Home Blog Page 8

Nepal News: নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন গৃহমন্ত্ৰীক গ্ৰেপ্তাৰ

Nepal News: নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন গৃহমন্ত্ৰীক গ্ৰেপ্তাৰ
Nepal News: নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন গৃহমন্ত্ৰীক গ্ৰেপ্তাৰ

নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন গৃহমন্ত্ৰীক গ্ৰেপ্তাৰ।(Nepal News)

প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মাক গ্ৰেপ্তাৰ।

ভক্তপুৰৰ গুণ্ডুস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ অলীক।

এক হত্যাৰ গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক গ্ৰেপ্তাৰ।

প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখককো গ্ৰেপ্তাৰ নেপাল আৰক্ষীৰ।

নেপালত নতুন চৰকাৰ গঠনৰ ২৪ ঘণ্টাৰ ভিতৰতে এই সিদ্ধান্ত।

প্ৰধানমন্ত্ৰী বালেন শ্বাহ কেবিনেটৰ সিদ্ধান্ত মৰ্মে দুয়োকে গ্ৰেপ্তাৰ।

তদন্ত কমিটীৰ পৰামৰ্শ মতে প্ৰাক্তন মন্ত্ৰী দুজনক গ্ৰেপ্তাৰ।

‘জেন জি’ৰ প্ৰতিবাদৰ সময়ত ছাত্ৰক হত্যাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে।

Amit Shah: আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Amit Shah: আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
Amit Shah: আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।(Amit Shah)

নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ আহিব গৃহমন্ত্ৰীগৰাকী।

গুৱাহাটীত বিশাল ৰোডশ্ব’ত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

আৰ্য বিদ্যাপীঠ খেলপথাৰৰ পৰা নেপালী মন্দিৰলৈ কৰিব ৰোডশ্ব’।

ৰোডশ্ব’ৰ পাছত বাজপেয়ী ভৱনত কাৰ্যকৰ্তাৰে মিলিত হ’ব বৈঠকত।

নিশা গুৱাহাটীত কটাই দেওবাৰে ঢেকীয়াজুলি, নলবাৰীত সম্বোধন কৰিব জনসভা।

দেৰগাঁৱত বিশ্ব নাট্য দিৱস উদযাপন

দেৰগাঁৱত বিশ্ব নাট্য দিৱস উদযাপন
দেৰগাঁৱত বিশ্ব নাট্য দিৱস উদযাপন

১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰা এই বিশ্ব নাট্য দিৱসৰ উপলক্ষে আজি দেৰগাঁও অজিত শৰ্মা নাট্য বিদ্যালয়ে‌ লৈছে বিশেষ পদক্ষেপ।

দেৰগাঁৱৰ তিনিটাকৈ স্থান, আফুৱা গাঁও, দক্ষিণ দলিজলিয়া আৰু ডানিচাপৰিত লক্ষ্মীনাথ বেজবৰুৱাৰ অপূৰ্ব সৃষ্টি বুঢ়ী আই সাধুৰ কথাৰ আলমত “অৰণ্যৰ সাধু” শীৰ্ষক চোতাল নাট প্ৰদৰ্শন কৰে। নাট্য বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছে এই চোতাল নাটত।

অনুষ্ঠানটো‌ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে;‌ নাট্যকাৰ,পৰিচালক জয়ন্ত জিন ফুকনে।বিদ্যালয়ৰ প্ৰশিক্ষক অনাদি কুমাৰ বৰঠাকুৰ আৰু মামু নাথৰ পৰিকল্পনা আৰু পৰিচালনাৰে প্ৰদৰ্শিত চোতাল নাট চাবলৈ ভীৰ কৰিছে সকলো স্তৰৰ ৰাইজে।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত শিক্ষক

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত শিক্ষক
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত শিক্ষক

সামাজিক মাধ্যম ফেচবুকত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই সমালোচনাত্মক মন্তব্য প্ৰদান কৰি তেজপুৰত গ্ৰেপ্তাৰ হৈছে এজন অৱসৰপ্ৰাপ্ত শিক্ষক৷ সামাজিক মাধ্যমৰ অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে কৰা সমালোচনাৰ বাবে বাপ্পা ঘোষ যুৱকজনে দাখিল কৰা এজাহাৰৰ ভিত্তিতেই নিশা তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬৭ বছৰীয়া শ্বেখ চাহাব উদ্দিন নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনক৷

পৰোৱাস্হিত বাসগৃহৰ পৰা নিশা প্ৰায় এক বজাত আটক কৰে আৰক্ষীয়ে৷ সম্প্ৰতি তেজপুৰ সদৰ আৰক্ষী থানাত ৰখা হৈছে ধৃত চাহাব উদ্দিনক৷ তেজপুৰ আৰক্ষীয়ে ইতিমধ্যে গোচৰ পঞ্জীয়ন কৰি জেৰা অব্যাহত ৰাখিছে৷ বিয়লিলৈ তেজপুৰ আদালতত হাজিৰ কৰা হ’ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে৷


বিভিন্ন সময়ত চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীক সমালোচনা কৰি সামাজিক মাধ্যমত সোচ্চাৰ হৈ পৰিছিল শ্বেখ চাহাব উদ্দিন৷
কালিৰ দিনটোত মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰি প্ৰত্যাহ্বান জনাইছিল এই গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে৷

weather update: আগন্তুক কেইটামান ঘণ্টাত ৰাজ্যত বতৰে ল’ব কালৰূপ

আগন্তুক কেইটামান ঘণ্টাত ৰাজ্যত বতৰে ল'ব কালৰূপ
আগন্তুক কেইটামান ঘণ্টাত ৰাজ্যত বতৰে ল'ব কালৰূপ

ৰাজ্যত বতৰে ল’ব কালৰূপ।(weather update)

বিজুলী-গাজনিসহ প্ৰৱল ধুমুহা-শিলাবৃষ্টিৰ কৱলত পৰিব অসম।

শুকুৰবাৰ আৰু শনিবাৰক লৈ অসমৰ ১১ জিলালৈ এলাৰ্ট জাৰি।

কেৱল ধুমুহা-বৰষুণেই নহয়, অসমত অৱস্থান কৰি আছে ঘূৰ্ণিবতাহেও।

আজি আৰু কাইলৈৰ দিনটোৰ বাবে বতৰৰ সতৰ্কতা জাৰি কৰিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

৬০ কিঃ মিঃৰ পৰা ৭০ কিঃ মিঃ বেগত প্রচণ্ড বতাহ বলাৰ সম্ভাৱনা।

আগন্তুক কেইটামান ঘণ্টাত ৰাজ্যত বতৰে ল’ব কালৰূপ।

Petrol Diesel: পেট্ৰ’ল – ডিজেলক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ

Petrol Diesel: পেট্ৰ'ল - ডিজেলক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ
Petrol Diesel: পেট্ৰ'ল - ডিজেলক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ

পেট্ৰ’ল-ডিজেলক লৈ মোদী চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত।(Petrol Diesel)

দাম কমিব পাৰে পেট্ৰ’ল-ডিজেলৰ।

পেট্ৰ’ল-ডিজেলৰ ওপৰত চৰকাৰী কৰ কৰ্তন।

পেট্ৰ’ল, ডিজেলত ১০ টকা পৰ্যন্ত হ্ৰাস।

পেট্ৰ’লত ৩ টকা আৰু ডিজেলত ১০ টকা আবকাৰী শুল্ক হ্ৰাস।

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত।

শিৱসাগৰত অঘটনঃ মাজভাগতে ভাগিল গেমন দলং

শিৱসাগৰত অঘটনঃ মাজভাগতে ভাগিল গেমন দলং
শিৱসাগৰত অঘটনঃ মাজভাগতে ভাগিল গেমন দলং

শিৱসাগৰত অঘটন।

শিৱসাগৰত মাজভাগতে ভাগিল গেমন দলং।

মেৰামতিৰ সময়ত ভাগিল দিখৌ নদীৰ ওপৰত থকা দলঙখন।

দলঙখন ভাগি পৰাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা।

দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল দলংখন।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা।

আজি লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
আজি লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

পাঁচটাকৈ বিধানসভা সমষ্টিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

পুৱা ১০ বজাত নাৰায়ণপুৰত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব জনসভা।

১১ বজাত বিহপুৰীয়াৰ জনসভাত অংশগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই।

বিহপুৰীয়াৰ প্ৰাৰ্থী ভূপেন বৰাৰ হৈ মুখ্যমন্ত্ৰীয়ে চলাব প্ৰচাৰ।

ৰঙানদীৰ ফুলবাৰীত বিজেপিৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে।

ঢকুৱাখনাতো নৱ দলেৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিয়লি নাওবৈছাৰ মিত্ৰদলৰ প্ৰাৰ্থী বসন্ত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ।

আনহাতে সন্ধিয়া লখিমপুৰৰ প্ৰাৰ্থী মানৱ ডেকাৰ হৈ ৰোড শ্ব’ত অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে।

ফকিৰাগ্ৰামত কংগ্ৰেছৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত

ফকিৰাগ্ৰামত কংগ্ৰেছৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত
ফকিৰাগ্ৰামত কংগ্ৰেছৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত

ফকিৰাগ্ৰামত কংগ্ৰেছৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত। কংগ্ৰেছৰ ফকিৰাগ্ৰাম ব্লোকৰ উদ্যোগত ফকিৰাগ্ৰাম ফকিৰাগ্ৰাম ব্লক কংগ্ৰেছৰ কাৰ্য্যালয়ত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটো ফকিৰাগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি সৰ্বেশ আলীৰ সভাপতিত্বত অনুষ্ঠিত হয়।


উক্ত অনুষ্ঠানত ৪ নং বাওখুংগ্ৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শেপালি মাৰাক আৰু পৰ্বতঝোৰা সমষ্টিৰ প্ৰাৰ্থী আশ্ৰফুল ইছলাম শেখক কোকৰাঝাৰ জিলা সভাপতি সুনীল নাৰ্জাৰী, ফকিৰাগ্ৰাম ব্লকৰ উপ-সভাপতি সাহেব আলিৰ লগতে ফকিৰাগ্ৰাম ব্লকৰ অন্তৰ্গত দলীয় কৰ্মকৰ্তাসকলে উষ্মা আদৰণি জনাই সম্বৰ্দ্ধনা আগবঢ়ায়।

কলিয়াবৰৰ লুইতৰ পাৰত শিলঘাট অশোকাষ্টমী মেলা

কলিয়াবৰৰ লুইতৰ পাৰত শিলঘাট অশোকাষ্টমী মেলা
কলিয়াবৰৰ লুইতৰ পাৰত শিলঘাট অশোকাষ্টমী মেলা

আজি শিলঘাটত অশোকাষ্টমীৰ পবিত্ৰ স্থান। কলিয়াবৰৰ লুইতৰ পাৰত শিলঘাট অশোকাষ্টমী মেলা। অশোকাষ্টমীৰ দিনটোত হাজাৰ-হাজাৰ দৰ্শনাৰ্থী সমাগম ঘটে কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ ঘাটত। ব্ৰহ্মপুত্ৰত পবিত্ৰ স্নান কৰাৰ উদ্দেশ্য ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত।

প্ৰবাদ মতে, চ’ত মাহৰ শুক্লাষ্টমীৰ দিনটোত পবিত্ৰ গংগা নৈ ব্ৰহ্মপুত্ৰ বুকুৱেদি উজাই বয় আৰু এই পবিত্ৰ জলধাৰাত স্নান কৰিলে পাপ খণ্ডন হয়। এই জনবিশ্বাস মতে, এই দিনটোত ব্ৰহ্মপুত্ৰত গংগা স্নান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ-হাজাৰ লোকৰ সমাগম ঘটে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ ঘাটত।

অসমৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত অনুষ্ঠিত সপ্তমী বাসন্তী পূজাৰ পৰৱৰ্তী অষ্টমীৰ দিনটোৰে পৰা শিলঘাটৰ কামাখ্যা দেৱালৰ পাদদেশত ব্ৰহ্মপুত্ৰৰ পাৰত সপ্তাহ জোৰাকৈ অনুষ্ঠিত হৈছে বিশাল অশোকাষ্টমী মেলা।