ম প্ৰবাহে দহিব ভাৰতক। বিশ্বই যোৱা কেইটামান দশক ধৰি গোলকীয় উষ্ণতাৰ আটাইতকৈ ভয়ংকৰ ৰূপৰ সাক্ষী হ’বলগীয়া হৈছে। শক্তিশালী ঘূৰ্ণীবতাহ, বানপানী, বৰফৰ গলন, খৰাঙৰ সন্মুখীন হৈছে বিশ্বৰ মানৱ।

এক শেহতীয়া প্ৰতিবেদনত পৰিৱেশ বিজ্ঞানীসকলে কৈছে যে অহা কেইটামান দশকত ভাৰতৰ বহু ঠাইক তীব্ৰ গ্ৰীষ্ম প্ৰবাহে চুই যাব। প্ৰতিবেদনত দাবী কৰা হৈছে যে তাপমাত্ৰাই প্ৰাণীৰ সহনশীলতাৰ স্তৰ অতিক্ৰম কৰিব। ভাৰত আৰু পাকিস্তানৰ প্ৰায় ২২০ কোটি লোক এই গ্ৰীষ্ম প্ৰবাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব। পশ্চিমীয়া কেইবাখনো বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে যুগুত কৰা প্ৰতিবেদন অনুসৰি মানৱ শৰীৰে কেৱল এক নিৰ্দিষ্ট তাপ সহ্য কৰিব পাৰে। পৰৱৰ্তী কেইটামান দশকত বতৰৰ আমূল পৰিৱৰ্তন হ’ব। তাপমাত্ৰাই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিব। যিটো মানৱ শৰীৰৰ সহনশীলতাৰ বাহিৰত হ’ব। ফলস্বৰূপে হিট ষ্ট্ৰোক আৰু হৃদ ৰোগৰ আক্ৰমণ অভাৱনীয়ভাবে বৃদ্ধি পাব । ইয়াৰ উপৰি বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পাব।ভাৰত আৰু পাকিস্তানৰ বহু অঞ্চলত খৰাং হ’ব। বিজ্ঞানীসকলে কৈছে যে জলবায়ু পৰিৱৰ্তনৰ বাবেই এনে দুৰ্যোগ নামি আহিব। নগৰীয়া সভ্যতাই সৃষ্টি কৰা প্ৰদূষণ, গছ-গছনিৰ অবাধ ধ্বংস, অত্যধিক তেজস্ক্ৰিয় পদাৰ্থৰ বিকিৰণে তাপ প্ৰবাহ বৃদ্ধি কৰিব। বিজ্ঞানীসকলে বিশ্বাস কৰে যে এল নিনো ২০২৪ চনত পুনৰ হোৱাৰ আশংকা আছে। সামগ্ৰিকভাৱে উষ্ণতা কল্পনাৰ বাহিৰলৈ গুচি যাব। মাটি ফাটি যাব, পুখুৰী-নদী-নলা শুকাই যাব। পৃথিৱীৰ এটা ডাঙৰ অংশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব।বিজ্ঞানীসকলৰ মতে, প্ৰশান্ত মহাসাগৰৰ দাঁতিকাষৰীয়া চিলি আৰু পেৰুৰ উপকূলত আৰু মহাসাগৰৰ কেন্দ্ৰীয় অংশত সৃষ্টি হোৱা ‘এলনিনো ‘য়ে ভাৰতৰ বৰ্ষা ঋতুত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। বৰষুণৰ পৰিমাণ হ্ৰাস হ’ব পাৰে। তেনে ক্ষেত্ৰত মানুহৰ বাবে তাপ প্ৰবাহৰ সৈতে খাপ খোৱাটো কঠিন হৈ পৰিব।