Home Blog Page 768

ৰেমালৰ প্ৰভাৱত ডিমা হাছাও জিলাৰ বিধ্বস্ত ৰূপ…

সমগ্ৰ ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগ সৃষ্টিকাৰী ৰেমালৰ প্ৰভাৱ অব্যাহত থকাৰ সময়তে ডিমা হাছাও জিলাতো প্ৰকৃতিৰ ধ্বংসলীলাত জনজীৱন ব্যাহত হোৱা পৰিলক্ষিত হৈছে। ৰেমালৰ ৰোষত পৰা পাহাৰীয়া জিলাখনৰ বিভিন্ন স্থানত সোমবাৰে অহা ঘূৰ্ণী বতাহৰ ফলত বিস্তৰ ক্ষয়-ক্ষতিৰ বাতৰি পোৱা গৈছে। উল্লেখযোগ্য যে জিলাখনৰ কাউন্সিল কলনিত থকা এটা বি এছ এন এল টাৱাৰ প্ৰচণ্ড ধুমুহাৰ ফলত বেকা হৈ পৰে। ইয়াৰ ফলত ১০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ সকলো পৰিয়ালক সেই স্থানৰ পৰা আঁতৰোৱা হৈছে বুলি হাফলং আৰক্ষী থানাৰ জৰিয়তে জানিব পৰা গৈছে।

ইফালে উক্ত ৰেলৰ ফলত জিলাখনৰ হাফলঙৰ একাধিক স্থানত প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত বিস্তৰ ক্ষতি সাধন হয়। ইয়াৰ উপৰিও বহু ঠাইত বিদ্যুতৰ খুঁটা আৰু পৰিবাহী তাঁৰ চিগি যোৱাৰ ফলত সমগ্ৰ জিলাত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।  ইপিনে সোমবাৰে পৰা নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ ফলত কপিলী নদীৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰে। এনে পৰিপ্ৰেক্ষিতত নীপকো জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই নদীবান্ধৰ শ্লুইচ গেট খুলি দিবলৈ বাধ্য হয়। প্ৰাপ্ত তথ্য অনুসৰি জলবিদ্যুৎ প্ৰকল্পৰ খাংদং নদীবান্ধৰ মুঠ ৭খন শ্লুইচ গ্যেট খুলি 900 cumec (approx) পানী এৰি দিয়া হয়। উক্ত খবৰ বিয়পি পৰাৰ লগে লগে কপিলী নদীৰ দাঁতি কাষৰীয়া ৰাইজ সষ্টম হৈ পৰে। ইফালে ৰেমলৰ ভয়াবহ পৰিস্থিতি তথা বেয়া বতৰৰ বাবে ৰে’ল কৰ্তৃপক্ষই বহু কেইখন ৰেলৰ যাতায়ত বাতিল কৰিবলৈ বাধ্য হয়। আনহাতে ডিমৰু নোলাৰ বাঢ়নী পানীয়ে হাফলঙৰ একাংশ পথ উটুৱাই লৈ যোৱাৰ ফলত মঙ্গলবাৰৰ পুৱাৰ পৰা হাফলং-শিলচৰ পথৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।

জানাজাৰ চাৰিদিনৰ পিছত পুণৰ সোঁশৰীৰে ঘৰত উপস্থিত হ’ল ওমৰ আলী



দৰং জিলাৰ মঙলদৈ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মিছামাৰি চৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । মৃত্যুৰ পাছত এজন যুৱকক জানাজা দিয়াৰ চাৰিদিনৰ পিছত পুণৰ যুৱকজন সোঁশৰীৰে নিজৰ ঘৰত উপস্থিত হোৱাৰ পাছত অঞ্চলটোৰ ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। যুৱক জনক জীৱিত অৱস্থাত দেখি হতবাক হৈ পৰে ৰাইজ। এই ঘটনা সংঘটিত হৈছে মঙলদৈ নগৰৰ পৰা কিছু নিলগত থকা ব্ৰহ্মপুত্ৰৰ মিছামাৰী চৰত। ঘটনাৰ বিৱৰণী অনুসৰি কেইদিনমান পূৰ্বে মিচামাৰি চৰৰ ওমৰ আলী নামৰ যুৱক এজন কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল। কামৰ সন্ধানত ওলাই যোৱা ওমৰে কথাটো পৰিয়ালৰ কোনো এজন ব্যক্তিকে জনোৱা নাছিল । ইপিনে চাৰিদিন ধৰি ওমৰ ঘৰলৈ উভতি নহাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে আৰু পৰিয়ালৰ লোকে ওমৰক সম্ভাব্য স্থানত বিচাৰ খোচাৰ কৰে যদিও ওমৰৰ সন্ধান পোৱা নাছিল। অৱশেষত ওমৰ নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে মঙলদৈ সদৰ থানাত এজাহাৰো দিছিল। এনে পৰিস্থিতিৰ মাজতেই মিছামাৰি চৰৰ ওচৰৰে গাধোৱা চাপৰিত ৰাইজে উদ্ধাৰ কৰে এটি উৱলি যোৱা মৃতদেহ ।

এই খবৰ পাই মৃতদেহ উদ্ধাৰৰ উক্ত স্থানত উপস্থিত হয় ওমৰৰ পৰিয়াল আৰু গাঁৱৰ লোক। উৱলি যোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি সেইটো ওমৰৰে মৃতদেহ বুলি পৰিয়ালৰ লোকে সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে। মঙলদৈৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো ওমৰৰে হয় বুলি যাবতীয় কাম সমূহ কৰি পৰিয়ালক গতাই দিয়ে। পৰিয়ালৰ লোকে মৃতদেহ চমজি লৈ ধৰ্মীয় নিয়মৰ মাজেৰে ৰাইজৰ সহযোগত জানাজা সম্পন্ন কৰে। ইমানলৈকে ঘটনা থিকেই আছিল আৰু আচৰিত হবলগীয়া একো নাছিল যদিও পৰৱৰ্তীকালত পৰিস্থিতিয়ে অন্য মোৰ লয়। জানাজা সম্পন্ন হোৱাৰ চাৰিদিন পিছত সোঁশৰীৰে যেতিয়া ওমৰ নিজ গৃহত উপস্থিত হয় তেতিয়া ওমৰক দেখি ৰাইজৰ মাজত হুৱা দুৱা লগাতো স্বাভাৱিক। জানাজা কৰাৰ পাছত কেনেকৈ এজন লোক জী উঠিব পাৰে এই লৈ ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হল । ওমৰে ঘৰত কাকো নজনোৱাকৈ কামৰ সন্ধানত ঘৰৰ পৰা বাহিৰত থকা সময়তে হঠাতেই ওমৰৰ সম্পৰ্কীয় আৰু জানাজাৰ সময়ত উপস্থিত থকা কেইজনমান লোকে ওমৰক ওচৰৰে এখন বজাৰত দেখা পাই হতভম্ব হৈ পৰে । লগে লগেই লোক কেইজনে ওমৰক সোধপোচ কৰে আৰু নিজৰ ঘৰলৈ লৈ আহে। ইফালে ওমৰে সোঁশৰীৰে নিজ গৃহত উপস্থিত হোৱাৰ পিছত পৰিয়ালৰ লোকো হতবাক হৈ পৰে ।ওমৰক দেখি স্থানীয় ৰাইজে ভাৱিবলৈ বাধ্য হৈছে যে প্ৰকৃততে চাৰিদিন পূৰ্বে জানাজা কৰা লোকজন নিশ্চয় ওমৰ নাছিল। তেন্তে জানাজা কৰা লোকজন কোন আছিল সেই লৈ ৰাইজ বিমোৰত পৰে। গা ধোৱা চাপৰিত চাৰিদিন পূৰ্বে উদ্ধাৰ হোৱা মৃতদেহটো কাৰ আছিল বুলিও ৰাইজৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছে। আচলতে ঘটনাৰ ৰহস্য কি ৰাইজে একো উৱাদিহ পোৱা নাই। ওমৰ বুলি জানাজা কৰা সেই লোকজনৰ সম্ভেদ আজিও লাভ কৰা নাই ৰাইজে। উল্লেখ্য, এই ঘটনাক লৈ তিলমাত্ৰও চিন্তিত হোৱা দেখা নগল ওমৰক। পৰিয়ালসূত্ৰে জানিব পৰা মতে ওমৰৰ দুটি কণমানি সন্তানো আছে। সাংবাদিকৰ আগত হাস্য বদনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি যায় ওমৰে। এই ক্ষেত্ৰত জানাজা কৰা লোকজনৰ শীঘ্ৰে পৰিচয় উদ্ধাৰ কৰিবলৈ মঙলদৈৰ আৰক্ষীৰ ওচৰত প্ৰবল দাবী উত্থাপন কৰিছে সংশ্লিষ্ট এলেকাৰ ৰাইজে।

“সমৃদ্ধিশালী অসমীয়া ভাষা চৰ্চা” শীৰ্ষক প্ৰতিযোগিতাৰ ফলাফল ৰাজহুৱা কৰা হ’ব !

