Home Blog Page 92

Independence day 2025: আমিনগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত উদযাপন স্বাধীনতা দিৱস

Independence day 2025
Independence day 2025

আজি দেশৰ গৌৰৱোজ্জল ৭৯ সংখ্যক স্বাধীনতা দিৱস।(Independence day 2025)

সমগ্ৰ দেশ জুৰি স্বাধীনতা দিৱস উদযাপনৰ আনন্দ উল্লাস।

সমান্তৰালকৈ আমিনগাঁৱৰো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত উদযাপনৰ কৰা হৈছে স্বাধীনতা দিৱস।

কামৰূপ জিলা প্ৰশাসন,আমিনগাঁৱ বিদ্যুৎ উপসংমণ্ডল, কামৰূপ জিলা পৰিবহণ বিভাগ, আদি বিভিন্ন কাৰ্যালয়ত দেখা গ’ল স্বাধীনতা দিৱস উদযাপনৰ দৃশ্য।

কামৰূপ জিলা পৰিবহণ বিভাগে উদযাপনকৰা কাৰ্যসূচীত পতাকা উত্তোলন কৰে জিলা পৰিবহণ বিষয়া মনোজ চৌধুৰীয়ে।

আমিনগাঁৱ বিদ্যুৎ উপসংমণ্ডলত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বৈদ্যুতিক উপসংমণ্ডল বিষয়া দ্বীপ জ্যোতি বৰাই।

সহযোগ কৰে সহকাৰী মহা প্ৰবন্ধক চিন্ময় শৰ্মাই।

বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ত ২৪ ডাল অংকন কৰা অশোক চক্ৰই অধিক আকৰ্ষণীয় কৰে কাৰ্যসূচী।

২৪ গছি বন্তি প্ৰজ্বলন কৰে অশোক চক্ৰৰ চৌপাশে।

Himanta Biswa Sarma: আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসঃ খানাপাৰাত পতাকা উত্তোলন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস
আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস

আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস।(Himanta Biswa Sarma)

খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।

পতাকা উত্তোলন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী সংগ্ৰামী যোদ্ধাক সুঁৱৰিলে।

মুখ্যমন্ত্রীয়ে ক’লে ‘গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ খোজেৰে মুখ্যমন্ত্ৰী হৈছোঁ, ৰাজ্যবাসীক দিয়া প্রতিশ্রুতি বাস্তৱৰ দিশে’।

খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

‘অসমৰ নৱপ্ৰজন্মই নতুন সপোন দেখিছে’।


‘নিযুক্তিৰ ক্ষেত্ৰত আমি মাইলৰ খুঁটা পুতিবলৈ সক্ষম হৈছোঁ’।


‘আমাৰ চৰকাৰে ১ লাখ ৫১ হাজাৰতকৈ অধিক নিযুক্তি দিছে’।


‘অক্টোবৰত আৰু কেইবা হাজাৰ পদত নিযুক্তি হ’ব’।

‘আমি মাটি হেৰুৱাইছো, সমষ্টি হেৰুৱাইছো’।

‘চৰকাৰী ভূমি বেদখল হ’লেই জিলা আয়ুক্ত জগৰীয়া হ’ব’।

‘সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা’।

ভূমি বেদখলকাৰীৰ বিৰুদ্ধে জিলা আয়ুক্তক কঠোৰ হ’বলৈ নির্দেশ মুখ্যমন্ত্ৰীৰ।

অসমত বন্দুকৰ অনুজ্ঞাপত্ৰৰ নতুন ব্যৱস্থা — সেৱা সেতু প’ৰ্টেল মুকলি মুখ্যমন্ত্ৰীৰ । ARMS LICENCE 

অসমত বন্দুকৰ অনুজ্ঞাপত্ৰৰ নতুন ব্যৱস্থা — সেৱা সেতু প’ৰ্টেল মুকলি মুখ্যমন্ত্ৰীৰ । ARMS LICENCE 
অসমত বন্দুকৰ অনুজ্ঞাপত্ৰৰ নতুন ব্যৱস্থা — সেৱা সেতু প’ৰ্টেল মুকলি মুখ্যমন্ত্ৰীৰ । ARMS LICENCE 

