Home Blog Page 88

Asom Sahitya Sabha: অসম সাহিত্য সভাৰ যুৱ সন্মিলনঃ গীত, নৃত্য, কবিতাৰ মূৰ্চনাত জীপাল শিৱসাগৰৰ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়

Asom Sahitya Sabha: অসম সাহিত্য সভাৰ যুৱ সন্মিলনঃ
Asom Sahitya Sabha: অসম সাহিত্য সভাৰ যুৱ সন্মিলনঃ

“ভাষা হ’ল আমাৰ আত্মাৰ স্পন্দন। (Asom Sahitya Sabha) ইয়াৰ সংৰক্ষণ, সমৃদ্ধি আৰু বিকাশৰ দায়িত্ব মূলতঃ নৱপ্ৰজন্মৰ ওপৰতে নিৰ্ভৰ কৰি আছে।” অসম সাহিত্য সভাৰ কেন্দ্রীয় যুৱ সংসদৰ উদ্যোগত আজি জাঁজী হেমনাথ শর্মা মহাবিদ্যালয়ত অনুষ্ঠিত যুৱ-সন্মিলন অনুষ্ঠানত বিশেষভাৱে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। তেওঁ লগতে কয় যে অসম সাহিত্য সভাই সদায়েই যুৱ সমাজক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ সদাসচেষ্ট। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে অসম সাহিত্য সভাৰ পবিত্ৰ পতাকাখন সুৰক্ষিত কৰাৰ স্বাৰ্থত যুৱ প্ৰজন্মৰ প্ৰতিনিধি সকলে বিশেষভাৱে গুৰুত্ব দিব লাগিব।

এই পতাকাখন জাতিৰ স্বাৰ্থত সুৰক্ষিত হৈ আছেনে নাই তাৰ প্ৰতিও সজাগ দৃষ্টি ৰাখিব লাগিব যুৱ প্ৰজন্মই। তেওঁ লগতে ব্যাখ্যা কৰে যে প্ৰতিটো প্ৰজন্মৰ সৃষ্টিশীল কৰ্মসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰি সমাজেই আগবঢ়ায় নিব লাগিব সমাজৰ প্ৰতিজনৰ মাজলৈ। অসম সাহিত্য সভাৰ ধনভৰালী মণিৰাম লাহন, কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগ গগৈ, জিলা প্ৰতিনিধি সন্তোষ দত্ত, উপসভাপতি ড০ জীৱন কলিতা, অসম কলেজ শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি জ্যোতিপ্ৰসাদ গগৈ, অসম উচ্চতৰ মাধ্যমিক শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি হিমাদ্ৰীজ্যোতি দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখন উদ্বোধন কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তই ।

যুৱ সন্মিলনখন উদ্বোধন কৰি তেওঁ কয় যে যুৱ প্ৰজন্ম হৈছে সাহিত্য, সংস্কৃতি আৰু সমাজ চিন্তনক সলনি কৰিব পৰা শক্তি। সাহিত্য সভাৰ এই ধৰণৰ পদক্ষেপে নিশ্চয়েই আগন্তুক প্ৰজন্মক ভাষা-সংস্কৃতিৰ প্ৰতি অধিক দায়িত্বশীল কৰি তুলিব।সম্প্ৰতি সামাজিক বুদ্ধিমত্তাৰ প্ৰয়োজন হৈছে বুলি উল্লেখ কৰি তেখেতে লগতে কয় যে পৰিবৰ্তনৰ লগতে ৰূপান্তৰ লাগিব। আজি প্ৰযুক্তিয়ে মানুহক বহুদূৰ আগুৱাই নিছে যদিও গ্ৰন্থই দিয়া জ্ঞানতকৈ আন কোনো বস্তুৱেই শ্ৰেষ্ঠ হ’ব নোৱাৰে। অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ সঞ্চালক ড০ হৃদয়ানন্দ গগৈয়ে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষকৰ বক্তৃতা, দিখৌমুখ মহাবিদ্যালয়ৰ সুৰ সমলয় আৰু কবিতা আবৃত্তি, নাজিৰা মহাবিদ্যালয়ৰ গীত আৰু কবিতা, গড়গাঁও মহাবিদ্যালয়ৰ গীত, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ একক অভিনয়, দিহানাম, বৰগীত, দলীয় নৃত্য, চুকাফা একাডেমী চাৰু কলা মহাবিদ্যালয়ৰ ঠাইতে চিত্ৰ অংকন, চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ বক্তৃতা প্ৰমুখ্যে উজনি অসমৰ প্ৰায় ২০ খন শিক্ষানুষ্ঠানৰ পৰা অহা ডেৰশতাধিক যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি নিজা নিজা পাৰদৰ্শিতা প্ৰদৰ্শন কৰে।

সভাপতিৰ ভাষণত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই কয় যে যুৱ প্ৰজন্ম আমাৰ সমাজ-সংস্কৃতিৰ মূল চালিকা শক্তি। সেয়েহে সভাই গ্ৰাম্যস্তৰলৈকে যুৱকৰ চিন্তা, প্রতিভা আৰু উদ্যোগক মঞ্চ দিয়াৰ চেষ্টা কৰি আহিছে। এই যুৱ-সন্মিলন তাৰ এক উজ্জ্বল উদাহৰণ। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যুৱ বাণীৰ আলোচক ৰিংকু ৰিদীপ দত্ত, জাঁজী আঞ্চলিক ছাত্ৰ সন্থাই বিষয়ববীয়া, শিৱসাগৰ জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দেৱযানী দীক্ষিতা গগৈ আৰু দিলীপ শইকীয়া, অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ সদস্যা মীৰা বৰুৱা, আমগুৰি শাখা সাহিত্য সভা, গেলেকী নপুখুৰী শাখা সাহিত্য সভা, দিখৌমুখ শাখা সাহিত্য সভা, নামতি শাখা সাহিত্য সভাৰ বিষয়ববীয়া, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ শিক্ষক গোট, সাহিত্য চৰাৰ সদস্য-সদস্যাই উপস্থিতিত অনুষ্ঠিত হোৱা সন্মিলনখনত আদৰণি ভাষণ প্ৰদান কৰে যুৱ সংসদ উপসমিতিৰ কার্যকৰী সভাপতি জীৱমণি নাথে।

অসম সাহিত্য সভাৰ যুৱ সংসদ উপসমিতিৰ আহ্বায়ক গৌতম গগৈ, উপসমিতিৰ সদস্য ক্ৰমে অনিতা গগৈ, ডঃ অচ্যুত গগৈ, মিণ্টু দাস, মনোৰঞ্জন টায়ে, জাঁজী প্ৰেছ ক্লাব, গৌৰীসাগৰ প্ৰেছ ক্লাব, আমগুৰি প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলে সহযোগিতা আগবঢ়োৱা সভাখনত প্ৰতিগৰাকী অংশগ্ৰহণকাৰী যুৱ প্ৰতিনিধিক একোখনকৈ স্নেহপত্ৰৰে আদৰণী জনোৱা হয়। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখন জাতীয় সংগীত পৰিৱেশনেৰে সফল সমাপ্তি ঘটে।।

Eating Mistakes: সাৱধান! খোৱাৰ সময়ত নকৰিব এই পাঁচটা ভুল

Eating Mistakes
Eating Mistakes

খাদ্য খাই কোনে ভাল নাপায়, কিন্তু বহুতেই খাদ্য খোৱাৰ সময়ত এনে কিছুমান ভুল কৰে যিবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।( Eating Mistakes)

১/ অতি সোনকালে খাদ্য খোৱা

খাদ্য কেতিয়াও খৰকৈ খাব নালাগে। আমি যেতিয়া সোনকালে খাদ্য খাওঁ তেতিয়া আমি ভালদৰে চোবাই খাব নোৱাৰো। ইয়াৰ ফলত পাচনতন্ত্ৰত অতিৰিক্ত চাপ পৰে, যাৰ ফলত বদহজম, গেছ আৰু এচিডিটি হ’ব পাৰে। খাদ্য সদায় লাহে লাহে খাব লাগে আৰু ভালদৰে চোবাই খাব লাগে। ইয়াৰ ফলত হজম হোৱাত সহায় হয় আৰু শৰীৰে সকলো পুষ্টি লাভ কৰে।

২) খোৱাৰ সময়ত টিভি বা মোবাইল চোৱা
আজিকালি সাধাৰণ অভ্যাসত পৰিণত হৈছে খোৱাৰ সময়ত টিভি, মোবাইল বা লেপটপ চোৱাটো। এনে কাৰ্যই আমাৰ মনটোক খাদ্যৰ ওপৰত গুৰুত্ব দিব নোৱাৰে। ইয়াৰ বাবে আমি আমাৰ ভোকতকৈ বেছি খাওঁ, যাৰ ফলত ওজন বৃদ্ধি পায়। ইয়াৰ বাহিৰেও আমাৰ মগজুৱে খাদ্যৰ সোৱাদ আৰু তাৰ তৃপ্তি অনুভৱ কৰিবলৈ অক্ষম। সদায় খাদ্য খোৱাৰ ওপৰত গুৰুত্ব দিয়ক।

৩) খোৱাৰ পিছত লগে লগে পানী খোৱা
খাদ্য খোৱাৰ লগে লগে পানী খোৱাৰ অভ্যাসটো অতি ক্ষতিকাৰক। আয়ুৰ্বেদৰ মতে খাদ্য খোৱাৰ লগে লগে পানী খালে হজম শক্তি লেহেমীয়া হয়। ই পেটত থকা পাচন ৰস পাতল কৰে, যাৰ বাবে খাদ্য সঠিকভাৱে হজম নহয়। খাদ্য খোৱাৰ প্ৰায় আধা ঘণ্টা আগতে আৰু এঘণ্টাৰ পিছত সদায় পানী খাব লাগে।

৪) থিয় হৈ খোৱা

প্ৰায়ে পাৰ্টিত থিয় হৈ মানুহে খাদ্য গ্ৰহণ কৰে। থিয় হৈ খালে খাদ্য পোনে পোনে পেটলৈ যায়, যাৰ ফলত হজম শক্তিত বেয়া প্ৰভাৱ পৰে। ইয়াৰ উপৰিও এনেদৰে খোৱাৰ সময়ত আপুনি অধিক বায়ুও গিলি পেলায়, যাৰ ফলত পেটত গেছ সৃষ্টি হ’ব পাৰে। বহি থকা অৱস্থাত সদায় আৰামত খাব লাগে।

৫) গভীৰ নিশা খাদ্য খোৱা

বহু মানুহে প্ৰায়ে ৰাতি দেৰিকৈ খাই শুই যায়। গভীৰ নিশা খোৱা আৰু শুই থকাৰ মাজত বিশেষ ব্যৱধান নথকাৰ বাবে খাদ্য সঠিকভাৱে হজম নহয়। ইয়াৰ ফলত এচিডিটি, গেছ আৰু ওজন বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি হয়।

Drop in prices: দাম কমিব গাখীৰ, দৰব, খাদ্য-সামগ্ৰীৰ

Drop in prices: দাম কমিব গাখীৰ, দৰব, খাদ্য-সামগ্ৰীৰ
Drop in prices: দাম কমিব গাখীৰ, দৰব, খাদ্য-সামগ্ৰীৰ

মূল্যবৃদ্ধিয়ে গ্ৰাস কৰা দেশবাসীৰ (Drop in prices) বাবে হয়তো আহিব পাৰে সুখবৰ৷ গাখীৰ, দৰব আদিৰ দৰে আৱশ্যকীয় সামগ্ৰীৰ দাম কমাৰ ইংগিত দিছে চৰকাৰে৷ দেশৰ বিত্ত মন্ত্ৰণালয়ে দেশবাসীৰ জীৱন-যাত্ৰা, স্বাস্থ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰৰ ওপৰত দীঘলীয়া প্ৰভাৱ পেলাব পৰা এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ঘোষণা কৰিছে৷ এই প্ৰস্তাৱ অনুসৰি সাধাৰণ জনতাৰ দৈনন্দিন জীৱনৰ লগত জড়িত বহু সামগ্ৰী–গাখীৰ, কিছুমান প্ৰয়োজনীয় দৰব আৰু খাদ্য-সামগ্ৰীৰ ওপৰত শুল্ক ৰেহাই প্ৰদান কৰাৰ কথা কোৱা হৈছে৷ ইয়াৰ ফলত আগন্তুক দিনত এই সামগ্ৰীবোৰৰ দাম কমি যোৱাৰ সম্ভাৱনা নিশ্চিত৷

অন্যদিশে, স্বাস্থ্যহানিকাৰক আৰু সমাজৰ বাবে ক্ষতিকাৰক বুলি চিহ্নিত সামগ্ৰীসমূহ– চিগাৰেট, গুট্‌খা, বীয়েৰৰ দৰে ধূমপান তথা মাদকপ্ৰবণ সামগ্ৰীসমূহত ৪০ শতাংশ পৰ্যন্ত জিএছটি আৰোপ কৰাৰ এক বলিষ্ঠ প্ৰস্তাৱ আগবঢ়োৱা হৈছে৷ এই পদক্ষেপৰ দ্বাৰা চৰকাৰে একেদৰে ৰাজ্যিক আয় বৃদ্ধি কৰিব পাৰিব আৰু আন একেদৰে সমাজত সঘনাই হোৱা স্বাস্থ্য সমস্যাবোৰৰ প্ৰতি নিয়ন্ত্ৰণ আনিব পাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে৷ বিত্ত মন্ত্ৰণালয়ৰ মুখপাত্ৰই সংবাদ মাধ্যমক জনাইছে যে, সাধাৰণ পৰিয়ালৰ প্ৰয়োজনীয় খৰচ কমোৱাৰ দিশে চৰকাৰৰ এই প্ৰচেষ্টা৷ বিশেষকৈ গাখীৰ, যি প্ৰায় প্ৰতিটো পৰিয়ালৰ বাবে এক আৱশ্যকীয় সামগ্ৰী, ইয়াৰ ওপৰত শুল্ক ৰেহাই প্ৰদান কৰিলে গাখীৰৰ মূল্য হ্ৰাস পাই সাধাৰণ জনগণ সাৱলম্বী হ’ব৷ এনেদৰে, দৰবৰ ক্ষেত্ৰতো এই পদক্ষেপে গুৰুত্ব বহন কৰিছে৷

বৰ্তমান সময়ত চিকিৎসাৰ খৰচ দ্ৰুত বৃদ্ধি পোৱা পৰিস্থিতিত সাধাৰণ দৰববোৰৰ দাম হ্ৰাস হ’লে ৰোগীক উপকৃত কৰাৰ লগতে স্বাস্থ্য সেৱাৰ গৰাকী হ’ব৷ খাদ্য-সামগ্ৰী, বিশেষকৈভাৱে ব্যৱহৃত তেল, চাউল, দাইল আদিৰ ওপৰত টেক্স ৰেহায়ে জনসাধাৰণক প্ৰত্যক্ষভাৱে স্বস্তি প্ৰদান কৰিব৷ আনহাতে, চৰকাৰে স্বাস্থ্যহানিকাৰক সামগ্ৰীসমূহৰ ওপৰত কঠোৰ হস্তক্ষেপৰ প্ৰস্তাৱ আগবঢ়াইছে৷ চিগাৰেট, গুট্‌খা, বীয়েৰ আদি সামগ্ৰীসমূহ সমাজৰ স্বাস্থ্যক্ষেত্ৰত এক ভয়াৱহ সমস্যা সৃষ্টিৰ কাৰক বুলি বহুদিনৰ পৰা চিকিৎসক সমাজে আঙুলিয়াই আহিছে৷ এই সামগ্ৰীসমূহৰ নিয়মিত ব্যৱহাৰে কেন্সাৰ, হৃদ্‌ৰোগ, শ্বাসতন্ত্ৰৰ সমস্যা, লিভাৰৰ অসুখ আদি ভয়ংকৰ ৰোগৰ জন্ম দিছে৷ বিত্ত মন্ত্ৰণালয়ে এই সমস্যা বিবেচনা কৰি এই ধৰণৰ সামগ্ৰীৰ ওপৰত ৪০ শতাংশ পৰ্যন্ত জিএছটি আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে৷

এই পদক্ষেপৰ দ্বাৰা এই সামগ্ৰীৰ দাম বৃদ্ধি হ’ব আৰু তদুপৰি সাধাৰণ মানুহৰ বাবে ইয়াৰ সহজলভ্যতা কমি যাব৷ ইয়াৰ দ্বাৰা সমাজত ধূমপান আৰু মাদকদ্ৰব্যৰ প্ৰৱণতা হ্ৰাস পাব বুলি আশা কৰা হৈছে৷ বিত্ত মন্ত্ৰণালয়ৰ এক উচ্ছপদস্থ বিষয়াই সংবাদ মাধ্যমক কয়, ‘এই প্ৰস্তাৱৰ দ্বাৰা চৰকাৰৰ লক্ষ্য দুটা৷ প্ৰথমতে, সাধাৰণ পৰিয়ালৰ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী সহজলভ্য আৰু সুলভ কৰি জনজীৱন সহজ কৰা৷ দ্বিতীয়তে, স্বাস্থ্যহানিকাৰক সামগ্ৰীৰ ওপৰত অধিক টেক্স আৰোপ কৰি ইয়াৰ ব্যৱহাৰ হ্ৰাস কৰাত সহায় কৰা৷ ইয়াৰ দ্বাৰা সমাজৰ স্বাস্থ্য আৰু অৰ্থনীতি দুয়ো উপকৃত হ’ব৷’ অৰ্থনীতিবিদসকলে এই পদক্ষেপৰ প্ৰশংসা কৰি কয় যে এই পদক্ষেপে একেদৰে সমাজত স্বাস্থ্য-সচেতনতা বৃদ্ধি কৰিব আৰু আন একেদৰে চৰকাৰৰ আয়ৰ উৎসও বৃদ্ধি কৰিব৷ বিশেষকৈ গুট্‌খা আৰু চিগাৰেটৰ ওপৰত অধিক জিএছটি আৰোপ কৰিলে ইয়াৰ বিক্ৰী হ্ৰাস হ’ব বুলি আশা কৰা হৈছে৷ প্ৰস্তাৱ ঘোষণাৰ পিছতে সাধাৰণ জনগণৰ মাজত ইতিবাচক প্ৰতিক্ৰিয়া দেখা গৈছে৷ মধ্যবিত্ত পৰিয়ালৰ মাজত গাখীৰ আৰু খাদ্য সামগ্ৰীৰ দাম হ্ৰাসৰ সম্ভাৱনা আনন্দৰ বিষয় হৈ পৰিছে৷

গুৱাহাটীস্থিত এগৰাকী গৃহিণীয়ে কয়, ‘আজিকালি প্ৰতিদিনেই পৰিয়ালৰ খৰচ বাঢ়ি গৈছে৷ যদি গাখীৰ, দৰব আৰু খাদ্য-সামগ্ৰী সুলভ হয়, তেন্তে আমাৰ দৰে গৃহিণীৰ ওপৰত খৰচৰ বোজা বহুত হ্ৰাস হ’ব৷’ আনহাতে, তৰুণ সমাজৰ এজন প্ৰতিনিধি ক’লে, ‘চিগাৰেট আৰু গুট্‌খাৰ দাম বৃদ্ধি হ’লে বহু তৰুণে ইয়াৰ পৰা আঁতৰি থাকিব৷ আমাৰ সমাজত ইয়াৰ পৰা বহু স্বাস্থ্যজনিত সমস্যাই দেখা দিছে ৷ সেয়ে এই পদক্ষেপ যথেষ্ট সময়োপযোগী৷’ চৰকাৰৰ এই সিদ্ধান্তক চিকিৎসক সমাজে বিশেষভাৱে সমৰ্থন জনাইছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এজন বিশেষজ্ঞই কয় , ‘আমাৰ ইয়াত প্ৰতিদিনে চিগাৰেট আৰু গুট্‌খা ব্যৱহাৰকাৰী ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ এই পদক্ষেপে এই ধৰণৰ স্বাস্থ্যহানিকাৰক অভ্যাস হ্ৰাস কৰাত সহায় কৰিব৷ বিশেষকৈ যুৱ সমাজক ইয়াৰ পৰা ৰক্ষা কৰিবলৈ এইটো এক সুদূৰপ্ৰসাৰী পদক্ষেপ৷’ এই প্ৰস্তাৱক লৈ ইতিমধ্যে ৰাষ্ট্ৰীয় স্তৰত গুৰুত্বপূৰ্ণ আলোচনাৰ আৰম্ভ হৈছে৷ বিশেষজ্ঞসকলে কয় যে, আগন্তুক বাজেটত এই পদক্ষেপ কাৰ্যকৰী হ’লে সাধাৰণ পৰিয়ালসমূহ উপকৃত হ’ব আৰু একেদৰে স্বাস্থ্যৰ হানিকাৰক সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস পাব৷ আনহাতে, মদ আৰু ধূমপান সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰিলে সমাজৰ লাভ হ’ব বুলি কিছুমান বিশেষজ্ঞই কৈছে৷

Himanta biswa sarma: ‘দ্ৰুত উন্নয়নৰ তৃতীয় স্থানত অসম’

'দ্ৰুত উন্নয়নৰ তৃতীয় স্থানত অসম'
'দ্ৰুত উন্নয়নৰ তৃতীয় স্থানত অসম'

দেশজুৰি উদ্‌যাপন কৰা হয় ৭৯সংখ্যক স্বাধীনতা (Himanta biswa sarma) দিৱস৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰতো আয়োজন কৰা হয় স্বাধীনতা দিৱসৰ ৰাজ্যৰ কেন্দ্ৰীয় কাৰ্যসূচী৷ ৰাজ্যৰ প্ৰতিখন জিলা সদৰতো আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী৷ পুৱা খানাপাৰা খেলপথাৰত জাতীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰি আৰম্ভ কৰে ভাষণ৷ ভাষণৰ আৰম্ভণিতে প্ৰতিগৰাকী সংগ্ৰামী যোদ্ধাক সোঁৱৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ খোজেৰে মই মুখ্যমন্ত্ৰী হ’বলৈ সুযোগ পাইছো৷ অসমবাসীক দিয়া প্ৰতিশ্ৰুতিৰ সফলতা আজি বাস্তৱৰ দিশে৷ অসমত আমি শান্তিৰ কপৌ উৰুৱাইছোঁ৷ চাৰে চাৰি বছৰ কালৰ উন্নয়নত মই গৌৰৱ অনুভৱ কৰিছোঁ৷ ব্ৰহ্মপুত্ৰত দলংসমূহ, ছেমিকণ্ডাক্টৰ প্ৰকল্প, গুৱাহাটীৰ ৰিং ৰোড এতিয়া মুকলিৰ দিশে৷ নামৰূপৰ সাৰ কাৰখানা, ৰে’ল পথ আজি বৈদু্যতিকীকৰণ হ’ল, গুৱাহাটীৰ অত্যাধুনিক বিমানবন্দৰ মুকলিৰ পথত৷ যোৱা বছৰত প্ৰতিদিনে অসমত নিৰ্মাণ হৈছে ১৪ কিলোমিটাৰ পথ৷’ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘দ্ৰুত উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে অসম তৃতীয় স্থানত আছে৷ অসমত এতিয়া সন্ত্ৰাসবাদ নাইকিয়া হৈছে৷ ৰাজ্যত মহিলাৰ বিৰুদ্ধে ঘটা অপৰাধ এতিয়া হ্ৰাস পাইছে৷

২০২৬ৰ ভিতৰত অসমত বাল্যবিবাহ বন্ধ কৰাত আমি সফল হ’ম৷ অসম এতিয়া আন্দোলনমুক্ত হৈছে৷ অসমৰ যুৱক-যুৱতীসকলে নতুন সপোন দেখিছে৷ নিযুক্তিৰ ক্ষেত্ৰত আমি মাইলৰ খুঁটি পুতিবলৈ সক্ষম হৈছো৷ কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিল, নিবনুৱাৰ সপোন ধবংস কৰা হৈছিল৷ চলিত চৰকাৰে ৰ লাখ ৫১ হাজাৰতকৈ অধিক নিযুক্তি দিছে৷ অহা অক্টোবৰত আৰু কেইবা হাজাৰ পদত নিযুক্তি দিব চৰকাৰে৷ ৰ লাখ ২০ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে৷ আকৌ চলিব উচ্ছেদ, এই নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থাকিব৷ অসমৰ এটুকুৰা মাটিও বেদখলকাৰীৰ কব্জাত থাকিব নোৱাৰে৷ বহু সত্ৰৰ ভূমি মুক্ত কৰি মীমাংসা কৰিবলৈ চৰকাৰে সক্ষম হৈছে৷ অচিনাকি লোকসকলে চাৰিওফালৰ পৰা আমাক বেৰি ধৰিছিল৷ সত্ৰৰ অক্ষয় বন্তি এতিয়াও ধৰি ৰখা সাহসী অসমীয়াসকলক ধন্যবাদ জনাইছোঁ৷ আমাৰ মাটি অচিনাকি লোকে কেতিয়াও কাঢ়ি নিব নোৱাৰে৷ আমাৰ মাটি কোনো কাৰণতে অচিনাকি লোকক বিক্ৰী নকৰিব৷ বসুন্ধৰাৰ জৰিয়তে ২ লাখ ২৯ হাজাৰ লোকে লাভ কৰিছে ভূমিৰ অধিকাৰ৷’ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘মহাৰাজ পৃথুৰ নামত নামকৰণ হ’ব নুনমাটি-দীঘলীপুখুৰীৰ নতুন উৰণ সেতু৷

অহা জানুৱাৰী মাহত লাখ অসমীয়াই গাব ‘অ’ মোৰ আপোনাৰ দেশ’৷’ ৰাজ্যৰ ছাত্ৰীসকলক মুখ্যমন্ত্ৰীৰ শুভকামনা, লগতে কয় যে ‘নিযুত মইনা’ই আৰু আগুৱাই নিব অসমক৷ মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত অসমত আৰম্ভ হ’ব অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মহিলাৰ মাইক্ৰ’ ফাইনেন্সৰ ঋণ মাফ কৰি আমি সততা দেখুৱাইছো৷’

Biswanath Eviction: বিশ্বনাথত বৃহৎ উচ্ছেদ অভিযানঃ উচ্ছেদ বন্ধৰ দাবী আমছুৰ

Biswanath Eviction
Biswanath Eviction

মিঞা, সন্দেহজনক (Biswanath Eviction) নাগৰিক শব্দ ব্যৱহাৰ নকৰিবলৈ আমছুৰ সকিয়নি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। ৰাজ্য বিভিন্ন প্ৰান্তত এতিয়া চৰকাৰী ভূমিত বসবাস কৰা লোক সকলক উচ্চেদ অভিযান চলাই গৈছে চৰকাৰে। ইফালে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে এই বাৰ চৰকাৰে উচ্চেদ অভিযান চলালে বিশ্বনাথত। বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় অন্তৰ্গত বিশ্বনাথ মৌজাৰ ননকে জাপৰিগুৰি গাৱঁৰ ৩৯৫ নং গো- চৰনীয়া পথাৰৰ VGR দাগৰ ১৭৫ বিঘা ভূমিত দেওবাৰে পুৱা ৮ বজাৰ পৰা উচ্চেদ অভিযান চলাই। ৩০৭ টা পৰিয়ালে বসবাস কৰা ভূমি সমূহ বেদখল মুক্ত কৰিবলৈ ২০ খন JCB ১০ খন টেক্টৰ লগতে ১ হাজাৰ অধিক আৰক্ষী জিলা প্ৰশাসন লোক উপস্থিত থাকি পুৱাৰ পৰা উচ্চেদ চলাই। আনহাতে এই উচ্চেদ স্থানত উপস্থিত হয় আমছু কেন্দ্ৰীয় সমিতি সম্পাদকৰ নেতৃত্বত এটা সজাতি দল।

ইফালে আমছু কেন্দ্ৰীয় সমিতি সম্পাদক কুদ্দুছ আলি সৰকাৰ উচ্চেদিত ৰাইজৰ কাষত উপস্থিত হৈ সংবাদ মাধ্যমক কয় যে, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্বশৰ্মা চৰকাৰৰ খনে অমানৱীয় ভাৱে সংখ্যালঘু ৰাইজক উচ্ছেদ কৰি আছে এই উচ্চেদ কাৰ্যসূচী শীঘ্ৰে বন্ধ কৰিব লাগে লগতে উচ্ছেদিতক লোক সকলক পুনৰ সংস্থাপনৰ দাবী দিব লাগে বুলি আমছু কেন্দ্ৰীয় সম্পাদক কুদ্দুছ আলি সৰকাৰে প্ৰকাশ কৰে।

লগতে আমছু নেতা গৰাকীয়ে কয় এয়া ৰাজনীতি ষড়যন্ত্ৰ কাৰণ এই মানুহবোৰ কংগ্ৰেছ চৰকাৰ দিনতো বঞ্চিত এতিয়া বিজেপি চৰকাৰৰ দিনতো বঞ্চিত লগতে AGP চৰকাৰে ও ভূমি অধিকাৰ পৰা বঞ্চিত কৰিলে বুলি প্ৰকাশ কৰে। আনহাতে এই সংখ্যালঘু লোক সকলক পুতলাৰ দৰে ইখন চৰকাৰে সিখন চৰকাৰে ঘুৰাই থকা বুলি উল্লেখ কৰে আমছু নেতা কুদ্দুছ আলি সৰকাৰে।


আনহাতে এই মানুহবোৰ কোনো বিদেশী নহয় বুলি কয় যদিও বিদেশী হ’ল হয় আধা কাৰ্ড, চৰকাৰী চাউল, চৰকাৰী গৃহত কিয় দিলে হয় বুলি কয় এয়া মাথোঁ একাংশক দেখুৱাবলৈ এই উচ্চেদ চৰকাৰে কৰিছে বুলি উল্লেখ কৰে আমছু নেতা গৰাকীয়ে।

ইফালে আমছু নেতা গৰাকীয়ে কয় এতিয়া বিদেশী হিন্দী ভাষীক স্বদেশী সজাই কা জৰিয়তে সংস্থাপন দিবলৈ চেষ্টা কৰা বুলি অসমৰ জাতীয় দল সংগঠন সমূহকো কঠোৰ সমালোচনা কৰে আমছু নেতা গৰাকীয়ে।

Happiness: যদি আপুনি ঘৰ আৰু পৰিয়ালত সুখ বিচাৰে তেন্তে এই ৫টা ভুল কেতিয়াও নকৰিব !

পৰিয়ালৰ শান্তি
পৰিয়ালৰ শান্তি

প্ৰেমানন্দ মহাৰাজৰ উপদেশ সুখী, (Happiness) শান্তিপূৰ্ণ আৰু পাৰিবাৰিক জীৱন বিচৰা প্ৰতিজন ব্যক্তিৰ বাবে। তেওঁৰ মতে যদি পুৰুষে বিশেষ পাঁচটা কথা মনত ৰাখি নিজৰ আচৰণ সলনি কৰে তেন্তে ঘৰ খনলৈ প্ৰকৃত সুখ আৰু শান্তি আহে।

বিয়া কৰোৱা, সংসাৰ পতাটো সহজ যেন লাগে, কিন্তু বাস্তৱ জীৱনত এই সংসাৰ বজাই ৰখাটো বহুত বেছি প্ৰত্যাহ্বানজনক। বহু সময়ত দেখা যায় যে মানুহে নিজৰ প্ৰিয় সংগীক বিয়া কৰাইও জীৱনত অশান্তি আৰু অসুখী হৈয়ে থাকে। সম্পৰ্কত মৰম আৰু বুজাবুজিৰ মাজতো ঘৰখনত অশান্তিৰ সৃষ্টি হয়।

বৃন্দাবনৰ বিখ্যাত সাধু প্ৰেমানন্দ মহাৰাজে পাঁচটা ভুলৰ কথা কৈছে, যাৰ বাবে পৰিয়ালৰ সুখ আৰু শান্তিৰ অন্ত পৰে। ছ’চিয়েল মিডিয়াত তেওঁৰ এই ভিডিঅ’টো ক্ৰমাৎ ভাইৰেল হৈ পৰিছে। এই ভুলবোৰ কি, জানো আহক-

পৰিয়ালৰ শান্তিৰ বাবে এই ৫টা ভুল নকৰিব-

প্ৰেমানন্দ মহাৰাজে কয় যে পত্নীক বোজা বুলি গণ্য কৰা পুৰুষ কেতিয়াও সুখী হ’ব নোৱাৰে। পত্নী কেৱল এটা দায়িত্ব নহয়, তেওঁ এগৰাকী জীৱন সংগী।

মহাৰাজে কৈছে যে যিসকল পুৰুষে কন্যাৰ জন্মত দুখী বা পুত্ৰ সন্তান পোৱাৰ বাবে পত্নীক ঠাট্টা কৰে, তেওঁলোক গোটেই জীৱন অশান্তিত থাকে।

পত্নীক অৰ্থাৎ গৃহলক্ষ্মীক সন্মান নকৰিলে ঘৰৰ শান্তি বিনষ্ট হয়। পত্নীৰ কিছু অভাৱ থাকিলে অপমান কৰিলে পৰিয়ালটোৰ মানসিক অৱস্থা নষ্ট হয়। য’ত পত্নীয়ে সন্মান পায়, তাতেই লক্ষ্মী নিজেই বাস কৰে।

মহাৰাজৰ মতে যি পুৰুষে পত্নীৰ প্ৰয়োজনীয়তাক আওকাণ কৰি খৰচৰ বাবে টকা নিদিয়ে, তেওঁৰ জীৱনত টকাৰ অভাৱ হৈয়েই থাকে।

পত্নীক সন্মান আৰু সুখী কৰিলে পৰিয়ালটোলৈ সমৃদ্ধি কঢ়িয়াই আনে। বাহিৰৰ সমস্যাৰ বাবে পত্নী আৰু সন্তানৰ ওপৰত খং কৰা পুৰুষ কেতিয়াও মানসিকভাৱে শান্ত হৈ থাকিব নোৱাৰে।

Elvish Yadav: ইউটিউবাৰ এলভিছ যাদৱৰ বাসগৃহত গুলীচালনা

Elvish Yadav: ইউটিউবাৰ এলভিছ যাদৱৰ বাসগৃহত গুলীচালনা
Elvish Yadav: ইউটিউবাৰ এলভিছ যাদৱৰ বাসগৃহত গুলীচালনা

জনপ্ৰিয় ইউটিউবাৰ এলভিছ যাদৱৰ বাসগৃহত (Elvish Yadav)গুলীচালনা। প্রায় ২৪ ৰাউণ্ড গুলীচালনা কৰে দুর্বৃত্তই পুৱা ৫ বজাত সংঘটিত হয় এই ঘটনা। এলভিছ যাদৱৰ গুৰুগ্ৰামৰ ঘৰলৈ লক্ষ্য কৰি দুর্বৃত্তৰ গুলী চালনা।

হাৰিয়ানাৰ গুৰুগ্ৰামত বিখ্যাত ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত গুলীচালনাৰ ঘটনা পোহৰলৈ আহিছে। গুৰুগ্ৰামৰ ৱাজিৰাবাদ গাঁৱৰ এলভিছ যাদৱৰ ঘৰত পুৱা প্ৰায় ৫ বজাত বাইক আৰোহীয়ে ২৪ৰ পৰা ২৫ ৰাউণ্ড গুলীচালনা কৰে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে বৰ্তমান তদন্ত আৰম্ভ কৰি আছে। যি সময়ত এলভিছ যাদৱৰ ঘৰত গুলী নিক্ষেপ কৰা হৈছিল, সেই সময়ত ঘৰত তেওঁৰ মাতৃ সুষমা যাদৱ ঘৰত উপস্থিত আছিল।

Shubhanshu Shukla: আজি ভাৰতত উপস্থিত মহাকাশচাৰী শুভাংশু শুক্লা

শুভাংশু শুক্লা
শুভাংশু শুক্লা

আজি স্বদেশত উপস্থিত মহাকাশচাৰী শুভাংশু শুক্লা।(Shubhanshu Shukla)


আজি ভাৰতত উপস্থিত হয় মহাকাশচাৰীগৰাকী।


মহাকাশচাৰীগৰাকীক উষ্ম আদৰণি জনাই দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই।

ফুলৰ থোপাৰে শুভাংশু শুক্লাক আদৰণি জনাই কেন্দ্ৰীয় মন্ত্রী জীতেন্দ্ৰ সিঙে।


Malaika Arora: অৰ্জুন কাপুৰৰ সৈতে ব্ৰেকআপৰ পিছত পুনৰ প্ৰেমত পৰিবলৈ সাজু ৫১ বছৰীয়া মালাইকা অৰোৰা!

Malaika Arora
Malaika Arora

বলীউড উদ্যোগৰ বিখ্যাত অভিনেত্ৰী (Malaika Arora) মালাইকা অৰোৰা প্ৰায়ে নিজৰ ফিটনেছ আৰু ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনামত থাকে। এফালে অভিনেত্ৰীগৰাকী ফিটনেছ অনুৰাগীয়ে বহুত ভাল পায়। আনহাতে, মালাইকাৰ জীৱনত যথেষ্ট অশান্তিৰ সৃষ্টি হৈছে। প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে ব্ৰেকআপৰ পূৰ্বে আৰবাজ খানৰ সৈতেও বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰীগৰাকীৰ, তেওঁলোকৰ এটি পুত্ৰও আছে। কিন্তু বিবাহৰ কেইবাবছৰৰ পিছত দুয়োৰে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লয় আৰু দুয়োজনৰ সম্পৰ্ক বিচ্ছেদ হয়। ইয়াৰ পিছত মালাইকা আৰু অৰ্জুন কাপুৰৰ মাজত সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু তাৰ পিছত কেইবছৰমানৰ পিছত দুয়োৰে মাজত বিচ্ছেদ হ’ল। কিন্তু মলাইকা এতিয়া আকৌ প্ৰেম কৰিবলৈ সাজু হৈছে নেকি? এই কথা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে নিজেই।

আচলতে শেহতীয়াকৈ মালাইকা অৰোৰাই পিংকভিলাৰ সৈতে কথা পাতিছিল। অভিনেত্ৰীগৰাকীক পুনৰ ভাল পাব বিচাৰে নেকি বুলি প্ৰশ্ন সোধা হৈছিল, যাৰ উত্তৰ দিছিল অভিনেত্ৰীগৰাকীয়ে। মালাইকাই ক’লে, ‘কেতিয়াও না নক’বা। মই বৰ ৰোমান্টিক মানুহ। মই প্ৰেমত সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ, গতিকে কেতিয়াও না নকওঁ।’

একে সময়তে মালাইকা অৰোৰাক সোধা হৈছিল যে তেওঁ যুৱ চামক কি বাৰ্তা দিব বিচাৰে। এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয় যে বিয়া পাতিবলৈ সময় উলিয়াওক। প্ৰথমে নিজকে বুজিব, সক্ষম হওক আৰু তাৰ পিছত বিয়া কৰাওক। বিয়া পাতিবলৈ খৰখেদা কৰিব নালাগে। বিয়াৰ কথা কওঁতে অভিনেত্ৰীগৰাকীয়ে কয় যে ‘মই বিয়া হোৱাৰ সময়ত বহুত সৰু আছিলো আৰু বিবাহ বিচ্ছেদ হোৱাৰ সময়ত মানুহে মোক স্বাৰ্থপৰ বুলি কৈছিল।’

janmashtami 2025: আজি বৃন্দাবনত কৃষ্ণ জন্মাষ্টমীঃ অসমত কেতিয়া পালন কৰা হ’ব জন্মাষ্টমী ?

janmashtami 2025: আজি বৃন্দাবনত কৃষ্ণ জন্মাষ্টমীঃ অসমত কেতিয়া পালন কৰা হ'ব জন্মাষ্টমী ?
janmashtami 2025: আজি বৃন্দাবনত কৃষ্ণ জন্মাষ্টমীঃ অসমত কেতিয়া পালন কৰা হ'ব জন্মাষ্টমী ?

আজি বৃন্দাবনত কৃষ্ণ জন্মাষ্টমী। কৃষ্ণ বন্দনাৰে মুখৰিত মথুৰা।(janmashtami 2025)

দেশবাসীয়ে উলহ-মালহেৰে পালন কৰিলে ৰাখীবন্ধন, এইবাৰ আহি আছে জন্মাষ্টমী, গণেশ চতুৰ্থী, বিশ্বকৰ্মা পূজা, দুৰ্গাপূজা, ৰাসকে ধৰি বহুতো ধৰ্মীয় উৎসৱ।

আজি কৃষ্ণ জন্মাষ্টমী। দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে কৃষ্ণ জন্মাষ্টমী।

কিন্তু, অসমত কেতিয়া কৃষ্ণ জন্মাষ্টমী পালন কৰিব তাকে লৈ সৃষ্টি হৈছে মানুহৰ মাজত দোমোজা।

অসমত ১৪ ছেপ্টেম্বৰত পালন কৰা হ’ব জন্মাষ্টমী।