ৰাজ্যৰ উদীয়মান শিল্পীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰীয়ে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা কৰে। পাণবজাৰৰ নেহৰু পাৰ্কত আয়োজিত এক সংবাদমেলত ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ–২০২৬’ সন্দৰ্ভত বক্তব্য ৰাখি এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে সাহিত্যিকগৰাকীয়ে।
সংবাদমেলত ড° ৰীতা চৌধুৰীয়ে জনায় যে ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ–২০২৬’ আগন্তুক ৬ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ শিৱসাগৰত অনুষ্ঠিত হ’ব। লগতে উৎসৱৰ বিভিন্ন সাহিত্য বঁটা আৰু বঁটাপ্ৰাপকসকলৰ নামো ঘোষণা কৰে তেওঁ।
ঘোষণা অনুসৰি, শিশু-সাহিত্য শিতানত ‘ৰূপা চৌধুৰী সাহিত্য বঁটা’ আগবঢ়োৱা হ’ব দিব্যলতা দত্তলৈ। কবিতাৰ ক্ষেত্ৰত সৃজনশীল সাহিত্য বঁটা লাভ কৰিব বিকিয়ান বাইলুঙে। অনুবাদ শিতানত বঁটা আগবঢ়োৱা হ’ব দিনকৰ কুমাৰলৈ। যুৱ শিতানত ‘মলিনা চৌধুৰী সাহিত্য বঁটা’ লাভ কৰিব পৰিস্মিতা বৰদলৈয়ে। লগতে জীৱনজোৰা সাহিত্য সাধনাৰ স্বীকৃতিস্বৰূপে অৰূপ কুমাৰ দত্তলৈ আগবঢ়োৱা হ’ব ‘ৰংমন বঁটা’।
ড° ৰীতা চৌধুৰীয়ে জানিবলৈ দিয়ে যে উদীয়মান শিল্পীসকলৰ সহায়ৰ উদ্দেশ্যে গঠন কৰা ‘জুবিন গাৰ্গ পুঁজি’ ইউটিউবৰ পৰা পোৱা ধন ২০ বছৰৰ বাবে ফিক্সড ডিপ’জিটত জমা কৰি তাৰ পৰা লাভ হোৱা সুতেৰে আগবঢ়োৱা হ’ব। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ সৈতে হোৱা তেওঁৰ শেষ সাক্ষাৎকাৰৰ জৰিয়তে ইউটিউবৰ পৰা ২,৯০৯ ডলাৰ, অৰ্থাৎ ২,৬৩,৪৬৮.৪২ টকা লাভ কৰিছিল ড° ৰীতা চৌধুৰীয়ে।