জাননী
ইয়াৰ দ্বাৰা দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সমূহ সদস্য, সংবাদদাতা, পঢ়ুৱৈক জনোৱা হয় যে, সমৃদ্ধিশালী অসমীয়া ভাষা চৰ্চা অধিক জনপ্ৰিয় কৰিবলৈ দৈনন্দিন বাৰ্তাৰ পাঠকৰ মাজত আয়োজন কৰা “সমৃদ্ধিশালী অসমীয়া ভাষা চৰ্চা” শীৰ্ষক প্ৰতিযোগিতাখনৰ ফলাফল ঘোষণাত কিছু পলম হৈছে৷ আপোনালোক অৱগত যে, দৈনন্দিন বাৰ্তা গোষ্ঠীৰ প্ৰতিষ্ঠাপক শংকৰ গোহাঞি ডাঙৰীয়া এটা অনাকাংক্ষিত দূৰ্ঘটনাত পতিত হৈ চিকিৎসাৰ অন্তত ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে৷ ইতিমধ্যে প্ৰথমলানি প্ৰতিযোগিতাৰ ফলাফল সাজু কৰি তোলা হৈছে আৰু অতি কম দিনৰ ভিতৰতে এই ফলাফল ৰাজহুৱা কৰা হ’ব৷ যিহেতু কেইবাটাও পৰ্য্যায়ত এই প্ৰতিযোগিতাখন চলি থাকিব, গতিকে সকলো সন্মানীয় সদস্যক ক্ষন্তেক ধৈৰ্য্য ধৰাৰ লগতে পৰৱৰ্তী পৰ্য্যায়ৰ প্ৰতিযোগিতাসমূহত অংশ গ্ৰহণ কৰি থাকিবলৈ আহ্বান জনোৱা হ’ল৷ আপোনালোকৰ সহায়-সহযোগিতাই আমাৰ এই পদক্ষেপক সুদূৰপ্ৰসাৰী কৰিব বুলি আমি আশাবাদী৷

দৈনন্দিন বাৰ্তা গোষ্ঠী
গুৱাহাটী, অসম

বিদ্যুত বিভাগৰ কৰ্মচাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ

ধুবুৰী জিলাৰ আগমনী বিদ্যুত উপ-সংমণ্ডলৰ অন্তৰ্গত কানুৰীত বিদ্যুত বিভাগৰ কৰ্মচাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ। গুৰতৰ আহত হয় বিদ্যুত বিভাগৰ কৰ্মচাৰী শৰৎ চন্দ্ৰ ৰায়। ধুমুহা, বৰষুণৰ ফলত আগমনী বিদ্যুত উপ-সংমণ্ডলৰ বিভিন্ন ঠাইত বিদ্যুত সেৱা ব্যাহত হৈ পৰিছিল। কানুৰিত সেই বিদ্যুত ঠিক কৰিব গৈছিল শৰৎ চন্দ্ৰ ৰায়ৰ নেতৃত্বত বিদ্যুত বিভাগৰ এটি দল। দলটি কানুৰী পোৱাৰ লগে লগে প্ৰশান্ত ৰায় নামৰ ব্যক্তিজনে বিদ্যুত বিভাগৰ কৰ্মচাৰীৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

ফলত বিদ্যুত বিভাগৰ কৰ্মচাৰী শৰৎ চন্দ্ৰ ৰায় নামৰ ব্যক্তিজন আঘাতপ্ৰাপ্ত হয় । শৰৎ চন্দ্ৰ ৰায়ক ততাতৈয়াকৈ গোলকগঞ্জ চিকিৎসালয়লৈ নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হয়। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা।

দিন-দুপৰতে চাঞ্চল্যকৰ চুৰি ঘটনাঃ গাড়ীৰ আইনা ভাঙি লৈ গ’ল ৪ লাখ ৬০ হাজাৰ টকা

ধেমাজি নগৰৰ মাজমজিয়াত আজি দিন দুপৰতে গাড়ীৰ গ্লাছ ভাঙি গভাইত চোৰে লুটি লৈ গল ৪ লাখ ৬০ হাজাৰ টকা ৷ ধেমাজি চাৰিআলিস্থিত জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আজি বিয়লি সংঘটিত হয় এই চাঞ্চল্যৰ চুৰি কাণ্ডৰ ৷ ধেমাজিৰ প্ৰানদ্বীপ ভূঞা নামৰ এজন ব্যৱসায়ীয়ে ভাৰতীয় ষ্টেট বেংকৰ ধেমাজি শাখাত টকাখিনি জমা দিবলৈ নিজা হুণ্ডাই AS-22-0382 নম্বৰৰ গাড়ীখনত টকাখিনি আনিছিল ৷ ইপিনে বেংকলৈ যোৱাৰ পূৰ্বে প্ৰাণদ্বীপ ভূঞাই টকাখিনি চিটত ৰাখি সন্মুখৰ দোকানত বজাৰ কৰিবলৈ যাওঁতেই দুৰ্বৃত্তই গাড়ীখনৰ গ্লাচ ভাঙি লুটি লৈ যায় সমুদায় ধন ৷

নগৰৰ মাজমজিয়াত দিনৰ ভাগত সংঘটিত এই চুৰি কাণ্ডই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰে ৷ পিছত আৰক্ষীয়ে ঘটনাস্হলীত উপস্থিত হৈ সমগ্ৰ ঘটনা পৰ্যৱেক্ষণ কৰি তদন্ত অব্যাহত ৰাখে ৷ ইফালে এই সমগ্ৰ ঘটনা সমীপৰ দোকানৰ CCTV কেমেৰাত আৱদ্ধ হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে আৰু CCTV ভিজুৱেলে চোৰ চিনাক্ত কৰাত সক্ষম হব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ৷ ইফালে গাড়ীৰ গ্লাছ ভাঙি টকা লৈ উদ্বাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৷

ছিপাঝাৰত ৰেমলৰ প্ৰভাৱ ; কথমপি শিশুসহ তিনিজনৰ প্ৰাণৰক্ষা

অন্যান্য ঠাইৰ লগতে দৰঙৰ ছিপাঝাৰতো আজি ৰেমলৰ প্ৰভাৱৰ বাবে ৰাইজৰ বিস্তৰ ক্ষতি সাধন ঘটে।ঠায়ে ঠায়ে সৰু- বৰ গছ গছনি উভালি পেলোৱাৰ লগতে ঘৰ দুৱাৰ আদিৰো ক্ষতি সাধন কৰে।ছিপাঝাৰৰ হাজৰিকাপাৰা শ্বেতমদাৰ গাঁৱত এটা দৰিদ্ৰ পৰিয়ালৰ বাসগৃহত প্ৰকাণ্ড গছ উভালি পৰাত তিনিজনীয়া পৰিয়ালটি কথমপি ৰক্ষা পৰা বুলি প্ৰকাশ।জানিব পৰা মতে গছ উভালি পৰা সময়ত ঘৰৰ ভিতৰতে আছিল পৰিয়ালটো।


একেবাৰে দুখীয়া তথা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা তিনিজনীয়া পৰিয়ালটোৰ এনে অৱস্থা দেখি সকলোৱে উদ্ধাৰ কৰিবলৈ দৌৰা দৌৰি কৈ আহি সহায় কৰা বুলি প্ৰকাশ। ইফালে বিভিন্ন ঠাইত গছ উভালি পৰাৰ বাবে বিদ্যুৎ যোগান নিশাৰে পৰা ব্যাঘাত হৈ থকাত ৰাইজ আন এক অসুবিধাত পৰিবলগীয়া হৈছে ।

মঙলদৈ অসামৰিক চিকিৎসালয়ত কোটি টকীয়া দুৰ্নীতি

মঙলদৈ অসামৰিক চিকিৎসালয়ত কোটি টকীয়া দুৰ্নীতি কেলেংকাৰী সন্দৰ্ভত চিকিৎসালয় খনৰ গাননিক ভবেন ডেকাক আৰক্ষীয়ে আটক কৰে। চিকিৎসালয় খনত কেলেংকাৰী সন্দৰ্ভত দৰঙৰ অতিৰিক্ত আয়ুক্তই তদন্তৰ নিৰ্দেশ দিছিল।