ARMS LICENCE  । খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ লৈ অসম চৰকাৰে বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে অনলাইন আবেদন ব্যৱস্থা আৰম্ভ কৰিছে। আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে বন্দুকৰ লাইচেন্সৰ বাবে আবেদনৰ ব্যৱস্থা উদ্বোধন কৰে।

চৰকাৰে স্পষ্ট কৰিছে যে, অসমৰ স্পৰ্শকাতৰ আৰু অসুৰক্ষিত অঞ্চলত বাস কৰা ভূমিপুত্ৰ আৰু খিলঞ্জীয়া ভাৰতীয় লোকসকলক এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, “কিছুমান জিলা আছে য’ত এখন গাঁৱৰ ২০-২৫ হাজাৰ মানুহে ঘেৰী ধৰি আছে আৰু মাজত ১০০ জন মানুহে এখন সত্ৰত থাকে। এনে পৰিস্থিতিত আমি বন্দুক, মাটি আৰু অধিকাৰ দিয়াৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। সনাতন ধৰ্মৰ সুৰক্ষা আমাৰ কৰ্তব্য।”

বন্দুকৰ অনুজ্ঞাপত্ৰ লাভৰ যোগ্যতা

  • আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
  • বয়স ন্যূনতম ২১ বছৰ।
  • অসমৰ স্পৰ্শকাতৰ অঞ্চলৰ বাসিন্দা হ’ব লাগিব।
  • মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হ’ব লাগিব।
  • বৈধ অস্ত্ৰচালনা প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ থাকিব লাগিব।
  • অসমত তিনিটা প্ৰজন্ম ধৰি বাস কৰি থকা হ’ব লাগিব।

আবেদন প্ৰক্ৰিয়া
যোগ্যতা থকা ব্যক্তিসকলে সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আবেদন পঠিওৱাৰ পিছত জিলা আয়ুক্তৰ কাৰ্যালয়ে নিৰাপত্তাৰ মূল্যায়ন, পৰীক্ষণ আৰু সত্যাসত্য নিৰূপণ কৰি বিদ্যমান আইনৰ সৈতে মিলাই অনুজ্ঞাপত্ৰ প্ৰদান কৰিব।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি — ১৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ পদক । Independence day 2025

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি — ১৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ পদক । Independence day 2025
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি — ১৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ পদক । Independence day 2025

Independence day 2025 । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি — ১৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ পদক

গুৱাহাটী, ১৪ আগষ্ট — স্বাধীনতা দিৱসৰ পূৰ্বসন্ধ্যাত ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে অসম আৰক্ষীয়ে। ২০২৫ চনৰ স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা, বীৰত্ব আৰু উৎকৃষ্ট সেৱা পদকৰ বাবে অসম আৰক্ষীৰ মুঠ ১৭ গৰাকী বিষয়া আৰু জোৱান নিৰ্বাচিত হৈছে।

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান পাৰ্থ সাৰথি মহন্তে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক। আনহাতে, তিনিচুকীয়া আৰক্ষী অধীক্ষক গুৰুভ অভিজিৎ দিলীপ, মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো আৰু কনিষ্টবল অখিল ৰঞ্জন দাসে বীৰত্ব পদক লাভ কৰিছে।

ইয়াৰ উপৰি উৎকৃষ্ট সেৱা পদক লাভ কৰাৰ বাবে নিৰ্বাচিত হৈছে ১৩ গৰাকী আৰক্ষী বিষয়া তথা জোৱান —
১. সংযুক্তা পৰাশৰ, মহাপৰিদৰ্শক
২. বিবেকৰাজ সিং, মহাপৰিদৰ্শক
৩. জয়শ্ৰী খেৰচা, কমাণ্ডেণ্ট
৪. হৃদয়জিৎ বৰ্মন, আৰক্ষী অধীক্ষক
৫. নোমল মাহাত্তা, আৰক্ষী অধীক্ষক
৬. দেৱাশিস বৰা, কমাণ্ডেণ্ট
৭. টাবুৰাম পেগু, কমাণ্ডেণ্ট
৮. নিৰ্মল চন্দ্ৰ বিশ্বাস, উপ-আৰক্ষী অধীক্ষক
৯. ললিত শইকীয়া, পৰিদৰ্শক
১০. অখিল কুমাৰ দাস, উপ-পৰিদৰ্শক
১১. ধ্ৰুৱ ছাৰ্কি, পৰিদৰ্শক
১২. নবীন চন্দ্ৰ শৰ্মা, এছিছটেণ্ট কমাণ্ডেণ্ট
১৩. ৰবীন্দ্ৰ সিনহা, উপ-পৰিদৰ্শক

উল্লেখযোগ্য যে ২০২৫ চনৰ স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা আৰু কাৰেকচনেল ছাৰ্ভিচেছৰ মুঠ ১,০৯০ গৰাকী বিষয়া আৰু জোৱানক তেওঁলোকৰ ব্যতিক্ৰমী অৱদান আৰু কৰ্তব্যনিষ্ঠাৰ বাবে এই পদকেৰে সন্মানিত কৰা হৈছে।

State Cabinet: ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

State Cabinet: ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
State Cabinet: ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।(State Cabinet)

ৰাজ্যৰ দুৰ্গম অঞ্চলৰ নাগৰিকে এতিয়াৰে পৰা লাভ কৰিব আগ্নেয়াস্ত্র।

আজি মুকলি হ’ল আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিশেষ আঁচনি।

আগ্নেয়াস্ত্ৰৰ অনুজ্ঞা পত্ৰ প্ৰদানৰ বিশেষ আঁচনি মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই।

কৰ্কট প্ৰতিষ্ঠানৰ মাছুল বৃদ্ধি হৈছিল কাৰ্ডৰ ওপৰতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

‘কৰ্কট প্ৰতিষ্ঠানৰ মাছুল বৃদ্ধি হৈছিল কাৰ্ডৰ ওপৰত’


‘সাধাৰণ ৰোগীৰ ক্ষেত্ৰত মাছুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা নাছিল’।


‘কর্কট প্রতিষ্ঠানত প্রায় ৮০% ৰোগী কাৰ্ডৰ ৰোগী যায়’।


‘কার্ড থকা ৰোগী সকলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব’।


‘বাকী সাধাৰণ ৰোগীৰ ক্ষেত্ৰত পুৰণি ধৰণে মাচুল সংগ্রহ হ’ব’।

মুখ্যমন্ত্ৰীৰ আয়ুষ্মান আঁচনিৰ নামত ইতিমধ্যে ১৭৫ কোটি টকা ব্যয়’।

‘নতুন এই আঁচনিৰ অধীনত ৩২৫ কোটি টকা ব্যয়ত অনুমোদন’।

৫.৭৯ টকা দৰত ৰাজ্য চৰকাৰে ক্ৰয় কৰিব বিদ্যুৎ।

আনহাতে পলাশবাৰীত প্ৰতিষ্ঠা হ’ব উত্তৰ পূৱৰ দ্ৱিতীয়খন IIM।

‘মিছন বসুন্ধৰা তৃতীয় সংস্কৰণৰ অধীনত প্রতিবিঘা ভূমিৰ প্রিমিয়াম মাত্র ৫০০ টকা’।

‘অৱশ্যে ব্যৱসায়ৰ লগত প্রতিষ্ঠানে আদায় দিব লাগিব সম্পূর্ণ প্রিমিয়াম’।

‘নামঘৰ-গীর্জাৰ বাবে প্রতিবিঘাৰ প্রিমিয়াম ৫০০ টকা’।

নগৰাঞ্চলৰ নামঘৰ-গীর্জা আদিৰ প্রিমিয়াম মাত্র ৫০ হাজাৰ টকা।

Smuggling of liquor: সুৰা সৰবৰাহ কৰি আৰক্ষীৰ জালত বিধায়কৰ পুত্ৰ

Smuggling of liquor: সুৰা সৰবৰাহ কৰি আৰক্ষীৰ জালত বিধায়কৰ পুত্ৰ
Smuggling of liquor: সুৰা সৰবৰাহ কৰি আৰক্ষীৰ জালত বিধায়কৰ পুত্ৰ

