Home Blog Page 89

Dhing News: ধিং থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ উদ্যোগত আৰু ধিং থানা গাঁওৰক্ষী বাহিনীৰ সহযোগত ড্ৰাগছ বিৰোধী সজাগতা সভা

ড্ৰাগছ বিৰোধী সজাগতা সভা
ড্ৰাগছ বিৰোধী সজাগতা সভা

নগাওঁ জিলাৰ ধিং থানাৰ অন্তর্গত (Dhing News) ধুপগুৰি ফখৰ উদ্দিন আলী আহমেদ আদৰ্শ হাই স্কুলত স্বাধীনতা দিৱসৰ দিনা ধিং থানাৰ নাগৰিক সমিতিৰ উদ্যোগত আৰু ধিং থানা গাঁওৰক্ষী বাহিনীৰ সহযোগত এক ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত হয়। কটহগুৰি বজাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আবুল হুছেইনে আঁতধৰা সভাখনত সভাপতিত্বত কৰে নাগৰিক সমিতিৰ সভাপতি অমৰজিৎ গোস্বামীয়ে । বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ এটা অংশ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি ভয়ংকৰভাৱে বৃদ্ধি পাইছে।

ড্ৰাগছমুক্ত অসমৰ স্বাৰ্থত ইতিমধ্যে অসম চৰকাৰেও বিভিন্ন পদক্ষেপ লৈছে। আৰক্ষীয়েও ঠায়ে ঠায়ে অভিযান চলাই ড্ৰাগছৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰিছে। কিন্তু সচেতন মহলে দাবী কৰা মতে সেয়া পৰ্যাপ্ত হোৱা নাই ! ৰাইজৰ মাজত সজাগতা আৰু প্ৰতিৰোধৰ মানসিকতা আহিলেহে সমাজৰ পৰা এই ধৰণৰ নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা যাব। সেই উদ্দেশ্য আগত ৰাখি ঠায়ে ঠায়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰিছে নাগৰিক সমিতি আৰু গাঁওৰক্ষী বাহিনীয়ে।

উক্ত সভাত ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন কলিতা,গাঁওৰক্ষী বাহিনীৰ উপ-উপদেষ্টা তৰুণ নমনি ৰাজ,ধিং থানা কমিটিৰ সভাপতি লবকান্ত কোচঁ,প্ৰধান শিক্ষক ছামছুল হক, কবি আলিম উদ্দিন,নাগৰিক সমিতিৰ সদস্য দীপক শইকীয়া আৰু ধৰ্মকান্ত শইকীয়া উপস্থিত থাকি ড্ৰাগছ নিবাৰণৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।

Traffic Police: আজিৰে পৰা বগা পোছাক পৰিধান গুৱাহাটী যান-বাহন আৰক্ষীৰ

Traffic Police
Traffic Police

পুনৰ শুভ্ৰ পোছাক পৰিধান যান-বাহন আৰক্ষীৰ। (Traffic Police)

১৬ আগষ্টৰ পৰা পৰিধান বগা ইউনিফর্ম।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত যান-বাহন আৰক্ষীৰ পোছাকজোৰ আকাশী নীলা কৰি দিছিল।

এতিয়া পুনৰ সেই আকাশী নীলা পোছাকযোৰ সলনি কৰি পুনৰ পূৰ্বৰ বগা পোছাকযোৰ বগা পোছাকযোৰ বাহাৰ ৰখাৰ সিদ্ধান্ত কৰে।

আজিৰে পৰা গুৱাহাটী যান-বাহন আৰক্ষীয়ে পুনৰ পৰিধান কিৰিছে বগা ইউনিফর্ম।

ৰাজ্যৰ আন আন জিলা সমূহৰ যান-বাহন আৰক্ষীয়েও পৰিধান কৰিব বগা পোছাক।

Drooling: ৰাতি টোপনিত লেলাৱতি ওলাই নেকি ? এই ৫ টা বিপদজনক ৰোগৰ কাৰণ হ’ব পাৰে !

Drooling: ৰাতি টোপনিত লেলাৱতি ওলাই নেকি ? এই ৫ টা বিপদজনক ৰোগৰ কাৰণ হ'ব পাৰে !
Drooling: ৰাতি টোপনিত লেলাৱতি ওলাই নেকি ? এই ৫ টা বিপদজনক ৰোগৰ কাৰণ হ'ব পাৰে !

ৰাতি শুই থকাৰ সময়ত লেলাৱতি পৰে নেকি? (Drooling) এবাৰ বা দুবাৰ ওলোৱাটো স্বাভাৱিক, কিন্তু যদি প্ৰতিদিনে লেলাৱতি ওলাই তেন্তে ইয়াক একেবাৰেই সহজভাৱে ল’ব নালাগে। লেলাৱতি কেতিয়াবা শৰীৰত লুকাই থকা গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। ৰাতি শুই থকা অৱস্থাত লেলাৱতি ওলোৱা সমস্যাত বহু লোক অশান্তি পায় আৰু স্বাভাৱিক বুলি ভাবি আওকাণ কৰে। কিন্তু সময়ত যদি ইয়াৰ প্ৰতি গুৰুত্ব দিয়া নহয়, তেন্তে ভৱিষ্যতে ই ডাঙৰ ডাঙৰ ৰোগৰ কাৰণ হ’ব পাৰে। লেলাৱতি ওলোৱা পাঁচটা কাৰণ জানি লওঁ আহক-

যদি আপোনাৰ প্ৰতিদিনে টোপনিত মুখৰ পৰা লেলাৱতি ওলাই তেন্তে ই চাইনাছৰ সংক্ৰমণৰ সমস্যা হ’ব পাৰে। চাইনাছ হৈছে আপোনাৰ মুখৰ হাড়ৰ বায়ুৰে ভৰা ঠাই, যিবোৰ নাকৰ সৈতে সংযুক্ত। চাইনাছত ফুলা বা সংক্ৰমণ হ’লে নাক বন্ধ হৈ যায়, যাৰ ফলত ব্যক্তিজনে মুখৰে উশাহ ল’বলৈ আৰম্ভ কৰে। টোপনিৰ সময়ত মুখখন খোলা থকাৰ বাবে লালটি নিয়ন্ত্ৰিত নহয় আৰু বৈ যাবলৈ আৰম্ভ কৰে। যদি এই সমস্যা দীৰ্ঘদিন ধৰি থাকে, তেন্তে তৎক্ষণাত স্বাস্থ্য বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিব লাগে।

যদি আপোনাৰ দাঁতৰ সংক্ৰমণ বা যিকোনো ধৰণৰ সমস্যা হয়, তেন্তে এই সমস্যাও হ’ব পাৰে। মুখৰ সংক্ৰমণ, দাঁতৰ দাঁত ক্ষয় বা দাঁতৰ আঁঠু ফুলাৰ ক্ষেত্ৰত লালাগ্ৰন্থি অধিক সক্ৰিয় হৈ পৰে, যাৰ ফলত লেলাৱতি প্ৰবাহ বৃদ্ধি পায়। শুই থকাৰ সময়ত এই অতিৰিক্ত লেলাৱতি মুখৰ পৰা ওলাই আহিব পাৰে।

যদি কাৰোবাৰ স্লিপ এপনিয়াৰ সমস্যা হয়, তেন্তে শুই থকাৰ সময়ত মুখৰ পৰা লালা ববলৈ আৰম্ভ কৰে। টোপনিৰ সময়ত শ্বাস-প্ৰশ্বাস বন্ধ হৈ যায়, যাৰ বাবে ব্যক্তিজনে মুখ মেলি উশাহ ল’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত মুখখন শুকাই যায় আৰু লেলাৱতি ববলৈ আৰম্ভ কৰে। এইটো এটা গুৰুতৰ সমস্যা, যাৰ চিকিৎসা সময়মতে কৰিব লাগিব।

যদি আপোনাৰ গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্স ডিজিজ (GERD) আছে, তেন্তে পেটৰ এচিড ডিঙিত উপনীত হ’ব পাৰে। এনে হ’লে শৰীৰে এই এচিডৰ ভাৰসাম্য ৰক্ষাৰ বাবে অধিক লেলাৱতি উৎপন্ন কৰে। বিশেষকৈ পিঠিত শুই থকাৰ সময়ত এই অতিৰিক্ত লেলাৱতি সহজে মুখৰ পৰা ওলাই আহিব পাৰে।

পাৰ্কিনছন, ব্ৰেইন ষ্ট্ৰোক বা পেশীৰ লগত জড়িত কিছুমান ৰোগে মুখ আৰু ডিঙিৰ পেশী দুৰ্বল কৰি তোলে। ইয়াৰ ফলত লেলাৱতি গিলিবলৈ অসুবিধা হয় আৰু ই মুখত জমা হৈ টোপনিৰ সময়ত বাহিৰলৈ ওলাবলৈ আৰম্ভ কৰে।

Independence day 2025: আমিনগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত উদযাপন স্বাধীনতা দিৱস

Independence day 2025
Independence day 2025

আজি দেশৰ গৌৰৱোজ্জল ৭৯ সংখ্যক স্বাধীনতা দিৱস।(Independence day 2025)

সমগ্ৰ দেশ জুৰি স্বাধীনতা দিৱস উদযাপনৰ আনন্দ উল্লাস।

সমান্তৰালকৈ আমিনগাঁৱৰো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত উদযাপনৰ কৰা হৈছে স্বাধীনতা দিৱস।

কামৰূপ জিলা প্ৰশাসন,আমিনগাঁৱ বিদ্যুৎ উপসংমণ্ডল, কামৰূপ জিলা পৰিবহণ বিভাগ, আদি বিভিন্ন কাৰ্যালয়ত দেখা গ’ল স্বাধীনতা দিৱস উদযাপনৰ দৃশ্য।

কামৰূপ জিলা পৰিবহণ বিভাগে উদযাপনকৰা কাৰ্যসূচীত পতাকা উত্তোলন কৰে জিলা পৰিবহণ বিষয়া মনোজ চৌধুৰীয়ে।

আমিনগাঁৱ বিদ্যুৎ উপসংমণ্ডলত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বৈদ্যুতিক উপসংমণ্ডল বিষয়া দ্বীপ জ্যোতি বৰাই।

সহযোগ কৰে সহকাৰী মহা প্ৰবন্ধক চিন্ময় শৰ্মাই।

বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ত ২৪ ডাল অংকন কৰা অশোক চক্ৰই অধিক আকৰ্ষণীয় কৰে কাৰ্যসূচী।

২৪ গছি বন্তি প্ৰজ্বলন কৰে অশোক চক্ৰৰ চৌপাশে।

Himanta Biswa Sarma: আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসঃ খানাপাৰাত পতাকা উত্তোলন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস
আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস

আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস।(Himanta Biswa Sarma)

খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।

পতাকা উত্তোলন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী সংগ্ৰামী যোদ্ধাক সুঁৱৰিলে।

মুখ্যমন্ত্রীয়ে ক’লে ‘গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ খোজেৰে মুখ্যমন্ত্ৰী হৈছোঁ, ৰাজ্যবাসীক দিয়া প্রতিশ্রুতি বাস্তৱৰ দিশে’।

খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

‘অসমৰ নৱপ্ৰজন্মই নতুন সপোন দেখিছে’।


‘নিযুক্তিৰ ক্ষেত্ৰত আমি মাইলৰ খুঁটা পুতিবলৈ সক্ষম হৈছোঁ’।


‘আমাৰ চৰকাৰে ১ লাখ ৫১ হাজাৰতকৈ অধিক নিযুক্তি দিছে’।


‘অক্টোবৰত আৰু কেইবা হাজাৰ পদত নিযুক্তি হ’ব’।

‘আমি মাটি হেৰুৱাইছো, সমষ্টি হেৰুৱাইছো’।

‘চৰকাৰী ভূমি বেদখল হ’লেই জিলা আয়ুক্ত জগৰীয়া হ’ব’।

‘সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা’।

ভূমি বেদখলকাৰীৰ বিৰুদ্ধে জিলা আয়ুক্তক কঠোৰ হ’বলৈ নির্দেশ মুখ্যমন্ত্ৰীৰ।

অসমত বন্দুকৰ অনুজ্ঞাপত্ৰৰ নতুন ব্যৱস্থা — সেৱা সেতু প’ৰ্টেল মুকলি মুখ্যমন্ত্ৰীৰ । ARMS LICENCE 

অসমত বন্দুকৰ অনুজ্ঞাপত্ৰৰ নতুন ব্যৱস্থা — সেৱা সেতু প’ৰ্টেল মুকলি মুখ্যমন্ত্ৰীৰ । ARMS LICENCE 
অসমত বন্দুকৰ অনুজ্ঞাপত্ৰৰ নতুন ব্যৱস্থা — সেৱা সেতু প’ৰ্টেল মুকলি মুখ্যমন্ত্ৰীৰ । ARMS LICENCE 

ARMS LICENCE  । খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ লৈ অসম চৰকাৰে বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে অনলাইন আবেদন ব্যৱস্থা আৰম্ভ কৰিছে। আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে বন্দুকৰ লাইচেন্সৰ বাবে আবেদনৰ ব্যৱস্থা উদ্বোধন কৰে।

চৰকাৰে স্পষ্ট কৰিছে যে, অসমৰ স্পৰ্শকাতৰ আৰু অসুৰক্ষিত অঞ্চলত বাস কৰা ভূমিপুত্ৰ আৰু খিলঞ্জীয়া ভাৰতীয় লোকসকলক এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, “কিছুমান জিলা আছে য’ত এখন গাঁৱৰ ২০-২৫ হাজাৰ মানুহে ঘেৰী ধৰি আছে আৰু মাজত ১০০ জন মানুহে এখন সত্ৰত থাকে। এনে পৰিস্থিতিত আমি বন্দুক, মাটি আৰু অধিকাৰ দিয়াৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। সনাতন ধৰ্মৰ সুৰক্ষা আমাৰ কৰ্তব্য।”

বন্দুকৰ অনুজ্ঞাপত্ৰ লাভৰ যোগ্যতা

  • আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
  • বয়স ন্যূনতম ২১ বছৰ।
  • অসমৰ স্পৰ্শকাতৰ অঞ্চলৰ বাসিন্দা হ’ব লাগিব।
  • মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হ’ব লাগিব।
  • বৈধ অস্ত্ৰচালনা প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ থাকিব লাগিব।
  • অসমত তিনিটা প্ৰজন্ম ধৰি বাস কৰি থকা হ’ব লাগিব।

আবেদন প্ৰক্ৰিয়া
যোগ্যতা থকা ব্যক্তিসকলে সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আবেদন পঠিওৱাৰ পিছত জিলা আয়ুক্তৰ কাৰ্যালয়ে নিৰাপত্তাৰ মূল্যায়ন, পৰীক্ষণ আৰু সত্যাসত্য নিৰূপণ কৰি বিদ্যমান আইনৰ সৈতে মিলাই অনুজ্ঞাপত্ৰ প্ৰদান কৰিব।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি — ১৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ পদক । Independence day 2025

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি — ১৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ পদক । Independence day 2025
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি — ১৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ পদক । Independence day 2025

Independence day 2025 । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি — ১৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ পদক

গুৱাহাটী, ১৪ আগষ্ট — স্বাধীনতা দিৱসৰ পূৰ্বসন্ধ্যাত ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে অসম আৰক্ষীয়ে। ২০২৫ চনৰ স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা, বীৰত্ব আৰু উৎকৃষ্ট সেৱা পদকৰ বাবে অসম আৰক্ষীৰ মুঠ ১৭ গৰাকী বিষয়া আৰু জোৱান নিৰ্বাচিত হৈছে।

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান পাৰ্থ সাৰথি মহন্তে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক। আনহাতে, তিনিচুকীয়া আৰক্ষী অধীক্ষক গুৰুভ অভিজিৎ দিলীপ, মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো আৰু কনিষ্টবল অখিল ৰঞ্জন দাসে বীৰত্ব পদক লাভ কৰিছে।

ইয়াৰ উপৰি উৎকৃষ্ট সেৱা পদক লাভ কৰাৰ বাবে নিৰ্বাচিত হৈছে ১৩ গৰাকী আৰক্ষী বিষয়া তথা জোৱান —
১. সংযুক্তা পৰাশৰ, মহাপৰিদৰ্শক
২. বিবেকৰাজ সিং, মহাপৰিদৰ্শক
৩. জয়শ্ৰী খেৰচা, কমাণ্ডেণ্ট
৪. হৃদয়জিৎ বৰ্মন, আৰক্ষী অধীক্ষক
৫. নোমল মাহাত্তা, আৰক্ষী অধীক্ষক
৬. দেৱাশিস বৰা, কমাণ্ডেণ্ট
৭. টাবুৰাম পেগু, কমাণ্ডেণ্ট
৮. নিৰ্মল চন্দ্ৰ বিশ্বাস, উপ-আৰক্ষী অধীক্ষক
৯. ললিত শইকীয়া, পৰিদৰ্শক
১০. অখিল কুমাৰ দাস, উপ-পৰিদৰ্শক
১১. ধ্ৰুৱ ছাৰ্কি, পৰিদৰ্শক
১২. নবীন চন্দ্ৰ শৰ্মা, এছিছটেণ্ট কমাণ্ডেণ্ট
১৩. ৰবীন্দ্ৰ সিনহা, উপ-পৰিদৰ্শক

উল্লেখযোগ্য যে ২০২৫ চনৰ স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা আৰু কাৰেকচনেল ছাৰ্ভিচেছৰ মুঠ ১,০৯০ গৰাকী বিষয়া আৰু জোৱানক তেওঁলোকৰ ব্যতিক্ৰমী অৱদান আৰু কৰ্তব্যনিষ্ঠাৰ বাবে এই পদকেৰে সন্মানিত কৰা হৈছে।

State Cabinet: ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

State Cabinet: ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
State Cabinet: ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।(State Cabinet)

ৰাজ্যৰ দুৰ্গম অঞ্চলৰ নাগৰিকে এতিয়াৰে পৰা লাভ কৰিব আগ্নেয়াস্ত্র।

আজি মুকলি হ’ল আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিশেষ আঁচনি।

আগ্নেয়াস্ত্ৰৰ অনুজ্ঞা পত্ৰ প্ৰদানৰ বিশেষ আঁচনি মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই।

কৰ্কট প্ৰতিষ্ঠানৰ মাছুল বৃদ্ধি হৈছিল কাৰ্ডৰ ওপৰতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

‘কৰ্কট প্ৰতিষ্ঠানৰ মাছুল বৃদ্ধি হৈছিল কাৰ্ডৰ ওপৰত’


‘সাধাৰণ ৰোগীৰ ক্ষেত্ৰত মাছুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা নাছিল’।


‘কর্কট প্রতিষ্ঠানত প্রায় ৮০% ৰোগী কাৰ্ডৰ ৰোগী যায়’।


‘কার্ড থকা ৰোগী সকলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব’।


‘বাকী সাধাৰণ ৰোগীৰ ক্ষেত্ৰত পুৰণি ধৰণে মাচুল সংগ্রহ হ’ব’।

মুখ্যমন্ত্ৰীৰ আয়ুষ্মান আঁচনিৰ নামত ইতিমধ্যে ১৭৫ কোটি টকা ব্যয়’।

‘নতুন এই আঁচনিৰ অধীনত ৩২৫ কোটি টকা ব্যয়ত অনুমোদন’।

৫.৭৯ টকা দৰত ৰাজ্য চৰকাৰে ক্ৰয় কৰিব বিদ্যুৎ।

আনহাতে পলাশবাৰীত প্ৰতিষ্ঠা হ’ব উত্তৰ পূৱৰ দ্ৱিতীয়খন IIM।

‘মিছন বসুন্ধৰা তৃতীয় সংস্কৰণৰ অধীনত প্রতিবিঘা ভূমিৰ প্রিমিয়াম মাত্র ৫০০ টকা’।

‘অৱশ্যে ব্যৱসায়ৰ লগত প্রতিষ্ঠানে আদায় দিব লাগিব সম্পূর্ণ প্রিমিয়াম’।

‘নামঘৰ-গীর্জাৰ বাবে প্রতিবিঘাৰ প্রিমিয়াম ৫০০ টকা’।

নগৰাঞ্চলৰ নামঘৰ-গীর্জা আদিৰ প্রিমিয়াম মাত্র ৫০ হাজাৰ টকা।

Smuggling of liquor: সুৰা সৰবৰাহ কৰি আৰক্ষীৰ জালত বিধায়কৰ পুত্ৰ

Smuggling of liquor: সুৰা সৰবৰাহ কৰি আৰক্ষীৰ জালত বিধায়কৰ পুত্ৰ
Smuggling of liquor: সুৰা সৰবৰাহ কৰি আৰক্ষীৰ জালত বিধায়কৰ পুত্ৰ

