Home Blog Page 79

Nepal: বহুজাতিক কোম্পানীক জোকাই লোৱাৰ প্ৰতিফল! প্ৰতিবাদকাৰীয়ে জীৱন্তে জ্বলাই হত্যা কৰিলে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীক

প্ৰতিবাদকাৰীয়ে জীৱন্তে জ্বলাই হত্যা কৰিলে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীক
প্ৰতিবাদকাৰীয়ে জীৱন্তে জ্বলাই হত্যা কৰিলে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীক

নেপালৰ চৰকাৰে দেশ (Nepal) খনৰ নীতিগত পৰিকাঠামোৰ অধীনত সামাজিক মাধ্যমৰ বহু জাতিক কোম্পানী সমূহৰ বিৰুদ্ধে থিয় দিছিল। কাৰণ সেই কোম্পানীসমূহে নেপাল চৰকাৰে বান্ধি দিয়া সময় সীমাৰ ভিতৰত যাৱতীয় চৰ্ত পূৰণ কৰা নাছিল। সেয়াই যেন কাল হল নেপাল চৰকাৰৰ বাবে। নেপাল এতিয়া জ্বলিছে। ইজনৰ পিছত সিজনকৈ মানুহৰ মৃত্যু ঘটিছে। জ্বলাই দিয়া হৈছে ৰাষ্ট্ৰপতিকে ধৰি বহু মন্ত্ৰীৰ ঘৰ। ৰাজপথত চোৰৰ দৰে দৌৰাই দৌৰাই প্ৰহাৰ কৰা হৈছে মন্ত্ৰীক। এক কথাত দ্বিতীয় বাংলাদেশ হোৱাৰ দিশে ধাৱমান হৈছে নেপাল।

এই ঘটনাৰ আঁৰত বিদেশী শক্তিৰ সহায় সাহায্য থকা বুলিও এতিয়া চৰ্চা হৈছে। ইপিনে জেন জেডৰ নেতৃত্বত প্ৰতিবাদকাৰীয়ে নিজৰ ঘৰত আবদ্ধ কৰি ঘৰত জুই লগাই দিলে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝলানাথ খানালৰ পত্নী ৰাজ্যলক্ষ্মী চিত্ৰকাৰক। ৰাজধানী কাঠমাণ্ডুৰ ডাল্লু অঞ্চলৰ তেওঁলোকৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। চিত্ৰকাৰক ততাতৈয়াকৈ কীৰ্তিপুৰ বাৰ্ন হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয় বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে।নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে মঙলবাৰে পদত্যাগ কৰে, তেওঁৰ নিজৰ ঘৰতে জুই জ্বলাই দিয়া হৈছে।এদিন পূৰ্বে কেইবাটাও ছ’চিয়েল মিডিয়া চাইট বন্ধ কৰি দিয়াৰ বাবে ক্ষুব্ধ যুৱক-যুৱতীসকলৰ নেতৃত্বত বিক্ষোভ কাৰ্যসূচীয়ে দেশৰ ৰাজধানী চহৰখনক আগুৰি ধৰে, আৰু আৰক্ষীয়ে ৰাইজৰ ওপৰত গুলীচালনা কৰি ২০ জন লোকৰ মৃত্যু হয়।সোমবাৰে নিশা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয় যদিও প্ৰতিবাদ অব্যাহত থাকে, বিক্ষোভকাৰীয়ে নেপালৰ একাংশ শীৰ্ষ নেতাৰ ঘৰত জুই লগায় দিয়ে। ৰাজধানী কাঠমাণ্ডুৰ বিমানবন্দৰ বন্ধ হৈ পৰে নিৰ্জন।

অৱশ্যে সেনাৰ হেলিকপ্টাৰেৰে একাংশ মন্ত্ৰীক নিৰাপদ স্থানলৈ লৈ যায়।প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী অলিয়ে তৎক্ষণাত পদত্যাগ কৰে। চৰকাৰে ফেচবুক, এক্স আৰু ইউটিউবকে ধৰি ফেচবুক, এক্স আৰু ইউটিউবকে ধৰি প্লেটফৰ্মসমূহ বন্ধ কৰি দিয়াৰ পিছতো আৰম্ভ হয় বিক্ষোভ ছাইটসমূহ অনলাইনলৈ ঘূৰি আহিল, সমাৱেশসমূহ অব্যাহত থাকিল, আৰক্ষীৰ হাতত প্ৰতিবাদকাৰীৰ মৃত্যুৰ ক্ষোভ আৰু চৰকাৰৰ কথিত দুৰ্নীতিৰ বিৰুদ্ধে ক্ষোভৰ দ্বাৰা ইন্ধন যোগোৱা নাগৰিকসকলে পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে চুবুৰীয়া দেশলৈ যাত্ৰা পিছুৱাই দিব।চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতে মঙলবাৰে এয়াৰ ইণ্ডিয়া, ইণ্ডিগ’ আৰু নেপাল এয়াৰলাইন্সে দিল্লীৰ পৰা কাঠমাণ্ডুলৈ বিমান সেৱা বাতিল কৰে।

CP Radhakrishnan: দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চি পি ৰাধাকৃষ্ণণঃ ৯৮.২ শতাংশ ভোটদান, ১৩ গৰাকী সাংসদে নকৰিলে ভোটদান

দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চি পি ৰাধাকৃষ্ণণ
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চি পি ৰাধাকৃষ্ণণ

দেশে লাভ কৰিলে নতুন এগৰাকী উপৰাষ্ট্ৰপতি। (CP Radhakrishnan) মঙলবাৰে অনুষ্ঠিত হোৱা উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণ ৷ নিৰ্বাচনত পৰাভূত ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী। ৰাধাকৃষ্ণণে লাভ কৰে ৪৫২ টা ভোট, ইফালে পৰাভূত হোৱা ৰেড্ডীয়ে লাভ কৰে মুঠ ৩০০ টাহে ভোট। মঙলবাৰে সম্পন্ন হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া । সম্পন্ন হয় ৯৮.২ শতাংশ ভোটদান।


ৰাজ্যসভাৰ প্ৰধান সচিব পি চি মোদীয়ে কয়, “এন ডি এৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে সৰ্বমুঠ ৪৫২ টা ভোট লাভ কৰে । তেওঁক ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হয় ৷ বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ন্য়ায়মূৰ্তি সুদৰ্শন ৰেড্ডীয়ে মাত্ৰ ৩০০ ভোটহে লাভ কৰে ।”পি চি মোদীয়ে কয় যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৭৮৮ গৰাকী যোগ্য সাংসদৰ ভিতৰত ৭৬৭ গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে, য’ত ৯৮.২ শতাংশ ভোটদান সম্পন্ন হয় । ইয়াৰে ৭৫২ টা ভোট বৈধ আৰু ১৫ টা অবৈধ আছিল । উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা সন্ধ্যা ৬ বজাৰ পৰা হৈছিল । এই প্ৰক্ৰিয়া নতুন সংসদ ভৱনত ৰাজ্যসভাৰ প্ৰধান সচিব আৰু ৰিটাৰ্ণিং অফিচাৰ পিচি মোদীৰ তত্বাৱধানত হৈছিল ।


উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰায় ১৩ গৰাকী সাংসদে ভোটত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে । সেই অনুসৰি জনতা দলৰ সাতগৰাকী, ভাৰত ৰাষ্ট্ৰ সমিতিৰ চাৰিগৰাকী, শিৰোমণি আকালী দলৰ এগৰাকী আৰু নিৰ্দলীয় সাংসদো আছে । এন ডি এৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ বাসভৱনৰ বাহিৰত আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয় ।

ইয়াৰ পূৰ্বে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধী, কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু অন্যান্য শীৰ্ষ নেতাই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।উল্লেখ্য যে স্বাস্থ্যজনিত কাৰণ দেখুৱাই নিজৰ পদৰ পৰা পদত্যাগ কৰিছিল পূৰ্বৰ উপ-ৰাষ্ট্ৰপতি জগদীশ ধনখড়ে । চন্দ্ৰপুৰম পৌন্নুস্বামী ৰাধাকৃষ্ণণ, যি এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে ঘোষিত হোৱাৰ পূৰ্বে ৩১ জুলাই, ২০২৪ লৈকে মহাৰাষ্ট্ৰৰ ২৪ সংখ্যক ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।ইয়াৰ পূৰ্বে তেওঁ ফ্ৰেব্ৰুৱাৰী ২০২৩ ৰ পৰা জুলাই ২০২৪ লৈকে ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ মাৰ্চ আৰু জুলাই ২০২৪ ৰ মাজত তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ উপ-ৰাজ্যপালৰ অতিৰিক্ত কাৰ্যভাৰ চম্ভালিছিল । তামিলনাডুৰ এইগৰাকী দিগ্গজ বিজেপি নেতাই বিজিনেজ এডমিনিষ্ট্ৰেচনত স্নাতক ডিগ্ৰী লাভ কৰিছিল ।

Silk Mark Expo 2025: গুৱাহাটীত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই উদ্বোধন কৰিলে ছিল্ক মাৰ্ক এক্সপ’

গুৱাহাটীত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই উদ্বোধন কৰিলে ছিল্ক মাৰ্ক এক্সপ'
গুৱাহাটীত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই উদ্বোধন কৰিলে ছিল্ক মাৰ্ক এক্সপ'

গুৱাহাটীত এক্সপ’ উদ্বোধন কৰে (Silk Mark Expo 2025) প্ৰখ্যাত অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী আইমী বৰুৱাই । ভাৰতীয় ছিল্ক মাৰ্ক অৰ্গেনাইজেশ্যনে এফালে শিপিনী, উদ্যোগী, ডিজাইনাৰ আৰু আনফালে গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ বাবে কাম কৰি আহিছে, ৰেচম উদ্যোগত ৰেচমৰ বিশুদ্ধতা সুৰক্ষিতভাৱে ৰক্ষা কৰি ৰেচম মাৰ্ক লেবেলৰ প্ৰৱৰ্তনৰ জৰিয়তে কাম কৰি আহিছে। ২০০৪ চনৰ পৰা বছৰ বছৰ ধৰি এছএমঅ’আইয়ে ছিল্ক মাৰ্কৰ সৈতে বিশুদ্ধ ৰেচমৰ সজাগতা জড়িত কৰি আহিছে আৰু আগভাগ লৈছে। আজি আৰম্ভণিৰ পৰাই বজাৰত ৰেচম মাৰ্কৰ ৫০০০ৰো অধিক অনুমোদিত ব্যৱহাৰকাৰী (AU) আৰু ৪.০ কোটিৰো অধিক ৰেচম মাৰ্ক লেবেলযুক্ত সামগ্ৰী আছে। এই লেবেলসমূহ কেৱল বিশুদ্ধতাৰ চিন নহয় বৰঞ্চ ৰেচম ক্ৰয় কৰাৰ সময়ত কেৱল ৰেচম মাৰ্ক লেবেলযুক্ত সামগ্ৰী ক্ৰয় কৰাৰ বাবে ক্ৰেতাসকলৰ ওপৰত আস্থা জগাই তোলে যাৰ ফলত বিশুদ্ধ ৰেচমৰ চাহিদা বৃদ্ধি পায় যাৰ ফলত ছিৰিকালচাৰ কৃষক আৰু ৰেচম উদ্যোগৰ সৈতে জড়িত অন্যান্য অংশীদাৰসকলক উপকৃত হয়।


ৰেচম মাৰ্কে যাতে অধিক বিশ্বাসযোগ্যতা আৰু জনপ্ৰিয়তা লাভ কৰে, তাৰ বাবে ৰেচম মাৰ্ক এক্সপ’ৰ আয়োজন কৰা হৈছে য’ত একান্তভাৱে ৰেচম মাৰ্ক অনুমোদিত ব্যৱহাৰকাৰীসকল জড়িত হৈ আছে যিসকল হৈছে বয়নকাৰী, নিৰ্মাতা, এন জি অ’, বিশিষ্ট ব্যৱসায়ী, ৰপ্তানিকাৰক আৰু চৰকাৰী। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সমৰ্থিত সংস্থাসমূহ। সমগ্ৰ দেশতে আয়োজিত ছিল্ক মাৰ্ক এক্সপ’ৱে ছিল্ক মাৰ্কৰ অংশগ্ৰহণ সজাগতা, ৰেচম উৎপাদন আৰু ব্যৱসায়ৰ সৈতে স্থানীয় উদ্যোগীসকলৰ জড়িততাৰ ক্ষেত্ৰত বিপুল সফলতা লাভ কৰিছে। এই অনুষ্ঠানটো কেৱল ৰেচম মাৰ্ক লেবেল জনপ্ৰিয় কৰা আৰু ৰেচম উদ্যোগৰ সকলো অংশীদাৰক মূল্যৱান সংযোগ প্ৰদান কৰাই নহয় আৰু লগতে স্থানীয় উদ্যোগীসকলক ৰেচমত ব্যৱসায় আৰম্ভ কৰিবলৈ উৎসাহিত কৰাৰ বাবেও এক আদৰ্শ মঞ্চ।


ৰেচম মাৰ্ক, গুৱাহাটী অধ্যায়ত নিয়মিতভাৱে গুৱাহাটীত ২০০৬ চনৰ পৰা ছিল্ক মাৰ্ক এক্সপ’ আয়োজন কৰা হৈছে।এইবাৰ দুৰ্গা পূজাৰ ২৬ সংখ্যক সংস্কৰণৰ পৰিপ্ৰেক্ষিতত ৯ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত কৰা হৈছে ছিল্ক মাৰ্ক এক্সপ’ , য’ত ৪৬ জন অনুমোদিত ব্যৱহাৰকাৰী/চৰকাৰী বিভাগে বিশুদ্ধ ৰেচমৰ সামগ্ৰীৰ সমগ্ৰ ৰেঞ্জ কেছিং দেখুৱাব ৰেচম মাৰ্ক লেবেলৰ সৈতে সংলগ্ন কৰা হৈছে। প্রস্তাৱিত এক্সপ’ পূর্বৰ ছিল্ক মার্ক এক্সপ’ৰ লাইনত হ’ব, য’ত অসম, অৰুণাচল, নাগালেণ্ড, মিজোৰাম, ত্রিপুৰা, মণিপুৰ, মেঘালয়, উত্তৰ প্রদেশ, নতুন দিল্লী, কর্ণাটক, পশ্চিম বংগ আদি ৰাজ্যৰ বিশুদ্ধ ৰেচম প্রদর্শন কৰা হ’ব৷


বজাৰত বিভিন্ন নিম্নমানৰ, কম মূল্যৰ সামগ্ৰী আছে যিবোৰ ৰেচমৰ দৰে দেখা যায় যিয়ে ৰেচমৰ সামগ্ৰী ক্ৰয় কৰাৰ সময়ত ৰেচম প্ৰেমী গ্ৰাহকক বিভ্ৰান্ত কৰে। ৰেচম কৃমি, উদ্ভিদৰ বৈচিত্ৰ্য, সূতাৰ কাপোৰ আদি ব্যৱহাৰ কৰি ৰেচম উৎপাদনৰ সৈতে জড়িত সম্প্ৰদায় আৰু স্থানীয় প্ৰকৃত উদ্যোগৰ বাবে এইটোৱে প্ৰাকৃতিক ৰেচমৰ বাবে ভাবুকিৰ সৃষ্টি কৰে। ছিল্ক মাৰ্কে ছিল্কৰ গ্ৰাহকসকলক হেঁচামুক্ত বজাৰ কৰাৰ ব্যৱস্থা কৰে। ৰেচম মাৰ্ক লেবেল থকা বিশুদ্ধ ৰেচম কিনিলে ৰেচম উদ্যোগত নিয়োজিত সকলো ব্যক্তি যেনে ৰেচম কৃমি উৎপাদনকাৰী কুকুৰাৰ খোলা পালন কৰা কৃষক, সূতা উৎপাদক, বয়নকাৰী, ডিজাইনাৰ, বিক্ৰেতা আৰু শেষত গ্ৰাহকসকল উপকৃত হ’ব।


গুৱাহাটীত ২৬ সংখ্যক সংস্কৰণৰ ৰেচম মাৰ্ক এক্সপ’ ২০২৫ৰ আলোকপাত তলত দিয়া হৈছে-
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৪৬ জন ৰেচম চিহ্ন সদস্য সহ অনুমোদিত ব্যৱহাৰকাৰীৰ দ্বাৰা মাত্ৰ এটা চালৰ তলত প্ৰদৰ্শিত প্ৰিমিয়াম ৰেচম সামগ্ৰীৰ অভিজ্ঞতা সকলোৰে বাবে এক উৎকৃষ্ট মঞ্চ। গ্ৰাহকসকলে সামগ্ৰীৰ বিশুদ্ধতা পুনৰ নিশ্চিত কৰিবলৈ আৰু ৰেচম চিহ্নৰ ওপৰত তেওঁলোকৰ বিশ্বাস পুনৰ দৃঢ় কৰাৰ সুবিধাৰ বাবে ৰেচম পৰীক্ষণৰ সুবিধা সম্প্ৰসাৰিত কৰা হ’ব। ভানিয়া ৰেচমৰ সামগ্ৰী বিকাশৰ নতুন সম্ভাৱনাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে ভানিয়া ৰেচম (মুগা, ইৰি, টাছাৰ)ৰ বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব। উদ্বোধনী অনুষ্ঠানত কাজোৰী ৰাজখোৱা, ড° নৰেশ বাবু এন, আই এফ এছ, চিইঅ’, ছিল্ক মাৰ্ক অৰ্গানাইজেছন অব ইণ্ডিয়া ছেণ্চ্ৰেল ছিল্ক বোৰ্ড আদি উপস্থিত থাকে।

Nandini Kashyap: জামিন লাভ কৰি মুকলি আকাশৰ তললৈ স্বল্প খ্যাত অভিনেত্ৰী নন্দিনী কাশ্যপঃ গুৱাহাটী আৰক্ষীৰ ভূমিকাত সন্দেহ প্ৰকাশ সচেতন মহলৰ

জামিন লাভ কৰি মুকলি আকাশৰ তললৈ স্বল্প খ্যাত অভিনেত্ৰী নন্দিনী কাশ্যপঃ
জামিন লাভ কৰি মুকলি আকাশৰ তললৈ স্বল্প খ্যাত অভিনেত্ৰী নন্দিনী কাশ্যপঃ

নিশা গুৱাহাটী মহানগৰীৰ (Nandini Kashyap) ৰাজপথত গাড়ীৰে খুন্দিয়াই ছামিউল হক নামৰ এজন উঠি অহা যুৱকৰ প্ৰাণ কাঢ়ি নিয়া অভিনেত্ৰী নন্দিনী কাশ্যপ এতিয়া মুকলি আকাশৰ তলত। আৰক্ষীয়ে উপযুক্ত প্ৰমাণ নিদিয়াৰ বাবেই আদালতে স্বল্প খ্যাত অভিনেত্ৰী নন্দিনী কাশ্যপক জামিন দিয়ে। হিট এণ্ড ৰাণৰ গোচৰত জামিন লাভ কৰে নন্দিনীয়ে । কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে জামিন মঞ্জুৰ কৰে অভিনেত্ৰীগৰাকীৰ ।অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ ভাষ্য গ্ৰহণৰ পিছত আদালতে অভিনেত্ৰী নন্দিনী কাশ্যপক জামিন প্ৰদান কৰে । যোৱা ১ আগষ্টৰ পৰা কাৰাবন্দী হৈ আছিল নন্দিনী কাশ্যপ । প্ৰথম অৱস্থাত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল নন্দিনী কাশ্যপক ।ইফালে অভিনেত্ৰীগৰাকীৰ জামিন সন্দৰ্ভত অধিবক্তা বিজন মহাজনে কয়, ”আৰক্ষীৰ উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত জামিন লাভ কৰিলে নন্দিনী কাশ্যপে । আৰক্ষীয়ে সন্নিবিষ্ট কৰা ১০৫ ধাৰা যুক্তিহীন আছিল । নন্দিনীৰ বিৰুদ্ধে আছিল ড্ৰিংক এণ্ড ড্ৰাইভৰ অভিযোগ আছিল । কিন্তু আৰক্ষীয়ে আদালতত তথ্য প্ৰমাণ কৰিব নোৱাৰিলে এই কথা ।”৫০০০০ টকা জৰিমনা আৰু জামিনদাৰৰ জৰিয়তে জামিননামা দাখিল কৰিব পাৰিব নন্দিনীয়ে । পাছপোৰ্ট, ভিছাৰ চৰ্ত সাপেক্ষে নন্দিনীক জামিন দিয়া হৈছে । ভিছা, পাছপোৰ্ট জমা দিব লাগিব ছেছন আদালতত ।” বিজন মহাজনে কয় ।উল্লেখ্য যে, বিগত ২৫ জুলাইৰ পুৱতি নিশা মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁৱত তীব্ৰ বেগত চলাই অহা নিজৰ বলেৰ’ বাহনখনেৰে বিপৰীত দিশৰ পৰা এখন স্কুটীত আহি থকা ছামিউল হক নামৰ ২১ বছৰীয়া যুৱকজনক খুন্দা মাৰি পলায়ন কৰিছিল অভিনেত্ৰীগৰাকীয়ে । তাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক ।

পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যুৱকজনক ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত । কিন্তু যোৱা ২৯ জুলাই তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে নলবাৰীৰ ছামিউল হকে ।যুৱকজনৰ মৃত্যুৰ পাছত সেইদিনা অৰ্থাৎ 29 জুলাইৰ সন্ধিয়া থিয়েটাৰৰ আখৰাৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোতে শৰাইঘাটৰ সমীপৰ পৰা আটক কৰে অভিনেত্ৰীগৰাকীক । অভিনেত্ৰীগৰাকীক আটক কৰি লৈ অনা হৈছিল পানবজাৰ মহিলা আৰক্ষী থানালৈ ।ইফালে ছামিউল হকৰ মৃত্যুৰ পিছত আদালতত আৰক্ষীয়ে জামিনবিহীন ধাৰা সন্নিবিষ্ট কৰা বাবে আবেদন কৰিছিল । ১০৫ বিএনএছ ধাৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেত্ৰী নন্দিনীক কাশ্যপক ।প্ৰথমে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন বিচাৰি আবেদন দাখিল কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।

কিন্তু উচ্চ ন্যায়ালয়ে ইতিমধ্যে গোচৰত অভিযোগনামা দাখিল হোৱাৰ পৰিপ্ৰেক্ষিতত অভিযুক্ত নন্দিনী কাশ্যপক নিম্ন আদালতৰ দ্বাৰস্থ হোৱাৰ নিৰ্দেশ দিয়ে । সেই অনুসৰি অভিযুক্ত নন্দিনী কাশ্যপে এইবাৰ জামিন বিচাৰি ছেছন আদালতৰ দ্বাৰস্থ হোৱাত আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে । ইপিনে গুৱাহাটী আৰক্ষীৰ ভূমিকাত সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে। সচেতন মহলে এতিয়া এই বুলি চৰ্চা কৰিছে যে টকাৰ লগতে ঘনিষ্ঠতা থাকিলেই এতিয়া অপৰাধী সাৰি যাব পাৰে। উল্লেখ্য নন্দিনী কাশ্যপে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত খোদ আৰক্ষীৰ পৰস্পৰমুখী চৰিত্ৰ প্ৰকাশ পাইছিল। সেয়া চিচিটিভিৰ দৃশ্যই প্ৰমাণ কৰিছিল। সেয়ে এতিয়া বহুতেই সন্দেহ কৰিছে যে দোষ কৰাৰ পিছতো নন্দিনী কাশ্যপক বচাবলৈ আৰক্ষীৰ লোকেই সক্ৰিয় হৈ পৰিছিল।

Nepal Burning: ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বিৰুদ্ধে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিও ৰক্ষা পোৱা নাই চৰকাৰঃ প্ৰধানমন্ত্ৰী অলিৰ পদত্যাগ, প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ৰাষ্ট্ৰপতি-নেতা-মন্ত্ৰীৰ ঘৰ

প্ৰধানমন্ত্ৰী অলিৰ পদত্যাগ
প্ৰধানমন্ত্ৰী অলিৰ পদত্যাগ

নৈৰাজ্যই ছানি ধৰিছে (Nepal Burning) হিমালয়ৰ কোলাত অৱস্থিত নেপাল। এপিনৰ পৰা জ্বলি গৈছে প্ৰধানমন্ত্ৰী, মন্ত্ৰীৰ ঘৰ। কালি আৰক্ষীৰ গুলীচালনাত ২০ জন প্ৰতিবাদকাৰী নিহত হোৱাৰ পিছত মঙলবাৰে পুৱাই নেপালৰ চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বিৰুদ্ধে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে। কিন্তু ইমানৰ পিছতো শান্ত হোৱা নাই নেপাল। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা জাৰি আৰু চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰা হিংসাত্মক প্ৰতিবাদৰ মাজতে মঙলবাৰে নেপালৰ খদগা প্ৰসাদ শৰ্মা অলিয়ে পদত্যাগ কৰে । তেওঁৰ কাৰ্যালয়ত শ শ প্ৰতিবাদকাৰী প্ৰৱেশ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী অলিয়ে পদত্যাগ কৰে ৷ সোমবাৰে চলা হিংসাত্মক প্ৰতিবাদত কমেও ২০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০০ ৰো অধিক লোক আহত হৈছিল । মঙলবাৰে পুৱা চৰকাৰে ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলেও সমগ্ৰ কাঠমাণ্ডুত জাৰি কৰা সান্ধ্য আইন উলংঘা কৰি আন্দোলনকাৰীয়ে পুনৰ প্ৰতিবাদ আৰম্ভ কৰে ৷চৰকাৰ বিৰোধী এই ভয়ংকৰ প্ৰতিবাদৰ এদিন পিছতে প্ৰতিবাদকাৰীসকলে নেপালৰ একাংশ বিৰোধী শীৰ্ষ ৰাজনৈতিক নেতাৰ ঘৰত অগ্নিসংযোগ কৰে ৷

স্থানীয় সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হোৱা ভিডিঅ’সমূহত দেখা গৈছে যে কাঠমাণ্ডু আৰু ইয়াৰ আশে-পাশে থকা শীৰ্ষ ৰাজনৈতিক নেতাৰ বাসগৃহত প্ৰতিবাদকাৰীসকলে আক্ৰমণ চলাইছে ।অগ্নিসংযোগ কৰা ঘৰসমূহৰ ভিতৰত আছে – বৃহত্তম দল নেপালী কংগ্ৰেছৰ নেতা শ্বেৰ বাহাদুৰ দেউবা, ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেল, গৃহমন্ত্ৰী ৰমেশ লেখক আৰু নেপালৰ কমিউনিষ্ট দলৰ নেতা মাওবাদী পুষ্পকমল দাহালৰ ঘৰ । বৰ্তমানৰ বৈদেশিক মন্ত্ৰী দেউবাৰ পত্নী আৰ্জু দেউবা ৰাণাৰ মালিকানাধীন এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷দেশখনৰ চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে প্ৰতিবাদৰ অংশ হিচাপে সোমবাৰে সংসদত আক্ৰমণমূলক কাৰ্য সংঘটিত হৈছিল ৷ দুৰ্নীতিৰ বাবে দোষী সাব্যস্ত হোৱা ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে সাধাৰণ লোকৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা হতাশা আৰু ক্ষোভে এই প্ৰতিবাদত ইন্ধন যোগাইছিল ।ৰাজধানী চহৰখনত অনিৰ্দিষ্টকাললৈ সান্ধ্য আইন জাৰি কৰাৰ পাছতো মঙলবাৰে কেইবাটাও প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

প্ৰতিবাদকাৰীসকলে ‘‘চৰকাৰক হত্যাকাৰীৰ দৰে শাস্তি দিয়ক, শিশু হত্যা বন্ধ কৰক’’ আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে ৷ইপিনে আৰক্ষীয়ে লাউডস্পীকাৰৰ জৰিয়তে প্ৰতিবাদকাৰীসকলক ঘৰলৈ উভতি যাবলৈ আহ্বান জনায় । প্ৰতিবাদকাৰীৰ ক্ষোভ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী খদগা প্ৰসাদ অলি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পায় ৷এগৰাকী প্রতিবাদকাৰীয়ে কয়, ‘‘যেতিয়ালৈকে এই চৰকাৰ ক্ষমতাত থাকিব, তেতিয়ালৈকে আমাৰ দৰে লোকে কষ্ট ভোগ কৰি থাকিব । কালি তেওঁলোকে ইমানবোৰ যুৱকক হত্যা কৰিলে, যিসকলৰ বহুতো সপোন আছিল, এতিয়া তেওঁলোকে সহজেই আমাক সকলোকে হত্যা কৰিব পাৰিব । এই চৰকাৰ শেষ নোহোৱালৈকে আমি প্ৰতিবাদ কৰি যাম ।’’ফেচবুক, এক্স, ইউ টিউবকে ধৰি কেইবাটাও বহুলভাৱে ব্যৱহৃত ছ’চিয়েল ছাইট পঞ্জীয়ন আৰু চৰকাৰী নিৰীক্ষণত জমা দিয়াৰ নতুন নিয়ম মানি চলাত ব্যৰ্থ হোৱাৰ বাবে নেপাল চৰকাৰে যোৱা সপ্তাহত বন্ধ কৰি দিছিল ৷সোমবাৰে কাঠমাণ্ডুত চৰকাৰৰ এই নিষেধাজ্ঞাৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ লগতে সংসদ ভৱনটো ঘেৰি ধৰে ৷ যাৰ ফলত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাত ২০ জন লোকৰ মৃত্যু ঘটে ।প্ৰতিবাদকাৰীসকলে ‘‘ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা উঠাই লওক, দুৰ্নীতি বন্ধ কৰক, ছ’চিয়েল মিডিয়া নহয়’’ আদি ধ্বনিৰে কঁপাই তোলে কাঠমাণ্ডুৰ ৰাজপথ ৷সোমবাৰৰ এই প্ৰতিবাদক জেন জেডৰ প্ৰতিবাদ বুলি অভিহিত কৰা হৈছে ৷

আহত কেইবাজনো প্ৰতিবাদকাৰীক দেশখনৰ আগশাৰীৰ চিকিৎসালয় নেশ্যনেল ট্ৰমা চেণ্টাৰলৈ নি চিকিৎসা প্ৰদান কৰা হয় ।পদত্যাগী প্ৰধানমন্ত্ৰী অলিয়ে এক বিবৃতিত কয় যে তেওঁ ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ এখন তদন্ত সমিতি গঠন কৰি আছে আৰু মৃতকক ক্ষতিপূৰণ আৰু আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব ।উল্লেখ্য যে, সোমবাৰে মাজনিশা অনুষ্ঠিত জৰুৰীকালীন কেবিনেট বৈঠকত পদত্যাগ কৰে গৃহমন্ত্ৰী ৰমেশ লেখকে ।সকলো অশান্তিৰ মূলতে ছ’চিয়েল মিডিয়াত জাৰি কৰা নিষেধাজ্ঞানেপাল চৰকাৰে প্লেটফৰ্মসমূহ “সঠিকভাৱে পৰিচালিত, দায়িত্বশীল আৰু জবাবদিহি” কৰাটো নিশ্চিত কৰাৰ লক্ষ্যৰে ছ’চিয়েল মিডিয়া নিয়ন্ত্ৰণৰ বিস্তৃত প্ৰচেষ্টা চলোৱাৰ সময়তে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । এই প্ৰস্তাৱক চেঞ্চৰশ্বিপৰ মাধ্যম আৰু অনলাইনত প্ৰতিবাদ কৰা চৰকাৰ বিৰোধীক শাস্তি দিয়াৰ উপায় বুলি ব্যাপক সমালোচনা কৰা হৈছে ।

Gandhi Shilp Bazar: বড়াগাঁৱত গান্ধী শিল্প বজাৰত সাংস্কৃতিক সন্ধিয়া…

Gandhi Shilp Bazar: বড়াগাঁৱত গান্ধী শিল্প বজাৰত সাংস্কৃতিক সন্ধিয়া...
Gandhi Shilp Bazar: বড়াগাঁৱত গান্ধী শিল্প বজাৰত সাংস্কৃতিক সন্ধিয়া...

ভাৰত চৰকাৰৰ হস্তশিল্প উন্নয়ন (Gandhi Shilp Bazar)আয়ুক্তৰ সৌজন্যত অসম চৰকাৰৰ বেচা-কিনা নিগম লিমিটেডে যোৱা ২ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ পশ্চিম বৰাগাঁও প্ৰাথমিক বিদ্যালয় খেলপথাৰত আয়োজিত কৰিছে ‘গান্ধী শিল্প বজাৰ’ (ৰাষ্ট্ৰীয়) , ২০২৫-২৬।

যোৱা ৭ ছেপ্টেম্বৰ তাৰিখে এই মেলা উপলক্ষে উদ্যোক্তা সকলে আয়োজন কৰিছিল এক সাংস্কৃতিক সন্ধিয়াৰ l লোকে-লোকাৰন্য হৈ পৰা এই সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিক ভাৱে মুকলি কৰে বিশিষ্ট অভিনেতা, সাংস্কৃতিক কৰ্মী শ্ৰী বিশ্বজিৎ বৰ্মনে l ভাষণ প্ৰসংগত শ্ৰী বৰ্মনে বিশ্ব বজাৰত অসমৰ হস্ততাঁত আৰু হস্তশিল্প জাত সামগ্ৰী সমূহৰ ব্যাপক চাহিদাৰ কথা উল্লেখ কৰি এই সামগ্ৰী সমূহ উৎপাদন কৰি শিপিনী তথা কাৰিকৰ সকলক স্বনিয়োজনৰ পথ মোকলাই লবলৈ আহ্বান জনায় l অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম টেক্সটাইল ইনষ্টিটিউটৰ প্ৰবক্তা অনুৰাধা বৰ্মন, শ্ৰী কন্দৰ্প কুমাৰ নাথ, শ্ৰী ক্ষিতিশ হাজৰিকা, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ প্ৰদৰ্শক মল্লিকা গোস্বামীl ভাষণ প্ৰসংগত শ্ৰী অনুৰাধা বৰ্মনে অসমীয়া শিল্পীৰ যাদুকৰী হাতৰ পৰসত প্ৰাণ পাই উঠা হস্তশিল্প জাত সামগ্ৰী সমূহৰ থাকে এক মনোমোহা ৰূপ l তেখেতে বাজাৰৰ চাহিদা অনুসৰি সামগ্ৰী উৎপাদনত গুৰুত্ব দিবলৈ কাৰিকৰ সকলক কয়l কন্দৰ্প নাথ আৰু শ্ৰী ক্ষিতিশ হাজৰিকাই তেঁওলোকৰ ভাষণত হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীৰ বাবে অনলাইন মাৰ্কেটিঙত গুৰুত্ব দিবলৈ আহবান জনায় l উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ বেচা-কিনা নিগম লিমিটেডৰ মহপ্ৰবন্ধক ড জয়ন্ত দেৱ শৰ্মা আৰু উপ মহাপ্ৰবন্ধক শ্ৰীধীৰাজ শৰ্মাও উপষ্ঠিত আছিলl


ইয়াৰ পাছতেই সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যক্ৰম আৰম্ভ হয় l জালুকবাৰী মহিলা সমিতিৰ সদস্য সকলে পৰিৱেশন কৰা সমৱেত সংগীতৰ পাছতে শ্ৰী নাৰায়ন দাস, কাব্য কণকনা কলিতা, লঘনো ৰাভা, মনস্বিনি ঈশানী গৌতম, লক্ষেস্বৰ নাথ, মনিৰূপা মিশ্ৰ, ৰাজ নাভো শৰ্মা, ড ভূপেন্দ্ৰ নাথ শৰ্মা, হিৰামনি দেৱী, ৰোহিত কুমাৰ, ৰুণু চৰকাৰ, নীৰেন বৈশ্য প্ৰমুখ্যে ন-পুৰণি শিল্পী সকলে গীত, আবৃত্তি পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে l সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যক্ৰমটো আতধৰে শ্ৰী মনাস্বিনি ঈশানি গৌতমে l সংস্কৃতিৰ সৈতে সংগীতৰ যেনেদৰে সম্পৰ্ক তেনেদৰে হস্ততাঁত আৰু হস্তশিল্পও অপৰিহাৰ্য্য অংগl

Japan’s Prime Minister: পদত্যাগৰ কথা ঘোষণা জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ

পদত্যাগৰ কথা ঘোষণা জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ
পদত্যাগৰ কথা ঘোষণা জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ

ৰাজনৈতিক ঘটনাক্ৰমৰ (Japan’s Prime Minister) পৰিণতিত পদত্যাগৰ কথা ঘোষণা কৰিলে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই। শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টীক বিভাজনৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে ।জুলাই মাহত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত ঐতিহাসিক পৰাজয়ৰ দায়িত্ব ল’বলৈ নিজৰ দলৰ পৰা দাবী বৃদ্ধি পোৱাৰ পিছত দেওবাৰে জাপানৰ প্ৰধানমন্ত্ৰী ইছিবাই পদত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ।

এই তথ্য জাপানৰ এন এইচ কে ৰাজহুৱা টেলিভিছনৰ বাতৰিয়ে এই কথা নিশ্চিত কৰিছে ।অক্টোবৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা ইছিবাই এমাহতকৈ অধিক সময় ধৰি নিজৰ দলৰ ভিতৰতে বেছিভাগ সোঁপন্থী বিৰোধীৰ দাবীক প্ৰতিহত কৰিছিল ।তেওঁৰ লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টীয়ে আগতীয়াকৈ নেতৃত্বৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ এদিন পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পদক্ষেপ লৈছে ।

কিয়নো সেয়া অনুমোদন হ’লে তেওঁৰ বিৰুদ্ধে অনাস্থাৰ ভোট হ’ব ।জুলাই মাহত ইছিবাৰ শাসকীয় মিত্ৰজোঁটে উচ্চ সদনত ২৪৮ আসনৰ এক গুৰুত্বপূৰ্ণ সংসদীয় নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ ফলত তেওঁৰ চৰকাৰৰ স্থিতিশীলতা আৰু অধিক দুৰ্বল হৈ পৰে । সোমবাৰৰ ভোটদানৰ পূৰ্বে ইছিবাক পদত্যাগ কৰাৰ পৰামৰ্শ দিয়া কৃষি মন্ত্ৰী শ্বিনজিৰো ক’ইজুমি আৰু তেওঁৰ কথিত গুৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী যোছিহিদে ছুগাৰ সৈতে শনিবাৰে হোৱা বৈঠকৰ পিছতে তেওঁ এই সিদ্ধান্ত লয় ।

যি সময়ত জাপানে আমেৰিকাৰ শুল্ক আৰু অৰ্থনীতিত ইয়াৰ প্ৰভাৱ, বৰ্ধিত মূল্য, ৰাইচ পলিচিৰ সংস্কাৰ আৰু অঞ্চলটোত ক্ৰমবৰ্ধমান উত্তেজনাকে ধৰি বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই সময়ত ৰাজনৈতিক শূন্যতা এৰাই চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইছিবাক সেই পদত থাকিবলৈ তেওঁলোকে জোৰ দিছিল ।

Forest Encroachment: বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসমঃ ৩৬২০.৯ বৰ্গ কিলোমিটাৰ বনভূমি বেদখলকাৰীৰ কৱলত

Forest Encroachment
Forest Encroachment

অসম বনভূমিৰে (Forest Encroachment) ভৰা ৰাজ্য যদিও বেদখলকাৰীয়ে এতিয়া ৰাজ্যৰ বনভূমিক এপিনৰ পৰা গ্ৰাস কৰি যোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বহু বনভূমিত এতিয়া জনবহুল গাওঁলৈ ৰূপান্তৰিত হৈছে। বনভূমিত হোৱা বেদখল উচ্ছেদ কৰাৰ বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ মাজতে প্ৰকাশ পাইছে আন এক তথ্য। কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে অসম।


প্ৰতিবেদন উল্লেখ কৰা মতে অসমৰ মুঠ ৩,৬২,০৯০ হেক্টৰ (৩৬২০.৯ বৰ্গ কিলোমিটাৰ) বনভূমি বেদখলকাৰীৰ কবলত আছে। দেশৰ ভিতৰত মধ্যপ্ৰদেশে প্ৰথম স্থানত আছে, ৰাজ্যখনৰ ৫,৪৬,০৮৯.৪৫ হেক্টৰ বনভূমি বেদখল হৈছে। তৃতীয় স্থানত আছে কৰ্ণাটক, ৰাজ্যখনৰ ৮৬,৩০৮.৪৪ হেক্টৰ ভূমি বেদখলৰ কবলত আছে। উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ অৱস্থা অধিক গুৰুতৰ। অৰুণাচল প্ৰদেশত ৫৩,৪৯৯.৯৬ হেক্টৰ, মিজোৰামত ২৪,৭২৩ হেক্টৰ, ত্ৰিপুৰাত ৪,২৮২ হেক্টৰ, মণিপুৰত ৩,২৭০ হেক্টৰ আৰু ছিক্কিমত ৪৬৯ হেক্টৰ বনভূমিৰ বেদখল হৈছে।২০২১ চনৰ পৰা ২০২৫ চনৰ জুলাইলৈকে ৰাজ্য চৰকাৰে মুঠ ১,১৯,৫৪৮ বিঘা ভূমি বেদখলমুক্ত কৰিছে। ইয়াৰ ভিতৰত ৮৪,৭৪৩ বিঘা সংৰক্ষিত বনাঞ্চলৰ ভূমি, ৪,৬৪৩ বিঘা ভি জি আৰ আৰু পি জি আৰৰ ভূমি, ২৬,৭১৩ বিঘা চৰকাৰী ভূমি আৰু ৪,৪৪৯ বিঘা সত্র-নামঘৰ আদিৰ ভূমি অন্তৰ্ভুক্ত। এই সময়ছোৱাত প্ৰায় ১৬০ বৰ্গ কিলোমিটাৰ ভূমি বেদখলমুক্ত কৰা হৈছে আৰু ৫০ হাজাৰ লোকক উচ্ছেদ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ মুঠ ৬৩ লাখ বিঘা ভূমি এতিয়াও বেদখলকাৰীৰ দখলত আছে।ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি বনভূমি বেদখলমুক্ত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ইফালে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে সংসদত দাখিল কৰা তথ্য অনুসৰি, ২০১৯ চনত অসমৰ মুঠ বনভূমিৰ পৰিমাণ আছিল ২৮,৩২৭ বৰ্গ কিলোমিটাৰ। কিন্তু ২০২৩ চনত এই পৰিমাণ ২৮,৩১৩.৫৬ বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে, অৰ্থাৎ তিনি বছৰত ১৩.৪৫ বৰ্গ কিলোমিটাৰ বনভূমি কমিছে। ইয়াৰ বিপৰীতে, বিহাৰ, ছট্টিশগড়, গোৱা, গুজৰাট, কেৰালা আৰু ওড়িশাৰ দৰে ৰাজ্যত বনভূমিৰ পৰিমাণ বৃদ্ধি পাইছে। উল্লেখযোগ্যভাৱে, কেৰালাত এই সময়ছোৱাত ৯১৫.৩৬ বৰ্গ কিলোমিটাৰ বনভূমি বৃদ্ধি পাইছে।

প্ৰসংগ ক্ৰমে বনভূমিৰ হ্ৰাসৰ ফলত অসমত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত তীব্ৰ হৈ পৰিছে। বিগত পাঁচ বছৰত হাতীৰ আক্ৰমণত ৩৮৩ জন লোকৰ মৃত্যু হৈছে, আৰু গত বছৰত বাঘৰ আক্ৰমণত চাৰিজনৰ মৃত্যু হৈছে। তথ্য অনুসৰি, ২০১৯-২০ত ৭৫ জন, ২০২০-২১ত ৯১ জন, ২০২১-২২ত ৬৩ জন, ২০২২-২৩ত ৮০ জন আৰু ২০২৩-২৪ত ৭৪ জন লোক হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে।

ইফালে, বন্যপ্ৰাণীৰ ক্ষতিও উল্লেখযোগ্য। বিগত পাঁচ বছৰত ৰে’লৰ খুন্দাত ২৪টা হাতীৰ মৃত্যু হৈছে, বিদ্যুৎ প্ৰৱাহিত হৈ ৫৩টা হাতীৰ মৃত্যু হৈছে, আৰু চোৰাং চিকাৰীৰ হাতত ২০২২-২৩ত ২টা আৰু ২০২৩-২৪ত ১টা হাতী নিহত হৈছে।

Pramod Boro: বিপিএফৰ শাসনত বড়োভূমিত বড়ো-অবড়োৰ মাজত লক্ষ্মণ ৰেখা টনা হৈছিলঃ প্ৰমোদ বড়ো

বিপিএফৰ শাসনত বড়োভূমিত বড়ো-অবড়োৰ মাজত লক্ষ্মণ ৰেখা টনা হৈছিলঃ প্ৰমোদ বড়ো
বিপিএফৰ শাসনত বড়োভূমিত বড়ো-অবড়োৰ মাজত লক্ষ্মণ ৰেখা টনা হৈছিলঃ প্ৰমোদ বড়ো

সমাগত (Pramod Boro)বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এতিয়া ইউপিপিএল দলে তেওঁলোকৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ২২ ছেপ্তেম্বৰৰ বিটিআৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে দেওবাৰে ইউপিপিএল দলৰ সভাপতি তথা বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বাক্সা জিলাৰ মুছলপুৰত এক বৃহৎ সংকল্প সভাত অংশ লৈ প্ৰচাৰ অভিযান চলায়।

সংকল্প সভাত যথেষ্ঠসংখ্যক ৰাইজৰ উপস্থিতিত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বিপিএফ দলৰ ১৭ বছৰীয়া শাসনৰ সমালোচনা কৰি সকলোকে সেই সময়ৰ বিভীষিকাময় সময়ৰ কথা মনত পেলাই দিয়ে। বড়োভূমিত বন্ধ, হিংসা, অস্ত্ৰৰ ঝনঝননিয়ে কিদৰে হাগ্ৰামাৰ শাসনৰ ১৭ বছৰক কুলষিত কৰিছিল সেই কথা ৰাজহুৱা নিৰ্বাচনী সভাত উল্লেখ কৰি প্ৰমোদ বড়োৱে লগতে কয় যে হাগ্ৰামাই বড়ো আৰু অবড়োৰ মাজত বিভেদ আনি বড়োভূমিত হত্যা-হিংসাৰ শাসন চলাইছিল। বড়ো-অবড়োৰ মাজত লক্ষ্মণ ৰেখা টানি হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে এক বিভাজনৰ ৰাজনীতি চলাইছিল।

প্ৰমোদ বড়োৱে নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ থকাৰ সময়তে অৰ্থাৎ ২০০৯ চনত অস্ত্ৰ আৰু হিংসামুক্ত বড়োলেণ্ড গঢ়াৰ সংকল্প লোৱাৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ নেতৃত্বত ইউপিপিএল দলৰ চৰকাৰে ২০২০ চনৰ পৰা বড়োভূমিত অস্ত্ৰ আৰু হিংসাক বিলুপ্ত কৰি শান্তি আৰু উন্নয়ন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

প্ৰমোদ বড়োৱে বড়োভূমিত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত বড়ো জনগোষ্ঠীৰ লগতে বড়োভূমিত বসবাস কৰা ২৬ টা সম্প্ৰদায়ৰ সম উন্নয়নৰ বাবে কাম কৰি অহাৰ বাবে বিগত পাঁচ বছৰত শান্তিৰ শাসন সম্ভৱ হৈছে বুলি দোহাৰে। যথেষ্ট সংগ্ৰামৰ মাজেৰে আগবাঢ়ি অহা বড়ো সমাজে বিপিএফৰ সময়ত স্থায়ী শান্তিৰ সমাধান সূত্ৰ নাপালে কিন্তু ইউপিপিএল দলৰ অধীনত বিগত পাঁচ বছৰত বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে। বড়োভূমিত যুগে যুগে বসবাস কৰা অসমীয়া জনগোষ্ঠীবোৰৰ মাজত চলা ভ্ৰাতৃঘাটি সংঘৰ্ষৰ দিন ইউপিপিএল দলৰ ৰাজনীতিয়ে বিলোপ কৰিছে। বড়োভূমিত এতিয়া সকলো সম্প্ৰদায়ে শান্তিৰে বসবাস কৰিবলৈ সক্ষম হৈছে।

বাক্সা মুছলপুৰত ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰমোদ বড়োৰ লগতে ইউপিপিএল দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম, ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰী শুক্লা চৰণ সমণ্বিতে ইউপিপিএল দলৰ নেতা-কৰ্মী উপস্থিত থাকে।

Weisawdong Falls: ৰাজা ৰঘুবংশীৰ হত্যাৰ ঘটনাৰ কেইবামাহো পিছত পৰ্যটকৰ বাবে মেঘালয়ে পুনৰ মুকলি কৰিলে ৱেইছ’ডং জলপ্ৰপাত

Weisawdong Falls: ৰাজা ৰঘুবংশীৰ হত্যাৰ ঘটনাৰ কেইবামাহো পিছত পৰ্যটকৰ বাবে মেঘালয়ে পুনৰ মুকলি কৰিলে ৱেইছ’ডং জলপ্ৰপাত
Weisawdong Falls: ৰাজা ৰঘুবংশীৰ হত্যাৰ ঘটনাৰ কেইবামাহো পিছত পৰ্যটকৰ বাবে মেঘালয়ে পুনৰ মুকলি কৰিলে ৱেইছ’ডং জলপ্ৰপাত

দেশ জোকাৰি যোৱা ইন্দোৰৰ ব্যৱসায়ী ৰাজা (Weisawdong Falls) ৰঘুবংশীৰ চাঞ্চল্যকৰ হানিমুন হত্যাকাণ্ডৰ কেইবামাহো পিছত মেঘালয়ে ৱেইছ’ডং জলপ্ৰপাত আৰু কাষৰীয়া ৰিয়াট আৰ্লিয়াঙক পৰ্যটকৰ বাবে মুকলি কৰি দিছে। ৰাজ্য চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ লগতে দৰ্শনাৰ্থীৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কঠোৰ নিৰীক্ষণ আৰু সুৰক্ষা ব্যৱস্থাৰ কথা ঘোষণা কৰিছে।মাউফু, উমব্লাই, লাইটডুহ, আৰু লাইটলিণ্ডপৰ গাঁও নেতাসকলৰ সৈতে অতিৰিক্ত উপাযুক্ত এম.এ.চাল্লামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

নতুন ব্যৱস্থা অনুসৰি ৱেইছ’ডং জলপ্ৰপাতত পৰ্যটন সম্পৰ্কীয় কাৰ্য্যকলাপ লাইটডুহ গাঁৱে তদাৰক কৰিব, আনহাতে উম্বলাই গাঁৱে পৰ্যটকৰ বাহনৰ বাবে ৰিয়াট আৰ্লিয়াং পাৰ্কিঙৰ সুবিধা পৰিচালনা কৰিব। সতৰ্কতা বা নিয়ম উলংঘাৰ যিকোনো প্ৰচেষ্টাই কঠোৰ আইনী পৰিণতিৰ সন্মুখীন হ’ব বুলি কৰ্তৃপক্ষই সকীয়াই দিছে।চলিত সপ্তাহৰ আৰম্ভণিতে মেঘালয় আৰক্ষীয়ে ৰাজা ৰঘুবংশীৰ হত্যাৰ ষড়যন্ত্ৰৰ বিশদ বিৱৰণ দি ৭৯০ পৃষ্ঠাৰ এক বিস্তৃত অভিযোগনামা দাখিল কৰিছিল।২৯ বছৰীয়া ৰাজাই ১১ মে’ত বিবাহপাশত আবদ্ধ হোৱা পত্নী সোণম ৰঘুবংশীৰ সৈতে হানিমুনৰ বাবে মেঘালয়লৈ গৈছিল। ইয়াৰ পিছতে ৱেইছ’ডং জলপ্ৰপাতৰ ওচৰত পচি যোৱা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। পিছত তদন্তত সোণম আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাই ৰাজাক হত্যা কৰা বুলি প্ৰমাণ হৈছিল।

লগতে তিনিজন ঠিকাভিত্তিক হত্যাকাৰী—আকাশ ৰাজপুত, বিশাল চৌহান, আৰু আনন্দ কুৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল ।চাৰ্জশ্বীটৰ মতে, ৩০ মে’ত ৰাজাক জলপ্ৰপাতৰ ওচৰত হত্যা কৰা হৈছিল। ৮ জুনত উত্তৰ প্ৰদেশত সোণমে আত্মসমৰ্পণ কৰে।পাঁচজন অভিযুক্তৰ বিৰুদ্ধে হত্যা, প্ৰমাণ ধ্বংস আৰু ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰা হৈছে। এই ঘটনাৰ পিছতে ৱেইছ’ডং জলপ্ৰপাত
পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল।