Home Blog Page 77

CM Nitish Kumar: মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত

নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত
নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত

সিদ্ধান্ত সলনি নুছৰত পাৰবীনৰ।(CM Nitish Kumar)

চাকৰিত যোগদান কৰিব নুছৰতে।

নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত।

বিহাৰৰ চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী নীতিশে খুলি দিছিল নুছৰতৰ হিজাব।

মুছলমান যুৱতীৰ হিজাব খুলি দেশজুৰি বিতৰ্ক সৃষ্টি কৰিছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

অপমানৰ বাবে বিহাৰ চৰকাৰৰ অধীনত কাম নকৰাৰ লৈছিল সিদ্ধান্ত নুছৰতে।

অৱশেষত সিদ্ধান্ত সলনি কৰিলে নুছৰত পাৰবীনে।

Train Accident: কামৰূপ-যমুনামুখৰ মাজৰ চানজুৰাইত ভয়ংকৰ দুৰ্ঘটনাত পতিত ৰাজধানী এক্সপ্ৰেছ

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় ৭টাকৈ হাতীৰ
ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় ৭টাকৈ হাতীৰ

ৰাজ্য কঁপাই যোৱা ৰে’ল দুৰ্ঘটনা।(Train Accident )

কামৰূপ-যমুনামুখৰ মাজৰ চানজুৰাইত ভয়ংকৰ দুৰ্ঘটনাত পতিত ৰাজধানী এক্সপ্ৰেছ।(Rajdhani Express)

ৰাজধানী এক্সপ্ৰেছৰ ৫টাকৈ ডবা লাইনচ্যুত।

কথমপি ৰক্ষা পৰে হাজাৰ হাজাৰ যাত্ৰীৰ প্ৰাণ।

দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় ৭টাকৈ হাতীৰ।

বাতিল কৰা হয় কেইবাখনো ৰে’ল।

ৰাজধানী এক্সপ্ৰেছ, জনশতাব্দী, হাফলং ভিস্তাদ’ম, ৰঙিয়া-তিনিচুকীয়া, মৰিয়নি-গুৱাহাটী, লামডিং-গুৱাহাটী, গুৱাহাটী-বদৰপুৰ ৰে’ল বাতিল।

আবদ্ধ যাত্রীসকলক উদ্ধাৰৰ বাবে ৩টাকৈ হেল্পলাইন নম্বৰ মুকলি ৰে’ল বিভাগৰ।

হেল্পলাইন নম্বৰকেইটা 0361-2731621,0361-2731622, 0361-2731623।

Narendra Modi: দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।(Narendra Modi)

বিকাশৰ বতৰা লৈ নিৰ্বাচনী ৰণডংকা বজাব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

বিয়লি ২:৪৫ বজাত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল।

গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূর্তি টার্মিনেল উদ্বোধনৰ পাছত ৰাজহুৱা সভা সম্বোধন কৰিব প্রধানমন্ত্রীয়ে।

জনসভাৰ পাছত বশিষ্ঠৰ বাজপেয়ী ভৱনলৈ ৰাওনা হ’ব প্রধানমন্ত্রীগৰাকী।

কাইলৈ শিক্ষার্থীৰে ‘পৰীক্ষা পে চর্চা’ত ভাগ ল’ব প্রধানমন্ত্রীয়ে।

তাৰ পাছত বৰাগাঁৱৰ ছহিদ স্মাৰকলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী।

কাইলৈ অংশ ল’ব নামৰূপ সাৰ কাৰখানাৰ ১০ হাজাৰ ৬০০ কোটিৰ চতুৰ্থ গোটৰ ভূমিপূজনত।

MGNREGA: সলনি হ’ল MGNREGA আঁচনিৰ নাম

সলনি হ'ল MGNREGA আঁচনিৰ নাম
সলনি হ'ল MGNREGA আঁচনিৰ নাম

সলনি হ’ল MGNREGA আঁচনিৰ নাম।(MGNREGA)

MGNREGAৰ নতুন নাম হ’ব VB-G RaM।

লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে গৃহীত বিধেয়কখন।

VB-G RaMৰ অৰ্থ বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ আৰু অজীৱিকা মিছন।

২০০৫ৰ ২৫ আগষ্টত সংসদত গৃহীত হৈছিল।

MGNREGA ২০০৯ত ইয়াৰ সৈতে সংযোজন কৰা হৈছিল মহাত্মা গান্ধীৰ নাম।

MGNREGAৰ জৰিয়তে শ্রমিকক প্ৰতি বছৰে দিয়া হৈছিল ১০০ দিনৰ কাম।

VB-G RaM (গ্রামীন) আঁচনিত সলনি কৰা হৈছিল পূৰ্বৰ কেইবাটাও নিয়ম।

১০০ দিনৰ পৰিৱর্তে এই আঁচনিত শ্রমিকে লাভ কৰিব ১২৫ দিনৰ কাম।

ইয়াৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৬০ শতাংশ, ৰাজ্য চৰকাৰে ৪০ শতাংশ পুঁজি যোগান ধৰিব।

Baby winter tips: শীতকালত শিশুক সপ্তাহত কেইবাৰ গা ধুৱাব লাগে ?

