Home Blog Page 8

Guwahati News: ৫ শতাধিক ১০৮ৰ চালক-কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি

৫ শতাধিক ১০৮ৰ চালক-কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি
৫ শতাধিক ১০৮ৰ চালক-কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি

প্ৰতিবাদী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ চৰকাৰ।(Guwahati News)

৫ শতাধিক ১০৮ৰ চালক-কৰ্মচাৰীক বৰ্খাস্ত চৰকাৰৰ।

চচলত অৰ্ধ উলংগ হৈ প্ৰতিবাদ ১০৮ কৰ্মচাৰী।

চাকৰিৰ পৰা অব‍্যাহতি দিয়াৰ পিছতেই পুনৰ প্ৰতিবাদ।

১০৮ৰ চালক-কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল চচল।

ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত ১০৮ৰ চালক-কৰ্মচাৰীৰ।

১০৮ৰ শতাধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি।

দৰমহা বৃদ্ধিৰ দাবীৰে ১ ডিচেম্বৰৰ পৰা কৰিছিল প্রতিবাদ।

পূর্বে বর্খাস্ত হৈছিল ২১৭ প্ৰতিবাদকাৰী চিকিৎসক।

একাংশ কৰ্মচাৰীয়ে প্ৰতিবাদ কৰি ১০৮ক অচল কৰাৰ চেষ্টাৰ অভিযোগ।

ভিন্ন অধিকাৰৰ দাবীত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা ১০৮ৰ ৫শতাধিক কৰ্মীক চাকৰিব পৰা অব্যাহতি প্ৰদান কৰিলে অসম চৰকাৰে।

ইতিমধ্যে পাঁচ শতাধিক কৰ্মচাৰীলৈ আহিছে অব্যাহতি পত্ৰ।

Darrang News: অসমৰ এগৰাকী সংস্কৃত পণ্ডিত, সুবক্তা, দৰংৰত্ন মতিদেৱ শাস্ত্ৰীৰ মৃত্যুত শোকৰ ছাঁ

অসমৰ এগৰাকী সংস্কৃত পণ্ডিত, সুবক্তা, দৰংৰত্ন মতিদেৱ শাস্ত্ৰীৰ মৃত্যুত শোকৰ ছাঁ
অসমৰ এগৰাকী সংস্কৃত পণ্ডিত, সুবক্তা, দৰংৰত্ন মতিদেৱ শাস্ত্ৰীৰ মৃত্যুত শোকৰ ছাঁ

অসমৰ (Darrang News) এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত, অৰ্ধশতাধিক গ্ৰন্থ প্ৰণেতা, সুবক্তা, দৰংৰত্ন মঙলদৈৰ মতিদেৱ শাস্ত্ৰীৰ আকস্মিক মৃত্যৰ খবৰে গুণমুগ্ধ সকলক শোকৰ সাগৰত পেলাই। বুধবাৰে ৰাতি ৭ মান বজাত শাস্ত্ৰীৰ গা বেয়া লগাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও প্ৰাথমিক চিকিৎসা কৰাৰ পিছতে ৮-৩৫ বজাত শাস্ত্ৰীয়ে ইহলীলা সম্বৰণ কৰে।

মৃত্যুৰ সময়ত মতিদেৱ শাস্ত্ৰী বয়স আছিল ৯৩ বছৰ। কোনোদিনে কোনো গুৰুতৰ ৰোগ নোহোৱা শাস্ত্ৰীৰ মৃত্যুত জিলা খনৰ লগতে ৰাজ্যখনৰ সাহিত্য জগতত শোকৰ ছাঁ পৰে। প্ৰয়াত মতিদেৱ শাস্ত্ৰী আছিল এখন অভিধান সদৃশ ব্যক্তি । মৃত্যুৰ এদিন আগলৈকে শাস্ত্ৰীয়ে খোজ কাঢ়ি বজাৰ সমাৰ কৰিছিল।

Vladimir Putin: আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

আজি(Vladimir Putin)দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।

২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ ল’ব পুটিনে।

এই ভ্ৰমণতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ’ব পুটিন।

ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিবলৈ আমেৰিকাই ভাৰতৰ ওপৰত হেঁচা বৃদ্ধি কৰাৰ কেইমাহমানৰ পাছত এই ভ্ৰমণৰ সময়ত দিল্লী আৰু মস্কোৱে বহুকেইটা চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ উপৰিও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈতে যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰয়াসত ধাৰাবাহিকভাৱে আলোচনা চলাইছে।

দশক দশক ধৰি ভাৰত আৰু ৰাছিয়াৰ ঘনিষ্ঠ আৰু পুটিন আৰু মোদীৰ মাজতো এক ভাল সম্পৰ্ক আছে।

কংগ্ৰেছৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতি সদইচ্ছা নাই !

