Home Blog Page 83

State Cabinet: ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণঃ সৰ্বমুঠ ৯৬৯ কোটি টকাৰ চাৰিটা বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন, সৃষ্টি হ’ব ২৭০৪ টা নিয়োগৰ সুবিধা

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতা অনুষ্ঠিত ৰাজ্য (State Cabinet) চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ হৈছে —প্ৰায় প্ৰতিষ্ঠাকালৰে পৰা লোকচানৰ সন্মুখীন হৈ থকা অসম বাগিচা শস্য উন্নয়ন নিগম লিমিটেডৰ কৰ্মচাৰীসকলক ভিআৰএছ দিয়াৰ সিদ্ধান্ত লৈ ৰাজ্যিক কেবিনেটে ৬ কোটি টকাৰ মঞ্জুৰী প্ৰদান কৰে।ৰাজ্যিক কেবিনেটে সৰ্বমুঠ ৯৬৯ কোটি টকাৰ চাৰিটা বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায়। ইয়াৰ জৰিয়তে ২৭০৪ টা নিয়োগৰ সুবিধা সৃষ্টি হ’ব। সেইসমূহ হৈছে —প্ৰিমিয়াৰ ক্ৰায়’জেনিক্স লিমিটেডেৰ জাগীৰোডত ছেমিকণ্ডাক্টৰ গ্ৰেড গ্ৰেছ মেনুফেক্সাৰিং প্ৰকল্প নিৰ্মাণৰ বাবে ১২৫ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন।

এই প্ৰকল্পটোত ২০০ টা নিয়োগ সৃষ্টি হ’ব। জোনালী কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ পৰ্যটন আৰু আতিথ্য সেৱাৰ সৈতে জড়িত মেৰিয়ট হোটেল আৰু ৰিজ’ৰ্ট প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰায় ১৮২ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন। এই প্ৰকল্পটোত ২০৪ টা নিয়োগ সৃষ্টি হ’ব। অম্বুজা নেঅ’টীয়া হেলথ কেয়াৰ ভেন্সাৰ লিমিটেডৰ হাস্পতাল প্ৰকল্পৰ বাবে প্ৰায় ৩০২ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন। অম্বুজা নেঅ’টীয়া হোটেল ভেন্সাৰ লিমিটেডৰ হোটেল প্ৰকল্পৰ বাবে৩৬০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন। অম্বুজা নেঅ’টীয়া হেলথ কেয়াৰ ভেন্সাৰ লিমিটেডৰ হাস্পতাল আৰু অম্বুজা নেঅ’টীয়া হোটেল ভেন্সাৰ লিমিটেডৰ হোটেল প্ৰকল্প দুটাৰ বাবে সৰ্বমুঠ নিয়োগৰ সুবিধা সৃষ্টি হ’ব ২৩০০ টা। কেবিনেটে আন্তঃধৰ্মীয় ভূমি হস্তান্তৰৰ ক্ষেত্ৰত স্থাবৰ সম্পত্তি হস্তান্তৰ অনুমতি প্ৰদানৰ পদ্ধতি সুশৃংখলিত কৰাৰ বাবে ৰাজ্যিক অনুমোদন জনাইছে। সেই অনুসৰি মাটি ক্ৰয়-বিক্ৰয়ৰ প্ৰস্তাৱসমূহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পৰীক্ষা কৰাৰ পিছত প্ৰস্তাৱসমূহ উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব।

উপায়ুক্তৰ কাৰ্যালয়ে এই প্ৰস্তাৱসমূহ ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগলৈ প্ৰেৰণ কৰিব। ৰাজহ বিভাগৰ কাৰ্যলায়ত এজন ন’ডেল বিষয়া থাকিব। ৰাজহ বিভাগে প্ৰস্তাৱসমূহ অসম আৰক্ষীৰ বিশেষ শাখালৈ প্ৰেৰণ কৰিব। আৰক্ষী বিভাগৰ বিশেষ শাখাই এই ক্ষেত্ৰত মাটি ক্ৰয়-বিক্ৰয় প্ৰক্ৰিয়া প্ৰৱঞ্চনামূলক, জোৰ-জবৰদস্তিমূলক বা অবৈধভাৱে ভূমি হস্তান্তৰ কৰা হৈছে নেকি বা ক্ৰয়-বিক্ৰয়ৰ ফলত অঞ্চলটোত সামাজিক গাঁথনিত প্ৰভাৱ পৰিছে নেকি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো পৰ্যালোচনা কৰি চৰকাৰক অৱগত কৰিব। চৰকাৰে এই বিষয়ে জিলা আয়ুক্তক জনাব আৰু জিলা আয়ুক্তই তাৰ ওপৰত সিদ্ধান্ত ল’ব। এই মানক পৰিচালনা বিধি (এছঅ’পি) অসমৰ বাহিৰৰ স্বেচ্ছাসেৱীসমূহ সংগঠনসমূহৰ ক্ষেত্ৰটো প্ৰযোজ্য হ’ব।


ৰাজ্যিক কেবিনেটে ঝুমইৰৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণকাৰী শিল্পী-কলা-কুশলীসকলক উৎসাহ প্ৰদান কৰাৰ বাবে অহা ১২ অক্টোবৰত এককালনী মাননি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুপৰি, মুখ্যমন্ত্ৰীয়ে আজি সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ৮ ছেপ্টেম্বৰ পৰিৱৰ্তে ১৩-১৪ ছেপ্টেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমেলৈ আহিব। কাইলৈ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী কমিটীখনৰ মিটিং হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৮ ছেপ্টেম্বৰত অসমলৈ অহাৰ কথা আছিল। কিন্তু ভাৰতৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন ৯ তাৰিখে অনুষ্ঠিত হ’ব। সেয়ে মোদী ৮ তাৰিখৰ পৰিৱৰ্তে ১৩ আৰু ১৪ ছেপ্টেম্বৰত দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ আহিব। প্ৰধানমন্ত্ৰীৰ সৈতে জড়িত কাৰ্যসূচী, সেইখিনি তাক ১৩ তাৰিখে কৰা হ’ব, কিন্তু শতবাৰ্ষিকীৰ অনুষ্ঠানটো ৮ তাৰিখেই পালন কৰা হ’ব। এই অনুষ্ঠানটো কেনেকৈ পালন কৰা হ’ব সেয়া বৈঠকত আলোচনা হ’ব।

প্ৰধানমন্ত্ৰী ১৩ তাৰিখে আহিব। সেইদিনা ৫.৩০ বজাত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশ ল’ব। ১৪ তাৰিখে পুৱা মঙলদৈলৈ যাব আৰু বিয়লি নুমলীগড়লৈ যাব। এটা নিশা গুৱাহাটীত কটাব।২৯ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসমত কাৰ্যসূচী আছে। ২৮ আগষ্টতে অৰ্থাৎ কাইলৈ অমিত শ্বাহ গুৱাহাটীত উপস্থিত হ’ব। গুৱাহাটীত উপস্থিত হোৱাৰ পিছত বিজেপিৰ কাৰ্যালয়লৈ আহিব। তাত বিজেপিৰ ক’ৰ কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰিব। নিশাৰ আহাৰ দলৰ কাৰ্যালয়তে গ্ৰহণ কৰিব। ২৯ তাৰিখে পুৱা ১০.৩০ বজাত ৰাজভৱন, তাৰ পিছত পঞ্চায়ত সন্মিলন আৰু বিয়লি ৪ বজাত গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত যোগদান কৰিব। তাৰ পূৰ্বে জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন কৰিব।

AASU: অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ দাবীত সৰব আছুঃ ৪ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি ‘সত্যাগ্ৰহ’ ঘোষণা

AASU
AASU

বাংলাদেশৰ পৰা অহা (AASU) অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে দৃঢ় পদক্ষেপ ল’বলৈ আৰু অসমৰ দীৰ্ঘদিনীয়া অনুপ্ৰৱেশৰ সমস্যাৰ স্থায়ী সমাধান ৰূপায়ণ কৰিবলৈ চৰকাৰক আহ্বান জনাই সদৌ অসম ছাত্ৰ সন্থাই ৪ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি “সত্যাগ্ৰহ” অভিযান ঘোষণা কৰিছে।

অহা ৪ ছেপ্টেম্বৰৰ পৰা সকলো জিলা সদৰত ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী আৰম্ভ হ’ব । ইয়াৰ পিছত ১৬ ছেপ্টেম্বৰত প্ৰতিবাদী বিক্ষোভ, ২০ ছেপ্টেম্বৰত মানৱ শৃংখল, আৰু ২৩ ছেপ্টেম্বৰত সমগ্ৰ জিলা সদৰত গণ সমাৱেশৰ শিখৰত উপনীত হ’ব। অবৈধভাৱে সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰা ব্যক্তিসকলৰ বাবে “শ্বুট-এট-ছাইট” নীতিৰ আহ্বান জনায়।আছুৰ সম্পাদক উৎপল শৰ্মাই কয়, ‘অসম চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা হ’লে ১৯৭১ চনৰ পিছৰ প্ৰব্ৰজনকাৰীক বহিষ্কাৰ কৰা হ’লে অসম আজিৰ সংকটৰ সন্মুখীন নহ’লহেঁতেন।অবৈধ লোকে জনজাতীয় অঞ্চল, কৃষিভূমি, সত্ৰ ভূমি, বনাঞ্চল, খিলঞ্জীয়া লোকক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে ।

”জনগাঁথনিগত পৰিৱৰ্তনে অসমৰ ভাষা, সংস্কৃতি, অৰ্থনীতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি সকীয়াই দিয়ে। আনহাতে উগ্ৰপন্থী উপাদানসমূহে ৰাজ্য আৰু জাতি উভয়ৰে বাবে বিপদৰ সৃষ্টি কৰিছে।আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই জোৰ দি কয় যে সংশোধনীৰ প্ৰয়োজন হ’লেও খিলঞ্জীয়া অসমীয়া লোকসকলৰ বাবে সাংবিধানিক সুৰক্ষা নিশ্চিত কৰিব লাগিব। ‘আমি কেৱল প্ৰতিশ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰো;স্পষ্ট কাৰ্য্যৰ প্ৰয়োজন।ইতিমধ্যে অসমে এই কামৰ বাবে প্ৰাণ আহুতি দিছে আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুয়োটাই ২৬৮ কিলোমিটাৰ সীমান্ত ছীল কৰাত ব্যৰ্থ হৈছে।’

৪৬ বছৰ ধৰি অসম আন্দোলনৰ পিছৰে পৰা জনসাধাৰণে অবৈধ অনুপ্ৰৱেশৰ স্থায়ী সমাধানৰ দাবী জনাই আহিছে আৰু বিষয়টো সম্পূৰ্ণৰূপে সমাধান নোহোৱালৈকে সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প পুনৰ দৃঢ় কৰে।

Astro Tips: টকাৰ অভাৱ নহ’ব আপোনাৰ জীৱনত, নিম পাতৰ আছে অলৌকিক প্ৰতিকাৰ!

টকাৰ অভাৱ নহ'ব আপোনাৰ জীৱনত
টকাৰ অভাৱ নহ'ব আপোনাৰ জীৱনত

যদিও নিম পাত অতি তিতা, (Astro Tips) কিন্তু ইয়াৰ লগত জড়িত কিছুমান প্ৰতিকাৰে জীৱনৰ বহু সমস্যাৰ পৰা মুক্তি পাব পাৰি। টকাৰ পৰা আৰম্ভ কৰি জীৱনত চলি থকা আন আন সমস্যালৈকে বহুতো সমস্যা দূৰ কৰিব পাৰে।

স্বাস্থ্য উপকাৰিতাৰ কথা আহিলে নিম বহু সমস্যাৰ ফলপ্ৰসূ ঔষধ হিচাপে জনা যায়। ঔষধি গুণ থকা নিমৰ জ্যোতিষ শাস্ত্ৰতো বহুত গুৰুত্ব কথা কোৱা হৈছে। আচলতে নিম গছ আৰু নিম পাতৰ লগত জড়িত এনে কিছুমান ফলপ্ৰসূ প্ৰতিকাৰৰ কথা কোৱা হৈছে, যিবোৰ কৰিলে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি লাভ কৰিব পৰা যায়।

প্ৰতিদিনে পুৱা নিম গছজোপাৰ পৰা সতেজ নিম পাত ছিঙি তাৰ পিছত মা কালিৰ মন্দিৰলৈ লৈ গ’লে বা ঘৰত থকা মূৰ্তিত আগবঢ়ালে টকাৰ অভাৱ নোহোৱা হ’বলৈ আৰম্ভ কৰিব। ঘৰ আৰু পৰিয়ালত সুখ, শান্তি আৰু সমৃদ্ধি থাকিব। স্বাস্থ্যৰ উন্নতি আৰম্ভ হ’ব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। মনত ৰাখিব যে এই প্ৰতিকাৰ ১১ দিন ধৰি অবিৰতভাৱে কৰিব লাগিব।

যদি কোনো ব্যক্তিৰ ৰাহু-কেতু সম্পৰ্কীয় দোষ থাকে তেন্তে নিমৰ ফলপ্ৰসূ প্ৰতিকাৰ কৰিব পাৰি। নিমৰ পাত উতলাই এই পানী সাধাৰণ গা ধোৱা পানীত মিহলাই গা ধুব। ইয়াৰ লগতে প্ৰতিদিনে নিম গছক পানী আগবঢ়াওক। এই প্ৰতিকাৰে ৰাহু দোষ দূৰ কৰিব আৰু হনুমানৰ আশীৰ্বাদো পাব।

নিমৰ পাত যাতে সদায় সতেজ হৈ থাকে তাৰ সম্পূৰ্ণ যত্ন লওক। যেতিয়াই নিম পাতৰ প্ৰতিকাৰ কৰে তেতিয়াই সঁচা অনুভূতি আৰু বিশ্বাস মনত ৰাখক যে আপুনি যি কাৰণত এই প্ৰতিকাৰ কৰিছে সেয়া সম্পূৰ্ণ হ’ব লাগে।

Nepal-China: নেপালৰ সৈতে হাতে হাত মিলাইছে ৰঙা চীনে

Nepal-China: নেপালৰ সৈতে হাতে হাত মিলাইছে ৰঙা চীনে
Nepal-China: নেপালৰ সৈতে হাতে হাত মিলাইছে ৰঙা চীনে

ভাৰতৰ ওপৰত চাপৰ সৃষ্টি (Nepal-China) কৰি দক্ষিণ এছিয়াত চীনে সামৰিক প্ৰসাৰ অব্যাহত ৰাখিছে৷ ইয়াৰ শেহতীয়া পদক্ষেপে পিপ’লছ লিবাৰেচন আৰ্মী নেপাললৈ আহিছে যৌথ সামৰিক অনুশীলনৰ বাবে৷ সাগৰমাথা বন্ধুত্ব নামেৰে নামাংকিত কৰা এই অনুশীলন ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ই এনে ধৰণৰ প্ৰশিক্ষণ শৃংখলাৰ পঞ্চম সংস্কৰণ৷ নেপালৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মুখপাত্ৰ মনোজ কুমাৰ আচাৰ্যই এই ঘোষণা কৰে আৰু তেওঁ নিশ্চিত কৰে যে এই অনুশীলন নেপালত অনুষ্ঠিত হ’ব৷ দুয়োখন দেশৰ সৈন্যই সমন্বিত অভিযানত অংশগ্ৰহণ কৰিব৷

এই প্ৰশিক্ষণত সন্ত্ৰাসবাদবিৰোধী, দুৰ্যোগ সঁহাৰি আৰু উদ্ধাৰ অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব৷ ব্যৱহাৰিক অধিৱেশনত আই ই ডি চম্ভালা, চেকপইণ্ট সুৰক্ষিত কৰা আৰু সশস্ত্ৰ হস্তক্ষেপ পৰিচালনা কৰা আদি অন্তৰ্ভুক্ত কৰা হ’ব৷ এই অংশীদাৰিত্ব নেপাল আৰু চীনৰ মাজত হোৱা অতীতৰ সামৰিক সংযোগৰ ওপৰত নিৰ্ভৰশীল বুলিও কোৱা হৈছে৷ প্ৰথম সাগৰমাথা অনুশীলন ২০১৭ চনত হৈছিল৷ কৰ’না মহামাৰীৰ সময়ত ইয়াক স্থগিত ৰখা হৈছিল যদিও ২০২৩ চনত পুনৰ আৰম্ভ কৰা হৈছিল৷ বৰ্তমানৰ সংস্কৰণে ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা সহযোগিতাৰ আন এটা স্তৰ যোগ কৰিছে৷ ২০২৫ চনৰ সংস্কৰণৰ বাবে এতিয়ালৈকে কোনো স্থান ঘোষণা কৰা হোৱা নাই৷ চীনৰ সৈতে সামৰিক অনুশীলন অনুষ্ঠিত কৰাৰ নেপালৰ সিদ্ধান্ত স্পৰ্শকাতৰ হিচাপে বিবেচিত হৈছে৷

লিপুলেখ-কালাপানী সীমান্ত অঞ্চলক লৈ ভাৰত আৰু নেপালৰ মাজত উত্তেজনা অমীমাংসিত হৈ আছে৷ ইফালে ভাৰত আৰু চীনতো গালোৱান কাণ্ডৰ পিছত ক্ৰমান্বয়ে উত্তেজনা প্ৰশমিত হোৱা দেখা গৈছে৷ শেহতীয়াকৈ চীনৰ জ্যেষ্ঠ বিষয়াসকলৰ ভাৰত ভ্ৰমণকে ধৰি কূটনৈতিক যোগাযোগ পুনৰ আৰম্ভ হৈছে৷ বেইজিঙৰ প্ৰতিৰক্ষা কূটনীতি নেপালৰ বাহিৰলৈও বিস্তৃত৷ পাকিস্তানত ই বৃহৎ পৰিমাণৰ সামৰিক সঁজুলি যোগান ধৰিছে৷ বাংলাদেশত শেহতীয়াকৈ চীনৰ প্ৰকল্পসমূহ ভ্ৰমণ কৰি জ্যেষ্ঠ সামৰিক নেতৃত্বই সকলো কথাৰ বুজ লৈছে৷ ভাৰতে নেপালৰ সৈতে দীৰ্ঘদিনীয়া সামৰিক সম্পৰ্ক বজাই ৰাখিছে৷ প্ৰায় দুটা দশক ধৰি বছৰি চলি আহিছে ‘সূৰ্য কিৰণ’ যৌথ অনুশীলন৷ এই অনুশীলনত দুয়োপক্ষৰ পৰা ৩০০ৰো অধিক সৈন্যই অংশগ্ৰহণ কৰে৷ প্ৰশিক্ষণৰ ভিতৰত আছে দুৰ্যোগ সাহায্য, মানৱীয় অভিযান আদি৷ ভাৰতীয় প্ৰতিৰক্ষা পৰিকল্পনাকাৰীসকলে এই উন্নয়নসমূহৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে৷

Electric Vehicles: বিশ্বই বৈদ্যুতিক বাহন চলাই ক’ব- ‘মেড ইন ইণ্ডিয়া’

Electric Vehicles: বিশ্বই বৈদ্যুতিক বাহন চলাই ক’ব- ‘মেড ইন ইণ্ডিয়া’
Electric Vehicles: বিশ্বই বৈদ্যুতিক বাহন চলাই ক’ব- ‘মেড ইন ইণ্ডিয়া’

সেউজ শক্তিৰ (Electric Vehicles) ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ হনচলপুৰত সেউজ গতিশীলতা পদক্ষেপ উদ্বোধন কৰে৷ সমৱেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গণেশ উৎসৱৰ মাজত ভাৰতৰ ‘মেক ইন ইণ্ডিয়া’ যাত্ৰাত এক নতুন অধ্যায় যোগ কৰা হৈছে৷ তেওঁ কয় যে ‘মেক ইন ইণ্ডিয়া’, মেক ফৰ ৱল্ডৰ্’ৰ অংশীদাৰী লক্ষ্যৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে৷ মোদীয়ে উল্লেখ কৰে যে আজি ভাৰতত নিৰ্মিত বৈদু্যতিক বাহন ১০০খন দেশলৈ ১৫ানি কৰা হ’ব৷ তেওঁ লগতে দেশত হাইব্ৰিড বেটাৰী ইলেক্টª’ড উৎপাদন আৰম্ভ কৰাৰ কথা ঘোষণা কৰে৷ আজি ভাৰত আৰু জাপানৰ মাজৰ বন্ধুত্বকো এক নতুন মাত্ৰা প্ৰদান কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সকলো নাগৰিকক, জাপান আৰু ছুজুকি মটৰ কৰ্প’ৰেচনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷ ভাৰতৰ সফলতাৰ কাহিনী ১২-১৩ বছৰ আগতে ৰোপণ কৰা হৈছিল বুলি উল্লেখ কৰি মোদীয়ে কয় যে ২০১২ চনত মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত হনচলপুৰত মাৰুতি ছুজুকিৰ বাবে ভূমি আবণ্টন কৰা হৈছিল৷ তেওঁ গুৰুত্ব আৰোপ কৰে যে সেই সময়তো আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী আছিল আৰু মেক ইন ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল৷ তেওঁ কয় যে সেই প্ৰাৰম্ভিক প্ৰচেষ্টাই এতিয়া দেশৰ বৰ্তমানৰ সংকল্পসমূহ পূৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷ প্ৰয়াত প্ৰধানমন্ত্ৰী অ’ছামু ছুজুকিক শ্ৰদ্ধাৰে স্মৰণ কৰি মোদীয়ে কয় যে ভাৰত চৰকাৰে তেওঁক পদ্মবিভূষণ প্ৰদান কৰাৰ সন্মান লাভ কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে কয় যে মাৰুতি ছুজুকিৰ বাবে অ’ছামু ছুজুকিয়ে কল্পনা কৰা দৃষ্টিৰ বিশাল সম্প্ৰসাৰণ দেখি তেওঁ আনন্দিত হৈছে৷’ ভাৰতত গণতন্ত্ৰৰ শক্তি আৰু জনগাঁথনিৰ সুবিধা আছে৷ ভাৰতত দক্ষ কৰ্মশক্তিৰ এক বিশাল সাগৰ আছে যিয়ে প্ৰতিগৰাকী অংশীদাৰৰ বাবে এক বিজয়ৰ পৰিস্থিতিৰ সৃষ্টি কৰে- মোদীয়ে কয়৷ তেওঁ কয় যে ছুজুকি জাপানে ভাৰতত উৎপাদন কৰি আছে আৰু ইয়াৰ উৎপাদিত বাহনসমূহ জাপানলৈ ওভতাই নিয়া হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ই কেৱল ভাৰত-জাপান সম্পৰ্কৰ শক্তিয়েই নহয়, ভাৰতৰ বিশ্বব্যাপী কোম্পানীসমূহৰ বৰ্ধিত বিশ্বাসকো প্ৰতিফলিত কৰে৷ তেওঁ কয় যে মাৰুতি ছুজুকিৰ দৰে কোম্পানীসমূহে মেক ইন ইণ্ডিয়াৰ ব্ৰেণ্ড এম্বেছাদৰ হৈ পৰিছে৷ একেৰাহে চাৰি বছৰ ধৰি মাৰুতি ছুজুকি ভাৰতৰ সৰ্ববৃহৎ গাড়ী ১৫ানিকৰ্তা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে আজিৰ পৰা বৈদু্যতিক বাহন ১৫ানিও একে স্তৰত আৰম্ভ হ’ব৷ তেওঁ লগতে কয় যে সমগ্ৰ বিশ্বৰ কেইবা ডজন দেশত যি চলি থকা বৈদু্যতিক বাহনে ‘মেড ইন ইণ্ডিয়া’ লেবেল গৌৰৱেৰে বহন কৰিব৷ বৈদু্যতিক বাহনে পৰিস্থিতিতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ বেটাৰী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেইবছৰমান আগলৈকে ভাৰতত বেটাৰী সম্পূৰ্ণৰূপে আমদানি কৰা হৈছিল৷ তেওঁ লগতে কয় যে বৈদু্যতিক বাহনৰ উৎপাদন শক্তিশালী কৰিবলৈ ঘৰুৱা বেটাৰী উৎপাদন আৰম্ভ কৰাটো প্ৰয়োজনীয়৷ মোদীয়ে স্মৰণ কৰে যে ২০১৭ চনত টিডিএছজি বেটাৰী প্ৰকল্পৰ আধাৰশিলা এই দৃষ্টিভংগীৰে স্থাপন কৰা হৈছিল৷ তেওঁ ঘোষণা কৰে যে টিডিএছজিয়ে এক নতুন পদক্ষেপৰ অধীনত তিনিটা জাপানী কোম্পানীয়ে যুটীয়াভাৱে ভাৰতত বেটাৰী কোষ নিৰ্মাণ তেওঁ লগতে কয় যে ভাৰততে বেটাৰী ছেল বিদু্যৎ উৎপাদন কৰা হ’ব৷ প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে যে এই স্থানীয়কৰণে ভাৰতৰ আত্মনিৰ্ভৰতাক শক্তিশালী কৰিব৷ তেওঁ কয় যে ই হাইব্ৰিড বৈদু্যতিক বাহন খণ্ডৰ বিকাশৰ গতি ত্বৰান্বিত কৰিব৷ তেওঁ এই ঐতিহাসিক আৰম্ভণিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷কেইবছৰমান আগলৈকে বৈদু্যতিক বাহন কেৱল বিকল্প হিচাপে গণ্য কৰা হৈছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যেবৈদু্যতিক বাহনে একাধিক প্ৰত্যাহ৩ানৰ সঠিক সমাধান প্ৰদান কৰে৷ তেওঁ স্মৰণ কৰে যে যোৱা বছৰ ছিংগাপুৰ ভ্ৰমণৰ সময়ত তেওঁ পুৰণি বাহন আৰু এম্বুলেন্স হাইব্ৰিড বৈদু্যতিক বাহনলৈ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ দিছিল৷ মোদীয়ে এই প্ৰত্যাহ৩ান গ্ৰহণ কৰি মাত্ৰ ছমাহৰ ভিতৰত এক কাৰ্যকৰী প্ৰটোটাইপ বিকশিত কৰাৰ বাবে মাৰুতি ছুজুকিৰ প্ৰশংসা কৰে৷ তেওঁ ব্যক্তিগতভাৱে হাইব্ৰিড এম্বুলেন্সৰ প্ৰটোটাইপ পৰ্যালোচনা কৰে বুলি উল্লেখ কৰি কয় যে প্ৰধানমন্ত্ৰী ই-ড্ৰাইভ আঁচনিৰ সৈতে এই হাইব্ৰিড এম্বুলেন্স সম্পূৰ্ণৰূপে মিলি যায়৷ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই আঁচনিৰ অধীনত ই-এম্বুলেন্সৰ বাবে এক সমৰ্পিত বাজেট আবণ্টন কৰা হৈছে৷ তেওঁ কয় যে হাইব্ৰিড বৈদু্যতিক বাহনে প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰিব আৰু পুৰণি যান-বাহন সলনি কৰাৰ এক কাৰ্যকৰী বিকল্প প্ৰদান কৰিব৷ স্বচ্ছ শক্তি আৰু স্বচ্ছ গতিশীলতাই ভাৰতৰ ভৱিষ্যতক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি মোদীয়ে কয় যে এনে প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে স্বচ্ছ শক্তি আৰু স্বচ্ছ গতিশীলতাৰ বাবে নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে দ্ৰুতগতিত উদীয়মান হৈছে৷ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোগান শৃংখল বিঘ্নিত হোৱাৰ পৰিপ্ৰেক্ষিতত, যোৱা দশকটোত ভাৰতৰ নীতি আৰু সিদ্ধান্তসমূহ অতিশয় ফলপ্ৰসু প্ৰমাণিত হৈছে৷ ২০১৪ চনত দেশৰ সেৱা কৰাৰ সুযোগ লাভ কৰাৰ কথা স্মৰণ কৰি, এই পৰিৱৰ্তনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছিল বুলি প্ৰকাশ কৰিপ্ৰধানমন্ত্ৰীয়ে মেক ইন ইণ্ডিয়া অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰে আৰু ইয়াৰ ফলত বিশ্বব্যাপী তথা ঘৰুৱা উৎপাদকসকলৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি হোৱা বুলি কয়৷ তেওঁ কয় যে ভাৰতে ইয়াৰ উৎপাদন খণ্ডক দক্ষ আৰু গোলকীয় প্ৰতিযোগিতামূলক কৰি তুলিবলৈ কাম কৰি তেওঁ লগতে কয় যে এই দৃষ্টিভংগীক সমৰ্থন কৰিবলৈ ঔদ্যোগিক কৰিড’ৰ বিকশিত কৰা হৈছে আৰু সমগ্ৰ দেশতে প্লাগ-এণ্ড প্লে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু লজিষ্টিক পাৰ্ক স্থাপন কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে উৎপাদন সংযোজিত ইনচেণ্টিভ আঁচনিৰ অধীনত কেইবাটাও খণ্ডত নিৰ্মাতাসকল লাভৱান্বিত কৰা হৈছে৷ মুখ্য সংস্কাৰৰ জৰিয়তে বিনিয়োগকাৰীসকলৰ সন্মুখীন হোৱা দীৰ্ঘদিনীয়া প্ৰত্যাহ৩ানসমূহ সমাধান কৰা হৈছে বুলি মন্তব্য কৰি মোদীয়ে কয় যে এই সংস্কাৰসমূহে ভাৰতীয় উৎপাদনত বিনিয়োগ কৰাটো সহজ কৰি তুলিছে৷ তেওঁ এই প্ৰচেষ্টাৰ মূৰ্ত পৰিণামৰ কথা উল্লেখ কৰি কয় যে এই দশকত ভাৰতত ইলেক্টªনিকছ উৎপাদন প্ৰায় ৫০০ শতাংশ বৃদ্ধি পাইছে৷ ২০১৪ চনৰ তুলনাত মোবাইল ফোনৰ উৎপাদন ২.৭০০ শতাংশলৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিৰক্ষা উৎপাদনো যোৱা দশকত ২০০ শতাংশৰো অধিক বৃদ্ধি পাইছে৷ তেওঁ কয় যে এই সফলতাই সমগ্ৰ ভাৰতৰ সকলো ৰাজ্যক অনুপ্ৰাণিত কৰিছে আৰু সংস্কাৰ তথা বিনিয়োগ সন্দৰ্ভত ৰাজ্যসমূহৰ মাজত এক সুস্থ প্ৰতিযোগিতা সৃষ্টি কৰিছে, যাৰ ফলত সমগ্ৰ ৰাষ্ট্ৰ উপকৃত হৈছে৷ মোদীয়ে ৰাজ্যসমূহক গোলকীয় বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবলৈ ব্যৱসায় কৰাৰসহজতা বৃদ্ধিৰ লগতে উন্নত উন্নয়নমূলক নীতি আৰু সংস্কাৰৰ বাবে আহ৩ান জনায়৷

Ganesh Chaturthi 2025: দেশজুৰি গণেশ চতুৰ্থীৰ আনন্দ

Ganesh Chaturthi 2025: দেশজুৰি গণেশ চতুৰ্থীৰ আনন্দ
Ganesh Chaturthi 2025: দেশজুৰি গণেশ চতুৰ্থীৰ আনন্দ

গণেশ চতুৰ্থীৰ আনন্দত মতলীয়া হৈ (Ganesh Chaturthi 2025) পৰিছে দেশৰ হিন্দুধৰ্মী লোকসকল৷ দক্ষিণ ভাৰতৰ লগতে উত্তৰ ভাৰততো গণেশ চতুৰ্থী উপলক্ষে গণেশ মন্দিৰসমূহ আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে৷ এনে সময়তে ‘সৰকাৰ গণেশ উৎসৱে’ পৰিৱেশ অনুকূল গণেশ মূৰ্তি স্থাপন কৰিছে ৷ এই মূৰ্তিটোৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ’ল ই প্লাষ্টাৰ অৱ পেৰিছ বা মাটিৰে নহয়, বৰঞ্চ ৩৫০ কিলোগ্ৰাম টিছু পেপাৰেৰে ইয়াক তৈয়াৰ কৰা হৈছে৷ ১৬ ফুট ওখ আৰু ৬ ফুট বহল এই বিশাল মূৰ্তিটো মুম্বাইৰ ১৫গৰাকী দক্ষ শিল্পীয়ে এমাহৰ কষ্টৰ অন্তত প্ৰস্তুত কৰিছে ৷

এই মূৰ্তিটোৰ কাৰুকাৰ্য ইমানেই সূক্ষ্ম আৰু নিখুঁত যে প্ৰথম দৃষ্টিত কোনেও বিশ্বাস নকৰিব যে এই মূৰ্তিটো কাগজৰ দ্বাৰা নিৰ্মিত ৷ ইয়াৰ অলংকাৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো ভংগিমালৈকে আচৰিত ধৰণে খোদিত কৰা হৈছে, যিয়ে শিল্পীসকলৰ দক্ষতাকে দেখুৱাইছে৷ এই বিস্ময়কৰ মূৰ্তিটো কেৱল ভক্তসকলৰ বিশ্বাসৰ প্ৰতীক নহয়, পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগতা বৃদ্ধিৰ এক বৃহৎ নিদৰ্শন৷ এই পৰিৱেশ অনুকূল পদক্ষেপৰ আঁৰত থকা প্ৰেৰণাদায়ক ধাৰণাটো হৈছে ‘সৰকাৰ গণেশ উৎসৱ’ মণ্ডলৰ সাগৰ ৰাজপুতৰ৷ তেওঁ কয় যে মুম্বাইৰ মাধি গণেশ উৎসৱৰ সময়ত পি অ’ পিৰ দ্বাৰা নিৰ্মিত মূৰ্তি বিসৰ্জনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷

এই ভিডিঅ’টো চাই তেওঁ এই পৰিবেশ অনূকূল গণেশক বনোৱাৰ ধাৰণা পালে৷ ‘ইয়াৰ দ্বাৰা আমাৰ পৰম্পৰা বজাই ৰখাত সহায়ক হ’ব আৰু লগতে পৰিৱেশক ক্ষতিৰ পৰা ৰক্ষা কৰিব’ তেওঁ কয়৷ পৰম্পৰাগতভাৱে গণেশ মূৰ্তি নদী, বিল বা সাগৰত বিসৰ্জন দিয়া হয়৷ পি অ’ পি আৰু ৰাসায়নিক ৰঙেৰে নিৰ্মিত মূৰ্তি পানী প্ৰদূষণৰ এটা প্ৰধান কাৰণ, যিয়ে জলজ জীৱ আৰু পৰিৱেশৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে৷ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই পৰিৱেশ অনুকূল মূৰ্তিটোৱে ইতিবাচক আৰু বহনক্ষম সমাধান আগবঢ়াইছে৷ এই গণেশ মূৰ্তিক পৰম্পৰাগতভাৱে নদী বা সাগৰত বিসৰ্জন দিয়া নহ’ব৷ মণ্ডলে এটা কৃত্ৰিম হ্ৰদ সৃষ্টি কৰিছে, য’ত এই মূৰ্তিটো বিসৰ্জন দিয়া হ’ব৷

কাগজৰ দ্বাৰা নিৰ্মিত হোৱাৰ বাবে ই পানীত সহজে দ্ৰৱীভূত হৈ কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে৷ ডুবাই ৰখাৰ পিছত বাকী থকা পাল্পখিনি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত সম্পূৰ্ণ বহনক্ষম চক্ৰ সম্পূৰ্ণ হয়৷ এই পদক্ষেপে আন আন মণ্ডল আৰু ভক্তসকলৰ বাবেও এক প্ৰেৰণাদায়ক আদৰ্শ দাঙি ধৰিছে৷ এই ভব্য মূৰ্তিটোক চহৰলৈ অনাৰ বাবে এক বিশাল শোভাযাত্ৰা উলিওৱা হৈছিল৷ এই শোভাযাত্ৰাত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰিছিল, যাৰ মুখত ভগৱান গণেশৰ আগমনৰ আনন্দ আৰু উত্তেজনা স্পষ্টভাৱে প্ৰতিফলিত হৈছিল৷

AAMSU: আমচু অসমীয়া হ’ব নোৱাৰিলে কিয় ?

AAMSU: আমচু অসমীয়া হ'ব নোৱাৰিলে কিয় ?
AAMSU: আমচু অসমীয়া হ'ব নোৱাৰিলে কিয় ?

অসমত থকা ডাঙৰ সংগঠনসমূহৰ (AAMSU) ভিতৰত আমচুৰ নামো ল’ব পাৰি। ইচলাম ধৰ্মৰ কাৰণে জীৱন উচৰ্গা কৰি অহা আমচু অসমৰ ইচলাম ধৰ্মীলোকৰ মাজত কিমান জনপ্ৰিয় সেয়া আমি নাজানো। কিন্তু মাজে-সময়ে সচেতন খিলঞ্জীয়া মুছলমানে তেওঁলোকৰ কাৰ্যৰ বিৰোধীতা কৰি স্পষ্টীকৰণ দিয়া দেখি থাকোঁ। ইয়াত কোন সঁ‌চা নতুবা কোন মিছা সেয়া এই লেখাৰ বিষয় নহয়। বিষয় হ’ল আমচুৰ নেতাই অসমৰ মুখ্য প্ৰতিনিধি আৰু প্ৰধান সেৱক মাননীয় মুখ্যমন্ত্ৰীক সামাজিক মাধ্যমত কৰা অপমান।তেওঁলোকৰ মতে অসমৰ মুখ্যমন্ত্ৰী এজন নীচ, ঘৃণনীয় ব্যক্তি। কিন্তু আমচু নামৰ সংগঠনৰ নেতা আৰু সদস্যসকলে হয়তো পাহৰি গৈছে যে তেওঁলোকৰ অসমৰ পটভূমিত জনপ্ৰিয়তা অৰ্জনত বিফল হোৱা এটা সংগঠন। বঙালী মানুহেও বুজাৰ বাবে দুৰ্বোধ্য এটা ভাষা কোৱা মানুহৰ প্ৰতি আৱেগিক আৰু দায়বদ্ধ এটা সংগঠন হিচাপে পৰিচয় দিয়াত উঠিপৰি লাগিছে।

হয়, শেহতীয়া উচ্ছেদ কাৰ্যই মানুহবোৰৰ সপোনৰ ঘৰ এখন তচনচ কৰিছে। এয়া নিতান্তই দুখ লগা ছবি। ঘৰ ভাঙিলে নিশাৰ ভিতৰতেই অঘৰী হোৱাৰ পীড়া বৰ কষ্টদায়ক। কিন্তু ইয়াৰ বাবে কেৱল চৰকাৰেই জগৰীয়া নে ? চৰকাৰৰ ৰোষত পৰিবলগীয়া কাৰ্য ভুক্তভোগীসকলে কৰা নাই নে ? অসমৰ প্ৰকৃতিক ভেঙুচালি কৰি প্ৰকৃতি ধ্বংস কৰি বৰ্ধিত জনসংখ্যাক ইচ্চামতেই সংস্থাপন কৰি তেওঁলোকেও অপৰাধ কৰিছে। উচ্ছেদিতসকলে এটা অসুৰক্ষিত ভেটিত নিজৰ জীৱন কটোৱাৰ সিদ্ধান্ত লৈছে সেয়া তেওঁলোক ভালকৈ অনুমেয়। কিন্তু তেওঁলোকক বুজোৱা হৈছিল যে কেইবছৰমান বসবাস কৰাৰ পিছত এদিন চৰকাৰে বাধ্য হৈ নতুবা তেওঁলোকে ভোটদান কৰা দলটোৱে চৰকাৰ গঠন কৰিলে সেই মাটিবোৰ তেওঁলোকৰ নামত নামজাৰি কৰি দিয়া হ’ব। কিন্তু তেওঁলোকক Land Act, Forest Act অনুযায়ী কোনবোৰ মাটি হস্তান্তৰ কৰিব নোৱাৰি নতুবা কোনবোৰ মাটি বাণিজ্যিক নতুবা উদ্যোগীক উদ্দেশ্যত লিজত দিব পাৰি। তেওঁলোকে কিছুমান উদ্যোগক লিজত মাটি দিয়াৰ উদাহৰণেৰে সাধাৰণ ৰাইজক আশ্বস্ত কৰে আৰু নিগাজিকৈ থকাৰ বাবে অনুপ্ৰেৰণা জগায়। ফলত আজি উচ্ছেদিত সকলে কৰা প্ৰশ্নত আমচু দিশহাৰা হৈ পৰিছে, অসহায় হৈ পৰিছে, তেওঁলোকৰ হৈ আইনী যুঁ‌জেৰে ন্যায় দিয়াৰ মিছা সপোন দেখুৱাইছে।

আমচুৱে অসমীয়া হ’ব নোৱাৰিলে। আমচু অসমীয়া হ’ব পাৰিলে অসমৰ জনগাথনি বিনষ্ট কৰা লোকসকলৰ বিৰুদ্ধে যুঁ‌জিলেহেঁ‌তেন। কিন্তু সেয়া পৰ্বতত কাচৰ কণী বিচৰা কথা। বাংলাদেশী বংশধৰ আৰু বাংলাদেশীসকলৰ হিতৈষী হৈ আমচুৱে খিলঞ্জীয়া ইচলামধৰ্মী লোকৰো অপ্ৰিয়ভাজন হৈছে। এই কথা তেওঁলোকে জানিশুনিও নিজৰ সাংগঠনিক উদ্দেশ্য দৃঢ় কৰিছে। তেওঁলোকে অসমৰ অখণ্ডতা, সুৰক্ষা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি দায়বদ্ধ হোৱাটো উচিত আছিল। কিন্তু ইমানকৈ প্ৰকৃতি ধ্বংস কৰি বসতিস্থল কৰাৰ পিছতো সাৰসুৰ নোহোৱাকৈ আছে। এয়া আমাৰ বাবে ক্ষতিকাৰক। এনে ক্ষতিৰ কাৰক হোৱা বাবেই সেইসকল লোক ক্ষতিগ্ৰস্ত হৈছে। হয়তো অনাগত দিনত ইয়াৰ পৰিমাণ অধিক হ’ব। আমচুৱে যদি চৰকাৰক সহযোগ কৰি অসম ৰক্ষাৰ যুঁ‌জত সহযোগী নহয় কাইলৈ হয়তো আমচু নামৰ সংগঠনটোৰ বেয়া দিন আৰম্ভ হ’ব। সেই ইংগিত মুখ্যমন্ত্ৰী মহোদয়ে মাজে-সময়ে সংবাদ মাধ্যমৰ যোগেদি দি আহিছে।

আমচু আৰু অসমৰ ইচলামধৰ্মী নেতা, জনতাই এটা কথা স্পষ্টকৈ জানে যে পূৱ আৰু উত্তৰ বংগৰ ইচলামধৰ্মীৰ গইনাৰে প্ৰথমে ভাৰতত তাৰপি অসম আৰু অন্য ৰাজ্যত বাংলাদেশ আৰু পাকিস্তানৰ পৰা অনুপ্ৰৱেশ হৈয়েই আছে। এয়া আমাৰ বাবে ভয়াবহ ভৱিষ্যত। আমি সাজু হ’বই লাগিব, পদক্ষেপ ল’বই লাগিব।

আমচুক কওঁ আপোনালোকে উত্তৰ বংগ আৰু পশ্চিম বংগলৈ গৈ পশ্চিম বংগ চৰকাৰৰ ওপৰত হেঁ‌চা দিয়ক যে উত্তৰ বংগ হৈ অসমত প্ৰৱেশ কৰা ইচলাম ধৰ্মীয় মানুহৰ বাবে অসমত থকা ইচলাম ধৰ্মী অন্য লোকসকলে হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে। সেয়ে ইয়াৰ বিহিত ব্যৱস্থা ল’ব লাগে আৰু উক্ত লোকসকলক বংগ ৰাজ্যত সংস্থাপিত কৰিব লাগে আৰু যদি এই আলোচনা ব্যৰ্থ হয় তেতিয়া এটা সজাতি দল বাংলাদেশলৈ গৈ আলোচনা কৰি ভুক্তভোগীসকলৰ দুখ নিৰাময় কৰাৰ বাবে হেঁ‌চা প্ৰয়োগ কৰিব লাগে।

যদিহে নিজ ধৰ্মীয় মানুহখিনিৰ কাৰণে এইখিনি কৰিব নোৱাৰে আপোনালোকে দখল কৰি থকা পদসমূহৰ পৰা পদত্যাগ কৰিব লাগে। আপোনালোকে অসমৰ প্ৰতিনিধিজনক অপমান কৰাটো অনুচিত। আপোনালোকৰ উচতনিমূলক বক্তব্যই ইচলাম ধৰ্মীয় মানুহখিনিৰ বিপদ বেছি বঢ়াব। খিলঞ্জীয়া মুছলমানখিনিয়ে ৰোৱা গছৰ ছাঁত জীৰাই তেওঁলোকক লেং মৰা কাৰ্য অধিক হোৱাৰ বাবেই আজি এনে দুৰ্গতি হৈছে। আপোনালোক সম্পূৰ্ণ অসমীয়া হওক। অসমৰ বেদনা অনুভৱ কৰক। নহ’লে এই প্ৰশ্ন সদায় উঠিব “আমচু অসমীয়া হ’ব নোৱাৰিলে কিয় ?”

লেখকঃ হিমাংশু পাঠক

Ganesh Chaturthi 2025: আজি গণেশ চতুৰ্থীঃ গণেশৰ ভজন আৰু আৰতি অবিহনে গণপতি পূজা আধৰুৱা

Ganesh Chaturthi 2025
Ganesh Chaturthi 2025

২৭ আগষ্টৰ দিনটো অতি শুভ দিন। (Ganesh Chaturthi 2025) আজি বুধবাৰে গণেশক পূজা কৰা হয়। আজি গণেশক পূজা কৰিলে ভক্তসকলৰ জীৱনত থকা বাধাসমূহ দূৰ হৈ সকলো কামনা পূৰণ হয়। আজি সমগ্ৰ দেশত গণেশ চতুৰ্থী উৎসৱ উদযাপন কৰা হৈছে। আজিৰ দিনটোত বুধবাৰ আৰু গণেশ চতুৰ্থীৰ শুভ কাকতলীয়া সংঘটিত হয়, গতিকে আজিৰ দিনটোত বাপ্পাৰ আশীৰ্বাদ পোৱা যায়।

আজি গণেশ চতুৰ্থীৰ শুভ উপলক্ষে গণেশৰ ১২টা নাম কি আৰু সেই ১২টা নাম জপ কৰিলে কি কি লাভ হয় সেই কথা জানো আহক। গণেশৰ বহু নাম আছে যদিও গণেশ চতুৰ্থী বা প্ৰতি বুধবাৰে জপ কৰিব পৰা তেওঁৰ ১২ টা মূল নাম জানো আহক।

গণপতি বাপ্পাই পিতৃ ভগৱান শিৱৰ আশীৰ্বাদ দিছিল যে যেতিয়াই যিকোনো ঠাইত কোনো পূজা হ’ব তেতিয়াই তেওঁৰ নাম প্ৰথমে মনত ৰখা হ’ব। এনে অৱস্থাত যিকোনো পঢ়া-শুনা, বিবাহ, ভ্ৰমণৰ দৰে শুভ কাম, নতুন চাকৰি আৰম্ভ কৰা বা আন কোনো শুভ কাম আৰম্ভ কৰাৰ আগতে যিয়ে গণেশৰ বাৰটা নাম লয়, সেই কামত কোনো বাধা নাথাকে। সকলো ধৰণৰ বাধা আঁতৰি যায়।

নাম কেইটা হৈছে- সুমুখ, একদন্ত, কপিল, গজকৰ্ণক, লম্বোদৰ, বিকাট, বিঘ্না-নাশ, বিনায়ক, ধুমৰাকেতু, গণধীশ, ভালচন্দ্ৰ, গজানন।

শিক্ষাত সফলতা-
প্ৰজ্ঞাৰ দাতা ভগৱান গণেশৰ ১২ টা নাম জপ কৰিলে সদ্প্ৰজ্ঞা আৰু শিক্ষাৰ আশীৰ্বাদ পোৱা যায়। শ্ৰী গণেশ-সংখ্যাৰ মতে, ভাল শিক্ষা লাভৰ আকাংক্ষা পূৰণ কৰিবলৈ নিয়মিতভাৱে বাপ্পাৰ ১২টা নাম জপ কৰিব লাগে। এই কাম কৰিলে ছাত্ৰ-ছাত্ৰীৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয়।

ধন-সম্পত্তি পাবলৈ
গণেশক সুখ আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। ধন-সম্পত্তিৰ আকাংক্ষা পূৰণ কৰিবলৈ যিকোনো ভক্তই ভক্তিৰে গণেশ জীৰ ১২টা নাম জপ কৰিলে, দৰিদ্ৰতা তেওঁৰ জীৱনত নাথাকে আৰু ধন-সম্পত্তি বাঢ়ি যায়।

এটা যোগ্য সন্তান পাবলৈ

ভগৱান গণেশৰ ১২ টা নাম জপ কৰাটো অতি অলৌকিক বুলি গণ্য কৰা হয়। এই নামবোৰ জপ কৰি সন্তান বিচৰা দম্পতীয়ে এটা যোগ্য সন্তান লাভ কৰে। পিতৃ-মাতৃ হ’ব বিচৰা দম্পতীয়ে প্ৰতিদিনে পুৱা আৰু গধূলি ভক্তি আৰু শ্ৰদ্ধাৰে গণেশৰ ১২টা নাম জপ কৰি এটা যোগ্য সন্তান লাভ কৰিব লাগে।

পৰিত্ৰাণ লাভ কৰিবলৈ

প্ৰথম পূজিত ভগৱান গণেশক পূজা কৰি এজন ব্যক্তিয়ে পাপৰ পৰা মুক্ত হৈ পৰিত্ৰাণ লাভ কৰিব পাৰে। আনহাতে, ভগৱান গণেশৰ ১২ টা নাম যি জপ কৰে, তেওঁ পৃথিৱীত স্বৰ্গৰ দৰে জীৱন যাপন কৰে আৰু মৃত্যুৰ পিছত মোক্ষ লাভ কৰে।


Amit Shah: নতুন দিল্লীত ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম (ভিভিপি)শীৰ্ষক কৰ্মশালা, জনগাঁথনিৰ পৰিৱৰ্তন আমাৰ বাবে চিন্তাৰ বিষয়ঃ অমিত শ্বাহ

Amit Shah
Amit Shah

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী (Amit Shah) অমিত শ্বাহে দুদিনীয়াকৈ আয়োজিত ভাইব্ৰেণ্ট গাঁও কাৰ্যসূচী (ভিভিপি) কৰ্মশালাৰ উদ্বোধনী অধিৱেশনত মুখ্য অতিথি হিচাপে ভাষণ আগবঢ়ায় । নতুন দিল্লীত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা বিভাগে আয়োজন কৰিছে এই কৰ্মশালা। এই উপলক্ষে আয়োজিত অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমৰ ল’গ’ও উন্মোচন কৰে। কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী বান্দী সঞ্জয় কুমাৰ, গৃহ সচিব, চোৰাংচোৱা ব্যুৰো (আই বি)ৰ সঞ্চালক, সীমা ব্যৱস্থাপনা বিভাগৰ সচিব, ভিভিপিৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অন্তৰ্ভুক্ত সীমান্ত ৰাজ্যসমূহৰ মুখ্য সচিব, সীমান্ত সুৰক্ষাৰ বাবে নিয়োজিত নিৰাপত্তা বাহিনীৰ সঞ্চালক প্ৰধান আৰু সংশ্লিষ্ট জিলাসমূহৰ জিলা দণ্ডাধীশৰ লগতে আন বহু বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভাষণত উল্লেখ কৰে যে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম তিনিটা মূল কথাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে- সীমান্ত গাঁৱৰ পৰা প্ৰব্ৰজন ৰোধ কৰা, সীমান্ত গাঁৱৰ প্ৰতিজন নাগৰিকে যাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ শতকৰা এশ শতাংশ সুবিধা লাভ কৰে সেয়া নিশ্চিত কৰা আৰু ভিভিপিৰ অধীনত থকা গাঁওসমূহক সীমান্ত তথা ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰাৰ আহিলা হিচাপে গঢ়ি তোলা। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমৰ ধাৰণা দাঙি ধৰিছিল তেতিয়া সিদ্ধান্ত লোৱা হৈছিল যে ইয়াক পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হ’ব। কেৱল প্ৰতিখন সীমান্ত গাঁৱকে সকলো সা-সুবিধাৰে সজ্জিত কৰাই নহয়, এই সীমান্ত গাঁওবোৰত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকৰ বাবে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ ব্যৱস্থা কৰা হ’ব যাতে তাত বসবাস কৰা লোকসকলৰ জীৱন উন্নত কৰি তুলিব পাৰি। ইয়াৰ উপৰি এই গাঁওসমূহক দেশ আৰু সীমান্তৰ নিৰাপত্তাৰ বাবে শক্তিশালী আহিলা হিচাপে গঢ়ি তোলা হ’ব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শেষ গাঁওখনক প্ৰথম গাঁও হিচাপে নিৰ্ধাৰণ কৰি সীমান্ত গাঁৱৰ প্ৰতি আমাৰ দৃষ্টিভংগীৰ সলনি ঘটাইছে।


অমিত শ্বাহে কয় যে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমৰ অধীনত আগতীয়াকৈ চিনাক্ত কৰা গাঁওসমূহ কেইবছৰমানৰ পিছত আমাৰ দেশ আৰু সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত অতি উল্লেখযোগ্য আহিলা হিচাপে প্ৰমাণিত হ’ব। তেওঁ কয় যে এই কাৰ্যসূচীৰ জৰিয়তে বহুমাত্ৰিক আৰু বহুখণ্ডীয় উন্নয়নৰ দৃষ্টিভংগীৰে আন্তঃগাঁথনিৰ উন্নয়ন, সংস্কৃতি সংৰক্ষণ আৰু বৃদ্ধি, পৰ্যটনৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টি আৰু গাঁৱৰ জীৱনক সকলো দিশতে সজীৱ কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হৈছে।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰসমূহৰ মুখ্য সচিব, ভিভিপিত অন্তৰ্ভুক্ত গাঁৱৰ ডিষ্ট্ৰিক কালেক্টৰ আৰু সকলো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ দায়িত্ব কেৱল ভিভিপিৰ মাজতে সীমাবদ্ধ নাৰাখি এনে কাৰ্যসূচীৰ বাহিৰেও ইয়াৰ লক্ষ্যত উপনীত হ’বলৈ কি কি অতিৰিক্ত পদক্ষেপ গ্ৰহণ কৰিব পাৰি সেই বিষয়ে বিবেচনা কৰিব লাগিব। তেওঁ লগতে কয় যে ভিভিপিৰ লক্ষ্য পূৰণৰ বাবে ভাৰত চৰকাৰৰ সকলো বিভাগ আৰু ৰাজ্য চৰকাৰে একেলগে মিলি এই সীমান্ত গাঁওসমূহক সঁচা অৰ্থত নিৰাপত্তাৰ বাবে উল্লেখযোগ্য আহিলালৈ ৰূপান্তৰিত কৰাটো অতি প্ৰয়োজনীয় কথা।অমিত শ্বাহে কয় যে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ চৰকাৰী আঁচনিসমূহত ১০০ শতাংশ পৰিপূৰকতা অৰ্জন কৰা, পৰ্যটনৰ বাবে অত্যাৱশ্যকীয় ৰাজহুৱা সুবিধাসমূহ প্ৰসাৰিত কৰা আৰু সমবায় প্ৰতিষ্ঠানসমূহক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে উৎসাহিত কৰাটো প্ৰয়োজনীয়। তেওঁ কয় যে যদিহে হোমষ্টেৰ দৰে পদক্ষেপসমূহ সীমান্ত গাঁওসমূহলৈ সম্প্ৰসাৰিত কৰা হয় আৰু ৰাজ্যৰ পৰ্যটন বিভাগে বুকিঙৰ সঠিক ব্যৱস্থা কৰে , তেন্তে এই সীমান্ত গাঁওসমূহৰ প্ৰতিখন ঘৰতে মানুহে কৰ্মসংস্থাপন লাভ কৰিব। শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে ৰাজ্যসমূহৰ গ্ৰাম্য উন্নয়ন বিভাগসমূহে এই গাঁওসমূহৰ গৌৰৱ বৃদ্ধি কৰাৰ দিশত কাম কৰিব লাগিব, এই প্ৰচেষ্টাত জিলা উপায়ুক্তসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ উল্লেখ কৰে যে যদি গাঁওসমূহত সকলো সুবিধা আৰু কৰ্মসংস্থাপনৰ সুযোগ থাকে তেন্তে স্থানীয় বাসিন্দাসকলে বাহিৰলৈ প্ৰব্ৰজন কৰিবলৈ নিবিচাৰিব।

গৃহমন্ত্ৰীয়ে লগতে কয় যে যুৱ জিলা উপায়ুক্তসকলে নিশ্চিত কৰিব লাগে যে প্ৰত্যাহ্বানমূলক ভৌগোলিক পৰিস্থিতিৰ মাজতো নাগৰিকে নিজৰ গাঁও পৰিত্যাগ নকৰে, প্ৰব্ৰজন ৰোধ হয় আৰু গাঁৱৰ জনসংখ্যাও বৃদ্ধি পায়।কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশত সজীৱ গাঁও কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত বহু সীমান্ত গাঁৱৰ জনসংখ্যা বৃদ্ধি পাইছে। আমাৰ দেশৰ সকলো সীমান্তৱৰ্তী গাঁৱৰ বাবে এয়া ইতিবাচক বাৰ্তা যে এই গাঁওসমূহলৈ ওলোটা প্ৰব্ৰজনৰ ধাৰা সঠিক দিশত আগবাঢ়িছে।গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৈছিল যে জনগাঁথনিৰ পৰিৱৰ্তন চিন্তাৰ বিষয়। তেওঁ কয় যে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমত অন্তৰ্ভুক্ত জিলাসমূহৰ ডিষ্ট্ৰিক্ট কালেক্টৰ সকলে এই বিষয়টো গুৰুত্বসহকাৰে আৰু মনোযোগেৰে সমাধান কৰাটো প্ৰয়োজন। সীমান্ত অঞ্চলত জনগাঁথনিগত পৰিৱৰ্তনে দেশ আৰু ইয়াৰ সীমান্তৰ নিৰাপত্তাৰ বিষয়ত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভৌগোলিক পৰিস্থিতিৰ বাবে এনে হৈছে বুলি ধৰি লোৱা উচিত নহয়; বৰঞ্চ ই এটা ইচ্ছাকৃত পৰিকল্পনাৰ অংশ হিচাপে ঘটি আছে। তেওঁ লগতে কয় যে ৰাজ্যসমূহৰ মুখ্য সচিব আৰু চিএপিএফসমূহেও এই বিষয়ত গুৰুত্ব আৰোপ কৰা প্ৰয়োজন।

Samay Raina: কণ্টেণ্ট আৰু কৌতুকৰ জৰিয়তে সম্প্ৰদায়ৰ অন্তৰত আঘাত

কণ্টেণ্ট আৰু কৌতুকৰ জৰিয়তে সম্প্ৰদায়ৰ অন্তৰত আঘাত
কণ্টেণ্ট আৰু কৌতুকৰ জৰিয়তে সম্প্ৰদায়ৰ অন্তৰত আঘাত

সম্প্ৰতি বহু ইউটিউবাৰে (Samay Raina) নানান কথা আৰু কৌতুকেৰে বহুতৰে মনত আঘাত দিয়া বুলি গুৰুতৰ অভিযোগ উঠিছে৷ এনে সময়তে উচ্ছতম ন্যায়ালয়ে ইউটিউবাৰ আৰু ইফ্লুৱেঞ্চাৰসকলক তেওঁলোকৰ কণ্টেণ্ট আৰু কৌতুকৰ জৰিয়তে কোনো সম্প্ৰদায়ৰ আৱেগক আঘাত নিদিবলৈ কঠোৰভাৱে সতৰ্ক কৰি দিয়ে৷ আদালতে স্পষ্টকৈ কয় যে বাক স্বাধীনতা আৰু বাণিজ্যিক কথা-বতৰাৰ মাজত পাৰ্থক্য আছে৷

কোনোবাই যদি নিজৰ কথাটো বাণিজ্যিক কৰি কোনো পক্ষক আঘাত দিব নোৱাৰিব ৷ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচীৰ বিচাৰপীঠে কিউৰ এছ এম এ ফাউণ্ডেচন ইণ্ডিয়াৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই সতৰ্কবাণী প্ৰদান কৰে৷ এই স্বেচ্ছাসেৱী সংগঠনটোৱে বিশেষভাৱে সক্ষম লোকক ঠাট্টা কৰি কৰা কৌতুকক চিহ্নিত কৰিছিল৷ সমালোচনাৰ সন্মুখীন হোৱা কমেডিয়ানসকলৰ ভিতৰত আছে সময় ৰাইনা, বিপুন গোৱাল, বলৰাজ পৰমজিৎ সিং ঘাই, সোণালী ঠাক্কৰ আৰু নিশান্ত জগদীশ তনৱাৰ৷ উল্লেখ্য, কিউৰ এছ এম এ ফাউণ্ডেচনে স্পাইনেল মাস্কুলাৰ এট্ৰফিত আক্ৰান্ত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰে ৷শুনানিৰ সময়ত ন্যায়াধীশ বাগচীয়ে কয়, ‘হাস্যৰস জীৱনৰ এটা অংশ আৰু আমি নিজৰ ওপৰত কৌতুক শুনিব পাৰো৷ কিন্তু যেতিয়া আপুনি আনক হাঁহিবলৈ আৰম্ভ কৰে আৰু এইদৰে সংবেদনশীলতাক উলংঘা কৰে, তেতিয়া ই কেৱল অক্ষমতা নহয়৷

আমি বিভিন্ন সম্প্ৰদায়ৰ দেশ… গতিকে যেতিয়া হাস্যৰস এটা সম্প্ৰদায়ৰ প্ৰতি নিৰ্দেশিত হয়… তেতিয়াই এটা সমস্যা হৈ পৰে৷ আৰু এইটোৱেই আজিৰ প্ৰভাৱশালী আৰু তথাকথিত প্ৰভাৱশালী লোকসকলে মনত ৰখা উচিত৷’’