শীতকালত শিশুক সপ্তাহত কেইবাৰ গা ধুৱাব লাগে ?
শীতকালত শিশুক সপ্তাহত কেইবাৰ গা ধুৱাব লাগে ?

শীতকাল(Baby winter tips)অহাৰ লগে লগে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত, নহ’লে স্বাস্থ্যৰ বহু ক্ষতি হ’ব পাৰে। ল’ৰা-ছোৱালীকো ভালদৰে যত্ন ল’ব লাগে। শীতকালত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ ছালখন সোনকালে শুকান হৈ পৰে, এনে পৰিস্থিতিত পিতৃ-মাতৃয়ে শিশুৰ যত্ন লোৱাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে, বিশেষকৈ গা ধোৱাৰ পদ্ধতি আৰু সময়ৰ প্ৰতি গুৰুত্ব দিব লাগে।

সামান্য অৱহেলাৰ বাবেও শিশু চৰ্দি, কাহ বা ছালৰ লগত জড়িত সমস্যাত ভুগিব পাৰে। আয়ুৰ্বেদ আৰু বিজ্ঞান দুয়োটাই বিশ্বাস কৰে যে শীতকালত শিশুক দৈনিক গা ধোৱাব নালাগে। প্ৰতিদিনে শিশুক গা ধুৱালে ছালৰ পৰা প্ৰাকৃতিক তেল আঁতৰি যায়, যাৰ ফলত ছাল আৰু চুলি শুকান আৰু দুৰ্বল হৈ পৰে। ঠাণ্ডা বতৰত সপ্তাহত মাত্ৰ দুবাৰ বা তিনিবাৰকৈ শিশুক গা ধোৱাটো যথেষ্ট, ইয়াৰ ফলত ছালখন আৰ্দ্ৰ হৈ থাকে আৰু শিশুৱে বেছি ঠাণ্ডা অনুভৱ নকৰে। শিশুক সঘনাই গা ধুৱালে ছালখন শুকান আৰু সাধাৰণ চৰ্দি আৰু কাহৰ দৰে সমস্যাৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে।

সপ্তাহত এবাৰ বা দুবাৰহে চুলি ধুৱাব লাগে। যদি আপোনাৰ শিশুটিৰ চুলি তেলীয়া হয়, তেন্তে সপ্তাহত দুবাৰ বা তিনিবাৰ ধুৱাব আছে, কিন্তু যদি আপোনাৰ চুলি শুকান হয়, তেন্তে সাতৰ পৰা দহ দিনৰ মূৰে মূৰে চুলি ধুৱাব। ধোৱাৰ পিছত অলপ তেল লগালে শিশুৰ চুলি পুষ্টিকৰ হয় আৰু চুলি চিঙি যোৱা বা শুকান হোৱাত বাধা দিয়ে।

গা ধোৱাৰ সময়ত সাৱধানতা অতি গুৰুত্বপূৰ্ণ। শিশুটিৰ চৰ্দি যাতে নহয় তাৰ বাবে সদায় কুহুমীয়া পানী ব্যৱহাৰ কৰিব লাগে। গা ধোৱাৰ সময় বাছি লওক। ৰাতিপুৱা, সূৰ্য্য উদয়ৰ পিছত বা দুপৰীয়া বতাহ অলপ উষ্ণ হ’লে শিশুটিক গা ধুৱাব লাগে। কোঠাটো বন্ধ কৰি ৰাখক যাতে ঠাণ্ডা বতাহ আপোনাৰ শিশুটি গাত পোনপটীয়াকৈ নপৰে। বৰ ঠাণ্ডা হ’লে কোঠাটো অলপ গৰম কৰি লোৱাটো ভাল। শৰীৰৰ তাপ বজাই ৰাখিবলৈ গৰম কাপোৰ আৰু মোজা পিন্ধাব।

প্ৰকৃতি সুৰক্ষাৰ বাণী বিলাই দৰঙৰ গৌৰীৰ গৃহাভিমুখী যাত্ৰা

প্ৰকৃতি সুৰক্ষাৰ বাণী বিলাই দৰঙৰ গৌৰীৰ গৃহাভিমুখী যাত্ৰা
প্ৰকৃতি সুৰক্ষাৰ বাণী বিলাই দৰঙৰ গৌৰীৰ গৃহাভিমুখী যাত্ৰা