কংগ্ৰেছৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতি সদইচ্ছা নাই !
কংগ্ৰেছৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতি সদইচ্ছা নাই !

অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া লোকৰ প্ৰতি অসম চৰকাৰ আৰু আমাৰ দল সদায় দায়বদ্ধ। ছয় জনজাতি ক্রমে মৰাণ, মটক, আহোম, চুতিয়া, কোঁচ আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানত ভাৰতীয় জনতা পার্টিয়ে সমর্থন কৰে। সংবাদমেলযোগে এই মন্তব্য প্রদান কৰি প্ৰদেশ বিজেপিৰ মুখপাত্র ড০ দেৱজিৎ মহন্তই কংগ্ৰেছক সমালোচনা কৰি কয় যে, কংগ্ৰেছৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াৰ প্ৰতি সদইচ্ছা নাই, থকা হ’লে এন ডি এ মিত্রজোঁটৰ অগপ দলৰ ৰাজ্যসভাৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যোৱা ২ ডিচেম্বৰত ছয় জনজাতিৰ জনজাতিকৰণৰ সমর্থনত যেতিয়া সংসদত বক্তব্য আগবঢ়াইছিল তেতিয়া কংগ্রেছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনক (এছ আৰ) ইচ্ছ্যু হিচাপে লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। এই ক্ষেত্ৰত বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ তথা অসমৰ কংগ্ৰেছ সাংসদসকলৰ জনজাতিকৰণ সম্বন্ধত নিৰৱ ভূমিকাই জনজাতিকৰণৰ বিৰোধিতাৰ স্থিতিকে স্পষ্ট কৰে।

সংবাদমেলত ড০ মহন্তই ছাৰৰ বিৰোধিতা কৰি মিঞাপ্রীতি কৰাতকৈ গৌৰৱ গগৈয়ে জনজাতিকৰণৰ বাবে সংসদত মাত মাতক বুলি বক্তব্য আগবঢ়াই। গৌৰৱ গগৈয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্রীগোটৰ প্রতিবেদনক ভুৱা আখ্যা দি ছটা জনজাতিকে অপমাণ কৰিছে। যদি গৌৰৱ গগৈ বা অসম কংগ্ৰেছৰ হাতত জনজাতিকৰণ কিবা নতুন মডেল বা নীতি বা পৰিকল্পনা আছে সেয়া ৰাজহুৱাভাৱে ঘোষণা কৰক। গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈ ১৫ বছৰ আৰু হিতেশ্বৰ শইকীয়াই ৮ বছৰ মুখ্যমন্ত্রী আছিল। দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে আহোম সম্প্ৰদায়ৰ। আহোমসকলৰ জনজাতিকৰণৰ বাবে দুয়োগৰাকী মুখ্যমন্ত্রীয়ে একো পদক্ষেপেই লোৱা নাছিল বুলি সংবাদমেলযোগে ড০ মহন্তই অভিযোগ আনে। যদি গৌৰৱ গগৈৰ জনজাতিকৰণৰ প্ৰতি সদইচ্ছা আছে তেনেহ’লে গৌৰৱ গগৈয়ে ছটা সংগঠনৰ নেতৃত্বক লৈ চৰকাৰৰ সৈতে আলোচনাৰ প্ৰস্তাৱ নিদিয়ে কিয়?

যদি সদইচ্ছা আছে মিঞাপ্রীতি এৰি ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সংসদৰ শীতকালিন অধিৱেশনত মাত মাতক গৌৰৱ গগৈয়ে। যোৱাকালি মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত অসমৰ বিজেপি সাংসদ সকলৰ সৈতে হোৱা বৈঠকত অসমৰ সাংসদসকলক উন্নয়নমূলক কাম-কাজক লৈ ২৬ ৰ নিৰ্বাচনৰ সন্মুখীন হোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায়। একে দিনাই নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ বাসগৃহত আয়োজিত সভাত মিত্ৰতাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱাত ব্যর্থ হয় কংগ্ৰেছ। কংগ্ৰেছ কেৱল মাত্র ২২ টা সংখ্যালঘু অধ্যুষিত সমষ্টি আৰু যিবিলাক সমষ্টিত ৩০ শতাংশতকৈ অধিক সংখ্যালঘু ভোটাৰ আছে সেইবিলাক সমষ্টিত বেছি মনোনিবেশ কৰাৰ বাবে কংগ্ৰেছৰ বৈঠকত পৰামৰ্শ আগবঢ়ায়। ইয়ে প্ৰমাণ কৰে কংগ্ৰেছৰ ভূমিপুত্ৰ অধ্যুষিত সমষ্টিসমূহত কোনো গণভিত্তি নাই। বিপৰীতে আমাৰ দল আৰু চৰকাৰে জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ সংকল্পৰে সদায় ভূমিপুত্ৰসকলৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে আৰু ভৱিষ্যতেও জনতা জনার্দনৰ আৰ্শীবাদত কাম কৰি যাব।

মঙলদৈত ১০৮ সেৱাৰ ড্ৰাইভাৰক আক্ৰমণ

ইহাটা চাৰিআলিৰ মদনপুৰ টোলগেটৰ সমীপত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনা। দলবদ্ধ আক্ৰমণৰ বলি মঙলদৈৰ প্ৰশান্ত ডেকা নামৰ এজন ড্ৰাইভাৰ। প্ৰশান্ত ডেকাৰ ঘৰ মঙলদৈৰ ঠেকেৰাবাৰীত। ডুমুনীচকীৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৰোগী লৈ গৈ থকা অৱস্থাত ১৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে। 

উল্লেখযোগ্য যে, একেদৰে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈ থকা অৱস্থাত আন এখন বাহনতো আক্ৰমণৰ চেষ্টা আক্ৰমণকাৰী দলৰ। পিছত স্থানীয় ৰাইজে খবৰ দিয়ে বাইহাটা আৰক্ষী থানাক।

তাৰোপৰি  ১০৮ জৰুৰীকালীন সেৱাৰ অংশকালীন ড্ৰাইভাৰৰ অনিৰ্দিষ্ট কাললৈ চলি থকা কৰ্মবিৰতি আৰু ধৰ্মঘটৰ সময়ত জিলা প্ৰশাসনে ৰোগীৰ তৎকালীন সেৱাৰ বাবে একাংশ গাড়ী চালকক ব্যৱহাৰ কৰিছিল। কিন্তু তেনে সময়তে জুইয়ে পোৰা ৰোগীক ১০৮ সেৱাৰে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি ঘূৰি অহাৰ পথত এই ঘটনা সংঘটিত হয়। আনহাতে ভুক্তভোগীয়ে  এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰি মুখ্যমন্ত্ৰীলৈ আহ্বান জনায়।

চাহ শ্ৰমিকক মাটিৰ পট্টা: বাগিচাই বাগিচাই চাৰিজনীয়া কমিটী…

অতি সোনকালেই বাগিচাৰ চাহ শ্ৰমিকৰ হাতত বিজেপি চৰকাৰে তুলি দিব মাটিৰ পট্টা । তাৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে । ৰাজ্যপালে অনুমোদন জনালেই যাতে বাগিচাৰ মাটি চৰকাৰলৈ হস্তান্তৰ হয় তাৰ বাবে মঙলবাৰে জিলা আয়ুক্তসকলৰ সৈতে জৰুৰী বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে ৷

মুখ্যমন্ত্ৰীয়ে বুধবাৰে গুৱাহাটীত কয়, “চাহ বাগিচাৰ মাটিৰ পট্টাৰ বিষয়টোত মঙলবাৰে আমাৰ জিলা উপায়ুক্তৰ লগত এখন সভা হৈছিল । প্ৰত্যেকখন বাগিচাত একোখন চাৰিজনীয়া কমিটী গঠন কৰা হ’ব ৷ সেই চাৰিজনীয়া কমিটীখনে শ্ৰমিকসকলৰ আৱেদন-পত্ৰ সংগ্ৰহ কৰাত সহায় কৰিব । কাৰণ মাটি-বাৰীৰ সবিশেষ থাকিব, সেইবোৰ পূৰাব লাগিব । সেই কামখিনি কমিটীখনে কৰি দিব । ৰাজ্যপালৰ অনুমোদন পোৱাৰ লগে লগে বাগিচাৰ পৰা চৰকাৰলৈ হস্তান্তৰ হোৱা প্ৰক্ৰিয়াটো যাতে সোনকালে সম্পূৰ্ণ কৰিব পাৰি তাৰ বাবেও আমি জিলা আয়ুক্তসকলক মঙলবাৰে নিৰ্দেশ দিছোঁ ।”

তেওঁ লগতে কয়, “আঠশ বাগানত একেলগে ছাৰ্ভে কৰাটো সম্ভৱ নহয় । সেয়ে পৰ্যায়ক্ৰমে যাতে বাগিচাসমূহত তেওঁলোকে ছাৰ্ভে কৰি এটা নিদিৰ্ষ্ট সময়ৰ ভিতৰত প্ৰক্ৰিয়াটো শেষ কৰে তাৰ বাবে কালি মঙলবাৰে আয়ুক্তসকলৰ লগত আলোচনা কৰিছে অসম চৰকাৰে ।”

আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ বান অসম আৰু অস্তিত্ব অসমৰ আত্মসমৰ্পণ

নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনত আন এক মোক্ষম আঘাত ৷ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ হিচাপে চৰ্চা হোৱা অৰুণোদয় অসমৰ পাছত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে আলফা স্বাধীনৰ আন দুই দুৰ্ধৰ্ষ কেডাৰে ৷ আত্মসমৰ্পণ কৰা উগ্ৰপন্থী দুজন বান অসম আৰু অস্তিত্ব অসম বুলি চিনাক্ত কৰা হৈছে ।

তিনিচুকীয়া আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, অৰুণাচল প্ৰদেশৰ নঙটাও খামটী নামৰ এক স্থানৰ পৰা অসম আৰক্ষীৰ এটা দলে অৰুণাচল আৰক্ষীৰ সহযোগত বান অসম আৰু অস্তিত্ব অসমক উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ দলটোৱে নামচাই আৰক্ষী থানাৰ পৰা দুয়োকে নিজৰ জিম্মাত লয় আৰু তেওঁলোকক তিনিচুকীয়া সদৰ আৰক্ষী থানালৈ অনা হয় ৷ সম্প্ৰতি তিনিচুকীয়া সদৰ আৰক্ষী থানাতেই বান অসম আৰু অস্তিত্ব অসমৰ মাৰাথন জেৰা চলা থকা হৈছে ।

তিনিচুকীয়া আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, দুই কেডাৰৰ পৰা আৰক্ষীয়ে এটা এম কিউ ছিৰিজৰ ৰাইফল, ১৫৩ ৰাউণ্ড সক্ৰিয় গুলী, তিনিটাকৈ মেগজিন আৰু এটা EY shell উদ্ধাৰ কৰে ৷ জানিব পৰা মতে, বান অসম আৰু অস্তিত্ব অসম পূৰ্বে অৰুণোদয় দহোতীয়াৰ নেতৃত্বত থকা মূল শিৱিৰটোৰ কেডাৰ আছিল ৷ আত্মসমৰ্পণৰ বাবে অসমত প্ৰৱেশ কৰা পূৰ্বে ২৭ নৱেম্বৰত ম্যানমাৰৰ ৭৭৯ শিৱিৰৰ পৰা পলায়ন কৰিছিল বান অসম আৰু অস্তিত্ব অসমে ।

উল্লেখ্য যে, কাকপথাৰৰ ভাৰতীয় সেনাৰ শিৱিৰত আলফা স্বাধীনে কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ পাছৰে আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে ৷ এই সময়চোৱাত আৰক্ষীৰ জালত পৰিছে ইগৰাকীৰ পাছত সিগৰাকী দুৰ্ধৰ্ষ কেডাৰ ৷ ইয়াৰ মাজতেই ২৩ নৱেম্বৰত আলফা স্বাধীনৰ সাধাৰণ সম্পাদক তথা বিত্ত সম্পাদক স্বয়ম্ভূ মেজৰ জেনেৰেল অৰুণোদয় অসম ওৰফে অৰুণোদয় দহোতীয়াই অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷

ৰহস্যজনকভাৱে অৰুণোদয় দহোতীয়াই আত্মসমৰ্পণ কৰাৰ পাছতে পুনৰ দুই কেডাৰে আত্মসমৰ্পণ কৰা বিষয়টো আলফা স্বাধীনৰ শিৱিৰত যে মোক্ষম আঘাত পৰিব সেয়া নিশ্চিত । অৱশ্যে, এইপৰ্যন্ত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰাটোও আশ্চর্যজনক ।

Lemon: ঠাণ্ডা দিনত নেমু কেনেকৈ খাব, জানেনে?

ঠাণ্ডা দিনত নেমু কেনেকৈ খাব, জানেনে?
ঠাণ্ডা দিনত নেমু কেনেকৈ খাব, জানেনে?

বহুতে(Lemon) নেমু প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰে। আপুনি জানেনে যে নেমু টেঙা এচিডিক হোৱাৰ পিছতো পেটৰ এচিডিটি হ্ৰাস কৰাত সহায় কৰে?

গ্রীষ্মকালৰ তুলনাত শীতকালত নেমুৰ খোৱা পৰিমাণ সামান্য হ্ৰাস পোৱাৰ প্ৰৱণতা থাকে যদিও বহু খাদ্য নেমু অবিহনে অসম্পূৰ্ণ। নেমু সেৱনে ভিটামিন চি পুনৰ ভৰাই তোলাত সহায় কৰে, কিন্তু আপুনি জানেনে যে ইয়াৰ টেঙা, এচিডিক সোৱাদ থকাৰ পিছতো নেমু পেটৰ এচিডিটি হ্ৰাস কৰাত সহায় কৰিব পাৰে? নেমুয়ে কেৱল এচিডিটিত সহায় কৰাই নহয়, কোষ্ঠকাঠিন্য, জ্বলন, বদহজম আদিও দূৰ কৰাত সহায় কৰে।

নেমু অম্লীয় প্ৰকৃতিৰ যদিও পানীৰ লগত মিহলি হ’লে ইয়াৰ সোৱাদ সলনি হয়। কাৰণ এবাৰ গ্ৰহণ কৰিলে ইয়াৰ গুণ সলনি হৈ মিঠা আৰু ক্ষাৰকীয় হৈ পৰে। এই গুণৰ বাবে নেমুই এচিডিটি আৰু পেটৰ সমস্যাৰ পৰা সকাহ দিয়ে। আয়ুৰ্বেদত নেমুক ব্যৱহাৰ কৰা হয়। শৰীৰত পিত্ত ভাৰসাম্য ৰক্ষা কৰিলে পেটৰ সমস্যা কমি যাব। গেছ কম হ’ব, খাদ্য ভাল হজম হ’ব, বেলচিং আৰু এচিড কম হ’ব। অৱশ্যে নেমু কেতিয়া আৰু কেনেকৈ খাব লাগে সেয়াও গুৰুত্বপূৰ্ণ। যদি খাদ্য খোৱাৰ পিছত গধুৰতা বা গেছ অনুভৱ হয় তেন্তে খাদ্য খোৱাৰ আগতে নেমু গ্ৰহণ কৰিব পাৰি। ইয়াৰ ফলত হজম শক্তি আৰু পেটত থকা অতিৰিক্ত এচিড শান্ত হ’ব।

লিভাৰ পৰিষ্কাৰ কৰাতও নেমু সহায়ক। ই যকৃতত পিত্তৰ ভাৰসাম্য ৰক্ষা কৰে আৰু বিষমুক্তকৰণত সহায় কৰে। নেমু আৰু পানী যিকোনো সময়তে গ্ৰহণ কৰিব পাৰি। তদুপৰি বতৰ পৰিৱৰ্তনৰ লগে লগে পিয়াহ আৰু মুখ শুকান বাঢ়ি যায়। মৌৰ লগত নেমুৰ পানী মিহলাই খালে সকাহ পোৱা যায় আৰু ডিঙিৰ শুকানতা কম হয়।

Himanta Biswa Sarma: সুলভ মূল্যত চাউল, মচুৰ দাইল-চেনি-নিমখ বিতৰণৰ পিছতে ৰন্ধন গেছত দিব ৰেহাই

সুলভ মূল্যত চাউল, মচুৰ দাইল-চেনি-নিমখ বিতৰণৰ পিছতে ৰন্ধন গেছত দিব ৰেহাই
সুলভ মূল্যত চাউল, মচুৰ দাইল-চেনি-নিমখ বিতৰণৰ পিছতে ৰন্ধন গেছত দিব ৰেহাই

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।(Himanta Biswa Sarma)

ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ।

সুলভ মূল্যত চাউল, মচুৰ দাইল-চেনি-নিমখ বিতৰণৰ পিছতে ৰন্ধন গেছত দিব ৰেহাই।

ৰন্ধন গেছৰ চিলিণ্ডাৰত ৩০০ টকাৰ ৰাজসাহায্য।

২০লাখ পৰিয়ালে লাভ কৰিব ৰন্ধন গেছ।

মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ অধীনত লাভ কৰিব ৰন্ধন গেছ।

মঙলবাৰে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে- সুলভ মূল্যত চাউল, মচুৰ দাইল-চেনি-নিমখ বিতৰণৰ পাছত এইবাৰ আমি প্রতিগৰাকী যোগ্যবিবেচিতলৈ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ৩০০ টকাৰ ৰাজসাহায্যৰে অতিৰিক্ত ৰেহাই দিবলৈ আগবাঢ়িছোঁ।

‘মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি’য়ে ৰাজ্যৰ ২০ লাখ অৰুণোদয় পৰিয়াললৈ স্বস্তি আৰু আনন্দ কঢ়িয়াই আনিব বুলি আমি আশাবাদী।

Asom Sahitya Sabha: অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ
অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ

যোৰহাট জিলা(Asom Sahitya Sabha)পুথিভঁৰাল প্রাংগণত মঙলবাৰে প্ৰথম দিনা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত অসমৰ বিভিন্ন স্থানৰ পৰা আহি অংশগ্রহণ কৰে কেন্দ্রীয় কার্যনির্বাহকসকলকে ধৰি অন্যান্য অতিথিসকলৰ অংশগ্ৰহণত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ চৌহদ। সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়ামতে প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ পবিত্ৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কার্যসূচীত যোৰহাট, চৰাইদেউ, শিৱসাগৰ, মাজুলী আৰু গোলাঘাটৰ প্রায় ১০০ গৰাকী বয়োজ্যেষ্ঠ নির্বাচিত ব্যক্তিয়ে পতাকা উত্তোলন কৰে। মূল সভাৰ পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। পতাকা উত্তোলন কৰি তেওঁ কয় যে অতীতৰ ঐতিহ্যক ৰোমন্থন কৰিলে হনুমন্তিয় শক্তি লাভ কৰিব পাৰি।

চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ চৌহদত উত্তোলিত হোৱা এই পতাকা উত্তোলন কার্যসূচীত স্থানীয় স্বেচ্ছাসেৱী সংগঠন হেঁপাহৰ ১০০ গৰাকী সদস্যাৰ দ্বাৰা পৰিৱেশিত হয় অসম সংগীত। সাহিত্যাচার্য মিত্ৰদেৱ মহন্ত ৰচিত সভাৰ আৰম্ভণি গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী…’ যোৰহাট জিলা সাহিত্য সভাৰ ১০০ গৰাকী সদস্য-সদস্যা শিল্পীৰ দ্বাৰা পৰিৱেশন কৰাৰ লগতে বিশ্বনাথ জিলাৰ ধ্ৰুৱজ্যোতি ৰাজখোৱাই ৰচনা কৰা ‘চন্দ্ৰকান্ত’ নামৰ শীৰ্ষক গীতটোও ১০০ গৰাকী মহিলাই পৰিবেশন কৰে। ঐতিহাসিক চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত পতাকা উত্তোলন কৰে ক্রমে- মণিৰাম লাহন, পূৰ্ণীমা শৰ্মা, অবনীকুমাৰ চেতিয়া, জয়শ্রী শইকীয়া, কবিতা তাছা, গোপাল মহন্ত, মানিক মহন্ত, দীপ্তি বুঢ়াগোহাঞি, লক্ষিমী দলৈ, নীৰদা গগৈ বৰা, ভানু বৰা হাজৰিকা, কৃষ্ণ বাহাদুৰ ছেত্ৰী, নৱমল্লিকা বৰা, ৰমানন্দন বৰা, ড° কুলেন দাস, ড° অঞ্জনকৃষ্ণ শৰ্মা, ৰূপা নেওগ হাজৰিকা, নৰেন চন্দ্ৰ বৰা, ড° দিপালী খাৰঘৰীয়া, বিদ্যুৎ ভূষণ বৰা, যুগল কিশোৰ আগৰৱালা, পূণ্য দেৱী, ডাঃ ৰূপাঞ্জলি ফুকন, অষ্টমী দত্ত, বৰ্ণালী শইকীয়া বৰা, লখিমী খাৰঘৰীয়া, বাবুলাল গগৰ, পাৰভিজ হুছেইন, বন্তি মহন্ত, মনোৰঞ্জন ভঁড়ালী, মৃণালিনী গোস্বামী, ৰঞ্জিৎ ভূঞা, জোনা দত্ত, জিনামণি গগৈ নেওগ, ড° অঞ্জন শইকীয়া, গোপাল গোস্বামী, ড° বিপিন খঙীয়া, নিহাৰিকা শইকীয়া, ড° লক্ষীকান্ত হাজৰিকা, হেমচন্দ্ৰ শইকীয়া, প্রতাপচন্দ্ৰ বৰুৱা, ডাঃ চন্দ্ৰ বৰা, ডাঃ বলীন খাৰঘৰীয়া, ডাঃ ভক্তিময় ভট্টাচার্য, মীৰা বৰুৱা, ডাঃ কৃপাল কুমাৰ শৰ্মা, নিপুল চন্দ্ৰ বৰা, ভৱেন পূজাৰী, মহেন্দ্র বৰঠাকুৰ, ডাঃ গোলাপ ডেকা, বিজয় বৰঠাকুৰ, সৰ্বেশ্বৰ বৰা, পবিত্ৰপ্ৰাণ ভট্টাচার্য, মাণিক গগৈ, অমিতাভ বৰুৱা, অৰুণা খাটনিয়াৰ, ইলা মহন বুঢ়াগোহাঁই, ব্রজেন দাস, বিজয়কৃষ্ণ দত্ত, জীৱন কলিতা, মৃণাংক শইকীয়া, দেবযানী মহন্ত, বন্তি বৰা, তফজ্জুল হক বৰবৰা, সুৰেন্দ্ৰ মোহন হাজৰিকা, পবিত্ৰ বৰবৰা, মুহিৰাম লইং, পুৰঞ্জয় গোস্বামী, গুণেন বৰা, দন্দি বৰা, ড০ যতীন নাথ, নৰেন শইকীয়া, মুকুট বৰগোহাঁই, বীৰেণ চেতিয়া, সুনন্দ বৰগোহাঁই, ভাস্কৰ ভাজনী, বলোৰাম খনিকৰ, পাপৰি গগৈ বুঢ়াগোঁহাই, বীণা চেতিয়া, হেমন্ত গগৈ, প্রফুল্ল কুমাৰ বৰুৱা, খগেন হাজৰিকা, প্ৰণৱজিৎ মিশ্র, সঞ্জীৱ বৰা, ৰামসাগৰ নাথ, প্রভাত বৰা বুঢ়াভকত, অনুপ্ৰভা দেৱী, সুভদ্রা বৰা শইকীয়া, ক্ষীৰোদ দাস, মুকুল হাজৰিকা, শ্যামলিমা বৰা, মাধৱ মহন্ত, নৱকুমাৰ বৰা, ড° সীমান্ত বৰুৱা, জেউতি বৰা ভূঞা, নীলিমা শৰ্মা,পৰাণ বৰুৱা, ৰমেন শইকীয়া, হেমেন শইকীয়া, আৰু মানিকচন্দ্ৰ বৰাই ।ইফালে পুৱা স্মৃতি তর্পণ কাৰ্যসূচীত যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ হাজৰিকা আৰু প্ৰাক্তন সভাপতি নলিনীবালা হাজৰিকাই মুখ্য তর্পক হিচাপে অংশগ্রহণ কৰে।

উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্যসকলৰ লগতে বিভিন্ন আঞ্চলিক কাৰ্যালয়ৰ সম্পাদকসকল, সাংগঠনিক সম্পাদকসকল, জিলা প্রতিনিধিসকল, বিভিন্ন উপসমিতিৰ কাৰ্যকৰী সভাপতি আৰু আহ্বায়কসকলে অংশগ্রহণ কৰে। পুৱা ১০ বজাত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ লগত বড়ো সাহিত্য সভা সভাপতি ড° সুৰথ নাৰ্জাৰী, দেউৰী সাহিত্য সভাৰ সভাপতি ড° ষড়ানন দেউৰী, কাৰবি সাহিত্য সভাৰ সভাপতি কামসিং হান্সে, নেপালী সাহিত্য সভা, অসমৰ সভাপতি ড° চিন্তামণি শর্মা, তিৱা সাহিত্য সভাৰ সভাপতি হৰসিং খলাৰ, তিৱা সাহিত্য সভাৰ সভাপতি মাথানলাই তথ্রা, শৰণীয়া কছাৰী সাহিত্য সভা, অসমৰ সভাপতি সোণবৰ বৰুৱা, সোণোৱাল কছাৰী সাহিত্য সভা, অসমৰ সভাপতি মোহন সোণোৱাল, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি দিল্স লক্ষীন্দ্র সিং, মটক সাহিত্য সভা, অসমৰ সভাপতি তৰুণ কুমাৰ গগৈ, মৰাণ সাহিত্য সভা, অসমৰ সভাপতি ৰবীন মৰাণৰ লগতে কেইবাহাজাৰোধিক সাহিত্যপ্ৰেমীৰ অংশগ্ৰহণত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাই সকলোকে মোহিত কৰে। ইয়াৰ পিছতে দুপৰীয়া ১২-৩০ বজাৰ পৰা অসম সাহিত্য সভাৰ আজীৱন, হিতৈষী আৰু পৰম হিতৈষী সভ্যৰ সম্মিলন সভাপতি বসন্তকুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হয়।সভাৰ স্থায়ী সভ্যসকলে অংশগ্ৰহণ কৰা সভাখনৰ আঁত ধৰে ক্ৰমে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক জ্যোতিৰেখা হাজৰিকা, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি উত্তম হাজৰিকা আৰু প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই উদ্দেশ্যৰ কথকতা প্ৰসংগত কয়- অসম সাহিত্য সভা এক বৃহৎ জাতীয় বৃহৎ শক্তি, আজি এয়াই প্ৰতিফলিত হৈছে। বহুসংখ্যক আজীৱন সভ্য, হিতৈষী সভ্য, পৰম হিতৈষী সভ্যই বক্তব্য প্ৰদান কৰা সভাখনত ক্ৰমে বড়ো সাহিত্য সভা সভাপতি ড° সুৰথ নাৰ্জাৰী, দেউৰী সাহিত্য সভাৰ সভাপতি ড° ষড়ানন দেউৰী, কাৰবি সাহিত্য সভাৰ সভাপতি কামসিং হান্সে, নেপালী সাহিত্য সভা, অসমৰ সভাপতি ড° চিন্তামণি শর্মা, তিৱা সাহিত্য সভাৰ সভাপতি হৰসিং খলাৰ, তিৱা সাহিত্য সভাৰ সভাপতি মাথানলাই তথ্রা, শৰণীয়া কছাৰী সাহিত্য সভা, অসমৰ সভাপতি সোণবৰ বৰুৱা, সোণোৱাল কছাৰী সাহিত্য সভা, অসমৰ সভাপতি মোহন সোণোৱাল, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি দিল্স লক্ষীন্দ্র সিং, মটক সাহিত্য সভা, অসমৰ সভাপতি তৰুণ কুমাৰ গগৈ, মৰাণ সাহিত্য সভা, অসমৰ সভাপতি ৰবীন মৰাণ প্ৰমুখ্যে বহু সংখ্যক বিষয়ববীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

বক্তব্য প্ৰদান কৰি তেওঁলোকে একেমুখে কয় যে অসম সাহিত্য সভাই বৰ ককাইদেউৰ ভূমিকাৰে আমাৰ সকলো সৰুভাইক লগত লৈ বৰ অসম গঢ়াৰ উদ্যোগ লৈছে; এয়া অতি প্ৰয়োজনীয় আৰু প্ৰাসংগিক। ভাষণ প্ৰসংগত তেওঁলোকে লগতে কয় যে অসম সাহিত্য সভাৰ বৰ্তমানৰ কাৰ্যসূচীয়ে অসমীয়া জাতিক উৎসাহিত কৰিছে। ইয়াৰ পিছতে সন্ধিয়া ৪ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক সমাৰোহত গীত-নৃত্যৰ মধুৰ মূৰ্চনাই অনন্য মাত্ৰা প্ৰদান কৰে।।