Home Blog Page 78

North Guwahati ferry service: দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা
দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

কাইলৈৰ পৰা দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।(North Guwahati ferry service)

প্ৰধানমন্ত্ৰী মোদীৰ আগমনক লৈ বন্ধ থাকিব তিনিটা ঘাটৰ ফেৰী সেৱা।

জাননীযোগে প্ৰকাশ কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ তিনিটা ঘাটৰ ফেৰী সেৱা বন্ধ থাকিব।

২১ ডিচেম্বৰৰ দিনৰ ১২ বজালৈ বন্ধ থাকিব ফেৰী সেৱা।

পৰীক্ষা পে চর্চা’ অনুষ্ঠানৰ বাবে ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত IWTৰ ।

sattriya dance: মণিৰাম দত্ত মুক্তিয়াৰ সত্ৰীয়া কলা কেন্দ্ৰৰ উদ্যোগত হোৱা সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি

মণিৰাম দত্ত মুক্তিয়াৰ সত্ৰীয়া কলা কেন্দ্ৰৰ উদ্যোগত হোৱা সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি
মণিৰাম দত্ত মুক্তিয়াৰ সত্ৰীয়া কলা কেন্দ্ৰৰ উদ্যোগত হোৱা সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি

গুৱাহাটীৰ আগশাৰীৰ (sattriya dance) সত্ৰীয়া নৃত্যৰ শিক্ষানুষ্ঠান মণিৰাম দত্ত মুক্তিয়াৰ সত্ৰীয়া কলা কেন্দ্ৰৰ উদ্যোগত যোৱা ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ‘গুৰু সেৱা’ শীৰ্ষক সত্ৰীয়া নৃত্যৰ কৰ্মশালাখন যোৱা ১৮ ডিচেম্বৰত সফল সামৰণি পৰে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰ্মশালা খনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে পদ্মভূষণ সন্মানেৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামী আৰু কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ।

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক পদ্মশ্ৰী ঘনকান্ত বৰাৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালা খনত ঝুমুৰা নৃত্যৰ দুই আৰু তিনি নং ৰামদানিৰ লগতে ৰূপগঞ্জল তালত ৰজাঘৰীয়া চালি নাচৰ গীতৰ অংশ প্ৰশিক্ষণ দিয়া হয় । আনহাতে সত্ৰীয়া নৃত্যৰ অভিনয় ভাগৰ শিক্ষা প্ৰদান কৰে নৃত্যাচৰ্য যতীন গোস্বামীয়ে । অসমৰ বিভিন্ন ঠাইৰ উপৰি সুদূৰ দিল্লীৰ পৰাও প্ৰশিক্ষাৰ্থী আহি উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰে । সত্ৰীয়া পৰম্পৰাৰ পুৰোধা মণিৰাম দত্ত মুক্তিয়াৰৰ সোঁৱৰণত অনুষ্ঠিত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰে ।

অংশগ্ৰহণকাৰী সমূহ প্ৰশিক্ষাৰ্থীক সত্ৰীয়া কলা কেন্দ্ৰৰ তৰফৰ পৰা প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয় । অনুষ্ঠানটো আঁত ধৰে বিছমিল্লা খাঁ যুৱ পুৰস্কাৰপ্ৰাপ্ত সত্ৰীয়া নৃত্যশিল্পী অন্বেষা মহন্তই । গুৱাহাটীৰ পৰা বাতৰি যুগুতালে পংকজ বৰুৱাই ।

কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ ।

কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ ।
কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ ।

এ আই ইউ ডি এফে বিজেপিৰ “বি টিম” হিচাপে কাম কৰে বুলি কংগ্ৰেছে উত্থাপন কৰা অভিযোগৰ তীব্ৰ প্ৰত্যুত্তৰ দি দলৰ সভাপতি বদৰুদ্দিন আজমলে কংগ্ৰেছৰ ওপৰত চোকা সমালোচনা কৰে। তেওঁ কয়, “যদি এ আই ইউ ডি এফক বিজেপিৰ বি টিম বুলি কোৱা হয়, তেন্তে কংগ্ৰেছ বিজেপিৰ এ-প্লাছ দল।”