মঙলদৈ সদৰ আৰক্ষীয়ে অতিৰিক্ত আয়ুক্তৰ গোচৰৰ ভিত্তিত ঘটনাৰ তদন্তৰ বাবে পাঁচ দিনৰ আৰক্ষীৰ জিম্মা বিচাৰিছে। যদিও ন্যায়ালয়ে কেইদিনৰ জিম্মাত দিয়ে সেয়া লক্ষণীয় হ’ব। ইপিনে চিকিৎসালয়খনত কোটি কোটি টকাৰ কেলেংকাৰী হল যদিও এগৰাকী সাধাৰণ গাননিকক গ্ৰেপ্তাৰ কৰিয়ে বিভাগীয় বৰমচৰীয়া সকল হাত সাৰিবৰ এয়া প্ৰচেষ্টা বুলি তাপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি বিপুল মহন্তই।

উল্লেখযোগ্য যে চিকিৎসালয় খনত ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষত বিভিন্ন শিতানত সংঘটিত হৈছিল বিয়াগোম দুৰ্নীতি। উক্ত দুৰ্নীতি সন্দৰ্ভত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি বিপুল মহন্তইয়ো মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল লিখিত অভিযোগ।
লগতে চিকিৎসালয় খনত সংঘটিত হোৱা আয়ুষ্মান আঁচনিৰ লগতে কায়কল্পৰ পুৰস্কাৰৰ নামত অহা ধনৰ ক্ষেত্ৰত হোৱা বিয়াগোম দুৰ্নীতি সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে আবেদন কৰিছিল।
অৱশ্যে লক্ষ্য লক্ষ্য টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ পিছতো একমাত্ৰ এগৰাকী গাননিকক হে গ্ৰেপ্তাৰ কৰাকলৈ আক্ষেপ প্ৰকাশ কৰে।
লগতে পুথি খলিহনা ধৰি ৰৌ বৰালীক এৰি দিয়া হব নেকি বুলিও সন্দেহ প্ৰকাশ কৰে।
উল্লেখযোগ্য যে আটক কৰা গাননিক ভবেন ডেকাক Mangaldai P/S Case no 147/24 U/S 406/408/409/420 IPC. ধাৰাত গোছৰ ৰুজু কৰে আৰক্ষীয়ে।

মঙলদৈ থানাত ৰুজু হোৱা ১৪৭/২৪ নং গোচৰত দণ্ডবিধি আইনৰ ৪০৬/৪০৮/৪০৯ আৰু ৪২০ ধাৰাত ডেকাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱায় আৰু আৰক্ষীয়ে ৫ দিনৰ জিম্মাৰ আবেদন দাখিল কৰে। আদালতলৈ লৈ যোৱা অৱস্হাত খোদ ভৱেন ডেকাই অনকেমেৰা বিত্তীয় খেলিমেলিৰ বাবে কৰায়ত্ব কৰা বুলি স্বীকাৰ কৰে। আনহাতে, মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সংবাদ মাধ্যমৰ সমুখত কয় যে, দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই গঠন কৰি দিয়া দণ্ডাধীশ পৰ্যায়ৰ তদন্তত প্ৰায় ৫ কোটি ২৩ লাখ টকাৰ খেলিমেলি প্ৰাথমিক তদন্তত ওলাই পৰিছে। আয়ুক্ত গোপাল শৰ্মাৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিত মঙলদৈ থানাত গোচৰ ৰুজু হয় আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্তু, আৰক্ষীয়ে দণ্ডাধীশৰ তদন্তৰ প্ৰতিবেদনত যদি দুৰ্ণীতিৰ গোন্ধই পাইছিল, তেন্তে দুৰ্ণীতি নিবাৰক আইন, ১৯৮৮ৰ কোনো ধাৰা সন্নিৱিষ্ট নোহোৱাৰ ৰহস্য কি ? একেদৰে কেৱল এই বিশাল ৰাশিৰ ধনৰ খেলিমেলি কেৱল গাণনিক পৰ্যায়তে হৈছিল নে ? একাধিক কৰ্মচাৰী বিষয়া জড়িত নাথাকিলে ভৱেন ডেকাই কেনেকৈ ৫ কোটিৰ খেলিমেলি কৰিব সাহস কৰিব। কিন্তু, দণ্ডবিধি আইনৰ ৩৪ ধাৰাও সংযোগ কৰা হোৱা নাই। স্বাভাৱিকতে, প্ৰশ্ন উঠিছে, ইমান বিশাল ৰাশি চৰকাৰী ধনৰ খেলিমেলিৰ পাছতো মঙলদৈত ‘সাপো মৰক, লাঠীও নাভাঙক’ কৌশল অৱলম্বন কৰা হৈছে নেকি ? শেহতীয়াভাৱে প্ৰাপ্ত খবৰ অনুসৰি, গাণনিক ভৱেন ডেকাক আদালতে ৫ দিনৰ পৰিৱৰ্তে ৩ দিনৰ আৰক্ষীৰ জিম্মা মঞ্জুৰ কৰিছে।

