Home Blog Page 84

Operation SINDOOR: অপাৰেচন সিন্দূৰ আমাৰ সেনাৰ বীৰত্ব আৰু সুদৰ্শন চক্ৰধাৰী মোহনৰ ভাৰতৰ ইচ্ছাশক্তিৰ প্ৰতীক হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী

কোনো সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহ’ব
কোনো সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহ’ব

‘কোনো সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহ’ব’৷ (Operation SINDOOR) পুনৰ সকিয়াই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ চলিত বৰ্ষৰ আৰম্ভণিতে চ্ছজন লোকৰ প্ৰাণ কাঢ়ি নিয়া পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দেশখনে দ্ৰুততাৰে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ উদাহৰণ দি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আপোচবিহীন স্থিতিৰ সন্দৰ্ভত সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক কঠোৰ বাৰ্তা প্ৰদান কৰে৷ জম্মু-কাশ্মীৰৰ পহলগামত ২২ এপ্ৰিলত সংঘটিত আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে জ্জ মে’ত ভাৰতে পাকিস্তান দখল কৰা কাশ্মীৰৰ গভীৰতাত আৰু সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰত সংঘটিত কৰা নিখুঁত আক্ৰমণৰ স্পষ্ট উল্লেখ আছিল৷

সামৰিক শক্তি আৰু ইয়াৰ সভ্যতামূলক মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, ‘অপাৰেচন সিন্দূৰ আমাৰ সেনাৰ বীৰত্ব আৰু সুদৰ্শন চক্ৰধাৰী মোহনৰ ভাৰতৰ ইচ্ছাশক্তিৰ প্ৰতীক হৈ পৰিছে৷ আমাৰ পূজনীয় বাপুৱে স্বদেশীৰ জৰিয়তে ভাৰতৰ সমৃদ্ধিৰ পথ দেখুৱাইছিল চক্ৰধাৰী মোহনে৷ ইয়াত আমাৰ সবৰমতী আশ্ৰম আছে৷’ মোদীয়ে কয় ‘সুদৰ্শন চক্ৰধাৰী মোহনে [ভগৱান কৃষ্ণ] আমাক দেশ আৰু সমাজ ৰক্ষা কৰিবলৈ শিকাইছিল৷ তেওঁ সুদৰ্শন চক্ৰক ন্যায় আৰু নিৰাপত্তাৰ ঢাল হিচাপে ব্যৱহাৰ কৰিছিল৷আজি ভাৰতেও একে কাম কৰি আছে, কেৱল আমাৰ দেশেই নহয়, সমগ্ৰ বিশ্বই এই সংকল্প দেখিছে৷’ পৌৰাণিক কাহিনী আৰু ভাৰতৰ আধুনিক প্ৰতিৰক্ষা ভংগীমাৰ মাজত এক প্ৰতীকী সমান্তৰালতা আঁকি প্ৰধানমন্ত্ৰীয়ে কয় খোদালধাম খেলপথাৰত বিশাল ৰাজহুৱা ভাষণ, য’ত তেওঁ ৰে’লৱে, পথ পৰিবহণ, শক্তি, সেউজ গতিশীলতা আৰু নগৰ উন্নয়নকে ধৰি মূল খণ্ডসমূহত ৫,৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি প্ৰকল্পও উৎসৰ্গা আৰু উদ্বোধন কৰে৷

আহমেদাবাদৰ খোদালধাম খেলপথাৰত এক জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে গণেশ উৎসৱৰ লগত উদ্বোধনী অনুষ্ঠানৰ কাকতালীয় মিল হোৱাত আনন্দ প্ৰকাশ কৰি কয় যে, ‘গোটেই দেশতে গণেশ উৎসৱৰ বাবে এক আচৰিত উৎসাহ জাগিছে৷ গণপতি বাপ্পাৰ আশীৰ্বাদত আজিও গুজৰাটৰ উন্নয়নৰ সৈতে জড়িত বহু প্ৰকল্পও উদ্বোধন কৰা হৈছে৷ মোদীয়ে ৬৫ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ মহেছানা-পালনপুৰ ৰে’ল লাইন [৫৩০ কোটি টকা], ৩৭ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ কালোল-কাদি-কাটোছান ৰে’ল লাইনৰ গেজ ৰূপান্তৰ আৰু ৪০ কি.মি বেচৰাজী-ৰানুজ অংশ, একেলগে মূল্য ৮৬০ কোটি টকাৰ ওপৰত৷ এই উন্নীতকৰণৰ লক্ষ্য হৈছে মালবাহী আৰু যাত্ৰী সংযোগ, লজিষ্টিক, আৰু ঔদ্যোগিক কেন্দ্ৰসমূহৰ প্ৰৱেশ উন্নত কৰা৷

Women’s employment rate in India: আগবাঢ়িছে নাৰী শক্তিঃ মহিলা নিবনুৱাৰ হাৰ ৩.২ শতাংশলৈ হ্ৰাস

আগবাঢ়িছে নাৰী শক্তিঃ মহিলা নিবনুৱাৰ হাৰ ৩.২ শতাংশলৈ হ্ৰাস
আগবাঢ়িছে নাৰী শক্তিঃ মহিলা নিবনুৱাৰ হাৰ ৩.২ শতাংশলৈ হ্ৰাস

দেশত দোপত দোপে আগুৱাইছে মহিলাসকল৷ (Women’s employment rate in India) এতিয়া মহিলা ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ থকা নাই৷ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগী পূৰণৰ অন্যতম মূল স্তম্ভ হৈছে দেশত ৭০ শতাংশ মহিলা কৰ্মশক্তিৰ অংশগ্ৰহণ নিশ্চিত কৰাটো৷ নাৰী সবলীকৰণ ৰাষ্ট্ৰীয় প্ৰগতিৰ এক মূল চালিকা শক্তি আৰু আজি ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক লক্ষ্যণীয় পৰিৱৰ্তনৰ সাক্ষী হৈছে৷ এতিয়া মহিলাসকল আৰু পৰম্পৰাগত চাৰিবেৰৰ মাজত আবদ্ধ হৈ থকা নাই, তেওঁলোকে বাধা ভাঙি দেশৰ অৰ্থনৈতিক ভৱিষ্যত গঢ় দিয়াৰ দায়িত্ব বহন কৰিছে৷ গ্ৰাম্য উদ্যোগীৰ পৰা ক’ৰ্পৰেট নেত্ৰীলৈকে মহিলাসকলে ভাৰতক বিকশিত ভাৰতৰ দিশে আগুৱাই নিছে৷


ভাৰতত মহিলা কৰ্মশক্তিৰ অংশগ্ৰহণৰ হাৰ উল্লেখযোগ্য হাৰত বৃদ্ধি পাইছে৷ পি এল এফ এছৰ তথ্য অনুসৰি ২০১৭-১৮ চনত মহিলাৰ নিয়োগ হাৰ [ডব্লিউ পি আৰ] ২২শতাংশৰ পৰা ২০২৩-২৪ চনত ৪০.৩ শতাংশলৈ বৃদ্ধি পাইছে, আনহাতে মহিলাৰ নিবনুৱাৰ হাৰ [ইউ আৰ] ২০১৭-১৮ চনত প্ত.৬ শতাংশৰ পৰা ২০২৩-২৪ চনত ৩.২শতাংশলৈ হ্ৰাস পাইছে৷ এই কথাই মহিলাসকলৰ ক্ষেত্ৰত নিয়োগৰ সুযোগৰ ইতিবাচক বৃদ্ধিকেই প্ৰতিফলিত কৰিছে৷ ভাৰতৰ গ্ৰাম্য অঞ্চলত এই পৰিৱৰ্তন আৰু অধিক তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে, য’ত মহিলাৰ কৰ্মসংস্থাপন ৯৬শতাংশ বৃদ্ধি পাইছে, আনহাতে চহৰ অঞ্চলত একে সময়ছোৱাত ৪৩ শতাংশ নিয়োগ বৃদ্ধি পাইছে৷ প্ৰতিবেদন অনুসৰি ২০১৩ চনত মহিলা স্নাতকসকলৰ নিয়োগযোগ্যতাও ৪২ শতাংশৰ পৰা ২০২৪ চনত ৪৭.৫৩ শতাংশলৈ বৃদ্ধি পাইছে৷ স্নাতকোত্তৰ শিক্ষা আৰু তাৰ ওপৰৰ শিক্ষা থকা মহিলাসকলৰ মাজত নিয়োগৰ হাৰ ২০১৭-১৮ চনত ৩৪.প্ত শতাংশৰ পৰা ২০২৩-২৪ চনত ৪০ শতাংশলৈ বৃদ্ধি পাইছে৷ ইণ্ডিয়া স্কিলছ ৰিপ’ৰ্ট ২০২৫ অনুসৰি ২০২৪ চনত ৫১.২ শতাংশ থকাৰ তুলনাত ২০২৫ চনত প্ৰায় ৫৫ শতাংশ ভাৰতীয় মহিলা স্নাতক বিশ্বজুৰি নিয়োগযোগ্য হৈ উঠিব বুলি আশা কৰা হৈছে৷ ইয়াৰ উপৰি ইপিএফঅ’ৰ পে-ৰোলৰ তথ্যই আনুষ্ঠানিক খণ্ডত মহিলাসকলৰ বৃদ্ধি পোৱা অংশগ্ৰহণক আৰু অধিক উজ্জ্বল কৰি তুলিছে৷ বিগত জ্জ বছৰত ৰ.৫৬ কোটি মহিলাই আনুষ্ঠানিকভাবে কৰ্মশক্তিত যোগদান কৰিছে৷ ইফালে আগষ্ট মাহলৈকে ই-শ্ৰমত ১৬.৬৯ কোটিৰো অধিক মহিলা অসংগঠিত শ্ৰমিকৰ নাম পঞ্জীয়ন হৈছে, যাৰ ফলত তেওঁলোকক ভাৰত চৰকাৰৰ বিভিন্ন সমাজ কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদান কৰিব পৰা গৈছে৷


ভাৰত চৰকাৰৰ প্ৰচেষ্টাই মহিলা উদ্যোগীসকলৰ বৃদ্ধিত অৰিহণা যোগাইছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত ১৫টা মন্ত্ৰালয়ৰ ৭০খন কেন্দ্ৰীয় আঁচনি আৰু ৪০০ৰো অধিক ৰাজ্যিক পৰ্যায়ৰ আঁচনিয়ে মহিলা উদ্যোগীকৰণক সহায় কৰি আহিছে৷ পিএলএফএছৰ তথ্য অনুসৰি মহিলাৰ আত্মনিয়োগ ৩০ শতাংশ বৃদ্ধি পাইছে- ২০১৭-১৮ চনত ৫১.জ্ঝ শতাংশৰ পৰা ২০২৩-২৪ চনত ৬৭.চ্ছ্ৰ শতাংশলৈ বৃদ্ধি পাইছে, যাৰ ফলত মহিলাসকল সঁচাকৈয়ে আত্মনিৰ্ভৰ হৈ পৰিছে৷ যোৱা দশকত লিংগভিত্তিক বাজেট ৪২৯ শতাংশ বৃদ্ধি পাইছে, ২০১৩-১৪ বিত্তীয় বৰ্ষত ঙ্ম.৮৫ লাখ কোটি টকাৰ পৰা ২০২৫-চ্ছ বিত্তীয় বৰ্ষত চ্ছ্ৰ.৪৯ লাখ কোটি টকালৈ বৃদ্ধি পাইছে৷ ইয়াৰ দ্বাৰা মহিলাৰ উন্নয়নৰ পৰা মহিলা নেতৃত্বাধীন উন্নয়নলৈ লক্ষ্যণীয় পৰিৱৰ্তনৰ কথা প্ৰতিফলিত হৈছে৷ য’ত নিয়োগ, নিয়োগযোগ্যতা, উদ্যোগীকৰণ আৰু কল্যাণৰ বিষয়ত শক্তিশালীভাবে গুৰুত্ব দিয়া হৈছে৷ ষ্টাৰ্টআপ ইণ্ডিয়াৰ দৰে কাৰ্যসূচীয়ে এক সমৃদ্ধিশালী পৰিৱেশ তন্ত্ৰৰ সূচনা কৰিছে, প্ৰায় ৫০ শতাংশ ডিপিআইআইটি পঞ্জীয়নভুক্ত ষ্টাৰ্টআপত কমেও এগৰাকী মহিলা পৰিচালক আছে৷ অৰ্থাৎ ৰ.৫৪ লাখতকৈ অধিক লোকৰ ভিতৰত ৭৪,৪১০ গৰাকী মহিলা৷ আজি প্ৰায় দুই কোটি মহিলা লাখপতি দিদিত পৰিণত হৈছে৷ নমো ড্ৰোন দিদি আৰু দীনদয়াল অন্তে্যাদয় যোজনা– এন আৰ এল এমৰ দৰে ফ্লেগশ্বিপ প্ৰগ্ৰেমসমূহেও এই ৰূপান্তৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এইবোৰে মহিলাসকলক বহনক্ষম অগ্ৰগতিৰ বাবে প্ৰয়োজনীয় সম্পদ আৰু সুযোগেৰে সজ্জিত কৰি তুলিছে৷ মহিলাৰ আত্ম সংস্থাপন বৃদ্ধিৰ আন এটা গুৰুত্বপূৰ্ণ চালিকা শক্তি হৈছে পি এম মুদ্ৰা যোজনা, যিয়ে আৰ্থিক অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ য’ত মহিলাসকলে মুঠ মুদ্ৰাৰ ঋণৰ ৬৮ শতাংশ লাভ কৰিছে- [১৪.৭২ লাখ কোটি টকাৰ ৩৫.৩৮ কোটিতকৈ অধিক ঋণ]৷ একেদৰে পি এম স্ব-নিধিৰ অধীনত ৰাজপথৰ বিক্ৰেতাসকলক শক্তিশালী কৰি তোলা হৈছে৷ এই আঁচনিৰ অধীনত থকা হিতাধিকাৰীসকলৰ মাজৰে প্ৰায় ৪৪ শতাংশ মহিলা৷ এই পদক্ষেপসমূহে সমগ্ৰ ভাৰতবৰ্ষৰ মহিলাসকলৰ অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত এক নতুন জাগৰণ আনিছে৷ ইয়াৰ উপৰি মহিলা নেতৃত্বাধীন ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহেও অৰ্থনৈতিক সম্প্ৰসাৰণৰ মূল চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে৷ যিয়ে ২১ বিত্তীয় বৰ্ষৰ পৰা ২৩ বিত্তীয় বৰ্ষলৈকে মহিলাসকলৰ বাবে ৮৯ লাখতকৈ অধিক অতিৰিক্ত চাকৰিৰ সৃষ্টি কৰিছে৷ মহিলাৰ মালিকানাধীন প্ৰতিষ্ঠানসমূহৰ অংশ ২০১০-ৰৰ চনত ১৭.চ্ছ্ৰ শতাংশৰ পৰা ২০২৩-২৪ চনত চ্ছ.২ শতাংশলৈ বৃদ্ধি পাইছে আৰু মহিলা নেতৃত্বাধীন এমএছএমইৰ সংখ্যাও প্ৰায় দুগুণ বৃদ্ধি পাইছে, ২০১০-ৰৰ চনত ৰ কোটিৰ পৰা ২০২৩-২৪ চনত ৰ.৯২ কোটিলৈ বৃদ্ধি পাইছে, যিয়ে ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত মহিলাৰ বৰ্ধিত ভূমিকাৰ কথাই উজ্জ্বল কৰি তুলিছে৷

মহিলাসকল এতিয়া কেৱল অংশগ্ৰহণকাৰী হৈ থকা নাই, বৰঞ্চ ভাৰতৰ অৰ্থনৈতিক বিকাশৰ মেৰুদণ্ড হিচাবে পৰিগণিত হৈছে৷ আজি মহিলাসকলে উন্নয়নৰ দিশত আগবাঢ়িছে আৰু মোদী চৰকাৰে শিক্ষা, দক্ষতা বিকাশ, উদ্যোগীকৰণ তথা সম কৰ্মশক্তিৰ সুযোগৰ জৰিয়তে নাৰী শক্তিক শক্তিশালী কৰি তুলিবলৈ এক সৰ্বাংগীণ পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ ৰচনাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে৷

Health: মানৱতাবিহীন চিকিৎসালয় নৰকসদৃশঃ সু-উচ্চ অট্টালিকাই উন্নত চিকিৎসা সেৱা নুবুজাই

Health: মানৱতাবিহীন চিকিৎসালয় নৰকসদৃশ
Health: মানৱতাবিহীন চিকিৎসালয় নৰকসদৃশ

বৰ্তমান সময়ত অসমত শিক্ষা খণ্ডতেই (Health) হওক অথবা স্বাস্থ্য খণ্ডতে হওক প্ৰতিদিনে সভাই-সমিতিয়ে কেৱল উন্নয়নৰ শ্ল’গান। একাংশৰ মুখততো অনবৰতে আখৈ ফুটা দি ফুটি থাকে- অসম এতিয়া উন্নতিৰ পথত। অসমত এতিয়া আন্দোলন আছেনে, নে বিক্ষোভ-সমদল আছে। অসমত এতিয়া হেনো উন্নয়নৰ গংগাহে প্ৰৱাহিত হৈ আছে। কিন্তু কথা হ’ল সঁচা অৰ্থতে অসমত উন্নয়নৰ গংগা বৈছেনে ? সঁচাকৈয়ে বিক্ষোভ আন্দোলন নোহোৱা হৈছেনে ? অৱশ্যে আমি যদি একপক্ষীয়ভাৱে লক্ষ্য কৰো তেনেহ’লে দেখিবলৈ পাম- সঁচাকৈয়ে অসমত উন্নয়নৰ গংগা ব’বলৈ ইতিমধ্যে আৰম্ভ কৰিছেই। কাৰণ এতিয়া চৰকাৰী বিনামূলীয়া আঁচনিৰ যি গংগা বৈছে অসমত, কোনে বাৰু এতিয়া কাম কৰি মৰিবগৈ।ৰাস্তা-ঘাটৰ উন্নয়ন, ব্যক্তিগত স্কুলৰ প্ৰসাৰ-প্ৰচাৰ আৰু শ্ৰীবৃদ্ধি, স্বাস্থ্য সেৱাৰ আমূল উন্নয়ন। এতিয়াতো অসমৰ জিলাই জিলাই মেডিকেল কলেজ স্থাপন কৰা হৈছে। এইমছ স্থাপন হৈছে আৰু অন্যান্য ৰাজ্যিক চিকিৎসালয়, প্ৰাথমিক চিকিৎসালয়, স্বাস্থ্য-উপ কেন্দ্ৰ ইত্যাদি ইত্যাদি বিভিন্ন চিকিৎসা সেৱা কেন্দ্ৰ এতিয়া অসমত উভৈনদী। আনহাতে, অসমৰ সৰু-বৰ সকলো চহৰতে কাঠফুলাৰ দৰে গঢ়ি উঠিছে ব্যক্তিগত খণ্ডৰ বিয়াগোম বিয়াগোম চিকিৎসালয়সমূহ। এনে ক্ষেত্ৰত চাবলৈ গ’লেতো অসমত এজনো ৰোগীৰ মৃত্যু হ’বই নালাগিছিল। আগতে মাত্ৰ অসমত তিনিখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছিল। এতিয়া অসমত প্ৰায় প্ৰতিখন জিলাতে গঢ়ি উঠিছে চিকিৎসা মহাবিদ্যালয় হাস্পতাল। কিন্তু দুৰ্ভাগজনকভাৱে আমি দেখিবলৈ পাই আহিছো যে অসমৰ চিকিৎসা ব্যৱস্থাটোৰ ভিতৰচ’ৰাৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই, উন্নত পৰ্যায়ৰ চিকিংসা ব্যৱস্থা নাই। নহ’লেনো কিবা এটা গুৰুতৰ ৰোগ হ’লেই দিল্লী, চেন্নাই, মুম্বাই আদিলৈ ৰোগী ঢপলীয়াইনে ? এয়া অপ্ৰিয় হ’লেও সত্য। আমাৰ জনসাধাৰণক বুজোৱা হৈছে যে আমাৰ চিকিৎসা ব্যৱস্থাৰ উন্নয়নে আকাশ চুইছে। এতিয়া অসমৰ চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নত, চকু থৰ হোৱা যোৱাকৈ বনোৱা হৈছে বৃহৎ বৃহৎ চিকিৎসালয়ৰ বিল্ডিং, বিশেষজ্ঞ চিকিৎসক, বিভিন্ন উন্নত ধৰণৰ চিকিৎসা সামগ্ৰী, ৰোগীৰ বাবে বিছনাও আছে পৰ্যপ্ত পৰিমাণে। বিনামূলীয়া বা সামান্য পৰিমাণৰ মূল্য দি ঔষধ ল’বৰ বাবে চৰকাৰী ফাৰ্মাচীও আছে। পিছে এইবোৰ যে ফুটুকাৰ ফেন সেয়া সকলোৱে এতিয়া বুজি উঠিছে। কিন্তু আচল কথাটো হ’ল- চৰকাৰী চিকিৎসালয়লৈ গ’লেই এগৰাকী সাধাৰণ ৰোগীয়ে সন্মুখীন হোৱা প্ৰথম কথাটোৱেই হ’ল ৰোগীয়ে চিকিৎসাৰ বাবে যিখন প্ৰৱেশ-পত্ৰ ল’ব লাগে সেইখনৰো মূল্য বৰ্তমান হ’লগৈ ২০ টকা। তাৰ পিছত পৰীক্ষা-নিৰীক্ষাৰ নামত ভৰিব লগা হয় ধন। মুঠতে যদিও নামত চৰকাৰী হাস্পতাল কিন্তু একমাত্ৰ ডাক্তৰে ৰোগী চোৱাৰ বিনিময়তহে ভৰিবলগীয়া নহয় ধন। বাকী সকলোতে পইচা নাথাকিলে একো কামেই নহয়। কেতিয়াবা সুবিধা বুজি চিকিৎসকেও ৰোগীক অথবা ৰোগীৰ অভিভাৱকক পাকে-প্ৰকাৰে পইচা নিবিচৰাকৈ নাথাকে। অৱশ্যে সকলো ডাক্তৰ নহয়। এতিয়া মূল কথাটো হ’ল- এখন হাস্পতালত আমি ধৰি ল’লো যে ৰোগীৰ বাবে সকলোখিনি আছে। কিন্তু সেয়াই উন্নয়ন নহয় বা হ’ব নোৱাৰে। এখন হাস্পতালৰ উন্নত চিকিৎসা সেৱা বুলি ক’বলৈ হ’লে আমি ক’ব লাগিব- য’ত থাকিব লাগিব ৰোগীক সেৱা-শুশ্ৰূষা কৰাৰ প্ৰকৃত মনোভাব। চিকিৎসক, নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰীসকলৰ প্ৰকৃত সেৱাৰ মনোভাব, হাস্পতালখন যিয়ে পৰিচালনা কৰে, হাস্পতালখনৰ তদাৰকৰ ভাৰ যিসকলৰ হাতত থাকে সেইসকল ব্যক্তিৰ সমূহীয়া সেৱাৰ মনোভাৱ কেনে ধৰণৰ এই সকলোবিলাক কথাৰ ওপৰতহে নিৰ্ভৰ কৰা হয় এখন সিকিৎসালয়ৰ উন্নয়নৰ গতি। কিন্তু এই বিষয়বোৰৰ বহু ক্ষেত্ৰত অভাৱ দেখা পোৱাৰ বাবেই সাধাৰণতে চিকিৎসালয়সমূহত প্ৰায়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। সততে শুনিবলৈ পোৱা যায় যে ডাক্তৰ সময় মতে চিকিৎসালয়ত উপস্থিত নাথাকে, ডাক্তৰৰ হেমাহিৰ বাবেই বহু ৰোগীৰ মৃত্যু হয়, হাস্পতালৰ নাৰ্ছ বা অন্যান্য কৰ্মচাৰীয়ে ৰোগী অথবা অভিভাৱকক ধন বিচাৰি হাৰাশাস্তি কৰা আদি ঘটনাৰ বিষয়ে। বহু আশাৰে চহৰত থকা চিকিৎসালয়খনলৈ ৰোগী আহে বেমাৰ দেখুৱাবলৈ দূৰ-দূৰণিৰ পৰা। কিন্তু তেওঁলোক যেতিয়া হাস্পতালখন আহি পাই কিবা নজনা কথা এটা বা কিবা সমস্যাৰ কথা সোধা হয় তেন্তে প্ৰায় ভাগ কৰ্মচাৰী, আনকি কৰ্তব্যৰত নাৰ্ছক সুধিলেও কোনেও গুৰুত্ব দিব নোখোজে। ( অৱশ্যে সকলো নহয়) সময়েই নাই তেওঁলোকৰ উত্তৰ দিবলৈ। বিনিময়ত কেতিয়াবা কাৰোবাৰ পৰা ভেকাহিহে খাবলগীয়া হয়। এখন চিকিৎসালয়ত এনেধৰণৰ ব্যৱস্থা হ’ব নালাগে। যিহেতু ডাক্তৰেই হওক বা নাৰ্ছ বা আন কৰ্মচাৰীয়েই হওক তেওঁলোকে যিহেতু এই বৃত্তিটোকে আগ্ৰহেৰে লৈ কৰ্মজীৱনত আগবাঢ়িছে, গতিকে যিকোনো অথবা সাধাৰণ ৰোগীক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰাটো সেইসকলৰ কৰ্তব্য। কেতিয়াবা নিশাৰ ভাগত হাস্পতালৰ কোনো কোনো বিভাগত ডাক্তৰেই নাথাকে অথবা শুই থাকে। আমি জানো তেওঁলোকৰো বিশ্ৰামৰ প্ৰয়োজন নিশ্চয় আছে। কিন্তু বিশ্ৰাম ল’বলৈ গৈ যাতে নিজৰ দায়িত্ব পাহৰি নাযায় তেওঁলোকে তাৰ প্ৰতি গুৰুত্ব দিয়াতো অতিকে প্ৰয়োজন। কৰ্তব্যক অৱহেলা কৰিব নাপায়। প্ৰায়ে শুনা যায় চৰকাৰী চিকিৎসালয়ৰ কৰ্তব্যৰত কিছুসংখ্যক ডাক্তৰ-নাৰ্ছৰ ব্যৱহাৰ ভাল নহয়। কিন্তু এই বৃত্তিটোৰ প্ৰথম কথাটোৱেই হৈছে ব্যৱহাৰ। এজন ৰোগীক মৰমেৰে মাতষাৰ দিলে ৰোগীজনে ৰোগৰ পৰা বহুখিনি উপশম পায়। তেনেহ’লে সেইখিন কৰিবলৈকে কিয় অপাৰগতা দেখুওৱা হয়। এই কথাবোৰ এই কাৰণেই ক’ব লগা হৈছে, কাৰণ প্ৰায়ে এনে কিছুমান পৰিস্থিতিৰ মুখামুখী কম-বেছি পৰিমাণে হ’ব লগা হয় ৰোগীৰ লগতে অভিভাৱকসকলে। কিন্তু অতি দায়িত্বপূৰ্ণ ডাক্তৰ অথবা কৰ্মচাৰী, নাৰ্ছো আছে যিয়ে তেওঁলোকৰ কৰ্তব্য অতি নিষ্ঠাৰে পালন কৰি আহিছে। কিন্তু সেইসকলৰ সংখ্যা নিচেই তাকৰ। এবাৰ এজন ডাক্তৰে তেওঁ এজন ৰোগীক আপাৰেচন কৰিবলৈ আহি থাকোতে ৰাস্তাত হোৱা অভাৱনীয় যান-জঁটৰ মাজত সোমাই পৰিল। তেওঁ এগৰাকী ৰোগীক এটা নিৰ্দিষ্ট সময়ত গৈ অপৰেচন কৰিবগৈ লাগে। কিন্তু ৰাস্তাত যিটো যান-জঁটৰ মাজত সোমাই পৰিল। সেই যান-জঁট শেষ হওঁতে হওঁতে কিমান সময় লাগিব ঠিক নাই। সেয়ে তৎক্ষণাৎ তেওঁ গাড়ীখনৰ নামি সেই ভিৰ ফালি ফালি হাস্পতাললৈ বুলি দৌৰিবলৈ ধৰিলে। অৰ্থাৎ ৰোগীগৰাকীক অপাৰেচন সঠিক সময়ত গৈ কৰিব নোৱাৰিব বুলি ভাবি ৰোগীগৰাকীৰ কিবা অঘটন হোৱাৰ চিন্তাত তেওঁ যিখন গাড়ীত গৈছিল, সেই গাড়ীখনৰ পৰা নামি হাস্পতাললৈ বুলি দৌৰিবলৈ ধৰিছিল আৰু প্ৰায় ১৫ কিলোমিটাৰ পথ দৌৰি দৌৰি গৈ ঠিক সময়ত হাস্পতাল পাইছিল আৰু ৰোগীৰ অপাৰেচন সম্পন্ন কৰিছিল। আজি কিছুদিন পূৰ্বে এই কৰ্তব্যপৰায়ণ ডাক্তৰগৰাকীৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছিল। এনে ধৰণৰ একাংশ কৰ্তব্যপৰায়ণ কৰ্মচাৰীৰ বাবেই আজিও পৃথিৱীখন সুন্দৰ হৈ আছে। আনহাতে, হাস্পতালসমূহত আজি বোলে মেচিন বেয়া, কাইলৈ এক্স-ৰে মেচিন বেয়া বা এক্স-ৰে প্লেট নাই। আকৌ ডাক্তৰক সহজতে লগ কৰা, তেওঁলোকৰ পৰামৰ্শ লোৱা আদি কামৰ বাবে ৰোগী বা অভিভাৱকৰ যেন ভাগ্য লাগিব। সততে শুনা আন এটা অভিযোগ হ’ল- কৰ্মৰত চিকিৎসক, নাৰ্ছ, অন্যান্য কৰ্মচাৰীৰ ব্যৱহাৰ। বহুতকে এইসকল কৰ্মচাৰীৰ ব্যৱহাৰে অতিষ্ঠ কৰি তোলে, মনত দুখ দিয়ে। এইসকলৰ বাবেই বহু ৰোগী অথবা অভিভাৱকে নানা হাৰাশাস্তিৰো সন্মুখীত হয়। এগৰাকী ৰোগীৰ লগত কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে একাংশ কৰ্মচাৰীয়ে আচলতে নাজানেই। হয়তো এনেবোৰ ঘটনা-পৰিঘটনাৰ বাবেই দুৰ্ভাগ্যজনকভাৱে সৌ সিদিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনিটাকৈ সদ্যোজাত দেৱশিশু বিছনাৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এতি শিশুৱে কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হ’ল। আৰু এই দুৰ্ভাগ্যজনক ঘটনাটো নিশ্চয় ঘটিবলৈ পালে কোনোবা কৰ্মচাৰীৰ চূড়ান্ত অৱহেলা, অমনোযোগিতা আৰু চাকৰি এটা কৰিব লাগে কাৰণে কৰি আছো এই মনোভাবৰ ফলতেই। এইটো কোনো সাধাৰত ঘটনা হ’বই নোৱাৰে। এনেবোৰ ঘটনা যদি এখন ইমান গুৰুত্বপূৰ্ণ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হ’বলৈ হয় তেনেহ’লে কিহৰ আধাৰত চৰকাৰ বা কৰ্তৃপক্ষ জবাবদিহি নহ’ব। স্বাস্থ্য খণ্ডৰ উন্নতি হোৱা বুলিয়েইবা কি যুক্তিত ৰাইজক পতিয়ন নিয়াব। এনে বহু ঘটনা প্ৰায়ে ঘটিয়েই থাকে। চিকিৎসাৰ অভাৱত বা ডাক্তৰৰ হেমাহিৰ ফলত বহু ৰোগীয়ে অকালতে প্ৰাণ হেৰুওৱাৰ উদাহৰণো দেধাৰ আছে। চিকিৎসালয়ৰ নামত কোটি কোটি ৰাইজৰ ধন খৰচ কৰি বিয়াগোম অট্টালিকা ঠিকেই সজোৱা হৈছে। ডাঙৰ ডাঙৰ মেচিন আদি কিনা হৈছে ঠিকেই কিন্তু যদি তাত সেৱাৰ মনোভাবেই নাথাকে তেনেহ’লে এই ‘সেৱা’ৰ সাৰ্থকতা ক’ত ? সেৱাৰ মনোভাব নাথাকিলে অসাৰ হৈ পৰিব চিকিৎসা ক্ষেত্ৰখন। কিন্তু বাস্তৱ ক্ষেত্ৰত আমি সেয়াই দেখি আহিছো। উল্লিখিত ঘটনাটোক লৈ এতিয়া ইটোৱে সিটোক ঠেলা খেলখন চলিব। প্ৰথমেই স্বীকাৰ হৈছে এগৰাকী সেইদিনা দায়িত্বত থকা এগৰাকী নাৰ্ছ। ইতিমধ্যে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। কিন্তু প্ৰশ্ন হয়, তেওঁ যদি কামত সঁচাকে গাফিলতি কৰিছিল তেওঁ শাস্তি পাওক। কিন্তু তেওঁ গাফিলতি কৰিবলৈ সাহস পালে কেনেকৈ। নে আন সকলোবোৰ ঘোৰ নিদ্ৰাত মগ্ন আছিল। এই সকলোবোৰ কোনো লুক-ঢাক নোহোৱাকৈ, পক্ষপাতিত্ব নোহোৱাকৈ বিচাৰ হ’বনে ? এতিয়া আমাৰ কথা হ’ল- কথাবোৰ গা এৰা দিয়া বিধৰ হ’ব নালাগে। এগৰাকী নাৰ্ছক শাস্তি দিলেই এই সমস্যাবোৰৰ সমাধান নহয়। কৰ্তৃপক্ষই কথাবোৰৰ গুৰি উলিয়াই সমাধানৰ চেষ্টা কৰিলেহে চিকিৎসা ক্ষেত্ৰখনৰ সফলতা আহিব। সেৱাৰ মানসিকতা অবিহনে চিকিৎসা সেৱা অসাৰ । মানৱতাহীন চিকিৎসালয় নৰকসদৃশ।

লেখকঃ ভূপেন মহন্ত

Baba Ramdev: বাবা ৰামদেৱে এটা সহজ উপায়ৰ জৰিয়তে আপোনাৰ পেটৰ চৰ্বি হ্ৰাস কৰাৰ লগতে, গাঁঠিৰ বিষৰ সমস্যাৰ পৰাও সকাহ দিব

পেটৰ চৰ্বি হ্ৰাস কৰাৰ
পেটৰ চৰ্বি হ্ৰাস কৰাৰ

পেটৰ চৰ্বি হ্ৰাস কৰাটো (Baba Ramdev) অতি কঠিন কাম। কিন্তু সদায় স্বাভাৱিকভাৱে ফিট হৈ থকাৰ কথা কোৱা যোগগুৰু বাবা ৰামদেৱৰ তেওঁ অতি সহজ উপায়ৰ দ্বাৰা পেটৰ চৰ্বি দ্ৰুতগতিত হ্ৰাস কৰিব পাৰি। পেটৰ চৰ্বি কমাবলৈ দৌৰিব লাগিব।

বাবা ৰামদেৱৰ মতে দৌৰিলে কেৱল ওজনে নকমে, শৰীৰ উন্নত কৰাৰ লগতে ষ্টেমিনা বৃদ্ধিৰ বাবেও এক উত্তম উপায় দৌৰাটো। বাবা ৰামদেৱৰ মতে পিছলৈ দৌৰিলে হৃদস্পন্দন বৃদ্ধি পায়, যাৰ ফলত অধিক কেলৰি কমে।

ৰিভাৰ্ছ ৰানিং কি?

ওলোটাকৈ দৌৰাৰ অৰ্থ হ’ল আপোনাৰ সাধাৰণ দৌৰাৰ দিশৰ বিপৰীতে দৌৰা। ইয়াক ৰিভাৰ্ছ ৰানিং বা ৰেট্ৰ’ ৰানিং বুলিও কোৱা হয়। এই ব্যায়ামে শৰীৰৰ পেশীৰ ওপৰত বেলেগ প্ৰভাৱ পেলায় আৰু ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। বাবা ৰামদেৱে কম সময়ত অধিক উপকাৰ পোৱা পদ্ধতি বুলি গণ্য কৰে।

ওলোটাকৈ দৌৰিলে পেটৰ চৰ্বি কেনেকৈ হ্ৰাস পাব?

গৱেষণাৰ মতে ওলোটাকৈ দৌৰিলে সাধাৰণ দৌৰতকৈ প্ৰায় ৩০% বেছি কেলৰি বাৰ্ন হয়। কাৰণ ভাৰসাম্য আৰু সমন্বয় বজাই ৰাখিবলৈ অধিক শক্তিৰ প্ৰয়োজন হয়, যাৰ ফলত শৰীৰৰ বহু পেশী সক্ৰিয় হৈ পৰে আৰু চৰ্বি সোনকালে কমি যায়।

মূল পেশীৰ ওপৰত প্ৰভাৱ

ওলোটাকৈ দৌৰিলে পেটৰ পেশীবোৰ অধিক সক্ৰিয় হয়, যাৰ ফলত পেটৰ চৰ্বি কমি যায় আৰু পেটৰ আকৃতি সুষম দেখা যায়।

হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে

এইটো এটা ডাঙৰ কাৰ্ডিঅ’ ব্যায়াম যিয়ে স্বাভাৱিক দৌৰতকৈ হৃদস্পন্দন বেছি দ্ৰুতভাৱে বৃদ্ধি কৰে, যিয়ে চৰ্বি দ্ৰুতভাৱে জ্বলাই দিয়ে।

আঁঠু আৰু গাঁঠিত কম চাপ

আগলৈ দৌৰিলে আঁঠুৰ ওপৰত অধিক চাপ পৰে যদিও পিছলৈ দৌৰিলে আঁঠুৰ আঘাতৰ সম্ভাৱনা কম হয় আৰু গাঁঠিৰ বাবেও উপকাৰী।

ভংগীমা উন্নত হয়

পিছলৈ দৌৰিলে শৰীৰটো পোন হৈ থাকে, যাৰ ফলত মেৰুদণ্ড আৰু পেটৰ পেশী সক্ৰিয় হয়। ইয়াৰ ফলত শৰীৰটো পোন দেখাই নহয়, পেটৰ চৰ্বিও কমি যায়।

Ganesh Chaturthi 2025: গণেশ চতুৰ্থীৰ দিনা ৰাশি অনুযায়ী গণপতিক আগবঢ়াব ভোগ…

Ganesh Chaturthi 2025
Ganesh Chaturthi 2025

গণেশ চতুৰ্থীৰ দিনা (Ganesh Chaturthi 2025) ভগৱান গণেশক মানুহে বহু ধৰণৰ ভোগ আগবঢ়ায়, কিন্তু এই দিনটোত যদি ৰাশি অনুযায়ী ভোগ আগবঢ়োৱা হয়, তেন্তে তেওঁৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰিব। এইবাৰ ২৭ ছেপ্টেম্বৰত গণেশ চতুৰ্থী। গণেশ চতুৰ্থীৰ দিনা ভোগ হিচাপে ভগৱান গণেশক লাডু আৰু বহু ধৰণৰ ব্যঞ্জন আগবঢ়োৱা হয়। শাস্ত্ৰ অনুযায়ী যদি আপোনাৰ ৰাশি অনুযায়ী গণপতি বাপ্পাক ভোগ অৰ্পণ কৰা হয়, তেন্তে ইয়াৰ ফল বহুগুণ বেছি। ইয়াৰ দ্বাৰা ভগৱান গণেশ সোনকালে সন্তুষ্ট হয় আৰু ভক্তক সুখ, সমৃদ্ধি, শুভকামনা আৰু সফলতাৰে আশীৰ্বাদ দিয়ে।

মেষ ৰাশিঃ মেষ ৰাশিৰ লোকে গণেশক গুড় আৰু ঘেঁহুৰে তৈয়াৰী লাডু আগবঢ়াব লাগে। ইয়াৰ ফলত জীৱনত উৎসাহ আৰু শক্তি বৃদ্ধি পায় আৰু কেৰিয়াৰত সফলতা কঢ়িয়াই আনে।

বৃষ ৰাশিঃ এই ৰাশি লোকে চেনি আৰু গাখীৰেৰে তৈয়াৰী মিঠাই আগবঢ়াব লাগে। ইয়াৰ ফলত ধন-সম্পত্তি, সমৃদ্ধি আৰু পাৰিবাৰিক সুখ বৃদ্ধি পায়।

মিথুনঃ মিথুন ৰাশিৰ লোকে মডাক আগবঢ়াব লাগে। ইয়াৰ দ্বাৰা বুদ্ধি, জ্ঞান আৰু বাক্যত মধুৰতা আনে।

কৰ্কট ৰাশিঃ কৰ্কট ৰোগীয়ে পায়স বা গাখীৰেৰে তৈয়াৰী মিঠাই আগবঢ়াব লাগে। ইয়াৰ ফলত মানসিক শান্তি আৰু পাৰিবাৰিক সুখ পোৱা যায়।

সিংহ ৰাশিঃ সিংহ ৰাশিৰ বাবে ঘিউ আৰু গুড়ৰ পৰা তৈয়াৰী লাডু উত্তম প্ৰসাদ। ইয়াৰ ফলত আত্মবিশ্বাস আৰু নেতৃত্বৰ ক্ষমতা বৃদ্ধি পায়।

কন্যা ৰাশিঃ কন্যা ৰাশিৰ লোকে পিষ্টা-আলমণ্ডৰ মিঠাই আগবঢ়াব লাগে। ইয়াৰ ফলত বুদ্ধিমত্তা আৰু স্বাস্থ্যৰ উপকাৰ হয়।

তুলা ৰাশিঃ তুলা ৰাশি লোকে মাখনৰ লাডু আগবঢ়াব লাগে। ইয়াৰ ফলত বিবাহিত জীৱনত মধুৰতা আৰু প্ৰেম বৃদ্ধি পায়।

বৃশ্চিক ৰাশিঃ বৃশ্চিক ৰাশিৰ বাবে গুৰেৰে তৈয়াৰী ব্যঞ্জন আগবঢ়োৱাটো শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত বাধা আঁতৰাই সফলতা লাভ কৰে।

ধনু ৰাশিঃ ধনু ৰাশিৰ লোকে কেশৰ মিহলাই খীৰ বা লাডু আগবঢ়াব লাগে। ইয়াৰ ফলত ভাগ্য মুকলি হয় আৰু কেৰিয়াৰত বৃদ্ধি পায়।

মকৰ ৰাশিঃ মকৰ ৰাশিৰ অন্তৰ্গত লোকসকলে তিল আৰু গুৰেৰে তৈয়াৰী লাড়ু আগবঢ়াব লাগে। ইয়াৰ ফলত ধন-সম্পত্তি আৰু সন্মান আহে।

কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ বাবে মিঠাই আৰু হালোৱা শুভ ভোগ। ইয়াৰ ফলত সামাজিক প্ৰতিপত্তি বৃদ্ধি পায় আৰু নতুন সুযোগ পোৱা যায়।

মীন ৰাশিঃ মীন ৰাশিৰ অন্তৰ্গত লোকসকলে পয়াস বা গাখীৰ-ধানৰ পুডিং আগবঢ়াব লাগে। ইয়াৰ দ্বাৰা আধ্যাত্মিক উন্নতি আৰু মানসিক শান্তি পোৱা যায়।

Srimanta Sankardev’s Tirubhav Tithi: মঙলদৈৰ পি এম শ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উখল মাখল পৰিৱেশৰ

Srimanta Sankardev's Tirubhav Tithi
Srimanta Sankardev's Tirubhav Tithi

মঙলদৈৰ পি এম শ্ৰী (Srimanta Sankardev’s Tirubhav Tithi) মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উখল মাখল পৰিৱেশৰ। শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে মঙলদৈৰ পি এম শ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উখল মাখল পৰিবেশৰ সৃষ্টি হয়।

হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে বিদ্যালয় চৌহদৰ আকাশ বতাহ। বিদ্যালয়ৰ প্ৰায় ১২০০ ছাত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে নাম কীৰ্তন কৰি হৰি নামৰ ধ্বনিৰে পৰিবেশ সজীৱ কৰে।

ৰাতিপুৱাৰে পৰা হিন্দু মুছলমান উভয় ধৰ্মাৱলম্বী ছাত্ৰীয়ে হৰি নামৰ ধ্বনিৰে পি এম শ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে।

অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়ৰ বহু সংখ্যক শুভাকাঙ্খী লোক সকল উপস্থিত থাকে।

Monday Remedies: সোমবাৰে প্ৰতিকাৰ কৰি শক্তিশালী কৰক চন্দ্ৰক, মন শান্ত হৈ থাকিব, ভুল সিদ্ধান্ত নল’ব!

Monday Remedies
Monday Remedies

চন্দ্ৰক শক্তিশালী কৰিবলৈ মহাদেৱক (Monday Remedies) পূজা কৰাৰ নিয়ম আছে। ইয়াৰ লগতে সোমবাৰে আন কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। এই ব্যৱস্থাসমূহে মানসিক শান্তি প্ৰদান কৰে।

যদি আপুনি যিকোনো গ্ৰহৰ দোষ আঁতৰাব বিচাৰে তেন্তে তাৰ বাবে কিছু বিশেষ ব্যৱস্থা কৰিব পাৰে। আচলতে ইয়াৰ বাবে সোমবাৰে কিছু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। গতিকে ৰাশিফলত চন্দ্ৰক শক্তিশালী কৰাৰ ব্যৱস্থা আৰু চন্দ্ৰ দুৰ্বল হোৱাৰ কি কি লক্ষণ আছে জানো আহক।

দুৰ্বল চন্দ্ৰৰ লক্ষণ-
যদি কোনো ব্যক্তিৰ কুণ্ডলীত চন্দ্ৰৰ অৱস্থান দুৰ্বল হয়, তেন্তে তেওঁৰ স্বভাৱ প্ৰায়ে বেয়া হ’ব আৰু ব্যক্তিজন মানসিকভাৱে বিকাৰগ্ৰস্ত হ’ব। মানুহজন সদায় সৰু সৰু কথাত অশান্তি দিব আৰু প্ৰতিটো সৰু সৰু কথাতে আৱেগিক হ’বলৈ আৰম্ভ কৰিব। ভুল সিদ্ধান্ত লোৱা, প্ৰতিটো সৰু সৰু কথাত বিৰক্ত হোৱা, মাতৃৰ অসুস্থতা, কাহ-চৰ্দি, হাঁপানী আৰু হাওঁফাওঁৰ লগত জড়িত সমস্যা, এই সকলোবোৰ দুৰ্বল চন্দ্ৰৰ লক্ষণ। টোপনিৰ অভাৱ আৰু সদায় মানসিকভাৱে ভাগৰুৱা হোৱা, কোনো কামত মনোনিৱেশ কৰিব নোৱাৰা, বিষণ্ণতা আদিও বেয়া চন্দ্ৰৰ লক্ষণ।

চন্দ্ৰক শীঘ্ৰে শক্তিশালী কৰাৰ প্ৰতিকাৰ-
সোমবাৰে চন্দ্ৰ উদয়ৰ সময়ত ১০৮ বাৰ সঁচা হৃদয়েৰে মন্ত্ৰ জপ কৰক। ইয়াৰ দ্বাৰা মানসিক শান্তি পাব আৰু মনটোৱে পাতল অনুভৱ কৰিব। মন্ত্ৰটো হ’ল- “অম সোম সোমায় নমঃ”।

সোমবাৰে শিৱৰ বিশেষ পূজা কৰি মন্দিৰলৈ গৈ গাখীৰৰ সৈতে শিৱলিঙৰ অভিষেক কৰিব। ইয়াৰ ফলত চন্দ্ৰ শক্তিশালী হয় যিয়ে মানসিক শান্তি দিয়ে।

সোমবাৰে আৰু পূৰ্ণিমাৰ দিনত বগা বস্তু দান কৰক, যেনে বগা কাপোৰ, চাউল, চেনি, গাখীৰ আদি দান কৰক তেতিয়া ৰাশিফলত চন্দ্ৰৰ অৱস্থান শক্তিশালী হ’ব।

সোমবাৰে যদি আপুনি বগা বস্তু খাই তেন্তে আপোনাৰ ৰাশিফলত চন্দ্ৰৰ অৱস্থান শক্তিশালী হ’ব। গাখীৰ, দৈ, চাউল ইত্যাদি খালে চন্দ্ৰৰ দোষ দূৰ কৰিব পাৰি।

সোমবাৰে ভগৱান শিৱক পূজা কৰক আৰু বগা মুকুতা পিন্ধক। ইয়াৰ ফলত চন্দ্ৰ শক্তিশালী হ’ব। হাতত ৰূপৰ ব্ৰেচলেট পিন্ধক, ৰূপৰ আঙঠিও পিন্ধিব পাৰে।

Srimanta Sankardev’s Tirobhav Tithi: আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি

Srimanta Sankardev's Tirobhav Tithi
Srimanta Sankardev's Tirobhav Tithi

আজি জগতগুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ (Srimanta Sankardev’s Tirobhav Tithi) ৪৫৭ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যজুৰি পালিত হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি। তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ নামৰ ধব্বনিৰে মুখৰ হৈ পৰিছে চৌদিশ। পুৱাৰে পৰা নামঘৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ-শ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছে।

প্ৰতিজন অসমীয়াই আজি শ্ৰদ্ধাৰে পালন কৰি আহিছে শঙ্কৰদেৱৰ তিৰোভাৱ তিথি। প্ৰতিজন অসমীয়াই এই দিনটো শ্ৰদ্ধাৰে উদযাপন কৰে। তেৰা অসমীয়া সাহিত্য-সংস্কৃতি, ধৰ্ম-দৰ্শন, সমাজ আৰু সংস্কৃতিৰ মূল চালিকা শক্তি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক। অসমৰ গাঁৱে-নগৰে, সত্ৰ-নামঘৰে গুৰুজনাৰ অমিয়া সৃষ্টিৰাজিৰ আজিও নিৰৱাচ্ছিন্ন চৰ্চা চলি আহিছে। এনে চৰ্চা চলাই অহা, কলিয়াবৰৰ এখন চিনাকি মুখ মুকুন্দ তামুলী।


পিতৃ পদাঙ্ক অনুকৰণ কৰি বৈষ্ণৱী নগঞা ওজাপালি আৰু কালি বাদ্য চৰ্চা আৰু প্ৰসাৰৰ লক্ষ্য কলিয়াবৰৰ মুকুন্দ তামুলী। নৱ-প্ৰজন্মৰ মাজত গুৰু দুজনাৰ সৃষ্ট কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰৰ বাবে সদা যত্নপৰ কলিয়াবৰ পূৱথৰীয়া গাঁৱৰ নিবাসী মুকুন্দ তামুলী অসমৰ বিহু প্ৰতিযোগিতাসমূহৰ চিনাকি পেঁপুৱা আৰু বিহুৱা আছিল। ভাওনাৰো এগৰাকী কুশলী কলাকাৰ আছিল। সমান্তৰালকৈ কেছেটৰ বাবেও বিহুগীত আৰু টোকাৰী গীত ৰচনা কৰিছিল।

যিসমূহ গীত জুবিন গাৰ্গ, কৃষ্ণমণি নাথ আদিৰ দৰে গায়কে কণ্ঠদান কৰিছে। কেছেট-ভিচিডিৰ প্ৰচাৰ কমি অহাৰ লগে-লগে শ্ৰীমন্তশঙ্কৰদেৱ-শ্ৰীমাধৱদেৱৰ সৃষ্টিৰাজিৰ চৰ্চা আৰু প্ৰসাৰত গুৰুত্ব দিয়াৰ লগতে পিতৃ অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ প্ৰয়াত কুশল তামুলীৰ বিশেষ দক্ষতা থকা কালি বাদ্য আৰু বৈষ্ণৱী নগঞা ওজাপালিৰ চৰ্চা চলাই আহিছে। বৰ্তমান চৰ্চাৰ অভাৱত প্ৰায় লুপ্ত হ’বলৈ ধৰা গুৰুজনাৰ সৃষ্টিৰাজিৰে সংপৃক্ত এই দুয়োবিধ কলাক জীয়াই ৰখাৰ প্ৰতি আগ্ৰহী মুকুন্দ তামুলী।

Asom Sahitya Sabha: সকলো জাতি-জনগোষ্ঠীক বুকুৰ মাজত লৈ অসম সাহিত্য সভাই শক্তিমন্ত জাতি গঠনত অগ্ৰসৰ হৈছেঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা

Asom Sahitya Sabha
Asom Sahitya Sabha

“সকলো জাতি- জনগোষ্ঠীক বুকুৰ মাজত লৈ (Asom Sahitya Sabha) অসম সাহিত্য সভাই শক্তিমন্ত জাতি গঠনত অগ্ৰসৰ হৈছে। অসমীয়া সমাজখন শৃংখলিত কৰাৰ দায়িত্ব প্ৰতিজন সংগঠক-নেতা, সংগঠনৰ দায়িত্ব বহন কৰা ব্যক্তিসকলে ল’ব লাগিব ৷ সংগঠকসকলে হাত সাবটি বহি থাকিলেই নহ’ব; তেওঁলোকে বহুমূলীয়া সময় জাতিৰ বাবে সমৰ্পণ কৰিব লাগিব।“ আজি শোণিতপুৰৰ ৰঙাপৰা মহাবিদ্যালয়ত অনুষ্ঠিত সাংগঠনিক সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয় ৷ অসম সাহিত্য সভাৰ ইতিহাসত আজি অনুষ্ঠিত প্ৰথমখন সাংগঠনিক সভাৰ আয়োজনক শলাগ জনাই তেওঁ লগতে কয় যে— “সভাত এক পদ এক ব্যক্তি নীতি কঠোৰভাৱে সকলোৱেই পালন কৰিব লাগিব।

সভাৰ মজিয়াত প্ৰতিজন প্ৰাক্তন বিষয়ববীয়া-কৰ্মীক আদৰ আৰু সন্মানেৰে বিভূষিত কৰা উচিত, ক্ষমতা শেষ হ’লেই পদাধিকাৰীসকলক অসন্মান প্ৰদৰ্শন কৰা অনুচিত। আহক! সকলো বাদ-বিবাদ পৰিহাৰ কৰি সভাৰ কামত ব্ৰতী হৈ জাতীয় সেৱাত অগ্ৰসৰ হওঁ।“ আজি অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত সাংগঠনিক সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰধান সম্পাদক বৰাই লগতে কয় যে সভাৰ বদনাম নহয়, সেৱাত ব্ৰতী হ’বলৈ সকলোকে অনুৰোধ কৰক, অসম সাহিত্য সভাৰ প্ৰতিজন কেন্দ্ৰীয় সদস্যই একোখনকৈ শাখা সাহিত্য সভা গঠন কৰাৰ দায়িত্ব গ্ৰহণ কৰক। প্ৰতিখন মহাবিদ্যালয়ত শাখা সাহিত্য সভা গঠন কৰি ছাত্ৰ-ছাত্ৰী আৰু শৈক্ষিক-বৌদ্ধিক মহলক সভাৰ লগত জড়িত কৰিব লাগিব।

মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দুলাল নাথে আঁত ধৰা সভাখনত অসম সাহিত্য সভাৰ সাংস্কৃতিক উপসমিতিৰ কাৰ্যকৰী সভাপতি ডা: মৃণ্ময় নাথ, মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ উপসমিতিৰ আহ্বায়ক ৰাণা আলম, প্ৰচাৰ উপসমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কুমাৰ নাথ, আহ্বায়ক শংকুসিদ্ধ নাথ, চাহ জনগোষ্ঠী ভাষা সাহিত্য-সংস্কৃতি বিকাশ উপসমিতিৰ কাৰ্যকৰী সভাপতি নকুল কুৰ্মী, উপ-সভাপতি হেমন্তকুমাৰ মাহাতো, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক নিত্যানন্দ বৰা, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক সৎৰাম ডেকা, অৱৰক্ষণ সমিতিৰ কাৰ্যকৰী সভাপতি ৰজনীকান্ত নাথ, বৃত্ত উপসমিতিৰ সদস্য বংকিম বৰুৱা, আমন্ত্ৰিত সদস্য ক্ৰমে চহিৰ ভূঞা, ভূৱন চেত্ৰী, হেমন্ত কুমাৰ নাথ, ইদ্ৰিছ আলী, দৰঙ জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি মুকুট হাজৰিকা, শোণিতপুৰ জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি বাসুদেৱ শৰ্মা, ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যাপক ড° অশ্বিনীকুমাৰ ডেকা, দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় নাথ, উপ-সভাপতি কুঞ্জ দেৱী সম্পাদক মৃণাল ৰাজবংশী, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি শুকদেৱ অধিকাৰী, উপ-সভাপতি প্ৰবীণ কটকী, সম্পাদক কামিনী বৰুৱা, ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৌৰীশংকৰ দাস, বৰ্তমানৰ উপ-সভাপতি সন্তোৰাম কছাৰী, সম্পাদক দিবাকৰ বৰা প্ৰমুখ্যে বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই সাংগঠনিক সভাখন পৌৰোহিত্য কৰি সভাপতিৰ ভাষণত সভাৰ সংগঠক-কৰ্মীসকলক সভালৈ নতুন সভ্যসকলক ব্যাপক অন্তৰ্ভুক্তি কৰি সভাক শক্তিশালী কৰাৰ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বসন্ত শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ শৰ্মাই উদ্বোধকৰ ভাষণত কয় যে আমি প্ৰতিজনেই জাতীয় সত্বাত বিলীন হ’ব পাৰিলেহে জাতিটো অধিক শক্তিশালী হৈ উঠিব। বড়ো সাহিত্য সভাৰ উপসভাপতি তথা ৰঙাপৰা মহাবিদ্যালয়ৰ ডীন প্ৰশান্ত বড়োৱে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি অসম সাহিত্য সভাৰ লগত বড়ো সাহিত্য সভাই সদায়েই ভাতৃসুলভ দৃষ্টিভংগীৰে কামত ব্ৰতী হ’ব বুলি ব্যক্ত কৰে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখনত প্ৰজ্ঞা দেৱীৰ আধুনিক নৃত্য, নয়নিকা শৰ্মাৰ আৰু অৰ্নিক নাথৰ গীতে অনন্য মাত্ৰা প্ৰদান কৰে। জাতীয় সংগীত পৰিৱেশনেৰে সামৰণি পৰা সভাখনত শলাগৰ শৰাই প্ৰদান কৰে দুলাল নাথে।।

Pijush Hazarika: অসমত এতিয়া নতুন মথাউৰি নিৰ্মাণ কৰোতে জিঅ’ মেগা টিউব বাধ্যতামূলক কৰা হৈছে, যাতে মথাউৰিবোৰ শক্তিশালী হয়: মন্ত্ৰী পীয়ূষ হাজৰিকা

মন্ত্ৰী পীয়ূষ হাজৰিকা
মন্ত্ৰী পীয়ূষ হাজৰিকা

জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই (Pijush Hazarika) আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ কোক্ৰাডাঙা অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰি অহা খহনীয়াৰ বুজ লয় । অঞ্চলটোত প্ৰায় ৪০০ মিটাৰ অংশত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াই বৃহত্তৰ অঞ্চললৈ ভাবুকিৰ সৃষ্টি কৰি আহিছিল। উক্ত স্থানত জলসম্পদ বিভাগৰ উদ্যোগত ইতিমধ্যে জৰুৰীকালীন প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছিল।

আজি ধুবুৰীৰ পৰা ‘স্পীড বোটেৰে’ জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই অঞ্চলত উপস্থিত হৈ সামগ্ৰিক দিশ পৰিদৰ্শন কৰে আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয়। বিভাগীয় অভিযন্তাৰ পৰিকল্পনা আৰু স্থানীয় ৰাইজৰ আবেদন অনুসৰি খহনীয়াত আক্ৰান্ত এই স্থানত প্ৰায় ৫০০ মিটাৰ অংশত শক্তিশালীভাৱে স্থায়ী প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আজিৰ পৰিদৰ্শনকালত প্ৰতিশ্ৰুতি প্ৰদান কৰে।

পাছত সাংবাদিকৰে হোৱা সাক্ষাতত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে কোক্ৰাডাঙাত জিঅ’ মেগা টিউবেৰে খহনীয়া প্ৰতিৰোধী কাম কৰিবলৈ ইতিমধ্যেই ৫০ টা টিউব ইয়ালৈ অনা হৈছে আৰু কাইলৈৰ পৰাই অঞ্চলটোত খহনীয়াৰোধী কাম আৰম্ভ কৰা হ’ব । আনহাতে অসমত বৰ্তমানে নতুন মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত জিঅ’ মেগা টিউব ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে ৰাজ্যখনৰ মথাউৰিসমূহ শক্তিশালী কৰি তুলিছে ।

ভৱিষ্যত পৰিকল্পনা হিচাপে পৰ্যায়ক্ৰমে ৰাজ্যখনৰ প্ৰায় ৪০০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ পুৰণা মথাউৰি শক্তিশালী কৰিবলৈ দুটাকৈ জিঅ’ টিউব ব্যৱহাৰ কৰাৰ ওপৰতো চিন্তা কৰি থকা হৈছে বুলি জলসম্পদ মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । মন্ত্ৰীগৰাকীয়ে আৰু কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমত বানপানী নিয়ন্ত্ৰণৰ বাবে আন্তৰিকতাৰে কাম কৰি বহুখিনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।