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত আজমলে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাই ধন গ্ৰহণ কৰিছে আৰু এই দাবীৰ সমৰ্থনত তেওঁৰ হাতত প্ৰমাণ আছে। উপযুক্ত সময়ত এই প্ৰমাণ ৰাজহুৱাভাৱে দাঙি ধৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

কংগ্ৰেছক উজনি অসমত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিহিত কৰি আজমলে কয় যে দলটোৱে অঞ্চলটোত কোনো শক্তিশালী সাংগঠনিক ভিত গঢ়ি তুলিবলৈ সক্ষম হোৱা নাই। আগন্তুক অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ২০খনতকৈ অধিক আসন লাভ কৰিব নোৱাৰে বুলিও তেওঁ দাবী কৰে।

নিজৰ দলৰ নিৰ্বাচনী কৌশলৰ বিষয়ে উল্লেখ কৰি আজমলে কয় যে এ আই ইউ ডি এফে এইবাৰ ৩৫টা সমষ্টিতহে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। কেৱল ভোট বিভাজনৰ স্বাৰ্থত প্ৰতিদ্বন্দ্বিতা নকৰি, জয়ৰ বাস্তৱিক সম্ভাৱনা থকা সমষ্টিতহে দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি তেওঁ স্পষ্ট কৰে।

নিজক প্ৰান্তীয়কৰণৰ অভিযোগ সন্দৰ্ভত কথা কৈ আজমলে কয়, “মোক যদি শূন্য বুলি লেবেল লগোৱা হয়, তেন্তে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ কি?” তেওঁ লগতে দাবী কৰে যে ৰাজ্যখনৰ ১৭টা ৰাজনৈতিক দলৰ ভিতৰত অন্ততঃ ১৫টা দলৰ তৃণমূল পৰ্যায়ত কোনো উল্লেখযোগ্য উপস্থিতি নাই।

আগন্তুক নিৰ্বাচনত এ আই ইউ ডি এফৰ মুখ্য ৰাজনৈতিক বিৰোধী কংগ্ৰেছ নে বিজেপি হ’ব সেয়া অতি শীঘ্ৰে স্পষ্ট কৰা হ’ব বুলি উল্লেখ কৰি আজমলে কয় যে বিজেপিৰ বিৰোধিতা কৰাৰ বহুতো কাৰণ ইতিমধ্যে তেওঁ ৰাজহুৱাভাৱে উল্লেখ কৰিছে। যদিও ব্যক্তিগতভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো পৰিকল্পনা নাই বুলি কয়, তথাপি দলীয় নেতৃত্বই অনুৰোধ কৰিলে পুনৰ বিবেচনা কৰিব বুলিও তেওঁ কয়।

“মিয়া” শব্দটোৰ সঘনাই ৰাজনৈতিক ব্যৱহাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি আজমলে কয় যে এই শব্দটো বাস্তৱিক সমস্যাৰ প্ৰতিফলন নে ভোটাৰক মেৰুকৰণ কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টা, সেয়া জনতাই বুজিব লাগিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুছলমান সম্প্ৰদায়ক লৈ কৰা মন্তব্যৰ তীব্ৰ সমালোচনা কৰি আজমলে কয় যে মুখ্যমন্ত্ৰীয়ে মুছলমানৰ ব্যক্তিগত জীৱনৰ ওপৰত মন্তব্য কৰিলেও তেওঁক কোনেও প্ৰশ্ন নকৰে। মুখ্যমন্ত্ৰীক এডলফ হিটলাৰ আৰু বেনিটো মুছলিনীৰ দৰে স্বৈৰাচাৰী শাসকৰ সৈতে তুলনা কৰি আজমলে কয় যে অসমৰ ইতিহাসত ইয়াতকৈ অত্যাচাৰী মুখ্যমন্ত্ৰী কেতিয়াও দেখা নাই।

