Home Blog Page 88

Assam TADA Case: ৩৫বছৰীয়া টাডা গোচৰৰ বিচাৰ সম্পূৰ্ণঃ আলফা নেতাসহ ৩১জনক দোষমুক্ত ঘোষণা আদালতৰ

৩৫বছৰীয়া টাডা গোচৰৰ বিচাৰ সম্পূৰ্ণ
৩৫বছৰীয়া টাডা গোচৰৰ বিচাৰ সম্পূৰ্ণ

প্ৰায় ৩৫ বছৰ ধৰি চলি (Assam TADA Case) অহা বিচাৰ-প্ৰক্ৰিয়াৰ অন্তত বিশেষ টাডা আদালতে বুধবাৰে এক ঐতিহাসিক ৰায় প্ৰদান কৰে৷ ৩৫ বছৰ পুৰণি এই গোচৰৰ বিচাৰৰ অন্তত অসমত চলা টাডা আইনৰ গোচৰৰ আটাইতকৈ দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ সমাপ্তি ঘটিল৷ ১৯৯১ চনত দিছপুৰ থানাত নং ১/১৯৯১ গোচৰৰ ৰুজু কৰা হৈছিল৷ আলফাৰ বহু নেতাৰ বিৰুদ্ধে আতংক সৃষ্টি, ধন-দাবী, অবৈধ কাৰ্যকলাপত জড়িত হোৱাৰ দৰে অভিযোগ উত্থাপন হৈছিল৷ বহুদিনীয়া বিচাৰ-প্ৰক্ৰিয়াৰ অন্তত ৩১জন অভিযুক্তক আদালতে দোষমুক্ত ঘোষণা কৰে৷ দোষমুক্ত হোৱাসকলৰ মাজত আছে আলফা নেতা অনুপ চেতিয়া, প্ৰদীপ গগৈ, অৰবিন্দ ৰাজখোৱা, মুনিন নবীশ, কল্পজ্যোতি নেওগ, ৰাজু বৰুৱা, শশধৰ চৌধুৰী, সুনীল নাথ আৰু অনাদৰ ঠাকুৰীয়া আদি৷

টাডা আইনৰ ধাৰা ৩ আৰু চ্ছ্ৰ, ইউএপিএৰ ধাৰা ১০ [৩], লগতে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত এই বিচাৰ আৰম্ভ হৈছিল৷ আনুষ্ঠানিকভাৱে এই বিচাৰ আৰম্ভ হৈছিল ২০০১ চনত৷ ৰায়ৰ পিছত অনুপ চেতিয়াই কয়– ‘আমি সুখী, কিয়নো চৰকাৰে বৈধ নথি প্ৰদান কৰিব পৰা নাছিল৷ আদালতে সেয়ে আমাক দোষমুক্ত কৰিলে৷ এতিয়া ৰাষ্ট্ৰ আৰু সমাজৰ কাৰণে কৰ্ম কৰি যাব৷’ তেওঁ জানিবলৈ দিয়ে, আৰু এটা টাডা গোচৰ চলি আছে য’ত ১০-১১জন অভিযুক্ত আছে৷ অৰবিন্দ ৰাজখোৱাই কয়– ‘বহু বছৰ অপেক্ষা কৰাৰ পিছত এই ৰায় আহিল৷ আমি কৃতজ্ঞ৷ যদিও এতিয়াও এটা গোচৰ বাকী আছে৷’

International Yoga Competition: কেৰেলাত অনুষ্ঠিত ৰাষ্টীয় যোগাসন প্ৰতিযোগিতাত স্থান লাভ দুগৰাকী কণমাণিৰ

International Yoga Competition
International Yoga Competition

কেৰেলাত সদ্য সমাপ্ত ৰাষ্টীয় (International Yoga Competition) যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নাজিৰা শিমলুগুৰি বৰকলা গাৱঁৰ উপাসনা মাউতে ১০-১৫ বছৰ শাখাত তৃতীয় স্থান দখল কৰি আগন্তুক মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে।

উপাসনা বিভূতি বিকাশ মাউৎ আৰু গীতাশ্ৰী মাউতৰ কন্যা। আনহাতে একেখন গাৱঁৰে আয়ুস্মান মহনে ১০-১৫ বছৰ শাখাত অংশগ্রহণ কৰি তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় আৰু আয়ুস্মানো মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হয়।

আয়ুস্মান নিতুল মহন আৰু ৰিমঝিম মহনৰ পুত্ৰ। দুয়োজন যোগ খেলুৱৈৰ এই সফলতাই অঞ্চলটোৰ জনগণক গৌৰাম্বিত কৰি তুলিছে।

National Science Day: কলিয়াবৰত ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস পালন

National Science Day
National Science Day

বুধবাৰে ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ (National Science Day) উদ্যোগত পশ্চিম পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস পালন কৰা হয়। ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ সম্পাদক জয়ন্ত বৰাই আঁত ধৰা সভাখনৰ সভাপতিত্ব কৰে ভূপেন শৰ্মাই। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দি ২০১৩ চনৰ ২০ আগষ্ট তাৰিখে আততায়ীৰ হাতত মৃত্যুবৰণ কৰা ডাঃ নৰেন্দ্ৰ ডাভোলকাৰৰ স্মৃতিত আয়োজন কৰা এই বিজ্ঞান মনস্কতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক পৰাগ দাহালে।


মুখ্য বক্তা জ্যেষ্ঠ চিকিৎসক ডাঃ হৰেন কুমাৰ বৰাই বিজ্ঞান মনস্কতা সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে। তেখেতে সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত হ’বলৈ সকলোকে আহ্বান জনায়। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জোনটি বৰুৱা আৰু পশ্চিম পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱনী বৰায়ো চমু ভাষণ দিয়ে। শ্ৰীবৰাই এনে সজাগতামূলক সভা গ্ৰামাঞ্চলৰ ৰাইজৰ মাজলৈ নিবলৈ আহ্বান জনায়।

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমচন্দ্ৰ মুক্তিয়াৰ, কলিয়াবৰ শাখা বিজ্ঞান সমিতিৰ সভাপতি গোলাপ চন্দ্ৰ শ‌ইকীয়াকে ধৰি বিদ্যালয়খনিৰ সমূহ শিক্ষক আৰু শিক্ষাৰ্থীৰ উপস্থিতিত সভা সফলতাৰে সম্পন্ন হয়। দিৱসটিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত বঁটাপ্ৰাপক সকলক মানপত্ৰ, গ্ৰন্থ আৰু কলমেৰে পুৰস্কৃত কৰা হয়।

ৰচনা প্ৰতিযোগিতাৰ ফলাফল –
প্ৰথম – কুঁহি বৰা, শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল।
দ্বিতীয় – ৰূপশিখা বৰা, কলিয়াবৰ মহাবিদ্যালয়।
তৃতীয় – ৰাজনাৰায়ণ বৰা, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিলঘাট আৰু নিষ্ঠা ভূঞা, শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল।

Tihu News: টিহুৰ দুই ছাত্ৰ নিৰুদ্দেশ, থানাত এজাহাৰ পৰিয়ালৰ

Tihu News: টিহুৰ দুই ছাত্ৰ নিৰুদ্দেশ
Tihu News: টিহুৰ দুই ছাত্ৰ নিৰুদ্দেশ

টিহুৰ দুই ছাত্ৰ নিৰুদ্দেশ, (Tihu News) টিহু আৰক্ষী থানাত এজাহাৰ পৰিয়ালৰ। মংগলবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে টিহু দুই নং ওৱাৰ্ডৰ স্বপন পাঠক আৰু অনুপমা পাঠকৰ নৱম শ্ৰেণীৰ অধ্যায়ণৰত পুত্ৰ মৃন্ময় পাঠক, বয়স ১৬ বছৰ । আনহাতে টিহু নান্নাট্টাৰীৰ বাসিন্দা সঞ্জয় বড়ো আৰু পদুমী বড়োৰ পুত্ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ বিৰাজ বড়ো, বয়স-১৪ বছৰ।

পৰিয়ালে জনোৱা অনুসৰি মংগলবাৰে সন্ধিয়াৰ ভাগত টিহু হনুমান মন্দিৰলৈ যাম বুলি ঘৰত জনাই গৈছিল দুই ছাত্ৰ।কিন্তু ৰাতিলৈকে ঘৰ গৈ নোপোৱাত পৰিয়ালে বিচাৰ খোচাৰ কৰে যদিও কোনো সু-সূ্ত্ৰ নোপোৱাত অসহায় পৰিয়ালটোৱে টিহু এবিভিপিৰ সহায়ত কালি টিহু আৰক্ষীক থানাত উপস্থিত হয় এজাহাৰ দাখিল কৰে।

ছাত্ৰ দুজনক যদি কোনো লোকে দেখা পায় তেন্তে 9395788052, 8822050810 এই নম্বৰ দুটাত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় পৰিয়ালে।

Dhemaji Nandita Saikia: অৱশেষত ন্যায় পাব ধেমাজি মৰিঢলৰ নন্দিতা শইকীয়াৰ পৰিয়ালে

Dhemaji Nandita Saikia
Dhemaji Nandita Saikia

অৱশেষত ন্যায় পাব ধেমাজি মৰিঢলৰ নন্দিতা শইকীয়াৰ পৰিয়ালে।(Dhemaji Nandita Saikia)

চাৰি বছৰৰ অন্তত দোষী সাব্যস্ত ৰিন্টু শৰ্মা।

২০২১ চনৰ ২১ আগষ্টত নন্দিতাক দাৰে আক্ৰমণ কৰিছিল ৰিণ্টু শৰ্মাই।

কাইলৈ ন্যায় পাব নন্দিতাৰ পৰিয়ালে।

মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী আছিল নন্দিতা শইকীয়া।

আনহাতে একেখন মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ কৰ্মচাৰী আছিল ৰিণ্টু শৰ্মা।

আক্ৰমণৰ ৪ দিন পাছত অৰ্থাৎ ২৫ আগষ্টত চিকিৎসালয়ত মৃত্যু হৈছিল নন্দিতা শইকীয়াৰ।

NEET: নীটৰ কাউন্সেলিঙত উজলিল গোগামুখঃ গোগামুখ ৰিজ’লোশ্বন একাডমীত কৃতী শিক্ষাৰ্থীক বিপুল সম্বৰ্ধনা

NEET: নীটৰ কাউন্সেলিঙত উজলিল গোগামুখ
NEET: নীটৰ কাউন্সেলিঙত উজলিল গোগামুখ

পৰ্যায়ৰ নীট পৰীক্ষাত এইবাৰ উজলি উঠিল (NEET) ধেমাজি জিলাৰ গোগামুখ ৷ গোগামুখৰ পৰা এইবাৰ সৰ্বমুঠ ৩০ গৰাকী নীট পৰীক্ষাৰ্থীয়ে নীটৰ কাউন্সেলিঙত সফলতা অৰ্জন কৰি গোগামুখবাসীক গৌৰৱান্বিত কৰিছে ৷ গোগামুখৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰিজ’লোশ্বন একাডেমীৰ মুঠ আঠগৰাকী নীট পৰীক্ষাৰ্থী উৰ্ত্তীৰ্ণ হৈ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত শিক্ষাগ্ৰহণৰ সুবিধা লাভ কৰিছে ৷ তৰে দিত্তীকা পেগুৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, প্ৰীতি হাজৰিকা শিলচৰ চিকিৎসা মহাবিদ্যালয়, অনুস্কা পেগুৱে যোৰহাট চিকিৎসা মহাবিদ্যালয়, কৰবী কোঁৱৰে ডিফু চিকিৎসা মহাবিদ্যালয়, চিন্ময়ী নৰহে তেজপুৰ চিকিৎসা মহাবিদ্যালয়, প্ৰিয়ম প্ৰীতি কুম্বাঙে ডিফু চিকিৎসা মহাবিদ্যালয়, শুভময়ী মৰাঙে ন-গাঁও চিকিৎসা মহাবিদ্যালয়, নৱনীতা হাজৰিকাই অসম চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ শিক্ষাগ্ৰহণৰ সুবিধা লাভ কৰিছে ৷ একাডমীখনৰ পৰা এইবাৰ নীটত মুঠ ১৬ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে আটাইবোৰ শিক্ষাৰ্থী নীটৰ কাউন্সেলিং পৰ্যায়লৈ উন্নীত হৈছিল ৷ 

উল্লেখনীয় যে, ৰিজ’লোশ্বন একাডেমীয়ে ২০২৪-২৫ বৰ্ষৰ বাবে ৰিজ’লোশ্বন চুপাৰ -৩০ নামেৰে নীটৰ বাবে বিনামূলীয়া এক ক’চিং চেন্টাৰ আৰম্ভ কৰিছিল আৰু এই চুপাৰ-৩০ শিক্ষাৰ্থীসকলে চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ণৰ সুবিধা লাভ কৰিছে ৷ একাডমীখনৰ বাকী শিক্ষাৰ্থীসকলেও এম বি বি এছ নহ’লেও অন্য বিভাগত চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ একেদৰে ধেমাজি জিলাৰ গোগামুখৰ নৱ প্ৰতিষ্ঠাত ক’চিং চেন্টাৰ একলব্য ক’চিং ইন্‌টিউটখনৰ পৰাও সৰ্বভাৰতী পৰ্যায়ৰ নীট পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ইন্‌চটিউটখনৰ  পৰা এইবাৰ ৮ গৰাকী পৰীক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ  পৰীক্ষাত অবতীৰ্ণ হৈছিল ৷ ৮ গৰাকী পৰীক্ষাৰ্থীয়ে কাউন্সেলিং পৰ্যায়লৈ উন্নীত হৈছিল ৷ উক্ত পৰীক্ষাৰ্থীৰ ভিতৰত চাৰিগৰাকী পৰীক্ষাৰ্থীয়ে অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয় এম বি বি এছ শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিছে ৷

ইয়াৰে ইশা সাহাই গুৱাহাটী মেডিকেল কলেজ, জিমি দলে, উদয় উপাধ্যায়, নিবেদিতা গুপ্তাই তিনিচুকীয়া মেডিকেল কলেজ হস্পিতালত শিক্ষাগ্ৰহণৰ সুবিধা লাভ কৰিছে ৷ উল্লেখনীয় যে, ২০২২ চনৰ ৩১ মাৰ্চত সৰবৰহী মহিলা জুনুকা উপাধ্যায়ৰ আশাশুধীয়া প্ৰচেষ্টাত একলব্য ক’চিং ইন্‌চটিউট প্ৰতিষ্ঠা হৈছিল। ক’চিং ইন্‌চটিউটখনৰ সফলতাই গোগামুখবাসীৰ মাজত আনন্দৰ জোৱাৰ আনিছে ৷ একেদৰে নীটত উৰ্ত্তীণ হোৱা গোগামুখৰ নীটৰ শিক্ষাৰ্থীসকল হৈছে বৰ্ণিল দলে, সুপ্ৰিয়া কামান,  নীহাৰিকা গগৈ, ডমনীছ মিলি ৷ এই বাতৰি লিখা পৰলৈকে নীটত উৰ্ত্তীণ হোৱা আন শিক্ষাৰ্থীসকলৰ নাম-ঠিকনা যুগুত কৰিব পৰা নাই৷ গোগামুখ ৰিজ’লোশ্বন একাডেমীয়ে তেওঁলোকৰ বিদ্যালয়ৰ স্কলাৰশ্বিপ নীতি অনুযায়ী অনুস্কা পেগু আৰু শুভাৰাণী মৰাঙক ২০ হাজাৰকৈ টকা প্ৰদান কৰে ৷ দুয়োগৰাকী শিক্ষাৰ্থীকে একাডমীৰ ফালৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীত বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰিছিল ৷ গোগামুখৰ পৰা নীটত উৰ্ত্তীণ হোৱা আটাইকেইগৰাকী শিক্ষাৰ্থীক যুৱ সমাজকৰ্মী শৰৎ চুতীয়া আৰু দিলীপ পেগুৰ তত্ববধানত ৰিজ’লোশ্বন একাডমীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত বিপুল সম্বৰ্ধনা জনোৱা হয় ৷

Remedy for Sleep: ৰাতি নাভিত লগাব এবিধ বিশেষ বস্তু, শান্ত হ’ব মন!

Remedy for Sleep: ৰাতি নাভিত লগাব এবিধ বিশেষ বস্তু
Remedy for Sleep: ৰাতি নাভিত লগাব এবিধ বিশেষ বস্তু

ৰাতি টোপনি অতি প্ৰয়োজনীয়। (Remedy for Sleep) যদি আপোনাৰ টোপনি নাহে তেন্তে এটা বিশেষ কাম কৰিব পাৰে। মানুহে কমেও ৭-৮ ঘণ্টা টোপনি যাব লাগে। কিন্তু আজিকালি বহু মানুহৰে ৭-৮ ঘণ্টা টোপনি নাহে।

ফিটনেছ প্ৰশিক্ষক মিকি মেহতাই শেহতীয়াকৈ ইনষ্টাগ্ৰামত নিজৰ অফিচিয়েল একাউণ্টৰ পৰা টোপনিৰ সমস্যাৰ সৈতে যুঁজি থকা লোকসকলৰ বাবে এটা প্ৰতিকাৰ শ্বেয়াৰ কৰিছে। তেওঁ কয় যে এইটো এটা অতি প্ৰাচীন আয়ুৰ্বেদিক ঔষধ, যিটো কৰিলে কেইমিনিটমানৰ ভিতৰতে মনটো শান্ত হ’বলৈ আৰম্ভ কৰে আৰু টোপনি আহে।

এই প্ৰতিকাৰ কৰিবলৈ বিশুদ্ধ গৰুৰ ঘিউ, কেশৰ লাগিব। কেশৰ আৰু ঘিউ মিহলাই নাভিত লগাব লাগে। মিকি মেহতাই বুজাইছে যে নাভিত প্ৰয়োগ কৰা এই মিশ্ৰণে শৰীৰক শিথিল কৰে, ভেগাছ নাৰ্ভ শান্ত কৰে।

নাভিত ঘিউ লগোৱা উপকাৰিতা-

আয়ুৰ্বেদত নাভিক শক্তি বিন্দু বুলি গণ্য কৰা হয়, যাৰ চাৰিওফালে পেৰিনেল গ্ৰন্থিৰ সৈতে জড়িত হাজাৰ হাজাৰ স্নায়ু আৰু প্ৰক্ৰিয়া সংঘটিত হয়। নাভিয়ে শৰীৰ আৰু মগজুক সংযোগ কৰে, কেৱল মনোযোগ দি যাৰ প্ৰতি মন শান্ত হ’ব পাৰে। একে সময়তে বিশুদ্ধ গৰুৰ ঘিউত স্বাস্থ্যকৰ, দ্ৰৱণীয় ভিটামিন (A, D, E, K) থাকে। এনে অৱস্থাত নাভিত ঘিউ লগালে পোনে পোনে ছালে লাভ কৰে।

বিশেষজ্ঞসকলে নাভিত ঘিউ কেইটোপালমান পেলাই কিছু সময় থৈ তাৰ পিছত বৃত্তাকাৰ মালিচ কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাস আৰু বিপাকীয় ক্ৰিয়া দুয়োটা নিয়ন্ত্ৰণ কৰা ভেগাছ নাৰ্ভ শান্ত হয়, যাৰ ফলত আপোনাৰ টোপনি আহিব। ইয়াৰ লগতে গেছ, বদহজমৰ দৰে সমস্যাৰ পৰা উপশম পাব পাৰে।

Hemanta Deka: দেওমৰনৈ টেঙাবাৰী জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য হেমন্ত ডেকাৰ দেহাৱসান

দৰং জিলা পৰিষদৰ সদস্য হেমন্ত কুমাৰ ডেকাৰ মৃত্যু
দৰং জিলা পৰিষদৰ সদস্য হেমন্ত কুমাৰ ডেকাৰ মৃত্যু

দৰং জিলা পৰিষদৰ দেওমৰনৈ Hemanta Dekaটেঙাবাৰী জিলা পৰিষদ সমষ্টিৰ নৱনিৰ্বাচিত সদস্য হেমন্ত ডেকাৰ দেহাৱসান। যোৱা ১০ আগষ্টৰ নিশা হঠাৎ অসুস্থ হৈ পৰাত ডেকাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰিছিল।


বুধবাৰে পুৱা ৭-৪৫ বজাত GMCH ত মৃত্যু হয় ডেকাৰ।দৰং জিলা পৰিষদৰ দেওমৰনৈ টেঙাবাৰী জিলা পৰিষদ সমষ্টিৰ সদস্য হিচাপে নিৰ্বাচিত হৈ মাত্ৰ কেইদিনমান আগতে শপত গ্ৰহণ কৰিছিল ডেকাই। অসম গণ পৰিষদৰ জিলা পৰ্যায়ৰ নেতৃত্ব দি পিছত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়বাবৰ দায়িত্বত আছিল হেমন্ত ডেকা। প্ৰয়াত ডেকা সৰাবাৰী গাও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৷ ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য, দুনী দিপীলা জিলা পৰিষদৰ প্ৰাক্তন সদস্য আছিল, এইবাৰ দেওমৰনৈ টেঙাবাৰী জিলা পৰিষদৰ পৰা নিৰ্বাচিত হৈ কেইদিন মান পুৰ্বে জিলা পৰিষদৰ সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।


দৰঙৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত হৈ এক সামাজিক জীৱনৰ অংশীদাৰ হৈ আছিল ডেকা। তেখেতৰ মৃত্যুয়ে সমগ্ৰ দৰঙত শোকৰ ছাঁ পৰে।

GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিষ্টাৰ ইনচাৰ্জ ভানুপ্রিয়া মিছঙক আটক

ছিষ্টাৰ ইনচাৰ্জ ভানুপ্রিয়া মিছঙক আটক
ছিষ্টাৰ ইনচাৰ্জ ভানুপ্রিয়া মিছঙক আটক

GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিষ্টাৰ ইনচাৰ্জৰ দায়িত্বত থকা নাৰ্ছক আটক।

ভঙাগড় আৰক্ষীয়ে আটক কৰে ভানুপ্রিয়া মিছঙক।

আটক কৰি নিশাই স্বাস্থ্য পৰীক্ষা কৰাই ভানুপ্রিয়া মিছঙক নিশাটো পাণবজাৰ মহিলা আৰক্ষী থানাত ৰাখে।

আনহাতে নিশাই ভঙাগড় থানাত উপস্থিত হয় ভানুপ্রিয়াৰ একাংশ সতীর্থ নাৰ্ছ।

NICUত কৰ্তব্য কৰা একাংশ নাৰ্ছৰ কেমেৰাৰ সন্মুখত বিস্ফোৰণ।

ঘটনা সংঘটিতৰ দিনা দায়িত্বত আছিল ভানুপ্রিয়াসহ ৫ গৰাকী নাৰ্ছ।

দায়িত্বত আছিল পূজা আৰু ঋষিকেশ নামৰ দুজন চিকিৎসক।

নিশাৰ দায়িত্বত আছিল দুগৰাকী ৱাৰ্ড গার্ল, দুগৰাকী ক্লিনাৰো।

World Photography Day 2025: আজি বিশ্ব ফটোগ্ৰাফী দিৱসঃ ডিব্ৰুগড়টো দুদিনীয়াকৈ অনুষ্ঠিত বিশ্ব ফটোগ্ৰাফী দিৱস

ডিব্ৰুগড়টো দুদিনীয়াকৈ অনুষ্ঠিত বিশ্ব ফটোগ্ৰাফী দিৱস
ডিব্ৰুগড়টো দুদিনীয়াকৈ অনুষ্ঠিত বিশ্ব ফটোগ্ৰাফী দিৱস

ফটোৱে কথা কয়। (World Photography Day 2025) ফটোৱে ধৰি ৰাখে সময়। ইতিহাস ফটোৱে সৃষ্টি কৰে। ইতিহাস সৃষ্টি হয় ফটোৰ বাবে। ফটোগ্ৰাফীৰ মাজেৰে স্মৰণীয় কৰি ৰাখিব পাৰি প্ৰতিটো মুহূৰ্ত। ফটোগ্ৰাফী এতিয়া কেৱল এক হবী নহয়, ফটোগ্ৰাফী এক কেৰিয়াৰ লৈ ৰূপান্তৰিত হৈছে।

আজি বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে ডিব্ৰুগড়ত আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফটোগ্ৰাফাৰ সৌৰভ দুৱৰা, আৰু প্ৰণীৱ দাসৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ফটোগ্ৰাফী দিৱস। ডিব্ৰুগড় গেছ ক্ৰেকাৰ প্ৰকল্পৰ পৰিচালন সঞ্চালক প্ৰাঞ্জল চাংমাইয়ে শুভ উদ্বোধন কৰা ফটোগ্ৰাফী দিৱস উপলক্ষে বহু খ্যাতি সম্পন্ন ফটোগ্ৰাফাৰৰ বিভিন্ন ফটো প্ৰদৰ্শন কৰা হয়।

ফটোগ্ৰাফী ছ’ছাইটি অৱ ডিব্ৰুগড় সভাপতি ডা° ৰঞ্জিত কুমাৰ বৰুৱা সভাপতিত্ব তথা সুমন দত্তই আত ধৰা অনুষ্ঠানত আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী ৰত্নজিৎ চৌধুৰী আৰু বিদ্যা সাগৰ বৰুৱা সহ কেইবাজনো বিশিষ্ট আলোকচিত্ৰ শিল্পী উপস্থিত থাকে। ফটোগ্ৰাফী দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰী সকলৰ মাজত এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়।