বোকাখাতত বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত বিশেষ পদক্ষেপ

বোকাখাতত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বোকাখাত বিধানসভা সমষ্টিৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিনন্দনৰ বাবে বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই ল’লে বিশেষ পদক্ষেপ। এই উদ্দেশ্যে আজি বোকাখাত নাট্য মন্দিৰত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বোকাখাত বিধানসভা সমষ্টিৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩৮৬ গৰাকী ছাত্ৰ- ছাত্ৰীক অভিনন্দন জনালে বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই। অভিনন্দন অনুষ্ঠানটোত বোকাখাত বিধানসভা সমষ্টিৰ ৮৬ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক একোটাকৈ গছপুলি, গামোছা, সম্বৰ্ধনা পত্ৰৰে মৰম যাঁচে। উল্লেখ্য যে ২০১৬ চনৰ পৰা বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত এই অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। আজি আয়োজন কৰা এই অভিনন্দন অনুষ্ঠানত উচ্চতৰ মাধ্যমিকৰ ৬৪৫ গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৭৪১ কৃতি ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা জনায়। প্ৰতিকুল বতৰকো নেওচি ছাত্ৰ ছাত্ৰীৰ লগতে সহস্ৰাধিক লোক উপস্থিত থাকে অনুষ্ঠানত। অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক কেৰিয়াৰ সম্পৰ্কীয় বক্তব্য আগবঢ়ায় বিশিষ্ট লেখিকা, সঞ্জীৱন প্ৰকাশনৰ স্বত্বাধিকাৰ তথা বিশিষ্ট কেৰিয়াৰ গাইড প্ৰীতিমা কৌশিক বৰুৱাই। উল্লেখ্য যে ছাত্র- ছাত্ৰীৰ শৈক্ষিক, ব্যক্তিগত আৰু কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদানৰ ক্ষেত্ৰখনত প্ৰায় ২৮ বছৰ ধৰি জড়িত হৈ থকা প্ৰীতিমা কৌশিক বৰুৱা পূৰ্ণাংগ কেৰিয়াৰ বিষয়ক একমাত্র অসমীয়া আলোচনী ‘মাহেকীয়া কেৰিয়াৰ গাইড’ৰ সম্পাদক-প্রকাশক। ২০০৪ চনৰ পৰা এই আলোচনীখন প্রকাশ হৈ আহিছে। মন্ত্ৰী অতুল বৰাই অনুষ্ঠানত নিজৰ ভাষণত কয় যে মোৰ এটা সপোন আছে। বোকাখাতৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, কৃষি পালনৰ দিশত ৰাজ্যখনৰ লগতে বোকাখাতক বৌদ্ধিকভাৱে আগবঢ়াই নি‌য়াৰ এক সপোন আছে। প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীৰো সপোন আছে। ছাত্ৰ ছাত্ৰীৰ ভিজনক বাস্তৱ ৰূপ দিবলৈ এক মিশ্যনৰ প্ৰয়োজন আছে। ইয়াৰ বাবে পৰিশ্ৰম কৰিবই লাগিব।

সফলতাৰ বাট চমু নহয়। কঠোৰ শ্ৰম, একাগ্ৰতা অবিহনে কৃতকাৰ্যতা সম্পূৰ্ণ নহয়। মন্ত্ৰী গৰাকীয়ে অলপতে চোৱা এজন অন্ধ লোকক লৈ নিৰ্মিত কথাছবি এখনৰ উদাহৰণ দি কয় যে এসময়ত আনে ইতিকিং কৰা সেই অন্ধ ব্যক্তি গৰাকী পৰৱৰ্তী জীৱনত বিদেশত শিক্ষা গ্ৰহণ কৰি ভাৰতৰ এগৰাকী আগশাৰীৰ উদ্যোগীত পৰিণত হয়। আনহাতে প্ৰীতিমা কৌশিক বৰুৱাই ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্য কৰি দিয়া আকৰ্ষণীয় ভাষণে উপস্থিত সকলোকে অভিভূত কৰি তোলে। ভাষণত পৰামৰ্শদাতা বৰুৱাই উল্লেখ কৰে যে ছাত্ৰ ছাত্ৰী সকলে এই অৱস্থাত কেৱল বাস্তৱমুখী সপোনহে দেখিব লাগে। সেইমতে ল’ব লাগিব সঠিক সিদ্ধান্ত। প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীৰ সপোন থাকেই। সেই মৰ্মে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পাছত লক্ষ্য স্থিৰ কৰি ল’ব লাগে। এক উদাহৰণ দি বৰুৱাই কয় যে পাণ দোকানৰ বাবে টকা আৰু ঘৰ আছে, কিন্তু নাই ব্যৱহাৰিক দক্ষতা। সেয়া শিকি ল’লেই এখন পাণ দোকান চলাব পাৰি। পাণ দোকানতো লাভ আছে, এখন পাণ পাঁচশ টকাতো বিক্ৰী হয়। যিকোনো কাম কৰিবলৈ সুপৰিকল্পিত আঁচনিৰ প্ৰয়োজন। ছাত্ৰ ছাত্ৰী সকলেই বৰ্তমান সকলোতকৈ শক্তিশালী মানুহ। যিকোনো দক্ষতাৰ বাবে এগৰাকী দক্ষ পৰামৰ্শদাতাৰ ছাত্ৰ ছাত্ৰী সকলৰ প্ৰয়োজন আছে। তদুপৰি আজিৰ তাৰিখত বিভিন্ন নিয়োজনৰ সুবিধা আছে। কিন্তু সকলো চাকৰিমুখী হ’ব নালাগে। দৰমহাৰ আশাত চৰকাৰী চাকৰি কৰাৰ দিন আৰু এতিয়া নাই। আত্মনিৰ্ভৰশীলতাৰ বাবে কষ্ট কৰিবই লাগিব। লগতে ছাত্ৰ ছাত্ৰী সকলে কৰা প্ৰতিটো কামে সমাজক উপকৃত কৰিব লাগিব। আমাৰ ইয়াত কলগছ কুঁহিয়াৰত পানী দিয়াৰ নিয়ম দেখা নাযায়, যাক অসমৰ বাহিৰত দেখা যায়। আমাৰ ৰাজ্যখনো বাহিৰৰ উৎপাদনবোৰেৰে চলিবলৈ লৈছে। ছাত্ৰ ছাত্ৰীয়ে বেয়া কাম কৰিও পাছত শুধৰণি কৰে, কিন্তু তাৰ এক সাঁচ ৰৈ যায় বুলি এক উদাহৰণেৰে ব্যাখ্যা কৰে বৰুৱাই। মৌ-মাখি আৰু ভেনা মাখিৰ উদাহৰণ দি তেওঁ কয় যে মৌ-মাখিয়ে ভালটো আহৰণ কৰে, তাৰ বিপৰীতে ভেনা মাখিয়ে বেয়াটো আহৰণ কৰে। সেইদৰে আমি ভাল, বেয়া নিজে বিবেচনা কৰি চোৱাৰ দৰকাৰ। তেনেদৰে গোটখা খাই পিক পেলোৱাজনকো সতৰ্ক কৰি দিয়াৰ সাহস ছাত্ৰ ছাত্ৰী সকলৰ থাকিব লাগিব। সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী অতুল বৰাই কয় যে মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যে এই অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ১৩৮৬ গৰাকী ছাত্ৰ ছাত্ৰীৰ আজিৰ অংশগ্ৰহণ দেখি ভাল লাগিছে বুলি মন্ত্ৰী গৰাকীয়ে কয়। লগতে কেৰিয়াৰ গাইড গৰাকীৰ বক্তব্যই ছাত্ৰ ছাত্ৰী সকলক নিশ্চয় উপকৃত কৰিব বুলি মন্ত্ৰী বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। অনুষ্ঠানত অভিনন্দিত ছাত্ৰ ছাত্ৰী সকল, বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকল, কেইবাটাও ছাত্ৰ সংগঠনৰ নেতা, বহু সংখ্যক সাংবাদিক, শিক্ষানুৰাগী ব্যক্তিৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী সকল, বিজেপী আৰু অসম গণ পৰিষদৰ বহু কেইগৰাকী নেতা, বহু সংখ্যক আমন্ত্ৰিত গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সহযোগিতাৰ বাবে মন্ত্ৰী অতুল বৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছে।

বিহাৰত অঘটনঃ কথমপি ৰক্ষা পৰিল ৰাহুল গান্ধী,নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে ভাগি পৰিল মঞ্চ


বিহাৰত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰাহুল গান্ধী। ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে ৰাহুল গান্ধী থকা মঞ্চ খন খহি পৰে। উল্লেখ্য ১ জুনত দেশত লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । বিহাৰৰ পাটলিপুত্ৰত ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে হঠাতে খহি পৰে তেওঁ থকা মঞ্চখন ।

সেই সময়ত ইণ্ডিয়া ব্লকৰ অংশীদাৰ আৰ জে ডি প্ৰাৰ্থী মিছা ভাৰতী ৰাহুল গান্ধীৰ সৈতে মঞ্চত উপস্থিত আছিল । তেওঁৰ সৈতে আন নেতা আৰু ৰাহুল গান্ধীৰ নিৰাপত্তাত নিয়োজিত দেহৰক্ষীসকলো আছিল । ৰাহুল গান্ধীকে ধৰি একাংশ নেতা মঞ্চৰ সন্মুখলৈ অহাৰ লগে লগে হঠাতে মঞ্চখন খহি পৰিছিল । এই সময়ছোৱাত দেহৰক্ষীসকলে ৰাহুল গান্ধীক মঞ্চৰ পৰা নামি যাবলৈ আহ্বান জনাইছিল ৷ কিন্তু তেওঁ অস্বীকাৰ কৰিছিল আৰু মঞ্চৰ পৰা সভালৈ অহা লোকসকলক অভিবাদন জনাইছিল ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰ জে ডি প্ৰাৰ্থী মিছা ভাৰতীৰ সমৰ্থনত ৰেলী সম্বোধন কৰিবলৈ বিহাৰত উপস্থিত হৈছিল । এই সময়ছোৱাত তেওঁ পাটলিপুত্ৰ লোকসভা সমষ্টিৰ বহু স্থানত ৰেলী সম্বোধন কৰে আৰু মিছা ভাৰতীৰ সমৰ্থনত প্ৰচাৰ চলায় । ইয়াৰ উপৰিও ৰাহুল গান্ধীয়ে পাটনা চাহিব লোকসভা আসনৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী অংশুল অভিজিতৰ সমৰ্থনত প্ৰচাৰ চলায় ।মঞ্চত ৰাহুল গান্ধীৰ লগতে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, ভি আই পি প্ৰধান মুকেশ চাহনী, নেতা দীপংকৰ ভট্টাচাৰ্য, কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত মোহন প্ৰকাশ, ৰাজ্যিক সভাপতি অখিলেশ সিঙে মিছা ভাৰতীৰ হৈ প্ৰচাৰ চলায় ।উল্লেখ্য যে পাটনাৰ দুখন লোকসভা আসনত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ১ জুনত অনুষ্ঠিত হ’ব । পাটলিপুত্ৰ আসনত মুখ্য প্ৰতিদ্বন্দ্বী হৈছে এন ডি এৰ প্ৰাৰ্থী ৰাম কৃপাল যাদৱ আৰু আৰ জে ডিৰ প্ৰাৰ্থী মিছা ভাৰতী ।

নামনি অসমত ধুমুহা-বৰষুণৰ তাণ্ডৱ

নামনি অসমত সোমবাৰে নিশাৰে পৰা চলা ঘূৰ্ণিবতাহৰ তাণ্ডৱত বহুতো পৰিয়ালৰ ক্ষয়-ক্ষতি হোৱা দেখা গৈছে৷ মিৰ্জা,বিজয়নগৰ,পলাশবাৰী,ৰঙামাটি আদিৰ ভিন্ন এলেকা সমুহত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে ৷ ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰাৰ ফলত বৈদ্যুতিক আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হৈছে যাৰ ফলত বিদ্যুত যোগান ব্যাহত হৈ আছে ।

ৰাস্তাই-ঘাটে গছ বাগৰাৰ ফলত যান-য’তৰ সমস্যাই যাতায়ত ব্যৱস্থাতো ব্যঘাত জন্মোৱা দেখা গৈছে ৷ ধুমুহা-বৰষুণৰ ফলত শতাধিক পৰিয়ালৰ কৃষিভূমিৰ শাক-পাচলি সমুহৰ অনিষ্ট সাধন হোৱা দেখা যায় ৷ বতৰৰ এই অনুকুল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মঙ্গলবাৰে প্ৰায় চৰকাৰী-বেচৰকাৰী সকলো স্কুলসমুহ বন্ধ থকা দেখা গৈছে ৷