সুৰা নিষিদ্ধ নাগালেণ্ডৰ ডিমাপুৰলৈ (Smuggling of liquor) সুৰা সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰিছে এজন বিধায়কৰ পুত্ৰ। অসম-নাগালেণ্ড সীমান্তৰ গৌতম বস্তিত খটখটি আৰক্ষীৰ তালাচিত জব্দ কৰা হৈছে নব্বৈ কাৰ্টুন অবৈধ বিলাতী সুৰা। আৰক্ষীয়ে এনএল০৭-চিচি-৪৬৬০ নম্বৰৰ এনএল ১০-৯৬৯৭ নম্বৰৰ ইনভা আৰু এনএল০৭-চিএ-৩৩২৪ নম্বৰৰ জিমনি বাহনৰ পৰা অবৈধভাবে সৰবৰাহ কৰা বিলাতী সুৰাৰ কাৰ্টুনসমূহ জব্দ কৰে।

জব্দকৃত বাহনখনত নাগালেণ্ড চৰকাৰৰ চৰকাৰী ফলক থকাৰ বিপৰীতে আন বাহন দুখনত আছিল নাগালেণ্ডৰ শাসকীয় দল এনডিপিপি দলৰ দলীয় ষ্টিকাৰ। অবৈধ বিলাতী সুৰাসহ আৰক্ষীৰ জালত পৰা চাৰি সৰবৰাহকাৰী ক্ৰমে এনো সুখাতো ৱোট্ছা, নজাথং ৰেংমা, ইনালো আওমি আৰু ৱাংখাত।

উল্লেখযোগ্য যে, এনো সুখাতো ৱোট্ছা নাগালেণ্ডৰ ১৩ নং পুঘোবোটো বিধানসভা সমষ্টিৰ বিধায়কৰ পুত্ৰ। আটকাধীন ৱোট্ছা নাগালেণ্ডৰ শাসকীয় এনডিপিপিৰ যুৱ সংগঠনৰ উপ-সভাপতিৰ পদতো অধিষ্ঠিত হৈ আছে।

Indus Waters Treaty: পাক সেনাপ্ৰধান মুনিৰৰ পিছত ভাৰতৰ বিৰুদ্ধে হুংকাৰ বিলোৱাল ভুট্টোৰ

Indus Waters Treaty
Indus Waters Treaty

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি সম্পূৰ্ণ (Indus Waters Treaty) হ’লেও উত্তেজনা এতিয়াও অব্যাহত আছে৷ আমেৰিকাৰ পৰা পাকিস্তান সেনাপ্ৰধানৰ পাৰমাণৱিক সতৰ্কবাণীৰ পিছত এতিয়া ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি দিছে পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা পাকিস্তান পিপলছ পাৰ্টীৰ মুৰব্বী বিলোৱাল ভুট্টোৱে৷ তেওঁ কয় যে যদি ভাৰতে সিন্ধু নদীত বান্ধ নিৰ্মাণ কৰে তেন্তে দুয়োখন দেশৰ মাজত যুদ্ধ অনিবাৰ্য৷ কেৱল সেয়াই নহয়, ভুট্টোৱে সিন্ধুকে ধৰি ভাৰতৰ ৬খন নদী দখল কৰাৰ ভাবুকিও দিছে৷ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু চ্ছজন পৰ্যটকৰ মৃত্যুৰ প্ৰতিক্ৰিয়া স্বৰূপ অপাৰেচন সিন্দূৰৰ সমান্তৰালকৈ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰে এটা হৈছে ১৯৬০ চনৰ সিন্ধু জল সন্ধি বাতিল৷ ভাৰতে ঘোষণা কৰিছে যে সিন্ধু নদীৰ ওপৰত এটা মথাউৰি নিৰ্মাণ কৰা হ’ব৷