সুৰা নিষিদ্ধ নাগালেণ্ডৰ ডিমাপুৰলৈ (Smuggling of liquor) সুৰা সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰিছে এজন বিধায়কৰ পুত্ৰ। অসম-নাগালেণ্ড সীমান্তৰ গৌতম বস্তিত খটখটি আৰক্ষীৰ তালাচিত জব্দ কৰা হৈছে নব্বৈ কাৰ্টুন অবৈধ বিলাতী সুৰা। আৰক্ষীয়ে এনএল০৭-চিচি-৪৬৬০ নম্বৰৰ এনএল ১০-৯৬৯৭ নম্বৰৰ ইনভা আৰু এনএল০৭-চিএ-৩৩২৪ নম্বৰৰ জিমনি বাহনৰ পৰা অবৈধভাবে সৰবৰাহ কৰা বিলাতী সুৰাৰ কাৰ্টুনসমূহ জব্দ কৰে।

জব্দকৃত বাহনখনত নাগালেণ্ড চৰকাৰৰ চৰকাৰী ফলক থকাৰ বিপৰীতে আন বাহন দুখনত আছিল নাগালেণ্ডৰ শাসকীয় দল এনডিপিপি দলৰ দলীয় ষ্টিকাৰ। অবৈধ বিলাতী সুৰাসহ আৰক্ষীৰ জালত পৰা চাৰি সৰবৰাহকাৰী ক্ৰমে এনো সুখাতো ৱোট্ছা, নজাথং ৰেংমা, ইনালো আওমি আৰু ৱাংখাত।

উল্লেখযোগ্য যে, এনো সুখাতো ৱোট্ছা নাগালেণ্ডৰ ১৩ নং পুঘোবোটো বিধানসভা সমষ্টিৰ বিধায়কৰ পুত্ৰ। আটকাধীন ৱোট্ছা নাগালেণ্ডৰ শাসকীয় এনডিপিপিৰ যুৱ সংগঠনৰ উপ-সভাপতিৰ পদতো অধিষ্ঠিত হৈ আছে।

Indus Waters Treaty: পাক সেনাপ্ৰধান মুনিৰৰ পিছত ভাৰতৰ বিৰুদ্ধে হুংকাৰ বিলোৱাল ভুট্টোৰ

Indus Waters Treaty
Indus Waters Treaty

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি সম্পূৰ্ণ (Indus Waters Treaty) হ’লেও উত্তেজনা এতিয়াও অব্যাহত আছে৷ আমেৰিকাৰ পৰা পাকিস্তান সেনাপ্ৰধানৰ পাৰমাণৱিক সতৰ্কবাণীৰ পিছত এতিয়া ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি দিছে পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা পাকিস্তান পিপলছ পাৰ্টীৰ মুৰব্বী বিলোৱাল ভুট্টোৱে৷ তেওঁ কয় যে যদি ভাৰতে সিন্ধু নদীত বান্ধ নিৰ্মাণ কৰে তেন্তে দুয়োখন দেশৰ মাজত যুদ্ধ অনিবাৰ্য৷ কেৱল সেয়াই নহয়, ভুট্টোৱে সিন্ধুকে ধৰি ভাৰতৰ ৬খন নদী দখল কৰাৰ ভাবুকিও দিছে৷ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু চ্ছজন পৰ্যটকৰ মৃত্যুৰ প্ৰতিক্ৰিয়া স্বৰূপ অপাৰেচন সিন্দূৰৰ সমান্তৰালকৈ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰে এটা হৈছে ১৯৬০ চনৰ সিন্ধু জল সন্ধি বাতিল৷ ভাৰতে ঘোষণা কৰিছে যে সিন্ধু নদীৰ ওপৰত এটা মথাউৰি নিৰ্মাণ কৰা হ’ব৷

এই প্ৰসংগত ভুট্টোৱে যুদ্ধৰ ভাবুকি দি কয় যে, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি কোনো ধৰণে সিন্ধুত বান্ধ দিয়ে, তেন্তে সেয়া আমাৰ ইতিহাস, সংস্কৃতি আৰু আমাৰ সভ্যতাৰ ওপৰত আক্ৰমণ হ’ব৷’ পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘যদি যুদ্ধ আৰম্ভ হয়, তেন্তে পাকিস্তানৰ জনসাধাৰণৰ হাতত মোদীৰ সৈতে মুখামুখি হোৱাৰ ক্ষমতা আছে৷ আৰু যদি পাকিস্তানে ভাৰতৰ সৈতে যুদ্ধত নামি যায়, তেন্তে আমি সিন্ধু আৰু ইয়াৰ সকলো উপনৈৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিম৷’ যি সময়ত পাকিস্তানী সেনাপ্ৰধানে আমেৰিকাৰ ভূমিৰ পৰা পাৰমাণৱিক আক্ৰমণৰ সতৰ্কবাণী দিছে, সেই সময়তে ভুট্টোৱে এই সতৰ্কবাণী প্ৰদান কৰিছে৷ দেওবাৰে ফ্ল’ৰিডাৰ টাম্পাত উদ্যোগপতি আদনান আছাদে আয়োজন কৰা ৰাতিৰ আহাৰ গ্ৰহণত পাকিস্তানী সেনাপ্ৰধানগৰাকীয়ে কয় যে, ‘আমি এখন পাৰমাণৱিক শক্তিচালিত দেশ৷ যদি আমি ধবংসৰ দিশে আগবাঢ়িছো বুলি ভাবো তেন্তে আমি আধা বিশ্বৰ সৈতে ধবংস হ’ম৷’ সিন্ধু নদীৰ মথাউৰি সন্দৰ্ভত আৰু কয়, ‘ভাৰতে মথাউৰি নিৰ্মাণ কৰক, আমি অপেক্ষা কৰিম৷ যেতিয়া মথাউৰি নিৰ্মাণ হ’ব তেতিয়া আমি ১০টা ক্ষেপণাস্ত্ৰৰে ধবংস কৰিম৷ সিন্ধু ভাৰতৰ পূৰ্বপুৰুষৰ সম্পত্তি নহয়৷ আমাৰো ক্ষেপণাস্ত্ৰৰ অভাৱ নাই৷’ এই সন্দৰ্ভত ভাৰত আৰু পাকিস্তানে ১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত সিন্ধু জল সন্ধি স্বাক্ষৰ কৰে৷ চুক্তি অনুসৰি বিতাস্তা আৰু চন্দ্ৰভাগৰ জলসীমাৰ ওপৰত পাকিস্তানৰ ৮০ শতাংশ অধিকাৰ আছে৷

আনহাতে, ভাৰতৰ ২০ শতাংশ অধিকাৰ আছে৷ কিন্তু চুক্তিৰ চৰ্ত অনুসৰি ভাৰতে সেই পানী ব্যৱহাৰ কৰিলেও ইয়াক ৰোধ কৰিব নোৱাৰে৷ কিন্তু দীৰ্ঘদিন ধৰি নতুন দিল্লীয়ে সিন্ধু জল সন্ধি সংশোধন কৰিবলৈ দাবী জনাই আহিছিল৷ আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই বিষয়ে অভিযোগ কৰাটো পাকিস্তানৰ কূটনৈতিক কৌশল হৈ পৰিল৷ বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহতো ভাৰতে ইছলামবাদলৈ এখন কঠোৰ জাননী প্ৰেৰণ কৰি সন্ধিৰ সংশোধনী বিচাৰিছিল৷ কিন্তু পেহেলগাঁও আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধি সন্দৰ্ভত চৰম পদক্ষেপ গ্ৰহণ কৰে৷ ভাৰতৰ এই পদক্ষেপক যুদ্ধ ঘোষণাৰ সমতুল্য বুলি ইতিমধ্যে পাকিস্তানে সমালোচনা কৰিছে৷ আৰু এতিয়া পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীয়ে পুনৰবাৰ এই বিষয়ত মাত মাতিছে৷ যদিও ভাৰতে সেই ভাবুকিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