Home Blog Page 799

সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে, বিহাৰৰ মেগা ৰেলীত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে বিহাৰত এক মেগা ৰেলীত প্ৰতিশ্ৰুতি দিয়ে যে বিজেপিয়ে সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব। শ্বাহে কয় ” প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাত ৰাম লাল্লাৰ মন্দিৰ নিৰ্মাণ কৰিছে৷ এতিয়া বাকী থকা কাম হৈছে মা সীতাৰ জন্মস্থানত এটা মন্দিৰ নিৰ্মাণ কৰা। যিসকলে নিজকে ৰাম মন্দিৰৰ পৰা আঁতৰাই ৰাখিছিল, তেওঁলোকে এনে কৰিব নোৱাৰে৷ যদি কোনোবাই মা সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব পাৰে, তেন্তে সেয়া নৰেন্দ্ৰ মোদী, বিজেপি,”৷

বিহাৰৰ সীতামাঢ়ীত এক ৰেলীত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়। বিহাৰৰ ৪০ টা সংসদীয় সমষ্টিৰ ভিতৰত সীতামাঢ়ীত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন হ‘ব। গৃহমন্ত্ৰী অমিত শ্বাহে কয় ” আজি ক্ষমতাৰ ৰাজনীতিৰ বাবে লালু যাদৱে তেওঁৰ পুত্ৰক মুখ্যমন্ত্ৰী কৰিবলৈ কংগ্ৰেছ দলৰ শৰণাপন্ন হৈছে শ্বাহে কয়- কংগ্ৰেছ, আৰজেডিয়ে কেতিয়াও বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কাৰ্পূৰী ঠাকুৰক ভাৰত ৰত্ন প্ৰদান কৰাৰ কথা ভবা নাছিল, এয়া মোদী চৰকাৰে কৰিছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএয়ে বিহাৰৰ ৪০ খন আসনৰ ভিতৰত ৩৯ খন আসন লাভ কৰিছিল।

গাখীৰ চাহ নাখাব! চাহ আৰু কফি সেৱনৰ বাবে দিলে নতুন নিৰ্দেশনা…

গাখীৰ দিয়া চাহ অপকাৰী। সেয়ে গাখীৰ দিয়া চাহ নাখাব। এনেদৰেই ক’লে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ)। আইচিএমআৰ-এ জাৰি কৰা এক নতুন নিৰ্দেশনাত চাহ আৰু কফি খোৱা লোকসকলক এনে পানীয়ৰ অত্যধিক ব্যৱহাৰৰ বিষয়ে সতৰ্ক কৰি দিয়াৰ লগতে কেতবোৰ বিশেষ পৰামৰ্শও দিছে। আইচিএমআৰে ৰাষ্ট্ৰীয় পুষ্টি প্ৰতিষ্ঠানৰ (এনআইএন) সহযোগত দেশজুৰি স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ প্ৰচাৰৰ বাবে ১৭ টা নতুন আহাৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। এই নিৰ্দেশনাৱলীয়ে এক বৈচিত্ৰ্যপূৰ্ণ আহাৰৰ গুৰুত্ব আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। গৱেষণাটোৱে গাখীৰ চাহকে ধৰি কেফেইনযুক্ত পানীয়ৰ অত্যধিক ব্যৱহাৰৰ বিষয়তো উদ্বেগ প্ৰকাশ কৰিছে। আই.চি.এম.আৰ.-ৰ নিৰ্দেশনাত কোৱা হৈছে যে ‘চাহ, কফি আৰু অন্যান্য কেফেইনযুক্ত পানীয়ৰ সৈতে আহাৰ খোৱা বা আহাৰৰ পিছত চাহ খোৱা পৰিহাৰ কৰিব লাগে। চিকিৎসা সংস্থাটোৱে পৰামৰ্শ দিয়ে যে চাহ বা কফি আহাৰ খোৱাৰ আগতে আৰু পিছত কমেও এঘণ্টাৰ ব্যৱধানত খাব লাগে।