প্ৰকৃতি সুৰক্ষাৰ বাণী বিলাই দৰঙৰ গৌৰিশংকৰ কলিতাৰ গৃহাভিমুখি যাত্ৰা ।মঙলদৈত গৌৰিৰ এই চাইকেল যাত্ৰা সামৰণি মাৰিব।উল্লেখ্য যে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত ৰাইজক সজাগ আৰু সচেতনৰ উদ্দেশ্যে যোৱা ৪ ডিচেম্বৰত সমগ্ৰ অসমভ্ৰমি চাইকেল যাত্ৰা কৰিছিল। প্ৰকৃতিপ্ৰেমী তথা প্ৰকৃতিবন্ধু হিচাপে খ্যাত গৌৰীয়ে সৰুৰে পৰাই বিভিণ্ণ ঠাইত গছপুলি ৰোপন কৰাৰ লগতে পৰিবেশ সংৰক্ষন, জীৱকুলৰ সংৰক্ষন আৰু সুৰক্ষাৰ বাবে বিভিণ্ণ সময়ত বিভিণ্ণ প্ৰদক্ষেপ গ্ৰহন কৰাৰ উপৰিও ৰক্তদানৰ ওপৰতো সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত বিভিণ্ণ কাৰ্যসুচী হাতত লৈ আহিছিল।

গৌৰিৰ প্ৰায়বোৰ কাৰ্যসুচীয়েই আছিল ব্যতিক্ৰম । ২০১৯ চনৰ ৩১ ডিচেম্বৰত দিল্লীলৈ আৰু ২০২১ চনৰ ২৪ ডিচেম্বৰত সমগ্ৰ অসম পদযাত্ৰা কৰিছিল।এই যাত্ৰাৰ শেষ নাই জীৱৰ আত্মাৰ মৃত্যু নাই,আহক প্ৰকৃতি সংৰক্ষন কৰো,ৰক্তদানেৰে আনৰ জীৱ বচাওঁ…এই শ্ল’গানেৰে পুণৰ চাইকেল লৈ যাত্ৰা সমগ্ৰ অসম।এই যাত্ৰাৰ আৰম্ভনিৰ ১৫ দিনৰ মুৰকত গৃহভুমি ত উপস্থিত হৈছে। গৌৰী শংকৰ কলিতাৰ প্ৰকৃতি সেৱাৰ এই যাত্ৰাত বিভিণ্ণ দল সংগঠন ব্যক্তিৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

Steffi Gogoi: আমেৰিকাত উজলিল অসমৰ জীয়ৰী ষ্টেফী গগৈ

Steffi Gogoi: আমেৰিকাত উজলিল অসমৰ জীয়ৰী ষ্টেফী গগৈ
Steffi Gogoi: আমেৰিকাত উজলিল অসমৰ জীয়ৰী ষ্টেফী গগৈ

আমেৰিকাত উজলিল অসম জীয়ৰী।(Steffi Gogoi) 

‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ।

ৱাশ্বিংটনত ৩০ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই প্রতিযোগিতা।

টিংখাঙৰ ষ্টেফী গগৈয়ে ‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন কৰে।

আমেৰিকাৰ ৱাশ্বিংটনত অনুষ্ঠিত হৈছিল ‘এম্পাৱাৰিং গ্ল’বেল ৱমেনছ ফেষ্টিভেল’।

‘এম্পাৱাৰিং গ্ল’বেল ৱমেনছ ফেষ্টিভেল’তে লাভ কৰে এই খিতাপ।

এই প্রতিযোগিতা স্বেচ্ছাসেৱী সংগঠন ‘এম্পাৱাৰিং’ৰ উদ্যোগত অনুষ্ঠিত হৈছিল।

প্রতিযোগিতা বিহু নৃত্য প্ৰদৰ্শন কৰি বিচাৰকৰ উচ্চ প্রশংসা লাভ ষ্টেফীৰ।

Massive Protests In Bangladesh: ক্ষোভৰ জুইত জ্বলিছে বাংলাদেশঃ ভাৰতৰ বিৰুদ্ধে শ্লোগান বাংলাদেশীৰ

ভাৰতৰ বিৰুদ্ধে শ্লোগান বাংলাদেশীৰ
ভাৰতৰ বিৰুদ্ধে শ্লোগান বাংলাদেশীৰ

পুনৰ জ্বলিছে বাংলাদেশ।(Massive Protests In Bangladesh)

ছাত্ৰ নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি অগ্নিগর্ভা বাংলাদেশ।

অৰাজক বালাংদেশত পুনৰ উত্তেজনাময় পৰিৱেশ।

ছাত্রনেতাৰ মৃত্যুক লৈ জ্বলিছে বাংলাদেশ।

ওচমান হাদিৰ ঘটনাক লৈ পুনৰ অগ্নিগৰ্ভা বাংলাদেশ।

শ্বেখ হাছিনা চৰকাৰৰ মন্ত্ৰীৰ বাসগৃহ লণ্ডভণ্ড।

হাজাৰ হাজাৰ GEN Zৰ বাংলাদেশৰ ৰাজপথত প্ৰতিবাদ।

ক্ষোভৰ জুইত জ্বলিছে বাংলাদেশ।

সংবাদ প্ৰতিষ্ঠান ভাঙি লণ্ডভণ্ড, অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ, নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি।

মছজিদত দুৰ্বৃত্তক কঠোৰ শাস্তি দিয়াৰ সংকল্প।

ভাৰতৰ বিৰুদ্ধে শ্লোগান বাংলাদেশীৰ।

মাজনিশা উত্তেজিত লোকে আক্ৰমণ কৰিলে প্ৰাক্তন মন্ত্ৰীৰ ঘৰ।

ইনকিলাব মঞ্চ’ৰ মুখপাত্ৰ শ্বৰীফ ওছমান হাদীক হত্যা কৰাৰ পিছতেই ভাৰত বিৰোধী শ্লোগানেৰে উত্তপ্ত বাংলাদেশ।

হাদীৰৰ হত্যাকাৰী ভাৰতলৈ পলাই অহাৰ অভিযোগ।

আনহাতে ভাৰতে নসাৎ কৰি আহিছে বাংলাদেশৰ অভিযোগ।

North Guwahati ferry service: দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা
দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

কাইলৈৰ পৰা দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।(North Guwahati ferry service)

প্ৰধানমন্ত্ৰী মোদীৰ আগমনক লৈ বন্ধ থাকিব তিনিটা ঘাটৰ ফেৰী সেৱা।

জাননীযোগে প্ৰকাশ কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ তিনিটা ঘাটৰ ফেৰী সেৱা বন্ধ থাকিব।

২১ ডিচেম্বৰৰ দিনৰ ১২ বজালৈ বন্ধ থাকিব ফেৰী সেৱা।

পৰীক্ষা পে চর্চা’ অনুষ্ঠানৰ বাবে ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত IWTৰ ।

sattriya dance: মণিৰাম দত্ত মুক্তিয়াৰ সত্ৰীয়া কলা কেন্দ্ৰৰ উদ্যোগত হোৱা সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি

মণিৰাম দত্ত মুক্তিয়াৰ সত্ৰীয়া কলা কেন্দ্ৰৰ উদ্যোগত হোৱা সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি
মণিৰাম দত্ত মুক্তিয়াৰ সত্ৰীয়া কলা কেন্দ্ৰৰ উদ্যোগত হোৱা সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি

গুৱাহাটীৰ আগশাৰীৰ (sattriya dance) সত্ৰীয়া নৃত্যৰ শিক্ষানুষ্ঠান মণিৰাম দত্ত মুক্তিয়াৰ সত্ৰীয়া কলা কেন্দ্ৰৰ উদ্যোগত যোৱা ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ‘গুৰু সেৱা’ শীৰ্ষক সত্ৰীয়া নৃত্যৰ কৰ্মশালাখন যোৱা ১৮ ডিচেম্বৰত সফল সামৰণি পৰে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰ্মশালা খনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে পদ্মভূষণ সন্মানেৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামী আৰু কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ।

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক পদ্মশ্ৰী ঘনকান্ত বৰাৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালা খনত ঝুমুৰা নৃত্যৰ দুই আৰু তিনি নং ৰামদানিৰ লগতে ৰূপগঞ্জল তালত ৰজাঘৰীয়া চালি নাচৰ গীতৰ অংশ প্ৰশিক্ষণ দিয়া হয় । আনহাতে সত্ৰীয়া নৃত্যৰ অভিনয় ভাগৰ শিক্ষা প্ৰদান কৰে নৃত্যাচৰ্য যতীন গোস্বামীয়ে । অসমৰ বিভিন্ন ঠাইৰ উপৰি সুদূৰ দিল্লীৰ পৰাও প্ৰশিক্ষাৰ্থী আহি উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰে । সত্ৰীয়া পৰম্পৰাৰ পুৰোধা মণিৰাম দত্ত মুক্তিয়াৰৰ সোঁৱৰণত অনুষ্ঠিত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰে ।

অংশগ্ৰহণকাৰী সমূহ প্ৰশিক্ষাৰ্থীক সত্ৰীয়া কলা কেন্দ্ৰৰ তৰফৰ পৰা প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয় । অনুষ্ঠানটো আঁত ধৰে বিছমিল্লা খাঁ যুৱ পুৰস্কাৰপ্ৰাপ্ত সত্ৰীয়া নৃত্যশিল্পী অন্বেষা মহন্তই । গুৱাহাটীৰ পৰা বাতৰি যুগুতালে পংকজ বৰুৱাই ।