এই প্ৰসংগত ভুট্টোৱে যুদ্ধৰ ভাবুকি দি কয় যে, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি কোনো ধৰণে সিন্ধুত বান্ধ দিয়ে, তেন্তে সেয়া আমাৰ ইতিহাস, সংস্কৃতি আৰু আমাৰ সভ্যতাৰ ওপৰত আক্ৰমণ হ’ব৷’ পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘যদি যুদ্ধ আৰম্ভ হয়, তেন্তে পাকিস্তানৰ জনসাধাৰণৰ হাতত মোদীৰ সৈতে মুখামুখি হোৱাৰ ক্ষমতা আছে৷ আৰু যদি পাকিস্তানে ভাৰতৰ সৈতে যুদ্ধত নামি যায়, তেন্তে আমি সিন্ধু আৰু ইয়াৰ সকলো উপনৈৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিম৷’ যি সময়ত পাকিস্তানী সেনাপ্ৰধানে আমেৰিকাৰ ভূমিৰ পৰা পাৰমাণৱিক আক্ৰমণৰ সতৰ্কবাণী দিছে, সেই সময়তে ভুট্টোৱে এই সতৰ্কবাণী প্ৰদান কৰিছে৷ দেওবাৰে ফ্ল’ৰিডাৰ টাম্পাত উদ্যোগপতি আদনান আছাদে আয়োজন কৰা ৰাতিৰ আহাৰ গ্ৰহণত পাকিস্তানী সেনাপ্ৰধানগৰাকীয়ে কয় যে, ‘আমি এখন পাৰমাণৱিক শক্তিচালিত দেশ৷ যদি আমি ধবংসৰ দিশে আগবাঢ়িছো বুলি ভাবো তেন্তে আমি আধা বিশ্বৰ সৈতে ধবংস হ’ম৷’ সিন্ধু নদীৰ মথাউৰি সন্দৰ্ভত আৰু কয়, ‘ভাৰতে মথাউৰি নিৰ্মাণ কৰক, আমি অপেক্ষা কৰিম৷ যেতিয়া মথাউৰি নিৰ্মাণ হ’ব তেতিয়া আমি ১০টা ক্ষেপণাস্ত্ৰৰে ধবংস কৰিম৷ সিন্ধু ভাৰতৰ পূৰ্বপুৰুষৰ সম্পত্তি নহয়৷ আমাৰো ক্ষেপণাস্ত্ৰৰ অভাৱ নাই৷’ এই সন্দৰ্ভত ভাৰত আৰু পাকিস্তানে ১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত সিন্ধু জল সন্ধি স্বাক্ষৰ কৰে৷ চুক্তি অনুসৰি বিতাস্তা আৰু চন্দ্ৰভাগৰ জলসীমাৰ ওপৰত পাকিস্তানৰ ৮০ শতাংশ অধিকাৰ আছে৷

আনহাতে, ভাৰতৰ ২০ শতাংশ অধিকাৰ আছে৷ কিন্তু চুক্তিৰ চৰ্ত অনুসৰি ভাৰতে সেই পানী ব্যৱহাৰ কৰিলেও ইয়াক ৰোধ কৰিব নোৱাৰে৷ কিন্তু দীৰ্ঘদিন ধৰি নতুন দিল্লীয়ে সিন্ধু জল সন্ধি সংশোধন কৰিবলৈ দাবী জনাই আহিছিল৷ আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই বিষয়ে অভিযোগ কৰাটো পাকিস্তানৰ কূটনৈতিক কৌশল হৈ পৰিল৷ বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহতো ভাৰতে ইছলামবাদলৈ এখন কঠোৰ জাননী প্ৰেৰণ কৰি সন্ধিৰ সংশোধনী বিচাৰিছিল৷ কিন্তু পেহেলগাঁও আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধি সন্দৰ্ভত চৰম পদক্ষেপ গ্ৰহণ কৰে৷ ভাৰতৰ এই পদক্ষেপক যুদ্ধ ঘোষণাৰ সমতুল্য বুলি ইতিমধ্যে পাকিস্তানে সমালোচনা কৰিছে৷ আৰু এতিয়া পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীয়ে পুনৰবাৰ এই বিষয়ত মাত মাতিছে৷ যদিও ভাৰতে সেই ভাবুকিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷

কৰ্কট প্ৰতিষ্ঠানৰ মাচুল চৰকাৰে বহন কৰিব, কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ মন্তব্য । Himanta Biswa Sarma

কৰ্কট প্ৰতিষ্ঠানৰ মাচুল চৰকাৰে বহন কৰিব, কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ মন্তব্য । Himanta Biswa Sarma
কৰ্কট প্ৰতিষ্ঠানৰ মাচুল চৰকাৰে বহন কৰিব, কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ মন্তব্য । Himanta Biswa Sarma

Himanta Biswa Sarma । নিৰ্বাচনী প্ৰচাৰৰ বাবে কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নেৰানেপেৰা বৰষুণ উপেক্ষা কৰি মুখ্যমন্ত্ৰীয়ে বিটিচি পৰিষদীয় সমষ্টি বনৰগাঁও আৰু গোমাত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। এই সুযোগত মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই উপস্থিত থাকে।

চন্দ্ৰপাৰা হাইস্কুল খেলপথাৰত আয়োজিত সভাত ভাষণ দিয়ে মুখ্যমন্ত্ৰীয়ে কয়, বিটিআৰত বিজেপিৰ শক্তি ক্রমে বৃদ্ধি পাইছে আৰু ইউপিপিএল, বিপিএফ দুয়োয়ে ইতিমধ্যে স্বীকাৰ কৰিছে যে বিজেপি বৰ শক্তিশালী। তেওঁ অভিযোগ তোলে যে ভিচিদিচিৰ আঁচনি সমূহ সঠিকভাৱে ৰূপায়িত হোৱা নাই আৰু ইয়াক সংশোধনৰ প্ৰয়োজন। সেই বাবে বিটিআৰত বিজেপিৰ শক্তিশালী উপস্থিতি আবশ্যক বুলি মন্তব্য কৰে।

ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বিষয়ে চৰকাৰৰ অভিপ্ৰায় স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে কয়, অসম চৰকাৰে ইয়াক ভঙাৰ সপোনো দেখা নাই। দিলীপ শইকীয়াইও স্পষ্ট কৰে যে বিজেপি দল এন্টি-ট্ৰাইবেল নহয়; বৰঞ্চ ৬০০ গাঁওক অন্তৰ্ভুক্ত কৰি মাইক্ৰো ট্ৰাইবেল বেল্ট গঠনৰ প্ৰক্ৰিয়া চলি আছে।

কৰ্কট চিকিৎসা প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিৰ বিষয়ে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, “এয়া ভুল বুজাবুজি। কেন্সাৰৰ মাচুল ৰাইজে দিব নালাগে। আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডৰ পৰা এই খৰচ বহন হ’ব। জেনেৰেল বিচনাৰ দাম বৃদ্ধিৰ কথা কোৱা হৈছে, কিন্তু ৰোগীয়ে টকা দিব নালাগে — এই টকা দিল্লীয়ে বহন কৰিব। আগতীয়াকৈ ১০ হাজাৰ টকা লোৱাৰ সিদ্ধান্ত ভুল, ইয়াক বাতিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।” লগতে এই বিষয়ে অধিক আলোচনা হোৱাৰো সংকেত দিয়ে।

উল্লেখযোগ্য যে, এইবাৰ বিটিআৰত বিজেপি অকলে প্ৰতিদ্বন্দ্বিতা কৰিছে। মুখ্যমন্ত্ৰীয়ে পুনৰায় স্পষ্ট কৰে যে বিজেপিৰ কোনো শত্ৰু নাই — ইউপিপিএল বা বিপিএফৰ ভিতৰত এটা দল বিজেপিৰ সৈতে শাসনত থাকিব। তেওঁৰ পরিকল্পনা অনুসৰি, অহা ২১ আগষ্টৰ ভিতৰত তেওঁ বিটিআৰৰ সকলো পৰিষদীয় সমষ্টি ভ্ৰমণ সম্পূৰ্ণ কৰিব।

Priyanka Gandhi Slams Israel: গাজাৰ গণহত্যাক লৈ মৌন কিয় মোদী চৰকাৰ? প্ৰিয়ংকাৰ প্ৰশ্নৰ উত্তৰ দিলে ইজৰাইলে…

প্ৰিয়ংকাৰ প্ৰশ্নৰ উত্তৰ দিলে ইজৰাইলে
প্ৰিয়ংকাৰ প্ৰশ্নৰ উত্তৰ দিলে ইজৰাইলে

গাজাত ইজৰাইল সেনাই সংঘটিত কৰি আছে হত্যাকাণ্ড৷ (Priyanka Gandhi Slams Israel) হাজাৰ হাজাৰ লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছে৷ এনে অভিযোগ উত্থাপন কৰিবলৈ কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে ছ’চিয়েল মিডিয়াৰ সহায় লৈছে৷ এই অত্যাচাৰৰ পিছতো মোদী চৰকাৰ কিয় মৌন হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷ এই ঘটনাক লৈ ইজৰাইলে প্ৰিয়ংকাৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ মঙলবাৰে গাজাত মৃতকৰ সংখ্যাৰ ওপৰত আলোকপাত কৰাৰ উপৰি প্ৰিয়ংকাই সাংবাদিক হত্যা এক জঘন্য অপৰাধ বুলি উল্লেখ কৰি কয় যে এই ঘটনাত মৌনতা অৱলম্বন কৰাৰ অৰ্থ হ’ল আক্ৰমণকাৰীক উৎসাহিত কৰা, যিটো আৰু ডাঙৰ অপৰাধ৷ প্ৰিয়ংকাই নিজৰ এক্স হেণ্ডেলত লিখিছে– ‘গাজাত ইজৰাইলে হত্যাকাণ্ড সংঘটিত কৰিছে৷ ৬০ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে৷ ইয়াৰে ১৮,৪৩০ জন শিশু৷ শ শ লোকক খুৱাই নিদিয়াকৈ হত্যা কৰা হৈছে৷ ইয়াৰে অধিকাংশই শিশু৷ আৰু লাখ লাখ লোকক মৃত্যুৰ ভাবুকি দিয়া হৈছে৷ এই সকলোবোৰৰ মাজতো মৌন হৈ থকা মানে এই অপৰাধক সমৰ্থন কৰা৷’

মোদী চৰকাৰক সমালোচনা কৰি প্ৰিয়ংকাই লিখিছে– ‘ইজৰাইলে পেলেষ্টাইনৰ জনসাধাৰণৰ বিৰুদ্ধে ইমান জঘন্য অপৰাধ সংঘটিত কৰাৰ সময়ত ভাৰত চৰকাৰে অলসভাৱে থিয় হৈ থকাটো বৰ লজ্জাজনক কথা৷’ আন এটা পোষ্টত প্ৰিয়ংকাই লিখিছে– ‘পেলেষ্টাইনৰ মাটিত প্তজন সাংবাদিকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল৷

এই নিষ্ঠুৰতা আৰু ঘৃণাৰ জৰিয়তে সত্যৰ পক্ষত থিয় দিয়াৰ অজেয় সাহসক ইজৰাইলে দমন কৰিব নোৱাৰিব৷ আজিৰ পৃথিৱীত য’ত সংবাদ মাধ্যম ক্ষমতাৰ দাস হৈ পৰিছে, এই সাহসী লোকসকলে আমাক সাংবাদিকতাৰ প্ৰকৃত সাহস দেখুৱাইছে৷ তেওঁলোকৰ আত্মাই শান্তি লাভ কৰক৷’ ইফালে ইজৰাইলে প্ৰিয়ংকাৰ এই মন্তব্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউভেন আজাৰে কয় যে মৃত্যুৰ সংখ্যাক লৈ যি তথ্য দিয়া হৈছে সেয়া লজ্জাজনক৷ ইজৰাইলে ২৫ হাজাৰ হামাছৰ উগ্ৰপন্থীক হত্যা কৰিছে৷ আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ বাবে হামাছেই দায়ী৷ হামাছে সাধাৰণ নাগৰিকক ঢাল হিচাপে ব্যৱহাৰ কৰিছে৷ গণহত্যাৰ দাবী নাকচ কৰি তেওঁ কয় যে ইজৰাইলে গাজালৈ ২০ লাখ টন খাদ্য প্ৰেৰণ কৰিছে৷ হামাছে দিয়া পৰিসংখ্যাক বিশ্বাস নকৰিবলৈ আহ৩ান জনায় ৰিউভেনে৷

Weather Update: অসম, বংগ আৰু ছিকিমত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস বতৰ বিজ্ঞান বিভাগৰ

অসম, বংগ আৰু ছিকিমত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস বতৰ বিজ্ঞান বিভাগৰ
অসম, বংগ আৰু ছিকিমত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস বতৰ বিজ্ঞান বিভাগৰ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে (Weather Update) আগন্তুক সপ্তাহত দেশৰ কেইবাখনো ঠাইত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে৷ সেই অনুসৰি মঙলবাৰে জম্মু, অসম, পশ্চিমবংগ আৰু ছিকিমৰ কিছু অংশত প্ৰচণ্ড বৰষুণ হ’ব৷ উত্তৰত আগষ্টত উত্তৰাখণ্ডত বিচ্ছিন্নভাৱে অতি প্ৰচণ্ড বৰষুণ [২১ ছেঃমিঃ বা তাতকৈ অধিক] হোৱাৰ সম্ভাৱনা আছে৷ লগতে অহা সাত দিনত কিছুমান অঞ্চলত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ৷ হিমাচল প্ৰদেশতো বিচ্ছিন্ন স্থানত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ হোৱাৰ বিপৰীতে জম্মুত ১২ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত তীব্ৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ পূব আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহেও প্ৰতিকূল বতৰৰ বাবে সাজু হৈছে৷ মঙলবাৰে অসম, উপ-হিমালয়, পশ্চিম বংগ আৰু ছিকিমত অত্যন্ত প্ৰবল বৰষুণৰ পূৰ্বাভাস৷ অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ লগতে এই অঞ্চলসমূহত ১৪ আগষ্টলৈকে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে৷ পূব-মধ্য ভাৰততো বৰষুণৰ সংহাৰ যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

মধ্যপ্ৰদেশ, বিদৰ্ভ, ওড়িশা, ছত্তীশগড়, উপকূলীয় অন্ধ্ৰপ্ৰদেশ, ৰায়ালাসীমা, আৰু তেলেংগানাত ১৩ আগষ্টৰ পৰা ১৭ আগষ্টলৈকে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতেজ সময় আহিব৷ তেলেংগানাত ১৩ আৰু ১৪ আগষ্টত অত্যন্ত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে৷ কংকন, গোৱা, আৰু মধ্য মহাৰাষ্ট্ৰৰ ঘাট অঞ্চলত আইএমডিয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ২৪ ঘণ্টাত জম্মুৰ বিভিন্ন স্থানত প্ৰচণ্ড বৰষুণ হোৱাৰ বিপৰীতে পঞ্জাব, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পূব-উত্তৰ প্ৰদেশ, অসম আৰু তেলেংগানাৰ কিছু অংশত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ হৈছে৷ হাৰিয়ানা, মধ্যপ্ৰদেশ, ওড়িশা, বিহাৰ, ছত্তীশগড় আৰু উপকূলীয় অন্ধ্ৰ প্ৰদেশকে ধৰি আন কেইবাটাও অঞ্চলতো প্ৰচণ্ড বৰষুণৰ ৰেকৰ্ড কৰা হৈছে৷ দিল্লী-এনচিআৰৰ বাবে আইএমডিয়ে ১৫ আগষ্টলৈকে মাজে মাজে পাতলীয়া বৰষুণ বা বজ্ৰপাতৰ সৈতে সাধাৰণতে ডাৱৰীয়া আকাশৰ ভৱিষ্যদ্বাণী কৰা হৈছে৷ ১৩ আগষ্টত সন্ধিয়া বা নিশাও একে ধৰণৰ বতৰৰ সম্ভাৱনা আছে, দিনত ৩৩ ডিগ্ৰী চেলছিয়াছৰ পৰা ৩৫ ডিগ্ৰী চেলছিয়াছ আৰু ৰাতি ২৩ ডিগ্ৰী চেলছিয়াছৰ পৰা ২৫ ডিগ্ৰী চেলছিয়াছ৷ ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচী ডাৱৰীয়া আকাশৰ তলত হব পাৰে, পুৱা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে৷