Home Blog Page 91

সাময়িক চিন্তা’ধৰ্ম’ আৰু ‘জাতি’ সাঙুৰি অসমীয়া জাতিসত্তা ধ্বংস নকৰিব ।

সাময়িক চিন্তা'ধৰ্ম' আৰু 'জাতি' সাঙুৰি অসমীয়া জাতিসত্তা ধ্বংস নকৰিব ।
সাময়িক চিন্তা'ধৰ্ম' আৰু 'জাতি' সাঙুৰি অসমীয়া জাতিসত্তা ধ্বংস নকৰিব ।

ধৰ্মীয় উন্মাদনাই এতিয়া অসমৰ আকাশ-বতাহ বৰ বেয়া ধৰণে ছানি ধৰিছে। দেশত যেতিয়া ধৰ্মীয় উন্মাদনাই মানূহৰ মন-মগজু গ্ৰাস কৰিবলৈ ধৰে তেতিয়াই এখন দেশ বা এটা জাতি পতনৰ দিশে গতি কৰিবলৈ ধৰে। এয়াই সত্য। অসমত এতিয়া সেই পৰিস্থিতিয়েই দেখা গৈছে। আজি কিছু দিনৰ পৰা অসমত চৰকাৰী ভূমিত বসবাস কৰি থকা বাংলাদেশী মুছলমানক চৰকাৰৰ নিৰ্দেশত উচ্ছেদ কৰাৰ বাবে কেউফালে এক হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হৈছে। সঁচাকৈয়ে অসমৰ বহু চৰকাৰী ভূমি এনে বেদখলকাৰীৰে ভৰি আছে। আনকি অসমৰ বিভিন্ন ঠাইত থকা সত্ৰসমূহৰো যথেষ্টসংখ্যক ভূমি বেদখল কৰি আছে এইসকল অবৈধ দখলদাৰীয়ে। এইসকল লোক যে বংগমূলীয় হয় ইয়াত কাৰো দ্বিমত নাই। সঁচা অৰ্থত এইসকল বেদখলকাৰীক উচ্ছেদ কৰাত কাৰো আপত্তি নাই অথবা আপত্তি থাকিব নোৱাৰে।

এয়া ৰাজ্যখনৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰু অসমীয়া জাতিটোৰ ভৱিষ্যৎ সুৰক্ষাৰ ক্ষেত্ৰত অতিকে প্ৰয়োজনীয়। বেদখলকাৰীক চিনাক্ত কৰি তেওঁলোকক উচ্ছেদ কৰাৰ অধিকাৰ সম্পূৰ্ণ আছে। কিন্তু এই বে-আইনীভাৱে মাটি দখলীকৃত লোকসকলক উচ্ছেদ কৰিবলৈ যাওঁতে যাতে কোনো ভাৰতীয় লোক উচ্ছেদিত হ’ব লগা নহয় বা হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয় সেই কথাতো চৰকাৰ-প্ৰশাসনে কিন্তু সঠিকভাৱে বিবেচনা কৰিব লাগিব। আনহাতে, হকে-বিহকে বাংলাদেশী সজাই যদি তেওঁলোকক উচ্ছেদ কৰা হয় তেনেহ’লে সেই মানুহখিনি ক’লৈ যাব। এতিয়ালৈতো এজনো বিদেশী বিতাড়িত কৰা হোৱা নাই। আনহাতে, এতিয়া খেতিৰ বতৰ। এইসকল লোকেই বৰ কষ্ট কৰি খেতি কৰে। সেয়াও এতিয়া ধ্বংস হ’ল। তেওঁলোকৰ ল’ৰা-ছোৱালী হঠাতে স্কুল-কলেজলৈ শিক্ষা গ্ৰহণৰ কৰিবলৈ যোৱাটো বন্ধ হৈ পৰিল। আটোমটোকাৰিকৈ বন্ধা ঘৰটো ভাঙি দিয়াৰ পিছত তেওঁলোকৰ মানসিক সন্তুলন নিশিয় আয়ত্তৰ বাহিৰলৈ যাব, ইত্যাদি কথাৰ বাবে ক্ষোভত সেই অবৈধ বাংলাদেশী লোকসকলৰ মানসিক অৱস্থা বেয়া হোৱাটোৱেই স্বাভাৱিক। এয়াও নিশ্চয় ভাবিবলগীয়া কথা। কাৰণ আমাৰ অসমখনৰ মানুহ যিহেতু অতিথিপৰায়ণ জাতি সেয়ে সঠিকভাৱে আৰু আনৰ দৃষ্টিত হেয় নোহোৱাকৈ অবৈধ বিদেশী লোকসকলক বহিষ্কাৰ কৰাৰ ব্যৱস্থা হয়তো নিশ্চয়কৈ কৰিব পাৰিলেহেঁতেন। ৭ দিন কিয়, তেওঁলোকক অবৈধভাৱে দখল কৰি থকা চৰকাৰী ভূমি দখলমুক্ত কৰি আন ঠাইলৈ যাবলৈ অন্ততঃ ছমাহ সময় দিয়া হ’লে কিনো মহাভাৰতখন অশুদ্ধ হ’লহেঁতেন। কাৰণ ইমান দিনে দেখোন চৰকাৰ-প্ৰশাসনৰ চকুৰ সন্মুখতেই তেওঁলোকে অবৈধভাৱে সেই অঞ্চলবোৰত বসবাস কৰি আহিছেই। গতিকে আৰু ছমাহ অন্ততঃ তেওঁলোকক সময় দিলে একো ক্ষতি নহ’লহেঁতেন। হয়তো তেতিয়া এই লোকসকল নিৰাপদে আন ঠাইলৈ আঁতৰি যাব পাৰিলেহেঁতেন। আকৌ যিসকল বাংলাদেশী লোক সেইসকলক এই ছমাহৰ ভিতৰত সঠিকভাৱে চিনাক্ত কৰি বাংলাদেশক গতাই দিয়াৰ ব্যৱস্থা চৰকাৰ-প্ৰশাসনে নিশ্চয় কৰিব পাৰিলেহেঁতেন। এনে ব্যৱস্থা কৰিলে অসমত আজি যি ধৰণৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতি কেতিয়াও সংঘটিত হ’বলৈ নাপালেহেঁতেন। এতিয়া অসমত বাংলাদেশী উচ্ছেদৰ নামত বিভিন্ন সংগঠনে বিভিন্ন ধৰণে অসমত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সুযোগ লৈছে। এনে পৰিস্থিতিও পাইছে গৈ যে ঘৰে ঘৰে গৈ আমাৰে একাংশই বাংলাদেশী বিচাৰি ফুৰিছে। বিভিন্ন ধৰণে জোৰ-জুলুম, ডাবি-ধমকিত লিপ্ত হৈছে। এয়া কিমান যুক্তিসংগত। সেইসকল সংগঠনৰ নেতাই যেনেদৰে বাংলাদেশী লোক এজনো অসমত থকাটো নিবিচাৰে, ঠিক তেনেদৰে অসমৰ কেনো এজন লোকেই, তেওঁ লাগিলে হিন্দুৱেই হওক বা মুছলমান, খ্ৰীষ্টান বা আন ধৰ্মৰ লোকেই হওক কোনেও অসমত বাংলাদেশী লোক থকাটো নিবিচাৰে। কিন্তু সেই বুলি কোনোবাই ঘৰে ঘৰে গৈ বাংলাদেশী লোক বিচাৰি মানুহক অশান্তি দিব সেয়া কেতিয়াও মানি ল’ব পৰা বিধৰ কাৰ্য হ’ব নোৱাৰে। এনে হ’বলৈ হ’লে আইন-আদালত বোলা কথাষাৰৰ তাৎপৰ্য থাকিবগৈ নে ? এয়া কিমান যুক্তিসংগত। এয়া অসমখন অস্থিৰ কৰা এক কৌশল। যিয়ে হয়তো নিৰ্বাচনত একাংশক পৰোক্ষভাৱে সহায় কৰিব। যিটো কথা এচাম ক্ষমতা খঁকুৱা নেতাই হয়তো ভাবিছে। ইফালে শান্ত অসম জ্বলি চাৰখাৰ হৈ যাওক তাত কাৰ কি আহে-যায়। এতিয়া এনে এটা পৰ্যায় পাইছে গৈ যে বিষয়টো ‘অবৈধ নাগৰিক’ৰ পৰা বহু দূৰ ফালৰি কাটি গৈ ধৰ্মীয় সংঘাতত পৰিণত হোৱাৰ দিশেহে গৈ আছে। এয়া পিছে শান্তিপূৰ্ণ অসমৰ ভৱিষৎ দিনৰ বাবে শুভ লক্ষণ নহয়। কথাবোৰ সুধী সমাজে ভাবি চাবৰ হ’ল। শুভ লক্ষণ যে ঐতিহাসিক শিৱসাগৰৰ ৰাইজে সেইটো কৰি দেখুৱালে। সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰ আগেয়েই শিৱসাগৰৰ সচেতন ৰাইজে নাগৰিক সভাৰ জৰিয়তে শান্তি-সম্প্ৰীতি, ঐক্য-সম্প্ৰীতিৰ যি নিদৰ্শন দেখুৱালে সেয়া বৰ্তমান সময়ত এক সঠিক সিদ্ধান্ত। কাৰণ আইন কোনেও নিজৰ হাতত তুলি লোৱাৰ অধিকাৰ নাই। কাৰোবাৰ উচটনিত পৰি কোনোবা জাতীয় সংগঠনৰ নেতাই আইন হাতত তুলি লৈ ঘৰে ঘৰে গৈ বাংলাদশী মানুহ বিচাৰি ফুৰি অশান্তিৰ সৃষ্টি কৰিব সেয়া মানি ল’ব পৰা কথা হ’বই নোৱাৰে। জাতীয় সংগঠনে জাতিটোৰ আৰু বহুত কৰিবলগীয়া কাম আজিৰ দিনটোতো আছে। তেওঁলোক সেইবোৰ কামত মনোনিৱেশ কৰক। অসমত থকা বাংলাদেশী অবৈধ লোক, তেওঁলোক হিন্দুৱেই হওক বা মুছলমানেই হওক সেইসকলক চিনাক্ত কৰি বিতাড়ন কৰাৰ দায়িত্ব চৰকাৰৰ। তাৰ বাবে আইন আছে, আদালত আছে। জাতীয় সংগঠনবোৰে অসমৰ পথাৰ, অসমৰ বজাৰ সম্পূৰ্ণ নিজৰ হাতলৈ অনাৰ ব্যৱস্থা কৰক, পথাৰ আমাৰ, বজাৰ আমাৰ বুলি চিঞৰিলেই নহ’ব। পথাৰত কাম কৰক, বজাৰত কাম কৰক, আনৰ মূৰত কঁঠাল ভাঙি খোৱাৰ সুবিধা এৰক, শিক্ষাত গুৰুত্ব দিয়ক, অসমীয়া মাধ্যমৰ বিদ্যালয় যে দিনে দিনে বন্ধ হৈ গৈ আছে সেই কথাবোৰ চিন্তা কৰক, অসমীয়া ছাইন ব’ৰ্ডত ক’লা ৰং সনা বিষয়বোৰত গুৰুত্ব দিয়ক, বানপানীৰ সমস্যা আজিও কিয় অসমত সমাধা হোৱা নাই সেই কথা ভাবক। সমাধান কৰিবলৈ চৰকাৰক কওক, দাবী জনাওক। কোনোবা চেনেলত বহি টক শ্ব’ৰ নামত চিঞৰ-বাখৰ কৰিলেই জাতীয় সংগঠনৰ দায়িত্ব শেষ হৈ নাযায়। বৰ্তমান একাংশই ইটোৱে সিটোক অশ্ৰাব্য গালি-গালাজ কৰি, কাটিম, মাৰিম, চান্দা ল’ম, টেক্স ল’ম বুলি ডাবি-ধমকি দি চিঞৰিলেই অসমৰ সমস্যা সমাধান হৈ নাযায়। ৰাজনীতিকৰ কূটিল জালত ভৰি দি নিজৰ চৰিত্ৰ উদঙাই দি ৰাইজৰ হাঁহিয়াতৰ পাত্ৰ নহ’ব। বাংলাদেশী ঘৰে ঘৰে বিচৰা কাম জাতীয় সংগঠনৰ নহয়, বাংলাদেশী লোক যাতে এজনো অসমত থাকিব নোৱাৰে তাৰ বাবে হেঁচা দিয়ক চৰকাৰক জাতীয় সংগঠনে। চৰকাৰক সময় নিৰ্ধাৰণ কৰি দিয়ক বাংলাদেশী বিতাড়নৰ। অসম চুক্তি আখৰে আখৰে পালন কৰিবলৈ বাধ্য কৰাওক। অসমৰ আৰ্থ-সামাজিক-শৈক্ষিক উন্নতিৰ দিশত চিন্তা কৰক জাতীয় সংগঠনে। নহ’লে ইতিহাসে কাকো ক্ষমা নকৰে। স্বাৰ্থলোভী, পৰৱৰ্তী সময়ত নিজৰ আদৰ্শৰ পৰা বিচ্যুত হৈ আনৰ ওচৰত আঁঠু লোৱা জাতীয় নেতা ইতিমধ্যে বহুত দেখিলো, দেখিলে অসমৰ ৰাইজেও। জাতীয় সংগঠনৰ প্ৰতি থকা শেষ বিশ্বাসকণ হেৰুৱাবলৈ আৰু বাধ্য নকৰিব অসমৰ জনতাক। দেশৰ আন আন বহু জাতি সত্তাৰ দৰে অসমীয়াও এটা ভাষিক জাতি সত্তা। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সংমিশ্ৰণত আমাৰ অসমীয়া জাতিসত্তা নিৰ্মাণ প্ৰক্ৰিয়া অব্যাহত আছে। কিন্তু বৰ্তমান ‘ধৰ্ম’ৰ লগত ‘জাতি’ক সাঙুৰি অসমীয়া জাতিসত্তাক, অসমীয়া জাতীয়তাবাদক একাংশই দুৰ্বল কৰিবলৈ সুযোগ বিচাৰি আছে। তাক আমিয়েই প্ৰতিহত কৰিব লাগিব। অসমৰ ইতিহাস মহান। ইয়াক ধ্বংস হ’বলৈ কেতিয়াও নিদিওঁ।

ভূপেন মহন্ত, ফোনঃ ৭৮৯৬১-৩৭২৬৪


নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি — এতিয়াৰ পৰা জনা যাব ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে ।Nagaon

নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি — এতিয়াৰ পৰা জনা যাব ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে ।Nagaon
নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি — এতিয়াৰ পৰা জনা যাব ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে ।Nagaon

Nagaon । নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি — এতিয়াৰ পৰা জনা যাব ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে। নগাঁও জিলাৰ ঐতিহাসিক ঢাকাপট্টিৰ নাম আজিৰ পৰা সলনি কৰি ‘ৰূপকোঁৱৰ চ’ক’ ৰূপে জনা যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছত জিলা প্ৰশাসনে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

নতুন নামকৰণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সন্মানত কৰা হৈছে। ঢাকাপট্টিৰ প্ৰৱেশ পথ — আৰ ডি এণ্ড চঞ্চ চাৰিআলি পৰা ছায়াৰ ষ্ট’ৰ চাৰিআলি পর্যন্ত অংশক ‘ৰূপকোঁৱৰ চ’ক’ হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্যভাৱে, আৰ ডি এণ্ড চঞ্চ চাৰিআলিত অৱস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তি এই নামকৰণৰ প্ৰেৰণা।

ইয়াৰোপৰি, ছায়াৰ ষ্ট’ৰ চাৰিআলিৰ পৰা বৰবজাৰ সীমান্তলৈ অঞ্চলটো বৰবজাৰ নামেৰে জনা যাব। দুই দিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে নাম সলনিৰ নিৰ্দেশ দিয়াৰ পিছত বিধায়ক ৰূপক শৰ্মাৰ পৰামৰ্শ অনুসৰি জিলা আয়ুক্ত দেৱাশিস শৰ্মাই আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

প্ৰশাসনৰ এই সিদ্ধান্তক নগাঁৱবাসীয়ে আনন্দেৰে স্বাগতম জনাইছে আৰু এই নামকৰণক ঐতিহাসিক উদ্যোগ হিচাপে অভিহিত কৰিছে।

ইউপিপিএল দলৰ নেতাৰ দূৰ্নীতি আৰু এমজি-এনৰেগাৰ কামত হোৱা দূৰ্নীতিৰ বিৰুদ্ধে কলাইগাঁও মৰাবেগাত এবিএমছুৰ তীব্ৰ প্ৰতিবাদ । UPPL

ইউপিপিএল দলৰ নেতাৰ দূৰ্নীতি আৰু এমজি-এনৰেগাৰ কামত হোৱা দূৰ্নীতিৰ বিৰুদ্ধে কলাইগাঁও মৰাবেগাত এবিএমছুৰ তীব্ৰ প্ৰতিবাদ । UPPL
ইউপিপিএল দলৰ নেতাৰ দূৰ্নীতি আৰু এমজি-এনৰেগাৰ কামত হোৱা দূৰ্নীতিৰ বিৰুদ্ধে কলাইগাঁও মৰাবেগাত এবিএমছুৰ তীব্ৰ প্ৰতিবাদ । UPPL

UPPL বিটিচিত নিৰ্বাচন সমাগত। এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ সভা সমিতিৰ জড়িয়তে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবৰ বাবে নতুন নতুন ৰণকৌশল তৈয়াৰ কৰাত ব্যস্ত হৈ থকা সময়তে ওডালগুৰি জিলাৰ কলাইগাঁওৰ ভকতপাৰা ভিচিডিচিৰ মৰাবেগা নামৰ এটা অঞ্চলত আজি এবিএমছুয়ে ইউপিপিএল দলৰ নেতা পালিনেতাই কৰা ভয়াবহ দূৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।

ইউপিপিএল দলৰ প্ৰধান প্ৰমোদ বড়ো হায় হায়, প্ৰমোদ বড়ো গ বেক, ইউপিপিএল হায় হায় আদি ধ্বনিৰে কলাইগাঁও মৰাবেগাৰ সমগ্ৰ অঞ্চল উত্তাল কৰি তোলে। ওদালগুৰি জিলাৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অধীনস্থ ভকতপাৰা ভিচিডিচি ৰ মৰাবেগা অঞ্চলত বিভিন্ন কাম কাজত ব্যাপক দুৰ্নীতি হোৱাক লৈ এনেদৰে স্হানীয় ৰাইজ আৰু এবিএমছুৰ বিষয়ববীয়া ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰমোদ বড়োৰ ইউ পি পি এল চৰকাৰে যোৱা নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিল মৰাবেগা অঞ্চলত সেয়া আজিলৈ কোনো ধৰণৰ সুফল নাপালে ৰাইজে।

প্ৰধানমন্ত্ৰী আবাস গৃহ,এমজি-এনৰেগা ,ৰেচনকাৰ্ড আদিত একাংশ ইউ পি পি এলৰ কৰ্মীয়ে দুৰ্নীতি কৰাক লৈও সৰব হৈ পৰিছে স্হানীয় ৰাইজ তথা এবিএমছুৰ বিষয়ববীয়াসকল।সেয়ে বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে চৰকাৰ বিৰোধী শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এইবাৰ পৰিষদীয় নিৰ্বাচনত যদি কোনোবা ইউ পি পি এল দলৰ নেতা সেই অঞ্চলত সোমাই তেন্তে মহিলা সকলৰ হতুৱাই এক উচিত শিক্ষা দিয়াৰো এক কঠোৰ সিদ্ধান্ত প্ৰতিবাদ স্হলিতে লয়। ইফালে ২০২২- ২০২৩ আৰু ২০২৪-২০২৫ বিত্তীয় বৰ্ষত এমজি-এনৰেগাৰ অধীনত মৰাবেগা অঞ্চলত কৰা বহুকেইটা কামত দূৰ্নীতি সংঘটিত হোৱাৰ কথা ৰাজহুৱা কৰে এবিএমছুৰ নেতা হাবিবুল্লাহ আহমেদে । আজি কিছুদিন আগত এই সংক্ৰান্তত জিলাৰ বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰ লগতে অভিযন্তা আৰু GRS ক অভিযোগ দিছিল যদিও আজিৰ তাৰিখলৈ কোনোধৰনৰ ন্যায় ৰাইজে লাভ নকৰিলে।

এতিয়া ওডালগুৰি জিলাৰ প্ৰকল্প সঞ্চালকৰ জড়িয়তে জিলা আয়ুক্ত আৰু বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰলৈ পুনৰ মৰাবেগা অঞ্চলত হোৱা দূৰ্নীতিৰ তদন্ত কৰিবলৈ অভিযোগ দাখিল কৰে। মৰাবেগা অঞ্চলৰ ইউপিপিএল দলৰ সদস্য জুলফিগাৰ আলিৰ বিৰুদ্ধেও ৰেচনকাৰ্ড, জবকাৰ্ড আৰু চৰকাৰী ঘৰৰ দিয়াৰ নামত গাঁওৰ সাধাৰণ মানুহৰ পৰা হাজাৰ হাজাৰ টকা ঘোচ লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এবিএমছুৰ ভেৰগাঁও জিলাৰ উপ সভাপতি হাবিবুল্লাহ আহমেদে । ঠিক একেদৰে মেৰাবেগা অঞ্চলত হোৱা এমজি-এনৰেগাৰ কামত সেই সময়ৰ কলাইগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ধনী ৰাম পাতৰ, বিভাগীয় অভিযন্তা ইবলিনা ৰহমান আৰু GRS ৰমজান আলী এই আটাইকেইজন লগ হৈ এক বিয়াগোম দূৰ্নীতি সংঘটিত কৰাৰো অভিযোগ উত্থাপন কৰে প্ৰতিবাদ স্হলিৰ পৰা এবিএমছুৰ নেতা হাবিবুল্লাহ আহমেদে। অবশ্যেই এই অভিযোগ কিমান সচাঁ সেয়া বিভাগীয় তদন্তৰ পিছতহে স্পষ্ট হব। এতিয়া এই বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছত দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লোৱা চৰকাৰৰে প্ৰতিবাদী ৰাইজক ন্যায় প্ৰদান কৰাৰ নামত কি তদন্ত ঘোষনা কৰে সেয়া হব সময়ত লক্ষ্যণীয়।

অসম গ্ৰন্থমেলাৰ স্থান আৰু তাৰিখ ঘোষণা অক্টোবৰ মাহৰ পৰা জানুৱাৰীলৈ চাৰিমাহ ধৰি চলিব অসম গ্রন্থমেলা । The Assam Book Fair

অসম গ্ৰন্থমেলাৰ স্থান আৰু তাৰিখ ঘোষণা অক্টোবৰ মাহৰ পৰা জানুৱাৰীলৈ চাৰিমাহ ধৰি চলিব অসম গ্রন্থমেলা । The Assam Book Fair
অসম গ্ৰন্থমেলাৰ স্থান আৰু তাৰিখ ঘোষণা অক্টোবৰ মাহৰ পৰা জানুৱাৰীলৈ চাৰিমাহ ধৰি চলিব অসম গ্রন্থমেলা । The Assam Book Fair

The Assam Book Fair । অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাবে আয়োজন কৰি অহা ‘অসম গ্রন্থমেলা’ এই বছৰ ৰাজ্যখনৰ মুঠ আঠটা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। গুৱাহাটীৰ মূল গ্রন্থমেলাৰ উপৰি অসমৰ আন ৭খন চহৰত আঞ্চলিক গ্রন্থমেলাৰূপে ‘অসম গ্রন্থমেলা’ এইবেলি আয়োজন কৰা হ’ব। আজি অসম প্রকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমে অসম প্রকাশন পরিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হয়।

সংবাদ মেলত সাংবাদিকসকলক সম্বোধন কৰে পৰিষদৰ সচিব প্রমোদ কলিতা, সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাব বিষয়ববীয়াসকলে। এই সংবাদমেলত বছৰটোৰ বাবে দুয়োটা অনুষ্ঠানে যৌথভাবে বিভিন্ন চহৰত আয়োজন কৰিবলৈ লোৱা গ্রন্থমেলাসমূহৰ স্থান আৰু তাৰিখ পৰিষদৰ সচিবে ঘোষণা কৰে। ঘোষণা কৰা মতে দুয়োটা অনুষ্ঠানে আয়োজন কৰিব বিচৰা গ্ৰন্থমেলাৰ স্থান আৰু তাৰিখ এনেধৰণৰ- বঙাইগাঁও (২২ অক্টোবৰ-২০২৫ৰ পৰা ২৯ অক্টোবৰলৈ), লক্ষীমপুৰ (১ নৱেম্বৰ-২০২৫ৰ পৰা ১০ নৱেম্বৰলৈ), নলবাৰী (৬ নৱেম্বৰ-২০২৫ৰ পৰা ১৭ নৱেম্বৰলৈ), যোৰহাট (১৪ নৱেম্বৰ-২০২৫ৰ পৰা ২৬ নৱেম্বৰলৈ), তিনিচুকীয়া (২৮ নৱেম্বৰ-২০২৫ৰ পৰা ৭ ডিচেম্বৰলৈ), শিলচৰ (১ ডিচেম্বৰ-২০২৫ৰ পৰা ১০ ডিচেম্বৰলৈ), মঙলদৈ (১২ ডিচেম্বৰ-২০২৫ৰ পৰা ১৮ ডিচেম্বৰলৈ)।

এইবেলি গুৱাহাটীত হ’বলগীয়া অসম গ্রন্থমেলা পূৰ্বৰ ১২ দিনৰ ঠাইত ১৪ দিনীয়াকৈ আয়োজন কৰা হ’ব। যোৱা বছৰৰ দৰেই গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰিব বিচৰা অসম গ্রন্থমেলা এই বছৰ ২৪ ডিচেম্বৰ-২০২৫ৰ পৰা ৬ জানুৱাৰী-২০২৬ তাৰিখলৈকে অনুষ্ঠিত হ’ব।

এই সংবাদমেলত অসম চৰকাৰে ‘গ্ৰন্থবর্ষ’ উপলক্ষে চৰকাৰী কৰ্মচাৰীসকলক কিতাপ কিনাৰ বাবে প্রদান কৰিব বিচৰা ধনখিনি যাতে গ্রন্থমেলাসমূহত গ্রন্থ ক্রয়ৰ যোগেদি সদ্ব্যবহাৰ হয় তাৰ প্রতি উদ্যোক্তাসকল সচেষ্ট হ’ব বুলি উল্লেখ কৰে।

বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ কমিটী ঘোষণা APCCৰ, তালিকা প্ৰকাশ ! APCC

বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ কমিটী ঘোষণা APCCৰ, তালিকা প্ৰকাশ ! APCC
বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ কমিটী ঘোষণা APCCৰ, তালিকা প্ৰকাশ ! APCC


APCC । বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ কমিটী ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ। আহ্বায়কসহ ৩৩ জনীয়া ইস্তাহাৰ কমিটী ঘোষণা কংগ্ৰেছৰ।তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিধানসভা নিৰ্বাচন ইস্তাহাৰ সমিতিৰ প্ৰস্তাৱিত তালিকাত অনুমোদন জনাইছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে।


২০২৬ৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধীয়ে। নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে শাসকীয় পক্ষৰ সমান্তৰালকৈ আগবাঢ়িছে বিৰোধী। আক্ৰমণাত্মক হৈ উঠিছে দুয়ো পক্ষৰ। ইয়াৰ মাজতে বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ কমিটী ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ। আহ্বায়কসহ ৩৩ জনীয়া ইস্তাহাৰ কমিটী ঘোষণা কংগ্ৰেছৰ।তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিধানসভা নিৰ্বাচন ইস্তাহাৰ সমিতিৰ প্ৰস্তাৱিত তালিকাত অনুমোদন জনাইছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। কোন কোন আছে কংগ্ৰেছৰ ইস্তাহাৰ কমিটীত?

APCCৰ ইস্তাহাৰ সমিতি
আহ্বায়ক : শান্তনু চক্ৰৱৰ্তী

AICCৰ সহযোগী সদস্য :
১) আকাশ সত্যজিত, গৱেষণা বিভাগ, এআইচিচি

২) ৰাহুল বাল, তথ্য বিশ্লেষণ, এআইচিচি

সদস্যসকল:
১) বলীন কুলি
২) মাধৱ ৰাজবংশী
৩) পৃথিৱী মাঝি
৪) আব্দুল খালেক
৫) আতুৱা মুণ্ডা
৬) অৰুণ দত্ত মজুমদাৰ
৭) অধ্যাপক ৰঞ্জন ৰাভা
৮) ৰমেশ চন্দ্ৰ বৰদলৈ
৯) কৃষ্ণ দাস
১০) সুকান্ত ভট্টাচাৰ্জী
১১) কৃষ্ণ শৰ্মা
১২) জমশ্বেৰ আলী
১৩) বিদ্যা সিং ৰংপি
১৪) ধনীৰাম থাওসেন
১৫) মৌচুম বৰুৱা
১৬) সম্পূৰ্ণ শইকীয়া
১৭) ড. নাহিদা আখতাৰ চৌধুৰী
১৮) দেবেন দৈমাৰী
১৯) অবিনাশ গগৈ
২০) মোহন বসুমতাৰী
২১) মতিউৰ ৰহমান
২২) সত্যেন দাস
২৩) মনালিষা বৰুৱা
২৪) সৌম্য পুৰকায়স্থ
২৫) ডাঃ চুলেমান চৌধুৰী
২৬) অৰিন্দম কাকতি
২৭) গীতালি দাস
২৮) ড. শ্বাহনৱাজ আহমেদ
২৯) পল্লব জ্যোতি নাথ
৩০) ৰূপম বৰা

একত্ৰিত হ’ব অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছ দল !Assam Jatiya Parishad

একত্ৰিত হ'ব অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছ দল !Assam Jatiya Parishad
একত্ৰিত হ'ব অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছ দল !Assam Jatiya Parishad

Assam Jatiya Parishad । অসম জাতীয় পৰিষদৰ এটা প্ৰতিনিধি দলে নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাবত লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈক সাক্ষাৎ কৰি অসমৰ বিদেশী সমস্যা সমাধান নোহোৱাৰ বিষয়বোৰ সংসদত উত্থাপন কৰাৰ বাবে অনুৰোধ কৰে।

প্ৰতিনিধি দলটোত আছে লুৰীণজ্যোতি গগৈ, জগদীশ ভূঞা, কমল নয়ন চৌধুৰী, জিয়াউৰ ৰহমান, চিত্ত বসুমতাৰী আৰু ৰাজু ফুকন।

প্ৰতিনিধি দলটোৱে গৌৰৱ গগৈক কয় যে ১৯৮৫ চনত স্বাক্ষৰিত অসম চুক্তিখন ৰূপায়ন কৰিলেহে অসমীয়া জাতি সুৰক্ষিত হ’ব। চুক্তিৰ ৫ আৰু ৬নং দফা ৰূপায়ন, বিপ্লৱ কুমাৰসশৰ্না কমিটীৰ পৰামৰ্শ ৰূপায়ন, শুদ্ধ, ত্ৰুটিমুক্ত আৰু বিদেশীমুক্ত এন আৰ চি প্ৰস্তুতিৰ অৱশিষ্ট কামখিনি সম্পূৰ্ণ কৰাৰ বিষয়ত বিজেপি চৰকাৰে কৰা হেমাহিৰ বিষয়টো সংসদত উত্থাপন কৰাৰ বাবে আহ্বান জনায়।

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা(স্বা)ৰ প্ৰেছ বিবৃতি – ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা । 15 th august 2025

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা(স্বা)ৰ প্ৰেছ বিবৃতি – ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা । 15 th august 2025
স্বাধীনতা দিৱসৰ পূৰ্বে আলফা(স্বা)ৰ প্ৰেছ বিবৃতি – ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা । 15 th august 2025

15 th august 2025 । স্বাধীনতা দিৱসৰ পূৰ্বে নিষিদ্ধ সংগঠন আলফা (স্বা)য়ে এক প্ৰেছ বিবৃতি জাৰি ১৫ আগষ্টৰ দিনটোত সৰ্বাত্মক বন্ধৰ আহ্বান জনালে। এন এছ চি এন/জি পি আৰ এনৰ সৈতে যৌথভাৱে প্ৰকাশিত এই বিবৃতিত সংগঠনটোৱে স্বাধীনতা দিৱসক “ভুৱা স্বাধীনতা” বুলি আখ্যা দি ক’লা দিৱস হিচাপে পালন কৰাৰ আহ্বান জনায়।

বিবৃতিত সংগঠনটোৱে অভিযোগ তোলে যে, পশ্চিমা দক্ষিণ পূৱ এছিয়া (WeSEA) অঞ্চলৰ থলগিৰি জনগণক ভাৰতীয় ৰাষ্ট্ৰে স্বাধীনতাৰ ৭৯ বছৰৰ ভিতৰেও কেৱল প্ৰতাৰণা, লাঞ্ছনা-বঞ্চনা আৰু দমন-উৎপীড়নেই দিয়ে আহিছে। সংগঠনটোৱে এই দিনটোক ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ দৰে এক অটুট দাসত্বৰ স্মৃতি বুলি উল্লেখ কৰে।

আলফা (স্বা)ৰ মতে, ভাৰতীয় দখলদাৰী শক্তিয়ে এই অঞ্চলত অনীতিৰে সামৰিক শক্তি প্ৰয়োগ কৰি যুদ্ধ অব্যাহত ৰাখিছে, যাৰ ফলত অসংখ্য যন্ত্রণা আৰু দুখ-কষ্টৰ সৃষ্টি হৈছে। সংগঠনটোৱে বিশ্ববাসীক সঁচা ইতিহাস বুজি স্বাধীনতাৰ মৰ্ম্মৰ নৈতিক সমৰ্থন আগবঢ়োৱাৰ আহ্বান জনায়।

বিবৃতিত লগতে উল্লেখ কৰা হৈছে যে, ঔপনিৱেশিকতাবাদৰ পৰা মুক্তিৰ বাবে বহুতে জীৱন বিসৰ্গিৎ কৰিছে, সেইহেতু সার্বভৌম স্বাধীনতা ভাৰতৰ হাতত তুলি দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। সংগঠনটোৱে প্ৰতিগৰাকী মুক্তিকামী জনগণক অঙ্গীকাৰ ল’বলৈ আহ্বান জনাইছে যে, ওপজা মাটিৰ শেষ মুক্তিকামী ব্যক্তিজন জীয়াই থকা পৰ্যন্ত স্বাধীনতাৰ সন্ধান এৰি নিদিব।

১৫ আগষ্টৰ বন্ধৰ সময়সূচীও সংগঠনটোৱে ঘোষণা কৰিছে। ১৫ আগষ্টৰ নিশা ১২ বজাৰ পৰা সন্ধ্যা ৬ বজালৈ চলিব এই সৰ্বাত্মক বন্ধ। যদিও স্বাস্থ্য সেৱা, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাৰ্যসূচী বন্ধৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে।

সংগঠনটোৱে স্বাধীনতা দিৱসৰ সকলো চৰকাৰী কাৰ্যসূচী পৰিহাৰ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।

Hemanta Dutta: নষ্ট ল’ৰাৰ গল্প ,পথ, টাইটানিক, সেন্দূৰ আৰু বহুতো…

Hemanta Dutta: নষ্ট ল'ৰাৰ গল্প ,পথ, টাইটানিক, সেন্দূৰ আৰু বহুতো...
Hemanta Dutta: নষ্ট ল'ৰাৰ গল্প ,পথ, টাইটানিক, সেন্দূৰ আৰু বহুতো...

অসমৰ স্বনামধন্য নাট্যকাৰ (Hemanta Dutta) পৰিচালক গীতিকাৰ অভিনেতা অসম সৌৰভ বঁটা প্ৰাপক মঙলদৈৰ সন্তান হেমন্ত দত্তৰ মৃত্যু। GMCH ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় দত্ত। ৰবিবাৰে শ্বাস প্ৰস্বাস ৰোগত কষ্ট পোৱাত মঙলদৈৰ পৰা গুৱাহাটী লৈ গৈছিল পৰিয়ালে।

হেমন্ত দত্ত এগৰাকী অসমীয়া নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক। ১৯৪১ চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা দত্তই এশৰো অধিক নাট আৰু পাঁচশৰো অধিক গীত ৰচনা কৰিছে।অসংখ্য নাট পৰিচালনা কৰাৰ উপৰি তেওঁ উপপথ (১৯৮০) নামৰ চলচ্চিত্ৰ এখনো পৰিচালনা কৰিছিল।

প্ৰয়াত হেমন্ত দত্তই লাভ কৰা সন্মান
ভবেন বৰুৱা বঁটা (২০১৭)
ভবেন্দ্ৰ নাথ শইকীয়া বঁটা (২০১৮-১৯)
মুন লাইট মিডিয়া বঁটা
অসম নাট্য সন্মিলনী বঁটা
অতুল চন্দ্ৰ হাজৰিকা বঁটা
নাট্য সিন্ধু বঁটা
গুৰুজী আদ্য শৰ্মা বঁটা

অসমীয়া ছবিত কৰা অভিনয় মঙলদৈত থাকোঁতে অগ্ৰজসকলৰ নাট্যাভিনয় দেখি তেওঁ অভিনয়ৰ প্ৰতি আকৃষ্ট হয়। মঙলদৈত পঢ়ি থকা কালত অষ্টম শ্ৰেণীত থাকোঁতে তেওঁ ৰচনা কৰা নাট এখনত অভিনয় কৰিবলগীয়া অভিনেতাজনৰ বেমাৰ হোৱাত তেঁৱেই নায়কৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া হয়। ইয়াৰ পিছত তেওঁ শেৱালি, অনিৰ্বাণ, মন-মন্দিৰ, বাৰুদ ইত্যাদি ছবিত অভিনয় কৰে। ভ্ৰাম্যমাণৰ নাটক টাইটানিকত তেওঁ কেপ্টইনৰ চৰিত্ৰতো অভিনয় কৰে।

গীতিকাৰ হিচাপে প্ৰয়াত হেমন্ত দত্ত-

কানৈ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ চৈয়দ চাদুল্লা, ৰাজেন গোহাঁই, হীৰেন গোহাঁই, ভবেশ গোস্বামী, প্ৰিন্স আদি বন্ধুবৰ্গৰ সংস্পৰ্শলৈ আহে। এই সময়ছোৱাত তেওঁলোকে ‘কুইভাৰ্ছ বেণ্ড’ নামৰ এক সাংস্কৃতিক গোষ্ঠী গঠন কৰে। তেওঁ লিখা প্ৰথম গীতটি ব্ৰজেন দাসে ডিব্ৰুগড়ৰ ‘ইণ্ডিয়া ক্লাব’ত পৰিবেশন কৰে। ১৯৭৭ চনত নতুন আশা চলচ্চিত্ৰৰ জৰিয়তে তেওঁ পেচাগত ভাবে গীত ৰচনা কৰিবলৈ ধৰে। প্ৰায় পাঁচশতকৈও অধিক গীত ৰচনা কৰা দত্তৰ মই যি বাটেৰে ওলালো আজি, এই আকাশ বৰ বিশাল, তুমি আহিছিলা চেনাই আদি গীত বহুলভাৱে জনপ্ৰিয় হয়। জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ, চাৰু গোহাঁই, মালবিকা বৰা, ৰাজেন গোহাঁই, ডলী ঘোষ, শান্তা উজীৰ, সমৰ হাজৰিকা আদি কণ্ঠশিল্পীয়ে তেওঁ ৰচনা কৰা গীতত কণ্ঠদান কৰিছে। তেওঁ সাদৰী, সোণমইনা, জীৱন সুৰভি, বহাগৰ দুপৰীয়া, শেৱালি, ইমান মৰম কিয় লাগে, এই মৰম তোমাৰ বাবে, হিয়া দিয়া নিয়া, নায়ক আদি চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰে। পিতা-পুত্ৰ ছবিখনত তেওঁ লিখা ১১৬ শাৰীৰ বন্ধ কৰিব হাত, বন্ধ কৰিব মাত গীতটি সকলোতকৈ দীঘল অসমীয়া গীত বুলি কোৱা হয়।

হেমন্ত দত্তৰ উল্লেখযোগ্য নাট-
এটা নষ্ট ল’ৰাৰ গল্প ,পথ,টাইটানিক,সেন্দূৰ,আকাশৰ দৰে মন ,মুক্তি,চক্ৰবেহু,জেতুকা পাতৰ ৰং। হেমন্ত দত্ত মৃত্যুৰ খৱৰ পোৱাৰ লগে লগে ৰাজ্যৰ সাংস্কৃতিক জগতৰ লগতে মঙলদৈত শোকৰ ছাঁ পৰে। প্ৰয়াত দত্তৰ নশ্বৰ দেহত গুৱাহাটীত শুভাকাংশী সকলে শেষ শ্ৰদ্ধাৰ জনোৱাৰ পিছত আজি গধূলি মঙলদৈ ঘৰলৈ অনা হ’ব বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰে।

Hemanta Dutta: বিশিষ্ট নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান

Hemanta Dutta: বিশিষ্ট নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান
Hemanta Dutta: বিশিষ্ট নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান

যশস্বী গীতিকাৰ, নাট্যকাৰ, অভিনেতা হেমন্ত দত্তৰ দেহাৱসান।(Hemanta Dutta)

৮৩ বছৰ বয়সত GMCHত শেষ নিশ্বাস ত্যাগ নাট্যকাৰজনৰ।

GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হেমন্ত দত্তৰ।

হৃদৰোগত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছিল।

৮৩ বছৰ বয়সত দেহাৱসান ঘটে অসম সৌৰভ হেমন্ত দত্তৰ।

Non Veg: সাৱধান! যদি আপুনি সপ্তাহত ৩ দিন মাংস খায়, তেন্তে আপুনি গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে

Non Veg
Non Veg

নন-ভেজ প্ৰেমীসকল (Non Veg) সাৱধান হওক! যদি আপুনি সপ্তাহত ৩ দিন মাংস খায়, তেন্তে আপুনি কিছুমান গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে।

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দেখা তথ্য লাভ কৰিছে যে সপ্তাহত তিনিদিনতকৈ অধিক ৰঙা মাংস বা প্ৰচেছড মাংস খোৱা লোকৰ বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। অত্যধিক নন-ভেজ খালে আয়ুস হ্ৰাস পাব পাৰে। কিন্তু ৰঙা মাংস খালে ৰক্তহীনতাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

বৰ্তমান সময়ত নন-ভেজ নোখোৱা মানুহ খুব কম। নন-ভেজ যিমানে সোৱাদযুক্ত নহওক কিয়, কিন্তু ই আমাৰ শৰীৰৰ বাবে বহু বেছি ক্ষতি কাৰক। যদি আপুনিও সপ্তাহত তিনিদিন নন-ভেজ খায়, তেন্তে আপুনিও বহুতো গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। এই কথা আমি কোৱা নাই, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নতহে এই তথ্য পোৱা গৈছে।

বিএমচি মেডিচিন জাৰ্নেলত প্ৰকাশিত এই অধ্যয়নত কোৱা হৈছে যে যদি আপুনি প্ৰতি সপ্তাহত তিনিবাৰতকৈ অধিক ৰঙা মাংস যেনে ছাগলী, গৰুৰ মাংস, বেকনৰ দৰে প্ৰচেছড মাংস অধিক পৰিমাণে খালে বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

এই অধ্যয়নত দেখা গ’ল যে সপ্তাহত তিনিবাৰতকৈ অধিক ৰঙা বা প্ৰচেছড মাংস খোৱা লোকৰ হৃদৰোগ, ডায়েবেটিছ, হজম শক্তি সম্পৰ্কীয় সমস্যা, নিউমোনিয়া হ’ব পাৰে। লগতে ইহঁতৰ আয়ুস কমিব পাৰে।

অৱশ্যে কুকুৰাৰ মাংস খালে ৰক্তহীনতাৰ সম্ভাৱনা কম হ’ব বুলি তথ্য প্ৰকাশ। এই অধ্যয়নত এইটোও কোৱা হৈছে যে মানুহৰ ওজনেও এই ৰোগৰ আশংকা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ৰঙা মাংস আৰু প্ৰচেছড মাংসত প্ৰটিনৰ পৰিমাণ বেছি, গতিকে ইয়াৰ অত্যধিক সেৱনে হজম সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰ উপৰিও উচ্চ ৰক্তচাপ, হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনাও বৃদ্ধি পায়। হাওঁফাওঁৰ ৰোগো হ’ব পাৰে। মাংসত থকা কলেষ্টেৰলে শৰীৰৰ হৰম’নত বেয়া প্ৰভাৱ পেলাব পাৰে।