অত্যধিক চাহ , কফি সেৱনৰ বিৰুদ্ধে সতৰ্ক কৰি দি সংস্থাটোৱে কৈছে যে চাহ আৰু কফিত থকা কেফেইনে আমাৰ শৰীৰৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক উদ্দীপিত কৰাৰ লগতে চাহ, কফিৰ ওপৰত আমাক নিৰ্ভৰশীল কৰি তোলে।সংস্থাটোৱে প্ৰকাশ কৰে যে কেফেইনযুক্ত পানীয়ত থকা টেনিনে আমাৰ শৰীৰত লো শোষণত বাধা দিব পাৰে।যাৰ ফলত লোৰ অভাৱ হয় আৰু ৰক্তহীনতাৰ দৰে পৰিস্থিতি হ’ব পাৰে। ইয়াৰ উপৰি অত্যধিক কফি আৰু চাহ সেৱনে ৰক্তচাপ বৃদ্ধি কৰে আৰু হৃদযন্ত্ৰৰ গতি অনিয়মীয়া কৰে। আইচিএমআৰৰ নিৰ্দেশনাৱলীয়ে দৈনিক ৩০০ মিগ্ৰা কেফেইন গ্ৰহণৰ পৰামৰ্শ দিছে।উল্লেখ্য ১৫০ মিলি কফিত ৮০ ৰ পৰা ১২০ মিগ্ৰা কেফেইন থাকে। একেৰদৰে ইনষ্টাণ্ট কফিত ৫০ ৰ পৰা ৬৫ মিগ্ৰা কেফেইন থাকে। একেদৰে একাপ চাহত ৩০ ৰ পৰা ৬৫ মিগ্ৰা কেফেইন থাকে। আইচিএমআৰ নিৰ্দেশনাত নাগৰিকসকলক গাখীৰ চাহ পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে আৰু গাখীৰ অবিহনে চাহ খাবলৈ কৈছে। ইয়াত কোৱা হৈছে যে পৰিমিত হাৰত গাখীৰ অবিহনে চাহ খোৱাৰ ফলত ৰক্ত সঞ্চালন উন্নত হয় আৰু কৰোনেৰী ধমনীৰ ৰোগ আৰু পাকস্থলীৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস পায়। ভিডিঅ’টো তেওঁলোকক যৌন কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে ব্লেকমেইল কৰিবলৈ ব্যৱহাৰ কৰা হৈছে।’’

অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে

আৰম্ভ হৈছে চলিত বৰ্ষৰ হজযাত্ৰা। এইবেলি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ ৩৭০৮ গৰাকী লোকে পৱিত্ৰ হজ সমাপনৰ বাবে মক্কালৈ যাব । ইয়াৰ ভিতৰত পুৰুষ হজযাত্ৰীৰ সংখ্যা হল ২,৬৫১জন আৰু মহিলা হজযাত্ৰীৰ সংখ্যা হল ১,২৮৬ গৰাকী। আজি সন্ধিয়া ৬ বজাত অসমৰ হজযাত্ৰীৰ প্ৰথমটো ৩২২ জনীয়া দল গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা স্পাইছ জেটৰ এখন বিশেষ বিমানৰে পৱিত্ৰ হজ সমাপনৰ উদ্দেশ্যেৰে ছৌদি আৰবৰ জেড্ডাহ অভিমুখে যাত্ৰা কৰিছে। ইফালে যাত্ৰাৰ পূৰ্বে দলটোক বৰঝাৰ বিমানবন্দৰত বিমান বন্দৰ হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ শিবিৰত দলটোক আদৰণি জনায় উত্তৰ পূব হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামান , সদস্য তথা বিধায়ক ৰেকিবুদ্দীন আহমেদ, অধিবক্তা শ্বহিদুল ইছলাম, মুখ্য কাৰ্যবাহী বিষয়া আবুল কালাম, বিমানবন্দৰ হজ অভ্যৰ্থনা সমিতিৰ সভাপতি আলতাভ হুছেইন, কাৰ্যকৰী সভাপতি কাচিম আলীকে ধৰি কেবাজনো কৰ্মকৰ্তাই। চমু ভাষণত নেকিবুৰ জামানে হজযাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে সকলোৱে যাতে মক্কাত ৰাজ্যখনৰ সুখ, শান্তি, সমৃদ্ধি, উন্নয়নৰ বাবে দোৱা কৰি তাৰ কামনা কৰে।

তেনেদৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অাৰু হজমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে হজযাত্ৰী সকলক যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰাৰ বিষয়েও সদৰি কৰি নেকিবুৰ জামানে চৰকাৰে নিদিষ্ট কৰি দিয়া নীতি , নিয়ম সমূহ মানি চলে তাৰ কামনা কৰে । উল্লেখ্য যে অহা ২৩ মে পৰ্যন্ত হজযাত্ৰীৰ বিমান চলাচল কৰিব।। ১৯ আৰু ২০ মে’ত দুখন বিমান হজযাত্ৰী লৈ ৰাওনা হ’ব। তাত থকাৰ সময়চোৱাত হজযাত্ৰী সকলে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ গামোচা ডিঙিত লৈ থাকিব লাগিব। অসমৰ হজযাত্রী থকা হোটেল আদিৰ বিল্ডিংৰ ওপৰত উৰি থাকিব গামোচা। হজযাত্রী সকলক চোৱা চিতা কৰাৰ বাবে অসমৰ পৰা মক্কালৈ ১৯ জন খাদিমুল যাব ।

বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান

বিহু অনুষ্ঠানত অংশ গ্ৰহনক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘটিত দূৰ্ভাগ্যজনক ঘটনাৰ অৱশেষত ওৰ পৰে।আজি পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া মনিষা নাথ, বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰনৱজ্যোতি বৈশ্য ,গাওপ্ৰধান অজয় ডেকা লগতে সদৌ অসম কোচ ৰাজবংশী উণ্ণয়ন পৰিষদৰ অধ্যক্ষ প্ৰনৱ নাৰায়ন দেৱ আৰু অঞ্চল ৰ পাঁচটা সম্প্ৰদায়ৰ লোক ৰ উপস্থিতিত অনুষ্ঠিত সভাত পৰিয়াল কেইটাৰ ওপৰত আৰোপ কৰা কঠোৰ নীতিৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে সমাজ খনে।

লগতে অনাগত দিনবোৰত এনেকুৱা কোনো ধৰণৰ অমানৱীয় নিকৃষ্ট কাণ্ড নকৰাৰ সিদ্ধান্ত ৰে ৰাইজৰ ওচৰত ক্ষমা-ভিক্ষা মাগে নাথ সমাজখনৰ ১৯ টা পৰিয়ালক এঘৰীয়া কৰাৰ প্ৰস্তাৱ লোৱা নাথ সমাজৰ নেতাই। উল্লেখ্য যে দৰঙৰ বামুণঝাৰ ত কোঁচ সম্প্ৰদায়ৰ লোকৰ লগত মিলি বিহু পতাৰ অপৰাধত নাথ সম্প্ৰদায়ৰ প্ৰায় ১৯ টা পৰিয়ালক নাথ সমাজে এবছৰৰ বাবে এঘৰীয়া কৰাৰ উপৰিও দহ হেজাৰ টকা জৰিমনা বিহাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল


ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰৰ মাজমজীয়াত সৰুপথাৰ পৌৰসভাৰ অকমন্যতাৰ বাবে যমদূতৰূপে থকা এটা পুল দীৰ্ঘদিন ধৰি পথচাৰীৰ বাবে আতংকিত হৈ পৰিছিল ৷ দৈনন্দিন বাৰ্তা কাকতত ১৬ মে’ এটা বাতৰি প্ৰকাশ পাইছিল

বাতৰি প্ৰকাশ পোৱাৰ পিচতেই সৰুপথাৰ পৌৰসভাৰ গান্ধাৰীৰুপী পৌৰপতিক সৰ্বত্ৰে সমালোচনা কৰিছিল ৷ বাতৰি প্ৰকাশ হোৱাৰ পিচতে সৰুপথাৰ পৌৰসভা তৎপৰ হৈ লোক নিৰ্মান বিভাগক নিৰ্দেশ দিয়ে লোক নিৰ্মান বিভাগৰ বিষয়া উপস্হিত হৈ এস্কেভেটৰ সহায়ত বৃহস্পতিবাৰে সন্ধিয়া যমদুতৰুপী পুলটো উঠাই দিয়ে ৷

কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…

অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো বাহিৰা ব্যক্তি অথবা সংগঠনক কটন বিশ্ববিদ্যালয়ৰ সম্পত্তি ‘আউটচৰ্চিং’ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সন্মতি নিদিয়ে বুলি ষ্পষ্টভাৱে ব্যক্ত কৰাৰ বাবে আৰু কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এনেধৰণৰ পদক্ষেপ ততালিকে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া কাৰ্যক কটন বিশ্ববিদ্যালয় শিক্ষক সংস্থাই আদৰণি জনাইছে । কিয়নো মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ থাকিব বুলি কটন বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজে অনুভৱ কৰে ।

উল্লেখ্য যে, কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কটন বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ভাৰতীয় ষ্টেট বেংকে এটা ক্ষেত্ৰীয় কাৰ্যালয় নিৰ্মাণৰ যি প্ৰস্তাৱ যোৱা ৮ মাৰ্চ তাৰিখে অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ সভাত উত্থাপন কৰিছিল, কটন বিশ্ববিদ্যালয় শিক্ষক সংস্থাই পোনচাটেই বিভিন্ন যুক্তিৰে এই প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছিল । আলোচনাৰ অন্তত কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এখন সমিতি গঠনৰ দ্বাৰা ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা প্ৰেৰিত প্ৰস্তাৱৰ সম্ভৱপৰতাহে চালি-জাৰি চাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু আশ্চৰ্যজনকভাৱে কাৰ্যবাহী পৰিষদৰ সেই সিদ্ধান্ত অজ্ঞাত কাৰণত সংশোধন কৰি কৰ্তৃপক্ষই আন বহিৰাগত প্ৰতিষ্ঠানৰ বাবেও স্থান নিৰ্বাচনৰ উদ্দেশ্যেৰে যোৱা ১৩ মে’ত এখন সমিতি গঠন কৰিছিল ।

যাৰ প্ৰতিক্ৰিয়া বহুলভাৱে বিয়পি পৰাত আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা জাননীখন উঠাই লবলৈ বাধ্য হয় । সেয়েহে, এনেধৰণৰ কাৰ্য সম্পাদন কৰিবলৈ যোৱাৰ প্ৰক্ৰিয়াত জড়িত হৈ থকা সমগ্ৰ বিষয়বোৰ বিবেচনা কৰি আৰু সংশ্লিষ্ট অংশীদাৰ সকলোকে জড়িত কৰিহে কৰ্তৃপক্ষ আগবঢ়া উচিত বুলি বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজে অনুভৱ কৰে । লগতে, কাৰ্যবাহী পৰিষদৰ সিদ্ধান্তক অৱমাননা বা বিকৃত নকৰিবলৈও শিক্ষক সংস্থাই কৰ্তৃপক্ষক অনুৰোধ জনায় । এক প্ৰেছ বিজ্ঞপ্তিযোগে কটন বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সভাপতি ড° সুৰেশ কুমাৰ নাথ আৰু সম্পাদক ড° জ্ঞানেন্দ্ৰ বৰ্মণে এই কথা জনাইছে।

ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…


দুমাহে কোনো সন্ধান ওলোৱা নাই নিৰুদ্দেশ হোৱা অনিমা ৰায়ৰ । ইয়াকেলৈ অঞ্চল জুৰি শোকৰ ছাঁ ।
ধুবুৰী জিলাৰ চৰাইখোলা গাঁওৰ ৰবীন্দ্ৰ নাথ ৰায়ৰ পত্নী আছিল অনিমা ৰায় । অনিমাৰ দুটা কণমানি ছোৱালী এৰি অনিমা কলৈ গল আজিও পৰিয়ালে নাপালে কোনো সন্ধান ।

কৰ্ম সুত্ৰে অনিমাৰ স্বামী ৰবীন্দ্ৰৰ মাতৃ পিতৃ কণমানি ছোৱালী আৰু পত্নীক ঘৰত ৰাখি অৰুণাচলত থাকে । নিজ পত্নী নিৰুদ্দেশ হোৱা খৱৰ পোৱাৰ লগে লগে 13 মাৰ্চ দিনা গাড়ীত উঠে ৰবীন্দ্ৰ নাথ ৰায় অৰুণাচলৰ পৰা ঘৰলৈ আহি আত্মীয় সজনৰ ঘৰত খা খৱৰ লয় যদিও পিছতো কতো সন্ধান নাপাই 15 মাৰ্চেৰ দিনা গোলকগঞ্জ থানাত

এখন এজহাৰ দাখিল কৰে । কোনো সদাশয় ব্যক্তি য়ে যদি অনিমাৰ কোনো সন্ধান পায় তেন্তে ওচৰৰ থানাত জনোৱাৰ বাবে পৰিয়ালৰ লোকে আহ্বান জনায় । নাইবা ৰবীন্দ্ৰ নাথ ৰায়ক মোবাইল নম্বৰত 6000283110 যোগা যোগা কৰিবলৈ অনুৰোধ জনায়।

কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…

অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো বাহিৰা ব্যক্তি অথবা সংগঠনক কটন বিশ্ববিদ্যালয়ৰ সম্পত্তি ‘আউটচৰ্চিং’ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সন্মতি নিদিয়ে বুলি ষ্পষ্টভাৱে ব্যক্ত কৰাৰ বাবে আৰু কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এনেধৰণৰ পদক্ষেপ ততালিকে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া কাৰ্যক কটন বিশ্ববিদ্যালয় শিক্ষক সংস্থাই আদৰণি জনাইছে । কিয়নো মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ থাকিব বুলি কটন বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজে অনুভৱ কৰে ।

উল্লেখ্য যে, কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কটন বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ভাৰতীয় ষ্টেট বেংকে এটা ক্ষেত্ৰীয় কাৰ্যালয় নিৰ্মাণৰ যি প্ৰস্তাৱ যোৱা ৮ মাৰ্চ তাৰিখে অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ সভাত উত্থাপন কৰিছিল, কটন বিশ্ববিদ্যালয় শিক্ষক সংস্থাই পোনচাটেই বিভিন্ন যুক্তিৰে এই প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছিল । আলোচনাৰ অন্তত কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এখন সমিতি গঠনৰ দ্বাৰা ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা প্ৰেৰিত প্ৰস্তাৱৰ সম্ভৱপৰতাহে চালি-জাৰি চাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু আশ্চৰ্যজনকভাৱে কাৰ্যবাহী পৰিষদৰ সেই সিদ্ধান্ত অজ্ঞাত কাৰণত সংশোধন কৰি কৰ্তৃপক্ষই আন বহিৰাগত প্ৰতিষ্ঠানৰ বাবেও স্থান নিৰ্বাচনৰ উদ্দেশ্যেৰে যোৱা ১৩ মে’ত এখন সমিতি গঠন কৰিছিল ।

যাৰ প্ৰতিক্ৰিয়া বহুলভাৱে বিয়পি পৰাত আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা জাননীখন উঠাই লবলৈ বাধ্য হয় । সেয়েহে, এনেধৰণৰ কাৰ্য সম্পাদন কৰিবলৈ যোৱাৰ প্ৰক্ৰিয়াত জড়িত হৈ থকা সমগ্ৰ বিষয়বোৰ বিবেচনা কৰি আৰু সংশ্লিষ্ট অংশীদাৰ সকলোকে জড়িত কৰিহে কৰ্তৃপক্ষ আগবঢ়া উচিত বুলি বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজে অনুভৱ কৰে । লগতে, কাৰ্যবাহী পৰিষদৰ সিদ্ধান্তক অৱমাননা বা বিকৃত নকৰিবলৈও শিক্ষক সংস্থাই কৰ্তৃপক্ষক অনুৰোধ জনায় । এক প্ৰেছ বিজ্ঞপ্তিযোগে কটন বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সভাপতি ড° সুৰেশ কুমাৰ নাথ আৰু সম্পাদক ড° জ্ঞানেন্দ্ৰ বৰ্মণে এই কথা জনাইছে।

খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…

খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন

সাংবাদিকে বৌদ্ধিক নেতৃত্ব ল’লেই নহ’ব, বুদ্ধ হোৱাৰ অনুশীলনো কৰিব লাগিব

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ৰক্ষক সাংবাদিকসকলে বৌদ্ধিক নেতৃত্ব ল’বলৈ লগা হৈছে। আগতে এই দায়িত্ব শিক্ষকৰ হাতত আছিল যদিও অতি সম্প্ৰতি বৌদ্ধিক নেতৃত্বৰ দায়িত্ব সাংবাদিকসকলৰ হাতলৈ যাব ধৰিছে। কিন্তু সেই অনুপাতে সাংবাদিকসকলৰ মাজত সাৰ্বজনীন ভাৱে অধ্যয়ন সংস্কৃতি আশাপদ ভাৱে গঢ়ি উঠা নাই। সাংবাদিকে বৌদ্ধিক নেতৃত্ব ল’লেই নহ’ব , বুদ্ধ হোৱাৰ অনুশীলনো কৰিব লাগিব। আজি গুৱাহাটীৰ খানামুখত প্ৰবীণ সাংবাদিক প্ৰয়াত ৰজত চন্দ্ৰ বৈশ্যৰ এক স্মৃতিচাৰণ অনুষ্ঠানত ভাগ লৈ বিশিষ্ট শিক্ষাবিদ তথা প্ৰবীণ সাংবাদিক পৰেশ বৈশ্যই

এইদৰে কয়। তেওঁ আৰু কয় যে সাংবাদিকসকলে ৰাইজৰ মুখপাত্ৰ হৈ সমাজৰ কল্যাণৰ হকে সেৱা আগবঢ়াব লাগিব। কামিনী কান্ত কলিতাৰ সভাপতিত্ব অনুষ্ঠিত উক্ত সভাত গিৰীন্দ্ৰ কাকতিৰ সম্পাদনাত প্ৰকাশিত প্ৰয়াত ৰজত বৈশ্যৰ সোঁৱৰণী গ্ৰন্থ ” ৰজত জ্যোতি” উন্মোচন কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই। তেওঁ ভাষণ প্ৰসংগত কয় যে সাংবাদিক ৰজত বৈশ্যৰ যে এক শক্তিশালী গণভিত্তি আছিল, সেয়া তেওঁৰ স্মৃতিচাৰণ সভাই প্ৰমাণ কৰিলে।

সভাত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধিয়েও ভাষণ দি সাংবাদিক ৰজত বৈশ্যৰ সাংবাদিকতাৰ বিভিন্ন দিশ আলোকপাত কৰে। সভাত বিভিন্ন স্থানীয় বিভিন্ন সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানৰ ভালে কেইজন গুণমুগ্ধই প্ৰয়াত সাংবাদিক গৰাকীৰ জীৱন চৰ্চা কৰে। সভাত সাংবাদিক অঞ্জন শৰ্মা, তৰণী চৰণ কলিতা, প্ৰকাশ ডেকা, নৰেশ্বৰ ৰাজবংশীও উপস্থিত থাকে। অনুষ্ঠানত প্ৰয়াত সাংবাদিক ৰজত বৈশ্যৰ পৰিয়ালবৰ্গকো চিনাকি কৰি দিয়া হয়। অনুষ্ঠানত অঞ্চলটো শতাধিক বৰেণ্য ব্যক্তি উপস্থিত থাকে।

সাধাৰণ জনতাৰ বাবে সু-খবৰ ! মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ…

মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ, চৰকাৰে কৰৰ ওপৰত লৈছে ডাঙৰ সিদ্ধান্ত ।

নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে সাধাৰণ জনতাৰ বাবে আহিব ডাঙৰ খবৰ।

চেণ্ট্ৰেল ব’ৰ্ড অৱ ইনডাইৰেক্ট টেক্সে উইণ্ডফল টেক্স হ্ৰাস কৰাৰ সিদ্ধান্ত ।