শেষত আজমলে পুনৰবাৰ কংগ্ৰেছক উজনি অসমত সংগঠন শক্তিশালী কৰাৰ আহ্বান জনাই কয় যে যদি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে স্পষ্টভাৱে আশ্বাস দিয়ে যে কংগ্ৰেছে চৰকাৰ গঠন কৰিব আৰু সংখ্যালঘুৰ সমস্যাসমূহ কার্যকৰীভাৱে সমাধান কৰিব, তেন্তে তেওঁ এ আই ইউ ডি এ ফ ভংগ কৰিবলৈও প্ৰস্তুত।

ইয়াৰ উপৰি, ৰাজহুৱা আদেশ অবিহনে পিছদুৱাৰৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি আজমলে কয় যে কংগ্ৰেছে গুৱাহাটীৰ এখন হোটেলত কিছুমান ৰাজনৈতিকভাৱে গুৰুত্বহীন দলৰ সৈতে গোপন বৈঠক অনুষ্ঠিত কৰিছে। ভোটৰ হেতালি খেলা আৰু এন আৰ চিৰ বিৰোধিতা পুনৰ দৃঢ় কৰি এই বিষয়সমূহক দলৰ ৰাজনৈতিক স্থিতিৰ মূল আধাৰ হিচাপে উল্লেখ কৰে তেওঁ।

গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM

গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM
গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM

গৰিমা শইকীয়া গাৰ্গক কেন্দ্ৰ কৰি একাংশ ৰাজনৈতিক মহলে চলোৱা অপপ্ৰচাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কঠোৰ ভাষাৰে নিন্দা কৰিছে। এই ধৰণৰ অপপ্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু দায়িত্বহীন বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, গৰিমা শইকীয়া গাৰ্গৰ সৈতে তেওঁৰ কোনো ধৰণৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা হোৱা নাই।

লগতে, মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কয়, “কাৰোবাৰ ব্যক্তিগত সন্মান ক্ষুণ্ণ কৰিবৰ বাবে এনেধৰণৰ কথা পাতি ৰাজনৈতিক লাভ ল’ব বিচৰাটো একেবাৰে উচিত নহয়। মই গৰিমা শইকীয়া গাৰ্গৰ সৈতে কোনো নিৰ্বাচনী বিষয়ত কথা পতা নাই। এই অপপ্ৰচাৰ এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সুসংগঠিত কু-অভিসন্ধিৰ ফল।”

নিৰ্বাচনৰ পূৰ্বে এনে ভুৱা বাতৰি বিয়পাই পৰিৱেশ বিষাক্ত কৰাৰ চেষ্টা কৰা হৈছে বুলি অভিযোগ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। শেষত মুখ্যমন্ত্ৰীয়ে ৰাইজক আহ্বান জনাই যে ভুৱা বাতৰি আৰু অপপ্ৰচাৰৰ ফান্দত নপৰি সত্য আৰু দায়িত্বশীল ৰাজনীতিক সমৰ্থন জনাব লাগে।

Road Accident: থানবান এখন সুখৰ সংসাৰঃ ৰখাই থোৱা ডাম্পাৰত খুন্দা হোণ্ডাই বাহনৰ

ৰখাই থোৱা ডাম্পাৰত খুন্দা হোণ্ডাই বাহনৰ
ৰখাই থোৱা ডাম্পাৰত খুন্দা হোণ্ডাই বাহনৰ

থানবান হৈ পৰিল এখন সুখৰ সংসাৰৰ।(Road Accident)

শিৱসাগৰৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ভটীয়াপাৰত দুৰ্ঘটনা।

ৰখাই থোৱা ডাম্পাৰত খুন্দা হোণ্ডাই বাহনৰ।

হোণ্ডাইখনৰ আৰোহী দম্পতীৰ মৃত্যু।

মাতৃৰ কোলাত থকা শিশু ৰিয়ানছ হাতীমুৰীয়া আহত।

হোণ্ডাইখনৰ চালক অৰুণ শীল গুৰুতৰভাৱে আহত।

এই ভয়ংকৰ দুৰ্ঘটনাত বিপুল আৰু নমিতা হাতীমুৰীয়াৰ মৃত্যু।

Maize cultivation: বৰক্ষেত্ৰীৰ বালিচৰৰ ৫০ বিঘা ভূমিত মাকৈ খেতিৰে লাখপতি হোৱাৰ মন এজন যুৱকৰ

বৰক্ষেত্ৰীৰ বালিচৰৰ ৫০ বিঘা ভূমিত মাকৈ খেতিৰে লাখপতি হোৱাৰ মন এজন যুৱকৰ
বৰক্ষেত্ৰীৰ বালিচৰৰ ৫০ বিঘা ভূমিত মাকৈ খেতিৰে লাখপতি হোৱাৰ মন এজন যুৱকৰ


বাৰিষা পানীৰে উপচি (Maize cultivation) থকা ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া চৰাঞ্চলৰ কৃষকৰ আশাৰ সপোন। নৈৰ বুকুত চৰাঞ্চলৰ খেতিয়কৰ একমাত্ৰ জীৱিকাই হৈছে কৃষি কৰ্ম। কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে চৰাঞ্চলৰ লোকসকল। বাৰিষা উফন্দি থকা ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া সেউজীয়া দলিচা।ফাগুণ , চ’তলৈ চৰাঞ্চলৰ কৃষকৰ সপোনে মেলিব আশাৰ সঞ্চাৰ।। সেই আশাৰে বৰক্ষেত্ৰীৰ ন-পাৰাপাম চৰৰ এজন খেতিয়কে বাচি লৈছে মাকৈ খেতিৰে স্বাৱলম্বীতাৰ স্বপ্ন। স্বপ্নই নহয়, প্ৰত্যেক বছৰে এই মাকৈ খেতিৰেই উপাৰ্জন কৰি আহিছে লাখ লাখ টকা।

প্ৰায় ৫০ বিঘা নৈৰ বুকুৰ ভূমিত মাকৈ খেতি কৰি হাঁহি বিৰঙিছে খেতিয়ক জনৰ। এইবাৰ মাকৈৰ গছবোৰ লহপহকৈ ওখ হোৱাত অধিক লাভালাভ হোৱাৰ আশা কৰিছে তেওঁ। মাকৈৰ খেতিৰে বছৰি উপাৰ্জন কৰি আহিছে ৫ ৰ পৰা ১০ লাখকৈ টকা । খেতিয়কজন হৈছে বৰক্ষেত্ৰীৰ ন-পাৰাপাম চৰ নিৱাসী দিলবাহাৰ আলী। দিলাবাহাৰে প্ৰতিবিঘা মাটিত ৩/৪ কিলোগ্ৰামকৈ মাকৈৰ বীজ চটিয়াই ৫০ বিঘা ভূমিত বহন কৰিছে ৫ লাখ টকা। যাৰ পৰা উপাৰ্জনৰ সপোন দেখিছে ১০/১৫ লাখ টকা । অইন খেতিত বেছি গুৰুত্ব নিদি কেৱল মাকৈ খেতিতেই নিজক খটুৱাই দিনৰ দিনটো পৰিশ্ৰম কৰে দিলবাহাৰে। দিলবাহাৰে জানিবলৈ দিয়ামতে “তেও প্ৰতিবছৰে মাকৈ খেতিয়েই কৰি আহিছে। কেৱল কৃষি ক্ষেত্ৰতেই জড়িত হৈ পুৱাৰ পৰা গধূলিলৈকে নৈৰ বুকুতেই সপোন ৰচে দিলবাহাৰে।

তেওঁ প্ৰতিবিঘা ভূমিত ৩ৰ পৰা ৪ কিলোগ্ৰাম কৈ মাকৈৰ বীজ ৰোপন কৰিছে। এতিয়া মাকৈ গছবোৰ লহপহকৈ বাঢ়ি আহি ওখ হৈছে। যাৰ পৰা পূৰ্ৱতকৈ এইবাৰ বেছি উপাৰ্জন হব” বুলি আশাবাদী দিলবাহাৰ। লগতে তেওঁ কয় যে, “কোনো চৰকাৰী সা সুবিধা নোপোৱাকৈ তেও এই কৃষি কাৰ্মৰ লগত জড়িত হৈ আহিছে প্ৰতিবছৰে ।

Shrinkhal chaliha: শ্যামকানু, সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাক এনকাউণ্টাৰ কৰকঃ শৃংখল চলিহা

শ্যামকানু, সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাক এনকাউণ্টাৰ কৰকঃ শৃংখল চলিহা
শ্যামকানু, সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাক এনকাউণ্টাৰ কৰকঃ শৃংখল চলিহা

শ্যামকানু মহন্ত, (Shrinkhal chaliha) সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক এনকাউণ্টাৰ কৰক।

চাৰ্জশ্বীট দাখিলৰ পাছতে শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত SITয়ে দাখিল কৰা চাৰ্জশ্বীট সন্দৰ্ভত শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া।

চাৰ্জশ্বীট অত্যন্ত দীঘল আৰু জুবিন গাৰ্গে ন্যায় পাব বুলি বিশ্বাসী শৃংখল চলিহা।

জুবিনৰ হত্য কাৰীক চৰম শাস্তি চৰকাৰে বিহিব বুলি আশা বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ।

জুবিনৰ হত্যাকাৰীক অতি সোনকালে আৰক্ষীয়ে ফুৰাবলৈ নিব লাগে বুলি মন্তব্য শৃংখল চলিহাক।

Amritprabha Mahanta: জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ তালিকাত কিয় অমৃতপ্ৰভা মহন্তৰ নাম?

জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ তালিকাত কিয় অমৃতপ্ৰভা মহন্তৰ নাম?
জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ তালিকাত কিয় অমৃতপ্ৰভা মহন্তৰ নাম?

ফাদিল সকলো ৰহস্য!(Amritprabha Mahanta)

জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ তালিকাত কিয় অমৃতপ্ৰভা মহন্তৰ নাম?

SITৰ চাৰ্জশ্বীটত ফাদিল হ’ল ভয়ংকৰ তথ্য-

জুবিন গাৰ্গক অত্যাধিক মদ্যপান কৰোৱাইছিল অমৃতপ্ৰভাই।

ভাগৰুৱা জুবিন গাৰ্গক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উৎসাহিত কৰিছিল অমৃতপ্ৰভাই।

অত্যধিক সুৰাপান, খাদ্য নোখোৱা আৰু টোপনি নমৰাৰ কথা অৱগত কৰা নাছিল অমৃতপ্ৰভাই।

জুবিন গাৰ্গ পানীত ডুব যাবলৈ ধৰাৰ সময়ত ভিডিঅ’ ৰেকর্ডিং কৰাত মচগুল আছিল আমৃতপ্ৰভা।

SITৰ চাৰ্জশ্বীটত উল্লেখ-

ঘটনাৰ পূৰ্বৰ দুটা ৰাতি ভুক্তভোগীৰ সৈতে একেটা কোঠাত থাকি তেওঁক অত্যধিক মদ্যপান কৰিবলৈ দিয়া।

ভুক্তভোগীৰ মেনেজাৰ, অনুষ্ঠানৰ আয়োজক অথবা ভুক্তভোগীৰ পত্নীক তেওঁৰ অত্যধিক সুৰাপান আৰু খাদ্য নোখোৱা আৰু টোপনি নমৰাৰ কথা অৱগত নকৰা।


অতিশয় ভাগৰুৱা আৰু সুৰাসক্ত অৱস্থাত থকা ভুক্তভোগীক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উৎসাহিত কৰা।


ভুক্তভোগী প্রায় ডুব যাবলৈ ধৰাৰ সময়ত ভিডিঅ’ ৰেকর্ডিং কৰি থকা আৰু কেপ্টেইনজন ওচৰতে থকাৰ পাছতো কিবা ব্যবস্থা ল’বলৈ অৱগত নকৰা।


ঘটনাৰ পিছতহে য়টত থকা NRI আৰু পাৰ্টীৰ আয়োজকসকলক ভুক্তভোগীয়ে খোৱা ঔষধসমূহৰ বিষয়ে জনোৱা।

Nitin Gadkari: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ কেবিনেট মন্ত্ৰীক সাক্ষাৎ কলিয়াবৰৰ ফ’ৰলেন দাবী সমিতিৰ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ কেবিনেট মন্ত্ৰীক সাক্ষাৎ কলিয়াবৰৰ ফ'ৰলেন দাবী সমিতিৰ
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ কেবিনেট মন্ত্ৰীক সাক্ষাৎ কলিয়াবৰৰ ফ'ৰলেন দাবী সমিতিৰ

স্থানীয় বিধায়ক তথা(Nitin Gadkari) মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত দিল্লীলৈ যোৱা ৬ জনীয়া প্ৰতিনিধি দলটিয়ে কালি সংসদ ভৱনত পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ কেবিনেট মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত কলিয়াবৰ তিনিআলিৰ পৰা ৰাঙলুলৈকে বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথটো (পুৰণা ৩৭নং নতুন ৭১৫) সম্প্ৰসাৰণ আৰু বহলিকৰণ কৰি নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰাৰ সময়ত অসমৰ তিনিগৰাকীকৈ সাংসদ ক্ৰমে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফনীফুষণ চৌধুৰী আৰু কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে। সাক্ষাৎৰ সময়ত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক কলিয়াবৰৰ ফ’ৰলেন সমস্যা বিতংভাৱে অৱগত কৰে।

অসমৰ তিনি সাংসদৰ লগতে মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ সদস্যসকল ক্ৰমে প্ৰদীপ লস্কৰ, গোলাপ চন্দ্ৰ শইকীয়া, প্লাৱন বৰা, মৃগাঙ্ক বৰা, লেখনাথ শৰ্মা আৰু সুভম দামাই। ফ’ৰলেন দাবী সমিতিৰ এই তিনিবছৰীয়া সংগ্ৰামখনৰ দীৰ্ঘদিনীয়া ফ’ৰলেন সমস্যাটো বিবেচনা কৰা হ’ব বুলি প্ৰতিনিধি দলটোক আশ্বাস দিয়ে মন্ত্ৰী নীতিন গাডকাৰীয়ে।

Rahul Gandhi: জাৰ্মানীৰ BMW প্লাণ্ট আৰু BMW ৱেল্ট পৰিদৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

জাৰ্মানীৰ BMW প্লাণ্ট আৰু BMW ৱেল্ট পৰিদৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ
জাৰ্মানীৰ BMW প্লাণ্ট আৰু BMW ৱেল্ট পৰিদৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

জাৰ্মানীৰ (Rahul Gandhi) বিএমডব্লিউ প্লাণ্ট আৰু বিএমডব্লিউ ৱেল্ট পৰিদৰ্শন ৰাহুল গান্ধীৰ। বাইকত উঠি বিশেষ প’জ দিয়াও দেখা গ’ল বিৰোধীৰ নেতাগৰাকীক।

জাৰ্মানীৰ বিএমডব্লিউ ৱৰ্ল্ড পৰিদৰ্শন কৰাৰ পিছত ৰাহুল গান্ধীয়ে কয় যে উৎপাদন শক্তি শক্তিশালী অৰ্থনীতিৰ মেৰুদণ্ড। ভাৰতত উৎপাদন “কমি অহা অৱস্থা”ত আছে। দেশখনত দ্ৰুত অৰ্থনৈতিক বিকাশৰ বাবে অধিক উৎপাদন, উন্নত উৎপাদন পৰিৱেশ তন্ত্ৰ, বৃহৎ পৰিসৰৰ, উচ্চমানৰ চাকৰিৰ প্ৰয়োজন।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জাৰ্মানীৰ মিউনিখত থকা BMW Welt আৰু BMW প্লাণ্ট পৰিদৰ্শন কৰে। নিজৰ অভিজ্ঞতা ব্যক্ত কৰি ৰাহুল গান্ধীয়ে কয় যে বিএমডব্লিউৰ উৎপাদন প্ৰক্ৰিয়া আৰু প্ৰযুক্তি বিশ্বমানৰ। তেওঁ লগতে কয় যে তেওঁৰ ভ্ৰমণৰ এটা উল্লেখযোগ্য অংশ আছিল বিএমডব্লিউৰ সৈতে অংশীদাৰিত্বৰে নিৰ্মাণ কৰা টিভিএছ ৪৫০চিচি মটৰ চাইকেলখন দেখা। তেওঁ ইয়াক ভাৰতীয় অভিযান্ত্ৰিকতাৰ বাবে এক “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে।