Home Blog Page 90

আজি অসম দিৱস

আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেও চাওলুং চ্যুকাফাৰ নেতৃত্বত ১২২৮ চনৰ ২ ডিচেম্বৰত আহোমসকলে পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি দিছিল। এই ঐতিহাসিক দিনটোক চিৰস্মৰণীয় ৰখাৰ মানসেৰে স্বৰ্গদেও চাওলুং চ্যুকাফাৰ স্মৃতিত প্ৰতিবছৰে ‘অসম দিৱস’ পালন কৰা হয়।

১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোঁহাইয়ে ২ ডিচেম্বৰৰ দিনটো চ্যুকাফা দিৱস হিচাপে উদযাপন কৰাৰ উদ্দেশ্য শদিয়াৰ মৌজাদাৰ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ লগত আলোচনা কৰে। সভাখনৰ উদ্বোধক আছিল অসম সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ বৰা। নিৰ্দিষ্ট বক্তা আছিল ড॰ নগেন শইকীয়া আৰু সভাখনৰ সভাপতি আছিল ড॰ লীলা গগৈ। বক্তৃতা প্ৰসংগত ড॰ লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল। তাৰ পাছৰ পৰাই সমগ্ৰ ৰাজ্যতে স্বৰ্গদেউ চুকাফাক স্মৰণ কৰি চ্যু-কা-ফা দিৱস তথা অসম দিৱস উদযাপন কৰি অহা হৈছে। 

Tribalization: ৬ জনগোষ্ঠীৰ জনজাতিকৰণক নির্বাচনী ললিপপ, প্ৰহসন আখ্যা লুৰীণজ্যোতি গগৈৰ

৬ জনগোষ্ঠীৰ জনজাতিকৰণক নির্বাচনী ললিপপ
৬ জনগোষ্ঠীৰ জনজাতিকৰণক নির্বাচনী ললিপপ

ডিব্ৰুগড়ত (Tribalization) অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সংবাদমেল। ৬ জনগোষ্ঠীৰ জনজাতিকৰণক নির্বাচনী ললিপপ, প্ৰহসন লুৰীণজ্যোতি গগৈৰ। ডিব্ৰুগড় বৃহত্তৰ প্ৰেছক্লাবত আয়োজিত সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্রসঙ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে।

গগৈৰ অভিযোগ— ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আগতেই সংসদত থলুৱা আছিল, কিন্তু বিজেপি চৰকাৰে আজিলৈকে বুদ্ধিমত্তাৰে তাৰ পৰা পলায়ন কৰিছে। ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ বাবে সংবিধান সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিছিল। সেই বিধেয়ক আজিও ৰাজ্যসভাত পৰি আছে—আলোচনা পর্যন্ত হোৱা নাই। যেতিয়া বিধেয়ক সংসদত আছে, মাত্ৰ পাছত পাৰিত কৰোৱাই বাকী, তেতিয়াই আকৌ অসম চৰকাৰে মন্ত্রীগোট গঠন আৰু নতুন প্ৰতিবেদন—এটা শুদ্ধ প্ৰহসন। লুৰীণজ্যোতি গগৈৰ মতে, বিজেপিৰ এই আচৰণ ২০২৬ৰ নিৰ্বাচনৰ আগত আনুষ্ঠানিকতা দেখুৱাই ভোট আকর্ষণ কৰাৰ চেষ্টা, অৰ্থাৎ—“নির্বাচনী ললিপপ”।


গগৈয়ে উল্লেখ কৰে— জনজাতিকৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়া ইতিমধ্যে NCST, RGI, কেন্দ্রীয় কেবিনেট সকলো ধাপ পাৰ হৈ অসমৰ ক্ষেত্ৰত অন্তিম স্তৰলৈ গৈ থকাৰ পাছতো বিজেপি চৰকাৰে ইচ্ছাকৃতভাবে বিষয়টো বঢ়াই নিছে।
৬ জনগোষ্ঠীৰ দাবী নতুন নহয়—বহু দশকৰ চলি থকা আন্দোলন, ক্ষেত্রবিশেষত ২০০৭ চনৰ লক্ষ্মী ওৰাং ঘটনা—অসমবাসীলৈ আজিও বেদনাদায়ক।


গগৈৰ চূড়ান্ত মন্তব্য- জনজাতিকৰণৰ বিষয়ে বিজেপিৰ আন্তৰিকতা একেবাৰে নাই। সত্যই যদি আন্তৰিকতা থাকে, তেন্তে এখন সহজ কাম—ৰাজ্যসভাত বিধেয়কখন পাৰিত কৰোৱা। কিন্তু তাক নকৰাকৈ অভিনয়, প্ৰহসন আৰু ভোটৰ ললিপপ দেখুৱাই ৰাইজক ধোঁকা দিয়া হৈছে।

Cyclone Ditwah: সাগৰীয় ঘূৰ্ণি দিটৱাহৰ ভয়ংকৰ ৰূপঃ ভাৰতৰ ৩ জনৰ সৈতে কৰুণ ঘটনা

Cyclone Ditwah: সাগৰীয় ঘূৰ্ণি দিটৱাহৰ ভয়ংকৰ ৰূপঃ ভাৰতৰ ৩ জনৰ সৈতে কৰুণ ঘটনা
Cyclone Ditwah: সাগৰীয় ঘূৰ্ণি দিটৱাহৰ ভয়ংকৰ ৰূপঃ ভাৰতৰ ৩ জনৰ সৈতে কৰুণ ঘটনা

সাগৰীয় ঘূৰ্ণি দিটৱাহৰ ভয়ংকৰ ৰূপ।(Cyclone Ditwah)

চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত ‘দিটৱাহ’ৰ ধ্বংসলীলা।

৩৩৪জনৰ প্ৰাণ ল’লে সাগৰীয় ঘূৰ্ণি ‘ডিটৱাহ’-এ।

দক্ষিণ ভাৰততো আৰম্ভ দিটৱাহৰ সংহাৰী ৰূপ।

ভাৰততো ৩জন লোকে হেৰুৱালে প্ৰাণ।

সাগৰৰ ঢৌয়ে অতিক্ৰম কৰিছে বিপদসীমা।

আগন্তুক ৩ ঘণ্টাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ।

৮০ কিঃমিঃ বেগত আহিছে কালঘূৰ্ণী ধুমুহা।

চেন্নাই, থিৰুভাল্লুৰ, কাঞ্চীপুৰম, কুড্ডালোৰ আৰু ৰানিপেটকে ধৰি তামিলনাডুৰ কেইবাটাও অঞ্চলত বৰষুণ অব্যাহত।

শ্ৰীলংকাত আৱদ্ধ হৈ পৰা ভাৰতীয় লোকক সহায় কৰিছে ভাৰতে।

দেওবাৰলৈকে ১৬ নৱেম্বৰৰ পৰা বেয়া বতৰৰ ফলত হোৱা বিপৰ্যয়জনক বানপানী আৰু ভূমিস্খলনত ৩৩৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৭০ জন নিৰুদ্দেশ হৈ আছে।

Samantha And Raj Nidimoru Wedding: ৩৮ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু

বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু
বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু

২০২৫ চনৰ ১ ডিচেম্বৰৰ(Samantha And Raj Nidimoru Wedding) পুৱা দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে পৰিচালক ৰাজ নিদিমৰুৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

“চিটাডেল: হানি বানি” অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে আজি “দ্য ফেমিলি মেন”ৰ পৰিচালক ৰাজ নিদিমৰুৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে নিজৰ বিয়াৰ সুন্দৰ ফটো শ্বেয়াৰ কৰিছে। তেওঁৰ বিয়াক লৈ তেওঁৰ অনুৰাগীসকল আনন্দত আত্মহাৰা হৈ পৰে।

২০২৪ চনৰ পৰাই অভিনেত্ৰীগৰাকীয়ে পৰিচালকগৰাকীৰ সৈতে ডেটিং কৰি আহিছে বুলি খবৰ ওলাইছিল। তেওঁলোকৰ বহু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈও পৰিছিল। অৱশ্যে এই উৰাবাতৰি সন্দৰ্ভত সামন্থা বা ৰাজ নিদিমৰুৰ দলে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাছিল। অৱশেষত আজি দুয়ো বিবাহপাশত আৱদ্ধ হয়।

কইনা ৰূপত সামান্থাক ধুনীয়া দেখা গৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা ফটোসমূহত সামান্থাই পিন্ধিছে ৰঙা, শাৰী। কইনা হিচাপে সামান্থাক ধুনীয়া আৰু সুখী দেখা গৈছে।

Egg Price: ৰাজ্যত বৃদ্ধি পালে কণীৰ মূল্য…

Egg Price: ৰাজ্যত বৃদ্ধি পালে কণীৰ মূল্য...
Egg Price: ৰাজ্যত বৃদ্ধি পালে কণীৰ মূল্য...

অত্যাৱশ্যকীয় (Egg Price) সামগ্ৰীৰ দাম বৃদ্ধিয়ে জনতাক শোধাইছে মাধমাৰ।

শাক-পাচলিৰ লগতে শেহতীয়াকৈ বৃদ্ধি পাইছে কণীৰ দাম।

এইবাৰ পুনৰ বৃদ্ধি পালে কণীৰ মূল্য।

প্রতি প্লেট কণীৰ দাম ৪০ টকাকৈ বৃদ্ধি।

প্রতি প্লেট কণীৰ দাম হ’লগৈ ২৩০ টকা।

পাইকাৰী দোকানত এটা কণী বিক্রী হৈছে ৯ টকাকৈ।

Shiv Mandir: নৱবৰ্ষত মনৰ শান্তিৰ বাবে শিৱ মন্দিৰ দৰ্শন কৰাৰ পৰিকল্পনা কৰক

নৱবৰ্ষত মনৰ শান্তিৰ বাবে শিৱ মন্দিৰ দৰ্শন কৰাৰ পৰিকল্পনা কৰক
নৱবৰ্ষত মনৰ শান্তিৰ বাবে শিৱ মন্দিৰ দৰ্শন কৰাৰ পৰিকল্পনা কৰক

আজিকালি(Shiv Mandir)বেছিভাগ মানুহেই মানসিক শান্তিৰ বাবে শান্তিপূৰ্ণ ঠাই বা মন্দিৰ ভ্ৰমণ কৰাটো পছন্দ কৰে। নৱবৰ্ষত যদি আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি হয়তো শিৱ মন্দিৰ দৰ্শন কৰিব বিচাৰিব। ভাৰতৰ বহু ঠাইত শিৱ মন্দিৰক নিৰাময় শক্তিৰ বাবে শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। শিৱ মন্দিৰ ভ্ৰমণ কৰিলে আপুনি ইতিবাচক অভিজ্ঞতা লাভ কৰিব আৰু বছৰৰ বাকী সময়খিনি ভাল কাম কৰি কটাবলৈ সহায় কৰিব।

যদি আপুনি এই নতুন বছৰত মানসিক শান্তিৰ বাবে ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকালহস্তী মন্দিৰ দৰ্শন পাৰে। তালৈ গ’লে আপোনাৰ মন আৰু বছৰ দুয়োটায়ে বাল হ’ব।

যদি আপুনি শিৱ মন্দিৰ দৰ্শন কৰিব বিচাৰিছে আৰু মনটোক শান্ত কৰিব বিচাৰে তেন্তে তামিলনাডুৰ ৰামেশ্বৰ মন্দিৰ চাব পাৰে। ইয়াৰ উপৰিও আন বহুতো বস্তু আৰু মন্দিৰ বিচাৰি পাব।

নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিব পাৰে। নতুন বছৰত মানসিক শান্তিৰ বাবে ভ্ৰমণৰ বাবে এক উত্তম স্থান মৃত্যুঞ্জয় মন্দিৰ ।

শিৱসাগৰৰ শিৱ দৌলতো সেৱা আগবঢ়াব পাৰে আপুনি।

এনে কথা নহয় যে ওপৰত উল্লেখ কৰা মন্দিৰ সমূহতে যাব লাগিব। আপোনাৰ ওচৰে-পাজৰে থকা মন্দিৰ সমূহতো যাব পৰা আপুনি।

Zubeen: ৫০০০ৰ শিল্পীয়ে ঐক্যস্বৰে গালে জুবিনৰ গীত

৫০০০ৰ শিল্পীয়ে ঐক্যস্বৰে গালে জুবিনৰ গীত
৫০০০ৰ শিল্পীয়ে ঐক্যস্বৰে গালে জুবিনৰ গীত

ঢকুৱাখনা (Zubeen) ৰাজহুৱা খেলপথাৰত উখল মাখল পৰিৱেশ। কালি সন্ধিয়া ৫ বজাত ঢকুৱাখনাত ৫০০০ শিল্পীয়ে ঐক্যস্বৰে ৩০ মিনিট একেৰাহে গীত গালে জুবিন গাৰ্গক স্মৰণ কৰি। সপ্তশিখা, ঢকুৱাখনাৰ উদ্যোগত ঢকুৱাখনা সম জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা এই সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে ঢকুৱাখনা নগৰৰ মাজ মজিয়াৰ ৰাজহুৱা খেলপথাৰত।


উল্লেখ্য যে ৫০০০ শিল্পীৰ গীতৰ অনুষ্ঠানৰ পূৰ্বেই জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানত ভাগ লয় ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে। ইফালে বাঁহী আৰু গীতাৰৰ সুৰতো জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰা হয় এই অনুষ্ঠানত।

BTCৰ সচিবালয়ত সংঘটিত ঘটনাৰে জড়িতৰ বিৰুদ্ধে গোচৰ ৰুজু

BTCৰ সচিবালয়ত সংঘটিত ঘটনাৰে জড়িতৰ বিৰুদ্ধে গোচৰ ৰুজু
BTCৰ সচিবালয়ত সংঘটিত ঘটনাৰে জড়িতৰ বিৰুদ্ধে গোচৰ ৰুজু

(BTC)কোকৰাঝাৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল।

বিটিচিৰ সচিবালয়ৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে দাখিল কৰিলে এজাহাৰ।

দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী।

সচিবালয়ত আক্ৰমণ কৰা ঘটনাক গৰিহণা ত্ৰিদীপ দৈমাৰীৰ।

শনিবাৰে প্ৰতিবাদকাৰী শিক্ষার্থীয়ে সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা BTC সচিবালয়লৈ উলিয়াইছিল প্রতিবাদী সমদল।

প্রতিবাদকাৰীয়ে ক্ষতি কৰিছিল বহু সা-সম্পত্তি, নথি-পত্র।

Sivasagar News: শিৱসাগৰ ব’ৰ্ডিং খেলপথাৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

শিৱসাগৰ ব'ৰ্ডিং খেলপথাৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
শিৱসাগৰ ব'ৰ্ডিং খেলপথাৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

শিৱসাগৰ (Sivasagar News) ব’ৰ্ডিং খেলপথাৰত বৃহৎ দিহানাম সমাৰোহ।

দিহানামৰ মধুৰ সুৰত মুখৰিত শিৱসাগৰ বৰ্ডিং খেলপথাৰ।

যুগলবন্দী সাংস্কৃতিৰ কলা কেন্দ্ৰ উদ্যোগত শিৱসাগৰবাসী ৰাইজৰ সহযোগত এই সমাৰোহ।

আধ্যাত্মিকতাৰ মাজেৰে সুৰৰশ্ৰুতা, হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ চিৰ শান্তি কামনাৰে এই সমাৰোহ।

৫০০০ মহিলা একেলগে দিহানাম পৰিবেশন।

সমাৰোহত উপস্থিত আছে শিৱসাগৰসমষ্টিৰ বিধায়ক অখিল গগৈ।

উপস্থিত থাকে আউনিআটী সত্ৰৰসত্ৰাধিকাৰ পিতাম্বৰদেৱ গোস্বামী।


Tribalization of six ethnic groups: শীঘ্ৰেই ৬ জনগোষ্ঠীৰ জনজাতিকৰণঃ STসকলক তিনিটা ভাগত বিভক্ত

ST (Hills), ST (Plains) আৰু ST(Valley)
ST (Hills), ST (Plains) আৰু ST(Valley)

শীঘ্ৰেই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব।(Tribalization of six ethnic groups)

অসমৰ STসকলক তিনিটা ভাগত বিভক্ত কৰা হৈছে।

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনত STসকলক তিনিটা ভাগত বিভক্ত কৰা হৈছে।

ST (Hills), ST (Plains) আৰু ST(Valley)।

টাই আহোম, চুতীয়াসকলক ST(V)ত অন্তৰ্ভুক্তৰ প্রস্তাৱ।

চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক ST(V)ত অন্তৰ্ভুক্তৰ প্রস্তাৱ।

মৰাণ, মটকলৈ ST প্লেনৰ স্বীকৃতি প্রদানৰ প্রস্তাৱ।

অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীক ST(P)ৰ প্রস্তাৱ।

অবিভক্ত গোৱালপাৰৰ বাহিৰৰ কোচ ৰাজবংশীক ST(V)ত অন্তৰ্ভুক্তৰ প্রস্তাৱ।