Home Blog Page 81

উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা ড° ৰীতা চৌধুৰীৰ

উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা ড° ৰীতা চৌধুৰীৰ
উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা ড° ৰীতা চৌধুৰীৰ

ৰাজ্যৰ উদীয়মান শিল্পীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰীয়ে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা কৰে। পাণবজাৰৰ নেহৰু পাৰ্কত আয়োজিত এক সংবাদমেলত ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ–২০২৬’ সন্দৰ্ভত বক্তব্য ৰাখি এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে সাহিত্যিকগৰাকীয়ে।

সংবাদমেলত ড° ৰীতা চৌধুৰীয়ে জনায় যে ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ–২০২৬’ আগন্তুক ৬ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ শিৱসাগৰত অনুষ্ঠিত হ’ব। লগতে উৎসৱৰ বিভিন্ন সাহিত্য বঁটা আৰু বঁটাপ্ৰাপকসকলৰ নামো ঘোষণা কৰে তেওঁ।

ঘোষণা অনুসৰি, শিশু-সাহিত্য শিতানত ‘ৰূপা চৌধুৰী সাহিত্য বঁটা’ আগবঢ়োৱা হ’ব দিব্যলতা দত্তলৈ। কবিতাৰ ক্ষেত্ৰত সৃজনশীল সাহিত্য বঁটা লাভ কৰিব বিকিয়ান বাইলুঙে। অনুবাদ শিতানত বঁটা আগবঢ়োৱা হ’ব দিনকৰ কুমাৰলৈ। যুৱ শিতানত ‘মলিনা চৌধুৰী সাহিত্য বঁটা’ লাভ কৰিব পৰিস্মিতা বৰদলৈয়ে। লগতে জীৱনজোৰা সাহিত্য সাধনাৰ স্বীকৃতিস্বৰূপে অৰূপ কুমাৰ দত্তলৈ আগবঢ়োৱা হ’ব ‘ৰংমন বঁটা’।

ড° ৰীতা চৌধুৰীয়ে জানিবলৈ দিয়ে যে উদীয়মান শিল্পীসকলৰ সহায়ৰ উদ্দেশ্যে গঠন কৰা ‘জুবিন গাৰ্গ পুঁজি’ ইউটিউবৰ পৰা পোৱা ধন ২০ বছৰৰ বাবে ফিক্সড ডিপ’জিটত জমা কৰি তাৰ পৰা লাভ হোৱা সুতেৰে আগবঢ়োৱা হ’ব। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ সৈতে হোৱা তেওঁৰ শেষ সাক্ষাৎকাৰৰ জৰিয়তে ইউটিউবৰ পৰা ২,৯০৯ ডলাৰ, অৰ্থাৎ ২,৬৩,৪৬৮.৪২ টকা লাভ কৰিছিল ড° ৰীতা চৌধুৰীয়ে।

জুবিন গাৰ্গ সম্পৰ্কে বক্তব্য ৰাখি ড° ৰীতা চৌধুৰীয়ে কয়, “জুবিনে অসমক বহু ডাঙৰ ধাৰণা দি থৈ গৈছে। নিজে জীয়াই থকাৰ লগতে আনকো জীয়াই থকাৰ প্ৰেৰণা দি গৈছে। জুবিনবিহীন এই সময়ত তেওঁৰ অনুৰাগীসকলৰ মাজত দেখা দিয়া শূন্যতা পূৰণৰ বাবে আমি আমাৰ মঞ্চৰ পৰা কাম কৰিব বিচাৰোঁ।”

ইফালে, জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত চাৰ্জশ্বীট দাখিল সন্দৰ্ভত প্ৰশ্নৰ উত্তৰত ড° ৰীতা চৌধুৰীয়ে কয়, “বিষয়টো বৰ্তমান বিচাৰাধীন। সেয়ে এই সন্দৰ্ভত মই কোনো মন্তব্য কৰিব নিবিচাৰোঁ। মই মোৰ কলমৰ মাজেৰে যিখিনি কৰিব পাৰোঁ, সেয়া কৰি যাম। জুবিন গাৰ্গৰ সকলো কৰ্মক একেলগ কৰি আমি এটা তৰা সাজিব বিচাৰোঁ। মই SITৰ চাৰ্জশ্বীটখন দেখা নাই, কিন্তু সকলোৱে বিচাৰে জুবিনে ন্যায় পাওক।”

তেজপুৰৰ পৰা পাকিস্তানলৈ হোৱাটছএপত কি পঠিয়াইছিল প্ৰাক্তন বায়ুসেনা বিষয়াই?

তেজপুৰত গ্ৰেপ্তাৰ প্ৰাক্তন ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া । বায়ুসেনাৰ এগৰাকী ৱাৰেণ্ট বিষয়া হিচাবে অৱসৰ গ্ৰহণ কৰি শত্ৰু ৰাষ্ট্ৰক তেওঁ যোগান ধৰিছিল প্ৰতিৰক্ষা বিভাগৰ তথ্য । অৱশেষত আৰক্ষীৰ জালত পৰিল বিষয়াগৰাকী । এক নিৰ্ভৰযোগ্য তথ্য়ৰ ভিত্তিত ভাৰতীয় বায়ুসেনাৰ এজন অৱসৰপ্ৰাপ্ত জুনিয়ৰ ৱাৰেণ্ট বিষয়া তেজপুৰৰ কুলেন্দ্ৰ শৰ্মাক পাকিস্তানী চোৰাংচোৱা অভিযানকাৰীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।

এই তথ্য় সদৰী কৰিছে শোণিতপুৰৰ উপ-আৰক্ষী অধীক্ষক হৰিচৰণ ভূমিজে ৷ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত কয়, “প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে অভিযুক্তই ছ’চিয়েল মিডিয়াৰ জৰিয়তে স্পৰ্শকাতৰ নথি-পত্ৰ আৰু তথ্য শ্বেয়াৰ কৰিছিল । তেওঁ মোবাইলৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱাৰ লগত তথ্য আদান-প্ৰদান কৰিছিল । কিমান দিনৰ পৰা এই তথ্য আদান-প্ৰদান কৰিছিল সেই বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।”

আৰক্ষীয়ে তেওঁৰ লেপটপ আৰু মোবাইল জব্দ কৰে য’ত এনে সম্পৰ্ক সংযোগ কৰা কিছুমান তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ শোণিতপুৰৰ উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে সামগ্ৰীসমূহ ফৰেনছিক পৰীক্ষালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে । কিছুমান তথ্য ডিলিট কৰা হৈছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে কয় । শোণিতপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত তেজপুৰ সদৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ 147, 148, 152, 238, 61(2) ধাৰাত ৭৮৫/২৫ নম্বৰত তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰিছে বুলি স্পষ্ট কৰি দিয়ে ।

এই সন্দৰ্ভত অধিক তদন্ত চলি আছে আৰু শনিবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব ৷ ধৃত কুলেন্দ্ৰ শৰ্মা তেজপুৰ শালনিবাৰীস্থিত ভাৰতীয় বায়ুসেনাত ৱাৰেণ্ট বিষয়া হিচাবে কৰ্মৰত আছিল । তেওঁ বিগত ২০০২ চনত অৱসৰ গ্ৰহণ কৰে । পৰৱৰ্তী সময়ত তেওঁ পুনৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেকট্ৰ’নিক বিভাগত কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰে বুলি উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে । তেওঁৰ ঘৰ তেজপুৰ পতিয়া চুবুৰীত । উপ-আৰক্ষী অধীক্ষক ভূমিজে লগতে কয় ,”পাকিস্তানৰ লগত পোনপটীয়া সংযোগ আছে বুলি কোৱা নাই; কিন্তু চোৰাংচোৱাৰ লগত মোবাইলৰ হোৱাটছএপৰ জৰিয়তে তথ্য প্ৰদান কৰাৰ সংযোগ লাভ কৰা হৈছে আৰু অধিক তথ্য পোহৰলৈ আহিব ।”

আনহাতে তিনিদিন পূৰ্ব তেজপুৰৰ এগৰাকী মহিলাক হাৱালাৰ জৰিয়তে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল । এই ঘটনাৰ লগত যোগসূত্ৰৰ বিষয়ে একো পোৱা নাই বুলি উল্লেখ কৰি উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে কয়,”মহিলাগৰাকীৰ লগত বৰ্তমান কোনো লিংক পোৱা নাই, সেই বিষয়েও অধিক তদন্ত কৰা হ’ব ।”

ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ সোণোৱালৰ৷ “এখন প্ৰকৃত ৰামৰাজ্য স্থাপনৰ বাবে প্ৰতিগৰাকী হিন্দু সন্তান দায়বদ্ধ হোৱা উচিত, আমি নিজকে হিন্দু হিচাপে গৌৰৱ কৰা উচিত”- সোণোৱাল৷ “প্ৰশংসাত নিশ্চয়তা নাই কিন্তু সমালোচনাত আন্তৰিকতা থাকে”- সোণোৱাল৷ আজি তিনিচুকীয়া আৰু ডুমডুমা চহৰত অনুষ্ঠিত দুটি পৃথক অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

প্ৰথমটি অনুষ্ঠানত ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাত যুগাচার্য শ্রীমৎ স্বামী প্রণৱানন্দজী মহাৰাজৰ নৱনির্মিত শ্ৰীশ্ৰী গুৰু মন্দিৰ, শ্রীশ্রী শিৱ মন্দিৰ আৰু শ্রীশ্রী কৃষ্ণ মন্দিৰৰ লগতে ছাত্রাবাসৰ শুভ উদ্বোধনীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে ৷

বৰ্ণাঢ্য আধ্যাত্মিক-সাংস্কৃতিক কাৰ্যসূচীৰে মুখৰিত, সনাতন সংস্কৃতিৰ বিশালতা আৰু মহত্ত্বক প্ৰতিফলিত কৰা এই অনুষ্ঠানৰ আধ্যাত্মিক পৰিৱেশত সোণোৱালক সংগ দিয়ে সংঘৰ সন্মানীয় বিষয়ববীয়াসকল, মাননীয় বিধায়ক শ্ৰী বলিন চেতিয়া, হাউছিং ব’ৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই, বিশিষ্ট সমাজকৰ্মী কুশকান্ত বড়া, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ প্ৰমুখ্যে শংকৰ দাস আৰু গণ্য-মান্য ব্যক্তিসকলে৷


ভাৰতৰ বিভিন্ন স্থানৰ পৰা আহি সমবেত হোৱা স্বামী আৰু ভক্তপ্ৰাণ ৰাইজক সম্বোধন কৰি সোণোৱালে প্ৰাচীন হিন্দু সভ্যতাই যুগ যুগ ধৰি পৃথিৱীৰ মানৱ সমাজক প্ৰদান কৰি অহা জ্ঞানৰ পোহৰ, আধ্যাত্মিক চেতনাশক্তিক আমাৰ আটাইৰে বাবে এক গৌৰৱৰ বিষয় হোৱা উচিত বুলি মন্তব্য প্ৰকাশ কৰে৷ তেখেতে কয় – “আমি ভাৰতমাতাৰ সন্তান হিচাপে প্ৰতিগৰাকীয়ে এক সেৱা আৰু সমৰ্পণৰ ভাৱেৰে শ্ৰদ্ধা সহকাৰে ভাৰত মাতৃক সেৱা আগবঢ়োৱাৰ এটি সুযোগ লাভ কৰিছোঁ৷ তাৰ লগতে আহি পৰিছে এটি দায়িত্ব- প্ৰকৃতি আৰু জীৱকুলক সুৰক্ষিত ৰখাৰ৷ আধ্যাত্মিকতা, সহিষ্ণুতা, ধৈৰ্য্য আৰু মানৱতা সন্দৰ্ভত হিন্দুধৰ্মই আমাক যিখিনি চেতনাশক্তি প্ৰদান কৰিছে তাৰ সদব্যৱহাৰ কৰি এখন প্ৰকৃত ৰামৰাজ্য স্থাপনৰ বাবে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী হিন্দু সন্তানে বিশেষভাৱে দায়বদ্ধ তথা প্ৰতিজ্ঞাবদ্ধ হব লাগিব, ৰাষ্ট্ৰধৰ্ম পালন কৰিব লাগিব৷ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ৫০০ বছৰ পুৰণি এটি সপোনক দিঠকত পৰিণত কৰি, ৰাম মন্দিৰ স্থাপনৰ জৰিয়তে প্ৰতিগৰাকী হিন্দুক গৌৰৱান্বিত কৰি তুলিছে৷ হিন্দু সভ্যতাৰ শক্তিয়েই হৈছে মহাশক্তি, হিন্দু সভ্যতাৰ বিচাৰধাৰাই হৈছে মহা বিচাৰধাৰা৷ এই মহাজ্ঞানী, মহা ভাৰতত জন্ম লাভ কৰাৰ বাবে আমি ঈশ্বৰৰ ওচৰত কৃতজ্ঞ হব লাগিব৷

অতীজৰে পৰা ভাৰতবৰ্ষই পৃথিৱীৰ প্ৰতিটো জটিল সমস্যাৰ সমাধান দি আহিছে৷ স্বামী বিবেকানন্দই চিকাগোলৈ গৈ আটাইকে ভাতৃ আৰু ভগ্নী বুলি সম্বোধন কৰি যি ইতিবাচক দৃষ্টিভংগীৰ নিদৰ্শন দৰ্শাইছিল তাক আগবঢ়াই নিয়াৰ এটি নৈতিক দায়িত্ব আমাৰ আটাইৰে আছে৷ এই সন্দৰ্ভত ভাৰত সেৱাশ্ৰমে যিখিনি পদক্ষেপেৰে মানৱতা আৰু ভাতৃত্ববোধাৰ বাৰ্তা কঢ়িয়াই আনিছে তাৰ বাবে এই অনুষ্ঠানৰ লগত জড়িত প্ৰতিগৰাকী সদস্য ধন্যবাদৰ পাত্ৰ৷ আজিৰ এই শুভক্ষণত এই সুন্দৰ মন্দিৰ প্ৰাঙ্গণৰ আধ্যাত্মিক বাতাবৰণত উপস্থিত থাকি মই ধন্য হৈছোঁ৷ ভাৰত সেৱাশ্ৰমে নৱপ্ৰজন্মক সদায়েই হিন্দু ধৰ্মৰ মাহাত্ম্য, পবিত্ৰতা আৰু সহিষ্ণুতাৰ বাৰ্তাৰে উদ্বুদ্ধ কৰি আহিছে৷ আমি নিজকে হিন্দু হিচাপে গৌৰৱ কৰা উচিত৷ ভাল মনৰ অধিকাৰী হ’লেহে আমি ভাল চিন্তা কৰিব পাৰিম, ভাল কাম কৰিব পাৰিম, ভাল মানুহ হব পাৰিম আৰু এখন ভাল সমাজ গঢ়িব পাৰিম৷” ইয়াৰ লগতে ঐতিহাসিক বাণিজ্য নগৰী তিনিচুকীয়াৰ অসম তথা ভাৰতক শক্তিশালী তথা আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰতো এটি বিশেষ ভূমিকা আছে বুলি মন্তব্য কৰে সোণোৱালে৷

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ভেটি সুদৃঢ় কৰি সংবাদ মাধ্যমে সমাজৰ জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰি আহিছে।

ডুমডুমাত অনুষ্ঠিত দ্বিতীয়টি অনুষ্ঠানত সোণোৱালে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান তথা চতুৰ্বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰে৷ তেখেতৰ লগতে সভাত উপস্থিত থাকে মাননীয় বিধায়ক শ্ৰী বলিন চেতিয়া, হাউছিং ব’ৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, জ্যেষ্ঠ সাংবাদিক অৰুণ বৰুৱা, অমূল্য খাটনিয়াৰ, ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলেশ্বৰ কলিতা, ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি মনোজ দত্ত, সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সম্পাদক জয়কান্ত মৰাণ, সদৌ অসম ভোজপুৰী সন্থাৰ সভাপতি কৈলাশ গুপ্তা, মৰাণ জাতীয় মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা ৰুণজুন মৰাণ, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেঙকে আদি কৰি গণ্য-মান্য ব্যক্তিসকল।

সভাত নিজৰ বক্তব্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰীজনে গুণগত সংবাদ সেৱাৰে আৰু গঠনমূলক দৃষ্টিভংগীৰে নিষ্ঠাৰে কাম কৰি সমাজ সচেতনতাৰ দিশত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি যাবলৈ সংবাদ মহলক আহ্বান জনায় আৰু তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ নিৰন্তৰ প্ৰচেষ্টাৰ শলাগ লয়।
সোণোৱালে কয় – “ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে জনসাধাৰণৰ মৌলিক অধিকাৰ সমূহৰ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে জন্মলগ্নৰে পৰা সংবাদ মাধ্যমে এক গুৰুদায়িত্ব পালন কৰি আহিছে আৰু আগন্তুক দিনতো এই ধাৰাবাহিকতা ৰক্ষা কৰিব বুলি মই আশাবাদী৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি মই অনুভৱ কৰিছোঁ যে এখন সুন্দৰ সমাজ নিৰ্মাণ কৰাই আপোনাসৱৰ উদ্দেশ্য৷ আপোনালোকে সমাজখনক সংঘাতৰ পৰিৱৰ্তে সমন্বয়ৰ যোগেদি শক্তিশালী হবলৈ এটি বাৰ্তা দিয়ে৷ কেৱল ইয়াতেই নহয়, সমগ্ৰ বিশ্বতেই সংবাদ মাধ্যমে এক জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰি আহিছে৷ এক গঠনমূলক সমালোচনাৰে সংবাদ মাধ্যমৰ উপস্থিতি অতি প্ৰয়োজনীয়৷ আমি যেতিয়া এটি সামাজিক দায়িত্ব লওঁ, আমাক চোৱাচিতা কৰিবলৈ কোনোবাৰ প্ৰয়োজন হয়৷ আমাৰ সামাজিক আচৰণ, বক্তব্য দায়িত্বশীল হোৱা উচিত৷ তাতে যদি কৰবাত আউল লাগে, আমাক সোৱৰাই দিবলৈ প্ৰয়োজন আছে এটি সজাগ সংবাদ মাধ্যমৰ৷ জনসাধাৰণৰ কণ্ঠ হিচাপে, বাকস্বাধীনতাক সুৰক্ষিত কৰিবলৈ সংবাদ মাধ্যমে সদায়েই এটি গুৰুদায়িত্ব পালন কৰি আহিছে৷ এই দায়িত্ব এতিয়া আৰু বাঢ়িছে বিশেষকৈ সামাজিক মাধ্যমৰ যুগত৷ সামাজিক মাধ্যমৰ প্ৰত্যক্ষ কৰা সামাজিক মূল্যবোধ অৱক্ষয়ৰ এই পৰিস্থিতিত আমাৰ পৰম্পৰাগত সংবাদ মাধ্যমে যুঁজ দিব লাগিব৷


আমাৰ সমাজৰ যিসকল প্ৰবাদ প্ৰতিম পুৰুষে সামাজিক, সাংস্কৃতিক বা আধ্যাত্মিক ক্ষেত্ৰত উল্লেখযোগ্য বৰঙনি আগবঢ়াই দি থৈ যোৱা বাক‌্যবিলাকক গুৰু বাণী হিচাপে আমি গ্ৰহণ কৰিব লাগিব।
জ্যোতিপ্ৰসাদ আগৰৱালাই তাহানিতে কৈ গৈছিল “বিশ্ববিজয়ী ন-জোৱান”৷ আমিও আমাৰ অসমীয়া সমাজখনক বিশ্ব শ্ৰেষ্ঠ হিচাপে গঢ়ি তুলিব লাগিব। পৃথিৱীৰ যিকোনো প্ৰান্তত গ’লেও আমি আমাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰিবই লাগিব।”

সোণোৱাল ডাঙৰীয়াই কয় যে বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱ এতিয়া সকলো ক্ষেত্ৰতে বিদ্যমান কিন্তু ইয়াৰ যাতে ঋণাত্মক প্ৰভাৱ নপৰি কেৱল ধনাত্মক প্ৰভাৱ হে পৰে সেয়া আমি লক্ষ্য ৰাখিব লাগিব।আমি আমাৰ সমাজ ব্যৱস্থাত মানৱতা আৰু প্ৰযুক্তিৰ সামঞ্জস্যতা ৰাখিব লাগিব কিয়নো মানৱতাক বিসৰ্জন দি কেতিয়াও সমাজৰ উন্নতি সাধন কৰিব পৰা নাযায়।আমি আমাৰ অৰ্থনীতি উন্নত কৰিব লাগিব কিন্তু বায়ুমণ্ডল বা পৰিবেশ বিনষ্ট কৰি অৰ্থনৈতিক উন্নয়ন কেতিয়াও কাম্য নহয়। প্ৰকৃতি সুন্দৰ হৈ থাকিলেহে আমিও সু স্বাস্থ্যবান হৈ থাকিব পাৰিম৷ যদি প্ৰকৃতিয়ে ৰুগীয়া হৈ থাকিব আমি প্ৰাণীজগত নিৰোগী হৈ থাকিব নোৱাৰিম, তাহানিতে পৰম্পৰাগত যিটো চিকিৎসা পদ্ধতি সেইটো প্ৰকৃতিৰ পৰাই লাভ কৰা আমি চিকিৎসা পদ্ধতি যাৰ সদায় প্ৰয়োজনবোধ আছে।

সোণোৱালে লগতে কয় যে তাহানিতে লাচিত বৰফুকন ডাঙৰীয়াই যেনেকৈ সকলো ক্ষেত্ৰতে নিজৰ পাৰদৰ্শিতা দেখুৱাইছিল ঠিক তেনেকৈ আজি একবিংশ শতিকাত আমাৰ ছাত্ৰ – ছাত্ৰী সকলে সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব লাগিব কিয়নো এতিয়া প্ৰতিযোগিতাৰ যুগ আৰু সেয়েহে কেৱল এটা ক্ষেত্ৰত নহয় সকলো ক্ষেত্ৰতে পাৰ্গতালি প্ৰদৰ্শন কৰিব লাগিব।


তেওঁ শেষত কয় যে সংবাদ মাধ্যমে যেতিয়া সমালোচনা কৰে মই সদায় ভাল পাওঁ আৰু প্ৰশংসাক সদায় ভয় কৰোঁ- কিয়নো প্ৰশংসাত নিশ্চয়তা নাই কিন্তু সমালোচনাত আন্তৰিকতা থাকে৷ সেয়েহে সংবাদ মাধ্যমে বাঘৰ দৰে আমাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি থাকিলেহে আমাৰ দৰে ৰাজনৈতিক ব্যক্তিসকলৰ মেৰুদণ্ড সদায় পোন হৈ থাকিব।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।
সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, গুৱাহাটী মহানগৰ সমিতি আৰু গুৱাহাটী ভলীবল ক’চিং চেন্টাৰৰ সহযোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দিবা-নৈশ ভলীবল প্ৰতিযোগিতাখনি আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জৰ্জ খেলপথাৰত অনুষ্ঠিত কৰা হয়। ১৩ আৰু ১৪ ডিচেম্বৰত মহানগৰীৰ জৰ্জ ফিল্ড দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতা।

প্ৰথম দিনৰ কাৰ্যসূচীত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা সত্য গোঁহায়ে খেলপথাৰ উদ্বোধন কৰাৰ লগতে প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ কৰে অসম পৰিবহন নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰে। পতাকা উত্তোলন কৰে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি উদয় শংকৰ মহনে আৰু স্মৃতি তৰ্পক হিচাপে উপস্থিত থাকে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা।

প্ৰথম দিনৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দাদুমণি বৰা, অসম হেণ্ডবল সন্থাৰ সাধাৰণ সম্পাদক অমল নাৰায়ণ পাটোৱাৰী, লেখক-সাংবাদিক কমল কুমাৰ, বিশিষ্ট সমাজসেৱক কল্যাণ জ্যোতি গগৈ আৰু কমল কুমাৰ দাস। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় দিনাৰ কাৰ্যসূচীত চুড়ান্ত প্ৰতিযোগিতাৰ উদ্বোধক হিচাপে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে মুকলি সভা আৰু ক্ৰীড়ালোচনীৰ উন্মোচক হিচাপে জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলং বৰুৱা উন্মোচক হিচাপে উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?
জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

বহু প্ৰতীক্ষাৰ অন্তত বিশেষ তদন্তকাৰী দল (SIT)য়ে ১২ ডিচেম্বৰত জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আদালতত দাখিল কৰে। এই চাৰ্জশ্বীটত মুঠ ৭ জনক অভিযুক্ত কৰা হৈছে আৰু অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ বিভিন্ন গুৰুত্বপূৰ্ণ ধাৰা সংযোজন কৰা হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ধাৰা হ’ল BNS 103 আৰু BNS 105।

SITৰ মতে, অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে BNS 105 ধাৰাৰ অধীনত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। আনহাতে সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNS 105 ধাৰাৰ অধীনত অনিচ্ছাকৃত হত্যাৰ (culpable homicide) অভিযোগ উত্থাপন কৰা হৈছে। লগতে জুবিন গাৰ্গৰ দুই পিএছঅ’ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে BNS 316 ধাৰাৰ অধীনত অপৰাধমূলক আস্থা ভংগৰ গোচৰ ৰুজু কৰা হৈছে।

BNS 105 ধাৰা কি?

ভাৰতীয় ন্যায় সংহিতাৰ (BNS) ১০৫ নং ধাৰা অনিচ্ছাকৃত হত্যাৰ সৈতে জড়িত। পূৰ্বে এই ধৰণৰ অপৰাধ ভাৰতীয় দণ্ডবিধি (IPC)ৰ ৩০৪ নং ধাৰাৰ অধীনত বিবেচিত হৈছিল। কিন্তু নতুন আইন BNS কাৰ্যকৰী হোৱাৰ পাছত এই অপৰাধক ১০৫ ধাৰাৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে।

এই ধাৰা তেতিয়া প্ৰযোজ্য হয়, যেতিয়া কোনো ব্যক্তিয়ে হত্যা কৰাৰ উদ্দেশ্য নাথাকিলেও এনে কোনো কাম কৰে, যাৰ ফলত আন এজন ব্যক্তিৰ মৃত্যু হয়। অৰ্থাৎ অভিযুক্তই জানিছিল যে তেওঁৰ কামৰ ফলত মৃত্যুৰ সম্ভাৱনা আছে, কিন্তু হত্যাৰ স্পষ্ট উদ্দেশ্য নাছিল।

BNS 105 ধাৰাৰ মুখ্য উপাদান

  • অভিযুক্তৰ কাৰ্যৰ ফলত কোনো ব্যক্তিৰ মৃত্যু হোৱা
  • অভিযুক্তই জানিছিল যে তেওঁৰ কাৰ্য বিপজ্জনক
  • হত্যাৰ স্পষ্ট উদ্দেশ্য নাছিল

উদাহৰণ

  • দায়িত্বহীনভাৱে গাড়ী চলাই দুৰ্ঘটনা সংঘটিত কৰি কাৰোবাৰ মৃত্যু ঘটোৱা
  • খঙৰ বশৱৰ্তী হৈ কাৰোবাৰ ওপৰত আক্ৰমণ কৰা আৰু মৃত্যু হোৱা
  • অসাৱধানতাৰে কোনো ব্যক্তিক পানীত ডুবাই দিয়া আদি

কি কি শাস্তি হ’ব পাৰে?

  • উদ্দেশ্য আছিল বুলি প্ৰমাণিত হ’লে : ন্যূনতম ৫ বছৰ পৰা ১০ বছৰলৈ কাৰাদণ্ড, অথবা আজীৱন কাৰাদণ্ড আৰু জৰিমণা
  • জানি-বুজি বিপজ্জনক কাম কৰিলে : সৰ্বোচ্চ ১০ বছৰলৈ কাৰাদণ্ড, জৰিমণা বা দুয়োটা
  • ন্যূনতম শাস্তি : ৫ বছৰৰ কাৰাদণ্ড

জামিনৰ ব্যৱস্থা

BNS 105 ধাৰাৰ অধীনত অপৰাধক গুৰুতৰ আৰু সাধাৰণতে জামিনবিহীন (non-bailable) অপৰাধ হিচাপে গণ্য কৰা হয়। সেয়েহে এই ধাৰাত গ্ৰেপ্তাৰ হোৱা ব্যক্তিয়ে সাধাৰণতে জামিন লাভ নকৰে। অৱশ্যে বিশেষ পৰিস্থিতিত আদালতে জামিন বিষয়টো বিবেচনা কৰিব পাৰে।

(লেখাটো বিভিন্ন দিশৰ পৰা তথ্য সংগ্ৰহ কৰি লেখা গৈছে। গতিকে এই ক্ষেত্ৰত অধিবক্তাৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।)

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক
তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত আৰক্ষীয়ে পাকিস্তানৰ সৈতে জড়িত চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত ভাৰতীয় বায়ু সেনাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াক আটক কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আটক কৰা ব্যক্তি গৰাকী তেজপুৰ পতিয়া চুবুৰীৰ নিবাসী কুলেন্দ্ৰ শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, কুলেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে সন্দেহজনক যোগাযোগৰ অভিযোগত গোচৰ ৰুজু কৰি তদন্তৰ অংশ হিচাপে তেওঁক আটক কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে বিষয়টোক লৈ গভীৰভাৱে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, কুলেন্দ্ৰ শৰ্মা ভাৰতীয় বায়ু সেনা বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া আছিল। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয় হোৱাৰ বাবে আৰক্ষী আৰু সংশ্লিষ্ট নিৰাপত্তা সংস্থাসমূহে ঘটনাটো গুৰুত্বসহকাৰে লৈ তদন্ত আগবঢ়াইছে।

এই ঘটনাক লৈ তেজপুৰ তথা সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত অধিক তথ্য পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে।

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ
জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

গুৱাহাটী, ১২ ডিচেম্বৰ : বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে বিশেষ তদন্তকাৰী দল (SIT)য়ে জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আদালতত দাখিল কৰে। ১৮/২০২৫ নম্বৰ গোচৰৰ অধীনত প্ৰায় ৭ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীটত চাৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে। চাৰ্জশ্বীট দাখিলৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

SDGP মুন্নাপ্ৰসাদ গুপ্তাই জনোৱা অনুসৰি, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ হত্যাৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আনহাতে সন্দীপন গাৰ্গৰ বিৰুদ্ধে অনিচ্ছাকৃত হত্যাৰ ধাৰা আৰু দুই পিএছঅ’ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে অপৰাধমূলক আস্থা ভংগৰ ধাৰা সংযোজন কৰা হৈছে। উল্লেখযোগ্য যে, ১৯/২০২৫ নম্বৰ গোচৰৰ তদন্ত এতিয়াও অব্যাহত আছে।

চাৰ্জশ্বীট দাখিলৰ পাছত শুকুৰবাৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয় জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, আইনৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছে। তেওঁ আবেগিক কণ্ঠে কয়, “তেওঁৰ দৰে মানুহ এজনক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? জুবিনে সকলোকে হিয়া উজাৰি দিছিল। আমাৰ ঘৰখন সম্পূৰ্ণৰূপে থানবান হৈ গ’ল। জুবিন গাৰ্গৰ দৰে এটা সত্ত্বা কেনেকৈ নোহোৱা হৈ যাব পাৰে, সেয়া আজিও বিশ্বাস কৰিব নোৱাৰো।”

গৰিমাই দোষীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাই কয়, “প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে। কোনো সাৰি যাব নালাগে। ন্যায় ব্যৱস্থা ভাল হ’ব বুলি আশা কৰিছো। আমাৰ দেশৰ আইন আৰু ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে।”

তেওঁ লগতে কয় যে, এই ঘটনাক লৈ ছিংগাপুৰতো তদন্ত চলিছিল যদিও বৰ্তমান তেওঁলোকে আন কোনো পদক্ষেপ গ্ৰহণ কৰিব বিচৰা নাই। “অসম আৰক্ষী আৰু আমাৰ দেশৰ আইনে যি সিদ্ধান্ত ল’ব, তাৰ ওপৰতেই আমি ভৰসা ৰাখিছো,” বুলি মন্তব্য কৰে গৰিমাই।

অৰুণোদয় আঁচনিয়ে অসমৰ মহিলাসকলক শক্তিশালী কৰিছে : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

অৰুণোদয় আঁচনিয়ে অসমৰ মহিলাসকলক শক্তিশালী কৰিছে : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা
অৰুণোদয় আঁচনিয়ে অসমৰ মহিলাসকলক শক্তিশালী কৰিছে : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

অৰুণোদয় আঁচনিয়ে অসমৰ মহিলাসকলক আৰ্থিকভাৱে শক্তিশালী কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। কোকৰাঝাৰৰ বডোফা নগৰ গ্ৰীণ ফিল্ডত আয়োজিত এক বিশাল জনসভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে বিটিআৰৰ হিতাধিকাৰীসকলৰ বাবে আনুষ্ঠানিকভাৱে অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে, যোৱা ৭ অক্টোবৰ তাৰিখে বিটিআৰৰ বাহিৰে অসমৰ অন্যান্য অঞ্চলত অৰুণোদয় ৩.০ আৰম্ভ কৰা হৈছিল যদিও পৰিষদীয় নিৰ্বাচনৰ বাবে বিটিআৰৰ হিতাধিকাৰীসকলক সেই সময়ত আঁচনিখনৰ সুবিধা প্ৰদান কৰিব পৰা হোৱা নাছিল। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে আলোচনা কৰি বিটিআৰৰ ৪ লাখতকৈ অধিক মহিলাক অৰুণোদয় আঁচনিৰ অধীনত সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি তেওঁ উল্লেখ কৰে।

এই আঁচনিৰ জৰিয়তে বিটিআৰৰ কোকৰাঝাৰ জিলাত ১,২০,৮৫৪ গৰাকী, বাক্সা জিলাত ৬০,৬৭৬ গৰাকী, চিৰাং জিলাত ৬০,৫৪৫ গৰাকী, তামুলপুৰ জিলাত ৬১,৫৭৮ গৰাকী আৰু ওদালগুৰি জিলাত ১,০৯,০৩৪ গৰাকী মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। বিটিআৰত প্ৰথমবাৰৰ বাবে ৪ লাখৰো অধিক মহিলাই এই আঁচনিৰ অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অহা পহিলা জানুৱাৰীত সমগ্ৰ অসমৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা বিশেষ উপহাৰ ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ড° শর্মাই কয়, “আগতে মহিলাসকলে বহু কষ্টৰে ঘৰ চলাবলগীয়া হৈছিল, কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিমাহৰ ১০ তাৰিখে ১,২৫০ টকাকৈ নিজৰ বেংক একাউন্টত লাভ কৰিছে।” ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ চাউল প্ৰদান কৰাৰ লগতে অসম চৰকাৰে ১১৭ টকাত এক কিলোগ্ৰামকৈ দাইল, চেনি আৰু নিমখ যোগান ধৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, অহা ১ জানুৱাৰীৰ পৰা এই সামগ্ৰীসমূহ ১০০ টকাত প্ৰদান কৰা হ’ব।

বিটিআৰৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ২০ জানুৱাৰীৰ ভিতৰত ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰা হ’ব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, তামুলপুৰত ইতিমধ্যে চেক বিতৰণ কৰা হৈছে। ১৩ ডিচেম্বৰত গোসাঁইগাঁও আৰু ১৭ ডিচেম্বৰত দতমাত চেক বিতৰণ কৰা হ’ব।

নিযুত মইনা আঁচনিৰ জৰিয়তে কলেজত অধ্যয়ন কৰি থকা ছাত্ৰীসকলক আৰ্থিক সহায়তা আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে, অহা ১ জানুৱাৰীত ছাত্ৰসকলৰ বাবেও এক নতুন কল্যাণমূলক আঁচনি ঘোষণা কৰা হ’ব।

কটন বিশ্ববিদ্যালয় আছু গোটৰ ‘কা’ আন্দোলনৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি ।

কটন বিশ্ববিদ্যালয় আছু গোটৰ 'কা' আন্দোলনৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি ।
কটন বিশ্ববিদ্যালয় আছু গোটৰ 'কা' আন্দোলনৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি ।


কটন বিশ্ববিদ্যালয়ত ‘কা’ পঞ্চ ছহিদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে কটন বিশ্ববিদ্যালয় আছু গোট আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই কাৰ্যসূচী গ্ৰহণ কৰে। কটন বিশ্ববিদ্যালয় আছু গোটে প্ৰত্যেক বৰ্ষৰ ১২ ডিচেম্বৰত “আমি পাহৰা নাই” শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰে। কটন বিশ্ববিদ্যালয়ৰ শতবৰ্ষীয় তোৰণৰ সন্মুখত কটন বিশ্ববিদ্যালয় আছু গোট আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা আয়োজন কৰা অনুষ্ঠানত ছহিদ দীপাঞ্জল দাস, ছহিদ ছেম ষ্টেফʼৰ্ড, ছহিদ দীজেন্দ্ৰ পাংগিং, ছহিদ আব্দুল আলিম আৰু ছহিদ ঈশ্বৰ নায়কৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই আঁত ধৰা অনুষ্ঠানত ন-পুৰণি কটনিয়ানে অংশগ্ৰহণ কৰে।কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি তথা ‘কা’ আন্দোলনৰ সৈতে জড়িত ত্ৰিদিব ভাগৱতীয়ে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পঞ্চ ছহিদৰ আত্মাক সোঁৱৰণ কৰি সেই সময়ৰ অধিকাংশই আদৰ্শ ত্যাগ কৰি দলীয় পতাকাক আকোৱালি লোৱাৰ প্ৰসংগ উল্লেখ কৰি ‘কা’ আন্দোলনৰ পৰিপ্ৰেক্ষিতত সফল ডেকা হেৰুওৱা কথাটো অসমীয়াৰ বাবে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি তথা কটন বিশ্ববিদ্যালয় আছু গোটৰ উপদেষ্টা হিমাংশু কুমাৰ দাসেও বন্তি প্ৰজ্বলন কৰি ইনাৰ লাইন পাৰ্মিট থকা অৰুণাচল,নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ষষ্ঠ অনুসূচীৰ অধীনত পৰা মেঘালয়ৰ ৯৮% আৰু ত্ৰিপুৰাৰ ৬৭% এলেকাৰ লগতে অসমৰ ৮ খন জিলাৰ বাবে যদি “কা” বেয়া তেন্তে বাকী ২৭ খন জিলাৰ বাবে কা খন কেনেকৈ ভাল? বুলি চৰকাৰক প্ৰশ্ন কৰে।ইয়াৰ উত্তৰ চৰকাৰে দিব লাগিব মন্তব্য কৰে।লগতে কা আন্দোলনৰ পঞ্চ শ্বহীদক চৰকাৰে উচিত মৰ্যাদা দিয়াৰ লগতে পৰিয়ালসমূহকো যথোচিত সন্মান দিব লাগিব বুলি দাসে কয়। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কৃতিময় কাশ্যপে জাতীয় প্ৰতিজ্ঞা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ আহ্বানত অসমৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানে এই দিৱস পালন কৰে। ‘কা’ আন্দোলনৰ প্ৰথমটো ছহিদ বেদী কটনত নিৰ্মাণ কৰা হ’ব বুলি কৃতিময় কাশ্যপে কয়।’কা”ৰ দৰে অসমৰ জাতীয় বিপদ সমূহ মষিমূৰ কৰিবলৈ ছাত্ৰ সমাজক একত্ৰিত হ’ব আহ্বান জনায় কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কৃতিময় কাশ্যপে। অনুষ্ঠানত উপস্থিত থাকি বিভিন্নজনে মন্তব্য কৰে।

উপস্থিত কটনিয়ানে পঞ্চ ছহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত শেষত কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই ‘কা’ৰ গইনাৰে বিদেশী লোকৰ সংখ্যা বৃদ্ধি পালে অসমীয়া ভাষা, সংস্কৃতি আৰু জাতিগত পৰিচয়ৰ প্ৰতি সংকট অহাটো স্বাভাৱিক বুলি উল্লেখ কৰি অসম চুক্তি মতে ২৪ মাৰ্চ ১৯৭১ৰ পাছত সকলো বিদেশীক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ কৰা কথা উল্লেখ কৰে।’কা’ অসমে নামানে বুলি স্পষ্টভাৱে উল্লেখ কৰে কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই। প্ৰতিবছৰে কটন বিশ্ববিদ্যালয় আছু গোটে “আমি পাহৰা নাই” শীৰ্ষক পঞ্চ ছহিদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই “জাতীয় প্ৰতিজ্ঞা দিৱস” পালনৰ জৰিয়তে কৰিব বুলি কয়।

ঢেকীয়াজুলিত “কা’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি—ছাত্ৰ সন্থাৰ তীব্ৰ সমালোচনা চৰকাৰক হুঁকাৰ ।

ঢেকীয়াজুলিত “কা’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি—ছাত্ৰ সন্থাৰ তীব্ৰ সমালোচনা চৰকাৰক হুঁকাৰ ।
ঢেকীয়াজুলিত “কা’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি—ছাত্ৰ সন্থাৰ তীব্ৰ সমালোচনা চৰকাৰক হুঁকাৰ ।

শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিত আজি আয়োজন কৰা হ’ল “কা’ আন্দোলনৰ পঞ্চ শ্বহীদক” উৎসৰ্গিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটোত উপস্থিতিজনাই ছ’বছৰ পূৰ্বে গুৱাহাটী মহানগৰীত নাগৰিকত্ব সংশোধনী আইন (কা’)ৰ বিৰুদ্ধে আন্দোলন কৰোঁতে প্ৰাণ আহুতি দিয়া পাঁচজন সুঠাম যুৱকক সুমৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, জাতিধ্বংসী কা’ বাতিলৰ দাবীত পথত নামি জন-জাগৰণ সৃষ্টি কৰা এই পঞ্চ শ্বহীদ—অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ প্ৰতীক হিচাপে এতিয়াও স্মৰণীয়। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আহ্বানত আজি ৰাজ্যজুৰি সমান্তৰালভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ল, আৰু সেইয়াৰ অংশ হিচাপে ঢেকীয়াজুলিতো জাতীয় শ্বহীদ বেদীত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অৰ্পণ।

অনুষ্ঠানটোত উপস্থিত থাকে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাস। শেহতীয়াকৈ তেওঁ পঞ্চ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ স্পষ্টকৈ ক’লে—
“কোনো কাৰণে জাতিধ্বংসী নাগৰিকত্ব আইন মানি লোৱা নহয়। অসমীয়াৰ স্বাভিমান আৰু অস্তিত্বৰ প্রশ্নত আপোষ নহয়।”

আয়োজিত অনুষ্ঠনত ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিকাশ কলিতা সহ অন্যান্য বিষয়া-কৰ্মীৰো উপস্থিতি থাকে আৰু পঞ্চ শ্বহীদক একাত্মতাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জাতিৰ ৰক্ষা, পৰিচয়ৰ সুৰক্ষা আৰু ইতিহাসৰ মান ৰক্ষাৰ লক্ষ্য লৈ আয়োজিত আজিৰ অনুষ্ঠানটো শোণিতপুৰত নৱকৈ জাগ্ৰত কৰিলে কা’ আন্দোলনৰ সুৰ আৰু অসমীয়াৰ আত্মসম্মানৰ দাবি।